Home Blog Page 310

Union Minister Nitin Gadkari: কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বৃহৎ ঘোষণা, শীঘ্ৰে জাৰি হ’বলগীয়া নতুন টোল নীতিয়ে জনতাক দিব সকাহ

Union Minister Nitin Gadkari: কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বৃহৎ ঘোষণা, শীঘ্ৰে জাৰি হ'বলগীয়া নতুন টোল নীতিয়ে জনতাক দিব সকাহ
Union Minister Nitin Gadkari: কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বৃহৎ ঘোষণা, শীঘ্ৰে জাৰি হ'বলগীয়া নতুন টোল নীতিয়ে জনতাক দিব সকাহ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এক্‌সপ্ৰেছৱে আৰু ঘাইপথ ব্যৱহাৰ কৰাৰ সময়ত অধিক টোল কৰৰ সন্মুখীন হোৱা গাড়ী ব্যৱহাৰকাৰীসকলৰ বাবে সকাহৰ ইংগিত দি এক বৃহৎ ঘোষণা কৰিছে ৷(Union Minister Nitin Gadkari) এক অনুষ্ঠানত ভাষণ দি গাডকাৰীয়ে কয় যে বৰ্তমানৰ টোল নীতিৰ ফলত সৃষ্টি হোৱা অসুবিধাসমূহ লাঘৱ কৰিবলৈ নতুন নীতি অনা হ’ব৷

চলি থকা সংসদ অধিৱেশনৰ উদ্ধৃতি দি গাডকাৰীয়ে অধিক সবিশেষ প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে৷ তেওঁ কয়, ‘১ এপ্ৰিলৰ পূৰ্বে মই টোলৰ ক্ষেত্ৰত এনে নীতি ঘোষণা কৰিবলৈ ওলাইছো যে আপুনি টোলৰ বিষয়ে কোনো প্ৰশ্ন নকৰিব আৰু মানুহেও টোল চাৰ্জৰ বিষয়ে সমালোচনা নকৰিব৷ কাৰণ ইয়াত বহু ৰেহাই থাকিব৷

ৰাষ্ট্ৰীয় নীতি সাজু… সংসদৰ অধিৱেশন চলি থকাৰ বাবে মই অধিক সবিশেষ ক’ব নোৱাৰো৷’ ২০২৪ চনৰ নৱেম্বৰ মাহত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে কৈছিল যে ডিচেম্বৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব [পিপিপি] আৰ্হিৰ অধীনত বৰ্তমান চলি থকা টোল পজাসমূহত ব্যৱহাৰকাৰী মাচুল হিচাপে ৰ.৪৪ লাখ কোটি টকা সংগ্ৰহ কৰা হৈছে৷ বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো ব্যৱহাৰকাৰী মাচুল পজা ৰাষ্ট্ৰীয় ঘাইপথৰ মাচুল [হাৰ নিৰ্ধাৰণ আৰু সংগ্ৰহ] নিয়ম, ২০০৮ আৰু নিজ নিজ ৰেহাই চুক্তিৰ বিধান অনুসৰি স্থাপন কৰা হয়৷ চৰকাৰে চৰকাৰী গেজেটত অধিসূচনাৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথৰ যিকোনো অংশ ব্যৱহাৰৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ব্যৱহাৰকাৰী মাচুল আৰোপ কৰে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ মাচুল নিয়মৰ বিধান অনুসৰি সেয়া কৰা হয়৷

Nalbari Baibhav Award: ২০২৪-২৫ বৰ্ষৰ ‘নলবাৰী বৈভৱ বঁটা’ বিশিষ্ট সমাজকৰ্মী, ক্ৰীড়া সংগঠক মনোজ কুমাৰ চৌধুৰীলৈ

Nalbari Baibhav Award: ২০২৪-২৫ বৰ্ষৰ 'নলবাৰী বৈভৱ বঁটা' বিশিষ্ট সমাজকৰ্মী, ক্ৰীড়া সংগঠক মনোজ কুমাৰ চৌধুৰীলৈ
Nalbari Baibhav Award: ২০২৪-২৫ বৰ্ষৰ 'নলবাৰী বৈভৱ বঁটা' বিশিষ্ট সমাজকৰ্মী, ক্ৰীড়া সংগঠক মনোজ কুমাৰ চৌধুৰীলৈ

