প্ৰত্যেকগৰাকী মহিলাৰ অন্যতম প্ৰিয় কাম হৈছে ঘৰখনত ফুলৰ বাগিচাখন সুন্দৰকৈ ৰখা। তেনেক্ষেত্ৰত বহু মহিলা ফুল খেতিৰে স্বাৱলম্বী হোৱাও দেখা যায়। মহিলা সকলৰ অৰ্থনৈতিক স্বাৱলম্বীতাৰ প্ৰতি লক্ষ্য ৰাখি পাঞ্জাৱ নেচনেল বেংক গ্ৰাম্য আত্ম -সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আৰু ৰাঙলী আইদেউ টাই কালচাৰেল ষ্টাডী ডেফলেপমেন্ট চেন্টাৰৰ সহযোগত গোলাঘাটত বাণিজ্যিক ফুলৰ খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। গোলাঘাট নগৰৰ এল.আই.চি . কাৰ্যালয়ৰ সমীপৰ আতইয়াতী প্ৰক্ষাগৃহত এই বাণিজ্যিক ফুলৰ খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । ১০ দিনীয়াকৈ প্ৰদান কৰা এই বাণিজ্যিক ফুলৰ খেতিৰ প্ৰশিক্ষণ শিবিৰ শুকুৰবাৰে সামৰণি পৰে । গোলাঘাটৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৩৫ গৰাকী মহিলাই প্ৰশিক্ষণ শিবিৰটোত অংশগ্ৰহণ কৰে । এই প্ৰশিক্ষণৰ অন্তিমদিনা আজি এখনি সামৰণি সভা অনুষ্ঠিত হয় । সভাতে ৩৫ গৰাকী প্ৰশিক্ষাৰ্থী মানপত্ৰ প্ৰদান কৰাৰ লগতে পঞ্জাৱ নেচনেল বেংকৰ পৰা ঋণ প্ৰদান কৰা হব বুলি কৰ্তৃপক্ষই জানিব দিয়ে । আজিৰ এই সভাত NRL ৰ BIO REFINERY CEO অনুপ কুমাৰ বৰুৱা , পাঞ্জাৱ নেচনেল বেংকৰ ছিনিয়ৰ মেনেজাৰ মুক্তি গগৈ , জিলা কৃষি বিষয়া নবীন চন্দ্ৰ বৰা উপস্থিত থাকে
ওদালগুৰি অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ উদ্বোধন মন্ত্ৰী যোগেন মহনৰ
অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন,পাৰ্বত্য অঞ্চল উন্নয়ন, খনি আৰু খনিজ সম্পদ মন্ত্ৰী যোগেন মহনে ১অক্টোবৰত ওদালগুৰিত উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টী যুৱ মৰ্চা,ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ওদালগুৰি অসামৰিক চিকিৎসালয়ত আয়োজন কৰা ৰক্তদান শিবিৰ উদ্বোধন কৰে।ৰক্তদান শিবিৰ উদ্বোধন কৰি মন্ত্ৰী মহনে কয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে জিলা যুৱ মৰ্চাই আয়োজন কৰা ৰক্তদান শিবিৰ এক মহান কাৰ্য।লগতে ৰক্তদান জীৱন দানৰ প্ৰতি সহাৰি জনাই যিসকলে ৰক্তদান কৰিবলৈ আহিছে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰে।কেক কাটি জন্মদিন পালন কৰাৰ সলনি ৰাইজৰ প্ৰতি সেৱাৰ মনোভাবেৰে কাম কৰিলেহে উপকৃত হব পাৰিব আৰু আমাৰ দলে এনেদৰেই প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন কৰিছে বুলি তেওঁ লগতে উল্লেখ কৰে।ৰক্তদান শিবিৰত ১০০ গৰাকীয়ে ৰক্তদান কৰাৰ অনুমতি প্ৰদান কৰিছে যদিও আজি ১০ গৰাকীয়ে ৰক্তদান কৰে।