ৰাজ্যৰ শিক্ষা বিভাগে অহা ১৯ অক্টোবৰৰপৰা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰি নতুন এচ্.অ’.পি. জাৰি কৰাৰ পাছত বিদ্যালয়ত পালন কৰিবলগা ক’ভিড বিধি সম্পৰ্কে কালি পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত মধ্য ইংৰাজী বিদ্যালয় আৰু মজলীয়া বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ ১৮৭ নং জাগাৰা প্ৰাথমিক বিদ্যালয়ত দিনৰ ১২ বজাৰপৰা অনুষ্ঠিত হোৱা উক্ত শিক্ষক প্ৰশিক্ষণ শিবিৰটো সঞ্চালনা কৰে পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্যই ৷ শিক্ষা বিষয়াগৰাকীয়ে প্ৰশিক্ষণ শিবিৰটোত আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে ৷ ইয়াৰ পাছতে উদ্দেশ্য ব্যাখ্যা কৰে ভাৰপ্ৰাপ্ত বি.আৰ.পি. অমল ডেকাই ৷ ইয়াৰ পাছতে ক’ভিড কালত ছাত্ৰ-ছাত্ৰীসকলে সন্মূখীন হোৱা বৃহৎ শিকন ঘাটি পূৰণৰ প্ৰণালীবদ্ধ ব্যৱস্থাপনা সন্দৰ্ভত ভাষণ প্ৰদান কৰে সমল ব্যক্তি জিতুমণি আহমেদ আৰু অখিল তালুকদাৰে ৷ ক’ভিড কালীন পৰিবেশত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজে পালন কৰিবলগীয়া স্বাস্থ্যবিধি সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই সমল ব্যক্তি তথা মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক লাচিত লোচন শৰ্মাই ৷ ইয়াৰ পাছতে পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক তথা সমল ব্যক্তি জোন কুমাৰ হালৈয়ে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শেহতীয়াভাবে জাৰি কৰা এচ্.অ’.পি. সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই অহা ১৯ অক্টোবৰৰপৰা খুলিবলৈ লোৱা প্ৰাথমিক বিদ্যালয়সমূহত পালন কৰিবলগা ক’ভিড বিধি সম্পৰ্কে শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰে ৷ প্ৰশিক্ষণ শিবিৰৰ শেষত শলাগৰ শৰাই আগবঢ়াই পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক জয়ন্ত ডেকাই ৷ উক্ত প্ৰশিক্ষণ শিবিৰটোত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ গাণনিক নৃপেন দাস, হেমন্ত বৰ্মন, মনোজ ডেকা, এম.আই.এচ্. আমিনুল হ’ক আৰু একাংশ মণ্ডল সমল কেন্দ্ৰ সমন্বয়কে সহযোগ আগবঢ়ায় ৷
গান্ধী জয়ন্তী উপলক্ষ্যে বৰপথাৰত সমূহীয়া পৰিৱেশ নিকাকৰণ অভিযান

অহিংস নীতিৰে সমগ্ৰ বিশ্বতে সুকীয়া আদৰ্শ দাঙি ধৰা মহামানৱ মহাত্মা গান্ধীৰ 152 সংখ্যক জন্ম জয়ন্তী সমগ্ৰ দেশতে ভিন ভিন কাৰ্যসূচীৰে উদযাপন কৰা হয় । গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰতো আজি পালন কৰা হয় জাতিৰ পিতাজনাৰ জন্ম জয়ন্তী। মহামানৱ জনাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বৰপথাৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত আৰু বৰপথাৰ পৌৰসভাৰ সহযোগত পৰিবেশ নিকাকৰণৰ বাবে চাফাই অভিযান চলোৱা হয়। আজি পুৱা 6 বাজি 30 মিনিটত বৰপথাৰ নগৰৰ মাজমজিয়াত সকলো একেলগ হৈ হাতে হাতে ঝাড়ু লৈ সমগ্ৰ নগৰখন পৰিস্কাৰ পৰিচ্ছন্ন কৰি তুলে ।

