Home Blog Page 3054

নলবাৰী জিলাৰ দিনে দিনে বৃদ্ধি পোৱা কোভিড-১৯ মহামাৰীৰ সাম্প্ৰতিক স্থিতি।

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে নলবাৰী জিলাতো কোভিড-১৯ ৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ বৰ্তমানেওঅব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্তৰ তত্বাৱধানত জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই ভাইৰাছৰ সংক্ৰমন  ৰোধ কৰাৰ বাবে তথা ইয়াৰ দ্বাৰা সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ সৈতে মুকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় বিভিন্ন ব্যৱস্হা অব্যাহত ৰখা হৈছে। কোভিড- ১৯ৰ দ্বিতীয়টো ঢৌত এতিয়ালৈকে আক্ৰান্ত  হোৱা মুঠ ৰোগীৰ সংখ্যা ২,৬৯৪ জন। ইয়াৰ ভিতৰত ১৮৬১ গৰাকী ৰোগী এতিয়াও সংক্ৰমণমুক্ত হোৱা নাই অৰ্থাৎ এতিয়াও সক্ৰিয় হৈ আছে। ইয়াৰে ভিতৰত মুঠ ১৬৩৩ গৰাকী কোভিড ৰোগী বৰ্তমান গৃহ পৃথকীকৰণত আছে আৰু বাকী সকলৰ ভিতৰত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৯৬ গৰাকী, বেলচৰ আদৰ্শ চিকিৎসালয়ত ৩০ গৰাকী আৰু মাখিবাহা আদৰ্শ চিকিৎসালয় আৰু খাতিকুছি আদৰ্শ চিকিৎসালয়ত ক্ৰমে ৩৫ আৰু ৭ গৰাকীকৈ কোভিড ৰোগী চিকিৎসাধীন হৈ আছে। জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা গৃহ পৃথকীকৰণত থকা কোভিড ৰোগীসকলৰ স্বাস্থ্যৰ দিশটো সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে । যোৱা এক সপ্তাহত সৰ্বমুঠ ১৫৮৬০ গৰাকীৰ কোভিড পৰীক্ষা কৰা হৈছে আৰু মুঠ ১১৯১ গৰাকী কোভিড পজিটিভ ( পজিটিভৰ হাৰ ৭.৫১%) পোৱা গৈছে। কোভিডৰ সংক্ৰমণৰ অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান জিলাখনৰ সকলো চিকিৎসালয়তে কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ কোভিডৰ প্ৰতিষেধক প্ৰদান কাৰ্য্যও বৰ্তমানে জিলাখনত অব্যাহত আছে। ৬০ বছৰ বা উৰ্ধৰ মুঠ ১৪০৪২ গৰাকীক  প্ৰথম আৰু ২৬০৯ গৰাকীক দ্বিতীয় খোৰাক দিয়া সম্পূৰ্ণ কৰা হৈছে। ঠিক তেনেদৰে ৪৫  বছৰ বা উৰ্ধৰ ১৯৫৩১ গৰাকীক প্ৰথম খোৰাক আৰু ২৩৭০ গৰাকীক দ্বিতীয় খোৰাক দিয়া এতিয়ালৈ সম্পূৰ্ণ হৈছে। ১৮বছৰ বা উৰ্ধৰ মুঠ ২৭৬০ গৰাকীক প্ৰথম খোৰাক দিয়া সম্পূৰ্ণ কৰা হৈছে। জিলাখনত বৰ্তমানলৈকে কেৱল ৩ নং বালিতাৰা গাঁৱক ক’নটেইনমেণ্ট জ’ন হিচাবে ঘোষণা কৰা হৈছে। জিলাখনত এতিয়ালৈকে কোভিড- ১৯ৰ দ্বিতীয়টো ঢৌত মৃত্যু হোৱা মুঠ ৰোগীৰ সংখ্যা ১৬ জন । বৰ্তমানৰ অতিমাৰীৰ এই জটিল পৰিস্থিতিত নিজৰ লগতে আপোনজনৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে কোভিড-১৯ সম্বন্ধিত সকলো সাৱধানতা তথা বিধি কঠোৰভাৱে মানি চলাৰ বাবে জিলা উপায়ুক্তাই সমগ্ৰ নলবাৰী জিলাবাসী ৰাইজক আহ্বান জনাইছে।

