দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঢেকিয়াজুলিত এখন জনসভা সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত কেইবাটাও অভিলাসী প্ৰকল্পৰ শুভাৰম্ভণি কৰে। প্ৰধানমন্ত্ৰীৰ লগতে অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। লগতে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ বহু কেইগৰাকী মন্ত্ৰী বিধায়ক।প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত আজি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। অসমীয়া ভাষাতে উপস্থিত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘মই অসমৰ জনতাৰ চৰণত প্ৰণাম জনাইছো। মোৰ মনটো অসমীয়া গৌৰৱৰে ভৰি পৰিছে। পূৰ্বোত্তৰে বিকাশৰ বাবে বহুদিন বাট চাবলগীয়া হ’ল। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত এতিয়া আগবাঢ়িছে পূৰ্বোত্তৰ। অসমৰ বিকাশৰ যাত্ৰাত আজি উল্লেখযোগ্য দিন।পূৰ্বোত্তৰ বিকাশত আগৰণুৱা হৈছে অসম। এই বিশেষ দিনটোত মই আন্তৰিক শুভেচ্ছা জনাইছো।প্ৰধানমন্ত্ৰী মোদীয়ে আজি অসম মালা আঁচনি মুকলি কৰি অসমবাসীক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, যোৱা ৫ বছৰত অসমত নতুনকৈ ৬খন মেডিকেল কলেজ হ’ল। বিশ্বনাথ আৰু চৰাইদেউ মেডিকেল কলেজৰ শিলান্যাস হ’ল। ইয়াৰ ফলত ১৬০০ গৰাকী চিকিৎসক লাভ কৰিব অসমবাসীয়ে।
টীয়কৰ যুৱনেতা অসীম কুমাৰ বৰুৱাৰ মহানুভৱতা
টীয়ক ৰাজহ চক্ৰৰ অধীনৰ জাঁজীমুখৰ ওপৰ শগুণ পৰাত ৪ ফেব্ৰুৱাৰীত বৈদ্যুতিক শ্বৰ্ট শ্বাৰ্কিটৰ ফলত অগ্নিকাণ্ড হোৱা পৰিয়ালৰ কাষত টীয়কৰ সমাজ কৰ্মী তথা ৰাজ্যিক বি জে পি দলৰ কাৰ্য নিৰ্বাহক সদস্য অসীম কুমাৰ বৰুৱা উপস্থিত হৈ এককালিন আৰ্থিক সাহায্য আগবঢ়াই ।উলেখযোগ্য যে মিছিং অধ্যুষিত এলেকাৰ প্ৰশান্তু কায়ুং আৰু অন্তৰা কায়ুঙৰ বাসগৃহ সম্পূৰ্ণ ৰূপে জাহ যায় ।তদুপৰি বিদ্যুত বিভাগৰ পৰাও পৰিয়াল কেইটাক সকাহ দিবৰ বাবে কতৃৰ্পক্ষক তেখেতে অৱগত কৰাৰ বিষয়েও জানিবলৈ দিছে । তদুপৰি বানপীড়িত চিন্তামণিগড় জাঁজীমুখঅঞ্চলৰ বহুকেইটা দুখীয়া পৰিয়ালক তেখেতে সাহাস্য প্ৰদান কৰাৰ উপৰি যুৱক সকলৰ উন্নয়নৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি বহুকেইটা আঁচনি গ্ৰহণ কৰাৰ বুলি অৱগত কৰিছে ।
কোচ ৰাজবংশী সন্মীলনিৰ ৩০ তম্ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি
কোচ ৰাজবংশী সন্মীলনিৰ ৩০ তম্ দ্বি-বাৰ্ষিক অধিৱেশনখনি এইবেলি ২০ আৰু ২১ ফেব্ৰুৱাৰী দুদিনীয়া বৰ্নাধ্য কাৰ্যক্ৰমণিকাৰে ওদালগুৰি জিলাৰ টংলাত অনুষ্টিত হব। যাৰ বাবে এটিয়া প্ৰস্তুতি তুংগত উঠিছে। উক্ত অনুস্থানত ৩৩ খন জিলাৰ প্ৰতিনিধিক আদৰিবলৈ সাজু হৈছে ভেৰগাওঁ জিলা কোচ ৰাজবংসী সন্মিলনী। দেওবাৰে কোচ ৰাজবংসী সন্মিলনীৰ ৩০ তম্ অধিবেশনৰ প্ৰতিনিধি সভাৰ লাইখুটা স্থাপন কৰে ৩৩নং পানেৰী বিধানসভা সমষ্টিৰ বিধায়ীকা কমলী ৰানী বসুমতাৰীয়ে। উক্ত অনুস্থানত ভেৰগাওঁ জিলা কোচ ৰাজবংসী সন্মিলনীৰ মূখ্য উপদেষ্টা নিলধৰ ডেকা, সভাপতি শিৱৰাম ডেকা, সম্পাদক হেমেশ্বৰ ডেকা ,উপদেষ্টা ললিত চন্দ্ৰ ডেকা, সদৌ কোচ ৰাজবংশী চাত্ৰ সন্থাৰ ওদালগুৰি জিলা পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচ সম্পাদক মকুণ্ড ডেকাকে প্ৰমুখ্য কৰি বিষয় ববিয়া সকল উপস্থিত থাকে।
মাজবাট আৰু ওৰাঙত কেইবাটাও আধাৰশিলা স্থাপন বিধায়ক চৰন বড়োৰ
ওৰাং আৰু মাজবাটত ৩১জানুৱাৰীত বহুকেইখন অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰে মাজবাটৰ যুৱ বিধায়ক চৰন বড়োয়ে। মাজবাটৰ পলাশবস্তীত মাজবাট আৰু গেলাবিল সংযোগী পথৰ পকী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে। ওৰাঙটো এচ অ পি ডি আঁচনিৰ অধীনত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পকী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক চৰন বড়োয়ে। লগতে ওৰাঙৰ পৰিদৰ্শন বংলাৰ নবীকৰণ কাৰ্য আৰু নতুন কোঠা নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে বিধায়ক চৰন বড়োয়ে। দলং আৰু পকী পথ নিৰ্মাণ কাৰ্যই সমষ্টি বাসীক যোগাযোগৰ ক্ষেত্ৰত সুচল কৰাৰ লগতে সমষ্টি বাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। মাজবাট সমষ্টিবাসী ৰাইজৰ দুখ দুৰ্দশা আৰু প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত সদায় কাম কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰে বিধায়ক চৰন বড়োয়ে। মাজবাট সমষ্টিৰ উন্নয়ৰ বাবে ৰাইজে মোক নিৰ্বাচিত কৰিছিল আৰু মই উন্নয়ন কাম কৰিবলৈ ৰাইজৰ ওচৰত দায়বদ্ধ বুলি মন্তব্য কৰে বিধায়ক চৰন বড়োয়ে। সমষ্টিটোৰ প্ৰতিটো প্ৰান্ততে উন্নয়নমূলক কাম-কাম কৰি সমষ্টিবাসীক উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়াই নিয়াৰ লক্ষ্য বিধায়ক গৰাকীৰ। আগন্তক দিনত সমষ্টিবাসীৰ সকলো দিশৰ উন্নয়নমূলক কাম কাজ কৰিবলৈ প্ৰস্তুত থকা যুৱ বিধায়ক গৰাকীক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা। আঁচনি সমূহৰ উন্নয়নমূলক কাম কাজৰ বাবে সমষ্টি বাসীৰাইজ সন্তুষ্ট বিধায়ক গৰাকীক লৈ।
দেৰগাঁৱত বিজেপিৰ ৰণশিঙা, বিশাল পৃষ্ঠা প্ৰমুখ সন্মিলন সম্পন্ন
