Home Blog Page 3025

ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাস আটক

ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাস আটক

ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিত দিলীপৰ নিৰ্দেশত আটক যতীন দাস ,ছিণ্ডিকেটৰে জড়িত আছিল সীমান্ত উপ-আৰক্ষী অধীক্ষকজন, বৰ্তমান ধুবুৰী সদৰ থানাত চলি আছে সোধা-পোছা | ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ

বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে সোমবাৰে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত ক’ভিড প্ৰটোকল মানি অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান

বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে সোমবাৰে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত কোভিড প্ৰটোকল মানি অনুষ্ঠিত এক অনুষ্ঠানত ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কৰি অহা প্ৰশংসনীয় কামৰ বাবে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামক বিশেষ ভাবে সন্মানিত কৰে কৰ্কট প্ৰতিষ্ঠান খনৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে। সঞ্চালক ডাঃ কটকীৰ পৰা এই সন্মান গ্ৰহণ কৰে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই।

পাণ্ডুৰ জয়মতী নগৰত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী মহানগৰীৰ জালুকবাৰী থানাৰ অন্তৰ্গত পাণ্ডুৰ জয়মতী নগৰত যোৱানিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড । জানিব পৰা মতে ৰন্ধন গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত অগ্নিকাণ্ডটোত সম্পূৰ্নৰূপে ভস্মীভূত হয় ১০ টাকৈ বাসগৃহ । প্ৰাপ্ত খবৰ মতে যোৱানিশা প্ৰায় ১১:৩০ বজাত সংঘটিত ভয়াবহ অগ্নিকাণ্ডটোত জয়মতী নগৰত ভাৰাতীয়া হিচাপে থকা প্ৰায় দহটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় । জুইৰ লেনিহান শিখাই মুহূৰ্ততে ছানি ধৰে সমগ্ৰ জয়মতীনগৰ অঞ্চলটো । ভয়াৱহ অগ্নিকাণ্ডটোত প্ৰায় ১০  লক্ষাধিক টকাৰ অতি মূল্যবান সা-সম্পত্তি জ্বলি চাৰখাৰ হয় । তদুপৰি বাইকসহ বাসগৃহৰ ভিতৰত থকা বাইক সহ কোনো ধৰণৰ সা-সামগ্ৰী ৰক্ষা নপৰিল অগ্নিকাণ্ডটোৰ পৰা । ইপিনে স্থানীয় নাগৰিকৰ তৎপৰতা আৰু পাণ্ডু – আই এছ বি টিৰ পৰা অহা মুঠ ৬খনকৈ অগ্নিনিৰ্বাপক বাহনীৰ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । দিন হাজিৰা  কৰি পৰিয়াল চলাই থকা ভাৰাতীয় লোকসকল অগ্নিকাণ্ডটোৰ ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে ।

ধুবুৰী জিলাৰ গোসাঁইডুবী তিনডুবী গাওঁ পঞ্চায়তৰ পাৰ্কু পাইনৰ কামত ব্যাপক দুৰ্নীতি ৷ সাংবাদিকৰ কেমেৰাৰ সন্মুখত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক ভাষ্য প্ৰদান স্থানীয় জনতাৰ।

