Home Blog Page 299

Israel attack Gaza: গাজাত পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, নিহত ১০০ জন

Israel attack Gaza: গাজাত পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, নিহত ১০০ জন
Israel attack Gaza: গাজাত পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, নিহত ১০০ জন

উত্তৰ গাজাত পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত কমেও ১০০জন লোকৰ মৃত্যু।(Israel attack Gaza)

শুকুৰবাৰে উত্তৰ গাজাত ইজৰাইলৰ বৃহৎ পৰিসৰৰ স্থল, আকাশ আৰু সাগৰীয় আক্ৰমণত শিশুকে ধৰি প্ৰায় ১০০ জন লোক নিহত হোৱা বুলি হামাছৰ দ্বাৰা পৰিচালিত নাগৰিক প্ৰতিৰক্ষা আৰু বাসিন্দাসকলে প্ৰকাশ কৰিছে।

অসামৰিক প্ৰতিৰক্ষা বিভাগে জনোৱা মতে, নিশাটোৰ ভিতৰতে সাধাৰণ নাগৰিকক ৰখা কমেও ৯টা ঘৰ আৰু তম্বুত বোমা বিস্ফোৰণ আৰু আৱদ্ধ হৈ থকা লোকৰ পৰা বহু ফোন আহিছে।

ইজৰাইলৰ সেনাই উত্তৰ গাজাত “সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ স্থান বিচাৰি উলিওৱা আৰু ভাঙি পেলোৱাৰ বাবে কাম কৰি আছে” বুলি কয় আৰু বিগত দিনটোত কেইবাজনো সন্ত্ৰাসবাদীক নিৰ্মূল কৰিছে।

মাৰ্চ মাহত ইজৰাইলে পুনৰ আক্ৰমণ আৰম্ভ কৰাৰ পিছত উত্তৰ গাজাত এইটোৱেই হৈছে ডাঙৰ স্থল আক্ৰমণ।

শুকুৰবাৰে পুৱা ইজৰাইলৰ বিমানে উত্তৰ গাজাৰ কেইবাটাও অঞ্চলত প্ৰচাৰ পত্ৰিকা নিক্ষেপ কৰি বাসিন্দাসকলক সেই অঞ্চলসমূহ তৎকালীনভাৱে খালী কৰিবলৈ আহ্বান জনাইছিল।

খালী কৰাৰ নিৰ্দেশে যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা একাধিকবাৰ স্থানচ্যুত হোৱা পৰিয়ালসমূহৰ মাজত আতংকৰ সৃষ্টি কৰিছিল।

Rohit Sharma: ৰোহিতৰ নামেৰে নামাকৰণ কৰা হ’ল মুম্বাইৰ ৱাংখেড়ে ষ্টেণ্ড

Rohit Sharma: ৰোহিতৰ নামেৰে নামাকৰণ কৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেণ্ড
Rohit Sharma: ৰোহিতৰ নামেৰে নামাকৰণ কৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেণ্ড

অৱশেষত উন্মোচন হ’ল ‘ৰোহিত শৰ্মা ষ্টেণ্ড’। ইমান দিনে মুম্বাইৰ ৱাংখেড়ে (Rohit Sharma)ষ্টেডিয়ামত দিভেচা পেভিলিয়ন লেভেল ৩ নামেৰে জনাজাত স্থানটো শুকুৰবাৰৰ পৰা নতুন নামেৰে পৰিচিত হয়। ৰোহিতৰ পিতৃ-মাতৃয়ে ষ্টেণ্ডটো উদ্বোধন কৰে।উদ্বোধনী অনুষ্ঠানৰ লগে লগে তেওঁৰ টেষ্ট কেৰিয়াৰো একত্ৰিত হয়।

ৰোহিতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছৰ সৈতে ষ্টেণ্ডটো উদ্বোধন কৰাৰ কথা আছিল। অৱশ্যে তেওঁ পিতৃ গুৰুনাথ আৰু মাতৃ পূৰ্ণিমাক আগুৱাই লৈ গৈছিল। ফাড়নাবিছৰ সৈতে ষ্টেণ্ডটো উদ্বোধন কৰে। ৰোহিতৰ উপৰি তেওঁৰ পত্নী ঋতিকা আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰীসকল মঞ্চত উপস্থিত আছিল।

ৰোহিতৰ ষ্টেণ্ডত দুখন ডাঙৰ ডাঙৰ পোষ্টাৰ আছিল। দুয়োখনতে টেষ্টৰ জাৰ্চি পিন্ধা ছবি আছিল। শেহতীয়াকৈ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৰোহিতে।