নিৰ্বাচন সমাগত । তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ।দেৰগাঁৱটো দেখা গৈছে শাসক বিৰোধীৰ নিৰ্বাচনী তৎপৰতা। অৱশ্যে বিৰোধীৰ তুলনাত শাসকীয় দলৰ তৎপৰতা তুংগত ।সমষ্টিটোৰ বিভিন্ন স্থানত সাংগঠনিক সভা অনুষ্ঠিত কৰি দলৰ ভেটি মজবুত কৰি তুলিছে শাসকীয় দল বিজেপিয়ে ।এই উদ্দেশ্যেই বিজেপিৰ কাকডোঙা, খঙীয়া, ঢেকঢ়গঢ়া ব্লক সমিতি আৰু দেৰগাঁও নগৰ মণ্ডলৰ যৌথ উদ্যোগত দেৰগাঁও সমষ্টিৰ বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন খনি দেৰগাঁৱত শনিবাৰে অনুষ্ঠিত হয়।বিজেপি যোৰহাট জিলা সমিতিৰ সভাপতি কামাখ্যা মোহন দাসৰ পৌৰহিত্যত দেৰগাঁৱৰ নেঘেৰিটিং ৰংগমঞ্চৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই সন্মিলনত আগন্তুক বিধান সভা নিৰ্বাচনৰ পূৰ্বে ১০০+ মিছনৰ উদেশ্যৰে সমবেত হয় দেৰগাওঁ সমষ্টিৰ সহস্ৰাধিক জনতা । সন্মিলন খনিত বিজেপিৰ অবিচি মৰ্চাৰ ৰাজ্যিক সভাপতি বিতোপন ৰাইদিঙীয়া , চাহ নিগমৰ অধ্যক্ষ অমিয় বৰা , বিজেপিৰ গোলাঘাট জিলা সভাপতি দেৱ প্ৰদীপ বৰা, বিজেপিৰ ৰাজ্যিক নেত্ৰী সুশীলা হাজৰিকা, গোলাঘাট জিলা এছ চি মৰ্চাৰ সভাপতি ৰঞ্জিত দাস সহ বহু কেইজন নেতাই অংশগ্ৰহণ কৰে । সন্মিলনত আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপিৰ জয় ১০০ শতাংশ বুলি মন্তব্য কৰে বিজেপিৰ নেতৃবৃন্দই ।অন্যহাতে এই সভাতে বিজেপিৰ তৃনমূলৰ কৰ্মী সকলে আগন্তুক নিৰ্বাচনত দেৰগাঁও সমষ্টিটো অগপৰ পৰিবৰ্তে বিজেপি দলৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ দাবী জনায়।
আজি ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা সম্বোধন
আজি ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বিশাল জনসভা সম্বোধন কৰে। অনুষ্ঠানৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আধাৰশিলা স্থাপন কৰে বিশ্বনাথ চাৰিয়ালি আৰু চৰাইদেউত স্থাপন হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ।সভাত প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা, অসমত মাতৃভাষাতে আৰম্ভ হ’ব মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠদান।
প্ৰধানমন্ত্ৰীৰ মতে, ‘স্থাপন হ’বলগীয়া এখন মেডিকেল কলেজ আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পাঠদান অসমীয়া ভাষাতে হওক।’ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক নিৰ্বাচনৰ পিছত যেতিয়া ৰাজ্যত নতুন চৰকাৰ প্ৰতিষ্ঠা হ’ব, তাৰ পিছতে ৰাজ্য়ৰ এখন মেডিকেল কলেজ আৰু এখন অভিযান্ত্ৰিক কলেজৰ পাঠদান অসমীয়াতে কৰোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।
