Home Blog Page 306

Myanmar-Bangkok Earthquake: ম্যানমাৰৰ ভূমিকম্প: নিহতৰ সংখ্যা ১,০০২ অতিক্ৰম, উদ্ধাৰ অভিযান অব্যাহত; মৃত্যুৰ সংখ্যা বৃদ্ধিৰ আশংকা !

Myanmar-Bangkok Earthquake: ম্যানমাৰৰ ভূমিকম্প: নিহতৰ সংখ্যা ১,০০২ অতিক্ৰম, উদ্ধাৰ অভিযান অব্যাহত; মৃত্যুৰ সংখ্যা বৃদ্ধিৰ আশংকা !
Myanmar-Bangkok Earthquake: ম্যানমাৰৰ ভূমিকম্প: নিহতৰ সংখ্যা ১,০০২ অতিক্ৰম, উদ্ধাৰ অভিযান অব্যাহত; মৃত্যুৰ সংখ্যা বৃদ্ধিৰ আশংকা !

ম্যানমাৰত ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা ১,০০০ অতিক্ৰম কৰিছে। শনিবাৰে পুৱা সংবাদ সংস্থাই দেশখনৰ সামৰিক জুণ্টা চৰকাৰৰ উদ্ধৃত কৰি কয় যে ভূমিকম্পৰ ফলত কমেও ৬৯৪ জন লোকৰ মৃত্যু হৈছে।(Myanmar-Bangkok Earthquake) আহতৰ সংখ্যা ১৬৭০ জন। ম্যানমাৰৰ চৰকাৰী সংবাদ মাধ্যমই পিছত মৃত্যুৰ সংখ্যা ১,০০২ জন বুলি কয়। মুঠ ২,৩৭৬ জন লোক আহত হৈছে। ত্ৰিশজন লোক সন্ধানহীন হৈ আছে। দেশৰ বৃহৎ অংশত এতিয়াও উদ্ধাৰ অভিযান চলি আছে। ফলস্বৰূপে, মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। ম্যানমাৰে এই কঠিন সময়ত আন দেশসমূহক সহায়ৰ বাবে আবেদন জনাইছে। ইতিমধ্যে ভাৰতৰ পৰা ১৫ টন সাহায্য সামগ্ৰী কঢ়িয়াই অনা এখন বিমান শনিবাৰে পুৱা ম্যানমাৰলৈ ৰাওনা হৈছে৷

শুকুৰবাৰে পুৱাৰ পৰা ভাৰতৰ পূব চুবুৰীয়া দেশৰ মাটি একেৰাহে ১৫ বাৰ কঁপে। প্ৰথম ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.৭ আছিল। ১০ ঘণ্টাৰ ভিতৰত, ১৪ টা আফটাৰশ্বক (ভূমিকম্পৰ পৰবৰ্তী কম্পন) অনুভৱ কৰা হৈছিল। উল্লেখ্য যে ভূমিকম্পটোৱে এটা বৃহৎ অঞ্চল তছনছ কৰি পেলায়৷ ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ কেইমিনিটমানৰ ভিতৰতে আটাইতকৈ শক্তিশালী আফটাৰশ্বকটো সংঘটিত হৈছিল। ৰিখটাৰ স্কেলত ইয়াৰ পৰিমাণ আছিল ৬.৭। দুয়োটা ক্ষেত্ৰতে, ভূমিকম্পৰ কেন্দ্ৰস্থল 10 কিলোমিটাৰ গভীৰ আছিল। এই দুটা কম্পনে আটাইতকৈ বেছি ক্ষতি সাধন কৰিছে বুলি ধাৰণা কৰা হয়। ইয়াৰ পিছত, বাকী ‘আফটাৰশ্বক’বোৰে আতংক বৃদ্ধি কৰে। নেচনেল চেণ্টাৰ ফৰ ছিছমোলজিৰ মতে, শুকুৰবাৰে নিশা ১১.৫৬ বজাত ম্যানমাৰত ভূমিকম্প হয়। ইয়াৰ তীব্ৰতা আছিল ৪.২। আফটাৰশ্বকে উদ্ধাৰ অভিযানক অধিক কঠিন কৰি তুলে। চুবুৰীয়া থাইলেণ্ডো ম্যানমাৰত হোৱা ভূমিকম্পৰ ফলত প্ৰভাৱিত হয়। তীব্ৰ কম্পনৰ ফলত ৰাজধানী চহৰ বেংককত এটা ৩০ মহলীয়া নিৰ্মাণাধীন অট্টালিকা খহি পৰে।

ধ্বংসস্তূপৰ তলত বহু লোকৰ মৃত্যু হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ম্যানমাৰ আৰু থাইলেণ্ডৰ পৰিস্থিতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে যিমান পাৰে সহায় কৰিবলৈ সাজু। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়কো প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে। সংবাদ সংস্থাৰ মতে, ভাৰতীয় বায়ু সেনাৰ এখন চি১৩০জে বিমানে শনিবাৰে পুৱতি নিশা উত্তৰ প্ৰদেশৰ হিন্দন বায়ু সেনা কেন্দ্ৰৰ পৰা উৰা মাৰে। ইয়াত কমেও ১৫ টন সাহায্য সামগ্ৰী আছে। ভূমিকম্পপীড়িত ম্যানমাৰলৈ খাদ্য, কম্বল, তম্বু, টোপনিৰ মোনা (শ্লিপিং বেগ), সৌৰ চাকি, পানী পৰিশোধক আৰু অত্যাৱশ্যকীয় ঔষধ প্ৰেৰণ কৰা হৈছে। শুকুৰবাৰে সংবাদ প্ৰতিষ্ঠানে জনোৱা অনুসৰি ম্যানমাৰত দুখন দলং খহি পৰিছে। মান্দালয় চহৰখন আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। এটা মছজিদ খহি পৰাৰ পিছত বহু লোকৰ মৃত্যু হয়। কেইবাটাও ঘৰ ধ্বংস হয়।

ৰাতিটোৰ ভিতৰতে, জাণ্টাৰ প্ৰধান মিন অং হ্লাইঙে কয় যে তেওঁ আশংকা কৰিছিল যে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। ‘এতিয়াও বহুতো অঞ্চলত ঘৰ ধ্বংস অৱস্থাত আছে। উদ্ধাৰ অভিযান চলি আছে। আমি যিমান পাৰো উদ্ধাৰ অভিযান চলাই আছো। কিন্তু মই আন্তৰ্জাতিক সহায়ৰ বাবেও আবেদন জনাইছো। গৃহযুদ্ধত বিধ্বস্ত ম্যানমাৰৰ বিস্তীৰ্ণ অংশ জাণ্টৰ নিয়ন্ত্ৰণৰ বাহিৰত। সেই অঞ্চলবোৰত ভূমিকম্পৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ এতিয়াও প্ৰকাশ হোৱা নাই। জাণ্টই শুকুৰবাৰে কমেও ছখন প্ৰদেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।