ষ্টেণ্ড উদ্বোধন কৰাৰ পাছত ৰোহিতে কয়, “আজি যি হৈ আছে, মই কেতিয়াও সপোনতো ভবা নাছিলো। সৰুতে মই আগতে মুম্বাইৰ হৈ ভাৰতৰ হৈ খেলাৰ সপোন দেখিছিলো। এইবোৰ কথা কোনেও আগতীয়াকৈ নাভাবে। আন ক্ৰীড়াবিদৰ দৰে মোৰ লক্ষ্য সদায় দেশৰ বাবে মোৰ সৰ্বোত্তমখিনি দিয়া। দেশৰ সেৱা কৰা। সেই কাম কৰি আপুনি জীৱনত বহুখিনি অৰ্জন কৰে। আপুনি বহু মাইলৰ খুঁটি সৃষ্টি কৰে। কিন্তু এই ধৰণৰ সন্মান (ষ্টেণ্ড)) আনে এটা বেলেগ অনুভৱ।”

ৰোহিতৰ মতে, “ভাৰত এই খেলপথাৰত যিকোনো দলৰ বিৰুদ্ধে খেলিব পাৰে। মোৰ পিতৃ, মা, ভাইটি, পত্নীৰ সন্মুখত এই সন্মান লাভ কৰি বৰ ভাল লাগে। মোৰ বাবে ত্যাগ কৰা সকলোৰে প্ৰতি মই কৃতজ্ঞ। সমগ্ৰ মুম্বাই ইণ্ডিয়ানছৰ দলটো ইয়াত আছে। তেওঁলোকে মোৰ ভাষণ শেষ হোৱালৈ অপেক্ষা কৰি আছে আৰু তেওঁলোকে অনুশীলন আৰম্ভ কৰিব পাৰিব।”

Neeraj Chopra: Golden Boy নীৰজ চোপ্ৰাই পুনৰ ৰচিলে ইতিহাস।

Neeraj Chopra: Golden Boy নীৰজ চোপ্ৰাই পুনৰ ৰচিলে ইতিহাস।
Neeraj Chopra: Golden Boy নীৰজ চোপ্ৰাই পুনৰ ৰচিলে ইতিহাস।

অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই পুনৰ ৰচিলে ইতিহাস।(Neeraj Chopra)

জেভলিন থ্ৰ’ত অভিলেখ গঢ়ি ৯০ মিটাৰ স্পৰ্শ নীৰজৰ।

শুকুৰবাৰে ৯০.২৩ মিটাৰ দলিয়াই অভিলেখ ডোহা ডায়মণ্ড লীগ ২০২৫ত।

অৱশ্যে দ্বিতীয় স্থান লাভ কৰে নীৰজে।

নীৰজ চোপ্ৰাৰ প্ৰশংসাত পঞ্চমূখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

সামাজিক মাধ্যমত প্রধানমন্ত্রী মোদীয়ে নীৰজ চোপ্ৰাক কৰিলে প্রশংসা।

শনিবাৰে নীৰজক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ সফলতাৰ কৃতিত্ব তেওঁৰ অদম্য নিষ্ঠা, অনুশাসন আৰু আৱেগৰ ফল।

IPL 2025: আজিৰে পৰা পুনৰ আৰম্ভ হ’ব IPL…

IPL 2025: আজিৰে পৰা পুনৰ আৰম্ভ হ'ব IPL...
IPL 2025: আজিৰে পৰা পুনৰ আৰম্ভ হ'ব IPL...

আজিৰে পৰা পুনৰ আৰম্ভ হ’ব IPLৰ খেলসমূহ।(IPL 2025)

খেল বাতিলৰ ৮ দিন পিছত চেন্নাইত মুখামুখি হ’ব- RCB Vs KKR।

সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচখন।

ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে স্থগিত হৈছিল IPLৰ মেচসমূহ।

Shani Dev: শনি দেৱক তেল আগবঢ়াই থাকোঁতে এই ভুল নকৰিব, পৰিণাম ভুগিব !

Shani Dev: শনি দেৱক তেল আগবঢ়াই থাকোঁতে এই ভুল নকৰিব, পৰিণাম ভুগিব !
Shani Dev: শনি দেৱক তেল আগবঢ়াই থাকোঁতে এই ভুল নকৰিব, পৰিণাম ভুগিব !

শনি দোষৰ পৰা সকাহ পাবলৈ শনি জয়ন্তীৰ দিনটো অতি বিশেষ। এই দিনটোত যদি আপুনি শনিক তেল আগবঢ়ায়, তেন্তে কিছুমান কথা মনত ৰাখিব, নহ’লে বহু বিপদ আপোনাৰ পিছে পিছে আহিব।(Shani Dev)

জেঠ মাহৰ অমাৱস্যাৰ দিনা শনি জয়ন্তী পালন কৰা হয়। এইবাৰ শনি জয়ন্তী ২৭ মে’ অৰ্থাৎ মঙলবাৰে। শনিৰ অশুভ প্ৰভাৱৰ পৰা মুক্তি পাবলৈ শনি জয়ন্তীৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন। শনি জয়ন্তীৰ দিনা এনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি যিয়ে শনিৰ বিপদৰ পৰা সকাহ দিব। কিন্তু এই সময়ছোৱাত কিছুমান গুৰুত্বপূৰ্ণ কথা মনত ৰখাটো জৰুৰী।

