Home Blog Page 3090

গোলাঘাটত বিয়াৰ ৰভাতলিত বহিল ১২ যোৰা দৰা-কইনা

গোলাঘাটত সম্পন্ন হৈছে এখন বিশেষ বিয়া । বিয়াৰ ৰভাৰ তলিত একেলগে বহিল ১২ যোৰ দৰা কইনাই। গোলাঘাট কোৰোকা গাওঁত  অনুষ্ঠিত কৰিছে এই বিশেষ সমূহীয়া বিয়াখন। একশৰণ ভাগৱতী সমাজ মৰঙী বৈকুণ্ঠপৰ আঞ্চলিক শাখা আৰু দিব্যজ্যোতি গাওঁ শাখাৰ সৌজন্যত অনুষ্ঠিত কৰা হৈছে সামূহিক বিবাহ কাৰ্যসূচী। আৰ্থিক অভাৱ আৰু বিভিন্ন কাৰণবশত  বিবাহ কৰিব নোৱাৰা সকলক এই সমূহীয়াকৈ অনুষ্ঠিত কৰা বিবাহ ৰভাৰ তলিত একশৰণ ভাগৱতী সমাজৰ নীতি নিয়ম অনুসৰি বিবাহ কৰাই দিয়ে এই সংগঠনটোৱে। বিয়া চাবলৈ ৰভাৰ তলিত উপস্থিত হল আত্মীয় কুটুমকে ধৰি হাজাৰ হাজাৰ লোক। বাদ পৰি নৰল বিবাহৰ আগতে জন্ম লাভ কৰা দৰা কইনাৰ সন্তানো। মুঠতে সকলোকে সাক্ষী কৰি আজি পৰা ১২ গৰাকী দৰা কইনাই সামাজিকভাৱে যুগ্ম জীৱন আৰম্ভ কৰিলে গোলাঘাটৰ এই বিশেষ বিবাহ তলিৰ পৰা।

গোলাঘাট চহৰত ধনৰ জোৱাৰ : বৃহৎ পৰিমাণৰ ধন জব্দ

নিৰ্বাচনৰ সময় চমূ চাপি অহাৰ লগে গোলাঘাটত ধনৰ জোৱাৰ উঠিছে। যোৱা দুদিনত বৃহৎ ৰাশি ধন জব্দ কৰা পিছতে পুনৰ আজি গোলাঘাটৰ  ধনশিৰি দলঙৰ সমীপত উদ্ধাৰ হৈছে এক লাখ নবৈ হাজাৰকৈ টকা। গোলাঘাট থানাৰ অধীনৰ ধনশিৰি দলঙৰ সমীপৰ পৰা গোলাঘাট নিৰ্বাচনী জিলাত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেঞ্চ দল আৰু ফ্লায়িং স্কোৱাৰ্ডে এখন চাৰিচকীয়া বাহনৰ পৰা নগদ ১.৯০ লাখকৈ টকা জব্দ কৰে।ত্ৰিপুৰাৰ পঞ্জীয়ন নম্বৰ থকা গাড়ীখন লাহৰিজানৰ পৰা গোলাঘাট অভিমুখে আহি আছিল। নিৰ্বাচনৰ আগমূহুৰ্তত এনেদৰে ধন জব্দ হোৱা ঘটনাই এতিয়া গোলাঘাটত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গোলাঘাট আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান অব্যাহত ৰাখিছে।

দুধনৈৰ ফ্লিপকাৰ্ট ডেলিভাৰী কেন্দ্ৰত সংঘটিত ডকাইতি কাণ্ডত জড়িত আৰু তিনিজনক গ্ৰেপ্তাৰ

