Home Blog Page 288

Gauri Khan Restaurant: গৌৰী খানৰ ৰেষ্টুৰেণ্টত ডুপ্লিকেট পনীৰ, ইউটিউবাৰে প্ৰকাশ কৰিলে চাঞ্চল্যকৰ খবৰ !

Gauri Khan Restaurant: গৌৰী খানৰ ৰেষ্টুৰেণ্টত ডুপ্লিকেট পনীৰ, ইউটিউবাৰে প্ৰকাশ কৰিলে চাঞ্চল্যকৰ খবৰ !
Gauri Khan Restaurant: গৌৰী খানৰ ৰেষ্টুৰেণ্টত ডুপ্লিকেট পনীৰ, ইউটিউবাৰে প্ৰকাশ কৰিলে চাঞ্চল্যকৰ খবৰ !

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ এজন প্ৰভাৱশালী ব্যক্তিয়ে শ্বাহৰুখ(Gauri Khan Restaurant) খানৰ পত্নী গৌৰী খানৰ ট’ৰী ৰেষ্টুৰেণ্টক লৈ এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। তেওঁ কয় যে ৰেষ্টুৰেণ্টখনত মানুহক ডুপ্লিকেট পনিৰ পৰিবেশন কৰো হৈছে। তেওঁৰ এই দাবীয়ে সকলোকে আচৰিত আৰু বিচলিত কৰি তুলিছে।

বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পত্নী গৌৰী খানে মুম্বাইত নিজাকৈ ৰেষ্টুৰেণ্ট চলাই আছে, ৰেষ্টুৰেণ্ট খনৰ নাম ‘ট’ৰী’। এই ৰেষ্টুৰেণ্টখনলৈ কেতিয়াবা দুপৰীয়াৰ আহাৰ আৰু কেতিয়াবা ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে বহু ডাঙৰ চেলিব্ৰিটি আহে। গৌৰী খানৰ এই ৰেষ্টুৰেণ্টখনক লৈ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ এজন প্ৰভাৱশালী ব্যক্তিয়ে ৰেষ্টুৰেণ্টত মানুহক ডুপ্লিকেট পনিৰ পৰিবেশন কৰোৱা হৈছে বুলি এক আচৰিত দাবী উত্থাপন কৰিছিল।

অৱশ্যে গৌৰী খানৰ দলটোৱে এই অভিযোগ অস্বীকাৰ কৰি তেওঁলোকৰ খাদ্যৰ মানদণ্ড ভাল বুলি কৈছে। বুধবাৰে কেইবাখনো বিখ্যাত ৰেষ্টুৰেণ্ট পৰিদৰ্শন কৰে ইউটিউবাৰ সৰ্থক সচদেৱে। লক্ষ্য আছিল কোনখন ৰেষ্টুৰেণ্টত মানুহক ভাল পনিৰ পৰিবেশন কৰাই আৰু কোনখনে ডুপ্লিকেট পনিৰ ব্যৱহাৰ কৰিছে সেয়া জানিবলৈ। এই সময়ছোৱাত তেওঁ বিৰাট কোহলী, শিল্পা শ্বেট্টী আৰু ববি দেউলৰ ৰেষ্টুৰেণ্টো পৰিদৰ্শন কৰে।

তাতে তেওঁ পনীৰে তৈয়াৰী বস্তু অৰ্ডাৰ কৰি সোৱাদ লৈছিল। পনিৰৰ টুকুৰাটো পানীত ধুই সৰ্থকে তাৰ ওপৰত আয়’ডিনৰ টোপাল টোপালকৈ থৈ দিলে। ইয়াৰ পিছত তেওঁ লক্ষ্য কৰিলে যে ‘ট’ৰী’ ৰেষ্টুৰেণ্টৰ পনিৰৰ টুকুৰাবোৰত আয়’ডিন ঢালি দিয়াৰ লগে লগে ই ক’লা হৈ পৰে, আনহাতে আন ৰেষ্টুৰেণ্টৰ পনিৰৰ টুকুৰাবোৰৰ ক্ষেত্ৰত এনেকুৱা একো নহ’ল। এই সন্দৰ্ভত ইউটিউবাৰজনে দাবী কৰে যে, ‘শ্বাহৰুখ খানৰ পত্নী গৌৰী খানৰ ৰেষ্টুৰেণ্টত থকা পনিৰ ডুপ্লিকেট আছিল।’

Guwahati News: পূৱ গুৱাহাটীৰ বিহু মঞ্চত চৰম অপমান কন্ঠশিল্পী দিগন্ত ভাৰতীক !

