Home Blog Page 298

World Health Day: ফিট হৈ থাকিবলৈ তেলৰ পৰা আঁতৰি থাকক, বিশ্ব স্বাস্থ্য দিৱসত উপদেশ প্ৰধানমন্ত্ৰী মোদীৰ

World Health Day: ফিট হৈ থাকিবলৈ তেলৰ পৰা আঁতৰি থাকক, বিশ্ব স্বাস্থ্য দিৱসত উপদেশ প্ৰধানমন্ত্ৰী মোদীৰ
World Health Day: ফিট হৈ থাকিবলৈ তেলৰ পৰা আঁতৰি থাকক, বিশ্ব স্বাস্থ্য দিৱসত উপদেশ প্ৰধানমন্ত্ৰী মোদীৰ

সোমবাৰে বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সুস্থ জীৱনশৈলী গ্ৰহণ কৰি মেদবহুলতাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। তেওঁ কয় যে ব্যক্তিগত ফিটনেছক অগ্ৰাধিকাৰ দিয়াটোৱে ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।(World Health Day)

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত পোষ্ট কৰি কয় যে, “বিশ্ব স্বাস্থ্য দিৱসত আমি এখন সুস্থ পৃথিৱী গঢ়াৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰোঁ। আমাৰ চৰকাৰে স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব দি থাকিব আৰু জনসাধাৰণৰ মংগলৰ বাবে বিভিন্ন খণ্ডত বিনিয়োগ কৰিব। সুস্বাস্থ্যই হ’ল যিকোনো সমৃদ্ধিশালী সমাজৰ ভেটি।”

“স্বাস্থ্য হৈছে চূড়ান্ত সৌভাগ্য আৰু চূড়ান্ত সম্পদ” ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে যুগ যুগ ধৰি চলি অহা কথাষাৰৰ কথা সোঁৱৰাই দি ভাৰতত ক্ৰমবৰ্ধমান মেদবহুলতাৰ সংকটক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয়, “আজিকালি আমাৰ জীৱনশৈলী আমাৰ স্বাস্থ্যৰ বাবে ডাঙৰ ভাবুকি হৈ পৰিছে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ২০৫০ চনৰ ভিতৰত ৪৪ কোটিতকৈ অধিক ভাৰতীয় মেদবহুল হ’ব। ই কিমান ডাঙৰ সংকটত পৰিণত হ’ব পাৰে সেয়া চিন্তাৰ বিষয়।”

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে স্বাস্থ্যসন্মত খাদ্যাভ্যাস গ্ৰহণ কৰাটো, যেনে কম তেল ব্যৱহাৰ কৰাটো কেৱল ব্যক্তিগত সিদ্ধান্ত নহয়, ই আমাৰ সামাজিক দায়িত্বও। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সমস্যা ৰোধৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ আহ্বান জনাই এটা সহজ পৰামৰ্শ আগবঢ়ায় – “মই আজি আপোনালোকৰ পৰা এটা প্ৰতিশ্ৰুতি ল’ব বিচাৰো যে আমি সকলোৱে আমাৰ ৰন্ধন তেল ১০ শতাংশ হ্ৰাস কৰিব লাগে। এয়া মেদবহুলতা হ্ৰাসৰ দিশত এক ডাঙৰ পদক্ষেপ হ’ব।”

যদি আমি নিজকে ফিট কৰি ৰাখোঁ তেন্তে ই উন্নত ভাৰতৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব। মেদবহুলতা আৰু জীৱনশৈলীৰ ৰোগৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী সদায় আগৰণুৱা হৈ আহিছে। তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ এটা খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা কৰি সুস্থ জীৱনশৈলীৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Indian Pencak Silat Federation: ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰেশ্ব্যনৰ উদ্যোগত অনুষ্ঠিত হ’ব আস্মিতা ৰাষ্ট্ৰীয় ছাব্‌-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ

চাৰিদিনিয়াকৈ অনুষ্ঠিত হ'ৱলগীয়া আস্মিতা ৰাষ্ট্ৰীয় ছাব্‌-জুনিয়'ৰ খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ।(Indian Pencak Silat Federation)
চাৰিদিনিয়াকৈ অনুষ্ঠিত হ'ৱলগীয়া আস্মিতা ৰাষ্ট্ৰীয় ছাব্‌-জুনিয়'ৰ খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ।(Indian Pencak Silat Federation)

আগন্তুক ৯ৰ পৰা ১২ এপ্ৰিল তাৰিখে ছট্টিছগড়ৰৰ বিলাছপুৰস্থিত বি.আৰ. যাদৱ ইণ্ড’ৰ ষ্টেডিয়িমত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত চাৰিদিনিয়াকৈ অনুষ্ঠিত হ’ৱলগীয়া আস্মিতা ৰাষ্ট্ৰীয় ছাব্‌-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ।(Indian Pencak Silat Federation)

