Home Blog Page 304

পঞ্চায়ত নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ডিজিটেল শপতনামা আৰু ভোটাৰ তালিকা । নিৰ্বাচন প্ৰক্ৰিয়াত স্বচ্ছতা বৃদ্ধি । PANCHAYAT ELECTIONS 2025

পঞ্চায়ত নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ডিজিটেল শপতনামা আৰু ভোটাৰ তালিকা । নিৰ্বাচন প্ৰক্ৰিয়াত স্বচ্ছতা বৃদ্ধি । PANCHAYAT ELECTIONS 2025
পঞ্চায়ত নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ডিজিটেল শপতনামা আৰু ভোটাৰ তালিকা । নিৰ্বাচন প্ৰক্ৰিয়াত স্বচ্ছতা বৃদ্ধি । PANCHAYAT ELECTIONS 2025


গুৱাহাটী, ‌৫ এপ্ৰিল: PANCHAYAT ELECTIONS 2025 । অসমত আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰথমবাৰৰ বাবে শপতনামা (Affidavit) আৰু ভোটাৰ তালিকা সম্পূৰ্ণৰূপে ডিজিটেলাইজ কৰা হ’ব বুলি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। এই সন্দৰ্ভত অসম ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে কয় যে, “পঞ্চায়ত নিৰ্বাচনত স্বচ্ছতা বৃদ্ধি কৰিবলৈ, প্ৰথমবাৰৰ বাবে প্রাৰ্থীৰ শপতনামা ডিজিটেলাইজ কৰি নাগৰিকসকলৰ বাবে উপলব্ধ কৰা হ’ব।”

ইয়াৰ লগতে, ভোটাৰ তালিকাও ডিজিটেল ৰূপত আয়োগৰ ৱেবছাইটত পিডিএফ স্বৰূপত উপলব্ধ হ’ব। ভোটাৰসকলে নিজৰ জিলা, পঞ্চায়ত আৰু ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্বাচন কৰি নিজৰ নাম আদিসহ সবিশেষ চাব পাৰিব।

আলোক কুমাৰে উল্লেখ কৰে যে, “যদিও লোকসভা আৰু বিধানসভা নিৰ্বাচনত ইতিমধ্যে এই ব্যৱস্থা চালু আছে, পঞ্চায়ত নিৰ্বাচনত এইবাৰেই প্ৰথমবাৰৰ বাবে এই ব্যৱস্থা প্ৰচলন কৰা হৈছে।”

আয়োগে এইবাৰ বিভিন্ন তথ্য-প্ৰযুক্তি আধাৰিত সেৱা চালু কৰিছে, যেনে —

বেলট বাকচত ইউনিক ক’ড সংলগ্ন কৰা

প্ৰতিটো জিলা আৰু কেন্দ্ৰত টোল-ফ্ৰী নম্বৰ সহ আচৰণ বিধি উলংঘনৰ অভিযোগ দাখিলৰ ব্যৱস্থা

ভোট গ্ৰহণ আৰু গণনাৰ তথ্য প্ৰতিদ্বাৰা দুঘণ্টাৰ মূৰে মূৰে আপডেট কৰা

আয়ুক্ত কুমাৰে লগতে কয় যে, প্ৰাৰ্থীৰ শপতনামাৰ ডিজিটেলাইজ প্ৰক্ৰিয়াই নাগৰিকক প্রাৰ্থীৰ পোৰ্টফ’লিঅ’ চাবলৈ সুবিধা দিব। এই পোৰ্টেলত প্ৰাৰ্থীৰ ফটো, আয়-ব্যয়, দেনা-পাওনা আৰু সকলো প্ৰাসংগিক তথ্য উপলব্ধ থাকিব।

নতুন নিয়মৰ অধীনত, গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ন্যূনতম হাইস্কুল উত্তীর্ণ হ’ব লাগিব, আৰু আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ ক্ষেত্ৰত উচ্চতৰ মাধ্যমিক উত্তীর্ণ হ’ব লাগিব। বিশেষ শ্ৰেণীৰ (SC/ST/OBC/MOBC) প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০ম শ্ৰেণী পৰ্যন্ত শিক্ষাৰ মান যথেষ্ট হ’ব।

