Home Blog Page 318

Bhaona: সাংবাদিকৰ দ্বাৰা অভিনীত এখন সুন্দৰ ভাওনা ‘গান্ধাৰীৰ অভিশাপ’

Bhaona: সাংবাদিকৰ দ্বাৰা অভিনীত এখন সুন্দৰ ভাওনা 'গান্ধাৰীৰ অভিশাপ'
Bhaona: সাংবাদিকৰ দ্বাৰা অভিনীত এখন সুন্দৰ ভাওনা 'গান্ধাৰীৰ অভিশাপ'

সীমাহীন ব্যস্ততাৰ মাজত সময় উলিয়াই কিছুদিন আখৰা কৰাৰ পাছত সৌ সিদিনা গুৱাহাটীৰ বিভিন্ন সংবাদ মাধ্যমত কৰ্মৰত একাংশ সাংবাদিকে পৰিৱেশন কৰিলে এখন মাতৃভাষাৰ ভাওনা ‘গান্ধাৰীৰ অভিশাপ’৷(Bhaona)

সাংবাদিকসকলে অভিনয় কৰা ‘গান্ধাৰীৰ অভিশাপ’ ভাওনাভাগ গুৱাহাটীৰ শিল্পগ্ৰামত পৰিৱেশন কৰা হয় যোৱা ১৫ মাৰ্চ, শনিবাৰে সন্ধিয়া৷

গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু ভাৰত চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ(NEZCC) ডিমাপুৰৰ সহযোগত আয়োজন কৰা ভাওনাভাগৰ পৰিচালনা আছিল ড° দীপেন দাসৰ৷
ঋতুপৰ্ণ দাসৰ পৰিকল্পনা, লুকু কোঁৱৰৰ সহযোগী পৰিচালনাৰ ভাওনা ভাগৰ প্ৰযোজনা নিয়ন্ত্ৰণ পল্লৱী বৰাৰ৷

ভাওনা ভাগত সূত্ৰধাৰ হিচাপে সুন্দৰ অভিনয় কৰে ইমন অনুৰাগে৷ ভাওনাখনত কৃষ্ণৰ চৰিত্ৰত বিমল ভূষণ মহন্ত,যুধিষ্ঠিৰৰ চৰিত্ৰত ভাস্কৰ শইকীয়া ভীমৰ চৰিত্ৰত নৱ মুক্তিয়াৰ, অৰ্জুনৰ চৰিত্ৰত জগদীশ ডেকা,কৰ্ণৰ চৰিত্ৰত শোণিত কুমাৰ ভূঞা, নকুলৰ চৰিত্ৰত পুলক মহন্ত, সহদেৱৰ চৰিত্ৰত পল্লৱ দ্বীজেন, গান্ধাৰীৰ চৰিত্ৰত এঞ্জেলা চাংমাই, ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত মৃগাংক শইকীয়া, শকুনিৰ চৰিত্ৰত অভিজিৎ গোস্বামী, কুন্তিৰ চৰিত্ৰত প্ৰণামী মহন্ত, দ্ৰৌপদীৰ চৰিত্ৰত আইচেংফা কোঁৱৰ, পদ্মাৰ চৰিত্ৰত হিমাদ্ৰীৰেখা ভৰালী, অভিমন্যুৰ চৰিত্ৰত কল্পজিৎ শইকীয়া, সঞ্জয়ৰ চৰিত্ৰত দীপাংকৰ শইকীয়া, দুৰ্যোধনৰ চৰিত্ৰত দেৱপ্ৰতিম বৰুৱা, দুঃশাসনৰ চৰিত্ৰত সত্যজিৎ গগৈ, শৈল্যৰ চৰিত্ৰত সাৰংগপাণি ভূঞাৰ উপৰি ভাওনাখনৰ আন কেইটামান বিশেষ চৰিত্ৰত অভিনয় কৰে তপন ভূঞা,পংকজ মেধি, শৰৎ শৰ্মা আৰু পংকজ বৰাই । প্ৰতিটো চৰিত্ৰত ভাৱৰীয়া সকলে ইমানেই সুন্দৰ অভিনয় কৰিছিল যে এনে লাগিছিল যে তেওঁলোক একো একোগৰাকী পেছাদাৰী অভিনয় শিল্পী৷

