Home Blog Page 2821

ৰঙীন হাতীৰ শোভাযাত্ৰাৰ সৈতে অসমত ৬৭ তম বন্যপ্ৰাণী সপ্তাহ আৰম্ভ

‘সংৰক্ষণ বৃদ্ধিৰ বাবে বন্যপ্ৰাণী, পৰিৱেশৰ প্ৰতি প্ৰেমৰ বাৰ্তা প্ৰচাৰ কৰক’, মন্ত্ৰী সুক্লাবাইদ্য ।

পৰিৱেশ আৰু বন, মীন পালন আৰু আবকাৰী মন্ত্ৰী পৰিমল সুক্লাবাইদ্যই বন বিষয়াসকলক বন্যপ্ৰাণী আৰু সামগ্ৰিকভাৱে পৰিৱেশৰ প্ৰতি থকা প্ৰেমৰ বাৰ্তা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ কয় যাতে সংৰক্ষণক বৃহৎ পৰিমাণে বৃদ্ধি কৰা যায়।
অসম ৰাজ্যিক চিৰিয়াখানা তথা বটানিকেল গাৰ্ডেন চৌহদত ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি মন্ত্ৰী সুক্লাবাইদ্যই কয় যে সামগ্ৰিকভাৱে জনসাধাৰণৰ মাজত বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ গুৰুত্ব সম্পৰ্কে বাৰ্তাটো সৃষ্টি কৰিব লাগিব ‘যিহেতু আমাৰ অস্তিত্ব ইয়াৰ ওপৰত নিৰ্ভৰ শীল’। “আমি বাৰ্তাটো বহন কৰিব লাগিব যে আমাৰ উদ্ভিদ আৰু জীৱজন্তু, পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাৰ বাবে সমৃদ্ধ জৈৱ বৈচিত্ৰ্যসুৰক্ষিত কৰাটো কিমান গুৰুত্বপূৰ্ণ। অন্যথা, আমাৰ আৰু আগন্তুক প্ৰজন্মৰ অস্তিত্ব বিপদত পৰিব,” তেওঁ কৌতুক কৰি কয়।

একেটা উশাহত, সুক্লাবাইদ্যই জনসাধাৰণক পৰিৱেশ সুৰক্ষাত সহায় কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছিল ‘কিয়নো চৰকাৰে অকলে এইটো কৰিব নোৱাৰে’। তেওঁ লগতে কয়, “পৰিৱেশ সুৰক্ষাৰ বাবে এক লাখতকৈ কম সংখ্যাৰ বন কৰ্মশক্তিয়ে অকলে কৰিব নোৱাৰে, যিটো আমাৰ অস্তিত্বৰ বাবে ইমান গুৰুত্বপূৰ্ণ, যদি আমাৰ ৰাজ্যত তিনি কোটিতকৈ ওপৰৰ জনসাধাৰণেও বন বিভাগৰ দ্বাৰা আৰম্ভ কৰা সংৰক্ষণ প্ৰচেষ্টাত অৰিহণা যোগায়।”
বন্যপ্ৰাণী আৰু বনসংৰক্ষণৰ বাবে বন বিষয়া আৰু কৰ্মচাৰীসকলক প্ৰশংসা কৰি সুক্লাবাইদ্যই কয়, “চিৰিয়াখানালৈ অধিকসংখ্যক দৰ্শনাৰ্থী অহাৰ লগে লগে অসম ৰাজ্যিক চিৰিয়াখানাই উল্লেখযোগ্য পৰিৱৰ্তন কৰিছে। বছৰি প্ৰায় ১০ লাখ লোকে চিৰিয়াখানালৈ যায়। জন্তুবোৰ সুখী আৰু স্বাস্থ্যৱান, চিৰিয়াখানাৰ ৰক্ষক আৰু অন্যান্য বন কৰ্মীসকলৰ দ্বাৰা তেওঁলোকৰ ওপৰত প্ৰদান কৰা যত্ন আৰু মৰমৰ বাবে। এই সকলোবোৰ অনাগত দিনবোৰত ৰাজ্যিক চিৰিয়াখানাৰ বাবে ভাল।”