Rajbir Singh: মৈৰাবাৰীত ইফতাৰ অনুষ্ঠানত উপস্থিত সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাজবীৰ সিং

Rajbir Singh: মৈৰাবাৰীত ইফতাৰ অনুষ্ঠানত উপস্থিত সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাজবীৰ সিং
Rajbir Singh: মৈৰাবাৰীত ইফতাৰ অনুষ্ঠানত উপস্থিত সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাজবীৰ সিং

মৈৰাবাৰীত ইফতাৰ অনুষ্ঠানত উপস্থিত থাকে সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাজবীৰ সিং৷ মৰিগাঁও জিলাৰ লাহৰিঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰীৰ বদৰুল ইছলামৰ বাসগৃহত আয়োজিত ইফটাৰত আমন্ত্ৰিত অতিথি হিচাপে উপাধ্যক্ষ ৰাজবীৰ সিং উপস্থিত হোৱাৰ লগে লগে সকলো লোক উৎফুল্লিত হৈ পৰে ৷(Rajbir Singh)

সংখ্যালঘু নেতা ৰাজবীৰ সিং আৰু উপস্থিত ৰাইজে ইফটাৰ গ্ৰহণৰ প্ৰাকক্ষণত বিশ্বশান্তি আৰু ভ্ৰতৃত্ববোধ বিৰাজ কৰাৰ বাবে দোৱা, প্ৰাৰ্থনা কৰাৰ লগতে ২৭ মাৰ্চ তাৰিখে সোণাপুৰত এক পথ দূৰ্ঘটনাত মৈৰাবাৰীৰ একেটা পৰিয়ালৰ নিহত হোৱা তিনিজন সদস্যৰ আত্মাৰ সদগতি কামনাৰে প্ৰাৰ্থনা জনাই ৷

লাহৰিঘাটৰ বিভিন্ন অঞ্চলৰ পৰা আহি ইফতাৰত অংশগ্ৰহণ কৰা লোকসকলে ৰাজবীৰ সিঙৰ অমায়িক ব্যৱহাৰত আপ্লুত হয় আৰু বিভিন্ন দিশত তেওঁলোকৰ মত ব্যক্ত কৰে৷ পৱিত্ৰ ৰমজান মাহৰ ইফতাৰত আমন্ত্ৰণ জনোৱাৰ বাবে বদৰুল ইছলামৰ সমূহ পৰিয়ালবৰ্গৰ লগতে উপস্থিত ৰাইজক ধন্যবাদ জ্ঞাপন কৰে৷


সংখ্যালঘু নেতা ৰাজবীৰ সিঙক সংগ দিয়ে মৰিগাওঁ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মহৰ আলি, সদস্য শ্বাহ আলম চৰকাৰ, এডভ’কেট কমৰুল ভূঞাসহ বিভিন্ন ব্যক্তি৷

Rupak Sarmah: ইতিহাস প্ৰসিদ্ধ নগঞা শইকীয়া ভোটাই ডেকাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

Rupak Sarmah: ইতিহাস প্ৰসিদ্ধ নগঞা শইকীয়া ভোটাই ডেকাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ
Rupak Sarmah: ইতিহাস প্ৰসিদ্ধ নগঞা শইকীয়া ভোটাই ডেকাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

আহোম ৰাজত্ব কালৰ অত্যাচাৰী শাসক লালুকসোলা বৰফুকনক হত্যা কৰি জাতীয় নায়কলৈ পৰিণত হোৱা নগঞা শইকীয়া ভোটাই ডেকাৰ প্ৰাসংগিকতা চিৰ যুগমীয়া কৰি ৰখাৰ লক্ষ্য আৰু উদ্দেশ্যৰে ভোটাইগাঁৱত ভোটাই ডেকাৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।(Rupak Sarmah)

এই উপলক্ষে অনুষ্ঠিত এখন সভাত বিধায়ক গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে ভোটাই ডেকাৰ স্মৃতিৰ স্বাক্ষৰ হৈছে ভোটাই গাঁও। নগঞা বীৰ ভোটাই ডেকাৰ শৌর্য্য, বীৰ্য্য, সাহস, দেশপ্ৰেম, ত্যাগ আৰু জাতীয়তাবাদক লৈ আমি সদায় গৌৰবান্বিত। এইগৰাকী ইতিহাস প্ৰসিদ্ধ বীৰৰ স্মৃতিত নিৰ্মাণ কৰিবলৈ লোৱা এই প্ৰতিমূৰ্তিৰ পৰাই উঠি অহা প্ৰজন্মই নগঞা শইকীয়া ভোটাই ডেকা সম্পৰ্কে ইতিহাস অধ্যয়ন কৰাৰ যথেষ্ট সমল লাভ কৰিব।

সমাজকৰ্মী জয়ন্ত কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত নগাঁও জিলাক পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বটদ্ৰৱা সাংস্কৃতিক প্রকল্প, ভূপেন হাজৰিকা কলা তীৰ্থ, কৰৈয়নী বাৰগঞা মন্দিৰ উন্নয়নৰ লগতে মৰিকলং বিলৰ সৌন্দৰ্য বৰ্দ্ধনৰ কাম পূৰ্ণ গতিত চলি আছে বুলি মন্তব্য কৰাৰ উপৰি অসম চৰকাৰৰ আছুতীয়া পূঁজিৰ জৰিয়তে ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি ভাগৰ কাম অচিৰেই আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে।

অৱসৰপ্রাপ্ত শিক্ষক কমলাকান্ত বৰাই বন্তি প্ৰজ্বলন আৰু বিধায়ক ৰূপক শৰ্মাই নাৰিকল ভাঙি আধাৰশিলা স্থাপন কৰা এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে দেবানন্দ গোস্বামী, ৰিন্টু দাস, লেখক গোলাপ বৰা, অনিল কুমাৰ শৰ্মা, প্ৰতিমূৰ্তিভাগ নিৰ্মাণ কৰিবলগা শিল্পী লক্ষ্যজিত বৰা, সমাজকৰ্মী অশোক কুমাৰ বৰা, কুমুদ বেজবৰুৱা, কিৰণ নেওগ, বিজেপি ভোটাই-পাঠৰী মণ্ডলৰ সভাপতি ৰাতুল কুমাৰ বৰা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। ইয়াৰ পিছতে উৰিয়াগাঁওস্থিত শ্ৰীশ্ৰীনিকামূল সত্ৰৰ ডঃ ভূপেন হাজৰিকা ৰঙ্গমঞ্চ সংলগ্ন সভাগৃহৰ আধাৰশিলা স্থাপন কৰি অসম চৰকাৰৰ আছুতীয়া পূঁজিৰ জৰিয়তে আবন্তিত দহ লাখ টকাৰ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰে।

Sonapur:সোণাপুৰ কঁপালে সহস্ৰাধিক লোকে, প্ৰশাসনৰ জাননীক কেন্দ্ৰ কৰি বিশাল ৰাজহুৱা সভা

