Home Blog Page 301

Actor-director Manoj Kumar: বলীউডৰ প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান

Actor-director Manoj Kumar: বলীউডৰ প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান
Actor-director Manoj Kumar: বলীউডৰ প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান

বলীউডৰ প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান।(Actor-director Manoj Kumar)

৮৭ বছৰ বয়সত বলীউডৰ প্ৰবীণ অভিনেতাগৰাকীৰ দেহাৱসান।(bollywood)

মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত মৃত্যু অভিনেতাজনৰ।(passes away)

‘পূৰব ঔৰ পশ্চিম’, ‘ক্রান্তি’, ‘ৰোটি কপড়া ঔৰ মকান’ আদি বোলছবিত কৰিছিল বলিষ্ঠ অভিনয় অভিনেতা মনোজ কুমাৰে।

বলীউডত ‘ভাৰত কুমাৰ’ হিচাপেও পৰিচিত আছিল মনোজ কুমাৰ।

দেশপ্রেমমূলক ছবিত অভিনয়েৰে মন জয় কৰিছিল ৰাইজৰ।

১৯৯২ চনত পদ্মশ্ৰী আৰু ২০১৫ চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল মনোজ কুমাৰে।(Bharat Kumar)

‘ৱহ কৌন থী’, ‘পাথৰ কে ছনম’, ‘নীলকমল’ আদি ছবিও পৰিচালনা কৰিছিল মনোজ কুমাৰে।

Mukanda Tamuli: কলিয়াবৰৰ বিহুৱা-পেঁপুৱা মুকুন্দ তামুলী, কেনে আছে এসময়ৰ অসমৰ বহু জনপ্ৰিয়-চৰ্চিত বিহুগীতৰ ৰচক

Mukanda Tamuli: কলিয়াবৰৰ বিহুৱা-পেঁপুৱা মুকুন্দ তামুলী, কেনে আছে এসময়ৰ অসমৰ বহু জনপ্ৰিয়-চৰ্চিত বিহুগীতৰ ৰচক
Mukanda Tamuli: কলিয়াবৰৰ বিহুৱা-পেঁপুৱা মুকুন্দ তামুলী, কেনে আছে এসময়ৰ অসমৰ বহু জনপ্ৰিয়-চৰ্চিত বিহুগীতৰ ৰচক

কৃষ্ণমণি নাথৰ কণ্ঠত – ‘নিৰূপমা তুমি আজি গাভৰু হ’লা, লাৱনি হাতেৰে যৌৱন আদৰি ল’লা,’আকৌ জুবিনৰ কণ্ঠত – ‘ফুল খৰিকাজাই বসন্তৰ পৰশ পাই, ফুলনিত ফুলিছে ফুলনি শুৱাই,’ ‘ম’হৰ পিঠিত উঠি মাৰিলোঁ সুহুৰি, চিনিব নোৱাৰি তোকে ঐ মামনি’, বিপুল চেতীয়া ফুকনৰ কণ্ঠত – ‘চাঙৰ তলে চিকাৰ যায় নিগনিয়ে খেদি খায়’ আদি একাধিক জনপ্ৰিয় বিহু গীতৰ গীতিকাৰ-সুৰকাৰ কলিয়াবৰৰ মুকুন্দ তামুলী।(Mukanda Tamuli)


বহু বিহু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিহুৱা-পেঁপুৱা মুকুন্দ তামুলী এসময়ত বিহুৰ প্ৰতিযোগিতাসমূহত অন্যতম চৰ্চিত নাম আছিল মুকুন্দ তামুলী। ছাত্ৰাৱস্থাতেই শিশুসকলৰ ‘বুলবুলি বিহু’ৰ জৰিয়তে বিহুৰ লগত জড়িত হৈ পৰা মুকুন্দ তামূলী সেই সময়ৰ মুকলি বিহুৰ এগৰাকী জনপ্ৰিয় বিহুৱা, গগনাবাদক আৰু পেঁপুৱা আছিল। সপ্তম শ্ৰেণীৰ পৰাই পেঁপুৱা হিচাপে যুৱদলতো স্থান লাভ কৰিছিল। চতিয়ালৰ বহ্নিমান গোষ্ঠীৰ বিহু দলটোৰ নেতৃত্ব লৈ বিভিন্ন স্থানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল। তেতিয়া ৰাতি অনুষ্ঠিত কুঁৱৰী বিহু বা বিহুৱতী আজিৰ দৰে য’তে-ত’তে নহৈছিল। কলিয়াবৰত জখলাবন্ধাৰ মিলন সঙ্ঘতহে হৈছিল। সেই সময়তে কলিয়াবৰৰে এগৰাকী জনপ্ৰিয় বিহুৱতী অজন্তা গোস্বামীয়ে নগাঁৱৰ কেইবাজনো যুৱকে লগত লৈ নাচি আছিল। সেই দলটোত কলিয়াবৰৰ বৰুৱাচুকৰ প্ৰভাত ভুঞাই ঢোল বজাইছিল। সেই দলটোৰ কেইবাগৰাকী আঁতৰি যোৱাত প্ৰভাত ভূঞাই প্ৰথমবাৰৰ বাবে অজন্তা গোস্বামীৰ লগত পেঁপা বজাবলৈ দিয়া প্ৰস্তাৱত সন্মতি জনাইছিলোঁ। সেই বছৰ অজন্তা গোস্বামীৰ লগত বিহু গোৱা কলিয়াবৰ তিনিআলিৰ সমুদ্ৰ বৰদলৈ দাদাই গাবলৈ বাদ দিয়াত পেঁপা বজোৱাৰ লগতে মই বিহু গাবলৈ ল’লোঁ। কিছু বছৰ সেই দলটোত বিহু মাৰি পিছত মই নিজাববীয়াকৈ এটা বিহু দল আৰম্ভ কৰিলোঁ। প্ৰথমে জখলাবন্ধাৰ নীলাশ্ৰী নেৱাৰক কুঁৱৰী নচুৱাইছিলোঁ। তাৰ পাঁচ বছৰৰ পাছত যোৰাহাটৰ প্ৰিয়ঙ্কা কলিতাক নচুৱালোঁ। প্ৰিয়ঙ্কাক পাঁচ বছৰমান নচুওৱাৰ পাছত জখলাবন্ধাৰ চয়নিকা কাশ্যপৰ ছয় বছৰমান নচুৱাইছিলোঁ।

