Home Blog Page 2900

ভাৰতবৰ্ষত ক’ৰণাৰ তৃতীয় ঢৌ ৰ আশংকা গৱেষকৰ

চলিত বৰ্ষতে ভাৰতত কৰ’নাৰ তৃতীয় ঢৌ আহিব পাৰে বুলি জানিবলৈ দিয়ে বিশেষজ্ঞই। এইবাৰ আইআইটি ৰ এটা গৱেষণাত দাবী কৰা হৈছে যে আগষ্টত ভাৰতত কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হ’ব পাৰে। সেই সময়ত, দৈনিক একৰ পৰা ডেৰ লাখ লোক প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। বিশেষজ্ঞসকলে এইটোও আশংকা কৰে যে অক্টোবৰত সংক্ৰমণ সৰ্বাধিক হ’ব পাৰে।

সংবাদ সংস্থা ব্লুমবাৰ্গে এক প্ৰতিবেদনত প্ৰকাশ কৰিছে যে আইআইটি হায়দৰাবাদৰ মথুকুমাল্লি বিদ্যাসাগৰ আৰু আইআইটি কানপুৰৰ মনিন্দ্ৰ আগৰৱালা নামৰ দুজন গৱেষকে কৰ’নাৰ তৃতীয় ঢৌৰ বিষয়ে এই দাবী কৰিছে।

তেওঁলোকে এটা গাণিতিক আৰ্হিৰ ওপৰত নিৰ্ভৰ কৰি এই দাবী কৰিছে। তেওঁলোকৰ মতে, কেৰালা আৰু মহাৰাষ্ট্ৰই তৃতীয় ঢৌৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ পেলাব পাৰে। কিন্তু তৃতীয় ঢৌটো ক’ভিডৰ দ্বিতীয় ঢৌৰ দৰে মাৰাত্মক নহ’ব। দ্বিতীয় ঢৌৰ সময়ত দৈনিক আক্রান্তৰ সংখ্যা আছিল চাৰি লাখতকৈও অধিক। কিন্তু এই ক্ষেত্ৰত সেইয়া ১.৫ লাখৰ ভিতৰত হ’ব বুলি তেওঁলোকে দাবী কৰে।

টকিঅ’ত ইতিহাস ৰচিলে ভাৰতীয় হকী দলে

শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত কৰি সমগ্ৰ বিশ্বৰ আগত ভাৰত বাসিক গৌৰৱান্বিত কৰালে ভাৰতীয় মহিলা হকী দলে ।

প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত ভাৰতীয় মহিলা হকী দল।কোৱাৰ্টাৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক ১-০ গ’লত পৰাস্ত কৰে।

তিনিবাৰৰ অলিম্পিক চেম্পিয়ন অষ্ট্ৰেলিয়াক হৰুৱাই প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা হকী দল ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

উল্লেখযোগ্য যে,ভাৰতীয় মহিলা হকী দলে অলিম্পিকত ইতিহাস সৃষ্টি কৰিছে।ভাৰতীয় দলটোৱে প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ নিৰ্মিয়মান ষ্টেডিয়ামৰ বাবে নতুন আঁচনি গ্ৰহন

