Home Blog Page 280

Assam panchayat polls 2025: বিৰোধীৰ বৰুণবাণ প্ৰতিহত কৰিবলৈ বিজেপিয়ে সাজু কৰিছে অগ্নিবাণ

Assam panchayat polls 2025: বিৰোধীৰ বৰুণবাণ প্ৰতিহত কৰিবলৈ বিজেপিয়ে সাজু কৰিছে অগ্নিবাণ
Assam panchayat polls 2025: বিৰোধীৰ বৰুণবাণ প্ৰতিহত কৰিবলৈ বিজেপিয়ে সাজু কৰিছে অগ্নিবাণ

ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতাহ(Assam panchayat polls 2025)গৰম হৈ পৰিছে৷ এনে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিৰোধী তথা শাসকীয় পক্ষই পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে৷ বিৰোধী কংগ্ৰেছে বিজেপিৰ পদাংকই অনুসৰণ কৰি বিভিন্ন ধৰণৰ জনহিতকৰ আঁচনি তথা পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰত প্ৰকাশ কৰিছে৷ এনে সময়তে বিৰোধীয়ে লগতে এই বুলিও প্ৰচাৰ চলাই যে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া৷

বিৰোধী পক্ষই এই বুলি দাবী কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আঁতৰাই এইবাৰ দিলীপ শইকীয়াক বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰী পাতিব৷ বিৰোধীৰ মাজত চৰ্চিত এনে আলাপ-আলোচনাৰ মাজতেই আজি লক্ষণীয়ভাৱে গুৱাহাটীৰ বাজপেয়ী ভৱনত আয়োজিত বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰাজহুৱাভাৱে এই কথা স্পষ্ট কৰি দিয়ে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি তেওঁৰ ব্যক্তিগতভাৱে তথা দলীয়ভাৱে সম্পূৰ্ণ আনুগত্য আছে আৰু এইক্ষেত্ৰত বিৰোধীয়ে চলোৱা অপপ্ৰচাৰৰ কোনো ভিত্তি নাই৷ শইকীয়াই লগতে কয় যে অসমৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ কৰি নিজৰ স্বাৰ্থসিদ্ধি কৰাৰ উদ্দেশ্যেই বিৰোধীয়ে বিভিন্ন সময়ত বিজেপিৰ বিৰুদ্ধে নানান অপপ্ৰচাৰ তথা ষড়যন্ত্ৰত লিপ্ত হৈছে৷

কিন্তু তেনে ষড়যন্ত্ৰ তথা অপপ্ৰচাৰ কৰি বিৰোধীয়ে বিজেপিৰ কোনো ক্ষতি কৰাতো বাদেই ৰাজ্যবাসীৰ ওচৰতো নিজৰ আস্থা হেৰুৱাবলগীয়া হৈছে বুলি শইকীয়াই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ লগতে কয় যে বিৰোধীয়ে বৰুণ বাণ মাৰিলে আমি অগ্নিবাণ মাৰিবলৈ সাজু আছোঁ৷ এইক্ষেত্ৰত কেৱল বিজেপিয়েই নহয় সমগ্ৰ অসমবাসীয়েই বিৰোধীৰ কূট-কৌশল ভালদৰে বুজি পাইছে আৰু তেওঁলোকেও বৰুণবাণৰ সলনি অগ্নিবাণ মাৰিবলৈহে সাজু হৈ আছে৷ ইয়াৰ প্ৰমাণ আহি থকা পঞ্চায়ত নিৰ্বাচনত সকলোৱে দেখিব বুলি তেওঁ কয়৷

পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ মুকলি অনুষ্ঠানত ক’লে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই
বিৰোধীৰ বৰুণবাণ প্ৰতিহত কৰিবলৈ বিজেপিয়ে সাজু কৰিছে অগ্নিবাণ(Assam panchayat polls 2025)

Asmita Khelo India Women’s Pencak Silat League: ১ মে’ৰ পৰা মহাৰাষ্ট্ৰত চাৰিদিনিয়াকৈ অনুষ্ঠিত হ’ব আস্মিতা ৰাষ্ট্ৰীয় খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ

Asmita Khelo India Women’s Pencak Silat League
Asmita Khelo India Women’s Pencak Silat League

আগন্তুক ১ ৰ পৰা ৪ মে'(Asmita Khelo India Women’s Pencak Silat League) তাৰিখে মহাৰাষ্ট্ৰৰ কপাৰখাৰ্নেত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত আৰু মহাৰাষ্ট্ৰ পেন্‌চাক চিলাট এছ’চিয়েশ্বনৰ সহযোগত চাৰিদিনিয়াকৈ অনুষ্ঠিত হ’বলগীয়া আস্মিতা ৰাষ্ট্ৰীয় খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ।

২০২৫ ত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিবলৈ অসমৰ মহিলা পেন্‌চাক চিলাট খেলুৱৈসকল আজি গুৱাহাটী ৰেল-ষ্টেশ্বনৰ পৰা মহাৰাষ্ট্ৰ অভিমুখে ৰাওণা হৈছে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ পৰ্য্যবেক্ষণত হ’ৱলগীয়া উক্ত প্ৰতিযোগিতাত দেশৰ ৩৬ ৰাজ্যৰ প্ৰায় ১৫০০ গৰাকী জুনিয়’ৰ মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

