Home Blog Page 305

Upasa Phukan: ভৃগু ফুকনৰ জীয়ৰী উপাসা ফুকনৰ ৰহস্যজনক মৃত্যু !

Upasa Phukan: ভৃগু ফুকনৰ জীয়ৰী উপাসা ফুকনৰ ৰহস্যজনক মৃত্যু !
Upasa Phukan: ভৃগু ফুকনৰ জীয়ৰী উপাসা ফুকনৰ ৰহস্যজনক মৃত্যু !

গুৱাহাটীৰ উজানবজাৰত চাঞ্চল্যকৰ ঘটনা।(upasa phukan)

ৰহস্যজনকভাৱে মৃত্যু অগপ নেতা ভৃগু ফুকনৰ জীয়ৰী উপাসা ফুকনৰ।

২ মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু যুৱতীগৰাকীৰ।

ঘটনাক লৈ তীব্র চাঞ্চল্য অঞ্চলটোত।

ঘটনাস্থলীত উপস্থিত হৈছে লতাশিল আৰক্ষী।

মাতৃৰ সৈতে উজানবজাৰৰ ঘৰত আছিল উপাসা।

পুৱা ৮ বজাত এই ৰহস্যজনক ঘটনা সংঘটিত হয়।

Myanmar Earthquake: ম্যানমাৰৰ ভূমিকম্পত ১৬০০ৰো অধিক লোকৰ মৃত্যু, ৩৪০৮ জন আহত; ভাৰতত সাহায্য অভিযান

Myanmar Earthquake: ম্যানমাৰৰ ভূমিকম্পত ১৬০০ৰো অধিক লোকৰ মৃত্যু, ৩৪০৮ জন আহত; ভাৰতত সাহায্য অভিযান
Myanmar Earthquake: ম্যানমাৰৰ ভূমিকম্পত ১৬০০ৰো অধিক লোকৰ মৃত্যু, ৩৪০৮ জন আহত; ভাৰতত সাহায্য অভিযান

নতুন দিল্লীয়ে শনিবাৰে ম্যানমাৰক সহায়ৰ বাবে ‘অপাৰেচন ব্ৰহ্ম’ নামৰ বহু সংস্থাৰ সাহায্য অভিযান আৰম্ভ কৰে, ১৫ টন অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰাৰ লগতে আকাশ আৰু সাগৰীয় মাধ্যমেৰে অতিৰিক্ত সাহায্য প্ৰস্তুত কৰে।(Myanmar Earthquake)

ৰাজ্য প্ৰশাসন পৰিষদৰ তথ্য দলে শনিবাৰে প্ৰকাশ কৰা অনুসৰি ম্যানমাৰত সংঘটিত হোৱা প্ৰবল ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৪৪ জনলৈ বৃদ্ধি পাইছে, ৩,৪০৮ জন লোক আহত হোৱাৰ বিপৰীতে ১৩৯ জন এতিয়াও সন্ধানহীন হৈ আছে।

শুকুৰবাৰে ম্যানমাৰৰ মাণ্ডেলে অঞ্চলত ৭.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ সৃষ্টি হয়। ইয়াৰ পিছত মিনিটৰ ভিতৰতে ৬.৪ মাত্ৰাৰ প্ৰবল আফটাৰশ্বক হয়। এই দুৰ্যোগৰ ফলত বিস্তৰ ক্ষতিসাধন আৰু ক্ষয়-ক্ষতিৰ সৃষ্টি হয়।

১৫ লাখ লোকৰ সৈতে ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডেলেৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত এই ভয়ংকৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সমিতিয়ে ছাগাইং, মাণ্ডেলে, মেগৱে, উত্তৰ-পূব শ্বান ৰাজ্য, নাই পি টাউ আৰু বাগোত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।

উদ্ধাৰ অভিযান চলি আছে, আক্ৰান্তসকলক সহায় কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সাহায্য আহিছে। মাণ্ডেলেৰ ছাগাইং আৰু নাই পি টাউৰ ৰাজহুৱা চিকিৎসালয়সমূহে আহতসকলৰ চিকিৎসাৰ সময়ত জৰুৰী ৰক্তদানৰ বাবে অনুৰোধ জনাইছে। ভাঙি যোৱা অট্টালিকাৰ তলত আবদ্ধ হৈ আছে বহু লোক।

নতুন দিল্লীয়ে শনিবাৰে ম্যানমাৰক সহায়ৰ বাবে ‘অপাৰেচন ব্ৰহ্ম’ নামৰ বহু সংস্থাৰ সাহায্য অভিযান আৰম্ভ কৰে, ১৫ টন অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰাৰ লগতে আকাশ আৰু সাগৰীয় মাধ্যমেৰে অতিৰিক্ত সাহায্য প্ৰস্তুত কৰে। এই প্ৰচেষ্টাৰ অংশ হিচাপে উদ্ধাৰকাৰী দলো সংগঠিত কৰা হৈছে।