২০২৫ত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিবলৈ অসমৰ বিভিন্ন জিলাৰ ১৬ গৰাকী মহিলা পেন্‌চাক চিলাট খেলুৱৈ আজি গুৱাহাটী ৰেল-ষ্টেচনৰ পৰা বিলাছপুৰ অভিমুখে ৰাওণা হৈছে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ প্ৰযোজনা আৰু পৰ্য্যবেক্ষণত হ’বলগীয়া উক্ত প্ৰতিযোগিতাত দেশৰ ৩৬ ৰাজ্যৰ প্ৰায় ১০০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

অসম পেনচাক চিলাট সন্থাৰ যুটীয়া সম্পাদক গগন চন্দ্ৰ বড়ো, সহ: সম্পাদক স্বপন বড়ো আৰু ৰাষ্ট্ৰীয় বিচাৰক ঔম ছেত্ৰীৰ নেতৃত্বত অসমৰ ১৬ গৰাকী গেলুৱৈয়ে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ’ল’ আদি শাখাত প্ৰতিযোগিতা আগবঢ়াব বুলি অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা উত্তৰ-পূৱ পেনচাক চিলাট মহাসংঘৰ উপ-সভাপতি লক্ষ্যজিত দলে জানিবলৈ দিয়ে।

Hanuman Jayanti: হনুমান জয়ন্তী কেতিয়া ১১ নে ১২ এপ্ৰিল ? জানক হনুমান জয়ন্তী ২০২৫…

Hanuman Jayanti: হনুমান জয়ন্তী কেতিয়া ১১ নে ১২ এপ্ৰিল ? জানক হনুমান জয়ন্তী ২০২৫...
Hanuman Jayanti: হনুমান জয়ন্তী কেতিয়া ১১ নে ১২ এপ্ৰিল ? জানক হনুমান জয়ন্তী ২০২৫...

সমগ্ৰ দেশতে প্ৰতি বছৰে হনুমানৰ জন্ম বাৰ্ষিকী উদযাপন কৰা হয়। অৱশ্যে বছৰত দুবাৰকৈ হনুমান জয়ন্তী পালন কৰা হয়। জানো আহক এই বছৰ হনুমান জয়ন্তী কেতিয়া?(Hanuman Jayanti)

হিন্দু কেলেণ্ডাৰ অনুসৰি ১২ এপ্ৰিলৰ পুৱা ৩:২১ বজাৰ পৰা আৰম্ভ হ’ব আৰু পিছদিনা ১৩ এপ্ৰিলৰ পুৱা ৫:৫১ বজাত শেষ হ’ব। উদয় তাৰিখৰ আধাৰত হনুমান জন্মোৎসৱ উৎসৱ ১২ এপ্ৰিলত পালন কৰা হ’ব। ভক্তসকলে এই দিনটোত ব্ৰত ৰাখিব। সমগ্ৰ দেশৰ হনুমান মন্দিৰত বিশেষ প্ৰাৰ্থনা, কীৰ্তন আৰু ভোজ-ভাতৰ আয়োজন কৰা হয়।

হনুমান জন্মোৎসৱৰ দিনা ৰাতিপুৱা সাৰ পাই গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব। হনুমান জন্মোৎসৱত হালধীয়া, কমলা বা বগা ৰঙৰ কাপোৰ পৰিধান কৰিব। তাৰ পিছত ভগৱান হনুমানৰ মূৰ্তিক গংগা পানীৰে গা ধোৱাব। তাৰপিছত ভাৰমিলিয়ন আৰু জেচমিন অইল আগবঢ়াব। ফুল, ফল-মূল আৰু মিঠাই আগবঢ়াব। ইয়াৰ পিছত পঢ়িব হনুমান চলিছা। তাৰ পিছত হনুমানৰ পূজা কৰিব। শেষত পূজাৰ সময়ত যিকোনো ভুলৰ বাবে ক্ষমা বিচাৰিব। তাৰ পিছত প্ৰসাদ সকলোকে বিতৰণ কৰিব।

যদি আপুনি কোনো সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে হনুমান জয়ন্তীৰ দিনা হনুমান মন্দিৰলৈ গৈ হনুমানৰ সন্মুখত ঘিউ বা সৰিয়হৰ চাকি জ্বলাব, তাৰ পিছত হনুমান চলিছা ৫, ৭ বা ১১ বাৰ পঢ়িব।ব্যৱসায়ত যদি কোনো সমস্যা হয়, তেন্তে হনুমান জয়ন্তীৰ দিনা বজৰংগবলীক ভাৰমিলিয়ন ৰঙৰ কঁকালৰ কাপোৰ পিন্ধাই দিব। লগতে প্ৰসাদ হিচাপে গুড় আগবঢ়াব।

কোনোবা যদি কোনো ৰোগত আক্ৰান্ত হয় তেন্তে হনুমান জয়ন্তীৰ দিনা ৰঙা ৰঙৰ কাপোৰ পিন্ধক। তাৰপিছত হনুমানক পূজা কৰি ভাৰমিলিয়ন, ৰঙা ফুল আৰু চৰণীয়া আটাৰ মিঠাই আগবঢ়াওক। তাৰ পিছত হনুমান চালিছা পঢ়ক। শেষত হনুমানক আপোনাৰ স্বাস্থ্যৰ উন্নতিৰ বাবে প্ৰাৰ্থনা কৰক।

