Home Blog Page 307

Myanmar earthquake: ম্যানমাৰত মৃত্যুৰ সংখ্যা ৬৯৪ লৈ বৃদ্ধি! সাহায্য সামগ্ৰী লৈ ভাৰতৰ পৰা বিমান ৰাওনা

Myanmar earthquake: ম্যানমাৰত মৃত্যুৰ সংখ্যা ৬৯৪ লৈ বৃদ্ধি! সাহায্য সামগ্ৰী লৈ ভাৰতৰ পৰা বিমান ৰাওনা
Myanmar earthquake: ম্যানমাৰত মৃত্যুৰ সংখ্যা ৬৯৪ লৈ বৃদ্ধি! সাহায্য সামগ্ৰী লৈ ভাৰতৰ পৰা বিমান ৰাওনা

শুকুৰবাৰে পুৱাৰে পৰা ১৫ বাৰকৈ কঁপিছে ম্যানমাৰৰ মাটি। প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৭।(Myanmar earthquake) শনিবাৰে জন্টা চৰকাৰে ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা কমেও ৬৯৪ জন বুলি জানিব পৰা গৈছে।ম্যানমাৰত হোৱা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ৭০০। আহত লোকৰ সংখ্যা হ’ল ১৬৭০ জন। এতিয়াও দেশৰ বৃহৎ অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত আছে। ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। এই কঠিন সময়ত ম্যানমাৰে আন দেশৰ পৰা সহায় বিচাৰিছে। ভাৰতৰ পৰা ১৫ টন সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া এখন বিমান শনিবাৰে পুৱা ম্যানমাৰ অভিমুখে ৰাওনা হয়।

প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৭। ইয়াৰ পিছত ১০ ঘণ্টাৰ ভিতৰত ১৪টা জোকাৰণি অনুভৱ কৰা হয়। ভূমিকম্পৰ ফলত এক বিশাল এলেকা বিধ্বস্ত হৈছে। ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ কিছু মিনিটৰ ভিতৰতে আটাইতকৈ শক্তিশালী আফটাৰশ্বক সংঘটিত হয়। আন এটা ৰিখটাৰ স্কেলত ইয়াৰ মাত্ৰা আছিল ৬.৭। দুয়োটা ক্ষেত্ৰতে মাটিৰ পৰা ১০ কিলোমিটাৰ তলত কম্পনৰ কেন্দ্ৰবিন্দু আছিল। নেশ্যনেল চেণ্টাৰ ফৰ ছিজম’লজীয়ে প্ৰকাশ কৰা অনুসৰি ম্যানমাৰত দিনৰ ১১:৫৬ বজাত ভূমিকম্পৰ সৃষ্টি হৈছিল।

৭.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পত ম্যানমাৰ ধ্বংস, জন্টাত জৰুৰীকালীন অৱস্থা ঘোষণা, বেংকক ধ্বংস ৰাজধানী চহৰ বেংককত নিৰ্মাণৰত ৩০ মহলীয়া অট্টালিকা এটা প্ৰবল ভূমিকম্পৰ ফলত ভাঙি পৰে। ধ্বংসাৱশেষৰ তলত বহু লোকৰ মৃত্যু হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ম্যানমাৰ আৰু থাইলেণ্ডৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে সম্ভৱপৰ সকলো সাহায্য আগবঢ়াবলৈ সাজু। তেওঁ এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়কো প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি শনিবাৰে পুৱাই ভাৰতীয় বায়ুসেনাৰ চি ১৩০জে বিমান উত্তৰ প্ৰদেশৰ হিন্দন বায়ুসেনা ষ্টেচনৰ পৰা ম্যানমাৰ অভিমুখে ৰাওনা হয়। ইয়াত কমেও ১৫ টন সাহায্য সামগ্ৰী আছে। ভূমিকম্পত বিধ্বস্ত ম্যানমাৰলৈ খাদ্য, কম্বল, তম্বু, শোৱা বেগ, সৌৰ লেম্প, পানী বিশুদ্ধকৰণ যন্ত্ৰ, আৰু প্ৰয়োজনীয় ঔষধ প্ৰেৰণ কৰা হৈছে।

