Home Blog Page 30

২৫ হাজাৰ লোকৰ কণ্ঠত নগাঁৱত গুঞ্জৰিত হ’ব গীতা, লগতে আয়োজন কৰা হৈছে গীতা যজ্ঞৰ

২৫ হাজাৰ লোকৰ কণ্ঠত নগাঁৱত গুঞ্জৰিত হ'ব গীতা, লগতে আয়োজন কৰা হৈছে গীতা যজ্ঞৰ
২৫ হাজাৰ লোকৰ কণ্ঠত নগাঁৱত গুঞ্জৰিত হ'ব গীতা, লগতে আয়োজন কৰা হৈছে গীতা যজ্ঞৰ

২৫ হাজাৰ লোকৰ কণ্ঠত নগাঁৱত গুঞ্জৰিত হ’ব গীতা, লগতে আয়োজন কৰা হৈছে গীতা যজ্ঞৰ। নগাঁৱৰ ডচন হাইস্কুল খেলপথাৰত আয়োজিত অনুষ্ঠানটোত উপস্থিত থাকিব দেশৰ বিভিন্ন স্থানৰ ধৰ্মগুৰু আৰু সনাতনী লোকসকল।অসম সনাতনী ধৰ্ম সংসদৰ উদ্যোগত আৰু ভাৰত সেৱাশ্ৰম সংঘৰ তত্বাৱধানত অহা ২২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব গীতাপাঠ অনুষ্ঠানটো।

“হৰে কৃষ্ণ হৰে হৰে, গীতা পাঠ ঘৰে ঘৰে” বাণীৰে অনুষ্ঠিত গীতাপাঠ অনুষ্ঠানটোক লৈ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে নগাঁৱত।

অসম সনাতনী ধৰ্ম সংসদৰ উদ্যোগত আৰু ভাৰত সেৱাশ্ৰম সংঘৰ তত্বাৱধানত অহা ২২ ফেব্ৰুৱাৰীত আয়োজন হবলগীয়া গীতা পাঠ আৰু গীতা যজ্ঞৰ ওপৰত আজি এক সংবাদমেল অনুষ্ঠিত হয়।দেওবাৰে ডচন স্কুল খেল পথাৰত অসম সনাতনী ধৰ্ম সংসদৰ উদ্যোগত ২৫ হাজাৰ ভক্তৰ কণ্ঠত গীতপাঠ আৰু গীতা যজ্ঞ আয়োজন কৰিছে। পুৱা ৯বজাৰ পৰা গীতা পাঠ আৰু ২.৩০ বজাৰ পৰা গীতা যজ্ঞ অনুষ্ঠিত হব। যি যজ্ঞত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত সকল লগতে ৰাজ্যৰ কেইবাগৰাকীও সত্ৰাধিকাৰ উপস্থিত থাকিব । লগতে সোমবাৰে অনুষ্ঠানস্থলীৰ পৰা এটি ধৰ্মীয় শোভাযাত্ৰা নগাঁও চহৰৰ মাজেৰে বাহিৰ কৰা হব। এই অনুষ্ঠানত নগাঁও সকলো সনাতনী হিন্দুক অংশ গ্ৰহণ কৰিব বাবে আহ্বান আয়োজক সকলৰ।

Phagun: পক্ষীৰ গুণগুণনি আৰু ৰঙা শিমলুৰ ফুলে দৃষ্টি আকৰ্ষণ কৰিছে বাটৰুৱাৰ

Phagun: পক্ষীৰ গুণগুণনি আৰু ৰঙা শিমলুৰ ফুলে দৃষ্টি আকৰ্ষণ কৰিছে বাটৰুৱাৰ
Phagun: পক্ষীৰ গুণগুণনি আৰু ৰঙা শিমলুৰ ফুলে দৃষ্টি আকৰ্ষণ কৰিছে বাটৰুৱাৰ

শীতৰ (Phagun) শেতেলিত উঠি ধৰাৰ বুকুলৈ নামি আহিছে ফাগুন। ৰঙা পলাশ,মদাৰ,শিমলুৱে আনিছে আশাৰ বতৰা। এই দৃশ্য নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত লাৰকুছি কাপলাবড়ী গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদৰ।

শীতৰ প্ৰকোপৰ পৰা আঁতৰি পক্ষীৰ গুণগুণনিৰ মাজেৰে সংগোপনে ধৰাৰ বুকুত নামি আহিছে ফাগুন। বননিত সৰাপাতৰ জুনুকা বাজি থকাৰ সময়তেই ধূলিময় বাটেৰে আহিছে ফাগুন ৷ এই ধুনীয়া পৰিৱেশত ফাগুন অহাৰ বাটত ৰঙা দলিছা পাৰি দিছে ৰঙা শিমলুৱে ৷

শিমলু ফুলৰ ৰঙা পৰিৱেশে এক অনন্য মাত্ৰা প্ৰদান কৰিছে পুনৰুজ্জীৱিত হোৱা এখন ছবি। নান্দনিক সৌন্দৰ্যৰ মাজত পক্ষীৰ গুণগুণনি এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

