Home Blog Page 3142

জামুগুৰিহাটত এবিভিপিৰ কাৰ্য্যালয় উদ্ধোধন

দৈনন্দিন বাৰ্তাৰ সেৱা, ইটাখোলা, ১১ নৱেম্বৰঃ অসমত পাকিস্থান জিন্দাৱাদ নচলিব, ইয়াত বন্দে মা তৰম আৰু জয় আই অসমহে চলিব – এই মন্তৱ্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷ আজি সমষ্টিটোৰ অন্তৰ্গত জামুগুৰি ব্যৱসায়িক কেন্দ্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জামুগুৰিহাট শাখাৰ এটি স্থায়ী কাৰ্য্যালয়ৰ দ্বাৰ উন্মোচন কৰি  বিধায়ক পদ্ম হাজৰিকাই আৰু কয়-অসমৰ বায়ু পানী খাই পাকিস্থান বাংলাদেশৰ চিন্তাত থকা সকল আমাৰ ঘোৰ শত্ৰু৷ আমাৰ মাটি, আমাৰ সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই অনা সকল  জাতিৰ শত্ৰু৷

এনে শত্ৰুক অসমৰ পৰা পুলিয়ে-পোখালিয়ে আতৰাই পঠিয়াব লাগিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জামুগুৰিহাট শাখাৰ সম্পাদক বিষ্ণু দাসে আত ধৰা অনুষ্ঠানটিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ  ৰাজ্যিক যুটীয়া সম্পাদক পলয় কুমাৰ বড়ো, জামুগুৰি শাখাৰ সভাপতি ড°তিলক শৰ্মা, সহকাৰী সম্পাদক ওম প্ৰকাশ দাস,বিবেক পাল, বৰুণ নাথে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দৰ্শন,লক্ষ্য উদ্দেশ্যৰ ওপৰত  বক্তৱ্য আগবঢ়ায়৷ সভাত এবিভিপিৰ শোণিতপুৰ জিলাৰ সমন্বয়ক দ্বিপজ্যোতি দাস প্ৰমুক্ষে কৰি বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

দীপাৱলী উপলক্ষে বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ১১ নৱেম্বৰঃ নাজিৰা মহকুমা অন্তৰ্গত নগৰকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা। ৰাজ্যৰ চৌদিশে এতিয়া দীপাৱলীক লৈ উখল মাখল পৰিবেশ। সম্প্ৰতি ৬০ বছৰৰো অধিক পুৰণি এখন বিশেষ বজাৰ। পূৰ্বপুৰুষৰ দিনৰে পৰা শিৱসাগৰত এই সকল মৃৎ শিল্পীয়ে মাটি চাকি প্ৰস্তুত কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। বিগত বৰ্ষৰ তুলনাত পোহৰৰ উৎসৱ দীপাৱলীত শিৱসাগৰ জিলা বিভিন্ন প্ৰান্তৰ লগতে নাজিৰা, নামতি-শিমলুগুৰি আৰু গেলেকীতো বৃদ্ধি পাইছে মাটি চাকিৰ বিক্ৰী।

বহু বছৰ আগৰে পৰাই মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত মৃৎ শিল্পীয়ে মাটি চাকি প্ৰস্তুত কৰি এই শিল্প শিৱসাগৰত জীৱিত কৰি ৰাখিছে। জিলা প্ৰশাসনে ৰঙীন লাইট শিৱসাগৰত বন্ধ কৰাৰ লগে-লগে স্থানীয় থলুৱা মাটি চাকিৰ বিক্ৰী বৃদ্ধি পোৱা আৰু শিল্প জীৱিত হৈ থকাৰ নতুন এটা দিশ সূচনা হৈছে। যাৰ বাবে নিতৌ শিৱসাগৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা জিলাখনৰ নানা স্থানলৈ ৰপ্তানি হৈছে থলুৱা শিল্পী সকলে নিৰ্মাণ কৰা এনে ধৰণৰ মাটি চাকি সমূহ।