Guwahati News: পূৱ গুৱাহাটীৰ বিহু মঞ্চত চৰম অপমান কন্ঠশিল্পী দিগন্ত ভাৰতীক !
Guwahati News: পূৱ গুৱাহাটীৰ বিহু মঞ্চত চৰম অপমান কন্ঠশিল্পী দিগন্ত ভাৰতীক !

মহানগৰীৰ চানমাৰিৰ বিহু মঞ্চত কণ্ঠশিল্পী দিগন্ত ভাৰতীক অপদস্থ।(Guwahati News)

আয়োজকে শিল্পীগৰাকীৰ হাতৰ পৰা কাঢ়ি নিলে মাইক্র’ফোন।

জিন্স পিন্ধি মঞ্চত উঠাৰ বাবেই চৰম অপমান দিগন্ত ভাৰতীক।(diganta bharati)

পত্নী ভাস্বতী ভাৰতীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ আহিছিল দিগন্ত ভাৰতী।

দিগন্ত ভাৰতীক দেখা পাই গীত পৰিৱেশনৰ বাবে নিমন্ত্রণ জনাইছিল আয়োজক সমিতিয়ে।

আয়োজকে মঞ্চলৈ গীত পৰিৱেশন কৰিবলৈ মাতি গামোচাৰে সম্বৰ্ধনা যাঁচি অপমান শিল্পীগৰাকীক।

অত্যাধিক সুৰাপান কৰি অপমান কৰাৰ অভিযোগ কন্ঠশিল্পী ভাস্বতী ভাৰতীৰ।

Latasil Bihu 2025: লতাশিলৰ বিহুৰাণী আৰু বিহু কুঁৱৰী খিতাপ ২০২৫ কোনে আজুৰিলে ?

Latasil Bihu 2025: লতাশিলৰ বিহুৰাণী আৰু বিহু কুঁৱৰী খিতাপ ২০২৫ কোনে আজুৰিলে ?
Latasil Bihu 2025: লতাশিলৰ বিহুৰাণী আৰু বিহু কুঁৱৰী খিতাপ ২০২৫ কোনে আজুৰিলে ?

লতাশিলত অনুষ্ঠিত বিহু কুঁৱৰী আৰু বিহুৰাণী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা৷ (Latasil Bihu 2025)

বিহুৰাণীৰ সন্মান ২০২৫ লাভ কৰিলে ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁয়ে।

আনহাতে দুলীয়াজানৰ দীক্ষা গগৈয়ে লাভ কৰে বিহু কুঁৱৰীৰ ২০২৫ৰ সন্মান৷

১৮ গৰাকী নাচনীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত ঐতিহাসিক লতাশিল বিহুত।

Majuli News: মাজুলী জিলা সাহিত্য সভাৰ “নিজৰ দিন” পালন

Majuli News: মাজুলী জিলা সাহিত্য সভাৰ "নিজৰ দিন" পালন
Majuli News: মাজুলী জিলা সাহিত্য সভাৰ "নিজৰ দিন" পালন

অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় জিলা হিচাপে সুপৰিচিত মাজুলী(Majuli News) জিলা সাহিত্য সভাই পহিলা ব’হাগৰ দিনটোত অসম সাহিত্য সভাৰ আহ্বান মৰ্মে “নিজৰ দিন”ৰ কাৰ্যসূচী সফলতাৰে পালন কৰে। সেই অনুসৰি অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি তথা সমাজ জীৱনলৈ অৰিহণা আগবঢ়াই অহা মাজুলীৰ ভিন্ন অঞ্চলৰ পাঁচ গৰাকী বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তিক সত্ৰ-নামঘৰ আৰু ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে। কালি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক ৰামসাগৰ নাথ, মাজুলী জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি মনোজ্যোতি ৰেগন, অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, অসম সাহিত্য সভাৰ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰকল্পৰ উপসভাপতি ভূপেন দত্ত, মাজুলী জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰুৱা, সম্পাদক সঞ্জীৱ বৰা, প্ৰাক্তন উপসভাপতি ৰুবী শইকীয়া, প্ৰাক্তন সম্পাদক কেশৱ কাকতি, ত্ৰিৱেণী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰবীন শইকীয়া, সভাপতি দিলীপ শইকীয়া, সম্পাদক ত্ৰিদিপ হাজৰিকা, ৰাৱনাপাৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জীৱেশ্বৰ বৰা, সাহিত্যকৰ্মী তীৰ্থ শইকীয়া, মৃণাল বৰুৱা প্ৰমুখ্যে মাজুলী জিলা সাহিত্য সভাৰ জাতীয় সাজ পৰিধান কৰা এটি প্ৰতিনিধি দলে বিশিষ্ট মুখা শিল্পী তথা শ্ৰীশ্ৰী নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী, শ্ৰীশ্ৰী গড়মূৰ সৰুসত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী হৰিদেৱ গোস্বামী, সমাজকৰ্মী-শিক্ষাব্ৰতী বিদ্যাসাগৰ দেউৰী, কাৰ্কিচুকৰ অৱসৰপ্ৰাপ্ত শিক্ষক সোণাধৰ মিলি আৰু শ্ৰীশ্ৰী এলেঙী টকৌবাৰী সত্ৰৰ সত্ৰাধিকাৰ ঋষভ মহন্তক অসম সাহিত্য সভাই প্ৰেৰণ কৰা ওলগনি পত্ৰৰ লগতে গ্ৰন্থৰ টোপোলা, থলুৱা শিপিনীয়ে বোৱা ফুলাম গামোচা, চেলেং-চাদৰ আৰু গুৱা-পাণেৰে ‘নিজৰ দিন’ৰ সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানত চমু বক্তব্য প্ৰদান কৰি সম্বৰ্ধিত পাঁচোগৰাকী ব্যক্তিয়ে জিলা সভাৰ এনে পদক্ষেপে তেওঁলোকক উৎসাহিত কৰিছে বুলি উল্লেখ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।।

Barsha Rani Bishaya Child: সামাজিক মাধ্যমত কন্যাৰ ফটো শ্বেয়াৰ কৰিলে ভাস্কৰ-বৰষাই

আজি গোসাঁই বিহু।(Barsha Rani Bishaya Child)

ব’হাগতে কন্যাৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ভাস্কৰ-বৰষাই।

জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ কন্যাৰ নাম আদিত্ৰী বৰুৱা।

২০২৫ৰ প্ৰাকক্ষণত বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ জীৱনলৈ আহিছিল কন্যা সন্তান আদিত্ৰী বৰুৱা।

Asom Sahitya Sabha: উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ “নিজৰ দিন” উদযাপন

অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা হিচাপে সুপৰিচিত মাজুলী জিলাৰ অন্তৰ্গত উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাই পহিলা ব’হাগৰ দিনটোত অসম সাহিত্য সভাৰ আহ্বান মৰ্মে(Asom Sahitya Sabha) “নিজৰ দিন”ৰ কাৰ্যসূচী সম্পূৰ্ণ সফলতাৰে উদযাপন কৰে। সেই অনুসৰি অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি তথা সমাজ জীৱনলৈ অৰিহণা আগবঢ়াই অহা উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ বৃহত্তৰ এলেকাৰ পাঁচ গৰাকী বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তিক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে।

কালি অসম সাহিত্য সভাৰ মাজুলী জিলাৰ প্ৰতিনিধি মনোজ্যোতি ৰেগন, অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, মাজুলী জিলা সাহিত্য সভাৰ ধনভৰালী প্ৰণৱজিত মিশ্ৰ, প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্যা অনুপ্ৰভা দেৱী, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি দাসীৰাম পামেগাম, উপসভাপতি কেশৱ বৰুৱা, সম্পাদক কৃষ্ণাৰাণী শইকীয়া বৰুৱা, সহকাৰী সম্পাদক বিজয় শইকীয়াৰ নেতৃত্বত জাতীয় সাজ পৰিধান কৰা এটি প্ৰতিনিধি দলে সোণাপৰা গাওঁৰ অৱসৰপ্ৰাপ্ত শিক্ষক কমলা ৰেগন, নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ-সত্ৰীয়া সংস্কতিৰ সাধক নগেন শইকীয়া বৰগায়ন, দৰিয়া গাওঁৰ ধৰ্মপ্ৰাণা মহিলা তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰমা বৰুৱা দাস, বিষ্ণুপুৰ গাঁওৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দধিৰাম বৰুৱা আৰু জালুকবাৰী গাওঁৰ অৱসৰপ্ৰাপ্ত শিক্ষক যুগল হাজৰিকাক অসম সাহিত্য সভাই প্ৰেৰণ কৰা ওলগনি পত্ৰৰ লগতে গ্ৰন্থৰ টোপোলা, থলুৱা শিপিনীয়ে বোৱা ফুলাম গামোচা আৰু থুৰীয়া তামোলেৰে ‘নিজৰ দিন’ৰ সম্বৰ্ধনা জ্ঞাপন কৰে।সম্বৰ্ধনা অনুষ্ঠানত চমু বক্তব্য প্ৰদান কৰি সম্বৰ্ধিত পাঁচোগৰাকী ব্যক্তিয়ে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ এনে পদক্ষেপে তেওঁলোকক উৎসাহিত কৰিছে বুলি উল্লেখ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।