Priyanka Gandhi: সোণাপুৰৰ জুবিন ক্ষেত্ৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

Priyanka Gandhi: সোণাপুৰৰ জুবিন ক্ষেত্ৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী
Priyanka Gandhi: সোণাপুৰৰ জুবিন ক্ষেত্ৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

আজি পুৱাই সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী।(Priyanka Gandhi)

জুবিন ক্ষেত্ৰত সেৱা জনাই প্ৰাণৰ শিল্পীগৰাকীক জনাই শ্ৰদ্ধাঞ্জলি।

জুবিন গাৰ্গক “অসমৰ আত্মাৰ কণ্ঠ” বুলি অভিহিত কৰে প্ৰিয়ংকা গান্ধীয়ে।

লগতে তেওঁ জুবিন গাৰ্গৰ সন্দৰ্ভত কয়-

‘জুবিন গাৰ্গৰ মৃত্যুত প্ৰতিগৰাকী অসমীয়াই হুকহুকাই কান্দি পেলাইছিল আমি দূৰৈত আছিলোঁ আমি অসমীয়াৰ এই কান্দোন দেখি বুজিবলৈ চেষ্টা কৰিছিলোঁ কোন এইগৰাকী জুবিন গাৰ্গ তেওঁৰ গান শুনি তেওঁক বুজিবলৈ চেষ্টা কৰিছিলোঁ তেওঁৰ কোনো গানত নাছিল ঘৃণাৰ কথা নাছিল, জুবিন গাৰ্গ অসমীয়াৰ পৰিচয় হৈ থাকক মই তেওঁৰ প্ৰতি আকৌ এবাৰ শ্রদ্ধা জনালোঁ।’

জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি মই আজি মোৰ মনৰ ইচ্ছা পূৰণ কৰিলোঁ বুলিও কয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

Rajya Sabha elections: অসমৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণাঃ কাৰ্যকাল শেষ হ’ব ভুৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা; ৰামেশ্বৰ তেলীৰ

Rajya Sabha elections: অসমৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা
Rajya Sabha elections: অসমৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা

কেন্দ্ৰীয় (Rajya Sabha elections) নিৰ্বাচন আয়োগে ঘোষণা কৰিলে অসমৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন৷ উল্লেখ্য ভুৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা আৰু ৰামেশ্বৰ তেলীৰ খালী হবলগীয়া আসনকেইখনৰ বাবে হ’ব নিৰ্বাচন৷ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা অনুসৰি ১৬ মাৰ্চত ৰাজ্যসভাৰ অসমৰ তিনিখন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন৷ অসমৰ লগতে দেশৰ ১০ খন ৰাজ্যৰ মুঠ ৩৭ খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন ঘোষণা দেশৰ নিৰ্বাচন আয়োগৰ৷

অসমৰ তিনিখন আসনকে ধৰি দেশৰ ১০ খন ৰাজ্যৰ পৰা নিৰ্বাচিত ৰাজ্যসভাৰ ৩৭ গৰাকী সদস্যৰ কাৰ্যকাল অহা এপ্ৰিল মাহত শেষ হ’ব৷ নিৰ্বাচন আয়োগে উক্ত আসনসমূহৰ নিৰ্বাচনৰ বাবে ঘোষণা কৰা অনুসৰি– জাননী জাৰিৰ তাৰিখ ঃ অহা ২৬ ফেব্ৰুৱাৰী, ২০২৬ [বৃহস্পতিবাৰ], মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ঃ ৫ মাৰ্চ, ২০২৬ [বৃহস্পতিবাৰ], মনোনয়ন-পত্ৰ পৰীক্ষাৰ তাৰিখ ঃ ৬ মাৰ্চ, ২০২৬ [শুকুৰবাৰ], প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ঃ ৯ মাৰ্চ, ২০২৬ [সোমবাৰ], ভোট গ্ৰহণ বা নিৰ্বাচনৰ তাৰিখ ঃ ১৬ মাৰ্চ, ২০২৬ [সোমবাৰ], ভোট গ্ৰহণৰ সময় ঃ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোট গণনা ঃ ১৬ মাৰ্চ, ২০২৬ [সোমবাৰ], সন্ধিয়া ৫ বজাত নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব ঃ ২০ মাৰ্চ, ২০২৬ [শুকুৰবাৰ]ৰ ভিতৰত পৰম্পৰা অনুসৰি, অসম বিধানসভা চৌহদত অসমৰ তিনিখন আসনৰ বাবে ১৬ মাৰ্চৰ দিনা আন জ্ঝখন ৰাজ্যৰ সৈতে একেলগে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ ১৬ মাৰ্চত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে হ’বলগীয়া ৩ খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন ভুৱনেশ্বৰ কলিতা, অজিত ভূঞা আৰু ৰামেশ্বৰ তেলীৰ আসনকেইখন খালী হোৱাৰ বাবে অনুষ্ঠিত হ’ব৷ বিধানসভা নিৰ্বাচনৰ আগে আগে অসমৰ ৰাজ্যসভাৰ আসনকেইখনৰ বাবে ৰাজনৈতিক সমীকৰণ মন কৰিবলীয়া হ’ব৷ অসমৰ বিধানসভাৰ সদস্য সংখ্যা আৰু ৰাজ্যসভাৰ ভোটৰ সমীকৰণ মতে, তিনিখন আসনৰ দুখনত পৰিসংখ্যাগতভাৱে বিজেপিৰ বিজয় নিশ্চিত৷ তৃতীয়খন আসনত বিৰোধীৰ সম্ভাৱনা আছে৷

