Home Blog Page 315

Horoscope: গ্ৰহবোৰৰ বিশেষ গতিৰ বাবে আপোনাৰ ভাগ্য সলনি হ’ব! আজিৰ ৰাশিফল, শুভ ৰং আৰু সংখ্যা জানি লওক

Horoscope: গ্ৰহবোৰৰ বিশেষ গতিৰ বাবে আপোনাৰ ভাগ্য সলনি হ’ব! আজিৰ ৰাশিফল, শুভ ৰং আৰু সংখ্যা জানি লওক
Horoscope: গ্ৰহবোৰৰ বিশেষ গতিৰ বাবে আপোনাৰ ভাগ্য সলনি হ’ব! আজিৰ ৰাশিফল, শুভ ৰং আৰু সংখ্যা জানি লওক

জ্যোতিষৰ হিচাপ অনুসৰি সূৰ্য্য মীন ৰাশিত প্ৰৱেশ কৰিছে, আনহাতে চন্দ্ৰ বৃশ্চিক ৰাশিত। এই গ্ৰহসমূহৰ গতিবিধিৰ ফলত ১২টা ৰাশিৰ সকলোতে প্ৰভাৱ পৰিব।(Horoscope) তেওঁলোকৰ আৰ্থিক, পাৰিবাৰিক, কেৰিয়াৰ আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত প্ৰভাৱ পৰিব। এনে পৰিস্থিতিত আজিৰ ৰাশিফল, শুভ ৰং আৰু ভাগ্যৰ সংখ্যা জানি লওক। ২০২৫ চনৰ ২৩ মাৰ্চত আপোনাৰ দিনটো কেনেকুৱা হ’ব –

মেষ ৰাশি
আজি আপোনালোকৰ বাবে আত্মনিৰীক্ষণৰ দিন। পুৰণি অভ্যাস এৰি নতুনকৈ আৰম্ভ কৰিবলৈ চেষ্টা কৰক। ধ্যান আৰু যোগে আপোনাৰ মনত শান্তি আনিব, যাৰ ফলত মানসিক শান্তি বৃদ্ধি পাব। বিত্তীয় বিষয়ত সাৱধান হওক আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। লাকী নম্বৰ: ৯, লাকী ৰং: ৰঙা।

বৃষ ৰাশি

আজি আপোনাৰ মনটো সামাজিক কাম-কাজত অংশগ্ৰহণ কৰি সুখী হ’ব। পুৰণি বন্ধু-বান্ধৱীক লগ পাব পাৰে, যিয়ে আপোনাক এক সুখদায়ক অভিজ্ঞতা প্ৰদান কৰিব আৰু পুৰণি স্মৃতিবোৰ সতেজ কৰি তুলিব। আৰ্থিক বিষয়ত সাৱধান হওক আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক, কাৰণ হঠাতে কিছু আৰ্থিক প্ৰয়োজন হ’ব পাৰে। পাৰিবাৰিক জীৱনত সমন্বয় বজাই ৰাখিবলৈ ধৈৰ্য্য আৰু বুজাবুজিৰে কাম কৰক। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক আৰু খাদ্যাভ্যাসত সংযম বজাই ৰাখক। লাকী নম্বৰ: ৬, লাকী ৰং: সেউজীয়া।

মিথুন ৰাশি

আপোনাৰ কেৰিয়াৰত নতুন সুযোগ লাভ কৰিব, যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। জ্যেষ্ঠ বিষয়াসকলৰ পৰা আপুনি প্ৰশংসা লাভ কৰিব, যিয়ে আপোনাক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব। নতুন প্ৰজেক্টৰ কাম আৰম্ভ কৰিব পাৰে, কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত ল’ব নালাগে। পৰিয়ালটোত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। লাকী নম্বৰ: ৫, লাকী ৰং: হালধীয়া।

কৰ্কট ৰাশি

আজি শিক্ষা আৰু জ্ঞান বৃদ্ধিৰ বাবে এটা ভাল দিন। নতুন নতুন কথা শিকাৰ ইচ্ছা প্ৰবল হ’ব, যাৰ ফলত হয়তো আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সুযোগ পোৱা যাব। আপুনি ধৰ্মীয় বা আধ্যাত্মিক কামত অংশগ্ৰহণ কৰিব পাৰে, যিয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। লাকী নম্বৰ: ২, লাকী ৰং: বগা।

সিংহ ৰাশি

আৰ্থিক বিষয়ত সাৱধান হওক, কাৰণ অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হ’ব পাৰে। বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক, নহ’লে পিছত আপুনি অনুশোচনা কৰিব পাৰে। পৰিয়ালৰ সৈতে সময় কটালে আনন্দদায়ক হ’ব আৰু আপুনি আপোনাৰ ঘৰৰ দায়িত্ব ভালদৰে পালন কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো লাভজনক হ’ব। ভাগ্যৰ সংখ্যা: ১, ভাগ্যৰ ৰং: সোণালী।

কন্যা ৰাশি

সম্পৰ্কত স্বচ্ছতা বজাই ৰাখক, নহ’লে সন্দেহৰ সৃষ্টি হ’ব পাৰে। স্বাস্থ্যৰ যত্ন লওক আৰু সুষম খাদ্য গ্ৰহণ কৰক, কাৰণ গাফিলতিৰ ফলত পেটৰ সমস্যা হ’ব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল কেৰিয়াৰৰ ক্ষেত্ৰত হ’ব, যাৰ বাবে আপুনি নতুন দায়িত্ব লাভ কৰিব পাৰে। পুৰণি বন্ধুক লগ পালে আপোনাৰ আৱেগ সতেজ হৈ পৰিব। লাকী নম্বৰ: ৭, লাকী ৰং: নীলা।

তুলা ৰাশি

স্বাস্থ্যৰ যত্ন লওক, কাৰণ ঋতুভিত্তিক ৰোগে আপোনাক প্ৰভাৱিত কৰিব পাৰে। নিয়মিত ব্যায়াম কৰক আৰু সুষম খাদ্য গ্ৰহণ কৰক। কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পুৰস্কাৰ পাব, যিয়ে আপোনাক আৰ্থিকভাৱেও শক্তিশালী কৰিব।মনৰ শান্তিৰ বাবে ধ্যান কৰক। লাকী নম্বৰ: ৪, লাকী ৰং: গোলাপী।