মন্ত্ৰীগৰাকীয়ে এক পাৰিপাৰ্শ্বিক সংগ্ৰহালয় উদ্বোধন কৰে
এনএমএইচএছ হিমৰ অধীনত পুনৰ নিৰ্মাণ কৰা হৈছে – ৰাষ্ট্ৰীয় শিক্ষণ কেন্দ্ৰ, অসম আৰু অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য ব’ৰ্ডপিচিএফ আৰু এইচঅ’এফএফ, পিচিচিএফ (বন্যপ্ৰাণী) আৰু বন বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত।

জাতিৰ পিতাক স্মৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

জন্ম জয়ন্তীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাতিৰ পিতাক স্মৰণ কৰি কয় যে গান্ধীজীয়ে আমাক আত্মনিৰ্ভৰশীল হোৱাৰ গুণাগুণ শিকাইছিল। আমি তেওঁৰ অৰ্থনৈতিক দৰ্শন, প্ৰগতিৰ এক নিশ্চিত মন্ত্ৰ অনুসৰণ কৰি থাকিব লাগিব। আজি অসম খাদী আৰু ভিলেজ ইণ্ডাষ্ট্ৰিজ ব’ৰ্ডত, বিভিন্ন ধৰণৰ খাদী আৰু হস্তশিল্পৰ সামগ্ৰী উপভোগ কৰাৰ সুযোগ লাভ কৰিছে। এটা চাৰ্ট ও ক্ৰয় কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ক’ভিডত মৃত ব্যক্তিৰ পৰিয়ালবৰ্গলৈ প্ৰাৰ্থনা আঁচনিৰ এক লাখ টকাৰ আৰ্থিক সাহাৰ্য

ক’ভিডত মৃত্যুক সাৱটি লোৱা ব্যক্তিৰ পৰিয়ালবৰ্গলৈ আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰৰ প্ৰাৰ্থনা আঁচনিৰ অন্তৰ্গত শনিবাৰে দ্বিতীয় পৰ্যায়ত কামৰূপ মহানগৰ জিলাৰ ৬০ জন হিতাধিকাৰীক এক লাখ টকাকৈ চেক বিতৰণ কৰা হয়। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই হিতাধিকাৰীসকলক চেকসমূহ বিতৰণ কৰে। জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাস, শৰ্মিষ্ঠা বৰা, বিপুল কুমাৰ দাস আৰু গুণজিৎ ৰায় চৌধুৰী আদিৰ উপৰি প্ৰশাসনৰ আন আন বিষয়া-ববীয়াসকল উপস্থিত থকা এই সভাত ভাষণ প্ৰদান কৰি কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে ক’ভিডত বিশ্বৰ বহু পৰিয়াল নিথৰুৱা হ’ল।

ক’ভিড মহামাৰীয়ে প্ৰাণ কাঢ়ি নিয়া ব্যক্তিৰ নিকট আত্মীয়ৰ আৰ্থিক সকাহৰ কথা চিন্তা কৰিয়েই অসম চৰকাৰে ক’ভিডত পিতৃ-মাতৃক হেৰুওৱা শিশুৰ বাবে শিশু সেৱা আঁচনি, ক’ভিডত স্বামীহাৰা বিধৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য আঁচনি, কভিডত মৃত ব্যক্তিৰ পৰিয়াললৈ প্ৰাৰ্থনা আঁচনিৰ অধীনত আৰ্থিক সকাহৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে, এতিয়ালৈকে কামৰূপ মহানগৰ জিলাৰ মুঠ ১৬০ গৰাকী হিতাধিকাৰীক ক’ভিডত মৃত্যু হোৱা লোকৰ আৰ্থিক সকাহৰ অৰ্থে প্ৰাৰ্থনা আঁচনিৰ অন্তৰ্গত ১ লাখ টকাকৈ এককালীন সাহাৰ্য বিতৰণ কৰা হৈছে।

ছাত্ৰৰ ৰূপত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু

শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে আনুস্থানিকভাবে নামভৰ্ত্তি কৰে সংস্কৃত ভাষাৰ এটা দুবছৰীয়া পাঠ্যক্ৰমত।এই নামভৰ্তি অনুস্থানত উপস্থিত থাকে সংস্কৃত ভাৰতী উত্তৰ পূৰ্বাঞ্চল (ট্ৰাষ্ট)ৰ অধ্যক্ষ উদয় আদিত্য গোস্বামী,সংস্কৃত ভাৰতী (অসম প্ৰান্ত)ৰ সাংগঠনিক সম্পাদক ভবেন শইকীয়া,সংস্কৃত ভাৰতী ( অসম প্ৰান্ত)ৰ অধ্যক্ষ কুমুদ বৰঠাকুৰ,সঞ্চালক তথা আয়ুস পাব্লিক স্কুল, শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ প্ৰদুন্ম্য দত্ত।সংস্কৃত ভাষা প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে নিজে শিকাৰ উদ্দেশ্যৰে নামভৰ্ত্তি কৰে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে।