এই কাৰ্যসূচীত বৰপথাৰ পৌৰসভাৰ সকলো বিষয়া-কৰ্মচাৰী আৰু বৰপথাৰ ব্যৱসায়ী সন্থাৰ সকলো সদস্য উপস্থিত থাকে। উল্লেখ্য যে বৰপথাৰ ব্যৱসায়ী সন্থাই নগৰখনৰ স্বাৰ্থত বিভিন্ন ধৰণৰ কাৰ্যসূচী বিগত সমছোৱাত গ্ৰহণ কৰি আহিছে। লগতে আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে বৰপথাৰ পৌৰসভা আৰু ব্যৱসায়ী সন্থাই নগৰখন সদায়ে স্বচ্ছভাৱে আৰু প্লাষ্টিক মুক্ত কৰি ৰাখিবলৈ সকলো ব্যৱসায়ী তথা জনসাধাৰণক আহ্বান জনায়। আনহাতে বৰপথাৰ পৌৰসভাৰ উদ্যোগতো পালন কৰা হয় গান্ধী জয়ন্তী ।

পুৱা 8 বাজি 30 মিনিটত নগৰখনত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পন আৰু বৃক্ষ ৰোপণেৰে মহামানৱ জনাক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই অনুষ্ঠানত ধনশিৰি মহকুমাৰ মহকুমাধিপতি জাবিৰ ৰাহুল সুৰেশ, বৰপথাৰ পৌৰসভাৰ কায্যবাহী বিষয়া প্ৰাঞ্জিল গগৈ, বৰপথাৰ ব্যৱসায়ী সন্থাৰ সম্পাদক বিবেকানন্দ দত্ত লগতে বৰপথাৰ পৌৰসভাৰ বিষয়া-কৰ্মচাৰী, বৰপথাৰ ব্যৱসায়ী সন্থাৰ সদস্য আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। জাতিৰ পিতাৰ জন্ম জয়ন্তীৰ লগতে সংগতি ৰাখি স্বচ্ছ ভাৰত অভিযানৰ তৰফৰ পৰা স্বচ্ছ বৰপথাৰ গঢ়াৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা চৈধ্য টাকৈ মহিলা গোটক সন্মান জনোৱা হয় লগতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত মহিলা গোটৰ সদস্য সকলক মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয় । উল্লেখ্য যে আৰাধনা নামৰ মহিলা গোটে স্বচ্ছ ভাৰত অভিযানৰ তৰফৰ পৰা প্ৰথম পুৰস্কাৰ লাভ কৰে । ইপিনে এই অনুষ্ঠানতে বৰপথাৰ পৌৰসভাৰ চাফাই কৰ্মচাৰীসকলক এজোৰকৈ পোচাক, টুপী আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হয় ।

লামডিঙত মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে বিধায়ক শিবু মিশ্ৰৰ সাফাই অভিযান
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ ৰেল নগৰী লামডিঙত মহাত্মা গান্ধীৰ জন্মদিন ঊপলক্ষে সাফাই অভিযান লামডিংৰ বিভিন্ন প্ৰান্তত জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী ঊপলক্ষে সাফাইঅভিযান। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি লামডিং টাউন মণ্ডলৰ ফালৰ পৰা লামডিং টাউনৰ বিভিন্ন স্থানত স্বচ্ছ অভিযান চলায় লামডিং বিজেপিৰ কাৰ্য্যকৰতা সকলে লামডিংৰ গাওঁ অঞ্চলৰ বিভিন্ন স্থানত স্বচ্ছ অভিযান চলায় । লামডিংৰ বিজেপি বিধায়ক জনে চাফাই কৰ্মত অংশগ্ৰহন কৰি কয় যে, পৰিবেশ পৰিস্কাৰ থাকিলেহে মানুহৰ মনবোৰ পৰিস্কাৰ থাকিব৷উল্লেখ্য যে, লামডিংৰ বিভিন্ন কাৰ্যসুচীৰে পালন কৰা হৈছে গান্ধীজয়ন্তী ৷ লামডিং টাউনৰ প্ৰত্যক ওয়ার্ডৰ কার্যকৰতা লামডিং কালী বাড়ি পুখুৰী পাৰত আৰু লোক কলোনি, নিউ কলোনি , সাউথ হিল কলোনি , ক্রসিং গেট, সকলো কার্যকৰতা লামডিংৰ বিভিন্ন স্থানত সাফাই অভিযান চলায়৷