Sonapur:সোণাপুৰ কঁপালে সহস্ৰাধিক লোকে, প্ৰশাসনৰ জাননীক কেন্দ্ৰ কৰি বিশাল ৰাজহুৱা সভা
Sonapur:সোণাপুৰ কঁপালে সহস্ৰাধিক লোকে, প্ৰশাসনৰ জাননীক কেন্দ্ৰ কৰি বিশাল ৰাজহুৱা সভা

সোণাপুৰ, ২9  মাৰ্চ: তেজ দিম মাটি নিদিওঁ, ডিগাৰু এয়াৰ ফ’ৰ্চ  মুৰ্দাবাদ, এয়াৰ ফৰ্চৰ দপদপনি নচলি আদি শ্লোগানেৰে সোণাপুৰ (Sonapur) উত্তাল কৰি তোলে৷ সোণাপুৰৰ মাজমজিয়াত স্থাপিত ডিগাৰু বায়ুসেনা বাহিনীৰ সীমাৰপৰা ৯০০ মিটাৰ দূৰত্বৰ ভিতৰত থকা সকলো নিৰ্মাণকাৰ্য্য বন্ধ কৰাৰ বাবে বায়ু সেনা বাহিনীয়ে যি জাননী প্ৰেৰণ কৰিছে তাক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ সোণাপুৰ বাসী ৰাইজৰ মাজত(Dimria)৷

প্ৰায় দহ হাজাৰ লোক উপস্হিতিত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ লোকে কয় কোনো কাৰণতে আমি মাটি নিদিও৷ সোণাপুৰৰ নিৰ্মাণ কাৰ্য কোনোপধ্যে বন্ধ কৰিব নোৱাৰিব। তেজ দিম খিলঞ্জীয়াৰ ভূমি কোনো কাৰণতে দিয়া নহ’ব বুলি হুংকাৰ দিয়ে৷

উল্লেখ্য, সোণাপুৰ প্ৰাণকেন্দ্ৰত স্থাপিত ডিগাৰু(Digaru) বায়ুসেনাৰ ঘাটিৰ হেঁচাত প্রশাসনে প্রদান কৰা জাননীক লৈ এতিয়া সমগ্ৰ সোণাপুৰ বাসী শংকিত হৈ পৰিছে৷বৃহত্তৰ সোণাপুৰ অঞ্চলবাসী হৈছে অতি সহজসৰল খিলঞ্জীয়া লোক৷ইয়াৰ জৰিয়তে চাৰিখন গাওঁ পঞ্চায়তৰ  প্ৰায় দহ হাজাৰ খিলঞ্জীয়া লোকৰ ক্ষতিগ্ৰস্হ হব৷৪০-৫০ বছৰ ধৰি এই অঞ্চলটোত খিলঞ্জীয়া  লোকে ঘৰ সাজি ভোগদখল কৰি আছে তেওঁলোকে৷(Assam) 

বহু লোক ৭০-৮০বছৰ পুৰণি অথবা ১০০ বছৰৰো অধিক কাল এই অঞ্চলত বসবাস কৰি আছে।(India) তেনেক্ষেত্ৰত ডিগাৰু বায়ুসেনা বাহিনীৰ কাৰ্যালয়ৰ তৰফৰ পৰা স্হানীয় প্ৰশাসনক হেচাঁ দি বায়ুসেনা বাহিনীৰ চৌহদৰ পৰা ৯০০ মিটাৰ দূৰত্বৰ  ব্যাসাৰ্ধলৈকে থকা ভূমিত নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ জাননী জাৰি কৰিছে৷

ইয়াকে লৈ সমগ্ৰ খিলঞ্জীয়া বাসীৰ লোকসকল চিন্তিত হৈ পৰিছে৷ ডিগাৰু এয়াৰ  ফৰ্চৰ এই জাননীৰ ফলত সোণাপুৰ, বৰুৱাবাৰী, উৰল, এৰাবাৰী, বৰখাট, মিলনপুৰ, জ্যোতিনগৰ, ৰূপনগৰ, শান্তিনগৰ, কুশল নগৰ, বাৰঘৰীয়া, মহমাৰা, বালিগেট, দমৰা পথাৰ, বলিয়াস্থান, মৈৰাকুছি, ৰাজীৱ গান্ধীনগৰ, বটাকুছি, ডিগাৰু, চেনিমূৰ, বজৰাম আদি গাঁৱৰ লোকসকলক জীৱন যাপন ধংস হব৷

ডিগাৰু এয়াৰ ফৰ্চৰ কামাণ্ডিং বিষয়া অজয় ৰানাক আজিৰ সভাৰ জৰিয়তে সঁকিয়াই দিয়ে যে কোনো কাৰণতে খিলঞ্জীয়া লোকক যাতে হাৰাশাস্তি নকৰে৷ৰাইজৰ হুংকাৰ প্ৰয়োজন হলে সোণাপুৰৰ পৰা ডিগাৰু বায়ু সেনা বাহিনী আঁতৰাই পঠিয়াব  তথাপি আমি মাটি এৰি নিদিও৷ বায়ু সেনা বাহিনীৰ এই নিৰ্দেশ বাতিল নকৰিলে পৰৱৰ্তী সময়ত পৰিস্থিতি  ভয়ংকৰ হ’ব৷

এসময়ত স্থানীয় ৰাইজৰ সহযোগিতাত স্থাপিত বায়ুসেনাৰ ডিগাৰু ঘাটিটোৱে এতিয়া স্থানীয় ৰাইজৰ বিৰুদ্ধে থিয় হোৱা পৰিলক্ষিত হৈছে।  বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দৰ লোকে কয় যে স্হানীয় লোকৰ কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতিৰে স্থাপিত এই বায়ুসেনাৰ ঘাটিতো এতিয়া থলুৱা বিৰোধী নীতিত লিপ্ত হৈছে। সোণাপুৰ নতুন বজাৰৰ মাজেৰে যোৱা অতি ব্যস্ততা পূৰ্ণ বায়ুসেনাৰ আবাসিক এলেকালৈ যোৱা পথতো বলপূর্বকভাৱে বেৰিকেড দিয়াৰ ফলত পথটো যাতায়তৰ বাবে সৰু হৈ পৰাত ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হোৱা বুলিও কয় সমবেত ৰাইজে৷

কেৱল কেইজনমান বিষয়াৰ মইমতালিৰ বাবে ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভূগিবলগীয়া হৈছে। বায়ু সেনা বাহিনীৰ এই সকল লোকে  বিগত ৫০ বছৰ ধৰি স্থানীয় লোকৰ পৰা কোনো ধৰণৰ অসুবিধা পোৱাৰ নজিৰ নাই। বায়ুসেনাত বহু কৰ্মৰত লোকে তেওঁলোকৰ থকা সু-ব্যৱস্হা নথকাত সোণাপুৰৰ ৰাইজে তেওঁলোকক বছৰ বছৰ ধৰি ভাৰাঘৰ প্ৰদান কৰি থকাৰ সু-ব্যৱস্থা কৰি দিছে। বজাৰ সমাৰৰ ক্ষেত্ৰটো সকলো ধৰণৰ বস্তু যোগানৰ ক্ষেত্ৰত সোণাপুৰবাসী ৰাইজৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

