Home Blog Page 290

Bollywood Bodyguards: সাতজন বলীউডৰ অভিনেতা-অভিনেত্ৰীৰ দেহৰক্ষীৰ মাচুল বহুত জানিলে আচৰিত হ’ব !

Bollywood Bodyguards: সাতজন বলীউডৰ অভিনেতা-অভিনেত্ৰীৰ দেহৰক্ষীৰ মাচুল বহুত জানিলে আচৰিত হ'ব !
Bollywood Bodyguards: সাতজন বলীউডৰ অভিনেতা-অভিনেত্ৰীৰ দেহৰক্ষীৰ মাচুল বহুত জানিলে আচৰিত হ'ব !

বলীউডৰ চেলিব্ৰিটিসকলে নিজৰ নিৰাপত্তাৰ বাবে কঠোৰ ব্যৱস্থা লয়। এনে পৰিস্থিতিত তেওঁলোকৰ দেহৰক্ষীসকলকে যি ধন দাবী কৰে, সেই ধন দিয়ে। বলীউডৰ এনে কিছুমান দামী দেহৰক্ষীৰ বিষয়ে জানো আহক-(Bollywood Bodyguards)

বলীউডৰ চেলিব্ৰিটিৰ বহুত খৰচ হয়। চেলিব্ৰিটিসকলে এটা ভাল বিলাসী জীৱনশৈলী বজাই ৰাখিবলৈ লাখ লাখ টকা খৰচ কৰে। সেইবাবে তেওঁলোকে নিৰাপত্তাৰ ক্ষেত্ৰতো অধিক গুৰুত্ব দিয়ে।

ৰবি সিং (শ্বাহৰুখ খানৰ দেহৰক্ষী)
শ্বাহৰুখ খানৰ দেহৰক্ষীৰ নাম ৰবি সিং। প্ৰায় প্ৰতিটো অনুষ্ঠানতে ৰবিয়ে শ্বাহৰুখ খানৰ সৈতে থাকে। বলীউডৰ সৰ্বাধিক দৰমহা পোৱা দেহৰক্ষী ৰবি। খবৰ অনুসৰি ৰবিয়ে বাৰ্ষিক মাচুল হিচাপে ২.৭ কোটি টকা লয়।

শ্বেৰা (চলমান খানৰ দেহৰক্ষী)
ছলমান খানৰ দেহৰক্ষী শ্বেৰা নিজেও এজন চেলিব্ৰিটিতকৈ কম নহয়। শ্বেৰাৰ বিষয়ে ছলমানৰ অনুৰাগীসকলে নিশ্চয় জানে। আপোনালোকক কওঁ যে শ্বেৰা ছাঁৰ দৰে ছলমান খানৰ লগত থাকে। ছলমান আৰু শ্বেৰাৰ মাজৰ বন্ধন বন্ধুৰ বন্ধনতকৈ কম নহয়। বহু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শ্বেৰাৰ বাৰ্ষিক মাচুল ২ কোটি টকা।

যুৱৰাজ ঘোৰপাডে (আমীৰ খানৰ দেহৰক্ষী)

এফালে ছলমান খানৰ দেহৰক্ষী শ্বেৰাক প্ৰায় সকলোৱে চিনি পায়। একে সময়তে আমিৰ খানৰ দেহৰক্ষীৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। আমিৰৰ দেহৰক্ষীৰ নাম যুৱৰাজ ঘোৰপাড়ে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যুৱৰাজে এবছৰৰ বাবে মাচুল হিচাপে ২ কোটি টকা লয়।

জিতেন্দ্ৰ শিন্দে (অমিতাভ বচ্চনৰ দেহৰক্ষী)

বলীউডৰ প্ৰবীণ অভিনেতা অমিতাভ বচ্চনৰ দেহৰক্ষীৰ নাম হয়তো আপুনি নাজানিব। বছৰ বছৰ ধৰি অমিতাভক ৰক্ষা কৰি আহিছে জিতেন্দ্ৰ শিন্দে। জিতেন্দ্ৰক বিগ বিৰ সৈতে বহু ইভেণ্টত দেখা গৈছে। জিতেন্দ্ৰৰ বাৰ্ষিক মাচুল ১.৫ কোটি টকা।

শ্ৰেয়াছ থেলে (অক্ষয় কুমাৰৰ দেহৰক্ষী)

অক্ষয় কুমাৰৰ দেহৰক্ষীৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। অক্ষয়ৰ দেহৰক্ষীৰ নাম শ্ৰেয়াস থেলে। দীৰ্ঘদিন ধৰি অক্ষয়ৰ লগত আছে শ্ৰেয়াস। শ্ৰেয়াসৰ বাৰ্ষিক মাচুল ১.২ কোটি টকা।

প্ৰকাশ সিং (অনুষ্কা শৰ্মা-বিৰাট কোহলীৰ দেহৰক্ষী)

বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী প্ৰায়ে একেলগে ওলাই যায় আৰু বহু অনুষ্ঠানতো একেলগে দেখা যায়। এই সময়ত এজন ব্যক্তি তেওঁলোকৰ লগত থাকে। এই ব্যক্তিজনৰ নাম প্ৰকাশ সিং। বহু সংবাদ মাধ্যমত দাবী কৰা হৈছে যে এই শক্তি দম্পতীৰ দেহৰক্ষীৰ মাচুল ১.২ কোটি টকা।

জালাল (দীপিকা পাডুকনৰ দেহৰক্ষী)

দীপিকা পাডুকনৰ দেহৰক্ষীৰ নাম জালাল। ছবি এখনৰ প্ৰচাৰ হওক বা মন্দিৰ ভ্ৰমণ হওক। জলালক সদায় দীপিকাৰ আশে-পাশে দেখা যায়। খবৰ অনুসৰি জালালৰ বাৰ্ষিক মাচুল ১.২ কোটি টকা।

Bohag Bihu 2025: ডিমৌৰ মধুপুৰত পৰম্পৰাগত উৎসাহ-উল্লাহেৰে গৰু বিহু উদযাপন

Bohag Bihu 2025: ডিমৌৰ মধুপুৰত পৰম্পৰাগত উৎসাহ-উল্লাহেৰে গৰু বিহু উদযাপন
Bohag Bihu 2025: ডিমৌৰ মধুপুৰত পৰম্পৰাগত উৎসাহ-উল্লাহেৰে গৰু বিহু উদযাপন

আজি ৰাজ্যজুৰি আনন্দ-উল্লাসৰে(Bohag Bihu 2025) পালিত হৈছে গৰু বিহু। পুৱাৰ পৰা খেতিয়ক মানুহে নিজৰ পোহনীয়া গো-ধনক নুৱাই- ধুৱাই শ্ৰীবৃদ্ধিৰ কামনা কৰি উদযাপন কৰিছে এই পৰম্পৰাগত দিনটো। ডিমৌৰ মধুপুৰত দেখা গৈছে এক উলহ-মাখল পৰিৱেশ। অঞ্চলটোৰ ৰাইজে গাঁও-গাঁওত সাতামপুৰুষীয়া ৰীতি-নীতি অনুসৰি পালন কৰিছে গৰু বিহু। পুৱাতে ওচৰৰ নৈ-বিল-পুখুৰীত গো-ধন নুৱাই-ধুৱাই, লাও, বেঙেনা আৰু হালধি ছটিয়াই “লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা” বুলি গাই গোধনৰ কুশল কামনা কৰিছে।

দীঘলতি, মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই গৰুৰ দীৰ্ঘায়ু আৰু নতুন শক্তি কামনা কৰাৰ এই ঐতিহ্য আজি সমানে জীৱন্ত। সন্ধিয়া সময়ত আদৰ-সাদৰেৰে গোহালিলৈ গো-ধনক অনা হয়। তদুপৰি, নতুন পঘাৰে গৰু বন্ধাৰ উপৰি গোহালি আৰু পদূলিত মৰলীয়া বন, অগৰু বন আৰু তুঁহৰ জাগ দি মাখিয়তী গছৰ পাত আৰু ন-বিচনীৰে বিচি, পিঠা-পনা খুৱাই গৰু বিহুৰ দিনটোত পৰম্পৰাৰ গৰ্ব অনুভৱ কৰিছে অঞ্চলবাসীয়ে। অসমীয়াৰ কৃষি জীৱনক কেন্দ্ৰ কৰি উদযাপন হোৱা এই উৎসৱটোৱে জনজীৱনত এক আশাৰ ৰঙেৰে ভৰাই তোলে।

Bohag Bihu 2025: আমৰলি পৰুৱা টোপ কিয় খোৱা হয়, গৰু বিহু দিনা টিকনি বৰুৱা কিয় দুৱাৰমুখত লগোৱা হয় ?

Bohag Bihu 2025: আমৰলি পৰুৱা টোপ কিয় খোৱা হয়, গৰু বিহু দিনা টিকনি বৰুৱা কিয় দুৱাৰমুখত লগোৱা হয় ?
Bohag Bihu 2025: আমৰলি পৰুৱা টোপ কিয় খোৱা হয়, গৰু বিহু দিনা টিকনি বৰুৱা কিয় দুৱাৰমুখত লগোৱা হয় ?