২০১৮ চনৰ ১৯ মাৰ্চৰ আগতে দুটা সন্তান থকা ব্যক্তিৰ ক্ষেত্ৰত সন্তানসংখ্যাৰ বিধি প্রযোজ্য নহয় বুলি কুমাৰে স্পষ্ট কৰে। তদুপৰি, ঘৰত ছেনিটাৰী শৌচালয় নথকা আৰু দুবছৰ বা ততোধিক কাল ফৌজদাৰী গোচৰত দণ্ডিত ব্যক্তি পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী হ’ব নোৱাৰিব।

ব্যয় সীমাৰ ক্ষেত্ৰত, গাঁও পঞ্চায়তৰ প্ৰাৰ্থীয়ে ২৫,০০০ টকা, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে আঢ়ৈ লাখ টকা আৰু জিলা পৰিষদৰ প্ৰাৰ্থীয়ে ১০ লাখ টকা ব্যয় কৰিব পাৰিব।

উল্লেখযোগ্য যে, এইবাৰ অসমত মুঠ ১ কোটি ৮০ লাখ ৩৬ হাজাৰ ৬৮২ জন ভোটাৰ আছে, যাৰ ভিতৰত ৯০.৭১ লাখ পুৰুষ, ৮৯.৬৫ লাখ মহিলা আৰু ৪০৮ জন তৃতীয় লিংগৰ ভোটাৰ। ২০১৮ চনৰ তুলনাত এইবাৰ ভোটাৰ বৃদ্ধি ১৩.২৭ শতাংশ।

আলোক কুমাৰে কয়, “এইবাৰ মহিলা ভোটাৰৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে আৰু পুৰুষ ভোটাৰৰ সৈতে প্ৰায় সমানে আহি পৰিছে। ভোটাৰত লিংগৰ আনুপাতিকতাত মাত্ৰ ১% পাৰ্থক্য পৰিলক্ষিত হৈছে।”

এই ডিজিটেল পদক্ষেপসমূহে পঞ্চায়ত নিৰ্বাচনত অধিক স্বচ্ছতা, সচেতনতা আৰু জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধিৰ আশা জ্ঞাপন কৰিছে।

ডঃ বাণীকান্ত কাকতি এৱাৰ্ড পোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা । Hojai

ডঃ বাণীকান্ত কাকতি এৱাৰ্ড পোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা । Hojai
ডঃ বাণীকান্ত কাকতি এৱাৰ্ড পোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা । Hojai

Hojai । হোজাই জিলাৰ কপাহবাৰীস্থিত হাজী আজমল আলী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ডঃ বাণীকান্ত কাকতি এৱাৰ্ড প্ৰাপক ছাত্ৰ-ছাত্ৰীসকলক এক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰা হয়। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৎকৃষ্ট ফলাফল দাঙি ধৰা শিক্ষাৰ্থীসকলক এই এৱাৰ্ড প্ৰদান কৰা হয়। চলিত শিক্ষাবৰ্ষত বিদ্যালয়খনৰ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উক্ত এৱাৰ্ড লাভ কৰে, যাৰ ভিতৰত ২ গৰাকী ছাত্ৰ আৰু ১৬ গৰাকী ছাত্ৰী অন্তর্ভুক্ত।

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নেচাৰ উদ্দিন আহমেদৰ সভাপতিত্বত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত অঞ্চলটোৰ বহু শৈক্ষিক ব্যক্তিত্ব, অভিভাৱক তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত বক্তাসকলে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সফলতা আৰু অধ্যৱসায়ৰ ভূয়সী প্ৰশংসা কৰে।

এৱাৰ্ড প্ৰাপ্ত শিক্ষাৰ্থীসকলে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অবদানৰ বিষয়ে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীকো এই উৎসাহদায়ক পদক্ষেপৰ বাবে ধন্যবাদ জনায়।

বিদ্যালয়খনৰ অধ্যক্ষজনে নিজৰ ভাষণত কয় যে, অহা শিক্ষাবর্ষৰ পৰা বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা নামভৰ্তি আৰম্ভ কৰা হ’ব। এই ঘোষণাই অঞ্চলটোৰ শিক্ষাক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰিব বুলি আশাবাদ ব্যক্ত কৰা হৈছে।

Peas: হালধীয়া মটৰ ব্যৱহাৰ কৰক, ৫টা উপকাৰ লাভ কৰিব, দামো কম !