অসমৰ গ্ৰাম্যাঞ্চলৰ  অনন্য ক্ৰীড়া অনুষ্ঠান  চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ নিৰ্মীয়মান ষ্টেডিয়াম প্ৰকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰে এখন নতুন আঁচনি গ্ৰহনৰ বাবে ৰাজ্যৰ বিশিষ্ট স্হপতিবিদ জে এন খাটনিয়াৰ কালি চামতা ষ্টেডিয়ামত উপস্হিত হয় ৷ বিশিষ্ট স্হপতিবিদ খাটনিয়াৰে বিজ্ঞান সন্মত ষ্টেডিয়াম নিৰ্মানৰ বাবে চামতা আঞ্চলিক ক্ৰীড়া সংঘই মুখ্যমন্ত্ৰীৰ চিগনেচাৰ প্ৰজেক্ট আঁচনিৰ পৰা লাভ কৰা দহ কৌটি টকাৰে ৮০ শতাংশ নিৰ্মানৰ কাম হোৱা আৰু ২০ শতাংশৰ কাম চলি থকা কাম পৰিদৰ্শন কৰে ৷ খাটনিয়াৰে ষ্টেডিয়াম প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে চৰজমিন কৰি ২৫-৩০কৌটি টকাৰ প্ৰয়োজন হব বুলি থিৰাং কৰে ৷ স্হপতিবিদ খাটনিয়াৰে শীঘ্ৰে ২৫ – ৩০ কৌটি টকাৰ এখন প্ৰাককলন আৰু নক্সা প্ৰস্তুত কৰি উলিয়াব বুলি কয় ৷ সংঘৰ সম্পাদক যতীন শৰ্মাই অহা দুই তিনি মাহত- নৱেম্বৰ ডিচেম্বৰ মাহত দহকৌটিৰ প্ৰজেক্টৰ কাম শেষ হব বুলিও কয় ৷  ষ্টেডিয়াম প্ৰকল্পত চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সম্পাদক যতীন শৰ্মা, যুটীয়া সম্পাদক বিকাশ ভট্টাচাৰ্য, উপ সভাপতি পৰেশ চক্ৰৱৰ্তী, সহকাৰে সম্পাদক অমল বৰ্মন, বিনয়ভূষণ দত্ত, সংঘৰ জ্যেষ্ঠ সদস্য ৰমনী বৰ্মন, প্ৰদীপ বৰ্মন, বলেন তালুকদাৰৰ লগতে সংঘৰ ভলীবল শাখাৰ তত্বাবধায়ক দেবজিৎ ঠাকুৰীয়া, সংঘৰ আজীৱন সভ্য ,ৰাষ্ট্ৰীয় ৰেফাৰী অজিত ডেকা, আজীৱন সদস্য তথা ষ্টেডিয়াম প্ৰকল্পৰ নিৰ্মানৰ কাম লাভ কৰা চানৰাইজ এন্টাৰপ্ৰাইজৰ সত্তধিকাৰ মইনুল আলী সহ: সংঘৰ অৰ্ধ শতাধিক সদস্য আৰু শুভাকাংশী উপস্থিত থাকে ৷

জাঁজী নদীৰ খহনীয়াত বিধস্ত পূব লাহিং

যোৰহাট জিলাৰ টীয়ক ৰাজহচক্ৰৰ অন্তৰ্গত ভূঞাহাটৰ বৈছাহাবি পথ আৰু ধোদৰ আলি সংযোগী বাইলুং গাওঁ -হাতীমুৰীয়া  পথটো এতিয়া জাঁজী নদীৰ খহনীয়াৰ কৱলত পৰি নিচিহ্ন হৈছে। উল্লেখযোগ্য যে, পথটোৰ হাতীমুৰীয়াত ২০১১ চনতে খহনীয়াৰ সৃষ্টি হৈছিল। পৰবৰ্তী সময়ত পথটোৰ খহনীয়াগ্ৰস্ত অংশ মেৰামতিৰ ব্যৱস্থা কৰা হৈছিল যদিও  উক্ত স্থানৰ চাহবাগনৰ নলাৰ পানী নদীলৈ নিগৰি নিগৰি পৰি থকাত পথটো দুদিনৰ পূৰ্বে নদীৰ গৰ্ভত জাহ যায়। সম্প্ৰতি পথটো  পিএমজিএছ ৱাই আঁচনিৰ অধীনত নিৰ্মান কৰা হৈ আছিল আৰু নিৰ্মান কাৰ্য চলি থকাৰ সময়তে পথটোৰ উক্ত অংশ প্ৰৱল বৰষুণৰ ফলত নদীৰ গৰ্ভলৈ খহি পৰে। ফলত ১৫ /২০ খন গাঁৱৰ জনসাধাৰণৰ আমগুৰি নগৰলৈ যাতায়তৰ চমু পথ হিচাপে ব্যৱহৃত পথটো সম্পূৰ্ণ বন্ধ হৈ পৰাত স্থানীয় ৰাইজে সংশিষ্ট পক্ষক আবেদন কৰাত কিছুদিন পূৰ্বে পথটো ঠিকাদাৰে যাতায়তৰ উপযোগী কৰি তুলিছিল। পথটো উপযোগী কৰাৰ পিছত যোৱা দুদিন ধৰি হোৱা বৰষুণৰ ফলত আজি পুৱাৰ ভাগত পথটো পুনৰ প্ৰায় সম্পূৰ্ণ ৰূপে খহি পৰাত এতিয়া ৰাইজ পনবন্দী হৈ পৰিছে। এতিয়া  স্থানীয় ৰাইজে তৎকালেই পথটোৰ খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰি পথটো পুণৰ যাতায়তৰ উপযোগী কৰি তুলিবলৈ প্ৰশাসনক দাবী জনাইছে।