অকলশৰীয়া হ’ল বিশিষ্ঠ কণ্ঠশিল্পী দ্বীপেন বৰুৱা

কোনো চিনেমাৰ কাহিনীতকৈ কম নাছিল দ্বীপেন বৰুৱাৰ প্ৰেম কাহিনী।কণ্ঠশিল্পীগৰাকীৰ পত্নী চৈয়দা জ্যোৎস্না ৰহমানে শুকুৰবাৰে নিশা মৃত্যুক সাৱটি লয়।মৃত্যুৰ সময়ত জ্যোৎস্না ৰহমানৰ বয়স আছিল ৬১ বছৰ।২০০৯ চনত দুয়ো বিবাহপাশত আবদ্ধ হৈছিল।২০০৯ চনত দুয়ো বিবাহপাশত আবদ্ধ হৈছিল।কোনো চিনেমাৰ কাহিনীতকৈ কম নাছিল দ্বীপেন বৰুৱাৰ প্ৰেম কাহিনী।১৯৭৬ চনত ‘তৰামাই’ ছবিৰ শ্বুটিঙৰ সময়ত তেওঁ লগ পাইছিল চৈয়দা জ্যোৎস্না ৰহমানক।পৰিয়ালৰ পৰা অহা বাধাৰ বাবে তেওঁলোকৰ প্ৰেমে বিবাহৰ ৰূপ পোৱা নাছিল।অপেক্ষা কৰিব লগা হৈছিল সুদীৰ্ঘ ৩৩ টাকৈ বছৰ। তেতিয়া প্ৰেমিকাৰ বয়স হৈছিল ৫৯ বছৰ আৰু দ্বীপেন বৰুৱাৰ বয়স আছিল ৬৪ বছৰ।

গোসাইগাওঁৰ ভোমৰাবিলত বজ্ৰপাতত বিদ্যুৎৰ তাৰ ছিঙি বিস্তৰ ক্ষতি

ৰাতিপূৱা প্ৰায় ১০ বজাত হটাৎ অহা এজাক বৰষুণৰ লগতে বজ্ৰপাতত গোসাইগাঁও মহকুমাৰ ১নং ভোমৰাবিল গাওঁত বিস্তৰ ক্ষতি সাধন হয়।প্ৰাপ্ত বাতৰি মতে এজাক বৰষুণৰ লগতে অহা ধুমুহা আৰু বিজলী ঢেৰকণিৰ মাজতে বজ্ৰপাত ঘটি বিদ্যুৎ তাঁৰ ছিঙি যায় আৰু গাওঁখনৰ ভালে সংখ্যক পৰিয়ালৰ মটৰ,ইনভেটৰ,মিটাৰ,চুইচ বৰ্ড,বিকল হৈ পৰে।ইয়াৰ ওপৰি গাওঁখনৰ বাসিন্দা মাণিক বৰ্মনৰ গৃহত বজ্ৰপাত ঘটি জুইৰ সুত্ৰপাত ঘটে যদিও ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয়।তথাপি মাণিক বৰ্মনৰ গৃহত ভালে সংখ্যক বয় বস্তৰ ক্ষতিসাধন হয়।বজ্ৰপাতৰ ফলত গাওঁখনৰে ছামিনা চুলতানা (১৪) নামৰ ছাত্ৰীগৰাকী আঘাত প্ৰাপ্ত হৈ গোসাইগাঁও আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰায়।তদুপৰি গাওঁখনৰে আনিচা বিবি,আৰু হালিমা বিবি বজ্ৰপাতৰ বিকট শব্দত মাটিত ঢলি পৰে।বৰষুণ ধুমুহা আৰু বজ্ৰপাতত গাওঁখনৰ বিদ্যুৎৰ তাৰ সমুহ ছিঙি ৰাস্তাত পৰি যোৱাত ৰাইজ আতংকগ্ৰস্থ হৈ পৰিছে।অতিশীঘ্ৰে বিকল হৈ পৰা বিদ্যুৎত পৰিবাহিত তাঁৰ সমুহ মেৰামতি কৰি বিদ্যুৎ যোগান দিয়াৰ বাবে গাওঁবাসীয়ে বিভাগীয় কতৃপক্ষক দাবি জনায়।

