বাংলাদেশত, কোৰাণৰ বিষয়ে উৰাবাতৰি বিয়পি পৰাৰ পিছৰে পৰা মন্দিৰসমূহ ভাংচুৰ কৰা হৈছে আৰু হিন্দুসকলক আক্ৰমণ কৰা হৈছে। জনতাই শুক্ৰবাৰে নোৱাখালিৰ ইস্কন মন্দিৰত আক্ৰমণ কৰিছিল। ইয়াৰ মাজতে, জনতাই ভক্তসকলক আক্ৰমণ কৰে, যাৰ ফলত এজন নিহত হয়। ২০০ তকৈও অধিক ভক্ত আহত হোৱা বুলি কোৱা হৈছে।ভাৰতত, ইস্কনৰ বিষয়াসকলে ৰাষ্ট্ৰসংঘ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশ চৰকাৰক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ, সকলো হিন্দুৰ সুৰক্ষা নিশ্চিত কৰা আৰু অপৰাধীসকলক ন্যায়ৰ সন্মতি দিবলৈ আহ্বান জনাইছে। আনহাতে, মন্দিৰসমূহত হোৱা আক্ৰমণৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ইস্কন মন্দিৰত উপস্থিত এজন মানুহে এটা ভিডিঅ’ বনাইছে। ইয়াত মন্দিৰত নিৰ্মিত পুখুৰীত এটা মৃতদেহ ওপঙি থকা দেখা গৈছে।বাংলাদেশত আক্ৰমণকাৰীসকলে কোৰাণক অপমানৰ কথা প্ৰচাৰ কৰি চিটাগং বিভাগৰ কোমিলা অঞ্চলৰ কেইবাঠাইতো দুৰ্গা পূজাপেণ্ডেলআক্ৰমণ কৰিছিল। কেৱল সেয়াই নহয়, মন্দিৰবোৰো ভাংচুৰ কৰা হৈছিল। অতি সোনকালেই হিন্দুসকলৰ বিৰুদ্ধে হোৱা হিংসা বাংলাদেশৰ বহু ঠাইলৈ বিয়পি পৰে। এই সময়ছোৱাত হিন্দুসকলকো লক্ষ্য কৰা হৈছিল। এই আক্ৰমণত এতিয়ালৈকে ৬ জন লোক নিহত হৈছে। আনহাতে ৫০০ তকৈও অধিক হিন্দু আহত হৈছে।আজিলৈকে দেশৰ প্ৰথমটো নিউজ চেনেলে বাংলাদেশৰ ইস্কন মন্দিৰৰ ভিতৰত আপোনাক খবৰ দিছে, য’ত মৌলবাদীৰ এটা দলে হিন্দুসকলক আক্ৰমণ কৰি লণ্ডভণ্ড কৰি হত্যা কৰিছে৷ বাংলাদেশৰ নোৱাখালীত এটা জনতাই ইস্কন মন্দিৰত আক্ৰমণ কৰি লণ্ডভণ্ড কৰে আৰু মন্দিৰৰ ভক্তসকলকো আক্ৰমণ কৰা হয়৷
সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ একত্ৰিতকৰণ বৈঠক সম্পন্ন।
অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সত্তাৰ সুৰক্ষাৰ স্বাৰ্থত অহৰহ সংগ্ৰাম অব্যাহত ৰখা কোচ ৰাজবংশী জাতীয় সংগঠন যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ দ্বি বিভক্ত গোট দুটাৰ আজি আনুষ্ঠানিক ভাৱে একত্ৰিকৰণ বৈথক সম্পন্ন হয়। সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ স্থায়ী কাৰ্য্যালয় গুৱাহাটীৰ বৰবৰীত আজি দিনৰ ভাগত আয়োজন কৰা হৈছে একত্ৰিত কৰণ বৈথক। উল্লেখ্য যে ; পূৰ্বে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতি বৈষ্ণৱ কোচ গোট আৰু ত্ৰৈলোক্য ৰায় গোট নামৰ দুটা সমান্তৰাল গোটত ভাগ ভাগ হৈ সংগঠন চলি আছিল। সাম্প্ৰতিক সময়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ সামগ্ৰীক বিকাশৰ স্বাৰ্থত