তেনেক্ষেত্ৰত  সোণাপুৰবাসীক  জাননী জাৰি কৰি যি হাৰাশাস্তি কৰি আহিছে তাক শীৰ্ঘে বন্ধ কৰিবলৈ দাবী জনায়৷ অন্যথা ডিগাৰু বায়ু সেনা বাহিনীৰ বিৰুদ্ধে সমগ্ৰ ৰাইজ ৰাজপথত নামি আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব৷ ইপিনে আজি সভাৰ শেষত হেমন্ত কলিতা সভাপতি আৰু দিগন্ত লহকৰক সম্পাদক হিচাপে লৈ  পৰৱৰ্তী সময়ত বায়ু সেনা বাহিনীৰ বিৰুদ্ধে কেনেদৰে কাৰ্যসূচী হাতত লব তাৰ বাবে এখন ৪০ জনীয়া সমিতি গঠন কৰিছে৷

আজিৰ সভাৰ প্ৰাকমূহুৰ্তত সোণাপুৰৰ সকলো দোকানীয়ে দোকান বজাৰ বন্ধ ৰাখি এক প্ৰতিবাদ সাব্যস্ত কৰে।আজিৰ সভাৰ শেষত ডিগাৰু বায়ু সেনা বাহিনীৰ আগ্ৰাসন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাৰস্থ হবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ডিগাৰু বায়ু সেনাৰ কামাণ্ডিং বিষয়া অজয় ৰাণাৰ অহা ৩ এপ্ৰিলত প্ৰৰ্তিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব।

আনহাতে, সোণাপুৰ এলেকাত থকা বায়ু সেনাৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীক অনাগত ১৫দিনৰ ভিতৰত সোণাপুৰৰ ভাড়া ঘৰসমূহ খালী কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে সোণাপুৰৰ বজাৰত বায়ুসেনাৰ লোকসকলক শাক পাছলি, ফল মূল, মাছ মাংস বিক্ৰী নকৰাৰ সিদ্ধান্ত আজিৰ সভাই গ্ৰহণ কৰে।

আনহাতে, ডিমৰীয়া সমজিলা আয়ুক্তই ২৭জানুৱাৰী, ২০২৫ত দিয়া নিৰ্দেশনা বাতিল কৰিবলৈ ১০দিনৰ সময় সীমা বান্ধি দিয়াৰ লগতে অহা ১০দিনৰ ভিতৰত নতুন বজাৰৰ পৰা আৱাসিক এলেকালৈ যোৱা পথত দিয়া বেৰিকড আৰু পহৰা চকী উঠাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।প্ৰশাসনে উচ্ছেদ নকৰিলে ৰাইজ ৰাজপথলৈ ওলাই আহিব আৰু প্ৰতিবাদ সাব্যস্ত কৰিব।

সমগ্ৰ বিষয় সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহ মন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে এখন  ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ জড়িয়তে বায়ুসেনাৰ ঘাটি সোণাপুৰৰ পৰা স্থানান্তৰিত কৰাৰ বাবে আদালতৰ দাৰস্থ হবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

Ghibli Studio: নেট জগতত ভৰি পৰিছে Studio Ghibli শৈলীৰ মিম, ফটো; ভিডিঅ’ !

Ghibli Studio: নেট জগতত ভৰি পৰিছে Studio Ghibli শৈলীৰ মিম, ফটো; ভিডিঅ' !
Ghibli Studio: নেট জগতত ভৰি পৰিছে Studio Ghibli শৈলীৰ মিম, ফটো; ভিডিঅ' !

Grok 3 ৰ সৈতে প’ৰ্ট্ৰেইট কেনেকৈ সৃষ্টি কৰিব, ChatGPT চাবস্ক্ৰাইব কৰক, Studio Ghibli ৰ বিষয়ে অধিক জানক।(Ghibli Studio)
OpenAI এ শেহতীয়া ChatGPT-4o আপডেটত এটা ইমেজ জেনেৰেটৰ প্ৰৱৰ্তন কৰিছে। ChatGPT ৰ নতুন বৈশিষ্ট্যৰ জৰিয়তে Studio Ghibli-শৈলীৰ মিম, দৃশ্য আৰু ফটোৰে ইণ্টাৰনেট ভৰি পৰিছে। শেহতীয়াকৈ OpenAI এ Chat GPT-4o ত এটা আপডেটৰ জৰিয়তে ইয়াৰ আটাইতকৈ উন্নত ইমেজ জেনেৰেটৰ মুকলি কৰিছে, যিয়ে ব্যৱহাৰকাৰীসকলক কিংবদন্তি জাপানী চলচ্চিত্ৰ নিৰ্মাতা হায়াও মিয়াজাকিৰ হাতেৰে অংকন কৰা এনিমেচন শৈলীত ছবি সৃষ্টি কৰিবলৈ অনুমতি দিয়ে যিটো অস্কাৰ বিজয়ী ছবি যেনে “স্পাইৰাইটেড এৱে” আৰু “দ্য বয় এণ্ড দ্য হেৰন”ত দেখা গৈছিল।

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ এটা অংশই এআইৰ দ্বাৰা সৃষ্টি কৰা ছবিক আকৰ্ষণীয় বুলি বিবেচনা কৰাৰ বিপৰীতে আন একাংশই ইয়াক হায়াও মিয়াজাকিৰ সৃষ্টিশীল আয়ত্তৰ অপমান বুলি অভিহিত কৰিছে।

মিয়াজাকিৰ আন আন বিখ্যাত চিনেমাসমূহৰ ভিতৰত আছে “হাউলছ মুভিং কেছল”, “মাই ফ্ৰেণ্ড ট’ট’ৰ'”, “কিকিজ ডেলিভাৰী চাৰ্ভিচ” আৰু “দ্য উইণ্ড ৰাইজ”।

ChatGPT ছবিয়ে ইণ্টাৰনেটক স্তম্ভিত কৰি তুলিছে। OpenAI-এ এতিয়াও বিনামূলীয়া ব্যৱহাৰকাৰীৰ বাবে এই বৈশিষ্ট্য মুকলি কৰা নাই, অৰ্থাৎ তেওঁলোকে বাস্তৱ জীৱনৰ ফটোক জাপানী এনিমে-শৈলীৰ প’ৰ্ট্ৰেইটলৈ ৰূপান্তৰিত কৰাৰ ভাইৰেল ট্ৰেণ্ডৰ পৰা বঞ্চিত হৈছে৷ কিন্তু ইয়াৰ এটা সমাধান আছে—xAI ৰ Grok চেটবটে (Grok 3 ত চলি থকা) মানুহক ChatGPT ৰ $20/মাহৰ চাবস্ক্ৰিপচনৰ বাবে ধন নিদিয়াকৈ Ghibli-শৈলীৰ ছবি সৃষ্টি কৰিবলৈ দিয়ে৷