যদি জীৱনত ডাঙৰ সংকট বা দুখ-কষ্ট হয়, তেন্তে হনুমান জয়ন্তী বা মঙল-শনিবাৰে হনুমান মন্দিৰলৈ গৈ সম্পূৰ্ণ ৰীতি-নীতিৰে হনুমানজীক পূজা কৰক। তাৰ পিছত হনুমান চালিছা পঢ়ক। শেষত সমস্যাৰ পৰা উদ্ধাৰ হ’বলৈ সমস্যা সমাধানকাৰী হনুমানক প্ৰাৰ্থনা কৰক। বহুত সকাহ পাব।

Kaliabor News: দুশ বছৰীয়া ‘বকুল তলত বিয়লি বেলা’ মুক্তাঙ্গন নাট্যানুষ্ঠান

Kaliabor News: দুশ বছৰীয়া 'বকুল তলত বিয়লি বেলা' মুক্তাঙ্গন নাট্যানুষ্ঠান
Kaliabor News: দুশ বছৰীয়া 'বকুল তলত বিয়লি বেলা' মুক্তাঙ্গন নাট্যানুষ্ঠান

দেওবাৰে কলিয়াবৰত পৰিলক্ষিত হয় এক ব্যতিক্ৰমী দৃশ্য। দুশ বছৰীয়া বকুল এজোপাৰ তলতে মাটিৰ ওখ ঢাপৰ মঞ্চ, আঁৰ-কাপোৰৰ ঠাইত মৰাঠাৰিৰ বেৰ, সমুখত পথাৰৰ মাজত বাঁহৰ বেঞ্চ। দিনৰ পোহৰতে বিয়লি বেলি লাহে-লাহে দৰ্শকৰ সামাগম বাঢ়িছে,(Kaliabor News) বহিবলৈ বাঁহৰ বেঞ্চত ঠাইৰ অভাৱ হৈছে। দৰ্শকসকল ঠিয় হৈয়ে নাট উপভোগ কৰিছে। ঠিয় হৈ থকা মহিলাসকলৰ বাবে দৌৰ মাৰি নাতি দূৰত থকা ঘৰৰ পৰা কোনোবা উদ্যোগক্তাই কাপোৰ কেইখনমান আনি পথাৰতে পাৰি দিছে। কোনো অসন্তোষ নকৰাকৈয়ে নামঘৰৰ ভাওনাতস্থলীত কঠত বহাৰ দৰে মহিলা দৰ্শকসকল বহি দুখনকৈ নাটকৰ দৰ্শক হৈছে।


ইতিমধ্যে চুকে-কোণে সমাদৰ লাভ কৰা ‘মুক্তাঙ্গন থিয়েটাৰে অসমৰ নাট্য আন্দোলনক এক নতুন গতি প্ৰদান কৰিছে। মঞ্চ আৰু বাটৰ নাটৰ জনপ্ৰিয়তাৰ পিছত অসমত গোৱালপাৰাৰ ৰামপুৰৰ বাদুংদুপ্পা কলাকেন্দ্ৰৰ “আণ্ডাৰ দ্য শাল ট্ৰী” নাট্য মহোৎসৱ আৰু নগাঁও বেবেজীয়াৰ ‘ৰ’দঘাই বেবেজীয়া –A natural theatre festival”এ মুক্তাঙ্গন থিয়েটাৰে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। এই আৰ্হিৰ থিয়েটাৰত আজি এক নতুন সংযোগ ঘটিল। কলিয়াবৰতো পোনপ্ৰথমবাৰৰ বাবে মুক্তাঙ্গন থিয়াটাৰ আৰ্হিত হাটবৰৰ বৰিগাঁৱত দুশ বছৰীয়া পুৰণি এজোপা বকুল গছৰ তলত নাটক মঞ্চস্থ কৰা হয়। দিনৰ পোহৰ আৰু সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত আজি হাটবৰৰ বৰি গাঁৱৰ ‘কৰুণাময়’ নামৰ অনুষ্ঠানটিয়ে ‘বকুল তলৰ বিয়লি বেলা’ শীৰ্ষক এক মুক্তাঙ্গন নাট্যানুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানটিৰ প্ৰাৰম্ভতে কলিয়াবৰৰ সাহিত্যিক পেঞ্চনাৰ, গল্পাকাৰ-নাট্যকাৰ প্ৰয়াত কুসুম বৰা আৰু শিক্ষক-অভিনেতা প্ৰয়াত ভবেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতিত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