 চৰকাৰে দিয়া বিৰসিং জৰুৱা ব্লকত মুঠ ১৯ কোটি ৩৫ লাখ টকা পাৰ্কু পাইনৰ আচনিঁৰ নামত ধন মুকলাই দিছে তাৰে ভিতৰত গোসাঁইডুবি তিনডুবী গাওঁ পঞ্চায়তত অন্তৰ্গত ১০ টা পাৰ্কুপাইনৰ কামৰ পৰিমান ১ কোটি তাৰে ভিতৰত মাত্ৰ ৪/৫ লাখ  টকাৰ কাম কৰিছে বুলি ৰাইজ অভিযোগ উত্থাপন কৰিছে।  প্ৰতিটোত ১৫৫ টা পাৰ্কু পাইন নিদি মাত্ৰ  ২৫/৩০ টা ছেট বহাই বাৰিষাৰ দিন অহালৈকে ৰৈ আছে তাৰ পিছতে বাকি টকা আত্মসাৎ কৰাৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে স্থানীয় ৰাইজৰ অভিযোগ ৷ আৰু সভানেত্ৰী হাবিবা ইয়াছমিনে অকল পাৰ্কু পাইনৰ কামতে নহয় পঞ্চায়তৰ বিভিন্ন আচনিঁৰ কামত ব্যাপক দুৰ্নীতি কৰি আহিছে বুলি সাংবাদিকৰ কেমেৰাৰ আগত ৰাইজে বিষ্ফোৰক ভাষ্য প্ৰদান কৰে  ৷ আপুনি শুনিলে আচৰিত হ’ব, ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা আজিলৈকে উক্ত গাওঁত সাংবাদিক কেতিয়াও যোৱা নাছিল বুলি ৰাইজে জনাই। সেই সুযোগতে চৰঅঞ্চলৰ সহজ সৰল লোকৰ সৰলতাৰ সুযোগ লৈ চলাইছে অৰাজগতা। যিজনী সভানেত্ৰীক উন্নয়নৰ বাবেই নিৰ্বাচিত কৰিছে সেই গৰাকী সভানেত্ৰীয়ে ধুবুৰী চহৰৰ মাজমজিয়াত থকা নিজৰ বাসগৃহত বসবাস কৰে কিন্ত মাহ মাহ ধৰি পঞ্চায়তৰ ৰাইজক খবৰ লোৱাৰ সময় নাই অকল নিৰ্বাচনৰ সময়ত মুখ দেখিবলৈ পোৱা যায়। আৰু এই অঞ্চলৰ নীৰিহ দিন হাজিৰা কৰি খোৱা একাংশ পৰিয়ালে আৰু ৰাইজে অসম চৰকাৰ আৰু ধুবুৰী জিলা উপায়ুক্তৰ জড়িয়তে বিচাৰিছে প্ৰতিটো কামৰ তদন্ত ৷ 

দলগাওঁ শিয়ালমাৰী উন্নয়ন খন্ডৰ অন্তৰ্গত শ্যামপুৰ গাওঁ পঞ্চায়তত আচনিৰ নামত ব্যাপক দূৰ্নীতি : আচঁনিৰ ফলক নলগোৱাকৈ নিন্ম মানৰ কাম কৰাৰ অভিযোগ ৰাইজৰ ।

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চলিছে ব্যাপক দুৰ্নীতি । উন্নয়ন খণ্ডৰ  একাংশ চৰকাৰী বিষয়া/কৰ্মচাৰীৰ সহযোগত জনপ্ৰতীনিধিয়ে লিপ্ত হৈছে  ব্যাপক দুৰ্নীতি অনিয়মত । এটাৰ পিছত আন এটা দুৰ্নীতি অনিয়মৰ তথ্য পোহৰলৈ আহিছে  দৰঙৰ দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত । তথাপিও গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ । দলগাও শিয়ালমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ শ্যামপুৰ গাওঁ পঞ্চায়তত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । গাওঁ পঞ্চায়ত খনত চলি থকা এমজিএনৰেগা , চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আচনিৰ নামত দুৰ্নীতিৰ সংঘটিত হোৱাৰ অভিযোগ । অভিযোগ অনুসৰি পঞ্চায়ত খনৰ   অন্তৰ্গত শ্যামপুৰ বজাৰৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ  ঘাটলৈ যোৱা পথৰ কালভাৰ্ট নিৰ্মাণৰ নামত চৰকাৰে  লাখ লাখ টকা  আৱন্টন দিয়ে  যদিও  কামত নিয়োজিত চতুৰ ঠিকাদাৰ ৰূপী পঞ্চায়ত প্ৰতিনিধিয়ে আচঁনিৰ ফলক নলগোৱাকৈ  ৰাইজক অন্ধকাৰত ৰাখি ৰূপায়ন কৰে আচনিৰ কাম । উল্লেখযোগ্য যে উক্ত পথেৰে দৈনিক বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে পথচাৰী সকলে জমৰ যাতনা ভুগ কৰি আহিছে । বাৰিষা কালত বাহৰ সাকো নিৰ্মাণ কৰি যাতায়ত কৰে বৃহৎ চৰান্চলৰ লোক সকলে । যাতায়ত সুচল কৰাৰ বাবে শ্যামপুৰ গাওঁ পঞ্চায়তৰ পৰা পথটোত এখন কালভাৰ্ট নিৰ্মাণৰ অনুমোদন দিয়ে । সদাব্যস্ত পথটোৰ কালভাৰ্ট খন চৰকাৰী প্ৰাক:কলনৰ নীতি নিয়ম উলাংঘা কৰি  নিৰ্মাণ কৰা হৈছে পথৰ বহু তলত ।  পথৰ উচ্চতাৰ পৰা তলত নিৰ্মাণ কৰা কালভাৰ্ট খন বাৰিষা কালত  ভাঙি যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ একাংশ বিষয়া কৰ্মচাৰীক   মেনেজ কৰি শ্যামপুৰ গাওঁ পঞ্চায়তৰ একাংশ প্ৰতিনিধিয়ে সংঘটিত কৰিছে এটাৰ পিছত আন এটা  দুৰ্নীতি অনিয়ম । সেয়ে উত্থাপিত  অভিযোগৰ এক  উচ্চ পৰ্যায়ৰ তদন্ত কৰি সঠিক ভাৱে কালভাৰ্ট খন নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আহ্বান জনাইছে স্থানীয় ৰাইজে ।

