Home Blog Page 2984

হোজাইৰ থেপ্লাগুৰি ডাঙৰীয়া বাবাৰ আশ্ৰমৰ সাধুক হত্যাৰ অপচেষ্টা।

হোজাইৰ থেপ্লাগুৰিত ৰাতিপুৱাই ভয়ংকৰ ঘটনা।

থেপ্লাগুৰি ডাঙৰীয়া বাবাৰ আশ্ৰমৰ সাধুক হত্যাৰ অপচেষ্টা।

আশ্ৰমৰ বৃদ্ধ সাধু ৰামকৃষ্ণ চৌহানক কুৰেৰে আক্ৰমণ কৰি আহত কৰে কোমোৰাকতাৰ দিনৰাজ হাচাম ফুৰা নামৰ যুৱক জনে।

উল্লেখ যে, যুৱকজনে দুবাৰকৈ কুৰেৰে সাধু জনক মূৰত আঘাত কৰাত সাধু জনৰ অৱস্থা গুৰুতৰ হয়।

যাৰ বাবে স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসাৰ বাবে হস্পিটেললৈ লৈ যায়।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ আক্ৰমণ কাৰী দিনৰাজ হাচাম ফুৰাক আটক কৰি লৈ হোজাই থানালৈ যায়।

ড্ৰাগছৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষীৰ মাৰাথান অভিযান অব্যাহত : অধিবক্তাসহ তিনিজনক আটক

পুণৰ ড্ৰাগছৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষীৰ অভিযান । অভিযানত এগৰাকী অধিবক্তাসহ তিনিজনক আটক কৰিবলৈ সক্ষম হয় । ধৃত অধিবক্তাগৰাকী হৈছে তিনিচুকীয়া জিলাৰ ডিগবৈ বঙালী বালিজান গাঁৱৰ প্ৰয়াত নিৰ্মল চন্দ্ৰ বৰুৱাৰ পুত্ৰ চৈতেন্দ্ৰ বৰুৱা(৩৩) । অন্য দুগৰাকী তিনিচুকীয়া জিলাৰ ডিগবৈ মাকুম বৰতৰানী গাঁৱৰ ভদ্ৰেশ্বৰ মৰাণৰ পুত্ৰ বিতুপন মৰাণ(২৫) আৰু দুলীয়াজান কৃষ্ণ নগৰৰ পৰমা বৰুৱাৰ পুত্ৰ ওম প্ৰকাশ বৰুৱা(২২) বুলি জানিব পৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি প্ৰথমে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি দুলীয়াজানৰ ওম প্ৰকাশ বৰুৱাক আটক কৰে । ধৃত যুৱকজনে দুলীয়াজান আৰক্ষীক প্ৰদান কৰা স্বীকাৰোক্তি অনুসৰি ডিগবৈ আৰু মাকুমত অভিযান চলাই অধিবক্তাসহ দুজনক আটক কৰিবলৈ সক্ষম হয় । ধৃত অধিবক্তা গৰাকীৰ কৱলৰ পৰা আৰক্ষীয়ে হি’ৰইনসহ ড্ৰাগছ সেৱন কৰা সময়ত প্ৰয়োজনীয় কেতবোৰ আপত্তিজনক সা-সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । শেহতীয়াকৈ আৰক্ষীয়ে ঘটনা সৰ্ন্দভত এক গোচৰ ৰুজু কৰি ধৃত তিনিগৰাকীক ডিব্ৰুগড় কাৰাগাৰলৈ নিক্ষেপ কৰে ।

পুৰণিগুদামত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত নগাঁও-কাৰ্বিআংলঙ সীমান্তবৰ্তী হায়ংথলত কেইদিনমান পূৰ্বে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে পুৰণিগুদাম আৰক্ষীয়ে এক ব্যাপক অভিযান চলায়  তিনিজন নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰী সহ ৪৬০৮টা নিচাযুক্ত কেপচুল আৰু ৭০০টা নিচাযুক্ত চিৰাপৰ বটল জব্দ হয় কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পাছতেই যোৱানিশা পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰদাও গয়াৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে উক্ত ড্ৰাগছ সৰবৰাহৰ মূল অভিযুক্ত পঙ্কজ বৰাক ননৈৰ পৰা গ‌্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।আজি পঙ্কজ বৰাক পুৰণিগুদাম আৰক্ষীয়ে আদালতত হাজিৰ কৰি ২ দিনৰ আৰক্ষীৰ জিম্মাত লয় ।

