Home Blog Page 291

Donald Trump tariffs: স্মাৰ্টফোন, কম্পিউটাৰকে ধৰি বহু ইলেক্ট্ৰনিক্স সামগ্ৰী পাৰস্পৰিক শুল্কৰ পৰা বাদ দিলে ড’নাল্ড ট্ৰাম্পে

Donald Trump tariffs: স্মাৰ্টফোন, কম্পিউটাৰকে ধৰি বহু ইলেক্ট্ৰনিক্স সামগ্ৰী পাৰস্পৰিক শুল্কৰ পৰা বাদ দিলে ড’নাল্ড ট্ৰাম্পে
Donald Trump tariffs: স্মাৰ্টফোন, কম্পিউটাৰকে ধৰি বহু ইলেক্ট্ৰনিক্স সামগ্ৰী পাৰস্পৰিক শুল্কৰ পৰা বাদ দিলে ড’নাল্ড ট্ৰাম্পে

স্মাৰ্টফোন, কম্পিউটাৰকে ধৰি বহু ইলেক্ট্ৰনিকছক সামগ্ৰী পাৰস্পৰিক শুল্কৰ পৰা বাদ দিলে ড’নাল্ড ট্ৰাম্পে। (Donald Trump tariffs) স্মাৰ্টফোন, লেপটপ কম্পিউটাৰ, হাৰ্ড ড্ৰাইভ আৰু কম্পিউটাৰ প্ৰচেছৰ, আৰু মেম’ৰী চিপৰ ক্ষেত্ৰত এই সকাহ প্ৰযোজ্য হ’ব।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে চলিত মাহৰ আৰম্ভণিতে ঘোষণা কৰা স্মাৰ্টফোন, কম্পিউটাৰ আৰু অন্যান্য ইলেক্ট্ৰনিকছক পাৰস্পৰিক শুল্কৰ পৰা ৰেহাই দিছে, যাৰ ফলত গ্ৰাহকসকলক সম্ভাৱ্য মূল্যবৃদ্ধিৰ পৰা ৰক্ষা পৰিব।এই পদক্ষেপে জনসাধাৰণক উপকৃত কৰাৰ লগতে এপল আৰু চেমচাঙকে ধৰি ইলেক্ট্ৰনিকছৰ কোম্পানীয়েও আদৰণি জনাইছে। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি শুকুৰবাৰে সন্ধিয়া আমেৰিকাৰ শুল্ক আৰু সীমা সুৰক্ষা (চিবিপি)য়ে প্ৰকাশ কৰা এই বাদ পৰাৰ ফলত ট্ৰাম্পৰ ১৪৫ শতাংশ চীন শুল্ক আৰু তেওঁৰ ভিত্তি ৰেখাৰ ১০ শতাংশ বিশ্বব্যাপী শুল্কৰ পৰা আন প্ৰায় সকলো দেশৰ ওপৰত সামগ্ৰীসমূহ বাদ দি লেভিৰ পৰিসৰ সংকুচিত হৈছে।এই সকাহ স্মাৰ্টফোন, লেপটপ কম্পিউটাৰ, হাৰ্ড ড্ৰাইভ আৰু কম্পিউটাৰ প্ৰচেছৰ, আৰু মেম’ৰী চিপৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। সেই ইলেক্ট্ৰনিকছৰ সামগ্ৰীবোৰ সাধাৰণতে আমেৰিকাত নিৰ্মিত নহয়।

Kishor Deka Raja: মৰিগাঁৱৰ সাংবাদিক কিশোৰ ডেকাৰজাৰ আকস্মিক মৃত্যু

Kishor Deka Raja: মৰিগাঁৱৰ সাংবাদিক কিশোৰ ডেকাৰজাৰ আকস্মিক মৃত্যু
Kishor Deka Raja: মৰিগাঁৱৰ সাংবাদিক কিশোৰ ডেকাৰজাৰ আকস্মিক মৃত্যু

মৰিগাঁৱৰ সাংবাদিক কিশোৰ ডেকা ৰজাৰ আকস্মিক মৃত্যু।(Kishor Deka Raja) 