প্ৰতিযোগীতাখনত অসমৰ ধেমাজী জিলাৰ পৰা নিহাৰিকা নেওগ, অনিতা চুতিয়া, হেপ্পি দেৱনাথ আৰু লাকী বিশ্বকৰ্মা, গোলাঘাত জিলাৰ তুষ্টিপ্ৰিয়া বৰা, ৰশ্মিতা নাথ, মনিকা বড়ো, সুমন গৌড়, চিম্পী বৰা আৰু ৰিম্পী গগৈ, শিৱসাগৰ জিলাৰ দিল আফ্ৰুজা বেগম, যোৰহাট জিলাৰ বৈষ্ণবী কছাৰী, বিশ্বনাথ জিলাৰ স্নেহা গগৈ আৰু গোৱালপাৰা জিলাৰ সাগৰিকা ৰাভা আদি চৈধ্য গৰাকী গেলুৱৈয়ে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ’ল’ আদি শাখাত প্ৰতিযোগিতা আগবঢ়াব বুলি অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা উত্তৰ-পূৱ পেনচাক চিলাট মহাসংঘৰ উপ-সভাপতি লক্ষ্যজিত দলে জানিবলৈ দিয়ে।

Flood in River Jhelum: এফালে যুদ্ধ, আনফালে পানী; ভাৰতে হঠাতে এৰি দিলে পানী !

Flood in River Jhelum: এফালে যুদ্ধ, আনফালে পানী; ভাৰতে হঠাতে এৰি দিলে পানী !
Flood in River Jhelum: এফালে যুদ্ধ, আনফালে পানী; ভাৰতে হঠাতে এৰি দিলে পানী !

এফালে যুদ্ধৰ ভয়, আনফালে প্ৰকৃতিৰ প্ৰলয়, ভাৰতে খবৰ নিদিয়াকৈ এৰি দিলে ঝিলাম নদীৰ পানী।প্ৰলয়ংকৰী বানৰ কৱলত পাকিস্তানৰ বহু অঞ্চল। ভাৰতৰ পদক্ষেপত হাহাকাৰ পাকিস্তানত।(Flood in River Jhelum)
ঝিলাম নদীৰ পানীৰ সোঁত বৃদ্ধিৰ বাবে বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। পাকিস্তানৰ মুজাফ্ফৰাবাদ (মুজাফ্ফৰাবাদ বান) প্ৰশাসনে বান সতৰ্কবাণী জাৰি কৰি ৰাইজক নদীৰ পৰা আঁতৰি থাকিবলৈ কয়।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে কৰা সিন্ধু জল সন্ধি স্থগিত ৰাখিছে। ইফালে, শনিবাৰে (২৬ এপ্ৰিল, ২০২৫) ভাৰতে পাকিস্তানৰ মুজাফ্ফৰাবাদৰ হাটিন বালা অঞ্চলৰ ঝিলাম নদীত পানী এৰি দিয়ে। ইয়াৰ বাবেই মুজাফ্ফৰাবাদ প্ৰশাসনে পানীৰ জৰুৰীকালীন ঘোষণা কৰিছে। আচলতে ঝিলাম নদীত পানী এৰি দিয়াৰ বাবে হঠাতে মুজাফ্ফৰাবাদত ভয়ংকৰ বানপানীৰ সৃষ্টি হয়।

তথ্য মতে, উৰিৰ অনন্তনাগ জিলাৰ পৰা চাকোঠীত পানী প্ৰৱেশ কৰাৰ বাবে ঝিলাম নদীত হঠাৎ আৰু ভয়াৱহ বানপানীৰ সৃষ্টি হোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত শংকা আৰু আতংকৰ সৃষ্টি হয়। সিন্ধু জল সন্ধিৰ অধীনত পাকিস্তানে ব্যৱহাৰ কৰি থকা তিনিখন নদীৰ পানীৰ সৰ্বোত্তম ব্যৱহাৰৰ উপায় অধ্যয়ন কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত ১৯৬০ চনৰ সিন্ধু জল সন্ধি সন্দৰ্ভত ভৱিষ্যতৰ ব্যৱস্থা গ্ৰহণৰ বিষয়ে আলোচনা কৰিবলৈ এই প্ৰস্তাৱ উত্থাপন কৰা হয়।

শুকুৰবাৰে জল শক্তিৰ মন্ত্ৰী চি আৰ পাটিলে কয় যে পাকিস্তানলৈ যাতে এটোপাল পানীও নাযায় তাৰ বাবে চৰকাৰে এক কৌশল ৰচনা কৰি আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু নিৰ্দেশনা জাৰি কৰিছে আৰু সেইবোৰ কাৰ্যকৰী কৰিবলৈ এই বৈঠক আয়োজন কৰা হৈছে।

Horoscope: দেওবাৰে এইসকল লোকে লাভ কৰিব ভাল খবৰ, কেৰিয়াৰ, প্ৰেম, স্বাস্থ্য আৰু ধনৰ ভৱিষ্যদ্বাণী…!

Horoscope: দেওবাৰে এইসকল লোকে লাভ কৰিব ভাল খবৰ, কেৰিয়াৰ, প্ৰেম, স্বাস্থ্য আৰু ধনৰ ভৱিষ্যদ্বাণী...!
Horoscope: দেওবাৰে এইসকল লোকে লাভ কৰিব ভাল খবৰ, কেৰিয়াৰ, প্ৰেম, স্বাস্থ্য আৰু ধনৰ ভৱিষ্যদ্বাণী...!