শুকুৰবাৰে সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি ম্যানমাৰৰ দুখন দলং ভূমিকম্পত ভাঙি গৈছে। কেবাটাও ঘৰ ধ্বংস হয়। জুন্টাৰ মুৰব্বী মিন আং হ্লাইঙে নিশাটোৰ ভিতৰতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰে। তেওঁ কয় যে বহু অঞ্চলত এতিয়াও ঘৰ ভাঙিছে। উদ্ধাৰৰ কাম চলি আছে।

IPL 2025: আজি IPLত সমুখ সমুৰত মুম্বাই ইন্ডিয়ানছ বনাম গুজৰাট টাইটানছ

IPL 2025: আজি IPLত সমুখ সমুৰত মুম্বাই ইন্ডিয়ানছ বনাম গুজৰাট টাইটানছ
IPL 2025: আজি IPLত সমুখ সমুৰত মুম্বাই ইন্ডিয়ানছ বনাম গুজৰাট টাইটানছ

আজি IPLত সমুখ সমুৰত মুম্বাই ইন্ডিয়ানছ বনাম গুজৰাট টাইটানছ।(IPL 2025)

সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব খেলখন।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন।

আনহাতে কালি চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে জয় লাভ কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰে।

৫০ ৰানৰ ব্যৱধানত জয়লাভ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ।

Bones Strong: মহিলাসকলে ৩০ বছৰৰ পিছত এই ৪ বিধ খাদ্যৰ পৰিমাণ বৃদ্ধি কৰিব লাগে, তেতিয়াহে হৈ থাকিব হাড় শক্তিশালী

Bones Strong: মহিলাসকলে ৩০ বছৰৰ পিছত এই ৪ বিধ খাদ্যৰ পৰিমাণ বৃদ্ধি কৰিব লাগে
Bones Strong: মহিলাসকলে ৩০ বছৰৰ পিছত এই ৪ বিধ খাদ্যৰ পৰিমাণ বৃদ্ধি কৰিব লাগে

মহিলাসকলে ৩০ বছৰ বয়সৰ পিছত হাড়ৰ লগত জড়িত বহু সমস্যাৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰে। বিশেষকৈ যদি আপুনি ব্যায়াম নকৰে বা ওজন নিয়ন্ত্ৰণ নকৰে। এনে পৰিস্থিতিত এই খাদ্যসমূহ খাদ্যত অন্তৰ্ভুক্ত কৰিলে সকাহ পাব পাৰে।(Bones Strong)

বিশেষকৈ ৰজোনিবৃত্তিৰ পিছত যেতিয়া ইষ্ট্ৰজেনৰ মাত্ৰা কমি যায় তেতিয়া মহিলাৰ হাড় পাতল, হাড়ৰ ভৰ কম হোৱাৰ বাবে আৰু হাড়ৰ ক্ষয়ৰ হাৰ অধিক হোৱাৰ বাবে অষ্টিঅ’পৰ’ছিছ আৰু হাড়ভঙাৰ সম্ভাৱনা বেছি।

গতিকে ৩০ বছৰৰ ওপৰৰ মহিলাৰ বাবে হাড় মজবুত ৰখাটো অতি প্ৰয়োজনীয়। কেলচিয়াম সমৃদ্ধ খাদ্যই হাড়ৰ স্বাস্থ্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেলচিয়াম সমৃদ্ধ পাঁচটা খাদ্য খাব লাগে মহিলাই-

দাইল আৰু মাহজাতীয় শস্য আঁহৰ লগতে কেলচিয়ামৰ ভাল উৎস। আপুনি আপোনাৰ খাদ্য তালিকাত মগু দাইল, ৰাজমা আৰু চজিনাৰ অন্তৰ্ভুক্ত কৰিব পাৰে।

তিলত কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ আৰু ভিটামিন কে প্ৰচুৰ পৰিমাণে থাকে, যিবোৰ হাড়ৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। সেইবাবে তিল খাব পাৰে।

দুগ্ধজাত সামগ্ৰী গাখীৰ, দৈ, পনিৰ আৰু মাখন কেলচিয়ামৰ অন্যতম উত্তম উৎস। ইয়াৰ উপৰিও ভিটামিন ডিৰ প্ৰচুৰ পৰিমাণে থাকে, যাৰ ফলত শৰীৰে কেলচিয়াম শোষণ কৰাত সহায় কৰে। দৈনিক খাদ্যত অন্ততঃ এটা বা দুটা পৰিৱেশন দুগ্ধজাত সামগ্ৰী অন্তৰ্ভুক্ত কৰিব।