খাৰুপেটীয়া নগৰত কৃত্ৰিম বান : এজাক বৰষুণতেই পথত জমা হয় একাঠু পানী

দৰঙৰ ব্যৱসায়িক নগৰ খাৰুপেটীয়াৰ  ওৱাহাব নগৰত সামান্য বৰষুণ দিলেই পথত জমা হয় একাঠু পানী । খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পানবাৰী লৈ যোৱা সদা ব্যস্ত পথৰ এটা  দৃশ্যই উদঙাই দিছে খাৰুপেটীয়া পৌৰ সভাৰ উন্নয়নৰ নমুনা  । এজাক  বৰষুণতেই পথত জমা হোৱা  একাঠু  পানীয়ে যমৰ যাতনা দিছে    পথচাৰীৰ লগতে ব্যৱসায়ী সকলক   । উল্লেখযোগ্য যে  দলগাও সমষ্টিৰ ১৫ বছৰীয়া  প্ৰাক্তন বিধায়ক ইলিয়াছ আলিৰ গৃহ ৱাৰ্ড  ৭ নম্বৰৰ  উক্ত পথ চোৱাত   পানী নিষ্কাষণৰ বাবে  নলা-নৰ্মদা  নথকাৰ বাবেই সামান্য বৰষুণতেই  পানী জমা হৈ পুখুৰীত  পৰিনত হোৱাৰ  অভিযোগ স্থানীয় ৰাইজৰ । উক্ত  দীৰ্ঘদিনীয়া সমস্যাৰ  পৰা  পৰিত্ৰাণ বিচাৰি   দলগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়কৰ লগতে খাৰুপেটীয়া পৌৰ সভাৰ বৰমুৰীয়া সকলক  বাৰম্বাৰ  কাকতি মিনতি কৰিও সুফল নোপোৱাৰ অভিযোগ ৰাইজৰ  । অভিযোগ অনুসৰি , খাৰুপেটীয়া নগৰৰ উক্ত পথটো  প্ৰায় দুবছৰ পূৰ্বে নিৰ্মাণ কৰাৰ সময়ত ঠিকাদাৰে কামত গাফিলতি কৰাৰ বাবেই কৃষি প্ৰদান অঞ্চলটোৰ কৃষক সকলৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে দুৰ্ভোগ ভুগিছে । খাৰুপেটীয়া নগৰৰ বিভিন্ন ৱাৰ্ডত নলা নৰ্মদা  নিৰ্মাণ কৰা হৈছে যদিও ওৱাহাব নগৰৰ উক্ত  দীৰ্ঘ দিনীয়া কৃত্ৰিম বানৰ  সমস্যা  সমাধানৰ বাবে নিৰ্মাণ হোৱা নাই নলা নৰ্মদা । সেয়ে কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে এখন নলা নিৰ্মাণ কৰিবলৈ দলগাওঁ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মজিবুৰ ৰহমানক  আহ্বান জনাইছে ভুক্তভোগী  ৰাইজে ।

যোৰহাটত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড : হাতুৰীৰে মূৰত আঘাত কৰি হত্যা কৰে এজনক