Peas: হালধীয়া মটৰ ব্যৱহাৰ কৰক, ৫টা উপকাৰ লাভ কৰিব, দামো কম !
Peas: হালধীয়া মটৰ ব্যৱহাৰ কৰক, ৫টা উপকাৰ লাভ কৰিব, দামো কম !

হালধীয়া মটলৰ দাম যথেষ্ট কম, কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ই এক অতি মূল্যৱান খাদ্য। গ্ৰীষ্মকালত এই মটৰ খালে স্বাস্থ্যৰ উন্নত হ’ব।(Peas)গ্ৰীষ্মকালত সতেজ সেউজীয়া মটৰ সহজে পোৱা নাযায় আৰু ফ্ৰ’জেন মটৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয়, এনে পৰিস্থিতিত হালধীয়া মটৰ এটা উত্তম বিকল্প। জানো আহক কিয় হালধীয়া মটৰ খাব লাগে-

১) প্ৰটিনৰ সমৃদ্ধ উৎস হালধীয়া মটৰত ভাল পৰিমাণৰ প্ৰটিন থাকে, যাৰ ফলত নিৰামিষভোজীৰ বাবে মাংসৰ সলনি এক উৎকৃষ্ট বিকল্প হয়। ই পেশী শক্তিশালী কৰা, কলা মেৰামতি কৰা আৰু শৰীৰৰ বৃদ্ধিত সহায় কৰে। বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ বাবে ই উপকাৰী।

২) উন্নত হজম ক্ষমতা ইয়াত থকা খাদ্য আঁহে হজম শক্তি উন্নত কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা উপশম দিয়ে। ফাইবাৰে অন্ত্ৰ পৰিষ্কাৰ কৰি ৰাখে আৰু পেটৰ পেট ফুলাৰ দৰে সমস্যা কমায়। পাচনতন্ত্ৰ নিয়মীয়া আৰু সুস্থ কৰি ৰখাত ই সহায়ক।

৩) হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী হালধীয়া পটলত পটাছিয়াম, মেগনেছিয়াম আৰু ফাইবাৰ থাকে, যিয়ে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। মটৰ নিয়মীয়াকৈ খালে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰাৰ লগতে তেজৰ সোঁত উন্নত কৰিব পাৰে।

৪) ওজন নিয়ন্ত্ৰণ কম কেলৰি আৰু অধিক আঁহৰ বাবে হালধীয়া মটৰৰ ওজন কমাবলৈ সহায় কৰে। ই বহু সময়লৈকে পেট ভৰপূৰ কৰি ৰাখে, যাৰ ফলত বাৰে বাৰে ভোক অনুভৱ কৰিব নোৱাৰা হয় আৰু অতিমাত্ৰা খাদ্য খোৱাৰ পৰা হাত সাৰিবলৈ সহায় কৰে। স্বাস্থ্যসন্মত খাদ্যাভ্যাস পালন কৰিব বিচৰাসকলৰ বাবেও ই ভাল।

৫) তেজৰ চেনিৰ ব্যৱস্থাপনা হালধীয়া মটৰৰ গ্লাইচেমিক সূচকাংক কম, যাৰ বাবে ই তেজৰ চেনি হঠাতে বৃদ্ধি হোৱাত বাধা দিয়ে। ইয়াত থকা আঁহ আৰু প্ৰটিনে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।

Dibrugarh: বিহুৰ প্ৰাকক্ষণত বিহু নৃত্যৰে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল চাবুৱাৰ পটীয়সী

Dibrugarh: বিহুৰ প্ৰাকক্ষণত বিহু নৃত্যৰে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল চাবুৱাৰ পটীয়সী
Dibrugarh: বিহুৰ প্ৰাকক্ষণত বিহু নৃত্যৰে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল চাবুৱাৰ পটীয়সী

নৃত্যৰ প্ৰতিভাৰে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল ডিব্ৰুগড় এক অগ্ৰণী অনুষ্ঠান “কালাৰ্চ”। উৰিষ্যাৰ পুৰীত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় শ্ৰী জগন্নাথ ধাম নৃত্য আৰু সংগীত উৎসৱত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ সাত গৰাকী কৈ প্ৰতিযোগীয়ে বিভিন্ন শাখাত নৃত্য প্ৰদৰ্শনেৰে বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল।(Dibrugarh)