২৬ মে’ৰ পুৱা ১০:৫৪ বজাৰ পৰা আৰম্ভ হ’ব আৰু পিছদিনা অৰ্থাৎ ২৭ মে’ৰ পুৱা ৮:৩৪ বজাত শেষ হ’ব। শনি জয়ন্তীৰ প্ৰতিকাৰ আৰু গুৰুত্বপূৰ্ণ নিয়ম জানি লওক-

শনি গ্ৰহৰ প্ৰতিকাৰ-

শনি সদেসতী আৰু ধৈয়া বা শনি দোষৰ বিপদৰ পৰা সকাহ পাবলৈ শনি জয়ন্তীৰ দিনা ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা শনিয়ে আৰ্থিক, মানসিক আৰু শাৰীৰিক অসুবিধাৰ সৃষ্টি কৰে।

  • শনিদেৱক তেল আগবঢ়োৱাটো শনিৰ বিপদৰ পৰা সকাহ পোৱাৰ অন্যতম সহজ প্ৰতিকাৰ হিচাপে বিবেচিত হৈছে। শনি জয়ন্তীৰ দিনা শনিৰ বাবে এই প্ৰতিকাৰ কৰি থাকোঁতে মনত ৰাখিব যে শনি দেৱৰ ভৰিৰ শেষ আঙুলিতহে সৰিয়হৰ তেল আগবঢ়াব লাগে। শণিৰ সমগ্ৰ মূৰ্তিত কেতিয়াও তেল ঢালিব নালাগে।
  • যদি আপুনি শনিৰ মূৰ্তিলৈ গৈ আছে বা পূজা কৰি আছে, তেন্তে মনত ৰাখিব যে কেতিয়াও শনিদেৱৰ মূৰ্তিৰ সন্মুখত পোনে পোনে থিয় নহব আৰু শনি দেৱৰ চকুলৈ নাচাব।

মাক, পত্নী, ভনীয়েক বা আন কোনো নাৰীক অপমান কৰা সকলক শনিয়ে কেতিয়াও ক্ষমা নকৰে। এনে লোকে যি ব্যৱস্থা গ্ৰহণ নকৰক কিয় শনি গ্ৰহৰ দ্বাৰা সৃষ্টি হোৱা বিপদৰ পৰা সকাহ নাপায়। সেয়েহে নাৰীক অপমান নকৰিব।

ভাৰতৰ ব্ৰহ্মছ মিছাইলৰ আক্ৰমণত আমি হেৰুৱালোঁ এখন এডব্লিএচিএছ বিমান! ‘অপাৰেচন সিন্দুৰ’ত লোকচানৰ কথা স্বীকাৰ কৰিলে পাক এয়াৰ মাৰ্শ্বালে । operation sindoor

ভাৰতৰ ব্ৰহ্মছ মিছাইলৰ আক্ৰমণত আমি হেৰুৱালোঁ এখন এডব্লিএচিএছ বিমান! ‘অপাৰেচন সিন্দুৰ’ত লোকচানৰ কথা স্বীকাৰ কৰিলে পাক এয়াৰ মাৰ্শ্বালে । operation sindoor
ভাৰতৰ ব্ৰহ্মছ মিছাইলৰ আক্ৰমণত আমি হেৰুৱালোঁ এখন এডব্লিএচিএছ বিমান! ‘অপাৰেচন সিন্দুৰ’ত লোকচানৰ কথা স্বীকাৰ কৰিলে পাক এয়াৰ মাৰ্শ্বালে । operation sindoor

১৬ মে’২০২৫ঃ operation sindoor । ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ হোৱাৰ পূৰ্বে পাকিস্তান বায়ুসেনাৰ হাতত আছিল অত্যাধুনিক ৰাডাৰেৰে সজ্জিত ছুইডেনত নিৰ্মিত ৯খন ‘এছএব ২০০০ এইআৰআই’ এৱাকছ বিমান।

এয়া হৈছে ‘এয়াৰবৰ্ণ ৱাৰ্নিং এণ্ড কণ্ট্ৰল চিষ্টেম’ (AWACS)। আচলতে ই শত্ৰুক নিৰীক্ষণ কৰিবলৈ অত্যাধুনিক ৰাডাৰেৰে সজ্জিত গোপন বিমান। ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দুৰ’ আৰু তাৰ পিছৰ সংঘাতত কমেও এখন পাকিস্তানী বায়ুসেনাৰ বিমান ক্ষতিগ্ৰস্ত হৈছে। পাকিস্তান বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল মাছুদ আখতাৰে এতিয়া এই কথা স্বীকাৰ কৰিছে।

পাকিস্তানী সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আখতাৰে কয় যে, “দীৰ্ঘ দূৰত্বৰ ৰাডাৰ চোৱাচিতা কৰা আৰু আকাশমাগ নিয়ন্ত্ৰণ কৰা এৱাকছ বিমানখন ইছলামবাদৰ ভোলাৰী বিমানঘাটিত আছিল।” ভাৰতীয় ক্ষেপণাস্ত্ৰ আক্ৰমণত ধ্বংস হৈ পৰে।” ৯ মে’ৰ গভীৰ নিশা ভাৰতৰ ‘পাৰফেক্ট মিছাইল আক্ৰমণ’ৰ ফলত এই ক্ষতি হোৱা বুলি কয় এজন অৱসৰপ্ৰাপ্ত পাকিস্তানী এয়াৰ মাৰ্শ্বালে।