নিশা কৰ্মস্থলী পৰা ঘৰলৈ গৈ থকাৰ সময়তেই এক পথ দুৰ্ঘটনাত মৃত্যু হয় সাংবাদিকজনৰ।

দীৰ্ঘদিন ধৰি সাংবাদিকতাৰ লগত জড়িত হৈ আছিল সাংবাদিক কিশোৰ ডেকাৰজা ।

সাংবাদিকজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ মৰিগাঁৱতে।

বৰ্তমান time 8 ৰ মৰিগাঁও সাংবাদিক হিচাবে কৰ্মৰত আছিল।

পূৰ্বতে সাংবাদিক জন চেটেলাইট চেনেল ND24 সৈতেও জড়িত আছিল।

Madhya Pradesh: আগন্তুক ২ বছৰত আমেৰিকাৰ দৰে হ’ব মধ্য প্ৰদেশৰ পথ সংযোগ: নীতিন গাডকাৰী

Madhya Pradesh: আগন্তুক ২ বছৰত আমেৰিকাৰ দৰে হ'ব মধ্য প্ৰদেশৰ পথ সংযোগ: নীতিন গাডকাৰী
Madhya Pradesh: আগন্তুক ২ বছৰত আমেৰিকাৰ দৰে হ'ব মধ্য প্ৰদেশৰ পথ সংযোগ: নীতিন গাডকাৰী

কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে কয় যে অহা দুবছৰত মধ্যপ্ৰদেশৰ পথ সংযোগ আমেৰিকাৰ দৰে হ’ব। ইন্দোৰঃ কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে কয় যে অহা দুবছৰত মধ্যপ্ৰদেশৰ পথ সংযোগ আমেৰিকাৰ দৰে হ’ব।(Madhya Pradesh) মধ্যপ্ৰদেশৰ ধৰ জিলাত এক কাৰ্যসূচীত ভাষণ দি তেওঁ কয় যে সেউজ কৰিডৰকে ধৰি চলি থকা ঘাইপথ প্ৰকল্পসমূহ ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব।তেওঁ ঘাইপথ প্ৰকল্প উদ্বোধন কৰাৰ লগতে কোটি কোটি টকাৰ অন্যান্য কামৰ ভেটি স্থাপন কৰে।

কেন্দ্ৰীয় মন্ত্ৰী গডকাৰীয়ে কয় যে, “মধ্যপ্ৰদেশৰ কেইবাটাও স্থানত চলি থকা প্ৰায় ৩ লাখ কোটি টকাৰ ঘাইপথ প্ৰকল্প আগন্তুক এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। আমি আনুমানিক ৩৩,০০০ কোটি টকা ব্যয়ৰে পাঁচটা গ্ৰীণফিল্ড অৰ্থনৈতিক কৰিডৰ উন্নয়ন কৰি আছো।” তেওঁ জনোৱা মতে, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ওমকাৰেশ্বৰৰ নৰ্মদাৰ পাৰত এখন আইকনিক দলং নিৰ্মাণৰ সিদ্ধান্ত লৈছে।এই বিশ্বমানৰ প্ৰকল্পটোৰ বাবে এটা বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে, আৰু অতি সোনকালে কাম আৰম্ভ হ’ব।

মধ্যপ্ৰদেশৰ বিগত দুটা দশকত পথ সংযোগৰ উন্নতিৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে কয় যে, “পূৰ্বতে যেতিয়া মই নাগপুৰৰ পৰা ছিণ্ডৱাৰালৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছিলো, তেতিয়া গাঁৱলৈ যাবলৈ কোনো পথ নাছিল। বিগত দুটা দশকত মধ্যপ্ৰদেশত চহৰ আৰু গ্ৰামাঞ্চল উভয়তে পথ সংযোগৰ ব্যাপক বৃদ্ধিৰ সাক্ষী হৈছে।”দেশৰ কেন্দ্ৰবিন্দুত অৱস্থিত মধ্যপ্ৰদেশত ঘাইপথৰ জৰিয়তে চুবুৰীয়া ৰাজ্যসমূহক সংযোগ কৰিবলৈ আটাইতকৈ চুটি পথ থাকিব বুলিও তেওঁ কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ‘স্মাৰ্ট চিটি’ৰ সমান্তৰালকৈ ‘স্মাৰ্ট গাঁও’ নিৰ্মাণৰ এক অভিযানত কাম কৰি আছে বুলি উল্লেখ কৰে, যাৰ ফলত ভাৰতৰ গ্ৰাম্য আৰু নগৰ উভয় প্ৰান্তত বৃদ্ধি সুনিশ্চিত হ’ব।