২০২৪-২৫ বৰ্ষৰ ‘নলবাৰী বৈভৱ বঁটা’ বিশিষ্ট সমাজকৰ্মী, ক্ৰীড়া সংগঠক মনোজ কুমাৰ চৌধুৰীলৈ৷(Nalbari Baibhav Award)

২৭ সংখ্যক বৃহত্তৰ উত্তৰ পশ্চিম নলবাৰী বসন্ত উৎসৱ ২০২৫ বৰ্ষৰ বাবে নলবাৰী বৈভৱ বঁটা ২০২৪-২৫ বৰ্ষৰ বাবে নলবাৰী সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট সমাজকৰ্মী, ক্ৰীড়া সংগঠক মনোজ কুমাৰ চৌধুৰীক অহা ১৯ ব’হাগৰ ৩ মে’ত সৰিয়হতলী বালভৱন হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া বসন্ত উৎসৱত এই বঁটা প্ৰদান কৰা হ’ব।

Mitradev Mahanta: প্ৰাক্তন সভাপতি মিত্ৰদেৱ মহন্তক স্মৰণ অসম সাহিত্য সভাৰ

Mitradev Mahanta: প্ৰাক্তন সভাপতি মিত্ৰদেৱ মহন্তক স্মৰণ অসম সাহিত্য সভাৰ
Mitradev Mahanta: প্ৰাক্তন সভাপতি মিত্ৰদেৱ মহন্তক স্মৰণ অসম সাহিত্য সভাৰ

অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ, অভিনেতা তথা অসম সাহিত্য সভাৰ ১৯৬৪ চনৰ ডিগবৈ অধিৱেশনৰ সভাপতি মিত্ৰদেৱ মহন্তৰ মৃত্যু দিৱসটি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হয়।(Mitradev Mahanta)

অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে প্ৰাক্তন সভাপতিগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত পুষ্পাৰ্ঘ অৰ্পণ কৰি কয় যে মিত্ৰদেৱ মহন্তদেৱে কেইবাখনো গ্ৰন্থ, শিশু সাহিত্য পুথি আৰু নাট ৰচনাৰে অসমীয়া ভাষা-সাহিত্যৰ ভৰাল চহকী কৰ থৈ গৈছে। তেওঁ লগতে কয় যে অভিনয়ৰ বাবে সংগীত নাটক একাডেমি বঁটা লাভ কৰা এইগৰাকী সাহিত্যিকে দুবাৰকৈ অসম সাহিত্য সভাৰ উপসভাপতি আৰু চাৰি বছৰকাল অসম সাহিত্য সভাৰ সহকাৰী সম্পাদকৰ পদত অধিষ্ঠিত হৈ সভালৈ সেৱা আগবঢ়ায় গৈছে।

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকা, যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়া, সচিব অশোক সেনাপতি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শংকুসিদ্ধ নাথ, সাহিত্য সংগঠক বিদ্যুৎ ভূষণ বৰা, নৰেন চন্দ্ৰ বৰা, সভাৰ কৰ্মচাৰীসকল প্ৰমুখ্যে বহু সংখ্যক সাহিত্যপ্ৰেমীয়ে চিৰ চেনেহী মোৰ ভাষা জননী গীতৰ ৰচক গৰাকীক সশ্ৰদ্ধ স্মৰণ কৰে বুলি এক সংবাদ বিবৃতিৰ যোগেদি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়ে।

Donald Trump: বিৰোধীৰ প্ৰশ্নৰ সন্মুখত নতুন নিৰ্দেশনা ! আমেৰিকাৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিৱৰ্তনৰ নিৰ্দেশ ট্ৰাম্পৰ

Donald Trump: বিৰোধীৰ প্ৰশ্নৰ সন্মুখত নতুন নিৰ্দেশনা ! আমেৰিকাৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিৱৰ্তনৰ নিৰ্দেশ ট্ৰাম্পৰ
Donald Trump: বিৰোধীৰ প্ৰশ্নৰ সন্মুখত নতুন নিৰ্দেশনা ! আমেৰিকাৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিৱৰ্তনৰ নিৰ্দেশ ট্ৰাম্পৰ

আমেৰিকাৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিৱৰ্তনৰ নিৰ্দেশ ট্ৰাম্পৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে নাগৰিকত্বৰ প্ৰমাণ বাধ্যতামূলক কৰিলে। ট্ৰাম্পৰ নতুন কাৰ্যবাহী আদেশ অনুসৰি নাগৰিকত্বৰ প্ৰমাণ অবিহনে কোনো ভোটাৰে আমেৰিকাত ভোটদানৰ বাবে পঞ্জীয়ন কৰিব নোৱাৰিব। তদুপৰি নির্বাচনৰ দিনলৈকে সকলোৱে ভোটদান কৰিব লাগিব বুলিও নিদেৰ্শত উল্লেখ আছে৷(Donald Trump)

ভোটাৰ হিচাপে পঞ্জীয়ন কৰিবলৈ নাগৰিকত্বৰ প্ৰমাণ বাধ্যতামূলক! আমেৰিকাই নিজৰ নিৰ্বাচনী প্ৰক্ৰিয়াত এক বৃহৎ পৰিৱৰ্তন আৰম্ভ কৰিবলৈ ওলাইছে। এই সন্দৰ্ভত মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক কাৰ্যকৰী নিদেৰ্শনাত স্বাক্ষৰ কৰে। কেৱল নাগৰিকত্বৰ প্ৰমাণেই নহয়, নতুন নিৰ্দেশনা অনুসৰি নিৰ্বাচনৰ দিনলৈকে সকলো বেলট পোৱাটো নিশ্চিত কৰিব লাগিব। ট্ৰাম্পৰ মতে নিৰ্বাচনত স্বচ্ছতা নিশ্চিত কৰিবলৈ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰিৱৰ্তনৰ প্ৰয়োজন।

কেৱল আমেৰিকাৰ বাসিন্দাসকলেহে ভোটদান কৰিব পাৰিব। আন দেশৰ নাগৰিকে যাতে ভোটদান বা নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে নিশ্চিত কৰা হ’ব। ট্ৰাম্পে কয় যে বৰ্তমানৰ আইনসমূহ অধিক কঠোৰভাৱে বলবৎ কৰা উচিত। ভোটিং ব্যৱস্থাত কাগজৰ বেলট বাধ্যতামূলক বুলিও তেওঁ নিৰ্দেশ দিয়ে! ট্ৰাম্পে স্পষ্ট কৰি দিছে যে কোনো ধৰণৰ প্ৰৱঞ্চনা সহ্য কৰা নহ’ব।

ট্ৰাম্পে দীৰ্ঘদিন ধৰি নিৰ্বাচনত অনিয়ম আৰু প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰি আহিছে। এই সন্দৰ্ভত তেওঁ বাৰে বাৰে উদ্বেগ প্ৰকাশ কৰা দেখা গৈছে। ডাকযোগে ভোটদান প্ৰক্ৰিয়াক লৈ তেওঁৰ বিশেষ আপত্তি আছিল। ট্ৰাম্পৰ মতে, নিৰ্বাচনৰ পিছতো বহু ৰাজ্যই মেইল ​​ইন বেলট গ্ৰহণ কৰি আছে। ইয়াৰ ফলত নিৰ্বাচনৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। নতুন নিৰ্দেশনা কাৰ্যকৰী হ’লে সেই সুবিধা বন্ধ কৰা হ’ব। যদি এই নিৰ্দেশনা মানি নচলে, তেন্তে তেওঁলোকৰ আৰ্থিক সাহায্য কৰ্তন কৰা হ’ব।

TV Vastu Tips: ঘৰৰ কোন দিশত টিভি ৰাখিব নালাগে, টিভি ৰখাৰ নিয়ম জানি লওক !

TV Vastu Tips: ঘৰৰ কোন দিশত টিভি ৰাখিব নালাগে, টিভি ৰখাৰ নিয়ম জানি লওক !
TV Vastu Tips: ঘৰৰ কোন দিশত টিভি ৰাখিব নালাগে, টিভি ৰখাৰ নিয়ম জানি লওক !

