Home Blog Page 2901

বিশ্বনাথ জিলাত জল জীৱন মিছন আঁচনিৰ অধীনত প্লেটফৰ্ম আৰু শোষক গাঁত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

ইং ৩১ জুলাই তাৰিখে ৰাজ্যখনৰ জল জীৱন মিছন আঁচনিৰ অধীনত প্রায় ১,০০,০০০ (এক লাখ) ঘৰতকৈ অধিক হিতাধিকাৰীক বিশুদ্ধ পানী যোগান ধৰাৰ বাবে নিৰ্মাণ কৰা ব্যক্তিগত পানী পৰিবাহী পাইপ সংযোগ (FHTC) আনুষ্ঠানিক ভাৱে অর্পণ কৰা হয়। বিশ্বনাথ জিলাতো প্রতাপগড় পানী যোগান আঁচনি , বিশ্বনাথ নতুন গাওঁ পানী যোগান আঁচনি , ২ নং আমলাইগুৰি পানী যোগান আঁচনি , শান্তিপুৰ মাজগাওঁ পানী যোগান আঁচনিৰ দ্বাৰা প্রায়। ৪০০ (চাৰিশ) ঘৰতকৈও অধিক হিতাধিকাৰীক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে নিৰ্মাণ কৰা ব্যক্তিগত পানী পৰিবাহী পাইপ সংযোগ আনুষ্ঠানিক ভাৱে অর্পণ কৰা হয়। এই দিনটোতে শান্তিপুৰ মাজগাওঁ পানী যোগান আঁচনিৰ অধীনত প্রায় ১৯৭ ঘৰ হিতাধিকাৰীক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে নিৰ্মাণ কৰা ব্যক্তিগত পানী পৰিবাহী পাইপ সংযোগ আনুষ্ঠানিক ভাৱে অৰ্পণ কৰা অনুষ্ঠানত অংশ গ্রহণ কৰে বিহালী সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰঞ্জিত দত্তদেৱ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মইনুল হক আৰু সহকাৰী অভিযন্তা তুলসী নাৰায়ণ কলিতা। প্রতাপগড় পানী যোগান আঁচনিৰ অন্তৰ্গত সুনীল তাঁতীৰ ঘৰত ব্যক্তিগত পানী পৰিবাহী পাইপৰ প্লেটফৰ্ম আৰু শোষক গাঁত নিৰ্মাণৰ শুভাৰম্ভ কৰে বিশ্বনাথ জিলাৰ মাননীয় উপায়ুক্ত শ্ৰীযুত প্ৰণৱ কুমাৰ শৰ্মাদেৱে। এইখিনিতে উল্লেখ কৰিব পাৰি যে, জল জীৱন মিছন আঁচনিৰ নির্দেশনা মতে কোনো পানী যোগান আঁচনিৰ প্ৰকল্পৰ খৰচৰ ৫% হিতাধিকাৰীসকলে বহন কৰিব লাগে আৰু নিজৰ ঘৰত পানী পৰিবাহী পাইপৰ সংযোগ স্থলত প্লেটফৰ্ম আৰু শোষক গাঁত নির্মাণ কৰি ল’ব লাগে। বিশ্বনাথ জিলাত প্রথম প্লেটফৰ্ম আৰু শোষক গাঁত নিৰ্মাণৰ আঁত ধৰে বিশ্বনাথ জিলাৰ তথ্য, শিক্ষা আৰু যোগাযোগ (IEC) বিষয়ৰ পৰামৰ্শক স্বাতী হাজৰিকাই। স্বাতী হাজৰিকাই তেওঁৰ চমু ভাষণত হিতাধিকাৰীসকলক তেওঁলোকৰ ঘৰৰ পানী পৰিবাহী পাইপৰ সংযোগস্থলত পকী প্লেটফৰ্ম আৰু শোষক গাঁত নির্মাণ কৰি জল জীৱন আঁচনি সফল কৰিবলৈ আহ্বান জনায়। এই শুভাৰম্ভ অনুষ্ঠানত বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত ড: সূৰ্য কমল বৰা , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ক্রমে প্রবীণ কুমাৰ সন্দিকৈ, শৰৎ চন্দ্র শইকীয়া, সহকাৰী অভিযন্তা দিব্যজ্যোতি চাংমাই, কাৰিকৰী বিষয়া অবিনাশ ডেকা আৰু অবিনাশ শর্মা, জিলা পানী আৰু অনাময় মিছনৰ পৰামৰ্শক শৰৎ বৰা আৰু পঞ্চায়তৰ বিভিন্ন পৰ্য্যায়ৰ কর্মকর্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

কেচুসাৰৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন মাক্ৰাপাৰৰ তপন ডেকাৰ

 যি সময়ত এটা সাধাৰণ চাকৰিৰ বাবে বহু নিৱনুৱা যুৱক-যুৱতীয়ে বহি:ৰাজ্যলৈ ঢাপলি মেলিচে সেই সময়তে  নলবাৰীৰ এজন যুৱকে চাকৰি বাদ দি কেচুসাৰ উৎপাদনেৰে স্বাবলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে  । গুজৰাটৰ ওৰগেনিক বায়োফাৰ্মত তিনিবছৰ চাকৰি কৰা   নলবাৰীৰ   মাক্ৰাপাৰৰ যুবক তপন ডেকাই চাকৰি বাদ দি  ঘৰতে কেচুসাৰৰ খেতিৰে স্বাবলম্বীতাৰ  উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে । গুজৰাটৰ কৃষি বায়’টেক লিমিটেডত ৬ মাহ প্ৰশিক্ষণ লৈ তাত ৩ বছৰকাল চাকৰি কৰা তপনে  কেচুসাৰ কিদৰে উৎপাদন  কৰিব পাৰি তাৰ বাবেই অশেষ কষ্ট কৰিব লগীয়া হৈছিল ।

  চল্লিশ (৪০)  বছৰীয়া তপন ডেকাই ২০০৭ চনত Bikas Vermi Compost নাম দি একক প্ৰচেষ্টাৰে নিজ কৰ্মত নামি বৰ্তমান দুজন কৰ্মচাৰীৰ সহিতে পত্নী- পুত্ৰৰ লগত সুখেৰে জীবন নিৰ্বাহ কৰি আছে । সম্প্ৰতি কেচুৱাৰ বিক্ৰী কৰি মাহিলি  ত্ৰিশ হেজাৰ টকা পোৱা বুলি জানিব দিয়ে তপন ডেকাই । তপন ডেকাৰ কৃষি কৰ্মই এতিয়া উৎসাহিত কৰিছে নিবনুৱা যুৱক-যুৱতী সকলক । নিবনুৱাৰ বাবে তপন ডেকা হৈ পৰিছে এতিয়া  আদৰ্শ স্বৰূপ  । 

