Home Blog Page 3069

টংলাত ছাত্ৰী সন্ধানহীন

চাবিনা হাছা (১৭)

ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ভূতিয়া পুখুৰী গাওঁৰ নিবাসী চুপাই হাছা আৰু আশ্ৰত হাছাৰ কন্যা চাবিনা হাছা (১৭) যোৱা ১৬ এপ্ৰিলৰ পৰা সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। টংলা ডনবক্স হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী চাবিনা হাছাই ১৬ এপ্ৰিলৰ দিনাখন বিদ্যালয় বন্ধ হোৱাত ভাড়া ঘৰৰ মালিকক ঘৰলৈ যাওঁ বুলি কৈ ওলাই অহাৰ পথত সন্ধানহীন হৈ পৰে। ইতিমধ্যে পৰিয়াল লোকে টংলা থানাত এজাহাৰ দাখিল কৰে। ৪ ফুট ওখ, মুগা বৰণীয়া আদিবাসী সম্প্ৰদায় ছাত্ৰী জনীৰ কোনো সদাশয় ব্যক্তিয়ে সম্ভেদ পালে ৭৬৩৬৮০০৩৮৯ নম্বৰ বা ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়াল লোকে আনুৰধ জনায়।

নামৰূপত বেতেৰে নিৰ্মাণ কৰি উলিয়ালে এখন অত্যাধুনিক বুলেট।

নামৰূপৰ তিলক চেতিয়া। যিজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সম্পূৰ্ণ বেটেৰে নিৰ্মিত এখন অত্যাধুনিক বুলেট আকৃতিৰ মটৰচাইকেল। নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ মূল প্ৰবেশদ্বাৰৰ সমীপত বাস কৰা তিলক চেতিয়াই নিজস্ব প্ৰতিভাৰে নিৰ্মাণ কৰি উলিয়াইছে অত্যাধুনিক বাহনখন। সুদীৰ্ঘ ২০ বছৰে তিলক চেতিয়াই নিত্য ব্যৱহাৰ্য চকী টেবুল বিচনাকে আদি কৰি বিভিন্ন ধৰণৰ সৌন্দৰ্য বৰ্ধক সামগ্ৰী বাহ আৰু বেতেৰে নিৰ্মাণ কৰি আহিছে। তাৰোপৰি মহ শিঙৰ পেঁপাৰ পৰিবৰ্তে বাহেৰে জুৰীয়া পেপা প্ৰস্তুত কৰি অজস্ৰ জনৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

হোজাইত ৰেলৰ খুন্দাত এজন যুৱকৰ কৰুণ মৃত্যু।। বৰ্তমানলৈকে যুৱক জনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই।।

হোজাইত এজন যুৱকৰ কৰুণ মৃত্যু।।

ৰেলৰ খুন্দাত মৃত্যু যুৱক জনৰ।।

হোজাই দশঘৰ অঞ্চলত মালবাহী ৰেলৰ আগত পৰি মৃত্যু যুৱক জনৰ।।

148/3 ৰেলপোষ্টৰ ওচৰত দুই টুকুৰা হৈ কৰুণ মৃত্যু সাবটিলয় যুৱক জনে।।

আত্মহত্যা নে দুৰ্ঘটনা এতিয়াও পোহৰলৈ অহা নাই।।

বৰ্তমানলৈকে যুৱক জনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই।।

হোজাইত সমূহ শিক্ষানুষ্ঠানৰ লগতে মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কছিং প্ৰতিষ্ঠানৰ উপৰিও ছাত্ৰাৱাস বন্ধ ঘোষণা

অসম ৰাজ্যিক শিক্ষা বিভাগৰ শেহতীয়া অধিসূচনা মৰ্মে আৰু হোজাই জিলাত যোৱা দহটা দিনত কভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা তিনিশৰো অধিক হোৱাত হোজাই জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ কৰ্তৃপক্ষৰ অধ্যক্ষ ডাঃ সদনেক সিঙৰ এক আদেশ যোগে হোজাই জিলাস্থিত সমূহ চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগতে মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কচিং প্ৰতিষ্ঠানৰ ওপৰিও সকলো ধৰণৰ ছাত্ৰাবাস ২৮ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ অহা ২১ মে লৈকে বন্ধ ঘোষণা কৰিছে ।অৱশ্যে শিক্ষাৰ্থী সকলৰ বাবে অনলাইনযোগে পাঠদান প্ৰক্ৰিয়া অব্যাহত বুলি জনসংযোগ বিভাগে বিবৃতি যোগে জানিবলৈ দিয়ে ।উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ ডা০ সদনেক সিঙে জিলাবাসী ৰাইজক কভিড-১৯ ৰ সকলো চৰকাৰী নীতি নিয়ম সুচাৰুৰূপে মানি চলিবলৈ আহ্বান জনায়।