হোজাইৰ বৰপুখুৰীৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

হোজাইৰ বৰপুখুৰীৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে হোজাই আৰক্ষীয়ে৷

হোজাই আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বৰপুখুৰীৰ এখন শাক-পাচলিৰ দোকানৰ পৰা জব্দ কৰে গাঞ্জাখিনি৷

জব্দ কৰা গাঞ্জাখিনিৰ ওজন ২ কেজি ৬০০ গ্ৰাম৷

ঘটনা সংক্ৰান্তত হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মিথুন দেৱনাথ আৰু গোপাল দেৱনাথ নামৰ দুজন লোক৷

আটক লোক দুয়োজন পিতা-পুত্ৰ বুলি জানিব পৰা গৈছে৷

দীৰ্ঘদিনৰ পৰা দুয়ো পিতা-পুত্ৰই অঞ্চলটোত গাঞ্জা বিক্ৰী কৰাৰ অভিযোগ উঠিছে৷

হোজাই আৰক্ষীয়ে দুয়োকে থানাত জেৰা চলাই আছে৷

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা সহ ট্ৰাক জব্দ

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি ৰাতি পুৱা ৫টা মান বজাত শিমুলটাপুৰ আৰক্ষীয়ে অভিযান চলাই ৫১ পেকেট গাঞ্জা সহ NL-0N 4149 নম্বৰৰ এখন ট্ৰাক জব্দ কৰে। উল্লেখ্য যে শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল লালহিমছিংগ এক গোপন সূত্ৰৰ ভিত্তিত শ্ৰীৰামপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ৫১ পেকেট গাঞ্জা সহ ট্ৰাকখনক জব্দ কৰে লগতে ট্ৰাকখনৰ চালক মোছলেম উদ্দিন (২৭) আৰু হেণ্ডিমেন ৰুবুল আলী (২৫)ক আটক কৰে৷দুয়োৰে ঘৰ হাইলাকান্দত বুলি জানিব পৰা গৈছে ৷গাঞ্জাভৰ্তি ট্ৰাকখন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই থাকোঁতে আৰক্ষীৰ সন্দেহ হোৱাত গাড়ীখন তালাচী চলোৱাত গাঞ্জা ওলোৱাত গাঞ্জাভৰ্তি ট্ৰাকখন শিমুলটাপু আৰক্ষী চকীলৈ আনে।গাঞ্জাখিনি ওজন কৰাত ৫ কুইন্টল ৭২ কেজি গাঞ্জা উদ্ধাৰ কৰা হয়।গাঞ্জাখিনিৰ মূল্য প্ৰায় 50 লক্ষাধিক টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