বিগত বৰ্ষৰ ২২ নবেম্বৰত দুধনৈৰ ফ্লিপকাৰ্ট ডেলিভাৰী কেন্দ্ৰত নিশা  সংঘটিত হোৱা এক ডকাইতি কাণ্ডত জড়িত আৰু তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত যুৱক কেইজন হল ক্ৰমে- অভিজিত বসুমতাৰী, জন্মেজয় বসুমতাৰী আৰু ত্ৰুটি বসুমতাৰী। তিনিও জনৰ পৰা এটা .৩২ পিষ্টল উদ্ধাৰ হয়। এই ডকাইতি কাণ্ড সম্পর্কত গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দি কয় যে, যোৱা নৱেম্বৰত দুধনৈৰ ডামৰা ৰোডত থকা “ইনষ্টাকাৰ্ট চাৰ্ভিছ প্ৰাইভেট লিমিটেডৰ  (ফ্লিপকাৰ্টৰ) ডেলিভাৰী কেন্দ্ৰত নিশাৰ ভাগত সংঘটিত হৈছিল এক ডকাইটি কাণ্ড৷ সেই নিশা ডকাইতৰ এটা দলে মাৰণাস্ত্ৰ দেখুৱাই কেন্দ্ৰটোৰ পৰা লুট কৰি নিছিল প্ৰায় বাৰ লক্ষাধিক টকা ৷এই ঘটনাত দুধনৈ থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ফ্লিপকাৰ্ট ডেলিভাৰী কেন্দ্ৰটোৰ চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতীৰ লগতে ৰংজুলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ আৰক্ষীৰ এটা দলে অভিযান চলাই  দুখন স্কুটি আৰু এখন গ্লেমাৰ বাইকৰ লগতে নগদ ৪২ হেজাৰ টকা সহ সুনীল বড়ো, অৰূপ দৈমাৰী আৰু  কমল খাখলাৰীক আটক কৰিবলৈ সক্ষম হৈছিল। উক্ত ডকাইতি কাণ্ডৰ লগত জড়িত আন তিনি গৰাকী ডকাইত ক্ৰমে দুধনৈ থানাৰ অন্তৰ্গত বগুলামাৰী গাওঁৰ অভিজিত বসুমতাৰী, ট্ৰুটি বসুমতাৰী আৰু বান্দৰ্শী গাওঁৰ জন্মেজয় বসুমতাৰীয়ে দীৰ্ঘদিন পলাই আছিল যদিও অৱশেষত তিনিওজন পৰহি নিশা আৰক্ষীৰ জালত পৰে। আনহাতে আৰক্ষী অধীক্ষক গৰাকীয়ে আৰু জানিবলৈ দিয়ে যে ঘটনাটোৰ সন্দৰ্ভত অধিক তথ্যৰ সন্ধান উলিওৱাৰ বাবে ধৃত যুৱক কেইজনক আৰু তিনি-চাৰিদিন সোধপোচ কৰিবলৈ আৰক্ষীৰ জিম্মাত ৰাখিব।

মুকালমুৱাত ‘ভোট দিম দেশ গঢ়িম’ শীৰ্ষক ভোটাৰ সজাগতা ৰেলী

নলবাৰী জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে আজি বৰক্ষেত্ৰীৰ মুকালমুৱাত ‘ভোট দিম দেশ গঢ়িম’ শীৰ্ষক এটি ভোটাৰ সজাগতা ৰেলী উলিয়াই বৰক্ষেত্ৰী প্ৰশাসনে ৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা উলিওৱা ৰেলীটো মুকালমুৱাৰ সোমাজেৰে গৈ নাৰায়নপুৰ হৈ পুনৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় ৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কণকণ শৰ্মাৰ নেতৃত্বত উলিওৱা ৰেলীটোত বৰক্ষেত্ৰী প্ৰশাসনৰ কেইবাটাও বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে অংশ গ্ৰহন কৰে ৷ “ভয়-শংকা পৰিহাৰ কৰি নিজৰ বিবেকেৰে মৌলিক অধিকাৰ সাৱ্যস্ত কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ উদ্দেশ্যৰে উলিওৱা সমদলটোত হাতে-হাতে প্লেকাৰ্ড লৈ দুই শতাধিক ভোটাৰে অংশ গ্ৰহণ কৰে । ‘ভোট দিয়াটো আমাৰ সাংবিধানিক অধিকাৰ, প্ৰতিটো ভোটেই অতি মুল্যবান, ক্ষন্তেকীয়া প্ৰলোভনৰ দ্বাৰা ন’হব বশ, নিজৰ জ্ঞানেৰে দিব নিজৰ ভোট ‘ ইত্যাদি শ্লোগান লিখা প্লেকাৰ্ড হাতে-হাতে লৈ সজাগতা আনিবলৈ চেষ্টা কৰা ৰেলীটোত বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ নতুন ভোটাৰকে ধৰি বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰী, বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ সংলগ্ন বিষয়া ত্ৰিবেণী গগৈ, বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া নেকিবুৰ ৰহমান, সমাজ কল্যাণ বিষয়া ডিম্বেশ্বৰ মহন্তকে ধৰি বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ বিষয়া-কৰ্মচাৰী, বৰক্ষেত্ৰী উন্নয়ন খণ্ড আৰু সমাজ কল্যান বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷

জলেশ্বৰত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী কুছকাৱাজ : কোনে পাব বি জে পি ৰ টিকট

সমাগত বিধান সভা নিৰ্বাচন ৷নিৰ্বাচনক লৈ তৎপৰ বিভিন্ন ৰাজনৈতিক দল সমুহে ৷পিছে পাচ পৰি নাথাকিল ৩৯ নং জলেশ্বৰ বিধানসভা সমষ্টি ৷নিৰ্বাচনৰ দিন ঘোষনা হোৱাৰ লগে লগে সমষ্টিখনত কংগ্ৰেছ. মিত্ৰজোট.ৰাইজৰ দল আদি ৰাজনৈতিক দল সমুহৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী সকলে নিজৰ নিজৰ দলৰ কৰ্মী সকলোক লগত লৈ সমষ্টিৰ চুকেকোণে সৰু বৰ সভা সমিতি আনুষ্টিত কৰি নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে ৷বিগত সময় চোৱাৰ দৰে  সমষ্টিখনত কোন এটা ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ শক্তিশালী ৰূপে অৱৰ্তীৰ্ন হোৱা পৰিলক্ষিত হোৱা নাই ৷A U D F ৰ দখলত থকা সমষ্টিখনত মিত্ৰজোটৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী সকল ক্ৰমে আকতাৰ হুছেইন জদ্দাৰ,খাইৰুল ইছলাম মন্ডল,জাহাংগীৰ আলম,ৰূপচান আলী,জীয়াউৰ ৰহমান,ছাদ্দাম হুছেইন,ৰুহুল আমীন,ওমান গণি ,আদি কৰি কেবাজন নেতাই সোমাই পৰিছে ৰাইজৰ মাজত ৷প্ৰাৰ্থী সকলে নিজৰ নিজৰ চা চিনাকী দি ৰাইজৰ মাজত অব্যাহত ৰাখিছে জনপ্ৰিয়তা ৷কিন্ত ইয়াৰ মাজতে প্ৰাক্তন বিধায়ক আকতাৰ জদ্দাৰ ৰ  নিৰ্বাচনী প্ৰচাৰ কিছু চকুত লগা ধৰনৰ হৈছে ৷সেয়ে এইবেলি ৩৯ নং জলেশ্বৰ বিধানসভা সমষ্টিত ৰাজ্যিক সংখ্যা লঘু বৰ্ডৰ সদস্য আকতাৰ হুছেইন জদ্দাৰে টিকট পোৱাৰ সম্বভনা প্ৰকট হৈ উঠিছে। আনহাতে সমষ্টিখনত বৰ্তমানৰ এ আই ইউ ডি এফ ৰ বিধায়ক চাহাবুদ্দিনে দলটোক শক্তিশালী ৰূপে ধৰি ৰখাত ব্যৰ্থ হোৱাৰ আভিযোগ উঠাত ৰফিকুল ইছলামক দলৰ টিকট দিয়ে৷যাৰ বাবে দলটোৰ কৰ্মী সকলোৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইপিনে ৰাইজৰ দলৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী সকলৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী সকল ক্ৰমে আবতাবুদ্দিন মোল্লা,সহাৰুল ইছলাম,ছুফিয়া ছালমা (শিল্পী) ,গোলাম বাবু কীব্ৰীয়া,মীৰ নাছিৰ হুছেইন আদিয়ে সমান্তৰালকৈ আব্যাহত ৰাখিচে নিৰ্বাচনী প্ৰচাৰ ৷ৰাইজৰ দল নতুন দল হিচাপে ৰাইজে দলটোক কেনেধৰনে আকোৱালি লয় সেয়া সময়তহে হব ইয়াৰ ফলাফল। ৷মনকৰিবলগীয়া যে সমষ্টিখনত এইবেলি মিত্ৰজোটৰ লগতে কংগ্ৰেছৰ পৰা কোনে লাভ কৰিব টিকট সেইলৈ গুনাগথা চলিছে ভোটাৰ ৰাইজৰ মাজত ৷তদুপৰি সমষ্টিখনত টি এম চি দলৰ নিৰ্বাচনী প্ৰচাৰও তুংগত উঠা পৰিলক্ষিত হৈছে ৷উল্লেখ্য যে ৩৯ জলেশ্বৰ সমষ্টিত সংখ্যা লঘু সম্প্ৰদায়ৰ লোক সকলৰ মাজত লগতে যুৱ সমাজৰ মাজতো জনপ্ৰিয় হৈ পৰিছে বি জে পি নেতা আকতাৰ হুছেইন জদ্দাৰ।লগতে সংখ্যা লঘু অত্যাধুসিতো অঞ্চলৰ অনুস্থান প্ৰতিস্থানৰ লগত জড়িত হৈ পৰা জদ্দাৰক  সমষ্টিটোৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিলে সমষ্টিটো বি জে পি ৰ দখলত আহিব। লগতে তেওঁ উপযুক্ত দাবীদাৰ বুলি জনায় স্থানীয় দলীয় কৰ্মী সকলে।

