Home Blog Page 300

Kamrup News: মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভৰ অনুষ্ঠানত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপকৰ তিনিখনকৈ বিজুলী পাংখা প্ৰদান

Kamrup News: মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভৰ অনুষ্ঠানত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপকৰ তিনখনকৈ বিজুলী পাংখা প্ৰদান
Kamrup News: মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভৰ অনুষ্ঠানত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপকৰ তিনখনকৈ বিজুলী পাংখা প্ৰদান

৪ এপ্ৰিলত অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত সমগ্ৰ অসমৰ চাহ বাগান অধ্যুষিত এলেকাত ১১৮ খন আদৰ্শ মাধ্যমিক বিদ্যালয়ত নামভৰ্ত্তিৰ শুভাৰম্ভনি হৈছিল।(Kamrup News) এফালে উৎসৱ বিদ্যাৰম্ভৰ কাৰ্যসূচী আনহাতে বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস এই দুয়োটা উদ্দেশ্য আগত ৰাখি আজি কামৰূপ মহানগৰ জিলাৰ ডিগাৰুস্থিত মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামী আৰু গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ৰসায়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ কাকতিয়ে । বিদ্যালয়খনত ষষ্ঠ আৰু নৱম শ্ৰেণীত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাবিদ দুগৰাকীয়ে পাঠ্যপুথি প্ৰদান কৰাৰ লগতে ভৱিষ্যত শিক্ষা জীৱনত সফল হ’বৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা সাধুকোৱা প্ৰতিযোগিতাত প্ৰথম জতি দৰ্জী দ্বিতীয় কিশান ডেকা তৃতীয় লতিকা বড়ো বাতৰি কাকত পঢ়া প্ৰতিযোগিতাত প্ৰথম অজন্তা ফাংছু দ্বিতীয় ললিত কেলেং তৃতীয় সোমেশ্বৰ দাস বানান আৰু যুক্তাক্ষৰ লিখা প্ৰতিযোগিতাত প্ৰথম অজন্তা ফাংছু দ্বিতীয় অম্বিকা বড়ো তৃতীয় ধনশ্ৰী বড়োক লিখন সামগ্ৰী পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয়।

বিদ্যালয়ৰ সদ্য ঘোষিত বাৰ্ষিক পৰীক্ষাত প্ৰতিটো শ্ৰেণীতে তিনিটাকৈ স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক উদ্‌গনিমূলক বঁটা প্ৰদান কৰাৰ লগতে বিদ্যালয়খনৰ গুণোৎসৱত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত গৰিমা তাঁতী আৰু বাৰ্ষিক পৰীক্ষাত আটাইবোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অধিক নম্বৰ পোৱা আজন্তা ফাংছুকো বঁটা প্ৰদান কৰা হয়। বিদ্যালয়ৰ প্ৰাৰ্থনাসভা স্থলীত ছাত্ৰ-ছাত্ৰীয়ে যাতে উৎকট গৰমৰ পৰা সকাহ পায় সেই কথাটো অনুভৱ কৰি সভাত উপস্থিত থকা গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ৰসায়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ কাকতিয়ে তিনিখনকৈ বিজুলী পাংখা আগবঢ়ায়। বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে দুয়োগৰাকী বদান্য শিক্ষাবিদকে আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকি উৎসাহ যোগোৱা বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত বিদ্যালয় পৰাচালনা সমিতিৰ সদস্য বাসুদেৱ তাঁতীৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু একাংশ অভিভাৱকো উপস্থিত থাকে।

Eviction drive: কচুতলিত প্ৰশাসনৰ পুনৰ উচ্ছেদ অভিযান

Eviction drive: কচুতলিত প্ৰশাসনৰ পুনৰ উচ্ছেদ অভিযান
Eviction drive: কচুতলিত প্ৰশাসনৰ পুনৰ উচ্ছেদ অভিযান

কচুতলিত পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। উল্লেখযোগ্য যে কচুতলিৰ জনজাতীয় আবেষ্টনীৰ ভূমি তথা চৰকাৰী চৰনীয়া পথাৰ বৃহৎ অংশ ভূমি সন্দেহজনক লোকে অবৈধ ভাৱে বেদখল কৰি আছিল।(Eviction drive) অবৈধ বেদখলকাৰীৰ জনসমষ্ঠিয়ে ডিমৰীয়া অঞ্চলৰ স্থানীয় জনজাতি লোকসকলৰ জনগাঠনিৰ প্ৰতি ভাবুকি অহাৰ শংকাত শংকিত হৈ বিভিন্ন দল সংগঠনে দীৰ্ঘদিনৰে পৰা কচুতলিত উচ্ছেদৰ দাবী তুলি আহিছিল।

যাৰ পৰিপ্ৰেক্ষিতত যোৱা বৰ্ষত প্ৰশাসনে কচুতলিৰ জনজাতীয় আবেষ্টনীৰ ভূমি অবৈধ ভাবে বসবাস কৰা লোকক উচ্ছেদ কৰি বেদখলমুক্ত কৰিছিল। তাৰ সমান্তৰালভাবে কচুতলিৰ ভূমি অবৈধ ভাবে বেদখলত সহায় কৰা দুষ্টপ্ৰবৃত্তিৰ মাটিৰ দালাল কেইটামান মানক আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। কচুতলিৰ উচ্ছেদিত ভূমিৰ পৰা প্ৰায় সংখ্যা অবৈধ বেদখলকাৰীয়েই আতৰি গৈছিল যদিও পুনৰ দালাল এচামৰ উচতনিত একাংশ অবৈধ বেদখলকাৰীয়ে কচুতলিৰ ভূমি দখল অভিযানত নামি পৰে।

এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন কচুতলিৰ উচ্ছেদিত ভূমিত ১০নম্বৰ আৰক্ষী বেটেলিয়ান কেম্পকে ধৰি ESI চৰকাৰী বিভাগৰ এখন মেডিকেল কলেজৰ বাবেও ভূমি সংৰক্ষিত কৰি ৰাখিছে। তেনে ক্ষেত্ৰত কচুতলিত পুনৰ একাংশ লোকে অবৈধ ভাবে ভূমি বেদখল কৰা কাৰ্যক প্ৰশাসন তথা স্থানীয় ৰাইজে সহজভাৱে লোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা পুনৰ কচুতলিত প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। ডিমৰীয়া সম জিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াই জানিবলৈ দিয়া মতে আজি প্ৰায় ৪০ টাকৈ অবৈধভাবে সাজিলোৱা ঘৰ উচ্ছেদ কৰিছে।

Horoscope 05 April: অষ্টমীৰ দিনা মা দুৰ্গা দয়ালু হ’ব, পঢ়ক মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ আজিৰ ৰাশিফল

Horoscope 05 April: অষ্টমীৰ দিনা মা দুৰ্গা দয়ালু হ'ব, পঢ়ক মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ আজিৰ ৰাশিফল
Horoscope 05 April: অষ্টমীৰ দিনা মা দুৰ্গা দয়ালু হ'ব, পঢ়ক মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ আজিৰ ৰাশিফল