ভিন্ন সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰিবলৈ ঐক্যমতত উপনিত হোৱাৰ স্বাৰ্থত একত্ৰিত হোৱাৰ সংকল্প গ্ৰহণ কৰে। সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ এটা গোটৰ সভাপতি বৈষ্ণৱ কোচ আত ধৰা বৈথকৰ উদ্দেশ্য বাখ্যা কৰে আনটো গোট ত্ৰৈলোক্য ৰায় গোটৰ সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে। বৈথকত কোচ ৰাজবংশী জাতীয় নেতা তথা সংগঠনটোৰ উপদেষ্টা ত্ৰিদ্বীপ পতি সিংহ ; দিগন্ত তালুকদাৰ ; দ্বীপেন্দ্ৰ চহৰীয়া ; বিশ্বজিৎ ৰায় ; দেৱাঞ্জন তালুকদাৰ ; তৰুণ ডেকা ; মিলন কুমাৰ দাসকে ধৰি বহু কেইজন কোচ ৰাজবংশীৰ জ্ঞাতি উপস্থিত থাকে। বৈষ্ণৱ কোচৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বৈথকত দুয়োটা গোট এক হৈ এখন পতাকাৰ তলত সমবেত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইফালে বৈথকৰ সিদ্ধান্ত অনুসৰি দুয়োটা গোটৰ একত্ৰিত যৌথ অধিবেশন অতি শীঘ্ৰে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে লগতে দুয়োটা গোটৰ সভাপতিদ্বয় আৰু সম্পাদক দ্বয়ক অধিবেশনৰ জৰিয়তে জাতিৰ স্বাৰ্থত সেৱা আগবঢ়োৱাৰ মানসিকতা থকা লোকৰ দ্বাৰা সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতি খন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
লাইপুলি ফুটবলত মাউতঘাট মাটিয়াখানা চেম্পিয়ন
তিনিচুকীয়াৰ লাইপুলি ইন্দিৰা গান্ধী হাইস্কুল খেলপথাৰত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত আজি মাউতঘাট মাটিয়াখানা এফ চি দলে বাৰেকুৰী ফুটবল ক্লাবক হেৰুৱাই চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে। লাইপুলি যুৱক বৃন্দৰ উদ্যোগত অনুষ্ঠিত তীব্ৰ উত্তেজনাময় চূড়ান্ত খেলখনত বিজয়ী দলে বাৰেকুৰী দলক ১-০ গলৰ ব্যৱধানত পৰাজিত কৰে। একমাত্ৰ গ’লটো দিয়ে বাবলু গোৱলাই । খেলৰ অন্তত জিন্টু নেওগে আঁতধৰা বঁটা বিতৰণী সভাত বিজয়ী দলক নগদ ১০০০১.০০ টকাসহ ট্ৰফি প্ৰদান কৰাৰ বিপৰীতে বিজিত দলক ৫০০১.০০ টকাসহ ট্ৰফি প্ৰদান কৰে আয়োজকে । চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় বাৰেকুৰীৰ প্ৰাণজ্যোতি চুতীয়া । মেন অৱ দি চিৰিজৰ সন্মান অৰ্জন কৰে মাউতঘাটৰ বাবলু গোৱালাই আৰু শ্ৰেষ্ঠ গ’ল কীপাৰৰ সন্মান অৰ্জন কৰে মাউতঘাটৰ আনন্দ তপ্নই।