Home Blog Page 3074

অসমত বৰ্তমানলৈকে লকডাউনৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই : মুখ্যমন্ত্ৰী সোণোৱাল

মুখ্যমন্ত্ৰী সোণোৱাল

কৰ’না ভাইৰাছৰ দ্বিতীয়টো লহৰে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতে মধ্য অসমৰ তিনিখন জিলা ক্ৰমে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কোভিড  পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নগাঁৱত উপস্থিত হয় । কোভিড পৰিস্থিতিৰ সম্পৰ্কত তিনিওখন জিলাৰ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে নগাঁৱৰ আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী গৰাকীয়ে এক বৈঠকত  মিলিত হয়। উক্ত বৈঠকৰ অন্তত সাংবাদিকেৰে হোৱা কথোপকথনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় : নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কোভিড পৰিস্থিতি বুজ লোৱাৰ লগতে আজি তিনিওখন জিলাৰ প্ৰশাসনৰ সৈতে আলোচনা কৰা হয়। সম্প্ৰতি এই তিনিওখন জিলাৰ কোভিড পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন। আনহাতে জিলা তিনিখনত কোভিড পৰিস্থিতি মোকাবিলা কৰাৰ বাবে গ্ৰহন কৰা ব্যৱস্থাৱলী , অক্সিজেনৰ ব্যৱস্থা, আইশ্বলেশ্বন বিছনা,আই চি ইউৰ ব্যৱস্থা সন্দৰ্ভতো জিলা প্ৰশাসন আৰু স্বাস্হ্য বিভাগৰ বিষয়া বৰ্গৰে আলোচনা কৰি  তিনিওখন জিলাতে  বৰ্ত্তমান এই সকলোবোৰ পৰ্যাপ্ত থকা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে । মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় : সম্প্ৰতি তিনিওখন জিলাত মাত্ৰ ৫০ জন কোভিড ৰোগী চিকিৎসাধীন হৈ আছে । ইয়াৰে নগাঁও জিলাত ২২ গৰাকী, হোজাই জিলাত ২৪ গৰাকী আৰু মৰিগাঁও জিলাত মাত্ৰ ৪ গৰাকী কোভিড ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ৰাজ্যখনত পুনৰ লকডাউন হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে  কয় : এতিয়ালৈকে অসমত লকডাউনৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই আৰু ৰাইজে সেই পৰিস্থিতিলৈ নিবও নালাগে। চৰকাৰে দিয়া নীতি নিৰ্দেশনা মানি চলিলে লকডাউনৰ উদ্ভৱ নহয়। আমাৰ দৃঢ় বিশ্বাস যে যোৱা বছৰৰ দৰে ৰাইজে শৃংখলাবদ্ধতাৰে নীতি নিৰ্দেশনা মানি মুখত মাস্ক পৰিধান কৰি, সঘনাই হাত ধুই আৰু শাৰীৰিক দুৰত্ব অক্ষুণ্ণ ৰাখিলে এই কোভিড-১৯ৰ যুঁজখনত পুনৰ বাৰ জয়ী হ’ব পাৰিম বুলি আন্তৰিকতাৰে বিশ্বাস ৰাখিছো। উল্লেখ্য, মুখ্যমন্ত্ৰী গৰাকীৰ লগতে  জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, স্বাস্হ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকা,বিধায়ক ৰূপক শৰ্মা উক্ত বৈঠকত উপস্থিত থাকে ।