চয়াবিন প্ৰটিন আৰু কেলচিয়াম উভয়ৰে ভাল উৎস। এনে পৰিস্থিতিত হাড় মজবুত কৰিবলৈ আপুনি খাদ্য তালিকাত টোফু বা চয়াবিন অন্তৰ্ভুক্ত কৰিব পাৰে।

Sikandar: ছলমান খানৰ চিকান্দাৰৰ প্ৰথম ৰিভিউ দিলে পিতৃ চেলিম খানে, এডভান্স বুকিঙৰ জৰিয়তে বহু উপাৰ্জন কৰিছে চিকান্দাৰে !

Sikandar: ছলমান খানৰ চিকান্দাৰৰ প্ৰথম ৰিভিউ দিলে পিতৃ চেলিম খানে, এডভান্স বুকিঙৰ জৰিয়তে বহু উপাৰ্জন কৰিছে চিকান্দাৰে !
Sikandar: ছলমান খানৰ চিকান্দাৰৰ প্ৰথম ৰিভিউ দিলে পিতৃ চেলিম খানে, এডভান্স বুকিঙৰ জৰিয়তে বহু উপাৰ্জন কৰিছে চিকান্দাৰে !

ছলমান খানৰ আগন্তুক ছবি ছিকান্দাৰক লৈ কোনে, কি ক’লে। অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে এই ছবিখনৰ বাবে। (Sikandar)যোৱা সপ্তাহত এ আৰ মুৰুগাডোছৰ এই ছবিখনৰ ট্ৰেইলাৰ মুক্তি পাইছিল। ট্ৰেইলাৰত দেখুওৱা একচন দৃশ্য আৰু সংলাপৰ পৰা স্পষ্ট হৈ পৰিছে যে ছলমান খান আৰু ৰশ্মিকা মাণ্ডন্নাই অভিনীত চিকন্দৰ এখন সুন্দৰ ছবি হ’ব। একে সময়তে ছবিখনৰ এডভান্স বুকিংও পূৰ্ণগতিত চলি আছে। ইফালে এই ছবিখনৰ প্ৰথম ৰিভিউও ওলাইছে। আচলতে ছলমান খানৰ পিতৃ চেলিম খানে চিকন্দৰক দেখিছে আৰু তেওঁ কৈছে যে ছবিখন কেনেকুৱা লাগিল?

ছিকন্দৰৰ পৰিচালক এ আৰ মুৰুগাডোছে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁক ছলমান খান, চেলিম আৰু আমিৰ খানৰ সৈতে কথা পতা দেখা গৈছে। এই সময়ছোৱাত চেলিম খানে চিকন্দৰক প্ৰশংসা কৰে। তেওঁ ছবিখনৰ কাহিনীৰ লগতে ইয়াৰ আখ্যানকো প্ৰশংসা কৰিছে। ইয়াৰ লগতে তেওঁ কয় যে চিকন্দৰৰ প্ৰতিটো দৃশ্যতে চাচপেন্স থাকিব আৰু ছবিখনত ইয়াৰ পিছত কি হ’ব সেই কথা জানিবলৈ মানুহে কৌতুহলী হ’ব? ইয়াৰ লগতে ভিডিঅ’টোত আমিৰ খানে সোধাত চেলিম খানে এয়াও কৈছে যে মুক্তিৰ পূৰ্বে যদি কোনোবাই নাৰ্ভাছ অনুভৱ কৰে তেন্তে কি কৰা উচিত?

