দিপীলা, ৪ডিচেম্বৰঃ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ বৈৰাগীঝাৰ আঞ্চলিক ক্ৰীড়া পৰিচালনা সমিতিৰ উদ্যোগত স্থানীয় বৈৰাগীঝাৰ খেলপথাৰত আজিৰে পৰা এলানি প্ৰাইজমানি টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিছে। পুৱা ন বজাৰ পৰা আৰম্ভ হব লগীয়া প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন আনুষ্ঠানিকভাবে উদ্বোধন কৰিব দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকাই। প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দলক বিশ হাজাৰ এক টকা আৰু বিজিত দলক বাৰ হাজাৰ এক টকা নগদ ধন প্ৰদান কৰিব লগীয়া প্ৰতিযোগিতাৰ ভৰ্তি মাচুল পোন্ধৰ শ টকা নিৰ্ধাৰণ কৰে।’মেন অৱ দ্যা মেচ’ আৰু ‘মেন অৱ দ্যা ছিৰিজ’ৰ ব্যৱস্থা থকা প্ৰতিযোগিতাৰ ছয় ডিচেম্বৰৰ চূড়ান্ত খেলখন উদ্বোন কৰিব স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। ইচ্ছুক প্ৰতিযোগী দল সকলক যোগদান নিশ্চিতৰ বাবে ৯১০১৫২৭৮১৪,৬০০১০৯০২৫৭ আৰু ৯১৩২৭৮৬১৭৬ ম’বাইল ফ’ন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে জনাইছে ।
এটা বেচৰকাৰী সংস্থাৰ অভিযোগ, সন্ত্ৰাসবাদৰ ধনেৰে চলি আছে আজমল ফাউণ্ডেচন ! হিমন্ত বিশ্ব শৰ্মাই কিহৰ তদন্ত কথা ক’লে !
আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে উত্থাপিত হৈছে এক ভয়ংকৰ অভিযোগ । বিশ্বজুৰি সন্ত্রাস সৃষ্টি কৰা কেইবাটাও দুর্ধর্ষ সন্ত্রাসবাদী সংগঠনৰে সম্পৰ্কিত বিদেশী সংস্থাৰ পৰা আজমল ফাউণ্ডেচনে পুঁজি লাভ কৰাৰ গুৰুতৰ অভিযোগ লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা বেচৰকাৰী সংস্থাৰ । ফৰেইন কন্ট্ৰিবিউচন ৰেগুলেচন এক্ট ভংগ কৰি বিগত সময়ছোৱাত আজমল ফাউণ্ডেচনে এই বিদেশী পুঁজিৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে এই সংস্থাটোয়ে ৷
লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ সংগঠনটোৱে টুইটাৰযোগে প্রকাশ কৰা তথ্য মতে আজমল ফাউণ্ডেচনে বিগত সময়ছোৱাত আই এইচ এইচ-ইনচানি ইয়াৰডিম ভাক্ফি, গ্রেট ব্রিটেইনৰ উম্মাহ ৱেলফেয়াৰ ট্রাষ্ট, আল-ইমদাদ ফাউণ্ডেচন আৰু মুছলিম এইড নামৰ সংগঠনৰ পৰা পুঁজি লাভ কৰি আহিছে ৷ এই সংগঠনসমূহে বিভিন্ন সময়ত কেইবাটাও সন্ত্রাসবাদী সংগঠনক ধন যোগান ধৰিছিল বুলিও প্রকাশ কৰা হৈছে টুইটটোত ৷ টুইটাৰত বেচৰকাৰী সংস্থাটোৱে সদৰী কৰা অনুসৰি, উম্মাহ ৱেলফেয়াৰ ট্রাষ্টৰ বিৰুদ্ধে ইতিমধ্যে আল আৰবীয়া নামৰ এখন বাতৰিকাকতে সংবাদ প্রকাশ কৰিছিল ৷