তেওঁ কয় যে, খাদ্য আৰু শস্যৰ উৎপাদক হোৱাৰ উপৰিও ভাৰতৰ কৃষকসকলে কেইবাটাও কেঁচামাল উৎপাদন কৰি আছে, যিবোৰ পুনঃব্যৱহাৰ আৰু ব্যৱহাৰ কৰা হৈছে।মুখ্যমন্ত্রী মোহন যাদৱ, ৰাজ্যিক নগৰ উন্নয়ন মন্ত্রী কৈলাশ বিজয়বর্গীয়া, পি ডব্লিউ ডি মন্ত্রী ৰাকেশ সিংকে ধৰি কেইবাজনো লোকে অংশগ্রহণ কৰা এই কার্যসূচীত কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে মধ্য প্রদেশৰ ঘাইপথ প্রকল্পৰ এখন দীঘলীয়া তালিকা ঘোষণা কৰে আৰু ৰাজ্য চৰকাৰক ইয়াৰ বাবে ভূমি অধিগ্রহণ প্রক্রিয়া সম্পূর্ণ কৰিবলৈ কয়৷

Weather: আজি কোন কোন জিলাত হ’ব বতাহ, বৰষুণ আৰু বজ্ৰপাত ?

Weather: আজি কোন কোন জিলাত হ'ব বতাহ, বৰষুণ আৰু বজ্ৰপাত ?
Weather: আজি কোন কোন জিলাত হ'ব বতাহ, বৰষুণ আৰু বজ্ৰপাত ?

আজি গুৱাহাটী মহানগৰীসহ ৭খন জিলাত বতাহ,বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে।(Weather)

আজি উৰুকা, বিহুৰ মাজতেই বতৰৰ কালৰূপ।

জিলাই জিলাই পুৱাৰে পৰা বৰষুণ আৰু ধুমুহা।

আনহাতে আজি বতাহ, বৰষুণ আৰু বজ্রপাত হোৱাৰ সম্ভাৱনা আছে ৭খন জিলাত।

বৰপেটা, দৰং, গোৱালপাৰা, কামৰূপ মেট্র’, নলবাৰী, শোণিতপুৰ আৰু ওদালগুৰিত বতাহ, বৰষুণ আৰু বজ্রপাতৰ সম্ভাৱনা।

বতৰৰ আগজাননী দিলে IMD গুৱাহাটীয়ে।

ড° ভূপেন হাজৰিকাৰ স্মৃতি ৰক্ষা আৰু তেখেতৰ অৱদানক সন্মান জনাবলৈ অসমৰ কেবিনেটে ল’লে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত । dr bhupen hazarika

ড° ভূপেন হাজৰিকাৰ স্মৃতি ৰক্ষা আৰু তেখেতৰ অৱদানক সন্মান জনাবলৈ অসমৰ কেবিনেটে ল’লে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত । dr bhupen hazarika
ড° ভূপেন হাজৰিকাৰ স্মৃতি ৰক্ষা আৰু তেখেতৰ অৱদানক সন্মান জনাবলৈ অসমৰ কেবিনেটে ল’লে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত । dr bhupen hazarika

গুৱাহাটী, ১২ এপ্ৰিলঃ dr bhupen hazarika । অসম চৰকাৰে লোকসাহিত্যৰ অমৰ গায়ক, গীতিকাৰ, সংগীতকাৰ আৰু চিন্তাবিদ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিবলৈ একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত বহু তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ড° হাজৰিকাৰ জন্মদিনৰ লগত সংগতি ৰাখি এবছৰীয়া বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। গুৱাহাটী, অৰুণাচল প্ৰদেশ, কলকাতা, মুম্বাই আৰু দিল্লীৰ লগতে ৰাষ্ট্ৰজুৰি বহল পৰিসৰত এই অনুষ্ঠান উদযাপন হ’ব। উল্লেখযোগ্যভাৱে, এই বিশেষ অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নাইবা ৰাষ্ট্ৰপতিৰ উপস্থিতিৰ সম্ভাৱনাও প্ৰকাশ কৰা হৈছে।

সুধাকণ্ঠৰ স্মৃতিত বিশেষভাৱে তেখেতৰ নামত এখন স্মাৰক মুদ্ৰা নিৰ্মাণৰ সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰিছে, যাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা আগবঢ়োৱা হ’ব।

