Home Blog Page 283

Silapather News: চিলাপথাৰৰ অকাজানত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা

Silapather News: চিলাপথাৰৰ অকাজানত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা
Silapather News: চিলাপথাৰৰ অকাজানত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা

‘কংগ্ৰেছ দলে এতিয়াৰ পৰা হাতৰ সলনি লুঙী আৰু টুপীৰ চিনত নিৰ্বাচন খেলক৷ কাৰণ কংগ্ৰেছ দলে কেৱল লুঙি, টুপী আৰু সূতা চিনি পায়’৷ (Silapather News) এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে জোনাই বিধানসভা সমষ্টি অকাজানত অনুষ্ঠিত এক বিশাল জনসভাত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে৷ উল্লেখ্য যে চিলাপথাৰৰ অকাজন হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ’ল পঞ্চায়ত নিৰ্বাচনৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা৷ ছল্লিশ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত বিশাল সভাখনত ভাষণ প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক পেন্সন, ১০ হাজাৰ টকাৰ এককালীন সাহায্য, ছাত্ৰীসকলক নিযুত মাইনা, স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলক নগদ ধন, বয়স্কসকলক পেন্সন আদি বহু জনহিতকৰ আঁচনিৰ কথা ব্যক্ত কৰে৷

একেদৰে বিদু্যৎ মাচুল আৰু ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰা আদি বিভিন্ন আঁচনিৰ কথা ঘোষণা কৰে৷ ইপিনে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰলৈ আহি মঞ্চত ভাষণ প্ৰদান কৰাৰ লগে লগে এডাল সাপ দেখা বিষয়টোক লৈ উৎফুল্ল হৈ পৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ প্ৰচাৰৰ দিনাই দেখা দিয়া এইডাল সাপ নহয়৷ খোদ মহাদেৱ আহিছে৷ গতিকে বিজেপিক কোনেও ৰাখিব নোৱাৰে বুলি কয়৷ সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মিত্ৰ দলৰ প্ৰাৰ্থীক বিপুল ভোটত বিজয়ী কৰাই গ্ৰামাঞ্চলৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাত চৰকাৰক সহযোগ কৰিবলৈ তেওঁ আহ৩ান কৰে৷ জনাকীৰ্ণ সভাখন অনুষ্ঠিত কৰাত পৃষ্ঠপোষকতা কৰা সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু, প্ৰাক্তন বিধায়ক ৰিতুপৰ্ণ বৰুৱা, মিচিং পৰিষদৰ প্ৰমুখ পৰমানন্দ চায়েঙীয়া, সোণোৱাল কছাৰী পৰিষদৰ প্ৰমুখ টংকেশ্বৰ সোণোৱাল, অগপ নেতা লক্ষীধৰ শেনচোৱা, দেউৰী পৰিষদৰ প্ৰমুখ ভৈৰৱ দেউৰী আদিৰ লগতে মিত্ৰদলৰ সকলো নেতা-কৰ্মী উপস্থিত থাকে৷ ইফালে মুখ্যমন্ত্ৰীৰ সভাত বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহীক অৱজ্ঞা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে৷

বড়ো ৰাইজে জনোৱা মতে বিশাল ৰাজনৈতিক সভাৰ মঞ্চত অন্যান্য অতিথিৰ লগতে বিৰাজমান আছিল পৰিষদৰ প্ৰমুখ বসুমতাৰী৷ পোনতে সভাত ভাষণ আগবঢ়ালে সাংসদ প্ৰদান বৰুৱাই৷ মঞ্চত থকা সোণোৱাল কছাৰী, দেউৰী, মিচিং আদি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহীৰ নাম সম্বোধন কৰিলে বৰুৱাই৷ কিন্তু এবাৰ উচ্ছাৰণ নকৰিলে মিহিনিশ্বৰ বসুমতাৰীৰ নাম৷ তাৰ পিছতে ভাষণ দি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও নল’লে বসুমতাৰীৰ নাম৷ পেগুৰ পিছতে দীঘলীয়া ভাষণ আৰম্ভ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মন্ত্ৰী, সাংসদ, বিধায়কৰ পৰা দলৰ মণ্ডল সভাপতিলৈকে বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীৰ নাম সম্বোধন কৰিলে৷ পিছে মুখ্যমন্ত্ৰীৰ মুখতো উচ্ছাৰিত নহ’ল বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী মিহিনিশ্বৰ বসুমতাৰীৰ নাম৷ ইয়াকে লৈ বড়ো সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চক্ৰান্তমূলকভাৱে বড়ো পৰিষদৰ মুৰব্বী তথা বলিষ্ঠ নেতাজনৰ নাম বাদ পেলাই অপদস্থ কৰা বুলি খেদ প্ৰকাশ কৰিছে সচেতন মহলে৷

Randeep Hooda Meets PM: পি এম মোদীক সাক্ষাৎ মাতৃ, ভগ্নীৰ সৈতে অভিনেতা ৰনদীপ হুদাৰ

Randeep Hooda Meets PM: পি এম মোদীক সাক্ষাৎ মাতৃ, ভগ্নীৰ সৈতে অভিনেতা ৰনদীপ হুদাৰ
Randeep Hooda Meets PM: পি এম মোদীক সাক্ষাৎ মাতৃ, ভগ্নীৰ সৈতে অভিনেতা ৰনদীপ হুদাৰ