উল্লেখ্য যে উক্ত নক্আউত পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাখনত মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰিছিল। আনহাতে চূড়ান্ত খেলৰ প্ৰাক মুহূৰ্তত পানীতোলা স্পৰ্টচ একাডেমী আৰু লাইপুলি স্পৰ্টচ একাডেমীৰ মাজত ( ১২ বছৰ অনুৰ্ধ্ব ) প্ৰদৰ্শনীমূলক ফুটবল খেল অনুষ্ঠিত হয় । উক্ত খেলখনত পানীতোলা স্পৰ্টচ একাডেমীয়ে লাইপুলি স্পৰ্টচ একাডেমীক ৩-০ গলৰ ব্যৱধানত পৰাজিত কৰে। চূড়ান্ত খেলত আজি বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল লাইপুলি ইন্দিৰা গান্ধী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ কুমাৰ ৰাজখোৱা, বুকৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাম গোঁহাই, সমাজকৰ্মী তিলক বৰপাত্ৰগোঁহাই, মুলেন চেতিয়া, ললিত চেতিয়া, যাদৱ ৰাজখোৱা, দেৱকান্ত গোঁহাই, সাংবাদিক দিব্যজ্যোতি ফুকন, অনুপম বুঢ়াগোহাঁইকে ধৰি বহু গন্যমান্য ব্যক্তি।
মৰাণৰ হিংৰীজান পূজাস্থলিত অতপালি কৰা দুই উদণ্ড যুৱকক গ্ৰেপ্তাৰ
বিজয়া দশমীত দেৱী বিসৰ্জনৰ পিছত মৰাণৰ হিংৰীজান বাগানৰ পূজাস্থলিত উদভণ্ডালি কৰা দুই উদণ্ড যুৱকক মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে । পূজা সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়া অনুসৰি হিংৰীজানৰে দুই যুৱক ক্ৰমে আকাশ প্ৰধান আৰু মহিপাল তাঁতী উৰফে বিনোদে মদৰ ৰাগিত মাতাল হৈ পূজাস্থলিৰ সকলো সামগ্ৰী ভাঙি তচনচ কৰাৰ লগতে এই কৰ্ম বাধা দিবলৈ যোৱা মহিলা গাতো হাত দিয়ে । উপায়অন্তৰ হৈ মৰাণহাট থানাত খবৰ দিয়াত আৰক্ষীয়ে দুয়োজন যুৱককে আটক কৰে । ইফালে দেৱী বিসৰ্জনৰ পিছত পূজাস্থলিৰ কিছু নিয়ম কৰি থাকোতে অভদ্ৰামি কৰা দুই যুৱকক শাস্তিৰ দাবী তুলি স্থানীয় ৰাইজে সন্ধিয়া পৰ্যন্ত মৰাণহাট থানাত অৱস্থান কৰি থাকে । আজি মৰাণহাট থানাৰ আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰে।দুয়োজন যুৱকৰ বিৰুদ্ধে মৰাণহাট থানাত বিভিন্ন বহু অপৰাধী গোচৰ পঞ্জীয়ন হৈ আছে আৰু ইতিপূৰ্বে ধন দাবীকে ধৰি বিভিন্ন অপৰাধত ৰঙাঘৰৰ ভাত খায় আহিছে এই অপৰাধী দুটাই।
চামতাত নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ জৰিয়তে বাঁহ শিল্পৰ মাজত সা-সঁজুলিৰ টোপোলা বিতৰণ
পশ্চিম নলবাৰীৰ চামতাত নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ জৰিয়তে বাঁহ শিল্পৰ লগত জড়িত অনুসূচীত জাতি আৰু জনজাতিৰ মুঠ ৪৭ গৰাকী বাঁহ শিল্পীৰ মাজত আনুষ্ঠানিক ভাবে সা-সঁজুলিৰ টোপোলা বিতৰণ কৰা হয় । এই উপলক্ষে ১২অক্টোবৰৰ বিয়লি প্ৰায় ৪-৩০ বজাত চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সভাগৃহত মধুপুৰ মণ্ডল বিজেপিৰ সভাপতি হিৰণ্য বৰ্মনৰ সঞ্চালনাত সম্পন্ন হোৱা বিতৰণ অনুষ্ঠানত অসম বাঁহ মিছনে যোগান ধৰা