তেখেতৰ জীৱন আৰু দৰ্শন অধিক জনসমূহলৈ পঠিয়াবলৈ ১০ লাখ লোকক তেখেতৰ জীৱনী উপহাৰ হিচাপে প্ৰদান কৰা হ’ব। এই জীৱনীখন লিখাৰ দায়িত্ব প্ৰখ্যাত সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীক দিয়া হৈছে। এই জীৱনী অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত উপলব্ধ হ’ব। লগতে, সুধাকণ্ঠৰ ওপৰত এক তথ্যচিত্র নিৰ্মাণৰো ঘোষণা কৰা হৈছে।

স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰতো কেবিনেটে এক বৃহৎ সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে। ৰাজ্যৰ ৮ খন কেঞ্চাৰ হাস্পতাললৈ মুঠ ২৫০ কোটি টকাৰ অনুদান আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যাৰ জৰিয়তে ৰোগীৰ সেবা আৰু চিকিৎসা সুবিধা অধিক উন্নত কৰা হ’ব।

এই সিদ্ধান্তসমূহে অসমত সাংস্কৃতিক আৰু মানৱিক মূল্যবোধৰ বিস্তাৰ ঘটোৱাৰ লগতে ড° হাজৰিকাৰ মতাদৰ্শ আগন্তুক প্ৰজন্মলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে চৰকাৰে।

Tikoni Baruah: ৰঙালী বিহুত কিয় প্ৰয়োজন টিকনি বৰুৱা ? বহু ঔষধি গুণৰ সমাহাৰ টিকনি বৰুৱা

Tikoni Baruah: ৰঙালী বিহুত কিয় প্ৰয়োজন টিকনি বৰুৱা ? বহু ঔষধি গুণৰ সমাহাৰ টিকনি বৰুৱা
Tikoni Baruah: ৰঙালী বিহুত কিয় প্ৰয়োজন টিকনি বৰুৱা ? বহু ঔষধি গুণৰ সমাহাৰ টিকনি বৰুৱা

টিকনি বৰুৱা এবিধ গছ, এই টিকনি বৰুৱাৰ কুমলীয়া আগ শাক হিচাপে খোৱা হয়, খাবলৈ ভাল।(Tikoni Baruah) টিকনি বৰুৱাৰ ঔষধি গুণো আছে। মধুমেহ ৰোগীয়ে ইয়াৰ শাক, নিয়মীয়াকৈ খালে ৰোগৰ মাত্ৰা কমি থাকে। টিকনি বৰুৱাৰ বৈজ্ঞানিক নাম Byttneria grandiflora, ইংৰাজী নাম Bitter climber ৷ ব’হাগ বিহুত খোৱা এশ এবিধ শাকৰ মাজত এই টিকনি বৰুৱা শাকো এবিধ ৷ টিকনি বৰুৱাই ছালৰ ৰোগ নিৰাময়, প্ৰস্ৰাৱৰ সমস্যা, ডায়েৰিয়া আদি ৰোগত উপকাৰ কৰে ৷(Rongali Bihu)

গৰু, বিহুৰ দিনা টিকনি বৰুৱাৰ লতা এডাল, অসমীয়া মানুহে ঘৰৰ,মূল, দুৱাৰৰ, ওপৰত,আৰি,থয়। জনবিশ্বাসমতে টিকনি বৰুৱাৰ লতা ঘৰৰ,বেৰত,বা, দুৱাৰৰ ওপৰত আৰি থলে, ভূত প্ৰেত, আদি অশুভ শক্তি,ঘৰত, প্ৰবেশ,কৰিব, নোৱাৰে। টিকনি বৰুৱাৰ ঔষধি গুণো, আছে। মধুমেহ ৰোগীয়ে ইয়াৰ শাক, নিয়মীয়াকৈ খালে ৰোগৰ মাত্ৰা কমি থাকে।

Asam Sahitya Sabha: অসমবাসীলৈ অসম সাহিত্য সভাৰ ৰঙালী বিহুৰ ওলগ

Asam Sahitya Sabha: অসমবাসীলৈ অসম সাহিত্য সভাৰ ৰঙালী বিহুৰ ওলগ
Asam Sahitya Sabha: অসমবাসীলৈ অসম সাহিত্য সভাৰ ৰঙালী বিহুৰ ওলগ