গোলাঘাটত অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ পৰ্যালোচনা বৈঠক

গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আজি অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । বৈঠকত আয়োগৰ এটা প্ৰতিনিধি দলে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে  শিশুৰ অধিকাৰ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন বিষয় লৈ পৰ্যালোচনা কৰে ।  সভাত আয়োগৰ অধ্যক্ষা ডঃ সুনীতা চাংকাকতিয়ে শিশুৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত থকা বিভিন্ন প্ৰত্যাহ্বান আৰু সমস্যাসমূহৰ বিষয়ে বিভাগীয় মুৰব্বীসকলৰ পৰা বুজ লয় । তেওঁ বাল্য বিবাহ আৰু শিশুৰ অবৈধ সৰবৰাহৰ দৰে ব্যাধি দূৰ কৰিবলৈ শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন চমুকৈ পক্স’ (POCSO) কঠোৰভাৱে বলৱৎ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । আনহাতে শিশু-কিশোৰৰ মাজত ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানসমূহত সজাগতা বৃদ্ধি কৰিবলৈও তেওঁ পৰামৰ্শ আগবঢ়ায় । তেওঁ ভিক্ষা কৰা শিশু আৰু শিশু শ্ৰমিকৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰিবলৈ সংশ্লিষ্ট বিভাগসমূহৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত আয়োগৰ সদস্য ডঃ পিলু হাজৰিকাই থানাসমূহত সজাগতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে যাতে কোনো আৰক্ষী বিষয়াই শিশু সম্পৰ্কীয় গোচৰ অৱহেলা নকৰে । এইক্ষেত্ৰত আৰক্ষীৰ মানৱ সৰবৰাহ বিৰোধী গোটক পুনৰ সক্ৰিয় কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় । বৈঠকত অংশ লৈ আয়োগৰ আন এগৰাকী সদস্য  শ্ৰী অজয় কুমাৰ দত্তই জিলা পৰিবহন বিষয়াক বিদ্যালয়ৰ বাছসমূহৰ চালক-হেণ্ডিমেনৰ আৰক্ষীৰ দ্বাৰা সত্যাৰ্পন কৰোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায় । তেওঁ লগতে ৰাজহুৱা বাহনসমূহত সৰ্বশিক্ষা, শিশু শ্ৰমিক, পক্স’ আইন আদি সন্দৰ্ভত সজাগতামূলক পত্ৰিকা লগোৱাৰ ব্যৱস্থা কৰিবলৈ কয় । প্ৰতিনিধি দলটোৱে আজিৰ বৈঠকত আৰক্ষী, স্বাস্থ্য বিভাগ, জিলা শিশু সুৰক্ষা গোট, জিলা কাৰাগাৰ, জিলা পৰিবহন বিষয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক, খাদ্য আৰু অসামৰিক যোগান, শ্ৰম, আবকাৰী আৰু সমাজ কল্যান বিভাগৰ জিলা মুৰব্বীৰ সৈতে শিশুৰ অধিকাৰ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন দিশ পৰ্যালোচনা কৰে । বৈঠকত জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী আৰু অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকাও উপস্থিত আছিল ।