অষ্টমীৰ দিনা মা দুৰ্গা দয়ালু হ’ব, পঢ়ক আজিৰ ৰাশিফল ​​মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ আজিৰ ৰাশিফলঃ আজি নৱৰাত্ৰীৰ অষ্টম দিন। মাতৃ দুৰ্গাই কিছু ৰাশিৰ ওপৰত আশীৰ্বাদৰ বৰষুণ দিব। মেষ, বৃষ, মিথুন, সিংহ, কৰ্কট, কন্যা, তুলা, বৃশ্চিক, মকৰ, ধনু, কুম্ভ আৰু মীন ৰাশিৰ ৰাশিফল ​​পঢ়ক।(Horoscope 05 April)

৫ এপ্ৰিল ২০২৫, শনিবাৰ জ্যোতিষৰ দৃষ্টিকোণৰ পৰা বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ ইংগিত। আজি বিত্তীয় বিষয়ত বিনিয়োগ কৰাৰ আগতে এটা সতৰ্ক সিদ্ধান্ত লোৱাটো লাভজনক হ’ব। স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়, বিশেষকৈ হজম শক্তি আৰু মানসিক চাপৰ সৈতে জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে। আজি ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰাত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে, কিন্তু অনুশাসন বজাই ৰাখিলে সফলতা লাভ কৰিব। আজি দিনটো আপোনাৰ বাবে কেনেকুৱা হ’ব জানো আহক-

মেষ ৰাশি

আজি আত্মবিশ্বাসেৰে ভৰা দিন হ’ব। আপোনাৰ কঠোৰ পৰিশ্ৰমে কৰ্মক্ষেত্ৰত ফল দিব আৰু জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ কামৰ শলাগ ল’ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো ভাল হ’ব, কিন্তু বেছিকৈ ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকক।

বৃষ ৰাশি

আজি ধৈৰ্য্য আৰু সংযমেৰে কাম কৰিব লাগিব। কৰ্মক্ষেত্ৰত আপুনি কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। আৰ্থিক বিষয়ত সাৱধান হওক। পাৰিবাৰিক জীৱনত কিছু উত্তেজনা থাকিব পাৰে, কিন্তু কথা-বতৰাৰ জৰিয়তে সমস্যা সমাধান হ’ব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক।

মিথুন ৰাশি

আজি আপোনালোকৰ বাবে এক ইতিবাচক দিন হ’ব। নতুন পৰিকল্পনাত কাম কৰাৰ এটা ভাল সময়। ব্যৱসায়ত সম্প্ৰসাৰণৰ সুযোগ থাকিব পাৰে। আপোনাৰ স্বাস্থ্য ভাল হ’ব, কিন্তু যথেষ্ট টোপনি লওক। তুলসীৰ পাত খালে আজি উপকাৰী হ’ব।

কৰ্কট ৰাশি

আজি আপোনালোক অলপ ব্যস্ত হব পাৰে। কৰ্মক্ষেত্ৰত অতিৰিক্ত দায়িত্বও পাব পাৰে, যাৰ বাবে আপুনি অলপ মানসিক চাপ অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ লগত জড়িত সমস্যা থাকিব পাৰে, আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক।

সিংহ ৰাশি

আজি আপোনাৰ বাবে এক উপকাৰী দিন হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃষ্টিশীলতাৰ শলাগ লোৱা হ’ব। ব্যৱসায়ীসকলে লাভ কৰিব। আৰ্থিক অৱস্থা সুদৃঢ় হৈ থাকিব। পৰিয়ালত সুখ আৰু শান্তি থাকিব। স্বাস্থ্য ভাল হ’ব, কিন্তু দৈনন্দিন জীৱনত ব্যায়াম অন্তৰ্ভুক্ত কৰক।

কন্যা ৰাশি

আজি আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি ফলাফল নাপাবও পাৰে, যাৰ বাবে আপোনাৰ মনটো অলপ বিচলিত হৈ থাকিব। ধৈৰ্য্য ধৰিব আৰু কোনো কামত খৰখেদা নকৰিব। কৰ্মক্ষেত্ৰত সতৰ্কতা আৱশ্যক। আৰ্থিক বিষয়ত সাৱধান হওক। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা হ’ব পাৰে। মানসিক চাপৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ধ্যান কৰক। দেৱী দুৰ্গাক পূজা কৰিলে মানসিক শক্তি লাভ কৰিব।

তুলা ৰাশি

আজি আপোনালোকৰ বাবে কঢ়িয়াই আনিছে শুভ বাৰ্তা। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব আৰু আপোনাৰ কষ্টৰ ফল পাব। নিয়োজিত লোকে পদোন্নতিৰ সুযোগ পাব পাৰে। ব্যৱসায়ত লাভ হ’ব। পৰিয়ালৰ সৈতে ভাল সময় কটাবলৈ সুযোগ পাব।

বৃশ্চিক ৰাশি

আজি আপোনাৰ বাবে উত্থান-পতনৰ দিন হ’ব। কৰ্মক্ষেত্ৰত আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে, কিন্তু সেইবোৰ সফলতাৰে অতিক্ৰম কৰিব। আৰ্থিক বিষয়ত সাৱধান হওক; কাৰো পৰামৰ্শত ধন বিনিয়োগ নকৰিব। পাৰিবাৰিক জীৱনত এক সুখকৰ পৰিবেশৰ সৃষ্টি হ’ব। মানসিক চাপৰ পৰা হাত সাৰিবলৈ নিজকে ব্যস্ত ৰাখক।

ধনু ৰাশি

আজি আপোনাৰ বাবে অতি ইতিবাচক দিন হ’ব। কৰ্মক্ষেত্ৰত নতুন সম্ভাৱনা বিচাৰি পোৱা যায়। আৰ্থিক অৱস্থাৰ উন্নতি হ’ব আৰু আৰ্থিক লাভৰ সম্ভাৱনাও আছে। পাৰিবাৰিক জীৱনত সুখ থাকিব আৰু সম্পৰ্কবোৰো অধিক ভাল হৈ পৰিব। আজি হালধীয়া ৰঙৰ বস্তু দান কৰিলে আপোনাৰ ভাগ্য শক্তিশালী হ’ব।

মকৰ ৰাশি

আজি আপোনালোকে নিজৰ কামত অধিক গুৰুত্ব দিব লাগিব। আপুনি হয়তো কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব, কিন্তু ধৈৰ্য্য আৰু বুজাবুজিৰে আপুনি সফলতা লাভ কৰিব। আৰ্থিক বিষয়ত সাৱধান হওক, কাকো বেছি বিশ্বাস নকৰিব। স্বাস্থ্য ভাল হ’ব, কিন্তু মানসিক চাপৰ পৰা আঁতৰি থাকক। শনি দেৱক পূজা কৰিলে আপোনাৰ বাবে উপকাৰী হ’ব।

কুম্ভ ৰাশি

কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত নতুন আশা আৰু সুযোগেৰে ভৰা দিন। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে, যাৰ ফলত কেৰিয়াৰত উন্নতি হ’ব। স্বাস্থ্য ভাল হ’ব, কিন্তু অত্যধিক ভাগৰ পৰিহাৰ কৰক। আজি নীলা কাপোৰ পিন্ধিলে শুভ হব।

মীন ৰাশি

আজি আপোনাৰ বাবে ভাৰসাম্য ৰক্ষাৰ দিন। কৰ্মক্ষেত্ৰত তৰ্ক-বিতৰ্কৰ পৰা বিৰত থাকক। আৰ্থিক বিষয়ত সাৱধান হওক আৰু খৰচ নিয়ন্ত্ৰণ কৰক।

Khichdi: কৰীনাৰ ‘কমৰ্ফট ফুড’ খিচিৰি, প্ৰতিদিনে খাব পাৰিনে খিচিৰি ?