সংস্কৃত বিষুণৱ শব্দৰ পৰা সাধিত বিহুৰ পাৰ ভঙা উৎসাহ সমগ্র মানৱ জাতিৰ কৃষি সভ্যতাৰ প্রতীক। বিহুৰ ছন্দ ঐক্য আৰু সম্প্রীতিৰ ছন্দ। ই কেৱল প্রেম-প্রীতিৰ অভিব্যক্তিয়েই নহয়, ই শ্রমজীৱীৰ সিদ্ধি বস্তুৰ স্বপ্নময় উল্লাস। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী(Asam Sahitya Sabha) আৰু প্রধান সম্পাদক দেৱজিৎ বৰাই এক সংবাদ বিবৃত্তিযোগে অসমৰ জিলা সভা, শাখা সভা, আজীৱন সভ্য, হিতৈষী সভ্য, পৰম হিতৈষী সভ্য, পৰম সুহৃদ হিতৈষী সভ্য, সুহৃদ পৰিয়ালৰ লগতে অসমবাসীক ৰঙালী বিহুৰ ওলগ জনাইছে। ৰঙালী বিহুৱে অসমত সাতামপুৰুষীয়া ঐক্য আৰু সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টি কৰি বিশ্বমানৱৰ গৌৰৱলৈ উত্তৰণ ঘটাওক।

অসমীয়া জাতীয় পৰিচয়ৰূপেও ৰঙালী বিহু চিহ্নিত হওক। বিহুৰ বিকৃতি ঘটিব পাৰে, যুগৰ প্ৰভাৱো পৰিব পাৰে; কিন্তু ৰঙালী বিহুৰ আদিম প্রতিভাৰে সদায় অসমক চিনাকি দি থাকক। উত্তৰ ভাৰতৰ সংস্কৃতিয়ে তল্কিব নোৱৰাকৈ অসমৰ বৰঘৰত বৰপীৰা এখন ল’ব নোৱাৰে তাৰ বাবেও অসমবাসীক সচেতন হ’বলৈ অসম সাহিত্য সভাই আহ্বান জনায়। ৰঙালী বিহুৱে প্রতিজন অসমীয়াক উদ্বুদ্ধ কৰক, প্ৰতিগৰাকী অসমীয়াৰ সত্তাক আলোড়িত কৰক আৰু সমাজত প্রতীতিৰ পতাকাও উত্তোলন কৰক। বিহুৰ নামত হৈ চৈ এৰি বিহুৰ মাজত প্রতিজন অসমীয়াৰ আত্মাৰ বাণী শুনাৰ পৰিৱেশ সৃষ্টি হোৱাৰ কামনা কৰিছে অসম সাহিত্য সভাই।

HSLC Result 2025: হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰক্ষেত্ৰীৰ দুখনকৈ বিদ্যালয়ৰ শোচনীয় ফলাফল, নিৰাশ বৰক্ষেত্ৰীৰ শিক্ষিত সমাজ !

HSLC Result 2025: হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰক্ষেত্ৰীৰ দুখনকৈ বিদ্যালয়ৰ শোচনীয় ফলাফল, নিৰাশ বৰক্ষেত্ৰীৰ শিক্ষিত সমাজ
HSLC Result 2025: হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰক্ষেত্ৰীৰ দুখনকৈ বিদ্যালয়ৰ শোচনীয় ফলাফল, নিৰাশ বৰক্ষেত্ৰীৰ শিক্ষিত সমাজ

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বৰক্ষেত্ৰীৰ দুখনকৈ বিদ্যালয়ৰ শোচনীয় প্ৰদৰ্শন। শিক্ষাৰ নৱদ্বীপ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰ বালিকা হাইস্কুল আৰু চণ্ডী মেধি বালিকা বিদ্যালয়ৰ শোচনীয় ফলাফল।(HSLC Result 2025) সাত গৰাকী শিক্ষক থকা ৰামপুৰ বালিকা হাইস্কুলৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৮ গৰাকী শিক্ষাৰ্থীৰ এগৰাকীও উত্তীৰ্ণ হ’ব নোৱাৰিলে।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো এই বিদ্যালয়খনৰ পৰা ১৭ গৰাকী শিক্ষাৰ্থীৰ এগৰাকীও উৰ্ত্তীণ হোৱা নাছিলে। আনফালে আঠ গৰাকী শিক্ষক থকা নাৰায়ণপুৰ চণ্ডী মেধি বালিকা বিদ্যালয়ৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ মাত্ৰ এগৰাকীহে উত্তীৰ্ণ হয়।

