বৰপেটাৰ বহৰিৰ হৰ্পুৰত আজি চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে এখন পানী যোগান আঁচনি মুকলি কৰে ৷ জল জীৱন আচনিৰ জৰিয়তে ঘৰে ঘৰে নল ,ঘৰে ঘৰে জল শীৰ্ষক কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি অনুসৰি আজি বিধায়কগৰাকীয়ে পানী যোগান আচনিখন মুকলি কৰে ৷ পানী যোগান আচনিখন মুকলি উপলক্ষে অনুষ্ঠিত এখন সভাত অংশগিৰহন কৰি বিধায়কগৰাকীয়ে প্ৰদান কৰা ভাষণত উক্ত আঁচনিখনৰ জৰিয়তে অঞ্চলটেৰ ৰাইজ উপকৃত হব বুলি মন্তব্য কৰে ৷ বিধাষকগৰাকীয়ে উল্লেখ কৰা মতে, প্ৰায় ৪২ লাখ ১৫ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আঁচনি খনৰ জৰিয়তে হৰিপুৰ গাৱত সদ্যহতে ৩৫২ টা পৰিয়ালত ঘৰে ঘৰে পানী যোগান দিয়া হব ৷ প্ৰায় ৫ কিলোমিটাৰ জুৰি পানী যোগানৰ সুবিধা থকা আঁচনিখনৰ জৰিয়তে পৰৱৰ্তীসময়ত আঞ্চলটোৰ বাকী থকা পৰিয়ালসমুহকো সামৰি লব পৰা যাব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন আঁচনিৰ জৰিয়তে ২০২৪ চনৰ ভিতৰত চেঙা সমষ্টিৰ ১০৩ খন গাৱক সামৰি লোৱা হব আৰু ইয়াৰ জৰিয়তে সমষ্টিটোৰ ৪২ হাজাৰ পৰিয়াল উপকৃত হব বুলিও বিধায়কগৰাকীয়ে প্ৰকাশ কৰে ৷ কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে গ্ৰহন কৰা পানী যোগান আঁচনিসমুহ গাৱৰ ৰাইজে গ্ৰহন কৰিব আৰু তাক প্ৰতিপালন কৰিবলৈ জানিব লাগিব বুলি মন্তব্য কৰি পানী যোগান আঁচনিখনলৈ ৰাইজে মৰমৰ দৃষ্টি দিয়ে আৰু উপযুক্ত ৰক্ষণাবেক্ষন দিয়ে তালৈ ৰাইজলৈ আহ্বান জনায় ৷ আনহাতে বিশুদ্ধ পানী যোগানৰ ফলত গাওবাসী বেমাৰ আজাৰৰ পৰাও মুক্ত হব পাৰিব বুলিও ভাষন প্ৰসংগত উল্লেখ কৰে ৷ উদ্ধােধনী সভাখনত জিলাপ্ৰশাসনৰ বিষয়া আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়ায়ো অংশগ্ৰহন কৰে ৷
বঙাইগাঁওত জল জীৱন মিছনৰ অধীনত পানী যোগান আঁচনিৰ শুভাৰম্ভ
সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাতো আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী যোগানৰ শুভাৰম্ভ কৰা হয়।জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিতে আজি স্থানীয় বিধায়কে জল জীৱন মিছনৰ অধীনত গৃহ সংযোগেৰে বিশুদ্ধ খোৱাপানী যোগানৰ শুভাৰম্ভ কৰে। জিলাখনৰ আটুগাঁও গাঁও পঞ্চায়তৰ মামুগাঁৱত জল জীৱন মিছনৰ বিশুদ্ধ খোৱাপানী ঘৰে ঘৰে দিয়া আঁচনি মুকলি কৰে বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে। এই আঁচনিখনৰ জৰিয়তে বঙাইগাঁও বিধান সভা সমষ্টিৰ মুঠ ১,৩৩১ টা পৰিয়ালত গৃহ সংযোগৰ যোগেদি বিশুদ্ধ খোৱা পানী যোগান ধৰা হ’ব ৷ শুভ উদ্বোধন অনুষ্ঠানত জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা আদি উপস্থিত থাকে ৷ জিলাখনত শনিবাৰে মুঠ ১০,১২২ টা পৰিয়ালত গৃহ সংযোগৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগান ব্যৱস্থাৰ শুভাৰম্ভ কৰা হয়। প্ৰতিঘৰ লোকৰ দুৱাৰডলিত বিশুদ্ধ খোৱাপানী যোগান ধৰাটোৱে আঁচনিখনৰ উদ্দেশ্য । উল্লেখ্য যে জিলাখনৰ মুঠ ৩২,০০০ টা( বত্ৰিছ হেজাৰ) পৰিয়ালত গৃহ সংযোগৰ জৰিয়তে খোৱাপানীৰ যোগান ধৰা হ’ব। কাৰণ পুৰণি পানী যোগান আঁচনিয়েই যথেষ্ট নহয়।

