Home Blog Page 29

“গঠনমূলক সমালোচনাই এটা জাতিৰ মেৰুদণ্ড দৃঢ় কৰে, মই প্ৰশংসা ভয় কৰোঁ, সমালোচনা ভাল পাওঁ”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । Sarbananda Sonowal

"গঠনমূলক সমালোচনাই এটা জাতিৰ মেৰুদণ্ড দৃঢ় কৰে, মই প্ৰশংসা ভয় কৰোঁ, সমালোচনা ভাল পাওঁ": কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । Sarbananda Sonowal
"গঠনমূলক সমালোচনাই এটা জাতিৰ মেৰুদণ্ড দৃঢ় কৰে, মই প্ৰশংসা ভয় কৰোঁ, সমালোচনা ভাল পাওঁ": কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । Sarbananda Sonowal

Sarbananda Sonowal । গুৱাহাটীস্থিত দ্য আছাম ট্ৰিবিউনৰ উদ্যোগত আয়োজিত “দ্য আছাম ট্ৰিবিউন ডায়লগ ২০২৫ আৰু আৰ জি বৰুৱা মেম’ৰিয়েল এৱাৰ্ড ২০২৫” অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বন্দর, জলপথ আৰু আয়ু্ষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য আৰু দ্য আছাম ট্ৰিবিউনৰ পৰিচালন সঞ্চালক ববিতা ৰাজখোৱা

অনুষ্ঠানত সাংবাদিকতা, সংস্কৃতি, ক্ৰীড়া আৰু উদ্যমিতা ক্ষেত্ৰত অসামান্য অৰ্পণৰ বাবে আৰ জি বৰুৱা মেম’ৰিয়েল এৱাৰ্ড ২০২৫ প্ৰদান কৰা হয়। সাংবাদিকতাৰ ক্ষেত্ৰত ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, সংস্কৃতিৰ ক্ষেত্ৰত জাহ্নু বৰুৱা, ক্ৰীড়াক্ষেত্ৰত প্ৰসিদ্ধ ফুটবলাৰ লাৰসিং চোৱান আৰু উদ্যমিতা ক্ষেত্ৰত নরেন্দ্ৰ নাথ দত্তক বঁটা প্ৰদান কৰা হয়।

বঁটাপ্ৰদান অনুষ্ঠানত সৰ্বানন্দ সোণোৱালে বঁটাপ্ৰাপকসকলক আন্তৰিক অভিনন্দন জনাই সমাজৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ অসামান্য অৱদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

তেওঁ ভাষণত কয় —

“অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদক্ষেত্ৰত ইতিমধ্যে ৮৬ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা সম্পূৰ্ণ কৰা দ্য আছাম ট্ৰিবিউনে গুণগত সংবাদ সেৱাৰে বৰ্ণাঢ্য ইতিহাস ৰচনা কৰিছে। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাদেৱে আৰম্ভ কৰা এই যাত্ৰা অসমৰ সাংবাদিকতাৰ নব অধ্যায়ৰ সূচনা কৰিছিল। এই গৌৰৱময় যাত্ৰাত অংশ ল’ব পাৰি মই গৰ্বিত।”

সোণোৱালে অধিক কৈ উল্লেখ কৰে —

“গঠনমূলক সমালোচনাই এটা জাতিৰ মেৰুদণ্ড দৃঢ় কৰাত সহায় কৰে। মই প্ৰশংসা ভয় কৰোঁ, সমালোচনা ভাল পাওঁ। দ্য আছাম ট্ৰিবিউন সদায়েই মোকো দায়বদ্ধতাৰ সৈতে জাতীয় জীৱনত নিষ্ঠাৰে কাম কৰিবলৈ গঠনমূলক দৃষ্টিভংগীৰে অনুপ্ৰাণিত কৰি আহিছে। জনগণৰ সচেতন আৰু শক্তিশালী কণ্ঠস্বৰ হিচাপে কাকতখন গণতান্ত্ৰিক প্ৰমূল্যবোধৰ এক জাগ্ৰত প্ৰহৰী হিচাপে কাম কৰি আহিছে।”

