জম্মু-কাশ্মীৰ আৰু লাডাখৰ মাজত জোজিলা সুৰংগ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ (লোকসভা নিৰ্বাচনৰ পূৰ্বে সম্পূৰ্ণ হ’ব আৰু ইমান উচ্চতাত নিৰ্মাণ হ’বলগীয়া এছিয়াৰ আটাইতকৈ দীঘল সুৰংগ হ’ব। সুৰংগটো নিৰ্মাণ কৰাৰ পিছত, শ্ৰীনগৰ আৰু লাডাখৰ মাজত সংযোগ 12 মাহৰ বাবে থাকিব, যি প্ৰচণ্ড তুষাৰপাতৰ বাবে 6 মাহৰ বাবে বন্ধ থাকে। ইয়াৰ সৈতে, জোজিলা পাছ পাৰ হ’বলৈ চাৰে 3 ঘণ্টাৰ যাত্ৰা মাত্ৰ 15 মিনিটত সম্পূৰ্ণ হ’ব।এই মুহূৰ্তত শ্ৰীনগৰ আৰু লেহ লাডাখৰ মাজত সংযোগৰ বাবে জোজিলা পাছৰ ওচৰত মাত্ৰ এটা পথ আছে, কিন্তু এই পথটো গোটেই বছৰটো খোলা নাই। শীতকালত তুষাৰপাতৰ ফলত শ্ৰীনগৰ আৰু লেহ লাডাখৰ মাজত সংযোগ ৫ৰ পৰা ৬ মাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ যায়। সেয়েহে জোজিলা সুৰংগ (জোজিলা টানেল) শীতকালতো শ্ৰীনগৰ আৰু লেহ লাডাখৰ মাজত সংযোগ বজাই ৰাখিব। একে সময়তে, দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ’ল শ্ৰীনগৰ আৰু লেহৰ মাজৰ দূৰত্ব কেৱল হ্ৰাস কৰাই নহয়, লগতে 3 ঘণ্টা কম সময় লাগিব। শ্ৰীনগৰ আৰু লেহৰ মাজত ১ নং ৰাষ্ট্ৰীয় ঘাইপথত জোজিলা সুৰংগ নিৰ্মাণ কাৰ্য চলি আছে। ই পাকিস্তান আৰু চীন সীমান্তলৈ সেনা আৰু প্ৰতিৰক্ষা সামগ্ৰীৰ চলাচলসহজ কৰিব। এইকাৰণেই কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে এই সুৰংগনিৰ্মাণ সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।জোজিলা সুৰংগ (জোজিলা সুৰংগ) নিৰ্মাণৰ বাবে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। সুৰংগটোত তাপ চিনাক্তকৰণ প্ৰণালী, চিচিটিভি, এলইডি স্ক্ৰীণ আৰু পোহৰ থাকিব। যদি সুৰংগটোৰ মাজত এখন গাড়ীত জুই লাগে, আধুনিক তাপ চিনাক্তকৰণ প্ৰণালীয়ে নিজকে চিনাক্ত কৰিব আৰু তাৰ পিছত জৰুৰীকালীন সঁহাৰি দলে বাহনখন উদ্ধাৰ কৰিব। হিমালয় পৰ্বতমালাত ইমান উচ্চতাত এনে সুৰংগ নিৰ্মাণ কৰাটো এটা অতি প্ৰত্যাহ্বানমূলক কাম আছিল। কেইবাখনো দেশ অধ্যয়ন কৰাৰ পিছত এই কৌশলটো বাছনি কৰা হৈছিল। এইটো চুইডেন, চুইজাৰলেণ্ড, নৰৱে আৰু বহুতো দেশৰ প্ৰযুক্তি অধ্যয়ন কৰি কৰা হৈছে ।
নাজিৰাত “প্ৰতিখন ঘৰ পুষ্টিৰ প্ৰয়োভৰ” শীৰ্ষক পোষণ সজাগতা সভা