আজিও নাপালে অসম চৰকাৰৰ দয়াল দাস পানীকা স্বনিয়োজন আচঁনিৰ ধন

বৃটিছৰ গুলীত মৃত্যুবৰণ কৰা ঢেকিয়াজুলিৰ শ্বহীদ দয়াল দাস পানীকাৰ নামত অসম চৰকাৰে আদিবাসী সকলৰ বাবে  ঘোষনা কৰা স্বনিয়োজন আচঁনিৰ ধন  আজিও নাপালে ওদালগুৰি জিলাৰ যুবক যুবতী সকলে । উল্লেখযোগ্য যে ঢেকিয়াজুলিত বৃটিছৰ গুলীত প্ৰানহুতি দিয়া শ্বহীদ গৰাকীৰ নামত অসম চৰকাৰে প্ৰতি বছৰে ২৫ হাজাৰকৈ  টকা শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক আগবঢ়াই আহিছে ।কিন্তু  এই স্বনিয়োজনৰ এককালীন সাহাৰ্য্য আজিও পাবলৈ সক্ষম নহল ওদালগুৰি জিলাৰ যুবক যুবতী সকলে । অক্টোবৰ মাহতে এই স্বনিয়োজন আচঁনিৰ বাবে শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলৰ পৰা আবেন গ্ৰহণ কৰা হৈছিল ।সেই অনুসৰি ওদালগুৰি জিলাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলেও অনলাইনযোগে প্ৰ-পএ জমা দিছিল । জানিব পৰা মতে ৰাজ্যখনৰ বিভিন্ন জিলাৰ এই স্বনিয়োজনৰ আচঁনৰ বাচনি তালিকা খন  প্ৰকাশ পোৱাৰ লগতে বিটিএডিৰ  অইন তিনিখন জিলাতো বাচনি তালিকা খন প্ৰকাশ পোৱাৰ লগতে দয়াল দাস পানীকা স্বনিয়োজন আচঁনিৰ ধন পাবলৈ সক্ষম হৈছে ।কিন্তু ওদালগুৰি জিলাত এই ধন শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলে পোৱাটো দূৰৈৰ কথা  তালিকা খনে আজিলৈকে প্ৰকাশ নহল ।তদুপৰি আচঁনি খনৰ নামত ঘোষনা কৰা ২৫ হাজাৰ টকাৰ বিপৰীতে এইবেলি ১২ হাজাৰ ৫০০ টকাকৈহে  দিয়া বুলি অভিযোগ উথাপিত হৈছে। চৰকাৰৰ ঘোষিত স্বনিয়োজনৰ  ২৫ হাজাৰ টকাৰ  আচঁনিৰ পৰা এইবেলি ১২ হাজাৰ ৫০০ টকা কলৈ গল বুলি নিবনুৱা যুৱক যুৱতী সকলে প্ৰশ্ন উত্থাপন কৰিছে ।সেয়েহে অতি শীঘ্ৰে ওদালগুৰি জিলাৰ দয়াল দাস পানীকা স্বনিয়োজন আচঁনিৰ বাচনি তালিকা খন প্ৰকাশ কৰি চৰকাৰে ঘোষনা কৰা  ২৫ হাজাৰকৈ টকা শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক দিবলৈ চৰকাৰক দাবী জনাইছে ।

