অসমৰ লাখ লাখ লোক অন্ন বস্ত্ৰৰ সমস্যাত ককবকাই সথকাৰ সময়তে ধুবুৰী সাংসদীয় সমষ্টিৰ চূকে কোনে হেলিকপ্টাৰ উৰুৱাই হোজাইৰ হবিব মহম্মদ চৌধুৰীয়ে নিজৰ পৰিচয় দাঙি ধৰি শৈক্ষিক দিশৰ সজাগতা সভা অনুষ্ঠিত কৰাৰ অভিযান অব্যাহত ৰাখিছে । আজি গোৱালপাৰা পশ্চিম সমষ্টিৰ চুনাৰী মহাবিদ্যালয় প্ৰাঙ্গনত হেলিকপ্টাৰেৰে উপস্থিত হয় আন্তৰাষ্ট্ৰীয় ব্যৱসায়ী হবিব মহম্মদ চৌধুৰী। সভাৰ আৰাম্ভণীতে হবিব মহম্মদ চৌধুৰীৰ জীৱনৰ কাৰ্য ক্ৰমণিকাৰ আৰু পৰিচয় দাঙি ধৰে মেদিনী গগৈয়ে। জে এফ ফাউন্ডেচন আৰু মাইনৰিটি ডেভেলপমেন্ট ছচিয়েল ৱেলফেয়াৰ এন জি ও ৰ উদ্যোগত অনুষ্ঠিত সভাত অংশগ্ৰহণ গ্ৰহণ কৰি বিশিষ্ঠ ব্যাৱসায়ী চৌধুৰীয়ে ভাষণ প্ৰসংগত কয় যে সংখ্যালঘূ জনসাধাৰণ ভয় ভীতিৰ মাজত চলি আছে আৰু শিক্ষা দীক্ষাৰ দিশত পিছ পৰি আছে। কাৰিকৰী দিশত প্ৰশিক্ষণ দি এওঁ লোকক কৰ্ম সংস্থাপন দিয়া হল ফাউন্ডেচনৰ লক্ষ্য । সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত হিন্দুয়ে মচুলমানক নহয় মচুলমানে মুছলমানে কাজিযা কৰা বুলি কয় । ধৰ্মীয় গোড়ামিৰ ৰাজনীতিক সকলে সাধাৰণ ৰাইজক ঠগি আৰু ব্যবহাৰ কৰি আছে বুলি মন্তব্য কৰে।উল্লেখযোগ্য যে উক্ত সভাতে ভাষন আগবঢ়ায় চুনাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ আব্দুল ছালামকে ধৰি ভালেকেইজন নেতাই ।
যমুনাপৰীয়া শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত জিলা ভিত্তিক অসমীয়া আখৰ জোঁটনি আৰু উচ্চাৰণ কৰ্মশালাৰ সফল সামৰণি
বৰপুখুৰীৰ (পীৰবজাৰ) মাৰাম একাডেমীত দুদিনীয়াকৈ “জিলা ভিত্তিক অসমীয়া আখৰ জোঁটনি আৰু উচ্চাৰণ” কৰ্মশালাৰ আয়োজন কৰা হয়। যমুনাপৰীয়া শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত আয়োজন কৰা কৰ্মশালাখনি জানুৱাৰীৰ ৯ আৰু ১০ তাৰিখে আয়োজন কৰা হয়।

হোজাই জিলা ভিত্তিক কৰ্মশালাৰ সন্দৰ্ভত সভাৰ হোজাই জিলা সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে জাৰি কৰা প্ৰেছ বাৰ্তা অনুসৰি প্ৰথম দিনা হোজাই, মোৰাঝাৰ, পদুমনি, পীৰবজাৰ, চাৰিংপথাৰ আদি অঞ্চলৰ অসমীয়া মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ব্যাপক সহাৰি জনায়। এই উপলক্ষে পুৱা ৯:০০ বজাত ব্যৱস্থাপক শাখা সাহিত্য সভা, যমুনাপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি চাবিৰ আহমেদে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে। অসমৰ জাতীয় মহাসভাখনৰ জন্মৰ এশ চাৰিবছৰৰ অন্তত জিলাখনৰ উত্তৰ দিশৰ অত্যন্ত পিচপৰি থকা বৰপুখুৰী এলেকাত প্ৰথম বাৰৰ বাবে অসম সাহিত্য সভাৰ পতাকাখন উত্তোলন কৰিবলৈ পাই ধন্য হোৱা বুলি উল্লেখ কৰাৰ লগতে অসমীয়া ভাষা আৰু জাতিৰ সংকট মুক্তৰ বাবে সকলোকে মাৰবান্ধি থিয় দিবৰ সময় সমাগত বুলি কয়। কৰ্মশালাৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক ড: সাৰদানন্দ দেৱগোস্বামীয়ে ভাষাটোক বিজতৰীয়া হোৱাৰ পৰা ৰক্ষা কৰিবলৈ হ’লে উঠি অহা চামক এনেধৰণৰ কৰ্মশালাৰ মাধ্যমত অসমীয়া ভাষাৰ কালিকাখিনি উপলব্ধি কৰাবই লাগিব বুলি কয়। ভাষণ প্ৰসংগত তেখেতে ছাত্ৰ-ছাত্ৰীৰ লগতে বিষয় শিক্ষকসকলেও কৰ্মশালাত অংশগ্ৰহণ কৰা আৱশ্যক বুলি কোৱাৰ উপৰিও কয় যে শিক্ষকেই যদি উচ্চাৰণ অশুদ্ধকৈ কৰে ছাত্ৰই ক’ৰ পৰা শুদ্ধকৈ শিকিব।