প্ৰবীন অভিনেতা টংক দত্তৰ ওপজা দিন উদযাপন
দেৰগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, প্ৰবীণ অভিনেতা টংক দত্তৰ ৯২ বছৰীয়া ওপজা দিন পালন কৰে দেৰগাঁও আঞ্চলিক নামকীৰ্তণ আৰু শংকৰী কলা কৃষ্টি বিকাশ সমিতিয়ে৷ ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰি সমাজসেৱী জনক জন্মদিনৰ ওলগ জনায়। সমাজকৰ্মী গৰাকীৰ বাসগৃহত অনুষ্ঠিত অনুষ্ঠানৰ আঁতধৰে সমিতিৰ সম্পাদক বুবুল চন্দ্ৰ বৰাই। সমিতিৰ সভাপতি সমুদ্ৰ দুৱৰা প্ৰমুখ্যে বিষয়ববীয়া তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল বৰা, প্ৰদীপ বৰা, শিল্পী বিৰেন্দ্ৰ কুমাৰ বৰা, বিজয় কুমাৰ দত্ত, প্ৰফুল্ল হাজৰিকা, দেৰগাঁও সাংবাদিক সংস্থাৰ সভাপতি বিচিত্ৰ ভূষণ কলিতা আদিয়ে অনুষ্ঠানত ভাগলৈ সমাজকৰ্মী গৰাকীৰ কৰ্মজীৱনৰ বিভিন্ন দিশ, আৰু সমাজলৈ অৱদান বাখ্যা কৰি ব্যক্তিগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।দেৰগাঁও সাংবাদিক সংস্থাৰ তৰফৰ পৰাও আনুষ্ঠানিক ভাৱে টংক দত্তক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত আঞ্চলিক নামকীৰ্তণ সমিতিয়ে গামোচা, উপহাৰৰ টোপোলা, অভিনন্দন পত্ৰৰে জন্মদিনৰ ওলগ জ্ঞাপন কৰাৰ লগতে পৰিয়াল আৰু বহুকেইজন ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।
টংলাত শ্বেৰমান আলী আহমেদৰ পুত্তলিকা দাহ
বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে সংবাদ মাধ্যমৰ আগত অসম আন্দোলনৰ জাতীয় শ্বহীদক অপমান কৰি নিকৃষ্ট মন্তব্য আগবঢ়োৱা পিছত সমগ্ৰ অসম জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ বিভিন্ন অঞ্চলত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালকৈ টংলা আঞ্চলিক ছাত্র সন্থাই টংলা চহৰৰ মাজ মজিয়াত শ্বেৰমান আলী আহমেদৰ অসম আন্দোলনৰ জাতীয় শ্বহীদৰ ওপৰত কৰা নিকৃষ্ট মন্তব্যৰ প্ৰতিবাদত শুকুৰবাৰে শ্বেৰমান আলিৰ পুত্তলিকা দাহ কৰে। শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকাই দাবী জনায় লগতে সমগ্ৰ অসমৰ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনায়। ডেকাই আৰু কয় বাংলাদেশী উচ্ছেদ কৰাৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী কিন্তু কোনো ধৰ্মৰ নামত বাংলাদেশী চিনাক্ত কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই দাবী কৰা নাই। আনফালে প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা প্ৰতিবাদী সকলে হাতে হাতে প্লেকাৰ্ড লৈ শ্বেৰমান আলী আহমেদ হুচীয়াৰ, অবৈধ্য বাংলাদেশী হুচীয়াৰ, খিলঞ্জীয়া বিৰোধী নীতি সহ্যকৰা নহব বুলি প্ৰতিবাদ সাব্যস্ত কৰে।
চলাপথাৰত পোষণ মাহ উদযাপন
