Home Blog Page 308

Sishu Samaruh: পূৱ যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণিৰ লগতে ৩৩ সংখ্যক শিশু সমাৰোহৰ শুভাৰম্ভণি

Sishu Samaruh: পূৱ যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণিৰ লগতে ৩৩ সংখ্যক শিশু সমাৰোহৰ শুভাৰম্ভণি
Sishu Samaruh: পূৱ যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণিৰ লগতে ৩৩ সংখ্যক শিশু সমাৰোহৰ শুভাৰম্ভণি

যোৰহাট জিলা মইনা পাৰিজাতৰ অন্তৰ্গত পূৱ যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান চাৰিদিনীয়া কাৰ্য্যসূচীৰ বৃহস্পতিবাৰে প্ৰথম দিনৰ কাৰ্যসূচী চঙী লাহিংত অৱস্থিত মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয়। ১৯৩৭ চনতে জন্ম লাভ কৰা শিশু কল্যাণকামী স্বেচ্ছাসেৱী অনুষ্ঠানটিয়ে পঞ্চাশটা বৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ।(Sishu Samaruh)


চুঙী লাহিং গাঁৱৰ ৰূপৰেখা শাখা মইনা পাৰিজাত, ন-পাম গাওঁৰ পূৱজ্যোতি শাখা মইনা পাৰিজাত, পুথি নদী গাঁৱৰ ন-সুৰুজ শাখা মইনা পাৰিজাত আৰু ঘৰফলীয়া গাঁৱৰ পূবেৰুণ শাখা মইনা পাৰিজাতৰ আভ্যৰ্থনাত অনুষ্ঠানটি অনুষ্ঠিত হৈছে। বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে প্ৰথমে চাফাই কৰাৰ পাছত মইনা-মাইনি সকলক আভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আদৰণি জনাই তাৰ পাছত বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰাৰ পাছত ৮ বজাত পতাকা উত্তোলন কাৰ্য্যসূচী অনুষ্ঠিত হয়। ৮.৩০বজাত শিশু প্ৰেমী ইন্দ্ৰনাথ শৰ্মা আৰু শিশু দৰদী তুলন চুতীয়াদেৱলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়। ৯ বজাত সকলোৱে লঘু আহাৰ গ্ৰহণ কৰে আৰু কাৰ্য্যসূচী অনুযায়ী প্ৰায় ৪৫ টা শাখাৰ মইনা মাইনি সকলে মাৰ্চ পাষ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, লগতে ক্ৰীড়া শিখা প্ৰজ্বলন কৰে মৰঙীয়াল গাঁওৰ দৌৰ বিদ মাইনা নিয়ৰ কৌশিকে।

ইয়াৰ পাছতে প্ৰদৰ্শনী আৰু গ্ৰন্থ মেলাৰ দ্বাৰ মুকলি কৰা হয়। ১১বজাত স্মৃতি গ্রন্থ উন্মোচন কৰে কাকজন মহা বিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তুফেল জিলানি দেৱে লগতে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে নকচাৰী মহাবিদ্যালয়ৰ অধক্ষ উত্তম বৰুৱাই। ইয়াৰ পাছতে পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ প্রাক্তন বিষয় ববীয়া, দাতা পৰিয়াল আৰু পাৰিজাতৰ আজীৱন সদস্য সকলৰ মাজত অন্তৰংগ অলপ অনুষ্ঠান অনুষ্ঠিত হয়। ১২.৩০বজাত অহাৰ গ্রহণৰ পাছৰে পৰা প্ৰতিযোগিতা সমূহ আৰম্ভ হয়।

Horoscope: শত্ৰুৱেও আপোনাক প্ৰশংসা কৰিব, আপুনি লাভ কৰিব টকা-পইচা ! আজি পঢ়ক মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ ৰাশিফল

Horoscope: শত্ৰুৱেও আপোনাক প্ৰশংসা কৰিব, আপুনি লাভ কৰিব টকা-পইচা !
Horoscope: শত্ৰুৱেও আপোনাক প্ৰশংসা কৰিব, আপুনি লাভ কৰিব টকা-পইচা !

২০২৫ চনৰ ২৮ মাৰ্চৰ দিনটো অধিকাংশ ৰাশিৰ বাবে শুভ বাৰ্তা কঢ়িয়াই আনিছে। কৰ্মক্ষেত্ৰত সফলতা, প্ৰেম জীৱনত মধুৰতা আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে। কিছুমান ৰাশিৰ গৰাকীয়ে আৱেগিক ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজন। গোটেই দিনটো ইতিবাচক চিন্তা বজাই ৰাখক আৰু ধৈৰ্য্যৰে কাম কৰক।(Horoscope)

মীন ৰাশি

আজি আত্মনিৰীক্ষণ আৰু নতুন পৰীক্ষাৰ দিন। আপুনি আপোনাৰ দৈনন্দিন জীৱনত পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব পাৰে, যাৰ ফলত কৰ্মক্ষেত্ৰত ইতিবাচক ফলাফল পোৱা যাব। নিয়োজিত লোকে পদোন্নতি বা প্ৰশংসা লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক ভালে থাকিব। আপুনি হয়তো পুৰণি বন্ধুক লগ পাব, যিয়ে আপোনাক সুখী কৰিব। পৰিয়ালত সুখৰ পৰিবেশ গঢ়ি উঠিব। সন্ধিয়া ধৰ্মীয় স্থান ভ্ৰমণৰ সুযোগ পাব, যাৰ ফলত মানসিক শান্তি লাভ কৰিব।

বৃষ ৰাশি

আপোনাৰ বাবে আজি দলীয় কাম আৰু সহযোগিতাৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকলে আপোনাৰ প্ৰচেষ্টাৰ শলাগ ল’ব। আৰ্থিকভাৱে দিনটো ভাল, বিনিয়োগত সফলতা লাভ কৰিব। পাৰিবাৰিক জীৱন সুখী হ’ব। বিবাহিত জীৱনত প্ৰেম বাঢ়িব। স্বাস্থ্য ভালে হ’ব, কিন্তু গভীৰ নিশালৈকে সাৰ পাই নাথাকিব। ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো অনুকূল। আপুনি মানসিকভাৱে শক্তিশালী হ’ব, যাৰ ফলত আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব।

মিথুন ৰাশি-

মিথুন ৰাশিৰ লোকৰ আজি দুঃসাহসিক কৰ্ম আৰু নতুন পৰিকল্পনাৰ দিন। ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে, যিয়ে মানসিক শান্তি দিব। কৰ্মক্ষেত্ৰত আপোনাৰ কষ্টৰ ফল লাভ কৰিব। দিনটো ছাত্ৰ-ছাত্ৰীৰ বাবে শুভ, পঢ়া-শুনাত সফলতা লাভ কৰিব। কোনোবাই হয়তো পৰিয়ালত কিছু ভাল খবৰ পাব। প্ৰেম জীৱনত কিছু বিসঙ্গতি হ’ব পাৰে, কিন্তু যোগাযোগৰ জৰিয়তে বিষয়টো সমাধান হ’ব।

কৰ্কট ৰাশি

অতীতক এৰি আগুৱাই যোৱাৰ সময় আহি পৰিছে আপোনালোকৰ। অতীতৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ আগবাঢ়ি যাওক। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ’ব পাৰে। দিনটো আৰ্থিকভাৱে ভাল হ’ব। পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ মনত শান্তি আহিব। কিছু স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে, সুষম খাদ্য গ্ৰহণ কৰক। সম্পৰ্কত বিশ্বাস বজাই ৰাখক। বন্ধু-বান্ধৱীৰ সৈতে আউটিঙৰ পৰিকল্পনা কৰা হ’ব পাৰে। সামাজিক অনুষ্ঠানত অংশ লৈ আপুনি সুখী অনুভৱ কৰিব।

সিংহ ৰাশি

আজি আপোনালোকৰ বাবে আৱেগিকভাৱে সংবেদনশীল দিন হ’ব পাৰে। পুৰণি চিন্তাবোৰ মনলৈ আহিব পাৰে, কিন্তু ইতিবাচক হৈ থাকক। কৰ্মক্ষেত্ৰত আপোনাৰ সামৰ্থ্যৰ শলাগ ল’ব। নিয়োজিত লোকে কিছু নতুন দায়িত্ব পাব পাৰে। আৰ্থিক অৱস্থা শক্তিশালী হ’ব, আৰ্থিক লাভৰ সম্ভাৱনা আছে। পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হ’ব। নিজৰ স্বাস্থ্যৰ যত্ন লওক, বিশেষকৈ হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাবোৰক আওকাণ নকৰিব। আপুনি হয়তো আপোনাৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব। ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব।

কন্যা ৰাশি

সম্পৰ্ক বুজি পোৱা আৰু সমাধানৰ দিন আজি। প্ৰেম জীৱনত চলি থকা উত্তেজনা আঁতৰাবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতাই পৰিস্থিতিৰ উন্নতি সাধন কৰিব। ব্যৱসায়ীসকলে নতুন চুক্তি পাব পাৰে। বিনিয়োগৰ বাবে দিনটো শুভ। স্বাস্থ্য ভাল হ’ব। আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। পুৰণি বন্ধুক লগ পাব পাৰে। গাড়ী চলোৱাৰ সময়ত সজাগ হওক। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ’ব পাৰে।

