Home Blog Page 293

Tahawwur Rana Extradition: ২৬/১১ৰ মুম্বাই আক্ৰমণত মুম্বাইতে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা

Tahawwur Rana Extradition: ২৬/১১ৰ মুম্বাই আক্ৰমণত মুম্বাইতে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা
Tahawwur Rana Extradition: ২৬/১১ৰ মুম্বাই আক্ৰমণত মুম্বাইতে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা

২৬/১১ৰ মুম্বাই আক্ৰমণত মুম্বাইতে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা।(Tahawwur Rana Extradition)

কথমপি ৰক্ষা পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ।

ঘটনাৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা আছিল মুম্বাইত।(Himanta Biswa Sarma)

মুম্বাইৰ তাজ হোটেলতে তেওঁ থকাৰ কথা আছিল।

কিন্তু, অন্তিম মুহূৰ্তত তাজৰ সলনি তেওঁ আছিল আন এখন হোটেলত।

২৬/১১ৰ মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যার্পণৰ পিছতে সেই ভয়াৱহ দিনটোৰ কথা সামাজিক মাধ্যমত স্মৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে।

তেওঁ সামাজিক মাধ্যমত লিখে, ‘২৬/১১ৰ সেই বিশেষ নিশাটোত মই মুম্বাইতে আছিলোঁ আৰু আনকি তাজ হোটেলত থকাৰ কথাই আছিল। কিন্তু ভাগ্যই যেন নিৰ্ধাৰণ কৰাৰ দৰেই শেষ মুহূৰ্তত পৰিকল্পনা সলনি হোৱাৰ বাবে তাৰ পৰা ওলাই আন এখন হোটেলত আছিলোঁ।

তথাপিও সেই নিশাটো কাহানিও পাহৰিব নোৱাৰোঁ৷ সেই নিশা সংঘটিত হোৱা ঘটনাসমূহ মোৰ মাজত চিৰকালৰ বাবে ৰৈ গৈছে। আজি স্পষ্টভাৱে মনত আছে ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী অৰ্থাৎ এন এছ জিৰ কাৰ্যকলাপ প্ৰত্যক্ষ কৰোঁতে মনলৈ বাৰে বাৰে আহিছিল–এদিন নহয় এদিন এই জঘন্য কাণ্ডৰ আঁৰত থকা ‘মাষ্টাৰমাইণ্ড’সকলক সময়ে উচিত শাস্তি প্ৰদান কৰিব৷

প্ৰায় ডেৰ দশকৰ পাছত দেশ কঁপোৱা এই কাণ্ডৰ অন্যতম মূল অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ ঘূৰাই অনা দেখি কেৱল কেছটো চূড়ান্ত নিষ্পত্তিৰ দিশে গতি কৰিব বুলি ভবাৰ লগতে আমাৰ দেশৰ নেতৃত্বক অনুধাৱন কৰিও পুনৰ এক আত্মবিশ্বাসেৰে মনটি ভৰি পৰিছে। যেতিয়ালৈকে আমাৰ নেতৃত্বত এক সবল আৰু নিৰ্ণায়ক নেতৃত্ব আছে, শত্ৰুপক্ষীয় এজেণ্টসকলে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ চেষ্টা কৰাৰ আগতে এবাৰ দুবাৰ নহয়, বহুবাৰ ভাবিব লাগিব।”

Local News: ড° নগেন ঠাকুৰৰ বিয়োগত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

Local News: ড° নগেন ঠাকুৰৰ বিয়োগত অসম সাহিত্য সভাৰ শোক প্ৰকাশ
Local News: ড° নগেন ঠাকুৰৰ বিয়োগত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

ভাষাতত্ত্ববিদ আৰু কবি ড° নগেন ঠাকুৰৰ পৰলোকপ্ৰাপ্তিত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী(Local News) আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এক সংবাদ বিবৃতিৰ জৰিয়তে ভাষাতত্ববিদগৰাকীৰ বিয়োগ অসমীয়া সাহিত্যজগতৰ বাবে পূৰাব নোৱৰা ক্ষতি বুলি শোকাগ্ৰস্ত হৈ কয় যে বিংশ শতিকাৰ সপ্তম দশকত ৰামধেনু, মণিদীপ, আমাৰ প্রতিনিধি, আৱাহন আদিত কাব্যচৰ্চা কৰি যশস্যাৰ কলচীত উঠা কবিজনাই পৰৱৰ্তী সময়ত উপন্যাস, নাটক আৰু গল্পৰ সাম্রাজ্যতো পাও দিছিল যদিও তেখেত ভাষাতাত্ত্বিকৰূপেহে ৰজনজনা হ’ল।