সোমবাৰে অভিনেতা ৰনদীপ হুদাই (Randeep Hooda Meets PM) সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। এই সাক্ষাতৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ছবিবোৰত ৰনদীপে পি এম মোদীৰ সৈতে হাঁহি থকা দেখা গৈছে। এই সময়ত তেওঁৰ মাতৃ আশা হুদা আৰু ভগ্নী ডাঃ অঞ্জলি হুদাও উপস্থিত থাকে। হুডাই এই সাক্ষাতক প্ৰেৰণাদায়ক বুলি অভিহিত কৰে।

ছবিসমূহ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি ৰনদীপ হুডাই লিখিছে, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পোৱাটো মোৰ বাবে এক সন্মান আৰু সৌভাগ্যৰ কথা। দেশৰ ভৱিষ্যতৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী, জ্ঞান আৰু চিন্তা সদায় প্ৰেৰণাদায়ক।

কোনবোৰ বিষয়ত কথা পাতিছিল ৰনদীপে

মাতৃ আৰু ভগ্নীৰ সৈতে উপস্থিত হোৱা অভিনেতাগৰাকীয়ে পোষ্টটোত আৰু কয় যে এই সাক্ষাতত পিএম মোদীৰ সৈতে তেওঁ সকলো আলোচনা কৰিছিল। আমি বিশ্ব মঞ্চত ভাৰতীয় চিনেমাৰ ক্ৰমবৰ্ধমান প্ৰভাৱ, প্ৰামাণিক গল্প কোৱাৰ শক্তি আৰু চৰকাৰৰ দূৰদৰ্শী নতুন অ’টিটি মঞ্চ – ৱেভছৰ বিষয়ে কথা পাতিলোঁ, যিয়ে বিশ্ব মঞ্চত ভাৰতীয়ৰ কণ্ঠক শক্তিশালী কৰে এইদৰে উল্লেখ কৰে অবিনেতাগৰাকীয়ে।

হুদাই প্ৰধানমন্ত্ৰী মোদীৰ মেদবহুল অভিযানৰ কথাও উল্লেখ কৰে। তেওঁ কয়, ‘মোৰ মা আশা হুদা আৰু ভগ্নী ডাঃ অঞ্জলি হুডাৰ সৈতে যোগদান কৰাটো এটা গৌৰৱময় পাৰিবাৰিক মুহূৰ্ত আছিল, য’ত আমি মেদবহুলতা অভিযান আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে তেওঁলোকৰ পদক্ষেপৰ বিষয়ে কথা পাতিছিলো।’

২৩ ফেব্ৰুৱাৰীত ‘মন কি বাত’ৰ ১১৯ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ‘মেদবহুলতা’ৰ বিষয়ে আলোচনা কৰিছিল, য’ত তেওঁ মেদবহুলতাৰ সমস্যাটো মোকাবিলা কৰি ‘ফিট আৰু সুস্থ জাতি’ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ‘মন কি বাত’ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে খাদ্যত তেলৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু মেদবহুলতাৰ সৈতে মোকাবিলা কৰাটো কেৱল ব্যক্তিগত পছন্দ নহয় বৰঞ্চ পৰিয়ালৰ প্ৰতি আমাৰ দায়িত্বও। ইয়াৰ দ্বাৰা মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হ’ব।

Guwahati Flood: গুৱাহাটীত আকৌ কৃত্ৰিম বান, বুৰ গ’ল মহানগৰীৰ বিভিন্ন অঞ্চল

Guwahati Flood: গুৱাহাটীত আকৌ কৃত্ৰিম বান, বুৰ গ'ল মহানগৰীৰ বিভিন্ন অঞ্চল
Guwahati Flood: গুৱাহাটীত আকৌ কৃত্ৰিম বান, বুৰ গ'ল মহানগৰীৰ বিভিন্ন অঞ্চল

গুৱাহাটীত আকৌ কৃত্ৰিম বান।(Guwahati Flood)

এজাক বৰষুণতে বুৰ গ’ল মহানগৰীৰ বিভিন্ন অঞ্চল

নেৰানেপেৰা বৰষুণ নহয়, এঘণ্টাৰ বৰষুণতে ডুবিল মহানগৰী।

পানীত বন্দী উন্নত মহানগৰীৰ ৰাইজ।

অনিল নগৰ, চানমাৰি, পাঞ্জাবাৰী, হাতীগাঁৱবাসীৰ হাহাকাৰ অৱস্থা।

ঠায়ে ঠায়ে একাঁঠু পৰ্যন্ত পানীও হয়।

পুৱাৰ ভাগত ভিন্ন প্ৰান্তত যান-জঁটৰ সৃষ্টি।

আনহাতে বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ ২৪খনকৈ জিলাত Yellow Alert জাৰি কৰিছে।

ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, নলবাৰী, দক্ষিণ শালমাৰা, কামৰূপ, কামৰূপ(মহানগৰ), মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আৰু মাজুলীলৈ ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

Numerology: কিছুমান মানুহ অতি খৰচী, নিজৰ পকেট খালী কৰি আনৰ পৰা ধাৰ বিচাৰি থাকে এইসকল লোকে !