কলিয়াবৰৰ বৰি গাঁৱৰ শিল্পীৰ পেঞ্চনাৰ, ৯৫ বছৰ অতিক্ৰম কৰা বয়োজ্যেষ্ঠ অভিনেতা-শিল্পী হৰেন শৰ্মাৰ জন্মদিন উপলক্ষে উদ্যোগক্তাসকলে মুক্ত মঞ্চতে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। এই ব্যতিক্ৰমী নাট্যানুষ্ঠানত দুখনকৈ নাটক পৰিৱেশন কৰে ক্ৰমে – জেংৰাই অসম, মঙ্গলদৈ আৰু কৰুণাময়, হাটবৰে। জেংৰাই অসমে বিশ্বজিৎ ডেকাৰ ৰচনা আৰু পৰিচালনাৰে পৰিৱেশন কৰে ‘চন পৰা বৃন্দাবন’। য’ত লোপ পাবলৈ ঐতিহাসিক দৰঙীয়া ঢেপা-ঢোল সংস্কৃতিক জীয়াই ৰখাৰ অবিৰত প্ৰচেষ্টা চলাই যোৱা এগৰাকী সাধকৰ কৰুণ কাহিনী তুলি ধৰে। আনখন নাটক সত্তৰ দশকতে সাহিত্যিক পেঞ্চনাৰ, শিক্ষক প্ৰয়াত কুসুম বৰাৰ ৰচনা আৰু প্ৰসন্ন শৰ্মাৰ পৰিচালনাৰে ‘ৰেঙণি’ পৰিৱেশন কৰে কৰুণাময়, হাটবৰে। সম্পূৰ্ণ যান্ত্ৰিকতা পৰিহাৰ কৰি অনুষ্ঠিত এই নাট্যানুষ্ঠানত কলিয়াবৰৰ জ্যেষ্ঠ-কনিষ্ঠ নাট্যকৰ্মী, নাট্যকাৰ, অভিনেতা-অভিনেত্ৰী তথা নাট্যপ্ৰেমীৰ উপস্থিতিয়ে নাট্যানুষ্ঠানটি সফল কৰি তোলে।


এই নাট্যানুষ্ঠানৰ উদ্যোক্তাসকলে এই ধাৰাৰ নাট কলিয়াবৰত প্ৰথমবাৰলৈ অনুষ্ঠিত কৰি গৌৰৱ অনুভৱ কৰাৰ লগতে অদূৰ ভৱিষ্যতেও এই মুক্তাঙ্গন থিয়েটাৰক কলিয়াবৰ তথা অসমত জনপ্ৰিয় কৰি তোলাত আগভাগ লৈ যাব বুলি জনায়।

Raw-Papaya: পকা অমিতা সলনি কেঁচা অমিতা খাব, স্বাস্থ্যৰ বন্ধু অমিতা কেনেকৈ খাব ?

Raw-Papaya: পকা অমিতা সলনি কেঁচা অমিতা খাব, স্বাস্থ্যৰ বন্ধু অমিতা কেনেকৈ খাব ?
Raw-Papaya: পকা অমিতা সলনি কেঁচা অমিতা খাব, স্বাস্থ্যৰ বন্ধু অমিতা কেনেকৈ খাব ?

অমিতা খালে স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰ হয়, খুব কম সংখ্যক লোকেহে কেঁচা অমিতা খাই।(Raw-Papaya) অমিতাক স্বাস্থ্যৰ বাবেও অতি উত্তম বুলি গণ্য কৰা হয়। কিন্তু আপুনি কেঁচা অমিতা খাইছেনে। কেঁচা অমিতাত আঁহ, ভিটামিন এ, ভিটামিন চি, ভিটামিন ই, মেগনেছিয়াম আৰু পটাছিয়াম আদি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান থাকে। কেঁচা অমিতা খালে কি কি স্বাস্থ্য উপকাৰ পাব পাৰে জানো আহক।(benefits)

কেঁচা অমিতাত পেপেইন নামৰ প্ৰাকৃতিক এনজাইম থাকে যিয়ে খাদ্যত থকা প্ৰটিন হজম কৰাত সহায় কৰে, যাৰ ফলত হজম সহজ হয় অতি সোনকালে। ই পেট ফুলা, গেছ আৰু কোষ্ঠকাঠিন্য হ্ৰাস কৰে।

ওজন হ্ৰাস কৰাত সহায়ক, কেলৰি কম আৰু আঁহ বেছি হোৱাৰ বাবে কেঁচা অমিতাই ওজন হ্ৰাস কৰাত বহুত সহায় কৰে। আঁহে আপোনাক বহু দেৰিলৈকে ভৰপূৰ কৰি ৰাখে, অপ্ৰয়োজনীয় ভোক কমায়, আনহাতে পাচন এনজাইমে বিপাকীয় ক্ৰিয়া, চৰ্বিৰ বিভাজন আৰু শক্তিৰ ব্যৱহাৰ উন্নত কৰে।

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপযোগী কেঁচা অমিতা, এন্টিঅক্সিডেন্ট, পটাছিয়াম আৰু আঁহেৰে সমৃদ্ধ কেঁচা অমিতাই কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰি, ৰক্ত সঞ্চালন উন্নত কৰি আৰু ধমনী বন্ধ হোৱা ৰোধ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। ভিটামিন চিৰ অধিক পৰিমাণে হৃদৰোগৰ এটা প্ৰধান কাৰক অক্সিডেটিভ ষ্ট্ৰেছ হ্ৰাস কৰাত সহায় কৰে।

আপুনি কেঁচা অমিতা বহু ধৰণেৰে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে, সেয়া চালাড, স্মুদি বা ৰান্ধি। ই আপোনাৰ স্বাস্থ্যৰ সকলো দিশতে উপকাৰ কৰে।