বৃশ্চিক ৰাশি

সৃষ্টিশীল কামৰ প্ৰতি আপুনি আগ্ৰহী হ’ব। আপুনি নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব, যাৰ বাবে আপুনি আপোনাৰ সংগীৰ প্ৰতি অধিক নিষ্ঠা অনুভৱ কৰিব। আৰ্থিক বিষয়ত লাভৰ সম্ভাৱনা আছে যদিও ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব। লাকী নম্বৰ: ৮, লাকী ৰং: বেঙুনীয়া।

ধনু ৰাশি

পৰিয়ালৰ সৈতে সময় কটাবলৈ আনন্দদায়ক হ’ব, যাৰ ফলত সম্পৰ্ক গভীৰ হ’ব। আপুনি আপোনাৰ ঘৰৰ সজ্জা সলনি কৰিব পাৰে, যাৰ ফলত পৰিৱেশ ইতিবাচক আৰু শক্তিৰে ভৰা অনুভৱ কৰিব। আৰ্থিক বিষয়ত লাভৰ সম্ভাৱনা আছে যদিও অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনাৰ কেৰিয়াৰত নতুন সুযোগ পাব। ভ্ৰমণৰ সম্ভাৱনাও থাকিব পাৰে। লাকী নম্বৰ: ৩, লাকী ৰং: কমলা।

মকৰ ৰাশি

চাকৰিত পদোন্নতি বা নতুন দায়িত্ব পাব পাৰে, যাৰ ফলত আপোনাৰ দক্ষতা আৰু দায়িত্ব বৃদ্ধি পাব। সহকৰ্মীসকলৰ পৰা সমৰ্থন লাভ কৰিব, যিয়ে দলীয় কাম-কাজ আৰু অধিক শক্তিশালী কৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব, যাৰ বাবে আপুনি কঠিন কামবোৰো সহজে সম্পূৰ্ণ কৰিব পাৰিব। আৰ্থিক বিষয়ত সাৱধান হওক আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। লাকী নম্বৰ: ১০।

কুম্ভ ৰাশি

আৰ্থিক বিষয়ত সাৱধান হওক, কাৰণ খৰখেদাকৈ লোৱা সিদ্ধান্তই লোকচানৰ সৃষ্টি কৰিব পাৰে।স্বাস্থ্যৰ যত্ন লওক আৰু নিয়মিতভাৱে ব্যায়াম কৰক, যাতে আপুনি শক্তিশালী হৈ থাকে। আপোনাৰ সামাজিক বৃত্ত বৃদ্ধি কৰিলে নতুন সুযোগ আহিব। লাকী নম্বৰ: ১১, লাকী ৰং: ধূসৰ।

মীন ৰাশি

আজি আপোনাৰ বাবে বিশেষ দিন কাৰণ সূৰ্য্যই আপোনাৰ ৰাশিত প্ৰৱেশ কৰিছে। নতুন নতুন সুযোগৰ সুবিধা লওক আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক, কিয়নো এই সময়ে আপোনাৰ বাবে অগ্ৰগতি কঢ়িয়াই আনিব। স্বাস্থ্যৰ যত্ন লওক। আধ্যাত্মিক কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে, যাৰ ফলত মনলৈ শান্তি আহিব। লাকী নম্বৰ: ১২।

অসমীয়া ভাষাৰ প্ৰতি ভালপোৱা বৃদ্ধি কৰিবলৈ সকলো অসমীয়াই দায়িত্ব ল’ব লাগিব – ড° বসন্ত কুমাৰ গোস্বামী ।Dr. Basanta Kumar Goswami

অসমীয়া ভাষাৰ প্ৰতি ভালপোৱা বৃদ্ধি কৰিবলৈ সকলো অসমীয়াই দায়িত্ব ল'ব লাগিব - ড° বসন্ত কুমাৰ গোস্বামী ।Dr. Basanta Kumar Goswami
অসমীয়া ভাষাৰ প্ৰতি ভালপোৱা বৃদ্ধি কৰিবলৈ সকলো অসমীয়াই দায়িত্ব ল'ব লাগিব - ড° বসন্ত কুমাৰ গোস্বামী ।Dr. Basanta Kumar Goswami

তিনিচুকীয়া, ২২ মাৰ্চ: Dr. Basanta Kumar Goswami । অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ তিনিচুকীয়া আৰু অৰুণাচল প্ৰদেশ ভ্ৰমণৰ অংশস্বৰূপে কালি মাকুম শাখা সাহিত্য সভাৰ বনমালী শইকীয়া ভবনত উপস্থিত হয়। ইয়াৰ পাছত তেওঁ মাকুমৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা ‘সূৰ্যোদয়’ৰ কাৰ্যালয়তো উপস্থিত হয়। সূৰ্যোদয়ৰ তৰফৰ পৰা ড° গোস্বামীক চেলেং-চাদৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। সূৰ্যোদয়ৰ সঞ্চালক অখিল চন্দ্ৰ বৰুৱাই সাহিত্য সভাৰ সভাপতি গৰাকীক জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত সাহিত্য সভাক বলিষ্ঠ ৰূপত প্ৰতিষ্ঠিত কৰিবলৈ আহ্বান জনায়।

‘সূৰ্যোদয়’ৰ কাৰ্যালয়ৰ পৰা শতাধিক সাহিত্যপ্ৰেমীয়ে এক বৰ্ণিল শোভাযাত্ৰাৰে ড° গোস্বামীক তিনিচুকীয়া জিলা সাহিত্য সভাৰ মাকুমস্থিত যুগল কিশোৰ কেষাণ ভবনলৈ উল্লাসেৰে আদৰি নিয়ে। তাত জিলা সাহিত্য সভাৰ সভাপতি লম্বেশ্বৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত ড° গোস্বামীক সম্বৰ্ধনা জনোৱা হয়।