২৭ এপ্ৰিল ২০২৫, আজি পবিত্ৰ দিন।(Horoscope) চন্দ্ৰক মেষ ৰাশিত ৰখা হৈছে, যাৰ বাবে সাহস, উদ্ভাৱন আৰু ইতিবাচক পদক্ষেপৰ শক্তি শক্তিশালী হ’ব। পুৰণি অভ্যাস আৰু নেতিবাচকতাক এৰি নতুন অধ্যায় আৰম্ভ কৰাৰ বাবে এই দিনটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। আজি আপোনাৰ ৰাশিফলত কি কোৱা হৈছে জানি লওক-

মেষ ৰাশি

আজি আত্মবিশ্বাসেৰে ভৰা দিন হ’ব। আপুনি এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিব পাৰে। পাৰিবাৰিক জীৱনত সম্প্ৰীতি থাকিব। পুৰণি বিবাদৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক, মৃদু মূৰৰ বিষ বা ভাগৰুৱা হ’ব পাৰে।

বৃষ ৰাশি

বৃষ ৰাশিৰ লোকৰ বাবে আজি হ’ব স্থিৰতা আৰু নতুন সম্ভাৱনাৰে ভৰা দিন। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পুৰস্কাৰ লাভ কৰিব। আপোনাৰ উৰ্ধতন বিষয়াৰ পৰা আপুনি প্ৰশংসা পাব। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো শুভ, কিন্তু অপ্ৰয়োজনীয় ব্যয়ৰ পৰা আঁতৰি থাকিব লাগিব। সন্তানৰ পৰা ভাল খবৰ পাব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে সময় কটালে মানসিক চাপ কমি যাব। ব্যৱসায়ত অংশীদাৰিত্বৰ পৰা লাভৰ লক্ষণ দেখা গৈছে।

মিথুন ৰাশি

আজি আপোনাৰ চিন্তাত স্পষ্টতা আহিব আৰু সৃষ্টিশীল কামৰ প্ৰতি আকৰ্ষিত হ’ব। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত সফলতা লাভ কৰিব পাৰে। প্ৰেম জীৱনত থাকিব মধুৰতা। পৰিয়ালত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰি, য’ত আপোনাৰ পৰামৰ্শ গুৰুত্বপূৰ্ণ হ’ব।

কৰ্কট

কৰ্কট ৰাশিৰ লোকৰ বাবে আজি সম্পৰ্কত সম্প্ৰীতি অনাৰ দিন। পুৰণি বন্ধুৰ লগত যোগাযোগ হ’ব পাৰে। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে। টকা পোৱাৰ সম্ভাৱনা আছে যদিও বুদ্ধিমানৰূপে বিনিয়োগ কৰক। বয়োজ্যেষ্ঠসকলৰ পথ প্ৰদৰ্শনে আপোনাক সঠিক দিশত লৈ যাব। শিশুৰ সন্দৰ্ভত চিন্তা হ’ব পাৰে।

সিংহ ৰাশি

আপোনাৰ নেতৃত্বৰ দক্ষতাই আজি সকলোকে আপ্লুত কৰিব। কামৰ প্ৰতি আগ্ৰহী হ’ব আৰু নতুন দায়িত্বও পাব পাৰে। চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা সকলে হয়তো ভাল খবৰ পাব। পাৰিবাৰিক জীৱন সুখী হ’ব, কিন্তু পত্নীৰ লগত তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। ধ্যান আৰু যোগাসনে মানসিক শান্তি দিব। সম্পত্তিৰ সৈতে জড়িত যিকোনো বিচাৰাধীন বিষয় সমাধান কৰিব পাৰিব।

কন্যা ৰাশি

আজি আপোনাক নতুন দায়িত্বৰ দিশে লৈ যাব। কামত কিছু বাধা আহিব যদিও ধৈৰ্য্যৰে সকলো সম্ভৱ হৈ উঠিব। শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত বিষয়ত আপুনি সফলতা লাভ কৰিব। স্বাস্থ্য অলপ দুৰ্বল হৈ থাকিব পাৰে, বিশেষকৈ পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে। ঘৰতে প্ৰাৰ্থনা বা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰি।

তুলা ৰাশি

তুলা ৰাশিৰ লোকৰ বাবে আজি অংশীদাৰিত্ব আৰু সম্প্ৰীতিৰ দিন। পাৰস্পৰিক বুজাবুজি আৰু কথা-বতৰাৰ জৰিয়তে সম্পৰ্ক অধিক শক্তিশালী হ’ব। পুৰণি বন্ধু আগবাঢ়ি আহিব পাৰে আপোনাক সহায় কৰিবলৈ। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু নিশ্চিতভাৱে বিশেষজ্ঞৰ পৰামৰ্শ লওক। আজি আপোনাৰ চিন্তাই মানুহক অনুপ্ৰাণিত কৰিব পাৰে। যিকোনো স্থবিৰ প্ৰকল্পই আজি গতি লাভ কৰিব পাৰে। নতুন বন্ধুত্ব বহুদিনলৈ টিকি থাকিব আৰু সহায়ক বুলি প্ৰমাণিত হ’ব।