ঢকুৱাখনাৰ বাঁহপৰাত পৰেশ দাসৰ গ্ৰন্থ ‘শব্দই কথা কয়’ উন্মোচন

কৈৱৰ্ত্ত নৱ জাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ অসমৰ সৌজন্যত আজি ঢকুৱাখনাৰ বাঁহপৰাৰ ড০ বি আৰ আম্বেদকাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত গুৱাহাটীৰ পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰা ঢকুৱাখনাৰ এগৰাকী প্ৰতিভাবান লেখক পৰেশ দাসৰ ‘শব্দই কথা কয়’ গ্ৰন্থৰ উন্মোচন কৰা হয়।গ্ৰন্থখনিৰ উন্মোচন কৰে লেখক,সাংবাদিক ৰাজীৱ বৰুৱাই।এই সভাতেই মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা-বিদিশা দাস,প্ৰীতিশ প্ৰীতম কাশ্যপ দাস,ধৰণীকান্ত দাসক সম্বৰ্ধনা জনোৱা হয়।ইফালে সামাজিক আৰু সাংস্কৃতিক জীৱনলৈ আগবঢ়োৱা অৱদানৰ শিল্পী কমল দাস আৰু যুৱ উদ্যোগী জিতু মণি দাসকো সম্বৰ্ধনা জনোৱা হয়।এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি-কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ,অসম’ৰ মুখ্য উপদেষ্টা ভদ্ৰেশ্বৰ দাস,মুখ্য প্ৰশাসক প্ৰণৱ দাস,মডাৰেটৰ নয়নমণি দাস,শিক্ষাবিদ-ৰমা হাজৰিকা, অনন্ত দাস,তুলশী প্ৰভা দাস শিল্পী-কমল দাস,মিনু বড়া দাস,কৈৱৰ্ত্ত যুৱ ছাত্ৰ সন্থাৰ,মাজুলী জিলাৰ সম্পাদক সঞ্জীৱ মেধি,আৰু ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপক-টবেন্দ্ৰ দাস আদিয়ে বক্তব্য ৰাখে।

দুখনকৈ বাঁহৰ দলং থকা এটা মুখ্য পথ

স্বাধীনতাৰ ৭৪ বছৰৰ পিছতো এনে এক পথ আছে য’ত একেৰাহে দুখনকৈ বাঁহৰ দলং আছে। বিটি আৰ ওদালগুৰি জিলাৰ  ৩১নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দাৰোগাখাট গাঁ‌ৱৰ পৰা কুকুৰাকাটা মহলিয়াপাৰা-ঘাই পথলৈ সংযোগ হোৱা পথছোৱাৰ দুৰৱস্থাই অঞ্চলবাসীক প্ৰতিবছৰে জলা-কলা খোৱাই আহিছে।এখন চাৰিচকীয়া বাহন আনিব নোৱাৰা পথছোৱা পকি কৰণৰ কথা বাদেই  ৰাইজে গাঁ‌থীৰ ধন খৰছ কৰি প্ৰতিবছৰে বাঁহেৰে দলং নিৰ্মাণ কৰি অহা যোৱা কৰিবলগীয়া হয়।অতি দুখৰ বিষয় কোনোদিনেই এখন চাৰিচকীয়া বাহন আনিব নোৱাৰা পথছোৱা বাৰিষা আহিলে পথছোৱা গৰু অনা বাটলৈ পৰিণত হয়।

মডেল বিটিচিৰ শাসক হাগ্ৰামা মহিলাৰী চৰকাৰৰ অধিনত ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিত ১৫ বছৰে দখলত থকা বিটিচি কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীৰ দিনত ৰাইজে কেইবাবাৰু পথ পকীকৰণৰ বাবে আবেদন দাখিল কৰিছিল যদিও প্ৰায় পাঁ‌চখনকৈ গাঁ‌ৱৰ মানুহ অহা যোৱা কৰা একমাত্ৰ পথছোৱা পকীকৰণৰ কথা বাদেই দুখনকৈ বাঁ‌হৰ দলং থকাৰ তৎস্বত্তেও পথছোৱা কোনোধৰণে সুচল কৰাৰ ব্যৱস্থা কৰি নিদিলে।যাৰ ফলত অঞ্চলবাসীৰ যাতায়তৰ ব্যৱস্থা যমৰ যাতনাতকৈ কোনো গুনে কম নহয়।সেয়েহে ৰাইজে পুনৰ বাৰ পৰিৱৰ্তনকামী চৰকাৰলৈ পথ সুচল কৰাৰ আহ্বান জনাইছে।