যোৰহাটৰ পুলিবৰ ধাপকটা মিলনপুৰত মঙলবাৰে সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড । হাতুৰীৰে মূৰত আঘাত কৰি চৰিফ কুৰেচি (৩২) নামৰ এজন ব্যক্তিয়ে হত্যা কৰে জাকিৰ আলী (২৩) নামৰ এজন যুৱকক । জানিব পৰা মতে  পৰাকীয়া প্ৰেমৰ বাবেই এনে ঘটনা সংঘটিত হয়। এই কথা ইতিমধ্যে স্বীকাৰ কৰিছে হত্যাকাৰীয়ে । অভিযোগ অনুসৰি জাকিৰ আলি আৰু হত্যাকাৰীৰ পত্নী তিনি সন্তানৰ মাতৃৰ মাজত আছিল দীৰ্ঘদিন ধৰি  প্ৰেমৰ সম্পৰ্ক । এই লৈ পূৰ্বেও বহু দুয়োৰে মাজত বাক বিতণ্ডা হৈছিল আৰু এই বিষয়ে পুলিবৰ আৰক্ষীক অৱগত কৰাও হৈছিল।সেই সময়ত আৰক্ষীৰ আগত জাকিৰে এনে কাম নকৰো বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল। ইয়াৰ পৰিবৰ্তে কিন্তু তিনি সন্তানৰ মাতৃৰ লগত সম্পৰ্ক আৰু মধুৰ হৈছিল জাকিৰৰ। মঙলবাৰে পুনৰ চৰিফ কুৰেছি আৰু জাকিৰৰ মাজত কথাৰ কটাকটি হোৱাত হাতত থকা হাতুৰীৰে কুৰেছিয়ে আক্ৰমণ কৰে জাকিৰ আলিক । এই আক্ৰমণৰ ফলত গুৰুতৰ ভাবে আহত হৈ ঠাইতে ঢলি পৰে জাকিৰ আলি, লগে লগে পৰিয়ালৰ লোকে যুৱকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও আজি পুৱতি নিশা মৃত্যু হয় জাকিৰ আলি ।আনহাতে মৃত যুৱক জনৰ ভাতৃয়ে জনোৱা মতে চৰিফ আৰু তেওঁৰ পত্নীৰ মাজত প্ৰায়ে সৃষ্টি হৈছিল কাজিয়া । কুৰেচিয়ে পত্নীক সন্দেহ কৰিছিল তেওঁ ভাতৃ জাকিৰৰ লগত । আৰু এই বিষয়ে অৱগত কৰিছিল স্থানীয় পুলিবৰ আৰক্ষী থানাত । পূৰ্বে চৰিফ কুৰেছিয়ে হত্যাৰ ভাবুকীয়ো দিছিল জাকিৰ আলীক । আৰু  মঙ্গলবাৰে জাকিৰে মোবাইল চাই থাকোতে পাছফালৰ পৰা হাতুৰীয়ে প্ৰহাৰ কৰে চৰিফে । ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীৰ তদন্তৰ পাছতহে জানিব পৰা যাব ঘটনাৰ প্ৰকৃত ৰহস্য ।

ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড় ধ্বংসৰ গৰাহত : উপস্থিত বিধায়ক ভবেশ কলিতাসহ মহকুমাধিপতি

আজি ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়াৰ ইতিহাস প্ৰসিদ্ধ আৰিমত্ত গড়টো কোনো দুষ্ট চক্ৰই অবৈধ ভাৱে খনন কাৰ্য চলোৱাত উক্ত স্থানত উপস্থিত হৈ স্থানীয় ৰাইজৰ লগত গোটেই গড়টো পৰিদর্শন কৰে প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা।উক্ত পৰিদৰ্শন কালত ৰঙিয়াৰ মহকুমাধিপতি শ্ৰী স্বপ্নিল পাল, জিলা পৰিষদ সদস্য লিটন কলিতা,আঞ্চলিক পঞ্চায়তৰ  সভানেত্ৰী শিপ্ৰা দাস,পঞ্চায়তৰ বিষয়-ববীয়া সকলৰ লগতে কিছু স্থানীয় সমাজ সচেতন ব্যক্তি উপস্থিত থাকে। উক্ত গড়টোত যিসকল লোকে অবৈধ ভাৱে বেদখল কৰি বসবাস কৰি আছে সেই সকল লোকক চিনাক্ত কৰাৰ লগতে গড়টোৰ যিখিনি অঞ্চল অবৈধ ভাৱে খনন হৈছে সেই অঞ্চলটোত মূল্যবান গছ পুলি ৰোপণ কৰি গড়টোৰ  সৌন্দৰ্যবৰ্ধনৰ বাবে সংৰক্ষণ কৰিবলৈ প্ৰশাসনক তাৎক্ষণিক ভাৱে নিৰ্দেশ প্ৰদান কৰে বিধায়ক গৰাকীয়ে। আনহাতে মহকুমাধিপতি গৰাকীয়ে ৰঙিয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল তথা স্থানীয় গাওবুঢ়াক অতিশিঘ্ৰেই এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দি ইয়াৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰা হʼব বুলি জনাই ।