দীপাৱলীৰ সময়ত শিৱসাগৰত তীৰ খেল, মেলা-মুকলি চিনেমা প্ৰদৰ্শন নিষিদ্ধ

দৈনন্দিন বাৰ্তাৰ সেৱা, মেছাগড়, ১১ নৱেম্বৰঃ শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ লক্ষীনন্দন গগৈয়ে কৰা এক আদেশমৰ্মে জনসাধাৰণৰ স্বাস্থ্য, নিৰাপত্তা আৰু ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ স্বাৰ্থত আগন্তুক দীপাৱলী উৎসৱৰ সময়ত অহা ১৩ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ সমগ্র শিৱসাগৰ জিলাতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত মেলা, লটাৰী খেল, জুৱা খেল তীৰ খেল তথা মুকলি চিনেমা প্ৰদৰ্শন আদি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। এই আদেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে, বিগত সময়ত শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত দীপাৱলী উৎসৱৰ লগত সংগতি ৰাখি মেলা, লটাৰী খেল, জুৱা খেল, তীৰ খেল আদি অনুষ্ঠিত হোৱাৰ লগতে চাহ বাগিচা সমূহত মুকলি চিনেমা প্ৰদৰ্শন হৈ আহিছে, য’ত একেলগে বহুলোকৰ সমাগম হোৱা  পৰিলক্ষিত হয়। তদুপৰি, বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত পুনৰ ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ আৰম্ভ হোৱাৰ বিষয়ে বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশিত হৈ আহিছে। উক্ত বিষয় বোৰ বিবেচনা কৰাৰ লগতে জনসাধাৰণৰ স্বাস্থ্য আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে ৰাজহুৱা বা ব্যক্তিগত স্থানত জনসমাগম ৰোধৰ স্বাৰ্থত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

চৰাইদেউ জিলা ভজো-কাকতীবাৰী-ৰাজগড় সংযোগী গড়কাপ্টানী পথৰ বিধ্বস্ত ৰূপ, ছাত্র সন্থাই আজিৰে পৰা অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰিলে পথ

দৈনন্দিন বাৰ্তাৰ সেৱা, মাহমৰা, ১১ নৱেম্বৰঃ উজনি অসমৰ ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ গড়কাপ্টানী বিভাগৰ অতি গুৰুত্বপূৰ্ণ জিলাখনৰ ভজো-কাকতীবাৰী-ৰাজগড় সংযোগী গড়কাপ্টানী পথছোৱাত শেহতীয়াকৈ নিতৌ বুজন পৰিমাণৰ শিল আৰু বালি কঢ়িওৱা গাড়ীয়ে বিধ্বস্ত কৰি পেলাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত যোৱা ৯ নৱেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ মাহমৰা আঞ্চলিক সমিতিয়ে চৰাইদেউ জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। ‘আছু’ৰ আঞ্চলিক সমিতিখনৰ সভাপতি ৰিংকু বড়া আৰু সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰগোঁহাইৰ স্বাক্ষৰিত স্মাৰকপত্ৰখনত উল্লেখ কৰা অনুসৰি, জিলাখনৰ অতি গুৰুত্বপূৰ্ণ ভজো-কাকতীবাৰী-ৰাজগড় সংযোগী গড়কাপ্টানী পথছোৱাৰ মাজেৰে দৈনিক এশৰো অধিক বুজন পৰিমাণৰ শিল আৰু বালি কঢ়িওৱা ডাম্পাৰ অহা-যোৱা কৰাত সম্প্ৰতি পথছোৱা বিধ্বস্ত হৈ পৰাৰ লগতে পথৰ মাজত পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈছে।