কৰ’ণা মহামাৰীৰ গইনা লৈ খাদ্যসামগ্ৰীৰ মুল্যবৃদ্ধি : নিয়ন্ত্ৰণৰ দাবী সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ

কৰ’ণা মহামাৰীয়ে ভাৰতৰ লগতে অসমতো ত্ৰাসৰ সৃষ্টি কৰি আতংকময় পৰিবেশৰ সৃষ্টি কৰা সময়ছোৱাত এচাম অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মুল্য আকাশলংঘী কৰা পৰিলক্ষিত হৈছে৷ এক বিবৃতিত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় যে , চৰকাৰৰ লগতে জিলা প্ৰশাসনে সৰ্বসাধাৰণ ৰাইজৰ সুবিধা হোৱাকৈ মুল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনাইছে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই কয় যে , মানৱ সভ্যতাৰ দুৰ্যোগৰ মুহুৰ্তত সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ সোধাই আলু, পিয়াঁজ, মিঠাতেল, দাইলকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মুল্যবৃদ্ধি কৰা কাৰ্য কোনো কাৰণত গ্ৰহণযোগ্য নহয় ৷ অতিশীঘ্ৰে যোগান বিভাগ, চৰকাৰ আৰু জিলা প্ৰশাসনে তৎপৰতাৰে  উদ্যোগ গ্ৰহণ কৰি ব্যৱসায়ী সকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপৰ দাবী জনাইছে৷ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামীয়ে কয় যে মুল্যবৃদ্ধিৰ ফলত খাতি খোৱা সৰ্বসাধাৰণ ৰাইজ বিপদৰ সন্মুখীন হ’ব ৷ ইয়াৰ পৰা পৰিত্ৰাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

নগাঁৱত হনুমান জয়ন্তী পালন

সমগ্ৰ ৰাজ্যখনতে আজি কভিড প্ৰটকল মানি হনুমান জয়ন্তী পালন কৰা হয়।নগাঁও চহৰৰ শ্ৰী  হনুমান জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত আজি পুৱা হয়বৰগাঁৱৰ হনুমান মন্দিৰত ভক্তপ্ৰাণ লোকসকলে হনুমানৰ শ্ৰী চৰণত পূজা অৰ্চনা কৰি আশীৰ্বাদ গ্ৰহণ কৰে।বিয়লী ৰামায়ণ পাঠ অনুষ্ঠান অনুষ্ঠিত হয়।কভিড পৰিস্থিতিৰ বাবে এইবাৰ হনুমান মেলা আৰু সাংস্কৃতিক শোভাযাত্ৰা বাতিল কৰা হয়। চহৰখনৰ শ্ৰী শ্ৰী কৃষ্ণাশ্ৰম শিৱমন্দিৰ,পঞ্চমুখী হনুমান মন্দিৰ,লাওখোৱা পথৰ হনুমান মন্দিৰতো কভিড প্ৰটকল মানি ভক্ত সকলে হনুমান জয়ন্তী পালন কৰে।

বহি:ৰাজ্যৰ পৰা অহা ট্ৰাক চালকসকলক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰত- ভূটান সীমান্তৰ এন কে দৰংগাত ৷

বাক্সা জিলাতো কোৰোণা মহামাৰীৰ সংক্ৰমণ উদ্দেগজনক ৷ ইতিমধ্যে কোৰোণাৰ সাম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ৷ তাৰ মাজতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জিলাখনৰ ভাৰত- ভূটান সীমান্তৰ এন কে দৰংগাত ৷ বহি:ৰাজ্যৰ পৰা অহা ট্ৰাক চালকসকলক লৈ শংকিত হৈছে সীমান্তৰ জনসাধাৰণ ৷ উল্লেখ্য যে বিগত বৰ্ষৰ পৰা ভূটানৰ ছামদ্ৰুপ জংখাৰ জিলাৰ প্ৰৱেশদ্বাৰ বন্ধ হৈ থকাত সীমান্তৰ ব্যৱসায়ী সকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হৈছে ৷ বিশেষকৈ আজিও বহু ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ হৈ পৰিছিল ৷ কিন্তু শেহতীয়াভাৱে কোৰোণাৰ দ্বিতীয়টো লহৰে শংকিত কৰি তুলিছে সীমান্তবাসীক ৷ কিয়নো ভূটানত প্ৰৱেশ কৰিবলগীয়া বহি:ৰাজ্যৰ পৰা অহা ট্ৰাকসমূহ দৰংগামেলাৰ জনবহুল এলেকাত ৰখাই থৈ ট্ৰাকচালক তথা কৰ্মচাৰীসকলে ইফালে সিফালে ঘুৰি ফুৰাত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে বাক্সা জিলা স্বাস্থ্য বিভাগে দৰংগামেলাত এটা কভিড টেষ্ট শিৱিৰ স্থাপন কৰি বহি: ৰাজ্যৰ ট্ৰাকচালক সকলৰ ৰেপিড টেষ্ট কৰিছে যদিও জনবহুল স্থানৰ পৰা শিৱিৰটো আতৰাই নিবলৈ স্থানীয় লোকসকলে দাবী জনাইছে ৷ স্থানীয় লোকসকলে এক সুকীয়া স্থানত কোৰোণা পৰীক্ষা কৰি নিগেটিভ পোৱা ট্ৰাক চালক সকলকহে জনবহুল অঞ্চলটোত প্ৰৱেশ কৰিব দিব লাগে বুলি দাবী জনায় ৷ উল্লেখ্য যে বিগত এসপ্তাহত সীমান্তত বহুসংখ্যকলোক কোৰোণাত আক্ৰান্ত হৈছে 