অসম আৰক্ষীৰ বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশনৰ

অসম-মিজোৰাম সীমান্তত অসমৰ ভূমি অধিগ্ৰহণ কৰা মিজোক প্ৰতিৰোধ কৰিবলৈ যাওতে যোৱা ২৬ জুলাইত যি নৃশংস ভাবে মিজো দূৰ্বৃত্তই অসম আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰি ছজনকৈ অসম আৰক্ষীৰ জোৱানক হত্যা কৰিলে তাক কেন্দ্ৰ কৰি যোৱা ২৮ জুলাই  তাৰিখে সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশনৰ চিৰাং জিলাৰ সভাপতি শুভ মজুমদাৰে প্ৰেছ বিবৃতি যোগে মিজো দূৰ্বৃত্তক তীব্ৰ ভাষাৰে নিন্দা কৰে আৰু উক্ত ঘটনাত নিহত অসমৰ বীৰ শ্বহীদ আৰক্ষী জোৱানৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। ইয়াৰ পিছত যোৱা ২৯ জুলাইত সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশনৰ বাসুগাঁও আঞ্চলিক কাৰ্যালয়ত সীমিত সংখ্যক উপস্থিতিৰে আনুষ্ঠানিক ভাৱে বন্তি প্ৰজ্বলন,পুষ্পান্জলি  নিবেদন আৰু এক মিনিট মৌনব্ৰত পালনেৰে অসমৰ ছজন বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বাসুগাঁও আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শকৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো গাম্ভীজ্যপূৰ্ণ হৈ উঠে।  অসমৰ ইমান খিনি ক্ষতি হোৱাৰ পিছতো মিজো চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত দিয়া ভিত্তিহীন গোচৰৰ বিৰুদ্ধে সংগঠনটোৰ জিলা সভাপতি শুভ মজুমদাৰ আৰু বাসুগাঁও আঞ্চলিক সভাপতি উত্তম চৌধুৰীয়ে সাংগঠনিক ভাৱে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু অনতি পলমে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত দিয়া এই গোচৰ উঠাই লোৱাৰ বাবে আহ্বান জনায়।

ৰৌতাত গাঞ্জাভৰ্তি গাড়ী জব্দ, এজনক গ্ৰেপ্তাৰ

ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মলয় আচাৰ্যৰ নেতৃত্বত  আৰক্ষীৰদলে কালি ৩১ জুলাইত এক গোপন সূত্ৰৰপম খেদি আবেলি প্ৰায় ৪-৩০ বজাত ৰৌতা চাৰিআলি চহৰৰ মাজ মজিয়াতে দুটা গাঞ্জাৰ টোপোলা থকা এখন সৰু গাড়ী জব্দ কৰাৰ লগতে এজনক আটক কৰে । আৰক্ষী সূত্ৰে জানিব পৰা মতে, ৰৌতাষ্টচনৰ পৰা  ১৫ কিলোগ্ৰামৰ গাঞ্জাৰ টোপোলা দুটা এ এছ ১৩ কে ৫৮৮১ নম্বৰৰ কাৰ এখনেৰে মঙ্গলদৈ অভিমুখে নিৱৰ বাবে ৰাওনা হোৱাৰ সময়তে আৰক্ষীয়ে গাঞ্জাৰে সৈতে কাৰখন জব্দ কৰাৰ লগতে  এই গাঞ্জা সৰবৰাহ কৰা ৰুস্তম আলী নামৰ লোক এজনকো গ্ৰেপ্তাৰ কৰে ।

গ্ৰেপ্তাৰ কৰা লোকজনৰ ঘৰ দৰং জিলাৰ ধূলা  আৰক্ষী থানাৰ অন্তৰ্গত চপাইত । সেয়েহে এই মাৰাত্মক চোৰাং ব্যৱসায়ৰ অপৰাধত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৰৌতা আৰক্ষী থানাত গোচৰ ৰুজু কৰি  লোকজনক আজি আৰক্ষী থানাৰ  আৰক্ষীয়ে ওদালগুৰি জিলা জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । বাতৰি আৰু ফ’টো প্ৰেৰক: শ্ৰী বলোৰাম পাঠক, ৰৌতাচাৰিআলি , তাৰিখ ১/৮/২০২১, ম ৯৪৩৫৬৫৩৬৪২বিদ্ৰ: বাতৰিটো প্ৰকাশ নোহোৱাৰ বাবে পুনৰ পঠিওৱা হ’ল ।

নামখলাত জল জীৱন আঁচনিৰ ঘৰুৱা পানী যোগানৰ শুভাৰম্ভ

কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত নামখলা অঞ্চলৰ আঠিয়াবাৰী খাটত জল জীৱন আঁচনিৰ অধীনত ৩১ জুলাইত নতুনকৈ আৰম্ভ কৰা ঘৰুৱা পানী যোগান ব্যৱস্থাৰ শুভাৰম্ভণি কৰে কলাইগাঁও বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক দূৰ্গা দাস বড়োৱে । বিধায়ক গৰাকীয়ে উদ্বোধনী সভাত অংশগ্ৰহণ কৰি আঁচনি খনে ৰাইজৰ বহু দিনীয়া সমস্যা সমাধান ঘটাব বুলি আশা প্ৰকাশ কৰে। পানী সংৰক্ষণ আৰু বিশুদ্ধ খোৱা পানী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো তেওঁ ৰাইজক সজাগ সচেতন হ’বলৈ আহ্বান জনায়। 