যাৰ ফলত সাধাৰণ জনসাধাৰণ দৈনিক অহা-যোৱা কৰাৰ লগতে বিদ্যালয়ত অধ্যয়নত ছাত্ৰ-ছাত্ৰী জীয়াতু ভুগিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে। এই বিষয়ত বিগত সময়ত বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা উপায়ুক্ত বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাটো অতিকে আশ্চৰ্যজনক বিষয় হিচাপে বিবেচিত হৈছে। সেয়েহে  আজিৰে পৰা মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাই উক্ত পথছোৱা মাজেৰে অত্যাধিক বুজন কঢ়িওৱা ডাম্পাৰসমূহ অহা-যোৱা কৰাত সম্পূৰ্ণৰূপে বাঁহ বান্ধি অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰিছে। এইক্ষেত্ৰত জিলা উপায়ুক্তই অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ‘আছু’ৰ মাহমৰা আঞ্চলিক সমিতিয়ে দাবী জনাইছে।

সাংবাদিক অৰ্ণৱ গোস্বামীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক অনুৰোধ সোণোৱালৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১১ নৱেম্বৰঃ আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জীৱনলৈ সংশয় আহিছে। জীৱনলৈ সংশয় অহাৰ কথা অৰ্ণৱে নিজেই প্ৰকাশ কৰিছিল। আজি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোস্বামীৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক অনুৰোধ জনাইছে। অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আজি নিজৰ টুইটাৰত প্ৰকাশ কৰিছে এই কথা। সোণোৱালে গোস্বামীৰ পৰিয়ালৰ অনুৰোধ মৰ্মে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী থাকৰেক এই অনুৰোধ জনাইছে।

মনকৰিবলগীয়া, সাংবাদিক গোস্বামীৰ মোমায়েক অৰ্থাৎ অসম চৰকাৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অনুৰোধত মুখ্যমন্ত্ৰী সোণোৱালে উদ্ধৱ থাকৰেৰ সৈতে এই বিষয়ত আলোচনা কৰা বুলিও চৰ্চা লাভ কৰিছে। অৰ্ণৱ গোস্বামীক আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন জনাইছিল যদিও আলিবাগ সত্ৰ আদালতে অৰ্ণৱ গোস্বামীক ১৪ দিনৰ ন্যায়িক জিম্মালৈহে প্ৰেৰণ কৰে। আৰক্ষীয়ে নিজৰ জিম্মাত নোপোৱাৰ বাবেই আৰক্ষীয়ে তেওঁৰ ওপৰত অত্যাচাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰিছিল সাংবাদিক গৰাকীয়ে।

“মই ভাৰতৰ জনতাক জনাব খুজিছো যে মোৰ জীৱনলৈ ভাবুকি আহিছে। তেওঁলোকে কয় যে অধিবক্তাৰ সৈতে কথা পাতিব নোৱাৰিব। মোক অত্যাচাৰ কৰা হৈছে। মোৰ আৰক্ষী জিম্মাৰ আবেদন আদালতে খাৰিজ কৰিলে। তেওঁলোকে মোক মুকলি হৈ অহাটো বিচৰা নাই। আজি পুৱাও মোক চোচৰাই আনিছে।” ৰিপাব্লিক টিভিয়ে সম্প্ৰচাৰ কৰা বাতৰিত অৰ্ণৱ গোস্বামীয়ে এইদৰে কোৱা দেখা গৈছে।

বুধবাৰে আলিবাগ সত্ৰ আদালতে অৰ্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ কৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। আনহাতে অৰ্ণৱ গোস্বামী দেওবাৰে তাল’জা কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে। এখন আৰক্ষীৰ বাহনত তাল’জা কাৰাগাৰলৈ নি থকাৰ সময়তে খিৰিকীৰেদি অৰ্ণৱ গোস্বামীয়ে চিঞৰি এইদৰে কোৱা দেখা গৈছিল।

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৯৩৮৮ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১১ নৱেম্বৰঃ  অসমত পুনৰ ২৭১ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৯৩৮৮ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ৬২৯ জন লোক।

ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২০২৪৬৮ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে ৫৯৬৫ জন ৰোগী। কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯৫২ জন লোকৰ।