চলিত সপ্তাহৰ আৰম্ভণিতে ৱাশ্বিংটন পোষ্ট আৰু নিউয়ৰ্ক টাইমছকে ধৰি আমেৰিকাৰ কেইবাটাও সংবাদ মাধ্যমে ভাৰতীয় ক্ষেপণাস্ত্ৰ আক্ৰমণত পাকিস্তান বায়ুসেনাৰ যথেষ্ট লোকচান হোৱা বুলি দাবী কৰিছিল। অৱশ্যে পাকিস্তান সেনাৰ আন্তঃসেৱা জনসম্পৰ্কৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধৰীয়ে ভাৰতীয় আক্ৰমণত পাকিস্তানী সামৰিক আৰু অসামৰিক লোকৰ প্ৰাণ হেৰুৱাৰ কথা নিশ্চিত কৰে যদিও প্ৰতিৰক্ষা আন্তঃগাঁথনি বা সঁজুলিৰ ক্ষতি হোৱাৰ কথা স্বীকাৰ কৰা নাছিল।

এই প্ৰসংগত শুকুৰবাৰে আখতাৰে দিয়া মন্তব্য এনেধৰণৰ , “তেওঁলোকে (ভাৰতীয় বাহিনীয়ে) একেৰাহে চাৰিটা ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল।” ‘গ্ৰাউণ্ড টু গ্ৰাউণ্ড’ সংস্কৰণ, নে ‘স্কাই টু গ্ৰাউণ্ড’ থ্ৰ’ৱেবল। পাকিস্তানী পাইলটসকলে দ্ৰুতগতিত নিজৰ বিমানখন সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ভোলাৰী এয়াৰ বেছৰ হেংগাৰত ক্ষেপণাস্ত্ৰই খুন্দা মাৰে। তাত আমাৰ এটা AWACS আছিল। ইয়াৰ যথেষ্ট ক্ষতি হৈছে।” তাৎপৰ্যপূৰ্ণভাৱে ভাৰতীয় সেনাই এতিয়াও কোৱা নাই যে ভাৰতীয় বায়ুসেনাই ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত আৰু তাৰ পিছৰ সংঘাতৰ সময়ত ব্ৰহ্মছ মিছাইল ব্যৱহাৰ কৰিছিল নে নাই।

কাকতলীয়াকৈ ক’বলৈ গ’লে ‘অপাৰেচন সিন্দূৰ’ আৰম্ভ হোৱাৰ আগতে পাকিস্তান বায়ুসেনাৰ হাতত ছুইডেনত নিৰ্মিত ৯ খন ‘ছাব ২০০০ এইআৰআই’ এৱাক আছিল। তেওঁলোকে ছুইডেনৰ পৰা মুঠ ১০খন ‘ছাব ২০০০ এইআৰআই’ ক্ৰয় কৰিছিল। কিন্তু ২০১২ চনত পাকিস্তানী পঞ্জাৱৰ মিনহাছ বিমান ঘাটিত তেহৰিক-ই-তালিবান (টিটিপি) বিদ্ৰোহীৰ আক্ৰমণৰ পিছত চাৰিটা এৱাকছৰ ভিতৰত তিনিটা ক্ষতিগ্ৰস্ত হয়, ইয়াৰে এটা সম্পূৰ্ণ অক্ষম হৈ পৰে। আখতাৰে আন এখন বিমান ধ্বংস কৰা বুলি স্বীকাৰ কৰে।

প্ৰসংগক্ৰমে ইছলামবাদে ২০০৬ চনত ছুইডেনৰ সৈতে চুক্তিবদ্ধ হৈ ৪৫০ কিলোমিটাৰ দূৰত্বৰ পৰা শত্ৰুক ধৰা পেলাব পৰা ‘ছাব ২০০০ এইআৰআই’ ক্ৰয় কৰিছিল। সেই সময়ত সামৰিক শাসক পাৰভেজ মুশ্বাৰফ ক্ষমতাত আছিল।

মহানগৰীত নিভাজ খাদ্য যোগান ধৰা খাটি খোৱা ক্ষুদ্ৰ বেপাৰী অঞ্জু ৰংপিৰ মৃত্যু – দোষ কাৰ । Guwahati

মহানগৰীত নিভাজ খাদ্য যোগান ধৰা খাটি খোৱা ক্ষুদ্ৰ বেপাৰী অঞ্জু ৰংপিৰ মৃত্যু - দোষ কাৰ । Guwahati
মহানগৰীত নিভাজ খাদ্য যোগান ধৰা খাটি খোৱা ক্ষুদ্ৰ বেপাৰী অঞ্জু ৰংপিৰ মৃত্যু - দোষ কাৰ । Guwahati