কৰ্মশালাৰ দ্বিতীয় দিনাও পুৱা ১০ বজাৰ পৰা প্ৰশিক্ষণ আৰম্ভ হয়। দিনৰ ১:০০ বজাত কৰ্মশালাৰ অন্তত জিলা সভাপতি ড: গুণেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত যমুনাপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি চাবিৰ আহমেদে আদৰণী ভাষণ প্ৰদান কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অধ্যাপক ড: হাচিনুচ চুলতানে আজিকালি অসমীয়া ভাষা ব্যৱহাৰ কৰা সকলে সততে জানি বা নাজানি কৰি অহা বানান বিভ্ৰাটৰ বিষয়ে বহলাই কয়। মুকলি সভাত বিশিষ্ট গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই কবি চাদিকুজ জামানৰ কাব্যপুথি ‘এজাক বৈৰী মানুহৰ সমাজ’ উন্মোচন কৰে।দুদিনীয়াকৈ আয়োজন কৰা কৰ্মশালাখনৰ মুখ্য সমল ব্যক্তিৰূপে উপস্থিত থাকে ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা ড: নিৰলা দেৱী আৰু সহ-সমল ব্যক্তিৰূপে চয়নিকা ডেকা। দুয়োগৰাকী সমল ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া বৰ্ণৰ উচ্চাৰণ আৰু বানান সম্পৰ্কে বিতংকৈ প্ৰশিক্ষণ দিয়াৰ লগতে হোজাই সাহিত্য সভাৰ সভাপতি ডা: শ্বামছুল হকে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মূল্যৱান ভাষণ প্ৰদান কৰে। উল্লেখ্য যে, প্ৰথম দিনাৰ কৰ্মশালাত প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণৰ সঠিক উচ্চাৰণ কেনেকৈ কৰিব লাগে তাৰবাবে প্ৰশিক্ষণ প্ৰদান কৰে ড: সাৰদানন্দ দেৱগোস্বামী আৰু আবৃত্তিকাৰ অচ্যুত ঠাকুৰীয়াই। জিলা সভাপতি ড: গুণেশ্বৰ শইকীয়াৰ উপস্থিতিত কৰ্মশালাখনৰ সামগ্ৰীক পৰিচালনাৰ দায়িত্বত জিলা সভাৰ সহকাৰী সম্পাদক যোগেন দত্ত, ৰামধেনু উপ-সমিতিৰ আহ্বায়ক প্ৰতাপ বৰুৱা, শাখাৰ সভাপতি চাবিৰ আহমেদ, শাখা সম্পাদক চাদিকুজ জামান আৰু অভ্যৰ্থনা সমিতিৰ সম্পাদক আবু চুফিয়ান আদিয়ে উপস্থিত থাকে।সভাৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। শেষত সভাপতি ড: গুণেশ্বৰ শইকীয়াই অসম সাহিত্য সভাৰ উদ্দেশ্য আৰু লক্ষ্যৰ দিশত দুদিনীয়া কৰ্মশালাখন এক ইতিবাচক পদক্ষেপ বুলি উল্লেখ কৰি অসমৰ সকলো জাতি জনগোষ্ঠীক সামৰি বৃহত্তৰ অসমীয়া জাতি গঠণৰ দিশত জাতি, ধৰ্ম নিৰ্বিশেষে প্ৰতিজন অসমবাসীৰে কৰণীয়খিনি নিষ্ঠাৰে আগবঢ়াবলৈ আহ্বান জনায়। হোজাই জিলা সাহিত্য সভাৰ দ্বাৰা পোন প্ৰথমবাৰৰ বাবে লোৱা এনে প্ৰয়াসৰ প্ৰতি অঞ্চলবাসীয়ে দেখুৱা অকুণ্ঠ সহযোগে জাতীয় মহাসভাখনৰ প্ৰতি একাত্মতা অধিক দৃঢ হোৱা পৰিলক্ষিত হয়, জাতীয় সংগীতেৰে কৰ্মশালাৰ সমাপ্তি ঘোষণা কৰা হয়।

চিয়াঙৰ পৰা ব্ৰহ্মপুত্ৰ জলপথৰে তেজপুৰত উপস্থিত হোৱা দল গুৱাহাটী অভিমুখে ৰাওনা
ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰনালয়ে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ তত্বাৱধানত অসম চৰকাৰ,অৰুণাচল প্ৰদেশ চৰকাৰ আৰু এন ডি আৰ এফৰ সহযোগত অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাৰ গেলিংত ২৩ডিচেম্বৰত আৰম্ভ কৰা ১৭জনীয়া গবেষকৰ দলটো কালি সন্ধিয়া তেজপুৰ জাহাজ ঘাটত উপস্থিত হোৱাৰ পিছত আজি তেজপুৰ জাহাজঘাটৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হয় ৷ উল্লেখ্য যে , “ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযান” প্ৰকল্পৰ অধীনত ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰনালয়ৰ সচিব উপেন্দ্ৰ প্ৰসাদ সিং ৰ লগতে ভাৰতৰ জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ দুহিতা সুহাসিনী শ্বেখাৱটৰ নেতৃত্বত অহা ১৭জনীয়া গৱেষকৰ দলটিয়ে ৬খন ৰাফটত বিশাল ব্ৰহ্মপুত্ৰৰ বক্ষত ৯১৭কি:মি: ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ গুণাগুণ ,খহনীয়া-অবক্ষেপন আৰু মাছৰ লগতে শিহুকে ধৰি বিভিন্ন জলজ জীৱৰ সন্দৰ্ভতো গবেষণা চলোৱাৰ যাত্ৰাত এন ডি আৰ এফৰ ২০জনীয়া এটি দলে সংগ দিছে ।ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ ৫৮০ কি:মি:পথ অতিক্ৰম কৰি তেজপুৰ জাহাজ ঘাটত কালি বিয়লি উপস্থিত হোৱা ১৭জনীয়া দলটিত সুহাসিনী শ্বেখাৱটৰ উপৰিও আই আই টি গুৱাহাটী , ইন্লেণ্ড ৱাটাৰ ওৱেজ অথ’ৰিটী অৱ ইণ্ডিয়া, চেন্ট্ৰেল ফিছাৰীজ ৰিচাৰ্চ ইন্সটিটিউট , ব্ৰহ্মপুত্ৰ বৰ্ড আৰু কেন্দ্ৰীয় জল আয়োগৰ গবেষকৰ দলে অংশ গ্ৰহণ কৰিছে । নদীৰ সৈতে সহাৱস্থানৰ গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি নৱ প্ৰজন্মৰ দৃষ্টি আকৰ্ষণৰ লগতে ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিৰ অধ্যয়নৰ জৰিয়তে জল শক্তি মন্ত্ৰনালয়ৰ ওচৰত দাখিল কৰা প্ৰতিবেদনৰ আধাৰত ভাৰত চৰকাৰে পৰবৰ্তী পদক্ষেপ গ্ৰহন কৰিব। আনহাতে দেশে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰত চৰকাৰৰ জলশক্তি বিভাগে গঙ্গাৰ লেখীয়াকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত চলোৱা এনেধৰনৰ গবেষণাই নিশ্চিতভাৱে অনাগত সময়ত ব্ৰহ্মপুত্ৰ অসমৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিব। আনহাতে ভাৰতৰ ভাৰতৰ মুঠ জলৰাশিৰ ৪০শতাংশ উত্তৰ পূৰ্বাঞ্চলৰ জলভাণ্ডাৰ বুলি অভিহিত কৰি অৰুণাচলৰ ছিয়াংত নদী বান্ধ নিৰ্মাণত গুৰুত্ব আৰোপ কৰে ৷ তদুপৰি ব্ৰহ্মপুত্ৰৰ পাৰত বসবাস কৰা লোক সকলৰ জল জীৱনৰ জৰিয়তে আৰ্থিক বিকাশৰ দিশটো অধ্যয়ন কৰিছে দলটোৱে ৷
তেজপুৰত সদৌ অসম আন্তঃজিলা ড্ৰেগন ব’ট চেম্পিয়নশ্বিপ
ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰলৈ অনুষ্ঠিত “আমাৰ খেল আমাৰ উৎসৱ” – এই বাণী সাৰোগত কৰি অসমৰ পৰা হেৰাই যাব খোজা পৰম্পৰাগত খেল সমূহক পুণৰুদ্ধাৰৰ চেষ্টা চলাইছে “অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্হা”ই ৷ তেজপুৰৰ হজৰাপুখুৰীত ৰাজ্যৰ ভিতৰত প্ৰথম বাৰলৈ অনুষ্ঠিত হ’ল সদৌ অসম আন্ত:জিলা ড্ৰেগন ব’ট চেম্পিয়নশ্বিপ ৷ নাও খেলৰ হেৰাই যাব খোজা জনপ্ৰিয়তাক বিশ্বমুখী কৰি তোলাৰ বাবেই এই প্ৰতিযোগীতাৰ আয়োজন কৰা হয় ৷ অসম ট্ৰেডিচনেল স্প’ৰ্টছ এণ্ড ড্ৰেগন ব’ট এচ’ছিয়েছনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা ৰ জৰিয়তে কেৱল এছিয়ান গেমছতেই নহয় যাতে অলিম্পিকতো এই অসমৰ থলুৱা খেলবিধক অধিক জনমুখী কৰি স্হান দিয়াৰ লগতে অসমৰ প্ৰতিভাবান খেলুৱৈ সকলক সেই পৰ্যায়লৈ উন্নীত কৰিব পাৰি সেই চেস্টাৰেই আয়োজন এই নাওখেল ৷ আজিৰ এইপ্ৰতিযোগিতাত মহিলাৰ ৪ টা আৰু পুৰুষৰ ৭ টা দলে ভাগ লয় ৷ মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, দৰং, গোৱালপাৰা, কামৰূপ, মৰিগাঁও, কামৰূপ, গুৱাহাটী মেট্ৰ’ৰ মুঠ ১১ খন জিলাৰ প্ৰতিযোগীয়ে ভাগ লোৱা এই প্ৰতিযোগীতাত দৰ্শকৰ সহাৰি আছিল ব্যাপক৷ ছয়গাঁৱৰ পৰম্পৰাগত খেলৰ এটা দলে প্ৰদৰ্শনীমূলক ভাবে ৰাজ্যৰ থলুৱা খেল-তেল খুটা বগোৱা , গুদুগুদু, ৰছী টনা, ঢোপ খেল আদি প্ৰদৰ্শন কৰে। এই অনুষ্ঠানতেই ছয়গাৱৰ এটি দলে নাওখেলৰ গীতৰ লগতে মহহো গীত নৃত্য পৰিবেশন কৰে৷ ২০২২ত অনুষ্ঠিত হবলগীয়া এচিয়ান গেমছত দেশৰ দলত যাতে ৰাজ্যখনৰ খেলুৱৈয়েও স্হান লাভ কৰে তাৰ বাবেই এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি ৰাজ্যৰ প্ৰতিভা বিচাৰি উলিওৱাৰ এক প্ৰয়াস কৰা হৈছে৷
আমেৰিকাৰ ৰাষ্ট্ৰপতিক পিছ পেলালে প্ৰধানমন্ত্ৰী মোদীয়ে
আমেৰিকাৰ হিংসাত্মক মূলক কাৰ্যৰ পিছত ৰাষ্ট্ৰপতি ড’ণাল্ড ট্ৰাম্পৰ টুইটাৰ একাউন্ট নিসিদ্ধ কৰিছিল টুইটাৰে। ইয়াৰ পিছতে টুইটাৰত বিশ্বৰ সৰ্বাধিক ফলোৱাৰ থকা ব্যক্তিৰ তালিকাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম প্ৰথম স্থানত অন্তৰ্ভূক্ত হয়।
উল্লেখ্য যে, কিছুদিন পূৰ্বে এই ৰেকৰ্ডত ট্ৰাম্পৰ নাম আছিল। কিন্তু আমেৰিকাত হোৱা হিংসাত্মক কাৰ্য সমূহৰ ক্ষেত্ৰত ট্ৰাম্পে জনতাক দিয়া উতসাহৰ অভিযোগত তেওঁৰ টুইটাৰ একাউন্ট বন্ধ কৰি দিয়া হয় ।
উল্লেখ্য যে, টুইটাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৪.৭ মিলিয়ন ( ৬ কোটি ৪৭ লাখ) ফলোৱাৰ আছে । ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ১২৭.৯ মিলিয়ন ফলোৱাৰ আছিল ।
চিৰিংহোলাত ডিব্ৰুগড় জিলা ভিত্তিত মাৰাথন দৌৰ প্ৰতিযোগিতা সম্পন্ন
সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন চিৰিংহোলা আঞ্চলিক সমিতিৰ উদ্যোগত দশম বাৰ্ষিক ডিব্ৰুগড় জিলা ভিত্তিত প্ৰাইজমাণি মাৰাথন দৌৰ প্ৰতিযোগিতাখন আজি অনুষ্ঠিত হয়। পুৰুষ আৰু মহিলা উভয় শাখাতে সম্পন্ন হোৱা প্ৰতিযোগিতাত পুৰুষৰ শাখাত জকাইৰ ৰতন উৰাঙে, ভাদৈ পাঁচআলিৰ সঞ্জয় ভূমিজে দ্বিতীয়, খাঁজিখোৱাৰ মানচিত অৰেয়াই তৃতীয় আৰু ছোৱালীৰ শাখাত ডিকমৰ নদিয়া পাতৰে প্ৰথম, চাবুৱাৰ পিংকী মাঝিয়ে দ্বিতীয়, ডিকমৰ লক্ষী পাতৰে তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাত দশম স্থানলৈকে বঁটা প্ৰদান কৰা হয়। বঁটা বিতৰণী সভাত লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই মুখ্য অতিথি ৰূপে অংশ লয়। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিদ চেতিয়া, উপ-সভাপতি দেৱজিত ৰাজখোৱা, সহকাৰী সম্পাদক দেৱঋষি চেতিয়া, ক্ৰীড়া সম্পাদক গিৰিণ চেতিয়া, সাংগঠনিক সম্পাদক ৰূপজ্যোতি বুঢ়াগোঁহাই, তথ্য আৰু প্ৰচাৰ সম্পাদক দীপজয় শইকীয়া, আপকুৰ ডিব্ৰুগড় জিলাৰ সভাপতি ধৰণী গগৈ, লাহোৱাল জিলা পৰিষদৰ সদস্য ভূপেন কুমাৰ গগৈ, আৰ ডি শৈক্ষিক কেন্দ্ৰৰ সঞ্চালক মনোজ ধানোৱাৰ, চিৰিংহোলা গাঁও পঞ্চায়তৰ সভাপতি ঋতু গোঁহাইৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণ প্ৰসংগত বিধায়ক ঋতুপৰ্ণ বৰুৱাই চিৰিংহোলা আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ ভূমিকাক শলাগ লৈ ক্ৰীড়াক্ষেত্ৰত সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে। চৰকাৰেও