Home Blog Page 2724

লংঙ্কা কৃষ্ণ নগৰৰ নিগমানন্দ আশ্ৰমত দুদিনীয়া কাৰ্যসুচীৰে মহোৎসৱ পালন

হোজাই জিলাৰ অন্তৰ্গত লংঙ্কা কৃষ্ণ নগৰৰ নিগমানন্দ আশ্ৰমত কাম চলি থকাৰ মাজত সুৰেষানন্দ স্বৰসতী স্বামীজী আৰু মানব দৰদী দেবাদ্ৰী সৰকাৰৰ সহযোগীত দুদিনীয়া কৈ  মহোৎসৱৰ আয়োজন কৰা হয়েছে।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ অন্তৰ্গত কৃষ্ণ নগৰত বেপক ভাবে প্ৰস্তুতি চলিছে পোহৰৰ উৎসৱ স্বামী নিগমানন্দ পৰমহংস দেবক আদৰিবলৈ সকলোৱে সাজু।এই নিগমানন্দ আশ্ৰমত নীতি নিয়মৰ লগতে বৈদিক নীতিৰে আৰু পদ যাত্রা কৰি গৰীব দুখীয়াৰ মাজত বস্ত্ৰ  বিতৰণৰ লগতে কীৰ্তন পাঠ আদি কে ধৰি দুদিনীয়া কাৰ্যসুচীৰে উত্সৱ পালন হয়।হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তৰ ভিৰ কৰে নিগমানন্দ আশ্ৰমত উত্সৱ সময়ত লগতে ঢাক, উৰুলি,শংখ ধ্বনি,ঘন্টাৰ শব্দই গুঞ্জৰিত হৈ্ছে আশ্ৰমত চাৰিওপিনে।কৃষ্ণ নগৰৰ এই চমত্কাৰী স্বামী নিগমানন্দ পৰমহংস মহাৰাজৰ আশ্ৰমৰ কাৰিকৰি কৌশল সমৃদ্ধ আলোকসজ্জা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কৃষ্ণ নগৰ বাসীৰ ৰাইজৰ। যাৰ বাবে এতিয়া আকৰ্ষিত কৰিছে সকলোকে আৰু কৃষ্ণ নগৰ বাসি ৰাইজৰ লগতে অঞ্চলটিৰ সকলো লোকে অংশগ্ৰহণ কৰে এই আশ্ৰমৰ মহোৎসৱত। এই আশ্ৰমৰ স্বামীজী জনাই যে চৰকাৰে বান্ধি দিয়া সকলো কভিড নীতি- নিয়মৰ মাজেৰে এই মহোৎসৱত পালন কৰা হৈ্ছে।