বৃশ্চিক ৰাশি

আজি কৰ্ম আৰু আত্মনিৰীক্ষণৰ দিন। কোনো এটা পুৰণি সমস্যাৰ সমাধান বিচাৰি পাব আৰু মানসিক শান্তি অনুভৱ কৰিব। কাৰ্যালয়ত নতুন পৰিৱৰ্তনৰ বাবে সাজু থাকক।পৰিয়ালৰ পৰিবেশ মধুৰ হৈ পৰিব। শিশুৰ অগ্ৰগতিৰ লগত মন সুখী হ’ব। কৰ্মক্ষেত্ৰত এজন জ্যেষ্ঠৰ পৰা সমৰ্থন পাব।

ধনু ৰাশি

আজি আপুনি শক্তিৰে ভৰি পৰিব আৰু বহুতো বাকী থকা কাম সম্পূৰ্ণ কৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্ক ভালে থাকিব। নিয়োজিত লোকে পদোন্নতি বা দৰমহা বৃদ্ধিৰ খবৰ পাব পাৰে। স্বাস্থ্য স্বাভাৱিক হৈ থাকিব যদিও খাদ্যাভ্যাসৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদে দিনটো সফল কৰি তুলিব।

মকৰ ৰাশি

মকৰ ৰাশিৰ লোকৰ বাবে আজি ভাৰসাম্য আৰু অনুশাসনৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ সঠিক পৰিকল্পনা কৰিলে ভাল লাভ হ’ব। পুৰণি বন্ধুক লগ পাব পাৰে। বিবাহিত জীৱনত সুখ আৰু সম্প্ৰীতি থাকিব। নতুন সম্পৰ্ক আৰম্ভ কৰাৰ বাবে দিনটো অনুকূল। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব।

কুম্ভ ৰাশি

সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ বাবে আজি এক অতি অনুকূল দিন। নতুন ধাৰণা ৰূপায়ণ কৰক আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ’ব পাৰে। শিশুৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব পাৰি। বিনিয়োগ কৰাৰ আগতে আকৌ এবাৰ ভাবি চাওক।

মীন ৰাশি

মীন ৰাশিৰ বাবে আজি আত্মনিৰীক্ষণ আৰু আধ্যাত্মিকতাৰ দিন। মানসিক শান্তি অনুভৱ কৰিব। সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব আৰু পাৰস্পৰিক বুজাবুজি বাঢ়িব। আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব।

Gogamukh News: উন্নয়নৰ বাবে বিজেপি মিত্ৰজোঁটক ভোট দিয়কঃ গোগামুখৰ নলবাৰীত এন ডি এ-ৰ হৈ  নিৰ্বাচনী প্ৰচাৰ ইউ জি ব্ৰহ্মৰ

Gogamukh News: উন্নয়নৰ বাবে বিজেপি মিত্ৰজোঁটক ভোট দিয়কঃ গোগামুখৰ নলবাৰীত এন ডি এ-ৰ হৈ  নিৰ্বাচনী প্ৰচাৰ ইউ জি ব্ৰহ্মৰ
Gogamukh News: উন্নয়নৰ বাবে বিজেপি মিত্ৰজোঁটক ভোট দিয়কঃ গোগামুখৰ নলবাৰীত এন ডি এ-ৰ হৈ  নিৰ্বাচনী প্ৰচাৰ ইউ জি ব্ৰহ্মৰ

ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান পৰ্বলৈ আৰু মাত্ৰ  এসপ্তাহ সময় থাকোঁতে  ৰাজনৈতিক দলবোৰে চূড়ান্ত পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছে ৷(Gogamukh News) আজি ধেমাজি জিলাৰ গোগামুখৰ  নলবাৰীত বিজেপি মিত্ৰজোঁটৰ হৈ অসম চৰকাৰৰ মন্ত্ৰী উৰ্খা গৌৰ ব্ৰহ্মই নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় ৷ ৩ নং বৰদলনি জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ক্ষমালী বৰদেউৰী দৈমাৰী আৰু গুনৰী ব্ৰহ্মৰ হৈ  নলবাৰী পঞ্চায়তত  সহস্ৰাধিক ভোটাৰ  ৰাইজৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় ৷

নলবাৰী বড়ো ৰাজহুৱা ভৱনত অনুষ্ঠিত হোৱা উক্ত প্ৰচাৰ অভিযানত ইউ জি ব্ৰহ্মই কয়- সমগ্ৰ অসমৰ প্ৰতিটো পঞ্চায়ততে  এন ডি এ-ৰ প্ৰাৰ্থীসকলে বিজয়ী হোৱাটো নিশ্চিত ৷ কংগ্ৰেছ দল এতিয়া অসমৰ পৰা নিঃশেষ গৈছে ৷ বহুকেইটা জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত এন ডি এ-ৰ প্ৰাৰ্থীয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে ৷ বৰদলনি জিলা পৰিষদ ক্ষমালী বৰদেউৰী দৈমাৰী আৰু নলবাৰী আঞ্চলিক পঞ্চায়তত গুনৰী ব্ৰহ্ম জয়ী হোৱাটো নিশ্চিত ৷ বৰদলনি জিলা পৰিষদত কংগ্ৰেছ দলে নিয়ম ৰক্ষাৰ বাবে প্ৰাৰ্থী থিয় কৰাইছে ৷ ভোট যুদ্ধত কংগ্ৰেছ দল কোনো প্ৰতিদ্বন্দিতালৈ নাহে বুলিও তেওঁ মন্তব্য দিয়ে ৷ তেওঁ লগতে কয়- কৰ্মপটু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ নেতৃত্বত অসম দ্ৰুতগতিত উন্নয়ন হৈছে ৷

বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি হৈছে আৰু অধিক উন্নয়নৰ বাবে বিজেপি মিত্ৰজোঁটক ভোট দিবলৈ তেওঁ ভোটাৰ ৰাইজক আহ্বান জনায় ৷ নিৰ্বাচনী প্ৰচাৰ সভাত বড়ো কছাৰী কল্যান স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰী, ৩ নং বৰদলনি জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ক্ষমালী বৰদেউৰী দৈমাৰী, নলবাৰী আঞ্চলিক পঞ্চায়তৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গুনৰী ব্ৰহ্ম, এবছুৰ ধেমাজি জিলা সমিতিৰ প্ৰাক্তন সভাপতি শিৱৰাম বসুমতাৰী উপস্থিত থাকে ৷

North Lakhimpur College: নৰ্থ লখিমপুৰ কলেজত আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰ, ম্যানমাৰ, বাংলাদেশ, থাইলেণ্ডৰ অধ্যাপকৰ অংশগ্ৰহণ

North Lakhimpur College: নৰ্থ লখিমপুৰ কলেজত আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰ, ম্যানমাৰ, বাংলাদেশ, থাইলেণ্ডৰ অধ্যাপকৰ অংশগ্ৰহণ
North Lakhimpur College: নৰ্থ লখিমপুৰ কলেজত আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰ, ম্যানমাৰ, বাংলাদেশ, থাইলেণ্ডৰ অধ্যাপকৰ অংশগ্ৰহণ

ইয়াণ্ডাবু সন্ধিৰ দুশ বছৰ পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি নৰ্থ(North Lakhimpur College) লখিমপুৰ কলেজ আয়োজিত হয় এক আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰৰ৷ যোৱা ২৫ আৰু চ্ছ এপ্ৰিলত ‘ইয়াণ্ডাবু সন্ধি আৰু ঊনবিংশ শতিকাৰ অসম’ শীৰ্ষক এই আলোচনা-চক্ৰ অনুষ্ঠিত হৈ যায়৷ আয়োজনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয়ে৷ আলোচনা-চক্ৰখনৰ উদ্বোধনী অনুষ্ঠানত বীজ ভাষণ প্ৰদান কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নিৰোদ বৰুৱাই৷ বৰুৱাই এনে এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা-চক্ৰ আয়োজন কৰি নৰ্থ লখিমপুৰ কলেজে এক দৃষ্টান্ত আগবঢ়াইছে বুলি কয়৷ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই সঞ্চালনা কৰা এই অনুষ্ঠানৰ প্ৰথম অংশৰ আঁত ধৰে ড॰ বৰ্ণালী বৰাই৷ উদ্বোধনী অনুষ্ঠানতে চামচুদ্দিন শিশিৰ প্ৰণীত ‘বাংলাদেশেৰ অসমীয়া’ আৰু শেখ মকবুল ইছলাম প্ৰণীত ‘মিচিং ফকলৰোগ্ৰাফী’কে ধৰি চাৰিখন গ্ৰন্থ উন্মোচন কৰা হয়৷ আলোচনা-চক্ৰৰ প্ৰথম কাৰিকৰী সত্ৰত গৱেষণা-পত্ৰ উপস্থাপন কৰে ম্যানমাৰৰ মান্দালয় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড॰ নি নি এইচলিং, কলকাতাৰ ড॰ শেখ মকবুল ইছলাম, বাংলাদেশৰ ড॰ মীৰ আবু চালেহ চামচুদ্দিন, ম্যনমাৰৰ কেপ্টেইন টিন আয়ে মাউৱে৷

এই সত্ৰৰ সঞ্চালনা কৰে ড॰ চন্দ্ৰ মানচেই আৰু সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয় ভাৰপ্ৰাপ্ত সঞ্চালক ড॰ সংগীতা গগৈ৷ প্ৰথম দিনা মুঠ সাতটা সভাগৃহত সমান্তৰালভাৱে সত্ৰসমূহ অনুষ্ঠিত হয় আৰু প্ৰায় নব্বৈগৰাকী ব্যক্তিয়ে গৱেষণা-পত্ৰ পাঠ কৰে৷ সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে ডিমৌ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড॰ মামণি গগৈ বৰগোহাঁই, গোগামুখ কলেজৰ অধ্যক্ষ ড॰ দিলীপ কুমাৰ ঝা, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাজ্জাদ হুছেইন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড॰ স্বাতী কিৰণ, তেজপুৰ বিশ্ববিদ্যালয়ৰ ড॰ জোতিষ্মান দাস আদিয়ে৷ দ্বিতীয় দিনা মূল ভাষণ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ৰাজীৱ সন্দিকৈয়ে৷ তেওঁ কয় যে, ইয়াণ্ডাবু সন্ধিৰ ফলশ্ৰুতিৰ পুনৰীক্ষণৰ বাবে আয়োজিত এই আলোচনা-চক্ৰ বৰ্তমানলৈকে সংশ্লিষ্ট বিষয়ৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ অনুষ্ঠান৷ বক্তৃতা আৰু লগতে অনুষ্ঠিত সত্ৰৰ সঞ্চালনা কৰে ড॰ সংগীতা গগৈয়ে৷ দ্বিতীয় দিনাও ভালেসংখ্যক গৱেষকে গৱেষণা-পত্ৰ পাঠ কৰে৷