তেওঁলোকে প্রকাশ কৰা অনুসৰি গ্রেট ব্রিটেইনৰ উম্মাহ ৱেলফেয়াৰ ট্রাষ্টক সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল ইউ এছ ট্রেজাৰীয়ে৷ সমান্তৰালভাৱে তুৰস্কৰ ইনচানী য়াৰদিম ভাক্ফি নামৰ সংস্থাটো আল–কায়দা আৰু আন্তর্জাতিক জেহাদী নেটৱর্কৰ সৈতে প্রত্যক্ষভাৱে জড়িত থকা বুলি বিশ্বৰ কেইবাটাও চৰকাৰী সংস্থা, সংবাদ গোষ্ঠীয়ে উল্লেখ কৰিছিল৷ ইফালে, আজমল ফাউণ্ডেচনলৈ বৰঙণি আগবঢ়োৱা আন এটা বিদেশী সংস্থা গ্রেট ব্রিটেইনৰ মুছলিম এইডৰ কাশ্মীৰী সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সৈতে প্রত্যক্ষভাৱে সম্পর্ক থকা বুলি সর্বজনবিদিত৷ আনহাতে, বিশ্বজুৰি ত্রাস সৃষ্টি কৰা হামাচ নামৰ সন্ত্রাসবাদী সংগঠনটোৰ সৈতে প্রত্যক্ষ সম্পর্ক থকা আল–ইমদাদ ফাউণ্ডেচনেও বৰঙণি আগবঢ়াই আহিছে আজমল ফাউণ্ডেচনলৈ৷ লিগেল ৰাইটছ অবজাৰভেটৰীয়ে প্রকাশ কৰা তথ্য অনুসৰি ইজৰাইলৰ বিৰুদ্ধে পেলেষ্টাইনত কেইবাটাও আত্মঘাতী বোমা বিস্ফোৰণৰ সৈতে এই সন্ত্রাসবাদী সংগঠনটো জড়িত আছিল৷
তদুপৰি লিগেল ৰাইটছ অবজাৰভেটৰীয়ে টুইটাৰত প্রকাশ কৰিছে যে আজমল ফাউণ্ডেচনে বিগত সময়ছোৱাত শিক্ষাৰ ক্ষেত্রত কাম কৰাৰ বাবে ৬৯.৫৫ কোটি টকা লাভ কৰিছিল কিন্ত ইয়াৰে মাত্র ২.০৫ কোটি টকাহে শিক্ষাৰ নামত আজমল ফাউণ্ডেচনে ব্যয় কৰিছে ৷
এই সন্দৰ্ভত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভাৰত চৰকাৰে এই সম্পৰ্কত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব । আনহাতে সংবাদমাধ্যমৰ আগত বদৰুদ্দিন আজমলে প্ৰকাশ কৰে যে, বিদেশৰ কথা তেওঁলোক জ্ঞাত নহয় কিন্তু ভাৰতত বে–আইনী কাম হোৱা নাই আৰু কাৰোবাৰ কিবা আপত্তি থাকিলে দাখিল কৰিব পাৰে। আজমল ফাউণ্ডেচনে বিদেশী পূঁজিৰ ক্ষেত্ৰত কোনো নিয়ম ভংগ কৰা নাই।
ৰাজ্যত কৰ’নাত মৃত্যু লোকৰ সংখ্যা ৯৮৫ লৈ বৃদ্ধি
ৰাজ্যত পুনৰ দুজন লোকে প্ৰাণ হেৰুৱালে কৰ’নাৰ ফলত । ইয়াৰ লগে লগে ৰাজ্যত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮৫ লৈ বৃদ্ধি হ’ল । স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে জনায় এই কথা । আজি মৃত্যু হোৱা লোক দুজনৰ এজন তিনিচুকীয়াৰ ৪৮ বৰ্ষীয়ান সূৰ্য বাহাদুৰ লিম্বু আৰু আনজন ডিব্ৰুগড়ৰ ৭৬ বৰ্ষীয় কৰুণা কান্ত ভট্টাচাৰ্য।
আনহাতে আজিৰ দিনটোত ৰাজ্যত কৰ’ণা আক্ৰান্ত ধৰা পৰিছে ১৬৫ গৰাকী লোক। ইয়াৰে ভিতৰত ৪৮ গৰাকী লোক কেৱল কামৰূপ মহানগৰৰ।
দিল্লীৰ এইমছৰ মতে ডিচেম্বৰৰ ভিতৰত দেশত উপলব্ধ হব কৰ’নাৰ ভেকচিন
বিশ্বত কৰ’না ভেকচিন উদ্ভাৱন হোৱা বুলি খবৰ সদৰী হোৱা পিছতেই বিভিন্ন দেত সৃষ্টি হৈছে এই ভেকচিন আহৰনৰ প্ৰতিযোগিতা ।ব্ৰিটেইনত কোৰোণা ৰোগীক ভেকচিন দিয়া আৰম্ভ হ’ব আগন্তুক সপ্তাহৰ পৰা। সেইদৰে ৰাছিয়াতো সাধাৰণ জনতাক কোৰোণাৰ প্ৰতিষেধক দিয়া আৰম্ভ হৈছে।
এতিয়া প্ৰশ্ন হল, ভাৰতত কেতিয়াৰ পৰা উপলব্ধ হব কৰ’না ভেকচিন !