সভাত ড° গোস্বামী সাহিত্য সভাৰ সভাপতি হিচাপে অসম সাহিত্য সভাৰ আসন সুৰক্ষিত কৰাৰ সংকল্প ব্যক্ত কৰে। তেওঁ অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰসাৰ সাধন, জাতি-জনগোষ্ঠীৰ মাজত প্ৰেম আৰু ভাতৃত্ববোধৰ উন্নয়ন আৰু অসম সাহিত্য সভাৰ শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য ব্যাখ্যা কৰে। তেওঁ মন্তব্য কৰে যে, ‘অসম সাহিত্য সভা মানেই সমগ্ৰ অসমবাসীৰ সাহিত্যিক গৌৰৱ, আমি সকলোৱে একত্ৰিত হৈ সাহিত্যৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব।’

তেওঁ বিশেষভাৱে উল্লেখ কৰে, ‘ভাৱীকালৰ সাধকসকলক অসমীয়া ভাষাৰ প্ৰতি বাল্যকালৰে পৰা ভাল পাবলৈ শিকোৱাৰ দায়িত্ব আমি সকলো অসমীয়াই ল’ব লাগিব। সমাজত অসামাজিক প্ৰৱণতা দূৰ কৰি ভৱিষ্যৎ প্ৰজন্মক জাতিপ্ৰেমী আৰু ভাষাপ্ৰেমী হিচাপে গঢ়ি তোলাটো একান্তই প্ৰয়োজন।’

সভাত উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত ধনভৰালী মণিৰাম লাহন, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তুফেল জিলানী আৰু শংকুসিদ্ধ নাথ, ডিব্ৰুগড় আঞ্চলিক সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনীল গুৰুং, জিলা সাহিত্য সভাৰ প্ৰতিনিধি মোহন মৰাণ, প্ৰাক্তন জিলা সম্পাদক পুলক গগৈ, প্ৰাক্তন জিলা সভাপতি প্ৰবীণ বৰা, জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ চাংমাই আৰু অন্যান্য বহুতো সাহিত্যপ্ৰেমী, দল-সংগঠন আৰু ব্যক্তি বিশেষ উপস্থিত থাকে। সভাখনত ড° গোস্বামীক সম্বৰ্ধনা-পত্ৰ, শৰাই, চেলেং-চাদৰ, ফুলাম গামোচা, কিতাপৰ টোপোলা আদি উপহাৰ প্ৰদান কৰি সন্মানিত কৰা হয়।

ৰূপজ্যোতি কুৰ্মীক মানসিক চিকিৎসালয়ত ভৰ্তিৰ দাবী,পাকাবেতবাৰীত ৰাইজৰ দাহ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিমূৰ্তি । Rupjyoti Kurmi

ৰূপজ্যোতি কুৰ্মীক মানসিক চিকিৎসালয়ত ভৰ্তিৰ দাবী,পাকাবেতবাৰীত ৰাইজৰ দাহ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিমূৰ্তি । Rupjyoti Kurmi
ৰূপজ্যোতি কুৰ্মীক মানসিক চিকিৎসালয়ত ভৰ্তিৰ দাবী,পাকাবেতবাৰীত ৰাইজৰ দাহ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিমূৰ্তি । Rupjyoti Kurmi

দৈনন্দিন বাৰ্তাৰ সেৱা, কয়াকুছি, ২২ মাৰ্চঃ Rupjyoti Kurmi । অসম বিধানসভাৰ পৱিত্ৰ মজিয়া অশালীন শব্দ আৰু অভব্য আচৰণেৰে অপৱিত্ৰ তথা কলুষিত কৰা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিমূৰ্তি দাহ কৰা হয় । আজি ৰাইজৰ দলৰ নেতা-কৰ্মীয়ে পাকাবেতবাৰী সমষ্টিত দাহ কৰে ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিমূৰ্তি । কালি অসম বিধান সভাৰ ভিতৰত বিধায়কগৰাকীয়ে বিৰোধী দলৰ বিধায়কক লৈ অশালীন মন্তব্য কৰিছিল ।

উল্লেখযোগ্য যে, কালি বিধানসভা চলাকালীন অৱস্থাতেই মৰিয়নী সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ঐ ফটুৱা, তহঁতে কিয় কথা ক’বি, মাইক ভাঙি দিম বুলি কৈ নিজৰ আসনৰ পৰা উঠি গৈ অখিল গগৈ আৰু শ্বেৰমান আলীক টাৰ্গেট কৰি চোচা লৈছিল । এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি আজি ৰাইজৰ দলৰ পাকাবেতবাৰী ব্লকৰ উদ্যোগত ভক্তৰডোবাৰ পিঠাদিত দিনৰ ১১ বজাত অনুষ্ঠিত হোৱা প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত দলৰ কৰ্মীসকলে বিজেপি হায় হায়, ৰূপজ্যোতি কুৰ্মী মুৰ্দাবাদ, ৰূপজ্যোতি কুৰ্মীৰ বিধায়ক পদ খাৰিজ কৰক, ৰাইজৰ দল জিন্দাবাদ আদি ধ্বনি দিয়ে ভৱিষ্যতে যাতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনৰ ভিতৰত এনে অশালীন আচৰণ নকৰে তাৰ বাবে সকীয়াই দিয়ে । আজিৰ এই পুত্তলিকা দাহ কাৰ্যসূচীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানে ৰূপজ্যোতি কুৰ্মীক এগৰাকী মানসিক ৰোগী বুলি উল্লেখ কৰি তেওঁক তেজপুৰ মানসিক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ বিজেপি দলৰ নেতা কৰ্মীসকলৰ লগতে মুখ্যমন্ত্ৰীক আহ্বান জনায় ।

এনে মানসিকভাৱে ভাৰসাম্যহীন বিধায়ক ৰূপজ্যোতি কুৰ্মীক দীৰ্ঘ সময়ৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰিবলৈও মনিৰুজ জামানে বিধানসভাৰ অধ্যক্ষক দাবী জনায় । আনহাতে মনিৰুজ জামানে বিধানসভাৰ অধ্যক্ষগৰাকীৰ পক্ষপাতিত্বমূলক আচৰণকো সমালোচনা কৰে । তেওঁ কয় যে, সামান্যতম অযুহাত দেখুৱাই অসম বিধানসভা পৱিত্ৰ মজিয়াৰ পৰা বাৰে বাৰে বিৰোধী দলৰ বিধায়ক অখিল গগৈ আৰু বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক নিলম্বন কৰা হয় । কিন্তু আশ্চৰ্যজনকভাৱে ৰূপজ্যোতি কুৰ্মীয়ে ইমান অভদ্ৰ আচৰণ কৰাৰ পাছতো অধ্যক্ষগৰাকীয়ে তেওঁক সদনৰ পৰা নিলম্বন নকৰিলে । এয়া অধ্যক্ষগৰাকীৰ পক্ষপাতিত্বমূলক আচৰণ ।