যোৰহাটৰ চিলড্ৰেণ হমৰ পৰা সন্ধানহীন চাৰি কিশোৰ

যোৰহাট মালৌআলিৰ বৰদা ফুকন পথত থকা শংকৰ মাধৱ কৃষ্টি বিকাশ কেন্দ্ৰ নামৰ শিশু গৃহটোৰ পৰা সন্ধানহীন হয় চাৰিটাকৈ কিশোৰ| য়ংগাৰ চাংটাম(১৩), চু্ল্লি চাংটাম (১০), ৰাজা সাহানী (১৩) আৰু পোহৰ গোৱালা(১২) নামৰ কিশোৰ কেইজন যোৱা দেওবাৰে পুৱাৰ পৰা সন্ধানহীন হৈ আছে| জানিব পৰা মতে দেওবাৰে পুৱা শিশু গৃহটোৰ পিছফালৰ গ্ৰীলৰ তলা ভাঙি পলাই যায় কিশোৰ কেইজন|দেওবাৰে পুৱা যোগৰ অনুশীলন কৰিবৰ বাবে শিশু সকলক শিশু গৃগটোৰ তত্বাৱধায়কে আহিবলৈ কোৱাৰ পিছতে পুৱা প্ৰায় ৬-৪৫ বজাত পলাই যায় কিশোৰ কেইজন| ঘটনা সন্দৰ্ভত শিশুগৃহ কতৃপক্ষই যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু যোৰহাট আৰক্ষীয়ে  কিশোৰ কেইজনৰ সন্ধানত জোৰদাৰ অভিযান  আৰম্ভ কৰিছে যদিও এই পৰ্য্যন্ত কোনো শুংসুত্ৰ উলিয়াব পৰা নাই| উল্লেখযোগ্য যে শংকৰ মাধৱ কৃষ্টি বিকাশ কেন্দ্ৰ নামৰ শিশু গৃহটো ৰাজ্য চৰকাৰৰ  সমাজ কল্যান বিভাগৰ অধীনৰ এটা শিশু গৃহ| শিশু গৃহটোত নিৰাপত্তাৰক্ষী আছিল যদিও উক্ত দিনা পুৱা ৬ বজাত কৰ্তব্য শেষ কৰি উভটি গৈছিল| নিৰুদ্দেশ হৈ থকা কিশোৰ কেইজনৰ ২ জন নাগালেণ্ডৰ মোককচাংৰ বুলি জানিব পৰা গৈছে|আনহাতে কিশোৰ কেইজনৰ সম্ভেদ পালে যোৰহাট আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে শিশুগৃহ কতৃপক্ষই| বাতৰি যুগুত কৰা পৰলৈকে  শিশু কেইটাৰ সন্ধান ওলোৱা নাই বুলি জানিব পৰা গৈছে ।

নগাঁৱত সাংসদ গৌৰৱ গগৈৰ কভিড চিকিৎসাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ : এখন এম্বূলেঞ্চ দিয়াৰ ঘোষণা