আজি অসমীয়া প্ৰাণৰ হেঁপাহৰ আজি গৰু বিহু ৷(Bohag Bihu 2025) চ’ত আৰু ব’হাগৰ সংক্ৰান্তি দিনা পালন কৰা এইগৰু বিহু উপলক্ষে ৰাজ্যজুৰি পাৰভঙা উচাহ ৷ গৰু বিহু দিনা পৰম্পৰা খাদ্য হিচাপে আমৰলি পৰুৱা টোপ খায় । সেয়ে উৰুকা বজাৰত ব্যৱসায়ীয়ে চৰা দামত বিক্ৰী কৰে ৷আনহাতে গৰুবিহুদিনা গ্ৰামাঞ্চলৰ বহুতে আমৰলি পৰুৱাৰ বাহৰ সন্ধানত পুৱাই ওলাই য়ায় ৷যিহতু আমৰলি পৰুৱাই বাহ বান্ধে ওখ গছৰ ডালত ৷সেয়ে ইয়াক সংগ্ৰহ কৰাটোও অত্যন্ত কষ্টকৰ কাম ৷ আমৰলি পৰুৱাৰ কামোৰত যথেষ্ট যন্ত্ৰণাভোগ হ’বলগীয়া পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷ তৎসত্বেও প্ৰতিজন অসমীয়াই আজি আমৰলি পৰুৱাৰ টোপ সংগ্ৰহ কৰে ৷ লোকবিশ্বাস অনুসৰি–আজি দিনটোত আমৰলি পৰুৱা টোপ খালে বছৰটোলৈ নিৰোগী হৈ থাকে ৷ উচ্চ প্ৰটিনযুক্ত উৎকৃষ্ট খাদ্য হিচাপে বিবেচিত এই আমৰলি টোপে সু স্বাস্থ্য অটুট ৰখাত সহায় কৰে ৷ একেদৰে আজি দিনটোত লোক বিশ্বাস অনুসৰি প্ৰতিজন অসমীয়াৰ ঘৰৰ দুৱাৰমুখত টিকনি বৰুৱা নামৰ এবিধ লতাজাতীয় কাঁইটীয়া শাকো আঁৰি দিয়া নিয়ম ৷ তদুপৰি আজি দিনটোতে এশ এবিধ শাকেৰে ব্যঞ্জন ৰন্ধা উপৰিও আগদিনা ৰান্ধি থোৱা ঠাণ্ডা ভাতত পানী ঢালি খোৱা নিয়ম আছে ।

এই পৰম্পৰা সম্পৰ্কত ধেমাজিৰ তুলসীবাৰী গাঁৱৰ লোকঔষধি চিকিৎসক দেৱকান্ত কোচে কয় –“ আজি গৰু বিহু ৷ জনগোষ্ঠীৰ মাজত পৰম্পৰা চলি আহিছে যে আমৰলি পৰুৱা টোপ পাৰি খায় ৷ইয়াৰ কথাটো হ’ল যে আমাৰ শৰীৰ যিবিলাক Toxin আছে ৷ বিভিন্ন ধৰণৰ খাদ্য খাওঁতে দূষিত পদাৰ্থ জমা হ’ব পাৰে । আমৰলি টোপ ত এবিধ এচিড থাকে ৷ সেই এচিডটোৰ কাৰণে এবছৰলৈ ৰোগ মুক্ত হৈ থাকে ৷ এই কথাটো জনবিশ্বাসমতে চলি আহিছে আৰু ই বৈজ্ঞানিকভাৱেও সত্য ৷

দ্বিতীয় কথাটো হ’ল আজিৰ দিনটোতে বন শাক বা বন দৰৱ ১০১বা ১০৮টা খোৱা হয় ৷আমি জানো যে দ্ৰৱ্য গুন বুলিলে প্ৰতিটো বন ঔষধিতে ৰাসায়নিক ক্ৰিয়া থাকে । যিটো দেহৰ বাবে প্ৰয়োজন ৷এই সকলোবোৰ মিলাই চবজি হিযাপে খালে দেহৰ অসাংক্ৰাম্যতা বা ৰোগ প্ৰতেৰোধ ক্ষমতা বৃদ্ধি পায় “৷

গৰু বিহু দিনা টিকনি বৰুৱা কিয় দুৱাৰমুখত লগোৱা হয় ?

গৰু বিহুৰ সৈতে বিভিন্ন লোকবিশ্বাস আৰু পৰম্পৰা সমূহৰ ভিতৰত ইয়ো এটা অন্যতম ৷ হাবি বা বাৰীৰ চুকত প্ৰাকৃতিভাৱে উপলব্ধ হোৱা এই টিকনি বৰুৱা নামৰ এবিধ কাঁইটীয়া লতা জাতীয় গছ সংগ্ৰহ কৰি ঘৰৰ দুৱাৰ মুখত লগোৱা হয়৷

Egg Yolk: কণীৰ কুহুম সকলোৰে বাবে স্বাস্থ্যকৰ নহয়, আপোনাৰো আছে নেকি এই ৰোগ ?

Egg Yolk: কণীৰ কুহুম সকলোৰে বাবে স্বাস্থ্যকৰ নহয়, আপোনাৰো আছে নেকি এই ৰোগ ?
Egg Yolk: কণীৰ কুহুম সকলোৰে বাবে স্বাস্থ্যকৰ নহয়, আপোনাৰো আছে নেকি এই ৰোগ ?