লাকুৱা চলাপথাৰ অংকুৰ নাট্যমন্দিৰত যোৱা ২৭ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় পোষণ মাহ দিনযোৰা কাৰ্যসুচীৰে উদযাপন কৰা হয়৷ লাকুৱা সংহত শিশু প্ৰকল্পৰ সৌজন্যত আৰু চলাপথাৰ সমূহ অংগণবাড়ী কৰ্মীৰ সহযোগত উদযাপন কৰা পোষণ মাহৰ লগত সংগতি থলুৱা শাক- পাচলি সংগ্ৰহ কৰি সেই সমূহ প্ৰদৰ্শন কৰা হয়৷ পুৱাই মুখ্য সেৱীকা মিতালী বৰাই বৃক্ষ ৰোপন কৰাৰ পাছতে এক শোভাযাত্ৰা উলিওৱা হয়৷শোভাযাত্ৰাত থলুৱা খাদ্য সামগ্ৰী প্ৰদৰ্শন কৰাৰ লগতে পোষণ মেলা আয়োজন কৰে৷ ইয়াৰ পিছতে পোষন অভিযানৰ লগত সংগতি ৰাখি চলা গাঁও পঞ্চায়তৰ সভাপতি অনিমা গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সজাগতা সভাত পৰিসংখ্যা সহায়ক বীৰেণ চেতিয়া ,খণ্ড সমন্বয়ক উৎপল ফুকন ,চিত্ৰাংগনা সন্দিকৈ, সমাজসেৱিকা ৰেখা বৰগোহাঁই, সমাজকৰ্মী ত্ৰৈলক্য গগৈ, জিলা পৰিষদৰ সদস্যা মুনুুুুমনি ৰাজকুমাৰী, সমাজকৰ্মী কিৰিতি গগৈ উপস্থিত থাকে৷
লাকুৱা সেউজীপামত ‘বিশ্ব জেষ্ঠ নাগৰিক দিৱস’ উদযাপন
শিৱসাগৰ জিলাৰ লাকুৱা সেউজীপামত আজি বিশ্ব জেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয়৷অসম জেষ্ঠ নাগৰিক সন্মিলনৰ লাকুৱা শাখাৰ উদ্যোগত সেউজীপাম নামঘৰ প্ৰাংগনত দিনযোৰা কাৰ্যসুচীৰে উদযাপন কৰা দিৱসৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে নাগৰিক সন্মিলনৰ লাকুৱাৰ সভাপতি সিদ্ধেশ্বৰ ৰাজকোঁৱৰে৷ আন্তৰ্জাতিক জেষ্ঠ নাগৰিক দিৱস উপলক্ষে এখন সভা অনুষ্ঠিত হয় । লাকুৱা জেষ্ঠ নাগৰিক সন্মিলনীৰ সভাপতি সিদ্ধেশ্বৰ ৰাজকোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত জেষ্ঠ নাগৰিক সমাজকৰ্মী প্ৰাক্তন শিক্ষক ৰবীন্দ্ৰনাথ দত্ত, নৰেন কোঁৱৰ,ৰবীন শইকীয়া,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অমূল্য হাজৰিকা,সাংস্কৃতিক কৰ্মী সঞ্জীৱ বাইলুং লগতে ভালেকেইজন ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷লাকুৱা জেষ্ঠ নাগৰিক সন্মিলনীৰ সম্পাদক ৰোহিনী বৰগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত বয়োজেষ্ঠ নাগৰিক হীৰেণ শ্যাম আৰু ললিত চন্দ্ৰ দাসক সন্মিলনী তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। কাৰ্যসুচীৰ আৰম্ভণীতে বৃক্ষৰোপন কৰা হয়৷ বৃক্ষৰোপণ কাৰ্যসুচী ৰূপায়ন কৰে সমাজকৰ্মী ৰাজেন শইকীয়া,অশোক বৰুৱা,পৰমানন্দ দত্ত ,নিত্যা বৰা,ৰবীন শইকীয়াই৷অনুষ্ঠানত সেউজীপামৰ স্থানীয় মহিলা সকলে দিহানাম পৰিবেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷
গান্ধী জয়ন্তী উপলক্ষে নাজিৰাত ‘আশ্ৰয়’ৰ চাফাই অভিযান