মহাপুৰুষীয়া ৰীতিনীতিৰে পৰিৱেশিত ‘গান্ধাৰীৰ অভিশাপ’ ভাওনাখন শিল্পগ্ৰামৰ চৌহদত অস্থায়ীভাৱে নিৰ্মাণ কৰা নামঘৰৰ মজিয়াত বহি উপভোগ কৰি আমি নষ্টালজিক হৈ পৰিলোঁ৷

উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, সাংস্কৃতিক মন্ত্ৰালয়, ভাৰত চৰকাৰৰ ‘শিল্পগ্ৰাম’ ৰ নিয়মীয়া সাপ্তাহিক সমূহীয়া সাংস্কৃতিক অনুষ্ঠানৰ অন্তৰ্গত গুৱাহাটী প্ৰেছ ক্লাবে আয়োজন কৰা ‘মহাপুৰুষীয়া ভাওনা নাট’ প্ৰকৃততেই এক সুন্দৰ প্ৰযোজনা৷

সেইদিনা এন.ই.জেদ.চি.চি. শিল্পগ্ৰামৰ কৰ্তৃপক্ষই নিৰ্মাণ কৰা অস্থায়ী নামঘৰত গুৰু আসন প্ৰতিষ্ঠা কৰি পুৱা ১১ বজাত নাম-প্ৰসংগ-পাঠ অনুষ্ঠিত হয়। বিয়লি ৫ বজাত সন্ধিয়াৰ প্ৰসংগৰ পাছতে সমজুৱা বন্তি প্ৰজ্বলন কাৰ্যসূচীত সংগীত নাটক অকাডেমী বঁটা প্ৰাপক শিল্পী ক্ৰমে- শাৰদী শইকীয়া, গোবিন্দ শইকীয়া বৰবায়ন, ৰঞ্জুমণি শইকীয়া, বিশিষ্ট অভিনেত্ৰী- চেতনা দাস, বিশিষ্ট সাংবাদিক ,গীতিকাৰ তথা আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, অসম ৰাজ্যিক চলচিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ উপাধ্যক্ষ আলেখ্য বৰুৱা, গুৱাহাটীৰ প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰয় আৰু অধ্যাপক তথা সাংস্কৃতিক কৰ্মী-বিশ্লেষক ড° দীপেন দাসে অংশগ্ৰহণ কৰি বন্তি প্ৰজ্জ্বলন কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী তথা নাট্যকাৰ ঋতুপর্ণ দাস আৰু গুৱাহাটী প্ৰেছ ক্লাৱৰ সাংস্কৃতিক সম্পাদিকা পল্লৱী বৰাই পৰিচালনা কৰা শুভাৰম্ভণী অনুষ্ঠানত এন.ই.জেদ.চি.চি. শিল্পগ্ৰামৰ সঞ্চালকৰ হৈ অনুষ্ঠান তথা সংবাদ সমন্বয়ক নৱ কুমাৰ ভৰালীয়ে এন.ই.জেদ.চি.চি.ৰ সাংস্কৃতিক পদক্ষেপ সম্পৰ্কে চমু বক্তব্য প্ৰদান কৰি উপস্থিত দৰ্শক ৰাইজক আদৰণি জনায়। ইয়াৰ পাছতে পূৰ্বৰংগ গায়ন-বায়ন আৰু সুত্ৰধাৰী নৃত্য পৰিৱেশনেৰে সম্পূৰ্ণ অসমীয়া বৈষ্ণৱ পৰম্পৰাৰ মাজেৰে পৰিৱেশন কৰা’গান্ধাৰীৰ অভিশাপ’ ভাওনা ভাগ চাবলৈ আহিল গুৱাহাটী মহানগৰীৰ বহু লোক৷শিশু-কিশোৰ-কিশোৰী সকলৰ পৰা বৃদ্ধ বয়সৰ পাঁচ শতাধিক দৰ্শক-ৰাইজ শিল্পগ্ৰামৰ অস্থায়ী ভাওনা প্ৰেক্ষাগৃহত সমবেত হয়। চাৰে তিনি ঘণ্টা সময়জোৰা ভাওনাখনে সকলো বয়সৰ দৰ্শক-ৰাইজক সন্মোহিত কৰিবলৈ সক্ষম হয়। ভাওনা পৰিৱেশনৰ শেষত উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক তথা সংগীত নাটক অকাডেমী বঁটা প্ৰাপক শিল্পী ড°প্ৰসন্ন গগৈয়ে ভাওনাভাগৰ ভাৱৰীয়া, নেপথ্যৰ কলা-কুশলী সকলক অভিনন্দন জনোৱাৰ লগতে একোখনকৈ ‘মান-পত্ৰ’ৰে সন্মানীত কৰে।

ভাওনাখন নামঘৰীয়া তথা নাম প্ৰসংগ-পাঠৰ শিল্পীসকল আছিল ৰমনী মোহন দাস, মাধৱ চৌধুৰী, গোপাল ডেকা, সঞ্জীৱ ৰাভা, নন্দেশ্বৰ দাস আৰু হৰিচৰণ দাস৷ আনহাতে ভাওনাভাগত দোহাৰ পৰিৱেশন কৰিছিল দীপেন শইকীয়া, ৰণ্টু বৰা, হিমাংশু বৰগোঁহাই, কৌশিক বৰুৱা, নিতু নিয়ৰ, কনক দত্ত, অংশুমান দত্ত আৰু পংকজ বৰুৱাই৷ পোচাকৰ দায়িত্বত আছিল যতীন বৰা৷ পোহৰৰ দায়িত্বত আছিল তপন কুমাৰ বৰুৱা, শিৱ বনিয়া, নিক স্বৰ্গিয়াৰী আৰু হৰিচৰণ সিং৷
মঞ্চসজ্জ্বা আছিল উমা সোণোৱাল আৰু বিনয় কুমাৰ দাসৰ৷

লেখকঃ দৰ্শনা বৰুৱা

Assam Sahitya Sabha: ছেপ্টেম্বৰত বৰাকত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন

Assam Sahitya Sabha: ছেপ্টেম্বৰত বৰাকত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন
Assam Sahitya Sabha: ছেপ্টেম্বৰত বৰাকত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন

ছেপ্টেম্বৰত বৰাকত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন। পাঁচশ প্ৰতিনিধিয়ে কৰিব অংশগ্ৰহণ।মুখ্যমন্ত্ৰীৰ আহ্বানক আদৰণি অসম সাহিত্য সভাৰ।(Assam Sahitya Sabha)

বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত সাহিত্য-সংস্কৃতিৰ দোলেৰে বান্ধিবৰ বাবে শিলচৰত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হ’ব ৷ উল্লেখ্য, যোৱা ৯ মাৰ্চত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়স্থিত যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰথমখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বৰাক উপত্যকাৰ শিলচৰত কাৰ্যনিৰ্বাহকৰ তৃতীয় পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত কৰা হ’ব।

এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, উপ সভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই অসম চৰকাৰৰ সহযোগিতা কামনা কৰিছে। তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনত দেশ বিদেশৰ পাঁচশৰো অধিক সদস্য-প্ৰতিনিধিৰ অংশগ্ৰহণত সমন্বয়ৰ সেতু গঢ়িবলৈ সংকল্পবদ্ধ হ’ব ৷ অসম সাহিত্য সভাই উক্ত কাৰ্যনিৰ্বাহক অধিৱেশনত বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