এই সময়ছোৱাত অসমৰ বহু স্থানতে আমাৰ দলটোৱে শ্ৰেষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। মই নিজেও শ্ৰেষ্ঠ বিহুৱা আৰু পেঁপুৱাৰ সন্মান পাইছিলোঁ, ৰাইজৰ মৰম পাইছিলোঁ। এনেদৰে বিহু প্ৰতিযোগিতাত প্ৰায় পঁচিছ বছৰমান অংশ লৈছিলোঁ। সেই ধৰণে বিহু কৰোঁতে নগাঁৱৰ বিখ্যাত বৰদৈচিলা বিহু কুঁৱৰী প্ৰতিযোগিতাত একেৰাহে তিনিবাৰ শ্ৰেষ্ঠ পেঁপা বাদক আৰু এবাৰ শ্ৰেষ্ঠ বিহুৱাৰ সন্মান পাইছিলোঁ। এনেকৈ বিহু মাৰি থকাৰ সময়তে ১৯৯৫ চনত মাদ্ৰাজ (এতিয়াৰ চেন্নাই)ত আয়োজন হোৱা ছাফ গেম্‌ছৰ উদ্বোধনী অনুষ্ঠানত বিহু প্ৰদৰ্শনৰ বাবে কলিয়াবৰৰ পঞ্চাশজনীয়া বিহু দলত স্থান লাভ কৰোঁ। আমি তেতিয়া এমাহ মাদ্ৰাজত আছিলোঁ। তাৰ পাছতে মোৰ সাংস্কৃতিক জীৱনৰ অন্যতম গুৰু প্ৰয়াত চন্দ্ৰ ৰাজখোৱাদেৱৰ লগত মই বিশ দিনৰ বাবে মহীশূৰত বিহু আৰু টোকাৰী গীতৰ অনুষ্ঠান পৰিবেশন কৰিবলৈ গৈছিলোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ মণি মাধৱ মহন্তৰ ব্যৱস্থাপনাত ডেৰাডুন আৰু মচৌৰীত ভাৰতীয় প্ৰশাসনিক বিষয়াসকলক বাৰ দিনৰ বাবে প্ৰয়াত চন্দ্ৰ ৰাজখোৱাৰ সৈতে বিহু শিকাবলৈ গৈছিলোঁ। তদুপৰি, অসমৰ বহু বিহুতলিত শ্ৰেষ্ঠ বিহুৱা, শ্ৰেষ্ঠ পেঁপাবাদকৰ সন্মান লাভ কৰিছোঁ।


সেই সময়তে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা বিহু কেছেটত লগতো জড়িত হৈ পৰিলোঁ। জখলাবন্ধা বিহু কেছেটত বাবে অতি বিখ্যাত আছিল। ‘চকু আলি বাটত’ নামৰ বিহু কেছেটত প্ৰথমবাৰৰ বাবে বিহু লিখিছিলোঁ। তাৰ পাছত ‘কল্পনা’ নামৰ বিহু কেছেটত কেইবাটাও বিহু গীত লিখিছিলোঁ। কিন্তু ‘নিৰূপমা ‘৯৮’ নামৰ বিহু কেছেটিৰ জৰিয়তেহে বিহুগীত গীতিকাৰ হিচাপে মই চিনাকী লাভ কৰিবলৈ সক্ষম হ’লোঁ। তাৰ পিছত কেইবাটাও প্ৰযোজনা গোষ্ঠীৰ লগত জড়িত হ’লো তাৰ ভিতৰত কলিয়াবৰৰ এ. ডি.পি. প্ৰডাক্সন, সোমনাথ বড়া (ওজা)ৰ সোণ প্ৰডাক্সন, কৃষ্ণমণি নাথৰ চিম্ফনী আদি। মই লিখা, সুৰ কৰা বিহু জুবিন গাৰ্গ, নিতুল সোণোৱাল, কৃষ্ণমণি নাথ, শান্তা শৰ্মা উজীৰ, ভিতালী দাস, তৰালী শৰ্মা, বৰ্ণালী শইকীয়া, নিতুমণি শইকীয়া আদি গায়ক-গায়িকাই গাই মোৰ দৰে এজনে ৰাইজৰ সমাদৰ পালোঁ। সেই সময়তে আমোদজনক ঘটনা এটাও ঘটিছিল। ‘নিৰূপমা’ বিহু কেছেটত বিপুল চেতীয়া ফুকনে মই লিখা ‘চাঙৰ তলে চিকাৰ যায় মেকুৰীয়ে খেদি খায়, ৰাষ্টাই-ৰাষ্টাই গাড়ী যায়, পুলিচবোৰে ধৰি চায়’ গীতটো লৈ কিছু বিতৰ্কও হৈছিল। পাছত যেনিবা শাম কাটিলে।