আকাশলংঘী হৈছে ছিকন্দৰৰ টিকটৰ মূল্য, শেহতীয়া খবৰ অনুসৰি ছলমান খানৰ ছবি চিকন্দৰে এডভান্স বুকিংৰ জৰিয়তে বহু উপাৰ্জন কৰিছে। প্ৰতিবেদন অনুসৰি এই পৰ্যন্ত ছিকন্দৰৰ ৬৫ হাজাৰ টিকট বিক্ৰী হৈছে। একে সময়তে ছিকন্দৰৰ আটাইতকৈ দামী টিকটৰ মূল্য ২২০০ টকা বুলি খবৰ ওলাইছে। ছলমান খানৰ এই ছবিখনত মুখ্য অভিনেত্ৰী হিচাপে দেখা যাব ৰশ্মিকা মাণ্ডন্নাক। কাজল আগৰৱালা, শৰ্মান যোশী আৰু সত্যৰাজে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

Earthquake : ভয়ংকৰ ভূমিকম্পত তাচপাতৰ দৰে খহি পৰিল অট্টালিকা

Earthquake : ভয়ংকৰ ভূমিকম্পত তাচপাতৰ দৰে খহি পৰিল অট্টালিকা
Earthquake : ভয়ংকৰ ভূমিকম্পত তাচপাতৰ দৰে খহি পৰিল অট্টালিকা

ৰাজ্যত অনুভূত ভূঁইকঁপ। (Earthquake)


ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰ।


১১বাজি ৫৩ মিনিটত অনুভুত জোকাৰণি।


ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৭.৭।

ম্যানমাৰৰ এভা ব্ৰীজ খহি পৰাৰ লগতে বেংককত খহি পৰিল এটা নিৰ্মীয়মান ৩৬ মহলীয়া অট্টালিকা।

আমহাতে ম্যানমাৰত দুটাকৈ ভূইকঁপে জোকাৰি গ’ল।

ৰিখটাৰ স্কেলত প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য ৭.২।

দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য ৬.৪।

দুয়োটাৰে ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰৰ ছাগাইন।

এই ভয়ংকৰ ভূমিকম্পত বাংলাদেশ, ভাৰত, লাওছ, ম্যানমাৰ, থাইলেণ্ড আৰু চীনত ভূমিকম্পৰ জোকাৰণি অনুভূত হয।

লগতে ভাৰতৰ অসম, দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত অনুভূত হয়।

Sugar apple: সুস্বাদু ফলেই নহয় আতলচ, বহু ৰোগৰ মহৌষধ আতলচ !

Sugar apple: সুস্বাদু ফলেই নহয় আতলচ, বহু ৰোগৰ মহৌষধ আতলচ !
Sugar apple: সুস্বাদু ফলেই নহয় আতলচ, বহু ৰোগৰ মহৌষধ আতলচ !

আতলচ এবিধ সুস্বাদু ফলে নহয় পুষ্টিকৰো ফল। বহু লোকে আতলচৰ উপকাৰিতা সম্বন্ধে কমকৈ অৱগত ৷ আতলচত এণ্টি-অক্সিডেণ্ট গুণ থকা উপৰিও অধিক মাত্ৰাত কেলছিয়াম, পটাছিয়াম, ফাইবাৰ, ক’পাৰ, চডিয়াম আদি উপাদান পোৱা যায়।(Sugar apple)

আতলচে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। লগতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে কোষ্ঠকাঠিন্যতা দূৰ কৰে। শৰীৰৰ তেজ বঢ়াত সহায় কৰে। আতলচৰ পাতৰ ৰসে মূৰ ধুলে উফি নোহোৱা হয় । আনহাতে আতলচৰ গুটি গুড়ি কৰি শুকাই নাইবা পাতৰ ৰস উলিয়াই সেই ৰস পানীত মিহলাই মুৰ ধুলে ওকনি নোহোৱা হয়। পকা আতলচ খালে শৰীৰৰ হিম’গ্লবিন বৃদ্ধি হয়।

Advantage assam 2.0: ‘এডভান্টেজ অসম ২.O’ এ গঢ়ি তোলা পৰিৱেশ তন্ত্ৰৰ সুযোগ গ্ৰহণ কৰিবলৈ যুৱ উদ্যোগী সকলক আহ্বান উদ্যোগ মন্ত্রী বিমল বড়াৰ

Advantage assam 2.0: 'এডভান্টেজ অসম ২.O' এ গঢ়ি তোলা পৰিৱেশ তন্ত্ৰৰ সুযোগ গ্ৰহণ কৰিবলৈ যুৱ উদ্যোগী সকলক আহ্বান উদ্যোগ মন্ত্রী বিমল বড়াৰ
Advantage assam 2.0: 'এডভান্টেজ অসম ২.O' এ গঢ়ি তোলা পৰিৱেশ তন্ত্ৰৰ সুযোগ গ্ৰহণ কৰিবলৈ যুৱ উদ্যোগী সকলক আহ্বান উদ্যোগ মন্ত্রী বিমল বড়াৰ