এই কাৰ্যসূচীত জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় উপ সভাপতি ধৰ্মেন্দ্ৰ দাস, পাকাবেতবাৰী সমষ্টি সমিতিৰ উপ সভাপতি সবজুল হক, বিত্ত সম্পাদক খলিলুৰ ৰহমান, ব্লক কমিটিৰ সম্পাদক সফিকুল ইছলাম, আঞ্চলিক সমিতিৰ বিষয়ববীয়া ক্ৰমে মুনছেৰ আলী, আতোৱাৰ ৰহমান, ময়নুল হক, আছমত আলীকে আদি কৰি প্ৰায় অৰ্ধশতাধিক লোক উপস্থিত থাকে ।

অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ ফলাফল । Darrang

অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ ফলাফল । Darrang
অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ ফলাফল । Darrang

দৈনন্দিন বাৰ্তাৰ সেৱা , মঙলদৈ বিশেষ সেৱা ,২২ মাৰ্চ : Darrang । অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সম্মিলনৰ শিক্ষা আৰু বিদ্যায়তনিক উপসমিতিৰ দ্বাৰা জনগোষ্ঠীটোৰ নৱ প্ৰজন্মৰ বৌদ্ধিক উত্তৰণ আৰু তেওঁলোকক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰাৰ উদ্দেশ্যেৰে সন্মিলনৰ তৰফৰ পৰা পোন প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটি প্রতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। পঞ্চম, সপ্তম আৰু নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত কৰা এই পৰীক্ষাৰ আজি ফলাফল ঘোষণা কৰে।


ফলাফল অনুসৰি পঞ্চম শ্ৰেণীৰ পৰীক্ষাত প্রথম স্থান লাভ কৰে মঙলদৈ, জয় নগৰৰ প্রিয়াংশ্রী শিবম , দ্বিতীয় স্থান দেওধনী ঘাট, নিজ সৰাবাৰীৰ নিলীম সাগৰ কাশ্যপ আৰু তৃতীয় স্থান অধিকাৰ কৰে খটৰা ,ভকত পাৰাৰ বিস্মিতা কলিতাই।

সপ্তম শ্ৰেণীৰ পৰীক্ষাত প্রথম স্থান অধিকাৰ কৰে দেওমৰনৈ পোটাপুখুৰীৰ প্রবাল হাজৰিকা,দ্বিতীয় স্থান অধিকাৰ কৰে দেওধনী ঘাট, আঠিয়া বাৰীৰ অভিনব পৰাগ আৰু তৃতীয় স্থান অধিকাৰ কৰে দেওমৰনৈ, বৰেৰীৰ প্রিয়মজ্যোতি কলিতাই একেদৰে নৱম শ্ৰেণীৰ পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰে খটৰা, দিপীলাৰ ধৃতিস্মিতা বৰুৱা,দ্বিতীয় স্থান অধিকাৰ কৰে দেওধনী ঘাট, গঙ্গা পুখুৰীৰ দীক্ষিতা কলিতাই আৰু তৃতীয় স্থান অধিকাৰ কৰে খটৰা, দিপীলাৰ জিতুল কলিতাই। পৰীক্ষাৰ স্থানপ্রাপ্ত সকলক দুদিনীয়াকৈ অনুষ্ঠিত হৈ থকা অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ চমতীয়া পাৰা গোবৰ্দ্ধন পাৰ শিৱ মন্দিৰত অনুষ্ঠিত হৈ থকা ১০৬ সংখ্যক অধিবেশনৰ দ্বিতীয় দিনৰ মুকলি সভাত বঁটা প্রদান কৰা হ’ব বুলি অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ শিক্ষা আৰু বিদ্যায়তনিক উপ-সমিতি সভাপতি জিতেন কলিতা , সম্পাদক হিতেশ বৰুৱা, সহ সম্পাদক মলয় বৰুৱা আৰু ডঃ ৰমেন কলিতাই জানিব দিয়ে।

Vastu Tips: ৰাতিপুৱা সাৰ পোৱাৰ পিছত নাচাব এই ছটা বস্তু !

Vastu Tips: ৰাতিপুৱা সাৰ পোৱাৰ পিছত নাচাব এই ছটা বস্তু !
Vastu Tips: ৰাতিপুৱা সাৰ পোৱাৰ পিছত নাচাব এই ছটা বস্তু !

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এটা নতুন দিন আৰম্ভ হয়। (Vastu Tips)দিনটো শুভ আৰু সফল হ’ব লাগে বুলি সকলোৱে সদায় সাৰ পায়। দিনটো শুভ কৰি তুলিবলৈ মানুহেও বিভিন্ন ধৰণৰ কাম কৰে যেনে কোনোবাই হাতৰ তলুৱালৈ চায়, কোনোবাই ধ্যান কৰে, আনহাতে কোনোবাই পানীলৈ চায়। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এই কামবোৰ কৰাটোও শুভ বুলি গণ্য কৰা হয়। কিন্তু কিছুমান বস্তু আছে যিবোৰ ৰাতিপুৱা সাৰ পোৱাৰ পিছত ভুলতেও দেখা উচিত নহয়, ৰাতিপুৱা এইবোৰ দেখিলে আপোনাৰ জীৱনত দুৰ্ভাগ্য আহিব পাৰে। এইবোৰ কথা জানো আহক-

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে যদি কেতিয়াবা বন্ধ ঘড়ী দেখা পায় তেন্তে ই আপোনাৰ জীৱনত বাধাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ কাম আবদ্ধ হৈ পৰিব পাৰে। ৰাতিপুৱা বন্ধ ঘড়ী দেখাটো বাস্তুত এটা অশুভ চিন বুলি গণ্য কৰা হয়, সেয়েহে কেতিয়াও আপোনাৰ শোৱা কোঠাত বন্ধ ঘড়ী ৰাখিব নালাগে।