অনুষ্ঠানত ওদালগুৰ জিলাৰ উপায়ুক্ত পি উদয় প্ৰবীন,ওদালগুৰি জিলা বিজেপৰ সভাপতি সুনীল বসুমতাৰী,সাধাৰণ সম্পাদ বীৰদাও বসুমতাৰী,বিজেপি জিলা সমিতিৰ কাৰ্যকৰ্তা, অসামৰিক চিকিৎসালয়ৰ অধীক্ষক,যুটীয়া স্বাস্থ্য সঞ্চালককে ধৰি সিকিৎসক,নাৰ্চসকল উপস্থিত আছিল।ইয়াৰ পিছতেই মন্ত্ৰী মহনে জিলা উপায়ুক্ত পি উদয় প্ৰবীন,ডি আৰ ডি এৰ প্ৰকল্প সঞ্চালক,ওদালগুৰি খণ্ড উন্নয়ন বিষয়াৰ সহযোগত ওদালগুৰিৰ নিকটৱৰ্তী ভিচিডিৰ সাপখাইটি,ঝাৰাবাৰী আৰু খাংখালাবাৰী গাঁওলৈ গৈ চৰকাৰে দুখীয়াৰ বাবে গ্ৰহন কৰা বিভিন্ন চৰকাৰী আঁচনিৰ বুজ লয় আৰু পৰিয়ালৰ লোকক সাক্ষাৎ কৰি চৰকাৰী আঁচনি লাভ কৰিছেনে নাই মত বিনিময় কৰে।
গোৱালপাৰাৰ লক্ষীপুৰত ভুমি দালালৰ কবলত মহিলা
গোৱালপাৰাৰ লক্ষীপুৰত এগৰাকী মহিলাই ভূমি সংক্ৰান্তীয় কামৰ বাবে দালালৰ কবলত পৰি পচিশ হাজাৰ টকা দালালে সৰকাই নিয়া বুলি গুৰুতৰ অভিযোগ তুলিছে । মহিলা গৰাকীৰয়ে দালাল গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে জলেশ্বৰ আৰক্ষী চকীত এখনি এজাহাৰো দাখিল কৰিছে । লক্ষীপুৰ এই ভূক্ত ভোগী মহিলা গৰাকী লক্ষীপুৰৰ গুমাইঝাৰ গাঁৱৰ জাহিদা বিবি । অভিযোগ অনুসৰি তিনি মাহ পূৰ্বে জাহিদাই 354/355 নম্বৰ দাগৰ ভূমি সংক্ৰান্তীয় কামৰ বাবে লক্ষীপুৰ ৰাজহ চক্ৰ কাৰ্যালয়লৈ আহে । তাতেই লগ পায় খাইৰুল ইছলাম নামৰ এই লোক জনক । যিজনক ইতিমধ্যে দালাল বুলি অভিহিত কৰিছে মহিলা গৰাকীৰয়ে । তেতিয়াই ভূমি সংক্ৰান্তীয় কামৰ বাবে খাইৰুলে জাহিদাৰ পৰা ২৫ হাজাৰ টকা লোৱা বুলি অভিযোগ কৰিছে জাহিদা বিবিয়ে । অভিযোগ অনুসৰি কাম সম্পাদন সম্পর্কত ধুৰন্ধৰ খাইৰুলে দিছিল এটাৰ পাছত আন এটা নিৰ্ধাৰিত সময় । কিন্তু , সকলো নিৰ্দ্দিষ্ট সময় উকলি যোৱাৰ পাছত জাহিদাৰ সন্দেহ ওপজে । পৰৱৰ্ত্তী সময়ত খাইৰুলক দিয়া টকাখিনি জাহিদাই ওভতাই বিচাৰে । কিন্তু , ধুৰন্ধৰ খাইৰুলে সেই ধন ওভতাই দিয়াৰ পৰিৱৰ্তে নানান অজুহাত দেখুৱায় জাহিদাক । এই অভিযোগৰ ভিত্তিত অৱশেষত জাহিদাই ন্যায় বিচাৰি খাইৰুলৰ বিৰুদ্ধে জলেশ্বৰ আৰক্ষী চকীত এটি গোচৰ তৰে । জানিব পৰা মতে এই বাতৰি যুগুতোৱা পৰলৈ পলাতক অৱস্থাত আছে খাইৰুল । ভুক্তভোগী মহিলা গৰাকীৰয়ে ন্যায় পোৱাৰ বাবে দাবী জনাইছে চৰকাৰ তথা কৃতপক্ষৰ ওছৰত ।
ধুবুৰীৰ গোলকগঞ্জৰ উচিতা গাঁওৰ খিলঞ্জীয়া এটা পৰিয়ালৰ দুই ভাই ককাইৰ বৃহৎ ভূমি থকাৰ পাছতো আজি ভূমিহীন।