Khichdi: কৰীনাৰ 'কমৰ্ফট ফুড' খিচিৰি, প্ৰতিদিনে খাব পাৰিনে খিচিৰি ?
Khichdi: কৰীনাৰ 'কমৰ্ফট ফুড' খিচিৰি, প্ৰতিদিনে খাব পাৰিনে খিচিৰি ?

প্ৰতিটো উৎসৱ যেন খিচিৰিৰ অবিহনে খাদ্যৰ প্লেট আধৰুৱা। কিন্তু এতিয়া সেই একে খিচিৰিয়ে এক সুকীয়া সোৱাদ আৰু সুগন্ধিলৈ ৰূপান্তৰিত হৈ চেলিব্ৰিটিসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে। প্ৰতিদিনে খিচিৰি খাই ভাল পাইনে?(Khichdi)

ডাৱৰীয়া বতৰত বহুলোকে ভালপাই খিচিৰি খাই। সেই খিচিৰি এক সুকীয়া সোৱাদ আৰু সুগন্ধিলৈ ৰূপান্তৰিত হৈ চেলিব্ৰিটিসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ কৰীনা কাপুৰ খানে এটা সাক্ষাৎকাৰত কয় যে তেওঁ খিচিৰি বহুত প্ৰিয়। সপ্তাহত পাঁচ দিন খিচিৰি খাই কৰীণাই।

খিচুৰীৰ বহু উপকাৰ আছে-

ধানৰ পৰা পোৱা কাৰ্বহাইড্ৰেট আৰু মচুৰ দাইলৰ পৰা পোৱা প্ৰটিন সকলো শৰীৰত প্ৰৱেশ কৰে। খিচিৰিৰ প্লেট মানে ইয়াৰ পৰা কাৰ্বহাইড্ৰেট, প্ৰটিন, ফাইবাৰ, আৰু স্বাস্থ্যকৰ চৰ্বি লাভ কৰিব পাৰি। শাক-পাচলি মিহলি কৰিলে বিভিন্ন ধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়।

খিচিৰিত কম তেল ব্যৱহাৰ কৰা হয়, গতিকে পেটৰ বাবে নিশ্চিতভাৱে ভাল। চাউল আৰু মচুৰ দাইলৰ মিশ্ৰণেৰে তৈয়াৰী খিচিৰিয়ে শৰীৰক পুষ্টিকৰ উপাদান প্ৰদান কৰে। ওজন নিয়ন্ত্ৰণতো সহায় কৰে। গেছ আৰু হাৰ্টবাৰ্ণৰ সমস্যা হ’লেও খিচিৰি খাব পাৰে। এই খাদ্যও সোনকালে হজম হয়।

প্ৰতিদিনে খিচিৰি খাব পাৰিনে-

প্ৰতিদিনে খিচিৰি খালে ইয়াৰ লগতে আন বস্তুও খাব লাগে। চাউলৰ লগত কিমান দালি মিহলায় সেই বিষয়ে সাৱধান হোৱাটো জৰুৰী। প্ৰতিদিনে বেছিকৈ দাইল খালে প্ৰটিনৰ মাত্ৰা বাঢ়িব। যিসকলক প্ৰটিন কমকৈ খাই তেওঁলোকে পৰিমিতভাৱে খাব লাগে।

খিচিৰিত শাক-পাচলি মিহলাই ল’ব লাগে। অন্যথা কেৱল কাৰ্বহাইড্ৰেট আৰু প্ৰটিনহে শৰীৰত প্ৰৱেশ কৰিব। ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হ’ব। তেনে ক্ষেত্ৰত তেজপাত, পনিৰ, বা দৈ শাক-পাচলিৰ সৈতে পৃথকে পৃথকে খোৱাই ভাল।

ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে প্ৰতি নিশা খিচিৰি খাব নালাগে। তেনে ক্ষেত্ৰত তেজত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ৰাগী, কুইনোয়া আৰু অটছৰ খিচিৰি খোৱাটো ইয়াতকৈ বেছি উপকাৰী হ’ব।

Manoj Kumar: বৃদ্ধ কালত হৃদৰোগে মানুহক কিয় আমনি কৰে ? মনোজ কুমাৰৰ মৃত্যুৰ আঁৰৰ কাৰণ

Manoj Kumar: বৃদ্ধ কালত হৃদৰোগে মানুহক কিয় আমনি কৰে ? মনোজ কুমাৰৰ মৃত্যুৰ আঁৰৰ কাৰণ
Manoj Kumar: বৃদ্ধ কালত হৃদৰোগে মানুহক কিয় আমনি কৰে ? মনোজ কুমাৰৰ মৃত্যুৰ আঁৰৰ কাৰণ

দশক দশক ধৰি চিনেমা হলত দপদপাই থকা মনোজ কুমাৰে ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। (Manoj Kumar)বহু বিখ্যাত ছবিত কাম কৰা প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ মৃত্যু। অভিনেতা মনোজ কুমাৰে ৮৭ বছৰ বয়সত মুম্বাইত শেষ নিশ্বাস ত্য়াগ কৰে। তেওঁৰ মৃত্যুৰ খবৰত শোকত ভাগি পৰিছে বলীউডৰ লগতে তেওঁৰ অনুৰাগী। তেওঁৰ মৃত্যুৰ কাৰণ বৃদ্ধ বয়সত হৃদযন্ত্ৰৰ লগত জড়িত জটিলতা বুলি কোৱা হৈছে।

বয়সৰ লগে লগে মানুহৰ হৃদযন্ত্ৰ আৰু ৰক্তবাহী নলীত বহু পৰিৱৰ্তন ঘটে, যাৰ ফলত হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰৰ পেশী দুৰ্বল হোৱা, ডায়েবেটিছ, মেদবহুলতা আদিও বৃদ্ধ বয়সত হৃদৰোগৰ কাৰণ হৈ পৰে। বৃদ্ধ বয়সত হৃদৰোগৰ আঁৰৰ কাৰণ কি-