বিজেপিক হৰ্ছ ট্ৰেডিঙৰ কোনো প্ৰয়োজন নাই, আমি ৮০ ওচৰে-পাজৰে আসন পাম:পিযুষ হাজৰিকা

কংগ্ৰেছৰ নাটক খন দেখি কংগ্ৰেছৰ প্ৰাৰ্থী সকলেই এতিয়া সন্দিহান হৈছে। অৱশ্যে দুই-এজন কংগ্ৰেছৰ প্ৰাৰ্থীয়ে কৈছে এইকেইদিন অন্তত ভালকৈ খাবলৈ পাইছো শুবলৈ পাইছো।- নগাঁৱত মন্ত্ৰী পিযুষ হাজৰিকাৰ মন্তব্য। পিযুষে লগতে কয়- “হৰ্ছ ট্ৰেডিঙৰ কথাই নাহে, আমি ৮০ ওচৰে-পাজৰে আসন পাম। আকৌ আমি ৰাইজৰ সেৱা কৰিম।”  আজি নগাঁও আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক বৈঠকৰ অংশগ্ৰহণ কৰিবলৈ আহি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই অসমত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ নিশ্চিত বুলিও মন্তব্য কৰে। মধ্য অসমৰ ক’ভিদ পৰিস্থিতিৰ বুজ ল’বলৈ অহা মুখ্যমন্ত্ৰীক সংগ দিয়া পিযুষ হাজৰিকাই কংগ্ৰেছৰ হৰ্ছ ট্ৰেডিঙৰ আশংকাৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয়, আমাক ৰাইজে পুনৰ সেৱা কৰিবলৈ সুযোগ ইতিমধ্যেই দিছে।অৱশ্যে এইবাৰ বিজেপিয়ে কিয় মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম আগতীয়াকৈ ঘোষণা নকৰিলে সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত পিযুষে কয়, ” আমি বহুত সৰু কৰ্মকৰ্তা। আমাক তেনে প্ৰশ্ন নুসুধিব।”

জামুগুৰিহাটৰ ধৰ্মপ্ৰাণা মহিলা অৰুণা হাজৰিকাৰ মৃত্যু৷

অৰুণা হাজৰিকা

জামুগুৰিহাটৰ শলগুৰি গাঁৱৰ ধৰ্মপ্ৰাণা মহিলা অৰুণা হাজৰিকাৰ কালি বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে৷৮৩ বছৰীয়া ধৰ্মপ্ৰাণা মহিলাগৰাকীৰ মৃত্যুত শোঁকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটিত৷শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপ পদাধিকাৰ,সংস্কৃতি শাখাৰ সভাপতি প্ৰয়াত ডম্বৰুধৰ হাজৰিকাৰ সহধৰ্মিনী অৰুণা হাজৰিকাই গোটেই জীৱনটো এটা আধ্যাত্মিক পৰিৱেশত থাকি পৰিয়ালটোক আগবঢ়াই নিছিল৷জামুগুৰি আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সংগী অৰুণা হাজৰিকাই মৃত্যুৰ সময়ত পুত্ৰদ্বয় ড° প্ৰাণজিৎ হাজৰিকা,প্ৰদ্যুম্ন হাজৰিকাকে ধৰি ২ কন্যা,২ বোৱাৰী আৰু নাতি নাতিনীসহ এক ভৰাসংসাৰ এৰি থৈ যায়৷

নগাঁৱৰ কভিড আক্ৰান্ত মহিলাৰ মৃত্যু: স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আত্মীয়ই

নগাঁও চহৰৰ মিলনপুৰৰ কভিড আক্ৰান্ত সুনীতি শইকীয়া বৰা নামৰ এগৰাকী মহিলাই মৃত্যুক সাৱতি লোৱাৰ পিচতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সোচ্ছাৰহৈ পৰিছে মহিলা গৰাকীৰ আত্মীয়।উল্লেখযোগ্য যে এই মহিলা গৰাকী আৰু তেওঁৰ স্বামী হিতেশ্বৰ বৰা তথা দুই শিশু কণ্যা কভিড আক্ৰান্ত হৈছিল।প্ৰথম অৱস্থাত তেওঁলোক হোম কোৱাৰেন্টাইনত আছিল।যোৱা ২০ এপ্ৰিলত সুনীতি শইকীয়া বৰাৰ শাৰীৰিক অৱনতি ঘটাত তেওঁক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়স্থিত কভিড চিকিৎসালয়লৈ স্বামী হীতেশ্বৰ বৰাই লৈ আনিছিল।কিন্তু সেইদিনা পুৱা ১০ বজাৰ পৰা বিয়লি ২ বজা পৰ্যন্ত চিকিৎসকৰ সাক্ষাৎ নোপোৱাত পত্নী আৰু শিশু কণ্যাদ্বয়সহ হীতেশ্বৰ বৰা ঘৰলৈ উভতি গৈছিল।ইয়াৰ পিচতেই হীতেশ্বৰ বৰা আৰু তেওঁৰ আত্মীয়ৰ অভিযোগৰ ভিত্তিত সংবাদমাধ্যমত স্বাস্থ্য বিভাগৰ গাফিলতিৰ সম্পৰ্কত  বাতৰি প্ৰকাশ পাইছিল।তদুপৰি মহিলা গৰাকীৰ ভাগিনীয়েক বিৰিঞ্চি বৰাই স্বাস্থ্য বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষক অভিযোগ দিয়ে।ইয়াৰ পিচতেই অসুস্থ মহিলাগৰাকীক কালাপাহাৰস্থিত কভিড হস্পিতেললৈ নগাঁৱৰ পৰা প্ৰেৰণ কৰা হয়।কিন্তু যাত্ৰা পথতে কালি নিশা মহিলা গৰাকীৰ মৃত্যু হয়।জানিব পৰামতে মহিলা গৰাকী বৃক্কজনিত ৰোগতো ভুগি আছিল।সুনীতি শইকীয়া বৰাৰ মৃত্যু স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবে হোৱা বুলি মৃত্যু বুলি অভিযোগ কৰিছে তেওঁৰ ভাগিনীয়েক বিৰিঞ্চি বৰাই।সামাজিক মাধ্যমতো তেওঁ এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।কভিডেৰে যুঁজ দিবলৈ স্বাস্থ্য বিভাগৰ কোনো ব্যৱস্থাপনাই নাই বুলিও সামাজিক মাধ্যমৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিছে মৃত মহিলা গৰাকীৰ আত্মীয়ই।