২০২১-২০২২ বৰ্ষৰ কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তিকৰণ

২০২১-২২ বৰ্ষৰ বাবে কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ প্ৰক্ৰিয়া এসপ্তাহৰ ভিতৰত আৰম্ভ হ’ব। দশম শ্ৰেণী (মেট্ৰিক)ত লাভ কৰা নম্বৰৰ ভিত্তিত শিক্ষাৰ্থীসকলৰ নামভৰ্তি সম্পন্ন হ’ব। ইয়াৰ পাছত স্নাতক শাখাত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। নামভৰ্তিৰ বাবে অকল অনলাইন মাধ্যমেৰে আবেদন গ্ৰহণ কৰা হ’ব। এই প্ৰক্ৰিয়া সম্পৰ্কে সকলো তথ্য অতি শীঘ্ৰে বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ হ’ব। উল্লেখ্য, কটন বিশ্ববিদ্যালয়ে ইতিমধ্যে স্নাতক শাখাৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে আৰু ১০ আগষ্টত স্নাতকোত্তৰ শাখাৰ পৰীক্ষাও সম্পন্ন হ’ব। স্নাতকোত্তৰ শাখাৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতেই স্নাতকোত্তৰ শাখাত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। নামভৰ্তি তথা অন্য যিকোনো তথ্য, প্ৰক্ৰিয়াৰ বিষয়ে কটন বিশ্ববিদ্যালয়ৰ ৱেবছাইটযোগে জনোৱা হ’ব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে।

ছোৱাইন ফ্লুৰ সংক্ৰমণ: নাজিৰাৰ গাহৰি পালকৰ মাজত হাহাকাৰ

আফ্ৰিকান ছোৱাইন ফ্লুত অসমৰ শ শ গাহৰি পালকৰ ফাৰ্মত গাহৰি মৃত্যু হোৱাৰ পিছতো অসম চৰকাৰৰ পশুপালন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত গাহৰি পালক সকলৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে । উল্লেখযোগ্য যে, অসম চৰকাৰে পশুপালনৰ লগতে মাংসৰ ক্ষেত্ৰত ৰাজ্যখনৰ নিবনুৱাক স্বাৱলম্বী কৰা আৰু বিদেশলৈ মাংস ৰপ্তানি কৰি আয়ৰ বিভিন্ন পৰিকল্পনা হাতত লৈছে যদিও সম্প্ৰতি অসমত আৰম্ভ হোৱা আফ্ৰিকান ছোৱাইন ফ্লুৱে মহামাৰীৰ ৰূপ লোৱাৰ কথা টো পশুপালন বিভাগে গুৰুত্ব সহকাৰে নোলোৱাত পশু পালকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । এ পি ই ডি এৰ অধ্যক্ষ ডাঃ এম অংগুমাথু আৰু অসম চৰকাৰৰ পশুপালন আৰু কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই  অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰচেষ্টাত নাজিৰাত প্ৰতিষ্ঠা হোৱা ” পিগ শ্লটাৰ হাউছ ” টো যোৱা ১২ জুনত উত্তৰ – পূৰ্বাঞ্চল গাহৰি মাংস ৰপ্তানিৰ ক্ষেত্ৰত এক কেন্দ্ৰ হিচাপে গঢ় দি সম্পূৰ্ণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰি পৰিদৰ্শন কৰে । কিন্তু এনে উদ্যোগ সমূহ হাতত লোৱাৰ সময়ত অসম চৰকাৰৰ পশুপালন বিভাগৰ লগতে চৰকাৰে আফ্ৰিকান ছোৱাইন ফ্লুৱে মহামাৰীৰ ৰূপ লোৱাৰ বিষয়টো গুৰুত্ব সহকাৰে অনুধাৱন কৰা নাই বুলি বিশেষজ্ঞ সকলৰ মাজত চৰ্চা হৈছে । বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা শিৱসাগৰ জিলাৰ লগতে যোৰহাট , তিনিচুকীয়া , গোলাঘাট , ডিব্ৰুগড় , ধেমাজি , লখিমপুৰ আদিকে ধৰি কেইবাখনো জিলাত আফ্ৰিকান ছোৱাইন ফ্লুৰ কবলত পৰি হেজাৰ হেজাৰ গাহৰিৰ মৃত্যু হৈছিল ।