বৰ্তমান বিহুৰ লগত পোনপটীয়াকৈ জড়িত হৈ নাথাকিলেও মুকুন্দ তামুলী কিছু বছৰ আগলৈকে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিহু কৰ্মাশালাত প্ৰশিক্ষক ৰূপে সহযোগ আগ বঢ়াই আহিছিল। বিহু প্ৰতিযোগিতাৰ বিচাৰক ৰূপেও মাজে-মধ্যে জড়িত হৈ থাকে।


এসময়ত কলিয়াবৰৰ জখলাবন্ধাতে উপলব্ধ হৈছিল বিহুগীতৰ কেছেট। কিন্তু যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই গ’ল সেই মধুৰ সময়। বহু জনপ্ৰিয় বিহু আৰু বিহুসুৰীয়া গীতৰ ভিচিডিৰ শ্বুটিং হৈছিল কলিয়াবৰত। সেই মধুৰ স্মৃতি ৰোমন্থন কৰি আজিও নষ্টালজিক হৈ উঠে কলিয়াবৰৰ এসময়ৰ বহু জনপ্ৰিয় বিহুগীতৰ গীতিকাৰ-সুৰকাৰ মুকুন্দ তামুলী।
নৱপ্ৰজন্মই ইতিমধ্যে বিহু সংস্কৃতিৰ শিক্ষা লাভ কৰিবলৈ এক উপযুক্ত মঞ্চ লাভ কৰিছে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীৰ তৎপৰতাত অনুষ্ঠিত বিহুৰ বিশ্ব অভিলেখ কাৰ্যসূচী উল্লেখযোগ্য পদক্ষেপ আছিল। বিহুৰ প্ৰশিক্ষণত সোমনাথ বড়া (ওজা), ৰঞ্জিত গগৈকে ধৰি কেইবাগৰাকী দক্ষ ব্যক্তিয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰশিক্ষণ আগ বঢ়াই আহিছে। নৱপ্ৰজন্মক প্ৰশিক্ষণ লাভ কৰাৰ লগতে ড০ লীলা গগৈৰ, জয়কান্ত গন্ধীয়াৰ দৰে বিহুৰ গৱেষক ব্যক্তিসকলৰ বিহু বিষয়ক গ্ৰন্থ পঢ়িবলৈও আহ্বান জনায়। বিশেষকৈ বিহুৱাসকলে এই গ্ৰন্থসমূহ পঢ়িলে বিহুনামৰ ক্ষেত্ৰত বিশেষভাৱে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে।


পিতৃ শিল্পী পেঞ্চনাৰ, সত্ৰীয়া সংস্কৃতি, নগঞা ওজাপালিৰ বিশিষ্ট শিল্পী, কালী বাদ্যৰ বিখ্যাত বাদক প্ৰয়াত কুশল তামূলীৰ পদাঙ্ক অনুকৰণ কৰি মুকুন্দ তামুলী এই আটাইকেইটা দিশতে নিজৰ দক্ষতা দাঙি ধৰিবলৈ সক্ষম হৈছে। যুৱ-চেমনীয়া-শিশুক অঙ্কীয়া নাটৰ গীত-নাচ-বাদ্য, পদ-পয়াৰ-বিলাপ-ভটিমাৰ প্ৰশিক্ষণত কলিয়াবৰৰ লগতে ৰাজ্যৰ আন ঠাইতো এতিয়া ব্যস্ত হৈ নৱ-প্ৰজন্মক আগুৱাই নিয়াত আগ-ভাগ লৈ আছে। পিতৃ প্ৰদত্ত কালী বাদন আৰু নগা ওজাপালিক জীয়াই ৰাখিবলৈ বিশেষভাৱে আগ্ৰহী মুকুন্দ তামুলীৰ এই যাত্ৰা সেন্দুৰীয়া আদিৰে আগ বাঢ়ক।

Numerology: আনৰ ধন খৰচ কৰাত ওস্তাদ এইসমূহ তাৰিখত জন্ম লোৱা মানুহ, তেওঁলোকে কেতিয়াও নিজৰ পকেট খালী নকৰে !