লগতে ইয়াৰ সংখ্যা পৰৱৰ্তী সময়ত বঢ়োৱাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰশ্ন উত্থাপন কৰে যে, ‘স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো কিয় মাতৃভাষাত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰিব পৰা নাযায়? অসমীয়াতে অধ্যয়ন কৰিলে এজন ছাত্ৰ ভাল চিকিৎসক বা অভিযন্তা হ’ব নোৱাৰিব নেকি? দেশ প্ৰতিখন ৰাজ্যৰ এখনকৈ মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজত মাতৃভাষাত শিক্ষাদান প্ৰধানমন্ত্ৰীৰ সপোন বুলিও সদৰিকৰে।সভাত প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা, অসমত মাতৃভাষাতে আৰম্ভ হ’ব মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠদান। প্ৰধানমন্ত্ৰীৰ মতে, ‘স্থাপন হ’বলগীয়া এখন মেডিকেল কলেজ আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পাঠদান অসমীয়া ভাষাতে হওক।’
লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক নিৰ্বাচনৰ পিছত যেতিয়া ৰাজ্যত নতুন চৰকাৰ প্ৰতিষ্ঠা হ’ব, তাৰ পিছতে ৰাজ্য়ৰ এখন মেডিকেল কলেজ আৰু এখন অভিযান্ত্ৰিক কলেজৰ পাঠদান অসমীয়াতে কৰোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।
লগতে ইয়াৰ সংখ্যা পৰৱৰ্তী সময়ত বঢ়োৱাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰশ্ন উত্থাপন কৰে যে, ‘স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো কিয় মাতৃভাষাত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰিব পৰা নাযায়? অসমীয়াতে অধ্যয়ন কৰিলে এজন ছাত্ৰ ভাল চিকিৎসক বা অভিযন্তা হ’ব নোৱাৰিব নেকি?
দেশ প্ৰতিখন ৰাজ্যৰ এখনকৈ মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজত মাতৃভাষাত শিক্ষাদান প্ৰধানমন্ত্ৰীৰ সপোন বুলিও সদৰি কৰে।
লস্কৰ-এ-তৈয়বাৰ মূৰববী হাফিজ ছইদৰ বিৰুদ্ধে জামিনবিহীন গ্রেপ্তাৰী পৰােৱানা জাৰি
দিল্লীৰ এখন আদালতে জম্মু-কাশ্মীৰৰ সন্ত্রাসবাদী সংগঠনসমূহলৈ ধন যােগান ধৰা ঘটনাৰ সৈতে জড়িত কলা ধন বৈধকৰণ গােচৰত লস্কৰ-এ-তৈয়বাৰ মূৰববী তথা ২৬নৱেম্বৰত সংঘটিত মুম্বাই আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী হাফিজ ছইদ আৰু অন্যান্যসকলৰ বিৰুদ্ধে জামিনবিহীন গ্রেপ্তাৰী পৰােৱানা জাৰি কৰিছে।
আদালতে জামিনবিহীন পৰােৱানা জাৰি কৰি ৱাটালীৰ Trison Farms and Construction প্রাইভেট লিমিটেড নামৰ কোম্পানীটোকো এই গােচৰত অভিযুক্ত কৰে। মুম্বাই সন্ত্রাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্রকাৰী হাফিজ ছইদ সম্প্রতি পাকিস্তানত থকাৰ বিপৰীতে ৱাটালী, ফণ্টছ আৰু কাপুৰ তিহাৰ কাৰাগাৰত বন্দী হৈ আছে ।
গণ সুৰক্ষা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থীক সমৰ্থন নকৰে চাপাগুৰি সমষ্টিৰ অবড়ো ভোটাৰে
