স্বাধীনোত্তৰ কালৰে পৰা নলবাৰী জিলাৰ বৰাজোল অঞ্চলৰ বিভিন্ন ঠাইৰ ৰাস্তাঘাটৰ কোনো উন্নয়ন দেখা নগ’ল। অতি ঘন জনবসতিপূৰ্ণ এই বৃহত্তৰ অঞ্চলৰ ৰাইজক জনপ্ৰতিনিধিসকলে কেৱল নিৰ্বাচনৰ সময়তহে দেখা কৰে। প্ৰতিশ্ৰুতিৰ বন্যাৰে ডিঙি ফুলাই ভাষণ দি আভুৱা ভাৰি অহা জনপ্ৰতিনিধি তথা বিগত সময়ৰ কোনো এখন চৰকাৰে দুখীয়া লোক সকলৰ বিষয়ে অকনো চিন্তা নকৰিলে। এনে এক জটিল পৰিস্থিতিৰ মাজতে বহু লোকে নিজৰ সম্বল তথা পচন্দ অনুসৰি ব্যৱসায় চলাই নিজ পৰিয়ালৰ লগতে আন দহজনক আৰ্থিক সকাহ দিবলৈ সক্ষম হৈছে। মন কৰিবলগীয়া যে নলবাৰী জিলাৰ সীমান্তৱৰ্তী নোনা অঞ্চলত এজন লোকে চুপাৰি উৎপাদন কাৰ্যৰে ৰাজ্যৰ পাঁচখন জিলাত বৃহৎ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। বৰাজোল চ’কৰ পৰা সেই ঠাইলৈ যাব লাগে অতি দুৰ্গম পথেৰে। বাঁহৰ মাত্ৰ এখন দলং। উল্লেখযোগ্য যে এই নোনা নদীয়ে সেই অঞ্চলত কামৰূপ আৰু নলবাৰী জিলা দুভাগ কৰিছে। নোনাৰ ইপাৰে সুহুৰি মাৰিলেই সিপাৰে শুনে কামৰূপ ৰঙিয়াৰ মানুহে। এই নোনা নদীৰ মথাউৰিৰ কাষৰ পূব চুবাৰ নুৰুল ইছলাম নামৰ লোকজনে নিজ কৰ্মদক্ষতাৰে বৃহৎ ব্যৱসায় চলাই আছে। ইছলামে জানিবলৈ দিয়া মতে- বিভিন্ন ব্যৱসায়ীৰ পৰা তেওঁ কেঁচা তামোল সংগ্ৰহ কৰে। বিভিন্ন গাঁৱৰ ব্যৱসায়ীয়ে নুৰুল ইছলামক তামোলৰ যোগান ধৰি আহিছে । এই তামোল এতিয়া প্ৰতি কিলোত তেওঁ ক্ৰয় কৰে ৪০ থকাকৈ। ক্ষুদ্ৰ ব্যৱসায়ীজনে চুপাৰি উৎপাদন কৰা প্ৰক্ৰিয়া অতি সহজ। তামোলবোৰৰ বাকলি এৰুৱাই ডাঙৰ কেৰাহীত বহু সময় সিজায়। ফলত কেৰাহীৰ পানী ডাঠ ৰঙৰ হৈ পৰে। সিদ্ধ প্ৰক্ৰিয়াৰ পিছত যি ৰঙীন পানী ৰৈ যায় সেই পানী ৰং হিচাপে বিক্ৰী হয়। ইয়াক কাপোৰৰ সূতা ৰং কৰা মানুহে ইছলামৰ পৰা লিটাৰ হিচাপত কিনি নিয়ে। কেৰাহীৰ পৰা তামোলসমূহ উলিয়াই সেইবোৰ মথাউৰিৰ কাষত ৰ’দত শুকুৱাবলৈ দিয়া হয়। একেবাৰে শুকোৱাৰ পিছত এইবোৰ চিকনি-চুপাৰি হিচাপে বিক্ৰী হয়। এই চুপাৰি বিভিন্ন গুটখা কোম্পানীয়ে তেওঁলোকৰ উৎপাদিত সামগ্ৰীত ব্যৱহাৰ কৰে বুলি ইছলামে জানিব দিছে। ইয়াৰে পৰিষ্কাৰ চুপাৰিসমূহ মিঠা,জৰ্দা পাণত ব্যৱহাৰ কৰে ব্যৱসায়ীসকলে। উল্লেখযোগ্য যে তামোলৰ বাকলিসমূহ ৰ’দত শুকুৱাই উক্ত চুপাৰি উৎপাদন কাৰ্যৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। বেছি প্ৰয়োজনতহে অন্য খৰি ব্যৱহাৰ কৰে এই ক্ষুদ্ৰ উদ্যোগীজনে। নুৰুলে এনেদৰে উৎপাদন কৰি বহু কুইণ্টল চুপাৰি বৰাজোল চ’কলৈ চাইকেলত আনি পিছত গাড়ীত ৰঙিয়াৰ এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যৱসায়ীৰ তালৈ নিয়ে। ইয়াৰ পৰা গোৰেশ্বৰ, হাউলি, টংলা, গুৱাহাটী আদি ঠাইলৈ বিক্ৰীৰ বাবে পঠোৱা হয়। মহানগৰীৰ খানাপাৰা, বেলতলাত নুৰুল ইছলামে স্থায়ী চুপাৰি ব্যৱসায়ীৰ সৈতে বজাই ৰাখিছে বৃহৎ ব্যৱসায়িক সম্পৰ্ক। পত্নী আৰু নিজৰ দুগৰাকী কন্যায়ো তেওঁক এই ব্যৱসায়ত সহায় কৰি আহিছে। সম্প্ৰতি নুৰুল নৱ প্ৰজন্মৰ আদৰ্শৰ প্ৰতীক হৈ থিয় দিছে সততা আৰু তেওঁৰ দুহাতৰ কৰ্মৰ বাবে।।