কোকৰাঝাৰত জেষ্ঠ সংবাদদাতাৰ বঁটা লাভ চিৰাং জিলাৰ ভৃগু মুনি ৰায়ৰ

বি টি চিৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত, বি টি এ ডি সাংবাদিক সন্থা আৰু কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সহযোগত কোকৰাঝাৰ বিঞ্জান মহাবিদ্যালয়ত অনুষ্ঠিত নেচনেল প্ৰেছ দিৱসত চিৰাং জিলাৰ সক্ৰিয় আৰু জেষ্ঠ সংংবাদদাতা ভৃগু মুনি ৰায়ক বঁটা প্ৰদান কৰা হয় । ১৯৯৫ চনৰ ছাত্ৰ অৱস্থাৰ পৰাই সংবাদ সেৱাৰ সতে জড়িত হৈ আহিছে বাসুগাঁৱৰ ভৃগু মুনি ৰায়ে । কোকৰাঝাৰৰ পৰা প্ৰকাশিত বড়ো ভাষাৰ জনপ্ৰিয় দৈনিক বাতৰি কাকত ‘বডোসা’ আৰু গুৱাহাটীৰ পৰা প্ৰকাশ হৈ থকা বহুল প্ৰচাৰিত নিয়মীয়া বাৰ্তাৰ সংবাদদাতা হিচাপে সম্প্ৰতি কৰ্মৰত । নিৰৱচ্ছিন্ন ভাৱে সংবাদ সেৱা আগবঢ়াই অহা ভৃগু মুনি ৰায়ে ২০০৬ আৰু ২০০৭ বৰ্যত চিৰাং জিলা সাংবাদিক সন্থাৰ সম্পাদকৰ দায়িত্ব পালন কৰাৰ লগতে ২০১৫ চনত সু-শৃংখলিত আৰু পজিটিভ বাতৰি প্ৰকাশ কৰি অহা বাবে চিৰাং জিলা প্ৰশাসনে স্বাধীনতা দিৱসত মানপত্ৰ আৰু আৰনাইনেৰে উস্ম সম্বৰ্ধনা ঞ্জাপন কৰে । উল্লেখ যোগ্যযে সংবাদ সেৱাৰ মাজতে সুস্থ পৰিবেশ ৰক্ষা কৰাত অহৰহ লাগি থকা বাবে ৬৩ সংখ্যক কোকৰাঝাৰত অনুষ্ঠিত গণতন্ত্ৰ দিৱসত বি টি চিৰ শ্ৰেষ্ঠ পৰিবেশ কৰ্মীৰ মানপত্ৰ, ট্ৰফী, আৰনাইনেৰে সম্বৰ্ধনা লাভ কৰিবলৈ সক্ষম হয় তদানীন্তন বি টি চি ছীফ হাগ্ৰামা মহিলাৰীৰ পৰা । ২০২১ চলিত বৰ্যত ৰিজনেল মেডিয়া ওৱাৰ্কচপত যোগদান কৰি প্ৰমাণ পত্ৰ লাভ কৰে । মুঠৰ ওপৰত সংবাদ সেৱাৰ সতে জড়িত থকাৰ লগতে পথ-দলংৰ কাষত, মঠ-মন্দিৰ, বিদ্যালয় চৌহদত গছ, ফুল,ফলৰ পুলি ৰোপণ আৰু সংৰক্ষণ কৰি অহা বাবে সমাজত প্ৰকৃতি প্ৰেমী হিচাপেও পৰিচিতি লাভ কৰিছে ভৃগু মুনি ৰায়ে ।

চিৰাঙৰ সাংবাদিক সঞ্জয় কুমাৰ সৰকাৰক ‘সংবাদশ্ৰী’ বঁটাৰে সন্মানিত

 সাহিত্য , সামাজিক , সাংস্কৃতিক দিশত বিগত ১৬ বছৰ ধৰি কাম কৰি অহা সাহিত্য – সংস্কৃতিৰ অন্যতম মঞ্চ ‘কৃষ্টিপথাৰৰ’ উদ্যোগত বৰপেটাৰোডস্থিত অসম সাহিত্য সভা ভৱনত যোৱা ১৩ নৱেম্বৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে অসমৰ কেবাগৰাকী বিশিষ্ট কবি , সাহিত্যিক , সাংবাদিকক ‘কৃষ্ট এৱাৰ্ডচ – ২০২১’ প্ৰদান কৰা হয় । ৰাজ্যখনৰ ভালেসংখ্যক কবি , শিল্পী – সাহিত্যিক উপস্হিত থকা উক্ত বঁটা প্ৰদান অনুষ্ঠানত কৃষ্টিপথাৰৰ বাৰ্ষিক কাব্যালোচনী “কৃষ্টি”ৰ সপ্তম সংখ্যা উন্মোচন কৰে প্ৰাক্তন সাংবাদিক তথা বিটিচিৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে । লগতে উক্ত অনুষ্ঠানত এখনি স্মৰণিকা উন্মোচন কৰাৰ লগতে স্ব-ৰচিত কবিতা পাঠৰো এক অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানতে চিৰাং জিলা সদৰ কাজলগাঁৱৰ পৰা অসমীয়া খবৰ , দৈনিক যুগশঙ্খ , দৈনিক গণ অধিকাৰ আৰু অসম আদিত্য কাকতত সংবাদদাতা হিচাপে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা সঞ্জয় কুমাৰ সৰকাৰক এইবেলি কৃষ্টিপথাৰ মঞ্চই ‘সংবাদশ্ৰী’ নামেৰে ‘কৃষ্টি এৱাৰ্ড – ২০২১’ৰ বঁটা প্ৰদান কৰে । চিৰাং জিলাৰ শালঝোৰা গাঁৱৰ বাসিন্দা তথা স্বৰ্গীয় বিবেকান্দ সৰকাৰ আৰু শ্ৰীমতী ৰাধাৰাণী সৰকাৰৰ পুত্ৰ সঞ্জয় কুমাৰ সৰকাৰে যোৱা ২০০৩ বৰ্ষৰ পৰা সংবাদসেৱাৰ সৈতে জড়িত হৈ বিগত সময়ছোৱাত অসমৰ অগশাৰীৰ বিভিন্ন দৈনিক কাকতত সংবাদদাতা হিচাপে কাম কৰি আহিছে । উল্লেখ্য যে , কৃষ্টিপথাৰ সাহিত্য , সামাজিক , সাংস্কৃতিক কেন্দ্ৰই প্ৰতিবছৰে কবি সন্মিলন, আলোচনা চক্ৰ , কাব্যালোচনী , স্মৰণিকা আদি প্ৰকাশ কৰাৰ লগতে সমাজৰ বিভিন্ন দিশত নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা ব্যক্তি সকলক বটাঁ, সম্বৰ্ধনা আদি প্ৰদান কৰি আহিছে । এইবেলি অসম, ত্ৰিপুৰা, পশ্চিমবঙ্গৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ সাহিত্য, সংস্কৃতি তথা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত প্ৰায় অৰ্দ্ধশতাধিক বিশিষ্ট ব্যক্তিক “কৃষ্টি এৱাৰ্ডচ্ ২০২১” প্ৰদান কৰা হ’ব বুলি কৃষ্টিপথাৰৰ প্ৰধান সম্পাদক মহানন্দ সৰকাৰ দত্তই জানিবলৈ দিয়ে ।

বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

 কেন্দ্ৰীয় পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ , শ্ৰম আৰু নিয়োগ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বুধবাৰে বঙাইগাঁৱস্থিত ভাৰতীয় জনতা পাৰ্টিৰ  কাৰ্যালয়ত উপস্থিত হৈ নৱ নিৰ্মিত কাৰ্যালয়টো পৰিদৰ্শন কৰে । মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীসহ কাৰ্যকৰ্তা সকলে মন্ত্ৰী তেলীক আদৰণি আৰু সম্বৰ্ধণা জনায় । ইয়াৰ  পিছতে  দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তা সকলৰ উপস্থিতিত এক অনুষ্টুপীয়া সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীৰ পৌৰহিত্বত অনুষ্ঠিত সভাত পেট্ৰোলিয়াম মন্ত্ৰী গৰাকীয়ে দলীয় সাংগঠনিক দিশ অধিক শক্তিশালী কৰা, অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জন কল্যাণমূলক আঁচনি, শ্ৰমিক সকলৰ ই-শ্ৰম কাৰ্ড আদিৰ  সন্দৰ্ভত বিষদভাৱে বক্তব্য ৰাখি আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ বাবে আহ্বান জনায়  । বিজেপি দলৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে আগন্তুক বঙাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া অসম চৰকাৰৰ কেবিনেট বৈঠক সন্দৰ্ভত বিভিন্ন দিশ সমূহ পৰ্যালোচনা কৰে । সভাত চিৰাং জিলাৰ বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়ে দলৰ মতাদৰ্শৰ ওপৰত বক্তব্য ৰাখি কয় যে বিজেপিত কোন মন্ত্ৰী, কোন বিধায়ক, কোন দলৰ বিষয়ববীয়া বা কোন তৃণমূল পৰ্যায়ৰ কৰ্মী সেয়া বিচাৰ কৰা নহয়৷ সকলোৱে সমান আৰু সকলো দলীয় কাৰ্যকৰ্তা ৷ বঙাইগাঁও জিলা বিজেপিৰ উপ সভাপতি কৌস্তভ দাস , সাধাৰণ সম্পাদকদ্বয় শংকৰ বিশ্বাস , জ্যোতিৰ্ময় সৰকাৰকে আদি কৰি দলীয় কাৰ্যকতা সকল উপস্থিত থকা সভাৰ অন্তত যোৱা ১৫ নৱেম্বৰৰ নিশা মটৰ চাইকেল দুৰ্ঘটনাত নিহত হোৱা সৃজনগ্ৰাম মণ্ডলৰ তথা ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলাৰ কাৰ্যকৰ্তা ধনজিৎ দাসৰ বিদেহী আত্মাৰ সদগতি কামনাৰ্থে এক মিনিট মৌনতা অৱলম্বন কৰা হয় ৷