সা-সঁজুলিৰ টোপোলা বিতৰণ কৰা হয় । সভাত বিশিষ্ট সমাজকৰ্মী তথা পকোৱা জিলা পৰিষদৰ সদস্য পৱিত্ৰ ডেকা, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মন, নলবাৰীৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক তপন ডেকা, কাৰ্যকৰী পৰিচালক মহাক্ষী দত্ত হাজৰিকা, সম্প্ৰসাৰণ বিষয়া দ্বীপেন মেনা, কৰ্মচাৰী জয়ন্ত হাজৰিকা, অচ্যুত বৰ্মন, সমাজসেৱী অশোক দত্ত, সাংবাদিক ৰাজেন বৈশ্য প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সঞ্চালক, সমাজসেৱী হিৰণ্য বৰ্মনে নিজৰ ভাষণ প্ৰসংগত কয় যে উদ্যোগ-বাণিজ্য, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিশেষকৈ থলুৱা উদ্যোগ ক্ষেত্ৰখনৰ বিকাশৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । এনে সা-সঁজুলিৰ উচিত ব্যৱহাৰৰ জড়িয়তে বাঁহ শিল্পীসকল অধিক লাভান্বিত হ’বলৈ সক্ষম হ’ব । এইফালে, প্ৰথম পৰ্যায়ত ইতিমধ্যে জিলাখনৰ অনুসূচীত জাতি / জনজাতিৰ মুঠ ৮০ গৰাকী বাঁহ শিল্পী এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে বুলি বিভাগীয় সূত্ৰই জনাইছে ।
দৰঙৰ মধ্য মঙলদৈ কাইঠপাৰাত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন
অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, সৰ্বগুণাকৰ, একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক, তথা নামঘৰ প্ৰতিষ্ঠাতা শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৩ সংখ্যক জন্ম উৎসৱ ৷ পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে দেৱেন চহৰীয়াৰ পৰিচালনাত ভাগৱত শোভাযাত্ৰা কৰে ৷ শোভাযাত্ৰাত অংশগ্ৰহণ কৰি কন কন শিশুকে ধৰি আই বাপ সকলে সমগ্ৰ কাইঠপাৰাৰ আকাশ বতাহ হৰি নামেৰে মুখৰিত হয় ৷দুপৰীয়া মুকলি আৰু ধৰ্মালোচনী সভাত সভাপতিত্ব কৰে দৰং জিলা শাখাৰ সভাপতি উপেন্দ্ৰ নাৰায়ণ কুমাৰে ৷মুখ্য অতিথি হিচাবে উপস্থিত থাকি শ্ৰীমন্তশঙ্কৰদেৱ শংঘৰ উপ পদাধিকাৰ বসুন্ধৰ ডেকাই কয় যে উদ্ধোধন কৰিব দৰং জিলা শাখাৰ উপ সভাপতি হৰেশ্বৰ শইকীয়া, নিৰ্দিষ্ট বক্তা মনিৰাম দাস শ্ৰীমন্তশঙ্কৰদেৱ সংঘ আৰু দৰং জিলা সাহিত্য সভাৰ সদস্য ড° হেমন্ত বৰুৱা সভাত উপস্থিত থাকি খাদ্য কি ? কি খাদ্য কাৰ বাবে কেনেকুৱা ৷ কেনে খাদ্যই মানুহক নিৰোগী বা আয়ুস বঢ়াই তাৰে বিস্তৃত ভাৱে উপস্থিত ৰাইজক অৱগত কৰে ৷সন্ধিয়া বন্তি প্ৰজ্জ্বলনৰ পিছত মধ্য মঙলদৈ আঞ্চলিক শাখাৰ শিল্পী বৃন্দৰ দ্বাৰা অংকীয়া নাট প্ৰদৰ্শন কৰিব ৷ উদ্ধোধন কৰিব শিশু গ্ৰাম উন্নয়ন সমিতিৰ দৰঙৰ সম্পাদক চন্দ কুমাৰে আনহাতে ভাওনাৰ পৰিচালনাৰ দায়িত্বত থাকিৱ মৃত্যুঞ্জয় ডেকা আৰু ধীৰেশ্বৰ ডেকা ৷