হোজাই ৰামপুৰত ভয়ংকৰ অগ্নিকাণ্ড৷

হোজাই ৰামপুৰত ভয়ংকৰ অগ্নিকাণ্ড৷

অগ্নিকাণ্ডত জাহ যায় ৰাম কুমাৰৰ ঘৰত থকা এটি খেৰৰ মেজি।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰাত ভয়ংকৰ দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰে অঞ্চলটো৷

কনমানি শিশুৱে খেৰৰ মেজিত জুই লগাই দিয়াত সংঘটিত হয় এই ঘটনা৷

হোজাইত চহৰত ধূলিসাত্ কোভিড প্রটকল।

দহ হাজাৰৰো অধিক লোক গোট খালে হোজাই নিউ ক’লনিৰ আকবৰ নামৰ লোক জনৰ গৃহৰ সন্মুখত।

ৰমজান মাহৰ জাকাত দিয়াৰ নামত বিভিন্ন ঠাইৰ পৰা মাতিছিল লোকসকলক।

জাকাত লোৱাৰ বাবে হোজাই জিলাৰ বিভিন্ন ঠাইৰ পৰা ভিৰ কৰেহি লোকসকলে।

জাকাত নোপোৱাত ক্ষোভত নিয়ন্ত্ৰণহীন হৈ পৰে ভিৰ।

ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

ইটাখোলাত তিনি গৰাকী লোকৰ দেহত covid_19

ইটাখোলা নিউ phcৰ তৎপৰতা

বিশ্বনাথ জিলাৰ অন্তৰ্গত ১ন‌‌‌‌‌ং ইটাখোলাত তিনি গৰাকীকৈ লোকৰ দেহত মহামাৰী কৰোণাৰ আক্ৰান্ত হোৱাৰ খবৰে এক আত‌‌ঙকময় পৰিবেশৰ সৃষ্টি হৈছে সমগ্ৰ ইটাখোলা অনচলত। যোৱা কালি ১ন‌‌‌‌‌ং ইটাখোলা নিবাসী চুজিত তচা(45) আৰু যতীন ভুয়া(42) দেহত covid_19 ৰ লসন পোৱাৰ পাছত আজি ইটাখোলা নিউ পি এইছ চিৰ ফালৰ পৰা ১ন‌‌‌‌‌ং ইটাখোলা ৰ অনচলৰ প্ৰায় 25গৰাকী লোকৰ RTPCR ৰ বাবে নমুনা স‌‌‌‌‌‌‌ং‌গ্ৰহ কৰি তেজপুৰ টুমুকী স্থিত চিকিৎসা মহাবিদ্যালয়লৈ নমুনা সমুহ প্ৰেৰণ কৰা হৈছে। উল্লেখ কৰিব পাৰি যে আজি RTPCR বাবে নমুনা স‌‌‌‌‌‌‌ং‌গ্ৰহৰ সময়ত চপনা তচা নামৰএগৰাকী তিনি মহীয়া গৰভৱতী মহিলা ৰ দেহত covid_19 ৰ বিজানু থকা কথা টো ধৰা পৰাৰ পাছত ইটাখোলা নিউ phcৰ ছজনীয়া চিকিৎসা কমী সকলে অধিক তৎকালীন ভাৱে ১ন‌‌‌‌‌ং ইটাখোলাত আজি পুৱাই উপস্থিত হৈ RTPCRৰ বাবে নমুনা স‌‌‌‌‌‌‌ং‌গ্ৰহ কৰাৰ লগতে স্থানীয় ৰাইজ ক সজাগ সচেতন হৈ নিজৰ ঘৰৰ লগতে সমাজক এই মহামাৰী সদৃশ কৰোণাৰ পৰা মুক্ত হবলৈ আহবান জনায়।।