আনহাতে জিলাখনত পুনৰ ১৭৪ টা নতুন আঁচনিৰ প্ৰস্তাৱ দিয়া হৈছে। পঞ্চায়তৰ লগ হৈ খোৱাপানী ব্যৱহাৰকাৰী লোকসকলে আগলৈ এই আঁচনিখন চলাই নিব লগিব। ইপিনে অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ( অনু:জাতি) বিধায়ক প্ৰদীপ সৰকাৰে উত্তৰ শালমাৰা গাঁও পঞ্চায়তৰ অধীনত বাখলগাঁৱত জল জীৱন মিছনৰ খোৱাপানীৰ আঁচনি মুকলি কৰে ৷ বিধান সভা সমষ্টিটোৰ মুঠ ৬,৫৮৯ টা পৰিয়াললৈ গৃহ সংযোগ ব্যৱস্থাৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগান ধৰা হ’ব ৷ বিধায়ক সৰকাৰে আঁচনিখন শুভ উদ্বোধন কৰি কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা এই জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰা হৈছে । অসম চৰকাৰে জলজীৱন মিছন আঁচনিখন মুকলি কৰাৰ বাবে আজিৰ দিনটো ধাৰ্য কৰিছে আৰু সেই অনুসৰি জিলাখনটো আঁচনিখন মুকলি কৰা হৈছে ৷ বিধায়কগৰাকীয়ে লগতে কয় যে আমাৰ সমাজৰ সকলো লোকে জল জীৱন মিছন চলাব লাগিব। আমি এবেলা এমুঠি নাখায়ো চলিব পাৰো, কিন্তু বিশুদ্ধ খোৱাপানী অবিহনে আমি চলিব নোৱাৰো। অভয়াপুৰীত বহু গাঁও পঞ্চায়তত বিশুদ্ধ খোৱা পানীৰ অভাৱ। বৰিং কৰিলে বহু তললৈ বৰিং কৰিব লাগে। কিন্তু জল জীৱন মিছনত ধনী-দুখীয়া বুলি কোনো কথা নাই। আমাৰ প্ৰত্যেকৰে খোৱা পানীৰ অসুবিধা আছে। গতিকে প্ৰতিখন গাঁও পঞ্চায়ততে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা দৰকাৰ। আগন্তুক দিনত ৰাইজৰ সুবিধাৰ বাবে ব্যৱস্থা লোৱা হ’ব। এইক্ষেত্ৰত মহকুমাধিপতি আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰো দায়িত্ব আছে। স্থানীয় ৰাইজে এই আঁচনি নিজৰ আঁচনি বুলি ভাৱি ভালদৰে যেন ব্যৱহাৰ কৰে বুলিও কয় বিধায়কগৰাকীয়ে। উত্তৰ শালমাৰা গাঁও পঞ্চায়তৰ অধীনৰ আঁচনি মুকলি অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা শান্তনু সূত্ৰধৰ,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা জেচমিন, উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পাৰ্থ সাৰথি জহৰী আৰু পঞ্চায়তখনৰ সভানেত্ৰী আৰু বিভাগটোৰ আন বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। আনহাতে অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰে চক্ৰভূম গাঁও পঞ্চায়তত জল জীৱন মিছনৰ অধীনত বিধান সভা সমষ্টিটোৰ ২,২০২ টা পৰিয়াললৈ গৃহ সংযোগ ব্যৱস্থাৰ যোগেদি বিশুদ্ধ খোৱাপানী যোগানৰ শুভ উদ্বোধন কৰে ৷