স্বাভাৱিকতে স্বাস্থ্যকৰ(Egg Yolk) বুলি গণ্য কৰা প্ৰতিটো খাদ্যই হয়তো সকলোৰে স্বাস্থ্য উন্নত কৰাৰ উপায় হ’বই লাগিব বুলি ক’ব নোৱাৰি। কিছুমান সমস্যাত ইয়াৰ পৰা আঁতৰি থকাটো ভাল। কণীৰ কুহুমত ভিটামিন এ, ভিটামিন ডি, ভিটামিন ই, ভিটামিন বি ১২, কলিন আৰু স্বাস্থ্যকৰ চৰ্বিৰ দৰে পুষ্টিকৰ উপাদান থাকে, যাৰ বাবে ই পুষ্টিকৰ উপাদানৰ শক্তিশালী স্থান। কিন্তু কিছুমান লোকে কণীৰ কুহুম খালে স্বাস্থ্যৰ সমস্যা হ’ব পাৰে। ভাল স্বাস্থ্য বজাই ৰাখিবলৈ কণীৰ কুহুম কোনে পৰিহাৰ কৰিব লাগে বা সীমিত পৰিমাণে কাব লাগে জানো আহক-

১/ উচ্চ কলেষ্টেৰল
উচ্চ কলেষ্টেৰলৰ মাত্ৰা থকা বা হৃদৰোগৰ থকা লোক সজাগ হৈ থাকিব লাগে। কণীৰ কুহুমত খাদ্যৰ কলেষ্টেৰল বেছি (প্ৰতি কুহুমত প্ৰায় ১৮৬ মিলিগ্ৰাম)। নি

২) যিসকলৰ কণীৰ এলাৰ্জী থাকে
কণীৰ এলাৰ্জী থকা লোকে কণীৰ কুহুম সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে। শিশুৰ ক্ষেত্ৰত সাধাৰণ যদিও প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰতো সম্ভৱপৰ কণীৰ এলাৰ্জীৰ ফলত ফোহাৰ পৰা আৰম্ভ কৰি গুৰুতৰ এনাফিলেক্সিছলৈকে লক্ষণ দেখা দিব পাৰে। কুহুমত লিভেটিন আৰু ভিটেলিনৰ দৰে প্ৰটিন থাকে যিয়ে এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে, গতিকে ইয়াক সম্পূৰ্ণৰূপে এৰাই চলাটোৱেই উত্তম।

৩/ যকৃতৰ কিছুমান বিশেষ অৱস্থা
কিছুমান যকৃতৰ ৰোগ, যেনে ফেটি লিভাৰ ডিজিজ বা চিৰ’ছিছৰ বাবেও কণীৰ কুহুম সীমিত কৰাৰ প্ৰয়োজন হ’ব পাৰে। কুহুমত থকা অধিক চৰ্বিৰ পৰিমাণ যদিও বেছিভাগ মানুহৰে বাবে স্বাস্থ্যকৰ, ইতিমধ্যে দুৰ্বল যকৃতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে। এজন স্বাস্থ্যসেৱা প্ৰদানকাৰীয়ে অৱস্থাৰ তীব্ৰতাৰ ওপৰত ভিত্তি কৰি ব্যক্তিগতকৃত নিৰ্দেশনা আগবঢ়াব পাৰে।

৪/ ওজন কমাব পৰা খাদ্য গ্ৰহণ কৰা লোক
বিশেষ কম চৰ্বিযুক্ত বা কম কেলৰিযুক্ত খাদ্য গ্ৰহণ কৰা লোকসকলে, যেনে ওজন কমাব পৰা বা অস্ত্ৰোপচাৰৰ পৰা সুস্থ হোৱা লোকসকলে কণীৰ কুহুম বেছি খাব নালাগে। কুহুমটো কেলৰি ঘন (প্ৰতি কুহুমত প্ৰায় ৫৫ কেলৰি) আৰু ইয়াত কণীৰ কুহুমতকৈ অধিক চৰ্বি থাকে, যিয়ে কঠোৰ খাদ্যৰ লক্ষ্যত বাধাৰ সৃষ্টি কৰিব পাৰে।

৫) পিত্তথলীত আক্ৰান্ত লোক
পিত্তথলী বা পিত্তপাথৰৰ সমস্যা থকা লোকসকলে কণীৰ কুহুম হজম কৰাত অসুবিধা পাব পাৰে কাৰণ ইয়াত চৰ্বিৰ পৰিমাণ বেছি। এনে পৰিস্থিতিত পেটৰ বিষ বা বমিৰ সমস্যা বাঢ়িব পাৰে।

Gaurav Gogoi: ৰঙালী বিহুৰ মাজতেই পিতৃ প্ৰয়াত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক লৈ আৱেগিক পোষ্ট গৌৰৱ গগৈৰ

Gaurav Gogoi: ৰঙালী বিহুৰ মাজতেই পিতৃ প্ৰয়াত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক লৈ আৱেগিক পোষ্ট গৌৰৱ গগৈৰ
Gaurav Gogoi: ৰঙালী বিহুৰ মাজতেই পিতৃ প্ৰয়াত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক লৈ আৱেগিক পোষ্ট গৌৰৱ গগৈৰ

ৰঙালী বিহুৰ মাজতেই পিতৃ প্ৰয়াত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক লৈ আৱেগিক পোষ্ট গৌৰৱ গগৈৰ। (Gaurav Gogoi)