এই সম্পৰ্কত দিল্লীৰ এইমছৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে গুৰুত্বপূৰ্ণ মন্তব্য । এইমছৰ কৰ্তৃপক্ষৰ মতে, জৰুৰী ব্যৱহাৰৰ বাবে চলিত মাহতে ভাৰতত উপলব্ধ হব কৰ’না ভেকচিন ।এইমছৰ সঞ্চালকপ্ৰধান ৰণদীপ গুলেৰিয়াই সংবাদ মাধ্যমৰ আগত কয় যে, এই পৰ্যন্ত দেশৰ ভিতৰতে আমাৰ বহুকেইটা ভেকচিনৰ কাম-কাজ চলিছে। এই মাহৰ শেষত বা অহা মাহৰ আৰম্ভণিতে অনুমোদন লাভ কৰিব পাৰে ভেকচিনে। প্ৰতিটো ভেকচিনেই চূড়ান্ত পৰ্যায়ৰ ট্ৰায়েলত আছে।
হোজাইত আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন
হোজাই, ৩ ডিচেম্বৰ: বৃহস্পতিবাৰে হোজাইৰ গোপাল নগৰস্থিত আব্দুল খালিক মেমৰিয়েল হাই স্কুলত দিনযোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন কৰা হয়। সৰ্বশিক্ষা অসম, যোগীযান শিক্ষাখণ্ডৰ উদ্যোগত হোজাইৰ উক্ত হাই স্কুলত হোৱা আন্তৰ্জাতিক দিব্যাংগ দিৱস সমাজত দিব্যাংগৰ প্ৰতি সচেতনতা সৃষ্টিৰ লক্ষ্যৰে হোৱা অনুষ্ঠানত স্বাস্থ্য শিবিৰ, অনান্য প্ৰতিযোগীতা কুইজ, নৃত্য, কবিতা আবৃত্তি আদিৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভৰ পূৰ্বে বিদ্যালয়ৰ প্রধান শিক্ষক কিতাব আলীয়ে আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ পতাকা উত্তোলন কৰে আৰু মূখ্য অতিথি হিচাপে যোগীযান প্রাথমিক শিক্ষা খণ্ডৰ বিষয়া জিতেন ডেকাৰ লগতে অন্যান্য বিশিষ্ট অতিথি সকল উপস্থিত থাকে। অনুষ্ঠানৰ সভাত দিব্যাংগৰ বিশেষ শিক্ষক জয়ন্ত চৌধুৰীয়ে কয় যে, “বিশেষভাৱে সক্ষম হোৱাতো অভিশাপ নহয়, এটা কথা সত্য যে এনে লোক সকল বহু ক্ষেত্ৰত সাধাৰণ লোকসকলতকৈ পাৰ্গত, তেওঁলোকক কোন ক্ষেত্ৰতে উপেক্ষা কৰা উচিত নহয়, সকলোকে সমান ভাৱে চোবা উচিত।” হোজাইৰ উক্ত বিদ্যালয়ত হোৱা অনুষ্ঠানত ৬০ গৰাকী বিশেষ ভাৱে সক্ষম লোক অভিভাবক তথা অনান্য স্থানীয় লোকসকল উপস্থিত থাকে।
মৰিগাঁৱত বিশ্ব দিব্যাংগ দিৱস উদযাপন
মৰিগাঁও ,৩ ডিচেম্বৰঃ বৃহস্পতি বাৰে মৰিগাঁৱত মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা দিব্যাংগ সন্থাৰ সহযোগত জিলা দিব্যাংগ সন্থা কাৰ্য্যালয়ত দিনযোৰা কাৰ্যক্ৰমেৰে বিশ্ব দিব্যাংগ দিৱস উদযাপন কৰে। জিলা দিব্যাংগ সন্থাৰ সভাপতি লিলাধৰ শইকীয়া সভাপতিত্বত অনুষ্ঠিত সভাত জিলা সমাজ কল্যাণ বিষয়া, জিলা যুটীয়া স্বাস্হ্য বিষয়া লগতে মৰিগাঁও জিলা জেষ্ঠ সাংবাদিক জাকিৰ হুছেইন সহ দুই শতাধিক দিব্যাংগৰ ব্যক্ত উপষ্ঠিত থাকে। অনুষ্ঠানত উপষ্ঠিত থকা বিশিষ্ট ব্যক্তি সকলে দিব্যাংগ সকলৰ বাবে চৰকাৰে অনুমোদন দিয়া সকলো আচনি সম্পৰ্কে বুজাই দিয়ে ।