ৰাতিপুৱা ঝাড়ু বা ডাষ্টবিন দেখাটোও ভাল লক্ষণ বুলি গণ্য কৰা নহয়। বাস্তুৰ মতে, ইয়াৰ ফলত আপোনাৰ জীৱনত আৰ্থিক সমস্যা সৃষ্টি হ’ব পাৰে।

যদি আপুনি ৰাতিপুৱা সাৰ পোৱাৰ পিছত প্ৰথমতে লেতেৰা বাচন-বৰ্তন দেখা পায়, তেন্তে ইয়াক বাস্তুত শুভ লক্ষণ বুলি গণ্য কৰা নহয়। ইয়াৰ কাৰণে শৰীৰত নেতিবাচকতা আহিব পাৰে। সেইবাবেই কোৱা হয় যে ৰাতি কেতিয়াও লেতেৰা বাচন-বৰ্তন ঘৰত নাৰাখিব।

জ্যোতিষত তেল শনি গ্ৰহৰ লগত জড়িত। গতিকে ৰাতিপুৱা কেতিয়াও তেল ভৰ্তি পাত্ৰ দেখা পাব নালাগে। এনে হ’লে দিনটো মানসিক বিষত ভুগিবলগীয়া হ’ব পাৰে।

ৰাতিপুৱা নিজৰ ছাঁ দেখাটোও ভাল বুলি গণ্য কৰা নহয়। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আপোনাৰ ছাঁটো দেখিলে দিনটো ভালে নাযাব পাৰে।

ৰাতিপুৱা সাৰ পোৱাৰ পিছত প্ৰথমে আইনালৈ চোৱাৰ অভ্যাস বহুতৰে। বাস্তুৰ মতে সাৰ পোৱাৰ লগে লগে দাপোনলৈ চোৱাটো শুভ বুলি গণ্য কৰা নহয়। যদি আপুনি প্ৰতিদিনে এই কাম কৰে তেন্তে ই আপোনাৰ স্বাস্থ্যত বেয়া প্ৰভাৱ পৰিব পাৰে।

jackfruit seeds: কঁঠালৰ গুটিৰ কি কি উপকাৰিতা আছে ?

jackfruit seeds: কঁঠালৰ গুটিৰ কি কি উপকাৰিতা আছে ?
jackfruit seeds: কঁঠালৰ গুটিৰ কি কি উপকাৰিতা আছে ?

কঁঠাল খোৱাৰ পিছত গুটিবোৰ পেলাই নিদিব।(jackfruit seeds) পুষ্টিবিদসকলে কয় যে কঁঠালৰ গুটি পুষ্টিকৰ উপাদানৰে ভৰপূৰ। যিয়ে কেৱল ছালৰ উজ্বলতা বৃদ্ধি কৰাই নহয়, পেশীবোৰো শক্তিশালী কৰাত সহায় কৰে। গতিকে কঠালৰ গুটি কেতিয়াও পেলাই নিদিব।

বজাৰত এতিয়া সহজে উপলব্ধ কঁঠালৰ গুটি। কঁঠালৰ গুটিৰ কি কি উপকাৰিতা আছে জানো আহক-

১. বলিৰেখা কমাই

কঁঠালৰ গুটি পিহি ঠাণ্ডা গাখীৰৰ সৈতে মুখত লগালে মুখৰ পৰা বলিৰেখা আঁতৰে। ইয়াৰ উপৰিও ছালখন টান কৰি ৰাখে।

২. পেশীৰ শক্তি বৃদ্ধি কৰে

কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। ইয়াৰ উপৰিও বহুতো ভিটামিন সম্পূৰ্ণৰূপে কলেষ্টেৰল মুক্ত। এই গুটি ওজন কমাবলৈ উপকাৰী আৰু একে সময়তে পেশীৰ শক্তি বৃদ্ধিৰ বাবেও উপকাৰী।

৩. ৰক্তহীনতা দূৰ কৰে

কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যিয়ে তেজত হিম’গ্লবিন বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও হৃদযন্ত্ৰ আৰু মগজুৰ সুস্থ স্বাস্থ্য বজাই ৰাখে।

৪. চুলি ভালদৰে ৰাখে

কঁটালৰ গুটিত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে। যিয়ে চুলিৰ সমস্যা দূৰ কৰি চকুৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে।

৫. পাচনত সহায় কৰে

কঁঠালৰ গুটিত থকা আঁহে পাচনত সহায় কৰে। কোষ্ঠকাঠিন্যৰো উপশম দিয়ে। আয়ুৰ্বেদত কঁঠালৰ গুটি ৰ’দত শুকুৱাই গুড়ি কৰি নিয়মিতভাৱে খোৱাৰ পৰামৰ্শও দিয়ে !

IPL 2025: কলকাতাত বৰষুণ! ইডেনত KKR-RCBৰ মেচ

IPL 2025: কলকাতাত বৰষুণ! ইডেনত KKR-RCBৰ মেচ
IPL 2025: কলকাতাত বৰষুণ! ইডেনত KKR-RCBৰ মেচ

পুৱাৰে পৰা কলকাতাৰ আকাশ ডাৱৰীয়া। বৰষুণো দি আছে। শুকুৰবাৰে বৰষুণৰ বাবে দুয়োটা দলৰ অনুশীলনও ব্যাহত হৈ পৰে। যদি বৰষুণৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ খেলখন ব্যাহত হয় তেন্তে কি হ’ব?(IPL 2025)

আই পি এলৰ ১৮ সংস্কৰণত বৰষুণৰ বাবে প্ৰথমখন মেচক লৈ ভয়। আজি প্ৰথম খন মেচ কে কে আৰ আৰু আৰ চি বিয়ে খেলিব।সন্ধিয়া ৭:৩০ বজাৰ পৰা খেলখন আৰম্ভ হোৱাৰ কথা মেচ। বৰষুণৰ বাবে অভাৰ কমিলেও মেচখন কমেও ৫ অভাৰ দীঘল হ’ব লাগিব। নিয়ম অনুসৰি পুৱা ১২:০৬ বজাৰ ভিতৰত খেলখন সম্পূৰ্ণ কৰিব লাগিব। সেইবাবেই ৫ অভাৰৰ মেচ খেলিব বিচাৰিলে ১০:৫৬ পি.এম. যদি খেলখন খেলা নহয় তেন্তে দুয়োটা দলে এটাকৈ পইণ্ট লাভ কৰিব।