চাবুৱাৰ দৃষ্টি গোস্বামী আৰু কুৱলী লেখাৰু শইকীয়াই নৃতশ্ৰী, চক্ৰনয়ন আৰু ৰাজমণী বটা লাভ কৰিলে। ধৰিত্ৰী দিহিঙ্গীয়া আৰু পিংকি সোণোৱালে লোকনৃত্য বিহু, ভাৰত নাট্যম আৰু উপ শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শন কৰি আন্ত:ৰাষ্ট্ৰীয় নৃত্যমণি, শ্ৰীক্ষেত্ৰ আৰু ৰাজশ্ৰী বঁটা লাভ কৰিলে।

অৰ্পিতা কাশ্যপ,ভিতালী সোণোৱাল আৰু তেহচিন হুচেইনে ক্ৰমে আন্ত:ৰাষ্ট্ৰীয় নৃতশ্ৰী আৰু চক্ৰ নয়ণ বটাৰে সন্মানিত হ’ল। আনহাতে,নৃত্য দলটিৰ প্ৰশিক্ষক বিউটি লেখাৰু শইকীয়াক গুৰু গৰিমা সন্মান আৰু কালাৰ্চৰ পৰিচালন সঞ্চালক অমল শইকীয়াক গুৰু গৌৰৱ সন্মান বটাৰে বিভূষিত কৰে।এই খবৰ লাভ কৰাৰ পিছতে এতিয়া সমগ্ৰ ডিব্ৰুগড় জিলাবাসী ৰাইজ আনন্দত উৎফুল্লিত হৈ পৰিছে।

উল্লেখ্য যে, চাবুৱাস্থিত কালাৰ্চ ইনষ্টিটিউত হৈছে এনে এখন প্ৰতিষ্ঠান, যি সংগীত, নৃত্য আৰু বাদ্য যন্ত্ৰৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলক তথা গ্ৰামাঞ্চলৰ প্ৰতিভা বিকাশৰ বাবে এক সঞ্জীৱনী বাট সৃষ্টি কৰি দিছে।

Vastu Tips: গা ধুই এই পাঁচটা কাম কৰিলে দৰিদ্ৰ হ’বলৈ বেছি সময় নালাগে !

Vastu Tips: গা ধুই এই পাঁচটা কাম কৰিলে দৰিদ্ৰ হ'বলৈ বেছি সময় নালাগে !
Vastu Tips: গা ধুই এই পাঁচটা কাম কৰিলে দৰিদ্ৰ হ'বলৈ বেছি সময় নালাগে !

গা ধুই অহাৰ পিছত ঘৰত নেতিবাচক শক্তি বিয়পাব পৰা যিকোনো কামৰ পৰা বিৰত থাকিব। বাস্তু নষ্ট কৰিব পৰা কোনবোৰ কাম কৰিব নালাগে জানো আহক।(Vastu Tips)

গা ধোৱাৰ পিছত লেতেৰা পানী এৰিব নালাগে, কিছুমান মানুহৰ এনে অভ্যাস আছে যে গা ধুই বাথৰুমৰ পৰা ওলাই আহে কিন্তু লেতেৰা পানী বাল্টিটোত যিদৰে আছে তেনেকৈয়ে থৈ আহে। এনে কৰিলে ঘৰৰ বাস্তু নষ্ট হ’ব পাৰে। ৰাহু আৰু কেতু নেতিবাচকভাৱে সক্ৰিয় হ’ব পাৰে, ইয়াৰ ফলত উপাৰ্জিত ধনৰ অপচয় হ’ব পাৰে। দৰিদ্ৰতা আৰু দুৰ্ভাগ্যই ঘৰত প্ৰৱেশ কৰিব পাৰে। সদায় বাল্টি পৰিষ্কাৰ পানীৰে ভৰাই ৰাখক আৰু বাথৰুমটো পৰিষ্কাৰ কৰি ৰাখক।

বাথৰুমত চিঙা চুলি কেতিয়াও এৰি নাহিব। বাস্তু শাস্ত্ৰত ইয়াক অশুভ কৰ্ম বুলি গণ্য কৰা হয়। এনে কৰিলে শনি দেৱ আৰু মংগল দেৱৰ খং উঠে, যাৰ বাবে যি কাম চলি আছে সেয়া নষ্ট হৈ পৰে আৰু স্বাস্থ্যও প্ৰভাৱিত হয়।