উৰিষ্যা বিধানসভাৰ উপ-নিৰ্বাচনত বিজু জনতা দলৰ জয় লাভ

দৈনন্দিন বাৰ্তাৰ সেৱা, ১১ নৱেম্বৰঃ মঙ্গবাৰে ঘোষণা কৰা উৰিষ্যা বিধানসভাৰ ২ খন আসনৰ বাবে অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বিজু জনতা দলে জয়লাভ কৰিবলৈ সক্ষম হৈছে। টিৰট’ল সমষ্টিত বিজু জনতা দলৰ বিজয় শংকৰ দাসে বিজেপিৰ ৰাজকিশোৰ বেহৰা ৪১,৭০৩ টা ভোটৰ ব্যৱধানত পৰাজিত কৰাৰ লগতে বেলছ’ৰেত স্বৰূপ কুমাৰ দাসে মানস কুমাৰ দত্তক ১৩,৩৫১ টা ভোটত পৰাজিত কৰে। আনহাতে ২০১৯ চনত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত বিজু জনতা দলে ১১২ খন আসনত জয় হ’বলৈ সক্ষম হৈছিল।

মূখ্যমন্ত্ৰী ছিগনেচাৰ প্ৰকল্পৰ আঁচনি পথৰ অনিয়মৰ সন্দৰ্ভত ৰাইজমেল

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ১১ নৱেম্বৰঃ যোৰহাট পথ সংমণ্ডলৰ অধীনত ভগামুখ অঞ্চলৰ বৃহত্তৰ ঔগুৰি সংলগ্ন ২০১৮/১৯ বৰ্ষৰ মূখ্যমন্ত্ৰী ছিগনেচাৰ প্ৰকল্পৰ আঁচনি বনাই হোজাইকান -ঘোঁৰাচৰা নিৰ্মানৰ আৰম্ভণি পৰাই ব্যাপক বিসংগতি হোৱাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে  এখন ৰাইজ মেল অনুষ্ঠিত কৰা হয়। বানপীড়িত অঞ্চলটোৰ বৰকোৰ প্ৰাথমিক বিদ্যালয়ত স্থানীয় সমাজকৰ্মী মোহন দত্তৰ সভাপতিত্বত হোৱা উক্ত সভাতেই টীয়ক আৰু মৰিয়নী উপ-সংমণ্ডলৰ কাৰ্ষবাহী অভিযন্ত্ৰা ৰাণা শৰ্মা, সহকাৰী অভিযন্ত্ৰা ৰঞ্জন দে,আৰু পথটো নিৰ্মানত নিয়োজিত আগৰৱালা এণ্টাপ্ৰাইজৰ ঠিকাদাৰসহ বিষয়ববীয়া সকল উপস্থিত থাকি  অচিৰেই প্ৰাক কলনমতে কাম কৰা প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য যে, পূৰ্বতে পথছোৱা ১০কোটি টকা ধাৰ্য কৰাহৈছিল যদিও সম্প্ৰতি ৮.৬৮ কিলোমিটাৰ পথত ৮,৯২,৯৪,৯৮৬ টকাহে ধাৰ্য কৰা বিষয়ে বিভাগীয় কৰ্তপক্ষই ৰাইজক অৱগত কৰিছে। চলিত বৰ্ষৰ বাঢ়নী পানীয়ে অদ্ধনিৰ্মিত পথছোৱা বিধবস্ত কৰি পেলোৱাৰ বাবে যাতায়তৰ ক্ষেত্ৰত অঞ্চলটো ৰাইজে জীয়াতু ভোগ কৰিব লগা হৈছিল। ইফালে পথছোৱা প্ৰাককলনৰ মতে নিৰ্মান নকৰিলে স্থানীয় ৰাইজে আদালতৰ কাষচাপিবলৈ বাধ্য হ’ব বুলি বিভাগীয় বিষয়াক সকীয়াই দিয়ে।