ৰঙালী বিহুৰ এই সময়ত পিতৃক সোঁৱৰিলে সাংসদ গৌৰৱ গগৈয়ে।


ফেচবুকত নিজৰ মনৰ কথা শ্বেয়াৰ কৰিলে সাংসদগৰাকীয়ে।

তেওঁ ফেচবুকত লিখে, ‘যেতিয়াই ৰঙালী বিহু আহে তেতিয়াই মোৰ মনত পৰে মোৰ পিতৃ তথা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ প্ৰতিটো জাতীয় উৎসৱক প্ৰাণভৰি ভালপোৱা নিভাজ অসমীয়া মনতো আৰু তেওঁৰ সৰলতালৈ। একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰীৰ গধূৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে সফলতাৰে পালন কৰাৰ লগতে তেওঁ প্ৰতিবছৰে বিহুৰ প্ৰথম দিনাখনেই লতাশিল খেলপথাৰলৈ গৈ বৰ্ণিল কাৰ্যসূচীৰে তাত আয়োজন কৰা ৰঙালী বিহুৰ পুৱাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সকলোৰে সৈতে আপোনভোলা হৈ বিহুৰ আনন্দত বিভোৰ হৈছিল। আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিজয়া চক্ৰৱৰ্তী খুড়ীদেউ উপস্হিত থাকিলে দুয়োগৰাকীয়ে একেলগে এপাক বিহু নাচি অসমবাসী ৰাইজক বিহুৰ ওলগ আৰু শুভেচ্ছা জনাইছিল। দল-মত নিৰ্বিশেষে সকলো দল-সংগঠন,বিভিন্ন জাতি-বৰ্ণ-ধৰ্মৰ সকলোকে একত্ৰিত কৰা এইয়াই হ’ল আমাৰ মহান অসমীয়া সংস্কৃতিৰ অন্যতম প্ৰধান বিহুৰ পৰম্পৰা তথা সংস্কৃতি ।

সকলোৰেলৈকে এনে মহান অসমীয়া সংস্কৃতিৰ প্ৰাণৰো প্ৰাণৰ,হেঁপাহৰ বাপতি সাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনালোঁ। দুখ-দুৰ্গতি,অপায়-অমংগল দূৰ কৰি ৰঙালী বিহু আৰু নৱবৰ্ষই আপোনাৰ পৰিয়ালৰ সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি। সকলোৰে জীৱন মংগলময় হওক।’

Bohag Bihu 2025: আজি গৰু বিহু, মুখ্যমন্ত্ৰী; গৃহমন্ত্ৰীয়ে জনালে বিহুৰ শুভেচ্ছা

Bohag Bihu 2025: আজি গৰু বিহু, মুখ্যমন্ত্ৰী; গৃহমন্ত্ৰীয়ে জনালে বিহুৰ শুভেচ্ছা
Bohag Bihu 2025: আজি গৰু বিহু, মুখ্যমন্ত্ৰী; গৃহমন্ত্ৰীয়ে জনালে বিহুৰ শুভেচ্ছা

“দীঘলতী দীঘল পাত(Bohag Bihu 2025)

মাখি মাৰো জাত জাত

লাউ খা, বেঙনা খা,

বছৰে বছৰে বাঢ়ি যা।

মাৰ সৰু, বাপেৰে সৰু

তই হবি বৰ গৰু।”

আজি গৰু বিহু। মাহ-হালধীৰে গৰুক নোৱাই-ধোৱাই শ্ৰীবৃদ্ধি কামনা। লগতে দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, গা-ধুৱাই পৰম্পৰা ৰক্ষা কৰিছে ৰাইজে।

আজি গৰু বিহু, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, মাহ-হালধীৰে গৰুক গা-ধুৱাই পৰম্পৰা ৰক্ষা বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ। ফটো চাওক-

পুৱাই বিধায়ক মৃণাল শইকীয়াই গৰুক গা ধুৱাই পৰম্পৰা ৰক্ষা কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমবাসীক জনালে ৰঙালী বিহুৰ শুভেচ্ছা।

ব’হাগ বিহুৰ শুভেচ্ছা জনালে নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙে।


Bohag Bihu 2025: ব’হাগ বিহুত কিয় লোৱা হয় জেতুকা ?

Bohag Bihu 2025: ব'হাগ বিহুত কিয় লোৱা হয় জেতুকা ?
Bohag Bihu 2025: ব'হাগ বিহুত কিয় লোৱা হয় জেতুকা ?