নাজিৰা মহকুমা অন্তৰ্গত ৰজাপুল ৰঙ্গমঞ্চত নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত ২৮ ছেপ্টেম্বৰত “প্ৰতিখন ঘৰ পুষ্টিৰ প্ৰয়োভৰ” শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। পোষণ অভিযানৰ এই সজাগতা সভাৰ লগত সংগতি ৰাখি “আমাৰ খাদ্য আমাৰ স্বাস্থ্য” শীৰ্ষক এখনি খাদ্য মেলাৰো আয়োজন কৰা হয়। পোষণ অভিযানৰ সজাগতা সভাৰ আৰম্ভণিতে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে বন্তি প্ৰজ্বলন কৰে আৰু তাৰ পিছতে গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃ সকলক উদ্দেশ্যি অঙ্গনবাদী কৰ্মী সকলে বিয়ানাম পৰিবেশন কৰে।শিশু উন্নয়ন প্ৰকল্প বিষয়া ৰিনু বড়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি শিশুৰ লগতে মাতৃ সকলে কেনে ধৰণৰ পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা উচিত সেই বিষয়ে সকলোকে অৱগত কৰায়। নিজৰ ভাষণত মহকুমাধিপতি সব্যসাচী কাশ্যপে সমাজ কল্যাণ বিভাগৰ পোষণ অভিযানৰ এই প্ৰচেষ্টাক শলাগ যাচে। তেখেতে কয় যে, “পোষণ অবিৰত ভাৱে চলি থকা এক যাত্ৰা । পুষ্টিকৰ খাদ্যৰ বিষয়ে জ্ঞান কেৱল মাতৃ সকলৰ থাকিলেই নহব, ঘৰৰ মূৰব্বী জনেও এই বিষয়ে জনাটো অত্যন্ত প্ৰয়োজনীয় ।” পোষণ অভিযানক এক গণ-আন্দোলন ৰূপে দাঙি ধৰিবলৈ তেখেতে সংশ্লিষ্ট সকলো ব্যক্তিকে আহ্বান জনায় । নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে মুখ্য অতিথি ৰূপে আসন গ্ৰহণ কৰা এই সজাগতা সভাৰ নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে তথ্য ও জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত, চিনি স্বেচ্ছাসেৱী জিলা সমন্বয়ক আমান উল্লাহ আহমেদ, ফুলনীবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হেমপ্ৰভা সন্দিকৈ। লগতে সমল ব্যক্তি ৰূপে উপস্থিত থাকে জিলা শিশু কল্যাণ সমিতিৰ অধ্যক্ষা তথা পুষ্টি বিশেষজ্ঞা দীপালী স্বৰ্গীয়াৰী আৰু স্বাস্থ্য বিভাগৰ খণ্ড সামূহিক আহ্বায়ক মৃদুপৱন পাত্ৰ। এই সজাগতা সভাখনৰ সাংস্কৃতিক কাৰ্যসূচী স্বৰূপে বিহু নৃত্য প্ৰদৰ্শন কৰে তৃষ্ণা শইকীয়া আৰু সংগী বৃন্দই, বিয়া নাম সুৰমাই হাতীমূৰিয়া আৰু সংগী বৃন্দই আৰু ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে লক্ষ্মী চাওৰা আৰু সংগী বৃন্দই। শিশু উন্নয়ন প্ৰকল্পৰ পৰ্যৱেক্ষিকা নীলাক্ষী বৰুৱাই আঁত ধৰা এই সজাগতা সভাত পোষণ সমন্বয়ক অভিনৱ গগৈও উপস্থিত থাকে ।
জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাৰ স্থান ল’ব ফুমিও কিছিদাই
জাপানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী ফুমিও কিছিদাই বুধবাৰে জাপানত ক্ষমতাসীন লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ (এডিপি) নেতৃত্বৰ নিৰ্বাচনত জয়ী হৈছে। ইয়াৰ সৈতে, ফুমিও কিছিদা জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’বলৈ সাজু হৈছে। তেওঁ বৰ্তমানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাৰ স্থান ল’ব।জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগা, সাধাৰণ নিৰ্বাচনৰ পূৰ্বে তেওঁৰ সমৰ্থন ৰেটিং বোৰৰপৰা আঁতৰি যাব, তেওঁ এই মাহত পদত্যাগ কৰিব বুলি কৈছিল, অৰ্থাৎ ক্ষমতাসীন লিবাৰেল ডেমক্ৰেটিক পাৰ্টিয়ে (এলডিপি) বুধবাৰে এজন নতুন নেতা বাছনি কৰিব, যি প্ৰিমিয়াৰ হ’ব।।
ডিজিচিএয়ে আন্তৰ্জাতিক যাত্ৰীবাহী বিমানৰ ওপৰত নিষেধাজ্ঞা ৩১ অক্টোবৰলৈ বৃদ্ধি কৰিছে
অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰীবাহী বিমানৰ ওপৰত নিষেধাজ্ঞা এমাহ অৰ্থাৎ বৃদ্ধি কৰে। ২০২০ চনৰ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমানৰ ওপৰত নিষেধাজ্ঞা বলবৎ হৈ আছে। অৱশ্যে, এই নিষেধাজ্ঞা আন্তৰ্জাতিক কাৰ্গো বিমান আৰু বিশেষকৈ বিমান নিয়ন্ত্ৰকৰ দ্বাৰা অনুমোদিত বিমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।বিজ্ঞপ্তিখনত কোৱা হৈছে, “এই নিষেধাজ্ঞা আন্তৰ্জাতিক সৰ্ব-কাৰ্গো কাৰ্যকলাপ আৰু ডিজিচিএ-ৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। অৱশ্যে, সক্ষম কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্বাচিত পথত আন্তৰ্জাতিক অনুসূচীত বিমানৰ অনুমতি দিব পাৰি। ‘যোৱা মাহত, ডিজিচিএ-য়ে অনুসূচীত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰীবাহী বিমানৰ নিলম্বন 30 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছিল। ভাৰতে আমেৰিকা যুক্তৰাজ্য, ইউকে, ইউ.এ.ই., কেনিয়া, ভূটান আৰু ফ্ৰান্সকে ধৰি 27 খন দেশৰ সৈতে বায়ু বুদবুদ চুক্তি স্বাক্ষৰ কৰিছে। দুয়োখন দেশৰ মাজত হোৱা এয়াৰ বাবল চুক্তিৰ অধীনত, তেওঁলোকৰ বিমান সেৱাৰ দ্বাৰা তেওঁলোকৰ অঞ্চলবোৰৰ মাজত বিশেষ আন্তঃৰাষ্ট্ৰীয় বিমান পৰিচালনা কৰিব পাৰি ইয়াৰ অধীনত বিমান ভ্ৰমণৰ বাবে দুখন দেশৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছে। যেতিয়া দ্বিপাক্ষিক চুক্তি তৈয়াৰ কৰি দুখন দেশৰ দ্বাৰা এক বিশেষ বিমান কৰিডৰ নিৰ্মাণ কৰা হয়, ইয়াক বায়ুবুদ বুলি কোৱা হয় যাতে বিমান ভ্ৰমণত কোনো অসুবিধা নহয়।
নগৰবেৰাৰ বদলা বজাৰত পৰ্যাপ্ত সাৰ যোগানৰ দাবীত কৃষকৰ প্ৰতিবাদ
নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বদলা-ৰাঙাপানী অঞ্চলত পথাৰত প্ৰয়োজনীয় সাৰ ছটিয়াব নোৱাৰি বিমোৰত পৰিছে শ-শ দুখীয়া জলকীয়া খেতিয়ক |খেতি কৰিব গৈ সাৰৰ অভাৱত শ’লঠেকত পৰিছে অঞ্চলটোৰ দুখীয়া কৃষক সকল ,কৃষি বিভাগে যোগান ধৰা সাৰ পৰ্যাপ্ত নোহোৱাত চিন্তিত হৈ পৰিছে প্ৰতিজন কৃষক |আনহাতে একাংশ ক’লা ব্যৱসায়ীয়ে সুবিধা বুজি নিৰ্ধাৰিত দামতকৈ প্ৰতি বস্তা সাৰত দ্বিগুণ বা তাতোধিক দাম আদায় লোৱাত অন্য এক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে কৃষক সকল। স্মৰ্তৱ্য যে প্ৰতি বছৰে টুপামাৰী ,ৰংগেশ্বৰী, ভখুৰাদিয়া, বদলা-ৰাঙাপানী আদি অঞ্চলৰ কৃষকে শ-শ বিঘা মাটিত জলকীয়াকে আদি কৰি বাৰ মাহত তেৰটা খেতি কৰি ৰাজ্যৰ কৃষি অৰ্থনীতি টনকিয়াল কৰাত যঠেষ্ট অৰিহণা যোগাই আহিছে যদিও শেহতীয়াকৈ পৰ্যাপ্ত সাৰৰ অভাৱত বিমোৰত পৰিছে সংশ্লিষ্ট জলকীয়া খেতিয়ক সকল। উপায়বিহীন হৈ কৃষক সকল ৰাজপথলৈ ওলাই সাৰৰ মূল্য ৰাজহুৱা কৰা ,পৰ্যাপ্ত পৰিমানৰ সাৰ যোগান ধৰা আদি বিভিন্ন শ্ল’গান দি আজি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰতিবাদৰ যোগেদি বদলা-ৰাঙাপানী অঞ্চলৰ কৃষক সকলে শীঘ্ৰে চৰকাৰৰ কৃষি বিভাগক সুলভ মূল্যৰ জৰিয়তে পৰ্যাপ্ত পৰিমানৰ সাৰৰ দিহা কৰিবলৈ দাবী জনাইছে।
’ আজাদী কা অমৃত মহোৎসৱ ‘ উপলক্ষে Export Enclaveৰ আয়োজন
আজাদী ক্যা অমৃত মহোৎসৱ উপলক্ষে ওদালগুৰি জিলা বানিজ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা এক্সপোৰ্ট কনক্লেভ ২৪ ছেপ্তেম্বৰত জিলা খনৰ ডিআৰডিএৰ সভা গৃহত অনুস্থিত হৈ যায় ৷উক্ত সভাত জিলা উপাযুক্ত ডা: পি উদয় প্ৰবীন, জিলা উদ্যোগ বানিজ্য কেন্দ্ৰৰ জেনেৰেল মেনেজাৰ তথা জি এম ধীৰেশ্বৰ কছাৰী, জিলা ৰেচম বিভাগৰ উপ সঞ্চালক নৰেন মালাকাৰ, ভাৰত চাহ বৰ্ডৰ জিলা বিষয়া অনুপম বেজবৰুবা, টেনজিন বডোছা, জিলা এস্কটেন বিষয়া, ডিআই আৰু চিচি বিষয়া নেপলিয়ন নাৰ্জাৰী লগতে জিলা খনৰ বিভিন্ন অঞ্চলৰ বহু উদ্যোগী উপস্থিত আছিল। জিলা উদ্যোগ বানিজ্য কেন্দ্ৰ পৰিচালক গৰাকীয়ে জানিব দিয়া মতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতে সমগ্ৰ দেশৰ ৭৫ তম স্বাধীনতা দিবস উপলক্ষে আজাদী কা মহোৎসব প্ৰতিখন জিলাত জিলাৰ মুখ্য স্থানত ২০ ছেপ্টেম্বৰ পৰা ২৬ ছেপ্টেম্বৰলৈ ব্যানিজ্য সপ্তাহ, ২১ ছেপ্টেম্বৰ পৰা ২২ ছেপ্টেম্বৰলৈ ব্যানিজ্য উৎসব, ২৪ ছেপ্টেম্বৰ পৰা ২৬ ছেপ্টেম্বৰলৈ এস্কপ্ৰট কনক্লেভ আৰু দেশ খনৰ ১০০ খন মেগা ইভেন নিৰ্বাচিত জিলাত এদিনীয়া বিভিন্ন কায্যসুচীৰে অযোজন কৰা হৈছে। সেয়ে ২৪ছেপ্তেম্বৰত অসমৰ নিৰ্বাচিত জিলা হিচাপে কামৰূপ মেট্ৰ জিলাত আৰু ওদালগুৰিত এক্সপোৰ্ট কনক্লেভ আযোজন অনুস্থিত হয়।লগতে তেওঁ ওদালগুৰি জিলা খনত অৰ্থদছ চাহ ব্লেক আৰু গ্ৰীন চাহ আৰু এৰি ইৰ্যা ফেব্ৰিক উৎপাদিত দু-বিধক ৰপ্তানি জাত সামগ্ৰী হিচাপে চিহ্নিত কৰা বুলি উল্লেখ কৰে।