দেশৰ ভিতৰতে অসমত প্ৰথমবাৰৰ বাবে দেখা দিয়া এই ভয়াৱহ ৰোগটো হোৱা বুলি নিশ্চিত কৰিছিল ভূপালৰ ইণ্ডিয়ান ভেটেৰিনেৰী ৰিছাৰ্চ ইনষ্টিটিউটে । প্ৰায় সাতটা মাহত শিৱসাগৰ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত এই ৰোগ সংক্ৰমণ হৈ হেজাৰ হেজাৰ গাহৰিৰ মৃত্যু হোৱাত বহু পশুপালক সৰ্বস্বান্ত হৈ পৰিছিল । শেহতীয়াকৈ নাজিৰা মহকুমাৰ শিমলুগুৰিৰ ইন্দ্ৰজিৎ বৰগোঁহাইৰ ফ্ৰামত বহু গাহৰি আফ্ৰিকান ছোৱাইন ফ্লুত মৃত্যু হোৱাৰ তথ্য প্ৰমাণিত হোৱাত মহকুমা প্ৰশাসনে শিমলুগুৰিত গাহৰি কটা আৰু ক্ৰয় – বিক্ৰয়ত ১৪৪ ধাৰা জাৰি কৰে । বৰ্তমানলৈকে কোনো চিকিৎসা উপলব্ধ নোহোৱা এই ৰোগ অসমৰ পশুপালন অৰ্থনীতিৰ বাবে কিমান ভয়াৱহ সেয়া ইতিমধ্যে প্ৰমাণিত হৈছে । এনে প্ৰতিকূল পৰিস্থিতিত অসম চৰকাৰে নাজিৰাৰ ছানবছাত উজনি অসমৰ  ৯ খন জিলাৰ ১৫ হেজাৰ গাহৰি পালকৰ সহযোগত দৈনিক ৪ হেজাৰ কিলোগ্ৰাম গাহৰি মাংস উৎপাদনৰ দ্বাৰা বিদেশলৈ ৰপ্তানি কৰাৰ যি আচনি হাতত লৈছে , এই আচনি অসম চৰকাৰৰ পশুপালন বিভাগৰ গুৰুত্বহীনতাৰ বাবে আৰু আফ্ৰিকান ছোৱাইন ফ্লুৰ সংক্ৰমণৰ ভয়াৱহতাই ভালুকৰ সাঙীত পৰিণত কৰাৰ আশংকা নুই কৰিব পৰা নাই বিশেষজ্ঞ মহলে ।  

উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক শুভেচ্ছা

লাহোৱাল সমষ্টিৰ ৰহমৰীয়া পঞ্চায়তৰ অন্তৰ্গত ধোপাবৰ মাইজান গাৱলৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ -ছাত্ৰী সকলক গাৱৰ যুৱসকলৰ উদ্যোগত ঘৰে ঘৰে গৈ এখনি ফুলাম গামোচাৰে শুভকামনা যাচিলে লগতে সকলোৰে উজ্বল ভবিষ্যত কামনা কৰিলে ।