Dibrugarh Tengakhat News: অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত বিষয়া গোপীনাথ গগৈৰ স্মৃতিচাৰণ সভা

Dibrugarh Tengakhat News: অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত বিষয়া গোপীনাথ গগৈৰ স্মৃতিচাৰণ সভা
Dibrugarh Tengakhat News: অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত বিষয়া গোপীনাথ গগৈৰ স্মৃতিচাৰণ সভা

অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত বিষয়া তথা টেঙাখাত ৰত্ন বঁটা প্ৰাপক টেঙাখাত তামুলিখাত গাঁৱৰ নিবাসী গোপীনাথ গগৈৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি তামুলিখাতস্থিত নিজা বাসগৃহত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়৷ টেঙাখাত শাখা সাহিত্য সভাৰ(Dibrugarh Tengakhat News) সভাপতি দূৰ্গা বৰগোহাঁইয়ে আঁত ধৰা স্মৃতিচাৰণ সভাৰ সভাপতিত্ব কৰে দুলীয়াজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা টেঙাখাত জেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি প্ৰভাত ফুকনে৷ অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াতগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেওঁৰ জেষ্ঠ্য পুত্ৰ নৱ কুমাৰ গগৈয়ে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পাছতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ প্ৰতিনিধিৰ লগতে পৰিয়ালৰ লোকে প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰয়াত গৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷

অনুষ্ঠানত মৃতকৰ আত্মাৰ সদগতি কামনা কৰি উপস্থিত ৰাইজে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে৷ ইয়াৰ পাছতে তেওঁৰ জীৱনকালৰ স্মৃতি সুঁৱৰণ কৰি বিভিন্নজনৰ লিখিত ৰূপ প্ৰকাশ কৰি ডেইজী গগৈৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা “জীৱন সৌৰভ” শীৰ্ষক এখনি স্মাৰকগ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ গুণেশ্বৰ সোনোৱালে৷ ইয়াৰ পাছতে প্ৰয়াত গগৈৰ কৰ্ম তথা সমাজ জীৱনৰ লগত সংপৃক্ত হৈ থকা কৰ্মৰাজি সুঁৱৰি স্মৃতি আলোকপাত কৰে টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্য মোহন সোনোৱাল, টেঙাখাত জেষ্ঠ্য নাগৰিক সন্মিলনৰ সভাপতি দীনজীৱন গগৈ, সম্পাদক ভদ্ৰ গগৈ, টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্য লক্ষ্মীনাথ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক তথা টেঙাখাত শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কাৰ্তিক হাজৰিকা, বিশিষ্ট লেখিকা তথা প্ৰয়াতগৰাকীৰ ভগ্নী ফুলনী ফুকন, স্মাৰকগ্ৰন্থৰ সভাপতি ৰূপলাল গগৈ আৰু গাৱঁৰ ভকত সমাজ মেধি সুৰজ গগৈয়ে৷ লগতে প্ৰয়াতগৰাকীৰ জেষ্ঠ্য পুত্ৰ নৱ কুমাৰ গগৈ আৰু কনিষ্ঠ পুত্ৰ স্বৰ্গজ্যোতি গগৈয়ে পৰিয়ালবৰ্গ হৈ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে৷

লগতে এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক যতীন সোনোৱাল, দিৰিয়াল আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ পলাশজ্যোতি শৰ্মা, টেঙাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱ ওজা, সমাজকৰ্মী হিতেশ্বৰ গগৈ, মানিক ফুকন, শৰৎ গগৈ, টেঙাখাত শাখা সাহিত্য সভাৰ সম্পাদক আলোক তামুলী, সংবাদকৰ্মী ৰূপম গগৈ, ব্ৰজেন গগৈ, সদৌ অসম কবি সাহিত্য চক্ৰৰ সাধাৰণ সম্পাদক নৱজ্যোতি গগৈৰ লগতে বহু ভকত বৈষ্ণৱ, গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে৷

First Vertical Lift Sea Bridge । ভাৰতৰ প্ৰথমখন চি ৱাটাৰ ভাৰ্টিকেল লিফ্ট ব্ৰীজ: ৰামনাথপুৰমত মুকলি হ’ল নতুন পাম্বান সেতু ।

First Vertical Lift Sea Bridge । ভাৰতৰ প্ৰথমখন চি ৱাটাৰ ভাৰ্টিকেল লিফ্ট ব্ৰীজ: ৰামনাথপুৰমত মুকলি হ’ল নতুন পাম্বান সেতু ।
First Vertical Lift Sea Bridge । ভাৰতৰ প্ৰথমখন চি ৱাটাৰ ভাৰ্টিকেল লিফ্ট ব্ৰীজ: ৰামনাথপুৰমত মুকলি হ’ল নতুন পাম্বান সেতু ।

ৰামনাথপুৰম (তামিলনাডু), ৬ এপ্ৰিল: First Vertical Lift Sea Bridge । দীঘলীয়া প্ৰত্যাশাৰ অন্তত তামিলনাডুৰ ৰামনাথপুৰম জিলাৰ পাম্বানত আজিৰে পৰা ইতিহাসত স্থান লৈছে নতুন পাম্বান সেতুখনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ২.০৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ সেতু মুকলি কৰে, যি ভাৰতৰ প্ৰথমখন চি ৱাটাৰ ভাৰ্টিকেল লিফ্ট ব্ৰীজ হিচাপে পৰিগণিত হৈছে।