Bohagi Utsav 2025: নামখলাত ব’হাগী উৎসৱৰ ৰূপালী জয়ন্তী উদযাপন

দৰঙৰ পানাৰা তৰুন পুথিভঁৰাল আৰু সামুহিক বিকাশ কেন্দ্ৰৰ সৌজন্যত ইতিহাসে গৰকা(Bohagi Utsav 2025) অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুটিক এইবেলি ৫ আৰু ৬ ব’হাগ তথা ১৯ আৰু ২০ এপ্ৰিল শনিবাৰ আৰু দেওবাৰে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ব’হাগী উৎসৱৰ ৰূপালী জয়ন্তী হিচাবে পালন কৰিবলৈ প্ৰস্তুতি কৰিছে৷ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ কন্দৰ্প শইকীয়াক সভাপতি, নাৰায়ণ ভট্টক মুখ্য সম্পাদক, অঞ্জন কলিতাক সহঃ সম্পাদক, নীলমণি তালুকদাৰক যুটীয়া সহঃ সম্পাদক হিচাপে লৈ এখন সবল নেতৃত্ব দিব পৰা সমিতি গঠন কৰি ১২খন উপসমিতিক বিভিন্ন কামৰ দায়িত্ব প্ৰদান কৰে৷ ১৯ এপ্ৰিল ৫ ব’হাগৰ পুৱা পৰিবেশ নিকাৰণৰ দ্বাৰা কাৰ্যসূচী শুভাৰম্ভ কৰিব যুৱ ব্যৱসায়ী কমলেশ্বৰ শইকীয়াই। ৰূপালী জয়ন্তীৰ ২৫ খন পতাকা উত্তোলনৰ প্ৰাক মুহূৰ্তত সংঘৰ পতাকা আৰু বিহুৰ পতাকা উত্তোলন কৰিব ক্ৰমে বিজয় কুমাৰ বৰুৱা আৰু কন্দৰ্প শইকীয়াই৷

৮ বজাত স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপনৰ পিচত আমন্ত্ৰিত অতিথিৰ দ্বাৰা ৰঙা ফিটা কাটি আদৰনী তোৰন, মুখ্য তোৰন আৰু ৰভামঞ্চ উন্মোচন কৰিব ৷ ১১ বজাত উদযাপন সমিতিৰ স্মৃতি গ্ৰন্থ উপসমিতিৰ সভাপতি হেমচন্দ্ৰ কলিতাই সঞ্চালন কৰিব লগা অন্তৰংগ আলাপৰ আত ধৰিব স্মৃতি গ্ৰন্থ উপসমিতিৰ সম্পাদক ভগীৰথ চহৰীয়াই ৷ সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতাৰ অধ্যক্ষৰ আসন অলংকৃত কৰিব শিক্ষক শান্তিৰঞ্জন শইকীয়াই আৰু সহযোগ কৰিব শিক্ষক অনিৰ্বাণ বৰুৱা, ভাস্বতী দেৱীয়ে ৷ সন্ধিয়া বন্তিপ্ৰজ্বলনৰ পিচত সম্বৰ্ধনা, চিনাকি পৰ্ব আৰু বীৰেন শইকীয়া সোঁৱৰণি মুকলি বিহতলী উন্মোচন কৰিব নামখলা গাও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আক্ৰাম হুছেইনে আতধৰিব উদযাপন সমিতিৰ সম্পাদক নাৰায়ণ ভট্টই ৷