বৰপেটা আৰক্ষীৰ অভিযানত ৯ জুৱাৰী আটক

  ড্ৰাগছ আৰু জুৱাৰীৰ বিৰুদ্ধে তীব্রতৰ কৰিছে বৰপেটা আৰক্ষীয়ে। এক  গোপন সূত্ৰৰ পম খেদি এক অভিযান চলায় বৰপেটা আৰক্ষীয়ে।বৰপেটা সদৰ থানাৰ অন্তৰ্গত জনীয়া চৌধুৰী বজাৰৰ সমিপত আৰক্ষীয়ে অভিযান চলাই ৯জন জুৱাৰীক আতক কৰে । আতকধীন জুৱাৰীৰ পৰা ৫ খন বাইক,  ১৪ টা মোবাইল ফোন,  লক্ষাধিক টকা,জাণ্ডিমুন্দা,তাচপাত জব্দ কৰে বৰপেটা সদৰ আৰক্ষীয়ে। আটকধীন জুৱাৰীবোৰ ক্ৰমে বাদশা মিয়া,চানু চৰকাৰ,সৰল খান,ৰফিকুল ইছলাম,আনুৱাৰ হুছেইন,নজৰুল ইছলাম, মোজাম্মিল হুছেইন,চায়েদ আলি আৰু সাগৰ আলি।

পৰিত্যক্ত অৱস্থাত দুমুনিচকী চৰকাৰী বাছ আস্থান

পশ্চিম দৰঙৰ সীমান্তৰ কামৰূপ (গ্ৰাম্য) পূবৰ বৰনদীৰ পাৰত থকা দুমুনিচকীৰ ঐতিহ্য বহনকাৰী চৰকাৰী বাছ আস্থানটো বিভাগৰ চূড়ান্ত অমনোযোগিতাৰ বাবে সুদীৰ্ঘ দিন ধৰি পৰিত্যক্ত অৱস্থাত পৰি থকাত দূৰণিবটীয়া যাত্ৰীসকলৰ যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। জানিব পৰা মতে, উত্তৰ কামৰূপৰ ৰঙিয়া আৰু বাইহাটা চাৰিআলিৰ পিছতে পুৰণিকলীয়া চৰকাৰী বাছ আস্থান হিচাপে চিহ্নিত  দুমুনিচকী বাছ আস্থান।যিটো বাছ আস্থানৰ পৰা বৃহত্তৰ পূৱ কামৰূপৰ বাথান,শৰাইঘাট,আল্টা,মালাৰা,মালিবাৰী,শালমাৰাৰ লগতে দৰং জিলাৰ পশ্চিমাঞ্চলৰ মাৰুৱাচকী,বাঁহগড়া,সোনাপুৰ,লাউজান আদি গাঁৱৰ মানুহে উল্লিখিত বাছ আস্থানৰ পৰা টিকট কাটি গুৱাহাটী, তেজপুৰ, মঙলদৈ, বৰপেটা আদি ঠাইলৈ দৈনিক যাতায়ত কৰিছিল। কিন্তু আশ্বৰ্যজনক ভাবে আজি অতীত হৈ পৰিল যেন আগৰ সেই পৰিৱেশ। সম্প্ৰতি হাবি জংঘলৰ মাজত জকাসদৃশ গৃহ কেইটা থিয় আছে।এটা সময়ত ৰাতিপুৱা হ’লেই আস্থানটোত মানুহৰ সমাগম ঘটা পৰিৱেশ আজি যেন নষ্টালজিক। উল্লেখ্য যে , ১৯৮৯ চনতে উপেন নাথক নামৰ টিকট মাষ্টাৰ গৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত আস্থানটো ৰখীয়াহীন হৈ পৰে।কাৰ্যতঃ গুৰুত্বহীন হৈ পৰে।অগাপিচাকৈ আস্থানটোৰ অন্য কৰ্মচাৰী সকলো অৱসৰ গ্ৰহণ কৰাত চৰকাৰী বাছ আস্থানটো খালী হৈ পৰে আৰু বিভাগে আস্থানটোলৈ অন্য ঠাইৰ পৰা বদলি কৰি কৰ্মচাৰী নিয়োগ নকৰিত মৰিশালী হৈ পৰে আস্থানটো।যাৰ পিছত হাবি-বন জংঘলে আগুৰি পেলাই অৰণ্যভূমিত পৰিণত কৰে।জানিব পৰা মতে,১৯৯৪-৯৫ চনত দুমুনিচকী বাছ আস্থানটো মঙ্গলদৈ আস্থান অধীক্ষকে নিজৰ হাতলৈ নিয়াত ঐতিহ্য বহনকাৰী আস্থানটো জীয়াই তোলাৰ সকলো আশা শেষ হৈ পৰে। আশ্বৰ্যজনক কথা যে, বাছ আস্থানৰ নামত থকা ৫ বিঘা ভূমি বছদখল হোৱাৰ আশংক্ষা প্ৰকাশ কৰিছে সচেতন লোক সকলে।কিয়নো পৰিত্যক্ত বাছ আস্থানটোৰ চাৰিও দিশে পকীবেৰ নোহোৱাত বেদখল কৰাৰ বাবে সুবিধা জনক হৈ থকা বুলি ৰাইজৰ মুখে প্ৰকাশ।সচেতন মহলে বিভাগক বাছ আস্থানটোৰ ভূমি সুৰক্ষিত কৰি ৰখাৰ বাবে দাবী জনাইছে