”এডভান্টেজ অসম ২.০ই গঢ় দিয়া পৰিৱেশ তন্ত্ৰৰ সুযোগ গ্ৰহণ কৰিবলৈ আমাৰ যুৱ চাম(Advantage assam 2.0) ওলাই আহিব লাগে’- ৰাজ্যৰ ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ খণ্ডৰ উদ্যমী সকলক তেওঁলোকৰ কাৰ্যদক্ষতাৰ শ্রীবৃদ্ধিৰ বাবে ‘আৰ এ এম পি’ আঁচনিৰ অধীনত ব্যৱসায়িক উন্নতি কৰিবলৈ অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ণ নিগম(এএছ আই ডিচি)য়ে মহানগৰীৰ এখন হোটেলত আয়োজন কৰা এক কৰ্মশালাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই এই আহ্বান জনায়।


তিনিগৰাকী স্নাতক অভিযন্তাই শিক্ষা সমাপ্ত কৰি চাকৰী নকৰি উদ্ভাবনী শক্তিৰে আৱৰ্জনাৰ পৰা ইটা নিৰ্মাণ কৰা জেৰাণ্ড শীৰ্ষক প্ৰতিষ্ঠানৰ উদাহৰণ দাঙি ধৰি মন্ত্রী বড়াই অসমত পঞ্জীভুক্ত সাত লাখৰো অধিক এম এছ এম ই প্ৰতিষ্ঠানে নিজৰ কাৰিকৰী ক্ষেত্র, সৃজনশীলতা, বিপণনৰ ক্ষেত্রত উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান তথা চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈও ভাষণত আহ্বান জনায়।


মুখ্যমন্ত্রীৰ আত্ম নিৰ্ভৰ অসম অভিযানৰ অধীনত ইতিমধ্যে ২৫ হেজাৰ যুৱক যুৱতীক ব্যৱসায়ৰ বাবে দুই লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি উদ্যোগ মন্ত্রী গৰাকীয়ে ইয়াৰে এক লাখ অনুদান হিচাপে আৰু এক লাখ টকা পাচ বছৰ পিছত ৬০টা কিস্তিত ঘূৰাই দিব লগা সুদবিহীন ঋণ হিচাপে আগবঢ়োৱাৰ কথাও কয়। চলিত বৰ্ষত আন এক লাখ যুৱক যুৱতীক এনে সুবিধা আগবঢ়োৱা হ’ব বুলিও তেওঁ দোহাৰে।


এএচ আই ডি চিয়ে ৰূপায়ণ কৰা বিশ্ব বেংকৰ সাহায্য আগবঢ়োৱা কেন্দ্রীয় চৰকাৰৰ এই আচনিখনৰ জৰিয়তে এম এছ এম ই খণ্ডৰ উদ্যমী সকলক কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগিতাৰে আগবঢ়াই লৈ যোৱাৰ বাবে অনুষ্ঠিত কৰা এই দু দিনীয়া কৰ্মশালা খনৰ আদৰণি ভাষণ প্ৰদান কৰি কামৰূপ মহানগৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্রৰ মহা প্ৰবন্ধক উমেশ কুমাৰে উদ্যমী ক্ষুদ্ৰ উদ্যমী সকলৰ বাবে থকা আচনি সমূহৰ বিষয়ে বিতংভাৱে উল্লেখ কৰে।


বহু সংখ্যক এম এছ এম ই উদ্যমীৰ লগতে এন আৰ এল, অইল ইণ্ডিয়া, আই অ চি এল, অসম গেছ কোম্পানি লিমিটেড, ইন্দ্ৰধনুশ গেছ গ্ৰহণ লিমিটেড আদিৰ বিষয়া সকল উপস্থিত থকা কৰ্মশালাখনত উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং আৰু এ এছ আই ডি চিৰ পৰিচালন সঞ্চালক পি বিজয় ভাস্কৰ ৰেড্ডিয়েও ভাষণ প্ৰদান কৰে। উল্লেখ্য যে এই কৰ্মশালাৰ সমান্তৰালকৈ আয়োজন কৰা উদ্যমী সকলৰ উৎপাদিত সামগ্ৰীৰ এক প্ৰদৰ্শনীও পৰিদৰ্শন কৰি উদ্যমী সকলৰে উদ্যোগ মন্ত্রী বড়াই মত বিনিময়ো কৰে।

Toilet Water: শৌচাগাৰৰ পানীৰ পৰা ৩০০ কোটি উপাৰ্জন !