Guwahati । সপ্তাহৰ প্ৰতি দেও আৰু বৃহস্পতি বাৰে বহা বজাৰ খনলৈ সেইদিনাও আহিছিল বকো, বাক্সা, নলবাৰী, হাজো, শিঙিমাৰি, সোণাপুৰৰ আন মহিলা শাক পাচলি বেপাৰী সকলৰ মাজৰে ক্ষেত্ৰীৰ বৰবিটলিৰ অঞ্জু ৰংপি নামৰ ৫০ বছৰীয়া সেই মহিলাগৰাকী। আন দিনাৰ দৰে সেইদিনাও আহিছিল মহানগৰবাসীক থলুৱা শাক পাচলি আৰু বতৰৰ ফল মূল যোগান ধৰি দুই এপইছা উপাৰ্জনেৰে ঘৰখন চলাই যোৱাৰ লগতে ঘৰখনৰ দুই এটা কামত সহায় কৰাৰ লগতে পৰিয়ালৰ বাকী থকা সদস্য আৰু ইষ্ট কুতুমৰ মৰমৰ আবোৰত দিন বোৰ পাৰ কৰাৰ বাবে। কিন্তু সেইদিনা বজাৰলৈ বিক্ৰী কৰিবৰ বাবে অনা সামগ্ৰী সমূহ কিছু বিক্ৰী কৰাৰ পাছত বাকী থকা সামগ্ৰী সমূহ বিক্ৰী নকৰাকৈয়ে কেৱল ঘৰলৈ ঘূৰি যোৱাই নহয়, এই ধৰাৰ পৰাই কোনোদিনে ঘূৰি নহা বাটেৰে বাট বুলিব লাগিছিল। সেইদিনা নিয়তিয়ে মহিলাগৰাকীক আন দিনাৰ পৰিবৰ্তে বেলেগ ভাবে গ্ৰহণ কৰিছিল পুনৰ এনেদৰে নিজৰ লগতে আনৰ বাবে এনেদৰে সাপ্তাহিক বজাৰলৈ আহি হাঁহি মুখে মহানগৰীক সকলৰ সৈতে কথা পাতিব পৰাকৈ। আচৰ্যজনক ভাবে আজি তিনিবছৰৰ পূৰ্বে স্বামীহাৰা হোৱা এই মহিলাগৰাকীয়ে যোৱা বছৰ পুত্ৰ সন্তান এটাকো হেৰুৱাইছিল। তথাপি দিনবোৰ পাৰ কৰিছিল এইদৰেই।