নলবাৰীত মটৰ শ্ৰমিক সংগঠনৰ উদ্যোগত শ্ৰমিকৰ মাজত মাস্ক-চাবোন বিতৰণ
ক’ভিড অতিমাৰীৰ ক্ষেত্ৰত সজাগ কৰা আৰু কোৰোনা সংক্ৰমণৰ পৰা ৰক্ষা পৰাৰ বাবে আজি নলবাৰীত তিনিটা মটৰ শ্ৰমিক সংগঠনে বিশেষ উদ্যোগ গ্ৰহণ কৰে। সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক সন্থাৰ নলবাৰী জিলাৰ সমিতিৰ সভাপতি সীমান্ত দাস,কাৰ্যকৰী সভাপতি শৈলেন গোস্বামী, নলবাৰী জিলা মটৰ শ্ৰমিক ইউনিয়নৰ সভাপতি নুৰ হুছেইন আৰু অল ইণ্ডিয়া ৰোড ট্ৰেন্সপ’ৰ্ট ৱাৰ্কাৰছ ফেডাৰেছনৰ অসম ৰাজ্যিক সম্পাদক বীৰেন শৰ্মাৰ নেতৃত্বত বিষয়ববীয়াসকলে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নলবাৰী বৰকুৰাত চ’কত ৰৈ পথেৰে অহা যোৱা কৰা বাছ আৰু হ্ৰস্ব দূৰত্বৰ টেম্প’, ই-ৰিক্সা আদিৰ চালক,পৰিচালক আৰু হেণ্ডিমেনক মাস্ক আৰু চাবোন প্ৰদান কৰে। আজি ২৫০ গৰাকী শ্ৰমিকৰ মাজত এই সামগ্ৰী বিতৰণ কৰা হয়। তেওঁলোকে অহা দুদিনৰ ভিতৰত মুঠ এহেজাৰ শ্ৰমিকৰ মাজত মাস্ক আৰু চাবোন বিতৰণ কৰিব। সংগঠনকেইটাই প্ৰতিগৰাকী ব্যক্তিকে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ আৰু সঘনাই হাত ধুই বীজাণুমুক্ত হ’বলৈ আহ্বান জনায়।।
মৰাণৰ জকাই চেঁচা দলংৰ তলত পানীত উপঙি থকা অৱস্থাত এটা মৃতদেহ
ডিব্ৰুগড় জিলাৰ মানকটা পথৰ ওপৰত থকা জকাই চেঁচা দলংৰ তলত পানীত উপঙি আছে এটা মৃতদেহ। ৰঙা স্পৰ্তিং পৰিধান যুক্ত মৃতদেহটো কৰ হয় বৰ্তমান পৰ্যন্ত কোনো শুংসূত্ৰ পোৱা নাই। বৰ্তমানৰ লৈকে মৃতদেহটো উদ্ধাৰৰ বাবে জিলা প্ৰশাসনৰ কোনো লোক ঘটনাস্থলীত উপস্থিত হোৱা নাই। পুৱা প্ৰায় ১১ বজাৰ পৰাই নিকটৱৰ্তী লোকসকলে প্ৰত্যক্ষ কৰা বুলি সংবাদ মাধ্যমৰ আগত জনায়।
কঠোৰ দঃশালমাৰা মানকাচৰ জিলা প্ৰশাসন: চৰকাৰে দিয়া COVID প্ৰট’কল নামানিলে শাস্তি
সমগ্ৰ বিশ্বতে মহামাৰী ক’ৰোণাৰ ভাইৰাজ যি হাৰত বৃদ্ধি পাবলৈ ধৰিছে ঠিক সেই ভাবেই অসম ৰাজ্যৰ বিভিন্ন জিলাত দিনক দিনে কৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত চৰকাৰ তথা ৰাজ্যৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।কৰোণা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে যি নিয়ম নীতি ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত বান্ধি দিছে তাক আখৰে আখৰে পালন কৰিবলৈ দঃশালমাৰা মানকাচৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী প্ৰশাসনে ইতিমধ্যে মাইক যোগে ৰাইজক সজাগ হবলৈ আহ্বান কৰিছে। মাস্ক সকলোকে পৰিধান কৰিব লাগিব, হাট বজাৰ লগতে দোকান পোহাৰ সন্ধিয়া ৬ বজাত বন্ধ কৰিব লাগিব আৰু সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাই। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে স্কল, কলেজ, চৰকাৰী বিভিন্ন বিভাগৰ কাৰ্যালয়ত কৰ্মৰত, বেচৰকাৰী সংস্থা আদিত কাম কৰা কৰ্মচাৰীক ৫০ শতাংশ উপস্থিত থাকাৰ যি নিদেৰ্শ দিছে তাক পালন কৰিবলৈ আহ্বান জনায়। মাস্ক পৰিধান নকৰি অযথা ভাবে হাট বজাৰত গলে ১০০০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব।
কভি’ড বিধি নামানি জামুগুৰিহাটত একাংশ টিঘিলঘিলনি
কভি’ডৰ দ্বিতীয়টো লহৰে জামুগুৰিহাটো সংহাৰ ৰূপ ধাৰণ কৰিছে যদিও অসম চৰকাৰ তথা স্বাস্থ্য বিভাগৰ ফালৰ পৰা জাৰি কৰা নতুন নিদেৰ্শনা সমূহ এতিয়াও পালন কৰা নাই একাংশ লোকে। জিলা প্ৰশাসনৰ এই নীতি নিয়ম সমুহৰ প্ৰতি যেন জামুগুৰিহাটো একাংশ লোকে আংগুষ্ঠ প্ৰদৰ্শন কৰাহে দেখা গৈছে। জামুগুৰিহাট ব্যৱসায়িক কেন্দ্ৰস্হলকে ধৰি অঞ্চলটোৰ কুসুমটোলা,গমিৰিপাল,ইটাখোলা,ধলাইবিল, টুপিয়াকে ধৰি প্ৰায় বোৰ সৰু বৰ ব্যৱসায়িক কেন্দ্ৰস্হলত উপস্থিত হোৱা ৭০শতাংশ লোকই মাস্ক পৰিধান নকৰোতেই যোৱা দুটা দিনত পৰিলক্ষিত হৈছে। কোনো কোনো লোকে মাস্ক খন পিন্ধিব লাগে বুলি পিন্ধিছে যদিও মাস্কখনে মুখ আৰু নাক ধকাৰ সলনি থুতৰিতহে ওলমি থকা দেখিবলৈ পোৱা গৈছে। প্ৰশাসনৰ ফালৰ পৰা মাস্ক নিপিন্ধিলে জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও জিলা প্ৰশাসনৰ এই নিৰ্দেশৰ প্ৰতি যে কোনো ধূক্ষেপেই কৰা নাই একাংশ যুৱকে।কভি’ডৰ দ্বিতীয়টো ঢৌত এতিয়ালৈকে জামুগুৰিহাটৰ ১৩জনৰো আধিক লোক কভি’ড -১৯ আক্ৰান্ত হৈছে। ইয়াৰে ডেকাসুন্দৰ গাঁওত ৯জন,শান্তিপুৰত ৩জন আক্ৰান্ত হোৱাৰ বিপৰীতে দীপাটোলাত এজন লোক আক্ৰান্ত হৈছে। আৱশ্যে ৰপিড এন্টিজেন টেষ্টৰ দ্বাৰা অঞ্চলটোত হয়তু আৰু অধিক লোকক দেহত কভি’ড ১৯উপস্থিতি ধৰা পৰিব বুলি স্বাস্থ্য কৰ্মী সকলে আশংকা প্ৰকাশ কৰিছে। ইমানৰ পিছতো জামুগুৰিহাটত একাংশ লোকে কভি’ডৰ নিয়মাৱলী পালন নকৰি টিঘিলঘিলনি কৰি ফুৰাটো সচেতন ৰাইজৰ দৃষ্টি আকৰ্ষণ হৈছে। সেয়েহে এই ক্ষেত্ৰত জামুগুৰি আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে। ইফালে কভি’ডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জামুগুৰিহাটৰ কেইবাখনো বিহু সন্মিলন বাতৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিহু কমিটিয়ে।
হোজাই জিলাত কৰণাত আক্ৰান্তৰ সংখ্যা ১৯৩ জনলৈ বৃদ্ধি, ৩ জনৰ মৃত্যু