হোজাইত ২৬০০ গ্ৰাম গাঞ্জা জব্দঃ আৰক্ষীৰ জালত পিতা-পুত্ৰ

হোজাইত ২৬০০ গ্ৰাম গাঞ্জা জব্দঃ আৰক্ষীৰ জালত পিতা-পুত্ৰজমিৰ উদ্দিন তালুকদাৰ, ডবকা ৩১ মেঃ সমগ্ৰ ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগচ, নিছাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ সময়ত হোজাই আৰক্ষীয়েও চলাইছে ড্ৰাগচবিৰোধী অভিযান ৷ আজি হোজাই আৰক্ষীয়ে এক অভিযান চলাই হোজাই বৰপুখুৰীৰ পৰা ২৬০০ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত বাতৰি অনুসৰি হোজাই আৰক্ষীয়ে এক গোপন উৎসৰ খবৰৰ ভিত্তিত বৰপুখুৰী অঞ্চলত অভিযান চলায় ৷ অভিযান কালত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে গাঞ্জাৰ ব্যৱসায়ৰ সৈতে জড়িত দুই পিতা-পুত্ৰকো আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ হাতত আটক হোৱা পিতা-পুত্ৰদ্বয় হ’ল ক্ৰমে মিথুন দেৱনাথ আৰু গোপাল দেৱনাথ ৷ দুয়োৰ বিৰুদ্ধে নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগ ৷ আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰাৰ লগতে দুয়োকে এনডিপিএছ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি তদন্ত চলাই আছে ৷

কোভিডত মৃত্যু হোৱা শ্ৰমিকৰ মৃতদেহ পেলালে ৰাষ্টাত। উত্তপ্ত ৰমাই চাহ বাগিছা।

ডিব্ৰুগড়ৰ ৰমাই চাহ বাগিছাত উতপ্ত পৰিস্থিতি। কোভিড আক্ৰান্ত হৈ চিকিৎসালয়ত মৃত্যু হোৱা ভীম ভূঞা নামৰ এজন শ্ৰমিকৰ মৃতদেহ এম্বুলেঞ্চত কঢ়িয়াই আনি পথৰ কাষত পেলাই থৈ যোৱাৰ গুৰুতৰ অভিযোগ তুলি বাগিচাখনৰ শ্ৰমিকসকলে বাগিচা কৰ্তৃপক্ষ আৰু চিকিৎসালয়ৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী।

ক’ভিড আতংকৰ মাজতে গোলাঘাটত দল বদলিকৰণ প্ৰক্ৰিয়া

ক’ভিড  বিভীষিকাৰ  এনে  ভয়ংকৰ পৰিস্থিতিৰ  মাজতে গোলাঘাটত অব্যাহত আছে দল বাগৰা প্ৰক্ৰিয়া । অগপৰ জন্মস্থান গোলাঘাটত পুনৰ অগপ ভেটি সুদৃঢ় হোৱাৰ পথত। বিগত সময়ত অগপ শূণ্য হৈ পৰা  গোলাঘাটত আজি বহ কংগ্ৰেছ কৰ্মীয়ে  অগপত  যোগদান কৰে।  গোলাঘাট প্ৰগতি চ’ৰাত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত বহু কংগ্ৰেছ কৰ্মী অগপত যোগদান কৰি দলটোক যেন পুনৰ উদ্ধাৰৰ প্ৰচেষ্টাত এখোজ আগবঢ়ালে ।অগপৰ জিলা নেতৃত্বৰ ওচৰত  প্ৰায় ৪০ গৰাকী কংগ্ৰেছ কৰ্মী যোগদান অসম গণ পৰিষদত । গোলাঘাটৰ  কলিয়াপানী ,গোলাঘাট , পুলিবৰ আৰু আঠগাও পঞ্চায়তৰ সভাপতি মাটিখোলা , মক্ৰং আৰু  আঠগাওৰ পঞ্চায়তৰ এ.পি মেম্বাৰ সৈতে ৪০ গৰাকীকৈ লোকে আজি আনুষ্ঠানিকভাৱে যোগদান কৰে অগপত । কংগ্ৰেছৰ নেতৃত্ব অভাৱত বাৰুকৈয়ে অসুৰক্ষিত অনুভৱ কৰা  এইসকল কংগ্ৰেছ কৰ্মীয়ে  ৰাজ্যৰ  উন্নয়ন স্বাৰ্থত অগপ যোগদান কৰা বুলি উল্লেখ কৰি মিত্ৰ জোট চৰকাৰৰ প্ৰতি গভীৰ আস্থা প্ৰকাশ কৰে।