বাস্তু শাস্ত্ৰৰ মতে চেণ্ডেল পিন্ধি কেতিয়াও গা ধুব নালাগে। এনে কৰিলে ব্যক্তিজনৰ ৰাহু আৰু কেতুৰ ক্ষতি নহয়, তেওঁৰ বাস্তুৰো ক্ষতি হয়।

লেতেৰা বাচন-বৰ্তন আৰু সিঁচৰতি জোতা-চেণ্ডেলে ঘৰৰ ধন-সম্পত্তি নষ্ট কৰিব পাৰে, বাথৰুমত তিতা কাপোৰ এৰিব নালাগে।

গা ধোৱাৰ পিছত কাপোৰ ধোৱা গা ধোৱাৰ পিছত যেতিয়া আপুনি বিশুদ্ধ হৈ পৰে তেতিয়া লেতেৰা কাপোৰ পৰিষ্কাৰ নকৰিব। সদায় গা ধোৱাৰ আগতে কাপোৰ ধুব লাগে। বাস্তু শাস্ত্ৰৰ মতে গা ধুই লেতেৰা কাপোৰ ধুলে ঘৰলৈ নেতিবাচকতা আনে।

গা ধোৱাৰ লগে লগে সেন্দুৰ লগাব নালাগে মহিলাসকলে। এনে কৰিলে স্বামীৰ আয়ুস কমিব। সদায় ভালকৈ সাজ-পোছাক পিন্ধি সাজু হোৱাৰ পিছতহে সেন্দুৰ লগাব লাগে।

Salman Khan Sikandar: ১৫০ কোটি উপাৰ্জনৰে ফ্লপ চিকান্দাৰ ! ফ্লপৰ আঁৰৰ কাৰণ কি?

Salman Khan Sikandar: ১৫০ কোটি উপাৰ্জনৰে ফ্লপ চিকান্দাৰ ! ফ্লপৰ আঁৰৰ কাৰণ কি?
Salman Khan Sikandar: ১৫০ কোটি উপাৰ্জনৰে ফ্লপ চিকান্দাৰ ! ফ্লপৰ আঁৰৰ কাৰণ কি?

ব্যৰ্থ হ’ল ছলমান খান। ‘চিকান্দাৰ’এ তেওঁক পুৰণি স্থানলৈ ঘূৰাই আনিব নোৱাৰিলে।(Salman Khan Sikandar) ঈদত ছবিখন মুক্তি পোৱাৰ পিছত যেতিয়া এনেধৰণৰ মন্তব্যই ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছিল আৰু বলীউডৰ ভিতৰত বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল তেতিয়া হিন্দী ছবিৰ আগশাৰীৰ অভিনেতা নিৰ্বাচক মুকেশ ছাব্ৰাই চিকান্দাৰক ফ্লপ বুলি ক’বলৈ তেওঁ অনিচ্ছুক। ১৫০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিলেও বলীউডৰ মতে ছলমান খানৰ ছবিখন ‘ফ্লপ’!

বলীউডকে ধৰি সমগ্ৰ দেশে ছলমানক সমালোচনা কৰি থকাৰ সময়তে অভিনেতাজনৰ ওপৰত এতিয়াও বিশ্বাস আছে মুকেশৰ! তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাই কয় যে ছলমানৰ ছবি কেতিয়াও বিফল নহয়। ব্যৱসায় কৰিব। মুকেশৰ আশা যে সময়ত ছলমানে পূৰ্বৰ গৌৰৱলৈ ঘূৰি আহিব। সকলো সময়ৰ ওপৰত নিৰ্ভৰ কৰে।

Chennai Super Kings: আজি চেন্নাই ছুপাৰ কিংছক নেতৃত্ব দিব ধোনীয়ে !

Chennai Super Kings: আজি চেন্নাই ছুপাৰ কিংছক নেতৃত্ব দিব ধোনীয়ে !
Chennai Super Kings: আজি চেন্নাই ছুপাৰ কিংছক নেতৃত্ব দিব ধোনীয়ে !

শনিবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছক নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে মহেন্দ্ৰ সিং ধোনীয়ে। দলটোৰ বেটিং প্ৰশিক্ষক মাইক হাছেই এনে সম্ভাৱনা প্ৰকাশ কৰিছে। এইবাৰৰ আই পি এলত চেন্নাইয়ে এই পৰ্যন্ত দুখন মেচ খেলিছে। দুয়োখনতে পৰাস্ত হয় ৰুতুৰাজ গাইকৱাদৰ দল। কিন্তু চেন্নাই কৰ্তৃপক্ষই তেওঁৰ ওপৰত আস্থা হেৰুৱাইছেনে? অধিনায়ক সলনি কৰাৰ কথা ভাবিছে নেকি?(Chennai Super Kings)

চেন্নাই শিবিৰত অধিনায়ক ৰুতুৰাজৰ কোনো সমস্যা নাই। তেওঁৰ ওপৰত দল কৰ্তৃপক্ষৰ সম্পূৰ্ণ আস্থা। অৱশ্যে শনিবাৰে তেওঁ দিল্লীৰ বিৰুদ্ধে খেলিব নোৱাৰিব। চেন্নাইৰ অধিনায়কগৰাকীৰ সামান্য আঘাতপ্ৰাপ্ত। গতিকে চি এছ কে দলে ৰিস্ক ল’ব নিবিচাৰে।খেলপথাৰত অৱতীৰ্ণ হ’ব নোৱাৰিলে শনিবাৰে চেন্নাইক নেতৃত্ব দিব ধোনীয়ে।

শুকুৰবাৰে সংবাদমেলত ভাষণ দি হাছিয়ে কয় যে নেতৃত্বক লৈ আমি বৰ চিন্তিত নহয়। প্ৰশিক্ষক ষ্টিফেন ফ্লেমিং আৰু ৰুতুৰাজে এই বিষয়ে আলোচনা কৰিছে। অৱশ্যে আমাৰ দলত এজন যুৱ ক্ৰিকেটাৰ আছে যিয়ে দায়িত্ব সহজে চম্ভালিব পাৰে। যাক আমি ষ্টাম্পৰ আঁৰত থিয় হৈ থকা দেখিবলৈ পাওঁ।

হাছিৰ মন্তব্য শুনি সাংবাদিকসকলে জানিব বিচাৰিছিল যে শনিবাৰে দিল্লীৰ বিৰুদ্ধে চেন্নাইক ধোনীয়ে নেতৃত্ব দিব নেকি? “মই নিশ্চিত নহয়” হাছিয়ে ক’লে। কিন্তু তেওঁৰ নেতৃত্বৰ অভিজ্ঞতা আছে। ফলত দায়িত্ব চম্ভালিব পৰা যায়। “সঁচা কথা ক’বলৈ গ’লে সেই বিষয়ে মই একেবাৰেই নিশ্চিত নহয়।” যদি আজি ৰুতুৰাজে খেলিব নোৱাৰে তেন্তে ধোনীয়ে চেন্নাইক নেতৃত্ব দিব পাৰে।

Three zodiac: শনি আৰু বুধৰ সংযোগৰ বাবে ৩টা ৰাশি হঠাৎ চহকী হ’ব, এই তিনি ৰাশিৰগৰাকী কোন কোন ?

Three zodiac: শনি আৰু বুধৰ সংযোগৰ বাবে ৩টা ৰাশি হঠাৎ চহকী হ’ব
Three zodiac: শনি আৰু বুধৰ সংযোগৰ বাবে ৩টা ৰাশি হঠাৎ চহকী হ’ব

জ্যোতিষৰ হিচাপ অনুসৰি পূৰ্বভদ্ৰপদ নক্ষত্ৰত শনি আৰু বুধৰ সংযোজন আছে। দুটা গ্ৰহৰ এই আচৰিত সংযোগ তিনিটা ৰাশিৰ লোকৰ বাবে অতি শুভ আৰু উপকাৰী।(Three zodiac)এই তিনি ৰাশি হৈছে-

বৃষ ৰাশি- আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব। ক’ৰবাত আবদ্ধ হৈ থকা টকা লাভ কৰিব। এই সময়ত ব্যৱসায় কৰাসকলৰ বাবে অতি অনুকূল হ’ব। আয় বৃদ্ধি হ’ব, আত্মবিশ্বাস বাঢ়িব। ইয়াৰ উপৰিও এই সময় বিনিয়োগৰ বাবেও শুভ হ’ব। ব্যৱসায় সম্পৰ্কীয় বিষয়ত লাভ হ’ব পাৰে। এই সময়ছোৱাত ব্যৱসায়ৰ সম্প্ৰসাৰণৰ এক ভাল সুযোগ আহিব। বহিঃৰাজ্য ভ্ৰমণৰ সম্ভাৱনা থাকিব। বন্ধু-বান্ধৱীৰ সহায়ত ভাল চাকৰি এটা পাব পাৰি।