বিগত কাৰ্যকালত অজিত ভূঞাই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে ৰাজ্যসভালৈ তৃতীয়খন আসনত নিৰ্বাচিত হৈছিল৷ কিন্তু ৰাজ্যৰ বিৰোধী শিবিৰত খহনীয়া আৰু কংগ্ৰেছৰ সদস্য সংখ্যা হ্ৰাস হোৱালৈ চাই এইবাৰ ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে বিৰোধীৰ স্থিতি চাবলগীয়া হ’ব৷ মন কৰিবলগীয়া যে তৃতীয়খন আসনত বিৰোধীৰ প্ৰাৰ্থী জয়ী হ’বলৈ হ’লে কংগ্ৰেছ, এ আই ইউ ডি এফ, ৰাইজৰ দল, বামপন্থী আৰু বি পি এফ একত্ৰিত হ’ব লাগিব৷ কিন্তু এতিয়া বি পি এফ বিজেপিৰ শিবিৰত৷ ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ নিলম্বিত বিধায়ক তথা ৰাইজৰ দলত যোগ দিয়া শ্বেৰমান আলী, ৰচিদ মণ্ডলৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আনুগত্যশীল শিবিৰত আশ্ৰয় গ্ৰহণ কৰা বিধায়ক বসন্ত দাস, শশীকান্ত দাস, কমলাক্ষ দে’ পুৰকায়স্থ আৰু ছিদ্দিক আহমেদৰ ভূমিকা হ’ব লক্ষণীয়৷ এ আই ইউ ডি এফৰ কৰিমুদ্দিন বৰভূঞাকে ধৰি একাধিক বিধায়কে দুই-এদিনতে অগপত যোগদান কৰিব ৷ সেইকেইটা ভোটো বিজেপি শিবিৰলৈকে যে যাব সেয়া নিশ্চিত৷ গতিকে অসমৰ ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে হ’বলগীয়া সমীকৰণো আকৰ্ষণীয় হ’ব বুলি ধাৰণা কৰিব পাৰি৷

Election Commission team: গুৱাহাটীত দেশৰ নিৰ্বাচন আয়োগৰ দলঃ বিধানসভা নিৰ্বাচনত অসমত কেইবাটাও নতুন নিয়ম

ইভিএমত থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো-নাম
ইভিএমত থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো-নাম

২০২৬ৰ অসম (Election Commission team) বিধানসভাৰ নিৰ্বাচনৰ দিন সমাগত৷ এনে সময়তে অসম ভ্ৰমণ কৰিছে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দলে৷ বুধবাৰে গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত এখন সংবাদমেল সম্বোধন কৰে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে৷ আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বিভিন্ন দিশ সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যৰে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ অহা দেশৰ নিৰ্বাচন আয়োগৰ দলটোৱে সংবাদমেল সম্বোধন কৰে৷ সোমবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা আয়োগৰ দলটোৱে মঙলবাৰ আৰু বুধবাৰে বিভিন্ন পক্ষৰে আলোচনাত মিলিত হোৱাৰ পাছত বিয়লি সংবাদমেল সম্বোধন কৰে৷ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত অসমলৈ অহা দলটোত নিৰ্বাচন আয়ুক্তদ্বয় ডাঃ এছ এছ সান্ধু আৰু ড॰ বিবেক যোশীৰ লগতে আয়োগৰ কেইবাগৰাকী বিষয়ববীয়া আছে৷

সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে সকলো ভোটাৰকে ভোটদানৰ বাবে আহ৩ান জনাই কয়, ‘ভোটদানক লোকতন্ত্ৰৰ মহা উৎসৱ হিচাপে সকলো ভোটাৰে উদ্‌যাপন কৰিব লাগে৷ যুৱ ভোটাৰসকলক এই উৎসৱত অংশ লোৱাৰ বাবে আহ৩ান জনাইছোঁ৷ যাতে আমাৰ গণতন্ত্ৰ শক্তিশালী হয়৷ বিগত নিৰ্বাচনসমূহত অসমত ভোটদানৰ হাৰ যথেষ্ট ভাল হৈছে৷ এইবাৰো সকলোৱে নিজৰ দায়িত্ব পালন কৰিব বুলি আমি আশা কৰোঁ৷ আগন্তুক নিৰ্বাচনৰ বাবে প্ৰস্তুতিৰ বুজ ল’বলৈ আমি অসমলৈ আহিছোঁ৷ দুদিন ধৰি আমি বিভিন্ন পক্ষৰ লগত আলোচনা কৰি সমীক্ষা কৰিছোঁ৷ কোনো ভোটাৰ যাতে থাকি নাযায় তাৰ বাবে এছ আৰ কৰা হৈছে৷ সেইদৰে অযোগ্য ভোটাৰৰ নাম কৰ্তন কৰা হৈছে৷’ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয়, ‘চূড়ান্ত ভোটাৰ তালিকা অনুসৰি অসমত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২ কোটি ৪৯ লাখ ৫৮ হাজাৰ ১৩৯গৰাকী৷ পুৰুষ আৰু মহিলাৰ সংখ্যা প্ৰায় সমান৷ অসমত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৩১,৪৮৬ টা৷ গাঁও অঞ্চলত থাকিব ২৭,৭১১ টা ভোটকেন্দ্ৰ আৰু নগৰাঞ্চলত থাকিব ৩,৭৭৭ টা ভোটকেন্দ্ৰ৷

মহিলাই পৰিচালনা কৰিব ৩৭১৬টা ভোটকেন্দ্ৰ৷ একোটা ভোটকেন্দ্ৰত ১২০০১ অধিক নহ’ব ভোটাৰ৷ যাতে দীঘলীয়া শাৰী নহয়৷ ভোটকেন্দ্ৰত ভোটাৰৰ বাবে বহাৰ লগতে খোৱাপানীৰ ব্যৱস্থা থাকিব৷ দিব্যাংগৰ বাবে যাৱতীয় সকলো সুবিধা থাকিব৷ সকলো ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা থাকিব৷ আনহাতে ইচিনেট এপ ডাউনলোড কৰি নিৰ্বাচন সম্পৰ্কীয় সকলো তথ্য লাভ কৰিব পাৰিব৷ স্বচ্ছ আৰু নিকাভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ নিৰ্বাচনত জড়িত সকলোকে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ডি ই অ’ আৰু এছ এছ পিসকলক নিৰপেক্ষভাৱে আইনৰ দৃষ্টিকোণেৰে কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ মিছা বাতৰি আৰু এ আইৰ মিছা প্ৰচাৰৰ ক্ষেত্ৰত নজৰ দিয়াৰ বাবে পৃথকে টীম থাকিব৷ আমি প্ৰতিটো পক্ষৰ লগত আলোচনাত বহিছোঁ আৰু নিৰ্দেশনাসমূহ অৱগত কৰা হৈছে৷’

এইবাৰৰ নিৰ্বাচত কি কি নতুনত্ব থাকিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয়, ‘অসমত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বহুকেইটা নতুনত্ব থাকিব৷ তাৰ ভিতৰত এইবাৰ ভোটাৰসকলে ভোটকেন্দ্ৰৰ চৌহদলৈ মোবাইল ফোন নিব পাৰিব৷ ভোটকেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে বাহিৰত মোবাইল ৰখাৰ ব্যৱস্থা থাকিব৷ এইবাৰ ই ভি এমত প্ৰাৰ্থীৰ ফটো ৰঙীন আৰু নাম ডাঙৰকৈ থাকিব৷ ভোটকেন্দ্ৰত ভিৰ কমোৱাৰ বাবে একোটা ভোটকেন্দ্ৰত ১২০০১ বেছি ভোটাৰ নাথাকিব৷ আনহাতে এইবাৰ প্ৰাৰ্থীসকলে ভোটকেন্দ্ৰৰ ১০০ মিটাৰ আঁতৰত নিজৰ কাৰ্যালয় ৰাখিব পাৰিব৷ এইবাৰ সকলো তথ্য পোৱাৰ বাবে নতুনকৈ ‘এচিনেট’ এপ কৰা হৈছে৷ সকলো ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা থাকিব৷ এইবাৰ বি এল অ’ৰ পৰিচয় পত্ৰ দিয়া হৈছে৷ বহুকেইটা নতুনত্ব পাব এইবাৰ৷’ বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয়, ‘দিল্লীত নিৰ্বাচন আয়োগৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছতহে নিৰ্বাচনৰ দিন ঠিক কৰা হ’ব৷ বিহু অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ উৎসৱ৷ বিহুৰ তাৰিখৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে নিৰ্ণয় কৰিব৷ কিন্তু কেইটা পৰ্যায়ত কেতিয়া নিৰ্বাচন হ’ব সেই কথা এই মুহূৰ্তত ক’ব পৰা নাযাব৷ কিন্তু যি নিৰ্ণয় লোৱা হ’ব সেয়া ভোটাৰৰ পক্ষতে লোৱা হ’ব৷’

Himanta Biswa Sarma: তৃতীয়বাৰ চৰকাৰ গঠন হ’লে ৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰিমঃ মুখ্যমন্ত্ৰী