তেওঁয়ে লগতে কয় যে, “দ্য আছাম ট্ৰিবিউন হৈছে আমাৰ সংবাদ ইতিহাসৰ এক উজ্জ্বল মাইলফলক। কাকতখনৰ সম্পাদকীয়, স্তম্ভ আৰু লেখাসমূহে পঢ়ুৱৈসকলক বৌদ্ধিক জাগৰণ, সামাজিক চেতনা আৰু গণতান্ত্ৰিক মূল্যবোধৰ পথত আগবঢ়াইছে। আমি আশাবাদী, এই বাতৰিকাকতখন আগন্তুক দিনতেও নিৰ্ভীক, বস্তুনিষ্ঠ আৰু গুণগত সাংবাদিকতাৰ দ্বাৰা অসমৰ ভৱিষ্যৎ গঢ় দিয়াত মুখ্য ভূমিকা পালন কৰিব।”

অনুষ্ঠানত সৰ্বানন্দ সোণোৱালে ৰাধাগোবিন্দ বৰুৱাদেৱৰ স্মৃতি উজ্জ্বল কৰি কয়, “তেখেতে সাংবাদিকতাক এক মিছনৰ পৰা এটা শক্তিশালী উদ্যোগলৈ ৰূপান্তৰিত কৰিছিল। সত্যৰ প্ৰতি তেখেতৰ নিষ্ঠা, দায়বদ্ধতা আৰু দূৰদৰ্শিতাই দ্য আছাম ট্ৰিবিউনক আজিৰ এই উচ্চতালৈ লৈ আহিছে।”

ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ সামুদ্ৰিক খণ্ড আৰু জলপথ পৰিৱহণ ক্ষেত্ৰৰ বিকাশত চৰকাৰৰ পদক্ষেপৰ বিষয়ে আলোকপাত কৰি কয় যে, বন্দর নেতৃত্বাধীন বিকাশ নীতিৰ ফলস্বৰূপে ভাৰতীয় জলপথ ব্যৱস্থাই দেশৰ বহনক্ষম উন্নয়নক শক্তিশালীভাৱে আগবঢ়াইছে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ সুযোগ-সম্ভাৱনা ত্বৰান্বিত কৰাৰ দিশেও কেন্দ্ৰীয় চৰকাৰ দৃঢ় সংকল্পবদ্ধ বুলি তেওঁ উল্লেখ কৰে।

অনুষ্ঠানৰ অন্তত দ্য আছাম ট্ৰিবিউনৰ সম্পাদকমণ্ডলী, বঁটাপ্ৰাপকসকল আৰু উপস্থিত অতিথিসকলে ভাৰতীয় সাংবাদিকতাৰ এই দীঘলীয়া যাত্ৰাত আছাম ট্ৰিবিউনৰ ভূমিকাক কৃতজ্ঞচিত্তে স্মৰণ কৰে।

১০০ গৰাকী ব্যক্তিৰ বিশেষ লেখাৰে ‘জুবিন গাৰ্গ …ইত্যাদি’ৰ পৰিবৰ্ধিত সংকলনৰ উন্মোচন । Zubeen Garg

১০০ গৰাকী ব্যক্তিৰ বিশেষ লেখাৰে 'জুবিন গাৰ্গ …ইত্যাদি'ৰ পৰিবৰ্ধিত সংকলনৰ উন্মোচন । Zubeen Garg
১০০ গৰাকী ব্যক্তিৰ বিশেষ লেখাৰে 'জুবিন গাৰ্গ …ইত্যাদি'ৰ পৰিবৰ্ধিত সংকলনৰ উন্মোচন । Zubeen Garg

Zubeen Garg । ১০০ গৰাকী ব্যক্তিৰ বিশেষ লেখাৰে ‘জুবিন গাৰ্গ …ইত্যাদি’ৰ পৰিবৰ্ধিত সংকলনৰ উন্মোচন

