মৰিগাঁও জিলাৰ লাহৰীঘাট মডেল হস্পিটেলত যোৱা নিশা প্ৰথম জন কৰোনা পজেটিভ ৰোগীৰ মৃত্যু । জাগীৰোড ন-খোলা চিকিৎসালয়ৰ পৰা কালি লাহৰীঘাটলৈ প্ৰেৰণ কৰা হৈছিল ৰোগীজনক । ক’ৰণাত মৃত্যু হোৱা লোকজনৰ নাম শম্ভু দাস । মৃত দাসৰ ঘৰ জাগীৰোডৰ মইনাজানত ।
মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমবাৰৰ বাবে মাজুলী দৰ্শন
মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমবাৰৰ বাবে মাজুলী দৰ্শন। আজি ১৩ মে’ তাৰিখে উপস্থিত হয় মাজুলীত। ৩খন সত্ৰত উপস্থিত হৈ আশীষ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। গ্ৰহণ কৰিলে ৰজাদিনীয়া তামৰ মুদ্ৰা।প্ৰথমেই দৰ্শন কৰে শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰ। সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱগোস্বামীৰ আশিস-নিৰ্মালী লৈ সত্ৰৰ সকলো পৰিদৰ্শন কৰে।ইয়াৰ পিছতে কোৰোনাকেন্দ্ৰিক পৰিস্থিতিক লৈ বৈঠকত মিলিত হব মুখ্যমন্ত্ৰীগৰাকী


গুৰুগ্ৰামত Covid-19এ প্ৰাণ কাঢ়িলে আৰু এজন অসমীয়া যুৱকৰ।
দিল্লীৰ সমীপৰ গুৰুগ্ৰামত Covid-19এ প্ৰাণ কাঢ়িলে আৰু এজন অসমীয়া যুৱকৰ। মৃত্যুক সাৱটি ল’লে অংশুমান ভূঞা নামৰ যুৱকজনে ।৩০ বছৰীয়া অংশুমান Covid-19ত আক্রান্ত হৈ গুৰুগ্ৰামৰে এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল ।কিছুদিনৰ আগতে তেওঁৰ পিতৃ মৃদুল ভূঞাৰো মৃত্যু হৈছিল। পাৱাৰগ্ৰীড(Powergrid)ৰ প্ৰৱন্ধক হিচাপে কৰ্মৰত মৃদুল ভূঞাও Covid-19ত আক্ৰান্ত হৈছিল ।অংশুমানে এৰি থৈছে মাতৃ আশালতা ভূঞা আৰু ভগ্নী আকাংক্ষা ভূঞাক ।
নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিলে বিধায়ক ৰূপক শৰ্মাই
বিনা চিকিৎসাই নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় স্থিত ক’ভিদ হস্পিতালত ৰোগীয়ে মৃত্যুক সাৱতি ল’ব লগা হোৱা ঘটনাৰ বিষয়ে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পিছতে বুুুধবাৰেনগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে বিধায়ক ৰূপক শৰ্মাই। বিধায়ক গৰাকীয়ে ক’ভিদ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত কোনোধৰণৰ অৱহেলা নকৰিবলৈ চিকিৎসক-নাৰ্ছ সকলক সকীয়াই দিয়াৰ লগতে ভৱিষ্যতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়া সকল আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত ক’ভিদ হস্পিতালৰ বাবে তিনিগৰাকী চিকিৎসক আৰু ৬গৰাকী নাৰ্ছক দায়িত্ব দিয়া হয়। আনহাতে মৃত্যু হোৱা ক’ভিদ ৰোগীৰ নশ্বৰ দেহ নিয়াৰ ক্ষেত্ৰত পৰিয়ালে