Numerology: কিছুমান মানুহ অতি খৰচী, নিজৰ পকেট খালী কৰি আনৰ পৰা ধাৰ বিচাৰি থাকে এইসকল লোকে !
Numerology: কিছুমান মানুহ অতি খৰচী, নিজৰ পকেট খালী কৰি আনৰ পৰা ধাৰ বিচাৰি থাকে এইসকল লোকে !

সংখ্যা বিজ্ঞানত ব্যক্তিজনৰ ব্যক্তিত্ব,(Numerology)আচৰণ, ভৱিষ্যৎ আদি ভিত্তি সংখ্যাৰ ভিত্তিত কোৱা হয়। সংখ্যা বিজ্ঞানৰ মতে কিছুমান নিৰ্দিষ্ট তাৰিখত জন্ম লোৱা লোকসকল অতি ব্যয়বহুল। বাজেট বনাই টকা সঞ্চয় সকলোৱে নকৰে। বহু সময়ত লাখ লাখ টকা উপাৰ্জন কৰিও মানুহ ঋণৰ বোজাত থাকে। একে সময়তে কিছুমান মানুহে নিজৰ সামান্য উপাৰ্জনও সঞ্চয় কৰিব পাৰে।

কিছুমান মানুহে অতি খৰচী হোৱাৰ বাবে অপ্ৰয়োজনীয় কামত ধন অপচয় কৰে, যাৰ বাবে তেওঁলোকে ভাল উপাৰ্জন কৰাৰ পিছতো আৰ্থিক সংকটত পৰে। কোনসকল লোকে এনে কাৰ্য কৰে জানো আহক-

৩, ১২, ২১ বা ৩০ তাৰিখে জন্ম লোৱা মানুহ, তেওঁলোকৰ মূল সংখ্যা ৩।৩ সংখ্যাৰ প্ৰভু বৃহস্পতি। জ্ঞান, সৌভাগ্য, ধৰ্ম আৰু বিবাহৰ কাৰক। এই মানুহবোৰ অতি বুদ্ধিমান আৰু বহুত খ্যাতি অৰ্জন কৰে যদিও বহু সময়ত আৰ্থিক সংকটৰ বলি হয়।

যিসকলে ৪, ১৩ বা ২২ তাৰিখে জন্ম লয়, তেওঁলোকৰ মূল সংখ্যা হ’ব ৪।৪ সংখ্যাৰ প্ৰভু ৰাহু। ৰাহুৱে প্ৰায়ে মানুহজনক বেয়া অভ্যাসত পৰিবলৈ বাধ্য কৰে। জুৱা খেলা, মদ খোৱা বা ভুল কামত লিপ্ত হোৱাৰ ফলত মানুহে নিজৰ ধন-সম্পত্তি হেৰুৱাই পেলায় আৰু তাৰ পিছত প্ৰতিটো পইচাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। এনে মানুহ সহজেই ঋণত পৰে।

যিসকল লোকৰ জন্ম তাৰিখ ৯, ১৮ বা ২৭, তেওঁলোকৰ মূল সংখ্যা ৯।৯ সংখ্যাৰ প্ৰভু হৈছে মংগল গ্ৰহ। এনে মানুহ অতি সাহসী আৰু নিৰ্ভীক। কেতিয়াবা বিপদৰ অনুমানৰ অভাৱত বা অত্যধিক উৎসাহৰ বাবে ভুল সিদ্ধান্ত লয় আৰু শেষত ধন হেৰুৱাই আৰু তাৰ পিছত আৰ্থিক অসুবিধাৰ সন্মুখীন হয়।

Himanta Biswa Sarma: ডিগবৈত নাচি নাচি পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

Himanta Biswa Sarma: ডিগবৈত নাচি নাচি পঞ্চায়ত নিৰ্বাচন প্ৰচাৰ মুখ্যমন্ত্ৰীৰ
Himanta Biswa Sarma: ডিগবৈত নাচি নাচি পঞ্চায়ত নিৰ্বাচন প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

পঞ্চায়ত নিৰ্বাচন বাবে ডিগবৈত নাচি নাচি প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তিনিচুকীয়া জিলাৰ ৬ টা বিধান সভা সমষ্টি সামৰি ডিগবৈ টিংৰাই ৰাজহুৱা(Himanta Biswa Sarma) খেলপথাৰত অনুষ্ঠিত প্ৰচাৰ সভাত প্ৰায় আধা ঘণ্টা সময় ভাষণ প্ৰদান কৰে।‌ আগন্তুক পাচ বছৰত অসম দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য পৰিণত হব বুলি দাবী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছক পুনৰ লুঙী ধুতি কম্বলৰ পাৰ্টি বুলি কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বল শৰ্মাই কয়- অসম এতিয়া শান্তি সম্প্ৰীতিৰ বৃদ্ধি পাইছে আৰু প্ৰগতিৰ পথত আগুৱাই গৈছে। অৰুনোদয় আচনিৰ কথা বাৰে বাৰে উল্লেখ কৰি মুখ্যমন্ত্ৰী জনে আগন্তুক দিনত সকলোকে এই আচনিৰ সুবিধা দিয়া হ’ব কয় ।