থাইলেণ্ডৰ চিয়াং মাও বিশ্ববিদ্যালয়ৰ ড॰ পিকডিকুল ৰতানা আৰু ড॰ ৰত্নাপৰ্ণ চেঠাকুলে ঊনবিংশ শতিকাৰ ব্ৰিটিছ ৰাজনীতি আৰু দক্ষিণ-পূব এচিয়া সম্পৰ্কত বক্তৃতা প্ৰদান কৰে৷ এই আলোচনা-চক্ৰতে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগে কলকাতাৰ ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজৰ সহযোগত কলকাতাত ২০২৩ত অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰৰ গৱেষণা পত্ৰসমূহৰ একত্ৰ সংকলন তিনিটা খণ্ডত প্ৰকাশ পায়৷ ভাৰত উপ-মহাদেশৰ ভক্তি সাহিত্য শীৰ্ষক উক্ত আলোচনা-চক্ৰৰ অসমীয়া, ইংৰাজী আৰু বাংলা ভাষাত প্ৰকাশিত তিনিওটা খণ্ডই সমাদৰ লাভ কৰে৷ এই গাম্ভীযপূৰ্ণ অনুষ্ঠানটো সফল কৰি তোলাৰ নেপথ্যত জড়িত সকলো ব্যক্তিকে সমন্বয়ক ড॰ অৰবিন্দ ৰাজখোৱা, ড॰ ৰাতুল কুমাৰ লাহন আৰু ড॰ চুচেংফা গগৈয়ে ধন্যবাদ জ্ঞাপন কৰে৷

Jhantu Ali Sheikh: সামৰিক মৰ্য্যদাৰে শেষ বিদায় জান্টু আলী শ্বেখক

Jhantu Ali Sheikh: সামৰিক মৰ্য্যদাৰে শেষ বিদায় জান্টু আলী শ্বেখক
Jhantu Ali Sheikh: সামৰিক মৰ্য্যদাৰে শেষ বিদায় জান্টু আলী শ্বেখক

কাশ্মীৰত নিহত হোৱা জান্টু আলী শ্বেখক সামৰিক মৰ্য্যদাৰে শেষ বিদায়।(Jhantu Ali Sheikh)

কাশ্মীৰত উগ্ৰপন্থী আক্ৰমণত নিহত হোৱা ঝন্টু আলী শ্বেখক গীতেৰে বিদায় দিলে জোৱানসকলে। তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই নিহত জোৱানজনৰ ঘৰলৈ গৈ শ্ৰদ্ধাঞ্জলি জনায়।

শুকুৰবাৰে নিশা নিজ ৰাজ্যলৈ নিয়া হয় ঝান্টুৰ মৃতদেহ। নিশা মৃতদেহটো বাৰাকপুৰৰ সেনা চিকিৎসালয়লৈ লৈ যোৱা হয়। তাৰ পৰা শনিবাৰে পুৱা মৃতদেহটো তেহাটাৰ পাথাৰঘাটাস্থিত জোৱানজনৰ গাঁৱৰ ঘৰলৈ লৈ যোৱা হয়। তাতে সামৰিক মৰ্য্যদাৰে জান্টুক বিদায় দিয়া হয়।

এটা কফিনত জান্টুৰ মৃতদেহ দেখি মাক, দেউতাক আৰু পত্নীয়ে কান্দি কান্দি উঠিল। পত্নীয়ে ক’লে, “আমি মাত্ৰ প্ৰতিশোধ বিচাৰো।” “তেওঁক যিদৰে হত্যা কৰা হৈছিল, উগ্ৰপন্থীসকলকো একেদৰেই হত্যা কৰা হওক।” ৰাতিপুৱাৰ পৰাই চুবুৰীয়া জান্টুৰ ঘৰত গোট খাইছিল।

জম্মু-কাশ্মীৰৰ উধামপুৰত পহলগাম কাণ্ডক লৈ সৃষ্টি হোৱা হুলস্থুলৰ মাজতে উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে সেনা জোৱান জাণ্টুক। তেওঁ ৬ পেৰা এছ এফত কাম কৰি আছিল। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও ফোনযোগে জান্টুৰ পৰিয়ালৰ সৈতে কথা পাতিছিল।

মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামৰ বৈছাৰন উপত্যকাত উগ্ৰপন্থীৰ আক্ৰমণত কমেও ২৬জন পৰ্যটক নিহত হয়। সূত্ৰ অনুসৰি আক্ৰমণকাৰীৰ সংখ্যা আছিল পাঁচৰ পৰা ছয়জন।


Pakistan defence minister: তিনি দশক ধৰি সন্ত্ৰাসবাদীক সমৰ্থন কৰি আহিছে পাকিস্তানে, ক’লে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে

Pakistan defence minister: তিনি দশক ধৰি সন্ত্ৰাসবাদীক সমৰ্থন কৰি আহিছে পাকিস্তানে
Pakistan defence minister: তিনি দশক ধৰি সন্ত্ৰাসবাদীক সমৰ্থন কৰি আহিছে পাকিস্তানে