সন্মুখীন হোৱা সমস্যা দূৰীকৰণৰ বাবে বিধায়ক গৰাকীয়ে পৌৰ সভাৰ জৰিয়তে এখন বাহনৰো ব্যৱস্থা কৰি দিয়ে। বিধায়ক গৰাকীয়ে অভিভাৱকসকলৰ সুবিধাৰ বাবে এটি মোবাইল ফোনৰো ব্যৱস্থা কৰি দিয়ে যাতে ক’ভিদ হস্পিতালত ভৰ্তি হৈ থকা ৰোগীৰ স্বাস্থ্যৰ ব্যৱস্থাৰ বিষয়ে অভিভাৱক সকলে জানিব পাৰে। আনহাতে, প্ৰতিদিনেই চিকিৎসালয় খন তিনিবাৰকৈ চাফা কৰাৰ বাবেও আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ উপৰিও, ক’ভিদ ৰোগীয়ে পৰ্য্যাপ্ত পৰিমাণে খাদ্য লাভ কৰাৰ ক্ষেত্ৰটো যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় সেই বিষয়েও ব্যৱস্থা গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে নগাঁৱৰ ক’ভিদ হস্পিতালত সৃষ্টি হোৱা বিশৃংখলতাৰ বিৰুদ্ধে মঙলবাৰে সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি সম্প্ৰচাৰিত হৈছিল।
তিতাবৰত কণ্টেইনমেণ্ট জ’নত গুৰুত্ব নাই স্বাস্থ্য বিভাগৰ।
তিতাবৰ মহকুমাৰ অন্তৰ্গত বিৰিণাশায়েক গাওঁ পঞ্চায়ত এলেকাৰ তিনিটা চুবুৰী তিতাবৰ প্ৰশাসনে আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কণ্টেইনমেণ্ট জ’ন বুলি ঘোষণা কৰিলে। ভৰলুৱা, কোঁৱৰ চুক আৰু গোহাঁই চুক নামৰ ঠাই তিনিখনত প্ৰশাসনে দাং বান্ধি বেনাৰ লগাই ওলোৱা সোমোৱা নিষিদ্ধ কৰিলে।কিন্তু দুখৰ বিষয় যে কণ্টেইনমেণ্ট জ’নৰ ক’ৰোণা আক্ৰান্ত ৰোগী সকলৰ চিকিৎসাৰ নামত আজিলৈকে পেৰাচিটামল টেবলেট এটাও দিয়া নাই স্বাস্থ্য বিভাগে। কণ্টেইনমেণ্ট জ’নৰ ভিতৰত থকা গৰ্ভৱতী মাতৃৰ,শিশুৰ, বৃদ্ধ বৃদ্ধা সকলৰ আৰু তিনি ঠাইৰে পশুধন বিলাকৰ দুৰবস্থা তাৎপৰ্যপূৰ্ণ। খোৱা বোৱাৰ পৰা বেমাৰৰ ঔষধ পাতিলৈকে কোনেও যোগান ধৰা নাই। এটা পেৰাচিটামল টেবলেটৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে।বৰ্তমানলৈকে অঞ্চলটোৰ কোনো চুবুৰীতে চেনিটাইজ কৰা নাই স্বাস্থ্য বিভাগে। তদুপৰি কোভিদ১৯ৰ পৰা বিৰিণাশায়েকবাসীক উদ্ধাৰ কৰিবলৈ খাদ্যৰ পৰা ধৰি দৰব পাতি লৈকে যোগান ধৰিব লাগে তিতাবৰ মহকুমা প্ৰশাসনে আৰু স্বাস্থ্য বিভাগে।তিতাবৰ বাসীৰ হৈ দেবজিৎ হাজৰিকা আৰু কিশোৰ হাজৰিকাই বাতৰি কাকতলৈ প্ৰেৰণ কৰা বিবৃতিত কৈছে যে স্বাস্থ্য বিভাগে আৰু তিতাবৰ মহকুমা প্ৰশাসনে বাতৰি কাকতত বিবৃতি দিয়েই দায় সাৰিবলৈ বিচাৰিলে নহব।আনহাতে বৰ্তমান পৰ্যায়ত বিৰিণাশায়েক ক’ৰোণাৰ হটস্পত হোৱা নাই বুলি দাবী কৰি তেওঁ লোকে কয় যে প্ৰায় ৪০০ ব্যক্তিৰ কোভিদ টেষ্ট কৰা হৈছিল আৰু তাৰে ৩০ ব্যক্তিৰ শৰীৰত কোভিদ১৯ৰ উপস্থিতি ধৰা পৰিছে ।