উক্ত অনুস্থানৰ লগত সংগতি ৰাখি জিলা খনত অৰ্থদছ চাহ আৰু ৰেচম শিল্পৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ এখন প্ৰদৰ্শনী আয়োজন কৰে।প্ৰদৰ্শখনিত অৰ্থদছ চাহ পেকেজিং(বৰঙ্গাবাৰী), মুগাশ্ৰী হাইনাই(শিমলুগুৰি বৰিগাঁও), মঙ্গলশ্রী গয়াৰী, অনছুমাই বসুমতাৰী( পুৰণি গৰৈমাৰী), মাইথালি বড়ো, জুলিকা বাগলাৰী, দীপ্তি দৈমাৰী(নলবাৰী) বহু গৰাকী লোকে উৎপাদিত সামগ্ৰীৰে অংশ গ্ৰহণ কৰে। প্ৰদৰ্শনীত বিটিআৰ কাৰ্য্যবাহী সদস্য ডঃ নিলোৎপল স্বৰ্গীয়াৰী উপস্থিত হৈ অনুপ্ৰেৰণা যোগোবাৰ লগতে বহু কেইবিধ সামগ্ৰী ক্ৰয় কৰে। প্ৰদৰ্শনীত জিলা খনৰ বিভিন্ন অঞ্চলৰ শ শ লোকে ভিৰ কৰাদেখিবলৈ পোৱা গৈছে

লাহৰীঘাটৰ ভূৰাগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ
২৮ ছেপ্টেম্বৰত মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি বটালিমাৰী গাঁৱৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ভূৰাগাঁও অঞ্চলত চলি আছে গাঞ্জা, ড্ৰাগছৰ ৰমৰমীয়া বেহা। একাংশ অসাধু ব্যৱসায়ীয়ে ড্ৰাগছ, গাঞ্জাৰ বেহাৰ যোগেদি ভূৰাগাঁও অঞ্চলৰ যুৱ প্ৰজন্মক ঠেলি দিছে ধ্বংসৰ গৰাহত। দৰং জিলাৰ পৰা ভূৰাগাঁও অঞ্চললৈ সৰবৰাহ হয় ড্ৰাগছ,গাঞ্জা।
ফাইলেৰিয়াত আক্ৰান্ত ওদালগুৰিৰ ১নং আমজুলীৰ লাল বাহাদুৰ বস্নেত
ওদালগুৰি জিলাৰ হৰিশিঙা থানা অন্তৰ্গত ১ নং আমজুলিৰ শিঙৰী বস্তি নিবাসী পিতা মদন বস্নেত আৰু মা জানুকী বস্নেতৰ পুত্ৰ লাল বাহাদুৰ বস্নেত (২২) যোৱা তিনি-চাৰি বছৰৰ পৰা ফাইলেৰিয়া ৰোগত আক্ৰান্ত হৈ চলা ফুৰা কৰিব নোৱাৰা অৱস্থাত বৰ্তমান ঘৰতে বহিব লগীয়া হৈছে। এজন পুত্ৰ আৰু দুজনী ছোৱালীৰ পিতৃ মদন বস্নেত দিন হাজিৰা কৰি যেনেতেনে পৰিয়াল চলাই আছে যদিও পুত্ৰৰ চিকিৎসাৰ বাবে ঘৰত থকা সকলো স্থাবৰ অস্থাবৰ সম্পত্তি বিক্ৰী কৰিও কোনো উপকাৰ নোহোৱাত বৰ্তমান মদন বস্নেতৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে। পুত্ৰ লাল বাহাদুৰৰ চিকিৎসাৰ বাবে তেজপুৰ আৰু গুৱাহাটী মেডিকেল হস্পিটালত গৈও কোনো সুফল নোপোৱাত বৰ্তমান ভীষণ আৰ্থিক সংকটত ভুগিব লগীয়া হৈছে। লাল বাহাদুৰৰ সো ভৰিখন ফুলি ডাঙিব নোৱাৰা অৱস্থাত ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া হোৱাত ঘৰৰ উপাৰ্জন কৰিব নোৱাৰি বৃদ্ধ পিতৃয়ে যেনেতেনে ইফাল সিফাল দিন হাজিৰা কৰি পৰিয়াল চলাব লগীয়া হোৱাত স্থানীয় জনপ্ৰতিনিধিকে ধৰি সদাসয় ৰাইজৰ পৰা সহায়ৰ হাত বিছাৰিছে। অতিকৈ দুৰ্গম ক্ষেত্ৰৰ বাসিন্দা লাল বাহাদুৰ বস্নেতে দশমশ্ৰেণী পঢ়ি থকা অৱস্থাতে স্কুলৰ পদুলী এৰি চিকিৎসালয়ৰ পদুলী পদুলী যাব লগা হোৱাত সিমানতে লিখামেলা সামৰিব লগা হৈছে। দুখীয়াৰ বাবে সহায় সহযোগ কৰা বিভিন্ন আচনী চৰকাৰৰ ভৰালত থাকিলেও আজিলৈকে কোনো চৰকাৰে লাল বাহাদুৰক সহায়ৰ হাত আগ বড়োৱা নাই।।স্থানীয় বিধায়ক তথা বি টি চিৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়েও আজিলৈ কোনোৱেও সহায় কৰা নাই যদিও লাল বাহাদুৰে বিধায়ক তথা উপ মুখ্য কাৰ্য্যবাহীৰ পৰা নিশ্চয় সহায় সহযোগ পাম বুলি আশা পুহি ৰাখিছে। লাল বাহাদুৰৰ ফাইলেৰিয়া ৰোগৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ উপ সভানেত্ৰী কল্পনা শৰ্মা, ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল, উপ সভাপতি দেৱৰাজ নেউপানে, অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ সভানেত্ৰী হিৰা মিশ্ৰ, সাধাৰণ সম্পাদিকা তমন্না শৰ্মা, ভাৰপ্ৰাপ্ত সম্পাদিকা হিৰা ছেত্ৰী, কুন্দৰবিল শাখা সমিতিৰ সভাপতি টংক সোনাৰী আদি লাল বাহাদুৰ বস্নেতৰ ঘৰলৈ গৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে। উক্ত ফাইলেৰিয়া বেমাৰৰ খবৰ বিয়পোৱাৰ লগে লগে ওদালগুৰি স্বাস্হ্য বিভাগৰ দল এটি ১নং আমজুলীৰ শিঙৰী বস্তিত উপস্থিত হৈ বেমাৰৰ নমুনা সংগ্ৰহ কৰি লেব্ৰেটৰীলৈ প্ৰেৰণ কৰিছে। ঘৰৰ উপাৰ্জন কৰা একমাত্ৰ পিতৃও বৰ্তমান বয়স হোৱাত লাল বাহাদুৰৰ অৱস্থা অতিকৈ শোচনীয় হোৱাত শিঙৰী বস্তিৰ ৰাইজে কিছু সহায় সহযোগ কৰিছে যদিও উক্ত সহযোগে কোনো সমাধান নোহোৱাত পৰিয়াল বৰ্গই অসমৰ স্বাস্থ্য মন্ত্ৰীৰো সহায় বিছাৰিছে মদন বস্নেতৰ পুত্ৰ লাল বাহাদুৰ বস্নেতে। তাৰোপৰি যদি কোনোবা সদাসয় ব্যক্তিয়ে সহায় সহযোগ কৰিব বিছাৰিলে একাউন্ট নম্বৰ-34842637700 SBIN0007947 Udalguri Branchত কিছু সহায় বড়োৱাৰ লগতে তেওঁৰ ফোন পে নম্বৰ 8753940531ত সহযোগ কৰিবলৈ সদাসয় ৰাইজৰ পৰা সহযোগৰ আশা ৰাখিছে।
আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিলে ডিব্ৰুগড়ৰ পাহাৰী বৰিয়ে
আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিলে ডিব্ৰুগড়ৰ পাহাৰী বৰিয়ে। লকডাউনৰ সময়ত ক’ভিড পৰিস্থিতিক লৈ নিৰ্মাণ কৰা ‘নিয়তি’ শীৰ্ষক ছুটি ছৱিখনৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। ‘ইণ্ডো ফ্ৰেঞ্চ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত অনলাইনযোগে অংশ লৈছিল পাহাৰীয়ে অভিনয় কৰা ‘নিয়তি’ ছুটি ছৱিখনে। বিশ্বৰ কেইবাখনো দেশে অংশ লৈছিল এই চলচ্চিত্ৰ মহোৎসৱত। ডিব্ৰুগড়ৰ লক্ষীনগৰৰ হৰেশ্বৰ বৰি আৰু দীপামনি বৰিৰ কন্যা পাহাৰী ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী। এক সংস্কৃতিৱান পৰিয়ালত ডাঙৰ-দীঘল হোৱা পাহাৰীয়ে ইতিমধ্যে কেইবাটাও ক’ভাৰ ভিডিঅ’ আৰু গীতত কন্ঠদান কৰিছে। কোনোধৰণৰ সংগীতৰ আনুষ্ঠানিক শিক্ষা নথকা পাহাৰীয়ে জ্যেষ্ঠ ভাতৃ মিগম বৰিয়ে ঘৰতে স্থাপন কৰা ষ্টুডিঅ’ত সংগীতৰ অনুশীলন কৰি আহিছে। ডিব্ৰুগড়ৰ গজেন পাংগিঙৰ প্ৰযোজনাত নিৰ্মিত ছুটি ছৱিখনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সন্মান লাভ কৰাৰ খবৰে স্বাভাৱিকতে সাংস্কৃতিক মহলক উৎফুল্লিত কৰিছে।
হাউলীস্থিত বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰত ১৫ দিনীয়া প্ৰশিক্ষণ আৰম্ভ
অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হাউলীস্থ বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জিলা কৃষি বিভাগৰ যৌথ উদ্যোগত হাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰতকালিৰে পৰা জিলাখনৰ নিৰ্বাচিত পচিশ জনকৃষি সামগ্ৰী ব্যৱসায়ীসকলৰ বাবে এটি পোন্ধৰ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰে। শস্য বিজ্ঞান বিশেষজ্ঞ পিংকুধৰ বৰ্মনৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে জিলা কৃষি সঞ্চালক অৰুণ হাজৰিকা আৰু মহকুমা কৃষি বিষয়া পৰিক্ষীৎ বায়নে। উদ্বোধনী ভাষণত জিলা কৃষি সঞ্চালক অৰুণ হাজৰিকাই কৃষি সামগ্ৰী ব্যৱষায়ীসকলক নিজৰ ব্যৱসায় সততাৰে আৰু নিষ্ঠাৰে আগবঢ়াই নিবলৈ আহ্বান জনায়।বৰপেটা জিলাত কৃষি সামগ্ৰী বিশেষকৈ সাৰৰ অনিয়ম আৰু বেমেজালি থকাৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে।আনহাতে কৃষি বিষয়া পৰিক্ষীৎ বায়নে চৰকাৰৰ দ্বাৰা পৰিকল্পিত এই প্ৰশিক্ষণে কৃষি সামগ্ৰী ব্যৱষায়ীসকলক যথেষ্ট উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে। লগতে কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ অভিজ্ঞ পাৰদৰ্শী ব্যক্তি সকলে বিভিন্ন বিষয়ত প্ৰদান কৰিবলগীয়া প্ৰশিক্ষণত মনোযোগ দিবলৈ আহ্বান জনায়।উল্লেখ্য যে উক্ত প্ৰশিক্ষণত জিলাখনৰ নিৰ্বাচিত ২৫ জন কৃষি সামগ্ৰী ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত এনেকুৱা আৰু প্ৰশিক্ষণ অনুষ্ঠিত হব বুলি শস্য বিজ্ঞান বিশেষজ্ঞ পিংকুধৰ বৰ্মনে জানিবলৈ দিয়ে। উদ্বোধনী অনুষ্ঠান টো আঁত ধৰে ভূমি বিজ্ঞান বিশেষজ্ঞা চাবিনা আহমেদে।