Toilet Water: শৌচাগাৰৰ পানীৰ পৰা ৩০০ কোটি উপাৰ্জন !
Toilet Water: শৌচাগাৰৰ পানীৰ পৰা ৩০০ কোটি উপাৰ্জন !

বৃহস্পতিবাৰে টাইমছ নাও শীৰ্ষ সন্মিলন ২০২৫ত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এক অনন্য আয়ৰ উৎস সন্দৰ্ভত ডাঙৰ তথ্য প্ৰকাশ কৰিছে। গাডকাৰীয়ে নিজৰ সমষ্টিত পানী পুনঃব্যৱহাৰৰ এক অভিনৱ উদাহৰণ উল্লেখ কৰে যাৰ দ্বাৰা তেওঁলোকে বছৰি প্ৰায় ৩০০ কোটি টকা উপাৰ্জন কৰি আছে!(Toilet Water)


গাডকাৰীয়ে মথুৰাৰ এটা প্ৰকল্পত তেওঁলোকে কেনেকৈ শৌচাগাৰৰ পানী পৰিশোধন কৰিছিল সেই বিষয়ে অৱগত কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ নিজৰ সমষ্টি – নাগপুৰত শৌচাগাৰৰ পানী বিক্ৰী কৰে আৰু ইয়াৰ পৰা তেওঁলোকে বছৰি ৩০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।(Nitin Gadkari)

এই পুনঃব্যৱহৃত পানীক ঔদ্যোগিক ব্যৱহাৰত ব্যৱহাৰ কৰিব পাৰি, আৰু আমি কঠিন আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনাৰ চাৰিওফালে নীতি সৃষ্টিৰ দিশত কাম কৰি আছে।


তেওঁ কয় যে তেওঁ প্ৰথম এনে প্ৰকল্প মথুৰাত গ্ৰহণ কৰিছিল, য’ত তেওঁলোকে শৌচাগাৰৰ পানী পৰিষ্কাৰ কৰিছিল আৰু সেই পৰিষ্কাৰ পানী ইণ্ডিয়ান অইলৰ মথুৰা শোধনাগাৰক ২০ কোটি টকাত বিক্ৰী কৰিছিল। তেওঁ কয় যে চৰকাৰে ৪০% আৰু বিনিয়োগকাৰীয়ে বাকী ৬০% বিনিয়োগ কৰি ৪০-৬০ অংশীদাৰিত্বৰে এই প্ৰকল্পটো কৰা হৈছে।


“মথুৰাত ৯০ এম এল ডিৰ বোকা আছিল আৰু মই পানী বিতৰণ মন্ত্ৰী হৈ থাকোঁতে আমি এটা প্ৰজেক্ট কৰিছিলো যে ৪০% চৰকাৰৰ পৰা আৰু ৬০% বিনিয়োগকাৰীৰ পৰা আৰু সেই শৌচাগাৰৰ পৰা বিশুদ্ধ হোৱা পানী আমি মথুৰাত থকা ভাৰতীয় তেল শোধনাগাৰত বিক্ৰী কৰিছিলোঁ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, “আপুনি বিশ্বাস নকৰিব, আমি শৌচাগাৰৰ পানী বিক্ৰী কৰি বছৰি ৩০০ কোটি টকা উপাৰ্জন কৰো। প্ৰতিখন চহৰতে যদি এই পানী পুনঃব্যৱহাৰ কৰি উদ্যোগটোৱে ব্যৱহাৰ কৰে, তেন্তে লেতেৰা আৱৰ্জনা ব্যৱস্থাপনা আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনাই এক অতি ভাল নীতি গঠন কৰিব।”