৯ বজাত আৰম্ভ হব মুকলি বিহু প্ৰতিযোগিতা আৰু বটা বিতৰনী সভা । দ্বিতীয়দিনা পুৱা বিভিন্ন কাৰ্যসূচীৰ পিচত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ ৷ সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰিব কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰনাৱ নাৰায়ণ দেৱে ৷ ১ বজাত মুকলিসভা মঞ্চ উদ্ধোধন কৰিব প্ৰাক্তন জিলা পৰিষদ সদস্য হেমন্ত কুমাৰ ডেকাই৷ বিশিষ্ট সাংবাদিক চক্ৰপাণি পৰাশৰে নিৰ্দিষ্ট বক্তাৰ ভাষন প্ৰদান কৰা সভাখন সভাপতিত্ব কৰিব উদযাপন সমিতিৰ সভাপতি কন্দৰ্প শইকীয়াই । ৰূপালী জয়ন্তীৰ মেৰুদণ্ডস্বৰূপ স্মৃতি গ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক কমলা কান্ত ডেকাই ৷

মুখ্য অতিথি, বিশিষ্ট অতিথি, সন্মানীয় অতিথি হিচাবে সভাত উপস্থিত থাকিব ক্ৰমে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস আৰু জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ লগতে কেইবা গৰাকী আমন্ত্ৰিত অতিথি ৷ উদযাপন সমিতিৰ বিষয়ববীয়াই জানিব দিয়া অনুসৰি নৃত্য প্ৰতিযোগিতাৰ ভৰ্তি মাচুল ১৫০ টকা আৰু প্ৰতিযোগিতা মুলক বিহুৰ ভৰ্তি মাচুল ২০০ টকা । উল্লেখযোগ্য যে সৰু বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৩০০১ টকা, দ্বিতীয় ২৫০১ টকা তৃতীয় ২০০১ টকা আৰু বৰ বিহুৱতীৰ প্ৰথম পুৰস্কাৰ ৩০০১ টকা, দ্বিতীয় পুৰস্কাৰ ২৫০১ টকা, তৃতীয় ২০০১ টকা। আনহাতে মুকলি বিহুৰ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ১১,১১১ টকা দ্বিতীয় ৭,৭৭৭টকা, আৰু তৃতীয় পুৰস্কাৰ ৫,৫৫৫ টকা।

Clay Pots: পাকঘৰত মাটিৰ পাত্ৰ কিয় গুৰুত্বপূৰ্ণ জানেনে ?

আধুনিক যুগত আমি মাটিৰ পাত্ৰ ব্যৱহাৰ কমিছে। কিন্তু আয়ুৰ্বেদ আৰু বিজ্ঞানে আকৌ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। আমি আপোনালোকক জনাম মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিলে কি কি লাভ হয়।(Clay Pots)আধুনিক পাকঘৰত ষ্টীল, ননষ্টিক আৰু প্ৰেচাৰ কুকাৰৰ দৰে বাচন-বৰ্তন সাধাৰণ হৈ পৰিছে। মাটিৰ পাত্ৰত খাদ্য ৰন্ধা আৰু খোৱাৰ উপকাৰিতা কেৱল স্বাস্থ্যৰ লগত জড়িত নহয়, ৰুচি আৰু পৰম্পৰাৰ বাবেও অতি গুৰুত্বপূৰ্ণ।


আয়ুৰ্বেদৰ মতে কম জুইত খাদ্য ৰান্ধিবলৈ সৰ্বোত্তম উপায়। মাটিৰ পাত্ৰত খাদ্য লাহে লাহে ৰন্ধা হয়, যাৰ বাবে ইয়াত থকা সকলো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান শেষ নহয়। আনহাতে প্ৰেচাৰ কুকাৰত ৰন্ধা সময়ত ৮৭% পৰ্যন্ত পুষ্টিকৰ উপাদান নষ্ট হয়। লগতে খাদ্যত থকা সকলো প্ৰটিনেই শৰীৰক বিপজ্জনক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