ইয়াৰ ভিতৰত প্ৰায় ৪ জন ৰোগী আৰোগ্য হৈ ঘৰলৈ আহিল। তাৎপৰ্যপূৰ্ণ ভাবে বিৰিণাশায়েকৰ এজন ক’ৰোণা ৰোগী যোৰহাট মেডিকেল কলেজ ৰ কোভিদ হস্পিটেলৰ পৰা আৰোগ্য হৈ ঘৰলৈ আহিবলৈ ২২৮০ টকা হস্পিটেলতে দিব লগীয়া হৈছে। কাজেই বা:বা:লোৱা কাৰ্যৰ বিপৰীতে তিতাবৰত স্বাস্থ্য বিভাগে আৰু তিতাবৰ মহকুমা প্ৰশাসনে বাস্তৱ সন্মত ভাবে কোভিদ আক্ৰান্ত ব্যক্তিক আৰোগ্য কৰিবলৈ কৰ্তব্য পালন কৰিব লাগে।তিতাবৰ মহকুমা অসামৰিক হস্পিটেলৰ মহকুমা স্বাস্থ্য বিষয়া গৰাকীয়ে কোভিদ আক্ৰান্ত অঞ্চলটোত স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থা কৰা নাই বুলি অভিযোগ উঠিছে। কোভিদ প্ৰতিষেধক দিয়াৰ ব্যৱস্থাও তিতাবৰত সঠিককৈ হোৱা নাই বুলি ৰাইজৰ মাজত অভিযোগ উঠিছে।
বজালীত এখন বাহনে দৃষ্টি আকৰ্ষণ কৰিছে
অভাৱেই আৱিষ্কাৰৰ মূল মন্ত্ৰ আখৰে আখৰে সত্য প্ৰমাণিত কৰি দেখুৱাইছে শৈলেন কলিতাই । বজালী জিলাৰ সীমান্তৱৰ্তী গাঁও কাৱৈমাৰিৰ এই গৰাকী ব্যক্তিয়ে প্ৰায় তিনিমাহ জুৰা এক প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ কৰি উলিয়ালে এইখন বাহন । শৈলেন কাকতি এজন পেছাত দোকানী নিজৰ দোকানৰ সামগ্ৰী অনাৰ বাবে তেওঁ বহুত সমস্যাৰ সম্মুখীন হৈছিল পিছত তেওঁ ঘৰতে পেলনীয়া সামগ্ৰী ব্যৱহাৰৰ যোগ্য যেনে চাইকেলৰ , পুৰণা টায়াৰ , লাইত , বেটাৰী আদি লগাই চার্জিঙ মাল টনা বাহন এখন প্ৰস্তুত কৰি উলিয়াই । বাহন খন সম্পূৰ্ণ কৰাৰ নামত প্ৰায় ৭৫ হাজাৰ টকাৰ ব্যয় হয় ।বাহন খনৰ ক্ষেত্ৰত এতিয়া ও বহু কাম বাকী আছে যদিও ৰাজপথত চলাবলৈ সক্ষম হৈছে শৈলেন কাকতিয়ে । বাহন খনৰ ওজন কাঢ়িয়াব পৰা ক্ষমতা প্ৰায় ৩০০ কেজিৰ ওপৰত । শৈলেন কাকতিৰ এনেকুৱা কাৰ্য্যত গাঁওবাসী গৌৰাম্বিত হোৱাৰ লগতে ভূয়সী প্ৰশংসা কৰিছে অঞ্চলটোৰ ৰাইজে।
নগৰবেৰাৰ কৃষকৰ ব্যতিক্ৰমী প্ৰচেষ্টা, সামাজিক দূৰত্ব বৰ্তাই ৰাখি মুখত মাক্স ল’ই পথাৰত কাটিছে ধান
ৰাজ্যত কৰোণাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে চৰকাৰে জাৰি কৰিছে সান্ধ্য আইন। দুপৰীয়া এক বজাৰ পৰা পুৱা পাঁচ বজালৈ নগৰ আৰু চহৰৰ সকলো দোকান-পোহাৰ বন্ধ, পোন্ধৰ দিনলৈ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ থকাৰ উপৰিও বন্ধ থাকিব সাপ্তাহিক বজাৰ। ঠিক তেনে সময়তে কভিড’১৯ ৰ ভয়াবহতাকলৈ একাংশই কৰিছে লৰা ধেমালি পিছে তাৰ মাজতেই নগৰবেৰাৰ পথাৰত কৃষক সকলৰ মাজত দেখা গল কভিড সতৰ্কতাৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা। সামাজিক দূৰত্ব বৰ্তাই ৰাখি মুখত মাক্স ল’ই কভিড প্ৰট’কল মানি পথাৰত পকা ইৰী ধান কাটিছে কৃষক সকলে। কভিড’ক লৈ চৰকাৰে দিয়া সতৰ্কতা অৱলম্বন কৰি নিজৰ লগতে সমাজলৈ এক সুস্থিৰতা আনিবলৈ আহ্বান জনায় স্বাস্থ্য সচেতন কৃষক সকলে। কৃষক সকলৰ এনে প্ৰচেষ্টাক সলাগ লৈছে সকলোৱে।