হোজাইত নাবালিকাক যৌন নিৰ্যাতন চলাই অন্ত:সত্বা কৰা ইমৰাণ হুছেইনক গ্ৰেপ্তাৰ।

ইমৰাণ হুছেইন ওৰফে দাদুল

হোজাই ভীমআলিত গ্ৰেপ্তাৰ কৰা হৈছে ইমৰাণ হুছেইন ওৰফে দাদুলক৷ নিশা হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দাদুলক৷ দাদুলে হোজাই ভীমৰআলিৰ এগৰাকী ১৩ বছৰীয়া নাবালিকাক দীৰ্ঘদিন ধৰি ফুচলাই যৌন নিৰ্যাতন চলাই আহিছিল৷ যাৰ বাবে নাবালিকাগৰাকী অন্ত:সত্বা হৈ কেইদিনমান পূৰ্বে এটি সন্তান জন্ম দিয়ে৷ জন্মৰ কিছু সময় পাছতে মৃত্যু হয় সন্তানটিৰ৷ এই ঘটনাৰ পাছত দাদুলৰ বিৰুদ্ধে হোজাই থানাত 243/21 নং গোচৰ ৰুজু হয়৷ ইফালে এই গোচৰৰ খবৰ লাভ কৰি দাদুল পলায়ন কৰে যদিও যোৱা নিশা দাদুলক হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ দাদুলক হোজাই আৰক্ষীয়ে সোধ-পোছ চলাই আছে৷

ভূমিকম্পতে মুখেৰে তেজ ওলাই প্ৰাণ গ’ল নগাঁৱৰ বেবজীয়াৰ ৫০ উৰ্ধৰ মহিলাৰ

লাবন্য শ‌ইকীয়া বৈশ্য(৫৫)

কৰোনা মহামাৰীৰ সংহাৰৰ মাজতেই বুধবাৰে পূৱা ভাগত অহা বৰ ভূইঁকপে সমগ্ৰ ৰাজ্যজুৰি বিস্তৰ ক্ষতিসাধন কৰা লগতে শংকিত কৰি তোলে ৰাজ্যবাসীক।সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বিভিন্ন স্থানতো ভূপিকম্প‌ই যথেষ্ট ক্ষতি সাধন কৰে।ইপিনে এই
ভূমিকম্পতে প্ৰাণ গল নগাঁৱৰ বেবজীয়াৰ ৫০ উৰ্ধৰ এগৰাকী মহিলাৰ।নগাঁও জিলাৰ বেবজীয়া অঞ্চলৰ নিহত মহিলা গৰাকীৰ নাম লাবন্য শ‌ইকীয়া বৈশ্য(৫৫)।
পূৱা অহা ভূমিকম্পৰ ফলত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ সন্দেহ মহিলাগৰাকীৰ পৰিয়ালৰ।উল্লেখযোগ্য যে ভূমিকম্পৰ সময়ত মহিলাগৰাকী শোৱাপাটীত আছিল।ভূমিকম্পৰ সময়ত মহিলাগৰাকী বাহিৰলৈ ওলাই নহাত পৰিয়ালৰ লোকে মাত দিয়াত মৃত অৱস্হাত উদ্ধাৰ কৰে।মৃত্যুৰ সময়ত মহিলাগৰাকীৰ মুখেদি ফেন ওলাই আহিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।উল্লেখ্য মহিলাগৰাকী ডায়েবেটিচ ৰোগত আক্ৰান্ত আছিল।সৰবৰহী মহিলা গৰাকীৰ অকাল মৃত্যুয়ে সমগ্র বেবজীয়া অঞ্চলত শোকৰ ছাঁ পেলাইছে।

ভূইকঁপত দৰঙৰ ঠায়ে ঠায়ে মাটি ফাটি ওলাল পানী

ভূইকঁপত দৰঙৰ ঠায়ে ঠায়ে মাটি ফাটি ওলাল পানী