সভাত ভাষণ প্ৰদান কৰি তিৱাসকলৰ সমৃদ্ধ লোকজীৱন আৰু লোককৃষ্টিৰ আধাৰতে তিৱা সাহিত্য গঢ় লৈ উঠিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে তিৱা সাহিত্যৰ মাজেদি প্ৰকাশিত হোৱা চিন্তা-চেতনাই ৰাজ্যৰ সাহিত্য ক্ষেত্ৰখন উৰ্বৰ কৰিছে। তেওঁ কয় যে জন্মলগ্নৰে পৰা জনগোষ্ঠীটোৰ ভাষা-সাহিত্যৰ বিকাশ সাধনত তিৱা সাহিত্য সভাই লোৱা ভূমিকাই নতুন প্ৰজন্মক বিশেষভাৱে উৎসাহিত কৰিছে। পূৰ্বৰে পৰা কথিত ৰূপত প্ৰচলিত হৈ অহা তিৱা ভাষাৰ লিখিত সাহিত্যৰ বিকাশ বিংশ শতিকাৰ সত্তৰৰ দশক মানৰ পৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই ক্ষেত্ৰত ১৯৭৩ চনৰ মাৰ্চ মাহত প্ৰকাশিত সদৌ অসম তিৱা (লালুং) যুৱ-ছাত্ৰ সন্মিলনৰ ‘ৰিংছাং’ নামৰ মুখপত্ৰখনে মুখ্য ভূমিকা লৈছিল। তেওঁ লগতে কয় যে ৰিংছাঙত তিৱাসকলৰ আঁতি-গুৰি, জনগোষ্ঠীটোৰ গৌৰৱমণ্ডিত ইতিহাস, সমাজ আৰু ৰাজনীতি, কৃষ্টি-সংস্কৃতিৰ উপৰি তিৱা ভাষা আৰু সাহিত্য বিষয়ক কেতবোৰ লেখা প্ৰকাশ পাইছিল। ৰিংছাঙে তিৱা ভাষা আৰু সাহিত্য চৰ্চাৰ বাট মুকলি কৰি জনগোষ্ঠীটোৰ উঠি অহা প্ৰজন্মক নিজা ভাষাত সাহিত্য চৰ্চা কৰিবলৈ উদগণি যোগাইছিল। মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৮০ চনৰ ১৫ নৱেম্বৰত জাগীৰোডৰ ওচৰৰ মাৰ্কংকুছি প্ৰাথমিক বিদ্যালয়ত চন্দ্ৰকান্ত বৰদলৈৰ সভাপতিত্বত তিৱা ভাষা উন্নয়ন পৰিষদ নামৰ এটি সংগঠন গঢ়ি উঠিছিল। ১৯৮১ চনৰ ৩১ মে’ত সংগঠনটোৰ নাম সলনি কৰি সদৌ তিৱা সাহিত্য সভা হিচাপে নামাকৰণ কৰা হৈছিল বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে তিৱা সাহিত্য সভাৰ অভিৱৰ্তনত সভাৰ নাম সলনি কৰি তিৱা মাথনলাই তখ্ৰা হিচাপে নামাকৰণ কৰা হৈছিল।
মুখ্যমন্ত্ৰীয়ে কয় যে তিৱা মাথনলাই তখ্ৰাৰ ১৯৯৭ চনত নগাঁও জিলাৰ বাৰপূজীয়াত অনুষ্ঠিত অধিৱেশনখন তিৱা ভাষাৰ বাবে এক ঐতিহাসিক অধিৱেশন ৰূপে চিহ্নিত হৈ ৰ’ল। তিৱা মথানলাই তখ্ৰাৰ অধিৱেশনসমূহত মুখপত্ৰৰ লগতে বুজন সংখ্যক তিৱা ভাষাৰ গ্ৰন্থ প্ৰকাশে তিৱা ভাষা-সাহিত্য চৰ্চাত নতুন আয়তন যোগ দিবলৈ সক্ষম হৈছে বুলিও তেওঁ মন্তব্য কৰে। ভাষা-সংস্কৃতিৰ বিকাশৰ দিশত এই সাহিত্য অনুষ্ঠানটোৱে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে তিৱা ভাষা-সাহিত্য চৰ্চাক বিশেষ গতি প্ৰদান কৰি সাহিত্যিক তথা তখ্ৰাৰ সাহিত্য সম্পাদক হৰচিং খলাৰে ২০২৩ চনত সাহিত্য অকাডেমী ভাষা সন্মান বঁটা লাভ কৰি সমগ্ৰ জাতিটোৰে গৌৰৱ বৃদ্ধি কৰিলে।