ধমনী কঠিন হোৱা (Atherosclerosis) বয়স বৃদ্ধিৰ লগে লগে শৰীৰৰ ধমনীবোৰ ক্ৰমান্বয়ে কঠিন আৰু পাতল হৈ পৰে। ইয়াৰ বাবে হৃদযন্ত্ৰই পৰ্যাপ্ত পৰিমাণৰ তেজ নাপায়, যাৰ ফলত হাৰ্ট এটেক বা এঞ্জাইনা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

উচ্চ ৰক্তচাপ বয়স বৃদ্ধিৰ লগে লগে উচ্চ ৰক্তচাপৰ সম্ভাৱনাও বৃদ্ধি পায়, যাৰ ফলত হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে আৰু হৃদযন্ত্ৰ বিকল হব পাৰে।

কলেষ্টেৰল আৰু চৰ্বি জমা হোৱা বয়সৰ লগে লগে শৰীৰত বেয়া কলেষ্টেৰলৰ (LDL) মাত্ৰা বৃদ্ধি পাব পাৰে, যাৰ ফলত ধমনীত প্লেক গঠন হ’বলৈ আৰম্ভ কৰে।

শাৰীৰিক কাৰ্যকলাপৰ অভাৱ বয়সীয়াল লোকৰ গতি কম হোৱাৰ প্ৰৱণতা থাকে, যাৰ ফলত হৃদযন্ত্ৰৰ পেশীবোৰ দুৰ্বল হৈ পৰে। এনে পৰিস্থিতিত হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা বাঢ়ি যায়।

Roha News: প্ৰতিধ্বনি শুনো আমি প্ৰতিধ্বনি শুনো

Roha News: প্ৰতিধ্বনি শুনো আমি প্ৰতিধ্বনি শুনো
Roha News: প্ৰতিধ্বনি শুনো আমি প্ৰতিধ্বনি শুনো

১৯৭৯ চনৰ প্ৰতিধ্বনি শুনিছিলো আমি। ৰহা উচ্চতৰ মাধ্যমিকৰ আমি বহা বেঞ্চবোৰত যেন ৪৫বছৰ আগৰ আমি কিশোৰ-কিশোৰী।(Roha News) স্মৃতিৰ দাপোনত উজলিছিল আমাৰ শ্ৰেণীকোঠা। জলজল পটপটকৈ আমাৰ চকুৱে মুখে বিয়পি পৰিছিল নিৰ্দোষ ধেমালি আৰু সমবেত কথন চিন্তন মন্থন । সচাঁ অৰ্থত আমি পোহৰৰ বেগত গৈ জপিয়াই পৰিছিলো সোনাইপৰীয়া ৰিজৰ্টৰ সেই বাঁহ-বেতৰ শৈল্পিক ৰিজৰ্ট য’ত পুখুৰীত মাছে যেনেকৈ জপিয়াই উঠিছিল আমাৰ মনো আছিল প্ৰাণচঞ্চল এজাক বুলবুলি চৰাইৰ জাক। মনে বিচৰা ধৰণে ইটো ডালৰ পৰা সিটো ডাললৈ জপিয়াই জপিয়াই মনৰ কথা পাতিব খুজিছে য’ত শব্দৰ শেষ নাই য’ত কথাৰ শেষ নাই য’ত যতি নাই য’ত নিৰ্জনতা নাই আছে মাথোঁ সমুখৰ পথাৰখনৰ বিস্তৃতি দিগন্তবিয়পা।

২০২৫ চনৰ ৩১ মাৰ্চ তাৰিখ আছিল আমাৰ হৃদয়ত সযতনে লিখি থোৱা এটা তাৰিখ। এই কেলেণ্ডাৰত ১৯৭৯ চনৰ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সতীৰ্থৰ হৃদয়ত খোদিত হোৱা তাৰিখ আছিল। ছাত্ৰ হিচাপে সেই পবিত্ৰ দীঘল দীঘল বাৰান্দাবোৰত দীঘল দীঘল খোজ দি ইমূৰৰ পৰা সিমূৰলৈ আমি গৈ আছিলো। সময় আমাৰ কাষত ৰৈ আছিল। কৰিডৰবোৰত খোজ কাঢ়ি যোৱাৰ পিছৰে পৰা পঞ্চল্লিশ বছৰ পাৰ হৈ গৈছিল, তেওঁলোকৰ জীৱন বৈচিত্ৰময় পথত বিচ্ছিন্ন হৈ পৰিছিল, তথাপিও যৌৱনত হৃদয়ে হৃদয়ে গঁথা মৰমৰ এনাজৰীডাল অখণ্ড হৈয়েই থাকিল। এই দিনটোত তেওঁলোকে নিজৰ স্কুলীয়া দিনৰ স্পন্দনশীল ভাৱনা হাতৰ তলুৱাত লৈছিল আৰু আঙুলিৰ ফাকেৰে সৰি মাটিত একোজোপা পাৰিজাত হৈ ফুলি উঠিছিল। পুনৰ জগাই তুলিবলৈ ভাগ কৰা সেই স্মৃতিৰ পাপৰিৰে চকুৰ কোণত অশ্ৰুকণাই থানিকা পাতিছিল।

শ্ৰেণীকোঠাৰ পঞ্চাশজনীয়া মূল দলৰ পৰা একত্ৰিশটা জীৱন্ত আত্মাই পুনৰ মিলনৰ শোভা বঢ়াইছিল সময়ৰ গতিক অৱজ্ঞা কৰা চিৰস্থায়ী সংযোগৰ প্ৰমাণহিচাপে। বতাহত গুণগুণকৈ সোঁৱৰণিৰ একুৰা তুঁহ জুই ভমককৈ জ্বলি নুমায়। এক স্পষ্ট জ্ঞানেৰে গুণগুণাই উঠিছিল, স্মৃতিৰ দোলাত আমাৰ সামূহিক যাত্ৰা, য’ত হাঁহি আৰু হৃদয়স্পৰ্শী কথোপকথনে তেওঁলোকৰ গঠনমূলক বছৰবোৰৰ প্ৰাঞ্জল ছবি আঁকিছিল। এই ৰিজ’ৰ্টখনে প্ৰকৃতিৰ শান্তিৰ মাজত সোমাই থকা এই মৰ্মস্পৰ্শী সমাৱেশৰ বাবে নিখুঁত পটভূমি এটাৰ যেন যোগান ধৰিছিল, যাৰ ফলত প্ৰত্যেকেই ষাঠি বছৰৰ ওজন কমাব পাৰিছিল আৰু এসময়ত সেইবোৰ সংজ্ঞায়িত কৰা যৌৱনপূৰ্ণ উচ্ছলতা পুনৰ আৱিষ্কাৰ কৰিব পাৰিছিল।