ReplyReply allForward

প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ

প্ৰথিতযশা সাহিত্যিক, সাংবাদিক, প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞিৰ মৃত্যুত সমগ্ৰ নগাঁও জিলাত গভীৰ শোকৰ ছাঁ পৰিছে। জিলাখনৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, বিশিষ্ট ব্যক্তি সকল তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে মৰ্মাহত হৈ পৰে। অসমৰ সাহিত্য, সংবাদ ক্ষেত্ৰখনৰ মহীৰূহ  স্বৰূপ হোমেন বৰগোহাঞিৰ মৃত্যুত নগাঁও জিলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰি কয়- অসমৰ সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ’ল। তেওঁ অসমৰ জাতীয় জীৱনৰ অভিভাৱক আছিল। জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা আৰু সম্পাদক ৰেৱত হাজৰিকাই সাহিত্যিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। নগাঁও জিলা সাহিত্য সভাই তিনিদিনৰ বাবে সাহিত্য সভাৰ পতাকা অবনমিত কৰি ৰাখে। অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম গৌৰৱ হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়- বৰগোহাঞিৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবেএক অপূৰণীয় ক্ষতি। তেওঁৰ মৃত্যুৱে অসমীয়া সাহিত্য আৰু সংবাদ ক্ষেত্ৰত দীৰ্ঘকালীন গভীৰ শূণ্যতাৰ সৃষ্টি কৰিব। বৰগোহাঞিৰ মৃত্যুত বিশিষ্ট গৱেষক, পণ্ডিত তিলক চন্দ্ৰ মজুমদাৰ ড° নৰেন কলিতা, সমালোচক প্ৰভাত বৰা, সাহিত্যিক উপেন্দ্ৰ বৰকটকী, শিৱানন্দ কাকতি, ভদ্ৰেশ্বৰ ৰাজখোৱা আদি বিভিন্নজন বিশিষ্ট ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি কয়- হোমেন‌ বৰগোহাঞি এগৰাকী প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী  ব্যক্তি আছিল। প্ৰজ্ঞাৰ সাধক হিচাপে বৰগোহাঞিয়ে অসমৰ সমাজ জীৱনলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই গৈছে। তেওঁ মৃত্যুত অসমে এগৰাকী অভিভাবক হেৰুৱালে। অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি তথা নগাঁও কলেজৰ অধ্যক্ষৰ ড°শৰৎ বৰকটকীয়ে কয়- বৰগোহাঞিৰ মৃত্যু আমাৰ বাবে অসহনীয়। এই গৰাকী মহীৰূহৰ মৃত্যু আমাৰ বাবে ডাঙৰ ক্ষতি। তেওঁ সদায় অসমীয়া সাহিত্যৰ আকাশত তৰা হৈ জিলিকি থাকিব। সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, উত্তৰ পূব শিশু গ্ৰন্থ মেলা পৰিচালনা সমিতি, কল্লোল সাংস্কৃতিক গোষ্ঠী, কিশলয়, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, গ্ৰাম বিকাশ পৰিষদ, নগাঁও জিলা চৰ-চাপৰি সাহিত্য পৰিষদ, নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনী, নগাঁও জিলা বাৰ্তা জীৱি সংঘ, আপকু, নগাঁও জিলা সাংবাদিক সন্থা, নগাঁও জিলা কবি সন্মিলন, সাংবাদিক পৰিষদ অসমৰ নগাঁও জিলা সমিতি, নগাঁও জিলা ভাৰতীয় গণ নাট্য সংঘ, নগাঁও জিলা মইনা পাৰিজাত, সুৰৰ পানচৈ শিল্পী সমাজ, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও জিলা শাখা, অসম নাট্য সন্মিলন, সংগীত শিল্পী মঞ্চ, নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন, নগাঁও গ্ৰন্থ মেলা পৰিচালনা সমিতি আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, সম্পাদক দ্বয় চন্দন জ্যোতি বৰা আৰু ভাস্কৰজ্যোতি মেধিয়ে অসমৰ সাহিত্য আৰু সংবাদ ক্ষেত্ৰখনৰ মহিৰূহ হোমেন বৰগোহাঞিৰ মৃত্যু অসমৰ সংবাদ জগতৰ বাবে অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰে। তেওঁ অসমৰ সাহিত্য আৰু সংবাদ ক্ষেত্ৰখনৰ লগতে অসমৰ জাতীয় জীৱনৰ গুৰি ধৰিছিল। তেওঁৰ মৃত্যুত নগাঁও প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ সৎগতি কামনা কৰে। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, ৰকিবুল হুছেইন, বিধায়ক জিতু গোস্বামী, প্ৰাক্তন বিধায়ক ড° দুৰ্লভ চমুৱা, আদিয়ে বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়- তেওঁ আছিল অসমৰ মাগ দৰ্শক। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা ড° থুনু কলিতাই হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়- অসম আৰু অসমীয়াৰ অভিভাৱক স্বৰূপ, সমাজ সংস্কাৰক হোমেন বৰগোহাঞিৰ মৃত্যু সকলোৰে কাৰণে অপুৰণীয় ক্ষতি। সমিতিয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহ্ আত্মাৰ সৎগতি কামনা কৰে।