মহিলা উদ্যমীতা আচনিৰ অধীনত ১০ হাজাৰ টকা দিয়াৰ পাছত এই ধন সৎ ব্যৱহাৰ সকলক পৰ্যায়ৰ ক্ৰমে ২৫ হাজাৰ আৰু ৫০ হাজাৰ টকা প্ৰদান কৰিব বুলি কয় । বহি:ৰাজ্যত কাম কৰিবলৈ যোৱা দুখিয়া যুৱক সকলক উভতাই আনি অসমতে স্বাৱলম্বী হবলৈ চৰকাৰে সহায় কৰিব বুলি কয় । তদুপৰি স্বচ্ছভাৱে নিবনুৱা যুৱক যুৱতী নিযুক্তি দিয়া প্ৰক্ৰিয়া চলি থাকিব বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰৰ সদায় দুখিয়াৰ দুখ কষ্ট আতৰাবলৈ চেষ্টা কৰি আছে বুলি কয় । অহা নবেম্বৰ মাহত বিদ্যুৎ বিল আৰু এক টকা হ্ৰাস কৰা, ৰন্ধন গেছৰ দাম ৭শ টকালৈ হ্ৰাস কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে । ব্ৰহ্মপুত্ৰৰ তলেদি যাতায়াত কৰিবলৈ সুৰংগ নিৰ্মাণ চিন্তা চৰ্চা কৰিছে বুলিও অৱগত কৰে । ৰেচন কাৰ্ড থকা সকলে বিনামূলীয়া চাউলৰ লগতে কম মূল্যত দাইল, চেনি আৰু নিমখ দিয়া ৰো প্ৰতিশ্ৰুতি দিয়ে । মন্ত্ৰী প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক সুৰেন ফুকন, বলীন চেতিয়া, সঞ্জয় কিষান, ভাস্কৰ শৰ্মা ৰ লগতে কেইবাজনো দলটোৰ জেষ্ঠ্য নেতা উপস্থিত থাকে । সভাত তিনিচুকীয়া জিলাৰ খনৰ বিজেপিৰ জিলা পৰিষদৰ প্ৰাৰ্থী সকলক মুখ্যমন্ত্ৰীজনে চিনাকী কৰি দিয়ে।

Asom Sahitya Sabha Setubandha Program: পশ্চিম বংগৰ মধুপুৰত অসম সাহিত্য সভাৰ সেতুবন্ধ অনুষ্ঠান সম্পন্ন, শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰ শাখা সাহিত্য সভা গঠন

Asom Sahitya Sabha Setubandha Program: পশ্চিম বংগৰ মধুপুৰত অসম সাহিত্য সভাৰ সেতুবন্ধ অনুষ্ঠান সম্পন্ন, শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰ শাখা সাহিত্য সভা গঠন
Asom Sahitya Sabha Setubandha Program: পশ্চিম বংগৰ মধুপুৰত অসম সাহিত্য সভাৰ সেতুবন্ধ অনুষ্ঠান সম্পন্ন, শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰ শাখা সাহিত্য সভা গঠন

সজ্জনসকলৰ সান্নিধ্যত অসম সাহিত্য সভা সমৃদ্ধ হ’ব লাগিব, সৎ চিন্তা চৰ্চাৰে ভাষা সাহিত্য সংস্কৃতিৰ উত্তৰণৰ বাবে সদায় কাম কৰি থকা সত্ৰানুষ্ঠানসমূহ(Asom Sahitya Sabha Setubandha Program) আমাৰ সামাজিক জীৱনৰ অবিচ্ছেদ্য অংগ। এই সত্ৰানুষ্ঠানসমূহৰ সজ্জনসকলক সাহিত্য সভাৰ পৰিধিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাটো অত্যন্ত প্ৰাসংগিক। এই প্ৰাসংগিক চিন্তাৰে সাহিত্য সভাৰ সৱল শক্তিমান কৰিবৰ বাবেই সত্ৰানুষ্ঠানসমূহত শাখা সাহিত্য সভা গঠন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। পশ্চিম বংগৰ কোচবিহাৰস্থিত মধুপুৰ ধাম সত্ৰত অসম সাহিত্য সভাৰ সেতুবন্ধ কাৰ্যসূচীৰ মন জুৰুৱা অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয়। ভাষণ প্ৰসংগত বৰাই লগতে কয় যে শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰত অসম সাহিত্য সভাৰ শাখা গঠন কৰি অসম সাহিত্য সভা ধন্য হৈছে।

এই শাখা গঠন প্ৰক্ৰিয়াই পশ্চিম বংগ আৰু অসম তথা মধুপুৰ ধাম সত্ৰ আৰু অসম সাহিত্য সভাৰ লগত শাখাৰ যোগেদি সমন্বয়ৰ সেতুবন্ধ হৈ থাকিব। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাই মহাপুৰুষ শ্ৰীমন্ত শংকৰগুৰুৰ মহাপ্ৰয়াণৰ স্থানত এটা শাখা গঠন কৰি বৰ অসমৰ বৃহৎ ধাৰণাটোক সাকাৰ ৰূপত আগুৱাই নিবলৈ আমি সকলোৱে যত্নপৰ হোৱাৰ সময় সমাগত।

অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্প উপসমিতিৰ সঞ্চালক হৃদয়ানন্দ গগৈ, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমলা ৰায় চৰকাৰ, জিলা কাৰ্যনিৰ্বাহক সদস্যা বাণী বৰুৱা, ধুবুৰীৰ গোলকগঞ্জ শাখা সাহিত্য সভাৰ অশোক কুমাৰ শৰ্মা প্ৰমুখ্যে বহু সংখ্যক সাহিত্যপ্ৰেমীয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাখনত শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ৰায় ভকতক সভাপতি, ডেকা সত্ৰাধিকাৰ মাধৱদেৱ মহন্তক সম্পাদক, শ্ৰীশ্ৰী হৰিদেৱ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ অখিল সূত্ৰধৰক উপসভাপতি, তুফান গঞ্জৰ ৰকেশ বৰ্মনক সহকাৰী সম্পাদক, মাণিক চেতিয়াক ধনভৰালী আৰু বিশ্বজিৎ দত্তক সদস্য হিচাপে লৈ শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰ শাখা সাহিত্য সভাখন আনুষ্ঠানিকভাৱে গঠন কৰা হয়।।

মহানগৰীত বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস পালন । Birangana Sati

মহানগৰীত বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস পালন । Birangana Sati
মহানগৰীত বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস পালন । Birangana Sati

গুৱাহাটী, ২১ এপ্ৰিলঃ Birangana Sati . দেশপ্ৰেম, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা নাৰী সতী সাধনীক আজি ৰাজ্যজুৰি সশ্ৰদ্ধ স্মৰণ কৰা হয়। উল্লেখ্য যে ১৫২৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে তথা সাত ব’হাগত চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী তথা বীৰাংগনা সতী সাধনীয়ে দেশ আৰু স্বজাতিৰ বাবে আত্মবলিদান দিছিল | ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ৰাজধানী গুৱাহাটীৰ মহানগৰীতো স্বদেশপ্ৰেমৰ যুগজয়ী প্ৰতীক তথা অসমৰ মহীয়সী বীৰাংগনা সাধনীক স্মৰণ কৰা। এই উপলক্ষে বৰবাৰীৰ পাথৰকুৱেৰী মেগাজিনস্থিত সাধনী ভৱনত দিনজোৰা কাৰ্যসূচীৰ সাধনীৰ স্মৃতি দিৱস পালন কৰা হয়। গুৱাহাটীবাসী চুতীয়া সমাজৰ উদ্যোগত তথা মহানগৰ জিলা চুতীয়া জাতি সন্মিলন, মহিলা সন্মিলন, যুৱ সন্মিলন, চুতীয়া ছাত্ৰ সন্থা, চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সহযোগিতাত আয়োজিত অনুষ্ঠানত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰি মহিয়সী নাৰী গৰাকীক স্মৰণ কৰে।

দিব্যজ্যোতি ৰাজখোৱা আৰু কুণ্ডিল চুতীয়াই সাধনী স্মৃতি দিৱসৰ পতাকা উত্তোলন কৰি কাৰ্যসূচী মুকলি কৰাৰ পাছতে চৌহদত থকা বীৰাংগনা সাধনী প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ দাসে। একেদৰে পুষ্পাঞ্জলী অৰ্পণ কৰে সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ কোষাধ্যক্ষ ৰঞ্জন চুতীয়াই। সাধনীক স্মৰণ কৰি চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক দাসে কয় যে। প্ৰকৃতাৰ্থত সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া যি কেইগৰাকী অসমীয়া বীৰ- বীৰাংগনা নাম ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে তেওঁলোকৰ ভিতৰত অন্যতম বীৰাংগনা সতী সাধনী। তেওঁৰ আত্মমৰ্যাদা, দৃঢ় মনোবল আৰু অদম্য সাহসৰ কাহিনীয়ে সকলো প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত জয়ী হ’বলৈ আমাক সদায়েই অনুপ্ৰেৰণা যোগাই আহিছে।
আনহাতে, এই দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা মহানগৰ জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি তৰুণ চুতীয়াৰ সভাপতিত্বত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত সভাপতি চুতীয়াই কয় যে
এইগৰাকী মহীয়সীৰ চৰম ত্যাগৰ ইতিহাসে বিশ্বৰ জনমানসত অসমীয়া নাৰীক যুগে যুগে মৰ্যাদাপূৰ্ণ স্থানত উপনীত কৰোৱাই আহিছে। সতী সাধনীৰ আদৰ্শেৰে অসমৰ নতুন প্ৰজন্মক উদ্বুদ্ধ হ’বলৈ তেওঁ আহ্বান জনায়। সভাত নাট্যকাৰ মুনমী বৰদলৈ শইকীয়াই অংশগ্ৰহণ কৰি সাধনীৰ জীৱনবিতান্ত দাঙি ধৰে। লগতে নিৰ্দিষ্ট বক্তাৰ ভাষণত সম্পাদক দাসে চুতীয়া জাতিৰ ইতিহাস দাঙি ধৰে। সভাত জ্যেষ্ঠ নাগৰিক আনন্দ বৰুৱা, অনন্ত নেওগ, সাংস্কৃতিক কৰ্মী স্মৃতিৰেখা শইকীয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে অনুষ্ঠানত বৰতিলা শিৱ মন্দিৰ দিহানাম দলে দিহানাম পৰিৱেশন কৰাৰ লগতে কে’বাটাও দলে চুতীয়াৰ কৃষ্টি-সংস্কৃতিৰ লগতে অন্যান্য জনজাতিসকলৰ নৃত্য প্ৰদৰ্শন কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালকে ধৰি বিভিন্নজনৰ স্মৰণ