দুপৰীয়াটো এটা আদৰৰ স্ক্ৰেপবুকৰ দৰে ভাঁজ খাই গৈছিল, প্ৰত্যেকেই তেওঁলোকৰ খণ্ডিত অতীতৰ ৰঙীন স্নেপশ্বটৰ একোটা উপাখ্যান যেন জন্ম দিছিল। তেওঁলোকে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময়ত ইজনে সিজনক আগবঢ়োৱা অটল সমৰ্থনৰ বিষয়ে, আবেগিক বিতৰ্কৰ বিষয়ে, আবেগিক বিতৰ্কৰ কথা কৈছিল। তেওঁলোকে মনবোৰক গঢ় দিয়া শিক্ষকসকলৰ কথা আৰু ব্লেকবৰ্ড আৰু চকৰ ধূলিৰ মাজত ফুলি উঠা বন্ধুত্বৰ কথা মনত পেলাই দিছিল। তেওঁলোকৰ স্কুলীয়া জীৱনৰ মূল কথাটো হ’ল, স্মৰণীয় ৰং, সুগন্ধি, আৰু অবিস্মৰণীয় ছন্দ, প্ৰতিটো পুনৰাবৃত্তিমূলক কাহিনীৰ সৈতে পুনৰুত্থান কৰা হৈছিল। প্ৰতিজনৰ কথাৰ লয়ত, মাতৰ লহৰত, হাঁহিৰ ভাঁজত, সাবটি ধৰা মূহূৰ্তবোৰত, প্ৰাণস্পৰ্শী এটা আবেগ, যাৰ আঁহে আঁহে পাহে পাহে ৰৈ জিলিকি আছিল এটা অদৃশ্য হৈও দৃশ্যমান হোৱা এটা বৰ্তমান। যাক মচিব নোৱাৰি কোনোকালে।

এই সমাৱেশ কেৱল স্মৃতিৰ এক নিষ্ক্ৰিয় কচৰৎ নাছিল; তেওঁলোকৰ মাজত ফুলি উঠা কলাত্মক প্ৰতিভাৰ দ্বাৰা বিৰতিৰে তেওঁলোকৰ ভাগ-বতৰা কৰা ঐতিহ্যৰ এক সজীৱ উদযাপন আছিল। যেতিয়া সুৰকাৰ, বাঁহীবাদক আৰু গায়ক দীপক শৰ্মাই কেন্দ্ৰীয় মঞ্চত উঠিছিল, তেওঁ লগৰীয়া সমনীয়া দৰ্শকৰ ওপৰত যেন মোহিনী মন্ত্ৰেৰে সকলোকে বশ কৰি পেলালে। নষ্টালজিয়াৰ মধুৰতা আৰু অভিজ্ঞতাৰ জ্ঞানৰ সৈতে ৰং সানি তেওঁৰ সুৰবোৰ সকলো সতীৰ্থৰ সামূহিক আত্মাৰ সৈতে অনুৰণন ঘটাইছিল। হাত তালি উৰুলিৰে মুখৰ হৈ উঠিছিল এখন নতুন পৃথিবীৰ জয়গান।

তেওঁৰ পত্নী গীতামনি শৰ্মাই এই অনুষ্ঠানত প্ৰেমনাৰায়ণ নাথৰ ৰচনাৰে ‘মই সপোনৰ সদাগৰ, বেচো কিনো সপোন’ত নিজৰ কণ্ঠদান কৰে, দীপক শৰ্মাৰ সংগীতৰ প্ৰতিভাৰ যেন বৰ্ণালী সৃষ্টি হয়, যাৰ বাবে আৱেগিক গভীৰতাৰ তৰপ এটা যোগ কৰে। তেওঁলোকৰ প্ৰতিভাৰ সুসম মিশ্ৰণে তেওঁলোকৰ বিদ্যালয়ৰ সমাজৰ ভিতৰত লাভৱান হোৱা সৃষ্টিশীল মনোভাৱৰ এক মৰ্মস্পৰ্শী সোঁৱৰণী হিচাপেও কাম কৰিছিল।

সাহিত্যিক দক্ষতাও প্ৰদৰ্শন কৰা হৈছিল, য’ত কেশৱ মহন্তৰ বিখ্যাত কবিতা “সোনজিৰা মাহীৰ নাড়ী” কবিতাটো জইফুল নাথে সুন্দৰ আবৃত্তি কৰিছিল। কবিতাটোৰ উত্তেজক চিত্ৰকল্প আৰু গভীৰ বিষয়বস্তুৱে দৰ্শকৰ মাজত গভীৰভাৱে অনুৰণন ঘটাইছিল, তেওঁলোকক কাব্যিক সৌন্দৰ্য্য আৰু সাংস্কৃতিক সমৃদ্ধিৰ ক্ষেত্ৰলৈ লৈ গৈছিল। ড° নিৰলা দেৱীয়ে ‘পইছাৰ ঝনঝননিত সাৰ পাব মানুহবোৰে’ কবিতা এটাৰ আন্তৰিক আবৃত্তিৰে সকলোকে মোহিত কৰিছিল, তেওঁলোকৰ মাতৃভাষাৰ সুৰীয়া আৰু চিনাকি ছন্দই পৰিচয়ৰ বন্ধনক আৰু অধিক শক্তিশালী কৰি তুলিছিল।

অনিতা হাজৰিকাৰ ধ্ৰুপদী সংগীতৰ পৰিবেশনৰ সৈতে চলি থাকিল, যিটো পৰম্পৰাগত শিল্পৰ চিৰস্থায়ী শক্তিৰ প্ৰমাণ। অসমীয়া সংস্কৃতিত ডুব যোৱা ভক্তিমূলক গীত বৰগীত পৰিবেশন কৰে অনিল নাথে। এই সমাৱেশত এক আধ্যাত্মিক মাত্ৰা যোগ কৰি গভীৰ শান্তিৰ পৰিৱেশৰ সৃষ্টি কৰে। প্ৰত্যেকেই নিজৰ নিজৰ অধিকাৰৰ এক মাষ্টাৰপিছ, কেৱল মনোৰঞ্জনতকৈও অধিক আছিল; সেইবোৰ আছিল ৰহা উচ্চতৰ মাধ্যমিকৰ দেৱালৰ ভিতৰত তুলি-তালি লালন-পালন কৰা কলাত্মক উত্তৰাধিকাৰৰ প্ৰকাশ।

দিনটোৱে শেষলৈকে টানি নিয়াৰ লগে লগে উষ্ণতা আৰু পূৰ্ণতাৰ ভাৱ এটাই বতাহত সোমাই গ’ল। সতীৰ্থসকলে, তেওঁলোকৰ হৃদয়ে হৃদয়ে লালন-পালন কৰা স্মৃতি আৰু নতুনকৈ তুলি ধৰা সংযোগেৰে ভৰি থকা ক্ষণবোৰ , বিদায় দিবলৈও সাজু আছিল। অহা বছৰ আন এটা পুনৰ মিলনৰ প্ৰতিশ্ৰুতি বতাহত ওলমি আছিল, আশা আৰু প্ৰত্যাশাৰ এটা প্ৰতিবিম্ব আছিল বন্ধুত্বৰ চিৰস্থায়ী শক্তিৰ প্ৰমাণ আৰু তেওঁলোকৰ ভাগ কৰা অতীতৰ চিৰস্থায়ী টান।