দিছপুৰ প্ৰেছ ক্লাবৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন আৰু সম্বৰ্ধনা অনুষ্ঠান

দিছপুৰ প্ৰেছ ক্লাবৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন আৰু সম্বৰ্ধনা অনুষ্ঠান

দৈনন্দিন বাৰ্তাৰ ডিব্ৰুগড়ৰ সাংবাদিক দিবাকৰ দত্তক সম্বৰ্ধনা

কভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা পালন কৰি বিগত বৰ্ষৰ দৰেই ২০২১বৰ্ষতো আজি দিছপুৰ প্ৰেছ ক্লাবে উদ্‌যাপন কৰে ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷ সংবাদজগতৰ লগতে অন্যান্য ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ৰাজ্যখনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ অনুষ্ঠানৰ লগত সংগতি ৰাখি দিছপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ উল্লেখযোগ্য যে, দিছপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা লাভ কৰা ৰাজ্যখনৰ বিশিষ্ট ব্যক্তিসকল হ’ল ক্ৰমে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাস, শিক্ষাবিদ-সাহিত্যিক ড° আৰতি কলিতা, জেষ্ঠ্য ফটো সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য, বিশিষ্ট সমাজকৰ্মী নুৰুল হক, সমাজসেৱক বৈষ্ণৱ কোচ, বিশিষ্ট সমাজকৰ্মী নাৰায়ণ কুমাৰ ৰাডু ৰাকতি, বিশিষ্ট সমাজকৰ্মী-অধিবক্তা নৃপেন মালাকাৰ, প্ৰতিদিন টাইমৰ ভিডিঅ’ সাংবাদিক বিপুল ৰাজ, ডিৱাই ৩৬৫ৰ জেষ্ঠ সাংবাদিক দিব্যজ্যোতি কলিতা, সাংবাদিক তথা নিউজ নেষ্টৰ মুখ্য সম্পাদক কমল কৃষ্ণ ডেকা, সমাজসেৱক ৰঞ্জন বৰুৱা, সমাজসেৱক দিগন্ত লস্কৰ, প্ৰাগ চেনেলৰ সাংবাদিক বিতোপন বৰা,দৈনন্দিন বাৰ্তাৰ তথা NEWS100ৰ সাংবাদিক দিবাকৰ দত্ত, সমাজসেৱক দিগন্ত বৰা, গন অধিকাৰ কাকতৰ সাংবাদিক তপন কুমাৰ শইকীয়া, সমাজসেৱক পানচুল মহন্ত, শিক্ষাবিদ দিনেশ কুমাৰ ডেকা,সাংবাদিক- NEWS24ৰ সম্পাদক ৰিদীপ কলিতা, সাংবাদিক বাৰ্তাৰ সম্পাদক আৰ্ছাদ ৰহমান বৰা আৰু নিউজ টাইমৰ সাংবাদিক জাহিদুল ইছলামে ৷ অনুষ্ঠানত বৈকুণ্ঠ নাথ গোস্বামী, অমল গুপ্ত,তথ্য আৰু জনসংযোগ বিষয়া
পি কে দত্ত, সাংবাদিক পংকজ ডেকা আদিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষন ৰাখে।