এতিয়া সকলোৱে এই টেণ্ড ফ’ল’ কৰিছে। Ghibli-শৈলীৰ ছবি, ভিডিঅ’ এ এতিয়া খলকনি তুলিছে ইণ্টাৰনেটত।

Chutia Welfare Council:চুতীয়া উন্নয়ন পৰিষদক উন্নতি কৰি চুতীয়া কল্যাণ পৰিষদৰ গঠনৰ আস্বাস

Chutia Welfare Council:চুতীয়া উন্নয়ন পৰিষদক উন্নতি কৰি চুতীয়া কল্যাণ পৰিষদৰ গঠনৰ আস্বাস
Chutia Welfare Council:চুতীয়া উন্নয়ন পৰিষদক উন্নতি কৰি চুতীয়া কল্যাণ পৰিষদৰ গঠনৰ আস্বাস

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৯ মাৰ্চঃ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰৰ সামগ্ৰিক বিকাশৰ(Chutia Welfare Council) দাবীৰে তথা জনগোষ্ঠীৰ আৰ্থ-সামাজিক উত্তৰণ, সাংস্কৃতিক বিকাশ, ঐতিহ্য সংৰক্ষণ, শিক্ষা, যুৱ শক্তিৰ বিকাশ, গৱেষণা আদি বিভিন্ন দিশত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই উত্থাপন কৰি অহা দাবীসমূহৰ সন্দৰ্ভত বৃহস্পতিবাৰে সন্ধিয়া জনতা ভৱনৰ লোকসেৱা ভৱনত সংগঠনটোৰ প্ৰতিনিধি দলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক আলোচনাত মিলিত হয়।(Chutia kingdom)

আলোচনাৰ সময়ত মন্ত্ৰীত্ৰয় ক্ৰমে অতুল বৰা, ডাঃ ৰণোজ পেগু, বিমল বড়াৰ উপৰি সদৌ চুতীয়া জাতি সন্মিলনৰ প্ৰতিনিধিৰ লগতে জনগোষ্ঠীটোৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

এই আলোচনা কালত মুখ্যমন্ত্ৰীয়ে চুতীয়া ছাত্ৰ সন্থাৰ কেইবাটাও দীৰ্ঘদিনীয়া দাবী শীঘ্ৰে কাৰ্যকৰী কৰাৰ আশ্বাস প্ৰদান কৰে বুলি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মহেন বৰা আৰু সাধাৰণ সম্পাদক ৰাজু চুতীয়াই সদৰী কৰিছে।(Tamreswari Temple) সন্থাৰ সভাপতি বৰাই আলোচনা ফলপ্ৰসূ বুলি উল্লেখ কৰি কয় যে চুতীয়া ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণৰ সন্দৰ্ভত বৃহস্পতিবাৰে বৈঠকত মুখ্যমন্ত্ৰীয়ে আগন্তুক ব’হাগ বিহুৰ আগতে কেন্দ্ৰলৈ প্ৰতিবেদন প্ৰদান কৰিব বুলি উল্লেখ কৰিছে।(king of Bhishmaka of Vidarbha)

সন্থা দৃঢ় বিশ্বাসী যে এই সমস্যাটো শীঘ্ৰে সমাধান হ’ব। লগতে স্বায়ত্তশাসন প্ৰদানৰ বিষয়টোৰ ক্ষেত্ৰত কিছু সময় প্ৰয়োজন হ’ব আৰু সেই বাবেই সম্প্ৰতি জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে গঠিত চুতীয়া উন্নয়ন পৰিষদখনক উন্নত কৰি চুতীয়া কল্যাণ পৰিষদৰ গঠনৰ আস্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। একেদৰে বৈঠকত চুতীয়া ৰাজশাসনৰ(Chutia Dynasty) পৌৰাণিক কীৰ্তিচিহ্ন সংৰক্ষণৰ বিষয়টোত মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে মন্ত্ৰী অতুল বৰা আৰু বিমল বড়াক দায়িত্ব অৰ্পণ কৰে।

মন্ত্ৰীদ্বয়ে বিভাগীয় বিষয়ক লগত লৈ শদিয়াৰ পৌৰাণিক স্থানসমূহ পৰিদৰ্শন কৰিব আৰু ইয়াৰ পাছতে প্ৰতিবেদন দাখিল কৰিব। ইয়াৰ উপৰি অসম লোকসেৱা আয়োগত জনগোষ্ঠীৰ বাবে দুখন আসন সংৰক্ষণৰ কথা মুখ্যমন্ত্ৰীয়ে বৈঠকত ঘোষণা কৰে বুলি সন্থাৰ সভাপতি বৰাই উল্লেখ কৰি লগতে কয় যে কাজিৰঙাৰ পৰা শদিয়া সংযোগী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এশ ফুট উচ্চতাৰ বীৰাংগনা সাধানীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব।

এই প্ৰতিমূৰ্তিৰ লগত আদিম ভূমিপুত্ৰ জনগোষ্ঠীটোৰ ইতিহাস তথা কৃষ্টি-সংস্কৃতি প্ৰতিফলিত হোৱাকৈ এখন সমন্বয় ক্ষেত্ৰ গঢ়ি তোলাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। লগতে পাঁচখন জিলাত পাঁচ কোটিকৈ ব্যয় সাপেক্ষে পাঁচটা বীৰাংগনা সাধনী ভৱন নিৰ্মাণ, চুতীয়া ইতিহাস তথা কৃষ্টি-সংস্কৃতিৰ গৱেষণাৰ বাবে গুৱাহাটী নাইবা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত বিশেষ ব্যৱস্থা গ্ৰহণ, জনগোষ্ঠীটোৰ পাঁচ হেজাৰ যুৱক-যুৱতীক দুই লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথা বৈঠকত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে বুলি চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি বৰাই উল্লেখ কৰে।

লগতে তেওঁ কয় যে বৈঠকত গোলাঘাটস্থিত বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপত হোষ্টেল, সংগ্ৰহালয়, অতিথিশালা নিৰ্মাণৰ বাবে ১০ বিঘা মাটি আৱণ্টন দিয়া হ’ব বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে। উল্লেখ্য, এই সমগ্ৰ প্ৰস্তাৱ তথা ঘোষণাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ মন্ত্ৰীত্ৰয় অতুল বৰা, ডাঃ ৰণোজ পেগু আৰু বিমল বড়াৰ নেতৃত্বত এখন পাঁচজনীয়া সমিতি মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়ে।

একেদৰে বৈঠকখনৰ সন্দৰ্ভত উপস্থিত মন্ত্ৰী অতুল বৰাই কয় যে ৰাজ্যখনৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠী, সম্প্ৰদায়ৰ সামগ্ৰিক উন্নয়ন আৰু কল্যাণৰ বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে।