এই পুনৰ মিলন কেৱল এটা নষ্টালজিক সমাৱেশতকৈও অধিক আছিল; যুৱক-যুৱতীসকলৰ মাজত গঢ়ি উঠা চিৰস্থায়ী বন্ধনসমূহৰ পুনৰ দৃঢ়তা, তেওঁলোকৰ জীৱনে গ্ৰহণ কৰা বৈচিত্ৰময় পথসমূহৰ উদযাপন, আৰু তেওঁলোকৰ ভাগ-বতৰা কৰা শৈক্ষিক অভিজ্ঞতাৰ স্থায়ী প্ৰভাৱৰ প্ৰমাণ আছিল। এটা সোঁৱৰণী যে সময়ৰ সময়তো আমাৰ গঠনমূলক বছৰবোৰত গঠন হোৱা স্মৃতি আৰু সংযোগবোৰ শক্তি আৰু প্ৰেৰণাৰ অহৰহ উৎস হৈয়েই থাকে অনন্তকাল। কামনা কৰিছিল সকলোৱে।

হাঁহিৰ প্ৰতিধ্বনি, সংগীতৰ সুৰ, আৰু বায়ুত ৰৈ থকা কবিতাৰ আবৃত্তি, ১৯৭৯ চনৰ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়– মাজত লৈ তেওঁলোকে একত্ৰিত হৈ নিজৰ অতীত উদযাপন কৰিছিল, নিজৰ বৰ্তমানক লালন-পালন কৰিবলৈ, আৰু এনে এক ভৱিষ্যতৰ প্ৰতি আগ্ৰহেৰে বাট চাই আছিল য’ত তেওঁলোকৰ খণ্ডিত স্মৃতিবোৰে তেওঁলোকক একেলগে বান্ধি ৰাখিবলৈ যত্নৰ শেষ নাছিল। যৌৱনৰ প্ৰাচুৰ্যৰে বোৱা বন্ধুত্বৰ সূতাবোৰে সময়ৰ পৰীক্ষা সহ্য কৰিব পাৰে, প্ৰতিটো বছৰ পাৰ হোৱাৰ লগে লগে অধিক শক্তিশালী আৰু স্পন্দনশীল হৈ পৰা বন্ধুত্বৰ সূতাবোৰে এই দিনটোৰ এক সুন্দৰ চিত্ৰণ আঁকিছিল চিৰদিনৰ বাবে যেন এখন সকলোৱে ৰং বোলাই অঁকা তৈলচিত্ৰহে আঁৰি দিছিল স্মৃতিৰ যাদুঘৰত ।

লেখকঃ প্ৰেমনাৰায়ণ নাথ

Almond: গ্ৰীষ্মকালত কিয় খাব নালাগে আলমণ্ড ?

Almond: গ্ৰীষ্মকালত কিয় খাব নালাগে আলমণ্ড ?
Almond: গ্ৰীষ্মকালত কিয় খাব নালাগে আলমণ্ড ?

আলমণ্ডৰ গৰম প্রকৃতি আছে, সেয়েহে শীতকালত ইয়াক খোৱা হয় আলমণ্ড। (Almond) পুষ্টিকৰ উপাদানৰে সমৃদ্ধ আলমণ্ড স্বাস্থ্যৰ বাবে অতি উপকাৰী। আলমণ্ড খালে ভিটামিন, খনিজ পদাৰ্থ আৰু স্বাস্থ্যকৰ চৰ্বিৰ অভাৱ পূৰণ হয়। লগতে আলমণ্ড খালে হৃদযন্ত্ৰৰ স্বাস্থ্য, ওজন হ্ৰাস, মগজুৰ বৃদ্ধিত সহায় কৰে। ইয়াৰ গৰম স্বভাৱৰ বাবে শীতকালত মানুহে আলমণ্ড খাই ভাল পায়। কিন্তু গ্ৰীষ্মকালত আলমণ্ড খোৱা উচিত নে নহয় জানেনে?

কোৱা হয় যে আলমণ্ডৰ গৰম স্বভাৱৰ। কিন্তু গ্ৰীষ্মকালত সঠিকভাৱে খালে শৰীৰৰ বাবে উপকাৰী হ’ব পাৰে আলমণ্ড। গৰমত তিয়াই থোৱা আলমণ্ড খোৱাটো ভাল। ৰাতিটো পানীত তিয়াই ৰাখিলে ই কোমল হৈ পৰে, যাৰ ফলত হজম হোৱাটো সহজ হৈ পৰে। খোৱাৰ আগতে সদায় আলমণ্ডৰ বাকলি এৰুৱাই খাব লাগে কিয়নো ইয়াৰ ফলত ইয়াত থকা এন্টি-নিউট্ৰিয়েণ্টবোৰ আঁতৰি যায়, যাৰ ফলত শৰীৰত থকা পুষ্টিকৰ পদাৰ্থ শোষণত সমস্যাৰ সৃষ্টি হ’ব পাৰে। গ্ৰীষ্মকালত ৰাতিপুৱা খালী পেটত আলমণ্ড খাব লাগে, ইয়াৰ ফলত হজম শক্তি উন্নত হয় আৰু শৰীৰত উন্নত শক্তি প্ৰদান হয়। গ্ৰীষ্মকালত আলমণ্ড কম পৰিমাণে খোৱাই ভাল, শিশুৱে ২-৩ টা আলমণ্ড আৰু প্ৰাপ্তবয়স্কই ৩-৪ টা আলমণ্ড খাব লাগে।

আলমণ্ড খোৱাৰ সুবিধাসমূহ কি জানেনে? পুষ্টিকৰ পদাৰ্থ সমৃদ্ধ আলমণ্ডত প্ৰটিন, আঁহ, ভিটামিন, খনিজ পদাৰ্থ, মেগনেছিয়াম আৰু স্বাস্থ্যকৰ চৰ্বি থাকে। শৰীৰটো সুস্থ কৰি ৰাখিবলৈ এইখিনি প্ৰয়োজনীয়। তিয়াই থোৱা আলমণ্ডে পাচনতন্ত্ৰ উন্নত কৰাৰ লগতে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে। আলমণ্ডত থকা ভিটামিন ই আৰু এন্টিঅক্সিডেন্টে ছালখনক হাইড্ৰেটেড আৰু গ্লোয়িং কৰি ৰখাত সহায় কৰে। আলমণ্ডত ভাল পৰিমাণৰ শক্তি থাকে, যিয়ে গ্ৰীষ্মকালত ভাগৰ আৰু দুৰ্বলতাৰ পৰা সকাহ দিব পাৰে। হৃদযন্ত্ৰৰ বাবেও আলমণ্ড উপকাৰী বুলি কোৱা হয়।

Donald Trump: ট্ৰাম্পৰ নীতিয়ে আমেৰিকানসকলৰ পকেট জ্বলাইছে !