ক্ৰীড়া উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু কৰ্মৰ কথা উল্লেখ কৰে। লাহোৱাল ক্ৰীড়া সন্থাৰ বিভিন্ন অনুশীলনৰ কথা ব্যক্ত কৰে দীপজয় শইকীয়াই। মনোজ ধানোৱাৰেও শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। পুৱা ল’ৰাৰ আৰু ছোৱালীৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে টিংৰাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পোপাল গগৈ আৰু টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুলমণি দাসে। প্ৰতিযোগিতাৰ আগদিনা ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সোমেধৰ বৰুৱাই। ছহিদ তৰ্পণ কৰে চিৰিংহোলা বাপঙজী যুৱক সংঘৰ উপদেষ্টা ভৱেন গগৈয়ে। বৃক্ষৰোপন কৰে ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ কুমাৰ নথ, বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপা শইকীয়া আৰু চিৰিংহোলা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক জিতুল গগৈয়ে। সন্ধিয়া সামুহিক বন্তি প্ৰজ্বলন কৰে বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক যুগল কোঁৱৰে। মুকলি আৰু বঁটা বিতৰণী সভাত সভিপতিত্ব কৰে প্ৰবীণ খেলুৱৈ তথা চৰকাৰী গাঁওবুঢ়া সুব্ৰত বৰুৱাই। সভাতেই অসম প্ৰশাসনীয় সেৱাৰ পৰীক্ষাত সফলতা অৰ্জন কৰা তৰঙ্গজিৎ বৰুৱাক বিশেষ অভিনন্দন জ্ঞাপন কৰাৰ লগতে মদাৰখাত মৌজাৰ প্ৰবীণ খেলুৱৈ সুব্ৰত বৰুৱা, হৰি কুমাৰ দত্ত, গুণিন গগৈ, হৰেন গগৈ, জগত গগৈ আৰু শৈলেন গোঁহাইক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আঁত ধৰে যুগল কোঁৱৰ আৰু চিৰিংহোলা আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰশান্ত দত্তই। চিৰিংহোলা আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি-সম্পাদক সঞ্জু হাজৰিকা আৰু কল্পজ্যোতি কোঁৱৰে প্ৰতিযোগিতাখনি সুচাৰুৰূপে সামৰণিৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
পশ্চিম নলবাৰীৰ শোলমাৰাত ভাৰতীয় সেনাবাহিনীৰ বিনামূলীয়া পশু স্বাস্থ্য শিবিৰ
দেশ মাতৃৰ বাবে যিকোনো বিপদকালিন সময়ত নিজৰ জীৱন উচৰ্গা কৰাৰ লগতে ভাৰতীয় সেনা বাহিনীয়ে বিগত বছৰ বছৰ ধৰি বিভিন্ন সামাজিক কাৰ্যত মনোনিৱেশ কৰাত পৰিলক্ষিত হৈছে । সেইমৰ্মে আজি পশ্চিম নলবাৰী জিলাৰ শোলমাৰাত ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ সৌজন্যত দিনযোৰা কাৰ্যসূচীৰে এটি বিনামূলীয়া পশু স্বাস্থ্য শিবিৰৰ আয়োজন কৰে ।

ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা এই স্বাস্থ্য শিবিৰত স্থানীয় অঞ্চলবাসী ৰাইজৰ গৰু ছাগলী কুকুৰ আদিকে ধৰি বিভিন্ন পোহনীয়া জন্তুৰ চিকিৎসা সেৱা আগবঢ়োৱা হয় লগতে বিনামূলীয়া ভাৱে দৰৱ পৰ্যন্ত বিতৰণ কৰা হয় । ভাৰতীয় সেনা বাহিনীয়ে অনুষ্ঠিত কৰা এই পশু চিকিৎসা শিবিৰত প্ৰায় ৭০০ স্থানীয় ৰাইজৰ ১০০০ ৰো অধিক পশুধনক চিকিৎসা সেৱা আগবঢ়োৱ হয় । আজিৰ এই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ কাৰ্য্যসূচীত ভাৰতীয় সেনাবাহিনীৰ বিষয়ববীয়াৰ লগতে নলবাৰীৰ জিলা উপাযুক্ত পূৰৱী কোঁৱৰ উপস্থিত থাকে । ভাৰতীয় সেনাবাহিনীৰ এনে সজ পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে ।