মিথুন ৰাশি- তেওঁলোকৰ জীৱনলৈ সুখ আহিব। পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰাৰ সুযোগ পাব। আয়ৰ প্ৰচণ্ড বৃদ্ধি হ’ব। এই সময় বিনিয়োগৰ বাবে শুভ হ’ব। ব্যৱসায় সম্পৰ্কীয় বিষয়ত আপুনি বহুত লাভ পাব। ইয়াৰ বাহিৰেও নিবনুৱা লোকে নতুন চাকৰিৰ সুযোগ লাভ কৰিব পাৰে। নিয়োজিত লোকৰ পদোন্নতি বৃদ্ধি পাব। বিবাহিত জীৱন সুখী হ’ব। ভূমি সম্পৰ্কীয় কামত আৰ্থিক লাভ হ’ব। পূৰ্বপুৰুষৰ সম্পত্তি বৃদ্ধি হ’ব পাৰে।

তুলা ৰাশি- দৰমহা বৃদ্ধিৰ লগতে পদোন্নতিৰ সম্ভাৱনাও থাকিব। এই সময়ছোৱাত আপোনাৰ মনৰ প্ৰতিটো ইচ্ছা পূৰণ হ’ব পাৰে। নিবনুৱা লোকে চাকৰি পাব পাৰে। আৰ্থিক অৱস্থা পূৰ্বতকৈ অধিক শক্তিশালী হ’ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলেও সফলতা লাভ কৰিব পাৰে। প্ৰেম জীৱনত আপোনাৰ সংগীৰ লগত ভালদৰে মিলি যাব। জীৱন সংগীৰ সৈতে ক’ৰবাত ৰোমান্টিক ভ্ৰমণলৈ যাব পাৰে। ব্যৱসায়ৰ বাবে বহিঃৰাজ্যলৈ যাব পাৰে।

Kamrup News: মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভৰ অনুষ্ঠানত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপকৰ তিনিখনকৈ বিজুলী পাংখা প্ৰদান

Kamrup News: মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভৰ অনুষ্ঠানত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপকৰ তিনখনকৈ বিজুলী পাংখা প্ৰদান
Kamrup News: মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভৰ অনুষ্ঠানত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপকৰ তিনখনকৈ বিজুলী পাংখা প্ৰদান

৪ এপ্ৰিলত অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত সমগ্ৰ অসমৰ চাহ বাগান অধ্যুষিত এলেকাত ১১৮ খন আদৰ্শ মাধ্যমিক বিদ্যালয়ত নামভৰ্ত্তিৰ শুভাৰম্ভনি হৈছিল।(Kamrup News) এফালে উৎসৱ বিদ্যাৰম্ভৰ কাৰ্যসূচী আনহাতে বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস এই দুয়োটা উদ্দেশ্য আগত ৰাখি আজি কামৰূপ মহানগৰ জিলাৰ ডিগাৰুস্থিত মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামী আৰু গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ৰসায়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ কাকতিয়ে । বিদ্যালয়খনত ষষ্ঠ আৰু নৱম শ্ৰেণীত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাবিদ দুগৰাকীয়ে পাঠ্যপুথি প্ৰদান কৰাৰ লগতে ভৱিষ্যত শিক্ষা জীৱনত সফল হ’বৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা সাধুকোৱা প্ৰতিযোগিতাত প্ৰথম জতি দৰ্জী দ্বিতীয় কিশান ডেকা তৃতীয় লতিকা বড়ো বাতৰি কাকত পঢ়া প্ৰতিযোগিতাত প্ৰথম অজন্তা ফাংছু দ্বিতীয় ললিত কেলেং তৃতীয় সোমেশ্বৰ দাস বানান আৰু যুক্তাক্ষৰ লিখা প্ৰতিযোগিতাত প্ৰথম অজন্তা ফাংছু দ্বিতীয় অম্বিকা বড়ো তৃতীয় ধনশ্ৰী বড়োক লিখন সামগ্ৰী পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয়।