জুবিন গাৰ্গৰ বাসগৃহত পিতৃয়ে উন্মোচন কৰে ‘জুবিন গাৰ্গ …ইত্যাদি’

৯ নৱেম্বৰ, গুৱাহাটীঃ দেওবাৰে কাহিলীপাৰাস্থিত বাসগৃহত তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ (কপিল ঠাকুৰ)দেৱে উন্মোচন কৰে ‘জুবিন গাৰ্গ …ইত্যাদি’ গ্ৰন্থখনিৰ পৰিবৰ্ধিত সংকলন। উল্লেখ্য যে ২০১৫ চনত জুবিন গাৰ্গৰ জন্মদিনত জোনাক যুগান্তৰ বৰাৰ সম্পাদনাত প্ৰথম প্ৰকাশ পাইছিল ‘জুবিন গাৰ্গ…ইত্যাদি’ সংকলখনি। দহ বছৰৰ পাছত আজি তাৰেই পৰিবৰ্ধিত সংস্কৰণটিৰ উন্মোচন কৰা হয়।

গ্ৰন্থখনিত সন্নিৱিষ্ট হৈছে জুবিন গাৰ্গৰ জীৱনৰ বহু উল্লেখযোগ্য ব্যক্তিৰ কথা-কাহিনী, উল্লেখনীয় সময়ৰ ঘটনা-পৰিঘটনা। পত্নী গৰিমা শ‌ইকীয়া গাৰ্গৰ লগতে সৰ্বমুঠ ১০০ গৰাকী অগ্ৰজ আৰু নৱপ্ৰজন্মৰ লেখকৰ কলমত প্ৰকাশ পাইছে জুবিন গাৰ্গৰ জীৱন আৰু দৰ্শন। ২০০৬ চনতে জুবিন গাৰ্গে দিয়া এটি বিশেষ সাক্ষাৎকাৰো সন্নিবিষ্ট হৈ আছে। পৰিবৰ্ধিত সংকলনটিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে সংকলনটিৰ সম্পাদক জোনাক যুগান্তৰ বৰা, প্ৰকাশক গোকুল কলিতা, সংগীতশিল্পী ভদ্ৰকান্ত দাস, সংগীত পৰিচালক আলাপ দুদুল শ‌ইকীয়া, জুবিন গাৰ্গৰ সহপাঠী তথা ছবি পৰিচালক জয়ন্ত বৰদলৈ, সাংস্কৃতিক সাংবাদিক অনুপম হাজৰিকা, সাংস্কৃতিক সাংবাদিক শিবাণু বৰা, ফেশ্যন ফটোগ্ৰাফাৰ বিক্ৰম বৰপাত্ৰ, সাংবাদিক তথা চলচ্চিত্ৰ পৰিচালক হেমন্ত শৰ্মা, সংবাদকৰ্মী নিপম চুতীয়া, চাণক্য বৰুৱা, অংকুমান বৰদলৈকে ধৰি বহুকেইজন গণমান্য ব্যক্তি। অসমৰ সকলো গ্ৰন্থ বিপনী, গ্ৰন্থমেলাৰ লগতে অনলাইনতো গ্ৰন্থখন উপলব্ধ হ’ব বুলি প্ৰকাশকে জানিবলৈ দিয়ে।

বহু বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ, বিধানসভাত উত্থাপন হ’ব ‘অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫’ । Assam Cabinet

বহু বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ, বিধানসভাত উত্থাপন হ’ব ‘অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫’ । Assam Cabinet
বহু বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ, বিধানসভাত উত্থাপন হ’ব ‘অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫’ । Assam Cabinet

Assam Cabinet । বহু বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ, বিধানসভাত উত্থাপন হ’ব ‘অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫’

দেওবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত সদৰী কৰে এই সিদ্ধান্তসমূহ।

মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, বহু বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ সম্পূৰ্ণভাবে সাজু। আজিৰ কেবিনেট বৈঠকত ‘অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫’ বিধানসভাত উত্থাপনৰ বাবে অনুমোদন জনোৱা হয়।

এই আইন কাৰ্যকৰী হ’লে দোষীক সৰ্বাধিক ৭ বছৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তি আৰু জামিনবিহীন গোচৰৰ বিধান থাকিব। লগতে ভুক্তভোগী মহিলাক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক ক্ষতিপূৰণ দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। বিধেয়কখন ২৫ নৱেম্বৰত বিধানসভাত উত্থাপন কৰা হ’ব।

তেওঁয়ে লগতে স্পষ্ট কৰে যে, জনজাতীয় সমাজ আৰু ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলসমূহত এই আইন প্ৰযোজ্য নহ’ব। মুখ্যমন্ত্ৰীয়ে কয়, “অসমত বহুবিবাহ প্ৰথা সমূলতে উৎখাত কৰিবলৈ এই আইন এক ঐতিহাসিক পদক্ষেপ হ’ব।”

আজিৰ কেবিনেট বৈঠকত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় —

  • চৰাইদেউত চ্যুকাফা বিশ্ববিদ্যালয় স্থাপনৰ অনুমোদন জনায় কেবিনেটে। মুখ্যমন্ত্ৰীয়ে কয়, বিশ্ববিদ্যালয়খনত বাণিজ্য বিভাগক বিশেষ প্ৰাধান্য দিয়া হ’ব।
  • গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন নিৰ্মাণৰ বাবে উত্তৰ গুৱাহাটীৰ ৰং মহলত ১০০ বিঘা মাটি আবণ্টন কৰা হৈছে। প্ৰকল্পখনৰ বাবে কেবিনেটে ₹৪৮৮.৮৮ কোটি টকাৰ অনুমোদন আগবঢ়াইছে।
  • বিশ্বকাপ জয়ী অসমকন্যা উমা চেত্ৰীৰ অনন্য সফলতাৰ বাবে কেবিনেটে তেওঁলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ₹২৫ লাখ টকাৰ অনুদান অনুমোদন কৰিছে।

মুখ্যমন্ত্ৰীয়ে কয়, “উমা চেত্ৰী অসমৰ গৌৰৱ। তেওঁ নতুন প্ৰজন্মৰ খেলুৱৈসকলৰ বাবে এক অনুপ্ৰেৰণা।”

আজিৰ কেবিনেট বৈঠকত গৃহীত সিদ্ধান্তসমূহে ৰাজ্যৰ সমাজ, শিক্ষা আৰু ন্যায়ব্যৱস্থাৰ ক্ষেত্ৰত নতুন অধ্যায় সূচনা কৰাৰ আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উমা চেত্ৰীৰ বাবে ৰাজ্য চৰকাৰৰ ২৫ লাখ টকাৰ অনুদান ঘোষণা । himanta biswa sarma

উমা চেত্ৰীৰ বাবে ৰাজ্য চৰকাৰৰ ২৫ লাখ টকাৰ অনুদান ঘোষণা । himanta biswa sarma
উমা চেত্ৰীৰ বাবে ৰাজ্য চৰকাৰৰ ২৫ লাখ টকাৰ অনুদান ঘোষণা । himanta biswa sarma

Himanta Biswa Sarma । বিশ্বকাপ জয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ গৌৰৱী সদস্যা তথা অসমকন্যা উমা চেত্ৰীৰ বাবে অসম চৰকাৰে আৰ্থিক অনুদান ঘোষণা কৰিছে। দেওবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।

কেবিনেটে অনুমোদন দিয়া সিদ্ধান্ত অনুসৰি, অসম চৰকাৰে উমা চেত্ৰীক আগবঢ়াব ২৫ লাখ টকাৰ অনুদান। মুখ্যমন্ত্ৰীয়ে কয়, “আমি কোনোবা এটা দিনা উমাক নিমন্ত্ৰণ কৰি আনি বা তেখেতৰ ঘৰলৈ গৈ এই ধনৰাশি আগবঢ়াম।”