আসন্ন বিধান সভা নিৰ্বাচনৰ পৰিপ্ৰক্ষিতত ক্ৰমাৎ গৰম হৈ পৰিছে ৰাজনৈতিক ক্ষেত্ৰ। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে জয়লাভৰ দাবীৰে অনানুষ্ঠানিকভাৱে প্ৰচাৰ চলোৱা দেখা গৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও ৰাজনৈতিক দল সমূহে বুথ, মণ্ডল আদি সমিতি গঠন কৰা পৰিলক্ষিত হয়। বিগত বিটিচি নিৰ্বাচনত বেয়াকৈ মুখ ঠেকেচা খোৱা গণ সুৰক্ষা পাৰ্টীয়ে এইবাৰ বিধান সভা নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰাৰ মন মেলিছে। ইয়াৰ সমান্তৰালভাৱে গণ সুৰক্ষা পাৰ্টীৰ মূল চালিকা শক্তি অবড়ো সুৰক্ষা সমিতিয়েও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে যো-জা চলোৱাৰ বাতৰি পোৱা গৈছে। বিগত সময়ছোৱাত গণ সুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ বহু লোক নিজ দল তথা সংগঠন ত্যাগ কৰি অইন দলত যোগদান কৰে। ইয়াৰ পিছতো বৃহত্তৰ অবড়ো জনতাই নিজৰ শক্তি প্ৰদৰ্শণৰ বাবে আগন্তুক বিধান সভা নিৰ্বাচনত সৰ্বশক্তিৰে অবতীৰ্ণ হোৱাৰ বাবে কুছকাৱাজ চলাইছে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীৰ পিতৃ সংগঠন অবড়ো সুৰক্ষা সমিতিৰ কাৰ্যকৰ্তা সকলে এগৰাকী যোগ্য ব্যক্তিক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ যো-জা চলাইছে। এই সম্পৰ্কে বাক্সা জিলাৰ চৰাইমাৰীত অনুষ্ঠিত এখন সভাত ৬৩ নং চাপাগুৰি সমষ্টিৰ অবড়ো ভোটাৰে এজন যোগ্য ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ সমান্তৰালভাৱে বৃহত্তৰ অবড়ো ভোটাৰৰ সন্মতি অবিহনে গণ সুৰক্ষা পাৰ্টীৰ নেতৃত্বই যদি নিজ স্বাৰ্থৰ বাবে নিজাকৈ প্ৰাৰ্থিত্ব আগবঢ়ায় তেনেহলে চাপাগুৰি সমষ্টিৰ অবড়ো ভোটাৰে কোনোপধ্যে মানি নলয় বুলি হুংকাৰ দিয়ে ৷ এই সম্পৰ্কে অবড়ো সুৰক্ষা সমিতিৰ দিহিৰা পৰিষদীয় সমষ্টিৰ সম্পাদক প্ৰদীপ দাসে অবড়ো জনতাৰ আশা-আকাংক্ষা পূৰণ কৰাৰ স্বাৰ্থতে সদায় জনতাৰ পক্ষত থাকিব লাগে বুলি মন্তব্য কৰি তেখেতে গণ সুৰক্ষা পাৰ্টীৰ নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিলে তাক সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে।
প্ৰেমিকে হত্যা কৰি দেৱালত প্লাষ্টাৰ কৰি লুকুৱাই থলে প্রেমিকাক, চাৰিমাহ পিছত উদ্ধাৰ মৃতদেহ
৩২ বছৰীয়া এজন যুৱকে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।এই গাৰ নোম শিয়ৰি উঠা ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পালঘৰত।যুৱকজনে প্রেমিকাক হত্যা কৰি মৃতদেহ দেৱালৰ সৈতে প্লাষ্টাৰ কৰি লুকুৱাই থয়।তথ্য অনুসৰি বৃন্দাবন দৰ্শন কমপ্লেচৰ ১০১নং ফ্লেটত সুৰজ হৰমলকাৰ আৰু অমিতা মোহিতে লিভ ইন ত আছিল।স্থানীয় লোকৰ মতে,বিগত কিছুদিন ধৰি কেৱল সুৰজকে দেখিবলৈ পাইছিল, অমিতাক তেওঁলোকে দেখা নাছিল।এই সন্দৰ্ভত আৰক্ষীক জনোৱাত আৰক্ষী লগতে ফৰেনছিত বিশেষজ্ঞ ঘৰটোত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।আৰক্ষীয়ে বাথৰুমৰ দেৱাল ভাঙি অমিতা মৃতদেহ উদ্ধাৰ কৰি মৰণোও পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।আৰক্ষীৰ মতে মৃতদেহটো প্ৰায় চাৰিমাহ পুৰণি আছিল।আনহাতে,সোধ-পোছৰ বাবে সুৰাজক জিম্মা লয় ।
বকোৰ মালিবাৰীত টাউন ক্লাবৰ সপ্তদশ বাৰ্ষিক অধিৱেশনৰ সামৰণি
আন আন বছৰৰ দৰে এই বেলিও দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত মালিবাৰী টাউন ক্লাবৰ সপ্তদশ বাৰ্ষিক অধিৱেশনৰ শনিবাৰে এক উখল মাখল পৰিৱেশৰ মাজত সামৰণি পৰে। অধিবেশনৰ সামৰণি অনুষ্ঠানৰ মুকলি ও বঁটা বিতৰণী সভাখন উদ্বোধন কৰে শিক্ষক আলাউদ্দিন আল আমিনে। জনপ্ৰিয় কণ্ঠশিল্পী ওৱাহিদা ৰহমানৰ সংগীতৰে আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে টাউন ক্লাবৰ সভাপতি কুতুব উদ্দিন আহমেদে । সভাখনত প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি গোপীনাথ দাস, প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাস, ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সম্পাদক সুকুমাৰ বিশ্বাস, সমাজকৰ্মী ড০ প্ৰহ্লাদ চন্দ্ৰ দাস, সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য ছাহজাহান আলী আহমেদ আদি বহুকেইজন বক্তাই শৈক্ষিক, সামাজিক, ৰাজনৈতিক দিশ সামৰি ভাষণ প্ৰদান কৰাৰ লগতে সমাজৰ পৰা দুৰ্নীতি, অনিয়ম, অসামাজিক কাৰ্য্যকলাপ পৰিহাৰ কৰি আত্মশুদ্ধিৰে দায়বদ্ধতাৰেঅঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত সকলোকে ঐক্যবদ্ধভাৱে আগবাঢ়া যাৱলৈ আহ্বান জনায়। সভাত টাউন ক্লাবৰ সভাপতি কুতুব উদ্দিন আহমেদে ভাষণত উপস্থিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিক বৃহত্তৰ মালিবাৰী অঞ্চলৰ সামগ্ৰীক উন্নয়নৰ প্ৰতি গুৰুত্ব প্ৰদানৰ আহ্বান জনায়। তদুপৰি সভাত সমাজকৰ্মী আলহাজ মীৰ মহম্মদ আলী, অধ্যাপক নজমূল হক, আব্দুল কাদিৰ বাবু, তাৰেক হুছেইন, আলহাজ চানমিঞা, ওচমান গনি, হজৰত আলী, নুৰ আলম আদি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে অধিবেশন উপলক্ষে পতাকা উত্তোলন, সমাজসেৱা, বৃক্ষৰোপন, সাধাৰণ খেল ধেমালি প্ৰতিযোগিতা, তৰ্ক, আবৃত্তি, আকস্মিক প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে যোৱা নিশা বৰপেটাৰ কণ্ঠশিল্পী মিচ মুন্নী আৰু অনাতাঁৰ আৰু দুৰদৰ্শন শিল্পীসহ কেইবাজন আমন্ত্ৰিত শিল্পীবৃন্দৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়।সাংস্কৃতিক অনুষ্ঠানটিত অসম জাতীয় পৰিষদৰ বকো সমষ্টিৰ আহ্বায়ক দীপজ্যোতি দাস আৰু সমাজকৰ্মী আবু তাহেৰে ভাষণ প্ৰদান কৰে।