পলাশবাৰী পাৰ্লীৰ কণ্ঠশিল্পী কুমাৰ ভৃগুৰ অকাল বিয়োগ ।
অসমৰ বিভিন্ন বিহুমঞ্চত বিহুসুৰীয়া গীতৰ লগতে আধুনিক গীতেৰে জনপ্ৰিয়তা অৰ্জন কৰা কুমাৰ ভৃগু ওৰফে ভৃগু কুমাৰ কলিতা আৰু নাই। বিগত চাৰি মাহ মানৰপৰা হৃদৰোগত আক্ৰান্ত হৈ থকা শিল্পীগৰাকীক পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে চেন্নাইলৈ নিছিল যদিও শেষত ওভোতাই লৈ আহিছিল। জনপ্ৰিয় শিল্পীগৰাকীয়ে অলপতে সকলোকে শোক সাগৰত পেৱাই অকালতে মৃত্যুক সাৱটি লয়। পলাশবাৰীৰ সমিপৱৰ্তী পাৰ্ল্লী নোৱাপাৰাত ১৯৮৩ চনত জন্মগ্ৰহণ কৰা কন্ঠশিল্পী কুমাৰ ভৃগুৰ মৃত্যুৰ সময়ত বয়স হৈছিল মাত্ৰ ৩৭ বছৰ। পিতৃ বলেন কলিতা আৰু মাতৃ জ্যেৎস্না কলিতাৰ সন্তান কুমাৰ ভৃগুয়ে অসমৰ আগশাৰীৰ সংগীত পৰিচালক মৃণালকান্তিৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহন কৰিছিল। নামনি অসমৰ বিভিন্ন বিহুমঞ্চত বিগত বিশ বছৰতকৈও অধিক সময় গীত পৰিৱেশন কৰা জনপ্ৰিয় কন্ঠশিল্পী গৰাকীৰ বিয়োগত সমগ্র দক্ষিণ কামৰূপত গভীৰ শোকৰ ছাঁ পৰে।
বিশ্বনাথ জিলাৰ ইটাখোলাতো এক উৎসৱ মূখৰ পৰিৱেশৰ মাজত দশমী পূজা সম্পন্ন কৰি দেবীক বিদায় জনায় ।
ঢাক ঢোল মন্ত্ৰ উচ্চাৰনৰে দেৱীৰ পূজা অৰ্চনাৰে মুখৰিত হৈ পৰিছিল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজাস্থলী সমূহ।এক কথাত সমগ্ৰ ৰাজ্যজুৰি এক উৎসৱ মূখৰ পৰিৱেশে বিৰাজ কৰে। বিশ্বনাথ জিলাৰ ইটাখোলাতো এক উৎসৱ মূখৰ পৰিৱেশৰ মাজত দশমী পূজা সম্পন্ন কৰি দেবীক বিদায় জনায় । অষ্টমীৰ দিনধৰি বিজয়া দশমীৰ দিনা ইটাখোলাৰ দিকৰাই আৰু ইটাখোলা পূজা মণ্ডপত অঞ্চলটোৰ বিভিন্ন ভাষা-ভাষিক ভক্তপ্ৰাণ ৰাইজ দেৱীৰ শ্ৰীচৰণত সেৱা জনাই দেৱীক বিদায় দিয়াৰ লগতে বিশ্বৰ পৰা সকলো অপশক্তি বিনাশ কৰি শান্তিময় পৰিৱেশ সৃষ্টি হোৱাৰ কামনা কৰে।পূজা আয়োজক সমিতিয়ে চৰকাৰে বান্ধি দিয়া ক’ভিড বিধি মানি আবেলিৰ ভাগত ক’ভিড দেৱীক বিসৰ্জন দিয়া পৰিলক্ষিত হৈছে। উল্লেখ্য যে ঐতিহ্য মণ্ডিত সোনালী বৰ্ষ অতিক্ৰম কৰা দিকৰাই দূৰ্গোৎসৱত ক’ভিড সৃষ্ট পৰিস্থিতিতো ৰাইজৰ এক অকৃত্ৰিম উছাহ ভৰা পৰিৱেশ দেখা যায়। অৱশ্যে ইটাখোলা আৰু দিকৰাই দূৰ্গোৎসৱ বুলি কলে বিভিন্ন দোকান-পোহাৰ তথা আনন্দ মেলাৰ আয়োজন হয় যদিও সম্প্ৰতি ক’ভিড সৃষ্ট পৰিস্থিতিত যোৱা দুটা বৰ্ষৰ পূজাস্থলীৰ জাকজমকতাৰ বিপৰীতে এক আধ্যাত্মিকতাৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয় । ইপিনে এই বেলি শাৰদীয় দূৰ্গা