Numerology: আনৰ ধন খৰচ কৰাত ওস্তাদ এইসমূহ তাৰিখত জন্ম লোৱা মানুহ
Numerology: আনৰ ধন খৰচ কৰাত ওস্তাদ এইসমূহ তাৰিখত জন্ম লোৱা মানুহ

এইসমূহ তাৰিখত জন্ম লোৱা মানুহে আনৰ ধন খৰচ কৰাত বিশেষজ্ঞ, তেওঁলোকে কেতিয়াও নিজৰ পকেট খালী নকৰে। এজন ব্যক্তিৰ অভ্যাস, স্বভাৱ ইত্যাদি তেওঁৰ জন্ম তাৰিখৰ পৰাই জানিব পাৰি। সংখ্যাবিজ্ঞানৰ জৰিয়তে জানি লওক কোন তাৰিখত জন্ম হোৱা মানুহবোৰ অতি কৃপণ।(Numerology)

সংখ্যা বিজ্ঞানত ভৱিষ্যদ্বাণী, ব্যক্তিত্ব, আচৰণ আদিৰ ব্যাখ্যা ৰেডিক্সৰ ভিত্তিত কৰা হয়। মূল সংখ্যা হ’ল ব্যক্তিজনৰ জন্ম তাৰিখৰ যোগফল। আজি আমি সেই সংখ্যাবোৰৰ বিষয়ে জানাম যিসকল লোক অতি কৃপণ।

নম্বৰ ৫ – যিসকল লোকৰ জন্ম তাৰিখ ৫, ১৪ বা ২৩, তেওঁলোকৰ মূল সংখ্যা ৫। ৫ সংখ্যাৰ প্ৰভু হৈছে বুধ গ্ৰহ। বুধ গ্ৰহটোৱেই হৈছে বুদ্ধি, বাক্য, চতুৰতা, ব্যৱসায় আৰু গণিতৰ কাৰক। ৫ নম্বৰৰ মানুহবোৰ বৰ বুদ্ধিমান। এইসকল লোক বিনিয়োগৰ প্ৰতি অতি আগ্ৰহী। লগতে এই মানুহবোৰ বৰ কৃপণ। তেওঁলোকক টকা খৰচ কৰিবলৈ বাধ্য কৰোৱাটো অতি কঠিন। এই লোকসকলে টকা সঞ্চয় কৰি বিনিয়োগ কৰি ভাল পায়। অৱশ্যে তেওঁলোকে আনৰ ধন খৰচ কৰাত খৰখেদা কৰে।

এই তাৰিখত জন্ম লোৱা লোক মানুহৰ লগত মিলি যোৱাটো অতি কঠিন, তেওঁলোকে আনকি ভাল সম্পৰ্ককো বিষাক্তলৈ ৰূপান্তৰিত কৰে। যিসকল লোকৰ জন্ম তাৰিখ ৮, ১৭ বা ২৬, তেওঁলোকৰ মূল সংখ্যা ৮। শনিৰ প্ৰভাৱৰ বাবে এই লোকসকলে বহু সংগ্ৰাম আৰু কষ্ট কৰি সফলতা লাভ কৰে। এইসকল লোকে টকাৰ মূল্য বুজি পাই খুব চিন্তা কৰি খৰচ কৰে। এই লোকসকলে দেখুৱাবলৈ ভাল নাপায় আৰু অপচয়কাৰী খৰচক তীব্ৰভাৱে ঘৃণা কৰে। সেইবাবেই এই মানুহবোৰ ধনী হৈ পৰে।

যিসকল লোকৰ জন্ম তাৰিখ ৯, ১৮ বা ২৭, তেওঁলোকৰ মূল সংখ্যা ৯। ৯ সংখ্যাৰ প্ৰভু হৈছে মংগল গ্ৰহ। এই মানুহবোৰ অতি সাহসী। তেওঁলোকে শ্ব’-অফত বিশ্বাস নকৰে আৰু ৰিস্ক ল’বলৈও একেবাৰেই ভয় নকৰে। এই লোকসকলে প্ৰয়োজনতহে খৰচ কৰে। অতিৰিক্ততা তেওঁলোকৰ অভিধানত নাই। সেইবাবেই মানুহে এই থলুৱা লোকসকলকো কৃপণালিৰ শ্ৰেণীত ৰাখে। ৯ নম্বৰৰ লোকসকলেও বিনিয়োগৰ প্ৰতি অতি আগ্ৰহী।

To-Let: গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতালৈ হেমন্ত শৰ্মাৰ ছবি ‘টু-লেট্‌’

To-Let: গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতালৈ হেমন্ত শৰ্মাৰ ছবি ‘টু-লেট্‌’
To-Let: গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতালৈ হেমন্ত শৰ্মাৰ ছবি ‘টু-লেট্‌’

সংবাদজগতত এটি পৰিচিত নাম হেমন্ত শৰ্মাই নিৰ্মাণ কৰা চুটি ছবি ‘টু-লেট’লৈ সুখবৰ৷(To-Let) চলিত বৰ্ষৰ ‘গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা’লৈ নিবাৰ্চিত হৈছে সাম্প্ৰতিক সময়ৰ এক ছিৰিয়াছ বিষয় লৈ নিৰ্মাণ কৰা ‘টু লেট্‌’ নামৰ ছুটি ছবিখনি৷ সমগ্ৰ বিশ্বৰ সৰ্বমুঠ ৩২০ খন চুটি ছবিৰ ভিতৰত ‘টু লেট্‌’ ছবিখনি প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে৷