মানৱীয় সাহায্যৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ম্যানমাৰৰ জ্যেষ্ঠ জেনেৰেল মিন আং হ্লাইঙৰ সৈতে কথা পাতি দেশৰ সৈতে ভাৰতৰ সংহতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ বিভাগে প্ৰকাশ কৰিছে যে এইটোৱেই হৈছে বছৰৰ এতিয়ালৈকে হোৱা আটাইতকৈ প্ৰবল ভূমিকম্প। থাইলেণ্ড, ভিয়েটনাম, লাওছ, দক্ষিণ-পশ্চিম চীনত কম্পন অনুভৱ কৰা হৈছে বুলি সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰিছে।

থাইলেণ্ডত বেংককত ১০ জন লোক নিহত, ৪২ জন আহত আৰু ৭৮ জন নিৰুদ্দেশ বুলি শনিবাৰে কৰ্তৃপক্ষই প্ৰকাশ কৰে। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাট্ৰাই বেংককত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। চিয়াং মাই আৰু মায়ে হং ছনৰ দৰে উত্তৰ প্ৰদেশতো প্ৰবল কঁপনি অনুভৱ কৰা হয়। মাই হং ছনৰ পাই জিলাৰ পৰ্যটন স্থানসমূহৰ ক্ষতিসাধন।

Bimol Borah: ট্ৰেক্টৰ চলাই আলু লৈ আহিল মন্ত্ৰী বিমল বড়াই !

Bimol Borah: ট্ৰেক্টৰ চলাই আলু বিক্ৰি কৰিবলৈ আহিল মন্ত্ৰী বিমল বড়া !
Bimol Borah: ট্ৰেক্টৰ চলাই আলু বিক্ৰি কৰিবলৈ আহিল মন্ত্ৰী বিমল বড়া !

এইবাৰ ট্ৰেক্টৰ চালকৰ ৰূপত দেখিবলৈ পোৱা গ’ল মন্ত্ৰী বিমল বড়া।(Bimol Borah)

ট্ৰেক্টৰ চলাই আলু বিক্ৰি কৰিবলৈ আহিল অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া।


‘আলু উৎপাদন কেতিয়াও নোহোৱা ডিব্ৰুগড় জিলা অথবা উজনি অসমত উদ্যোগ বিভাগৰ এটা নীতিৰ ফলত এনেধৰণে কৃষকসকলে উপকৃত হ’বলৈ সক্ষম হৈছে। অসম চৰকাৰৰ উদ্যোগ বিভাগৰ Customised Policy ৰ ফলত কৃষিভিত্তিক এক অৰ্থনীতি অসমত গঢ় লৈ উঠিছে। Customised Policy আধাৰত অসমত ১০০ কোটি টকাৰো অধিক বিনিয়োগ আৰু ২০০ পোনপটীয়া কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা বিনিয়োগকাৰীক এই নীতিৰ আধাৰত উদ্যোগ নিৰ্মাণৰ বাবে চৰকাৰে সা-সুবিধা প্ৰদান কৰে। এই নীতিৰ আধাৰতে নলবাৰীত স্থাপন হোৱা পেপ্‌চিকো নামৰ এটা আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ বিনিয়োগৰ ফলত তাত প্ৰয়োজন হোৱা কেঁচা মাল আজি উজনি অসমতো উৎপাদন সম্ভৱ হৈ উঠিছে।ইয়াৰ ফলত টিংখাং সমষ্টিৰ প্ৰত্যক্ষ-অপ্ৰত্যক্ষভাৱে শতাধিক লোক জড়িত হৈ ইতিমধ্যে ৩,২৬০০০ কিলোগ্ৰাম আলু প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। আজিও ২৫,০০০ কিলোগ্ৰাম আলু খেতিয়কসকলৰ সৈতে খেতি পথাৰৰ পৰা ট্ৰেক্টৰেৰে কেঁচা মালসমূহ উলিয়াই অনাৰ মূহূর্ত…’ । এইদৰে সামাজিক মাধ্যমত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

Sukur-Karishma: আহি আছে শুকুৰ-কৰিশ্মাৰ নতুন প্ৰজেক্ট ! শুকুৰৰ সৈতে শ্বুটিং কৰি ক’লে কৰিশ্মাই ?

Sukur-Karishma: আহি আছে শুকুৰ-কৰিশ্মাৰ নতুন প্ৰজেক্ট !
Sukur-Karishma: আহি আছে শুকুৰ-কৰিশ্মাৰ নতুন প্ৰজেক্ট !