সাহিত্যিক, সাংবাদিক, সমালোচক, কবি গল্পকাৰ হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ আপকু তিনিচুকীয়া জিলা সমিতিৰ

অসম আৰু অসমীয়াৰ গৰ্ব বিশিষ্ট সাহিত্যিক, কথা শিল্পী, সাংবাদিক, গল্পকাৰ, কবি, সমালোচক হোমেন বৰগোহাঞিয়ে আজি পুৱা ৬. ৫৮ বজাত গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত অসমৰ অপূৰণীয় ক্ষতি সাধন হৈছে। ১৯৩২ চনৰ ৭ ডিচেম্বৰ তাৰিখে লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম লাভ কৰা এইগৰাকী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,  জশশ্ৰী সাহিত্যিকে অসমীয়া সাহিত্য জগতলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই এক প্ৰকাৰৰ নৱপ্ৰজন্মৰ বাটকটীয়া হিচাপে গুৰি ধৰিছিল। তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক বিবৃতি প্ৰেৰণ কৰিছে আসাম প্ৰেছ কৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ “আপকু” তিনিচুকীয়া জিলা সমিতিয়ে। ইফালে ডিৰাক আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলন, ফিল’বাৰী সাংবাদিক চ’ৰা, বুঢ়ীদিহিং শতদল শাখা সাহিত্য সভা, পেঙেৰী শাখা সাহিত্য সভা, কুৰুকানী গাঁও উন্নয়ন দাবী সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

নতুন মন্ত্ৰী সভাক লৈ গোগামুখত গণশক্তিৰ সংবাদমেলঃ প্ৰতিশ্ৰুতি মতে অসমক শ্ৰেষ্ঠ ৰাজ্যৰ ৰূপ দিয়াৰ আহ্বানঃ