লগতে তেওঁ কয় যে হাইড্ৰজেন ভৱিষ্যতৰ ইন্ধন হ’বলৈ গৈ আছে। গতিকে এই আৱৰ্জনাবোৰ পৃথক কৰি কাঁচ, ধাতু, প্লাষ্টিক পুনঃব্যৱহাৰ কৰা হ’ব আৰু জৈৱিক আৱৰ্জনাবোৰ বায়’ডাইজেষ্টাৰত থোৱা হ’ব আৰু ইয়াৰ পৰা মিথেন ওলাই যাব। মিথেনৰ পৰা CO2 পৃথক হ’ব আৰু ইয়াৰ পৰা হাইড্ৰজেন ওলাব আৰু মই হাইড্ৰজেন গাড়ীতো আহিছো। এতিয়া মোৰ হাতত থকা হাইড্ৰজেন গাড়ীখনৰ নাম মিৰাই।


মিৰাই এটা জাপানী শব্দ। মিৰাই মানে ভৱিষ্যত। গতিকে, হাইড্ৰজেন হৈছে ভৱিষ্যতৰ ইন্ধন আৰু যদি আমি হাইড্ৰ’জেন সফলতাৰে আৰু সস্তাতে তৈয়াৰ কৰো, তেন্তে আজি আমি ২২ লাখ কোটি টকা খৰচ কৰি জীৱাশ্ম ইন্ধন আমদানি কৰিছোঁ বুলি কয় মন্ত্ৰীগৰাকীয়ে।

April 2025: ঋণ ল’ব লাগিব, এপ্ৰিল মাহে এই লোকসকলৰ পকেট খালী কৰিব !

এপ্ৰিল মাহটো গ্ৰহ পৰিবহণৰ ক্ষেত্ৰত অতি বিশেষ হ’বলৈ গৈ আছে। ২০২৫ চনৰ এপ্ৰিল মাহত মীন ৰাশিত সূৰ্য্য, শনি, ৰাহু আদি গ্ৰহৰ সমাৱেশেৰে আৰম্ভ হৈছে। কিছুমান ৰাশিৰ লোকৰ বাবে এই পৰিস্থিতি ভাল বুলি ক’ব নোৱাৰি।(April 2025) এপ্ৰিল মাহত অপ্ৰয়োজনীয় খৰচে ৪ ৰাশিৰ লোকৰ বাবে বহুত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। এপ্ৰিল মাহত কোনবোৰ ৰাশিৰ লোক সাৱধান হ’ব জানি লওক।

মেষ ৰাশিৰ মাহেকীয়া ৰাশিফল ​​এপ্ৰিল ২০২৫ঃ এপ্ৰিল মাহ মেষ ৰাশিৰ লোকৰ বাবে উত্থান-পতনেৰে ভৰি পৰিব পাৰে। কামৰ চাপ থাকিব, চাকৰিত সমস্যা হ’ব পাৰে। দৌৰা-দৌৰি হ’ব৷ আৰ্থিক ক্ষতিৰ বাবে আপুনি সমস্যাত পৰিব পাৰে। কিছুমান মানুহে হয়তো টকা ধাৰলৈ ল’বলগীয়া হ’ব পাৰে। সম্পত্তিৰ সমস্যাইও আপোনাক অসুবিধা দিব।

সিংহ ৰাশিৰ মাহেকীয়া ৰাশিফল ​​এপ্ৰিল ২০২৫ঃ সিংহ ৰাশিৰ লোকসকলে এপ্ৰিল মাহত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। মানসিক চাপ আৰু অসুস্থতাই আপোনাক আমনি কৰিব। হাড়ৰ লগত জড়িত সমস্যা হ’ব পাৰে। চিকিৎসাৰ বাবে ব্যয় কৰিবলগীয়া হ’ব পাৰে ধন।

কন্যা ৰাশিফল ​​মাহেকীয়া ৰাশিফল ​​এপ্ৰিলঃ কন্যা ৰাশিৰ লোকসকলো এই মাহত আৰ্থিক ক্ষেত্ৰত সমস্যা সন্মুখীন হ’ব পাৰে। সৰু সৰু কামবোৰ কৰিও বহু সময় আৰু শক্তি অপচয় কৰিব পাৰে। আৰ্থিক অসুবিধা হ’ব পাৰে। শুভ অনুষ্ঠানত বহু টকা খৰচ হ’ব পাৰে। ঋণ ল’বলগীয়া হ’ব পাৰে।