শুকুৰ আলী আৰু কৰিশ্মা নাথৰ অনুৰাগীৰ বাবে ভাল খবৰ ! কিয়নো, অতি সোনকালে দুয়োকে একেলগে দেখিবলৈ পাব। দুয়ো বৰ্তমান ব্যস্ত নতুন প্ৰজেক্টৰ শ্বুটিঙত। শুকুৰ-কৰিশ্মাৰ উপৰিও আৰু বহুলোকে অভিনয় কৰিছে তেওঁলোকৰ নতুন প্ৰজেক্টত।(Sukur-Karishma)

নতুন প্ৰজেক্টৰ শ্বুটিঙৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। সেই ভিডিঅ’টোৰ পৰাই জানিব পৰা গৈছে তেওঁলোকৰ নতুন প্ৰজেক্টৰ বিষয়ে। অৱশ্যে তেওঁলোকৰ নতুন প্ৰজেক্টটো ছবি, চুটি ছবি নে মিউজিক ভিডিঅ’ এই সন্দৰ্ভত সঠিককৈ একো কোৱা নাই।

সেই ভাইৰেল ভিডিঅ’টোত হাজাৰ হাজাৰ কমেণ্ট অনুৰাগী আৰু সমালোচকৰ। কোনো কোনোৱে তেওঁলোকৰ সেই ভিডিঅ’টোত মৰম আৰু আশীৰ্বাদ দিছে যাতে তেওঁলোকে আগবাঢ়ি য়ায়। আনহাতে আন একাংশই তেওঁলোক দুয়োকে নানা অশ্লীল বাক্যৰে কমেণ্ট কৰিছে। ভাইৰেল ভিডিঅ’টো চাওক-

শুকুৰ-কৰিশ্মাৰ নতুন প্ৰজেক্টৰ সন্দৰ্ভত আপুনি কি ক’ব ?

Duliajan News: দুলীয়াজানত অইলৰ চি এছ আৰ প্ৰকল্প ৰূপান্তৰ অধীনত বিত্তীয় সহায্য বিতৰণ

Duliajan News: দুলীয়াজানত অইলৰ চি এছ আৰ প্ৰকল্প ৰূপান্তৰ অধীনত বিত্তীয় সহায্য বিতৰণ
Duliajan News: দুলীয়াজানত অইলৰ চি এছ আৰ প্ৰকল্প ৰূপান্তৰ অধীনত বিত্তীয় সহায্য বিতৰণ

প্ৰকল্প ৰূপান্তৰৰ অধীনত দুলীয়াজান টিপলিংস্তিত অইল চি এছ আৰ এক্টিভিটি কমপ্লেক্স “স্বনিৰ্ভৰ’ত বাৰ্ষিক সামগ্ৰী আৰু বিত্তীয় সাহাৰ্য্য বিতৰণ অনুষ্ঠানৰ পৰিসমাপ্তি হয়।(Duliajan News) স্থানীয় লোকৰ সবলীকৰণৰ বাবে অইলৰ চি এছ আৰ প্ৰকল্প ৰূপান্তৰৰ বহনক্ষম জীৱিকাৰ পদক্ষেপৰ দ্বাৰা ৪২৮ টা যুটীয়া দায়বদ্ধ গোটক সহায্য প্ৰদান কৰি ১,৯২৫ টা পৰিয়ালক উপকৃত কৰিছে ।অইলৰ এই বটাঁ বিজয়ী ধ্বজাধাৰী প্ৰকল্পই ২০০৮ -০৯ চনৰ পৰা এতিয়ালৈকে ৪,৬৭৬ টা আত্ম সহায়ক গোট আৰু যুটীয়া দায়বদ্ধ গোটক দক্ষতা বিকাশ ,ব্যৱস্থাপনা প্ৰশিক্ষণ, বিত্তীয় সহায্য আৰু সামগ্ৰী প্ৰদানে প্ৰায় ২৮,৭৮৫ টা পৰিয়ালক লাভাম্বিত কৰিছে ।

এই প্ৰকল্পৰ অধীনত মহিলা হিতাধিকাৰিয়ে গঠিত ২২৭টা হস্ততাঁত দ্বায়বদ্ধ গোটে ১,১৩৫ টা ফ্লাই শ্বাটল হেণ্ডলুম ছে্ট ৭,৯৪৫ কেজি সূতা আৰু ২২ লাখ ৭০ হাজাৰ টকাৰ আৱৰ্তিত পুঁজি লাভ কৰিছে । আনহাতে ১৩৬ টা কৃষিপাম যান্ত্ৰিকীকৰণ যুটীয়া দ্বায়বদ্ধ গোটক ১৩৬ টা পানী পাম্প ,স্প্ৰেয়াৰ মেচিন আৰু মুঠ ১ কুটি ৪২ লাখ টকাৰ সহায্য পুঁজি প্ৰদান কৰে । ইয়াৰ উপৰিও ১৫ টা এগ্ৰ’ প্ৰডাক্ট কেৰিয়াৰ গোটক ১৫ খন বাহন আৰু১৫ লাখ টকাৰ সহায্য পুঁজি প্ৰদান কৰে । ২০ টা বায়’ফ্লক একুৱাকালচাৰ গোটক ৪০ টাকৈ মীন পালন টেংক আৰু পয়োজনী সজুঁলি প্ৰদান কৰে । আনহাতে ১০ টা পাৱাৰ ৰীপাৰ ( হাৰ্ভেষ্টাৰ )গোটক ১০ টা শস্য চপোৱা যন্ত্ৰ লগতে ৮ লাখ টকাৰ সহায্য পুঁজি প্ৰদান কৰাৰ লগতে ২০ টাকৈ বয়ন গোটৰ স্বীকৃতি স্বৰূপে হস্ততাঁত গোটক বল বিয়াৰিং জেকুৱাৰ্ড মেচিন প্ৰদান কৰি বয়ন শিল্পৰ উৎপাদন আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে উৎসাহিত কৰাৰ পৰিলক্ষিত হয় ।