উদ্বোধনী অনুষ্ঠানত মোদীৰ সৈতে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি উপস্থিত থাকে। এই নতুন সেতুখনক ভাৰতৰ অভিযান্ত্ৰিক উৎকৰ্ষতা আৰু আন্তঃগাঁথনি বিকাশৰ প্ৰতীক বুলি অভিহিত কৰা হৈছে।

উল্লেখযোগ্য যে, পুৰণি পাম্বান সেতু ১৯১৪ চনত ব্ৰিটিছ সময়ছোৱাত নিৰ্মাণ কৰা হৈছিল, যিয়ে ৰামেশ্বৰম দ্বীপক ভাৰতৰ মূল ভূখণ্ডৰ সৈতে সংযোগ কৰিছিল। এই নতুন সেতুখন ২০১৯ চনত অনুমোদন পায় আৰু ৰে’ল বিকাশ নিগম লিমিটেড (RVNL)-এ নিৰ্মাণ কাৰ্য সম্পন্ন কৰে।

এই সেতুৰ উচ্চতা পূৰ্বৰ সেতুৰ তুলনাত ৩ মিটাৰ অধিক, যাৰ ফলত সাগৰীয় নাও-বাহনৰ চলাচল অধিক সুবিধাজনক হ’ব। সেতুৰ উন্মুক্ত লিফ্ট স্পেন ব্যৱস্থাই দীঘলীয়া জাহাজ বা জলযানৰ বাবে পথ মুকলি কৰি দিব, যি সাগৰীয় সংযোগত এক বিপ্লব আনিব বুলি আশা কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী বৈষ্ণৱে এই উপলক্ষে BJP-ৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰি দলীয় পতাকা উত্তোলন কৰে আৰু কৰ্মীসকলক অভিনন্দন জনায়। ৰাজ্যপাল আৰ এন ৰবিয়েও উদ্বোধনৰ পূৰ্বে ৰামেশ্বৰমৰ স্বামী মন্দিৰ পৰিদৰ্শন কৰে।

পাম্বান সেতুখনে এতিয়া তীৰ্থযাত্ৰী, পৰ্যটক আৰু বাণিজ্যৰ বাবে এক জীৱনৰেখা হিচাপে কাম কৰিব। কেন্দ্ৰীয় মন্ত্ৰালয়ে কয়, “বঢ়া পৰিবহণৰ চাহিদা আৰু কঠোৰ সামুদ্ৰিক পৰিৱেশৰ প্ৰতি সঁহাৰি জনাবলৈ উন্নত প্ৰযুক্তিৰ আধুনিক সেতুৰ প্ৰয়োজন আছিল।”

সেতুখনক যুক্তৰাষ্ট্ৰৰ গোল্ডেন গেট ব্ৰীজ, লণ্ডনৰ টাৱাৰ ব্ৰীজ আৰু ডেনমাৰ্ক-চুইডেনৰ অৰেচুণ্ড দলঙৰ সৈতে তুলনা কৰা হৈছে, যিয়ে ভাৰতক বিশ্ব আন্তঃগাঁথনি মানচিত্ৰত নতুনকৈ প্ৰতিস্থাপন কৰিছে।

এই সেতুখনে ৰেল আৰু সড়ক দুয়োকে সংযুক্ত কৰি অসমৰ্থ পৰিক্ৰমা সম্ভৱ কৰি তুলিব। সুৰক্ষা, উদ্ভাৱন আৰু স্থিৰতাৰ দিশত এই সেতু ভাৰতৰ এক গৌৰৱজনক অভিযান্ত্ৰিক সফলতা হিচাপে ইতিহাসত স্থান লাভ কৰিছে।

Angoorlata Deka । শংকৰদেৱ হাইস্কুলৰ সোণালী জয়ন্তীত অংকুৰলতা ডেকাৰ উপস্থিতি । লংকাত শংকৰদেৱ হাইস্কুলৰ ৫০ বছৰীয়া উৎসৱ উদযাপন ।