উল্লেখ্য যে কেবাবছৰ পূৰ্বে নিৰ্মাণ কৰা ছবিখনি কাৰিকৰী বিজুতিৰ বাবে হেৰাই যোৱাৰ উপক্ৰম হৈছিল যদিও শেহতীয়াকৈ ছবিখনি ঘূৰাই পায় আৰু বিভিন্ন চলচ্চিত্ৰ প্ৰতিযোগিতালৈ প্ৰেৰণ কৰে৷ সাংবাদিকতা তথা চলচ্চিত্ৰ সমালোচনাৰ বাবে ইতিপূৰ্বে কেবাটাও বঁটা তথা সন্মানেৰে সন্মানিত সাংবাদিকগৰাকীয়ে নিৰ্মাণ কৰা ‘টু লেট্‌’ৰ মূল বিষয়বস্তু ধৰ্মনিৰপেক্ষতা৷ ছবিখনিৰ বিষয়বস্তু সন্দৰ্ভত হেমন্ত শৰ্মাই জনায় এনেদৰে – ‘এটা সৰু তথা অতি সাধাৰণ ঘটনাৰ আলমত ছবিখনিৰ কাহিনীভাগ ৰচনা কৰা হৈছে৷ আমি সকলোৱে এখন ধৰ্মনিৰপেক্ষ দেশত বসবাস কৰি আছো৷ কিন্তু এই ধৰ্মনিৰপেক্ষতা বোলা শব্দটো কিমান দূৰলৈ শিপাইছে? কিমানে মন-মগজুত ধৰি ৰাখিছে? কিমানে এই শব্দটো বুজি পায়? কিমানে ধৰ্মনিৰপেক্ষতাৰ ভাবাৰ্থ বুজি পায়?

কিমানে ধৰ্মনিৰপেক্ষতাৰ মোল বুজি জীৱন নিৰ্বাহ কৰিছে? দৰাচলতে অদ্যপি এই ‘ধৰ্মনিৰপেক্ষতা’ বোলা শব্দটো এটা শব্দহে হৈ আছে৷ তই হিন্দু, মই মুছলমান, তই খ্ৰীষ্টান এইবোৰ কৰি কৰিয়েইচোন দেশখন জ্বলিয়েই আছে৷ মহামানৱ মহাত্মা গান্ধীয়ে দেখা সপোনৰ দেশখনত, শংকৰ-আজানে একতাৰ দোলেৰে বন্ধা ৰাজ্যখনত প্ৰকৃতপক্ষত কি ঘটি আছে সেয়া সকলোৰে জ্ঞাত৷ এজন মুছলমান যুৱ সাংবাদিকে এই ঘটনাৰাজিৰ বলি হৈ কি পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হ’ল তাকেই অতি কম সময়ৰ ভিতৰত ছবিখনিৰ জৰিয়তে দেখুৱাবলৈ বিচৰা হৈছে৷’ আনহাতে, ছবিখনিৰ কাহিনী-চিত্ৰনাট্য-সাংলাপ তথা পৰিচালনা কৰিছে হেমন্ত শৰ্মাই৷

ফ’কাছ মিডিয়াৰ বেনাৰত ‘টু লেট্‌’ ছবিখনি প্ৰযোজনা কৰিছে উদ্যমী যুৱক তথা অসমীয়া গহণা-গাঁঠৰিৰ প্ৰতিষ্ঠান ‘ডুগডুগী’ৰ স্বত্বাধিকাৰী উৎপল বণিয়াই৷ চিনেমাটোগ্ৰাফী দ্বীপকমল গগৈৰ৷ সংগীত পৰিচালক সুদীপ্ত নয়ন৷ সম্পাদনা কৰিছে মানস প্ৰতীমে৷ ‘টু লেট্‌’ত অভিনয় কৰিছে– কুলেন্দ্ৰ ৰায় চৌধুৰী, নৱ মহন্ত, প্ৰতিমা শৰ্মা আৰু মীনাক্ষী দেৱীয়ে৷

Mausum Sonowal: জাপি-শৰাই নিৰ্মাণেৰে ‘অফিচিয়েল ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান লাভ ডিব্ৰুগড়ৰ মৌচুম সোণোৱালৰ

Mausum Sonowal: জাপি-শৰাই নিৰ্মাণেৰে ‘অফিচিয়েল ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান লাভ ডিব্ৰুগড়ৰ মৌচুম সোণোৱালৰ
Mausum Sonowal: জাপি-শৰাই নিৰ্মাণেৰে ‘অফিচিয়েল ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান লাভ ডিব্ৰুগড়ৰ মৌচুম সোণোৱালৰ