বিদ্যালয়ৰ সদ্য ঘোষিত বাৰ্ষিক পৰীক্ষাত প্ৰতিটো শ্ৰেণীতে তিনিটাকৈ স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক উদ্‌গনিমূলক বঁটা প্ৰদান কৰাৰ লগতে বিদ্যালয়খনৰ গুণোৎসৱত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত গৰিমা তাঁতী আৰু বাৰ্ষিক পৰীক্ষাত আটাইবোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অধিক নম্বৰ পোৱা আজন্তা ফাংছুকো বঁটা প্ৰদান কৰা হয়। বিদ্যালয়ৰ প্ৰাৰ্থনাসভা স্থলীত ছাত্ৰ-ছাত্ৰীয়ে যাতে উৎকট গৰমৰ পৰা সকাহ পায় সেই কথাটো অনুভৱ কৰি সভাত উপস্থিত থকা গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ৰসায়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ কাকতিয়ে তিনিখনকৈ বিজুলী পাংখা আগবঢ়ায়। বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে দুয়োগৰাকী বদান্য শিক্ষাবিদকে আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকি উৎসাহ যোগোৱা বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত বিদ্যালয় পৰাচালনা সমিতিৰ সদস্য বাসুদেৱ তাঁতীৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু একাংশ অভিভাৱকো উপস্থিত থাকে।

Eviction drive: কচুতলিত প্ৰশাসনৰ পুনৰ উচ্ছেদ অভিযান

Eviction drive: কচুতলিত প্ৰশাসনৰ পুনৰ উচ্ছেদ অভিযান
Eviction drive: কচুতলিত প্ৰশাসনৰ পুনৰ উচ্ছেদ অভিযান

কচুতলিত পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। উল্লেখযোগ্য যে কচুতলিৰ জনজাতীয় আবেষ্টনীৰ ভূমি তথা চৰকাৰী চৰনীয়া পথাৰ বৃহৎ অংশ ভূমি সন্দেহজনক লোকে অবৈধ ভাৱে বেদখল কৰি আছিল।(Eviction drive) অবৈধ বেদখলকাৰীৰ জনসমষ্ঠিয়ে ডিমৰীয়া অঞ্চলৰ স্থানীয় জনজাতি লোকসকলৰ জনগাঠনিৰ প্ৰতি ভাবুকি অহাৰ শংকাত শংকিত হৈ বিভিন্ন দল সংগঠনে দীৰ্ঘদিনৰে পৰা কচুতলিত উচ্ছেদৰ দাবী তুলি আহিছিল।

যাৰ পৰিপ্ৰেক্ষিতত যোৱা বৰ্ষত প্ৰশাসনে কচুতলিৰ জনজাতীয় আবেষ্টনীৰ ভূমি অবৈধ ভাবে বসবাস কৰা লোকক উচ্ছেদ কৰি বেদখলমুক্ত কৰিছিল। তাৰ সমান্তৰালভাবে কচুতলিৰ ভূমি অবৈধ ভাবে বেদখলত সহায় কৰা দুষ্টপ্ৰবৃত্তিৰ মাটিৰ দালাল কেইটামান মানক আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। কচুতলিৰ উচ্ছেদিত ভূমিৰ পৰা প্ৰায় সংখ্যা অবৈধ বেদখলকাৰীয়েই আতৰি গৈছিল যদিও পুনৰ দালাল এচামৰ উচতনিত একাংশ অবৈধ বেদখলকাৰীয়ে কচুতলিৰ ভূমি দখল অভিযানত নামি পৰে।

এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন কচুতলিৰ উচ্ছেদিত ভূমিত ১০নম্বৰ আৰক্ষী বেটেলিয়ান কেম্পকে ধৰি ESI চৰকাৰী বিভাগৰ এখন মেডিকেল কলেজৰ বাবেও ভূমি সংৰক্ষিত কৰি ৰাখিছে। তেনে ক্ষেত্ৰত কচুতলিত পুনৰ একাংশ লোকে অবৈধ ভাবে ভূমি বেদখল কৰা কাৰ্যক প্ৰশাসন তথা স্থানীয় ৰাইজে সহজভাৱে লোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা পুনৰ কচুতলিত প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। ডিমৰীয়া সম জিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াই জানিবলৈ দিয়া মতে আজি প্ৰায় ৪০ টাকৈ অবৈধভাবে সাজিলোৱা ঘৰ উচ্ছেদ কৰিছে।