খৈৰাবাৰী ষ্টেচনত ট্ৰেইন নৰখোৱাকলৈ অসন্তুষ্ট ৰাইজ

ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত খৈৰাবাৰী ষ্টেচনত প্ৰায় এক বছৰ ধৰি ট্ৰেইন নৰখোৱাকলৈ অসন্তুষ্ট হৈ পৰিছে বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ বিভিন্ন দল সংগঠনৰ লগতে ব্যৱসায়ী আৰু স্হানীয় ৰাইজ।
খৈৰাবাৰী ষ্টেচনৰ দৈনিক শ শ লোক আহ যাহ কৰে আনফালে খৈৰাবাৰী ব্যৱসায়ীক প্ৰধান অঞ্চল হোৱা বাবে ব্যৱসায়ীক লোক সকল অকল ট্ৰেইনৰ যাতায়তৰ অসুবিধাৰ বাবেই লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। বিটিচি নিৰ্বাচন আৰু বিধানসভাৰ নিৰ্বাচনৰ সময়ত ৰাইজৰ মাজত ভোট ভিক্ষা কৰিবলৈ আহি অসমৰ বিভিন্ন নেটা মন্ত্ৰীয়ে খৈৰাবাৰী ষ্টেচনত ট্ৰেইন ৰখাব বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতিৰ বন্যা বোবাইছিল যদিও আজিলৈকে নিয়মীয়াকৈ খৈৰাবাৰী ষ্টেচনত ট্ৰেইন নৰখালে।সেয়ে অসন্তুষ্ট খৈৰাবাৰীৰ ৰাইজে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে। 
ৰবিবাৰে খৈৰাবাৰী ব্যৱসায়ীক সন্থাৰ সাধাৰণ সম্পাদক বাপী সৰকাৰ আৰু স্হানীয় ছাত্ৰ নেতা মাধৱ মন্দলকে ধৰি খৈৰাবাৰীৰ কেইবাজনো জ্যেষ্ঠ নাগৰিক লগ হৈ সংবাদ মাধ্যমৰ আগত চৰকাৰ আৰু ৰে’ল বিভাগক অতি কম সময়ৰ ভিতৰতে খৈৰাবাৰী ষ্টেচনত ট্ৰেইন ৰখোৱাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই আৰু পোন্ধৰ দিনৰ ভিতৰত খৈৰাবাৰীত ট্ৰেইন নৰখালে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে।

ৰাণী-শুকুৰবৰীয়া সংযোগী এন.ই.চি.পথৰ দুৰৱস্থা

পশ্চিম গুৱাহাটী সমষ্টিৰ এটা  গুৰুত্বপূৰ্ণ পথ হিচাপে পৰিচিত অসম – মেঘালয় সীমান্তৰ জীৱনৰেখা স্বৰূপ ৰাণীৰ পৰা শুকুৰবৰীয়া সংযোগী প্ৰায় ১০ কিঃমিঃ দৈৰ্ঘ্যৰ এন ই চি পথটো সম্প্ৰতি যাতায়তৰ অনুপযোগী হৈ পৰিছে । বিশেষকৈ পথটোৰ বহন ক্ষমতাৰ বিপৰীতে অধিক বহন ক্ষমতাযুক্ত ডাম্পাৰ – ট্ৰাক বা তেনে জাতীয় আন গধুৰ বাহন চলাচল কৰাৰ ফলত পথছোৱাৰ বহু অংশত সৰু বৰ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈ পৰিছে । আনকি  ৰাণী চকৰ পৰা মাত্ৰ এশ  মিটাৰ নিলগত পথচোৱা দুদিনমান  পূৰ্বে ভাগি গৈ বিতুমিন আৰু শিলৰ প্ৰলেপ এৰাই যোৱাত মাটি সমুহ ওলাই পৰিছে । সমান্তৰালভাৱে বিগত কেইদিনত মাজে সময়ে হৈ থকা বৰষুণৰ ফলত তাত বাৰিষাৰ পথাৰৰ দৰে বোকাময় হৈ পৰিছে । সম্প্ৰতি মৰণত শৰণ দিহে দুচকীয়া আৰু চাৰি চকীয়া বাহন সমূহ চলাচল কৰে আছে। কিন্তু শীঘ্ৰে পথছোৱা মেৰামতি বা পুনৰ্নিমান নকৰিলে যিকোনো মুহূৰ্ততে পথচোৱা দুচকীয়া – চাৰিচকীয়া  বাহনৰ চলাচল বন্ধ হৈ পৰাৰ আশংকা আছে । পথচোৱাৰ কেবাস্থানত  ইতিমধ্যে মাৰুতি কাৰ বা আন তেনেজাতীয় লঘু বাহনৰো তলভাগ তেনে গাঁতত লাগি ধৰে আৰু ঠেলিহে পাৰ কৰাব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে ।