Angoorlata Deka । শংকৰদেৱ হাইস্কুলৰ সোণালী জয়ন্তীত অংকুৰলতা ডেকাৰ উপস্থিতি । লংকাত শংকৰদেৱ হাইস্কুলৰ ৫০ বছৰীয়া উৎসৱ উদযাপন ।
তিনিদিনীয়া কাৰ্য্যসূচীৰে অনূষ্টিত হোজাই জিলাৰ লংকা দুই নং পিপল পুখুৰীস্থিত শ্ৰীশ্ৰী শংকৰদেৱ হাইস্কুলৰ সোণালী জয়ন্তী উৎসৱ উদযাপন ত্‌তীয় দিনা অংশ গ্ৰহণ অসমৰ বিশিষ্ট অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা অংকুৰলতা ডেকা ৷ # বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক শোভাযাত্ৰা অংশ কৰে ৷ #স্কুলীয়া চাত্ৰ চাত্ৰী সকলৰ মতবিনিয় নগতে স্থানীয় বয়সজেষ্ট পুৰুষ মহিলা সৈতে আলোক পাত কৰে ৷ #তাৰোপৰি বিশিষ্ট সাংবাদিক এন ই 24 ৰ ৰাজদীপ বাংলুং বৰুৱা অংশ গ্ৰহণ লগতে সোনালী জয়ন্তী উপলক্ষে আলোচনী গ্ৰন্থও উমোচন কৰে সাংবাদিক গৰাকীয়ে৷ # আজি দিনটো সকলো ৰাইজ সহযোগ কৰা বাবে উদযাপন সমিটি সভাপতি তথা বিশিষ্ট সমাজসেবক গজেন হাজৰিকা ও সকলো স্থানীয় ব্যক্তি সকললৈ ধন্যবাদ জ্ঞাপন কৰে ৷ পশ্চিম কাৰঁবি আংলংঙৰ প্ৰতিনিধি তঃ৬এপ্ৰিল২০২৫

হোজাই: Angoorlata Deka । হোজাই জিলাৰ লংকা ২ নং পিপল পুখুৰীস্থিত শ্ৰীশ্ৰী শংকৰদেৱ হাইস্কুলত তিনিদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী উৎসৱ (৫০ বছৰীয়া প্ৰতিষ্ঠা দিৱস) উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হয়। উৎসৱৰ তৃতীয় তথা অন্তিম দিনটোত অসমৰ বিশিষ্ট অভিনেত্ৰী আৰু প্ৰাক্তন বিধায়িকা অংকুৰলতা ডেকাই বিশেষ অতিথি হিচাপে অংশ গ্ৰহণ কৰে।

উৎসৱ উপলক্ষে আয়োজিত সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিসকলে পৰম্পৰাগত পোছাকত অংশগ্ৰহণ কৰি অসমীয়া সম্প্রীতি আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ এক সুন্দৰ প্ৰতিচ্ছবি উপস্থাপন কৰে।

অংকুৰলতা ডেকাই উৎসৱৰ সময়ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় বয়সজেষ্ঠ নাগৰিকসকলৰ সৈতে মতবিনিময় কৰি বিদ্যালয়ৰ ঐতিহাসিক যাত্ৰাক গভীৰ সম্ভাষণ জনায়। তেওঁ শিক্ষাৰ গুৰুত্ব আৰু সমাজত শিক্ষা প্ৰতিষ্ঠানৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে।

উৎসৱৰ বিশেষ আকৰ্ষণ হিচাপে NE24 News-ৰ বিশিষ্ট সাংবাদিক ৰাজদীপ বাংলুং বৰুৱাই অংশ গ্ৰহণ কৰে আৰু বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে প্ৰকাশিত আলোচনী গ্ৰন্থখন উন্মোচন কৰে।

দিনটোৰ সামৰণিতে উদযাপন সমিতিৰ সভাপতি আৰু বিশিষ্ট সমাজসেৱক গজেন হাজৰিকাই সকলো স্থানীয় ৰাইজ, অতিথি, ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু শুভাকাংক্ষীসকললৈ সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

বিদ্যালয়ৰ এই সোণালী জয়ন্তী উৎসৱে শিক্ষাৰ্থী, শিক্ষক, অভিভাৱক আৰু স্থানীয় সমাজক একেলগ কৰি এক আত্মিক মিলনৰ পৰিৱেশ সৃষ্টি কৰে।

নৰ্থ লখিমপুৰ কলেজত আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰৰ আয়োজন , বিষয় – ইয়াণ্ডাবু সন্ধি আৰু ঊনবিংশ শতিকাৰ অসম । International Seminar

নৰ্থ লখিমপুৰ কলেজত আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰৰ আয়োজন , বিষয় - ইয়াণ্ডাবু সন্ধি আৰু ঊনবিংশ শতিকাৰ অসম । International Seminar
নৰ্থ লখিমপুৰ কলেজত আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰৰ আয়োজন , বিষয় - ইয়াণ্ডাবু সন্ধি আৰু ঊনবিংশ শতিকাৰ অসম । International Seminar

International Seminar । উজনি অসমৰ উচ্ছশিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান নৰ্থ লখিমপুৰ কলেজে পোন প্ৰথমবাৰৰ বাবে এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰৰ আয়োজন কৰিছে৷ অহা 25-26 এপ্ৰিলত অনুষ্ঠিতব্য এই আলোচনা-চক্ৰৰ আয়োজনত সহযোগী হিচাপে আছে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয়৷