মাটিৰ পাত্ৰ কিয় ব্যৱহাৰ কৰিব লাগে?
ভাৰতত যুগ যুগ ধৰি মাটিৰ পাত্ৰৰ ব্যৱহাৰ পৰম্পৰা চলি আহিছে। আজিও অন্য ধাতুৰ পৰা তৈয়াৰী বাচন-বৰ্তনতকৈ মাটিৰ পাত্ৰ বহুত কম মূল্যৰ। এই বাচন-বৰ্তনসমূহ অনলাইন আৰু অফলাইন দুয়োটা প্লেটফৰ্মতে বিভিন্ন আকৃতি, ডিজাইন আৰু ৰঙৰ সহজে উপলব্ধ। মাটিৰ পাত্ৰত ৰন্ধা খাদ্য কেৱল স্বাস্থ্যকৰ হোৱাই নহয়, ইয়াৰ সোৱাদও আচৰিত ধৰণৰ। সুগন্ধি আৰু মছলাৰ সমন্বয়ে এনে এক সোৱাদৰ সৃষ্টি কৰে যিটো কোনেও পাহৰিব নোৱাৰে।

আজিৰ সময়ত কেৱল স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাই নহয়, সজ্জা আৰু পৰম্পৰাৰ বাবেও মাটিৰ পাত্ৰক অগ্ৰাধিকাৰ দিয়া হৈছে। সুন্দৰ শিল্পকৰ্মৰে সজাই তোলা এই বাচন-বৰ্তনবোৰে পাকঘৰ আৰু ডাইনিং টেবুলক গাঁৱলীয়া আৰু আকৰ্ষণীয় ৰূপ দিয়ে।

এজন ব্যক্তিক প্ৰতিদিনে ১৮ প্ৰকাৰৰ মাইক্ৰ’নিউট্ৰিয়েণ্টৰ প্ৰয়োজন হয়। এই পুষ্টিকৰ উপাদানসমূহ মূলতঃ মাটিৰ পৰা পোৱা যায়। আনহাতে এলুমিনিয়ামৰ বাচনত ৰন্ধা খাদ্যই এই পুষ্টিকৰ উপাদানসমূহ ধ্বংস কৰে। কেৱল এয়াই নহয়, ইয়াৰ ফলত টিবি, ডায়েবেটিছ, হাঁপানী আৰু পক্ষাঘাত আদি বহুতো গুৰুতৰ ৰোগো হয়। ব্ৰঞ্জ আৰু পিতলৰ বাচনত ৰন্ধা-বঢ়া কৰিলেও কিছু পুষ্টিকৰ পদাৰ্থ নষ্ট হয়।

আজিকালি আধুনিক মাটিৰ পাত্ৰ মাইক্ৰৱেভতো ব্যৱহাৰ কৰা হয়, যাৰ ফলত পৰম্পৰাগত আৰু আধুনিক পাকঘৰ দুয়োটাতে ব্যৱহাৰ কৰাটো সম্ভৱ হৈ উঠিছে। কিন্তু ইয়াক পোনপটীয়াকৈ তীব্ৰ জুইত ব্যৱহাৰ নকৰাটো ভাল, কাৰণ ইয়াৰ তাপ সহ্য কৰাৰ ক্ষমতা আন ধাতুতকৈ কম। মাটিৰ পাত্ৰত দৈ ৰাখিলে ইয়াৰ সোৱাদ বহুগুণে বৃদ্ধি পায়। মাটিৰ পাত্ৰ এটাত গৰম গাখীৰ ঢালি দিলে ইয়াৰ সুগন্ধি বেলেগ হয়।

Rongali Bihu 2025: নিউ আর্ট প্লেয়াৰ্ছৰ জ্যেষ্ঠ ব্যক্তিক ৰঙালীৰ ওলগ

অসমৰ আগশাৰীৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান(Rongali Bihu 2025) গুৱাহাটীৰ নিউ আর্ট প্লেয়াৰ্ছৰ সদস্য সকলে বিগত তিনিটা দশকত ৰঙালী বিহুৰ সময়ত সমাজৰ বিভিন্ন ক্ষেত্রত বিশেষ ভাবে আগবঢ়োৱা সেৱাৰ বাবে কেইগৰাকীমান সন্মানীয় জ্যেষ্ঠ ব্যক্তিক বিহুৰ সম্ভাষণ আৰু সন্মান জনাই আহিছে।