বৃশ্চিক ৰাশি মাহেকীয়া ৰাশিফল ​​এপ্ৰিল ২০২৫ঃ এই মাহ বৃশ্চিক ৰাশিৰ লোকৰ বাবে সংগ্ৰামেৰে ভৰা হ’ব পাৰে। জটিলতাৰ বাবে ব্যৱসায়ীসকলে অশান্তি পাব। খৰচ বেছি হ’ব পাৰে আৰু আয় কম হ’ব পাৰে।

Fifa World Cup 2026: ২০২৬ৰ বিশ্বকাপ খেলিবনে মেছিয়ে ? ব্ৰাজিলক পৰাস্ত কৰাৰ পিছদিনা আৰ্জেণ্টিনাৰ অধিনায়কলৈ প্ৰশ্ন

Fifa World Cup 2026: ২০২৬ৰ বিশ্বকাপ খেলিবনে মেছিয়ে ?
Fifa World Cup 2026: ২০২৬ৰ বিশ্বকাপ খেলিবনে মেছিয়ে ?

মঙলবাৰে নিশা ঘৰুৱা ক্ষেত্ৰত ব্ৰাজিলক ৪-১ গ’লত পৰাস্ত কৰে আৰ্জেণ্টিনাই। বিশ্বকাপৰ টিকটো ক্ৰয় কৰিছে। অৱশ্যে প্ৰশ্ন উত্থাপন হৈছে যে ব্ৰাজিলৰ মেচখনৰ দৰেই লিয়নেল মেছিৰ অবিহনে বিশ্বকাপ খেলিব লাগিব নেকি? মেচৰ পিছতে আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।(Fifa World Cup 2026)

মেছিয়ে আঘাতৰ বাবে ব্ৰাজিলৰ বিৰুদ্ধে খেলিব পৰা নাছিল। তেওঁৰ অবিহনে আৰ্জেণ্টিনাই নিজৰ প্ৰধান শত্ৰুক পৰাজয় কৰে।

মেছিয়ে বিশ্বকাপত খেলিব নে নাই বুলি সোধাত স্কাল’নীয়ে কয়, “চাওঁ কি হয়। এতিয়াও বহু সময় আছে। আমি প্ৰতিখন মেচ যিদৰে আহিব তেনেদৰেই লোৱা উচিত। নহ’লে আমি গোটেই বছৰটো একেখিনি কথাই কৈ থাকিব লাগিব। এতিয়াৰ বাবে আমি মেছিক অকলে এৰি দিব বিচাৰো। মেছিয়ে কি কৰিব বিচাৰে সেইটো সিদ্ধান্ত লওক। এই বিষয়ে ইমান আলোচনা কৰি লাভ নাই।”

মেছি অবিহনে ব্ৰাজিলৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ আধিপত্য দেখি বহুলোক আচৰিত হৈছিল। অৱশ্যে আৰ্জেণ্টিনাৰ ফুটবলাৰসকলৰ মতে মেছি থাকিলে জয়ৰ সোৱাদ অধিক মধুৰ হ’লহেঁতেন। জুলিয়ান আলভাৰেজে কয় যে মেছি যদি তাত থাকিলহেঁতেন তেন্তে আমি আৰু দুটা বা তিনিটা গ’ল দিলোঁহেঁতেন।

মিডফিল্ডাৰ ৰড্ৰিগো ডি পলেও একে কথাই কয়। তেওঁ মন্তব্য কৰে যে, “যেতিয়া আমাৰ দলত ১০ নম্বৰ থাকে, আমি আমাৰ শ্ৰেষ্ঠ খেল খেলো। কাৰণ তেওঁ বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ।” যদিও তেওঁ নাম উল্লেখ কৰা নাছিল, তথাপিও তেওঁ মেছিৰ কথাকে বুজাইছিল।

বৰ্তমান মিয়ামিৰ নিজৰ ঘৰত আছে মেছি। আৰ্জেণ্টিনাৰ জয়ৰ পিছত ছ’চিয়েল মিডিয়াত বাৰ্তা লিখি প্ৰতিজন ফুটবলাৰক অভিনন্দনও জনায় মেছিয়ে।