আজি কলকাতাত বজ্ৰপাতৰ সৈতে বৰষুণৰ সম্ভাৱনা। ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত বতাহ বলিব। ইডেনৰ নিষ্কাশন ব্যৱস্থাও আশাব্যঞ্জক। লগতে সমগ্ৰ পথাৰখন সামৰি লোৱাৰ ব্যৱস্থা আছে। ফলত প্ৰচণ্ড বৰষুণ হ’লেও এবাৰ বন্ধ হ’লে মেচ আৰম্ভ হ’বলৈ বেছি সময় নালাগিব।

Old Things: সাৱধান ! ভুলতেও ৫টা পুৰণি বস্তু ঘৰত নাৰাখিব, আৰ্থিক সংকটৰ সন্মুখীন হ’ব !

Old Things: সাৱধান ! ভুলতেও ৫টা পুৰণি বস্তু ঘৰত নাৰাখিব, আৰ্থিক সংকটৰ সন্মুখীন হ'ব !
Old Things: সাৱধান ! ভুলতেও ৫টা পুৰণি বস্তু ঘৰত নাৰাখিব, আৰ্থিক সংকটৰ সন্মুখীন হ'ব !

বাস্তু শাস্ত্ৰৰ মতে ঘৰত ৰখা প্ৰতিটো বস্তুৰে শুভ আৰু অশুভ প্ৰভাৱ পৰে।(Old Things) বাস্তু শাস্ত্ৰৰ বিশেষজ্ঞসকলে কয় যে ঘৰৰ প্ৰতিটো বস্তুৰ পৰা এক প্ৰকাৰৰ শক্তি নিৰ্গত হয়। বাস্তুত শক্তিক দুটা ভাগত ভাগ কৰা হয় – ধনাত্মক আৰু ঋণাত্মক। বাস্তুৰ মতে কিছুমান বস্তু আছে যিবোৰে ঋণাত্মক শক্তি উৎপন্ন কৰে। বাস্তু শাস্ত্ৰৰ মতে ঘৰত ৰখা কিছুমান পুৰণি বস্তুৰ ফলত বাস্তুৰ দোষ হ’ব পাৰে। এনে অৱস্থাত ঘৰত ৰখা কোনবোৰ বস্তু ঘৰৰ সুখত বাধা হৈ পৰে জানেনে-

বাস্তু শাস্ত্ৰৰ মতে ঘৰত পুৰণি বাতৰি কাকত সংগ্ৰহ কৰাটো শুভ নহয়। কোৱা হয় যে ঘৰত ৰখা পুৰণি বাতৰি কাকতবোৰে নেতিবাচক শক্তিৰ সৃষ্টি কৰিব পাৰে। পুৰণি বাতৰি কাকতৰ বাস্তু দোষে পৰিয়ালত অপ্ৰয়োজনীয় সংঘাতৰ সৃষ্টি কৰিব পাৰে। গতিকে সময়মতে ঘৰৰ পৰা পুৰণি বাতৰি কাকত আঁতৰাই পেলাব।

বাস্তু শাস্ত্ৰৰ মতে ঘৰত পুৰণি তলা ৰখাটো বৰ অশুভ কাম। বাস্তু শাস্ত্ৰৰ বিশেষজ্ঞসকলে কয় যে যিবোৰ তলা ব্যৱহাৰ নহয় সেইবোৰ তৎক্ষণাত আঁতৰাই পেলাব লাগে। বাস্তু বিশেষজ্ঞসকলে কয় যে বন্ধ তলাবোৰে আপোনাৰ ভাগ্য বন্ধ কৰি দিব পাৰে আৰু আপোনাৰ অগ্ৰগতিৰ পথ বন্ধ কৰি দিব পাৰে।

এটা চলন্ত ঘড়ীয়ে সময়ৰ চক্ৰ দেখুৱাই। আনহাতে, বন্ধ ঘড়ীয়ে ঋণাত্মক শক্তি উৎপন্ন কৰে। লগতে বন্ধ ঘড়ীয়ে কামত বাধাৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত যদি আপোনাৰ ঘৰত ঘড়ী ভঙা হয় তেন্তে তৎক্ষণাত মেৰামতি কৰি দিব লাগে। বিশ্বাস কৰা হয় যে বন্ধ ঘড়ীয়ে আপোনাৰ ভাল সময় আহিবলৈ নিদিয়ে। গতিকে ঘৰত ৰৈ পৰি থকা ঘড়ীবোৰৰ প্ৰতি সদায় সজাগ হৈ থাকক।

বাস্তু শাস্ত্ৰৰ মতে ঘৰত পুৰণি জোতা-চেণ্ডেল ৰখাটো অতি অশুভ। ঘৰত বেয়া বা পুৰণি জোতা থাকিলে জীৱন সংগ্ৰামৰ ইংগিত দিয়ে। এনে পৰিস্থিতিত শনিবাৰে পুৰণি জোতা আৰু চেণ্ডেল পেলাই দিব লাগে। এনে কৰিলে শনিৰ ক্ৰোধ কমিব।

বাস্তু শাস্ত্ৰৰ মতে কাপোৰ ভাগ্যৰ লগত জড়িত। এনে পৰিস্থিতিত আমি কেতিয়াও ফটা আৰু পুৰণি কাপোৰ ঘৰত ৰাখিব নালাগে। কোৱা হয় যে ছিন্নভিন্ন আৰু পুৰণিবোৰে কেৰিয়াৰ আৰু কৰ্মসংস্থাপনত বাৰে বাৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

Slow Eating: খাদ্য কিয় লাহে লাহে খাব লাগে, খৰকৈ খোৱাৰ অসুবিধা কি জানেনে ?