এই অনুষ্ঠানত দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱলাকে প্ৰমুখ্য কৰি দুলীয়াজান সহ জিলা আয়ুক্ত আই এ এছ অংকুৰ দাস , অইলৰ মূখ্য আৱাসিক বিষয়া ৰূপজ্যোতি ফুকন ,কাৰ্যাবাহী সঞ্চালক ব্যৱসায়িক উন্নয়ন তথা জন সম্পৰ্ক কৰ্পৰেট বিভাগৰ অতিৰিক্ত ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন গোস্বামী , কাৰ্যবাহী সঞ্চালক মানৱ সম্পদ আৰু ক্ষেত্ৰীয় প্ৰশাসন মাধুৰ্য বৰুৱাৰ , জন পৰিক্ৰমা বিভাগৰ মূখ্য মহা প্ৰৱন্ধক দেৱাষিক বড়া আৰু জেষ্ঠ বিষয়াসকল লগতে প্ৰকল্পৰ হিতাধিকাৰী সকলো উপস্থিত থাকে ।

Dilwar Hussain Mazumdar: জে’লৰ পৰা মুক্ত হৈ কান্দি কান্দি কি ক’লে দিলোৱাৰ হুছেইন মজুমদাৰে ?

Dilwar Hussain Mazumdar: জে'লৰ পৰা মুক্ত হৈ কান্দি কান্দি কি ক'লে দিলোৱাৰ হুছেইন মজুমদাৰে ?
Dilwar Hussain Mazumdar: জে'লৰ পৰা মুক্ত হৈ কান্দি কান্দি কি ক'লে দিলোৱাৰ হুছেইন মজুমদাৰে ?

অৱশেষত জামিনত মুকলি হ’ল সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ।(Dilwar Hussain Mazumdar)

দ্বিতীয়টো গোচৰতো দিলোৱাৰক জামিন কামৰূপৰ CJM আদালতৰ।

জে’লৰ পৰা মুক্ত হৈ কান্দি কান্দি কি ক’লে দিলোৱাৰ হুছেইন মজুমদাৰে ?


Rahul Dravid: অধিনায়ক হিচাপে ৰিয়ানৰ দক্ষতাক মই প্ৰশংসা কৰিমঃ ৰাহুল দ্ৰাবিড়

Rahul Dravid: অধিনায়ক হিচাপে ৰিয়ানৰ দক্ষতাক মই প্ৰশংসা কৰিমঃ ৰাহুল দ্ৰাবিড়
Rahul Dravid: অধিনায়ক হিচাপে ৰিয়ানৰ দক্ষতাক মই প্ৰশংসা কৰিমঃ ৰাহুল দ্ৰাবিড়

‘অধিনায়ক হিচাপে ৰিয়ানৰ দক্ষতাক মই প্ৰশংসা কৰিম৷(Rahul Dravid) আকস্মিকভাৱে তেওঁ দলক নেতৃত্ব দিব লগা হৈছে৷ কিন্তু দলক খেলপথাৰত প্ৰত্যাশা অনুসৰিয়ে পৰিচালনা কৰিছে ৰিয়ানে৷ প্ৰথম মেচখন তেওঁৰ বাবে স্বাভাৱিকতে প্ৰত্যাহ্বান আছিল৷ কিন্তু অধিনায়ক হিচাপে এবাৰো তেওঁ চাপৰ সন্মুখীন হোৱাটো খেলপথাৰত দেখুওৱা নাছিল৷ এয়াই দৃঢ়তা৷ আনহাতে, কে কে আৰৰ বিৰুদ্ধে পাৱাৰ প্লে’ত তেওঁ দক্ষতাৰে বলাৰৰ সংমিশ্ৰন কৰি বিপক্ষৰ বেটাৰক বান্ধি ৰাখিছিল৷ মেচৰ পৰাজয় দলৰ, অধিনায়কক ইয়াৰ বাবে সমালোচনা কৰাটো সমিচিন নহয়৷ আমি প্ৰথম দুখন মেচত পৰাজয়ৰ কাৰণ ৩০ ৰাণৰ কম-বেছি৷ হায়দৰাবাদৰ বিৰুদ্ধে ৩০ ৰাণ বেচিকৈ দিছো, বিপৰীতে কলকাতাৰ বিৰুদ্ধে ৩০ ৰাণ কমকৈ কৰিলো৷ জয়লাভ নকৰিলেও সামগ্ৰিকভাবে দলে ছিজনৰ আৰম্ভনিৰ প্ৰদৰ্শন ভালদৰে কৰিছে৷ এতিয়া আমাৰ লক্ষ্য যি দহ শতাংশ কাম দলে কৰিব আছে সেয়া সম্পূৰ্ণ কৰি কাইলৈৰ মেচত শ্ৰেষ্ঠ প্ৰদৰ্শনৰে জয়লাভ অৰ্জন কৰা৷’ এই মন্তব্য ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ৷