নৱ গঠিত অসম চৰকাৰৰ নতুন মন্ত্ৰী পৰিষদক লৈ উৎফুলিত হৈছে অসমৰ উপ আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গণশক্তি, অসমে ৷ দলটোৱে  নতুন মন্ত্ৰী সভাখনক উষ্ম আদৰণি জনোৱাৰ লগতে নতুন মন্ত্ৰী পৰিষদখনে অসমৰ সৰ্বাংগীন বিকাশত অভূতপূৰ্ব ভূমিকা পালন কৰিব পাৰিব বুলি গণশক্তিৰ ফালৰ পৰা আশা প্ৰকাশ কৰে ৷ আজি গোগামুখৰ দিৰপাইস্থিত সোৱণশিৰি ইক’ কেম্পত অনুষ্ঠিত কৰা এক সংবাদমেলত সন্মিলিত গণশক্তি, অসমৰ সভাপতি পৰমানন্দ ছায়েঙ্গীয়াই এইদৰে মন্তব্য আগবঢ়ায় ৷ তেওঁ লগতে কয়- নিৰ্বাচনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক ভাৰতৰ ৫ খন উন্নত ৰাজ্যৰ ভিতৰত অন্তভূৰ্ক্ত কৰিব ৷ নতুন মুখ্যমন্ত্ৰীৰ এই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু তেওঁৰ নতুন মন্ত্ৰী পৰিষদখনে পালন কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ বিগত নিৰ্বাচন অসমৰ ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীক গভীৰ আস্থা আৰু বিশ্বাসেৰে পুনৰ জয়যুক্ত কৰাই অসমৰ সৰ্বাংগীন বিকাশত সপক্ষত ৰায় দিছে ৷ ৰাইজৰ এই বিশ্বাস আৰু আশ্বাসক শিৰোগত কৰি মিত্ৰজোঁটৰ সংগী হিচাপে আমি গণশক্তি আগবাঢ়ি যোৱাত বদ্ধপৰিকৰ বুলি গণশক্তিৰ সভাপতি মন্তব্য আগবঢ়ায় ৷ গণশক্তি দলৰ পৰা অসমৰ নতুন মুখ্যমন্ত্ৰীক অভিনন্দন জনোৱাৰ লগতে নতুন মন্ত্ৰী সভাৰ সকলো কেবিনেটলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি কয়- বিশ্বব্যাপী সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯-ৰ সমস্যা, বান-গৰাখহনীয়াৰ সমস্যাৰ স্থায়ীী সমস্যা, কৃষি, মৎস্য পালন, পশুপালন, বয়ন শিল্পৰ উন্নয়নৰ জৰিয়তে আত্ম সংস্হাপনৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ পুনৰ উদ্ধাৰ, উন্নত কাৰিকৰী শিক্ষাৰ মাধ্যমৰে দক্ষতা বিকাশৰ জৰিয়তে নিৱনুৱা সমস্যা সমাধান, বহিঃ ৰাষ্ট্ৰৰ সৈতে বাণিজ্যক আদান-প্ৰদান বৃদ্ধি, ভূমি সমস্যা সমাধান, প্ৰদূষণমুক্ত অসম, বিদেশীমুক্ত অসম, দুৰ্নীতিমুক্ত অসম, চৰকাৰী, শিক্ষা ব্যৱস্থাৰ পৰিবৰ্তনৰ লগতে ভূমিপুত্ৰ সকলক সাংবিধানিক মৰ্যাদা প্ৰদান কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায় ৷ সংবাদমেলত গণশক্তিৰ সাধাৰণ সম্পাদক হিৰণ্য দত্ত, সহকাৰী সম্পাদক যজ্ঞব্ৰত শৰ্মা, কেন্দ্ৰীয় সদস্য পৰমা চুতীয়া, হিৰেণ পেগু আৰু বৰদলনি আঞ্চলিকৰ সম্পাদক জ্যোতি ভৰালী উপস্থিত থাকে ৷প্ৰজ্ঞাৰ সাধক হোমেন বৰগোঁহাঞিৰ মৃত্যুত শোকঃ সংবাদমেলৰ পূৰ্বে  প্ৰজ্ঞাৰ সাধক, বিশিষ্ট চিন্তাবিদ, সাংবাদিক হোমেন বৰগোঁহাঞিৰ মৃত্যুত সংবাদমেলত উপস্থিত গণশক্তিৰ দলীয়,কৰ্মী সদস্য আৰু সাংবাদিক সকলে গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ প্ৰজ্ঞাৰ সাধক জনৰ আত্মাৰ সদ্‌গতি কামনাৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷

মহানগৰীত অটো এম্বুলেন্স, ফোন কৰিলেই পাব অক্সিজেনযুক্ত অটো এম্বুলেন্স।

গুৱাহাটীত যাতে অক্সিজেন আৰু এম্বুলেন্সৰ অভাৱত কোনো কোভিড ৰোগী মৃত্যু মুখত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে মহানগৰীৰ নাৰেংগীৰ ফৰেষ্টগেটস্থিত পোদ্দাৰ কমপ্লেক্সত লায়ন্স ক্লাৱ অৱ গুৱাহাটীৰ উদ্যোগত বিনামূলীয়া অটো অক্সিজেন-এম্বুলেন্স সেৱা মুকলি কৰে।ইয়াৰ বাবে দুটা হেল্প লাইন নম্বৰ মুকলি কৰে। এই নম্বৰ দুটা হ’ল-  ৯৪৩৫৬-৮৮৮৮৮ (94356-88888) আৰু ৯৪৩৫০-৩৫০০০ (94350-35000)।জৰুৰীকালীন সময়ত এই অটো এম্বুলেন্সৰ সহায়ত কোনো কোৰোণা ৰোগী হাস্পতাললৈ নিয়াৰ লগতে প্ৰয়োজন হ’লে অক্সিজেনো যোগান ধৰিব পাৰিব।এই বিনামূলীয়া অটো অক্সিজেন-এম্বুলেন্স সেৱাৰ শুভাৰম্ভ কৰে গুৱাহাটী লায়ন্স ক্লাৱৰ  প্ৰাক্তন জিলা আহ্বায়ক ডঃ এম.অল. আগৰৱালাই। অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী লায়ঞ্চ ক্লাৱৰ সভাপতি  কিশোৰী চাবো, প্ৰকল্প অধ্যক্ষ অজয় পোদ্দাৰ।

প্ৰকল্প অধ্যক্ষ অজয় পোদ্দাৰে কয় যে গুৱাহাটী মহানগৰীত এই সেৱা প্ৰতি দিনে ২৪ ঘণ্টা বাহাল থাকিব।