বাস্তু শাস্ত্ৰক আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ স্থান বুলি ধৰা হয়। বাস্তু শাস্ত্ৰই বিশেষকৈ বস্তু ক’ত কেনেকৈ ৰাখিব লাগে, (TV Vastu Tips)যাতে ঘৰত ধনাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি পায় আৰু পৰিয়ালটোৱে সুখ আৰু সমৃদ্ধি লাভ কৰে সেই বিষয়ে কয়। বাস্তুৰ নিয়ম উলংঘা কৰিলে বিপদত পৰাৰ সম্ভাৱনা। আজি আমি আপোনালোকক জনাম ঘৰৰ টিভি কোন দিশত ৰাখিব লাগে।

আমি শোৱা কোঠাত টিভি ৰাখিব পাৰোনে?

বাস্তুৰ নিয়ম অনুসৰি শোৱা কোঠাত টিভি ৰাখিব নালাগে। এনে কৰিলে স্বামী-স্ত্ৰীৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হ’ব পাৰে। শোৱা কোঠাত টিভি ৰাখিলেও মনত ৰাখিব যে কেৱল দক্ষিণ-পূব দিশত ৰাখিব। য’ত টিভি ৰখাৰ ফলত ইয়াৰ নেতিবাচক প্ৰভাৱ কমি যায়। শোৱা কোঠাত ৰখা টিভিটো ৰাতি কাপোৰেৰে ঢাকি ৰাখিব লাগে। আচলতে আপোনাৰ শোৱা কোঠাটো শিথিলতা আৰু শান্তিৰ বাবে, আনহাতে টিভিটোৱে ইয়াৰ বিপৰীত কাম কৰে।

ঘৰত ভঙা বা অকাৰ্য্যকৰী টিভি থাকিলে আঁতৰাই পেলাব যদি আপোনাৰ টিভি ক্ষতিগ্ৰস্ত হৈছে আৰু মেৰামতি কৰিব নোৱাৰে তেন্তে বিক্ৰী কৰিব। ঘৰত এটা ক্ষতিগ্ৰস্ত টিভি ৰাখিলে ঋণাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি পায়। যাৰ বাবে ঘৰত সংঘাত আৰু উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ উপৰিও ধনৰ উৎসবোৰো শুকাই যাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত বেয়া টিভিৰ পৰা যিমান পাৰি সোনকালে পৰিত্ৰাণ পাব লাগে।

ঘৰত টিভি সদায় বহা কোঠা বা আন কোঠাত ৰাখিব লাগে। এটা ঘৰত ২ টাতকৈ বেছি টিভি নাৰাখিব। এনে কৰিলে আপোনাৰ ঘৰৰ শান্তি চিৰদিনৰ বাবে হেৰাই যাব। আনকি বহা কোঠাতো টিভিটো দক্ষিণ-পূব দিশত ৰাখিব লাগে। সেই দিশত টিভিটো ৰাখিলে ই বেছি দিন টিকি থাকে আৰু বৈদ্যুতিক সঁজুলিবোৰেও সঠিকভাৱে কাম কৰে। বিশেষ যত্ন লওক যাতে টিভিটো কেতিয়াও দক্ষিণ দিশত ৰাখিব নালাগে। এই দিশটো যমৰাজৰ বুলি ধৰা হয়। গতিকে টিভিটো সেই দিশত নাৰাখিব।

IPL 2025: আজি গুৱাহাটীত ৰাজস্থান ৰয়েলছ আৰু KKRৰ হাইভল্টেজ মেচ

IPL 2025: আজি গুৱাহাটীত ৰাজস্থান ৰয়েলছ আৰু KKRৰ হাইভল্টেজ মেচ
IPL 2025: আজি গুৱাহাটীত ৰাজস্থান ৰয়েলছ আৰু KKRৰ হাইভল্টেজ মেচ

গুৱাহাটীৰ বৰ্ষাপাৰাত IPLৰ মহাৰণ।(IPL 2025)

আজি বৰ্ষাপাৰাৰ অসম ক্ৰিকেট এছ’চিয়েছনৰ ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত হাইভল্টেজ মেচ।

সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচখন।

ৰিয়ান পৰাগৰ নেতৃত্বত গুৱাহাটীত প্ৰথমবাৰলৈ খেল খেলিব ৰাজস্থান ৰয়েলছে।

সাহিত্যাচাৰ্য ড:কৰবী ডেকা হাজৰিকা জিবনভিত্তিত ঝর্ণা শইকীয়া ৰচিত গ্রন্থ “বিন্দুতে সিন্ধু” উন্মোচন । Dr. Karbi Deka Hazarika

সাহিত্যাচাৰ্য ড:কৰবী ডেকা হাজৰিকা জিবনভিত্তিত ঝর্ণা শইকীয়া ৰচিত গ্রন্থ "বিন্দুতে সিন্ধু" উন্মোচন । Dr. Karbi Deka Hazarika
সাহিত্যাচাৰ্য ড:কৰবী ডেকা হাজৰিকা জিবনভিত্তিত ঝর্ণা শইকীয়া ৰচিত গ্রন্থ "বিন্দুতে সিন্ধু" উন্মোচন । Dr. Karbi Deka Hazarika

দৈনন্দিন বাৰ্তাৰ সেৱা,ডিব্ৰুগড়,২৫ মাৰ্চ: Dr. Karbi Deka Hazarika । অসমৰ এগৰাকী বৰেণ্য কবি, গীতিকাৰ, উপন্যাসিক,সাহিত্যিক অৱসৰপ্ৰাপ্ত প্ৰধ্যাপক সাহিত্যচাৰ্য্য ড’ কৰবী ডেকা হাজৰিকাৰ জীৱনৰ ভিন্ন দিশ সামৰি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক, অভিনেত্ৰী, নাট্যকাৰ ঝৰ্ণা শইকীয়াই ৰচনা কৰা “বিন্দুতে সিন্ধু” শীৰ্ষ গ্ৰন্থখন অলপতে উন্মোচন কৰে অসম সাহিত্য সভা সভাপতি ড°বসন্ত কুমাৰ গোস্বামীয়ে। লেখিকা গৰাকীয়ে সাহিত্যিক গৰাকীৰ সামাজিক, সাংস্কৃতিক, সাহিত্যিক আৰু ব্যক্তিগত জীবনৰ সুখ-দুখ, আনন্দ-বিষাদ বোৰক বিভিন্ন সময়ত হোৱা কথোপকথন আৰু তথ্য পূৰ্ণ অভিজ্ঞতাৰ পটভূমিত ৰচনা কৰা গ্রন্থখন অসমীয়া সাহিত্য ক্ষেত্ৰ খনৰ বাবে এখন উল্লেখ যোগ্য গ্ৰন্থ হব বুলি আশা কৰা হৈছে।