পালি প্রাকৃত অপভ্রংশ আৰু অসমীয়া ভাষা, পালি প্রাকৃত অপভ্রংশ আৰু অসমীয়া সাহিত্য, ভাৰতীয় ভাষাৰ পৰিচয়, প্রাকৃত সাহিত্য চয়ন, পৃথিবীৰ বিভিন্ন ভাষা, প্রাকৃত সাহিত্যৰ অধ্যয়ন, গাহাসত্তসঙ্গ (গাথাসপ্তশতী) এশ এটা প্ৰেমৰ কবিতা, অশোকৰ অনুশাসন আদি ভাষা বিষয়ক গ্রন্থই অসমীয়া ভাষাক আঢ্য কৰাৰ লগতে নবেল বঁটাপ্রাপক মিখাইল ছলোকভৰ And Quite Flows the Don উপন্যাস অসমীয়ালৈ অনুবাদ কৰিছিল ‘ধীৰে বৈ যায় ডন’ নামেৰে। হেমচন্দ্ৰ বৰুৱাৰ হেমকোষৰ চতুৰ্দশ সংস্কৰণৰো তেখেতে সম্পাদনা কৰিছিল।

এনে এজন ভাষাৰ খনিকৰ ড০ ঠাকুৰে অসমীয়া ভাষাৰ সমৃদ্ধি সাধনত অহিৰণা আগবঢ়াই জাতিটোক সমৃদ্ধ কৰি থৈ গ’ল। অসম সাহিত্য সভা পৰিয়ালৰ এইগৰাকী আজীৱন সদস্যৰ বিয়োগত মর্মাহত সভাই তেখেতৰ স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনাৰে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

HSLC Result 2025: ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল, পৰীক্ষাত উত্তীৰ্ণ ২ লাখ ৭০ হাজাৰ ৪৭১ গৰাকী পৰীক্ষার্থী

HSLC Result 2025: ঘোষণা হ'ল মেট্ৰিকৰ ফলাফল, পৰীক্ষাত উত্তীৰ্ণ ২ লাখ ৭০ হাজাৰ ৪৭১ গৰাকী পৰীক্ষার্থী
HSLC Result 2025: ঘোষণা হ'ল মেট্ৰিকৰ ফলাফল, পৰীক্ষাত উত্তীৰ্ণ ২ লাখ ৭০ হাজাৰ ৪৭১ গৰাকী পৰীক্ষার্থী

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল৷ পৰীক্ষাত উত্তীৰ্ণ হৈছে ২ লাখ ৭০ হাজাৰ ৪৭১ গৰাকী।(HSLC Result 2025)

জিলাভিত্তিক মেট্রিক পৰীক্ষাৰ ফলাফল প্রথম স্থানত আছে শিৱসাগৰ জিলা। জিলাখনত উত্তীর্ণ ৮৫.৫৫% পৰীক্ষার্থী। দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা, জিলাখনত উত্তীর্ণ ৮১.১০% পৰীক্ষার্থী। তৃতীয় স্থানত আছে ধেমাজি জিলা, জিলাখনত উত্তীর্ণ ৮০.৬৪% পৰীক্ষার্থী।

আনহাতে প্রথম বিভাগত উত্তীৰ্ণ ৮৯,০৪১ গৰাকী, ডিষ্টিংশ্যন পাইছে ৫,৩৩৬ গৰাকীয়ে, ষ্টাৰ নম্বৰ লাভ কৰিছে ১৬৫১৭ গৰাকীয়ে, লেটাৰ মাৰ্কছ পাইছে ১ লাখ ৬৮ হাজাৰ ৩১২ গৰাকীয়ে।

Hanuman Jayanti 2025: হনুমান জয়ন্তীত হনুমানৰ আশীৰ্বাদ লাভ কৰিবলৈ আগবঢ়াওক পাঁচটা বস্তু !