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত বন্ধন বেংকৰ বিকাশৰ ধাৰা অব্যাহত
দেশৰ এটি আগশাৰীৰ সাৰ্বজনীন বেংক বন্ধন বেংকে আজি ২০২১-২২ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা কৰিছে। প্ৰত্যাহ্বানজনক অৰ্থনৈতিক পৰিস্থিতিৰ মাজতেও বেংকে ব্যৱসায়ৰ বিকাশৰ ধাৰা অব্যাহত ৰাখিছে।
যোৱা আৰ্থিক বছৰৰ তুলনাত বেংকৰ মুঠ ব্যৱসায় (জমা আৰু অগ্ৰিম ) ১৭ শতাংশ বৃদ্ধি হৈ ৩০ জুন, ২০২১ তাৰিখে ১.৫৭ লাখ কোটি টকাত উপনীত হৈছে। দেশ জুৰি বেংকে ইয়াৰ ষষ্ঠ বৰ্ষৰ কাৰ্যকালত, ৫৫৭৪ টা বেংকিং আউটলেট আৰু শাখাৰ জৰিয়তে ২.৩৫ কোটি গ্ৰাহকক সেৱা আগবঢ়াই আহিছে ৷ এতিয়ালৈকে বন্ধন বেংকত কাম কৰা মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছে ৫১০৫৪ জন ।
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত, বেংকৰ জমা বহী আগৰ বছৰৰ একে তিনিমাহৰ তুলনাত ২৮% বৃদ্ধি হৈছে। বৰ্তমান মুঠ জমাৰ পৰিমাণ ৭৭,৩৩৬ কোটি টকা।যোৱা বিত্তীয় বৰ্ষৰ তুলনাত কাৰেন্ট একাউণ্ট আৰু সঞ্চয় একাউণ্ট (চিএএছএ) ৪৮ শতাংশ বৃদ্ধি হৈছে, আৰু সামগ্ৰিক জমা বহীৰ মাজত এতিয়া (CASA) ৰ অনুপাত হ’ল ৪৩ শতাংশ। এই সময়ছোৱাত, বেংকৰ খুচুৰা জমা বহী যথেষ্ট বৃদ্ধি পাইছে, যোৱা বিত্তীয় বৰ্ষৰ তুলনাত সেইটো ৩৬ শতাংশ বৃদ্ধি হৈ ৪৭,০৮৫ কোটি টকা হৈছে। মুঠ জমাৰ মাজত খুচুৰা ব্যৱসায়ৰ অংশ এতিয়া ৮৩ শতাংশ ৷
বন্ধন বেংকৰ ঋণৰ খাতাতো অগ্ৰগতি হৈছে ৷যোৱা বছৰৰ প্ৰথম ত্ৰৈমাসিকৰ প্ৰদত্ত ঋণৰ তুলনাত চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত প্ৰদত্ত ঋণৰ পৰিমাণ ৮% বৃদ্ধি পাইছে । মুঠ প্ৰদত্ত ঋণৰ পৰিমাণ এতিয়া ৮০,১২৮ কোটি টকা। মূলধন পৰ্যাপ্ততা অনুপাত (চিএআৰ), বেংকৰ স্থিৰতাৰ এক ইঙ্গিত, বন্ধন বেংকৰ চি এ আৰ এতিয়া ২৪.৮ শতাংশ ৷ যিটো প্ৰয়োজনীয় মাত্ৰাৰ তুলনাত যথেষ্ট বেছি।
বিকাশৰ পৰৱৰ্তী অংশ হিচাবে বন্ধন বেংকে সকলো ভাৰতীয়ৰ বিভিন্ন ক্ষেত্ৰত বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা এটি প্ৰতিষ্ঠান হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে , যিবোৰ সামগ্ৰী আৰু সেৱা তেওঁলোকৰ বাবে আৱশ্যক, যিবোৰ তেওঁলোকৰ বাবে আধাৰিত আৰু লেনদেনৰ কোনটো মাধ্যমক তেওঁলোকে অগ্ৰাধিকাৰ দিয়ে – শাৰীৰিক অথবা ডিজিটেল ৷
বেংকে এই পৰিৱৰ্তনত যথেষ্ট পৰিমাণে বিনিয়োগ কৰি আছে, যাৰ লাভালাভ অনাগত বছৰবোৰত দেখা পোৱা যাব । বেংক এছএমই ঋণ, সোণ ঋণ, ব্যক্তিগত ঋণ আৰু অট ঋণৰ দৰে ক্ষেত্ৰত ইয়াৰ সামগ্ৰীৰ পৰ্টফলিঅ’ বৃদ্ধি কৰি আছে।সমগ্ৰ দেশৰ অধিক ভাৰতীয়লৈ বিশ্বমানৰ বেংকিং সেৱা অনাৰ বাবে পূব আৰু উত্তৰ-পূবৰ বাহিৰৰ অঞ্চলবোৰত শাখা নেটৱৰ্ক সম্প্ৰসাৰিত কৰা হৈছে। বেংকে এটা উন্নত প্ৰযুক্তিৰ আন্তঃগাঁথনিও ৰূপায়ণ কৰি আছে, যিয়ে গ্ৰাহকসকলক নিৰৱচ্ছিন্ন আৰু সুৰক্ষিত বেংকিং সেৱা উপভোগ কৰাত সহায় কৰিব।