শিংগাওঁ মহাপুৰুষীয়া নামঘৰত পাঁচখলপীয়া গুৰুআসন স্থাপন

ওদালগুৰি জিলাৰ শিংগাওঁত শিংগাওঁ মহাপুৰুষীয়া সমাজ নামঘৰত ৩১জুলাইত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি পাঁচখলপীয়া গুৰুআসন এখনি প্ৰতিষ্ঠা কৰে মহাপুৰুষীয়া সমাজৰ মহন্ত জিৰণ দৈমাৰীয়ে।মহাপুৰুষীয়া সমাজৰ একনিষ্ঠা সেৱিকা জয়া বৈশ্যই আগবঢ়োৱা গুৰুআসন খনি প্ৰতিষ্ঠা কৰি মহাপুৰুষীয়া সমাজৰ মহন্ত দৈমাৰীয়ে কয়-গুৰুদুজনাৰ মহান আদৰ্শৰে অনুপ্ৰাণিত হৈ মহাপুৰুষীয়া সমাজৰ নীতি আদৰ্শৰে প্ৰভাৱিত হ’বলৈ সকলোৰে প্ৰতি  আহ্বান জনায়‌। ধৰ্মীয় অনুভূতিৰে আমাৰ সমাজ প্ৰতিস্থা কৰিব পাৰিব লাগিব।যাৰ জৰিয়তে নতুন যুৱ প্ৰজন্মই সংস্কাৰিত হব পাৰিব।গুৰুআসন দান দিয়া আই জয়া বৈশ্যৰ শলাগ লৈ তেওঁৰ পৰিয়ালৰ প্ৰতি আশীৰ্বাদ সূচক বক্তব্য ৰাখে মহন্ত দৈমাৰীয়ে।উক্ত গুৰু আসন প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকি দাতা জয়া বৈশ্যই কয়- মোৰ পুত্ৰ আৰু নাতিনীৰ মঙ্গলৰ বাবে গুৰু আসন নামঘৰত দান কৰি আহিছো।প্ৰথমখন ২নং গৰৈবাৰী মহানন্দ শাখাত ,দ্বিতীয়খন  তামূলবাৰী ৰামদাস শাখাত আৰু আজি শিংগাওঁ মহানন্দ শাখাৰ নাযঘৰত দিয়া হ’ল।ইয়াৰ জৰিয়তে মোৰ পৰিয়ালৰ লগতে ৰাইজৰ মঙ্গল কামনা কৰিছোঁ।শিংগাওঁ মহাপুৰুষীয়া সমাজ মহানন্দ শাখাৰ সভাপতি হিতেশ ৰাভা আৰু সম্পাদক কনক দৈমাৰীয়ে কয়-জয়া বৈশ্য আই গৰাকীয়ে নামঘৰলৈ গুৰু আসন দান কৰি যি বদান্যতা দেখুৱালে ই সঁচাকৈয়ে আমাৰ মহাপুৰুষীয়া সমাজৰ বাবে আদৰ্শ আৰু গৌৰৱৰ কথা।ইয়াৰ দ্বাৰা ৰাইজ আৰু প্ৰভুভক্ত সকল সন্ত্তুস্ত হোৱা বুলি আশা প্ৰকাশ কৰিছো।হৰিনাম ধ্বনিৰে মুখৰিত হোৱা  ৩১জুলাইৰ  এই গুৰু আসন প্ৰতিষ্ঠা কৰা অনুষ্ঠানত দাতা জয়া বৈশ্য আৰু তেওঁৰ পৰিয়ালক  সম্বৰ্ধনা জনোৱাৰ লগতে মহাপুৰুষীয়া সমাজৰ কেন্দ্ৰীয় সমিতিৰ সদস্য লোকেন্দ্ৰ ৰাভা,মহানন্দ শাখাৰ সভাপতি বিনু ৰাভা,নামঘৰীয়া ৰবিচন দৈমাৰী,শিংগাওঁ মহাপুৰুষীয়া সমাজ নামঘৰৰ নামঘৰীয়া মণিৰাম ৰাভা আৰু সহযোগী নামঘৰীয়া মনিয়া ৰাভাক সম্বৰ্ধনা জনোৱা হয়।উক্ত অনুষ্ঠানত শিংগাওঁৰ মহাপুৰীয়া সমাজৰ ২২ টি পৰিয়ালৰ প্ৰায় শতাধিক বাপ-বান্ধৱ,আই-মাতৃ আৰু যুৱক-যুৱতীয়ে অংশ গ্ৰহন কৰে।