Hanuman Jayanti 2025: হনুমান জয়ন্তীত হনুমানৰ আশীৰ্বাদ লাভ কৰিবলৈ আগবঢ়াওক পাঁচটা বস্তু !
Hanuman Jayanti 2025: হনুমান জয়ন্তীত হনুমানৰ আশীৰ্বাদ লাভ কৰিবলৈ আগবঢ়াওক পাঁচটা বস্তু !

২০২৫ চনৰ ১২ এপ্ৰিল অৰ্থাৎ শনিবাৰে বজৰংগবলী হনুমানৰ জন্ম জয়ন্তী। এই দিনটোত হনুমানক তেওঁৰ প্ৰিয় খাদ্য আগবঢ়ালে তেওঁ সোনকালে সুখী হয়।(Hanuman Jayanti 2025) হনুমান জয়ন্তী হিন্দু ধৰ্মত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। বছৰত দুবাৰকৈ হনুমান জয়ন্তী পালন কৰা হয়। চৈত্ৰা পূৰ্ণিমাত এবাৰ আৰু দ্বিতীয়বাৰ কাৰ্তিক পূৰ্ণিমাত হনুমান জয়ন্তী উদযাপন কৰা হয়। বিশ্বাস কৰা হয় যে এদিন হনুমানৰ জন্ম হৈছিল আৰু এদিন মাতৃ সীতাই তেওঁক অমৰত্বৰ বৰদান দিছিল। সেইবাবেই বছৰত দুবাৰকৈ হনুমান জয়ন্তী পালন কৰা হয়। যিহেতু হনুমান অমৰ, সেয়েহে তেওঁৰ জন্মদিনক জয়ন্তীৰ সলনি জন্মোৎসৱ বুলি কয় বহুতে। হনুমান জয়ন্তীত হনুমানৰ আশীৰ্বাদ লাভ কৰিবলৈ আগবঢ়াওক পাঁচটা বস্তু –

বেচনৰ লাড়ু
হনুমান বেচনৰ লাড়ু প্ৰতি খুবেই আকৰ্ষিত। হনুমানক বেচনৰ লাড়ু আগবঢ়ালে তেওঁ সোনকালে ইচ্ছা পূৰণ কৰে।

বুণ্ডীয়া লাড়ু
হনুমান জন্মোৎসৱৰ পূজা বুণ্ডীয়া লাড়ুৰ অবিহনে আধৰুৱা। হনুমানক বুণ্ডীয়া লাড়ু আগবঢ়ালে গ্ৰহৰ দোষ দূৰ হয় আৰু কামত বাধা দূৰ হয় বুলি বিশ্বাস কৰা হয়।

পাণ

হনুমানক পাণ অৰ্পণ কৰিলে জীৱনৰ সকলো কষ্ট নাইকিয়া হয়।

গুড় আৰু বুট
হনুমানক গুড় আৰু বুট অৰ্পণ কৰিলে মংগল দোষ আঁতৰ হয়। জীৱনৰ সকলো সমস্যা নোহোৱা হৈ যায়।

কল

হনুমান জয়ন্তীৰ দিনা পৱনপুত্ৰ হনুমানক কল আগবঢ়ালে তেওঁৰ বিশেষ আশীৰ্বাদ লাভ কৰে।

খীৰ
হনুমান খীৰৰ প্ৰতিও অতি আকৰ্ষিত। এই ভোগ আগবঢ়ালে ধনৰ লগত জড়িত সমস্যাবোৰ নাইকিয়া হয়। লগতে সংকটবোৰো আঁতৰি যায়।

HSLC Result 2025: ১০.৩০ বজাত ঘোষণা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল

HSLC Result 2025: ১০.৩০ বজাত ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল
HSLC Result 2025: ১০.৩০ বজাত ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।(HSLC Result 2025)

পুৱা ১০.৩০ বজাৰ লগে লগে ঘোষণা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল৷

ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মেট্ৰিক পৰীক্ষাৰ ফলাফল বহুকেইটা ৱেবছাইটত লাভ কৰিব।