বন্ধন বেংকৰ আৰ্থিক ফলাফল সন্দৰ্ভত এম ডি আৰু মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে কয়, “চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিক ত বন্ধন বেংকৰ ব্যৱসায় বৃদ্ধি আমাৰ সন্মানীয় গ্ৰাহক সকলে আমাৰ ওপৰত ৰখা নিৰন্তৰ বিশ্বাসৰ বাবে সম্ভৱ হৈছে। আমি আমাৰ গ্ৰাহকসকলক তেওঁলোকৰ নিৰন্তৰ সমৰ্থন আৰু সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ, মই ভাবোঁ আমাৰ গ্ৰাহক সকলৰ তেওঁলোকৰ সমৰ্থনৰ বাবে ও তেওঁলোকৰ সহায়ৰ বাবে বন্ধন বেংক লাখ লাখ ভাৰতীয়ৰ বাবে এক পছন্দৰ বেংকিং অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰাত সহায় কৰি তুলিব ”।
গেৰুৱা বসন পিন্ধিবলৈ সাজু থাওৰাৰ সুশান্ত
মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মিৰ বিজেপি আগমনৰ পিছত এতিয়া যেন অসম প্ৰদেশ কংগ্ৰেছ নিশেষ হোৱাৰ পথত কিয়নো থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে।এ পি চি চিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই গ্ৰহণ কৰিলে এই পত্ৰ। উল্লেখযোগ্য যে , যোৱা ৩০জুলাইত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে। বিশেষ সূত্ৰে জনা অনুসৰি অচিৰেই বিজেপিত যোগদান কৰিব থাওৰাৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁয়ে ।অহা ২আগষ্টত গোহাঁয়ে যোগদান কৰিব বিজেপিত। এই কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।
বিহালীত জল জীৱন আচঁনি মুকলি বিধায়ক ৰঞ্জিত দত্ত
ভাৰত চৰকাৰৰ এখন অভিলাষী আঁচনি হৈছে জল জীৱন মিছন। বিশ্বনাথ জিলাত এই অভিলাষী আঁচনিখন সফলভাৱে ৰূপায়ণ কৰাৰ বাবে স্থানীয় বিধায়ক সকলৰ লগতে জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিত বিধায়ক ৰঞ্জিত দত্ত নেতৃত্বত এই জল জীৱন মিছন আঁচনিখনৰ জৰিয়তে সমষ্টিটো সকলো লোককে পৰ্যাপ্ত বিশুদ্ধ খোৱাপানী যোগান পাই তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।ইফালে শনিবাৰে সমষ্টিটো গাংমৌথান গাওঁ পঞ্চায়ত অন্তৰ্গত শান্তিপূৰ মাজগাওঁ পানী যোগান আচঁনি খন জল জীৱন মিছনৰ অধীনত পানী যোগান আচঁনি খন প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত দত্তই মুকলি কৰে।

মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ মহকুমা জন স্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা তুলশী কলিতা, গাওঁ গাওঁ পঞ্চায়ত সভাপতি মুন্দ্ৰি দাস, বিহালী খণ্ড উন্নয়ন বিষয়াকে ধৰি বহু কেইজন লোক উপস্থিত থাকে।আনহাতে বিধায়ক ৰঞ্জিত দত্তই আচঁনি খন মুকলি কয় এই আচঁনি জৰিয়তে এতিয়া অঞ্চলটো ৰাইজে বিশুদ্ধ খোৱা পানী লাভ কৰিব এতিয়া পৰা বিশুদ্ধ খোৱা পানী বাবে কোনো হাহাকাৰ পৰিস্থিতি সৃষ্টি নহয়।শীঘ্ৰে সমষ্টিটো প্ৰতি ঘৰে ঘৰে এই আচঁনি জৰিয়তে বিশুদ্ধ খোৱা পানী যোগান ধৰা হ’ব বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই।
লাহৰীঘাটৰ অমৰাগুৰি পানী যোগান আঁচনিৰ শুভ উদ্বোধন

জলজীৱন মিচন আঁচনিৰ ঘৰে ঘৰে পানী যোগানৰ লক্ষ্যৰে আজি মৰিগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে লাহৰীঘাটৰ অমৰাগুৰি পানী যোগান আঁচনিৰ অধীনস্থ হিতাধিকাৰী সকলক ব্যৱহাৰিক ঘৰুৱা পানীটেপ সংযোগৰ শুভ উদ্বোধন কৰা হয়। শুভ উদ্বোধন কৰে লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰে। এই উদ্বোধন অনুষ্টানত মৰিগাঁও জিলা অতিৰিক্ত উপায়ুক্ত বিষয়া. লাহৰীঘাট ৰাজহ চক্র বিষয়াৰ উপৰিও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয় ববীয়া সকলো উপস্থিত আছিল। উল্লেখ যে আজি উদ্বোধন কৰা এই জল জীৱন মিচনৰ দ্বাৰা অমৰাগুৰি পানী যোগান আঁচনিত ৩৪৮ জন হিতাধিকাৰীৰ ব্যৱহাৰিক ঘৰুৱা পানীটেপ সংযোগ কৰাত বিশুদ্ধ খোৱা পানী উপলব্ধ হব ।
প্ৰবীন সাংবাদিক, সমাজকৰ্মীক সম্বৰ্ধনা পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ
নলবাৰী জিলাৰ প্ৰবীন সাংবাদিক, সাহিত্যিক, অৱসৰ প্ৰাপ্ত বিষয় শিক্ষক ,পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি বেলশৰ নিৱাসী যাদৱসেন ডেকা আৰু বিশিষ্ট সমাজকৰ্মী, আৰু পবিত্ৰ কুমাৰ ডেকাক পশ্চিম নলবাৰী প্ৰেছ ক্লাৱে দুয়ো গৰাকীক তেওঁলোকৰ নিজ ঘৰলৈ গৈ সম্বৰ্ধনা জনায় ৷ পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা ৰমনী বৰ্মন , সভাপতি গনেশ বৰ্মন, কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য, উপ সভাপতি দ্বীপেন মেনা, সম্পাদক প্ৰদীপ কুমাৰ বৰ্মন, পত্ৰিকা সম্পাদক বিনয় শৰ্মাই৷ পৰহি ২৮জুলাইৰ আবেলি প্ৰথমে প্ৰবীন সাংবাদিক, সাহিত্যিক পেঞ্চনাৰ যাদৱসেন ডেকা (৮০)ৰ ঘৰলৈ গৈ তেওঁৰ স্বাস্হ্যৰ বুজ লয় আৰু ফুলাম গামোছা আৰু ফুলাম জাপিৰে ডেকাক সম্বৰ্দ্ধনা জনাই ৷ ইয়াৰ পাছতে প্ৰেছ ক্লাৱৰ প্ৰতিনিধিৰ দলটোৱে বিশিষ্ট সমাজকৰ্মী পবিত্ৰ ডেকাৰ বনগাওঁৰ ঘৰলৈ যায় ৷ ডেকাক ঘৰতে প্ৰেছ ক্লাৱৰ তৰফৰ পৰাও ফুলাম গামোছা আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনোৱা হয় ৷
নীলবাগান গাওঁ পঞ্চায়তত উন্নয়ন মূলক কাম পৰিদৰ্শন খণ্ড উন্নয়ন বিষয়াৰ
হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত নীলবাগান গাওঁ পঞ্চায়তৰ উন্নয়নমূলক কাম কাজ পৰিদৰ্শন কৰে খণ্ড উন্নয়ন বিষয়াই। বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মইন উদ্দিন আহমেদে কালি বিয়লি নীলবাগান গাওঁ পঞ্চায়তত চলি থকা এমজি এনৰেগাৰ কাম কাজবোৰ পৰিদৰ্শন কৰে। নীলবাগান গাঁও পঞ্চায়তৰ সভাপতি নুৰুল ইছলাম আৰু কনিষ্ট অভিযন্তাক লগত লৈ গাঁও পঞ্চায়ত খনৰ মীন মহল নিৰ্মান আৰু খেল পথাৰৰ মাটি কামৰ বুজ লৈ সন্তুষ্টি প্ৰকাশ কৰে খণ্ড উন্নয়ন বিষয়াজনে। পৰিদৰ্শন কালত বিষয়াজনে চলিত বৰ্ষত পঞ্চায়ত খনত শিশু উদ্যান গঢ়ি তোলা হব বুলি জানিবলৈ দিয়ে । আনহাতে এমজি এনৰেগা আৰু চতুৰ্থদশ বিত্তীয় আয়োগৰ ধন সুচাৰুৰূপে ব্যৱহাৰ কৰিবলৈ পঞ্চায়ত প্ৰতিনিধি সকলক নিৰ্দেশ দিয়ে। নীলবাগান মীন মহলৰ চাৰিওকাষে গছ পুলি ৰোপন কৰি এক ধূনীয়া পৰিৱেশ গঢ়ি তোলাৰ বাবে পৰামৰ্শ আগবঢ়ায় খণ্ড উন্নয়ন বিষয়াজনে।
অসম-মিজোৰাম সীমান্তত নিহত আৰক্ষী জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন বকো বজাৰ সমিতিৰ
অসম – মিজোৰাম সীমান্তত যোৱা ২৬ জুলাইৰ দিনা সংঘটিত হোৱা দূষ্কাৰ্য্যত অসম আৰক্ষীৰ ছয় গৰাকী বীৰ জোৱান আৰু এগৰাকী সাধাৰণ লোকৰ উপৰিও অন্যান্য ডেৰ কুৰিতকৈ অধিক লোকৰ আঘাত হয়। এই মৰ্মান্তিক ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে উক্ত ঘটনাত হতাহত হোৱা বীৰ জোৱান সকলোৰ আত্মাৰ সদগতি কামণা কৰি আজি কামৰূপ জিলাৰ বকোত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুস্থানৰ। উল্লেখ্য যে ; আজি বকো বজাৰ সমিতিৰ উদ্যোগত বকো বজাৰৰ মাজমজিয়াত সম্পূৰ্ণ কোভিড প্ৰ’টকল মানি আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুস্থানৰ। বকো বজাৰ সমিতিৰ সভাপতি খগেন ঠাকুৰীয়াই সঞ্চালনা কৰা শ্ৰদ্ধাঞ্জলি অনুস্থানৰ আত ধৰে প্ৰাক্তন ছাত্ৰ নেতা তথা যুৱ সমাজ কৰ্মী ধনঞ্জয় মেধিয়ে।

মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত হোৱা ঘটনাৰ পুনৰাবৃত্তি নহোওক তাৰ কামণা কৰি মৃতক বীৰ জোৱানৰ আত্মাৰ সদগতি কামণা কৰাৰ লগতে চিকিৎসাধীন হৈ হকা সকলোৰ আশু আৰোগ্য কামণা কৰি আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুস্থানত শতাধিক বন্তি প্ৰজ্বলন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুস্থানত অংশগ্ৰহণ কৰে বকো আৰক্ষী থানাৰ উপ আৰক্ষী বিষয়া মুনিন্দ্ৰ কলিতা ; দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতীম শৰ্মা ; বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা ; বিশিষ্ট সমাজ কৰ্মী জয়দেৱ অধিকাৰী ; অৱসৰপ্ৰাপ্ত শিক্ষক গীৰিন্দ্ৰ কুমাৰ চৌধুৰী ; সমাজ কৰ্মী অচ্যুত সাহা ; কৃষ্ণকান্ত বেণাৰ্জী আদিকে ধৰি বহু কেইজন বিশিষ্ট শিক্ষাবিদ ; সমাজ সচেতন নাগৰিক। সকলোৱেই অসম – মিজোৰাম সীমান্তৰ লাইলাপুৰৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু এনে ঘটনাৰ পুনৰাবৃত্তি নহোওক তাৰ কামণা কৰে।