আমি সকলোৱে ব’হাগ বিহুত জেতুকা লওঁ, বিহুত জেতুকা লোৱাটো বহু পৰম্পৰাগত কাৰণত। জেতুকা এক ঔষধি উদ্ভিদ, বিহুৰ সময়ত হাতত লোৱাৰ বাবে(Bohag Bihu 2025)ব্যৱহাৰ কৰা হয় জেতুকা। জেতুকাৰ পাত পিহি হাতত লগাই, যাৰ ফলত হাত তলুৱাত সৃষ্টি হয় এক বিশেষ ৰং। কেৱল জেতুকা হাতৰ তলুৱাত বা সৌন্দৰ্যৰ বাবে ব্যৱহাৰ কৰা নহয়। জেতুকা পাতত আছে বহু ঔষধি গুণো। বহুতে জেতুকা চুলিতো ব্যৱহাৰ কৰে, ইয়াৰ ফলত চুলিব বহু সমস্যা দূৰ হয়। আনহাতে বহুতৰ মতে হাত বা ভৰিৰ তলুৱাত জেতুকা সানিলে বসন্তৰোগ প্ৰতিৰোধ কৰ। জেতুকা ব্যৱহাৰৰ কিছুমান কথা জানো আহক-


হাত- ভৰিৰ নখত হোৱা নখচুকীয়া, নখ ফটা , নখৰ বিষ, নখ ফুলা আদি সমস্যাত জেতুকা পাত লগাব লাগে।

চুলিত বহুতে জেতুকা পাত লগালে চুলি ঘন ,ক’লা আৰু মসৃন হয় লগতে চুলি সৰা বন্ধ হয় আৰু নতুন চুলি গজে আৰু অকাল পক্কতা দূৰ হয়। আনহাতে উচ্চ ৰক্তচ্চাপ ৰোগীয়ে জেতুকাপাতৰ প্ৰলেপ মুৰত সনাটো উপকাৰী ।
নিম্ন ৰক্তচ্চাপ ৰোগীয়ে এনে প্ৰলেপ মুৰত নলগাব।


দাঁতৰ আলু ফুলিলে, পকি পুজ ওলালে বা বিষ হলে জেতুকা পাতৰ ৰস লগালে কিছু আৰাম পায় ।


মুখৰ ভিতৰত, জিহ্বা নাইবা ডিঙিৰ ঘা, চাল উঠা বা তেনে সমস্যাত জেতুকাৰে কুলু কুলু কৰিলে কিছু আৰাম পাই ।


মৃগী ৰোগীৰ বাবে জেতুকা ৰস দুচামুচ গাখীৰৰ লগত খোৱাতো উপকাৰী বুলি কয় ।

শৰীৰত বগা দাগ , কুষ্ঠ ৰোগ আদিত জেতুকা খোৱাৰ লগতে বাহ্য প্ৰয়োগত সুফল পায় বুলি বিশ্বাস।

India Women’s Pancha Silat League: ছাব্‌-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ: ২০২৫ত অসমৰ ১১ টা পদক জয়

India Women's Pancha Silat League: ছাব্‌-জুনিয়'ৰ খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ
India Women's Pancha Silat League: ছাব্‌-জুনিয়'ৰ খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ

ছট্টিছগড়ৰৰ বিলাছপুৰস্থিত বি.আৰ. যাদৱ ইণ্ড’ৰ ষ্টেডিয়িমত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত গত ৯ ৰ পৰা ১২ এপ্ৰিল তাৰিখলৈকে চাৰিদিনিয়াকৈ অনুষ্ঠিত হোৱা আস্মিতা ৰাষ্ট্ৰীয় ছাব্‌-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ: ২০২৫ত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা অসমৰ বিভিন্ন জিলাৰ মহিলা পেন্‌চাক চিলাট খেলুৱৈয়ে পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।(India Women’s Pancha Silat League)

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ প্ৰযোজনা আৰু পৰ্য্যবেক্ষণত হোৱা উক্ত প্ৰতিযোগিতাত দেশৰ ৩৬ ৰাজ্যৰ প্ৰায় ১২০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অসম পেনচাক চিলাট সন্থাৰ যুটীয়া সম্পাদক গগন চন্দ্ৰ বড়ো, সহ: সম্পাদক স্বপন বড়ো আৰু ৰাষ্ট্ৰীয় বিচাৰক ঔম ছেত্ৰীৰ নেতৃত্বত যোৱা অসমৰ খেলুৱৈ সকলে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ’ল’ আদি শাখাত প্ৰতিযোগিতা আগবঢ়াই ক্ৰমে ধেমাজী জিলাৰ জয়ীতা গগৈয়ে সোণৰ পদক আৰু ৰিজূ পায়েঙে ব্ৰঞ্জৰ পদক, শোণিতপুৰ জালাৰ জুতিকা গগৈয়ে ৰূপৰ আৰু সুনিতা ৰাভাই ব্ৰঞ্জৰ পদক, গোলাঘাট জিলাৰ পৰিস্মিতা নাথে দুটাকৈ ব্ৰঞ্জৰ পদক, অভিলাষা শইকীয়াই দুটাকৈ ব্ৰঞ্জৰ পদক, হিৰষ্ময়ী শইকীয়াই দুটাকৈ ব্ৰঞ্জৰ পদক আৰু কামৰূপ মেট্ৰ’ৰ অঙ্কিতা চৰকাৰে এটা ব্ৰঞ্জৰ পদক আৰ্জ্জন কৰি মুঠ ১১টা পদকেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা উত্তৰ-পূৱ পেনচাক চিলাট মহাসংঘৰ উপ-সভাপতি লক্ষ্যজিত দলে জানিবলৈ দিয়ে।