মহানগৰীৰ বজাৰ সমূহলৈ সামগ্ৰী বোজাই আনি এই সামগ্ৰী সমূহ বিক্ৰী কৰাৰ লগতে হাঁহি মাতি নিজৰ দুখবোৰ পাহৰিবলৈ চেষ্টা কৰিছিল। কিন্তু নিয়তিয়ে নামানিলে। হঠাৎ এটা প্ৰচণ্ড শব্দৰে কাষতে বহি থকা দেৱালখন নিজৰ গাৰ ওপৰত বাগৰি পৰাত খন্তেকতে প্ৰাণ হেৰুৱাব লগীয়া হয় এই ক্ষুদ্ৰ বেপাৰী মহিলাগৰাকীয়ে। বেলতলাৰ বাহিৰেও সপ্তাহটোৰ আন দিনকেইটাত তেওঁলোক সাতগাঁও, পাঞ্জাবাৰী, সোণাপুৰ আদিত বহা সাপ্তাহিক বজাৰলৈ গাঁৱলীয়া বিভিন্ন শাক পাচলি লৈ আহে। অৱশ্যে কেৱল এই অঞ্জুয়েই একমাত্ৰ জনজাতীয় মহিলা নহয়, যি এনেদৰে মহানগৰীৰ সাপ্তাহিক বজাৰ সমূহলৈ শাক পাচলি বা বতৰৰ ফলমূল লৈ মহানগৰ বাসীৰ গাঁৱলীয়া থলুৱা সামগ্ৰীৰ প্ৰয়োজনীয়তা বা আকৰ্ষণ বঢ়াই। এওঁলোকৰ বাবেই মহানগৰবাসীয়ে গৌৰবৰে গাঁৱত থকা আন লোক সকলক ফিতাহি মাৰি কয় যে – “ আজিকালি গাঁৱতে নাপায়, অথচ মহানগৰীৰ বজাৰত খুটুৰা, মানিমুনি, ভেদাইলতা, ঢেঁকীয়া, থেকেৰা পোৱা যায় ।“ বজাৰৰ দিনাটোৰ আগদিনা এই মহিলা সকলেই অথবা মহিলা সকলৰ ঘৰৰ আন সদস্য সকলে গাঁৱৰ বিভিন্ন স্থানৰ পৰা থলুৱা অথচ নিভাজ সামগ্ৰী সমূহ বজাৰলৈ নিবৰ বাবে সংগ্ৰহ কৰি থয় আৰু পুৱতি নিশা ঠিক দুই – তিনি বজাতেই ভেন বা সৰু গাৰীৰে মহানগৰীৰ বজাৰলৈ এই সামগ্ৰী সমূহ বিক্ৰীৰ বাবে লৈ আহে। সেইদিনা অঞ্জুৰ লগতে ক্ষেত্ৰীৰ আন বহু কেইগৰাকী মহিলা বেলতলা বজাৰলৈ আহিছিল আৰু পৃথকে পৃথকে বজাৰত বহিছিল যদিও মৃত্যুৰ কাৰণ হৈ পৰিছিল এই মহিলাগৰাকী। সৌভাগ্যক্ৰমে বজাৰৰ সামগ্ৰী সমূহ কিছু পৰ এনেদৰেই ৰাখি কেইবাগৰাকী মহিলাই ওচৰৰ হোটেলত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ যোৱাৰ বাবে দৈব ক্ৰমে মৃত্যুৰ কোলাত পৰাৰ পৰা ৰক্ষা পৰে। সেয়েহে হয়তু কোৱা হয় –“ ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে।“ তথাপি ইয়াৰ মাজতে আঘাত প্ৰাপ্ত হৈ বৰ্তমান জি এম চি চিকিতসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে বাক্সাৰ মুক্তাৰ দেউৰী ( ৬০), লাইফিনা বৰো আৰু সোণাপুৰ কুমাৰকোচিৰ ভোগিলা ৰাজবংশী। দুৰ্ঘটনাটোৰ পিছদিনা আজিও সেই স্থানতে পৰি আছে সেই মহিলাসকলে বজাৰলৈ অনা আদা, নহৰু, কলদিল, পছলা, ভাতকেৰেলা, তিতা কেৰেলা আদি দ্ৰৱ্য সমূহ। লগতে ভাঙি পৰা বিম, খুটা, ৰড বিহীন কেৱল বল্ডাৰ গাঁথনিৰ ওপৰত থকা কনক্ৰটৰ শ্লেৱ খনৰ ওপৰত ১০ ইঞ্চি বহলকৈ গঠা বাগৰি পৰা দেৱালখন। হয়তু ইয়াৰ ওপৰত হব চৰকাৰী পক্ষৰ সম্পৰীক্ষা। দোষবোৰ ইজনে সিজনলৈ ঠেলি বিষয়টো ৰাজনীতিলৈ পৰ্য্যবেক্ষিত হব। আৰু ইয়াৰ গইনা লৈ সাৰি যাব গাৰ্ডৱাঁল খন নিৰ্মাণ কাৰ্য্যত জৰিত ঠিকাদাৰ প্ৰতিষ্ঠান তথা হয়তু কেইটামান কমিচনৰ বিনিময়ত ঠিকাদাৰী বিলৰ অনুমোদন জনোৱা অভিযন্তা অথবা বিভাগীয় কতৃপক্ষ। ইয়াৰ মাজতে কোনো ন্যায় নোপোৱাকৈ থাকি যাব এই সকল সহজ সৰল আৰু কোনো ভাঁজ নথকা চিধা কথাৰ মাজেৰেই বেলতলাকে ধৰি গুৱাহাটী মহানগৰীৰ অন্যান্য বজাৰ সমাৰৰ আকৰ্ষণ বৃদ্ধি কৰা এই পুৰুষ মহিলা সকল। কাৰণ তেওঁলোক তেনে কোনো ডাঙৰ মানুহ নহয়। মহানগৰীৰ ডাঙৰ মানুহবোৰৰ নিভাজ খাদ্য যোগান ধৰা খাটি খোৱা মানুহ।

পাকিস্তানে সন্ত্ৰাসবাদী শিবিৰ পুনৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছেঃ ৰাজনাথ সিঙৰ দাবী । Rajnath Singh

পাকিস্তানে সন্ত্ৰাসবাদী শিবিৰ পুনৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছেঃ ৰাজনাথ সিঙৰ দাবী । Rajnath Singh
পাকিস্তানে সন্ত্ৰাসবাদী শিবিৰ পুনৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছেঃ ৰাজনাথ সিঙৰ দাবী । Rajnath Singh

১৬ মে’২০২৫ঃ Rajnath Singh । ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ক পাকিস্তানক প্ৰায় এক বিলিয়ন ডলাৰৰ অতিৰিক্ত ঋণ প্ৰদানৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ কয়। শুকুৰবাৰে পুৱা গুজৰাটৰ ভুজ এয়াৰ বেছত উপস্থিত হয়। তাত থকা বায়ুসেনাৰ সদস্যসকলৰ সৈতে তেওঁ কথা পাতিছিল। ইয়াৰ পিছত ৰাজনাথে পাকিস্তান, সন্ত্ৰাসবাদ, ‘অপাৰেচন সিন্দুৰ’কে ধৰি বিভিন্ন বিষয়ত মুকলিকৈ কয়। আনহাতে, ভাৰতীয় সেনাই বিগত দুদিন ধৰি জম্মু-কাশ্মীৰত চলি থকা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ বিষয়ে মুকলিকৈ কৈছে। যৌথ সংবাদমেল অনুষ্ঠিত কৰি বিগত দুদিনত মুঠ ছয়জন উগ্ৰপন্থী নিহত হোৱাৰ কথা ঘোষণা কৰে। তেওঁলোকৰ পৰিচয়ো প্ৰকাশ পাইছে।

