Numerology: জন্ম তাৰিখৰ পৰা জানি লওক আপোনাৰ ভগৱান কোন ?
যেনেকৈ প্ৰতিটো সংখ্যাৰ নিজৰ শাসক গ্ৰহ থাকে, ঠিক তেনেদৰে প্ৰতিটো সংখ্যাৰ নিজস্ব দেৱতা থাকে।(Numerology) আপুনি আপোনাৰ জন্ম তাৰিখৰ পৰা আপোনাৰ জন্ম নম্বৰ জানিব পাৰিব আৰু তাৰ পিছত আপোনাৰ জন্ম নম্বৰৰ পৰা আপোনাৰ প্ৰিয় দেৱতাক জানিব পাৰিব। মূল সংখ্যাটো হ’ল জন্ম তাৰিখৰ সংযোজন, যেনে যিকোনো মাহৰ ১, ১০, ১৯ বা ২৮ তাৰিখে জন্ম লোৱা ব্যক্তিৰ মূল সংখ্যা ১ হিচাপে থাকিব। ১ নম্বৰৰ পৰা ৯ নম্বৰলৈকে প্ৰিয় দেৱতা কোন জানি লওক।
জন্ম তাৰিখ ২, ১১, ২০, বা ২৯ থকা লোকৰ মূল সংখ্যা ২ হ’ব। এই লোকসকলৰ প্ৰিয় দেৱতা হৈছে ভগৱান শিৱ। এই লোকসকলে প্ৰতিদিনে শিৱ লিংগক পানী আগবঢ়াব লাগে। লগতে দুমুখীয়া ৰুদ্ৰাক্ষ পিন্ধিব।
যিকোনো মাহৰ ৩, ১২, ২১, ৩০ তাৰিখে জন্ম লোৱা লোকৰ মূল সংখ্যা হিচাপে ৩ সংখ্যা থাকে। ৩ নম্বৰৰ লোকসকলৰ প্ৰিয় দেৱতা হৈছে ভগৱান বিষ্ণু। শ্ৰী হৰি পূজা কৰিলে আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি আহে, আৰু ভাগ্য আপোনাৰ পক্ষত থাকে।
৪, ১৩, ২২ বা ৩১ বছৰত জন্ম লোৱা লোকৰ মূল সংখ্যা ৪। ৪ নম্বৰৰ প্ৰিয় দেৱতা হৈছে মা দুৰ্গা বা মা সৰস্বতী। এই দুয়োগৰাকী দেৱীক পূজা কৰিলে প্ৰজ্ঞা আৰু সৌভাগ্য বৃদ্ধি পায়।
৫, ১৪ বা ২৩ তাৰিখে জন্ম লোৱা লোকৰ মূল সংখ্যা ৫। ৫ নং সংখ্যাৰ প্ৰিয় দেৱতা হৈছে ভগৱান শ্ৰী কৃষ্ণ। এই লোকসকলে যিমানেই জ্ঞান আহৰণ কৰে সিমানেই অগ্ৰগতি লাভ কৰে।
যিকোনো মাহৰ ৬, ১৫ বা ২৪ তাৰিখে জন্ম লোৱা লোকৰ মূল সংখ্যা হিচাপে ৬ সংখ্যা থাকে। ৬ নম্বৰৰ প্ৰিয় দেৱতা দেৱী লক্ষ্মী। লক্ষ্মীজীক পূজা কৰিলে অপৰিসীম সুখ আৰু সমৃদ্ধিৰ লগতে মানসিক শান্তিও আহিব।
The government has decided to extend operating hours for Shops and establishments. However this extension does not apply to liquor stores and bars. All concerned parties should note this clarification.