চলিত শিক্ষাবৰ্ষত অৱতীৰ্ণ হৈছিল ৪ লাখ ৩০ হাজাৰ পৰীক্ষাৰ্থী।

মেট্ৰিকত এইবাৰো নাথাকিব শীর্ষস্থানৰ ব্যৱস্থা।

Bhumiputra Chutia people: চুতীয়া জাতি সন্মিলনৰ শততম প্ৰতিষ্ঠা দিৱস উদযাপন

Bhumiputra Chutia people: চুতীয়া জাতি সন্মিলনৰ শততম প্ৰতিষ্ঠা দিৱস উদযাপন
Bhumiputra Chutia people: চুতীয়া জাতি সন্মিলনৰ শততম প্ৰতিষ্ঠা দিৱস উদযাপন

দৈনন্দিন বাৰ্তাৰ সেৱা, ঢকুৱাখনা, ১০ এপ্ৰিল: ঢকুৱাখনা জিলা চুতীয়া(Bhumiputra Chutia people) জাতি সম্মিলনৰ উদ্যোগত জিলা মহিলা সম্মিলন, যুৱ সম্মিলন আৰু মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত সদৌ চুতীয়া জাতি সম্মিলন, অসমৰ (Celebrating the 100th Foundation Day) শতবর্ষ উদযাপন৷(Chutia Jati Sammelan)

অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ পৱিত্ৰ মঞ্চ সদৌ চুতীয়া জাতি সন্মিলন, অসমে ১৯২৫ চনৰ আজি দিনটোতে প্রতিষ্ঠা লাভ কৰিছে।(Sati Sadhani)

চুতীয়া জাতিৰ উন্নয়ণৰ হকে নানা ঘাত-প্রতিঘাতৰ মাজেৰে কল্যাণ সাধনৰে সেৱা আগবঢ়াই অহা জাতীয় সংগঠনটোৰ জাতিৰ উপৰি পুৰুষসকলক স্মৰণ কৰাৰ লগতে ভৱিষ্যতৰ বাবেও সংকল্প গ্ৰহণৰ হেতুকে আজি ঢকুৱাখনা সাধনী ভৱনত(Sadhni Bhavan) দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে জিলা পৰ্যায়ত প্রতিষ্ঠা দিৱসটি উদযাপন কৰা হয়।

কাৰ্যসূচী অনুসৰি পুৱা গছপুলি ৰোপণ কৰে চুতীয়া উন্নয়ন পৰিষদৰ সদস্য চিত্ৰৰঞ্জন দাসে। সতী সাধনীৰ প্ৰতিমূৰ্তিত বন্তি আৰু পুষ্পাঞ্জলী অৰ্পণ কৰে ঢকুৱাখনা জিলাৰ উপদেষ্টা দিগেন্দ্ৰনাথ হাজৰিকাই।

পতাকা উত্তোলন কৰে চুতীয়া জাতি সন্মিলন,অসমৰ ঢকুৱাখনা জিলাৰ সভাপতি দিব্য খনিকৰে।

দুপৰীয়া অনুষ্ঠিত মুকলি সভাত ঢকুৱাখনা জিলাৰ সভাপতি দিব্য খনিকৰে সঞ্চালনা কৰা মুকলি সভাখনিত উদ্ধোধনী ভাষণ প্ৰদান কৰে সদৌ চুতীয়া জাতি সন্মিলনৰ, অসমৰ প্রশাসনিক সম্পাদক নৃপেন শইকীয়াই।

নিদিষ্ট বক্তা হিচাবে সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ উপদেষ্টা তুলসী প্রসাদ শইকীয়াই বক্তব্য ৰাখে।

Historical and Mythological Aspects: অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমেৰে স্বৰ্ণ পদক অৰ্জন ড° ৰাজলক্ষ্মী বসুমতাৰীৰ

Historical and Mythological Aspects: অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমেৰে স্বৰ্ণ পদক অৰ্জন ড° ৰাজলক্ষ্মী বসুমতাৰীৰ
Historical and Mythological Aspects: অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমেৰে স্বৰ্ণ পদক অৰ্জন ড° ৰাজলক্ষ্মী বসুমতাৰীৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, জামুগুৰিহাট, ১০ এপ্ৰিল: শিক্ষকতা পবিত্ৰ বৃত্তি।(Historical and Mythological Aspects) এগৰাকী সফল শিক্ষক হ’বৰ বাবে অতিকৈ প্ৰয়োজন নিয়মানুৱৰ্তিতা আৰু বিষয়ৰ ওপৰত অধ্যয়ন।