গ্রন্থখনিয়ে কৰবী ড° ডেকা হাজৰিকাৰ বৈচিত্রমণ্ডিত আৰু বাৰেৰহণীয়া জীৱনৰ, মনৰ দাপোণৰ ৰং-ৰূপৰ প্ৰতিচ্ছবি প্রতিফলিত কৰিছে। অসমৰ গ্ৰন্থপ্রেমী আৰু গ্ৰন্থানুৰাগী সকলো ৰাইজক এই গ্রন্থৰ সোৱাদ ল’বলৈ সভাপতি ডাঃ গোস্বামীয়ে উন্মোচনী ভাষণত ব্যক্ত কৰে। ড° কৰবী হাজৰিকাৰ সাহিত্যিক জীৱনৰ অন্তৰালত থকা বংশানুক্রমিক সমৃদ্ধ শিপাৰ সন্ধানকে মুখ্য কৰি জীৱন যৌৱনৰ ৰমনীয় স্মৃতিৰ সুবাসক মোহনীয় ৰূপত অংকিত কৰা হৰ্ষ-বিষাদৰ চকুলোৰে ধুই নিয়া মুহূৰ্ত্তবোৰ গ্রন্থখনিত বৰ্ণিত হৈছে। ডিব্ৰুগড় জিলা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত আৰু পূব বানিপুৰৰ উপাসনা কলাকেন্দ্রত আয়োজিত গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে সাহিত্যচাৰ্য্য ড° কৰবী ডেকা হাজৰিকা, সাহিত্যচার্য্য ড° ভীমকান্ত বৰুৱা, অৱসৰপ্ৰাপ্ত উপাচাৰ্য্য ড° কন্দৰ্প কুমাৰ ডেকা, অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ডা: শান্তনু লহকৰ, ধনভৰালী মণিৰাম লাক্ষন, ডিব্ৰুগড় জিলা সভাৰ প্ৰাক্তন সভাপতি নোমল গগৈ, বৰ্তমানৰ সভাপতি বদন গগৈ, উপ সভাপতি প্রশান্ত নেওগ, সম্পাদক ভাগ্যেশ্বৰ গগৈ, পৰমেশ্বৰ নলবৰীয়া, প্ৰশান্ত শইকীয়া, ইন্দ্ৰ গগৈ, ‘প্ৰহৰী’ৰ সম্পাদিকা দীপা গোস্বামী, বাণীপুৰ সাহিত্য সভাৰ সভাপতি অজয় দত্ত, প্রাক্তন সভাপতি দীপক কুমাৰ দত্ত, ডঃ দিব্যজ্যোতি বৰা, উপাসনা কলাকেন্দ্ৰৰ অধ্যক্ষ তৰুণ কুমাৰ গগৈৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক-গৱেষিকাৰ অন্যতম সংস্থা ‘দক্‌চিৰি’ৰ সদস্যবৃন্দকে ধৰি ভালে সংখ্যক সাহিত্যপ্ৰেমী। লেখিকা গৰাকীৰ এনে কৰ্মই সাহিত্যিক গৰাকীক কাম কৰাৰ বাবে প্ৰেৰণা যোগাব বুলি কৰবী ডেকা হাজৰিকাই মনৰ ভাব ব্যক্ত কৰে।

ড০ জয়দেৱ গগৈ কানৈ কমাৰ্চ কলেজৰ নতুন অধ্যক্ষ । Dr. Jaydeb Gogoi

ড০ জয়দেৱ গগৈ কানৈ কমাৰ্চ কলেজৰ নতুন অধ্যক্ষ । Dr. Jaydeb Gogoi
ড০ জয়দেৱ গগৈ কানৈ কমাৰ্চ কলেজৰ নতুন অধ্যক্ষ । Dr. Jaydeb Gogoi

ডিব্ৰুগড় ২৫ মাৰ্চঃ Dr. Jaydeb Gogoi । ডিব্ৰুগড় জিলা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ হিচাপে আজি(২৫-৩-২৫) ড০ জয়দেৱ গগৈয়ে দায়িত্বভাৰ গ্ৰহণ কৰে। মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শৈলেন গগৈৰ পৰা দায়িত্ব গ্ৰহণ কৰা ড০ গগৈ বৰবৰুৱা অঞ্চলৰ শিক্ষক তথা লেখক প্ৰয়াত খগেন্দ্ৰনাথ গগৈ আৰু তিলো গগৈৰ কনিষ্ঠ পুত্ৰ আৰু সম্প্ৰতি ডিব্ৰুগড় মহানগৰৰ গান্ধীনগৰ অঞ্চলৰ স্থায়ী বাসিন্দা।

মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যাপক গোপাল শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰঘুনাথ বৰবৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক ৰমাকান্ত গগৈ, ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক যাদৱ গগৈ তথা মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁ নতুন দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁ মহাবিদ্যালয়খনৰ ব্যৱসায় পৰিচালনা বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। মহাবিদ্যালয়খনৰে প্ৰাক্তন বিদ্যাৰ্থী নৱনিযুক্ত অধ্যক্ষগৰাকী ডেৰ দশকজোৰা শৈক্ষিক অভিজ্ঞতাৰ লগতে গৱেষক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ এগৰাকী গৱেষণা তত্ত্বাৱধায়ক হিচাপেও অভিজ্ঞতাৰ শিক্ষাবিদ হিচাপে পৰিচিত।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা হিচাপবিদ্যা আৰু ‘মানৱ সম্পদ পৰিচালনা’ উভয় বিষয়তে বাণিজ্যৰ স্নাতকোত্তৰ উপাধি গ্ৰহণ কৰা ড০ গগৈয়ে একে বিশ্ববিদ্যালয়ৰে বাণিজ্য বিভাগৰ অধীনত “ভাৰতত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত মানৱ সম্পদ উন্নয়ন অনুশীলন : তেল আৰু প্ৰাকৃতিক গেছ আয়োগ, অসম সম্পদ, নাজিৰাৰ এটি অধ্যয়ন” শীৰ্ষক বিষয়ত গৱেষণা কৰি ডক্টৰেট উপাধি লাভ কৰিছিল। তদুপৰি তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাই “ক্ষুদ্ৰ উদ্যোগৰ কৰ্মচাৰীৰ সমস্যা : ডিব্ৰুগড় নগৰৰ ছপা উদ্যোগৰ এটি অধ্যয়ন'” শীৰ্ষক বিষয়ত এম. ফিল. উপাধিও লাভ কৰিছিল।

আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় গৱেষণা-পত্ৰিকাত প্ৰকাশিত বিভিন্ন গৱেষণা-পত্ৰৰ লগতে ড০ গগৈ আন বহু প্ৰকাশনৰ কৃতিত্বৰো গৰাকী। মহাবিদ্যালয়ৰ শিক্ষক গোট, কৰ্মচাৰী গোট, ছাত্ৰ-সমাজ তথা অন্যান্য অংশীদাৰসকলৰ লগতে ডিব্ৰুগড়ৰ বিভিন্ন সামাজিক সংগঠন আৰু ব্যক্তিবিশেষেও ড০ গগৈক তেওঁৰ নতুন দায়িত্বৰ বাবে অভিনন্দন জনাইছে।অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰি ড০ গগৈয়ে মহাবিদ্যালয় পৰিয়ালৰ লগতে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম পূৰ্ণাংগ বাণিজ্য মহাবিদ্যালয় হিচাপে চিহ্নিত ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনলৈ সকলোৰে সহযোগত এক নতুন সমৃদ্ধি আনিবলৈ তেওঁ যথাসাধ্য চেষ্টা কৰিব বুলি অভিমত ব্যক্ত কৰে। ড০ জয়দেৱ গগৈৰ সবল নেতৃত্বত মহাবিদ্যালয়খনে ডিব্ৰুগড় চহৰৰ শৈক্ষিক ক্ষেত্ৰলৈ এক নতুন উজ্জ্বলতা আনি সফলতাৰ এক নতুন দিগন্ত স্পৰ্শ কৰিব বুলি ডিব্ৰুগড়বাসীয়ে আশা প্ৰকাশ কৰিছে।

সুৰা পান কৰি বিহু চাবলৈ যোৱা সুৰাপায়ী সকল সাৱধান ! কঠোৰ হৈছে বিহু সমিতি, বিহু সুৰক্ষা সমিতি । BIHU

২৫ মাৰ্চ :Bihu । সুৰা পান কৰি বিহু চাবলৈ যোৱা সুৰাপায়ী সকল সাৱধান। কঠোৰ হৈছে তেজপুৰৰ একাংশ বিহু সমিতি, বিহু সুৰক্ষা সমিতি । সাৱধান সুৰাপায়ী। মদ খাই বিহু চাবলৈ নাযাব। মদ খাই বিহু ফিল্ডত উদ্ভণ্ডালি কৰিলে ধৰি বান্ধি আৰক্ষীক গতাই দিয়া হ’ব। গ্ধবিহু ফিল্ডত মদ খাই অসভ্যালি নৃত্য কৰিলেও ৰঙা ঘৰৰ আলহী হ’ব পাৰে। তেজপুৰ একাংশ বিহু সমিতি, বিহু সুৰক্ষা সমিতি,অসম। ধৰি বান্ধি আৰক্ষীক গতাই দিম মধ্য তেজপুৰ বিহু সন্মিলনীৰ সিদ্ধান্ত এয়া।ৰমেন পাটোৱাৰী, সম্পাদক মধ্য তেজপুৰ বিহু সন্মিলনী।
সুৰা পান কৰি বিহু চাবলৈ যোৱা সুৰাপায়ী সকল সাৱধান ! কঠোৰ হৈছে বিহু সমিতি, বিহু সুৰক্ষা সমিতি । BIHU