“অসমত এতিয়াও পৰ্যাপ্ত নহয় কডিড ডেকচিন”গৌৰৱ গগৈ

 নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ” ফাৰ্ম টু ফুড ফাউণ্ডেচন” আৰু “গুঞ্জৰ” নামৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত আৰু কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ প্ৰচেষ্টাত আজি কভিড চিকিৎসাৰ বাবে প্ৰয়োজনীয় কেতবোৰ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয়। আজি এই অত্যাৱশ্যকীয় সামগ্ৰীসমুহ আনুষ্ঠানিক ভাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষক প্ৰদান কৰে সাংসদ গগৈয়ে। সাংসদ গৰাকীয়ে বিতৰণ কৰা সামগ্ৰী সমুহ হ’ল- অক্সিমিটাৰ, থাৰ্মস্কেনাৰ, থাৰ্মোমিটাৰ, পি পি ই কিট, অক্সিজেন কনচানটেটৰ, উন্নতমানৰ মাস্ক আদি। তেওঁ এই সামগ্ৰী বিতৰণ কৰাৰ পূৰ্বে নিজৰ মন্তব্য প্ৰকাশ কৰি কয়, কভিড-১৯ সমগ্ৰ দেশৰ লগতে অসমতো ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। চৰকাৰে এতিয়া সৰ্বসাধাৰণ ৰাইজক ভেকচিন দিব পৰা নাই। আনকি, অসমত এতিয়াও পৰ্যাপ্ত পৰিমাণে ভেকচিন নাই। এই ক্ষেত্ৰত চৰকাৰক গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনাই কয়, যিহেতু কডিড কেয়াৰৰ ক্ষেত্ৰত ৰোগীৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যন্ত নহয়, সেয়ে তেওঁ কেইটামান স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত ৰোগী আৰু চিকিৎসা কৰ্মীৰ বাবে কেতবোৰ সহায়ক সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে। সাংসদ গৰাকীয়ে তেওঁৰ সাংসদ উন্নয়ন পুজিৰ পৰা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বাবে এখন এম্বূলেঞ্চ প্ৰদান কৰিব বুলিও নিজৰ মন্তব্যত ঘোষণা কৰে। আজিৰ অনুষ্ঠানত বটদ্ৰৱাৰ বিধায়িকা শিবামনি বৰা, স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰ, নগাঁও অসামৰিক চিকিৎসাৰ অধীক্ষক ডাঃ এল চি নাথ, সমাজকৰ্মী সুৰেশ বৰা, মৃণাল শ‌ইকীয়াকে ধৰি বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে সাংসদ গৰাকীয়ে আজিৰ দিনটোত ৰূপহীহাট আৰু ধিং সমষ্টিৰ কেবাটাও চিকিৎসালয়ত অনুৰূপ সামগ্ৰী বিতৰণ কৰিব।