The EDM Challenge: ৱেভছঃ ‘ৰেজ’নেট: দ্য ইডিএম চেলেঞ্জ’ৰ বাবে ঘোষণা কৰা হ’ল শীৰ্ষ ১০ গৰাকী প্ৰতিযোগীৰ নাম অসমৰো দুই প্ৰতিযোগী নিৰ্বাচিত

The EDM Challenge: ৱেভছঃ ‘ৰেজ’নেট: দ্য ইডিএম চেলেঞ্জ’ৰ বাবে ঘোষণা কৰা হ'ল শীৰ্ষ ১০ গৰাকী প্ৰতিযোগীৰ নাম অসমৰো দুই প্ৰতিযোগী নিৰ্বাচিত
The EDM Challenge: ৱেভছঃ ‘ৰেজ’নেট: দ্য ইডিএম চেলেঞ্জ’ৰ বাবে ঘোষণা কৰা হ'ল শীৰ্ষ ১০ গৰাকী প্ৰতিযোগীৰ নাম অসমৰো দুই প্ৰতিযোগী নিৰ্বাচিত

মুম্বাই অনুষ্ঠিত হবলগীয়া বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (ৱেভছ) ২০২৫ৰ পূৰ্বে ‘ক্ৰিয়েট ইন ইণ্ডিয়া’ চেলেঞ্জৰ অধীনত অনুষ্ঠিত হোৱা(The EDM Challenge) মাৰ্কিন প্ৰতিযোগিতা ‘ৰেজ’নেট: দ্য ইডিএম চেলেঞ্জ’ই ইলেক্ট্ৰনিক ডান্স মিউজিক (ইডিএম)ৰ বিশ্বব্যাপী প্ৰতিভাক একত্ৰিত কৰি সংগীত নিৰ্মাণ আৰু লাইভ প্ৰদৰ্শনত উদ্ভাৱন, সৃষ্টিশীলতা, আৰু সহযোগিতাক উদযাপন কৰিছে।ভাৰতীয় সংগীত উদ্যোগৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ‘‘ৰেজ’নেট: দ্য ইডিএম চেলেঞ্জ ’ৰ বাবে শীৰ্ষ ১০ গৰাকী নিৰ্বাচন কৰা অংশগ্ৰহণকাৰীৰ নাম ঘোষণা কৰিছে।


কঠোৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰু শ শ প্ৰতিযোগীৰ প্ৰৱেশৰ অন্তত ২০২৫ চনৰ ১-৪ মে’লৈ মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ৱেভছৰ বিশ্বজনীন মঞ্চত অনুষ্ঠিত হ’বলগীয়া গ্ৰেণ্ড ফিনালেত লাইভ অনুষ্ঠান পৰিৱেশন কৰিবলৈ তলত উল্লেখ কৰা দহজন শিল্পীক নিৰ্বাচন কৰা হৈছে-শ্ৰীকান্ত ভেমুলা, মুম্বাই, মহাৰাষ্ট্ৰ,মায়ংক হৰিশ বিধানী, মুম্বাই, মহাৰাষ্ট্ৰ, ক্ষীতিজ নাগেশ খোদৱে, পুনে, মহাৰাষ্ট্ৰ, আদিত্য দিলবাঘী, মুম্বাই, মহাৰাষ্ট্ৰ, আদিত্য উপাধ্যায়, কুমাৰীকাটা, অসম, দেৱাঞ্চ ৰাস্তোগী, নতুন দিল্লী,সুমিত বিল্টু চক্ৰৱৰ্তী, মুম্বাই, মহাৰাষ্ট্ৰ,মাৰ্ক ৰিয়ান ছিয়েমলিহ, মুম্বাই, মহাৰাষ্ট্ৰ,দিব্যজিৎ ৰায়, বঙাইগাঁও, অসম।,নৱজ্যোতি বৰুৱা, মুম্বাই, মহাৰাষ্ট্ৰ।এই শীৰ্ষ ১০ গৰাকী শিল্পীয়ে ভাৰতৰ ইলেক্ট্ৰনিক সংগীত সম্প্ৰদায়ৰ এক সজীৱ শিতানক প্ৰতিনিধিত্ব কৰিছে, য’ত এম্বিয়েণ্টৰ পৰা আৰম্ভ কৰি উচ্চ শক্তিৰ নৃত্য সংগীতলৈকে অনন্য শব্দ সংযোজিত হৈ আছে। এই প্ৰত্যাহ্বানৰ লক্ষ্য আছিল ইলেক্ট্ৰনিক সংগীত সৃষ্টি আৰু ডিজেৰ ক্ষেত্ৰত ভাৰতীয়ৰ লগতে বিশ্বব্যাপী উদীয়মান প্ৰতিভাক উজলাই তোলা আৰু উন্নীত কৰা।

এই প্ৰত্যাহ্বানৰ সফলতাই সংগীত সংযোজন, ইলেক্ট্ৰনিক সংগীত আৰু ডিজে কৰা শিল্পকলাৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে ভাৰতৰ স্থানকো শক্তিশালী কৰে। এই নিৰ্বাচিত ফাইনেলিষ্টসকলে এতিয়া তেওঁলোকৰ গ্ৰেণ্ড ফিনালে প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি চলাব, য’ত তেওঁলোকে ৱেভছ বিশ্ব মাঞ্চত নিজৰ প্ৰতিভা উপস্থাপন কৰিব।