আন্তৰ্জাতিক আদালতৰ হেচাঁত নতশিৰ পাকিস্তান

পাকিস্তানে কুলভূষণ যাদৱক আন্তৰ্জাতিক আইন আদালতৰ ৰায় অনুসৰি আপীল কৰাৰ ক্ষমতা প্ৰদান কৰিবলৈ সংসদৰ যুটীয়া অধিৱেশনত এখন বিধেয়ক গৃহীত কৰিছে।পাকিস্তানৰ কাৰাগাৰত বন্দী ভাৰতীয় নাগৰিক কুলভূষণ যাদৱে এক ডাঙৰ সকাহ লাভ কৰিছে। পাকিস্তানে আন্তৰ্জাতিক আইন আদালতৰ ৰায় অনুসৰি কুলভূষণ যাদৱৰ ওচৰত আপীল কৰাৰ অধিকাৰ দিবলৈ সংসদৰ যুটীয়া অধিৱেশনত এখন বিধেয়ক গৃহীত কৰা হৈছে।ইয়াৰ পূৰ্বে, আদালতে পাকিস্তানক পলম নকৰাকৈ ভাৰতলৈ কূটনৈতিক প্ৰৱেশাধিকাৰ প্ৰদান কৰিবলৈও কৈছিল।ভাৰতীয় নৌসেনাৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া কুলভূষণ যাদৱক ২০১৭ চনৰ এপ্ৰিলত পাকিস্তানৰ সামৰিক আদালতে গুপ্তচরবৃত্তি আৰু সন্ত্ৰাসবাদৰ অভিযোগত ২০১৭ চনৰ এপ্ৰিলত মৃত্যুদণ্ড দিয়া হৈছিল।ভাৰতে তেতিয়া আন্তৰ্জাতিক ন্যায়ালয়লৈ গৈছিল আৰু পাকিস্তানৰ কূটনৈতিক প্ৰৱেশাধিকাৰৰ অভাৱ আৰু মৃত্যুদণ্ডক প্ৰত্যাহ্বান জনাইছিল।জুলাই 2019-ৰ এক ৰায়ত, হেগস্থিত আন্তৰ্জাতিক ন্যায়ালয়ে কৈছিল যে পাকিস্তানে কুলভূষণ যাদৱৰ ৰায় আৰু শাস্তি কাৰ্যকৰীভাৱে পুনৰীক্ষণ কৰিছে।