নাম ফাজে শেখ আৰু ফতো শেখ। তেতিয়াৰ গৌৰীপুৰৰ ৰজাই দুই ককাইক বিগত ১৯৫৮ চনত মুঠ ৮১ বিঘা মাটি দিছিল প্ৰজা হিচাপে। দুই ভাই ককাই পৃথক হোৱাৰ পিছত হল দুটা পৰিয়াল। ফাজে শেখ আৰু ফটো শেখৰ পৰিয়াল। এইসকল হৈছে প্ৰয়াত ফাজে শেখৰ পুত্ৰ প্ৰয়াত মহম্মদ শেখৰ পৰিয়াল। ৰজাদিনীয়া পৈত্রিক সম্পত্তি থকাৰ পিছতো এইসকল খিলঞ্জীয়া আজি ভূমিহীন। মাটিৰ এশ এবুৰি নথি – পত্ৰ আছে কিন্তু প্ৰকৃততে নাই মাটি। জীয়াই থাকিবলৈ নাই এডোখৰ ভূমি। আনৰ মাটিত অস্থায়ী ভাবে থাকি কোনো মতে জীয়াই থকাৰ প্ৰয়াস কৰিছে এই পৰিয়ালটো।এই সমূহ নথি – পত্ৰ লৈ ধুবুৰীৰ গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু ধুবুৰী আদালতৰ দুৱাৰত তাতবাটি ফুৰিবলগীয়া হৈছে সুদীৰ্ঘ বছৰে। অভিযোগ অনুসৰি ধুবুৰী জিলাৰ গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত একাংশ বিষয়া আৰু দালালৰ বাবেই আজি ভূমিহীন এই খিলঞ্জীয়া পৰিয়ালটো। কার্যলায়টোৰ চাইফুল আলম নামৰ এজন প্ৰতিষ্ঠিত দালাল আৰু মণ্ডলৰ চক্ৰান্তৰ বাবেই আজি ভূমিহীন হৈ পৰিছে প্ৰয়াত মহম্মদ শেখৰ সন্তান ক্ৰমে আহমেদ আলী, অহেদ আলী, কাশেম আলী, মৰজিনা বিবি, মাহমুদা বিবি, ছামিদা বিবিৰ পৰিয়াল। আটাইখিনি ভূমি আজি বেদখলৰ কৱলত। আজি এই কেইটা পৰিয়াল সম্পূৰ্ণৰূপে সৰ্বশান্ত। মূৰ গুঁজিবলৈ নাই এডোখৰ ভূমি। নিৰক্ষৰ পৰিয়াল কেইটা নিজৰ ভূমিখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। যদিওঁ মহম্মদ শেখৰ নাতিয়েক মমৰ আলীয়ে বহু কষ্ট কৰি উলিয়াই লৈছে মাটিৰ সকলো নথি পত্ৰ। আজি এই অসহায় পৰিয়ালটো কাষ চাপিছে সংবাদ মাধ্যমৰ। মুখ্যমন্ত্ৰীলৈ আহ্বান এই পৰিয়ালটোৰ। বেদখলকাৰীৰ কবলৰ পৰা মাটিখিনি উদ্ধাৰ কৰিবলৈ।
ধুবুৰী আদাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰোৱা দ্বিতীয় খণ্ড গাঁৱত জল জীৱন মিচন আচঁনি শুভ উদ্ধোধন
বিধায়ক নজৰুলৰ হ’কৰ তৎপৰতাত জল জীৱন মিচনৰ আচঁনিৰ অধীনত ৭৫ লাখ ৫০ হাজাৰ টকা ব্যয় কৰি আদাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰোৱা দ্বীতৃয় খণ্ড গাঁৱত জল জীৱন মিচন খোৱা পানীৰ যোগান আচঁনি শুভ উদ্ধোধন কৰে বিধায়কৰ সহায়ক হানিফ আলী। ভীষন প্ৰসংগত তেও কয়-এমুঠি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছিল সাধাৰণ ৰাইজৰ অৱশ্যে আজিৰে পৰা মুকলি কৰা হ’ল বিশুদ্ধ খোৱা পানীৰ যোগান আচঁনি।আজিৰ এই উদ্ধোধনি সভাত উপস্থিত থাকে এআই ইউ ডি এফ দলৰ ৰাজ্যিক সম্পাদক জাকিৰ হুচেইন খন্ডুকাৰ, আব্দুল হাই, জন স্বাস্হ্য কাৰিগৰী বিভাগৰ জুনিয়ৰ ইঞ্জিনিয়াৰ,ময় হুচইনবিভাগীয় কৰ্তৃপক্ষ, পঞ্চায়তৰ মুৰব্বী সকলৰ লগতে এ,আই,ইউ,ডি,এফ, দলৰ কৰ্মী সকল উক্ত আচনীৰ আৰম্ভ হোৱাত ৰাইজৰ মাজত আনন্দৰ সৃষ্টি হৈছে।