অসম লোক সেৱা আয়োগৰ পৰীক্ষাত ৰঙাচাহী মহাবিদ্যালয়ৰ শিক্ষকৰ সাফল্য
সদ্য ঘোষিত 2018 বৰ্ষৰ অসম লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ সহকাৰী অধ্যাপক বেদান্ত বিকাশ বৰাই 21 ত্বম স্থান অধিকাৰ কৰি সফলতাৰে অঞ্চলটোৰ লগতে মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনাত মহাবিদ্যালয়ৰ পৰিয়ালে 30 ডিছেম্বৰত মহাবিদ্যালয়ৰ অধ্যক্ষ ড: নৱ কুমাৰ গামৰ সভাপতিত্বত এখন সম্বৰ্ধণা সভা অনুস্থিত কৰে ৷ জেষ্ঠ সহযোগী অধ্যাপক তৰুণ কুমাৰ নাথে আঁত ধৰা সভাখনত মহাবিদ্যালয়ৰ কতৃপক্ষ ,শিক্ষক গোট , কৰ্মচাৰী গোট আৰু ছাত্ৰ পৰিষদে উস্ম আদৰণি জনোৱাৰ লগতে ফুলাম গামোচা ,শৰাই ,সঁফুৰা আদিৰে সম্বৰ্ধণা জনাই সততা নিষ্ঠা আৰু একাগ্ৰতাৰে দেশ মাতৃৰ সেৱাত আত্ম নিয়োগ কৰিবলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ সম্বৰ্ধনা গ্ৰহন কৰি বৰাই কৰ্ত্তব্যৰ তাৰনাত মহাবিদ্যালয়ৰ পৰিয়ালক এৰি যাৱ লগা হোৱাত দুখপ্ৰকাশ কৰে আৰু ছাত্ৰ ছাত্ৰী সকলক জীৱন যুদ্ধত জয় লাভ কৰিবৰ কাৰণে কঠোৰ শ্ৰম আৰু অধ্যয়ন পুষ্ট হ’ৱলৈ পৰামৰ্শ আগবঢ়ায় ৷
অসমত পুনৰ মিত্ৰজোটৰ চৰকাৰ হব : অতুল বৰা
৫৬ নং কমলপুৰ সমষ্টিৰ বিহদিয়াত আজি একপ্ৰকাৰ বিধায়ক সত্যব্ৰত কলিতাৰ হৈ নিৰ্বাচনী ৰণশিঙা বজাই অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ঘোষণা কৰিলে অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত পুনৰ মিত্ৰজোটৰ চৰকাৰ গঠন হব। অহা এপ্ৰিল মাহত হ’বলগীয়া বিধান সভা নিৰ্বাচনতো মিত্ৰজোটৰ অংশীদাৰ হিচাপে চৰকাৰ গঠনত সহযোগী হিচাপে থাকিব অসম গণ পৰিষদ। কমলপুৰ বিধান পৰিষদৰ উদ্যোগত বিহদিয়া হাইস্কুল খেল পথাৰত অনুষ্ঠিত কৰা অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত এই মন্তব্য কৰে দলৰ সভাপতি অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই।কমলপুৰ বিধান সভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১০ সহস্ৰাধিক দলীয় কৰ্মীক সম্বোধি সভাপতি অতুল বৰাই কয়,বহুতে আমাক বিজেপিৰ ওচৰত বিক্ৰী যোৱা বুলি সমালোচনা কৰে।হয় যোৱা ২০১৬ৰ নিৰ্বাচনত অসম গণ পৰিষদে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে নিৰ্বাচনী বুজাবুজি অৰ্থাৎ মিত্ৰতা কৰিবলৈ বাধ্য হৈছিলো।কিন্তু মিত্ৰতা মানে আত্ম সমৰ্পন কৰা নুবুজাই।বাস্তৱক স্বীকাৰ কৰি আমি বিজেপিৰ লগত মিত্ৰতা কৰিছো।কাৰণ মিত্ৰতা নকৰিলে কংগ্ৰেছ আৰু সাম্প্ৰদায়িক শক্তি সমূহে মূৰ দাঙি উঠিব অসমত।সেই কাম আমি কেতিয়াও হবলৈ নিদিওঁ।ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা থাকিলেও আমাৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ অটুত থাকিব। মিত্ৰতাত থাকি ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমমৰ্য্যদা, সম বিকাশ আৰু সম অধিকাৰৰ কাৰণে জোৰ দি যাব অসম গণ পৰিষদে। সেই বাবে আমি চৰকাৰত থাকি ৰাইজৰ কাম কৰি যাম।বৰ্তমানৰ মিত্ৰজোটৰ চৰকাৰ খনক এখন গুড গভৰমেণ্ট আখ্যা দি সভাপতি অতুল বৰাই কব খোজে এই চৰকাৰৰ দিনত গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী হৈছে ।চৰকাৰৰ সকলো বিভাগতে দুৰ্নীতি মুক্ত পৰিবেশ গঢ়ি উঠিছে ।