উল্লেখ্য, বৃহস্পতিবাৰে চুতীয়া জনগোষ্ঠীৰ সৰ্বাংগীণ কল্যাণৰ সৈতে জড়িত বিভিন্ন বিষয়ত চুতীয়া ছাত্ৰ সন্থাকে ধৰি জনগোষ্ঠীটোৰ কেওটা সংগঠনৰ লগত মুখ্যমন্ত্ৰীয়ে এক আলোচনাত মিলিত হয়। আলোচনাৰ কালত মুখ্যমন্ত্ৰীয়ে চুতীয়া জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দিশত ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰিছে বুলি তেওঁ উল্লেখ কৰে।

Saturns Transit: আজি ৰাতি সলনি হ’ব শনি, ৰাশি অনুসৰি শনিৰ গ্ৰহৰ প্ৰভাৱ আৰু প্ৰতিকাৰ…

Saturns Transit: আজি ৰাতি সলনি হ'ব শনি, ৰাশি অনুসৰি শনিৰ গ্ৰহৰ প্ৰভাৱ আৰু প্ৰতিকাৰ...
Saturns Transit: আজি ৰাতি সলনি হ'ব শনি, ৰাশি অনুসৰি শনিৰ গ্ৰহৰ প্ৰভাৱ আৰু প্ৰতিকাৰ...

শনি ৰাশিৰ পৰিৱৰ্তনৰ ফলত বাৰটা ৰাশিৰ অধীনত জন্ম লোৱা মানুহৰ জীৱনত কিছু পৰিবৰ্তন হ’ব। সকলো ক্ষেত্ৰতে বেয়া কিবা এটা হ’ব বুলি ধাৰণাটো ভুল। আপোনাৰ ৰাশি অনুযায়ী কিছুমান সহজ প্ৰতিকাৰ পালন কৰিলে ভাল ফলাফল লাভ কৰিব পাৰি।(Saturns Transit)প্ৰতিটো ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পেলাব আৰু কি কি প্ৰতিকাৰ কৰিব লাগে জানি লওক।


মেষ ৰাশি – শনিৰ ৰাশিৰ পৰিৱৰ্তনে মেষ ৰাশিৰ লোকক ভাল ফলাফল নিদিব। স্বাস্থ্য, কৰ্মক্ষেত্ৰ আৰু বিত্তীয় দিশত প্ৰভাৱ পৰাৰ আশংকা।

প্ৰতিকাৰ – কুকুৰক প্ৰতিদিনে ৰুটি খুৱাই শনি মন্দিৰত সৰিয়হৰ তেল দান কৰক।

বৃষ ৰাশি – বৃষ ৰাশিৰ লোকে বিশেষকৈ ভাই-ভনীৰ মাজত সম্পৰ্কৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। কষ্টতকৈ টকা উপাৰ্জন কৰাটো কম হ’ব।

প্ৰতিকাৰ – আপুনি প্ৰতি শনিবাৰে বৈ যোৱা পানীত বগা সৰিয়হ আৰু ক’লা তিল দিব পাৰে, আপুনি উপকৃত হ’ব।

মিথুন ৰাশি – শনি ৰাশিৰ পৰিৱৰ্তনৰ বাবে মিথুন ৰাশিৰ লোকে নিজৰ পৰিয়ালৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব আৰু ঘৰৰ বৃদ্ধ সদস্যৰ স্বাস্থ্যৰ যত্ন ল’ব লাগিব। কঠোৰ পৰিশ্ৰম কৰিলে ভাগ্য আপোনাৰ লগত থাকিব।

প্ৰতিকাৰ – ভগৱান শনিৰ কুচক্ষুৰ পৰা আঁতৰি থাকিবলৈ দুখীয়াক খুৱাব।

কৰ্কট ৰাশিৰ জীৱনৰ পৰা সকলো বাধা আৰু বিপদ ক্ৰমান্বয়ে নাইকিয়া হৈ যাব। বিবাহিত জীৱন সুখী হ’ব আৰু হঠাৎ আৰ্থিক লাভ হ’ব পাৰে।

প্ৰতিকাৰ – শনি মন্দিৰত ক’লা তিল দান কৰি ভাল ফলাফল পাব।

সিংহ ৰাশি – শনিৰ ট্ৰেনজিটৰ সময়ত সিংহ ৰাশিৰ লোকৰ ঋণ পৰিশোধ হ’ব পাৰে। মামলাৰ বাবে ধন খৰচ হ’ব পাৰে। শান্ত হৈ থাকিব পাৰিলে কৰ্মক্ষেত্ৰত উন্নতি হ’ব।

প্ৰতিকাৰ – প্ৰতিকাৰ হিচাপে শনি মন্ত্ৰ জপ কৰক।

কন্যা ৰাশি – কন্যা ৰাশিৰ বিবাহ জীৱনত সামান্য প্ৰভাৱ পৰিব যদিও জীৱন সংগীৰ প্ৰতি সৎ আচৰণ কৰিলে ইয়াৰ উন্নতি ঘটিব। নিজৰ শৰীৰৰ যত্ন লওক।

প্ৰতিকাৰ – প্ৰতিকাৰ হিচাপে ছাঁ দিব লাগে।

তুলা ৰাশি – শনিৰ প্ৰভাৱৰ বাবে তুলা ৰাশিৰ লোকৰ পাৰিবাৰিক সমস্যা বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত এলেহুৱা হোৱাটো গ্ৰহণযোগ্য নহয়। প্ৰাৰ্থীয়ে ভাল ফলাফল পাব পাৰে।

প্ৰতিকাৰ – ভগৱান শনিৰ কুচক্ষীৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সেউজীয়া মগু দাইল দান কৰক।

বৃশ্চিক ৰাশি – বৃশ্চিক ৰাশিৰ প্ৰেম প্ৰবল হ’ব আৰু আপুনি আপোনাৰ পছন্দৰ জীৱন সংগী বিচাৰি পাব পাৰে। ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে। চাকৰিৰ পৰিৱৰ্তন হ’ব পাৰে। সঞ্চয় বৃদ্ধি পাব।

প্ৰতিকাৰ – প্ৰতিকাৰ হিচাপে হনুমান চলিছা পঢ়ক।

ধনু ৰাশি – শনিৰ ট্ৰেনজিটৰ সময়ত ধনু ৰাশিৰ লোকে কৰ্মক্ষেত্ৰত অতি সাৱধান হ’ব লাগিব। যিমানেই কঠোৰ পৰিশ্ৰম কৰিব সিমানেই ভাল ফলাফল পাব।

প্ৰতিকাৰ – শনি ভগৱানৰ অশুভ দৃষ্টিৰ পৰা হাত সাৰিবলৈ ভগৱান শিৱক পূজা কৰিব লাগে।

মকৰ ৰাশি – মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ সংখ্যা বাঢ়িব, কিন্তু ৰোগ বৃদ্ধিৰ বাবে অলপ বিৰক্তি থাকিব। পেটৰ সমস্যা বাঢ়িব। আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব।