এইখিনি বৰ্তাই ৰখাৰ লগতে জামুগুৰিহাটৰ ঐতিহ্যণ্ডিত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপিকাই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ(Krishnakanta Sandiky State Open University) পৰা গণসংযোগ আৰু সাংবাদিকতা বিষয়ত স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্বৰ্ণ পদক(Gold Medal) অৰ্জনৰে মহাবিদ্যালয়খনিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

নিজ বিভাগৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে পাঠদানত ব্যস্ত থকাৰ মাজতো গণসংযোগ আৰু সাংবাদিকতা বিষয়ত স্নাতকোত্তৰ শিক্ষা গ্ৰহণত ব্ৰতী হয় মহাবিদ্যালয়খনিৰ সহকাৰী অধ্যাপিকা ড° ৰাজলক্ষ্মী বসুমতাৰী(Dr. Rajalakshmi Basumatary)।

কেৱল আজৰি সময়খিনি সদ্ ব্যৱহাৰ কৰি এনে এক ফলাফলৰে কৰ্মৰত মহাবিদ্যালয়খনিক আপ্লুত কৰিবলৈ সক্ষম হয় এই গৰাকী সহকাৰী অধ্যাপিকা।

উল্লেখযোগ্য ড° ৰাজলক্ষ্মী বসুমতাৰীয়ে বিগত বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ড° গহন চন্দ্ৰ মহন্তৰ অধীনত ‘The Creative Works of Troilokyo Bhattacharya in the Light of Historical and Mythological Aspects'(Troilokyo Bhattacharya) শীৰ্ষক বিষয়ৰ ওপৰত গৱেষণা কৰি ডক্তৰেট  ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল।

ইংৰাজীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ নিয়মীয়া পাঠদানৰ ব্যস্ততাৰ সময়তো তেওঁৰ অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমেৰে বৌদ্ধিক সমাজৰ মাজত  সমাদৰ লাভ কৰাৰ লগতে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বয়স বা কৰ্মব্যস্ততা যে হেঙাৰ নহয় তাৰ এক নিদৰ্শন ৰূপে ড° ৰাজলক্ষ্মী বসুমতাৰীৰ এই ফলাফল পৰিগনিত হৈছে।

তেওঁৰ এই চমকপ্ৰদ ফলাফলৰ বাবে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত থকা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আয়োজিত এখনি সভাত তেওঁক সফলতাৰ বাবে সম্বৰ্ধনা জনোৱা হয়।

বিশিষ্ট ভাষাতত্ত্ববিদ ড° নগেন ঠাকুৰৰ দেহাৱসান ।Dr. Nagen Thakur

বিশিষ্ট ভাষাতত্ত্ববিদ ড° নগেন ঠাকুৰৰ দেহাৱসান ।Dr. Nagen Thakur
বিশিষ্ট ভাষাতত্ত্ববিদ ড° নগেন ঠাকুৰৰ দেহাৱসান ।Dr. Nagen Thakur

দেৰগাঁও, ১০ এপ্ৰিলঃ Dr. Nagen Thakur । বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ আৰু ভাষাতত্ত্ববিদ ড° নগেন ঠাকুৰে আজি বিয়লি ৪ বজাত দেৰগাঁৱৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ বয়স হৈছিল ৮৭ বছৰ। বাৰ্ধক্যজনিত কাৰণতেই গৰাকী এই দেহ ত্যাগ কৰে বুলি পৰিয়ালৰ সূত্ৰে জানিব পৰা গৈছে ।

ড° ঠাকুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী খ্যাতনামা অধ্যাপক হিচাপে দীৰ্ঘদিন ধৰি কৰ্মৰত থাকি, মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেখেতৰ একাধারে সাহিত্যিক, কবি আৰু ভাষাতত্ত্ববিদ ৰূপে গঢ়ি তোলা জীৱনযাত্ৰাই অসমীয়া ভাষা-সাহিত্যক এক নতুন দিশ প্ৰদান কৰিছিল।