উন্নয়ন মূলক আচনি সমূহৰ কথা আজি ৰাইজৰ মুখে মুখে প্ৰচলিত হৈছে ।কমলপুৰ সমষ্টিত ৩৫০ কিলোমিটাৰ পথ পকীকৰণ হৈছে মিত্ৰজোটৰ চৰকাৰৰ দিনত ।সত্যব্ৰত কলিতা বিধায়ক হোৱা বাবে সম্ভৱ হৈছে এই কাম ।একাংশ জাতীয়তাবাদী ৰাজনৈতিক নেতা আৰু সাম্প্ৰদায়িক শক্তি সমূহক সকিয়ানি দি কৃষি মন্ত্ৰী অতুল বৰাই কয় যোৱা কেইটামান দিনত আমি য’তে সভা সমিতি কৰিবলৈ গৈছে তাতে দলৰ কৰ্মী সকলক অধিক উদ্যম দেখিছোঁ ।অসম গণ পৰিষদে আগন্তুক দিনত প্ৰগতিশীল মহামন্ত্ৰৰে ৰাইজৰ কাষলৈ ধাৱমান হৈছে ।এই অনিৰুদ্ধ যাত্ৰাক কোনেও ভেটা দিব নোৱাৰে ।যোৱা সময়ত আমি ভুল নকৰা নহয় ।সেই কাৰণে আমি আত্মশুদ্ধি কৰিছোঁ ।আমাৰ দলত নতুন তেজৰ আবিৰ্ভাৱ ঘটিছে ।ছয় বছৰীয়া গণ আন্দোলনৰ ফলত জন্ম গ্ৰহণ কৰা অসম গণ পৰিষদৰে আগন্তুক দিনত নতুন অৰ্থনৈতিক পৰিকল্পনা, নতুন চিন্তাধাৰা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰিছে ।কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই আদৰণি ভাষনেৰে আৰম্ভ কৰা জাতীয় ঐক্য সমাৰোহত আজি দলৰ জ্যেষ্ঠ নেতা বঙাইগাঁও সমষ্টিৰ বিধায়ক যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীক দলৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয় ।একেৰাহে ৩৫ বছৰ বিধায়ক হৈ অসম গণ পৰিষদ দলৰ সেৱা আগবঢ়াই যোৱা মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে দলৰ এনে কৃতজ্ঞতাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি দলীয় কৰ্মী সকলক সম্বোধি কয় অভিনন্দনৰ বাবে মই যোগ্য নহয় ।এই অভিনন্দন বঙাইগাঁও বাসীৰ।জাতীয় ঐক্য সমাৰোহৰ প্ৰসংগত মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে কয় যে ২০১১চনত বিজেপিৰ দখলত আছিল কমলপুৰ ।কিন্তু তাৰ আগৰ পৰা কমলপুৰত অগপৰ ভেটি শক্তিশালী।যাৰ বাবে যোৱা নিৰ্বাচনত বিজেপিয়ে কমলপুৰ সমষ্টি অগপক এৰি দিবলৈ বাধ্য হয় ।২০২১ৰ নিৰ্বাচনতো সত্যব্ৰত কলিতা মিত্ৰজোট হিচাপে অগপৰ প্ৰাৰ্থী হব কমলপুৰত।আজিৰ পৰা সেই শংকা নাই বুলি ঘোষণা কৰে দলৰ জ্যেষ্ঠ নেতা ফণীভূষন চৌধুৰীয়ে।জাতীয় সমাৰোহত উপস্থিত থকা দলৰ আন এজন জ্যেষ্ঠ নেতা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কয় অগপ দলে ৰাইজৰ বিশ্বাস আৰু আস্থা পাবলৈ সক্ষম হৈছে ।কংগ্ৰেছ আৰু এ আই ইউ ডি এফক প্ৰতিহত কৰাৰ স্বাৰ্থত বিজেপিৰ সৈতে মিত্ৰতা কৰা হৈছে ।বিশেষকৈ আমাৰ মূল শত্ৰু কংগ্ৰেছ ।কংগ্ৰেছ আৰু সাম্প্ৰদায়িক এ আই ইউ ডি এফ ক্ষমতাত আহিলে অসমীয়া সংখ্যালঘুত পৰিণত হব।আনকি অগপৰ নেতা সকলক ক’লা পতাকা দেখুৱা সকলকো সতৰ্ক কৰি দিয়ে দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ।প্ৰায় দেৰ ঘন্টা পলমকৈ দিনৰ ১২,৩০বজাৰ পৰা আৰম্ভ হোৱা কমলপুৰ বিধান পৰিষদৰ জাতীয় ঐক্য সমাৰোহত ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সাধাৰণ সম্পাদক ভূপেন ৰয়,মনোজ শইকীয়াৰ লগতে মহিলা কোষৰ নেত্ৰী তথা বিশিষ্ট কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে দলীয় কৰ্মী সকলক অভিনন্দন জনাই দুটি গীত পৰিবেশন কৰি মনোৰঞ্জন দিয়ে।

কংগ্ৰেছৰ শাসনকালত উন্নয়ন আধাৰশিলাতে আৱদ্ধ আছিল : ৰূপক শৰ্মা