   ইফালে, বীৰাংগনা সাধনীক স্মৰণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে  মহীয়সী অসমীয়া নাৰীৰ বীৰত্বৰে মহীয়ান ভাৰত বুৰঞ্জী ৷ চুতীয়া সম্ৰাজ্যৰ ৰাণী সতী সাধনীৰ স্বজাতি তথা স্বদেশৰ প্ৰতি কৰা ত্যাগে বীৰাংগনাগৰাকীক যুগ যুগলৈ বন্দিত কৰি ৰাখিব৷ এক ভিডিঅ' বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয়, 'চুতীয়া ৰাজ্য আৰু প্ৰজাগনৰ স্বাভিমান ৰক্ষাৰ বাবে বীৰাংগনা সাধনীয়ে আত্মবলিদান দিছিল, সেই ৰাজ্য আৰু চুতীয়া জাতি অসমৰ গৰিমামণ্ডিত ইতিহাসৰ এক সোণোৱাৰী অধ্যায়ৰ অংশ।' একেদৰে বীৰাংগনা সাধনীক স্মৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, 'বীৰাংগনা সতী সাধনীৰ অদম্য সাহস, পৰাক্ৰম আৰু ত্যাগৰ অমৰ গাথাই চুতীয়া সাম্ৰাজ্যৰ বুৰঞ্জীক মহিমামণ্ডিত কৰি থৈ গৈছে। তেওঁৰ অতুলনীয় কৰ্মচেতনা আৰু স্বদেশ-স্বজাতিৰ প্ৰতি দায়বদ্ধতাই ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত আমাক সদায়েই অনুপ্ৰাণিত কৰি থাকিব।' লোকসভাৰ বিৰোধী উপ-দলপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়েও বীৰাংগনা সাধনীক স্মৰণ কৰি কয়, 'সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল। দেশ আৰু জাতিৰ বাবে আত্মবলিদান দিয়া নাৰীশক্তিৰ অনন্য উদাহৰণ দাঙি ধৰা বীৰাংগনা গৰাকীক  মৃত্যু তিথিত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছো।' একেদৰে কৃষিমন্ত্ৰী অতুল বৰাই, 'দেশপ্ৰেম, ত্যাগৰ অতুলনীয় গাথাৰে ইতিহাসৰ পাতত জিলিকি ৰোৱা এটি নাম হ'ল বীৰাংগনা সতী সাধনী। এই সাহসৰ নিদৰ্শনেৰে প্ৰতিগৰাকী ব্যক্তিয়ে অনুপ্ৰাণিত হোৱা উচিত।'

পোপ ফ্ৰান্সিছৰ দেহাৱসান: বিশ্ব খ্ৰীষ্টান সমাজত শোকৰ ছাঁ ।POPE FRANCIS NO MORE

ৰোম, ২১ এপ্ৰিল – POPE FRANCIS NO MORE .ৰোমান কেথলিক গীৰ্জাৰ সৰ্বোচ্চ ধৰ্মগুৰু পোপ ফ্ৰান্সিছৰ ইষ্টাৰ সোমবাৰে দেহাৱসান ঘটিছে। ভেটিকানৰ এক ঘোষণামতে, ৮৮ বছৰ বয়সত পোপে ৰোমৰ ছাণ্টা মাৰ্টা বাসগৃহত পুৱা ৭.৩৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

কাৰ্ডিনেল কেভিন ফাৰেলে এপষ্টোলিক চেম্বাৰত ঘোষণাৰ সময়ত কয়, “আমাৰ পবিত্ৰ ফাদাৰ ফ্ৰান্সিছ আজি পুৱা ভগৱানৰ ঘৰলৈ গ’ল। তেওঁৰ জীৱনটো সদায় প্ৰভু আৰু গীৰ্জাৰ সেৱাত উৎসৰ্গিত আছিল।” তেওঁ আৰু কয়, “বিশেষকৈ দৰিদ্ৰ আৰু উপেক্ষিতসকলৰ বাবে তেওঁৰ হৃদয় সদায় মুকলি আছিল।”

মৃত্যুৰ পূৰ্বে, দেওবাৰ দিনা পোপে ছেইণ্ট পিটাৰ্ছ বেচিলিকাৰ পৰা ‘উৰ্বি এট অৰ্বি’ আশীৰ্বাদ আগবঢ়াইছিল, যি কেৱল পোপে আগবঢ়াব পাৰে। এই বাৰ্তাত তেওঁ বিশ্বজনীন শান্তি, নিৰস্ত্রীকৰণ আৰু বন্দীসকলৰ মুক্তিৰ আহ্বান জনাইছিল।

পোপ ফ্ৰান্সিছ ছাৰ সপ্তাহ ধৰি ৰোমৰ জেমেলি চিকিৎসালয়ত চিকিৎসাধীন আছিল। তেওঁ দুবাৰ নিউমোনিয়াত আক্ৰান্ত হৈছিল। মৃত্যুৰ আগৰ দিনটোলৈও তেওঁ ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল।