সমস্যাৰে ভাৰাক্ৰান্ত দেৰগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰ; চিকিৎসকৰ অভাৱে দুৰ্ভোগ ভোগাইছে ৰোগীক
দেৰগাঁও ধেমাজিস্থিত ৩০ খন বিছনাযুক্ত সামুহিক স্বাস্থ্য কেন্দ্ৰটো ১৯৮৮ চনত তদানীন্তন অসম গণ পৰিষদৰ চৰকাৰৰ দিনতে গোলাঘাট জিলাৰ উত্তৰ অংশৰ লগতে যোৰহাট জিলা আৰু দক্ষিণ মাজুলীৰ বৃহত্তৰ অঞ্চলৰ লোকসকলৰ স্বাস্থ্য সেৱাৰ সুবিধাৰ্থে স্থাপন কৰা হৈছিল। স্বাস্থ্য কেন্দ্ৰটি ৰাইজৰ সেৱাৰ বাবে মুকলি হোৱাৰ কিছুবছৰ পিছলৈকে বৃহত্তৰ এলেকাৰ ৰাইজে থিক মতেই সেৱা লাভ কৰিছিল। এটা সময়ত এই স্বাস্থ্য কেন্দ্ৰটোত থকা ৩০ বিছনাৰ প্ৰতিখনতে ৰোগী ৰখাৰ ব্যৱস্থা আছিল। কিন্তু যোৱা চাৰি বছৰ মানৰ পৰা স্বাস্থ্য কেন্দ্ৰটোত স্বাস্থ্য সেৱা লাভৰ ক্ষেত্ৰত জনসাধাৰণ ভালকৈয়ে দুৰ্ভোগ ভুগিব লগাত পৰিছে। বৰ্তমান দুই চাৰি গৰাকী প্ৰসুতিক ৰখাৰ বাদে আন ৰোগী ৰখাৰ ব্যৱস্থা প্ৰায় নথকাৰ দৰেই হৈছে। এই স্বাস্থ্য কেন্দ্ৰত এগৰাকী উপ অধীক্ষকৰ পদবীৰ লগতে চিকিৎসৰ চাৰিটা পদবী আছিল যদিও বৰ্তমান উপ-অধীক্ষক গৰাকীৰ বাদে বাকী কেইটা পদ দীৰ্ঘদিন ধৰি খালি হৈ আছে। মাজে মাজে অস্থায়ী ভাৱে কহঁৰা চিকিৎসা কেন্দ্ৰৰ বা চুঙাজান চিকিৎসা কেন্দ্ৰৰ পৰা চিকিৎসক আনি জোৰা-টাপলি মাৰি স্বাস্থ্য কেন্দ্ৰটি চলাই থকা হৈছে। যত কমেও আঠজন চিকিৎসকৰ প্ৰয়োজন তাত মাত্ৰ এগৰাকী স্থায়ী চিকিৎসক থকা কাৰ্যই কণা হাঁহক পতান ধান দিয়াৰ দৰে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণক আভূৱা ভৰা কাৰ্যত ৰাইজ হৎভম্ব হৈ পৰিছে। আনহাতে স্বাস্থ্য কেন্দ্ৰটোৰ আন্তঃগাথঁনিৰ অতিকে দুৰ্বল হৈ পৰিছে। স্বাস্থ্য কেন্দ্ৰটোত থকা এক্স-ৰে মেচিনটো কেইবা বছৰ ধৰি বিকল হৈ পৰি থকাৰ পিছতো স্বাস্থ্য বিভাগৰ তৰফৰ পৰি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বৰ্তমান এই স্বাস্থ্য কেন্দ্ৰত এক্স-ৰে মেচিনো নাই, এক্স-ৰে অপাৰেটৰো নাই। স্বাস্থ্য কেন্দ্ৰৰ উপ-অধীক্ষক গৰাকীয়ে বাৰম্বাৰ জনোৱাৰ পাছতো আজি হ’ব কালি হ’ব বুলিয়েই দিন পাৰ হৈছে। স্বাস্থ্য কেন্দ্ৰটোত থকা আৱাস সমুহৰ অৱস্থা বৰ্তমান শোচনীয় হৈ পৰিছে। এনে আৱাসতেই থাকি চিকিৎসা কৰ্মীসকলে সেৱা আগবঢ়াবলৈ বাধ্য হ’ব লগাত পৰিছে। যোৱা ২৯ ছেপ্তেম্বৰত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে দেৰগাঁৱৰ ৩০খন বিছনাযুক্ত দেৰগাঁও সামূহিক চিকিৎসালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত কভিদ প্ৰতিষেধক প্ৰদান ব্যৱস্থাপনা আৰু চিকিৎসালয় আন্ত:গাঠনি সম্পৰ্কে বুজ লয়। পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীক গোলাঘাট জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই বিতংভাৱে সমস্যা সমুহ অৱগত কৰে। পৰিদৰ্শন কালত স্বাস্থ্য কেন্দ্ৰৰ উপ অধীক্ষক ডাঃ চিৰঞ্জীৎ লোচন গগৈয়ে এক স্মাৰক পত্ৰ প্ৰদান কৰি স্বাস্থ্য কেন্দ্ৰটোৰ আন্তঃগাথঁনিৰ উন্নয়ন, চিকিৎসক, নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰী নিযুক্তি, এটা আইচলেশ্বন ৱাৰ্ড স্থাপন আদিৰ বাবে অনুৰোধ জনায়। এই ক্ষেত্ৰত জ্যেষ্ঠ স্বাস্থ্য কৰ্মী কৰুনা ৰাজবংশীয়ে সহযোগীতা আগবঢ়ায়। মন্ত্ৰী গৰাকীয়ে স্বাস্থ্য কেন্দ্ৰটোৰ সমস্যা সমুহ অতি সোনকালেই সমাধান কৰা হ’ব বুলি অৱগত কৰে। কিন্তু মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শনে কিমান ফলধৰে সেয়া সময়েহে নিৰূপণ কৰিব।মোঃ ৯৮৫৯৮২৫৩৬৬
শিমলীতোলাত বিদ্যালয়ৰ মজিয়াত পচি নষ্ট হল মধ্যাহ্ন ভোজনৰ চাউল
পূৱ গোৱালপাৰা জিলাৰ দুধনৈ শিক্ষা খণ্ডৰ শিমলীতোলা অঞ্চলৰ ১ নং কানকটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে সংঘটিত কৰিছে নজিৰবিহীন কাণ্ড। জানিব পৰা মতে চৰকাৰে ছাত্ৰ ছাত্ৰীৰ বাবে যোগান ধৰা মধ্যাহ্ন ভোজনৰ চাউল ছাত্ৰ ছাত্ৰীক বিতৰণ নকৰাত বিদ্যালয়ৰ মজিয়াতেই বুজন পৰিমাণৰ চাউল পচি নষ্ট হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক সহৰ আলী হেনো আগৰটো লকডাউনৰ পৰাই ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল বিতৰণ কৰা নাই। ফলত বুজন সংখ্যক চাউল বিদ্যালয়ৰ মজিয়াত নষ্ট হয়। বৃহস্পতিবাৰে প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ৰীতা ৰাভাই অভিযোগৰ ভিত্তিত বিদ্যালয়ত উপস্থিত হৈ বিষয়াটো চৰজমিন তদন্ত কৰে আৰু তদন্তৰ পাছতেই ওলাই পৰে জোলোঙাৰ মেকুৰী। কোনোমতেই চাউলৰ অংক মিলাব নোৱাৰে প্ৰধান শিক্ষক গৰাকীয়ে সেয়ে শিক্ষা বিষয়া গৰাকীৰ উপস্থিততেই ৰাইজৰ একাংশই জৱাবদিহিও কৰে প্ৰধান শিক্ষক গৰাকীক। একাংশই প্ৰশ্ন উত্থাপন কৰিলে কিহৰ বাবে মধ্যাহ্ন ভোজনৰ চাউল মজুত কৰি ৰাখিলে বিদ্যালয়ৰ কোঠাত। সকলোৱে মাজত কৌতুহল সৃষ্টি হয়, ইফালে চাউল বিচাৰি শিক্ষাৰ্থীয়ে ঘেৰি ধৰে শিক্ষা বিষয়া গৰাকীক। উল্লেখ্য যে তদন্তৰ যোগেদি ১ নং কানকটা প্ৰাথমিক বিদ্যালয় চাউল কেন্দ্ৰিক বিতৰ্কৰ সকলোৱে অৱসান হোৱাটো বিচাৰিছে।
গোসাইগাঁৱৰ সাপকাটাত মহিলা নিৰুদ্দেশ
গোসাইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত ১নং মাটিয়াপাৰা গাঁৱৰ এগৰাকী মহিলা যোৱা ২৮ ছেপ্তেম্বৰৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷প্ৰাপ্ত বাতৰি মতে ,যোৱা ২৮ ছেপ্তেম্বৰ তাৰিখে ১ নং মাটিয়াপাৰা গাঁৱৰ প্ৰায়ত ৰূপচাঁন আলী খানৰ বিবাহিত কন্যা ৰুকিয়া বেগম (২০) নিজৰ পিতৃ গৃহৰ পৰা ৰাতিপূৱা সাত মানবজাত ওলাই আহে ৷কিন্ত ঘৰলৈ ঘূৰি নযোৱাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে ৷ পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ঘৰৰ লগতে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও মহিলা গৰাকীৰ কোনো শুংসূত্ৰ ওলাবলৈ সক্ষম হোৱা নাই ৷নিৰুদ্দেশ সম্পৰ্কত নিৰুদ্দিষ্ট মহিলা গৰাকীৰ মাতৃ মমেলা বেওয়াই সাপকাটা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷নিৰুদ্দিষ্ট মহিলা গৰাকীৰ কোনো সদাশয় ব্যক্তিয়ে যদি সন্ধান লাভ কৰে ৷তেন্তে ৮৭৩৬০০১৪০৩ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ আদৰণি সভা
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত অলপতে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ৰাজহুৱা পেক্ষাগৃহত এখনি সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হৈ যায় ৷ অধ্যয়ন কেন্দ্ৰৰ স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ আহ্বায়ক ক্ৰমে দীপক শইকীয়া,জিতু কুমাৰ নাথ,পংকুমনি হাজৰিকা,সুদীপ্ত দেৱ,জিতু শইকীয়া,স্নিগ্ধা দেৱীৰ আহ্বান মৰ্মে অনুষ্ঠিত সভাখনি সঞ্চাঁলনা কৰে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ অৰূণ শৰ্মাই ৷ আহ্বায়ক দীপক শইকীয়া আৰু জিতু কুমাৰ নাথে আতধৰা সভাখনিত অসমীয়া বিভাগৰ বৰ্ত্তমানৰ মূৰব্বী অধ্যাপক তথা কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ অধিনৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ দীৰ্ঘদিন সমন্বয়কৰ কাৰ্য্যকাল সম্পন্ন কৰা ড°খঞ্জন কুমাৰ দাসক তেওঁৰ সফল পৰিচালনাৰ বাৱে বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয় ৷ লগতে সদ্য নিযুক্ত সমন্বয়ক ড°দিব্যজ্যোতি ভূঞাঁকো উষ্ম আদৰণি জনোৱা হয় ৷ সভাত উপস্থিত কেইবাগৰাকী শিক্ষক,ছাত্ৰ,ছাত্ৰীয়ে ড°খঞ্জন দাসৰ কাৰ্য্যকালত লাভ কৰা বিভিন্ন ধৰণৰ সহায় সহযোগীতাৰ কথা স্মৰণ কৰে ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপক ড°দিনেশ দাস,পবিত্ৰ ভূঞাঁ,ৰিংকুমনি ভূঞাঁ,যোগিন্দ্ৰ বানু,বিজুলি ডেকা,পাপৰি শইকীয়া,সঞ্জীৱ দাস আৰু নিপু নাথ।সভাৰ আৰম্ভণীতে বৰগীত পৰিবেশন কৰে ৰিংকুমনি মহন্তই।
কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ ৰাজহ সংগ্ৰহৰ অভিলেখ