মহামানৱ মহাত্মা গান্ধী ১৫২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে নাজিৰাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ” আশ্ৰয়” ৰ তৰফৰ পৰা এক স্বচ্ছ অভিযান চলোৱা হয় । উল্লেখযোগ্য যে নাজিৰা নগৰত অৱস্থিত এটিএম মেচিন সমুহ থকা গৃহ সমুহ অতিকৈ লেতেৰা হৈ থকাৰ পৰিপেক্ষিতত আজি এই এটিএম সমুহ আশ্ৰয়ৰ তৰফৰ চফা কৰাৰ ব্যৱস্থা কৰা হয় । বেংক কতৃপক্ষৰ অনুমতি সাপেক্ষে অনুষ্ঠিতহোৱা আজিৰ চফাই কাৰ্যসুচীৰ শুভাৰম্ভ কৰে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে । নিজৰ চমু বক্তব্যত কাশ্যপে কয় যে জনসমাগম হোৱা অন্য এটি ঠাই এই এটিএম সমুহ । এই এটিএম সমুহ একাংশ উপভোক্তাই সঠিক ভাৱে ব্যৱহাৰ নকৰাৰ ফলতেই লেতেৰা হয় । বিভিন্ন সময়ত ইয়াত তামোলৰ পিক পৰি থকা দেখা যায় । মহোদয়ে ৰাইজক এই এটিএম সমুহ চফা কৰি ৰখাত নিজকে অংশীদাৰিত্ব হবলৈ আহ্বান জনায় আশ্ৰয়ৰ এই পদক্ষেপক শলাগ লয় আৰু অনাগত দিনত এনেধৰণে সমাজৰ উন্নতিৰবাবে কাম কৰিবলৈ আহ্বান জনায় । নাজিৰা নগৰৰ প্ৰায় ১০টা এটিএম আশ্ৰয়ৰ কৰ্মকৰ্তা সকলে চাফ-চিকুন কৰি দিয়াৰ লগতে ৰাইজক এই এটিএম সমুহ নিজৰ বুলি ভাবি চফা কৰি ৰাখিবলৈ আহ্বান জনায় ।
নাজিৰাত জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন
সমগ্ৰ বিশ্বৰ লগতে নাজিৰাতো জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস সফলতাৰে উদযাপন কৰা হয় । নাজিৰাৰ বাপুজী ভৱন প্ৰেক্ষাগৃহত নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰভাত বৰঠাকুৰৰ সভাপতিত্ব এখন সাধাৰণ সভা অনুষ্ঠিত হয় । সন্মিলনৰ উপদেষ্টা ৰত্নেশ্বৰ গগৈ সুন্দৰকৈ বৰগীত পৰিবেশন কৰি সভাৰ আৰম্ভণি কৰে । সহযোগী সম্পাদক দিলীপ ফুকন সন্মিলনৰ শীৰ্ষ গীতটো পাঠ কৰে । সম্পাদক বিজয় চন্দ্ৰ বৰা দেৱে সকলো জ্যেষ্ঠ সদস্য – সদস্যাক আদৰণি আৰু চিনাকি কৰাই দিয়ে লগতে সভা উদ্দেশ্য ব্যাখ্যা কৰে । সম্বৰ্দ্ধনা অনুষ্ঠানৰ কাৰ্যসূচীত বিশিষ্ট সমাজসেৱী বিদ্যা বৰুৱা ” মা-ধৰ্ম বঁটা” সন্মান ২০২১ বৰ্ষ বটা প্ৰদান কৰা হয় ।গেলেকী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক ৰবীন বৰঠাকুৰ গেলেকী শাখা জ্যেষ্ঠ সন্মিলনৰ হৈ বিদ্যা বৰুৱা আৰু জীবেশ্বৰ কুৰ্মী প্ৰতিষ্ঠাপক সদস্যক সম্বৰ্দ্ধনা জনায় । নাজিৰা শাখাই সভাপতি প্ৰভাত বৰঠাকুৰ , উপদেষ্টা ৰত্নেশ্বৰ গগৈ ,প্ৰদেন সভাপতি জিতেন্দ্ৰ নাথ ফুকন বিশেষ ভাবে সম্বৰ্দ্ধনা জনোৱা হয় । সভাৰ কাৰ্যসূচীত কবি আয়েশা খাতুন, অজিত খাটনিয়াৰ,গেলেৰী শাখা সম্পাদক ৰবীন বৰঠাকুৰ কবিতা আবৃত্তি কৰে । সভাত বৃদ্ধ পেঞ্চনৰ মাহেকীয়া ৩০০০ টকালৈ বৃদ্ধি কৰা আদি বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰে । সভাপতি মন্তব্যৰে সভাৰ সামৰণি কৰে ।
শুভ জন্মদিন ৰাষ্ট্ৰৰ পিতা মহাত্মা গান্ধী