টংলাত প্ৰতিবাদী আছু কর্মীৰ ওপৰত নিৰ্মম প্ৰহাৰৰ প্ৰতিবাদত অৱস্হান ধৰ্মঘট
টংলা, ৩ডিচেম্বৰ : সদৌ ওদালগুৰি জিলা ছাত্র সন্থাৰ আহ্বানক্ৰমে বৃহস্পতিবাৰে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত টংলা আঞ্চলিক ছাত্র সন্থাই প্ৰতিবাদী আছু কর্মীৰ ওপৰত নিৰ্মম প্ৰহাৰৰ প্ৰতিবাদত মুখত কলা কাপোৰ বান্ধি ৰাতিপুৱা ১১ বজাৰ পৰা দিনৰ ২ বজা লৈ অৱস্হান ধৰ্মঘট কাৰ্যাসূচী ৰূপায়ন কৰে। উল্লেখযোগ্য যে বুধবাৰে টংলা আঞ্চলিক ছাত্র সন্থাই ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত গণতান্ত্ৰিক ভাবে কা-ই আই এ-২০২০ বাতিল আৰু মূল্য বৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদ কৰিছিল, উক্ত প্ৰতিবাদী কাৰ্যাসূচী প্ৰতিবাদী সকলে প্লে কাৰ্ডলৈ অসম চৰকাৰ হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা গ বেগ, বি জে পি হুচিয়া, কা আমি নামনো, মূল্য বৃদ্ধি ৰোধ কৰক বুলি শ্লোগানেৰে পিৰিবেশ উত্তাল কৰি তুলিছি । আন হাতে উক্ত কাৰ্যসূচীৰ বাবে প্ৰশাসনৰ পৰা অনুমতি লৈছিল আৰু দিনৰ ১২ বজাৰ পৰা আবেলি ৪ বজালৈ নিৰ্ধাৰণ কৰা হৈছল প্ৰতিবাদী কাৰ্যসূচী কিন্তু প্ৰতিবাদৰ অন্তিম মুহূর্তত প্ৰশাসনে প্ৰতিবাদী আছু কর্মীৰ ওপৰত নিৰ্মম প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে লগতে প্লে কাৰ্ড, ফলক, পেণ্ডেল ভাঙি ছিঙি লণ্ড ভণ্ড কৰাৰ লগতে আছুৰ পতাকা দলিয়াই পেলাই আৰু টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা, সম্পাদক ৰিংকু ডেকা, উপ সভাপতি ৰুদ্ৰ কমল দাস, ওদালগুৰি জিলা ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল পাতোৱাৰী লগতে কেবা গৰাকী আছু কৰ্মীক টংলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ এক মাত্ৰ কাৰণ হল ৪:৪২ বজাত টংলাত হব লগা বি টি চি পৰিসদীয় নিৰ্বাচন বি জে পি দলৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ পদ যাত্ৰা আছে আৰু উক্ত পদ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে আছুৰ প্ৰাতিবাদী কাৰ্যসূচী সমাপ্ত কৰিব বিচাৰিছিল আৰক্ষী প্ৰশাসনে। উক্ত কাণ্ডক আছুই কঠোৰ ভাবে গৰিহণা