প্ৰতিকাৰ – শনিবাৰে উপবাস ৰাখিব লাগে যাতে ভাল ফলাফল পোৱা যায়।

কুম্ভ ৰাশি – কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মাটি কিনিব বিচাৰিলে আগবাঢ়ক। পত্নীৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। পাৰিবাৰিক সমস্যা থাকিলে সেইবোৰ সমাধান হ’ব। দীৰ্ঘদিনীয়া এটা ইচ্ছা পূৰণ হ’ব পাৰে।

প্ৰতিকাৰ – ভগৱান শনিৰ মন্ত্ৰ পঢ়ক।

মীন ৰাশি – মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মানসিক আৰু শাৰীৰিক সমস্যা বাঢ়িব। ব্যৱসায়ত মনোনিৱেশ কৰিলে আপুনি লাভৱান হ’ব। এলেহুৱা হোৱাৰ বাবে কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে।

প্ৰতিকাৰ – জীৱ-জন্তুৰ লগত সাৱধান হ’ব লাগিব।

Shraddha Kapoor: মুম্বাইৰ ৰাজপথত শ্ৰদ্ধা কাপুৰৰ নতুন গাড়ী, যাৰ মূল্য প্ৰায় ২.৯৩ কোটি টকা

Shraddha Kapoor: মুম্বাইৰ ৰাজপথত শ্ৰদ্ধা কাপুৰৰ নতুন গাড়ী, যাৰ মূল্য প্ৰায় ২.৯৩ কোটি টকা
Shraddha Kapoor: মুম্বাইৰ ৰাজপথত শ্ৰদ্ধা কাপুৰৰ নতুন গাড়ী, যাৰ মূল্য প্ৰায় ২.৯৩ কোটি টকা

শ্ৰদ্ধা কাপুৰৰ নতুন গাড়ীখন মুম্বাইৰ ৰাজপথত দ্ৰুতগতিত চলি আছে। অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে শেহতীয়াকৈ ক্ৰয় কৰিছে এখন নতুন বিলাসী গাড়ী Lexus LM 350h। অভিনেত্ৰীগৰাকীৰ নতুন গাড়ীৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে।(Shraddha Kapoor)

দিনক দিনে বৃদ্ধি পাইছে বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ কেৰিয়াৰ গ্ৰাফ। শ্ৰদ্ধাই ইখনৰ পিছত সিখন চিনেমা পাইছে আৰু ইয়াৰ মাজতে তেওঁ এখন গাড়ী সংগ্ৰহ কৰিছে। বিলাসী গাড়ীৰ প্ৰতি অতি আকৰ্ষিত শ্ৰদ্ধা কাপুৰ। শেহতীয়াকৈ শ্ৰদ্ধা কাপুৰে ৪ আসনৰ আল্ট্ৰা লাক্সাৰী গাড়ী ক্ৰয় কৰিছে। গাড়ীখন লেক্সাছ ব্ৰেণ্ডৰ আৰু অভিনেত্ৰীগৰাকীয়ে ক্ৰয় কৰিছে ইয়াৰ এল এম ৩৫০এইচ মডেল। Lexus LM 350h ৰ মূল্য প্ৰায় ২.৯৩ কোটি টকা। এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।

শ্ৰদ্ধা কাপুৰৰ নতুন গাড়ীৰ আভাস মাত্ৰ কেইঘণ্টামানৰ পূৰ্বে মুম্বাইত দেখা গৈছিল। এই সময়ছোৱাত অভিনেত্ৰীগৰাকীক বিনা মেকআপত দেখা গৈছিল আৰু যিটো ভিডিঅ’ ভাইৰেল হৈছে তাত মানুহে তেওঁৰ সৰলতাক ভাল পাইছে। শ্ৰদ্ধা কাপুৰৰ নতুন ভিডিঅ’ তেওঁৰ জিমৰ বাহিৰৰ। এই ভিডিঅ’টোত দেখা শ্ৰদ্ধাৰ নতুন গাড়ীখনে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। শ্ৰদ্ধাৰ নতুন গাড়ীখনৰ ৰং ক’লা আৰু মানুহে তেওঁক অভিনন্দন জনাইছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘বাহ, ইখনৰ পিছত সিখন গাড়ী, অভিনন্দন শ্ৰদ্ধা।’ একে সময়তে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘অভিনন্দন শ্ৰদ্ধা মেম, এনেকৈ নতুন গাড়ী কিনি থাকিব।’

শ্ৰদ্ধা কাপুৰৰ বহু বিলাসী গাড়ীৰ মালিক। মাত্ৰ কেইমাহমানৰ আগতে শ্ৰদ্ধা কাপুৰে লেমবৰ্গিনি হুৰাকান টেকনিকা ক্ৰয় কৰিছিল যাৰ মূল্য প্ৰায় ৪ কোটি টকা। বিএমডব্লিউ ৭ ছিৰিজ, মাৰ্চিডিজ বেঞ্জ আৰু অ’ডি কিউ৭ বিলাসী গাড়ী অভিনেত্ৰীগৰাকীৰ আছে।

Donald Trump: ‘এজন দক্ষ ৰাষ্ট্ৰনেতা, মোৰ ভাল বন্ধু’ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা ট্ৰাম্পৰ

Donald Trump: ‘এজন দক্ষ ৰাষ্ট্ৰনেতা, মোৰ ভাল বন্ধু’ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা ট্ৰাম্পৰ
Donald Trump: ‘এজন দক্ষ ৰাষ্ট্ৰনেতা, মোৰ ভাল বন্ধু’ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা ট্ৰাম্পৰ

ডোনাল্ড ট্ৰাম্পে পুনৰবাৰ নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে। (Donald Trump)শুকুৰবাৰে হোৱাইট হাউছত সংবাদ মাধ্যমক সম্বোধন কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক ‘সক্ষম ৰাষ্ট্ৰনেতা আৰু মোৰ এজন ভাল বন্ধু’ বুলি অভিহিত কৰে। কিন্তু একে সময়তে তেওঁ কয়, “ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক শুল্ক সংগ্ৰহ কৰা দেশসমূহৰ ভিতৰত অন্যতম।”

শুকুৰবাৰে ট্ৰাম্পে মোডীক “অতি স্মাৰ্ট মানুহ” বুলি অভিহিত কৰে। শেহতীয়াকৈ মোডীৰ আমেৰিকা ভ্ৰমণৰ সময়ত শুল্ক সম্পৰ্কে আলোচনা হোৱা বুলি কয় ট্ৰাম্পে লগতে কয় যে আমি সদায় ভাল বন্ধু। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল। আমাৰ মাজত ইতিবাচক আলোচনা হৈছিল। মই ভাবো যে ইয়াৰ ফলাফল ভাৰত আৰু আমাৰ দেশৰ বাবে অতি ভাল হ’ব। অৱশ্যে তেওঁ ভাৰতক “শুল্ক ৰজা” বুলিও অভিহিত কৰিছিল।