ৰাজ্যত কভিড-১৯ মহামাৰীৰ প্ৰকোপ দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো দ্ৰুত গতিত বৃদ্ধি পাইছে কভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ আজিও জিলা খনত ৩৬ জন কভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে ।সম্প্ৰতি হোজাই জিলাত কভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ১৯৩ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৩ জন লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে, মৃত্যু হোৱা এজন যমুনামুখ আন দুজন লংকা আৰু লামডিঙৰ বুলি জানিব পৰা গৈছে। দুজন গুৱাহাটীত মৃত্যু হৈছে বুলি স্বাস্থ্য বিষয়াই জানিবলৈ দিছে ৷ আক্ৰান্তসকলৰ ১৬২ গৰাকী লোক হোম আইচলেচনত আছে ৷ বাকীসকলৰ নীলবাগান কভিড চেন্টাৰত ২১জন, গুৱাহাটী মেডিকেল কলেজত ৩ জন, গুৱাহাটীৰ কালাপাহাৰ চিকিৎসালয়ত ৩ জন,নগাওঁত ৩ জন আৰু গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ১ জন আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে ৷ জিলাখনৰ কভিড আক্ৰান্ত ২৭ জন ৰোগী বৰ্তমান সুস্থ হৈ নিজ নিজ ঘৰলৈ উভতিছে ৷ ইপিনে জিলাখনত অনুমানিক ৫০ হাজাৰ লোকক কভিড ভেকচিন দিয়া হৈছে ৷ লগতে জিলাখনত কভিড আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত অক্সিজেন, বিচনা মজুত থকাৰ লগতে পৰ্যাপ্ত ভেকচিন থকা বুলি সদৰি কৰে হোজাই জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে ৷ হোজাই জিলাৰ লামডিঙলৈ বাহিৰৰ পৰা অধিক হাৰত আগমন ঘটাত লামডিঙত সৰ্বাধিক লোক আক্ৰান্ত হৈছে বুলি মত ব্যক্ত কৰে হোজাই জিলা স্বাস্থ্য বিভাগৰ যুটিয়া সঞ্চালক গৰাকীয়ে ৷
হোজাই নীলবাগানত ভয়ংকৰ দুৰ্ঘটনা:বিলাসী বাহন চূৰ্ণ বিচূৰ্ণ। চালক আহত
হোজাই জিলাৰ নীলবাগানত ভয়ংকৰ পথ দূৰ্ঘটনাত বহি ৰাজ্যৰ এখন বিলাসী বাহন চূৰ্ণ বিচূৰ্ণ হোৱাৰ লগতে চালক আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে গুৱাহাটীৰ পৰা আহি থকা NL 07 CA 0973 নম্বৰৰ HUNDAI I 20 গাড়ীখনে ৷দূৰ্ঘটনাত গাড়ী চালক নিভুকু ভি জিমোৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও কিছু আঘাত প্ৰাপ্ত হয় ৷ গাড়ীৰ SAFTY BALLON ৰ বাবে প্ৰাণ ৰক্ষা পৰে চালকজনৰ৷চালকজনে অত্যধিক মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দূৰ্ঘটনাত পতিত হয় হব বুলি প্ৰতক্ষ্য দৰ্শীয়ে অভিযোগ উত্থাপন কৰিছে ।গাড়ীত উদ্ধাৰ হৈছে বিয়েৰৰ বটল৷চালক নিভুকু ভি জিমো ডিমাপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ডিমাপুৰলৈ গৈ থকাৰ সময়তে ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দূৰ্ঘটনাটো৷নীলবাগান আৰক্ষীয়ে চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
পৰীক্ষা হয় বাতিল কৰক নহয় স্থগিত ৰাখক:সৰুপথাৰ মহাবিদ্যলয়ত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ
সৰুপথাৰ মহাবিদ্যালয়ত প্ৰতিবাদ ।কৰোণাৰ দ্বিতীয়তো ঢৌত স্তব্ধমান দেশবাসীৰ লগতে ৰাজ্যবাসী। ব্যাপক হাৰত বৃদ্ধি হৈছে কৰ’ণা ৰোগীৰ সংখ্যা। সকলো জনগণৰ লগতে গভীৰ ভাৱে চিন্তিত হৈ পৰিছে ছাত্ৰ সমাজ। শংকিত হৈ পৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। যাৰ পৰিপেক্ষিতত আজি পুৱা সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণী কোঠাৰ পাঠদান এৰি প্ৰতিবাদ মুখৰ হৈ পৰিছে। স্নাতক পৰ্যায়ৰ সকলো পৰীক্ষা ছাত্ৰ ছাত্ৰী সকলৰ সুবিধা অনুসৰি অনলাইন অথবা অফলাইন পদ্ধতিৰে অনুষ্ঠিত কৰিবলৈ দাবী জনাই। সকলো ছাত্ৰ=ছাত্ৰীক কৰ’না প্ৰতিষেধক প্ৰদানৰ দাবী জনোৱাৰ লগতে ছাত্ৰ=ছাত্ৰীসকলৰ শৈক্ষিক জীৱনক লৈ হেতালি নেখেলিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অনুৰোধ কৰি সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ যোগেদি সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ=ছাত্ৰীসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকীলৈ এখনি ৪দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
সৰুপথাৰত মাস্ক নিপিন্ধা লোকক ৫০০টকাকৈ জৰিমনা বিহিলে আৰক্ষীয়ে
ৰাজ্য চৰকাৰৰ নতুন SOP জাৰি কৰাৰ লগে লগে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। সমগ্ৰ দেশতে এতিয়া কৰ’না মহামাৰীয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে আৰু ঠায়ে ঠায়ে বহুলোকৰ মৃত্যু বৰণ ঘটিছে।
ইমানৰ পিছটো কিন্তু একাংশ অসচেতন লোকৰ গাত কথা লগা নাই। মাস্ক নিপিন্ধাকৈয়ে মুকলি মনে ঘুৰি ফুৰিছে বহুলোক। যাৰ পৰিপ্ৰেক্ষিতত সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। আজি ধনশিৰি মহকুমাৰ সৰুপথাৰ নগৰতো এচাম মাস্ক পৰিধান নকৰা লোকক আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ধাৰা অনুযায়ী প্ৰথমবাৰৰ বাবে ৫০০ টকাকৈ জৰিমনা বিহিলে আৰু পৰৱৰ্তী সময়ত মাস্ক নিপিন্ধাকৈ পালে ১০০০ টকাকৈ জৰিমনা বিহাৰো সকীয়নি প্ৰদান কৰিলে। ইয়াৰ উপৰিও সন্ধিয়া ৬ বজাৰ লগে লগে সৰুপথাৰ নগৰৰ সকলো দোকান=পোহাৰ বন্ধ কৰা দেখা গল।
সমবায় সমিতিৰ চাউল বিতৰণত ৰাছি লাইনত উত্তপ্ত পৰিস্থিতি।
সমবায় সমিতিৰ চাউল বিতৰণত অনিয়মৰ অভিযোগ। চাউলখোৱাৰ ৰাছি লাইনত উত্তপ্ত পৰিস্থিতি। সমবায় সমিতিৰ এজেন্টে হিতাধিকাৰীৰ চাউল বিতৰণত অনিয়মৰ অভিযোগ তুলি তীব্ৰ প্ৰতিবাদ লাহোৱাল। মদাৰখাট সমবায় সমিতিৰ অন্তৰ্গত ৰাছি লাইনৰ এজেন্ট চুলেমান লোহাৰৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ। হিতাধিকাৰীৰ চহী সংগ্ৰহ কৰি মাহে কুইন্টলে কুইন্টলে এজন্টে লুটিছে চাউল। তদুপৰি হিতাধিকাৰীক পচা, পোকে খোৱা চাউল বিতৰণৰো অভিযোগ তুলিছে ক্ষুব্ধ হিতাধিকাৰীয়ে। হিতাধিকাৰীৰ চাউল বিতৰণত অনিয়ম সংঘটিত কৰা এজেন্ট চুলেমান লোহাৰৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী।