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত কাইলৈ ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ছিজনৰ তৃতীয় তথা দ্বিতীয়খন ঘৰুৱা মেচত অংশ ল’ব৷ আজি সংবাদমেলত অংশ লৈ দলটোৰ মুখ্য প্ৰশিক্ষক দ্ৰাবিড়ে গুৰুত্বপূৰ্ণ মেচখনত স্পীনাৰৰ ভূমিকা নিৰ্ণায়ক হ’ব বুলিও উল্লেখ কৰে৷ অৱশ্যে দলৰ মুল একাদশ সাল-সলনিৰ প্ৰশ্নৰ উত্তৰ দি টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষকগৰাকীয়ে জনাই যে উইকেট নিৰীক্ষণ কৰিহে সেয়া সিদ্ধান্ত লোৱা হ’ব৷ আনহাতে, প্ৰথমে বেটিং বা বলিং কৰাৰ সুবিধা কোনো দলৰে ক্ষেত্ৰত নাই বুলি তেও কয়৷ ‘আমি ভাবিছিলো গুৱাহাটীত নিয়ৰৰ প্ৰভাৱ খেলত পৰিব৷ কিন্তু প্ৰথম মেচত সেয়া দেখা নগ’ল৷ যাৰবাবে টছত জয়-পৰাজয়টো নিৰ্ণায়ক নহয়৷ কিন্তু ১৬০ ৰ অধিক ৰাণ কৰাটো লগতে ইনিংছৰ মধ্যভাগত স্পীনাৰে উইকেট লোৱাটো প্ৰয়োজন৷’ দ্ৰাবিডে কয়৷

ইফালে, অসম সন্তান ৰিয়ানৰ বেটিং দক্ষতাক প্ৰশংসা কৰি দ্ৰাবিড়ে কয় ‘আমি ৰিয়ানক এইবাৰ তিনি নম্বৰ স্থানত খেলাইছো৷ ইয়াৰ কাৰণ হ’ল তেওঁৰ দৃঢ়তা আৰু ইনিংছ আগুৱাই নিয়াৰ দক্ষতা৷ ৰিয়ান দলে ভৰষা কৰিব পৰা বেটাৰ৷ যদিও আমাৰ দলটো নৱাগত ক্ৰিকেটাৰৰে গঠিত কিন্তু আটাইকেইগৰাকী প্ৰতিভাবান৷ যিকোনো পৰিস্থিতিত মেচ সলনি কৰাৰ ক্ষমতা আছে৷ যোৱা মেচতো আৰ্চাৰে গুৰুত্বপূৰ্ণ ৰাণ কৰিছে৷’

RR vs CSK IPL 2025: আজি গুৱাহাটীত সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ

RR vs CSK IPL 2025: আজি গুৱাহাটীত সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ
RR vs CSK IPL 2025: আজি গুৱাহাটীত সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ

আজি গুৱাহাটীত IPLৰ মহাৰণ।(RR vs CSK IPL 2025)

বৰ্ষাপাৰাত সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ।

ৰিয়ান পৰাগৰ নেতৃত্বত খেলপথাৰত নামিব ৰাজস্থান ৰয়েলছ।

ৰিতুৰাজ গায়কোৱাডৰ নেতৃত্বত যুঁজ দিব চেন্নাই ছুপাৰ কিংছে।

সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব মেচখন।

মেচখনক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত ব্যাপক উৎকণ্ঠা।

ষ্টেডিয়ামৰ চাৰিওফালে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী।

Bihu Suraksha Samiti:বিহু সুৰক্ষা সমিতিৰ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন গোৰেশ্বৰ অধিৱেশন

Bihu Suraksha Samiti:বিহু সুৰক্ষা সমিতিৰ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন গোৰেশ্বৰ অধিৱেশন
Bihu Suraksha Samiti:বিহু সুৰক্ষা সমিতিৰ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন গোৰেশ্বৰ অধিৱেশন

দৈনন্দিন বাৰ্তাৰ সেৱা, দৰং, ২৯ মাৰ্চঃ গোৰেশ্বৰত অনুষ্ঠিত হোৱা বিহু সুৰক্ষা সমিতি(Bihu Suraksha Samiti) অসমৰ সপ্তম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন অধিবেশনৰ ২৯ মাৰ্চত ৫ বজাত জাগৰন কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা তিনিদিনীয়াকৈ অনুষ্ঠিত  কৰা অধিৱেশনৰ আৰম্ভ হয়৷

৬ বজাত ৰূপায়ন হয় প্ৰভাতী অনুষ্ঠান, ৭-৩০ পৰিবেশ নিকাকৰন, ৮-৩০ গছপুলি ৰোপন, ১০ বজাত প্ৰতিনিধি, বিহুৱা-বিহুৱতী আৰু বিহু বিচাৰক সকলৰ নাম পঞ্জীয়ন, ১০-৩০ বজাত প্ৰদশৰ্নী আৰু গ্ৰন্থ বিপিনী উদঘাটন হোৱাৰ পিছতে ১১ বজাত অনুষ্ঠিত হয় মহিলা মঞ্চৰ কেন্দ্ৰীয় সমাৰোহ৷