আমেৰিকাই ৰোহিংগীয়া শৰণাৰ্থীৰ কাষত থিয় দিছে, খাদ্য সাহায্য প্ৰকল্পলৈ ৬.২৫ বিলিয়ন টকা দান কৰিছে দ্বিতীয় কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছতে ট্ৰাম্পে সকীয়াই দিছিল যে তেওঁ এখন দেশৰ ৰপ্তানিৰ ওপৰত আমেৰিকাৰ আমদানিৰ ওপৰত আৰোপ কৰা শুল্কৰ সমান হাৰত শুল্ক আৰোপ কৰিব। অহা বুধবাৰে (২ এপ্ৰিল) ট্ৰাম্পৰ পাৰস্পৰিক শুল্ক কাৰ্যকৰী হোৱাৰ কথা। অৱশ্যে শেহতীয়াকৈ ট্ৰাম্পে ইংগিত দিছে যে কিছুমান দেশক এই শুল্কৰ পৰা কিছু ৰেহাই দিয়া হ’ব পাৰে। ৱাশ্বিংটনৰ উপকাৰীৰ তালিকাত নতুন দিল্লী অন্তৰ্ভুক্ত হ’ব নে নহয় সেয়া চাবলৈ ভাৰতীয় ব্যৱসায়ী সমাজে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

Surya Grahan 2025: বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ আজি, কোন ৰাশিৰ বাবে শুভ, কোন ৰাশিৰ বাবে অশুভ ?

Surya Grahan 2025: বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ আজি, কোন ৰাশিৰ বাবে শুভ, কোন ৰাশিৰ বাবে অশুভ ?
Surya Grahan 2025: বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ আজি, কোন ৰাশিৰ বাবে শুভ, কোন ৰাশিৰ বাবে অশুভ ?

আজি ২৯ মাৰ্চৰ দিনৰ ২:২০ বজাৰ পৰা বছৰৰ সূৰ্য গ্ৰহণ আৰম্ভ হ’ব। এই সূৰ্যগ্ৰহণ প্ৰায় ৪ ঘণ্টা ধৰি চলিব। ভাৰতত এই সূৰ্যগ্ৰহণ দেখা নাযায় যদিও ইয়াৰ প্ৰভাৱ সকলো ৰাশিৰ লোকৰ ওপৰত পৰিব।(Surya Grahan 2025)

যেতিয়াই চন্দ্ৰ সূৰ্য্য আৰু পৃথিৱীৰ মাজত আহে তেতিয়াই সূৰ্য্যৰ কোনো অংশ কিছু সময়ৰ বাবে চন্দ্ৰৰ পিছফালে আবৃত হৈ থাকে। ইয়াৰ কাৰণে পৃথিৱীৰ কিছু অংশৰ পৰা সূৰ্য্য দেখা নাযায়, ইয়াক সূৰ্যগ্ৰহণ বোলা হয়। হিন্দু ধৰ্ম আৰু জ্যোতিষত সূৰ্যগ্ৰহণক অত্যন্ত গুৰুত্ব দিয়া হয়। জ্যোতিষ বিজ্ঞানৰ হিচাপ অনুসৰি ২৯ মাৰ্চত সংঘটিত হোৱা সূৰ্যগ্ৰহণৰ ফলত মেষ ৰাশিৰ পৰা মীন ৰাশিত প্ৰভাৱ পৰিব-

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণক মেষ ৰাশিৰ লোকৰ বাবে শুভ বুলি কব নোৱাৰি। এই লোকসকলে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আৰ্থিক লোকচান হ’ব পাৰে।

বৃষ ৰাশিৰ ওপৰত সূৰ্যগ্ৰহণৰ প্ৰভাৱ ভাল হব। আপুনি আৰ্থিক লাভ পাব পাৰে। আবদ্ধ হৈ থকা ধন লাভ কৰিব। অৱশ্যে সম্পৰ্কত কিছু বিসঙ্গতি থাকিব পাৰে।

মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সূৰ্যগ্ৰহণে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপুনি অধিক কষ্ট কৰিব লাগিব কিন্তু কম ফলাফল পাব। যদি আদালতত কোনো গোচৰ আছে তেন্তে সাৱধান হওক।

এই সূৰ্যগ্ৰহণে কৰ্কট ৰাশিৰ লোকক উপকৃত কৰিব। এই মানুহবোৰ মানসিক চাপত থাকিব পাৰে। প্ৰতিটো বিষয়তে ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰাটো ভাল। প্ৰয়োজন হ’লে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক।

সূৰ্যগ্ৰহণ সিংহ ৰাশিৰ লোকৰ বাবে বাল বেয়া দুয়োটাই। কিছুমান মানুহে আৰ্থিক সুবিধা লাভ কৰিব পাৰে। কিন্তু কিছু লোকচানও হ’ব পাৰে। সম্পৰ্কত তিক্ততা থাকিব পাৰে।

তুলা ৰাশিৰ ব্যৱসায়ীসকলে লাভ পাব পাৰে। ব্যৱসায় বৃদ্ধি পাব। পুৰণি সমস্যাবোৰ নাইকিয়া হৈ যাব। অবিবাহিত মানুহে বিয়া পাতিব পাৰে।

যদি বৃশ্চিক ৰাশিৰ লোকে চিন্তাশীলভাৱে কাম কৰে তেন্তে বছৰৰ প্ৰথম সূৰ্যগ্ৰহণে ভাল ফলাফল দিব পাৰে। ভ্ৰমণলৈ যোৱাৰ সুযোগ পাব পাৰে। নতুন চাকৰিৰ অফাৰ পাব পাৰে।

সূৰ্যগ্ৰহণে ধনু ৰাশিৰ লোকক উপকৃত কৰিব পাৰে। কিছুমান মানুহৰ জীৱনত ডাঙৰ পৰিৱৰ্তন হ’ব পাৰে। আবদ্ধ টকাখিনি পাব পাৰে।

মকৰ ৰাশি কেৱল সূৰ্যগ্ৰহণেই নহয় এই সমগ্ৰ সময় মকৰ ৰাশিৰ লোকৰ বাবে অতি বিশেষ। প্ৰতিটো ক্ষেত্ৰতে আপুনি উপকৃত হ’ব। শনিৰ সাধেসতী শেষ হোৱাৰ লগে লগে আপুনি সকাহ পাব। সম্পৰ্ক আৰু আৰ্থিক অৱস্থা অধিক মজবুত হ’ব।

কুম্ভ ৰাশি সূৰ্যগ্ৰহণে কুম্ভ ৰাশিৰ লোকক উপকৃত কৰিব। নিয়োজিত লোকে নতুন চাকৰি পাব পাৰে।

মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বছৰৰ প্ৰথম সূৰ্যগ্ৰহনে অশুভ ফল দিব পাৰে। এই সূৰ্যগ্ৰহণ মীন ৰাশিত হৈ আছে আৰু ইয়াত সূৰ্য্যও শনিৰ লগত সংযুক্ত হৈ আছে। কাকো বেছি বিশ্বাস নকৰিব। ক্ষতি হ’ব পাৰে।