তুলা ৰাশি

আজি আপোনালোকৰ বাবে জ্ঞান আৰু শিক্ষণৰ দিন হ’ব। কৰ্মক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব পাৰে, যিয়ে ভৱিষ্যতে আপোনাক উপকৃত কৰিব। আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব, কিন্তু খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰিব। পৰিয়ালত মৰম আৰু সহযোগিতা থাকিব। আপুনি আপোনাৰ স্বাস্থ্যত সামান্য ভাগৰ অনুভৱ কৰিব পাৰে, কিন্তু কোনো গুৰুতৰ সমস্যা নহ’ব। আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব।

বৃশ্চিক ৰাশি

আজি প্ৰেম আৰু ৰোমাঞ্চৰ দিন। যিসকল অবিবাহিত তেওঁলোকে হয়তো বিশেষ কোনোবা এজনক বিচাৰি পাব। বিবাহিত মানুহৰ সম্বন্ধ অধিক শক্তিশালী হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ এই প্ৰচেষ্টাই ফল দিব। আৰ্থিক লাভৰ সম্ভাৱনা আছে। পৰিয়ালত সুখ আৰু শান্তি থাকিব। সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে আপোনাৰ আত্মবিশ্বাস বাঢ়িব।

মকৰ ৰাশি

আজি আত্মনিৰীক্ষণ আৰু সিদ্ধান্তৰ দিন। যদি আপুনি কোনো কামৰ প্ৰতি আগ্ৰহী নহয়, তেন্তে তাৰ পৰা আঁতৰি থকাটোৱেই ভাল। কৰ্মক্ষেত্ৰত নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে, কিন্তু আপুনি সফল হ’ব। আৰ্থিক অৱস্থা ভাল হ’ব। কিছু পুৰণি বিনিয়োগৰ পৰা লাভ হ’ব৷ প্ৰেম জীৱনত চিন্তা থাকিব পাৰে, ধৈৰ্য্য ধৰিব। স্বাস্থ্যৰ উন্নতি হ’ব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব।

কুম্ভ ৰাশি

জাতক জাতিকা সকলৰ আজিৰ দিনটো হ’ব সুখেৰে ভৰা দিন। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব আৰু নতুন সুযোগ পাব। ব্যৱসায়ীসকলৰ বাবে এই দিনটো উপকাৰী হ’ব। আৰ্থিক অৱস্থা সুদৃঢ় হ’ব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। প্ৰেম জীৱনত ৰোমাঞ্চ থাকিব।

মীন ৰাশি

আজি আপোনাৰ বাবে আৱেগিক আৰু ৰোমান্টিক অভিজ্ঞতা কঢ়িয়াই আনিব পাৰে। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। দিনটো আৰ্থিকভাৱে লাভজনক হ’ব। নতুন বিনিয়োগৰ বাবে দিনটো অনুকূল। পৰিয়ালৰ সৈতে সুখৰ সময় কটাব পাৰিব। প্ৰেম জীৱনত থাকিব মধুৰতা। স্বাস্থ্য ভাল হ’ব, কিন্তু চকুৰ যত্ন লওক। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব।

অসম চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ । assam cabinet

অসম চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ । assam cabinet
অসম চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ । assam cabinet

গুৱাহাটী, ২৭ মাৰ্চঃ assam cabinet । জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকসকলক এই সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত অসম পঞ্চায়ত ফাইনেন্সিয়েল ৰুলছ-২০০২ সংশোধনৰ অনুমোদন কেবিনেটে প্ৰদান কৰিছে। নতুন নিয়ম অনুসৰি, পঞ্চায়তৰ বজাৰ আৰু হাটসমূহত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা কোনো ধৰণৰ কৰ সংগ্ৰহ কৰিব নোৱাৰিব, আৰু মহলদাৰসকলক নতুন দায়িত্ব প্ৰদান কৰা হ’ব। লগতে, মহলদাৰসকলে যাতে কোনো অতিৰিক্ত ধন সংগ্ৰহ নকৰে তাৰ বাবে পুলিচ ভেৰিফিকেচনৰ ব্যৱস্থা কৰা হ’ব।

জলবায়ু পৰিবর্তন সজাগীকৰণ তথা পৰিচালনৰ দায়িত্ব এতিয়াৰে পৰা বন বিভাগে ল’ব। আনহাতে, লোক নিৰ্মাণ বিভাগক দুটা ভাগত বিভক্ত কৰাৰ সিদ্ধান্ত লৈ কেবিনেটে নতুনকৈ “লোক নিৰ্মাণ স্বাস্থ্য আৰু শিক্ষা বিভাগ” গঠনৰ অনুমোদন দিছে। এই বিভাগৰ অধীনত স্বাস্থ্য আৰু শিক্ষা সম্পৰ্কীয় বিল্ডিংসমূহৰ নিৰ্মাণ আৰু পৰিচালনা কৰা হ’ব। আনহাতে, সচিবালয়, ষ্টেডিয়াম, আৱৰ্ত ভৱন আদি নিৰ্মাণৰ দায়িত্ব লোক নিৰ্মাণ গৃহ বিভাগৰ অধীনত থাকিব।

কেবিনেটৰ অন্য এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা প্রতিটো বিধানসভা সমষ্টিত (১২৬টা) একোটাকৈ ব্লক PHE গঠন কৰা হ’ব। যিসমূহ সমষ্টিৰ আকাৰ ডাঙৰ, সেই সমষ্টিসমূহত দুটাকৈ ব্লক PHE থাকিব।

কৃষি ক্ষেত্ৰত নতুন অনুদান
অসম চৰকাৰে অহা ১ এপ্ৰিলৰ পৰা কৃষকসকলৰ বাবে ধানৰ ন্যূনতম সমৰ্থন মূল্য (MSP) ৰ লগতে প্ৰতি কুইণ্টল ধানত ২৫০ টকাকৈ অতিৰিক্ত ধন প্ৰদানৰ সিদ্ধান্ত লৈছে। ফলত, এতিয়াৰে পৰা কৃষকে প্ৰতি কুইণ্টল ধানত ২৫৫০ টকা লাভ কৰিব। আনহাতে, সৰিয়হৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত ৫০০ টকা অতিৰিক্ত ধন প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে, যাৰ ফলত কৃষকে ৬৪৫০ টকাকৈ লাভ কৰিব প্ৰতি কুইণ্টল সৰিয়হৰ বাবে।

নতুন মেডিকেল কলেজ
দৰং জিলাত এখন নতুন মেডিকেল কলেজ স্থাপনৰ বাবে ৫৭২ কোটি টকাৰ অনুমোদন দিয়া হৈছে। মঙলদৈৰ দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ সমীপত এই মেডিকেল কলেজ নিৰ্মাণ হ’ব, যাৰ লগত BSc নাৰ্ছিং কলেজ আৰু GNM নাৰ্ছিং স্কুলো সংলগ্ন থাকিব।

অন্য গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

  • ৰাজ্যৰ প্ৰতিখন ৰেচন দোকানৰ মেয়াদ ৩০ জুন ২০২৬লৈ বৃদ্ধি কৰা হ’ল।
  • চৰকাৰী চাকৰিয়ালসকলৰ ক্ষেত্ৰত বিবাহ বিচ্ছেদিত স্বামীসকলেও ২ বছৰৰ বাবে চাইল্ড কেয়াৰ লীভ লাভ কৰিব।
  • মাহিলী আয় ১৫ হাজাৰৰ তলত হ’লে এতিয়াৰে পৰা কোনো প্রফেচনেল টেক্স দিব নালাগে।
  • কেঁচা চাহপাতৰ ওপৰতো এতিয়াৰে পৰা কৰ বসোৱা নহ’ব।
  • AFSPA আইন বাতিলৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ডিব্রুগড় জিলাক AFSPAৰ আওতাৰ পৰা বাহিৰ কৰিছে, যদিও তিনিচুকীয়া, শিৱসাগৰ, আৰু চৰাইদেউ জিলাত এই আইন কাৰ্যকৰী হৈ থাকিব।
  • অসমক দ্বিতীয় ৰাজধানী হিচাপে গঠনৰ বাবে কেন্দ্ৰক আহ্বান জনোৱা হৈছে।
  • জাপান চৰকাৰে ২৫ মাৰ্চত নতুন পৰ্যটন নীতি ঘোষণা কৰি অসমৰ ক্ষেত্ৰত থকা আগতীয়াকৈ আরোপিত কিছু নিৰ্দেশনা শিথিল কৰিছে।

এই সিদ্ধান্তসমূহৰ ফলত অসমৰ প্ৰশাসনিক, কৃষি, স্বাস্থ্য, আৰু পৰিকাঠামোগত উন্নয়নত দীৰ্ঘম্যাদী প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে।

দৰঙৰ মহলীয়াপাৰাস্থিত পদুম পুখুৰীৰ গৰাখহনীয়া প্ৰতিৰোধী শৈলবান্ধ নিৰ্মাণৰ শুভাৰম্ভ । Darrang

দৰঙৰ মহলীয়াপাৰাস্থিত পদুম পুখুৰীৰ গৰাখহনীয়া প্ৰতিৰোধী শৈলবান্ধ নিৰ্মাণৰ শুভাৰম্ভ । Darrang
দৰঙৰ মহলীয়াপাৰাস্থিত পদুম পুখুৰীৰ গৰাখহনীয়া প্ৰতিৰোধী শৈলবান্ধ নিৰ্মাণৰ শুভাৰম্ভ । Darrang

Darrang । ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে আজি সমষ্টিটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ লগতে মহলীয়াপাৰাস্থিত পদুম পুখুৰীৰ গৰাখহনীয়া প্ৰতিৰোধী শৈলবান্ধ নিৰ্মাণৰ শুভাৰম্ভ কৰে।

শুভাৰম্ভনী কাৰ্যসূচীত বক্তব্য ৰাখি বিধায়ক গৰাকীয়ে পদুম পুখুৰীত পুনৰ পদুম ফুলিব বুলি আশা ব্যক্ত কৰে। লগতে পুখুৰীটোক সুন্দৰ ৰূপত গঢ়ি তুলিবলৈ আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰে।

উক্ত উদ্বোধনী কাৰ্যসূচীত দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা অৰূপ পাঠক, ছিপাঝাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভিগুপতি ৰয়, কনিষ্ঠ অভিযন্তা বিনোদ চহৰীয়া আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ মাজুলীৰ সভা সম্পন্ন , চিৰাম আঞ্চলিক সমিতি গঠন । majuli

২৭ মাৰ্চঃ majuli । মাজুলীৰ চিৰাম পঞ্চায়ত ভৱনত দিনৰ ১২ বজাৰ পৰা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ অন্যতম জিলা মাজুলী জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হোৱা বুলি এক সংবাদ বিবৃতিৰ যোগেদি জিলা সম্পাদক শংকুসিদ্ধ নাথে জানিবলৈ দিয়ে। বিবৃতি অনুসৰি জিলা সভাপতি ৰমেশ চন্দ্ৰ শ‌ইকীয়াৰ পৌৰহিত্যত আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্যেৰে অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে চিৰাম পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী ৰমেশ বৰুৱাই।

মাজুলী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি অনন্ত ঙাটেই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ উদ্দেশ্য -লক্ষ্য সম্পৰ্কে বিস্তাৰিতভাৱে আলোকপাত কৰা সভাখনত শিক্ষাবিদ জীৱন শ‌ইকীয়া, সমাজকৰ্মী ক্ৰমে স্বৰ্ণলতা পেগু, বাণীকান্ত কাকতি আৰু ৰাম কুমাৰ পেগুয়ে বক্তব্য প্ৰদান কৰি এখন আঞ্চলিক সমিতি গঠনৰ প্ৰস্তাৱ আগবঢ়ায়।

সেই অনুসৰি ৰমেশ বৰুৱাক সভাপতি, বেথাৰাম শইকীয়াক সম্পাদক, সুনন্দ দেউৰীক কাৰ্যকৰী সভাপতি, উপ-সভাপতি পদত ৰেখা দলে, সহকাৰী সম্পাদকত মনোজ দেউৰী আৰু ৰাজীৱ দাস, কোষাধ্যক্ষ পদত নগেন বৰুৱা, প্ৰচাৰ সম্পাদকত যাদৱ শইকীয়া, সাংস্কৃতিক সম্পাদকত বিমান বৰুৱা, কৃষি উন্নয়ন সমিতিৰ সম্পাদকত ভীমকান্ত শইকীয়া, অৰ্থনৈতিক উন্নয়ন সমিতিৰ সম্পাদকত ভদ্ৰেশ্বৰ টায়ে, সাহিত্য সম্পাদকত দীপা শইকীয়া, সাংগঠনিক সম্পাদকত উদ্বেশ্বৰ টাইদক মনোনীত কৰি ‘চিৰাম আঞ্চলিক সমিতি’ নামেৰে এখন আঞ্চলিক সমিতি গঠন কৰা হয়। সভাত জীৱন শ‌ইকীয়া, গণেশ ৰাজখোৱা, দ্বীপেন কলিতা , পুষ্প কলিতা, কেশৱ ৰাজখোৱা, দিগন্ত দেউৰীক উপদেষ্টা আৰু যতীন খাউণ্ড, অনিল শ‌ইকীয়া, মনোজ দেউৰী, অনুপম বৰা, ৰাজু বৰা, মৃদুল বৰুৱা, গগণ বৰা, প্ৰহ্লাদ দাস, ৰিন্টু কলিতা আৰু পুতলী খাউণ্ড কাৰ্যকৰী সদস্য হিচাপে সভাই দায়িত্ব অৰ্পণ কৰে। দ্বীপেন কলিতা আৰু কেশৱ ৰাজখোৱাই সমজুৱা একাষাৰৰ শিতানত বক্তব্য প্ৰদান কৰা উক্ত সভাতেই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য
মঞ্চ, অসমৰ প্ৰস্তাৱিত ১৭ এপ্ৰিল ২০২৫ত পূণ্যভূমি সত্ৰনগৰী মাজুলীৰ পৰা সমগ্ৰ অসমলৈ ‘সমন্বয় যাত্ৰা’ কৰা পূৰ্ণ সহযোগৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিবৃতিত উল্লেখ্য যে, মাজুলীৰ দুগৰাকী পুৰোধা ব্যক্তি ক্ৰমে চুমৈমাৰী গাঁৱৰ নিবাসী, শিক্ষক, সাংস্কৃতিক কৰ্মী লোকনাথ কুটুম আৰু কেৰালা গাঁৱৰ নিবাসী অৱসৰী শিক্ষক ১০৮ বছৰীয়া দক্ষ শিল্পী বংশীধৰ দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মৌন প্ৰাৰ্থনা কৰা সভাখন জাতীয় সংগীত পৰিৱেশনৰে সফল সমাপ্তি ঘটে।।

Parag Festival:সোৱণশিৰিত উদুলি-মুদুলি বগুম গাঁৱৰ প:ৰাগ উৎসৱ

Parag Festival:সোৱণশিৰিত উদুলি-মুদুলি বগুম গাঁৱৰ প:ৰাগ উৎসৱ
Parag Festival:সোৱণশিৰিত উদুলি-মুদুলি বগুম গাঁৱৰ প:ৰাগ উৎসৱ

দৈনন্দিন বাৰ্তা সেৱা, সোৱণশিৰি,২৭ মাৰ্চ: উদুলি-মুদুলি বগুম গাঁৱৰ প:ৰাগস্থলী(Parag Festival)। ২৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা বগুম গাঁৱৰ প:ৰাগত গুমৰাগ আৰু ঐনিতমৰ ছন্দত মুখৰিত হৈ পৰে।(Bagum Village)

অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ অন্যতম কৃষি ভিত্তিক উৎসৱ(Agricultural Festivals) প:ৰাগ উৎসৱ বা নৰাছিগা উৎসৱ(Narashiga Festival)। মিচিং জনগোষ্ঠীৰ(Mising People) লোকসকলে কৃষি চপোৱাৰ পাছত আৰু প্ৰতি পাঁচ বছৰৰ মুৰত এক বৰ্ণাঢ্য প্ৰস্তুতিৰ পিছত গাঁৱৰ কৃষি কৰ্ম, অপায়-অমংগল দূৰ কৰি গাঁৱৰ সকলোৰে কুশল-মঙ্গলৰ বাবে উপৰিপুৰুষ দ:ঞি-প:ল, কাৰচিং-কাৰতাঙক স্মৰণ কৰি  আয়োজন কৰা হয় প:ৰাগ উৎসৱ।

পৰম্পৰা অনুসৰি প:ৰাগ উৎসৱত গাঁৱৰ পৰা অন্য ঠাইত বিয়া দিয়া জী-জোঁৱাইসকলক আমন্ত্ৰণ জনোৱা হয়। য’ত বহু বছৰৰ পিছত গাঁৱৰ পৰা বিয়া উলিয়াই দিয়া জী-জোঁৱাইসকল একেটা দিনত একেটা স্থানত লগ পোৱাৰ সৌভাগ্য লাভ কৰে। লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ সোৱণশিৰি(Subansiri river) গাওঁ পঞ্চায়তৰ অন্তৰ্গত বগুম গাঁৱত ৭তম প:ৰাগ উৎসৱ অনুষ্ঠিত কৰা হয়।

২৫, ২৬, ২৭ আৰু ২৮ মাৰ্চলৈ অনুষ্ঠিত কৰা চৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ দ্বিতীয় দিনা পুৱা ১০ বজাত ৭তম বগুম প:ৰাগ উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা বগুম নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে মিচিং আগম কেবাঙৰ উপ-সভাপতি কালিনাথ পাংগিং।

বগুম গাঁৱৰে জ্যেষ্ঠ নাগৰিক ডিম্বেশ্বৰ ৰেগনে সভাপতিত্ব কৰা বগুম গাঁৱৰ ইতিহাস বিজৰিত বগুম নামৰ স্মৃতিগ্ৰন্থ  উন্মোচনী সভাত মিচিং আগম কেবাঙৰ উপ সভাপতি কালি নাথ পাংগিঙে মিচিং সমাজৰ পৰম্পৰাগতভাৱে উদযাপন কৰা প:ৰাগ উৎসৱৰ উৎপত্তিৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰে।

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক টুনিৰাম মেদকে প:ৰাগ উৎসৱৰ প্ৰায়োগিক দিশ সমূহৰ ওপৰত গৱেষণা কৰি সঠিক ৰূপত উপস্থাপন কৰাৰ প্ৰয়োজনীয়তা আছে বুলি কয়। স্মৃতিগ্ৰন্থ উন্মোচনীৰ পিছতে দগচিৰি  ই-আলোচনীৰ সম্পাদক তপন লালে সঞ্চালনা কৰা এক গাম্ভীৰ্যপূৰ্ণ অৱনৰি অঞ্চলৰ নবীন-প্ৰবীন কবিৰ দ্বাৰা কবিতা পাঠ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

কবিতা পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰে কালি নাথ পাংগিং ,টুনিৰাম মেদক, প্ৰবীণ মিলি, অৱনৰি বাংকে মিচিং আগম কেবাঙৰ সম্পাদক ৰাজকুমাৰ চিন্তে,অনুভৱ প্ৰিয়ম মিৰি, কৃষ্ণকান্ত মেদক আদিয়ে।সভাত উপস্থিত থাকে বগুম স্মৃতিগ্ৰন্থৰ মুখ্য সম্পাদক অজিত বাচিং,কাৰ্যকৰী সম্পাদক হিতেশ্বৰ কুলি, সম্পাদক পৱিত্ৰ কুলি,বগুম গাঁৱৰ জ্যেষ্ঠ নাগৰিক লক্ষ্য কুলি, ৰমাকান্ত কুলি,কৰ্ণেশ্বৰ ৰেগন,বক্সিৰাম ৰেগন,বিলাচন কুলি,মুনিন্দ্ৰ কুলি,চন্দ্ৰ কুলি, সুনীল কুলি,দেউবৰ কুলি, জেইলসিং কুলি,লিখন্ত কুলি,ভদ্ৰ সিং ৰেগন আদিয়ে।

উল্লেখ্য, কাৰ্যসূচী অনুসৰি ২৬ মাৰ্চ প্ৰথম দিনা বিয়লি ৩ বজাত মেধি ভকতক আদৰণি জনায়। দ্বিতীয় দিনা পুৱা ৬ বজাত বগুম গাঁৱৰ ডেকা বড়া-তিৰিবড়া, আদৰণি সমিতিৰ সভাপতি সম্পাদকক আদৰণি জনোৱাৰ পিছতে মাংগলিক নীতি-নিয়মেৰে প:ৰাগ পৰ্ব আৰম্ভ হয় আৰু ১০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।

লগে লগে অতিথি জী-জোঁৱাইসকলক আদৰণি জনায় বগুম গাঁৱৰ কৃষ্টি দলৰ দ্বাৰা মঞ্চ মুকলি কৰি জী-জোঁৱাই সকলৰ কৃষ্টি প্ৰদৰ্শন কৰে। ২৯ মাৰ্চ শনিবাৰে গাঁৱৰ ডেকা-গাভৰু সকলৰ প্ৰীতিভোজ অনুষ্ঠিত কৰাৰ পিছতে বিয়লি ৩ বজাত মুৰংঘৰ বিদায় পৰ্ব অনুষ্ঠিত কৰি সামৰণি পৰিব বগুম গাঁৱৰ প:ৰাগ উৎসৱ।

Government Sector School:টিংখাঙৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ হেতা ওপৰা

Government Sector School:টিংখাঙৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ হেতা ওপৰা
Government Sector School:টিংখাঙৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ হেতা ওপৰা

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৭ মাৰ্চ: টিংখাঙৰ এখন চৰকাৰী(Government Sector School) খণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে দেখা গ’ল এক বিপৰীত দৃশ্য।বিদ্যালয়খনত ষষ্ঠ আৰু অষ্টম শ্ৰেণীত নামভৰ্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ব্যাপক সমাগম পৰিলক্ষিত হয়।

Oplus_16908288

বৃহত্তৰ টিংখাং অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰত বটবৃক্ষ সদৃশ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত(Tingkhang Higher Secondary School) নামভৰ্তিৰ বাবে একপ্ৰকাৰ যেন ঢপলিয়াই আহিছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল।(assam education minister)

টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈ তথা বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকলৰ নেৰা নেপেৰা প্ৰচেষ্টাত এক শৈক্ষিক জাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বিদ্যালয়খনে।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক আৰু নৈতিক দুয়োটা দিশৰ গুৰুত্ব প্ৰদান কৰাটো এইখন বিদ্যালয়ৰ অন্যতম বৈশিষ্ট্য।যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ অনুশাসনৰ মাজেৰে শৈক্ষিক, মানসিক আৰু চাৰিত্ৰিক বিকাশৰ বাবে প্ৰচেষ্টা চলাই আহিছে বিদ্যালয়খনে।

টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ ব্যাপক সমাগম দেখি বাচনি পৰীক্ষা অনুষ্ঠিত কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

যি সময়ত চৰকাৰী খণ্ডৰ(Students flock to enroll in government schools) বহু বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ অভাৱত চৰকাৰে বন্ধ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে; তেনে সময়তে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ ব্যাপক উৎসাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

এইয়া চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বাবে এক আশা আৰু প্ৰত্যাক্ষাৰ ৰেঙণি কঢ়িয়াই আনিছে৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰিৱৰ্তে অভিভাৱকসকলে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হোৱাটো নিশ্চয়কৈ এক আশাৰ বাট মুকলি হৈছে৷

গুণোৎসৱ ২০২৫: শীৰ্ষ স্থান লাভ কৰিলে শিৱসাগৰ জিলাই । Gunotsav 2025

গুণোৎসৱ ২০২৫: শীৰ্ষ স্থান লাভ কৰিলে শিৱসাগৰ জিলাই । Gunotsav 2025
গুণোৎসৱ ২০২৫: শীৰ্ষ স্থান লাভ কৰিলে শিৱসাগৰ জিলাই । Gunotsav 2025

Gunotsav 2025 । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে গুণোৎসৱ ২০২৫ ৰ ফলাফল। এইবাৰ গুণোৎসৱৰ মূল্যাংকনত শীৰ্ষ স্থান লাভ কৰিছে শিৱসাগৰ জিলাই। দ্বিতীয় স্থান অধিকাৰ কৰিছে গোলাঘাট জিলাই আৰু তৃতীয় স্থান লাভ কৰিছে ডিব্ৰুগড় জিলাই। মুখ্যমন্ত্ৰীয়ে উন্নত ফলাফল লাভ কৰা জিলাসকলক অভিনন্দন জনায়।

২০১৭ চনত এ প্লাছ গ্ৰেড থকা বিদ্যালয়ৰ সংখ্যা আছিল ৬,৩০৭ খন, যি ২০২৫ চনত বৃদ্ধি পাই ১৩,৩০০ খন হৈছে। একেদৰে, এ গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ২০১৭ চনত ১২,৯২৭ খন আছিল, যি ২০২৫ চনত ১৩,৯৫২ খনলৈ বৃদ্ধি পাইছে। বি গ্ৰেডৰ সংখ্যা হ্ৰাস পাই ৭০০০ খন হৈছে, আৰু চি গ্ৰেড বিদ্যালয় ৮০০ খনলৈ হ্ৰাস পাইছে। ডি গ্ৰেড বিদ্যালয়ৰ সংখ্যা ২০১৭ চনৰ ৭০০০ খনৰ পৰা ২০২৫ চনত ২১৮ খনলৈ হ্ৰাস পাইছে।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, ২০১৭ চনত ১২,০০০ বিদ্যালয় মূল্যায়নৰ অন্তৰ্ভুক্ত আছিল, কিন্তু ২০২৫ চনত ৪৪,০৭ বিদ্যালয় এই মূল্যায়নৰ অন্তর্ভুক্ত হৈছে। ২০২৫ চনত ২৭,২৫২ খন বিদ্যালয় এ বা এ+ গ্ৰেড লাভ কৰিছে, যি ২০২৪ চনৰ তুলনাত ৭% বৃদ্ধি পোৱা সংখ্যা। শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাই পুনৰ শীৰ্ষস্থানত আছে, আৰু গোলাঘাট জিলা প্ৰথমবাৰৰ বাবে শীৰ্ষ তিনিটা স্থানত স্থান লাভ কৰিছে।

শিক্ষাৰ মানদণ্ড উন্নত হোৱাৰ লগত, ইউনিফৰ্মৰ ক্ষেত্ৰত শীৰ্ষ স্থান লাভ কৰিছে শিৱসাগৰ জিলাই, মাজুলী আৰু চৰাইদেউ জিলাই দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে। স্বচ্ছতাৰ ক্ষেত্ৰত গোলাঘাট, কামৰূপ (মঃ) আৰু যোৰহাট জিলাই কৃতিত্ব লাভ কৰিছে।

ইপিনে, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং আৰু চিৰাং জিলাই সন্তোষজনক ফলাফল দেখুৱাব পৰা নাই। মুখ্যমন্ত্ৰীয়ে এই জিলাসমূহৰ শিক্ষা বিভাগক ফলাফল উন্নত কৰাৰ বাবে পদক্ষেপ লোৱাৰ নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি কয় যে, অসমত চৰকাৰী বিদ্যালয়ৰ গুণগত মান উন্নত হৈছে। চৰকাaৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষালাভ কৰিবলৈ আগ্ৰহী হৈছে, যিয়ে শিক্ষা ব্যৱস্থাৰ এক ইতিবাচক পৰিৱর্তন সূচায়।

Chemania Bhaona Competition:বিৰিণাশায়েক লায়েট ভৰলুৱা বৰনামঘৰত চেমনীয়া ভাওনা প্ৰতিযোগিতা

Chemania Bhaona Competition:বিৰিণাশায়েক লায়েট ভৰলুৱা বৰনামঘৰত চেমনীয়া ভাওনা প্ৰতিযোগিতা
Chemania Bhaona Competition:বিৰিণাশায়েক লায়েট ভৰলুৱা বৰনামঘৰত চেমনীয়া ভাওনা প্ৰতিযোগিতা

তিতাবৰ, 27 মাৰ্চ: তিতাবৰ সমষ্টিৰ অন্তৰ্গত বিৰিণাশায়েক গাঁও পঞ্চায়ত এলেকাৰ লায়েট ভৰলুৱা গাঁও বৰনামঘৰত ২৫ মাৰ্চৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক চেমনীয়া ভাওনা প্ৰতিযোগিতা(Chemania Bhaona Competition) কালি আনুষ্ঠানিকভাবে উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া (সত্ৰাধিকাৰ) ড৹ বাবুল চন্দ্ৰ দাসে।(Birinashayek Light Bharlua Barnamghar)

বৰপেটা সত্ৰৰ সত্ৰাধিকাৰৰ সংগী সকলৰ লগতে অনুষ্ঠানত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ(Sri Sri Kamalabari Satra) বুঢ়াভকত সোণাৰাম শৰ্মা, তিতাবৰ প্ৰেছ ক্লাবৰ(Tittabor Press Club) সভাপতি বিমান শইকীয়া, বিশিষ্ট উদ্যোগপতি অৰূপ দত্ত, প্ৰাক্তন আছু নেতা ৰাজেন কটকী, যাদব মহন্ত, দিলীপ মহন্ত প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপৰি অগণন ভকত বৈষ্ণৱৰ উপস্থিতিত ডায়েটৰ প্ৰবক্তা তথা সমাজকৰ্মী নেত্ৰ গগৈয়ে আঁতধৰা অনুষ্ঠানত বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ ড৹ বাবুল চন্দ্ৰ দাসে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সৃষ্ট ভাওনাৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত মাতৃভাষাৰ ভাওনাৰ লগতে ব্ৰজাৱলী ভাষাৰ নাট ভাওনাও ভাওনা সমাৰোহৰ লগত সংলগ্ন কৰিবলৈ উদ্যোক্তা সকলক আহ্বান জনায়।

নামঘৰ পৰিচালনা সমিতিৰ সভাপতি নৰেণ দত্ত, সম্পাদক পলাশ দত্ত, উদযাপন সমিতিৰ অন্যতম উপদেষ্টা ৰাতুল দত্ত, সভাপতি অনিল দত্ত আৰু প্ৰধান সম্পাদক পৰাগজ্যোতি দত্ত, প্ৰমুখ্যে উদযাপন সমিতিৰ বিষয়ববীয়াসকল আৰু ৰাইজৰ আন্তৰিক আধ্যাত্মিক সহযোগত অনুষ্ঠিত অনুষ্ঠানত শিক্ষাবিদ সমাজকৰ্মী নেত্ৰ গগৈৰ সম্পাদনাত প্ৰকাশিত স্মৃতি গ্ৰন্থ ‘আৰিয়া’ উন্মোচন কৰে নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা স্থানীয় সমাজকৰ্মী ঋতুৰাজ কোঁৱৰে। প্ৰথম দিনৰ পুৱাৰ ভাগত উষা কীৰ্ত্তনৰ পিছত বন্তি প্ৰজ্বলন আৰু ধৰ্ম ধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ মুখ্য উপদেষ্টা প্ৰকাশ শইকীয়াই।

আৰু উদযাপন সমিতিৰ সভাপতি অনিল দত্তই। অঞ্চলটোৰ সমূহ নামঘৰৰ পতাকা উত্তোলন কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সকলে। চন্দ্ৰ দত্তই স্মৃতি তৰ্পন কৰাৰ পিছতে ভাওনাৰ নাম প্ৰসঙ্গ কৰে ঠকৰিয়াল সত্ৰৰ যদুমণি মহন্তই।সান্ধ্য প্ৰসঙ্গ কৰে দুলাল মহন্তইআৰু বন্তি প্ৰজ্বলন কৰে নামঘৰীয়া কনপাই হাজৰিকাই।

প্ৰদৰ্শনীমূলক ভাওনা পাঞ্চজন্য শিল্পী সমাজ(Panchajanya Shilpi Samaj), বিৰিণাশায়েকৰ নাট শ্ৰীৰাম চন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা আৰু দ্বিতীয় দৰ্শনীৰ ভাওনা সমন্বয় শিশু শিল্পী সমাজ,  গোলাঘাট সৰুপথাৰৰ নাট সীতা হৰণ বালী বধ উদ্বোধন কৰে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ বুঢ়াভকত সোণাৰাম শৰ্মাই। আজিৰ দিনৰ ভাগত অনুষ্ঠিত দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক জিতেন গগৈয়ে।

 প্ৰথম দৰ্শনীৰ ভাওনা যোৰহাটৰ অভিনন্দন সাংস্কৃতিক গোষ্ঠীৰ ধ্ৰুব চৰিত্ৰ উদ্বোধন কৰে শিক্ষক প্ৰদীপ কুৰ্মীয়ে আৰু দ্বিতীয় দৰ্শনীৰ ভাওনা গোলাঘাটৰ ত্ৰিমূৰ্তি সাংস্কৃতিক গোষ্ঠীৰ সিন্ধুমুণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ নাট ভাওনাৰ মঞ্চ উদ্বোধন কৰে তিতাবৰ প্ৰাগজ্যোতিকাৰ সঞ্চালক অচ্যুতদ্বীপ শইকীয়াই।প্ৰতিদিনে দুখনকৈ ভাওনা প্ৰদৰ্শন কৰিছে।

বিৰিণাশায়েক অঞ্চলটোৰ ৰাইজৰ মাজত উখল মাখল লাগিছে।সহস্ৰাধিক দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হৈছে লায়েট ভৰলুৱা বৰনামঘৰত। উদযাপন সমিতিৰ কৰ্মকৰ্তা সকলে, স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা সকলে অপ্ৰাণ চেষ্টা কৰিছে সুনাম অক্ষুন্ন ৰাখি সফলতাৰে ভাওনা সমাৰোহ সম্পন্ন কৰিবলৈ।ভাওনাৰ লগতে দিনৰ ভাগত অনুষ্ঠিত প্ৰতিভা বিকাশৰ প্ৰতিযোগিতাই ৰাইজৰ মন পুলকিত কৰিছে।

World Theater Day:২৭ মাৰ্চত- বিশ্ব নাট্য দিৱস

World Theater Day:২৭ মাৰ্চত- বিশ্ব নাট্য দিৱস
World Theater Day:২৭ মাৰ্চত- বিশ্ব নাট্য দিৱস

বিশ্ব নাট্য দিৱস(World Theater Day) প্ৰতি বছৰে ২৭ মাৰ্চত পালন কৰা হয় আৰু এই দিনটোৱে নাটক আৰু থিয়েটাৰৰ শিল্পক বিশ্বব্যাপী উদযাপন কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰে। ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ ইনষ্টিটিউটে (International Theatre Institute-ITI) প্ৰথমবাৰৰ বাবে এই দিৱসৰ প্ৰৱৰ্তন কৰিছিল, আৰু তেতিয়াৰ পৰাই এই দিনটে বিশ্বৰ বিভিন্ন প্ৰান্তত নাটকৰ সৈতে জড়িত শিল্পী তথা নাট্যপ্ৰেমীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হৈ পৰিছে। এই দিনটোৰ মূল উদ্দেশ্য হৈছে নাটকৰ মাধ্যমেৰে মানৱ সমাজৰ সংস্কৃতি, ঐতিহ্য, আৱেগ আৰু সমসাময়িক বিষয়সমূহৰ প্ৰতিফলন ঘটোৱাৰ লগতে এই শিল্পৰ সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক গুৰুত্বৰ ওপৰত জোৰ দিয়া। নাটক এনে এক মাধ্যম যিয়ে কেৱল মনোৰঞ্জনৰ উৎস হিচাপে কাম নকৰে, বৰঞ্চ ই সমাজৰ এক দাপোন হিচাপে কাম কৰে, য’ত জীৱনৰ সুখ-দুখ, সংঘাত, আশা আৰু সংগ্ৰামৰ কাহিনীসমূহ জীৱন্ত হৈ উঠে। বিশ্ব নাট্য দিৱসৰ তাৎপৰ্য কেৱল এই শিল্পৰ প্ৰতি সন্মান জনোৱাত সীমাবদ্ধ নহয়, বৰঞ্চ ইয়াৰ জৰিয়তে বিশ্বৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত পাৰস্পৰিক বুজাপৰা, শান্তি আৰু একতাৰ বাৰ্তা প্ৰচাৰ কৰাও এটা মুখ্য লক্ষ্য। এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে যে নাটকৰ শক্তি অপৰিসীম-ই মানুহৰ মনত প্ৰভাৱ পেলাব পাৰে, সমাজত পৰিৱৰ্তন আনিব পাৰে আৰু সংস্কৃতিৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

নাটকৰ ইতিহাস অতি প্ৰাচীন। প্ৰাচীন গ্ৰীচত নাটকৰ উৎপত্তি হৈছিল ধৰ্মীয় উৎসৱৰ অংশ হিচাপে, য’ত দেৱতা ডাইঅ’নিছাছৰ সন্মানত গীত-নৃত্যৰ সৈতে নাটকীয় প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল। গ্ৰীক নাট্যকাৰসকলৰ ভিতৰত এছকাইলাছ, ছফ’ক্লিছ আৰু ইউৰিপিডিছৰ নাটকসমূহে মানৱ জীৱনৰ গভীৰ দাৰ্শনিক আৰু নৈতিক প্ৰশ্নসমূহ উত্থাপন কৰিছিল। এছকাইলাছৰ “অৰেষ্টিয়া”ত পৰিয়াল, প্ৰতিশোধ আৰু ন্যায়ৰ ধাৰণাৰ ওপৰত আলোকপাত কৰা হৈছে, আনহাতে ছফ’ক্লিছৰ “ইডিপাছ ৰেক্স”ত ভাগ্য আৰু মানৱ সংকল্পৰ সংঘাতৰ এক হৃদয়স্পৰ্শী চিত্ৰণ পোৱা যায়। ইউৰিপিডিছৰ নাটকত আৱেগৰ তীব্ৰতা আৰু মানৱ চৰিত্ৰৰ জটিলতা অতি সুন্দৰভাৱে ফুটি উঠিছিল। এই নাটকসমূহ কেৱল কৰুণৰসাত্মক (Tragedy) আৰু হাস্যৰসাত্মক (Comedy) ধাৰাৰ শ্ৰেষ্ঠ উদাহৰণ হিচাপেই গণ্য নহয়, বৰঞ্চ ইয়াৰ মাধ্যমেৰে সমাজৰ প্ৰতি এক গভীৰ দায়বদ্ধতাও প্ৰকাশ পাইছিল। গ্ৰীক নাটকৰ পৰম্পৰাই পশ্চিমীয়া সাহিত্য আৰু থিয়েটাৰৰ ভিত্তি স্থাপন কৰিছিল, যি পিছলৈ ৰোমান সভ্যতাৰ জৰিয়তে আৰু বিস্তৃত হৈছিল।

ভাৰততো নাটকৰ এক সমৃদ্ধ আৰু প্ৰাচীন পৰম্পৰা আছে। সংস্কৃত নাটকৰ সোণালী যুগত কালিদাস, ভাস, শূদ্ৰক আদি নাট্যকাৰসকলে এই শিল্পক এক নতুন উচ্চতালৈ লৈ গৈছিল। কালিদাসৰ “অভিজ্ঞান শকুন্তলম” এটা অমৰ সৃষ্টি, য’ত প্ৰেম, বিচ্ছেদ আৰু পুনৰ্মিলনৰ এক সুন্দৰ কাহিনীৰ সৈতে প্ৰকৃতিৰ সৌন্দৰ্য আৰু মানৱ আৱেগৰ গভীৰতা প্ৰকাশ পাইছে। ভাসৰ “স্বপ্নবাসৱদত্তম”ত ৰাজনৈতিক চক্ৰান্ত আৰু প্ৰেমৰ সংঘাতৰ এক জটিল কাহিনী উপস্থাপন কৰা হৈছে। শূদ্ৰকৰ “মৃচ্ছকটিকম”ত সমাজৰ নিম্ন আৰু উচ্চ শ্ৰেণীৰ মাজৰ সম্পৰ্কৰ এক বাস্তৱধৰ্মী চিত্ৰণ পোৱা যায়। এই নাটকসমূহৰ মাধ্যমেৰে কেৱল কাহিনী কোৱাৰ উদ্দেশ্যই নাছিল, বৰঞ্চ সমাজৰ নৈতিক মূল্যবোধ, ধৰ্মীয় বিশ্বাস আৰু জীৱন দৰ্শনকো প্ৰতিফলিত কৰা হৈছিল। ভাৰতীয় নাটকৰ এই পৰম্পৰা ভৰতমুনিৰ “নাট্যশাস্ত্ৰ”ৰ দ্বাৰা পৰিচালিত হৈছিল, য’ত নাটকৰ সৌন্দৰ্যতত্ত্ব আৰু প্ৰদৰ্শনৰ নিয়মসমূহ বিশদভাৱে বৰ্ণনা কৰা হৈছে। এই ইতিহাসৰ পৰাই স্পষ্ট হয় যে নাটক কেৱল এটা সময় বা স্থানৰ বাবে সীমিত নহয়, বৰঞ্চ ই যুগে যুগে মানৱতাৰ সৈতে জড়িত হৈ আছে। বিশ্ব নাট্য দিৱসে এই দীৰ্ঘ ইতিহাসক স্মৰণ কৰি ইয়াৰ বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰাসংগিকতাৰ ওপৰতো আলোকপাত কৰে।

বিশ্ব নাট্য দিৱসৰ এটা অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে ইয়াৰ সাৰ্বজনীনতা। নাটক এনে এক শিল্প যিয়ে ভাষা, সংস্কৃতি বা ভৌগোলিক সীমাৰ বাধা অতিক্ৰম কৰি সকলোকে একত্ৰিত কৰিব পাৰে। উদাহৰণস্বৰূপে, উইলিয়াম শ্বেক্সপীয়েৰৰ নাটকসমূহ আজিও বিশ্বৰ বিভিন্ন ভাষাত মঞ্চস্থ কৰা হয় আৰু প্ৰতিটো সংস্কৃতিয়ে নিজৰ প্ৰেক্ষাপটত ইয়াক গ্ৰহণ কৰে। “হেমলেট”ত মানৱ মনৰ অস্থিৰতা আৰু সিদ্ধান্ত লোৱাৰ জটিলতাৰ যি চিত্ৰণ পোৱা যায়, সেয়া যিকোনো সংস্কৃতিৰ মানুহৰ বাবে প্ৰাসংগিক। “মেকবেথ”ত ক্ষমতাৰ লোভ আৰু ইয়াৰ ধ্বংসাত্মক পৰিণতিৰ কাহিনী সাৰ্বজনীনভাৱে মানুহৰ হৃদয় স্পৰ্শ কৰে। “ৰোমিঅ’ এণ্ড জুলিয়েট”ত প্ৰেমৰ তীব্ৰতা আৰু সমাজৰ বাধাৰ সংঘাতৰ যি কাহিনী উপস্থাপন কৰা হৈছে, সেয়া বিশ্বৰ সকলো প্ৰেমিকৰ জীৱনৰ সৈতে সংযোগ স্থাপন কৰে। শ্বেক্সপীয়েৰৰ এই নাটকসমূহৰ সাৰ্বজনীন আবেদনৰ জৰিয়তে বিশ্বৰ মানুহে নিজৰ জীৱনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। বিশ্ব নাট্য দিৱসত এই সাৰ্বজনীনতাৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু বিভিন্ন দেশৰ শিল্পীসকলে একেলগে মিলি নাটকৰ মাধ্যমেৰে নিজৰ সংস্কৃতি, অভিজ্ঞতা আৰু দৃষ্টিভংগীৰ আদান-প্ৰদান কৰে। এই আদান-প্ৰদানৰ জৰিয়তে বিশ্বৰ মানুহৰ মাজত পাৰস্পৰিক শ্ৰদ্ধা আৰু সহানুভূতিৰ ভাৱ জন্ম লয়, যি শান্তি আৰু সম্প্ৰীতিৰ প্ৰতিষ্ঠাত সহায়ক হয়।

নাটকৰ শৈক্ষিক গুৰুত্বও অতি উল্লেখযোগ্য। ই শিশু আৰু যুৱক-যুৱতীসকলৰ সৃজনশীলতা, কল্পনাশক্তি আৰু সমালোচনাত্মক চিন্তাধাৰাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। স্কুল-কলেজত নাটকৰ প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ আৱেগ প্ৰকাশ কৰিবলৈ শিকে, দলীয় কামৰ গুৰুত্ব বুজি পায় আৰু আত্মবিশ্বাস গঢ়ি তোলে। উদাহৰণস্বৰূপে, এখন নাটকৰ প্ৰস্তুতিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে কেৱল অভিনয়ৰ কৌশল শিকাই নহয়, পাঠ্যৰ গভীৰ অৰ্থ বিশ্লেষণ কৰি চৰিত্ৰৰ মানসিকতা বুজিবলৈও শিকে। এই প্ৰক্ৰিয়াত তেওঁলোকৰ সহানুভূতিৰ ভাব বাঢ়ে আৰু তেওঁলোকে জীৱনৰ বিভিন্ন দৃষ্টিকোণৰ পৰা চিন্তা কৰিবলৈ শিকে। বিশ্ব নাট্য দিৱসত এই শৈক্ষিক দিশটো বিশেষভাৱে উজ্জ্বল কৰি তোলা হয়। পৃথিৱীৰ বিভিন্ন প্ৰান্তত এই দিনটোত শিক্ষা প্ৰতিষ্ঠানসমূহত নাটকৰ কৰ্মশালা, প্ৰদৰ্শনী আৰু আলোচনাৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীসমূহৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত নাটকৰ প্ৰতি আগ্ৰহ জগাই তুলি ইয়াক জীয়াই ৰাখাৰ প্ৰয়াস কৰা হয়। নাটকে শিক্ষাৰ এক সৃজনশীল মাধ্যম হিচাপে কাম কৰে, যিয়ে পঢ়াশুনাৰ পাঠ্যপুথিৰ বাহিৰলৈ গৈ জীৱনৰ ব্যৱহাৰিক দিশসমূহ শিকোৱাত সহায় কৰে। উদাহৰণস্বৰূপে, ইতিহাসৰ কোনো ঘটনাক নাটকৰ জৰিয়তে প্ৰকাশ কৰিলে ছাত্ৰ-ছাত্ৰীসকলে সেই ঘটনাৰ সৈতে আৱেগিকভাৱে সংযোগ স্থাপন কৰিব পাৰে আৰু ইয়াক গভীৰভাৱে বুজিব পাৰে।

নাটকৰ সামাজিক তাৎপৰ্যও আলোচনাৰ যোগ্য। ই সমাজৰ বিভিন্ন সমস্যা যেনে দাৰিদ্ৰ্য, লিংগ বৈষম্য, যুদ্ধ, পৰিৱেশ ধ্বংস আদিৰ প্ৰতি সজাগতা সৃষ্টি কৰাত গু៰ৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জাৰ্মান নাট্যকাৰ বেৰ্টল্ট ব্ৰেশ্বটৰ “মাদাৰ কাৰেজ এণ্ড হাৰ চিলড্ৰেন” নাটকত যুদ্ধৰ ভয়াৱহতা আৰু ইয়াৰ সামাজিক প্ৰভাৱৰ কথা অতি শক্তিশালীভাৱে উত্থাপন কৰা হৈছে। ব্ৰেশ্বটৰ এই নাটকে দৰ্শকক যুদ্ধৰ অৰ্থহীনতাৰ বিষয়ে চিন্তা কৰিবলৈ বাধ্য কৰে আৰু সমাজৰ সেই সকলোৰ প্ৰতি সমালোচনা কৰে যিসকলে যুদ্ধৰ পৰা লাভৱান হয়। একেদৰে, নৰৱেৰ নাট্যকাৰ হেনৰিক ইবচেনৰ “এ ডলছ হাউছ” নাটকত নাৰীৰ স্বাধীনতা আৰু পিতৃতান্ত্ৰিক সমাজৰ শোষণৰ বিষয়ে এক তীব্ৰ সমালোচনা প্ৰকাশ পাইছে। এই নাটকৰ নাৰী চৰিত্ৰ ন’ৰাৰ স্বাধীনতাৰ সন্ধানত ঘৰ এৰি যোৱাৰ সিদ্ধান্তই সমাজত এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছিল। এই ধৰণৰ নাটকসমূহে দৰ্শকক কেৱল মনোৰঞ্জন নিদিয়ে, বৰঞ্চ তেওঁলোকক সমাজৰ বাস্তৱতাৰ সন্মুখীন হ’বলৈ বাধ্য কৰে আৰু চিন্তা-চৰ্চাৰ সুযোগ দিয়ে। বিশ্ব নাট্য দিৱসত এনে নাটকৰ প্ৰদৰ্শনৰ জৰিয়তে সমাজৰ সংবেদনশীল বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হয় আৰু মানুহৰ মাজত সচেতনতা বৃদ্ধিৰ চেষ্টা কৰা হয়। উদাহৰণস্বৰূপে, জলবায়ু পৰিৱৰ্তনৰ বিষয়ে সজাগতা বঢ়াবলৈ নাটকৰ মঞ্চায়ন কৰিলে দৰ্শকৰ মাজত এই সমস্যাৰ গুৰুত্ব সহজে বুজি পোৱা যায়।

নাটকৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে ইয়াৰ নিৰাময়কৰণ ক্ষমতা। আধুনিক সময়ত “ড্ৰামা থেৰাপি” নামৰ এক পদ্ধতিৰ জৰিয়তে নাটকক মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰা হয়। এই পদ্ধতিত মানুহে নাটকৰ জৰিয়তে নিজৰ অভিজ্ঞতা, আঘাত আৰু আৱেগক প্ৰকাশ কৰি মানসিক শান্তি লাভ কৰে। উদাহৰণস্বৰূপে, যুদ্ধৰ শিকাৰ হোৱা মানুহে নাটকৰ মাধ্যমেৰে নিজৰ যন্ত্ৰণা প্ৰকাশ কৰি মানসিকভাৱে সুস্থ হ’বলৈ চেষ্টা কৰিব পাৰে। এই পদ্ধতি শিশুৰ ক্ষেত্ৰতো বিশেষভাৱে ফলপ্ৰসূ, যিসকলে প্ৰায়ে নিজৰ ভয় বা দুখৰ কথা স্পষ্টভাৱে ক’ব নোৱাৰে। বিশ্ব নাট্য দিৱসত এই দিশটোৰ ওপৰতো গুৰুত্ব দিয়া হয় আৰু নাটকৰ এই ইতিবাচক প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হয়। এই দিনটোত বিভিন্ন সংস্থাই ড্ৰামা থেৰাপিৰ কৰ্মশালাৰ আয়োজন কৰে, য’ত মানুহে নাটকৰ জৰিয়তে নিজৰ মানসিক সমস্যাৰ সমাধান বিচাৰিবলৈ শিকে।

বিশ্ব নাট্য দিৱসৰ উদযাপনত প্ৰতি বছৰে এগৰাকী বিশিষ্ট নাট্য ব্যক্তিত্বই এটা বাৰ্তা প্ৰকাশ কৰে, য’ত নাটকৰ গুৰুত্ব আৰু ইয়াৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা হয়। এই বাৰ্তা বিশ্বৰ বিভিন্ন ভাষাত অনুবাদ কৰি প্ৰচাৰ কৰা হয়। উদাহৰণস্বৰূপে, ২০২৩ চনত কিউবাৰ নাট্যকাৰ কাৰ্লছ চেলড্ৰানে এনে এটা বাৰ্তা প্ৰকাশ কৰিছিল, য’ত তেওঁ নাটকৰ সামাজিক দায়বদ্ধতা আৰু শান্তিৰ বাৰ্তা প্ৰচাৰৰ ওপৰত গুৰুত্ব দিছিল। এই বাৰ্তাৰ জৰিয়তে বিশ্বৰ নাটক শিল্পীসকলৰ মাজত একতাৰ ভাৱ জন্ম লয়। ইয়াৰ উপৰিও এই দিনটোত নাটকৰ প্ৰদৰ্শন, কৰ্মশালা, সেমিনাৰ আৰু আলোচনাৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীসমূহৰ জৰিয়তে নাটকৰ শিল্পীসকলৰ প্ৰতিভাক সন্মান জনোৱাৰ লগতে নতুন শিল্পীসকলক উৎসাহিত কৰা হয়। বিশ্বৰ বিভিন্ন দেশত এই দিনটোত স্থানীয় সংস্কৃতিৰ ওপৰত ভিত্তি কৰি নাটকৰ প্ৰদৰ্শন কৰা হয়, যাৰ ফলত স্থানীয় আৰু আন্তৰ্জাতিক শিল্পৰ মাজত এক সেতুবন্ধনৰ সৃষ্টি হয়।

অসমৰ প্ৰেক্ষাপটত বিশ্ব নাট্য দিৱসৰ তাৎপৰ্যও অতি গুৰুত্বপূৰ্ণ। অসমত অপেছাদাৰী আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ এক সমৃদ্ধ পৰম্পৰা আছে, যিয়ে গ্ৰাম্য জনজীৱনৰ সৈতে নাটকৰ গভীৰ সম্পৰ্ক গঢ়ি তুলিছে। এই নাটকসমূহে অসমীয়া সংস্কৃতি আৰু সমাজৰ বিভিন্ন দিশ প্ৰতিফলিত কৰে। বিশ্ব নাট্য দিৱসত এই পৰম্পৰাক স্মৰণ কৰা হয় আৰু অসমীয়া নাটকৰ উন্নতিৰ বাবে নতুন পদক্ষেপৰ কথা ভাৱা হয়। অসমত এই দিনটোত বিভিন্ন স্থানত নাটকৰ প্ৰদৰ্শন আৰু আলোচনাৰ আয়োজন কৰা হয়, য’ত স্থানীয় শিল্পীসকলে নিজৰ প্ৰতিভা প্ৰকাশৰ সুযোগ পায়।

নাটকৰ আধুনিক ৰূপৰ কথা ক’লে, বিংশ আৰু একবিংশ শতিকাত নাটকে নতুন নতুন পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে গৈছে। আধুনিক নাট্যকাৰসকলে পৰম্পৰাগত নাটকৰ গঠন ভাঙি নতুন শৈলীৰ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে, ছেমুৱেল বেকেটৰ “ৱেইটিং ফৰ গডট” নাটকত জীৱনৰ অৰ্থহীনতা আৰু অপেক্ষাৰ এক অদ্ভুত চিত্ৰণ পোৱা যায়। এই নাটকত পৰম্পৰাগত কাহিনীৰ গঠন নাথাকে, বৰঞ্চ ই দৰ্শকক জীৱনৰ দাৰ্শনিক প্ৰশ্নৰ সন্মুখীন হ’বলৈ বাধ্য কৰে। একেদৰে, ভাৰতত বাদল সৰকাৰৰ “এৱম ইন্দ্ৰজিৎ” নাটকে আধুনিক মানুষৰ পৰিচয়ৰ সংকট আৰু জীৱনৰ একঘেয়ামীৰ বিষয়ে এক গভীৰ বিশ্লেষণ প্ৰকাশ কৰে। এই আধুনিক নাটকসমূহে প্ৰমাণ কৰে যে নাটক এটা জীৱন্ত শিল্প, যি সময়ৰ সৈতে সলনি হয় আৰু নতুন প্ৰজন্মৰ চিন্তা-চৰ্চাৰ সৈতে খাপ খাই চলে। বিশ্ব নাট্য দিৱসত এই আধুনিক নাটকৰ প্ৰদৰ্শনৰ জৰিয়তে শিল্পটোৰ গতিশীলতা আৰু প্ৰাসংগিকতাক উজ্জ্বল কৰি তোলা হয়।

নাটকৰ আন এটা দিশ হৈছে ইয়াৰ সাংস্কৃতিক সংৰক্ষণৰ ক্ষমতা। বিশ্বৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে নাটকৰ মাধ্যমেৰে নিজৰ ঐতিহ্য, লোককথা আৰু পৰম্পৰাক জীয়াই ৰাখিছে। উদাহৰণস্বৰূপে, আফ্ৰিকাৰ বিভিন্ন জনজাতিৰ মৌখিক কাহিনীসমূহ নাটকৰ জৰিয়তে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ হস্তান্তৰিত হৈ আহিছে।  অসমৰ “ভাওনা”ৰ দৰে পৰম্পৰাগত নাট্যৰূপে স্থানীয় সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। “ভাওনা” অসমৰ এক অনন্য নাট্যশৈলী, যিটো মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত হৈছিল। ইয়াত সংগীত, নৃত্য আৰু অভিনয়ৰ সংমিশ্ৰণেৰে বৈষ্ণৱ ধৰ্মৰ কাহিনীসমূহ জনসাধাৰণৰ আগত উপস্থাপন কৰা হয়। এই নাটকসমূহে কেৱল ধৰ্মীয় শিক্ষা প্ৰদান কৰাই নহয়, অসমীয়া ভাষা, সংগীত আৰু লোকপৰম্পৰাৰ সংৰক্ষণতো সহায় কৰিছে।  পৰম্পৰাগত নাটকসমূহে স্থানীয় সংস্কৃতিৰ এক জীৱন্ত দলিল হিচাপে কাম কৰে আৰু আধুনিকতাৰ দ্ৰুত প্ৰভাৱৰ মাজতো নিজৰ অস্তিত্ব বজাই ৰাখিছে। বিশ্ব নাট্য দিৱসত এনে পৰম্পৰাগত নাটকৰ প্ৰদৰ্শনৰ জৰিয়তে সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। এই দিনটোত বিভিন্ন দেশৰ স্থানীয় নাট্যশৈলীৰ প্ৰদৰ্শনৰ আয়োজন কৰা হয়, যাৰ ফলত বিশ্বৰ মানুহে একেৰাহে বিভিন্ন সংস্কৃতিৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে আৰু ইয়াৰ মূল্য বুজি পায়।

নাটকৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে ইয়াৰ অৰ্থনৈতিক প্ৰভাৱ। থিয়েটাৰ শিল্পই বিশ্বৰ বিভিন্ন দেশত হাজাৰ হাজাৰ মানুহৰ জীৱিকাৰ উৎস হিচাপে কাম কৰে। অভিনেতা, নিৰ্দেশক, লেখক, মঞ্চ সজ্জাকাৰী, পোহৰ আৰু শব্দৰ কাৰিকৰ আদিৰ বাবে নাটক এটা জীৱনৰ অংশ। উদাহৰণস্বৰূপে, লণ্ডনৰ ৱেষ্ট এণ্ড বা নিউয়ৰ্কৰ ব্ৰডৱেৰ দৰে থিয়েটাৰ জগতৰ প্ৰসিদ্ধ কেন্দ্ৰসমূহে প্ৰতি বছৰে লাখ লাখ দৰ্শকক আকৰ্ষণ কৰে আৰু স্থানীয় অৰ্থনীতিত ডাঙৰ অৱদান আগবঢ়ায়। একেদৰে, ভাৰতৰ মুম্বাইত মৰাঠী আৰু হিন্দী নাটকৰ এক সমৃদ্ধ বজাৰ আছে, যিয়ে শিল্পীসকলৰ লগতে স্থানীয় ব্যৱসায়ীসকলৰ বাবেও উপাৰ্জনৰ সুযোগ সৃষ্টি কৰে। বিশ্ব নাট্য দিৱসত এই অৰ্থনৈতিক দিশটোৰ ওপৰতো গুৰুত্ব দিয়া হয় আৰু নাটকৰ শিল্পীসকলৰ জীৱন-জীৱিকাৰ উন্নতিৰ বাবে নীতি গ্ৰহণৰ কথা ভাৱা হয়। এই দিনটোত বিভিন্ন সংস্থাই নাটকৰ প্ৰদৰ্শনৰ জৰিয়তে ধন সংগ্ৰহ কৰে, যি পিছলৈ শিল্পীসকলৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হয়।

নাটকৰ বৈচিত্ৰ্যও বিশ্ব নাট্য দিৱসৰ এটা গুৰুত্বপূৰ্ণ দিশ। বিশ্বৰ প্ৰতিটো প্ৰান্তত নাটকৰ ৰূপ আৰু প্ৰকাশভংগী বেলেগ বেলেগ। যেনে, জাপানৰ “নোহ” আৰু “কাবুকি” নাটকত পৰম্পৰাগত মুখা আৰু অঙ্গভংগীৰ জৰিয়তে গভীৰ আৱেগ প্ৰকাশ কৰা হয়। “নোহ” নাটকত সাধাৰণতে ধীৰ গতিৰ গতিবিধি আৰু প্ৰতীকী অভিনয়ৰ ওপৰত গুৰুত্ব দিয়া হয়, আনহাতে “কাবুকি”ত উজ্জ্বল ৰং আৰু নাটকীয় প্ৰকাশৰ জৰিয়তে দৰ্শকক মুগ্ধ কৰা হয়। একেদৰে, ইটালীৰ “কমেডিয়া ডেল আৰ্টে”ত হাস্যৰস আৰু ইম্প্ৰ’ভাইজেশ্যনৰ এক অনন্য মিশ্ৰণ দেখা যায়। এই বৈচিত্ৰ্যই নাটকক এক সাৰ্বজনীন শিল্প হিচাপে প্ৰতিষ্ঠা কৰিছে। বিশ্ব নাট্য দিৱসত এই বৈচিত্ৰ্যক উদযাপন কৰা হয় আৰু বিভিন্ন শৈলীৰ নাটকৰ প্ৰদৰ্শনৰ জৰিয়তে শিল্পটোৰ সমৃদ্ধিৰ পৰিচয় দিয়া হয়। এই বৈচিত্ৰ্যৰ মাজতো নাটকৰ মূল উদ্দেশ্য—মানৱ আৱেগ আৰু অভিজ্ঞতাৰ প্ৰকাশ—একেই থাকে, যিয়ে ইয়াক সকলোৰে বাবে গ্ৰহণযোগ্য কৰি তোলে।

নাটকৰ প্ৰযুক্তিগত দিশও আধুনিক সময়ত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। আজিৰ যুগত থিয়েটাৰত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰে নাটকৰ প্ৰকাশভংগীক নতুন মাত্ৰা দিছে। পোহৰ, শব্দ, প্ৰজেকশ্যন আৰু ডিজিটেল প্ৰভাৱৰ জৰিয়তে নাটকৰ দৃশ্যসমূহক অধিক জীৱন্ত আৰু প্ৰভাৱশালী কৰি তুলিব পৰা গৈছে। এই প্ৰযুক্তিগত উন্নতিয়ে নাটকক আধুনিক প্ৰজন্মৰ কাষ চাপিবলৈ সহায় কৰিছে। বিশ্ব নাট্য দিৱসত এই প্ৰযুক্তিগত উন্নতিৰ ওপৰত আলোচনা কৰা হয় আৰু নাটকৰ ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়ে চিন্তা-চৰ্চা কৰা হয়। একে সময়তে, পৰম্পৰাগত নাটকৰ সৌন্দৰ্যকো জীয়াই ৰাখাৰ বাবে প্ৰয়াস কৰা হয়, যাতে প্ৰযুক্তি আৰু পৰম্পৰাৰ মাজত এক সুস্থিৰ সমন্বয় গঢ়ি উঠে।

নাটকৰ সামাজিক পৰিৱৰ্তনৰ ক্ষমতাও অতি উল্লেখযোগ্য। ইতিহাসত বহুবাৰ নাটকে সমাজত বিপ্লৱী পৰিৱৰ্তন আনিবলৈ সহায় কৰিছে। উদাহৰণস্বৰূপে, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত নাটক জাতীয়তাবাদী ভাৱ জগাই তুলিবলৈ এক শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইপিটিএ (Indian People’s Theatre Association)ৰ দৰে সংগঠনে নাটকৰ জৰিয়তে গ্ৰাম্য জনতাৰ মাজত স্বাধীনতাৰ বাৰ্তা প্ৰচাৰ কৰিছিল। একেদৰে, দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্যৰ বিৰুদ্ধে সংগ্ৰামৰ সময়ত নাটকৰ জৰিয়তে সচেতনতা বৃদ্ধি কৰা হৈছিল। বিশ্ব নাট্য দিৱসত এই ঐতিহাসিক ভূমিকাৰ কথা স্মৰণ কৰা হয় আৰু নাটকৰ জৰিয়তে আজিৰ সমাজৰ সমস্যা সমাধানৰ উপায় বিচৰা হয়।

উপসংহাৰত ক’ব পাৰি যে বিশ্ব নাট্য দিৱস কেৱল এটা উৎসৱ নহয়, বৰঞ্চ ই এটা মাধ্যম যাৰ জৰিয়তে নাটকৰ শক্তি আৰু সম্ভাৱনাক পুনৰ স্মৰণ কৰা হয়। ই মানৱতাৰ সৈতে জড়িত এটা শিল্পক জীয়াই ৰাখে আৰু ভৱিষ্যতৰ বাবে ইয়াক প্ৰাসংগিক কৰি তোলে। নাটকৰ জৰিয়তে আমি আমাৰ অতীতক বুজি পাওঁ, বৰ্তমানক বিশ্লেষণ কৰোঁ আৰু ভৱিষ্যতৰ পথ প্ৰশস্ত কৰোঁ। ইয়াৰ সাৰ্বজনীনতা, শৈক্ষিক মূল্য, সামাজিক তাৎপৰ্য, নিৰাময়কৰণ ক্ষমতা, সাংস্কৃতিক সংৰক্ষণৰ ভূমিকা আৰু অৰ্থনৈতিক প্ৰভাৱৰ জৰিয়তে নাটক বিশ্বৰ প্ৰতিটো কোণত এক অপৰিহাৰ্য শিল্পৰূপ হৈ পৰিছে। বিশ্ব নাট্য দিৱসত এই সকলো দিশৰ ওপৰত আলোকপাত কৰা হয় আৰু নাটকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে প্ৰতিশ্ৰুতি গ্ৰহণ কৰা হয়।

হিমাংশু ৰণ্‌জন ভূঞা