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে খোদ স্বীকাৰ কৰিছে যে ইছলামবাদে বিগত তিনিটা দশক ধৰি সন্ত্ৰাসবাদীক সমৰ্থন আৰু প্ৰশিক্ষণ দি আহিছে৷ অৱশ্যে এই ‘কুকৰ্ম’ৰ দোষ(Pakistan defence minister) তেওঁ আমেৰিকা আৰু পশ্চিমীয়া বিশ্বৰ ওপৰত জাপি আহিছে৷ ভাৰতে ইমান দিনে যি অভিযোগ উত্থাপন কৰি আহিছে, সেই অভিযোগ এতিয়া নিশ্চিত কৰিছে পাকিস্তানে৷ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে নিজেই কাৰ্যতঃ স্বীকাৰ কৰিছে যে ইছলামবাদে বিগত তিনিটা দশক ধৰি সন্ত্ৰাসবাদীক সমৰ্থন আৰু প্ৰশিক্ষণ দি আহিছে৷ অৱশ্যে এই ‘কু-কৰ্মৰ’ৰ দায়িত্ব তেওঁ আমেৰিকা আৰু(Khawaja Asif) পশ্চিমীয়া বিশ্বৰ ওপৰত অৰ্পণ কৰিছে৷ ব্ৰিটিছ সংবাদ মাধ্যম স্কাই নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজাই কয় যে আমি যোৱা তিনিটা দশক ধৰি আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি পশ্চিমীয়া বিশ্বৰ বাবে এই কাম কৰি আহিছো৷ এই ‘ভুল’ কাৰ্যৰ বাবেই পাকিস্তানে ক্ষতিগ্ৰস্ত হোৱা বুলিও তেওঁ স্বীকাৰ কৰে৷

প্ৰসংগক্ৰমে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ দ্বিমেৰু জগতখনত আমেৰিকা আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ মাজত ‘শীতল যুদ্ধ’ আৰম্ভ হৈছিল৷ আমেৰিকাৰ অক্ষৰ সদস্য পাকিস্তানে শীতল যুদ্ধত ছোভিয়েটৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছিল৷ আনকি ২০০১ চনৰ ছেপ্টেম্বৰ মাহত বিশ্ব বাণিজ্য কেন্দ্ৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যেতিয়া আমেৰিকাৰ সেনাই আফগানিস্তান কাৰ্যকৰীভাৱে দখল কৰিছিল, তেতিয়াও পাকিস্তানে আমেৰিকাৰ কাষত থিয় দিছিল৷ সেই প্ৰসংগ উল্লেখ কৰি পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে আফগানিস্তানত ছোভিয়েটৰ বিৰুদ্ধে আমেৰিকাই সন্ত্ৰাসবাদীক ঢাল হিচাপে ব্যৱহাৰ কৰিছিল৷ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়েও ভাৰতক দোষাৰোপ কৰিছে৷ তেওঁ দাবী কৰে যে ভাৰতে পাকিস্তানৰ লগতে সমগ্ৰ অঞ্চলটোত সমস্যা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে৷ মঙলবাৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত লস্কৰ-ই-তৈবা আছিল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, ‘লস্কৰ এটা পুৰণি নাম৷ এতিয়া নাই৷ আমাৰ চৰকাৰে ইয়াক [পেহেলগাম কাণ্ড] গৰিহণা দিয়ে৷ পাকিস্তান দশক দশক ধৰি সন্ত্ৰাসবাদৰ বলি হৈ আহিছে৷’

পেহেলগাম কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে লস্কৰ-ই-তৈবাৰ ফ্ৰণ্ট ৰেজিষ্টেন্স ফ্ৰণ্ট [টি আৰ এফ]য়ে৷ পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে অৱশ্যে টি আৰ এফ নামটো কেতিয়াও শুনা নাই বুলি দাবী কৰিছে৷ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সকীয়াই দিছে যে যদি ভাৰতে ‘সামৰিক প্ৰতিশোধ’ আৰম্ভ কৰে, তেন্তে ইয়াৰ পৰিণাম দুয়োখন দেশৰ বাবে ভয়াৱহ হ’ব৷ তেওঁ কয় যে দুখন পাৰমাণৱিক অস্ত্ৰধাৰী দেশৰ মাজত সংঘাত সদায় ভয়ৰ কাৰণ হৈ আহিছে৷

Astro Tips: চুলিত বগা ওকনি হৈছে নেকি ? জানি লওক এয়া শুভ নে অশুভ লক্ষণ !

Astro Tips: চুলিত বগা ওকনি হৈছে নেকি ? জানি লওক এয়া শুভ নে অশুভ লক্ষণ !
Astro Tips: চুলিত বগা ওকনি হৈছে নেকি ? জানি লওক এয়া শুভ নে অশুভ লক্ষণ !

বহুতে মূৰ পৰিষ্কাৰ নকৰে আৰু সেয়েহে মূৰত ওকনিৰ সমস্যাৰ সন্মুখীন হয়,(Astro Tips) কিন্তু কেতিয়াবা এনেকুৱাও হয় যে চুলি পৰিষ্কাৰ কৰি ৰখাৰ পিছতো মূৰত ওকনি দেখা দিয়ে। মূৰত বগা ওকনি হ’লে ইয়াৰ আঁৰৰ কাৰণ কি জানো আহক। মূৰৰ মলিৰ বাবে মূৰৰ ছালৰ স্বাস্থ্যও অৱনতি হ’বলৈ আৰম্ভ কৰে। যদিও কিছুমান মানুহ আছে যিয়ে চুলি পৰিষ্কাৰ কৰি ৰাখে কিন্তু তথাপিও ওকনি সমস্যাই দেখা দিয়ে। বিশেষকৈ মূৰত যদি বগা ওকনি হয় তেন্তে কি হয় জানো আহক-