Donald Trump: ট্ৰাম্পৰ নীতিয়ে আমেৰিকানসকলৰ পকেট জ্বলাইছে !
Donald Trump: ট্ৰাম্পৰ নীতিয়ে আমেৰিকানসকলৰ পকেট জ্বলাইছে !

ড’নাল্ড ট্ৰাম্পৰ শুল্ক প্ৰভাৱ ফল-মূল আৰু শাক-পাচলি, ৱাইনৰ পৰা আৰম্ভ কৰি কফিলৈকে ট্ৰাম্পৰ শুল্কৰ বাবে আমেৰিকানসকলে অধিক দামত কিনিবলগীয়া হ’ব পাৰে?(Donald Trump)

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰেহাইৰ সৈতে পাৰস্পৰিক শুল্ক প্ৰৱৰ্তন কৰিছে। তেওঁৰ প্ৰশাসনে ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৬ শতাংশ কৰ আৰোপ কৰিছে। নতুন নিয়মৰ অধীনত ৱাশ্বিংটনে মুঠ ১৮০খন দেশৰ বাবে নিশাৰ ভিতৰতে আমদানি শুল্ক সলনি কৰিছে। কিন্তু, ট্ৰাম্পৰ শুল্ক নীতিয়ে আমেৰিকানসকলকো ক্ষুব্ধ কৰি তুলিছে! দৈনন্দিন প্ৰয়োজনীয় বহু সামগ্ৰী অধিক দামত কিনিব লাগিব। ফলত আমেৰিকাত মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি পাব পাৰে।

ট্ৰাম্পৰ শুল্ক প্ৰভাৱ ইতিমধ্যে ট্ৰাম্পৰ অগ্ৰাধিকাৰ পাৰস্পৰিক শুল্ক নীতিৰ অধীনত কিছুমান আমেৰিকাৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ ইংগিত পোৱা গৈছে। তালিকাৰ একেবাৰে শীৰ্ষত আছে কাপোৰ আৰু জোতা। ৱাশ্বিংটনে এই দুটা সামগ্ৰী মূলতঃ চীন, ভিয়েটনাম, বাংলাদেশৰ পৰা আমদানি কৰে। নতুন নিয়মৰ অধীনত সংশ্লিষ্ট তিনিখন দেশৰ সামগ্ৰীৰ ওপৰত আমেৰিকা প্ৰশাসনে ৩৪ শতাংশ, ৪৬ শতাংশ আৰু ৩৭ শতাংশ শুল্ক আৰোপ কৰিব।

সুৰা তালিকাত দ্বিতীয় স্থানত থাকিব। আমেৰিকাৰ বজাৰত স্পেনিছ ৱাইন, ফ্ৰেন্স চেম্পিয়ন, জাৰ্মান বিয়েৰৰ মূল্যবৃদ্ধিৰ তীব্ৰ আশংকা। মন কৰিবলগীয়া যে ইউৰোপীয় সংঘই (ইউৰোপীয় সংঘ) আমেৰিকালৈ কম পৰিমাণৰ মদ প্ৰেৰণ কৰে। এই মিত্ৰজোঁটৰ ২৭খন সদস্য ৰাষ্ট্ৰৰ ওপৰত ২০ শতাংশ শুল্ক আৰোপ কৰিছে ৰিপাব্লিকান দলৰ প্ৰবীণ ৰাষ্ট্ৰপতিগৰাকীয়ে।

কফি আমেৰিকা বিশ্বৰ দ্বিতীয় বৃহত্তম কফি আমদানিকাৰক। আমেৰিকাই বিদেশৰ পৰা আৰবিকা আৰু ৰবুষ্টা নামৰ দুবিধ কফি ক্ৰয় কৰে। আমেৰিকাৰ কৃষি বিভাগৰ তথ্য অনুসৰি ২০২৩ চনত ৱাশ্বিংটনে লেটিন আমেৰিকাৰ পৰা ৪.৮ বিলিয়ন ডলাৰৰ অৰোষ্টেড কফি আমদানি কৰিছিল। এই পানীয়টো আমেৰিকাৰ বজাৰলৈ মূলতঃ ব্ৰাজিল আৰু কলম্বিয়াৰ পৰা আহে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি আমদানিকৃত কফিৰ ৩৫ শতাংশ ব্ৰাজিলৰ পৰা আহে। বাকী ২৭ শতাংশ কলম্বিয়ালৈ প্ৰেৰণ কৰা হয়। এই দুখন লেটিন আমেৰিকাৰ দেশৰ ওপৰত ৰেহাইৰ সৈতে ১০ শতাংশ পাৰস্পৰিক শুল্ক প্ৰৱৰ্তন কৰিছে ট্ৰাম্পে। ফলত আমেৰিকাৰ বজাৰত কফিৰ দাম অধিক হোৱাৰ সম্ভাৱনা আছে।

বিশ্লেষকসকলে দাবী কৰিছে যে নতুন শুল্ক নীতিৰ ফলত আমেৰিকাত খাৰুৱা তেলৰ মূল্য সৰ্বাধিক বৃদ্ধি পাব পাৰে। কাৰণ ৱাশ্বিংটনে কানাডাৰ পৰা আটাইতকৈ বেছি তৰল সোণ ক্ৰয় কৰে। ৰিপাব্লিকান দলৰ প্ৰবীণ ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ চুবুৰীয়া ৰাষ্ট্ৰৰ সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰিছে।

ইয়াৰ উপৰিও আমেৰিকাই মেক্সিকোৰ পৰা বৃহৎ পৰিমাণৰ এভোকেডো আমদানি কৰে। ট্ৰাম্পৰ নতুন শুল্ক নীতি কাৰ্যকৰী হোৱাৰ লগে লগে আমেৰিকাৰ কৃষি বিভাগে এই সন্দৰ্ভত সকীয়াই দিছে। বিভাগটোৱে জাৰি কৰা বিবৃতিটোত কোৱা হৈছে যে মেক্সিকান ফল-মূল আৰু শাক-পাচলিৰ ওপৰত শুল্ক আৰোপ কৰাৰ ফলত সাধাৰণ আমেৰিকানসকলে ঘৰুৱা বজাৰত অধিক মূল্য দিব লাগিব।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নতুন নিয়ম প্ৰৱৰ্তন কৰাৰ সময়ত ট্ৰাম্পে কয়, “বহু দিশত আন দেশসমূহে আমাৰ দুৰ্বল নিয়ম-নীতিৰ সুবিধা লৈ আমেৰিকাক লুটপাত কৰিছে।” কিন্তু আৰু নহয় ২ এপ্ৰিল চিৰদিনৰ বাবে ‘মুক্তি দিৱস’ হিচাপে পালন কৰা হ’ব। আমি এতিয়া সেই দেশসমূহৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰিম।’

Waqf Bill: লোকসভাৰ পাছত ৰাজ্যসভাতো ৱাকফ সংশোধনী বিধেয়ক গৃহীত, ৱাকফ বিধেয়কক লৈ কি ক’লে প্ৰধানমন্ত্ৰীয়ে ?