উল্লেখযোগ্যভাৱে, পূৰ্বে ৰাজ্য চৰকাৰে উমাক ১০ লাখ টকাৰ অনুদান আগবঢ়াইছিল। আনহাতে, অসম ক্ৰিকেট এছোচিয়েচনে (ACA) দেওবাৰে পুৱা উমা চেত্ৰীক আগবঢ়াইছে ৫১ লাখ টকাৰ চেক

বিশ্বকাপত উমা চেত্ৰীৰ অনন্য সফলতাৰ বাবে ৰাজ্য চৰকাৰে জনাইছে আন্তৰিক অভিনন্দন। মুখ্যমন্ত্ৰীয়ে কয়, “উমা অসমৰ গৌৰৱ। তেওঁ নতুন প্ৰজন্মৰ ক্ৰীড়াপ্ৰেমী কিশোৰ-কিশোৰীসকলৰ বাবে এক অনুপ্ৰেৰণা।”

Sivasagar News: শিৱসাগৰ বাকচুত আৰম্ভ হৈছে সদৌ অসম ভাওনা সমাৰোহ আৰু কৃষ্ণৰ ৰাসলীলা

শিৱসাগৰ বাকচুত আৰম্ভ হৈছে সদৌ অসম ভাওনা সমাৰোহ আৰু কৃষ্ণৰ ৰাসলীলা
শিৱসাগৰ বাকচুত আৰম্ভ হৈছে সদৌ অসম ভাওনা সমাৰোহ আৰু কৃষ্ণৰ ৰাসলীলা

ধিতাইপুখুৰী পূৰ্বৰংগ (Sivasagar News) সাংস্কৃতিক গোষ্ঠীৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে ভাওনা দলটিৰ উদ্যোগত বৃহত্তৰ বাকচুবাসী ৰাইজৰ আতিথ্যত বেতবাৰী, শিলাকুটি, হাঁহচৰা আৰু বকতা মৌজাৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা সমৰোহ আৰু কৃষ্ণ ৰাসলীলা উদ্দেশ্য আজি পুৱাৰে পৰা বাকচু সৰুবিল খেল পথাৰৰ বৃন্দাবন ক্ষেত্ৰত চাৰিওটা মৌজাৰ সহস্ৰ ৰাইজৰ উপস্থিতিয়ে অঞ্চলটোত অনন্য আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰিছে ৷ সমাৰোহৰ উপলক্ষে প্ৰকাশ কৰা মনোজ কোঁৱৰ আৰু পৰেশ হাতীমূৰীয়াৰ সম্পাদিত স্মৃতিগ্ৰন্থ “পূৰ্বৰংগ” উন্মোচন কৰে গড়গাঁও মহা বিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই ৷

নিশা লৈ আমগুৰিৰ কৰাপাট সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা অংকীয়া নাট ‘পাৰিজাত হৰণ’ প্ৰদৰ্শন কৰা হয় ৷ অহা কাই লৈ সন্ধিয়াৰ পৰা আৰম্ভ হ’ব লগা ভাওনা প্ৰতিযোগিতাত ইতিমধ্যে বিভিন্ন জিলাৰ ১২ টা প্ৰতিষ্ঠিত ভাওনা দলে অংশ গ্ৰহণ কৰিছে ৷

Roi Roi Binale Piracy: জুবিন গাৰ্গৰ হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী সন্দৰ্ভত এজাহাৰ

‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী সন্দৰ্ভত এজাহাৰ
‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী সন্দৰ্ভত এজাহাৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ (Roi Roi Binale Piracy) হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী সন্দৰ্ভত এজাহাৰ দাখিল। ৩১ অক্টোবৰত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে ছবিখনে দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। ছবি খনক ৰাইজে যথেষ্ট মৰম দিছে। প্ৰাণৰ শিল্পীগৰাকীৰ হেঁপাহৰ ছবিখন চাবলৈ সকলো অপেক্ষাৰে ৰৈ আছিল। অৱশেষত ৩১ অক্টোবৰত ছবিখনে মুক্তি লাভ কৰা পিছতে দৰ্শকে যথেষ্ট মৰম দিছে। ছবিখনে ভাল উপাৰ্জনো কৰিছে। অনকি অসমীয়া ছবিজগতৰ ইতিহাসত এই ছবিখনে ৰেকৰ্ড ভংগ কৰিছে। পুৱতি নিশাতে ছবি খনৰ প্ৰথম দৰ্শনী আৰম্ভ হয় ছবিগৃহত।

কিন্তু এচাম কাণ্ডজ্ঞানহীন ভাৱে ছবিখন ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত আপলোড কৰি আছে। এই সন্দৰ্ভত ছবিখনে টীমে আৰু জুবিন অনুৰাগীয়ে বাৰে বাৰে অনুৰোধ কৰি আহিছে যে ছবিখন যাতে কোনোৱে ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত আপলোড নকৰে। সকলোৱে যাতে ছবিখন উপভোগ কৰিবলৈ ছবি গৃহলৈ আহে।

তাৰ পিছতো একাংশ লোকে বাৰে বাৰে ছবিখন ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত আফলোড কৰাত ক্ষোভ প্ৰকাশ কৰে ৰৈ ৰৈ বিনালে ছবিখনৰ প্ৰযোজক ৰাজেশ ভূঞাই।

আনহাতে আজি ছবিখন পাইৰেচী সন্দৰ্ভত চাইবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ‘ৰৈ ৰৈ বিনালে’ৰ টীমে। শেহতীয়াকৈ বহুকেইটা ইউটিউব চেনেলে আপলোড কৰিছে ছবিখন।

‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচীৰ বিৰুদ্ধে সৰৱ হৈ এজাহাৰ দাখিল কৰি প্ৰযোজক ৰাজেশ ভূঞাই কয়, পাইৰেচীৰ বিৰুদ্ধে আমাৰ প্ৰযোজক গোষ্ঠীৰ ফালৰ পৰা চাইবাৰ ক্ৰাইমত দাখিল কৰা হ’ল এখন লিখিত এজাহাৰ’।

লগতে তেওঁ সামাজিক মাধ্যমত লিখে, ‘আজি ৫১ দিন হল

তোৰ সুৰতে কথা এটা কও

হাৰ নামানো

বিস্বাস আছে অসমৰ ৰাইজে তোৰ সৃষ্টিক সদায় মৰম দিব

Piracy কৰা সকলৰ পৰিচয় ওলাই গল

সত‍্য কথা সিহত কেতিয়াও অসমীয়া হব নোৱাৰে

হাজাৰ চেচ্টা কৰক….

…..খাতিৰ নকৰো’


Air Force Day Guwahati: বায়ুসেনাৰ বিমানৰ কলা-কৌশল চাবলৈ অগণন লোকৰ ভিৰ

বায়ুসেনাৰ বিমানৰ কলা-কৌশল চাবলৈ অগণন লোকৰ ভিৰ
বায়ুসেনাৰ বিমানৰ কলা-কৌশল চাবলৈ অগণন লোকৰ ভিৰ

বায়ুসেনাৰ প্ৰতিষ্ঠা দিৱস (Air Force Day Guwahati) উপলক্ষে মহানগৰীৰ লাচিতঘাটত বায়ুসেনাৰ এয়াৰ শ্ব’।

বায়ুসেনাৰ বিমানৰ বিশেষ কলা-কৌশল চাবলৈ অগণন লোকৰ ভিৰ।

হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত বায়ুসেনাই এয়াৰ শ্ব’ প্ৰদৰ্শন কৰিলে। মহানগৰীৰ আকাশত চুখয়, ৰাফেল, মিৰাজ, তেজচ, জেগুৱাৰ, মিগ-২৯, গ্লোব মাষ্টাৰৰ লগতে ধ্ৰুৱ, MI-17, সূৰ্য কিৰণ হেলিকপ্টাৰ আৰু যুদ্ধ বিমানৰ প্ৰদৰ্শন।