এই সন্দৰ্ভত অঞ্চলটোৰ সচেতন লোক সকলে জানিবলৈ দিয়া মতে ৰাণীৰ গাতে লগা মেঘালয়ৰ ৰি ভয় জিলাৰ জিৰাং সমষ্টিৰ অধীনৰ পাহাৰ সমূহৰ পৰা দৈনিক শতাধিক শিল , মাটি লৈ  শতাধিক ডাম্পাৰ , ট্ৰাক ৰাণীৰ কাষৰীয়া অঞ্চললৈ চলাচল কৰে ।  উত্তৰ পূৱ পৰিষদৰ ( এন ই চি ) অধীনত পৰিচালিত আৰু অসম – মেঘালয়ৰ অন্যতম সংযোগী ৰাণী – শুকুৰবৰীয়া পথচোৱাৰে নিৰ্দিষ্ট বহন ক্ষমতাতকৈ অধিক ওজনৰ বাহন চলাচল কৰা বাবেহে পথচোৱা বহু অংশত  বিতুমিন , শিলৰ তৰপ বখলা বখলাকৈ এৰাই গৈ মাটি সমূহ ওলাই পৰিছে । ফলত ৰদ দিলে ধূলি আৰু বৰষুণ দিলে বোকাৰ লগত সহাৱস্থান কৰিব লগা হৈছে পথচোৱাৰে অহা যোৱা কৰা  লোকে । বিধ্বস্ত হৈ পৰা অংশখিনিকে  ধৰি গোটেই  পথচোৱা যদি  শীঘ্ৰে  মেৰামতি বা পুনৰ্নিমান কৰা নহয় তেন্তে  অহা খৰালীৰ  সময়ত  পথচোৱা দুচকীয়া আৰু মাৰুতি কাৰ বা তেনে লঘুবাহন চলাচলৰ ক্ষেত্ৰত বন্ধ হৈ পৰাটো নিশ্চিত ।  সচেতন নাগৰিক সকলে ব্যক্ত কৰা অনুসৰি বিগত ২০২০  বৰ্ষত লকডাউন ঘোষণা কৰাৰ পুর্বে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ তৎপৰতাত ৰাণীগেটৰ পৰা ৰাণী হৈ শুকুৰবৰীয়ালৈকে প্ৰায় ১৯ কিঃমিঃ দৈৰ্ঘ্যৰ এন ই চি পথছোৱা মেৰামতি কৰা হৈছিল । আনকি শেহতীয়াভাবে বিধায়ক কলিতাৰ আহ্বানৰ প্ৰতি সঁহাৰি দি মেঘালয় চৰকাৰে  পশ্চিম খাচী পাহাৰ জিলাৰ মাইৰাঙৰ  পৰা ৰিভয় জিলাৰ জিৰাং ,  অসমৰ শুকুৰবৰীয়া , ৰাণী  হৈ আজাৰাৰ ৰাণীগেটলৈকে শ্বিলঙৰ পৰা বৰঝাৰ বিমান বন্দৰলৈকে বিকল্প পথ হিচাপে ঘোষণা কৰিছে । যাৰ বাবে ৰাণী অঞ্চলৰ ৰাইজে পথচোৱা মেৰামতিৰ ক্ষেত্ৰত আগভাগ লবলৈ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তাৎক্ষণিক হস্তক্ষেপ কামনা কৰিছে ।

গোলাঘাট জিলা প্ৰশাসনে ছীল কৰিলে কেইবাখনো ব্যৱসায়ী প্ৰতিষ্ঠান

গোলাঘাট নগৰৰ চ’ক বজাৰত আজি ক’ভিড নীতি-নিয়ম ভংগ কৰি খুলি ৰখা কেইবাখনো ইলেক্ট্ৰনিকচ ষ্ট’ৰ ছীল কৰিবলৈ বাধ্য হয় গোলাঘাট জিলা প্ৰশাসন। অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱসায়ী প্ৰতিষ্ঠানক ৰেহাই দি আন সকলো ধৰণৰ ব্যৱসায়ী প্ৰতিষ্ঠান খোলাত চৰকাৰৰ নিষেধাজ্ঞা থকাৰ পাছতো নীতি বহিৰ্ভূত ভাৱে নগৰখনৰ এইকেইখন ব্যৱসায়ী প্ৰতিষ্ঠান খুলি ৰাখে। সেয়েহে উক্ত স্থানত যাতে জনসমাগৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে তৎকালীনভাৱে ব্যৱসায়ী প্ৰতিষ্ঠান কেইখন ছীল কৰে।