গোৰেশ্বৰ মহাবিদ্যালয়ৰ(Goreswar College) অধ্যাপিকা ড° প্ৰতিভা পাটোৱাৰীয়ে মঞ্চ উদ্বোধন আৰু লোকশ্ৰী বিমলা গগৈ গোঁহাইয়ে সমাৰোহ উদ্বোধন কৰা সমাৰোহ খনত  নিদিষ্ট বক্তা হিচাবে উপস্থিত থাকি ভাষন আগবঢ়াই এন ডি ২৪ৰ সাংবাদিক এঞ্জেলা চাংমাইয়ে৷

নিদিষ্ট বক্তাৰ ভাষনত সাংবাদিক এঞ্জেলা চাংমাইয়ে কয় জন্মৰ পৰা মৃত্যুলৈ আমাক লগ নেৰে বিতৰ্ক থাকিলেহে সৃষ্টি হ’ব৷ গতিকে বিতৰ্ক দেখি ভাল কাম এটি কৰাৰ পৰা কেতিয়াও পিছুৱাই আহিব নালাগ৷ গতিকে কোনো বিতৰ্কই আমাক থমকায় ৰাখিব নোৱাৰে বা বিতৰ্ক দেখি আমি ভাল কাম এটা কৰাৰ পৰা কেতিয়াও আতৰি নাহো তাৰ প্ৰতি সদায় লক্ষ্য ৰাখি আগবাঢ়ি গলে সমাজত ভাল কামৰ সংখ্যা সদায় বাঢ়ি যাব৷৷(Jeng Bihu)

সংৰক্ষণ কৰে যাক বেছি ভাল পায় তেওঁকহে৷ যেনেকৈ মাতৃয়ে সন্তানক সদায় সংৰক্ষণ কৰি ৰাখিব বিচাৰে৷ বিহুক সুৰক্ষা দিবলৈ ওলাই অহা প্ৰত্যেক জন ব্যক্তিয়ে বিহুক ইমানে ভাল পায় যাৰ বাবে আজি বিহুৰ স্বকীয়তা যাতে কোনোয়ে কাঢ়ি নিব নোৱাৰে তাৰ বাবে সুৰক্ষা দিবলৈ ওলায় আজি আহিছে সেয়া প্ৰত্যেক গৰাকী অসমীয়াৰ বাবে গৌৰৱৰ বিষয়৷

বিতৰ্কক ভয় কৰি পিছুৱাই থাকিলে সৃষ্টি কেতিয়াও নহয় গতিকে বিহু সুৰক্ষা সমিতিয়ে যি লক্ষ্য উদ্দেশ্যৰে আগবাঢ়ি আহিছে বিতৰ্কক ভয় কৰি কেতিয়াও পিছুৱাই নাযাব৷ আপোনালোক পিছুৱাই গলে আপোনালোকৰ যি লক্ষ্য উদ্দেশ্য সেয়া কেতিয়াও পূৰন নহব৷ প্ৰত্যেকগৰাকী নাৰীয়ে দুটা কথাত বিশেষ গুৰুত্ব দিব লাগে সেয়া হ’ল একাগ্ৰতা আৰু অধ্যয়ন৷ কাৰন একাগ্ৰতা আৰু অধ্যয়নৰ ওপৰত গুৰুত্ব দিলে নাৰী কোনো দিনে অবলা হৈ নাথাকিব আৰু তেতিয়া দেখিব সমাজখন আৰু এখোপ ওপৰলৈ আগবাঢ়ি গৈছে৷

ইফালে বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মানস শৰনীয়াই সমাৰোহখনত বক্তব্য প্ৰদান কৰে৷ কেন্দ্ৰীয় মহিলা মঞ্চৰ মুখ্য আহ্বায়িকা নিজুৰাভা গগৈয়ে আত ধৰা আৰু ৰেনুমনি গগৈ আহ্বায়িকা গিতুমনি গগৈ, মনিমালা মহন্ত, ইন্দানী গোস্বামী, আৰু জুমু কলিতাই সহযোগ আগবঢ়ােৱা সমাৰোহখন সঞ্চালনা কৰে বিহু সুৰক্ষা সমিতি অসমৰ সভাপতি যতীন গগৈ আৰু শুভেচ্ছামূলক আদৰনী ভাষন আগবঢ়াই সম্পাদক প্ৰধান ৰেৱ বৰাই৷

তামোলপুৰ জিলাৰ(Tamolpur district) মহিলা মঞ্চই পোন প্ৰথমবাৰৰ বাবে লোক শিল্পী প্ৰফুল্ল লহকৰে ৰচনা আৰু সুৰ কৰা ৰেনুমনি গগৈ আৰু ৰবি কুমাৰ ডেকাই সহযোগ আগবঢ়াই সম্পূৰ্ণ কৰি তোলা সমবেত সংগীত পৰিবেশন কৰাৰ লগতে বহুকেইখন জিলাৰ মহিলাসকলে দিহানাম, বিয়ানাম, জেং বিহুৰ লগতে বিভিন্ন জনগোষ্ঠীয় লোককৃষ্টিসমূহ পৰিবেশন কৰে৷(Ensemble music performance)