Waqf Bill: লোকসভাৰ পাছত ৰাজ্যসভাতো ৱাকফ সংশোধনী বিধেয়ক গৃহীত
Waqf Bill: লোকসভাৰ পাছত ৰাজ্যসভাতো ৱাকফ সংশোধনী বিধেয়ক গৃহীত

লোকসভাৰ পাছত ৰাজ্যসভাতো ৱাকফ সংশোধনী বিধেয়ক গৃহীত হয়। পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক এক অভূতপূৰ্ব মুহূৰ্ত বুলি অভিহিত কৰে। (Waqf Bill)বৰ্তমান তেওঁ বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ডত আছে। শুকুৰবাৰে পুৱা তাৰ পৰাই ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰীয়ে ৱাকফ বিধেয়ক সন্দৰ্ভত পোষ্ট কৰে। তেওঁ ৱাকফ বিধেয়ক সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰি বাবে দেশৰ সকলো সাংসদ আৰু অগণন জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।

মোদীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “সংসদৰ দুয়ো সদনত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাটো আৰ্থ-সামাজিক ন্যায়, স্বচ্ছতা আৰু সামগ্ৰিক উন্নয়নৰ বাবে এক অভূতপূৰ্ব মুহূৰ্ত।” প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ৱাকফ আইনখনে ইমান দিনে প্ৰান্তীয় আৰু বঞ্চিতসকলক সহায় কৰিব।

বিধেয়কখনৰ সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিক গুৰুত্বপূৰ্ণ মতামত আগবঢ়োৱাৰ বাবে সাংসদ আৰু সাধাৰণ জনতাক ধন্যবাদ জনাই মোদীয়ে লিখিছে, বিশদ আলোচনা আৰু বিতৰ্কৰ প্ৰয়োজনীয়তা আকৌ এবাৰ প্ৰমাণিত হৈছে। ৱাকফ ব্যৱস্থাৰ ‘ত্ৰুটি’ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “দশক দশক ধৰি ৱাকফ ব্যৱস্থা আৰু স্বচ্ছতাৰ অভাৱ কাৰ্যতঃ সমাৰ্থক আছিল। ইয়াৰ বাবেই মুছলমান মহিলা, দৰিদ্ৰ মুছলমান আৰু প্ৰান্তীয় মুছলমানসকলৰ স্বাৰ্থৰ ক্ষতি হৈছিল। সংসদে গৃহীত এই বিধেয়কখনে স্বচ্ছতা বৃদ্ধি কৰিব আৰু মানুহৰ অধিকাৰ সুৰক্ষিত কৰিব।”

বুধবাৰে গভীৰ নিশা লোকসভাত গৃহীত হোৱাৰ পাছত বৃহস্পতিবাৰে নিশা সংসদৰ উচ্চ সদন ৰাজ্যসভাত ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ গৃহীত হয়। ফলত বিধেয়কখন আইনত পৰিণত হোৱাটো সময়ৰ কথা। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰিলে ৭০ বছৰীয়া ৱাকফ আইনখন সলনি হ’ব।

বুধবাৰে লোকসভাত দীৰ্ঘদিন ধৰি ৱাকফ বিধেয়কখন চৰ্চিত হৈছিল। অৱশেষত গভীৰ নিশা সংসদৰ নিম্ন সদনত ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত হয়। ২৮৮ জন সাংসদে বিধেয়কখনৰ সপক্ষে আৰু ২৩২ জন সাংসদে বিপক্ষে ভোটদান কৰে।

Dark Circles: কি ভিটামিনৰ অভাৱত ডাৰ্ক চাৰ্কল হয়, চকুৰ তলৰ ক’লা দাগ আঁতৰাবলৈ কি খাব ?

Dark Circles: কি ভিটামিনৰ অভাৱত ডাৰ্ক চাৰ্কল হয়, চকুৰ তলৰ ক'লা দাগ আঁতৰাবলৈ কি খাব ?
Dark Circles: কি ভিটামিনৰ অভাৱত ডাৰ্ক চাৰ্কল হয়, চকুৰ তলৰ ক'লা দাগ আঁতৰাবলৈ কি খাব ?

মানসিক চাপ আৰু টোপনিৰ অভাৱত প্ৰায়ে চকুৰ তলত ক’লা দাগৰ সৃষ্টি হয়। কিন্তু কেতিয়াবা ডাৰ্ক চাৰ্কলৰ সমস্যা ভিটামিনৰ অভাৱৰ বাবেও হ’ব পাৰে। কি ভিটামিনৰ অভাৱত ক’লা দাগ হয় জানো আহক।(Dark Circles)বেছিভাগ মানুহৰে চকুৰ তলত দেখা ক’লা দাগ থাকে। ডাৰ্ক চাৰ্কলবোৰ মুখত সম্পূৰ্ণ বেলেগ দেখা যায় আৰু মুখখন দেখাত বেয়া হৈ যায়। কিন্তু আপুনি জানেনে যে পুষ্টিৰ অভাৱৰ বাবেও ডাৰ্ক চাৰ্কল হ’ব পাৰে। কোনটো ভিটামিনৰ অভাৱত ক’লা বৃত্ত হয় জানো আহক?

ভিটামিন কেৰ অভাৱত ক’লা বৃত্ত হ’ব পাৰে। শৰীৰত ভিটামিন কেৰ অভাৱ হ’লে চকুৰ চাৰিওফালে থকা ছালৰ কোষবোৰ ভাঙিবলৈ আৰম্ভ কৰে, যাৰ ফলত চকুৰ তলত ক’লা বৃত্তৰ সৃষ্টি হয়। ভিটামিন কেৰ উপৰিও ভিটামিন চি, ভিটামিন এ, ভিটামিন ইৰ অভাৱেও ক’লা বৃত্তৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ক’লা দাগ আঁতৰাবলৈ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক। স্বাস্থ্যসন্মত খাদ্যৰ বাবে সেউজীয়া পাতৰ শাক-পাচলি, সতেজ ফল-মূল, বাদাম আদি খাব লাগে।


ভিটামিন কেৰ বাবে খাদ্যত পালেং, ব্ৰকলি, কবি, মাছ, কণী আৰু ফুলকবি আদি সেউজীয়া পাতৰ শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে। এই শাক-পাচলিবোৰত ভিটামিন কে পোৱা যায়।

আনহাতে ভিটামিন চিৰ বাবে ব্ৰকলি, বিলাহী, নেমু, কিউই, কমলা, আমলখি আৰু আঙুৰকে ধৰি ছাইট্ৰাছ ফলমূল আৰু শাক-পাচলিত ভিটামিন চি পোৱা যায়।

ভিটামিন ইৰ বাবে খাদ্যত বাদাম, আলমণ্ড, পালেং আৰু ব্ৰকলি খাব পাৰে।

ভিটামিন এৰ বাবে মাখন, অমিতা, মিঠা আলু, ভেণ্ডি, বিলাহী, ডালিম আৰু আমত পোৱা যায়।