কন্ঠশিল্পী ভিতালী দাসলৈ ‘বিৰিণা গোষ্ঠী অসম’ ৰ শ্ৰদ্ধাঞ্জলি

কন্ঠশিল্পী ভিতালী দাসলৈ ‘বিৰিণা গোষ্ঠী অসম' ৰ শ্ৰদ্ধাঞ্জলি ৷

ৰাজ্য তথা দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে বুধবাৰে বিয়লি কৰোনাত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুৱালে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাসে । ভিতালী দাসৰ অকাল বিয়োগত সাংস্কৃতিক কৰ্মীসকলৰ লগতে সৰ্বসাধাৰণ লোক শোকত ম্ৰিয়মান হৈ পৰিছে । বৃহস্পতিবাৰে সন্ধিয়া নলবাৰী জিলাৰ দৌলাশালস্থিত বিৰিণা গোষ্ঠী অসমৰ মুখ্য কাৰ্যালয়ত প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায় । সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ উদ্যোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিৰিণা বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে । ভিতালী দাসৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভবেন কুমাৰ কলিতাই । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আঁত ধৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে। অনুষ্ঠানটোত প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। উক্ত অনুষ্ঠানটোত কেইবাগৰাকী বিশিষ্ট লোকে ভিতালী দাসৰ জীৱন আৰু গীতৰ ওপৰত এক বিশ্লেষণ আগবঢ়ায় । অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত লোকসকলে চেনিটাইজাৰ ব্যৱহাৰ কৰি কভিদ প্ৰটকল মানি অনুষ্ঠানটো অনুষ্ঠিত কৰে।

অসমৰ বাবে ভয়ানক খবৰ । ৰঙিয়াত কৰা নহ’ল COVID TEST

ৰঙিয়া ষ্টেচনত এখন ট্ৰেনৰ যাত্ৰীক কৰা নহল কৰণা পৰিক্ষা ।

ৰঙিয়া ৰেল ষ্টেচনত শুক্ৰবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক ভয়ানক ঘটনা। কৰণা টেষ্টৰ বাবে ব্যৱস্থা থাকিও এখন ট্ৰেনৰ যাত্ৰীক কৰা নহল কৰণা টেষ্ট । স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সময়মতে উপস্থিত নোহোৱাত এই ভয়ানক কাণ্ডটো সংঘটিত হয় ৰঙিয়া ৰেল ষ্টেচনত । ৰাতিপুৱা ৮.৪৫ বজাত কেৰেলাৰ পৰা ৰঙিয়া আহি পোৱা “ট্ৰিবান্ডাম পুৰাম” এক্সপ্ৰেছ নামৰ যাত্ৰীবাহি ৰেলখনত প্ৰায় ৫০ জনৰো অধিক লোক ৰঙিয়া ষ্টেচনত নামিচিল । কেৰেলাৰ বিভিন্ন ঠাইত শ্ৰমিক হিচাপে কৰ্মৰত এই যাত্ৰী সকল ৰঙিয়া ষ্টেচনত নমাৰ পিচতে ৰেল বিভাগে ষ্টেচনৰ ভিতৰৰ পৰা বাহিৰত থকা স্বাস্থ্য বিভাগৰ কৰুণা পৰীক্ষা কেন্দ্ৰৰ সন্মুখৰে যোৱাৰ ব্যৱস্থা কৰিছিল । সেইমতে ট্ৰেনখনৰ যাত্ৰী সকল ষ্টেচনৰ বাহিৰত থকা পৰীক্ষা কেন্দ্ৰৰ সন্মুখৰে যায় যদিও স্বাস্থ্য কৰ্মী সময় মতে উপস্থিত নথকাত বহি:ৰাজ্যৰ পৰা অহা ৰেলখনৰ যাত্ৰী সকলক পৰীক্ষা কৰা নহল । লক্ষণীয় ভাবে উক্ত সময়ত কেন্দ্ৰটোত এজন স্বাস্থ্যকৰ্মী অসহায় অৱস্থাত থকাৰ লগতে তাত উপস্থিত থকা সুৰক্ষা কৰ্মী সকলে অকল চাই থকা পৰিলক্ষিত হয় । গুৰুত্বপূৰ্ণ বিষয়টো হল যে কাৰ ভুলৰ বাবে পুৱাৰ ভাগৰ ৰেলখনত এনে ঘটনা সংঘটিত হবলৈ পালে । কৰণা পৰীক্ষা নকৰাকৈ যাবলৈ দিয়া ৰেল যাত্ৰী সকলৰ ভিতৰত যদিহে কোনো ব্যক্তি কৰুণাত আক্ৰান্ত আছিল তেতিয়া হলে এই ব্যক্তি সকলৰ পৰা নিশ্চয় অধিকলোক আক্ৰান্ত হব । এই ক্ষেত্ৰত ৰঙিয়াৰ মহকুমাধিপতিৰ লগতে কামৰূপ উপায়ুক্তত এক তদন্ত কৰাৰ বাবে দাবী জনাইছে সচেতন ব্যক্তি সকলে ।