এজিউৰ পাৱাৰ কোম্পানীৰ প্ৰকল্প নিৰ্মানত উচ্চ ন্যায়ালয়ে জাৰি কৰা নাই স্থগিতাদেশ : নগাঁৱত সংবাদ মেলত এজিউৰ কোম্পানীৰ দাবী

নগাঁও জিলাৰ বঢমপুৰ বিধান সভা সমষ্টি  আৰু চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত মিকিৰ বামুনি গ্ৰান্তত এজিউৰ পাৱাৰ কোম্পানীয়ে সৌৰ শক্তি প্ৰকল্পৰ ভূমিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কোনো স্থগিতাদেশ ঘোষনা কৰা নাই বুলি আজি নগাঁও চহৰত আয়োজন কৰা এক সংবাদ মেলত এই কথা জানিবলৈ দিয়ে। তেওঁলোকে জানিবলৈ দিয়ে যে মিকিৰ বামুণী গ্ৰান্টত ১৫ মেগাৱট সৌৰ উৰ্জা প্লান্টৰ বাবে ক্ৰয় কৰা ভূমি হিতাধিকাৰী লগত আলোচনা কৰি আইনগতভাৱে কৰা হৈছে।  এজিউৰ পাৱাৰ ফ’টি প্ৰাইভেট লিমিটেডে জনাইছে যে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত লিখিত দলিল ডব্লিউ পি (চি)৭৫৩/২১ আবেদন কৰা হৈছিল । নগাঁৱৰ মিকিৰ বামুনি গ্ৰান্তত ৰাজ্যৰ ভিতৰতে সৰ্ব বৃহৎ সৌৰ প্ৰকল্প স্থাপনৰ বাবে অসম শক্তি বিতৰন কোম্পানী লিমিটেডৰ পৰা প্ৰতিযোগিতা মূলক লিলামৰ দ্বাৰা অনুমোদন লাভ কৰিছিল । উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত দাখিল কৰা আবেদন খনৰ তালিকাকৰন আৰু শুনানী কৰন ৫ মাৰ্চত গ্ৰহণ কৰা হয় । এজিউৰ কোম্পানীয়ে জানিবলৈ দিয়া মতে উচ্চ ন্যায়ালয়ে ৫ মাৰ্চত জাৰি কৰা নিৰ্দেশ অনুসৰি ভূমি অধিগ্ৰহণ সন্দৰ্ভত দুয়ো পক্ষই বৰ্তমান যি অৱস্থা চলি আছে সেয়া বৰ্তাই ৰাখিব লাগিব । এই প্ৰকল্পৰ ভূমি চামগুৰি ৰাজহ চক্ৰই ২০২০ চনৰ ৪ অক্টোবৰত কোম্পানীটোক গটাই দিছিল । এজিউৰ কোম্পানীটোৱে জনোৱা মতে ২০২০ ৰ ২৯ চেপ্তেম্বৰত ( দলিল নম্বৰৰ ৭৪ / ২০২০ ) ৰ এজিউৰ পাৱাৰ বনাম লক্ষীৰাম মাৰ্দি আৰু আন ১৪ গৰাকীৰ আবেদন পুনৰীক্ষন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই প্ৰকল্পৰ বাবে ভূমি অধিকৃত কৰা হৈছে আৰু প্ৰকল্পৰ নিৰ্মানো পূৰ্ন গতিত চলি আছে । লগতে কোম্পানীয়ে উল্লেখ কৰিছে যে ১ মাৰ্চত জাৰি কৰা আই এ ( চিভিল )   নম্বৰ ৫২৮/ ২১ ত যি আবেদন কৰিছিল বীৰ সিং ক্ৰই ,  এই সন্দৰ্ভত গুৱাহাটীৰ উচ্চ ন্যায়ালয় দুয়ো পক্ষৰ ভূমি অধিগ্ৰহন সন্দৰ্ভত বৰ্তমান যি অৱস্থা চলি আছে সেয়া বৰ্তাই ৰখা নিৰ্দেশ জাৰি কৰাৰ বাবে কোম্পানী লাভবান হৈছে । যিহেতু ভূমি খিনি কোম্পানীৰ অধিনত আৰু নিয়ন্ত্ৰণত আছিল । ৫ মাৰ্চত উচ্চ ন্যায়ালয়ে কোনো স্থগিতাদেশ জাৰি কৰা নাই আৰু কোম্পানীৰ নিৰ্মাণ আৰু সঞ্চালনাত কোনো স্থগিতাদেশ জাৰি কৰা নাই। সংবাদ মেলত তেওঁলোকে জানিবলৈ দিয়ে যে- ৩ মাৰ্চত প্ৰকল্প স্থানৰ বাহিৰৰ পৰা গণ্ডগোল হোৱাত প্ৰকল্পৰ জন শক্তি আৰু সুৰক্ষাৰ বাবে বিপদৰ আশংকা কৰি সেইদিনাৰ পৰা নিৰ্মাণৰ কাম অস্থায়ী ভাৱে বন্ধ ৰখা হৈছিল যদিও বৰ্তমানে প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰা হৈছে। কোম্পানীৰ কাউনচেল শংকৰ প্ৰসাদ ভট্টাচাৰ্যই কয়- আমি সদায় এইটো নিশ্চিত কৰিছো যে এজিউৰ দ্বাৰা ভূমি ক্ৰয় বিধিৰ উচিত প্ৰক্ৰিয়াৰ দ্বাৰা কৰা হৈছিল আৰু এই সম্পৰ্কে কোনো প্ৰকাৰে বিধি উলংঘা কৰা হোৱা নাছিল। ভূমি ক্ৰয় কৰাৰ আগত সকলো হিতাধিকাৰীক বিশ্বাসত লোৱা হৈছিল। সংবাদ মেলত কোম্পানীৰ আন বিষয়া ক্ৰমে চমিতলা চুব্বা আৰু বি. কে. পোদ্দাৰ উপস্থিত আছিল। 