যদি আপোনাৰ চুলিত হঠাতে বগা ওকনি হয়, তেন্তে ই জীৱন সম্পৰ্কীয় বহু ইংগিত দিয়ে। যদি কোনো ব্যক্তিৰ চুলিত চাফ-চিকুণ কৰাৰ পিছতো বগা ওকনি থাকে, তেন্তে এইটো এটা ভাল লক্ষণ। জ্যোতিষৰ মতে এই বগা ওকনিবোৰে জীৱনলৈ অহা কিছুমান মহান খবৰৰ ইংগিত দিয়ে।


যদি হঠাতে মানুহৰ মূৰত বগা ওকনি হয়, তেন্তে আতংকিত নহ’ব কাৰণ এই ওকনিবোৰে জীৱনৰ বিপদৰ অন্ত পৰাৰ ইংগিত দিছে। ইয়াৰ বাহিৰেও এই বগা ওকনিবোৰে অতি সোনকালে কিছু ভাল খবৰ পোৱাৰ ইংগিত দিয়ে।

যদি কোনো ব্যক্তিয়ে নিজৰ মূৰত বগা ওকনি দেখা পায় তেন্তে ই এটা ভাল লক্ষণ হ’ব পাৰে। মনৰ যিকোনো পুৰণি ইচ্ছা পূৰণ কৰিব পাৰি আৰু দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো কাম সম্পূৰ্ণ কৰিব পাৰি।

যদি কোনো গৰ্ভৱতী মহিলাৰ মূৰত বগা ওকনি হয়, তেন্তে আতংকিত নহ’ব কাৰণ ই এটা ভাল লক্ষণ হ’ব পাৰে। জ্যোতিষ শাস্ত্ৰৰ মতে ওকনিবোৰে মহিলাগৰাকীৰ সুস্থ আৰু সুন্দৰ সন্তান জন্ম দিয়াৰ ইংগিত দিয়ে।

ঘোচ কাণ্ডত বিতৰ্কৰ কেন্দ্ৰস্থলত পানীগাঁও থানাৰ OC সত্যজিৎ বৰা ৰঙাঘৰৰ আলহী !

লখিমপুৰ, ২৬ এপ্ৰিল ২০২৫
লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ বিষয়া-ইন-চাৰ্জ (OC) সত্যজিৎ বৰা বৰ্তমান এখন গুৰুতৰ বিতৰ্কৰ কেন্দ্ৰস্থলত পৰিণত হৈছে। তেওঁৰ ওপৰত উঠা ঘোচ লোৱাৰ অভিযোগৰ পাছতেই আৰক্ষী বিভাগে তেওঁক স্থগিত কৰে আৰু এক উচ্চ-স্তৰীয় তদন্ত আৰম্ভ কৰে।

অভিযোগৰ পটভূমি

২০২৫ চনৰ ১০ মাৰ্চ তাৰিখে ৰাজকুমাৰ ডোলেই নামৰ এজন ব্যক্তিয়ে অভিযোগ কৰে যে OC সত্যজিৎ বৰা আৰু ASI খিৰোদ শইকীয়াই তেওঁক জাল গৰু চুৰিৰ মামলাৰ ভয় দেখাই ₹২১,০০০ টকাৰ ঘোচ লোৱাৰ চেষ্টা কৰিছিল।

অভিযোগ গম্ভীৰ ৰূপ লোৱাৰ পাছত, ১২ মাৰ্চে OC সত্যজিৎ বৰা আৰু ASI খিৰোদ শইকীয়াক “reserve clause”ৰ অধীনত স্থানান্তৰ কৰা হয়, যাৰ ফলত তেওঁলোকক সক্ৰিয় কৰ্তব্যৰ পৰা অপসাৰণ কৰা হয়।

অধিক অভিযুক্ত আৰু গ্ৰেপ্তাৰ

পৰৱৰ্তী তদন্তত পানীগাঁও থানাৰ কনিষ্টবল হিৰণ্য পাতগিৰি আৰু হোম গাৰ্ড দিলীপ কলিতা, দীপক মিলিকক গ্ৰেপ্তাৰ কৰা হয়। অভিযোগ অনুসৰি, এই সকলই ৰাজকুমাৰ ডোলেইৰ পৰা ঘোচ লোৱাৰ ঘটনাত জড়িত আছিল।

মুখ্য অভিযুক্তৰ গ্ৰেপ্তাৰ

পানীগাঁও থানাৰ কেছ নম্বৰ ১৫/২৫ (ধাৰা ৩০৮(২)/৬১(২) BNS) অনুসৰি, পলাতক মুখ্য অভিযুক্ত SI সত্যজিৎ বৰাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে আইনগত পদক্ষেপ গ্ৰহণ চলি আছে।

এই ঘটনা লখিমপুৰ জিলা তথা ৰাজ্যজুৰি আৰক্ষী বিভাগৰ গৰিমাক আঘাত কৰা এক গুৰুতৰ ঘটনা হিচাপে গণ্য হৈছে। বিভাগীয় তদন্ত আৰু আদালতীয় প্ৰক্ৰিয়াৰ পাছত এই ঘটনাৰ সম্পূৰ্ণ ৰূপ উন্মোচিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।