শোচনীয় ফলাফলৰ বাবে দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ ইতিমধ্যে শিক্ষা বিভাগে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। পৰ্যাপ্ত শিক্ষক শিক্ষয়ত্ৰী তথা সকলো সা-সুবিধা থকাৰ পিছতো দুয়োখন বিদ্যালয়ৰ শোচনীয় ফলাফলে লজ্জিত কৰিছে বৰক্ষেত্ৰীৰ শিক্ষিত সমাজক। বিদ্যালয় দুখনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগক অনুৰোধ জনাই স্থানীয়লোক সকলে।

Asam Sahitya Sabha: পহিলা ব’হাগত ‘নিজৰ দিন’ উদযাপন কৰিব অসম সাহিত্য সভাই

Asam Sahitya Sabha: পহিলা ব'হাগত 'নিজৰ দিন' উদযাপন কৰিব অসম সাহিত্য সভাই
Asam Sahitya Sabha: পহিলা ব'হাগত 'নিজৰ দিন' উদযাপন কৰিব অসম সাহিত্য সভাই

বিগত বছৰসমূহৰ দৰেই এই বছৰো অসম সাহিত্য সভাই পহিলা ব’হাগৰ দিনটো ‘নিজৰ দিন’ হিচাপে উদযাপন কৰিবলৈ ব্যাপক প্রস্তুতি চলাইছে।(Asam Sahitya Sabha) কাকতলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়া মতে এই নিজৰ দিনৰ উপলক্ষ্যে অসম সাহিত্য সভাই অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতিৰ বিকাশ-বিস্তৃতিৰ বাবে অহোৰাত্ৰ কাম কৰি থকা আৰু জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা দহ হাজাৰ ব্যক্তিক পহিলা ব’হাগৰ দিনা অৰ্থাৎ অহা ১৫ এপ্ৰিলৰ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰত ঘৰে ঘৰে গৈ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে ভিন্ন জিলা সভা আৰু শাখা সভাৰ কৰ্মকর্তাসকলে থুৰীয়া তামোল-পাণৰে সেৱা ধৰি সন্মানিত কৰিব।

ৰাজ্যখনৰ পাহাৰে-ভৈয়ামে শান্তি-সম্প্রীতিৰে বসবাস কৰি থকা এই ব্যক্তিসকলৰ উপৰিও ভাৰতবৰ্ষৰ বাংগালোৰ, আহমেদাবাদ, দিল্লী, উড়িষ্যা, ভূৱনেশ্বৰ, অৰুণাচল, ইটানগৰ, পাচিঘাটকে ধৰি লণ্ডন, উত্তৰ আমেৰিকা আদি স্থানতো সেইদিনা ‘নিজৰ দিন’ উপলক্ষ্যে ৬৫ বছৰ বয়সৰ ঊর্ধ্বৰ জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ থকা ব্যক্তিসকলক ঘৰে ঘৰে গৈ সন্মান প্রদর্শন কৰিব। বিজ্ঞপ্তিখনত প্রধান সম্পাদকে জানিবলৈ দিয়া মতে- এই নিজৰ দিনৰ কাৰ্যসূচীত পূৰ্বৰ বছৰত সম্বৰ্ধিত হোৱা কোনো ব্যক্তিক দ্বিতীয়বাৰৰ বাবে সন্মান প্রদান কৰিব নালাগে আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য, জিলা সভা, শাখা সভা, আদৰণী সমিতিৰ কোনো সদস্যক শুভেচ্ছা জ্ঞাপন কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিছে। ইফালে ৬৫ বছৰ বয়সৰ ঊর্ধ্বৰ জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ থকা ব্যক্তিসকলক শুভেচ্ছা জ্ঞাপন কৰিবৰ বাবে অসম সাহিত্য সভাই আগতীয়াকৈ ভিন্ন কাৰ্যালয়ৰ তত্ত্বাৱধানত জিলা সভা-শাখা সভাৰ যোগেদি ওলগনি পত্ৰ প্ৰেৰণ কৰিছে। সেইদিনা কেন্দ্ৰীয় সমিতি, জিলা সভা, শাখা সভা, আদৰণি সমিতিৰ সদস্য-সদস্যাসকলে সম্বর্ধিত ব্যক্তিসকলক থলুৱা শিপিনীৰ দ্বাৰা বোৱা গামোচা, গ্ৰন্থৰ টোপোলা আৰু একোখনকৈ থুৰীয়া তামোল-পাণ প্রদান কৰি সেৱা ধৰিব। সভাৰ হৈ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ যোৱা সাহিত্য সভাৰ দলটো ন্যূনতম পাঁচজনীয়া হ’ব লাগিব আৰু তেওঁলোকে জাতীয় পোছাক পৰিধান কৰিব লাগিব। প্রতিনিধি দলটোৱে চিৰ নমস্য ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা মুহূৰ্তটো কেমেৰাত আবদ্ধ কৰি ৰাখি পৰৱৰ্তী সময়ত সামাজিক মাধ্যম, সংবাদ মাধ্যম আৰু অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথৰ ভ্রাম্যভাষঃ ৯৮৬৪১২০৩৫৭ হোৱাটছ-এপ নম্বৰৰ যোগেদি সভালৈ প্রেৰণ কৰিব লাগিব।