এই পৰম্পৰা ৰক্ষা কৰি এই বছৰৰ পহিলা বহাগ (১৫ এপ্রিল, ২০২৫) তাৰিখে নিউ আর্ট প্লেয়াৰ্ছে এক কাৰ্যসূচীৰ জৰিয়তে ক্রমে বিশিষ্টা লেখিকা, সমাজকৰ্মী আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগাৰৱালাৰ জীয়ৰী সত্যশ্ৰী আগাৰৱালা দাস, আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্য্য, বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী জয়প্ৰকাশ গোৱেঙ্কা আৰু বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডাঃ ভূপেন ডেকাৰ বাসভৱনলৈ গৈ ৰঙালীৰ ওলগ আৰু সম্ভাষণ জনায়।

সম্ভাষণ গ্রহণ কৰি প্ৰতিগৰাকী ব্যক্তিয়েই নিউ আর্ট প্লেয়াৰ্ছৰ এনেধৰণৰ কাৰ্যসূচীৰ ভূয়সী প্রসংশা কৰে আৰু এই সন্মানৰ বাবে গৌৰৱান্বিত বুলি প্রকাশ কৰে। এই সম্বর্ধনা কাৰ্যসূচীত নিউ আর্ট প্লেয়াৰ্ছৰহৈ সাধাৰণ সম্পাদক ৰথীন্দ্ৰ নাৰায়ণ ভট্টাচার্য্য, উপসভাপতি পুলক গোস্বামী, কোষাধক্ষ্য কল্যাণ কুমাৰ দাস, নয়ন প্ৰসাদ আৰু ৰূপান্ত কুমাৰ দাসে প্রতিনিধিত্ব কৰে।

Earthquake In Afghanistan: ভূমিকম্পত কঁপিল আফগানিস্তানৰ ভূমি

এছিয়াত ভূমিকম্পৰ কম্পন দ্ৰুতগতিত দেখা গৈছে। আজি আফগানিস্তানত প্ৰবল ভূমিকম্পৰ সৃষ্টি হয়।(Earthquake In Afghanistan)

বুধবাৰে আফগানিস্তানত ৫.৬ প্ৰাবল্যৰ ভূমিকম্প সৃষ্টি হয়। ইউৰোপীয় ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (ই এম এছ চি)ৰ তথ্য অনুসৰি ভূমিকম্পৰ কেন্দ্ৰ ১২১ কিলোমিটাৰ গভীৰতাত আছিল। প্ৰায় ১০৮ হাজাৰ জনসংখ্যা থকা বাগলান অঞ্চলৰ পৰা ১৬১ কিলোমিটাৰ পূবে অৱস্থিত আছিল।

শেহতীয়াকৈ এছিয়াত হোৱা ধাৰাবাহিক ভূমিকম্পৰ ভিতৰত অন্যতম এই ভূমিকম্প। সংবাদ সংস্থা ‘এ এফ পি’ৰ তথ্য অনুসৰি আফগানিস্তানত এই ভূমিকম্পটো দক্ষিণ ফিলিপাইনছৰ ৫.৬ প্ৰাবল্যৰ ভূমিকম্পৰ কেইঘণ্টামান পিছত সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে। ইউ এছ জি এছৰ তথ্য অনুসৰি মিন্দানাও দ্বীপৰ উপকূলত সংঘটিত হোৱা এই ভূমিকম্পৰ গভীৰতা আছিল ৩০ কিলোমিটাৰ।

ফিলিপাইনছ ইনষ্টিটিউট অৱ ভলকেন’লজী এণ্ড ছিজম’লজিয়ে জনোৱা মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু মাইতুম চহৰৰ পৰা প্ৰায় ৪৩ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত। এই অঞ্চলটো পাহাৰ আৰু ঘন জনসংখ্যাৰে আগুৰি আছে। স্থানীয় প্ৰশাসনে জনোৱা মতে, ভূমিকম্পৰ বাবে বিশেষ ক্ষতি হোৱা দেখা নগ’ল। প্ৰশাসনৰ মতে, ভূমিকম্পৰ কম্পন অতি প্ৰবল আছিল যদিও ইয়াৰ বাবে কোনো বিশেষ ক্ষতি হোৱা দেখা নগ’ল।

আপোনালোকক জনাওঁ যে ইয়াৰ আগতে তাজিকিস্তানত ৫.৯ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। মধ্য এছিয়াৰ দেশখনত যোৱা ২ দিনত তৃতীয়টো ভূমিকম্প। দেওবাৰে তাজিকিস্তানত দুটা ভূমিকম্প হয়।