চাহ অধ্যুষিত ১৮ খন জিলাক সামৰি বিশেষ উন্নয়ন সমিতি গঠনৰ দাবীত মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ১১ নৱেম্বৰঃ অসমৰ চাহ অধ্যুষিত ১৮ খন জিলাক সামৰি বিশেষ উন্নয়ন সমিতি গঠনৰ দাবীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অসমৰ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰে। অসমৰ অৰ্থনীতিত বিশেষ ভূমিকা গ্ৰহন কৰা অসমৰ চাহ উদ্যোগীসকলৰ উন্নয়নৰ স্বাৰ্থত অসমৰ চাহ অধ্যুষিত ১৮ খন জিলা ক্ৰমে শিৱসাগৰ, ডিব্ৰুগড় , যোৰহাট, গোলাঘাট, কলিয়াবৰ, চৰাইদেউ, তিনিচুকীয়া, দৰং, লক্ষীমপুৰ, কাৰ্বি  আংলং, বঙাইগাঁও , ধুবুৰী, কাছাৰ, বাক্সা, বিশ্বনাথ চাৰিআলি আৰু গোৱালপাৰা জিলাক সামৰি এক বিশেষ উন্নয়ন সমিতি গঠনৰ দাবীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অলপতে অসমৰ মুখ্যমন্ত্ৰীক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

সন্থাৰ উপ-সভাপতি থুনুক গগৈ স্বাৰিত স্মাৰকপত্ৰখনত এক বিশেষ উন্নয়ন সমিতিৰ মূখ্য সভাপতিৰ দায়িত্বত ৰাজ্যৰ মূখ্যমন্ত্ৰীক অৰ্পণ কৰাৰ লগতে ৰাজ্যৰ মূখ্য সচিবক সমিতিৰ আহ্বায়ক হিচাপে ৰখাৰ বাবে অনুৰোধ জনাই। আনহাতে জিলা সমূহত অসমৰ চৰকাৰৰ মন্ত্ৰী-বিধায়ক আৰু জিলা উপায়ুক্তসকল আৰু বৃহৎ পুঁজিপতি গোষ্ঠীৰ চাহ বাগিচাৰ পৰিচালকসকলক আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সদস্যসকলক সমিতিৰ সমিতিৰ সদস্য হিচাপে লৈ বিশেষ উন্নয়ন সমিতি গঠন কৰিবৰ বাবে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰৰ যোগে আহ্বান জনায়। বিশেষ উন্নয়ন সমিতি গঠন কৰি ক্ষুদ্ৰ চাহ খেতিয়ক আৰু চাহ শ্ৰমিকসকলৰ আৰ্থামাজিক উন্নয়ন সাধন কৰাৰ বাবে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনাই ।উল্লেখ্য যে সন্থাৰ ১২অক্টোবৰৰ কেন্দ্ৰীয় কাৰ্যনিবাহকত এই সিদ্ধান্ত গ্ৰহন কৰা হৈছিল। 

সৰবৰহী মহিলা কমলা দেৱীৰ মৃত্যু

দৈনন্দিন বাৰ্তাৰ সেৱা, দেৰগাঁও, ১১ নৱেম্বৰঃ দেৰগাঁৱৰ দাধৰা দৈয়ঙ্গীয়া গাঁৱৰ এগৰাকী সৰবৰহী মহিলা  কমলা দেৱী(৬১)ৰ ১০ নবেম্বৰৰ দাধৰাস্থ   নিজ বাসগৃহত দেহাৱসান। মৃত্যুৰ সময়ত তেখেতে বিভিন্ন আত্মীয়ক ইহ সংসাৰত এৰিথৈ গৈছে। সমাজৰ প্ৰতিটো কামতে অংশ গ্ৰহন কৰা কুমাৰী কমলা দেৱীৰ মৃত্যুত সমগ্ৰ দেৰগাঁৱতে শোকৰ চাঁ পৰিছে।