বৰপেটাত মহাত্মা গান্ধীক লৈ ৰচিত গীত উন্মোচন

মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জয়ন্তী উপলক্ষে আজি বৰপেটা জিলাতো জাতিৰ পিতাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। পুৱা ৮ বজাতে তথ্য আৰু জনসংযোগ বিভাগৰ স্থায়ী অনুভাষ যন্ত্ৰৰ জৰিয়তে গান্ধী ভজন পৰিবেশন কৰা হয়। ইয়াৰ পিছতে ১০ বজাত বৰপেটা পৌৰ সভাৰ কাৰ্যালয়ৰ সন্মূখত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত উপায়ুক্ত তেজ প্ৰসাদ ভূষালে মাল্যাৰ্পন কৰে। অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আদিয়েও এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে সৰ্থেবাৰী উচ্চ আদৰ্শ বিদ্যাপীঠৰ শিক্ষক  দীপংকৰ ডেকাই গান্ধীজীৰ সোঁৱৰণত ৰচনা কৰা এটি সমবেত কন্ঠৰ অনুপম গীতৰ অডিও-ভিডিও সফুৰা উপায়ুক্ত‌ই আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে, মহাত্মা গান্ধীৰ  আৰ্দশৰ প্ৰাসঙ্গিকতা সকলো সময়তে অটুট হৈ থাকে। ডেকাৰ ৰচিত গীতটিয়ে এখন সুন্দৰ সমাজৰ বাবে গান্ধীজীৰ মহান আদৰ্শৰ অপৰিহাৰ্যতাকে সবল ৰূপত প্ৰতিপন্ন কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃত গীতিকাৰ দীপংকৰ ডেকাৰ গীতত ইতিমধ্যে অসমৰ জুবিন গাৰ্গ, পুলক বেনাৰ্জী প্ৰমুখ্যে বহুতো আগশাৰীৰ শিল্পীয়ে কন্ঠদান কৰিছে। আজি মুকলি কৰা গীতটিত সুৰ দিছে বিশিষ্ট সুৰকাৰ ৰমেন দাসে। কন্ঠদান কৰিছে সৰ্থেবাৰী অঞ্চলৰে নয়ন দাস, দিগন্ত দাস, দিশা দাস আৰু থিমাম দাসে। অনুষ্ঠানত গীতিকাৰ আৰু শিল্পী সকলো উপস্থিত থাকে। এই অনুষ্ঠানৰ পিছতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত মহাত্মা গান্ধীৰ প্ৰতিচ্ছৱিৰ সন্মূখত উপায়ুক্ত ভূষালে বন্তি প্ৰজ্বলন কৰে। ইফালে গান্ধী জন্মদিনৰ সৈতে সংগতি ৰাখি আজি বৰপেটা জিলাতো ব্যাপক কোভিড টীকাকৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে য’ত একেদিনাই ৫৩২০০ জনক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই অভিলাষী লক্ষ্য আহৰণৰ বাবে জিলাখনত ২৫৭ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হয়। একেটা উপলক্ষতে বৰপেটা জিলাতো কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ নিকটতম আত্মীয়ক এককালিন অৰ্থ সাহাৰ্য প্ৰদানৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা প্ৰাৰ্থনা শীৰ্ষক আঁচনিৰো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হয়। ইফালে বৰপেটাৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ৰংমন ফেন ক্লাৱৰ উদ্যোগত আজি গান্ধী জয়ন্তী উপলক্ষে ছাফাই অভিযান চলোৱা হয়। চাউলখোৱা শ্মশানৰ কাষত পৌৰ সভাৰ জাৱৰ পেলোৱা ঠাই সংগঠনটোৰ কৰ্মী সকলে পৰিস্কাৰ কৰে।

দক্ষিণ কামৰূপ জিলা দ্বিনী তালিমী বোৰ্ড গঠন

দক্ষিণ কামৰূপ জিলা জমিয়ত উলামাৰ উদ্যোগত শুক্ৰবাৰে বকো সমষ্টিৰ অন্তৰ্গত ৰাঙ্গাপানী নাছিৰুদ্দিন দাৰুল ইয়াতামা মাদ্ৰাছা প্ৰাঙ্গণত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে  দক্ষিণ কামৰূপ জিলা জমিয়ত উলামাৰ সভাপতি মৌলানা আব্দুৰ ৰশ্বিদ, সভাত সৰ্বসন্মতি ক্ৰমে দক্ষিণ কামৰূপ জিলা দ্বিনী তালিমী বোৰ্ডৰ এখন নতুন কমিটি গঠন হয়। মৌলানা ছায়েদুৰ ৰহমান কাছিমীক সভাপতি আৰু মৌলানা ছফিকুল ইছলামক সাধাৰন সম্পাদক হিচাপে ল’ই মুঠ ২১ জনীয়া কমিটি গঠন কৰে। উক্ত সভাত দক্ষিণ কামৰূপ জিলাৰ জমিয়ত উলামাৰ সাধাৰণ সম্পাদক হাফিজ ৰফিকুল ইছলাম, অতিৰিক্ত সাধাৰণ সম্পাদক হাফিজুৰ ৰহমান, ক্বাৰী আঃ ওৱাহাব, আঃ বাৰিক, মৌলানা ৰুহুল আমিন, আবুল কালাম আজাদ, মৌলবী ছুৰুত জামাল, মৌলানা আজিবৰ ৰহমান, হাফিজ ক্বাৰী জিয়াউৰ ৰহমান লগতে অঞ্চলটোৰ বয়োজেষ্ঠ মুৰব্বী সকলো উপস্থিত থাকে।সকলোৱে নৱ গঠিত দক্ষিণ কামৰূপ জিলা দ্বিনী তালিমী বোৰ্ডৰ বিষয়ববীয়াক সংগঠনটোৰ সংবিধানমতে কাম কাজ কৰি যাবলৈ আহ্বান জনায়।