ফিল’বাৰীত আৰক্ষীৰ উচ্চেদ অভিযান : প্ৰায় পাঁ‌ছ হাজাৰ লিটাৰ চুলাই মদ জব্দ

তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ফিল’বাৰী অঞ্চলত ফিল’বাৰী আৰক্ষীয়ে নিৰ্বাচনৰ পূৰ্বে চুলাই মদ, কানি, ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। ফিল’বাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত অঞ্চলটোৰ ৰূপজান, পদুমপথাৰ, ফিল’বাৰী তিনিআলি, ফিল’বাৰী মঙ্গলবৰীয়া বজাৰ লগতে কেইবাখনো গাঁৱত অবৈধ চুলাই মদৰ ঘাটি লগতে কানি খোলা  উচ্চেদ অভিযান আৰম্ভ কৰিছে । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে  মঙ্গলবাৰে সন্ধিয়া ফিল’বাৰীৰ কেন্দ্ৰবিন্দু ফিল’বাৰী তিনিআলিৰ কেইবাটাও অবৈধ মদৰ দোকানত অভিযান চলোৱাৰ লগতে ফিল’বাৰী পদুমপথাৰ গাওঁত অভিযান চলাই অবৈধ চুলাই আৰু  চুলাই প্ৰস্তুত কৰা সামগ্ৰীসমূহ ভাঙি  লণ্ডভণ্ড কৰে ।

আজি পুনৰ ৰাতিপুৱাৰ ভাগত ফিল’বাৰী মঙ্গলবৰীয়া বজাৰ, ৰূপজান আদি অঞ্চলত অভিযান চলাই প্ৰায় পাঁ‌ছ হাজাৰ লিটাৰ চুলাই মদৰ লগতে চুলাই প্ৰস্তুত কৰা বহু সামগ্ৰী জব্দ কৰি ধ্বংস কৰে । উল্লেখযোগ্য যে, ফিল’বাৰী অঞ্চলৰ বিভিন্ন প্ৰান্তত বৰ্তমান অবৈধ  মদৰ, কানি, ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি আহিছে । এনেধৰণৰ মাৰাত্মক মাদক দ্ৰব্যৰ অবাধ প্ৰচলনৰ ফলত অঞ্চলটোৰ উঠি অহা নৱ প্ৰজন্ম টিলটিলকৈ ধবংস মুখলৈ যাবলৈ আৰম্ভ কৰিছে । মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলনৰ ফলত অঞ্চলটোত চুৰি, ডকাইতি ঘটনা সঘনাই হ’বলৈ ধৰিছে বুলি সচেতন মহলত সৰৱ চৰ্চিত বিষয় হৈ পৰিছে ।

অভিযানটোত কোনো লোকক আটক কৰিবলৈ সক্ষম নহল আৰক্ষীৰ দলটো । আহিবলগা দিনত মাদকদব্য নিৰ্মূল কৰাত অৰ্থাৎ অঞ্চলটোৰ উঠি অহা নৱ প্ৰজন্মক ধ্বংসৰ দিশৰ পৰা বচাবলৈ ফিল’বাৰী আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰাত অঞ্চলটোৰ ৰাইজে অশেষ ধন্যবাদ জ্ঞাপন কৰিছে । অনাগত দিনত আৰক্ষীয়ে ৰাইজৰ আশ্বাসক কেনেধৰণে গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ।

তুলসীবাৰীত শিৱৰাত্ৰি মহোৎসৱৰ আয়োজন

Vintage old books on wooden deck table background.

ৰঙিয়াৰ তুলসীবাৰীৰ মাহতলীস্থিত শিৱ মন্দিৰ প্ৰাংগণত অহা ১১ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি মহোৎসৱৰ আয়োজন কৰা হৈছে । মহোৎসব পৰিচালনাৰ্থে সোমদত্ত কলিতাক সভাপতি, তৰুণ কলিতাক কাৰ্যকৰী সভাপতি ,সুনীল কলিতা-বিতোপন কলিতাক সম্পাদক হিচাবে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে ।তদুপলক্ষে অনুষ্ঠিত কৰিবলৈ লোৱা কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত ধৰ্মীয় পতাকা উত্তোলন ,স্মৃতি তৰ্পণ ,বৃক্ষ ৰোপণ ,দিনৰ ভাগত শিৱলিংগত জল প্ৰদান, আয়তীৰ নাম সন্ধিয়া মন্দিৰৰ দ্বাৰ উন্মোচন ,অক্ষয় বন্তি প্ৰজ্বলন ,বন্তি প্ৰজ্বলন কৰাৰ লগতে টোপধ্বনি আৰু ৰাজহুৱা পুষ্পাঞ্জলি প্ৰদান তথা নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হব ।সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী আৰোহন বৰদলৈ আৰু মনমিতা ভৰদ্বাজে অনুষ্ঠান পৰিৱেশন কৰিব ।দ্বিতীয় দিনা পুৱা স্বচ্ছ ভাৰত অভিযান, শিৱ পুৰাণ পাঠৰ লগতে বিয়লি নাগাৰা নাম পৰিৱেশন কৰিব ক্ৰমে প্ৰহ্লাদ ডেকা আৰু প্ৰণৱ মেধীয়ে ।সমূহ কাৰ্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে ।

নাজিৰাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি

নাজিৰা নিৰ্বাচন জিলাৰ নির্বাচন পর্যবেক্ষক ড ° পার্থ সাৰথি মিশ্ৰই নাজিৰাত উপস্থিত হৈ নিৰ্দিষ্ট বিষয়া সমূহৰ লগত আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে গঠিত কোষ সমূহৰ বুজ লয়। তেখেতে আগন্তুক নিৰ্বাচন সম্বন্ধীয় কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা সন্দৰ্ভত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বৰ্ণালী দত্তৰ সৈতে আলোচনা কৰে। লগতে মহকুমাধিপতি কাৰ্যালয়ৰ ষ্ট্ৰং ৰোম পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থাৰ সম্পর্কেও বুজ লয়। ইয়াৰ লগতে তেওঁ সহকাৰী আয়ুক্ত প্ৰীতম গগৈসহ নাজিৰাৰ ভোটদান কেন্দ্রসমূহ পৰিদৰ্শন কৰি ইয়াৰ আন্তঃগাঁথনি সম্পর্কে নিৰীক্ষণ কৰে, যাতে ভোটদান কেন্দ্রত ভোটাৰ তথা সংশ্লিষ্ট বিষয়ববীয়াসকলৰ কোনোধৰণৰ সমস্যা নহয়। ইয়াৰ পাছত তেখেতে শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিংহা, নাজিৰা জিলা নিৰ্বাচনী বিষয়া লখিমী দত্ত আৰু নিৰ্বাচনী বিষয়া সুজাতা গগৈৰ সৈতে হোৱা বৈঠকত আগন্তুক নিৰ্বাচন কিদৰে শান্তিপূর্ণ তথা সফলতাৰে ৰূপায়ণ কৰিব পাৰি তাৰে সন্দৰ্ভত আলোচনা কৰে।

দিচৈপৰীয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সংস্হা গঠন

মহুৰামুখৰ উত্তৰাঞ্চলক সামৰি উত্তৰ মহুৰা আৰু দিচৈ পঞ্চায়তৰ অন্তগৰ্ত কমলজ্যোতি  শংকৰী সাংস্কৃতিক প্ৰাথমিক কেন্দ্ৰত যোৱাকালি অৱসৰপ্ৰাপ্ত শিক্ষক যতিন বড়িৰ সভাপতিত্বত এখন সভা অনুস্ঠিত হৈ যায় ৷ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দেৱেন পাঠৰিয়ে উদেশ্য ব্যাখ্যা দাঙি ধৰি সভাখনত দুয়োখন পঞ্চায়তৰ অধীনৰ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু চৰকাৰী কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যাৱলীৰ লগতে ৰাজহুৱা সামাজিক সমস্যাৰ ফলপ্ৰসু সমাধান সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ ওপৰিও এখন সমিতি গঠনৰ লক্ষ্য স্হিৰ কৰে ৷ উল্লেখ্য যে এই সভাতেই অৱসৰপ্ৰাপ্ত জেষ্ঠ কৰ্মচাৰী যতিন বড়ি, বিভুল চন্দ্ৰ দলে, জিতেন বড়ি, যোগেশ্বৰ মৰাং আৰু ৰূপেশ্বৰ মৰাংক(বৰটিকা) ৰাজহুৱাভাৱে সম্বৰ্দ্ধণা জনোৱা হয় ৷ সভাই তৎকালে কাৰ্য্যকৰী হোৱাকৈ দেৱেন পাঠৰিক সভাপতি আৰু ৰূপেশ্বৰ মৰাংক(নিকৰি বৰতল) সম্পাদক হিচাপে লৈ ১৫ জন সদস্যৰে “ দিচৈপৰীয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সংস্হা ” নামেৰে সমিতিখন গঠন কৰা হয় ৷