বঙাইগাঁৱৰ স্বাগত হাস্পতালত প’জিটিভ মহিলাই জন্ম দিলে নিগেটিভ সন্তান
ক’ৰোনা মহামাৰীৰ বিশ্বব্যাপী সংহাৰী ৰূপত এতিয়া চিকিৎসা ক্ষেত্ৰখনত চিকিৎসা প্ৰদান প্ৰত্যাহ্বান হিচাপে দেখা দিছে ৷ কিন্তু তাৰ মাজতো কেতিয়াবা দুই এটা খবৰ ভাল খবৰ হিচাপে বিবেচিত হয় ৷ তেনে এক ভাল খবৰ আহিল বঙাইগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ স্বাগত হাস্পতালৰ পৰা ৷ হাস্পতালখনত বুধবাৰে এগৰাকী প’জিটিভ গৰ্ভৱতী মহিলাই জন্ম দিলে এটি নিগেটিভ সন্তান ৷ উল্লেখ্য যে বুধবাৰে পোন প্ৰথমবাৰৰ বাবে বঙাইগাঁও চহৰৰ স্বাগত হাস্পতালত এগৰাকী ক’ভিড পজিটিভ গৰ্ভৱতী মহিলাক হাস্পতালখনৰ প্ৰসূতীৰোগ বিভাগৰ চিকিৎসক ডাঃ এছ কে দাসৰ তত্বাৱধানত অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় ৷ মহিলাগৰাকীয়ে জন্ম দিয়া সন্তানটি নিগেটিভ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে ক’ভিড ৰোগৰ বাবে আছুতীয়া অস্ত্ৰোপচাৰ কক্ষ, আছুতীয়া আই চি ইউ ৰ ব্যৱস্থা কৰা হয় ৷ যিটো সকলো হাস্পতালৰ বাবে সম্ভৱ নহয়। প্ৰাইভেট হাস্পতালৰ এনে প্ৰচেষ্টা নিশ্চয়কৈ স্বাস্থ্যখণ্ডৰ বাবে ভাল খবৰ৷ আনহাতে মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কাৰ্যত জড়িত হাস্পতালখনৰ চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলো ইয়াৰ বাবে নিশ্চয়কৈ প্ৰশংসাৰ পাত্ৰ ৷

নাজিৰা মহকুমাতো বাহন চলাচলত প্ৰতিবন্ধকতা :যুগ্ম – অযুগ্ন নীতি ঘোষণা
সাম্প্ৰতিক ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা দণ্ডাধীশে এক আদেশযোগে আজিৰে পৰা সমগ্ৰ শিৱসাগৰ জিলাত বাহনসমূহৰ চলাচল সীমিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। নাজিৰা মহকুমাতো এই আদেশ প্ৰযোজ্য কৰিবলৈ মহকুমাধিপতি লখিমী দত্তই জানিবলৈ দিছে। এই অনুসৰি যি সমূহ যান বাহনৰ পঞ্জীয়ন নুম্বৰৰ শেষৰ সংখ্যাটো অযুগ্ন সংখ্যা যেনে – ১,৩,৫,৭,৯ আদি সেইসমূহ বাহন প্ৰতিটো অজুগ্ন তাৰিখত চলাচল কৰিব পাৰিব। আনহাতে যুগ্ম তাৰিখত যুগ্ম সংখ্যা যেনে – ০,২,৪,৬,৮ আদি সংখ্যাৰ বাহন সমূহ চলাচল কৰিব পাৰিব। মহকুমাখনত পুৱা ৫ বজাৰ পৰা দিনৰ ২ বজালৈকেহে বাহন চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে। অবশ্যে এই আদেশ জৰুৰীকালীন সেৱাসমূহৰ বাবে প্ৰযোজ্য নহয়। এই আদেশ মহকুমাখনত তৎকালে বলৱৎ হৈছে আৰু পুনৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। মহকুমাধিপতি লখিমী দত্তই কৈ যে, “ক’ভিড নীতি-নিৰ্দেশনা ভঙ্গ কৰা সকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সময় আহি পৰিছে। ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাসকলে কেৱল নিজৰ স্বাস্থ্যৰ বাবেই নহয়, আনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। মই ইতিমধ্যেই দণ্ডাধীশসকলক এনে লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰিছো। আমি কেইজনমান আইন নমনা লোকৰ বাবে সৰ্বসাধাৰণ ৰাইজক বিপদৰ মাজলৈ ঠেলি দিব নোৱাৰো।” প্ৰশাসনে ব্যাপক ক’ভিড পৰীক্ষা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে যাতে আক্ৰান্ত লোকক চিনাক্ত কৰি পৃথকীকৰণৰ ব্যৱস্থা কৰিব পৰা যায়।
ক’ৰণাৰ দ্বিতীয় পালি ক’ভিড ভেকচিন ৪২দিনৰ পিছতহে প্ৰদান কৰাৰ নতুন নীতি নিৰ্দেশনা,ওৰাঙত ৩০দিনতে ২দ্বিতীয় পালি ভেকচিন বিচাৰি হাহাকাৰ
সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা ভেকচিন কেন্দ্ৰ সমুহত ক’ৰনাৰ কভিডশ্বিল ভেকচিনৰ ক্ষেত্ৰত প্ৰথমটো পালি লোৱাৰ ৪২ দিন পিছত হে দ্বিতীয় পালি ল’ব পাৰিব বুলি ইতিমধ্যে নতুনকৈ নীতি নিৰ্দেশনা জাৰি কৰিছে ৷নতুন নীতি নিৰ্দেশনা অনুসৰি দ্বিতীয় পালিৰ বাবে অহা লোক সকলৰ ৪২ দিন সম্পূৰ্ণ নহলে COWIN পৰ্টেলত System ত Upload নলয় বুলি জানিব পৰা গৈছে ৷গতিক, কভিডশ্বিলৰ ক্ষেত্ৰত ৪২ দিন সম্পূৰ্ণ কৰা সকলকহে দ্বিতীয় পালি ভেকচিন প্ৰদান কৰাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে ৷এই দৰে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত থকা ওৰাং কভিড ১৯ভেকচিনিনেশ্যন কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী বিপ্লৱ জ্যোতি ডেকা,গজেন চন্দ্ৰ বড়োনীতা দেৱী এই বিষয়ে জানিবলৈ দিছে ৷ কভিড ১৯ৰ প্ৰথম পালি ভেকচিন লৈ দ্বিতীয় পালি ভেকচিনৰ বাবে ৩০ দিনতে লবলৈ আহি স্বাস্থ্য কৰ্মী সকলক শ শ লোকে অযথা হাৰাশাস্তি,জ্বলাকলা কৰি থকা দেখিবলৈ পোৱা গৈছে ৷আনকি একাংশ লোকে সাংবাদিককো ৩০দিনৰো ভেকচিন নিদিয়ে বুলি অভিযোগ দাখিল কৰিছে ৷ইতিমধ্যে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ কভিড ১৯ভেকনিনেশ্যন কেন্দ্ৰ সমুহত ১৮ৰ পৰা ৪৪ বছৰলৈ ৩৫০গৰাকীক আৰু ৪৫ বছৰৰ উৰ্দ্ধলৈ ১০হেজাৰৰো অধিক কভিড ভেকশ্বিন দিয়া হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰে জানিব পৰা গৈছে ৷