তেখেতৰ দেহাৱসানে দেৰগাঁওবাসীৰ লগতে অসমৰ বৌদ্ধিক সমাজত গভীৰ শোকৰ ছাঁ পেলাইছে। বহু শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচারণাৰে আজিৰ দিনটো দেৰগাঁৱত ব্যতিক্ৰমধর্মী হৈ পৰে।

তেজপুৰত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ, প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি সৃষ্টি উত্তেজনা । Congress

তেজপুৰত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ, প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি সৃষ্টি উত্তেজনা । Congress
তেজপুৰত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ, প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি সৃষ্টি উত্তেজনা । Congress

তেজপুৰ, ১০ এপ্ৰিল, ২০২৫: Congress । পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক তৎপৰতা তীব্ৰ ৰূপ লৈছে। তাৰ মাজতে তেজপুৰৰ দোলাবাৰীত কংগ্ৰেছ কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে।

তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰি জিলা পৰিষদ সদস্য পদৰ প্ৰাৰ্থীত্বক লৈ উদ্ভৱ হোৱা অসন্তোষই প্ৰতিবাদৰ ৰূপ লৈছে। কংগ্ৰেছৰ পৰা উক্ত পদৰ বাবে প্ৰাৰ্থীত্বৰ আবেদন কৰিছিল প্ৰাক্তন সদস্য ৰফিজ উদ্দিন আহমেদ, পাচঁমাইল গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আমিনুল ইছলাম, গোটলং গাঁৱৰ ব্যৱসায়ী ইদ্ৰীছ আলী আৰু নপাম গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দিলদাৰ হুছেইনে।

যেতিয়া কংগ্ৰেছ দলটোৱে আমিনুল ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সিদ্ধান্ত লয়, তেতিয়াৰ পৰা অসন্তুষ্টি বিৰাজ কৰে। দোলাবাৰীস্থিত কংগ্ৰেছ কৰ্মী আৰু স্থানীয় নেতাসকলে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। কেইবাশতাধিক কৰ্মীয়ে অংশ লৈ “চামগুৰিৰ ঘটনাৰ পুনৰাবৃত্তি হ’ব পাৰে” বুলি হুংকাৰ দিয়ে।

প্ৰতিবাদকালে কংগ্ৰেছ কৰ্মীসকলে স্পষ্টভাৱে কয় যে, যদি আমিনুল ইছলামক প্ৰাৰ্থী হিচাপে আগবঢ়োৱা হয়, তেন্তে দলৰ ভিতৰত বৃহৎ বিভাজনৰ আশংকা আছে। কিছুমানে কংগ্ৰেছ এৰাৰো হুংকাৰ দিয়ে।

এই প্ৰতিবাদে তেজপুৰত কংগ্ৰেছৰ ভিতৰ-বিভাজনক স্পষ্ট কৰিছে, যাৰ সম্ভাব্য প্ৰভাৱ পঞ্চায়ত নিৰ্বাচনত পৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।

MP Kangana Ranaut: চন্দ্ৰত দাগ আছে কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ নাইঃ কংগনা ৰাণাৱট

MP Kangana Ranaut: চন্দ্ৰত দাগ আছে কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ নাইঃ কংগনা ৰাণাৱট
MP Kangana Ranaut: চন্দ্ৰত দাগ আছে কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ নাইঃ কংগনা ৰাণাৱট

হিমাচল মধ্যপ্ৰদেশৰ বজাৰত ভাষণ দি কংগনা ৰানাৱটে কংগ্ৰেছৰ নেতাগক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।(MP Kangana Ranaut)

বিজেপি সাংসদ কংগনা ৰানাৱতে কয় যে আমি বিজেপি আৰু আৰএছএছৰ মতাদৰ্শই সনাতন, জাতীয়তাবাদ, অনুসৰণ কৰে। ২০১৪ চনৰ আগতে বহুত কেলেংকাৰী হৈছিল – ২জি কেলেংকাৰী, কয়লা কেলেংকাৰী, খাদ্য কেলেংকাৰী। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে এটাও কেলেংকাৰীৰ দাগ নাই। চন্দ্ৰত দাগ আছে কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ নাই। এইদৰে কয় বিজেপি সাংসদগৰাকীয়ে।