নগাঁৱত পুণৰ পাঁচ শতাধিক সংখ্যালঘু লোকৰ বিজেপিত যোগদাননগাঁৱত কেইবাটাও উন্নয়ন মূলক আঁচনিৰ শুভাৰম্ভ

বিগত কিছুদিন ধৰি নগাঁও সদৰ সমষ্টিত কংগ্ৰেছকে ধৰি আন দলৰ পৰা বিজেপিত যোগদান পৰ্ব অব্যাহত আছে। বিশেষকৈ বিগত সময়চোৱাত বিধায়ক ৰূপক শৰ্মাই সমষ্টিটোৰ সৰ্বস্তৰৰ লোকৰ সামগ্ৰিক উন্নয়নত আকৃষ্ট হৈ এইদৰে প্ৰতিদিন বিজেপিত যোগদান কৰা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। কালিও সমষ্টিটোৰ সংখ্যালঘু অধ্যুষিত হেৰাপট্টি অঞ্চলত সহস্ৰাধিক সংখ্যালঘু লোকে বিজেপিত যোগদান কৰাৰ পিছত আজিও নগাঁও চহৰৰৰ বৰবজাৰ নিম্ন বুনিয়াদী স্কুল প্ৰাংগণত অনুষ্ঠিত এক ৰাজহুৱা সভাত বিধায়ক শৰ্মাৰ উপস্থিতিত পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে। এই উপলক্ষে বিজেপি নেতা অনুপম বৰকাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক শৰ্মাই কয়, “নগাঁও সদৰ সমষ্টিত বিগত চাৰিটা বছৰে যিমান উন্নয়ন হৈছে, ভাৰত স্বাধীনৰ ৭৫ বছৰ পিছতো এনেধৰণৰ উন্নয়ন হোৱা নাই।” সমষ্টি উন্নয়নৰ এক দীঘলীয়া ক্ষতিয়ান দাঙি ধৰি শৰ্মাই আৰু কয়, নগাঁও সদৰ সমষ্টিৰ বিভিন্ন স্থানত সাতশৰো অধিক ৰাস্তা নিৰ্মাণ হৈছে। সবকা সাত সবকা বিকাশ আৰু বিশ্বাস নীতিৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে সকলো শ্ৰেণীৰ লোকৰ কাৰণে কাম কৰিছে। সমষ্টি উন্নয়নৰ ক্ষেত্ৰত হিন্দু-মুছলমানৰ কথা চিন্তা কৰা নাই। সম উন্নয়নতহে গুৰুত্ব প্ৰদান কৰা হৈছে। কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত সদৰ সমষ্টিৰ উন্নয়ন কেৱল আধাৰশিলাতহে সীমাবদ্ধ আছিল। কিন্তু এতিয়া আধাৰশিলা নহয়, কামৰ শুভ উদ্ধোধনহে হৈ আছে।” ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে এখন সপোনৰ নগাঁও গঢ়াৰ কথা উল্লেখ কৰি কয়, “মৰিকলংখন পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়া, কলং নৈ পুণৰ বোৱাই নিয়া, পানীগাঁও অঞ্চলত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰাকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ আঁচনি ইতিমধ্যে গ্ৰহণ কৰা হৈছে।” উক্ত সভাত বিজেপিৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ৰশ্মি শৰ্মা, ধিঙৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমান, জিলা সংখ্যালঘু মৰ্চাৰ সম্পাদক আনোৱাৰ পাৰভেজ, সদৰ সমষ্টিৰ নিৰ্বাচনী প্ৰভাৰী দিপাংক শৰ্মা বৰুৱাকে ধৰি বহু কেইগৰাকী নেতা উপস্থিত থাকে। ইয়াৰ পুৰ্বে বিধায়ক ৰূপক শৰ্মাই আজি পুৱাৰ ভাগত নগাঁও পৌৰ সভাৰ অন্তৰ্গত চাৰিটাকৈ উন্নয়ন মূলক আঁচনিৰ কামৰ শুভাৰম্ভ কৰে। পৌৰসভাৰ অধীনত নগাঁও চহৰৰ পাইকাৰী শাক-পাচলি বজাৰখনিৰ আজি আন্তঃগাঠনি উন্নয়ন কামৰ শুভাৰম্ভ কৰা হয়। ইয়াৰোপৰি চহৰখনৰ মাৰাৰ পাৰ্কৰ সমীপত নিৰ্মিত পৌৰসভাৰ সামূহিক ভৱনটিৰো আন্তঃগাঠনি উন্নয়ন কামৰ শুভাৰম্ভ কৰা হয়।লগতে ৰাজ্যৰ স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনি(SOPD)ৰ অধীনত নগাঁও চহৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ পথৰো শুভ উদ্ধোধন কৰা হয়। আজি শুভাৰম্ভ কৰা পথ দুটি ক্ৰমে চাৰ্চ পথৰ পৰা কে কে দাস পথ আৰু তেলিয়াপট্টি অঞ্চলৰ এটি উপপথ।