৭৫ খনৰো অধিক যুদ্ধ বিমানৰ শৃংখলিত স্পন্দন। এই দৃষ্টিনন্দন দৃশ্য উপভোগ কৰিলে হাজাৰ হাজাৰ লোকে।

বায়ুসেনাৰ প্ৰতিষ্ঠা দিৱসৰ এয়াৰ শ্ব’ত উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য।

উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকি ভূঞা শৰ্মা।

Uma Chetry: গুৱাহাটীত বিশ্বজয়ী ক্ৰিকেটাৰ উমা চেত্ৰীক আদৰণি

Uma Chetry: গুৱাহাটীত বিশ্বজয়ী ক্ৰিকেটাৰ উমা চেত্ৰীক আদৰণি
Uma Chetry: গুৱাহাটীত বিশ্বজয়ী ক্ৰিকেটাৰ উমা চেত্ৰীক আদৰণি

বিশ্বজয়ী ক্ৰিকেটাৰ উমা চেত্ৰীক আদৰণি ACAৰ ।(Uma Chetry)

গুৱাহাটীত বিশ্বজয়ী ক্ৰিকেটাৰ উমা চেত্ৰীক আদৰণি।

চাউথ পইণ্ট স্কুলৰ গেটৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামলৈ উষ্ম আদৰণি উমা চেত্ৰীক।

ICC মহিলা বিশ্বকাপত দেশৰ হৈ খেলা উমা চেত্ৰীক বিপুল সম্বৰ্ধনা।

বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাই আদৰি নিলে বিশ্বজয়ী ক্ৰিকেটাগৰাকীক।

বৰ্ষাপাৰা ষ্টেডিয়ামত উমা চেত্ৰীক সম্বৰ্ধনা অসম ক্ৰিকেট সন্থাৰ।

ক্ৰিকেটাৰগৰাকীক অভিনন্দন জনাবলৈ সমবেত বহুসংখ্যক লোক।

বিশ্বজয়ী ক্ৰিকেটাৰ উমা চেত্ৰীলৈ ৫১ লাখ টকা অনুদান অসম ক্ৰিকেট সন্থাৰ।

এই ঘোষণা ACAৰ সভাপতি তৰংগ গগৈৰ ।

Zubeen Garg Death Case: আজি জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্তৰ উকলিব ন্যায়িক জিম্মাৰ ম্যাদ

আজি জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্তৰ উকলিব ন্যায়িক জিম্মাৰ ম্যাদ
আজি জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্তৰ উকলিব ন্যায়িক জিম্মাৰ ম্যাদ

আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত ৭ অভিযুক্তৰ উকলিব ন্যায়িক জিম্মাৰ ম্যাদ।(Zubeen Garg Death Case)

ন্যায়িক জিম্মাৰ ম্যাদ শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মাকে ধৰি ৭ অভিযুক্তৰ।

ম্যাদ উকলিব বাক্সা আৰু হাফলং কাৰাগাৰাত কাৰাবন্দী ৭ অভিযুক্তৰ।

ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে ৭ অভিযুক্তৰ আদালতত হ’ব শুনানি।

Goalpara Eviction: আজিৰে পৰা গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান

আজিৰে পৰা গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান
আজিৰে পৰা গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান

আজিৰে পৰা গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান। (Goalpara Eviction)

দহিকটা সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ ।

২০ খনকৈ এক্সকেভেটৰেৰে চলিছে উচ্ছেদ।

গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত আজি উচ্ছেদ ।

উচ্ছেদ অভিযানৰ মাজতে দুজনক আটক কৰা হৈছে ।

AIUDFৰ মুখপাত্ৰ আব্দুল হাই, শ্বাহ আলমক আটক কৰা হৈছে।