Rangali Bihu festival:এক ব’হাগত বংশৰ ৰঙালী বিহু সন্মিলন 

Rangali Bihu festival:এক ব'হাগত বংশৰ ৰঙালী বিহু সন্মিলন
Rangali Bihu festival:এক ব'হাগত বংশৰ ৰঙালী বিহু সন্মিলন

দৈনন্দিন বাৰ্তা সেৱা, দদৰা, ২৯ মাৰ্চ: সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ(Rangali Bihu festival) ৫৫ সংখ্যক ৰঙালী বিহু সন্মিলন এইবেলি অহা এক বহাগত ৫৫খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব।(Assamese New Year)

১৫ এপ্ৰিলৰ পুৱা ৮.০০ বজাত বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিহুতিলত ঐক্য, সম্প্ৰীতি আৰু সংহতিৰ প্ৰতীক সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি ৰমেন ভৰালীয়ে মুল পতাকা উত্তোলনৰ লগতে বৃহত্তৰ বংশৰ অঞ্চলৰ (৮৭নং বংশৰ গাওঁ পঞ্চায়ত আৰু ১১৪নং গন্ধমৌ গাওঁ পঞ্চায়ত মিলি) ৫৪জন বিশিষ্ট শ্ৰেষ্ঠ ব্যক্তিৰ দ্বাৰা পতাকা উত্তোলন কৰিব।(Spring Festival) পতাকা উত্তোলনৰ পিছতে কণ্ঠশিল্পী কৰিস্মা দাসৰ পৰিচালনাৰে স্বৰ-সাধনা সংগীত বিদ্যালয়, বংশৰ’ৰ শিল্পীসকলৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰিব।

পুৱা ৮.৩০ বজাত স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী।(Manuh Bihu) বন্তি প্ৰজ্বলন কৰিব বংশৰৰ ধৰ্মপ্ৰাণ ব্যক্তি তিলক বৈশ্যই, স্মৃতি তৰ্পণ কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক নিত্যানন্দ ভৰালী, নৱ কুমাৰ ভৰালী, গাওঁ প্ৰধান দিপক দাস আৰু কেশৱ বৈশ্যই, পুৱা ৯ বজাত গছপুলি ৰোপণ কৰিব শৰৎ দাস, সুভাষ চন্দ্ৰ বৈশ্য, পংকজ বৈশ্য, সুৰেশ বৈশ্য আৰু নলিন নাথে। ৯.৩০ বজাত উদয়নীল জাগৃতি বিহুৱা দল, সৰুলাহৰদ্বাৰা বিহু পৰিৱেশন, ১০ বজাত হাৰিমুআফাত খেৰাই দল, গন্ধমৌৰ খেৰাই নৃত্য পৰিৱেশন আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি ৰমেন ভৰালী, সম্পাদকদ্বয় অশোক নাথ আৰু ৰাতুল কলিতাই জনাইছে।(Senehi Bihu)

ইফালে ১৯ এপ্ৰিলৰ পুৱা ৫ বজাত সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বিহু উপলক্ষে সদৌ অসম ভিত্তিত মাৰাথান দৌৰ প্ৰতিযোগিতা (পুৰুষ) আমিনগাঁওৰ চেকপোষ্টৰ বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিহুতলিলৈ অনুষ্ঠিত হ’ব। বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিক কৰ্মী মনোৱাৰ হুছেইনে উদ্ধোধন কৰিব লগীয়া মাৰাথান দৌৰ প্ৰতিযোগিতাৰ প্ৰথম বঁটা প্ৰয়াত মজিবুদ্দিন আহমেদ সোঁৱৰণী প্ৰাইজ মানিৰ (৭০০১) লগতে বঁটা, দ্বিতীয়  বঁটা প্ৰয়াত হেমেন চন্দ্ৰ নাথ আৰু প্ৰয়াত হেমপ্ৰভা নাথ সোঁৱৰণী প্ৰাইজ মানিৰ (৫০০১) লগতে বঁটা, তৃতীয় বঁটা প্ৰয়াত ৰবীন মালাকৰ সোঁৱৰণী প্ৰাইজ মানিৰ (৩০০১) লগতে বঁটা, চতুৰ্থ বঁটা প্ৰয়াত বিদুৰ দাস সোঁৱৰণী প্ৰাইজ মানিৰ (২০০১) লগতে বঁটা, প্ৰথম বঁটা প্ৰয়াত চন্দ্ৰকান্ত বৈশ্য আৰু প্ৰয়াত গংগাবালা বৈশ্য সোঁৱৰণী প্ৰাইজ মানিৰ (১৫০১) লগতে বঁটা দিয়া হ’ব, পুৱা ৫.৩০ বজাত নিজ গন্ধমৌ পৰা বিহুতলিলৈ মহিলা মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