বঙাইগাঁওৰ বিদ্যাপুৰত আবদ্ধ বালি কঢ়িওৱা বাহন

বঙাইগাওঁ জিলাৰ বিদ্যাপুৰ অঞ্চলত শুকুৰবাৰে নিশা একাংশ স্থানীয় ৰাইজে তালগুৰি-বাসুগাওঁ গড়কাপ্তানী পথেৰে অবৈধভাৱে বালি সৰবৰাহ কৰা কেইবাখনো বৃহৎ ট্ৰেইলৰ বাহন আৱদ্ধ কৰে । প্ৰাপ্ত তথ্য মতে, দীৰ্ঘদিনৰ পৰা উক্ত পথেৰে দিনে-নিশাই বৃহৎ বৃহৎ  ১৬-২২ চকীয়া গধুৰ বাহনত চম্পাৱতী নৈৰ বালিৰ মহলৰ পৰা বিভিন্ন ঠাইলৈ ৰাজহ ফাঁকি দি শিল-বালিৰ অবৈধ সৰবৰাহ কৰি আহিছে । বিভিন্ন পক্ষক মেনেজ কৰি বালিৰ অবৈধ ব্যৱসায়ীয়ে এই কাৰ্য কৰি অহা বুলি ৰাইজৰ দীৰ্ঘদিনীয়া অভিযোগ । বৃহৎ বৃহৎ বাহনসমূহ অবাধে দিনে-নিশাই  চলাচল কৰাৰ ফলত গড়কাপ্তানী পথটোও বহু ঠাইত ভাগি-ছিগি গৈছে । পথটোত অবৈধভাৱে এনে বাহনসমূহ চলাচল কৰাৰ পিছতো আৰক্ষী-বন বিভাগ তথা পৰিবহন বিভাগে কোনো ব্যৱস্থা নোলোৱাত স্থানীয় একাংশ ৰাইজে বাহনসমূহ তেনেদৰে যোৱা নিশা আৱদ্ধ কৰে ।

ৰাইজে বি আৰ ১১৬  বি ৯৫৯১, পি বি ১৩ এ এল ৪৭৮৬, পি বি ১৩ এ এল ৫৯৫৫, পি বি ১৩ এ আৰ ৯৬৫৫, পি বি ১৩ এ আৰ ৮৬৫৫, পি বি ১৩ এ এল ৯৬৫৫, পি বি ১৩ বি বি ৯৭৫৫ আৰু পি বি ১৩ এ এল ৮৭৫৫ ধৰি মুঠ সাতখন বাহন আৱদ্ধ কৰে ।  বাহনসমূহত চালানত উল্লেখ থকাৰ বিপৰীতে বহু বেছি পৰিমাণৰ বালি সৰবৰাহ কৰা বুলি লোকসকলে অভিযোগ উত্থাপন কৰি বন বিভাগক খবৰ দিয়ে । বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ  সকলোবোৰ বাহন জব্দ কৰে । বৰ্তমানেও বাহনসমূহৰ ক্ষেত্ৰত বিভাগীয় পৰীক্ষা-নিৰীক্ষা অব্যাহত আছে ।  দীৰ্ঘদিন ধৰি গড়কাপ্তানী পথটোৰে সদায়ে এনেদৰে বৃহৎ বাহনসমূহ চলাচল কৰি থকা স্বত্তেও আৰক্ষী প্ৰশাসন-বন বিভাগ তথা পৰিবহন বিভাগ কি কাৰণত নীৰৱতা অৱলম্বন কৰি আছিল তাকে লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ।