Home Blog Page 309

এন এইচ এম কৰ্মচাৰীৰ দুৰ্দশা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিলে সাংসদ সুস্মিতা দেৱে । NHM

দৈনন্দিন বাৰ্তাৰ সেৱা , মঙলদৈ বিশেষ সেৱা ,২৬ মাৰ্চ :NHM । ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ ‘নিঃক্ষয় পোষণ যোজনা’ত উল্লেখনীয় সাফল্য লাভ কৰাৰ বাবে অসমে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন, অসমৰ পৰিচালন সঞ্চালক (এম ডি) ডাঃ লক্ষ্মনন এচে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী জে পি নাড্ডাৰ হাতৰ পৰা মঙ্গলবাৰে নতুন দিল্লীত অনুষ্ঠিত বিশ্ব যক্ষ্মা দিৱসত এই বঁটা গ্ৰহণ কৰে। এই বঁটা লাভ কৰাত অসমৰ যক্ষ্মা বিভাগৰ পাঁচ শতাধিক ঠিকাভিত্তিক কৰ্মচাৰী স্বাভাৱিকতে আনন্দিত হৈ পৰিছে।

ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনি, অসমৰ ঠিকাভিত্তিক কৰ্মচাৰী সন্থাৰ সভাপতি গণেশ দত্ত, কাৰ্যকৰী সভাপতি ৰঞ্জিত কুমাৰ বৰুৱা আৰু সাধাৰণ সম্পাদক ৰিয়াজ উদ্দিনে বুধবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে, বিগত ২৭ বছৰে যক্ষ্মা দূৰীকৰণ কামত নিয়োজিত ৰাজ্যখনৰ পাঁচ শতাধিক ঠিকাভিত্তিক কৰ্মচাৰীয়ে দিন ৰাতি একাকাৰ কৰি এইদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও বঁটা অসমলৈ কঢ়িয়াই অনাত বিশেষ ভূমিকা লৈ আহিছে যদিও এই কৰ্মচাৰী সকলৰ ভৱিষ্যৎ জীৱন সুৰক্ষিত কৰাৰ বাবে বৰ্তমানৰ চৰকাৰে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা নাই, যিটো সঁচাই দুৰ্ভাগ্যজনক। দৰমহা বৃদ্ধিকে ধৰি কেইবাটাও মৌলিক সমস্যা সমাধানৰ দাবী সন্থাই উত্থাপন কৰি আহিছে যদিও এই ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষোভ প্ৰকাশ কৰি সন্থাই কয়- ‘আমি কৰ্মৰে অসমক যিদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তুলিছো; সেইদৰে সাফল্যৰ ধাৰা অৱনমিত কৰিবলৈ আমাৰ বেছি দিন নালাগিব। গতিকে আমাৰ সমস্যাক লৈ অচিৰেই বিভাগীয় মন্ত্ৰী, আমোলা – বিষয়া আৰু সন্থাৰ নেতৃত্বৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি সমাধানৰ পদক্ষেপ গ্ৰহণ কৰক।’ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে সমগ্ৰ ভাৰতত যোৱা ৭ ডিচেম্বৰ পৰা ১৭ মাৰ্চলৈ ১০০ দিনীয়া যক্ষ্মামুক্ত কেম্পেইন অনুষ্ঠিত হৈছিল আৰু এই কেম্পেইনত কেইবাটাও বিন্দুত অসমে দক্ষতাৰে সাফল্য লাভ কৰিছে। ইপিনে যোৱা ১৯ মাৰ্চত সাংসদ সুস্মিতা দেৱে অসমত ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ দুখ দুৰ্গতিৰ বিষয়ে সদনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাক লিখিতভাৱে অৱগত কৰি কৰ্মচাৰী সকলৰ সমস্যা সমাধান কৰিবলৈ আহ্বান জনোৱা কাৰ্যক আদৰণি জনাইছে ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনি, অসমৰ ঠিকাভিত্তিক কৰ্মচাৰী সন্থাই। মণিপুৰ, মহাৰাষ্ট্ৰ, চিকিমকে ধৰি কেইবাখনো ৰাজ্যত এন এইচ এমৰ কৰ্মচাৰী সকলৰ চাকৰি সংশ্লিষ্ট ৰাজ্য চৰকাৰে নিয়মীয়া কৰিছে যদিও অসম চৰকাৰে চাকৰি নিয়মীয়া কৰা দূৰৈৰে কথা, আনকি আৰ অ’ পি মতেই দৰমহা প্ৰদান কৰা নাই। ইপিনে দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ সদ্দিচ্ছা অভাৱ বুলি অভিযোগ কৰি সন্থাই কয়- ‘সপ্তম দৰমহা আয়োগৰ হাৰত এন এইচ এম কৰ্মচাৰীক দৰমহা প্ৰদান এইখন চৰকাৰৰ আছিল এক ভুৱা প্ৰতিশ্ৰুতি।’ ইপিনে অসম বিধান সভাৰ অধিবেশনত বিধায়ক দিগন্ত বর্মনে দাখিল কৰা এক লিখিত প্রশ্নৰ স্বাস্থ্যমন্ত্ৰীয়ে দিয়া উত্তৰতেই চৰকাৰৰ সদিচ্ছাৰ অভাৱ পৰিস্ফুট হৈছে বুলি সন্থাই মতপোষণ কৰিছে। বিধায়ক দিগন্ত বৰ্মণে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত অসমত কৰ্মৰত ঠিকা ভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া নোহোৱা পৰ্য্যন্ত সপ্তম দৰমহা আয়োগৰ দ্বাৰা নিৰ্ধাৰিত হাৰত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ স্থায়ী কৰ্মচাৰী সকলৰ সমহাৰত দৰমহা দিয়াৰ ব্যৱস্থা কৰিবনে বুলি সোধা লিখিত প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰীয়ে কয়- ‘ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত অসমত কৰ্মৰত ঠিকা ভিত্তিক কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া নোহোৱা পৰ্য্যন্ত সপ্তম দৰমহা আয়োগৰ দ্বাৰা নিৰ্ধাৰিত হাৰত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ স্থায়ী কৰ্মচাৰী সকলৰ সমাহাৰত দৰমহা দিয়া সম্পৰ্কত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰী সন্থাৰ অনুৰোধ মর্মে ৰাজ্য চৰকাৰৰ অধিসূচনা নং 463076/19 dtd 09/04/2024 ৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলৰ সমতুল্য দৰমহা গাথনিত সম্ভাৱনীয়তা নিৰীক্ষণ কৰিবলৈ কমিটি গঠন কৰিছে আৰু ১৬.০৯.২০২৪ তাৰিখে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মুখ্য কাৰ্যালয়ত প্রথমখন বৈঠক অনুষ্ঠিত হৈছে।’ অৰ্থাৎ যিসময়ত এন এইচ এম ঠিকাভিত্তিক কৰ্মচাৰী সকলে ন্যায দাবীত ৰাজপথত আন্দোলন কৰি আহিছে, ঠিক তেনে সময়তে এখন বৈঠক অনুষ্ঠিত কৰি ছমাহে দ্বিতীয়খন বৈঠক অনুষ্ঠিত নকৰি চৰকাৰখনে কৰ্মচাৰীসকলৰ সমস্যা সমাধানত সদ্দিচ্ছা নথকাটোৱেই প্ৰতিপন্ন কৰিছে বুলি সন্থাই অভিযোগ উত্থাপন কৰিছে

মৰিগাঁওৰ আহঁতগুৰিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য দিৱস । morigaon

মৰিগাঁওৰ আহঁতগুৰিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য দিৱস । morigaon
মৰিগাঁওৰ আহঁতগুৰিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য দিৱস । morigaon

২৬ মাৰ্চ,২০২৫: morigaon । অসমৰ জাতীয় সংগীতৰ ৰচক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱ প্ৰমুখ্যে অসমীয়া ভাষা-সাহিত্যৰ মহান কাণ্ডাৰীসকলৰ মানসপুত্ৰ সদৃশ অসম সাহিত্য সভাৰ গৰিমা পাটকাই পৰ্বতৰ শিখৰৰ লগত সৈয়া হৈ থাকিব। আজি মৰিগাঁও জিলা সাহিত্য সভাৰ আতিথ্যত আৰু ‘শতদল’ আহঁতগুৰি‌ শাখা সাহিত্য সভাৰ সহযোগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৭ সংখ্যক মৃত্যু দিৱস উপলক্ষে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য দিৱসত সভাপতিত্ব কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে সভাপতিৰ ভাষণত এইদৰে কয়। ভাষণ প্ৰসংগত তেওঁ সাম্প্ৰতিক সময়ৰ লেখক-লেখিকাসকলে কেৱল নিজৰ পাৰ্গতালি জাহিৰ কৰিবলৈকে কেৱল নিলিখি প্ৰকৃতাৰ্থত অসমীয়া ভাষা-সাহিত্যৰ উন্নতি সাধনৰ সেৱাত ব্ৰতী হ’বলৈ আহ্বান জনায়। মৰিগাঁও জিলাৰ আহঁতগুৰি আঞ্চলিক শ্ৰীমন্ত শংকৰ গুৰু কীৰ্তনঘৰ আৰু নাটঘৰত অনুষ্ঠিত কেন্দ্ৰীয় সাহিত্য দিৱসত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ প্ৰাণজিৎ বৰাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে। ভাষণ প্ৰদান কৰি বৰাই কয় যে অসমীয়াৰ স্বাভিমান লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আহঁতগুৰি আমাৰ সকলোৰে গৌৰৱ স্থলীত পৰিণত হৈছে, বিশ্বায়নে সৰু সৰু জাতিসত্বাক দুৰ্বল কৰি তোলাৰ সময়তে বেজবৰুৱাই সৰ্বাধিনায়কৰ ভূমিকাৰে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি অসমীয়া জাতিটোক জাতীয় পৰিচয় প্ৰদানৰে বিশ্বৰ বুকুত স্বাভিমানেৰে থিয় কৰোৱালে।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত তেজপুৰ বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক ড০ সুব্ৰত জ্যোতি নেওগে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই উদ্বোধনী আদৰণী ভাষণ আগবঢ়োৱা সভাখনত অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য ধীৰেন শৰ্মা, অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ত সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বসন্ত শইকীয়া, সাংগঠনিক সম্পাদক নিত্যানন্দ বৰা, অনুবাদ প্ৰকল্পৰ আহ্বায়ক হৃদয়ানন্দ গগৈ, কবি সন্মিলনৰ আহ্বায়ক নৱজ্যোতি নাথ, যুৱ সংসদৰ আহ্বায়ক গৌতম গগৈ, সচিব অশোক সেনাপতি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে পৰাণ কুমাৰ বৰুৱা, মৃণাল হাজৰিকা, বিনু লস্কৰ ঠাকুৰীয়া, শংকুসিদ্ধ নাথ, অনুপ তালুকদাৰ, বিৰিঞ্চি কুমাৰ হাজৰিকা, ড০ হীৰালাল বৰা, ডা০ মৃণ্ময় কুমাৰ নাথ, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে মিলেশ্বৰ পাটৰ, হৰেণ বৰা, সম্পাদক ক্ৰমে অজিৎ শৰ্মা, জয়ন্ত ডেকা, অচ্যুত হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত, সাহিত্য সংগঠক ক্ৰমে মিণ্টু দাস, বিজু দেৱী, হৰেশ্বৰ ডেকা, প্ৰদীপ শৰ্মা, ভীষ্ম দুৰ্লভ মহন্ত, মুনিন্দ্ৰ লাংফাই, ভদ্ৰেশ্বৰ ডেকা, প্ৰমোদ দাস, মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক কুশল কুমাৰ বৰা, উপসভাপতি লক্ষেশ্বৰ বৰদলৈ, শতদল আহঁতগুৰি শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি সত্যহাস দাস, প্ৰাক্তন সভাপতি বিষ্ণুৰাম ডেকা, সম্পাদক ৰাজেন দাস প্ৰমুখ্যে বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। কেইবা শতাধিক সাহিত্যপ্ৰেমীৰ উপস্থিতিত জীপাল হোৱা সাহিত্য দিৱস পালনৰ সভাখনত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ হৰমোহন কলিতা, আঁহতগুৰি শাখা সাহিত্য সভাৰ সভাপতি অঞ্জলি দাস, অসম সাহিত্য সভাৰ পৰম সুহৃদ হিতৈষীদ্বয় ক্ৰমে মহেন্দ্ৰ নাথ হাজৰিকা আৰু ধৰণীধৰ বুঢ়াগোহাঁয়ে বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে। উল্লেখ্য যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আহঁতগুৰিঘাটস্থিত তেখেতৰ আৱক্ষ মূৰ্তিৰ সন্মুখত পুষ্পাৰ্ঘ অৰ্পণৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী সহিতে অৰ্ধশতাধিক বিষয়ববীয়াই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


পুৱা ৮.৪৫ মিনিটত পতাকা উত্তোলন আৰু ৯ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আৰম্ভ হোৱা দিৱসটিত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাক মৰিগাঁও জিলা সাহিত্য সভা, বহুসংখ্যক শাখা সাহিত্য সভা, দল-সংগঠন-ব্যক্তি বিশেষে স্মাৰক, সম্বৰ্ধনা-পত্ৰ, শৰাই চেলেং-চাদৰ, ফুলাম গামোচা, কিতাপৰ টোপোলা আদিৰে ব্যাপক সম্বৰ্ধনা জ্ঞাপন কৰে। দুকুৰিৰো অধিক সাহিত্য অনুৰক্তই অসম সাহিত্য সভাৰ আজীৱন সভ্য, হিতৈষী সভ্যপদ গ্ৰহণ কৰা সভাখন চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ আৰু জাতীয় সংগীত পৰিৱেশনৰে সামৰণি পৰে।।

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ আদালতৰসাংবাদিক গ্ৰে্প্তাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ । Dilwar Hussain Mozumder

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ আদালতৰসাংবাদিক গ্ৰে্প্তাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ । Dilwar Hussain Mozumder
সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ আদালতৰসাংবাদিক গ্ৰে্প্তাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ । Dilwar Hussain Mozumder


দৈনন্দিন বাৰ্তাৰ বিশেষ সেৱা, ২৬ মাৰ্চঃDilwar Hussain Mozumder । সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ কৰিলে আদালতে ৷ কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন।অৱশে্য বৃহস্পতিবাৰেহে মুকলি আকাশৰ তললৈ আহিব দিলোৱাৰ হুছেইন মজুমদাৰ।বেইল বণ্ড জমা দিব নোৱাৰা বাবে আজি নিশা কাৰাগাৰত কটাব লাগিব সাংবাদিকজনে।এয়া গণতন্ত্ৰৰ জয় বুলি ক’লে দিলোৱাৰ হুছেইন মজুমদাৰে।ইপিনে সাংবাদিক মজুমদাৰৰ গ্ৰেপ্তাৰকলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ত প্ৰতিবাদ হৈছে৷ “ডিজিটেল সংবাদ মঞ্চ ‘ক্ৰছ কাৰেন্টে’ এপেক্স বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে কেতবোৰ বিত্তীয় খেলি-মেলিৰ অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগবোৰক কেন্দ্ৰ কৰিয়ে ২৫ মাৰ্চৰ দিনা এপেক্স বেংকৰ সন্মুখত অসম জাতীয় পৰিষদৰ ভ্ৰাতৃপ্ৰতীম সংগঠন জাতীয় যুৱ শক্তিয়ে এটা প্ৰতিবাদৰ আয়োজন কৰিছিল। এই প্ৰতিবাদ সম্পৰ্কে বেংকৰ পৰিচালন সঞ্চালকৰ অভিমত ল’বলৈ যাওঁতে ‘ক্ৰছ কাৰেন্ট’ৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পৰিচালন সঞ্চালকে দুৰ্ব‍্যৱহাৰ কৰে আৰু পুলিচ মাতি আনি তেওঁক পাণ বজাৰ থানালৈ পঠিয়াই দিয়ে।”

জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা সম্পৰ্কতে আজি অসম নাগৰিক সমাজে এক বিবৃতিযোগে এইদৰে কয়।অসম নাগৰিক সমাজে লগতে কয় যে, “পুলিচে দিলৱাৰ হুছেইনক কেইবা ঘন্টাও থানাত বহুৱাই থৈ অৱশেষত গ্ৰেপ্তাৰ কৰে। এজন সাংবাদিকে বাতৰি পৰিবেশন কৰিবলৈ যাওঁতে তেওঁক গ্ৰেপ্তাৰ কৰাটো কেনে কথা? আমি ক’ত বাস কৰিছোঁ? অসমত আইনৰ শাসনৰ অৱশিষ্টখিনিও নোহোৱা হ’ল নেকি ? কাৰ নিৰ্দেশত পুলিচ প্ৰশাসনে এনে ব‍্যৱহাৰ কৰিছে? ই কেৱল সাংবাদিকৰ স্বাধীনতাৰ কথাই নহয়, ই আমাৰ সকলোৰে ব‍্যক্তি-স্বাধীনতা আৰু মানৱাধিকাৰৰ প্ৰশ্ন।”
ইয়াৰ লগতে অসম নাগৰিক সামাজৰ হৈ অজিত কুমাৰ ভূঞা আৰু পৰেশ মালাকাৰে কয় যে অসম নাগৰিক সমাজৰ হৈ আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰোঁ আৰু কোনো বিলম্ব নকৰাকৈ বিনাচৰ্তে দিলৱাৰ হুছেইন মজুমদাৰক মুকলি কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাওঁ।জ‍্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাৱৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে ।


এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শৰ্মাই কয়, “জ‍্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি অসম চৰকাৰে স্বৈৰাস্বাৰীতাৰ পৰিচয় দিছে । ইয়াক আমি আছুৱে ধিক্কাৰ দিছো । আমি তেওঁক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী জনাইছো । আচলতে অসম চৰকাৰে অসমত এতিয়া সাংবাদিকৰ পৰা দুটা শব্দ শুনিব বিচাৰে । সেইটো হৈছে হয় হজুৰ ।’’ উল্লেখ্য মঙলবাৰে এপেক্স বেংকৰ দুৰ্নীতিৰ কেলেংকাৰীৰ অভিযোগ সম্পৰ্কে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ পাছতে মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে মাতি নিয়ে আৰু মাজনিশালৈকে আটক কৰি থানাতে ৰাখি থয়। তাৰপিছত মাজনিশা কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।ইফালে মঙলবাৰৰ পৰা বুধবাৰে আবেলিলৈকে অসমৰ বিভিন্ন স্থানৰ সাংবাদিক সকলে এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটীৰ সাংবাদিকসকলে গুৱাহাটী প্ৰেছক্লাৱ আৰু আদালতৰ সমুখতো প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছতে আদালতত হুছেইনৰ জামিন মঞ্জুৰ হয়।

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ মৰনৈ চাপৰি প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তী মহোৎসৱ উদযাপনৰ প্ৰস্তুতি ।srimanta sankaradeva

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ মৰনৈ চাপৰি প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তী মহোৎসৱ উদযাপনৰ প্ৰস্তুতি ।srimanta sankaradeva
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ মৰনৈ চাপৰি প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তী মহোৎসৱ উদযাপনৰ প্ৰস্তুতি ।srimanta sankaradeva

ঢকুৱাখনা ২৬ মাৰ্চ, ২০২৫ :srimanta sankaradeva । শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ ঢকুৱাখনা জিলা শাখাৰ সোৱণশিৰি শঙ্কৰ-মাধৱ আঞ্চলিক শাখাৰ অন্তৰ্গত মৰনৈ চাপৰি প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তী মহোৎসৱ উদযাপনৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। সভাপতি সদা ভৰালী, কাৰ্যকৰী সভাপতি দিগেন চুতীয়া আৰু সম্পাদক প্ৰহ্লাদ চুতীয়াক লৈ এখন শক্তিশালী উদযাপন সমিতি গঠনেৰে ৮ খনকৈ উপসমিতি গঠন কৰি যাৱতীয় কাম কাজ চলাই নিছে। ১৯৯৩ চনতে প্ৰতিষ্ঠা লাভ কৰা প্ৰাথমিক শাখাখনিৰ স্মৃতি ৰোমন্থন, ইতিহাস সংৰক্ষণ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক আদৰ্শ হিচাবে চিনাকি দিয়াৰ লক্ষ্যৰে অহা ইংৰাজী ২৯ আৰু ৩০ মাৰ্চ তাৰিখে শনি আৰু দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰূপালী জয়ন্তী মহোৎসৱ।কাৰ্যসূচী অনুসৰি প্ৰথমদিনা পুৱা উষা কীৰ্ত্তন, পৰিৱেশ নিকাকৰণ,শাখাৰ প্ৰাক্তন সভাপতি যোগেন চুতীয়া আৰু লীলাৰাম খনিকৰে গছপুলি ৰোপণ,তোৰণ উন্মোচন, শৰাই প্ৰতিষ্ঠা, নাম প্ৰসংগ, ভাগৱত পাঠৰ পিছতে মঞ্চ উন্মোচন কৰিব সহকাৰী শিক্ষক ৰঞ্জন কৃষ্ণ খনিকৰে।শাখাৰ সভাপতি নিকুঞ্জ মোহন ভৰালীৰ সভাপতিত্বত প্ৰাক্তন সভাপতি-সম্পাদকৰ সন্মিলন, যুৱ সমাৰোহৰ পিছতে আই মাতৃ সমাৰোহ আৰম্ভ হ’ব।নমিতা খনিকৰৰ সঞ্চালনাত উদ্ধোধন কৰিব ঢকুৱাখনা জিলা শাখাৰ সদস্যা বুলুমাই খনিকৰে।বিয়লিলৈ সাহিত্য শাখা উদ্ধোধন কৰিব অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জ্যোতিপ্ৰসাদ পেগুৱে।

সন্ধা বন্তি প্ৰজ্বলন কৰিব সঙ্গী ৰত্ন চুতীয়াই।শৰাই প্ৰতিষ্ঠা, নাম প্ৰসঙ্গৰ পিছতে গধূলিলৈ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ’ব। উপদেষ্টা গুণাধৰ খনিকৰে সঞ্চালনা কৰা অনুষ্ঠানটি উদ্ধোধন কৰিব ঢকুৱাখনা জিলা শাখাৰ সংস্কৃতি শাখাৰ সভাপতি কনক কোঁৱৰে। ইফালে দ্বিতীয় দিনা পুৱা পৰিৱেশ নিকাকৰণ, শৰাই প্ৰতিষ্ঠা, নাম প্ৰসংগৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰিব শাখাৰ সভাপতি নিকুঞ্জ মোহন ভৰালীয়ে।সঞ্চালক বিটু চুতীয়াৰ সভাপতিত্বত “ৰূপতীৰ্থ” স্মৃতিগ্ৰন্থ উন্মোচনী সভাখনি উদ্ধোধন কৰিব প্ৰাক্তন সংস্কৃতি শাখাৰ সম্পাদক উৎপল চুতীয়াই। দুপৰীয়া অনুষ্ঠিত হ’ব মুকলি সভা। শাখাৰ সভাপতি নিকুঞ্জ মোহন ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি উদ্ধোধন কৰিব মৰনৈ চাপৰি প্ৰাথমিক শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক মূলাৰাম খনিকৰে।ঢকুৱাখনা জিলা শাখাৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে মুখ্য অতিথি, বিধায়ক নৱকুমাৰ দলেৰ সন্মানীয় অতিথি আৰু নিদিষ্ট বক্তা হিচাবে বিশিষ্ট সাহিত্যিক আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰচাৰক ড° হেমন্ত কুমাৰ দাসে ।ইফালে বিশিষ্ট অতিথি হিচাপে শৰণ সদস্য থানেশ্বৰ বড়া,শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মূলৰ সদস্য দেৱকুমাৰ গগৈ, বগেন কোচ,ঢকুৱাখনা জিলা শাখাৰ সম্পাদক হেমন্ত ভৰালী, সোৱণশিৰি শঙ্কৰ-মাধৱ আঞ্চলিক শাখাৰ সভাপতি জীৱন চুতীয়া, সম্পাদক হিৰণ্য দত্ত, সমজিলাৰ আয়ুক্ত কাৰ্তিক কলিতা, খণ্ড উন্নয়ন বিষয়া জিম্পী শইকীয়াই। ইফালে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব।সন্ধা ধৰ্মধ্বজা অৱতৰণ,বন্তি প্ৰজ্বলন আৰু শৰাই প্ৰতিষ্ঠা, নাম প্ৰসঙ্গ আৰু নিশালৈ বিপ্ৰ দামোদৰ আখ্যান, দন্তবক্ৰৰ মুক্তি লাভ ভাওনাখনি প্ৰদৰ্শন কৰিব।ভাওনাখনি সেৱকী হিচাবে আগবঢ়াইছে উত্তম চুতীয়া আৰু পৰিয়ালবৰ্গই। সেয়েহে ৰূপালী জয়ন্তী মহোৎসৱ ভাগি সফল ৰূপায়ণৰ বাবে সকলো ভক্ত প্ৰাণ ৰাইজ,আই -বাপ,যুৱক-যুৱতীৰ উপস্থিতি কামনা কৰিছে সম্পাদক প্ৰহ্লাদ চুতীয়াই।

১০-১১ মে’ত ছাত্ৰ সন্হাৰ বৃহত্তৰ গোগামুখ ব’হাগী বিদায় উৎসৱ , খ্যাতনামা লোকশিল্পী খগেন গগৈলৈ অই আপ্পুন গণেশ পেগু বঁটা । khagen gogoi

১০-১১ মে’ত ছাত্ৰ সন্হাৰ বৃহত্তৰ গোগামুখ ব’হাগী বিদায় উৎসৱ , খ্যাতনামা লোকশিল্পী খগেন গগৈলৈ অই আপ্পুন গণেশ পেগু বঁটা । khagen gogoi
১০-১১ মে’ত ছাত্ৰ সন্হাৰ বৃহত্তৰ গোগামুখ ব’হাগী বিদায় উৎসৱ , খ্যাতনামা লোকশিল্পী খগেন গগৈলৈ অই আপ্পুন গণেশ পেগু বঁটা । khagen gogoi

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ২৬ মাৰ্চঃ khagen gogoi । খ্যাতনামা শিল্পী বিহু সম্ৰাট খগেন গগৈক এইবাৰ গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই প্ৰদান কৰিব শিল্পী অই আপ্পুন গণেশ পেগু বঁটা ৷ আগন্তুক ১০-১১ মে’ত ধেমাজি জিলাৰ গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত  দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে  অনুষ্ঠিত হ“বলগা বৃহত্তৰ গোগামুখ ব’হাগী বিদায় উৎসৱ এই বঁটা প্ৰদান কৰিব  গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই ৷ খগেন গগৈ হৈছে অসমৰ লোকসংস্কৃতিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিভাঁজভাৱে তুলি ধৰা এগৰাকী খ্যাতনামা শিল্পী ৷ বিশেষকৈ টোকাৰী গীত, বিহু নামৰ বহুকেইটা শ্ৰব্যসঁফুৰাত গীত পৰিৱেশন কৰি অসমৰ স্বকীয় লোকসংস্কৃতিক চহকী কৰি ৰাখিছে ৷ তেওঁ অসমৰ বিভিন্ন স্থানৰ মঞ্চৰ লগতে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ আৰু দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে টোকাৰী গীত আৰু বিহু নাম পৰিৱেশন কৰিছে ৷

১৯৮৬ চনত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে হিমাচল প্ৰদেশৰ চিমলাত  আয়োজন কৰা সৰ্বভাৰতীয় লোকসংগীত সমাৰোহত বিহুনাম আৰু টোকাৰী গীত পৰিৱেশন কৰি সাংস্কৃতিপ্ৰেমী ৰাইজক তেওঁ আপ্লুুত কৰিছিল ৷ ১৯৮৭ চনত  নতুন দিল্লীত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসতো তেওঁ অসমৰ প্ৰতীকপটৰ লগত  বিহু নৃত্যৰ দলৰ দলপতি হিচাপে যোগদান কৰিছিল ৷ নাগালেণ্ডৰ ডিমাপুৰত ১৯৮৯ চনত  অনুষ্ঠিত হোৱা উত্তৰ-পূব মাণ্ডলিক লোকসংগীত সমাৰোহত শিল্পী খগেন গগৈয়ে টোকাৰী গীতৰ শিল্পী হিচাপে অসমক প্ৰতিনিধিত্ব কৰিছিল ৷ ১৯৯০ চনত তেওঁ দিল্লীত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক বাণিজ্য মেলাত টোকাৰী গীত পৰিৱেশন কৰি সুনাম অৰ্জন কৰিছে ৷ মুম্বাই অসম সন্হাই ১৯৯৩ চনত মুম্বাইত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানটো টোকাৰী গীত পৰিৱেশন দৰ্শক ৰাইজৰ মন জয় কৰাৰ লগতে ১৯৯৪ চনত একেৰাহে নতুন দিল্লী, কলকাতা, ভূবনেশ্বৰ, আৰু আন্দামান নিকোবৰ দ্বীপপূঞ্জত  অনুষ্ঠিত দ্বীপ মহোৎসৱ আৰু পৰ্যটন দিৱসত তেওঁ বিহু নৃত্য আৰু গীত পৰিৱেশন কৰিছিল।  ১৯৯৬ চনত গোৱাত অনুষ্ঠিত হোৱা আন্তৰাজ্যিক সাংস্কৃতিক বিনিময় কাৰ্যসূচীত বিহু গীত আৰু নৃত্য পৰিৱেশন কৰিছিল ৷ লোকশিল্পী খগেন গগৈয়ে অসমৰ অসমীয়া বোলছবি জগতলৈও অন্যন্য অৱদান আগবঢ়াইছে ৷ তাৰে বিদ্যুৎ চক্ৰৱৰ্তী পৰিচালিত ছবি নিষিদ্ধ নদী, চন্দ্ৰ মুদৈ পৰিচালিত ছবি মাঘত মামনিৰ বিয়া, পুলক গগৈ পৰিচালিত ছবি পত্নী, জুবিন গাৰ্গ পৰিচালিত ছবি অগ্নিসাক্ষীত নেপথ্য গায়ক হিচাপে টোকাৰী গীত আৰু বিহুনাম পৰিৱেশন কৰিছে ৷ আন্তৰাষ্ট্ৰীয় পৰ্যায়তো লোকশিল্পী গগৈয়ে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে ৷  তেওঁ ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা অধীনস্থ ভাৰতীয়  সাংস্কৃতিক সম্বন্ধ পৰিষদৰ জৰিয়তে   ১৯৯৭ চনত কাজাখাস্তান আৰু তুৰ্কীস্থান, ২০০১ চনত মৰিচাচ, ২০০২ চনত  লণ্ডন, শ্ল’ভেকীয়া, ২০০৯ চনত কম্বুদীয়া, ইণ্ডোনেছীয়াত  বিহুনাম আৰু টোকাৰী গীত পৰিৱেশন কৰি অসম আৰু অসমীয়াৰ স্বাভিমানক বিশ্বদৰবাৰত গৌৰবান্বিত কৰিলে ৷ ২০১১ চনত মুম্বাইৰ এম টি ভিৰ ক’ক ষ্টুডিঅ’ত বিখ্যাত সংগীত পৰিচালক লেজলি লুইছে পৰিচালনা কৰা বিহু আৰু মহাৰাষ্ট্ৰৰ লোকসংগীতক লৈ সংমিশ্ৰণ কৰা গীতত শংকৰ মহাদেৱনৰ সৈতে গীত পৰিৱেশন কৰিছিল ৷ প্ৰখ্যাত ছবি পৰিচালক মণিৰত্নমৰ দিল সে’ত শ্বাহৰুখ খানৰ লগতো ক্ষন্তেক সময় একেলগে অভিনয় কৰিছে ৷ এই গৰাকী প্ৰখ্যাত লোকশিল্পী খগেন গগৈৰ জন্ম হৈছে বৰ্তমানৰ  চৰাইদেউ জিলাৰ লংপটীয়া গাঁৱত ৷ বৰ্তমান তেওঁ গুৱাহাটীৰ স্থায়ী বাসীন্দা ৷ গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ ব’হাগী বিদায় উৎসৱৰ অভ্যৰ্থনা সমিতিৰ সভাপতি জিতু বৰা,  কাৰ্যকৰী সভাপতি দীপক বৰগোঁহাই, সম্পাদক ঋতুপৰ্ণ কোঁচে জনোৱা মতে  খগেন গগৈৰ দৰে এগৰাকী খ্যাতনামা লোকশিল্পীক অই আপ্পুন গণেশ পেগু বঁটা প্ৰদান কৰিবলৈ পাই তেওঁলোক নথৈ আনন্দিত ৷ এই বঁটাই লোকশিল্পী খগেন গগৈ আৰু আন এগৰাকী লোকশিল্পী প্ৰয়াত অই আপ্পুন গণেশ পেগুক শাৰীৰিকভাৱে নহ’লেও সাংস্কৃতিকভাৱে যুগলবন্দী কৰিব ৷ এই বঁটাত থাকিব নগদ ধন, ফুলাম গামোচা, ফুলাম জাপি, মানপত্ৰ, চেলেং চাদৰ, মিচিং জনগোষ্ঠীয় সাজ-পাৰ ৷ তেওঁলোকে লগতে জনোৱা মতে ব’হাগী বিদায় উৎসৱ উপলক্ষে জেতুকা নামৰ বাৰ্ষিক স্মৃতিগ্ৰন্থখনো প্ৰকাশ পাব বুলি জনাইছে ৷

Amitabh Bachchan Jaya Bachchan: অমিতাভ বচ্চনে কিয় খৰখেদাকৈ জয়া ভাদুৰীক বিয়া কৰাইছিল ? পঢ়ক ৬২ বছৰীয়া প্ৰেম-কাহিনী

Amitabh Bachchan Jaya Bachchan: অমিতাভ বচ্চনে কিয় খৰখেদাকৈ জয়া ভাদুৰীক বিয়া কৰাইছিল ?
Amitabh Bachchan Jaya Bachchan: অমিতাভ বচ্চনে কিয় খৰখেদাকৈ জয়া ভাদুৰীক বিয়া কৰাইছিল ?

অমিতাভ বচ্চন আৰু জয়া ভাদুৰীৰ বিবাহৰ ৬২ বছৰ হ’ল। তিনিবছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰাৰ অন্তত দুয়োৰে বিয়া হৈছিল যদিও খুব কম সংখ্যকেহে জানে যে তেওঁলোকৰ বিয়া হঠাতে হৈছিল, আগতীয়াকৈ কোনো পৰিকল্পনা কৰা হোৱা নাছিল। ব্যক্তিগত বিয়া আছিল, খৰখেদাকৈ কৰা, এখন গোপন বিয়া। গতিকে আজি এই গোপনীয়তাৰ বিষয়ে জানক।(Amitabh Bachchan Jaya Bachchan)

সেই শতিকাৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ অনুৰাগীসকলে তেওঁলোকৰ প্ৰেম কাহিনীৰ বিষয়ে ভালদৰেই জানে। দুয়োজনে বহু ছবিত একেলগে কাম কৰিছিল আৰু আজিও দুয়োজনেই হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম বিখ্যাত দম্পতী। বিবাহৰ বহু দশক পাৰ হৈ গ’ল যদিও আজিও ৬২ বছৰ আগৰ দৰেই তেওঁলোকৰ মাজত একেই প্ৰেম আছে। ৩ বছৰ ডেটিং কৰি ১৯৭৯ চনত অমিতাভ আৰু জয়াৰ বিয়া হৈছিল আৰু বিশেষ কথাটো হ’ল সেইখন গোপন বিয়া আছিল।

বিগ বিয়ে পণ্ডিতক ৫০০ টকা দিলে, কিয়নো দুয়োৰে বিয়াৰ কোনো প্ৰস্তুতি বা তাৰিখ আগতীয়াকৈ সিদ্ধান্ত লোৱা হোৱা নাছিল। এই কথা এবাৰ প্ৰকাশ কৰিছিল অমিতাভ বচ্চনে। তেওঁ খৰখেদাকৈ বিয়া কৰাইছিল বুলি কৈছিল আৰু ইয়াৰ বাবে পণ্ডিতক ৫০০ টকাও দিছিল। শেহতীয়াকৈ অমিতাভ বচ্চনৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল, য’ত তেওঁৰ বিবাহৰ সৈতে জড়িত আমোদজনক কাহিনীটোৰ বহু গোপন কথা কয়। এই ভিডিঅ’টো তেওঁৰ কুইজ শ্ব’ ‘কৌন বনেগা কোৰপতি’ৰ চেটৰ, য’ত কৃতি ছানন আৰু ৰাজকুমাৰ ৰাও আছিল।

আমোদজনক কথাটো আছিল যে তেওঁ বা জয়াই আগতে কেতিয়াও লণ্ডন দেখা নাছিল। ভ্ৰমণক লৈ বৰ উৎসাহিত আছিল দুয়ো। বিগ বিয়ে আৰু কয় যে যেতিয়া তেওঁ পিতৃ হৰিবংশ ৰায় বচ্চনক লণ্ডনলৈ যোৱাৰ কথা ক’লে, তেতিয়া তেওঁ সুধিলে যে তেওঁৰ লগত কোন যাব। তাৰ পিছত জয়াৰ নাম ল’লে আৰু তাইৰ দেউতাকে স্পষ্টকৈ ক’লে যে জয়াক লগত লৈ যাব বিচাৰিলে প্ৰথমে বিয়া হ’ব লাগিব। এই কথা শুনি অমিতাভ আৰু জয়াই ততাতৈয়াকৈ বিয়া হোৱাৰ সিদ্ধান্ত ল’লে। সেয়ে বিয়াৰ কোনো তাৰিখ নিৰ্ধাৰণ কৰিব পৰা নগ’ল।

বহু হিট ছবিত একেলগে কাম কৰিছিল দুয়ো। কৃতিয়ে ধেমালিতে সুধিলে কোনে প্ৰপ’জ কৰিছিল? এই সন্দৰ্ভত অমিতাভ বচ্চনে ক’লে। তেওঁ ক’লে যে দুয়োজনে বিবাহ সন্দৰ্ভত আগতীয়াকৈ একো সিদ্ধান্ত লোৱা নাই। বহু ছবিত একেলগে কাম কৰিছিল আৰু দুয়ো ঘনিষ্ঠ বন্ধুও আছিল। এই সময়ছোৱাত তেওঁ ‘জঞ্জীৰ’ ছবিখন পাইছিল, য’ত জয়াও আছিল। তেওঁ ভাবিছিল যে যদি ছবিখন হিট হয় তেন্তে তেওঁলোক লণ্ডনলৈ যাব ছুটীত।

বিয়াৰ পিছত ৰাতি লণ্ডনলৈ ৰাওনা হয়, তেওঁ কৈছিল যে বিয়াৰ কোনো বিশেষ প্ৰস্তুতি নাছিল, কিন্তু তথাপিও তেওঁলোকে খৰখেদাকৈ সকলো ৰীতি-নীতি কৰিছিল। বিগ বিয়ে ক’লে যে বিয়াখন ইমান সোনকালে হৈছিল যে তেওঁ পণ্ডিতক ৫০০ টকা দি সোনকালে বিয়াখন সম্পূৰ্ণ কৰিবলৈ ক’লে। ইয়াৰ পিছত বিবাহৰ অনুষ্ঠান সম্পূৰ্ণ হ’ল আৰু সেই নিশাই তেওঁলোক লণ্ডনলৈ ৰাওনা হ’ল। এইদৰে হঠাতে তেওঁলোকৰ বিয়া ঠিক হৈ গ’ল। এই কাহিনীটো আজিও তেওঁৰ অনুৰাগীৰ বাবে অতি আকৰ্ষণীয় হৈয়েই আছে। অমিতাভ আৰু জয়াৰ যুটি আজিও অনুৰাগীৰ বাবে এক আদৰ্শ।

Black plum: দেখাত সৰু আৰু সোৱাদত মিঠা-টেঙা, স্বাস্থ্যৰ ঔষধ; ‘জামুক’ বহু গুণেৰে ভৰপূৰ

Black plum: দেখাত সৰু আৰু সোৱাদত মিঠা-টেঙা, স্বাস্থ্যৰ ঔষধ; ‘জামুক’ বহু গুণেৰে ভৰপূৰ
Black plum: দেখাত সৰু আৰু সোৱাদত মিঠা-টেঙা, স্বাস্থ্যৰ ঔষধ; ‘জামুক’ বহু গুণেৰে ভৰপূৰ

গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে বজাৰত এনে বহু ফল আহে, যিবোৰ খোৱাৰ ফলত বহু উপকাৰিতাৰ লগতে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়। ইয়াৰে এটা হ’ল জামুক, যিটো সৰু কিন্তু সোৱাদযুক্ত ফল।(Black plum)জামুক সোৱাদত যিমানেই অনন্য সিমানেই স্বাস্থ্যৰ বাবেও উপকাৰী। ইয়াৰ বেঙুনীয়া ৰং আৰু মিঠা-টেঙা সোৱাদৰ আঁৰত লুকাই আছে বহুতো গুণ যিয়ে স্বাস্থ্যৰ বহু উপকাৰ কৰে।(Black plum)

গ্লুক’জ আৰু ফ্ৰুক্ট’জেৰে সমৃদ্ধ আচলতে জামুকৰ বৈজ্ঞানিক নাম হৈছে Syzygium cumini। ভাৰতকে ধৰি দক্ষিণ এছিয়াত জামুক প্ৰচুৰ পৰিমাণে পোৱা যায়। সাধাৰণতে জামুক নিমখৰ সৈতে খোৱা হয়। কোৱা হয় যে ৭০% জামুক ফল খাব পৰা। ইয়াৰ মূল উৎস দুটা হ’ল গ্লুক’জ আৰু ফ্ৰুক্ট’জ। ইয়াৰ বাহিৰেও ই আন ফলতকৈ কম কেলৰি যোগান ধৰে।পুষ্টিকৰ উপাদানৰে সমৃদ্ধ জামুকত অধিক পৰিমাণৰ কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু কেলচিয়াম থাকে আৰু লগতে ভিটামিন বি, কেৰটিন, মেগনেছিয়াম আৰু ফাইবাৰ থাকে।

গ্ৰীষ্মকালত জামুক খালে হিট ষ্ট্ৰ’ক ৰোধ হয় আৰু ই কেন্সাৰৰ সম্ভাৱনা কমোৱাতো অতি সহায়ক বুলি প্ৰমাণিত হয়। ইয়াৰ বাহিৰেও আয়ুৰ্বেদত ডায়েবেটিছৰ বাবে ব্লেকবেৰী উপকাৰী বুলি বিবেচিত হৈছে। লগতে জামুক খালে খাদ্য হজম কৰাৰ বাবে উপকাৰী, সুস্থ ছাল আৰু চুলিৰ বাবে উপকাৰী আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী ইয়াৰ উপৰিও জামুক খালে হৃদযন্ত্ৰ যথেষ্ট সুস্থ হৈ থাকে। জামুকত থকা এন্টিঅক্সিডেন্টেও প্ৰদাহ হ্ৰাস কৰি অক্সিডেটিভ চাপ ৰোধ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যত অৰিহণা যোগায়।

Coaching Centres: ব্যক্তিগত কোচিং চেণ্টাৰক নিয়ন্ত্ৰণ কৰিবলৈ অসম বিধানসভাত বিধেয়ক গৃহীত

Coaching Centres: ব্যক্তিগত কোচিং চেণ্টাৰক নিয়ন্ত্ৰণ কৰিবলৈ অসম বিধানসভাত বিধেয়ক গৃহীত
Coaching Centres: ব্যক্তিগত কোচিং চেণ্টাৰক নিয়ন্ত্ৰণ কৰিবলৈ অসম বিধানসভাত বিধেয়ক গৃহীত

সমগ্ৰ ৰাজ্যৰ ব্যক্তিগত কোচিং চেণ্টাৰৰ নিয়ন্ত্ৰণৰ লক্ষ্যৰে অসম বিধানসভাই নতুন আইন গৃহীত কৰিলে ৷ অসম কোচিং ইনষ্টিটিউট [নিয়ন্ত্ৰণ আৰু নিয়ন্ত্ৰণ] বিধেয়ক,(Coaching Centres) ২০২৫ত সকলো কোচিং ইনষ্টিটিউটৰ পঞ্জীয়নৰ নিৰ্দেশ দিয়া হৈছে আৰু ছাত্ৰ-ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱকক ব্যৱসায়িক শোষণ ৰোধ কৰিবলৈ নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাটো বাধ্যতামূলক কৰা হৈছে৷বিধেয়কখনক লৈ হোৱা আলোচনাৰ সময়তে বিধায়ক শ্বেৰমান আলী আহমেদক কাৰ্য্যবিধি ব্যাহত কৰাৰ বাবে নিলম্বন কৰা হয়৷ শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে সদনত ভাষণ দি থকাৰ সময়ত আহমেদে হস্তক্ষেপ কৰাৰ চেষ্টা কৰাৰ পিছতে উপাধ্যক্ষ নোমল মমিনে এই সিদ্ধান্ত গ্ৰহণ কৰে৷

পূৰ্বে কংগ্ৰেছৰ পৰা নিলম্বিত হোৱা বিধায়কগৰাকীক ১০ মিনিটৰ বাবে অধিৱেশনত প্ৰৱেশত বাধা প্ৰদান কৰা হয়৷ বিধেয়কখন উপস্থাপন কৰি মন্ত্ৰী পেগুৱে কোচিং ইনষ্টিটিউটসমূহৰ মাজত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাৰ বাবে এই আইন প্ৰণয়ন প্ৰয়োজনীয় বুলি মন্তব্য কৰে৷ তেখেতে জোৰ দি কয় যে ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকৰ প্ৰায়ে কোচিং চেণ্টাৰে কৰা প্ৰৱঞ্চনা বা বিভ্ৰান্তিকৰ দাবীৰ ক্ষেত্ৰত প্ৰতিকাৰ বিচাৰিবলৈ কোনো আনুষ্ঠানিক পথ নাথাকে৷’ নতুন আইনখনৰ অধীনত বৰ্তমানৰ কোচিং প্ৰতিষ্ঠানসমূহে অধিসূচনাৰ তাৰিখৰ পৰা ৩০ দিনৰ ভিতৰত পঞ্জীয়নৰ বাবে আবেদন কৰিব লাগিব৷

এই বিধেয়কখনে বিশেষকৈ অভিযান্ত্ৰিক আৰু চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা প্ৰতিষ্ঠানসমূহৰ বাবে এই আইন প্ৰণয়ন কৰা হৈছে৷ আইনখনত প্ৰশিক্ষণ কেন্দ্ৰসমূহক ধৰ্মান্তৰকৰণৰ সৈতে জড়িত কাৰ্য্যকলাপত জড়িত হোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, য’ত সংবিধানত উল্লেখ কৰা ধৰ্মনিৰপেক্ষ নীতিসমূহ মানি চলাত গুৰুত্ব দিয়া হৈছে৷ পঞ্জীয়ন লাভ কৰিবলৈ প্ৰতিষ্ঠানসমূহে পাঠ্যক্ৰম, শ্ৰেণীৰ সময়সূচী, সহ-পাঠ্যক্ৰমৰ কাৰ্য্যকলাপ, অধ্যাপকৰ অৰ্হতা, টিউচন মাচুল আৰু উপলব্ধ আন্তঃগাঁথনি আদিৰ তথ্য জনাব লাগিব৷ পঞ্জীয়নৰ প্ৰমাণ পত্ৰ দুবছৰৰ বাবে বৈধ হ’ব, তাৰ পিছত নবীকৰণৰ প্ৰয়োজন হ’ব৷ চৰকাৰে পঞ্জীয়ন প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ অনলাইন পৰ্টেল প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে৷ কোনো ধৰণৰ বিধান উলংঘা কৰিলে কোচিং চেণ্টাৰৰ পঞ্জীয়ন স্থগিত বা বাতিল কৰা হ’ব পাৰে৷ ধবনি ভোটেৰে বিধেয়কখন গৃহীত কৰা হয়৷

HS 1st Year Exam: ব’হাগ বিহুৰ পিছত উচ্চতৰ মাধ্যমিকৰ বাকী থকা পৰীক্ষা

HS 1st Year Exam: ব'হাগ বিহুৰ পিছত উচ্চতৰ মাধ্যমিকৰ বাকী থকা পৰীক্ষা
HS 1st Year Exam: ব'হাগ বিহুৰ পিছত উচ্চতৰ মাধ্যমিকৰ বাকী থকা পৰীক্ষা

সম্প্ৰতি প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল হোৱা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকী থকা প্ৰশ্ন কাকতৰ পৰীক্ষাৰ বাবে নতুন দিন ঘোষণা কৰিব ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে৷(HS 1st Year Exam) কাকত ফাদিলক লৈ ক্ৰমবৰ্ধমান বিতৰ্কৰ মাজতে পুনৰ নিৰ্ধাৰিত পৰীক্ষাসমূহ যাতে নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে মিলি নাযায় তাৰ বাবে সোমবাৰে ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ বিষয়াসকলে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে৷ সূত্ৰ অনুসৰি বাকী থকা প্ৰায় ২০ টা বিষয়ৰ পৰীক্ষা ব’হাগ বিহুৰ পিছত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷

৬ মাৰ্চৰ পৰা আৰম্ভ হোৱা এইচ এছ প্ৰথম বৰ্ষৰ পৰীক্ষা প্ৰথমে ২৯ মাৰ্চত সমাপ্ত হোৱাৰ কথা আছিল যদিও গণিতৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত পৰীক্ষা পিছুৱাই দিয়া হয়৷ শিক্ষা বিভাগৰ পৰা জনোৱা মতে, বৰ্তমান এ এছ ই বিয়ে সংশোধিত সূচী প্ৰস্তুত কৰি আছে, যাতে পঞ্চায়ত নিৰ্বাচনৰ সৈতে ই ওপৰাওপৰি নহয়৷ ইয়াৰ উপৰিও ভৱিষ্যতে লিক হোৱাটো ৰোধ কৰিবলৈ ব’ৰ্ডে কঠোৰ প্ৰতিৰোধমূলক ব্যৱস্থা ৰূপায়ণৰ কাম কৰি আছে৷ বিভিন্ন জিলাত পঞ্জীয়ন হোৱা এফআইআৰৰ সমান্তৰালভাৱে এই ফাদিলৰ তদন্তৰ দায়িত্ব লৈছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে৷ বাকী পৰীক্ষাসমূহৰ ভিতৰত আছে গণিত [লিক হোৱাৰ বাবে স্থগিত], কম্পিউটাৰ বিজ্ঞান আৰু প্ৰয়োগ, নৃতত্ত্ব, সমাজবিজ্ঞান, জীৱবিজ্ঞান, শিক্ষা, ব্যৱসায় অধ্যয়ন, প্ৰয়োগ, নৃতত্ত্ব, সমাজবিজ্ঞান, জীৱবিজ্ঞান, শিক্ষা, ব্যৱসায়িক অধ্যয়ন, উন্নত ভাষা [আৰবী, পাৰ্চী, সংস্কৃত], উদ্যোগীকৰণ বিকাশ, ভূগোল, ভূতত্ত্ব, যুক্তি আৰু দৰ্শন, আৰু মনোবিজ্ঞান৷ পুনৰ নিৰ্ধাৰিত পৰীক্ষাৰ প্ৰথমাৰ্ধত সংগীত [গ্ৰnপ বি]ও সামৰি লোৱা হ’ব, আনহাতে দ্বিতীয়াৰ্ধত আধুনিক ভাৰতীয় ভাষা, বিকল্প ইংৰাজী, সূক্ষ্ম কলা, আৰু বিক্ৰী ব্যৱস্থাপনা আৰু বিজ্ঞাপন আদিও অন্তৰ্ভুক্ত কৰা হ’ব৷

Union Minister Nitin Gadkari: কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বৃহৎ ঘোষণা, শীঘ্ৰে জাৰি হ’বলগীয়া নতুন টোল নীতিয়ে জনতাক দিব সকাহ

Union Minister Nitin Gadkari: কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বৃহৎ ঘোষণা, শীঘ্ৰে জাৰি হ'বলগীয়া নতুন টোল নীতিয়ে জনতাক দিব সকাহ
Union Minister Nitin Gadkari: কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বৃহৎ ঘোষণা, শীঘ্ৰে জাৰি হ'বলগীয়া নতুন টোল নীতিয়ে জনতাক দিব সকাহ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এক্‌সপ্ৰেছৱে আৰু ঘাইপথ ব্যৱহাৰ কৰাৰ সময়ত অধিক টোল কৰৰ সন্মুখীন হোৱা গাড়ী ব্যৱহাৰকাৰীসকলৰ বাবে সকাহৰ ইংগিত দি এক বৃহৎ ঘোষণা কৰিছে ৷(Union Minister Nitin Gadkari) এক অনুষ্ঠানত ভাষণ দি গাডকাৰীয়ে কয় যে বৰ্তমানৰ টোল নীতিৰ ফলত সৃষ্টি হোৱা অসুবিধাসমূহ লাঘৱ কৰিবলৈ নতুন নীতি অনা হ’ব৷

চলি থকা সংসদ অধিৱেশনৰ উদ্ধৃতি দি গাডকাৰীয়ে অধিক সবিশেষ প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে৷ তেওঁ কয়, ‘১ এপ্ৰিলৰ পূৰ্বে মই টোলৰ ক্ষেত্ৰত এনে নীতি ঘোষণা কৰিবলৈ ওলাইছো যে আপুনি টোলৰ বিষয়ে কোনো প্ৰশ্ন নকৰিব আৰু মানুহেও টোল চাৰ্জৰ বিষয়ে সমালোচনা নকৰিব৷ কাৰণ ইয়াত বহু ৰেহাই থাকিব৷

ৰাষ্ট্ৰীয় নীতি সাজু… সংসদৰ অধিৱেশন চলি থকাৰ বাবে মই অধিক সবিশেষ ক’ব নোৱাৰো৷’ ২০২৪ চনৰ নৱেম্বৰ মাহত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে কৈছিল যে ডিচেম্বৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব [পিপিপি] আৰ্হিৰ অধীনত বৰ্তমান চলি থকা টোল পজাসমূহত ব্যৱহাৰকাৰী মাচুল হিচাপে ৰ.৪৪ লাখ কোটি টকা সংগ্ৰহ কৰা হৈছে৷ বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো ব্যৱহাৰকাৰী মাচুল পজা ৰাষ্ট্ৰীয় ঘাইপথৰ মাচুল [হাৰ নিৰ্ধাৰণ আৰু সংগ্ৰহ] নিয়ম, ২০০৮ আৰু নিজ নিজ ৰেহাই চুক্তিৰ বিধান অনুসৰি স্থাপন কৰা হয়৷ চৰকাৰে চৰকাৰী গেজেটত অধিসূচনাৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথৰ যিকোনো অংশ ব্যৱহাৰৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ব্যৱহাৰকাৰী মাচুল আৰোপ কৰে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ মাচুল নিয়মৰ বিধান অনুসৰি সেয়া কৰা হয়৷