Slow Eating: খাদ্য কিয় লাহে লাহে খাব লাগে, খৰকৈ খোৱাৰ অসুবিধা কি জানেনে ?
Slow Eating: খাদ্য কিয় লাহে লাহে খাব লাগে, খৰকৈ খোৱাৰ অসুবিধা কি জানেনে ?

শৈশৱত পিতৃ-মাতৃ বা বয়োজ্যেষ্ঠসকলে প্ৰায়ে লাহে লাহে আৰু কম কমকৈ খাবলৈ পৰামৰ্শ দিছিল।(Slow Eating) সেই সময়ত আমি ভাবিছিলো যে এয়া কেৱল এক উপদেশ, কিন্তু এতিয়া বিজ্ঞানীসকলেও এই কথা সঁচা বুলি কৈছে।

যেতিয়া আপুনি বেছি খৰকৈ খাদ্য খায় তেতিয়া হজম শক্তিত প্ৰভাৱ পৰে। পাচন প্ৰক্ৰিয়া মুখৰ পৰা আৰম্ভ হয়, য’ত এমাইলেজ এনজাইমে কাৰ্বহাইড্ৰেট নষ্ট কৰে।

যদি আপুনি খৰধৰকৈ খাদ্য খায় আৰু ভালদৰে চোবাই নাখাই তেতিয়া অধিক গেছ উৎপাদন হ’ব পাৰে। যিমানেই চোবাই খাব সিমানেই এনজাইমেটিক ক্ৰিয়া আৰু পুষ্টি শোষণ ভাল হয়।

খৰখেদাকৈ খাদ্য খোৱাৰ অসুবিধাসমূহ:
খাদ্য সোনকালে গিলিলে খাদ্যনলীৰ তলৰ স্ফিংক্টাৰ দুৰ্বল হ’ব পাৰে। খৰখেদাকৈ খাদ্য গ্ৰহণ কৰিলে এচিড ৰিফ্লাক্স আৰু হাৰ্টবাৰ্ণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।


খৰকৈ খাদ্য খালে গেষ্ট্ৰ’কলিক ৰিফ্লেক্সৰ সূচনা কৰিব পাৰে, যাৰ ফলত ডায়েৰিয়াৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

খাদ্য খৰকৈ গ্ৰহণ কৰিলে আপোনাৰ হৰম’ন, যেনে কলেচিষ্টোকিনিন, জিআইপি আৰু জিএলপি-১, আপোনাৰ মগজুক আপুনি পেট ভৰি পৰাৰ সংকেত দিবলৈ সময় নিদিয়ে। ইয়াৰ বাবে আপুনি আপোনাৰ ভোকৰ সঠিক হিচাপ কৰিব নোৱাৰে আৰু শেষত আপুনি প্ৰয়োজনতকৈ বেছি খাদ্য খায়।

World Water Day 2025: আজি বিশ্ব জল দিৱস

World Water Day 2025: আজি বিশ্ব জল দিৱস
World Water Day 2025: আজি বিশ্ব জল দিৱস

প্রাথমিক বিদ্যালয়ত আমাৰ পাঠ্যপুথি ‘কুঁহিপাঠ’ত পঢ়িছিলোঁ–পানীয়েই প্ৰাণীৰ প্ৰাণ।(World Water Day 2025) পানী অবিহনে আমি কোনো জীয়াই থাকিব নোৱাৰোঁ। অক্সিজেনৰ পাছতে যাৰ অবিহনে মানুহ নামৰ জাতিটো অস্তিত্বহীন সেয়াই হৈছে পানী। কিন্তু জনসংখ্যাৰ দ্ৰুত বৃদ্ধি আৰু জলাশয়, আদ্ৰভূমিসমূহৰ অবাধ ধ্বংসই পৃথিৱীত পানীৰ প্ৰদূষণ বৃদ্ধি ঘটোৱাৰ লগতে জলসংকটৰ পথলৈ লৈ গৈছে। এইখিনিতে ‘পানী’ নামৰ পাঠটো পঢ়াৰ বেলিকা শুনা আন এষাৰি কথাও মনলৈ আহিছে। আমি শুনিছিলোঁ যে – পৃথিৱীত যদিহে তৃতীয় বিশ্বযুদ্ধ হয় সেয়া পানীৰ বাবেই হ’ব। এই কথাষাৰৰ সাৰমৰ্ম আমি তেতিয়া বিশেষ বুজি পোৱা নাছিলো যদিও ই যে সত্য প্ৰতিপন্ন হোৱাৰ দিশত আগবাঢ়িছে সেই কথা আমি লাহে লাহে উপলব্ধি কৰিব পাৰিছো।


বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় অধিকাংশই অনাহকতে আৰু অবৈজ্ঞানিকভাৱে পানীৰ অপচয় কৰি আহিছে। যদি আমি পুৱা শুই উঠাৰ পৰা নিশা শুৱালৈকে আমাৰ জীৱনশৈলী প্ৰত্যক্ষ কৰো তেতিয়া দেখা পাম যে, আমি প্ৰায়ে অলাগতিয়ালভাৱে কিবা নহয় কিবাকৈ পানী নষ্ট কৰি আহিছো। পানীহে এনেই এবাল্টি নষ্ট কৰিলোৱে যেনিবা তাতেনো কি হ’ব – এই ভাৱহে সচৰাচৰ আমাৰ মনলৈ আহে। মানুহৰ সুখ-হাঁহি, আনন্দও প্রত্যক্ষ বা পৰোক্ষভাৱে নির্মল খোৱাপানী ওপৰতে নির্ভৰ কৰে। অথচ বিশ্বত জনসংখ্যাৰ অনুপাতে বা সমান্তৰালভাৱে থাকিবলগীয়া পানীৰ পৰিমাণ লাহে লাহে কমি আহিছে। যাৰ ফলত তীব্র জলসংকটে দেখা দিয়াৰ উপক্রম হৈছে। ইয়াৰ মূল কাৰণ হ’ল জলভাণ্ডাৰত পোৱা পানীৰ সৰহখিনিয়েই হ’ল খাদ্যৰ অনুপযোগী। কোনোবাখিনি যদি প্রদূষিত, আন কোনোবাখিনি আকৌ লুণীয়া।এই ধৰাৰ মাত্র ০.০৩%হে খোৱা উপযোগী পানী।


জলসংকটৰ মূল কাৰণ হ’ল ভূজলৰ পৰিমাণ হ্রাস হোৱাটো। দ-নাদ, নিজৰা, জলাশয় তথা আদ্রভূমি আদিৰ উৎসই হ’ল ভূজল। ভূজলৰ পৰিমাণ যে হ্রাস হৈছে সেয়া আমি দমকল স্থাপনৰ বেলিকা আগতে যিমান দ-কৈ খান্দিলে পানী পোৱা গৈছিল এতিয়া তাতোকৈ বহুগুণে দ-কৰি খান্দিলেহে পানী পোৱা যায়। ভাৰতবৰ্ষতো ভূজলৰ পৰিমাণ হ্ৰাস পাইছে। ঠায়ে ঠায়ে নিৰ্মল পানীৰ অভাৱত জলসংকটে দেখা দিছে। এইখিনিতে প্ৰশ্ন হয় – আচলতে ক’লৈ গৈছে ভূজল। কেনেকৈ অদৃশ্য হৈ পৰিছে ভূজল। ইয়াৰ কাৰণ সম্পৰ্কে জলবিজ্ঞানী সকলে কৈছে যে মানুহে ক্ৰমান্বয়ে প্ৰাকৃতিক ভাৰসাম্য নষ্ট কৰি আহিছে। জয়পুৰ, দিল্লী আদি চহৰত প্ৰয়োজনাধিক পানী শস্যক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ফলস্বৰূপে ভূজলৰ পৰিমাণ নকমা নহয়। নাছাৰ জলবিজ্ঞানী মেট ৰ’ডেলে এই সম্পৰ্কে কৈছিল যে, ভূপৃষ্ঠ আৰু বৰষুণৰ পানী বালি, মাটি আৰু শিলাস্তৰ অতিক্ৰমি লাহে লাহে ভূগৰ্ভত জমা হয়।

বহুতো অন্ত:জল লাখ লাখ বছৰ পুৰণি। সম্পূৰ্ণ প্ৰাকৃতিকভাৱে এই পানী বছৰ বছৰ জুৰি সঞ্চিত হৈ থাকে। মানুহে যদি প্ৰয়োজনাধিক জল ব্যৱহাৰ কৰে, তেন্তে পুনৰ নিৰ্মল জল, ভূৰ্গভত সৃষ্টি হ’বলৈ হাজাৰ হাজাৰ বছৰ অপেক্ষা কৰিব লাগিব। ভাৰতবর্ষৰ বছৰি গড় বৰষুণৰ তুলনাত অসমৰ বছৰি বৰষুণৰ পৰিমাণ বেছি। ভাৰতবর্ষত বছৰি বৰষুণৰ পৰিমাণ গড়ে ১৪৪ ছে.মি হোৱাৰ বিপৰীতে অসমত ইয়াৰ পৰিমাণ ২৫০ ছে:মি: । সেয়েহে অসম তথা উত্তৰ পূৱত ভূপৃষ্ঠৰ পৰা বহু কম গভীৰতাতে পানী পোৱা গৈছিল। কিন্তু দ্রুত নগৰীকৰণ, জনসংখ্যা বিস্ফোৰণ আৰু কৃষিখণ্ডত অত্যধিক ভূ-জল ব্যৱহাৰৰ ফলত ভূজলৰ পৰি,মাণ ক্রমান্বয়ে কমি আহিছে।


বিশ্বৰ আধাতকৈ অধিক লোকে খোৱাপানীৰ বাবে ভূজলৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু অপৰিকল্পিত পানীৰ ব্যৱহাৰে সম্প্ৰতি নতুন সংকট সৃষ্টি কৰিছে। সুপৰিকল্পত কাৰ্য্যব্যৱস্থা আৰু সজাগতাৰ জৰিয়তেহে পানীৰ গোলকীয় সংকটৰ সমস্যা সমাধান কৰা সম্ভৱ৷ তাৰ বাবে প্ৰয়োজন হ’ব বিশ্বৰ প্ৰতিজন নাগৰিকৰ মনোজগতত পানী বিষয়ক সজাগতা৷ এই উদ্দেশ্য আগত ৰাখিয়েই প্ৰতিজন মানুহক পানীৰ প্ৰয়োজনীয়তা উপলব্ধি কৰোৱাৰ লগতে সজাগ কৰাৰ উদ্দেশ্যে ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ’ দ্য জেনেৰিঅ’ চহৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলনত পানীৰ সংৰক্ষণ আৰু সজাগতাৰ বাবে এটা বিশেষ দিন উদযাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ সেই অনুসৰি ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২২ মাৰ্চৰ দিনটোক বিশ্ব জল দিৱসৰূপে ঘোষণা কৰেঁ৷


জলসংকটৰ ভয়াবহতাৰ পৰা জনসাধাৰণক সকাহ আৰু সুৰক্ষাৰ বাবে চৰকাৰ আৰু ভিন্নজনে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও এই সজাগতা জনসাধাৰণৰ মাজলৈ বিস্তৃতভাৱে নিব পৰা নাই। দ্ৰুত নগৰীকৰণ, ঔদ্যোগীকৰণ, দ্রুত জনসংখ্যা বৃদ্ধি, জলবায়ু পৰিৱর্তন আদি বহু কাৰকে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে প্ৰাকৃতিক জলাশয় তথা আদ্রভূমিসমূহৰ সুৰক্ষা আৰু ইয়াক প্ৰদূষণ মুক্ত কৰাৰ ক্ষেত্রত চৰকাৰে সজাগতা আনিবলৈ সক্ষম হৈছে বুলিব নোৱাৰি। বৰঞ্চ দিনক দিনে জলাশয়সমূহ পুতি খেতি মাটিৰ পৰিসৰ বৃদ্ধিৰ মাটি দখল কৰাৰ দৰে ঘটনাসমূহ বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। জলাশয় আৰু আদ্রভূমিত এনে বেদখল ৰোধৰ বাবে চৰকাৰ কঠোৰ হ’লেহে কিছু পৰিমাণে পানীৰ বহনক্ষমতা পুনৰুদ্ধাৰ হ’ব বুলিব পাৰি।

লেখকঃ মানস প্ৰতিম দত্ত