ঐতিহ্যমণ্ডিত বহৰি সত্ৰক যিকোনো উপায়ে সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পিযুষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই আজি বৰপেটা জিলাৰ বহৰিত উপস্থিত হৈ ব্ৰহ্মপুত্ৰ নৈয়ে সৃষ্টি কৰা ব্যাপক খহনীয়া জনিত পৰিস্থিতিৰ  পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়। নৈৰ গৰাখহনীয়াই অঞ্চলটোৰ লগতে ইয়াৰ মহাপুৰুষ হৰিদেৱৰ দ্বাৰা স্থাপিত ঐতিহাসিক সত্ৰখনৰ প্ৰতি সৃষ্টি কৰা প্ৰবল ভাবুকি স্বচক্ষে প্ৰত্যক্ষ কৰি উদ্বিগ্নতা প্ৰকাশ কৰে আৰু ঐতিহ্যমণ্ডিত সত্ৰখন যিকোনো উপায়ে ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ সত্ৰখনৰ লগতে বহৰি বজাৰ অঞ্চলটোৰ সুৰক্ষাৰ বাবে এখন জিও বেগৰ আঁচনি চলিত বিত্তীয় বৰ্ষতে গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে । সমগ্ৰ খহনীয়া পীড়িত অঞ্চলটো পৰিদৰ্শনৰ অন্তত তেওঁ কয় যে বহৰিৰ সুৰক্ষাৰ বাবে  দুতৰপীয়া ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰথম পৰ্যায়ত সত্ৰৰ কাষৰ এক-ডেৰ কিলোমিটাৰ অঞ্চলত জিও বেগেৰে সুৰক্ষাৰ ব্যৱস্থা লোৱা হ’ব। তাৰ লগে লগে উজনিৰ দিশে পাৰ্কুপাইন দি নৈখনৰ গতি সলনিৰো প্ৰয়াস চলোৱা হ’ব। এই কাৰ্যত সফল হলে বাকী অংশ্ও সুৰক্ষিত হোৱাৰ আশা আছে। অন্যথা বাকী অংশৰ বাবে পৰ্যায়ক্ৰমে অন্য প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে উপস্থিত সাংবাদিকৰ আগত সদৰি কৰে। তদুপৰি সাময়িক সকাহৰ বাবে জলসম্পদ বিভাগৰ  নিয়মীয়া মেৰামতি আৰু প্ৰতিপালন শিতানৰ পুজিৰে যৎপৰোনাস্তি প্ৰচেষ্টা চলাই যাবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ইতিমধ্যে এই অস্থায়ী ব্যৱস্থায়ো কিছু কাম দিছে। ম‌ই ইয়ালৈ আহিবলৈ সময় পোৱা নাছিলো যদিও গুৱাহাটীৰ পৰাই ফোনযোগে সকলো কাম-কাজৰ তদাৰক কৰি আছোঁ।  মন্ত্ৰী গৰাকীয়ে নাওত উঠি কিছুদূৰলৈ গৈ খহনীয়াৰ ভয়াবহতা প্ৰত্যক্ষ কৰে। এই পৰিদৰ্শন কালত চেঙা সমষ্টিৰ বিধায়ক‌ আশ্ৰাফুল হুছেইন, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ, জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচাল, অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, চেঙাৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ আৰু জলসম্পদ বিভাগৰ  জেষ্ঠ বিষয়া সকল উপস্থিত থাকে।  ৰাজ্যৰ তথ্য আৰু জনসংযোগ তথা সংসদীয় পৰিক্ৰমা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে ইয়াৰ আগতে প্ৰথমেই বহৰি সত্ৰত সেৱা জনাই সত্ৰ চৌহদতে এটা গছপুলি ৰূপণ কৰে। সত্ৰ সমিতিৰ তৰফৰ পৰা মন্ত্ৰী গৰাকীক গায়ন বায়নেৰে আদৰণি জনোৱাৰ লগতে চেলেং চাদৰ, গ্ৰন্থৰ টোপোলা আদিৰে সম্বৰ্ধনা জনায়। জিলা জনসংযোগ বিষয়া আৰু জলসম্পদ বিভাগৰ তৰফৰ পৰাও  মন্ত্ৰী গৰাকীক ফুলাম গামোছা, শৰাই আদিৰে আদৰণি জনোৱা হয়। বহৰিৰ খহনীয়া পৰিদৰ্শনৰ পিছতে মন্ত্ৰী হাজৰিকাই সৰভোগলৈ গৈ কালি মৃত্যু বৰণ কৰা বিজেপিৰ জিলা সভাপতি তথা অসম শক্তি উৎপাদন প্ৰতিষ্ঠানৰ অন্যতম সঞ্চালক শংকৰ চন্দ্ৰ দাসৰ বাসগৃহলৈ গৈ পৰিয়াল বৰ্গক সাক্ষাৎ কৰাৰ লগতে মৃতকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তাৰ পিছতে তেওঁ পাঠশালালৈ গৈ অলপতে মৃত্যু মুখত পৰা বিশিষ্ট শিক্ষাবিদ তথা সমাজ কৰ্মী সম্পূৰ্ণানন্দ তালুকদাৰৰ ঘৰলৈ গৈ মৃতকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

 নগাঁও জিলা  বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ জুৰীয়াৰ দক্ষিণ খাটোৱাল অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, দীৰ্ঘদিন  ধৰি জুৰীয়াৰ দক্ষিণ খাটোৱাল অঞ্চলত মো:মতিউৰ ৰহমান নামৰ এজন  লোকে  অবৈধ ভাবে কাঠ ফলা মিল চলাই আহিছিল। এই মিলত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলা খনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল।  এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি নগাঁও বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা দলটোৱে  অবৈধ কাঠফলা মিলটো উৎখাত কৰে। এই অভিযানত  বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীক সংগ দিয়ে বনপালক প্ৰভাত বৰা,প্ৰভাত বৰুৱা  লগতে কেইবাগৰাকীও বনকৰ্মীয়ে। অৱশ্যে আজিৰ অভিযানত  অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।