১৯৩৬ চনত আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত জন্ম গ্ৰহণ কৰা পোপ ফ্ৰান্সিছ (জৰ্জ মাৰিঅ বাৰ্গোগ্লিঅ’) ২০১৩ চনৰ ১৩ মাৰ্চত পোপ হিচাপে নিৰ্বাচিত হৈছিল। ইউৰোপৰ বাহিৰৰ পৰা অহা প্ৰথমগৰাকী পোপ হিচাপে ইতিহাস সৃষ্টি কৰা ফ্ৰান্সিছে ছেইণ্ট ফ্ৰান্সিছ অব এছিছিৰ নাম অনুসৰণ কৰি নিজৰ নাম ৰাখিছিল।

পোপৰ মৃত্যুত বিশ্বজুৰি খ্ৰীষ্টান সমাজত গভীৰ শোকৰ ছাঁ পৰিছে। ভেটিকানত চৈধ্যদিনীয়া চৰকাৰী শোক ঘোষণা কৰা হৈছে। শোককালৰ অন্তত, কেথলিক গীৰ্জাৰ পৰম্পৰা অনুসৰি, নতুন পোপ নিৰ্বাচনৰ বাবে কাৰ্ডিনেলসকলৰ কনক্লেভ অনুষ্ঠিত হ’ব।

Pope Francis: ৮৮ বছৰ বয়সত প’প ফ্ৰান্সিছৰ দেহাৱসান, পৰৱৰ্তী প’প কোন হ’ব?

Pope Francis: ৮৮ বছৰ বয়সত প'প ফ্ৰান্সিছৰ দেহাৱসান, পৰৱৰ্তী প'প কোন হ’ব?
Pope Francis: ৮৮ বছৰ বয়সত প'প ফ্ৰান্সিছৰ দেহাৱসান, পৰৱৰ্তী প'প কোন হ’ব?

৮৮ বছৰ বয়সত দেহাৱসান প’প ফ্ৰান্সিছৰ। নিউমোনিয়াৰ ডাবল এটেকৰ আক্ৰান্ত হৈছিল প’প ফ্ৰান্সিছৰ। ৰোমান কেথলিক গীৰ্জাৰ প্ৰথম লেটিন আমেৰিকান প’প পোপ ফ্ৰান্সিছৰ মৃত্যু। বহু দিন তেওঁ অসুস্থ হৈ আছিল। (Pope Francis)খ্ৰীষ্টানসকলৰ ভিতৰত তেওঁ আছিল সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু। প’প ফ্ৰান্সিছৰ মৃত্যুৰ পিছত এতিয়া নতুন পোপ নিৰ্বাচিত হ’ব। নতুন প’প নিৰ্বাচনৰ প্ৰক্ৰিয়াটো যথেষ্ট জটিল আৰু গোপন। প’প কেনেকৈ নিৰ্বাচিত হয় জানো আহক?

কেথলিক পৰম্পৰা অনুসৰি প’প নিৰ্বাচনৰ বাবে পোপৰ কনক্লেভ অনুষ্ঠিত হয়। এই কনক্লেভৰ জৰিয়তে কাৰ্ডিনেলসকলে নতুন প’প নিৰ্বাচন কৰে। কাৰ্ডিনেলসকল হৈছে কেথলিক গীৰ্জাৰ সৰ্বোচ্চ পদবীৰ ধৰ্মগুৰু। প’পে ব্যক্তিগতভাৱে নিৰ্বাচিত কৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিচপ আৰু ভেটিকানৰ বিষয়াসকলে গঠিত। এই কাৰ্ডিনেলসকলে নতুন প’প নিৰ্বাচনৰ বাবে কেইবাখনো বৈঠক অনুষ্ঠিত কৰে। এই কাৰ্ডিনেলসকলৰ ভিতৰত ৮০ বছৰৰ তলৰ যিসকল কাৰ্ডিনেলৰ ভোটাধিকাৰ আছে।

প’পৰ বাবে ভোটদান আৰু নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটো অতি গোপনভাৱে কৰা হয়। প’প নিৰ্বাচিত নোহোৱালৈকে কাৰ্ডিনেলসকলক বাহিৰৰ জগতৰ সৈতে কোনো ধৰণৰ যোগাযোগ ৰাখিব নালাগে। কাৰ্ডিনেলসকলে গোপন বেলটৰ দ্বাৰা ভোট দিয়ে। প্ৰতিদিনে চাৰিটা ৰাউণ্ডৰ বাবে ভোটদান কৰা হয় আৰু এজন প্ৰাৰ্থীয়ে দুই তৃতীয়াংশ ভোট নোপোৱালৈকে চলি থাকে।

প’প নিৰ্বাচিত হ’লে বেলটবোৰ বিশেষ ৰাসায়নিক পদাৰ্থৰে চৌকাত জ্বলাই দিয়া হয় যাতে ধোঁৱাৰ ৰং সলনি হয়। এই ধোঁৱাৰ ৰংটো দেখিহে বাহিৰৰ মানুহে গম পায় যে নতুন প’প নিৰ্বাচিত হৈছে।

Donald Trump: ট্ৰাম্পবিৰোধী প্ৰতিবাদে কঁপালে মাৰ্কিন মুলুক, ৰাজপথত জনতা

Donald Trump: ট্ৰাম্পবিৰোধী প্ৰতিবাদে কঁপালে মাৰ্কিন মুলুক, ৰাজপথত জনতা
Donald Trump: ট্ৰাম্পবিৰোধী প্ৰতিবাদে কঁপালে মাৰ্কিন মুলুক, ৰাজপথত জনতা