দি আজি সমগ্ৰ ওদালগুৰি জিলাৰ প্ৰতিটো শাখাই মুখত কলা কাপোৰ বান্ধি অৱস্হান ধৰ্মঘট কাৰ্যাসূচী ৰূপায়ন কৰে। উক্ত অৱস্হান ধৰ্মঘট কাৰ্যাসূচীত টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি তথা ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি প্ৰাঞ্জল ডেকাই ব্যক্ত কৰি কয় যে– বৰ্তমান বি জে পিয়ে এতিয়া অসম তথা সমগ্ৰ ভাৰত বৰ্ষত গণতন্ত্ৰ বিষয়টো নোহোৱা কৰি পেলাইছে, তেওঁ লোকে হিতলাৰী শাসন চলাই আছে । হিমন্তৰ প্ৰৰোচনাত পৰি অতি নিৰ্লজ ভাবে অসম আৰক্ষীয়ে ছাত্ৰ সন্থাৰ ওপৰত জঁপিয়াই পৰে এয়া নতুন কথা নহয় । সদৌ অসম ছাত্ৰ সন্থাৰ ৰক্তিম পতাকা তেওঁলোকে মাটিত পেলাই ভৰিৰে গচকি ভাল কাম কৰা নাই । আছুক শাৰীৰিক ভাবে অপদস্ত কৰা এই কাণ্ডক আমি তীব্ৰ ভাবে গৰিহণা দিছোঁ। লগতে এই ঘটনাৰ লগত জড়িত দূষিত উচিত শাস্তি বিহিব লাগে, তদন্ত আওতালৈ আহিব লাগে নহলে অনাগত দিনত তীব্ৰ আন্দোলনৰ সূচনা হব বুলি ব্যক্ত কৰি কয়। উক্ত কাৰ্যসূচীত প্ৰাতিবাদী সকলে অসম আৰক্ষী হুচিয়াৰ, বি জে পি ৰ হিতলাৰী শাসন নচলিব, নিৰ্মল ঘোষ গ বেগ, প্ৰসেনঞ্জিত দাস গ বেগ, ঋতুত্তম বৰা হুচিয়াৰ আদি শ্লোগানেৰে টংলা ৰাজপথ উত্তাল কৰি তোলে।
এপিডিচিএল ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলৰ যৌথ বিক্ষোভ
ডিকম, ৩ ডিচেম্বৰঃ ভাৰত চৰকাৰে এপিডিচিএল ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলসমূহে ডিব্ৰুগড়ৰ কদমনিস্থিত মুখ্য কাৰ্যলয়ত আজি যৌথ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই (এম) চিপিআই, চিপিআই (এম এল) আৰু চিপিআই, অসম জনতা দলৰ লগতে অসম সংগ্ৰামী মঞ্চই চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে।
টীয়কৰ মৰিজাঁজী দ-গাঁও নামঘৰত গুৰুৰ আসন প্ৰতিষ্ঠা
অনলাইন বাৰ্তা, ৩ ডিচেম্বৰ : যোৰহাট জিলাৰ টীয়কৰ মৰিজাঁজী দ-গাঁও নামঘৰত মণিকূট উদ্বোধন কৰাৰ লগতে গুৰুৰ আসন প্ৰতিষ্ঠা কৰিলে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱগোস্বামীয়ে ৷ মৰিজাঁজী দ গাঁৱৰ ১২৫ বছৰীয়া নামঘৰটি সমগ্ৰ অঞ্চলটোৰ ভিতৰতে এক পুৰণি ঐতিহাসিক নামঘৰ । এই নামঘৰত অক্টোবৰ মাহত গাঁৱৰ সমূহ ৰাইজে আলোচনামৰ্মে নৱ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সভাপতি দিলীপ শৰ্মা আৰু সম্পাদক সুব্ৰত শৰ্মাকে প্ৰমুখ কৰি হীৰেন শৰ্মা(হিনমণী), ধ্ৰুৱজিৎ শৰ্মা(তুনু), ধ্ৰুৱজ্যোতি শৰ্মাক প্ৰায় এশজনীয়া এখন নিৰ্মাণ সমিতি গঠন কৰি এই দায়িত্ব অৰ্পণ কৰাৰ পাছত নামঘৰটো এক নতুন ৰূপত পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰে ।উল্লেখযোগ্য যে, ১২০ টা পৰিয়ালৰ লগতে কেইবাখনো গাঁৱৰ সামূহিক উপাসনাৰ স্থান এই নামঘৰত ৰাইজে সমূহীয়াভাবে সেৱা জনাই অনাগত দিনবোৰত সকলোৰে মাজত মিলাপ্ৰীতিৰ লগতে বিশ্বৰ পৰা সকলো অপায়-অমংগল দূৰ কৰিবলৈ প্ৰাৰ্থনা আগবঢ়ায় । অনুস্থানটিত ৰাইজৰ হৈ সভাপতি দিলীপ শৰ্মা আৰু সম্পাদক সুব্ৰত শৰ্মাৰ লগতে স্বেচ্ছাসেৱী অনুস্থান ৰেঙণি এটি আশাৰ হৈ সঞ্চালক বিজু কুমাৰ শৰ্মা, উপসভাপতি ৰুবুল চন্দ্ৰ বৰদলৈ আৰু উপদেষ্টা কৰ্কট ৰোগ বিশেষজ্ঞ ডঃ যদুনাথ বুঢ়াগোহাঁইয়ে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাপতি দিলীপ শৰ্মাৰ নেতৃত্বত নামঘৰভাগি সম্পূৰ্ণ হোৱাত তেখেতক দগাৱৰ যুৱ সমাজৰ লগতে ৰেঙণি এটি আশাৰ সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত ৰত্নাকৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী প্ৰনৱ গোস্বামী, পুনীয়া সত্ৰৰ ডেকা সত্ৰীয়া শ্ৰী শ্ৰী নিলমণি দেৱগোস্বামী, ১০২ নং টীয়ক বিধান সভা সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, সমাজকৰ্মী বিকাশ শইকীয়া, অসীম বৰুৱা, ডঃ যদুনাথ বুঢ়াগোহাঁই, সমাজসেৱীকা পল্লৱী গগৈৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সৌষ্ঠব বৃদ্ধি কৰে।
সাপটগ্ৰামত ধুবুৰী পূৱ জিলা ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ কাৰ্য্যনিৰ্বাহ সভা অনুষ্ঠিত
বিলাসীপাৰা, ২ ডিচেম্বৰঃ ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূৱ জিলা মহিলা মৰ্চাৰ সাপটগ্ৰাম চেন্বাৰ হলত আজি এখন কাৰ্য্যনিৰ্বাহসভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে সভা খনত দলৰ সাংগঠনিক দিশত মূল্যৱান ভাষন প্ৰদান কৰে, ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূৱ জিলা মহিলা মৰ্চাৰ সভানেত্রী শ্ৰীমতী বিউটি ৰায় অৰু লগতে ধুবুৰী পূৱ জিলা কমিটিৰ সভাপতি শ্ৰীযুত প্ৰফুল্ল্য কলিতা দেৱে। উক্ত সভা খনত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূৱ জিলা সাপটগ্ৰাম মণ্ডল প্ৰভাৰি মৌচুমী বাউদেউ, ৰত্না কলিতা আদিকে ধৰি মহিলা মৰ্চাৰ সতীৰ্থ বৃন্দ উপস্থিত থাকে।