পূজাত ৰাজ্য চৰকাৰে ক’ভিড বিধি কিছু শিথিল কৰাত ৰাইজ স্বতঃস্ফূৰ্ত ভাবে পুজাস্থলী সমুহত ভিৰ কৰা দেখা যায়। একে দৰে বিজয়া দশমী তথা দেৱী দূৰ্গা গোসাঁনীক বিসৰ্জন কাৰ্যসূচী ভাগত অধিক ৰাইজৰ সমাগমেৰে আনন্দ উল্লাসৰ বিপৰীতে মাংগলিক নীতি নিয়মৰ মাজেৰে সম্পন্ন কৰাৰ কথা জানিব দিছে দিকৰাই পূজা উদযাপন সমিতিৰ সভাপতি বিজেন্দ্ৰ তচা আৰু যুটীয়া সম্পাদক আনন্দ তচা আৰু পুৰণ গোৱালাই । ইয়াৰ লগতে ইটাখোলা ৰাধা কৃষ্ণ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত দূৰ্গা পূজাভাগ ষষ্ঠীৰ দিন ধৰি সম্পূৰ্ণ আধ্যাত্মিক বিধি-বিধানৰ মাজেৰে পালন কৰা হয় আৰু বিজয়া দশমীৰ দিনা দেৱী দূৰ্গা গোসাঁনীৰ বিদায় বেলাত ইটাখোলা অঞ্চলত ৰাইজৰ দৰ্শন পৰ্বৰে দিকৰাই নৈত বিসৰ্জন দিয়ে বুলি জনায় উদযাপন সমিতিৰ সভাপতি ৰাকেশ মণ্ডল আৰু সম্পাদক অংশুমাণ চেটাৰ্জীয়ে।
দিশপুৰ মহাবিদ্যালয়ৰ অধ্যাপক পংকজ কুমাৰ কাথাৰৰ বিয়োগ
দিশপুৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক, মহানগৰীৰ পশ্চিম প্ৰান্তৰ গড়চুকস্থিত লাচিতগড় হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি, পূব ৰামচাৰাণি ৰঙালী বিহু উদযাপন কমিটিৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ পংকজ কুমাৰ কাথাৰ(৫১)ৰ আজি এপল’ হাস্পাতালত বিয়োগ ঘটে। আৰম্ভণিতে তেখেতে বজালী মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল। তেখেতে মৃত্যুত “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম)ৰ প্রধান সম্পাদক দীপক শৰ্মাই গভীৰ শোক প্রকাশ কৰি কয়- “আমি হেৰুৱালোঁ এজন বিশিষ্ট শিক্ষাবিদ লগতে সমাজৰ সকলো স্তৰৰ স’তে জড়িত লোকক।” তেখেতৰ বিয়োগত গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্র ব্ৰহ্ম, সম্পাদক গোলাপ বড়ো, পাণ্ডু কলেজৰ অধ্যক্ষ ড০ যোগেশ কাকতী, ভৈয়াম কাৰ্বি আদৰবাৰৰ সভাপতি সম্বৰ ৰংপী, সম্পাদক অজিত কাথাৰ, বজালীস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক অৰিন্দম তালুকদাৰ, পৰাগজ্যোতি প্ৰকাশন, অসম শিশু সাহিত্য সমাজৰ সহ: সম্পাদক প্ৰদীপ নাৰায়ণ ভট্ট আদিৰ লগতে ভিন ভিন সংগঠনে গভীৰ শোক প্রকাশ কৰে। তেখেতে মৃত্যুৰ সময়ত পিতৃ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, অসম শিশু সাহিত্য সমাজৰ সভাপতি দয়াৰাম কাথাৰ মাতৃ, পত্নী, দুই কন্যা সহ বহুতো আত্মীয় স্বজনক ইহ-সংসাৰত এৰি থৈ যায়।
কাঁহিকুছিৰ এছ আই পি আৰ ডিত উদ্যমি মহিলাৰ ২৫ দিনীয়া দক্ষতা বিকাশ প্ৰশিক্ষণৰ সফল সামৰণি
অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ৰাজ্যৰ উদ্যমি মহিলা সকলৰ দক্ষতা বিকাশৰ বাবে শেহতীয়াকৈ বিশেষ আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ (এছ. আই.পি.আৰ.ডি) অধীনৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰত ( ই টি চি ) উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত ২১ ছেপ্টেম্বৰৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা ১০ ৰ পৰা ২৫ দিনীয়া দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচীৰ শেহৰটোৰ ১৫ অক্টোবৰত সফল সামৰণি পৰে । প্ৰশিক্ষণ কাৰ্যসূচীত কামৰূপ , কামৰূপ মহানগৰ , নলবাৰী , গোৱালপাৰা , দৰং , ওদালগুৰি , দৰং , চৰাইদেউ , শিৱসাগৰ , বৰপেটা আৰু বাগছা জিলাৰ প্ৰায় ৩৫০ জনী যুৱতী – মহিলাই ভাগ লৈছিল । কাৰ্যসূচীত ভাগ লোৱা মহিলা সকলক হস্ততাঁত , সূতা ৰং কৰা পদ্ধতি , সাজ পোচাক তৈয়াৰ কৰা , বেগ বনোৱা আদিৰ প্ৰশিক্ষণ দিয়া হয় । আনহাতে ১৫ অক্টোবৰত বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ উপ সঞ্চালক মঞ্জুৰাণী গগৈ , ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামী , উপ সঞ্চালক অনুপম দত্ত , ফেকাল্টি সদস্য ক্ৰমে – ডঃ ৰিদীপ বৰা , ফুলেশ্বৰ চহৰীয়া , গিতাশ্ৰী দাস আৰু মনোৰঞ্জন চৌধুৰীকে ধৰি কেবাজনো বিষয়া , অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ ( এ এছ আৰ এল এম ) কামৰূপ জিলাৰ ডি পি এম লক্ষ্মীনন্দন গোস্বামী , কাৰ্যসূচীৰ তদাৰকীৰ দায়িত্বত থকা গাণনিকদ্বয় হেমেন বৈশ্য আৰু মনজিৎ পাঠক উপস্থিত থাকি ২৫ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লোৱা প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে তেওঁলোকৰ উজ্বল ভৱিষ্যত কামনা কৰে । আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীত সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়োৱা শুৱালকুচিৰ ইনষ্টিটিউট অফ ফেছন টেকন’লজিৰ কেবাজনো কৰ্মকর্তা , নিৰুপম দাস , অনুকূল চন্দ্ৰ দাস , গোবিন্দ বাছফৰ , মানবেন্দ্ৰ দাস উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক উৎসাহিত কৰে । উল্লেখযোগ্য যে প্ৰশিক্ষণ কাৰ্যসূচী চলি থকাৰ সময়ত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে দুদিন অহাৰ উপৰি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়ায়ো এছ আই পি আৰ ডি চৌহদলৈ আহি প্ৰশিক্ষণ কাৰ্যসূচীৰ বুজ লোৱাৰ লগতে প্ৰশিক্ষাৰ্থী সকলৰ সৈতেও মত বিনিময় কৰে আৰু ই টি চি কৰ্তৃপক্ষৰ শলাগ লয় ।