২০২১ চনত, স্বাভাৱিকতকৈ অধিক, অসন্তুষ্টিৰ পৰা মুক্তি লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ। এইটোৱেই মহাত্মা গান্ধীৰ অহিংসা সম্ভৱ কৰি তুলিছিল।মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে প্ৰতি বছৰে ২ অক্টোবৰত গান্ধী জয়ন্তী উদযাপন কৰা হয়। ১৮৬৯ চনৰ ২ অক্টোবৰত জন্মগ্ৰহণ কৰা মোহনদাস কৰমচান্দ গান্ধীয়ে তেওঁ ‘ৰাষ্ট্ৰৰ পিতৃ’ হ’বলৈ গৈছিল আৰু তেওঁক মৰমেৰে বাপু বুলি সম্বোধন কৰা হৈছিল। এতিয়ালৈকে মানুহে তেওঁৰ সাহসিকতাৰ কথা মনত পেলাইছে, কিয়নো তেওঁ অহিংস ভাৱে ব্ৰিটিছসকলৰ ওচৰত থিয় দিছিল। গান্ধীজীয়ে ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিছিল। তেওঁ ১৯৩০ চনত দাণ্ডি চল্ট মাৰ্চৰ সৈতে ব্ৰিটিছৰ দ্বাৰা আৰোপ কৰা নিমখ কৰক প্ৰত্যাহ্বান জনোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
১৯৪২ চনত তেওঁ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে। তেওঁ অস্পৃশ্যতাৰ বহু পুৰণি প্ৰথাটো বিলুপ্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শান্তি আৰু অহিংসাৰ ওপৰত গান্ধীৰ বিশ্বাসক সন্মান জনোৱাৰ বাবে, 2007 চনৰ 15 জুনত, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰে য’ত ঘোষণা কৰা হয় যে 2 অক্টোবৰ আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হ’ব।গান্ধীজীৰ কেইবাটাও উদ্ধৃতি আছিল যিবোৰ আজিও সমগ্ৰ বিশ্বৰ বহুতৰ বাবে অনুপ্ৰেৰণা হৈ আছে।ভাৰত ত্যাগ আন্দোলনৰ আগতে তেওঁৰ “কৰা বা মৰা” আহ্বান হওঁক বা “অহিংসা হৈছে সৰ্বোচ্চ কৰ্তব্য” – গান্ধী জয়ন্তী হৈছে তেওঁৰ দৰ্শনৰ ভিতৰলৈ চোৱাৰ আৰু আত্মস্থ কৰাৰ উপযুক্ত সুযোগ।

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ দৰ্শনৰ জৰিয়তে জীয়াই আছে। গান্ধী জয়ন্তীত, দেশখনে শান্তি আৰু সম্প্ৰীতিৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতি পুনৰ নৱীকৰণ কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰাম কেৱল এক ৰাজনৈতিক আন্দোলন নহয়, সামাজিক আৰু সাংস্কৃতিক জাগৰণৰ আহ্বানো আছিল।যিহেতু ৰাষ্ট্ৰই মহাত্মা গান্ধীক তেওঁৰ 151 তম জন্ম জয়ন্তীত স্মৰণ কৰে, ইয়াত তেওঁৰ কেইটামান বিখ্যাত অনুপ্ৰেৰণামূলক উদ্ধৃতি দিয়া হৈছে:
- আনন্দ অবিহনে প্ৰদান কৰা সেৱাই সেৱক বা সেৱা কৰাসকলক সহায় নকৰে।
- নিজকে বিচাৰি উলিওৱাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ’ল আনৰ সেৱাত নিজকে হেৰুৱাই পেলোৱা।
- যদি মোৰ বিশ্বাস থাকে যে মই এইটো কৰিব পাৰো, মই নিশ্চিতভাৱে এইটো কৰাৰ ক্ষমতা আহৰণ কৰিম যদিও আৰম্ভণিতে মোৰ ওচৰত এইটো নাথাকিব পাৰে।
- অহিংস কাৰ্যৰ প্ৰথম নীতি হৈছে অপমানজনক সকলো বস্তুৰ সৈতে অসহযোগ।
- শক্তি শাৰীৰিক ক্ষমতাৰ পৰা নাহে। এইটো এটা অদম্য ইচ্ছাৰ পৰা আহিছে।
- এজন কাপুৰুষ প্ৰেম প্ৰদৰ্শন কৰিবলৈ অক্ষম; এইটো সাহসীসকলৰ অধিকাৰ।
- এটা কাৰ্য্যৰ দ্বাৰা এটা হৃদয়ক আনন্দ দিয়াটো প্ৰাৰ্থনাত নমস্কাৰ কৰা হাজাৰ টা মূৰতকৈ ভাল।
- আপুনি পৃথিৱীত চাব বিচৰা পৰিৱৰ্তন হ’ব লাগিব।
- চকুৰ বাবে চকুৱে গোটেই পৃথিৱীখনঅন্ধ কৰি তোলে।
- এটা ৰাষ্ট্ৰৰ মাহাকাৰক ইয়াৰ জন্তুবোৰৰ সৈতে কৰা আচৰণৰ দ্বাৰা বিচাৰ কৰিব পাৰি।