ৰঙিয়া আৰক্ষীৰ কঠোৰ পদক্ষেপ

 মাৰাত্মক কৰোণা মহামাৰীয়ে তীব্ৰৰূপ ধাৰণ কৰাৰ সময়তে, একাংশ অসচেতন ব্যক্তিৰ দৌৰাত্ম্যৰ বাবে ৰঙিয়া আৰক্ষীয়ে কঠোৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে ,বুধবাৰে দিনটোত ৰঙিয়া চহৰৰ হৰদত্ত বিৰদত্ত ভৱনৰ সমীপত আৰক্ষীয়ে মাক্স পৰিধান নকৰা ব্যক্তি সকলৰ পৰা ১ হাজাৰ টকাকৈ ফাইন লয় । সংবাদ মাধ্যমক জনোৱামতে অনাগত দিনত নিয়মনমনা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জনাই ৰঙিয়া থানাৰ বিষয়া বুদ্ধিৰাম মোক্তিয়াৰে ।উল্লেখযোগ্য যে ৰঙিয়াত প্ৰতিদিনেই কʼভিদ ৰোগী ধৰাত পৰি আছে ,ইতিমধ্যেই ইয়াৰ সংখ্য এশ পাৰ কৰিছে,বুধবাৰৰ দিনটোতো পৰীক্ষাৰ অন্তত মুঠ ৫৪ জন ব্যক্তিৰ ভিতৰত ১৯ জনৰ দেহতেই ধৰা পৰে কʼভিদৰ উপস্থিতি । এনেহেন পৰিস্থিতিত একাংশ অসচেতন ব্যক্তিৰ বাবে সমাজলৈ বিপদ নামী অহাটো নিশ্চিত ।

কেবিনেটৰ প্ৰত্যেকজন মন্ত্ৰীক জিলাভিত্তিক দায়িত্ব প্ৰদান ক’ভিডৰ

ক’ভিড পৰিস্থিতিৰ বাবে চৰকাৰৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেবিনেটৰ প্ৰত্যেকজন মন্ত্ৰীক জিলাভিত্তিক দায়িত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত আছে মাজুলী, ৰঞ্জিত কুমাৰ দাসৰ দায়িত্বত বৰপেটা, বজালী, বঙাইগাঁও জিলা৷

যোৰহাট, গোলাঘাট অতুল বৰাৰ দায়িত্বত, ইউ জি ব্ৰহ্মৰ দায়িত্বত কোকৰাঝাৰ, চিৰাং, বাকসা জিলা৷ চন্দ্ৰমোহন পাটোৱাৰীৰ দায়িত্বত নলবাৰী, কামৰূপ, ওদালগুৰি জিলা৷ পৰিমল শুক্লবৈদ্যৰ দায়িত্বত কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলা৷ নগাঁও আৰু হোজাই কেশৱ মহন্তৰ দায়িত্বত, ধেমাজি, লখিমপুৰ ডাঃ ৰণোজ পেগুৰ দায়িত্বত৷অশোক সিংঘালৰ দায়িত্বত আছে শোণিতপুৰ, দৰং, বিশ্বনাথ জিলা৷ যোগেন মহন- পঃ কাৰ্বি আংলং, পূব কাৰ্বি আংলং, ডিমাহাচাও জিলা, সঞ্জয় কিষাণৰ দায়িত্বত তিনিচুকীয়া, ডিব্ৰুগড় জিলা, অজন্তা নেওগৰ দায়িত্বত ধুবুৰী জিলা, মৰিগাঁও আৰু গোৱালপাৰা পীয়ুষ হাজৰিকাৰ দায়িত্বত আছে আৰু বিমল বৰাৰ দায়িত্বত শিৱসাগৰ আৰু চৰাইদেউ জিলা৷