নৰ্থ লখিমপুৰ কলেজৰ সপ্তম সংখ্যক গ্ৰন্থমেলাৰ তৃতীয় দিনত গ্ৰন্থপ্ৰেমীৰ সমাগম । North Lakhimpur College
দৈনন্দিন বাৰ্তাৰ সেৱা, লখিমপুৰ, ২০ মাৰ্চঃ North Lakhimpur College । সপ্তম নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাৰ আজি তৃতীয়টো দিনত কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠান সম্পন্ন হয়। প্ৰথম কাৰ্যসূচী হিচাপে দিনৰ ১১ বজাৰপৰা মহাবিদ্যালয়ৰ হেমেন্দ্ৰ কুমাৰ গগৈ প্ৰেক্ষাগৃহত ছাত্ৰ একতা সভাৰ উদ্যোগত মহাবিদ্যালয়ৰ প্ৰাক্তন আলোচনী সম্পাদকৰ সন্মিলন অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ একতা সভাৰ সাহিত্য আৰু আলোচনী শাখাৰ তত্বাৱধায়ক ড° বৰ্ণালী বৰাই আঁত ধৰা অনুষ্ঠানটোত উদ্বোধনী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াই। উদ্বোধনী ভাষণত চেতিয়াই তেওঁৰ ছাত্ৰাৱস্হা আৰু শিক্ষক হিচাপে মহাবিদ্যালয়ত যোগদান কৰাৰপৰা বিভিন্ন অভিজ্ঞতা বৰ্ণনা কৰে। অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে বৰ্তমানৰ আলোচনী সম্পাদক শৰৎ শইকীয়াই। জয়চন্দ্ৰ হাজৰিকা, লখিমপুৰৰ অ’পিডি মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ড° সুৰেশ দত্ত, দুলেন কুমাৰ গগৈ, গোবিন দ্ত্ত, জীতেন্দ্ৰ চেতিয়া, গৌতম গগৈ, ইন্দ্ৰানী বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক পল্লৱী ডেকা বুজৰবৰুৱা, চেপন মহাবিদ্যালয়ৰ অধ্যক্ষ অসীম চুতীয়া, ‘দৈনন্দিন বাৰ্তা’ কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নৱজ্যোতি দত্ত, নৱকান্ত বৰুৱা, মানস প্ৰতীম বৰাকে ধৰি ১৯৮১ চনৰপৰা বৰ্তমানলৈকে প্ৰায় ২০গৰাকী আলোচনী সম্পাদক উপস্থিত থকা অনুষ্ঠানটো সঞ্চালনা কৰে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° অঞ্জন কুমাৰ ওজাই।
প্ৰাক্তন আলোচনী সম্পাদকৰ অন্তৰংগ আলাপত প্ৰত্যেকগৰাকী সম্পাদকে তেওঁলোকৰ সময়ৰ মহাবিদ্যালয়ৰ সাহিত্য চৰ্চাৰ পৰিৱেশ, শিক্ষকসকলৰ সান্নিধ্য আৰু আলোচনী সম্পাদক হিচাপে লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ বিষয়ে কয়। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্ৰী কংকণা কোঁৱৰে এটি গীত পৰিৱেশন কৰে। অনুষ্ঠানটোত উপস্থিত থকা মহাবিদ্যালয়ৰ প্ৰাক্তন সাহিত্য আৰু আলোচনী শাখাৰ তত্বাৱধায়ক তথা মহাবিদ্যালয়ৰ অধ্যাপক ডঃ অৰবিন্দ ৰাজখোৱা আৰু ডঃ ৰাতল কুমাৰ লাহনে বক্তব্য প্ৰদান কৰে। সঞ্চালকৰ মন্তব্যত ড° অঞ্জন কুমাৰ ওজাই মহাবিদ্যালয়খনত তেওঁৰ সময়ৰপৰা এতিয়ালৈকে বৰ্তি থকা সাহিত্য চৰ্চাৰ পৰিৱেশ সম্পৰ্কে নিজা অনুভৱ ব্যক্ত কৰাৰ লগতে ভৱিষ্যতৰ সম্পাদকসকলে যাতে বিভিন্ন গঠনমূলক কামেৰে এই পৰিৱেশটো বৰ্তাই ৰাখিব পাৰে তাৰবাবে আহ্বান জনায়। অনুষ্ঠানটোত মহাবিদ্যালয়ৰ শৈক্ষিক উপাধ্যক্ষ বাণীকান্ত কোঁৱৰ; বিভিন্ন বিভাগৰ অধ্যাপক, ছাত্ৰ-ছাত্ৰী আৰু গৱেষকৰ লগতে ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
দিনৰ ১ বজাত নৰ্থ লখিমপুৰ কলেজৰ ডিজিটেল ক্লাছৰুমত “যুৱ লেখক সমাৰোহ” অনুষ্ঠিত হয়। অসমীয়া বিভাগৰ গৱেষক প্ৰাৰ্থনা দত্তই আঁত ধৰা এই অনুষ্ঠানত অসমৰ মুঠ ৬ জন যুৱ লেখক উপস্থিত থাকে। প্ৰকাশ, সাতসৰী আদি আলোচনীত প্ৰকাশিত কেইবাটাও গল্পৰ জৰিয়তে আত্মপ্ৰকাশ কৰা যুৱ লেখক তুলিকা তামুলীয়ে সঞ্চালনা কৰা এই সত্ৰত অনুবাদক, কবি, ঔপন্যাসিক তথা বিশিষ্ট লেখক হিচাপে পৰিচিত হোৱা মানিক পাল, মৌচাক আলোচনীৰে আত্মপ্ৰকাশ কৰা সাম্প্ৰতিক সময়ৰ অন্যতম লেখক কস্তুৰী চুতীয়া, কবি অভিজিত গগৈ, প্ৰকৃতি সাহিত্যৰ চৰ্চা কৰা আৰু প্ৰকৃতি কৰ্মী মানস প্ৰতীম দত্ত আৰু যুৱ লেখক আকাংক্ষা তামুলী সমল ব্যক্তি হিচাপে উপস্থিত থাকে। যুৱ লেখকসকলৰ আলোচনাত সাম্প্ৰতিক সময়ৰ সাহিত্যৰ স্থিতিৰ পৰা ভাষা, সংস্কৃতি, প্ৰকৃতি আদি বিষয়সমূহেও ঠাই পায়। ‘মোবাইল আৰু কিতাপৰ মাজেৰে সংঘাত’ এই বিষয়ত এটি গভীৰ বিশ্লেষণ মানিক পালে আগবঢ়ায়। তেওঁ ভাষণ প্ৰসংগত কয় যে- বৰ্তমান কিতাপৰ প্ৰতি অনীহাৰ প্ৰধান কাৰণেই হ’ল মোবাইল। মোবাইলৰ আসক্তিয়ে সকলোকে কিতাপ পঢ়াৰ মাদকতাৰ পৰা আঁতৰাই আনিছে আৰু এই কথা ভৱিষ্যতৰ বাবে সঁচাই শিহৰণকাৰী।
লগতে তেওঁ উপস্থিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থৰ উল্লেখ কৰে। কবি অভিজিত গগৈয়ে এগৰাকী লেখকৰ লেখাৰ কৌশল তথা লেখকৰ স্থিতি সম্পৰ্কীয় এটি যুক্তিপূৰ্ণ ভাষণ প্ৰদান কৰে। সৰুৰে পৰা কলা সংস্কৃতিৰে সমৃদ্ধ পৰিৱেশ এটাত ডাঙৰ দীঘল হোৱা কস্তুৰী চুতীয়াই সাহিত্য, ভাষা, সংস্কৃতি আদিৰ কথা কোৱাৰ লগতে ৰাষ্ট্ৰীয় গ্ৰন্থন্যাস, নেশ্যনেল বুক ট্ৰাষ্টে নতুন লেখক লেখিকাক দিয়া সুবিধাসমূহৰ কথাও উল্লেখ কৰে। একেদৰে আকাংক্ষা তামুলীয়ে সাহিত্য সম্পৰ্কীয় কিছুমান দিশৰ অৱতাৰণা কৰে। সাহিত্যৰ এনে বহু দিশৰ আলোচনা হোৱাৰ লগতে মানস প্ৰতীম দত্তই প্ৰকৃতি সংৰক্ষণৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উপস্থাপন কৰে। এটি মনোৰম আলোচনাৰ শেষত সঞ্চালক তুলিকা তামুলীয়ে সঞ্চালকৰ আসনৰ পৰা কয় যে যুৱ লেখকসকলৰ চিন্তা চেতনাত একাত্ম হোৱাৰ চেষ্টা ছাত্ৰ ছাত্ৰীসকলেও কৰা উচিত। পৰবৰ্তী সময়ত যুৱ লেখকসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সক্ৰিয় অংশ্ৰগ্ৰহণ কৰে। গ্ৰন্থমেলাত অন্য দুদিনৰ দৰে আজিও গ্ৰন্থপ্ৰেমীৰ যথেষ্ঠ ভিৰ দেখা যায়। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অনান্য বহু গ্ৰন্থপ্ৰেমীৰ আগমনে গ্ৰন্থমেলাৰ বাকৰি উদুলি মুদুলি কৰি তোলে। সন্ধিয়ালৈ গ্ৰন্থমেলাৰ বাকৰিত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ছাত্ৰসকলে “ভূমিকন্যা” নামৰ এখন নাটক মঞ্চস্থ কৰে।
অসমীয়া ভাষা-শিক্ষণৰ বাবে অসম সাহিত্য সভাৰ নতুন পদক্ষেপ । Asom Sahitya Sabha's
২০ মাৰ্চ: Asom Sahitya Sabha’s । অসম সাহিত্য সভাৰ উদ্যোগত ‘অসমীয়া ভাষা-শিক্ষণ, কবিতা-আবৃত্তি, সাধুকথা-কথন’ শীৰ্ষক এক বিশেষ কাৰ্যসূচী আজি অনুষ্ঠিত হয়। ভাষাৰ শুদ্ধ প্ৰচলন নিশ্চিত কৰাৰ লগতে শিশুসকলৰ মাজত অসমীয়া সাহিত্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য।
উক্ত অনুষ্ঠানটি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে শুভেচ্ছামূলক বক্তব্যৰে শুভাৰম্ভ কৰে। তেওঁ ভাষাৰ সুৰক্ষাৰ ক্ষেত্ৰত শিশুসকলক বিশেষভাৱে প্ৰশিক্ষণ প্ৰদানৰ প্ৰয়োজনীয়তা উল্লেখ কৰি অসম সাহিত্য সভাৰ বিদ্যালয় স্থাপনৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। দিনৰ ২ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকাই বিশেষ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।
সভাত বক্তাসকলে অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ, কথন আৰু লিখনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতিটো অঞ্চল আৰু বিদ্যালয়ত এই প্ৰশিক্ষণৰ প্ৰচাৰ আৰু বিস্তাৰ নিশ্চিত কৰিবলৈ অসম সাহিত্য সভাই পদক্ষেপ গ্ৰহণ কৰিছে। সভাত ধনভৰালী মণিৰাম লাহন, লেখিকা মন্তুমণি শইকীয়া, আবৃত্তিকাৰ নীহাৰিকা সোণোৱাল, শিক্ষাবিদ বন্দিতা গোস্বামী শৰ্মা, কবি ৰঞ্জিত গগৈ, তৰাজান শাখা সাহিত্য সভাৰ সভাপতি জোনা দত্ত, উত্তৰ-পশ্চিম যোৰহাট শাখাৰ সম্পাদক অশান্ত ৰাতুল দত্ত, আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে।
অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰতিখন শাখা-জিলা সাহিত্য সভাক শিশুসকলৰ মাজত অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ প্রতি শনিবাৰ আৰু দেওবাৰে ‘অসমীয়া ভাষা-শিক্ষণ, কবিতা-আবৃত্তি, সাধুকথা-কথন’ আদি কাৰ্যসূচী গ্ৰহণৰ আহ্বান জনাই।