১৮২৬ চনত ব্ৰিটিছ আৰু আভা ৰজাৰ মাজত হোৱা ঐতিহাসিক ইয়াণ্ডাবু সন্ধিৰ দুশ বছৰ উপলক্ষে আয়োজিত এই আলোচনা-চক্ৰৰ শিৰোনাম হ’ল – ‘ইয়াণ্ডাবু সন্ধি আৰু ঊনবিংশ শতিকাৰ অসম’৷ ম্যানমাৰ, থাইলেণ্ড, বাংলাদেশ আৰু কলকাতাৰ পাঁচগৰাকী সমল ব্যক্তিয়ে অংশ ল’ব লগা এই অনুষ্ঠানত দেশ-বিদেশৰ যিকোনো আগ্ৰহী ব্যক্তি তথা গৱেষকে অংশ ল’ব পাৰিব অথবা গৱেষণা পত্ৰ পাঠ কৰিব পাৰিব৷ ঊনবিংশ শতিকাৰ অসমৰ অৰ্থনীতি, ৰাজনীতি, সমাজ, সংস্কৃতি, সাহিত্য, প্ৰকৃতি, বাণিজ্য, বিজ্ঞান, কৃষি আদি যিকোনো বিষয়ৰ গৱেষণা পত্ৰৰে অংশগ্ৰহণৰ বাবে ১০ এপ্ৰি’লৰ ভিতৰত সাৰাংশ প্ৰেৰণ কৰিব পাৰিব৷ ভাষিক মাধ্যম – ইংৰাজী, অসমীয়া আৰু হিন্দী৷ দূৰণিবটীয়া অংশ গ্ৰহণকাৰীসকলৰ বাবে কলেজৰ অতিথিশালাত থকাৰ ব্যৱস্থাও কৰা হৈছে৷ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই কয় যে, আশা কৰা হৈছে এই আলোচনা-চক্ৰই অসমৰ ইতিহাসৰ আধুনিক যুগটোৰ বহুতো অনালোচিত দিশৰ উন্মোচন কৰিব৷ আগ্ৰহীসকলে তথ্যৰ বাবে মুখ্য সমন্বয়ক ড॰ অৰবিন্দ ৰাজখোৱা [৯৪৩৫১-৮৯১৭৪, ৭০০২৯-৬৮৯৩২], সমন্বয়ক ড॰ চুচেংফা গগৈ [৭০৮৬০-৭৩৫৫৭] অথবা ড॰ ৰাতুল কুমাৰ লাহন [৯৯৫৪৮-৩২০৪০] ৰ লগত যোগাযোগ কৰিব পাৰিব৷ লগতে কলেজৰ ৱেবছাইটতো সবিশেষ তথ্য লাভ কৰিব৷

ডিমৌত একেলগে ১২ হাজাৰ মহিলাৰ বিয়ানাম, অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তর্ভুক্ত । Assam Book of Records

ডিমৌত একেলগে ১২ হাজাৰ মহিলাৰ বিয়ানাম, অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তর্ভুক্ত । Assam Book of Records
ডিমৌত একেলগে ১২ হাজাৰ মহিলাৰ বিয়ানাম, অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তর্ভুক্ত । Assam Book of Records

ডিমৌ:Assam Book of Records । এক অভূতপূর্ব দৃশ্যৰ সৃষ্টি কৰিলে ডিমৌৰ ৰাইচাই গাঁওস্থিত ক্ৰীড়াংগণত। সূৰুজমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত আৰু ডিমৌ সন্মিলিত নাৰী সমাজৰ লগতে শিৱসাগৰবাসীৰ সহযোগত অনুষ্ঠিত হ’ল এক বৃহৎ বিয়ানামৰ অনুষ্ঠান, য’ত একেলগে প্ৰায় ১২ হাজাৰ মহিলাই অংশগ্ৰহণ কৰিলে।

অসমৰ নানান জিলাৰ পৰা অহা মহিলাসকলে একেলগে বিয়ানাম গাই জনপ্ৰিয় লোকসংস্কৃতিক পুনৰ জীৱন্ত কৰিলে। বিয়ানাম, যি সময়ৰ সৈতে ক্ৰমে হেৰাই গৈ আছে, সেই পৰম্পৰাগত গীতৰ পুনৰুজ্জীৱনৰ লক্ষ্যেই আছিল এই অনুষ্ঠানৰ মূল উদ্দেশ্য।

এই ঐতিহাসিক বিয়ানাম গাওঁ-অনুষ্ঠান উদ্বোধন কৰে ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইয়ে। অনুষ্ঠানটোৱে অসম বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হয়, যি সমগ্ৰ ৰাজ্যবাসীৰ বাবে গৌৰৱৰ বিষয়।

আয়োজকসকলে কয়, “এই অনুষ্ঠানৰ জৰিয়তে গাঁওণীয়া মহিলা সমাজক এক মঞ্চত অনা, লোকসংস্কৃতি সংৰক্ষণ কৰা আৰু আগন্তুক প্ৰজন্মলৈ ইয়াক প্ৰেৰণ কৰা আমাৰ মূল লক্ষ্য আছিল।”

বিয়ানামৰ এই বৃহৎ একত্ৰিত উপস্থাপনাই সাংস্কৃতিক ঐতিহ্য আৰু সামাজিক সংহতিকো একেলগে আগবঢ়াইছে। এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে অসমীয়াৰ গৰ্বিত পৰম্পৰা আৰু সাংস্কৃতিক ধন-সম্পদ বিশ্বৰ আগত উজাগৰ হ’ব বুলি আশা প্ৰকাশ কৰিছে বহু লোকৰেই।