Himanta Biswa Sarma: তৃতীয়বাৰ চৰকাৰ গঠন হ’লে ৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰিমঃ মুখ্যমন্ত্ৰী
Himanta Biswa Sarma: তৃতীয়বাৰ চৰকাৰ গঠন হ’লে ৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰিমঃ মুখ্যমন্ত্ৰী


অসমত(Himanta Biswa Sarma) তৃতীয়বাৰলৈ বিজেপি চৰকাৰ গঠন হ’লে অবৈধ বিদেশী নাগৰিকে দখল কৰি ৰখা ৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ডিব্ৰুগড় খনিকৰ খেলপথাৰত অনুষ্ঠিত বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এই ঘোষণা দিয়ে৷ ভাষণত তেওঁ কয় যে, অসমত প্ৰায় ২০ লাখ বিঘা ভূমি অবৈধ বিদেশীৰ দখলত আছে৷ যোৱা পাঁচ বছৰত ৰাজ্য চৰকাৰে ডেৰ লাখ বিঘা ভূমি বেদখলমুক্ত কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘আমি কথা ক’লে বিশ্বাস নকৰে, কাম কৰিলে বিশ্বাস কৰে৷’ আগন্তুক পাঁচ বছৰত অধিক শক্তিশালী অভিযান চলাই ৫ লাখ বিঘা ভূমি উদ্ধাৰ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে৷ নিয়োগ আৰু কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে তৃতীয়বাৰ চৰকাৰ গঠন হ’লে ৰ লাখৰ পৰা ২ লাখলৈ যুৱক-যুৱতীক নিয়োগ প্ৰদান কৰা হ’ব৷

লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ৰ লাখৰ পৰা ১০ লাখ টকা পৰ্যন্ত আৰ্থিক সহায় আগবঢ়োৱা হ’ব বুলি কয়৷ দৰিদ্ৰ লোকৰ বাবে ১০০ টকাত চেনি, দাইল, নিমখ আদি সামগ্ৰী বিনামূলীয়াকৈ প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিয়ে৷ তেওঁ লগতে উল্লেখ কৰে যে ৰ লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ কথা কৈছিল যদিও ইতিমধ্যে ১.৬০ লাখতকৈ অধিক যুৱ-যুৱতীয়ে নিয়োগ লাভ কৰিছে৷ ডিব্ৰুগড়ক ৰাজধানী মৰ্যাদা দিয়াৰ ইংগিত চ্ছ চনৰ বিধানসভা নিৰ্বাচনক লৈ মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীৰ পিছত ডিব্ৰুগড়কো ৰাজধানীৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ লৈ ৰাইজৰ কাষ চাপিব৷ তেওঁ কয়, ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ডিব্ৰুগড়ক এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা আছে৷ উন্নয়ন আৰু ঐতিহ্যৰ উল্লেখ ভাষণত তেওঁ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন, বিমান অৱতৰণ সক্ষমতা বৃদ্ধি আদিৰ কথা উল্লেখ কৰে৷ লগতে চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰা আৰু অসমীয়া ভাষাই দ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ কথাও স্মৰণ কৰে৷

অসমত গড় হত্যা বন্ধ হোৱা বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কাজিৰঙাত শান্তি বৰ্তি আছে৷ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি তেওঁ দৃঢ়তাৰে উল্লেখ কৰে৷ ২০২৬ আৰু ২০৩১ নিৰ্বাচনক লৈ ৰাজনৈতিক মন্তব্য সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে ২০২৬ চনত কংগ্ৰেছ বিৰোধী দল হিচাপে থাকিব পাৰে যদিও ২০৩১ চনত বিধায়ক অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলে বিৰোধীৰ ভূমিকা ল’ব পাৰে৷ তেওঁ কয় যে মিঞা মুছলমান অধ্যুষিত অঞ্চলত বেদখল অভিযান চলোৱাৰ সময়ত কংগ্ৰেছ থিয় নোহোৱাত ৰাইজৰ আস্থা হ্ৰাস পাইছে৷ মুখ্যমন্ত্ৰীয়ে লগতে দাবী কৰে যে ২০২৬ চনৰ নিৰ্বাচনত অসমৰ লগতে পশ্চিমবংগতো বিজেপিয়ে চৰকাৰ গঠন কৰিব লাগিব, যাতে অবৈধ অনুপ্ৰৱেশ সম্পূৰ্ণৰূপে ৰোধ কৰিব পৰা যায়৷ ভাষণৰ অন্তত তেওঁ কয় যে নতুন অসম গঢ়াৰ লক্ষ্য লৈ ৰাজ্য চৰকাৰ আগবাঢ়িছে আৰু আগন্তুক সময়ছোৱাত উন্নয়ন, নিয়োগ আৰু জাতীয় স্বাভিমানৰ ক্ষেত্ৰত অধিক জোৰ দিয়া হ’ব৷