চিৰাঙত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। চিৰাঙ উদ্ধাৰ শিশুৰ অভিভাৱকৰ সৈতে বাৰ্তালাপ
মানৱ সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ আন্দোলনৰ এক অপৰিহাৰ্য উপাদান হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিৰ সৰবৰাহৰ বিৰুদ্ধে চিৰাং জিলাৰ বেংতল ভ্ৰমণ কৰে আৰু উদ্ধাৰকৃত শিশু সকলৰ অভিভাৱকৰ সৈতে বাৰ্তালাপ কৰে শুকুৰবাৰে অনুষ্ঠিত এক কাৰ্যসূচীত, সেই ৪০ টা শিশু আৰু দুজন প্ৰাপ্তবয়স্কৰ অভিভাৱক যাক সৰবৰাহ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ছিকিমৰ পৰা উদ্ধাৰ কৰা হৈছিল।
লক্ষণীয় যে ভূটানৰ সীমান্তৱৰ্তী চিৰাং জিলাৰ ১০ খন বিভিন্ন গাঁৱৰ ৪০ জন শিশু আৰু দুজন প্ৰাপ্তবয়স্কক ছিকিমলৈ সৰবৰাহ কৰা হৈছিল। অৱশ্যে, সতৰ্কতা আৰু সময়োপযোগীতাৰ বাবেবিশেষ ডিজিপি এল আৰ বিষ্ণোইৰ নেতৃত্বত অসম আৰক্ষীৰ কৰ্মীসকলৰ হস্তক্ষেপ, চিৰাঙৰ এটা আৰক্ষী দলে ১৯ জুলাই, ২০২১ তাৰিখে ছিকিমলৈ দৌৰি গৈছিল আৰু ছিকিম আৰক্ষী আৰু চিডব্লিউচি ছিকিমৰ সহায়ত তিনি দিনৰ নিৰন্তৰ প্ৰচেষ্টাত ৪০ জন শিশু আৰু দুজন প্ৰাপ্তবয়স্কক উদ্ধাৰ কৰা হৈছিল।

ড০ শৰ্মাই উদ্ধাৰ কৰা শিশুসকলৰ পিতৃ-মাতৃৰ সৈতে কথা পাতিছিল, তেওঁলোকৰ জীৱনৰ আৰ্থসামাজিক আৰু আৱেগিক অভিমুখীতা বুজিবলৈ চেষ্টা কৰিছিল আৰু তেওঁলোকক মানৱ সৰবৰাহৰ বিৰুদ্ধে চৰকাৰক এই ক্ষেত্ৰত সহায় কৰিবলৈ অনুৰোধ কৰে। তেওঁ তেওঁলোকক যিকোনো মধ্যস্থতাকাৰীৰ দ্বাৰা প্ৰলোভিত হোৱাৰ প্ৰলোভন প্ৰতিহত কৰিবলৈ অনুৰোধ কৰে আৰু তেওঁলোকক তেওঁলোকৰ সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ কয়, কিয়নো যিকোনো বিৰোধীৰ পৰা তেওঁলোকক সহায় কৰিবলৈ চৰকাৰ সদায় তেওঁলোকৰ সৈতে থাকে। তদুপৰি, ড০ শৰ্মাই কয় যে তেওঁৰ চৰকাৰে বিটিচিৰ সৈতে সমন্বয় কৰি মানৱ সৰবৰাহৰ ফল বহন কৰা ১০ খন গাঁৱৰ গাওঁবাসীৰ সেৱা ব্যৱহাৰ কৰাৰ বাবে অৰ্থনৈতিক পেকেজ সৃষ্টিত কাম কৰিব কিয়নো তেওঁ কৈছিল যে তেওঁ ১৫ আগষ্টৰ পিছত ইতিমধ্যে উল্লেখিত আঁচনিখন আৰম্ভ কৰিব। তেওঁ অভিভাৱকসকলক আশ্বাস দিয়ে যে চৰকাৰে অৰ্থনৈতিক দুৰ্দশা কমাবলৈ তেওঁলোকক অৰুণোদই হিতাধিকাৰীতালিকাত অন্তৰ্ভুক্ত কৰিব। তেওঁ অনুষ্ঠানটোত বিটিচিৰ পৰা প্ৰতিজন অভিভাৱকলৈ 20 হাজাৰ টকা মূল্যৰ চেক ও প্ৰদান কৰে। তেওঁ লগতে কয় যে চৰকাৰে চিডব্লিউচিৰ পৰামৰ্শঅনুসৰি শিশুসকলক বিদ্যালয়লৈ পঠোৱাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব। অনুষ্ঠানটোত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিশেষ ডিজিপি এল আৰ বিষ্ণোই, চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু বিটিচিৰ অন্যান্য কৰ্মকৰ্তা আৰু অন্যান্য আয়োজক উপস্থিত থাকে।