মহিলা মাৰাথান দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰিব অসম চৰকাৰৰ সমবায় বিভাগৰ সহ: পঞ্জীয়ক আব্দুল লতিফে। মহিলা মাৰাথান দৌৰ প্ৰতিযোগিতাৰ প্ৰথম বঁটা প্ৰয়াত সম্ভুৰাম দাস আৰু প্ৰয়াত আইতৰা দাস সোঁৱৰণী বঁটাৰ লগতে প্ৰাইজমাণি ৩০০১ টকা, দ্বিতীয় বঁটা প্ৰয়াত প্ৰণৱ ভক্ত সোঁৱৰণী বঁটাৰ লগতে প্ৰাইজমাণি ২০০১ টকা, তৃতীয় বঁটা প্ৰয়াত তুলসী বৈশ্য সোঁৱৰণী বঁটাৰ লগতে প্ৰাইজমাণি ১০০১ টকা দিয়া হ’ব। পুৱা ৮.৩০ বজাত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব।

খেল-ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰিব সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি বিশ্বমোহন গোস্বামীয়ে, পুৱা ১০ বজাত বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাহিত্য প্ৰতিযোগিতা উদ্বোধন কৰিব ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰাপক, অৱসৰী প্ৰধান শিক্ষক ভগৱান বৈশ্যই, বিয়লি ৪ বজাত মুকলি কুইজ প্ৰতিযোগিতা উদ্বোধন কৰিব কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ কমলকৃষ্ণ ৰাজবংশীয়ে, সন্ধিয়া ৬.৩০ বজাত সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ইদ্ৰিশ আলী সোঁৱৰণী সাংস্কৃতিক মঞ্চত বন্তি প্ৰজ্বলন কৰিব সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি তথা যুৱনেতা ছাইদুল ইছলামে, সন্ধিয়া ৬.৪৫ বজাত সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰিব অসম চৰকাৰৰ মূখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে,

সন্ধিয়া ৭ বজাত সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰিব মাহেকীয়া সংস্কৃতিৰ দাপোণ কাকতৰ মুখ্য সম্পাদক দিনমনি ভাণ্ডাৰ কায়স্থই, সাংস্কৃতিক সন্ধিয়াত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাস, গুৱাহাটী গেট হস্পিটেলৰ চি এম ডি ডা: বেদব্ৰত পাঠক, প্ৰাক্তন ছাত্ৰ নেতা প্ৰকাশ দাস, দীনবন্ধু বঁটাপ্ৰাপক বলেন ৰাজবংশী, বিশিষ্ট সমাজকৰ্মী ডঃ কেশৱ কলিতাই।

সন্ধিয়া ৭.১৫ বজাত হাৰিমুআফাত খেৰাই দলৰ খেৰাই নৃত্য পৰিৱেশন কৰিব, সন্ধিয়া ৭.৩০ বজাত বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ আৰু সম্বৰ্দ্ধনা অনুষ্ঠান, সন্ধিয়া ৮ বজাত বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী ভাগৱত আচাৰ্য্য বগাৰাম বৈশ্য, অৱসৰী উপাধ্যক্ষ মদনমোহন দাস, সমবায় বিভাগৰ অৱসৰী পঞ্জীয়ক প্ৰসন্ন কুমাৰ দাস, অৱসৰী গ্ৰামসেৱক ভূৱনেশ্বৰ বৈশ্য, অৱসৰী উপাধ্যক্ষ হোমেশ্বৰ বৈশ্য আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা বিশিষ্ট সমাজকৰ্মী দেবেন্দ্ৰনাথ কাকতিক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব,

সন্ধিয়া ৮.৩০ বজাত সত্ৰীয়া নৃত্যশিল্পী কমলকৃষ্ণ ঠাকুৰীয়াৰ সত্ৰীয়া নৃত্যৰ লগতে কলামঞ্জৰী নৃত্যালয়’ৰ বাৰেবৰণীয়া নৃত্যানুষ্ঠান, নিশা ৯ বজাত নাহৰজান জেং বিহু দল(ৰামদিয়া)ৰ দ্বাৰা জেং বিহু পৰিৱেশন, নিশা ৯.১৫ বজাত ডেন্স কৰিঅ’গ্ৰাফাৰ বিশ্বজিৎ বৈশ্যৰ পৰিচালনাৰে বাৰেৰহণীয়া নৃত্যানুষ্ঠান পৰিৱেশন কৰিব।

সন্ধিয়া ৯.৩০ বজাত বিহুৱা ৰূপম শৰ্মাৰ পৰিচালনাৰে স্বৰ্গদেউ বিহু হুঁচৰি দলৰ দ্বাৰা বিহু পৰিৱেশন, নিশা ১০ বজাত পাঁচ পাণ্ডৱৰ কমেডী দলৰ কৌতুকাভিনয়, নিশা ১০.৩০ বজাত আমন্ত্ৰিত কণ্ঠশিল্পী নৱনীতা শৰ্মা আৰু সঞ্জু নাৰায়ণৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি ৰমেন ভৰালী, সম্পাদকদ্বয় অশোক নাথ আৰু ৰাতুল কলিতাই জনাইছে।