চণ্ডিগড়ত বাৰ্ড পাৰ্ক উদ্বোধন ৰাষ্ট্ৰপতিৰ পত্নীৰ

চণ্ডিগড় চহৰ ইতিমধ্যে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, মল, উদ্যান আদিৰ বাবে বিখ্যাত। কিন্তু এতিয়া চহৰখনে এটা নতুন পৰিচয় লাভ কৰিছে। প্ৰতিবেদন অনুসৰি, ইয়াক এতিয়া বাৰ্ড পাৰ্ক বুলি জনা যাব। চহৰখনৰ চৰাইউদ্যানখন নিৰ্মাণ কৰা হৈছে। দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পত্নী সবিতা কোবিন্দে কালি এই চৰাই উদ্যানখন উদ্বোধন কৰে। এতিয়া এই ধুনীয়া ঠাইখন সাধাৰণ ৰাইজৰ বাবে মুকলি হৈ পৰিছে। যদি কোনো প্ৰকৃতি আৰু চৰাইৰ বৰষুণ হয়, নিশ্চিতভাৱে এবাৰ এই উদ্যানখন ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব।আপুনি এই উদ্যানখন চাবলৈ আৰু দৰ্শন কৰিবলৈ টিকট কিনিব লাগিব। এই ধনেৰেই উদ্যানখনৰ পৰিচালনা আৰু তত্বাৱধানব্যয় নিৰ্ভৰ কৰা হ’ব। 5 বছৰ বয়সলৈকে শিশুৰ প্ৰৱেশ বিনামূলীয়া। ৫ ৰ পৰা ১২ বছৰৰ শিশুৱে ৩০ আৰু ১২ বছৰৰ ওপৰৰ সকলোৰে বাবে ৫০ টকা খৰচ কৰিব লাগিব।

ধনশিৰিৰ বিভিন্ন স্থানত গঢ়ি উঠিছে অবৈধ কাঠ ফলা মিল

নিউজ ডেস্ক: পৰিৱৰ্তনৰ লক্ষ্যৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে বনাঞ্চল সম্পসাৰণৰ বাবে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও একাংশ বন বিষয়া-কৰ্মচাৰী আৰু বন দুস্কৃতিকাৰীৰ গোপন বুজাবুজিৰে ৰাজ্যত এতিয়াও অব্যাহত আছে বন ধ্বংস যজ্ঞ। যি সময়ত ৰাজ্যৰ বন মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ বনাঞ্চল সমুহ পৰিদৰ্শন কৰি বনাঞ্চল সুৰক্ষাৰ বাবে প্ৰচেষ্টা হাতত লৈছে সেই সময়তে,গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত  নাওজান আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন স্থানত চলিছে অবাধে বন ধ্বংস অভিযান। নাওজান আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত গন্ধকৰৈত বিবেক গগৈ, নগাজৰিত পদ্ম ফুকন, পানজানত বনিফাষ্ট গগৈ, চতিয়নিত দীপ টপ্নৰ  উদ্যোগত লগতে নাওজান, পদুমনি আদি অঞ্চলত একাংশ লোকৰ অধীনত কাঠফুলাৰ দৰে গঢ়ি উঠিছে  অবৈধ কাঠফলা মিল। চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু গাতে লাগি থকা কাৰ্বি আংলং জিলাৰ পৰা গোপনে চেগুন, গমাৰি, পমা, চাম আদি মূল্যবান গছৰ কোণ্ডা আৰু ফাণ্টা সৰবৰাহ কৰি মিল সমূহত ফালি নিৰ্বিবাদে চলাই গৈছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। এই সকলোবোৰ দেখিও বন বিভাগে চকুমুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উঠিছে। প্ৰকৃতি প্ৰদত্ত বনজ সম্পদ ৰক্ষাৰ দায়িত্বত থকা একাংশ বন বিভাগৰ  বিষয়া-কৰ্মচাৰীৰ লগত থকা গোপন মিতিৰালিৰ বাবেই এনেদৰে বন ধ্বংস সম্ভৱ হৈছে। প্ৰকৃতি প্ৰদত্ত বনজ সম্পদ ৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিষেধাজ্ঞা আৰু বন সংৰক্ষণ আইনক বুঢ়া আঙুলি দেখুৱাই এনেদৰে বন ধ্বংস কাৰ্য্যত লিপ্ত সকলৰ বিৰুদ্ধে বন বিভাগৰ উদ্ধতম কৰ্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে সেইয়াহে লক্ষ্যণীয় হ’ব।

শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী

যোৱা ১৩ নৱেম্বৰত মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত প্ৰাণ বিসৰ্জন দিয়া অসম ৰাইফলছৰ বীৰ শ্বহীদ জোৱান সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা ৷ পুৱা ন বজাত হেলিকপ্তাৰযোগে বাক্সা জিলাৰ বৰমাৰ থৈকাৰাকুছিৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে শ্বহীদ জোৱান সুমনৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে ৷ 

শ্বহীদ সুমনৰ দুৰ্ভগীয়া পৰিয়াল তথা পত্নীৰ হাতত মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ তৰফৰ পৰা ৫০ লাখ টকাৰ চেকৰ লগতে এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰে ৷ লগতে গাৱবাসীৰ অনুৰোধ মৰ্মে শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামত শ্বহীদ গৰাকীৰ ঘৰলৈ যোৱা পথটো পকীকৰণ কৰাৰ লগতে শ্বহীদগৰাকীয়ে অধ্যয়ন কৰা হিৰিম্বা বড়ো উচ্চ বিদ্যালয়ত এখন গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে ৷ আনহাতে শ্বহীদ গৰাকীৰ পত্নীক সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ সৈতে আলোচনা কৰি এক সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জনায় ৷ সুমন স্বৰ্গীয়াৰীয়ে যি ত্যাগ কৰিছে দেশৰ স্বাৰ্থত,এই ত্যাগ অথলে নাযায় ৷ তেখেত আমাৰ সদায় আদৰ্শ হৈ ৰ’ব আৰু তেখেতৰ আদৰ্শৰে ভৱিষ্যৎ প্ৰজন্মই দেশৰ স্বাৰ্থত কাম কৰিব লাগিব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ৷ ইপিনে সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলত যি কেইটা উগ্ৰপন্থী সংগঠনে এতিয়াও মূলসূঁতিৰ পৰা দূৰৈত আছে তেওঁলোকক ভাৰত চৰকাৰৰ লগত আলোচনা কৰাৰ বাবে আমন্ত্ৰণ জনাব বুলি কয় ৷ আলফাই পুনৰ তিনিমাহৰ বাবে যুদ্ধবিৰতি কৰা ঘোষণাক আদৰণি জনাই ই ৰাজ্যখনৰ বাবে এক ইতিবাচক আখ্যা দি আলফাৰ সৈতে লাহে লাহে আলোচনাৰ পথ প্ৰশস্ত হোৱাৰ দিশে আগবাঢ়িছে বুলি মন্তব্য কৰে ৷ আলোচনাৰ বাবে সংবিধানৰ সীমাৱদ্ধতা আৰু আলফাৰ দাবীৰ মাজত এটা সামঞ্জস্য আহিব লাগিব যদিও ই এটা দীঘলীয়া প্ৰক্ৰিয়া হ’ব বুলি মন্তব্য কৰি আলফাৰ জন্মৰ সময়ৰ অসম আৰু আজিৰ অসমৰ মাজত পাৰ্থক্য আছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই। সেই সময়ৰ পটভূমি, জনগাঁথনিৰ দিশ, অৰ্থনৈতিক পৰিৱেশ বা সামাজিক সমস্যাৰ লগত বৃহৎ এটা পাৰ্থক্য আছে ৷ তেজৰ ফাকুৰে কোনো সমস্যা সমাধান নহয় বুলি উল্লেখ কৰি পৰিৱৰ্তিত পৰিৱেশৰ লগত নতুন চিন্তাৰে অগ্ৰসৰ হ’বলৈ সকলো পক্ষকে আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৷ উল্লেখ্য যে শ্বহীদ গৰাকীৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ সৈতে আজি সতীৰ্থ মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়ক ক্ৰমে জয়ন্ত মল্ল বৰুৱা, ভূপেন বড়ো, লৰেন্স ইছলাৰী, জলেন দৈমাৰী আৰু জিৰণ বসুমতাৰীয়েও উপস্থিত থাকে ৷