মালিগাঁও সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি দুলাল ভৰালীৰ আজি স্মৃতি চাৰন সভাঃ উন্মোচন উৰি গ’ল ৰাজহংস শীৰ্ষক এখন স্মৃতি গ্ৰন্থ

মালিগাঁও সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি দুলাল ভৰালীৰ আজি স্মৃতি চাৰন সভাঃ উন্মোচন উৰি গ'ল ৰাজহংস শীৰ্ষক এখন স্মৃতি গ্ৰন্থ
মালিগাঁও সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি দুলাল ভৰালীৰ আজি স্মৃতি চাৰন সভাঃ উন্মোচন উৰি গ'ল ৰাজহংস শীৰ্ষক এখন স্মৃতি গ্ৰন্থ

মালিগাঁও সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা স্বেচ্ছাসেৱী সামাজিক সংগঠন ভোগজৰাৰ প্ৰতিস্থাপক সভাপতি দুলাল ভৰালীৰ আজি স্মৃতি চাৰন সভা অনুষ্ঠিত হয়।মালিগাঁও চাৰিয়ালীস্থিত ভৰালীৰ বাসগৃহত অনুস্থিত হোৱা স্মৃতি চাৰন সভাত উন্মোচন কৰা হয় ‘উৰি গ’ল ৰাজহংস’ শীৰ্ষক এখন স্মৃতি গ্ৰন্থ।

এই স্মৃতি গ্ৰন্থ খন উন্মোচন কৰে দুলাল ভৰালীৰ পত্নী নিৰুপমা ভৰালীয়ে।এই স্মৃতি চাৰন সভাত সভাপতিত্ব কৰে প্ৰাক্তন পেঞ্চন সঞ্চালক নিমাই দাসে।অনুস্থানৰ আত ধৰে ভোগজৰাৰ প্ৰতিস্থিত সম্পাদক প্ৰিয় নাথ দত্তই।উল্লেখযোগ্য যে, এই স্মৃতি গ্ৰন্থ খনত দুলাল ভৰালীৰ কৰ্মজীৱন,ভাল দিনত পৰিয়ালৰ লগত কটোৱা মধুৰ সময় আৰু দুলাল ভৰালীৰ সম্পৰ্কে ভিন্ন জনে লিখা কিছু অনুভব প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে,গুৰুকুল সংগীত বিদ্যালয় আৰু নন্দন কমাৰচিয়েল কলেজৰ অধ্যক্ষ আছিল ভৰালী । সংগীত সাধনাৰ লগতে বহু অনুস্থান প্ৰতিস্থানৰ লগতো জড়িত আছিল দুলাল ভৰালী।৭গৰাকীকৈ কন্যাক উচ্চশিক্ষিত তথা প্ৰতিস্থিত কৰিছিল দুলাল ভৰালীয়ে।

Amit Shah: আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Amit Shah: আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
Amit Shah: আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। (Amit Shah)

তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব গৃহমন্ত্ৰীগৰাকী।

আজি শিলচৰত নিশা কটাব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে।

গৃহমন্ত্রীক সংগ দিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই।

২১ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ।

সৰুসজাইত CRPFৰ প্ৰতিষ্ঠা দিৱসত অংশ ল’ব অমিত শ্বাহে।

Darrang News: দৰঙত একাপ ‘বিশেষ চাহ’ত ২৫০ টকা…

Darrang News: দৰঙত একাপ ‘বিশেষ চাহ’ত ২৫০ টকা
Darrang News: দৰঙত একাপ ‘বিশেষ চাহ’ত ২৫০ টকা

দৰঙত একাপ (Darrang News) চাহৰ দাম সচৰাচৰ ১০ টকা৷ বিশেষ একাপ চাহৰ দাম ২০ টকা৷ কিন্তু আচৰিত হ’লেও সত্য যে, যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ আমোলা-বিষয়াই খোৱা একাপ চাহৰ দাম শুনিলে আপুনিও আচৰিত হ’ব৷

কাৰণ ৰাইজৰ কৰ-কাটল সংগ্ৰহ কৰি প্ৰশাসন যন্ত্ৰ চলোৱা ড॰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনৰ একাপ ১০টকীয়া চাহৰ মূল্য হ’লগৈ ২৫০ টকা৷ ভূজিয়া আৰু কাজু বিস্কুটৰ সৈতে ছিপাঝাৰৰ মেছাৰ্ছ মেঘা এণ্টাৰপ্ৰাইজে যোগান ধৰা একাপ বিশেষ চাহৰ মূল্য ২৫০ টকা৷ এই ব্যবসায়ী প্ৰতিষ্ঠানটোৱে মাত্ৰ ৩৮০ কাপ চাহ পঞ্চায়ত নিৰ্বাচনৰ সময়ত যোগান ধৰাৰ নাম এইদৰে ৰাজকোষৰ পৰা সৰকাই ৯৫ হাজাৰ টকা৷