ইউৰোপীয়ান ইউনিয়নৰ দ্বাৰা অনুমোদিত বিখ্যাত সংগঠন ‘অফিচিয়েল ৱৰ্ল্ড ৰেকডৰ্ছ’ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ সমীপৱৰ্তী জকাই অঞ্চলৰ কলিয়নী গাঁৱৰ চিত্ৰশিল্পী ড॰ মৌচুম সোণোৱালে৷(Mausum Sonowal) পেলনীয়া থাৰ্ম’কলৰ জৰিয়তে সজা অসমীয়াৰ স্বাভিমান হিচাপে পৰিচিত ৩০ হেজাৰ জাপি আৰু তিনি হেজাৰ শৰাই নিৰ্মাণ কৰি এই সাফল্য লাভ কৰিছে মৌচুমে৷ অনলাইনযোগে ডিব্ৰুগড় জিলাৰ লেঙেৰী অঞ্চলৰ নখাট হাইস্কুলৰ খেলপথাৰত জকাইৰ জোনাক আৰ্ট একাডেমী নামৰ অনুষ্ঠানটিৰ উদ্যোগত, নখাট জাতীয় বিদ্যালয় আৰু ৰাইজৰ সহযোগত উল্লিখিত সংখ্যক জাপি আৰু শৰাই নিৰ্মাণ কৰি ৰাজহুৱাকৈ প্ৰদৰ্শন কৰে সহস্ৰাধিক ৰাইজৰ সন্মুখত৷ এই উপলক্ষ্যে পুৱাৰ ভাগত দুয়োটা সংগঠনৰ পতাকা উত্তোলনৰ পিছতে ফিটা কাটি জাপি আৰু শৰাই প্ৰদৰ্শন কাৰ্যৰ উদ্বোধন কৰে জকাই হাইস্কুলৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা লেখক, সমাজসেৱক সমীৰণ কুমাৰ দাসে৷

ইয়াৰ পিছতে শিক্ষক তথা জোনাক আৰ্ট একাডেমীৰ সভাপতি টংকেশ্বৰ সোণোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভা আৰু আনুষ্ঠানিক স্বীকৃতিপত্ৰ প্ৰদান অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে নখাট জাতীয় বিদ্যালয়ৰ অধ্যক্ষ লীলা চুতীয়াই৷ সভাত উপস্থিত থাকি মুখ্য অতিথি সমীৰণ কুমাৰ দাসৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা লেঙেৰী বালিকা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেন বৰুৱা, ধেমাজীৰ মনালিছা আৰ্ট একাডেমীৰ অধ্যক্ষ ড॰ প্ৰণৱ কুমাৰ দিহিঙীয়া, জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকা আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য বদন চন্দ্ৰ সোণোৱাল, চহৰীকটা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূৱন সোণোৱালে শুভেচ্চামূলক ভাষণ প্ৰদান কৰি ড॰ মৌচুম সোণোৱালৰ এই সৃষ্টিশীল কৰ্মৰ বাবে শুভেচ্চা জ্ঞাপনৰ লগতে অসম আৰু অসমীয়াক এই কাৰ্যৰ জৰিয়তে বিশ্ব দৰবাৰলৈ আগবঢ়াই গৌৰৱান্বিত কৰিলে বুলি ভূয়সী প্ৰশংসা কৰে৷

ইয়াৰ পিছতে মৌচুম সোণোৱালৰ লগতে তেওঁক এই কাৰ্যত সহযোগিতা কৰা ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ ৬১ গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে উপস্থিত অতিথি সকলৰ দ্বাৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে এই সন্মান লাভ কৰি নিজৰ অনুভৱত ড॰ মৌচুম সোণোৱালে পেলনীয়া মাছৰ কাৰ্টুন বিচাৰি কৰা বিভিন্ন তিতা-কেঁহা অভিজ্ঞতা আৰু এই কাৰ্যত উপনীত হ’বৰ বাবে আৰু নিজৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিজৰ পকেটৰ পৰা লক্ষাধিক টকা খৰছ কৰাৰ কথাও উল্লেখ কৰি এইক্ষেত্ৰত আৰ্থিক দিশত সহযোগিতা কৰা বিভিন্নজন ব্যক্তি আৰু সংবাদ মাধ্যমৰ সহযোগিতাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে৷ অনুষ্ঠানত মৌচুম সোণোৱালৰ পিতৃ লোহিত সোণোৱাল, মাতৃ সুমিত্ৰা সোণোৱাল, নখাট জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক কুশধৰ সোণোৱাল, আয়োজক সমিতিৰ সভাপতি ৰিংকু গগৈকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

উক্ত অনুষ্ঠানতে কণ্ঠশিল্পী বিতু বৰুৱাৰ কথা আৰু সুৰেৰে সজোৱা, হিমাংশু বুঢ়াগোহাঁইৰ ব্যৱস্থাপনাৰে জোনাক আৰ্ট একাডেমীৰ নামত উছৰ্গিত এটি গীত মুকলি কৰা হয়৷ উল্লেখ্য যে ২০০৯ চনৰ ৩ মাৰ্চৰ পৰা এই অভিযান আৰম্ভ কৰা জোনাক আৰ্ট একাডেমিৰ অধ্যক্ষ তথা চিত্ৰশিল্পী ড॰ মৌচুম সোণোৱালে প্ৰথমে অসম ৰেকৰ্ড, ভাৰত ভিত্তিত এই ৰেকৰ্ড কৰাৰ পিছত আজিৰ দিনটোত লণ্ডনৰ এই সংগঠনটোৰ পৰা ‘বিশ্ব ৰেকৰ্ড’ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷

Badal Thakur: প্ৰাক্তন ক্ৰিকেটাৰ বাদল ঠাকুৰৰ আশু আৰোগ্য কামনা ক্ৰীড়া পেন্সনাৰ সন্থাৰ

Badal Thakur: প্ৰাক্তন ক্ৰিকেটাৰ বাদল ঠাকুৰৰ আশু আৰোগ্য কামনা ক্ৰীড়া পেন্সনাৰ সন্থাৰ
Badal Thakur: প্ৰাক্তন ক্ৰিকেটাৰ বাদল ঠাকুৰৰ আশু আৰোগ্য কামনা ক্ৰীড়া পেন্সনাৰ সন্থাৰ

সদৌ অসম ক্ৰীড়া পেন্সনাৰ সন্থাই প্ৰাক্তন ক্ৰিকেটাৰ আৰু সন্থাৰ সভাপতি বাদল ঠাকুৰৰ স্বাস্থ্যৰ দ্ৰুত আৰু সম্পূৰ্ণ আৰোগ্য কামনা কৰিছে৷(Badal Thakur)

উল্লেখ্য যে ঠাকুৰ সম্প্ৰতি হাৰ্নিয়া অস্ৰোপচাৰৰ পিছত নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে৷ মনকৰিবলগীয়া যে তেওঁ দেশৰ ঘৰুৱা ক্ৰিকেটত অসমক প্ৰতিনিধিত্ব কৰি এসময়ত যথেষ্ট সফলতা অৰ্জন কৰিছিল৷

অসমৰ ক্ৰিকেট ক্ষেত্ৰখনলৈ তেওঁৰ অৱদান অনস্বীকাৰ্য৷ সমগ্ৰ ক্ৰীড়া অনুৰাগীৰ হৈ সদৌ অসম ক্ৰীড়া পেন্সনাৰ সন্থাই সকলো সময়তে তেওঁৰ ওচৰত আছে আৰু অতি সোনকালে তেওঁ সুস্থ হৈ উঠিব বুলি আশা কৰিছে৷

Phone: ৰাতিপুৱা সাৰ পাইয়ে আমি প্ৰথমে মোবাইল চাওঁ, এই অভ্যাসৰ আছে ৫টা গুৰুতৰ সমস্যা !

Phone: ৰাতিপুৱা সাৰ পাইয়ে আমি প্ৰথমে মোবাইল চাওঁ, এই অভ্যাসৰ আছে ৫টা গুৰুতৰ সমস্যা !
Phone: ৰাতিপুৱা সাৰ পাইয়ে আমি প্ৰথমে মোবাইল চাওঁ, এই অভ্যাসৰ আছে ৫টা গুৰুতৰ সমস্যা !

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে মোবাইল ফোনটো চোৱাটো এটা বেয়া অভ্যাস। এই অভ্যাস স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ কাৰণ হৈ পৰে। এনে কৰিলে অনিদ্ৰা, মানসিক চাপ বৃদ্ধি, চকুৰ সমস্যা ইত্যাদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।(Phone) 

ৰাতিপুৱা সাৰ পোৱাৰ পৰা ৰাতি শোৱালৈকে মানুহে মোবাইল ফোনত ব্যস্ত থাকে। আজিৰ জীৱনশৈলীত মোবাইল ফোনৰ অবিহনে জীৱনটো কল্পনা কৰাটো কঠিন। খাদ্য আৰু কাপোৰৰ লগতে মোবাইল ফোনো মানুহৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। এনে পৰিস্থিতিত ফোনৰ এই নিচাই স্বাস্থ্যৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ফোনটো চালে আপোনাৰ বহুতো গুৰুতৰ ক্ষতি হ’ব পাৰে।

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে মোবাইল ফোনটো চালে আপোনাৰ টোপনিৰ সমস্যাৰ হ’ব পাৰে। আচলতে ৰাতিপুৱা সাৰ পাই ফোনটো চালে ফোনটোৰ পৰা অহা নীলা পোহৰে চকুত চাপ দিয়ে, যাৰ বাবে গোটেই দিনটো ভাগৰুৱা অনুভৱ হয় আৰু ৰাতি শুবলৈ অসুবিধা হ’ব পাৰে।

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ফোনটো চালে মানসিক চাপ বা উদ্বেগ হ’ব পাৰে। টোপনি সম্পূৰ্ণ কৰি সাৰ পোৱাৰ পিছতো মনটো শিথিল হৈ থাকে। এনে পৰিস্থিতিত যদি আমি সাৰ পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়া ব্ৰাউজ কৰিবলৈ আৰম্ভ কৰোঁ তেন্তে যিকোনো নেতিবাচক বাৰ্তা বা সতৰ্কবাণীয়ে আপোনাৰ উত্তেজনা বৃদ্ধি কৰি আপোনাৰ মেজাজ নষ্ট কৰিব পাৰে। কেতিয়াবা ইয়াৰ ফলত মানসিক চাপ আৰু উদ্বেগ হ’ব পাৰে, যাৰ ফলত হৃদস্পন্দন বেছি হোৱাৰ দৰে শাৰীৰিক সমস্যাও হয়।