ৰাজনাথ সিঙে অভিযোগ কৰে যে পাকিস্তানে সন্ত্ৰাসবাদী সংগঠনক আৰ্থিক সহায় আগবঢ়াইছে। সেইবাবেই আই এম এফৰ ঋণৰ বিষয়টো পুনৰ বিবেচনা কৰিব লাগিব। কেৱল সেয়াই নহয়, ৰাজনাথে আৰু দাবী কৰে যে পাকিস্তানে ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ শক্তিৰ ওচৰত প্ৰণাম কৰিছে। তেওঁ কয়, “পাকিস্তানে ব্ৰহ্মৰ ক্ষমতা মানি লৈছে।” আমাৰ দেশত এটা কথা আছে, “দিনত তৰা দেখা।” “ভাৰতত নিৰ্মিত ব্ৰহ্মছে পাকিস্তানক দেখুৱাইছে যে ৰাতিৰ আন্ধাৰত ই কেনেকুৱা পোহৰ হৈ উঠিব পাৰে।” বহুতৰ মতে ৰাজনাথে পাকিস্তান আৰু পাকিস্তান দখল কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিবলৈ যোৱা ৭ মে’ৰ নিশা চলোৱা ‘অপাৰেচন সিন্দুৰ’ অভিযানত ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা বুলি স্বীকাৰ কৰে।

ৰাজনাথ সিঙে ‘অপাৰেচন সিন্দূৰ’ৰ বাবে বায়ুসেনাক প্ৰশংসা কৰে। তেওঁ কয়, “অপাৰেচন চিণ্ডুৰ এতিয়াও শেষ হোৱা নাই, যিটো হ’ল সেয়া আছিল মাত্ৰ এটা ট্ৰেইলাৰ।” ইয়াৰ পিছত ৰাজনাথে পাকিস্তানক আই এম এফৰ ঋণ দিয়াৰ কথা মুকলিকৈ ক’লে। তেওঁ দাবী কৰে যে, “পাকিস্তান চৰকাৰে মুৰিদ আৰু বাহাৱালপুৰত লস্কৰ-ই-তৈবা আৰু জয়ছ-ই-মহম্মদ নামৰ দুটা উগ্ৰপন্থী সংগঠনৰ ঘাটি পুনৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰিছে।” আই এম এফৰ পৰা লাভ কৰা ধনৰ এক বৃহৎ অংশ নিশ্চিতভাৱে সেই ভিত্তি পুনৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ’ব।’

মন কৰিবলগীয়া যে যোৱা ৯ মে’ত ৱাশ্বিংটনত আই এম এফৰ ঋণ সম্পৰ্কীয় ব’ৰ্ডৰ বৈঠক।তাত পাকিস্তানে আই এম এফৰ ঋণ লাভৰ চৰ্ত পূৰণ কৰাত ব্যৰ্থ হোৱাত ভাৰতে উদ্বেগ প্ৰকাশ কৰে। সেইবাবেই পাকিস্তানক নতুনকৈ ঋণ দিয়াৰ বিৰোধিতা কৰিছে। কিন্তু ভাৰতৰ আপত্তি সত্ত্বেও আই এম এফে পাকিস্তানক এক বিলিয়ন টকাৰ ঋণ দিয়াৰ সিদ্ধান্ত লয়। ৰাজনাথে অভিযোগ কৰে যে ঋণৰ ধন সন্ত্ৰাসবাদী সংগঠনক সহায়ৰ বাবে ব্যৱহাৰ কৰা হ’ব।

যশস্বী কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ মৃত্যু মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ শোক প্ৰকাশ ।  Ranjeet Kumar Das

যশস্বী কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ মৃত্যু মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ শোক প্ৰকাশ ।  Ranjeet Kumar Das
যশস্বী কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ মৃত্যু মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ শোক প্ৰকাশ ।  Ranjeet Kumar Das


১৬ মে’,২০২৫ঃ
 Ranjeet Kumar Das । যশস্বী কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ বিয়োগত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে গভীৰ শোক প্ৰকাশ কৰিছে।


এক শোকবাৰ্তাত মন্ত্ৰী দাসে কয় যে “সৰা পাতে পাতে ফাগুন নামে …” আদিৰ দৰে সুমধুৰ গীতেৰে অসমৰ সংগীত জগতলৈ বৰঙণি যোগাই যোৱা গায়ত্ৰী হাজৰিকাৰ বিয়োগ ৰাজ্যখনৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। গায়ত্ৰী হাজৰিকাই কণ্ঠদান কৰা গীতসমূহ শ্ৰোতাৰ মাজত সদায় সজীব হৈ থাকিব বুলিও তেওঁ কয়।
মন্ত্ৰী দাসে প্ৰয়াত শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ, গুণমুগ্ধ তথা শুভাকাংক্ষীসকলক গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