অসম চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) কাৰ্যালয়ে চলিত , ২০২১ – ২২ বিত্তীয় বর্ষৰ প্ৰথম ছয়টা মাহ অৰ্থাৎ পহিলা এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ১০২,৩৫,৪৯,৬৬৪.০০ কৌটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । ক’ভিডে জুৰুলা কৰা ৰাজ্যখনৰ পৰিবহন খণ্ডটোৰ বাবে এক ইতিবাচক দিশ বুলি বিবেচিত হৈছে । কিয়নো ক’ভিডৰ বাবে ২০২০ – ২১ বর্ষৰ দৰে চলিত ২০২১ -২২ বৰ্ষটোতো পৰিবহন খণ্ডটোৰ পৰিকাঠামটো প্ৰায় ভাঙি পৰিছে । মে’ৰ পৰা আগস্টলৈকে মাহলৈ প্ৰায় চাৰি মাহ ধৰি আন্তঃ জিলা যাতায়ত বন্ধ হৈ থকাৰ পাছত পহিলা ছেপ্টেম্বৰৰ পৰাহে ৰাজ্যত আন্তঃ জিলা যাত্ৰীবাহী যানবাহনৰ চলাচল আৰম্ভ হৈছে । কামৰূপ মহানগৰ জিলাৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) জিলা পৰিবহন বিষয়া গৌতম দাসে সদৰি কৰা অনুসৰি ক’ভিডৰ ভয়াবহতা স্বত্তেও কাৰ্যালয়ৰ যান বাহন পৰিদর্শক , প্ৰৱৰ্তক পৰিদৰ্শক আৰু সমূহ কৰ্মচাৰীৰ সমূহীয়া প্ৰষ্টেটাত কভিডৰ প্ৰত্যাহ্বান নেওচিও কাম কৰা বাবে বিগত ছয়টা মাহত ১০২ কৌটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পৰা গৈছে । বিগত বৰ্ষত একে সময়ছোৱাত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৫৯,৪০,৩৪,২২৫.০০ টকা । তেনেদৰে বিগত ২০২০ -২১ বৰ্ষত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ২০৫,১৪,৯৯,৬৭৮.০০ টকা । ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিবহণকে ধৰি ৰাজহ সংগ্ৰহকাৰী বিভাগ সমূহক সুৰুঙা নৰখাকৈ ৰাজহ সংগ্ৰহ কৰা কামত আত্মনিয়োগ কৰিবলৈ জনোৱা আহ্বানৰ আঁত ধৰি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰিবহণ বিষয়াক ভি ডি অ কনফাৰেনসিং যোগে ৰাজহ সংগ্ৰহ ব্যৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিছিল । পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই যোৱা জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা মহানগৰ জিলাৰ যান বাহন পৰিদৰ্শক , প্ৰৱৰ্তক সকলে জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত আৰু কেবাটাও গোটত ভাগ ভাগকৈ বছৰ বছৰ ধৰি বিভাগক ৰাজহ আদায় নিদিয়াকৈ থকা বিভিন্ন বহুজাতিক কোম্পানী , ট্ৰেন্সপোৰ্ট এ। জেন্সি , স্পেনিছ গাৰ্ডেন , গেমছ ভিলেজকে ধৰি বহু বিলাসী এপাৰ্টমেণ্ট আদিত গৈ বছৰ বছৰ যাবতীয় বা বকেয়া কৰ আদায় নিদিয়াকৈ থকা বাহন সমূহক ৩০ ছেপ্টেম্বৰৰ ভিতৰত কৰ আদায় দিয়াৰ বাবে আহ্বান জনায় সজাগতা অভিযান চলোৱা হৈছিল । কৰ আদায় নিদিয়া বাহনৰ পৰা পহিলা অক্টোবৰৰ পাছত জৰিমনা বিহা হব বুলিও অভিযানকাৰী দলে সতৰ্ক কৰি দিছিল । আনকি বছৰ বছৰ ধৰি কৰ আদায় নিদিয়াকৈ থকা বহু বাহনৰ গৰাকীক হাতে হাতে আৰু আন বহুতকৈ ডাকযোগে কৰ আদায় দিয়াৰ বাবে ডিমাণ্ড নটিছ প্ৰেৰণ কৰা হৈছিল । অভিযানত কামৰূপ মহানগৰ জিলাৰ আন দুজন জিলা পৰিবহন বিষয়া ৰফিকুল ইছলাম আৰু হিমাংশু কুমাৰ দাসৰ লগতে যান বাহন পৰিদর্শক , প্ৰৱৰ্তক পৰিদর্শক , সহ পৰিদর্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলেও ভাগ লৈছিল । ফলত তেনে বহুজাতিক কোম্পানী বা ট্ৰেন্সপোৰ্ট এজেন্সিয়ে ৰাজহ আদায় দিবলৈ আগবাঢ়ি অহাত কেৱল ছেপ্টেম্বৰ মাহতে অভিলেখ পৰিমাণৰ ২৪,৬২,৯৪,০০২.০০ কৌটি টকাৰ ৰাজহ সংগ্ৰহ হয় । আনকি কেৱল ৩০ ছেপ্টেম্বৰৰ দিনটোতে সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ২,৬৩,০৫,৩৮০.০০ টকা । বিগত ২০২০ -২১ বৰ্ষৰ প্ৰথম ছয়টা মাহত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৫৯,৪০,৩৪,২২৫.০০ কৌটি টকা । উল্লেখযোগ্য যে ৰাজহ সংগ্ৰহ অভিযানৰ সমান্তৰালভাৱে কাৰ্যালয়ৰ ফালৰ পৰা বিভিন্ন এন জি অৰ সহযোগত গুৱাহাটীৰ কেবাটাও ৰাজপথত চলাচল কৰা চিটিবাছ আদিৰ চালক , পৰিচালক , হেণ্ডিমেন আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ বাবে ক’ভিড প্ৰতিৰোধী ভেকচিন প্ৰদান শিবিৰ অনুষ্ঠিত কৰা হৈছে বুলি জিলা পৰিবহণ বিষয়া গৌতম দাসে সদৰি কৰিছে । একেদৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশনা অনুসৰি এইবেলি উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী , চিকিৎসক , স্বাস্থ্যকর্মী , সেনা বাহিনীৰ লোক , সংবাদ মাধ্যমৰ লগত জড়িত , সাংবাদিক , সংবাদকর্মী সকলক থিতাতে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি থকা হৈছে । একেদৰে ৰাজহ আদায় দিয়াৰ আহ্বানৰ সমান্তৰালভাৱে পথ সুৰক্ষা সজাগতাৰ বাবে এফ এম ৰেডিও আৰু মাইক যোগে বিশেষ অভিযানো আৰম্ভ কৰা হৈছে । সম্প্ৰতি মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনামুক্ত অসম গঢ়াৰ বাবে যি আহ্বান জনাইছে সেই আহ্বান অনুসৰি দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰে জিলা পথ সুৰক্ষা সমিতিয়ে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি সমিতিৰ সদস্য সচিবৰ দায়িত্বত থকা গৌতম দাসে জানিবলৈ দিছে । শেহতীয়াকৈ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রণালয়ৰ নিৰ্দেশনা অনুসৰি যিসকল বাহনৰ গৰাকীয়ে ৩০ ছেপ্টেম্বৰৰ ভিতৰত নিজৰ বাহন নবিকৰণ কৰিব নোৱাৰিলে বা যাবতীয় কৰ আদায় দিব নোৱাৰিলে তেওঁলোকৰ সুবিধাৰ বাবে পুনৰ ৩০ অক্টোবৰলৈকে বকেয়া কৰ আদাই দিয়াৰ সময় সীমা বৃদ্ধি কৰা হৈছে ।