চকুত বেয়া প্ৰভাৱ মোবাইলৰ পৰা নিৰ্গত হোৱা নীলা পোহৰৰ ফলত। গতিকে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে মোবাইল ফোন ব্যৱহাৰ কৰিলে চকুৰ ভাগৰুৱা, শুকান হোৱা আৰু দৃষ্টিশক্তি ম্লান হোৱা আদি সমস্যাৰ সন্মুখীন হ’ব পাৰে।

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ফোন চোৱাৰ অভ্যাসটো নিচাতকৈ কম নহয়।

State Civilian Awards: আজি প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান

State Civilian Awards: আজি প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান
State Civilian Awards: আজি প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান

আজি প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটা।(State Civilian Awards)

অসম বৈভৱ বঁটা লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ।

৬গৰাকী ব্যক্তিলৈ অসম সৌৰভ বঁটা।

তামিলনাডুৰ সূত্ৰমণিয়াম ৰামাদোৰালৈ অসম সৌৰভ বঁটা, হোজাইৰ ৬০ বাপ্পী পাললৈ অসম সৌৰভ বঁটা, লখিমপুৰৰ ড০ পূৰৱী শইকীয়ালৈ অসম সৌৰভ বঁটা, শিল্পী দ্বীপেন বৰুৱা, দৰঙৰ হেমন্ত দত্ত আৰু ক্রিকেটাৰ উমা ছেত্ৰীলৈ অসম সৌৰভ বঁটা।

১৩ গৰাকী ব্যক্তিলৈ অসম গৌৰৱ বঁটা।

যোৰহাটৰ বিশ্বজিৎ বৰা, বজালীৰ ভৰত কলিতা, কোকৰাঝাৰৰ বাৰলাংফা নাৰ্জাৰী, ডিব্ৰুগড়ৰ ৰামচন্দ্ৰ চাচনী, শিৱসাগৰৰ উপমন্যু বৰকাকতি, কামৰূপৰ ডেভিদ প্ৰতিম গগৈ, লখিমপুৰৰ ফুলেশ্বৰী দত্ত, কামৰূপৰ মিনাক্ষী দাস, শিৱসাগৰৰ পাৰ্থিব সুন্দৰ গগৈ, ধুবুৰীৰ ধীৰেন্দ্ৰ নাথ পাল, বৰপেটাৰ হৰিদাস দাস, কাৰ্বি আংলঙৰ বিনং তেৰন, শ্রীভূমিৰ নজৰুল হকলৈ অসম গৌৰৱ বঁটা।

প্ৰথমবাৰলৈ তিনিটা অনুষ্ঠানলৈ অসম গৌৰৱ বঁটা পৰিৱেশ, জন্তু সংৰক্ষণৰ বাবে ৩ সংস্থালৈ বঁটা চৌৰান আহেম, বাৰেকুৰি গাঁৱলৈ বঁটা হাতীবন্ধু নামৰ সংস্থালৈ এই অসম গৌৰৱ বঁটা।

Assam panchayat polls: ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

Assam panchayat polls: ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন
Assam panchayat polls: ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

ঘোষণা হ’ল পঞ্চায়ত নিৰ্বাচনৰ দিন।(Assam panchayat polls)

ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।

২ মে’ত প্ৰথম পৰ্যায়ত।

৭ মে’ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।

আজিৰে পৰা জাৰি পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা।

আজিৰে পৰা সংগ্ৰহ কৰিব পাৰিব মনোনয়নপত্ৰ।

দিনৰ ১১ বজাৰ পৰা ৩বজালৈ দাখিল কৰিব পাৰিব মনোনয়ন।

মনোনয়নপত্র দাখিলৰ অন্তিম দিন হৈছে ১১ এপ্রিল।

মনোনয়ন পত্ৰ পৰীক্ষাৰ দিন হৈছে ১২ এপ্রিল।

মনোনয়নপত্র প্রত্যাহাৰৰ দিন ১৭ এপ্রিল।

এইবাৰো বেলটত হ’ব পঞ্চায়ত নির্বাচনৰ ভোটগ্রহণ।

প’র্টেলত উপলব্ধ হ’ব পঞ্চায়ত প্ৰাৰ্থীৰ সবিশেষ তথ্য।

অহা ১১ মে’ত ঘোষণা কৰা হ’ব ফলাফল।

Waqf Bill: লোকসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক

Waqf Bill: লোকসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক
Waqf Bill: লোকসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক

লোকসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক।(Waqf Bill)

বিধেয়কখনৰ সপক্ষত ২৮৮ গৰাকী সাংসদৰ ভোটদান।

আনহাতে বিধেয়কখনৰ বিৰুদ্ধে ২৩২ গৰাকী সাংসদৰ ভোটদান।

সংসদৰ নিম্ন সদনত এই বিধেয়ক দাখিল কৰিছিল কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে বুধবাৰে।

বিধেয়কখনৰ বিৰোধিতা কৰি সংসদত উদাত্ত ভাষণ ৰাখিছিল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে।

অৱশেষত মাজনিশা লোকসভাত গৃহীত হ’ল বিধেয়কখন।

আহাতে আজি সংসদত ৱাকফক লৈ লোকসভাত উদাত্ত ভাষণ আছাদুদ্দিন ওৱেছীৰ।