বকো আৰক্ষীৰ সফল অভিযানত আটক বাইক চোৰ।

ৰাজ্যত উদ্দেগ জনক ভাৱে বৃদ্ধি পাইছে হত্যা হিংসা আৰু চুৰি ডকাইটিৰ দৰে জঘণ্য ঘটনা। আৰক্ষী প্ৰশাসনৰ নিছিদ্ৰ পহৰাৰ মাজতো অসামাজিক চক্ৰই সংঘটিত কৰে এনে কাণ্ড। তেনে এক মটৰ চাইকেল চুৰি কাণ্ডৰ লগত জড়িত দুজনকৈ চোৰক আটক কৰে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ আৰক্ষীয়ে। উল্লেখ্য যে ; বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ৰ নেতৃত্বত বকো আৰক্ষীৰ সহযোগত যোৱা কালি আবেলি পৰত বকো আৰক্ষী থানাৰ অন্তৰ্গত শিংৰাত ৰাইজৰ সহযোগত খেদি খেদি আটক কৰে চোৰ দুটাক। প্ৰাপ্ত তথ্য অনুসৰি এক গোপন সুত্ৰৰ পম খেদি চুৰি মটৰ চাইকেল বিক্ৰী কৰিবলৈ আহাৰ সময়তে আৰক্ষীয়ে ছদ্মবেশত পিছা কৰি আহি শিংৰাস্থিত নন্দিনী পেট্ৰোল ডিপোৰ কাষত ৰাইজৰ সহযোগত আটক কৰে। জানিব পৰা মতে ; উত্তৰ ছেখাদাৰী গাওঁৰ মনছেফ আলী আৰু কুদ্ৰত আলী নামৰ চোৰে নতুন নম্বৰ প্লেট বিহিন বুলেট আৰু এ এছ – ০১ বি টি – ৭৫৪২ গ্লেমাৰ বাইক দুখন বিক্ৰী কৰিবলৈ আনিছিল। কিন্তু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৰক্ষীৰ উমান পায় পথৰ দাঁতিত বাইক দুখন পেলায় থৈ দৌৰি পলাবলৈ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে খেদি খেদি আটক কৰি আৰক্ষীক গটায় দিয়ে।

হোমেন বৰগোহাঞিৰ মৃত্যুত মৰ্মাহত প্ৰধানমন্ত্ৰী মোদী, অসমীয়াত টুইট কৰি শোকপ্ৰকাশ

বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুৱে ৰাজ্যবাসীক শোকস্তব্ধ কৰি তোলাৰ সময়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাহিত্যিক গৰাকীৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে।এটা টুইটযোগে নৰেন্দ্ৰ মোদীয়ে বৰগোহাঞি সন্দৰ্ভত লিখে, ‍‘অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰী হোমেন বৰগোহাঞি স্মৰণীয় হৈ ৰ’ব। তেওঁৰ কৰ্মৰাজিয়ে অসমীয়া জনজীৱন আৰু সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফলিত কৰিছিল’।তেওঁৰ দেহাৱসানে মৰ্মাহত কৰিছে। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছো। ঔম শান্তি’।

উল্লেখ্য যে বুধবাৰে ৰাতিপুৱা ৬.৫৮ বজাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বৰগোহাঞিয়ে গুৱাহাটীৰ জিএনআৰচি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। কিছু দিন পূৰ্বে কৰ’ণা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰা ৮৯ বছৰীয়া বৰগোহাঞিৰ শৰীৰ হঠাৎ অসুস্থ হৈ পৰাত আজি পুৱতি নিশা ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

কাকজান চাহ বাগিচাৰ সমবায় সমিতিৰ সামগ্ৰী ক’লা বজাৰত বিক্ৰী: আছাৰ অভিযোগ

 যোৰহাট জিলা হোলোঙাপাৰ গাঁও পঞ্চায়তৰ সমবায় সমিতিৰ অন্তৰ্গত কাকজান চাহ বাগিচাৰ সুলভ মূল্যৰ সামগ্ৰীৰ এজেন্ট অনিল কুমাৰ গুপ্তাৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ( আছা) ৰ যোৰহাট জিলা সমিতিয়ে কেতবোৰ অভিযোগ উত্থাপন কৰিছে । অভিযোগ অনুসৰি এজেন্টজনে দীৰ্ঘদিন ধৰি সমবায় সমিতি খনে যোগান ধৰা সামগ্ৰী ক’লা বজাৰত বিক্ৰী কৰি আহিছে । এই সম্পৰ্কত আছাই কিছুদিন পূৰ্বে জিলা উপায়ুক্তক অৱগত কৰিছিল যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি জনাইছে। সংগঠনটোৰ জিলা সভাপতি দেবেন চুঙী আৰু সাধাৰণ সম্পাদক বুধুৱা ওৰাঙে প্ৰেৰণ কৰা এক বিবৃত্তিত জনাইছে যে বাগিচা খনৰ শ্ৰমিক সকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি এনেদৰে  চলাই যোৱা অনৈতিক কাৰ্য জিলা প্ৰশাসনে নিয়ন্ত্ৰণ নকৰিলে আছাই ৰাইজৰ সহযোগত তীব্র আন্দোলন গঢ়ি তুলিব ।