আনহাতে ব্যক্তিসকলক নিজৰ দিনৰ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ যোৱাৰ সময়ত সভাৰ কৰ্মকর্তাসকলে সম্বর্ধিত ব্যক্তিজনৰ পৰিয়ালৰ সদস্যসকলক আৰু প্ৰতিৱেশীসকলক আমন্ত্ৰণ কৰি আনিব লাগিব আৰু অনুষ্টুপীয়াকৈ পোন্ধৰ মিনিটৰ এটি অনুষ্ঠান সম্পন্ন কৰিব আৰু উক্ত অনুষ্ঠানতে সভাৰ ২০২৫-২০২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহকে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আজীৱন স্থায়ী সদস্য হৈ সভাৰ লগত সম্পৃক্ত হ’বৰ বাবে মুকলি অনুৰোধ কৰিব লাগিব। ইফালে সভাৰ কেন্দ্ৰীয় সমিতিয়ে নিজাববীয়াকৈ যোৰহাটৰ কেন্দ্ৰীয় কার্যালয়কে ধৰি ভিন্ন অঞ্চলিক কাৰ্যালয়ৰ কর্মকর্তাসকলে পৃথকে পৃথকে আদিত চন্দ্র কলিতা (ওডালগুৰি), ৰজনী বৰা (শোণিতপুৰ), বানেশ্বৰী ডেকা (দৰং), সুভাষ নাথ (ডিমা হাচাও), অতুল চন্দ্র শর্মা (কাৰবি আংলং), নিত্যানন্দ গোস্বামী (পশ্চিম কাৰবি আংলং), চন্দ্রনাথ নেওগ (লক্ষীমপুৰ), হীৰেন বৰা (বিশ্বনাথ), উমেশ চেতিয়া (ধেমাজি), গিৰিণ তামুলী (অৰুণাচল), নৃপেন দেউৰী (যোৰহাট), ডাঃ নীল পেগু (মাজুলী), বদৰতদ্দিন আহমেদ (গোলাঘাট), ৰতিপ্রভা গগৈ (চৰাইদেউ), অমৃত নাৰায়ণ পাটগিৰি (চিৰাং), ড° কৃষ্ণ ৰয় (বজালী), ডাঃ অচ্যুৎ মেধি (বাক্সা), ড° বাবুল চন্দ্র দাস (বৰপেটা), ৰতিমোহন নাথ (নগাঁও), মাইজান বৰা (হোজাই), নৰেন্দ্ৰনাথ কেওট (মৰিগাঁও), অপূর্ব কুমাৰ দত্ত (কৰিমগঞ্জ), অজয় খান (শিলচৰ), সুনীল কুমাৰ শৰ্মা (হাইলাকান্দি), ড° শৈলেন ঠাকুৰীয়া (কামৰূপ), ড° ভবেন কলিতা (নলবাৰী), ড° দ্বীপেন্দ্ৰ কুমাৰ অধিকাৰী (ধুবুৰী), প্রতীমানন্দী নাৰ্জাৰী (কোকৰাঝাৰ), অমৃতভূষণ ফৌজদাৰ (বঙাইগাঁও), বীৰেণ বৰুৱা (ডিব্ৰুগড়), বিপিন শৰ্মা (চৰাইদেউ), শৰৎচন্দ্ৰ চিৰিং ফুকন (তিনিচুকীয়া) আদিক সম্বৰ্ধনা জ্ঞাপন কৰিব।