ৰাজ্যিক কেবিনেট বৈঠকত সিদ্ধান্ত — কম্পিউটাৰ শিক্ষকৰ বাবে আহিল ভাল খবৰ ! , ‘আমূল’ৰ নতুন প্ৰকল্প, গাঁও পঞ্চায়ত গঠন আৰু সুধাকণ্ঠৰ ওপজা দিনৰ বিশেষ আয়োজন । Assam Cabinet

ৰাজ্যিক কেবিনেট বৈঠকত সিদ্ধান্ত — কম্পিউটাৰ শিক্ষকৰ বাবে আহিল ভাল খবৰ ! , 'আমূল'ৰ নতুন প্ৰকল্প, গাঁও পঞ্চায়ত গঠন আৰু সুধাকণ্ঠৰ ওপজা দিনৰ বিশেষ আয়োজন । Assam Cabinet
ৰাজ্যিক কেবিনেট বৈঠকত সিদ্ধান্ত — কম্পিউটাৰ শিক্ষকৰ বাবে আহিল ভাল খবৰ ! , 'আমূল'ৰ নতুন প্ৰকল্প, গাঁও পঞ্চায়ত গঠন আৰু সুধাকণ্ঠৰ ওপজা দিনৰ বিশেষ আয়োজন । Assam Cabinet

Assam Cabinet । শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত অনাগত দিনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠক অন্তত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ডা০ ৰণোজ পেগুৱে অনুষ্ঠিত সংবাদমেলত এই সিদ্ধান্তসমূহ ৰাইজৰ সৈতে শ্বেয়াৰ কৰে।

কম্পিউটাৰ শিক্ষকৰ দৰমহা বৃদ্ধি
বৈঠকত লোৱা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, ৰাজ্যৰ ১,৩১১ গৰাকী কম্পিউটাৰ শিক্ষকৰ দৰমহা ২০ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব। এইসকল শিক্ষকে ৬০ বছৰ বয়সলৈকে সেৱা আগবঢ়াব পাৰিব। লগতে তেওঁলোকে ‘আপোন ঘৰ আঁচনি’ৰ সুবিধাও লাভ কৰিব।

‘আমূল’ৰ নতুন প্ৰকল্প ৰাণীত স্থাপন
দুধ আৰু দুগ্ধজাত সামগ্ৰীৰ ক্ষেত্ৰত স্বনামধন্য প্ৰতিষ্ঠান ‘আমূল’ৰ নতুন প্ৰকল্প স্থাপনৰ বাবে ৰাণীত ২০ বিঘা মাটি আৱণ্টনৰ সিদ্ধান্ত লোৱা হৈছে। এই প্ৰকল্পটোৰ বাবে ৭৫ কোটি টকা ব্যয় হ’ব।

নতুন হোটেল আৰু মেৰিয়েট হোটেলৰ অনুমোদন
মন্ত্ৰী ৰণোজ পেগুৱে জানিবলৈ দিয়া অনুসৰি, ৩৩৫.২৫ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী মহানগৰত এক নতুন হোটেল স্থাপন হ’ব। লগতে মেৰিয়েট হোটেল স্থাপনতো কেবিনেটৰ অনুমোদন লাভ কৰিছে।

পঞ্চায়ত গঠন সম্পৰ্কীয় সিদ্ধান্ত
ৰাজ্যৰ পঞ্চায়ত গঠন সন্দৰ্ভত আজিৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি:

  • অহা ২১ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত গঠন হ’ব ২,১৯২ খন গাঁও পঞ্চায়ত
  • ১১ জুলাইৰ পৰা ২০ জুলাইৰ ভিতৰত গঠন হ’ব ১৮১ খন আঞ্চলিক পঞ্চায়ত
  • ২১ জুলাইৰ পৰা ৩০ জুলাইৰ ভিতৰত গঠন হ’ব ২৭ খন জিলা পৰিষদ

এই গঠনৰ বাবে জিলা আয়ুক্তই কৰ্তৃত্বশীল বিষয়া নিয়োগ কৰিব। গাঁও পঞ্চায়তৰ সভাপতি বাছনি কৰাৰ দায়িত্ব থাকিব ৱাৰ্ড সদস্যৰ ওপৰত।

সুধাকণ্ঠৰ ওপজা দিনৰ বিশেষ অনুষ্ঠান
৮ ছেপ্টেম্বৰত ড০ ভূপেন হাজৰিকাৰ ওপজা দিন উপলক্ষে এইবাৰ ৰাজ্য চৰকাৰে এক বিশাল পৰিসৰৰ অনুষ্ঠান আয়োজন কৰিব। এই অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তদুপৰি, ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ এক বিশেষ অধিৱেশন, য’ত সুধাকণ্ঠৰ জীৱন, দৰ্শন আৰু অৱদানৰ বিষয়ে আলোচনা কৰা হ’ব।