২৫ মাৰ্চ :Bihu । সুৰা পান কৰি বিহু চাবলৈ যোৱা সুৰাপায়ী সকল সাৱধান। কঠোৰ হৈছে তেজপুৰৰ একাংশ বিহু সমিতি, বিহু সুৰক্ষা সমিতি । সাৱধান সুৰাপায়ী। মদ খাই বিহু চাবলৈ নাযাব। মদ খাই বিহু ফিল্ডত উদ্ভণ্ডালি কৰিলে ধৰি বান্ধি আৰক্ষীক গতাই দিয়া হ’ব। গ্ধবিহু ফিল্ডত মদ খাই অসভ্যালি নৃত্য কৰিলেও ৰঙা ঘৰৰ আলহী হ’ব পাৰে। তেজপুৰ একাংশ বিহু সমিতি, বিহু সুৰক্ষা সমিতি,অসম। ধৰি বান্ধি আৰক্ষীক গতাই দিম মধ্য তেজপুৰ বিহু সন্মিলনীৰ সিদ্ধান্ত এয়া।ৰমেন পাটোৱাৰী, সম্পাদক মধ্য তেজপুৰ বিহু সন্মিলনী।

সুৰা আৰু বিহু একেলগে নচলিব বিহু সুৰক্ষা সমিতি অসমৰ কঠোৰ সকিয়নী।বিনয় বৰা, সাংস্কৃতিক সম্পাদক।শোণিতপুৰ জিলা বিহু সুৰক্ষা সমিতি আৰু একাংশ বিহু সমিতিৰ সুৰা বিৰোধী এই স্থিতিক আদৰণি জনাই ছাত্ৰ সন্থাও এইক্ষেত্ৰত কঠোৰ হ’ব বুলি সুৰাপায়ী সকলক সঁকিয়াই দিছে। চৰকাৰো যদি এই ক্ষেত্ৰত কঠোৰ হয় তেনেহলে বিহু বাকৰিত বিহুক কুলসিত কৰা দৃশ্য সমূহ দেখিবলৈ পোৱা নাযাব।

ডিমৌত একেলগে বিয়ানাম গাব ১২ হেজাৰ মহিলাই,লক্ষ্য অসম বুক অৱ ৰেকৰ্ড। Assam Book of Records

ডিমৌত একেলগে বিয়ানাম গাব ১২ হেজাৰ মহিলাই,লক্ষ্য অসম বুক অৱ ৰেকৰ্ড। Assam Book of Records
ডিমৌত একেলগে বিয়ানাম গাব ১২ হেজাৰ মহিলাই,লক্ষ্য অসম বুক অৱ ৰেকৰ্ড। Assam Book of Records

দৈনন্দিন বাৰ্তাৰ বিশেষ সেৱা,ডিমৌ,২৫ মাৰ্চ: Assam Book of Records । শিৱসাগৰ জিলাৰ ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াঙ্গনত অহা ৬ এপ্রিলত অসম বুক অৱ ৰেকৰ্ডচ’ত অন্তৰ্ভুক্তৰ বাবে ১২ হেজাৰ মহিলাই একেলগে বিয়া নাম পৰিবেশন কৰিব। ইতিমধ্যে এই বিশাল অনুষ্ঠানৰ বাবে আয়োজক সকলে প্ৰস্তুতি পূর্ণ গতিত কৰি তুলিছে।

সূৰুযমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত, ডিমৌ সন্মিলিত নাৰী সমাজ আৰু সমগ্র শিৱসাগৰবাসীৰ সহযোগত ১২ হেজাৰ মহিলাৰ দ্বাৰা বিয়ানাম অনুষ্ঠানৰ লগত সংগতি ৰাখি উক্ত দিনা পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, বিয়ানাম উদ্বোধন আৰু পৰিবেশন, বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হব।

এই অনুষ্ঠানত ৰাইজৰ উপস্থিত আৰু সহযোগিতা একান্তই কামনা কৰিছে আয়োজক সকলে।