আমনিৰ বুঢ়াদিয়া নৈৰ ওপৰৰ দলংঙেৰে ৰাইজৰ বিপদ সংকুল যাত্ৰা

পশ্চিম নলবাৰী অঞ্চলৰ  ধর্মপুৰ  সমষ্টিৰ অতি গুৰুত্ব পূর্ণ এখন দলংঙে যাতায়াতৰ ক্ষেত্ৰত  ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। যিখন দলঙেৰে  চামতাৰ পৰা টিহুলৈকে  বাটচোৱা  অতি চমু হয় ।  দলংখনেৰে  নিতৌ অহাযোৱা কৰে হেজাৰ হেজাৰ পথাচাৰী,স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী।যেন ৰাইজৰ  সংযোগৰ বাইক এক মাত্ৰ  দলংখন। উক্ত   দলং হল বুঢ়াদিয়া নৈৰ ওপৰৰ  আমনি শংকৰ বাবাৰ থানৰ সন্মুখত থকা জৰাজীর্ন কাঠৰ দলং খন ৷  স্হানীয় ৰাইজে দৈনন্দিন বাৰ্তাৰ আগত অভিযোগ কৰা মতে   যোৱা তিনিবছৰ  আগতে বহুলক্ষ্য  টকা খৰছ কৰি দলংখন  নির্মান কৰা হৈছিল  যদিও  কিছুদিন পিছতে ২০১৮ চনত   বানৰ ফলত  ঢাহি-মুহি  সম্পূর্ণ দলংখৰ মাজভাগটো বেকা কৰি লৈ যায়।  ৷  কাম সম্পূৰ্ণ হোৱাৰ  কিছুদিন পাছতে এনেদৰে বুঢ়াদিয়া নৈৰ পানীয়ে সম্পূর্ণ ৰূপে বেকা কৰাত ৰাইজৰ মনত    সততে  সন্দেহৰ প্ৰশ্ন উঠিছে বিভাগীয়  দীৰ্ঘম্যাদী পৰিকল্পনাৰে ঠিকাদাৰে  দলংখনৰ কাম সম্পূৰ্ণ কৰা হোৱা নাছিল নেকি? নিমনমানৰ কামেৰে ঠিকাদাৰে   ৰাইজৰ লগত হেতালি খেলিলে নেকি ? অনেক প্ৰশ্ন। ইপিনে  ৰাইজৰ অভিযোগৰ পিছত ভগ্ন   কাঠৰ দলংখনৰ  কাষতে এখন পকী দলংঙৰ  কাম বিভাগীয় ভাবে  আৰম্ভ কৰিছে যদিওঁ অকল খুটা দুটা  পুতিয়ে সম্প্ৰতি কাম আধৰুৱা কৰি  ৰাখিছে ৷ যাতায়াতৰ ক্ষেত্ৰত ৰাইজে এতিয়া ত্ৰাহি মধুসুদন সুঁৱৰিব লগা হৈছে। আজি অঞ্চলটোৰ সৰ্ব স্তৰৰ লোকৰ বহিঃ জগতৰ লগত  যোগাযোগৰ ক্ষেত্ৰত অন্তৰায়ৰ সৃষ্টি হৈছ। গতিকে  ৰাইজে ধর্মপুৰৰ বিধায়ক তথা পৰিবহন,উদ্যোগ আৰু বাণিজ্যিক মন্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰত আবেদন জনাইছে  অতি সোনকালে পকী দলংখন সম্পূর্ণ কৰি ৰাইজক যাতায়াতৰ বাবে  উপকৃত কৰে যেন।