দৰং জিলাৰ ঔতলা বেছিমাৰীৰ গিতুমণি ডেকাই তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্যই এতিয়া জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অভিযোগ মতে, অকল বিশেষ একাপ চাহৰ বাবেই নহয়, অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰতো ব্যাপক খেলিমেলিৰ তথ্য পোহৰলৈ আহিছে৷

জিলা প্ৰশাসনৰ বৰমূৰীয়াৰ সেউজ সংকেতত এনে দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ ইপিনে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছৰ দাঁতিকাষৰীয়া অঞ্চলৰ ভূমিক আৰম্ভ হৈছে এখন মুকলি বজাৰ৷ আনহাতে, দৰঙৰ আটাইকেইটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, জিলা আয়ুক্তৰ কাৰ্যালয়ত পুনৰ সক্ৰিয় হৈ পৰিছে দালাল চক্ৰ৷ তাৎপৰ্যপূৰ্ণ যে, দলগাঁও ৰাজহ চক্ৰত এজন জনপ্ৰতিনিধিৰ আশীৰ্বাদপুষ্ট জনৈক চৰকাৰী গাঁওবুঢ়া হৈ পৰিছে হৰ্তাকৰ্তা বিধাতা৷ এইজন সৰ্বশক্তিমান গাঁওবুঢ়াক নিয়ন্ত্ৰণ কৰিবলৈ অকল ৰাজহ চক্ৰ বিষয়াই নহয় জিলা প্ৰশাসনেও ভয় কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷

BJP: অসমে ভাৰতৰ প্ৰগতিৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে

BJP: অসমে ভাৰতৰ প্ৰগতিৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে
BJP: অসমে ভাৰতৰ প্ৰগতিৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে

মঙলবাৰে (BJP) বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত পূৰ্ণাংগ বাজেটৰ সলনি সদনত চাৰি মাহৰ বাবে উত্থাপন কৰে ২০২৬-২৭ বৰ্ষৰ লেখানুদান৷ মঙলবাৰে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ৬২,২৯৪.৭৮ কোটি টকাৰ এখন অন্তৰ্ৱৰ্তীকালীন বাজেট বিধানসভাত উত্থাপন কৰে৷ নিৰ্বাচনৰ পূৰ্বে তেওঁৰ এই শেষৰখন বাজেট ভাষণত নেওগে উল্লেখ কৰে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি বৰ্তমান সময়ত অসম ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বিকাশশীল ৰাজ্য হিচাপে পৰিগণিত হৈছে৷ সম্পূৰ্ণ বাজেটখন পাছ হোৱালৈকে চৰকাৰী কাম-কাজসমূহ সূচাৰুৰূপে চলাই নিবৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম কেইমাহমানৰ বাবে মুঠ ৬২,২৯,৪৭৮.৩০ লাখ টকাৰ এক ভোট অন একাউণ্টৰ প্ৰস্তাৱ আগবঢ়ায়৷ ৩৩ পৃষ্ঠাৰ বাজেট ভাষণত বিত্তমন্ত্ৰী অজন্তা নেওগে ভৱিষ্যদ্বাণী কৰে যে অসম ২০২৮ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্যত পৰিণত হোৱাৰ দিশত অগ্ৰসৰ হৈছে৷ ৰাজ্য চৰকাৰে ইয়াৰ বাবে পূৰ্বে ২০৩০ চনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও এতিয়া নিৰ্ধাৰিত সময়তকৈ দুবছৰ পূৰ্বেই এই সফলতা অৰ্জন কৰাটো সম্ভৱ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷

লগতে তেওঁ জানিবলৈ দিয়ে যে ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ভিতৰত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৪৫ শতাংশ বৃদ্ধি পাইছে৷ উল্লেখযোগ্য যে একেটা সময়ছোৱাত দেশৰ ৰাষ্ট্ৰীয় বিকাশৰ হাৰ আছিল ২৯ শতাংশ, যাৰ তুলনাত অসমৰ অগ্ৰগতি যথেষ্ট উৎসাহজনক৷ সাধাৰণ ৰাইজৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ বিষয়ে উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা পাঁচ বছৰত ৰাজ্যখনৰ জনমূৰি আয় দুগুণতকৈও অধিক বৃদ্ধি পাইছে৷ ২০২০-২১ বৰ্ষত ৰাজ্যৰ জনমূৰি আয় আছিল ৮৬,৯৪৭ টকা আৰু ই ২০২৫-২৬ বৰ্ষত ১,৮৫,৪২৯ টকালৈ বৃদ্ধি পাইছে৷ এই ১১৩ শতাংশ বৃদ্ধিয়ে ৰাজ্যখনৰ সৰ্বাংগীণ অৰ্থনৈতিক উন্নয়নৰ এক উজ্জ্বল ছবি দাঙি ধৰিছে বুলি তেওঁ ভাষণত উল্লেখ কৰে৷ সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ মঙলবাৰে দ্বিতীয় দিন৷ মঙলবাৰে পূৰ্ণাংগ বাজেটৰ সলনি সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে চাৰি মাহৰ বাবে উত্থাপন কৰে ২০২৬-২৭ বৰ্ষৰ লেখানুদান৷ অসম চৰকাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰাৰম্ভিক মাহবোৰৰ বাবে ৬২,২৯৪.৭৮ কোটি টকাৰ অসম বাজেট [লেখানুদান] দাখিল কৰে৷ বিধানসভাত অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিল কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে কয়, ‘২০২০-২১ত জনমূৰি আয় আছিল ৮৬,৯৪৭ টকা ৷ ২০২৫-চ্ছ বৰ্ষত জনমূৰি আয় হৈছে ৰ,৮৫,৪২৯ টকা৷ পাঁচ বছৰত ৰাজ্যৰ জনমূৰি আয় ১১৩ শতাংশ বৃদ্ধি হৈছে৷ দেশৰ ভিতৰত দ্ৰুতগতিত বৃদ্ধি হৈছে জনমূৰি আয়৷ বিগত প্ত বছৰত দুগুণ হৈছে ৰাজ্যৰ জনমূৰি আয়৷ অসমে প্ৰগতিৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে৷ ২০২৮ চনৰ ভিতৰত অসম ১০ লাখ কোটি টকাৰ অৰ্থনীতিলৈ পৰিণত হ’ব৷ ২০১৫-১৬ বৰ্ষৰ পৰা জ্জ্বগুণ মূলধনী ব্যয় বৃদ্ধি, ২০১৯-২০ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ জি এছ ডি পিত ৪৫ শতাংশ বৃদ্ধি, ২০২৪-২৫ বৰ্ষত ৮৫ শতাংশ বাজেট ব্যৱহাৰ আদিৰে অসম দ্ৰুততম বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত হৈছে ৷

জনমুখী বাজেটেৰে এই বিকাশক ত্বৰান্বিত গতিৰ ধাৰাবাহিকতা প্ৰদান কৰিবলৈ আমি সংকল্পবদ্ধ৷’ বিত্তমন্ত্ৰীয়ে কয়, ‘বিশ্ব অৰ্থনীতি প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়তে অসমে ভাৰতৰ প্ৰগতিৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া মূল্যায়ন অনুসৰি অসম ভাৰতৰ ভিতৰতে দ্ৰুততম বিকাশশীল ৰাজ্য হিচাপে পৰিগণিত হৈছে৷ স্থিৰ মূল্যৰ হিচাবত ৰাজ্যখনৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সময়ছোৱাত ৪৫ শতাংশ বৃদ্ধি পায়৷ এই বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰীয় গড় ২৯ শতাংশৰ তুলনাত যথেষ্ট বেছি৷ বৰ্তমানৰ মূল্য অনুসৰি আমাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন [জি এছ ডি পি] ২০২১-২২ বিত্তীয় বৰ্ষত চ্ছ্ৰ,১০,৭২৪ কোটিৰ পৰা ১৭ শতাংশতকৈ অধিক উৎসাহজনক বৃদ্ধিৰ হাৰ প্ৰতিফলিত কৰি ২০২৫-চ্ছ বিত্তীয় বৰ্ষত জ্জ,৪৫,২৯৩ কোটিলৈ বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে ৷’ তেওঁ লগতে কয়, ‘অসমৰ অৰ্থনৈতিক জৰীপে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ১৬.৯৩ শতাংশ বৃদ্ধিৰ হাৰ প্ৰক্ষেপ কৰিছে আৰু ৰাজ্যিক ঘৰুৱা উৎপাদন জ্জ্ব,৭১,৪৫১ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে৷ এই বৃদ্ধিৰ গতিবেগ বৰ্তাই ৰাখি ২০৩০ চনৰ ভিতৰত ৰাজ্যখন দহ লাখ কোটি টকাৰ অৰ্থনীতিলৈ পৰিণত কৰাৰ বাবে দিয়া আমাৰ প্ৰতিশ্ৰুতিতকৈ বহু আগবাঢ়ি ২০২৮ চনৰ ভিতৰতে এই লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা দেখা গৈছে৷’ বিত্তমন্ত্ৰীয়ে আৰু কয়, ‘আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত অসম মালাৰ অধীনত ৭৬৭ কিলোমিটাৰ পথ আৰু ৩৫৬ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে৷ ধবজাবাহী আঁচনিসমূহৰ অধীনত চ্ছ্ৰ,১৭৬ কিলোমিটাৰ পথ সম্পূৰ্ণ কৰা হৈছে৷ ৬,৯১৭ কিলোমিটাৰ পথ নিৰ্মীয়মাণ হৈ আছে৷ ২০২১ চনৰ পৰা এতিয়ালৈ ২১,৭০০ কিলোমিটাৰ পথ আৰু ৰ,৩৩৯খন দলং নিৰ্মাণ কৰা হৈছে৷ ব্ৰহ্মপুত্ৰৰ ওপৰত জ্জ্বখন সেতু নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু চ্ছ্ৰখন নিৰ্মীয়মাণ অৱস্থাত আছে৷’