Waqf Law: বংগত ৱাকফ আইন কাৰ্যকৰী কৰা নহ’বঃ মুখ্যমন্ত্ৰী মমতাৰ স্পষ্ট মন্তব্য

Waqf Law: বংগত ৱাকফ আইন কাৰ্যকৰী কৰা নহ’বঃ মুখ্যমন্ত্ৰী মমতাৰ স্পষ্ট মন্তব্য
Waqf Law: বংগত ৱাকফ আইন কাৰ্যকৰী কৰা নহ’বঃ মুখ্যমন্ত্ৰী মমতাৰ স্পষ্ট মন্তব্য

ৱাকফ বিধেয়কক লৈ হিংসাৰ মাজতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।(Waqf Law) সংসদত গৃহীত হোৱাৰ পিছত চলিত সপ্তাহৰ আৰম্ভণিতে কাৰ্যকৰী হোৱা ৱাকফ আইনক লৈ পশ্চিম বংগৰ কিছু অংশত উত্তেজনা অব্যাহত থকাৰ সময়তে শনিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে ৰাজ্যখনত এই আইন কাৰ্যকৰী নহ’ব। বেনাৰ্জীয়ে ৰাইজক শান্তি আৰু শান্তি বজাই ৰাখিবলৈ আহ্বান জনাই কয় যে এই আইনখন কেন্দ্ৰই বনাইছে আৰু ইয়াৰ পৰা উত্তৰ বিচাৰিব লাগে।”সকলো ধৰ্মৰ লোকলৈ মোৰ আন্তৰিক আহ্বান, অনুগ্ৰহ কৰি শান্ত হৈ থাকক, সংযত হৈ থাকক। ধৰ্মৰ নামত কোনো ধৰণৰ অধৰ্মীয় আচৰণত লিপ্ত নহ’ব। (bengal)

প্ৰতিটো মানৱ জীৱন বহুমূলীয়া; ৰাজনীতিৰ স্বাৰ্থত দাঙ্গা উচটনি নিদিব। যিসকলে সংঘৰ্ষৰ বাবে উচটনি দিছে তেওঁলোকে সমাজৰ ক্ষতি কৰিছে।”শুকুৰবাৰে নতুন আইনখনক লৈ প্ৰতিবাদৰ সময়ত মালদা, মুৰ্ছিদাবাদ, দক্ষিণ ২৪ পৰগনা, আৰু হুগলী জিলাত হিংসাত্মক পৰিস্থিতিয়ে জোকাৰি যোৱাৰ ফলত আৰক্ষীৰ ভ্যানকে ধৰি কেইবাখনো বাহনত জুই জ্বলাই দিয়া হয়, নিৰাপত্তাৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰা হয় আৰু পথ অৱৰোধ কৰা হয়। মমতাই কয় “মনত ৰাখিব, আমি যি আইনক লৈ বহুতে আন্দোলন কৰে, সেই আইন আমি বনোৱা নাছিলো। আইনখন কেন্দ্ৰীয় চৰকাৰে বনাইছিল। গতিকে আপুনি বিচৰা উত্তৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচাৰিব লাগে।” “আমি এই বিষয়ত আমাৰ স্থিতি স্পষ্ট কৰিছো—আমি এই আইনখনক সমৰ্থন নকৰো। আমাৰ ৰাজ্যত এই আইন কাৰ্যকৰী নহ’ব।

গতিকে কিহৰ কাৰণে এই সংঘৰ্ষ ?”বেনাৰ্জীয়ে কয় যে সংঘৰ্ষত উচটনি দিয়াসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। “আমি কোনো হিংসাত্মক কাৰ্যকলাপ সহ্য নকৰো। কিছুমান ৰাজনৈতিক দলে ৰাজনৈতিক লাভালাভৰ বাবে ধৰ্মৰ অপব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ বুজাবলৈ হাৰ নামানিব।” “মই ভাবো ধৰ্ম মানে মানৱতা, সদিচ্ছা, সভ্যতা আৰু সম্প্ৰীতি। মই সকলোকে শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছো।”মঙলবাৰে কেন্দ্ৰই ৱাকফ (সংশোধনী) আইন, ২০২৫ক অধিসূচনা কৰে, যিয়ে দুয়োটা সদনত উত্তপ্ত বিতৰ্কৰ পিছত সংসদৰ পৰা গৃহীত হোৱাৰ পিছত ৫ এপ্ৰিলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সন্মতি লাভ কৰে। ৰাজ্যসভাত বিধেয়কখনৰ সপক্ষে ১২৮ জন সদস্যই আৰু বিৰোধিতা কৰি ৯৫ জন সদস্যই গৃহীত হয়। ২৮৮ জন সদস্যই সমৰ্থন আৰু ২৩২ জন বিৰোধিতা কৰি লোকসভাই ইয়াক গৃহীত কৰে।