সফল জীৱন পৰিক্ৰমাৰে সমৃদ্ধ অভিজ্ঞ ব্যক্তিসকলক অসম সাহিত্য সভাৰ তৰফৰ পৰা নিজৰ দিনত আন্তৰিকতাৰে সন্মান প্রদর্শন আৰু কৃতজ্ঞতা জ্ঞাপন কৰি অসমীয়াৰ গৌৰৱ বৃদ্ধি কৰাৰ এই মহৎ কর্মযজ্ঞৰ অংশীদাৰী হ’বলৈ সভাৰ প্ৰধান সম্পাদকে সকলোকে এক বিজ্ঞপ্তিযোগে আহ্বান জনাইছে।।

Onion: গৰমৰ দিনত চাৰ্টৰ পকেটত কিয় ৰাখিব লাগে পিঁয়াজ, ইয়াৰ ফলত গৰমৰ অস্বস্তি কমে !

Onion: গৰমৰ দিনত চাৰ্টৰ পকেটত কিয় ৰাখিব লাগে পিঁয়াজ, ইয়াৰ ফলত গৰমৰ অস্বস্তি কমে !
Onion: গৰমৰ দিনত চাৰ্টৰ পকেটত কিয় ৰাখিব লাগে পিঁয়াজ, ইয়াৰ ফলত গৰমৰ অস্বস্তি কমে !

গ্ৰীষ্মকালত পিঁয়াজে কেনেদৰে সহায় কৰিব পাৰে, জানেনে ?(Onion) বিগত বছৰত অভিলেখ সৃষ্টি কৰিছিল তাপমাত্ৰা। এইবাৰ অৱশ্যে এপ্ৰিল মাহতে গৰমে স্পৰ্শ কৰিলে। দুপৰীয়া ৰাজপথলৈ ওলাই যাব নোৱাৰি। গৰমত হিট ষ্ট্ৰ’ককে ধৰি বিভিন্ন সমস্যা হ’ব পাৰে। এসময়ত কোৱা হৈছিল যে এনে ‘অত্যন্ত গৰম’ গৰমৰ পৰা ৰক্ষা পোৱাৰ উপায় হিচাপে পিঁয়াজ কাপোৰৰ পকেটত ৰাখিব লাগে। ইয়াৰ দ্বাৰা গৰমৰ অস্বস্তি কমিব বুলি বিশ্বাস কৰা হৈছিল।

পিঁয়াজে হিট ষ্ট্ৰ’ক প্ৰতিৰোধ কৰিব পাৰেনে?

পিঁয়াজ স্পৰ্শ কৰিলে হিট ষ্ট্ৰ’ক প্ৰতিৰোধ কৰিব পৰা যায় বুলি এতিয়ালৈকে কোনো বৈজ্ঞানিক প্ৰমাণ নাই। অৱশ্যে পিঁয়াজে শৰীৰত আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে। ভাৰতৰ বহু ঠাইত এতিয়াও গৰমৰ দিনত সতেজ পিঁয়াজৰ ৰস খোৱাৰ প্ৰথা আছে। পিঁয়াজত এনে প্ৰাকৃতিক উপাদান থাকে যিয়ে শৰীৰক শীতল কৰি ৰাখে। যেনে কুৱেৰচেটিন আৰু চালফাৰ। কুৱেৰচেটিন আৰু চালফাৰে শৰীৰত ঘাম উৎপন্ন কৰে। সেই ঘামহে অতিৰিক্ত তাপ কমাই শৰীৰক শীতল কৰি ৰাখে।

আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অৱ হেল্থৰ ৱেবছাইটত প্ৰকাশিত এক গৱেষণা পত্ৰতো কোৱা হৈছে যে পিঁয়াজত থকা এন্টিঅক্সিডেন্টে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা মুক্ত কৰি ৰাখে। শৰীৰৰ বেছিভাগ ৰোগ আৰু বয়স বৃদ্ধিৰ বাবে ফ্ৰী ৰেডিকেল দায়ী। যাৰ ফলত গৰমত শৰীৰটো আৰু বেছি বেমাৰ হ’ব পাৰে। পিঁয়াজে যদি সেই ফ্ৰী ৰেডিকেলৰ পৰা শৰীৰক ৰক্ষা কৰে তেন্তে শৰীৰৰ যুঁজৰ ক্ষমতা বৃদ্ধি পাব।

গৰমত পকেটত পিয়াঁজ ৰখাতকৈ গৰম প্ৰতিৰোধৰ বাবে পিঁয়াজ খোৱাটো ভাল, আৰু ই কাম কৰাৰ নিশ্চয়তা বহুত বেছি।