নিউয়ৰ্ক আৰু ৱাশ্বিংটনৰ ৰাজপথ কঁপি উঠিছে ট্ৰাম্পবিৰোধী(Donald Trump) প্ৰতিবাদত৷ ট্ৰাম্পৰ নীতিৰ বিৰোধিতা কৰি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে হাজাৰ হাজাৰ লোকে৷ এই প্ৰতীবাদী পদযাত্ৰাৰ জৰিয়তে হিংসাত্মক পৰিস্থিতি বন্ধ কৰাৰ আহ৩ান উত্থাপন হৈছে৷ কেৱল সেয়াই নহয়, আমেৰিকাৰ ৰাজপথত পেলেষ্টাইনীসকলৰ সমৰ্থনত প্ৰতিবাদকাৰীসকলে মাত মাতিছে৷ মাত্ৰ চাৰি মাহ পূৰ্বে ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল৷

ইফালে আমেৰিকাত তেওঁৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ হৈ পৰিছে৷ ৱাশ্বিংটন ডি চিৰ পৰা ছান ফ্ৰান্সিস্কোলৈকে– প্ৰতিবাদকাৰীৰ মাজত ক্ষোভৰ জুইকুৰা বাঢ়িছে৷ শনিবাৰে [আমেৰিকাৰ স্থানীয় সময় অনুসৰি] ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক৷ ট্ৰাম্পৰ বিৰুদ্ধে শ্লোগান দি হাতত প্লেকাৰ্ড লৈ মাইলৰ পিছত মাইল ৰাস্তাত খোজকাঢ়িছে৷ দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰাৰ পিছৰে পৰা ট্ৰাম্পে ইটোৰ পিছত সিটো সিদ্ধান্ত ঘোষণা কৰিছে৷/অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰা, চৰকাৰী চাকৰিৰ পৰা অব্যাহতি দিয়া আৰু গাজা নীতি– ট্ৰাম্প প্ৰশাসনৰ এই কাৰ্যক দেশখনৰ নাগৰিকৰ এটা অংশই ভালদৰে গ্ৰহণ কৰা নাই৷ নিউয়ৰ্ক আৰু ৱাশ্বিংটনৰ ৰাজপথত বহু লোক৷

ট্ৰাম্পৰ নীতিৰ বিৰোধিতাৰে শ্লোগান দি ওলাই আহিছে৷ এই পদযাত্ৰাৰ জৰিয়তে হিংসাত্মক পৰিস্থিতি বন্ধ কৰাৰ আহ৩ান উত্থাপন হৈছে৷ প্ৰতিবাদকাৰীৰ ভাষাত ‘কোনো ভয় নাই, আমেৰিকাত অনুপ্ৰৱেশকাৰীক আদৰণি জনোৱা হৈছে’ কেৱল সেয়াই নহয়, আমেৰিকাৰ ৰাজপথত পেলেষ্টাইনীসকলৰ সমৰ্থনত প্ৰতিবাদকাৰীসকলেও মাত মাতিছে৷ তেওঁলোকে দাবী কৰে যে গাজা আৰু ইজৰাইলৰ যুদ্ধত ট্ৰাম্প প্ৰশাসনৰ নীতি সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়৷ শনিবাৰে সমগ্ৰ আমেৰিকাত ৭০০ৰো অধিক প্ৰতিবাদৰ আয়োজন কৰা হয়৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ট্ৰাম্পে ইটোৰ পিছত সিটো বিতৰ্কিত সিদ্ধান্ত লৈছে৷ ইয়াৰ ভিতৰত বিভিন্ন প্ৰশাসনিক পদত ব্যাপক ছুটী, অনুপ্ৰৱেশকাৰীক বিতাড়ন, হিজৰাক স্বীকৃতি নিদিয়া, নতুন কৰ নীতি আদি৷ এই সকলোবোৰ লৈ ক্ষুব্ধ আমেৰিকাৰ এটা অংশ৷

ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালৰ বিৰুদ্ধে আন্দোলন প্ৰথমে প্ত এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল৷ নাগৰিক অধিকাৰ সংগঠন, শ্ৰমিক সংঘ, প্ৰান্তীয় লিংগ আৰু যৌনতাৰ লোকৰ সংগঠন, বিভিন্ন ৰাজনৈতিক আন্দোলনৰ কৰ্মীকে ধৰি ৫০খন ৰাজ্যৰ ১৫০খনতকৈও অধিক গোটে সমগ্ৰ দেশৰ ১২০০ৰো অধিক স্থানত ‘হেণ্ডছ অফ’ প্ৰতিবাদৰ আয়োজন কৰে৷ নিউয়ৰ্ক, ক’লৰাডো, লছ এঞ্জেলছ, হিউষ্টন, ৱাশ্বিংটনৰ ৰাজপথলৈ উত্তেজনা বিয়পি পৰে৷ শ শ লোকে একে কথাই কৈছে– ‘আমেৰিকাৰ কোনো ৰজা নাই৷’ আমেৰিকাত ফেচিবাদে কাম নকৰিব৷’ ট্ৰাম্প আৰু টেছলাৰ চিইঅ’ ইলন মাস্কৰ বিৰুদ্ধেও আমেৰিকাৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ হৈছে৷