ইফালে শিলচৰত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰসংগত জনোৱা আহ্বানক সঁহাৰি জনাই বুধবাৰে এক বিজ্ঞপ্তিত সভাপতি ড° বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয় বৰাকবাসী আৰু অসম চৰকাৰৰ সঁহাৰি পালে অসম সাহিত্য সভাই বৰাকত অধিৱেশন পাতিবলৈ সদায় প্ৰস্তুত আছে৷


অন্যহাতে সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকাক অসম সাহিত্য সভাৰ বিদ্যায়তনিক কেন্দ্ৰ ‘প্ৰাচ্য বিদ্যাৰ্ণৱ ড০ মহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা সংস্থান’ৰ সঞ্চালকৰ দায়িত্ব প্ৰদান কৰা হৈছে।

ASSAM RISING AWARD 2024-25: প্ৰস্তুতি পৰাশলৈ ASSAM RISING AWARD 2024-25

ASSAM RISING AWARD 2024-25: প্ৰস্তুতি পৰাশলৈ ASSAM RISING AWARD 2024-25
ASSAM RISING AWARD 2024-25: প্ৰস্তুতি পৰাশলৈ ASSAM RISING AWARD 2024-25

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অসমৰ আগশাৰীৰ সংবাদ মাধ্যম দৈনন্দিন বাৰ্তা, DB NEWS, THE ASSAM RISING তথা আলোক প্ৰভঞ্জন কল্যাণ সমাজে আয়োজন কৰা ১৫ সংখ্যক সম্বৰ্ধনা অনুষ্ঠান তথা যুৱ মহোৎসৱত অসমৰ সামাজিক- সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত বিশিষ্ট ব্যক্তি সকলক প্ৰদান কৰে ২০২৪-২৫ বৰ্ষৰ বিশেষ বঁটা। (ASSAM RISING AWARD 2024-25)

সাংস্কৃতিক শিতানত আগবঢ়োৱা বঁটা সমূহৰ ভিতৰত যোৱা ১৬ মাৰ্চত অসমৰ ভ্ৰাম্যমাণ ক্ষেত্ৰখনৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক আলোক প্ৰভঞ্জন কল্যাণ সমাজৰ তৰফৰ পৰা প্ৰদান কৰে ASSAM RISING AWARD 2024-25। অভিনেত্ৰী গৰাকীক বঁটা প্ৰদান কৰা এই বিশেষ অনুষ্ঠানটিত উপস্থিত থাকে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, NEWS 18ৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য, বিশিষ্ট বিজ্ঞানী ডঃ পৰমানন্দ মহন্ত, বিশিষ্ট শিক্ষাবিদ ৰাজীৱ বৰুৱা, দৈনন্দিন বাৰ্তা কাকতগোষ্ঠীৰ প্ৰতিষ্ঠাপক সম্পাদক শংকৰ গোহাঁইকে প্ৰমুখ্যে কৰি বিভিন্ন বিভাগৰ সৈতে জড়িত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

বঁটাটি গ্ৰহণ কৰি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কয়-সাংস্কৃতিক শিতানত এগৰাকী বঁটাপ্ৰাপক হিচাপে মোক বাচনি কৰাটো মোৰ বাবে গৌৰৱৰ বিষয়। আজি ইমান কেইগৰাকী প্ৰবোধ ব্যক্তিৰ মাজত এই বিশেষ আভূষণটি গ্ৰহণ কৰিবলৈ পাই সঁচাকৈ দুগুণ উৎসাহ লাভ কৰিছোঁ। অভিনয় জগতৰ লগতে অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত যাতে নিজৰ অৱদান খিনি সদায়ে আগবঢ়াই যাব পাৰোঁ তাৰ বাবে সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ

Riyan Parag: ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক হ’ব ৰিয়ান পৰাগ

Riyan Parag: ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক হ'ব ৰিয়ান পৰাগ
Riyan Parag: ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক হ'ব ৰিয়ান পৰাগ

IPLৰ মহাৰণত অসম সন্তান ৰিয়ান পৰাগৰ বিশেষ অৱদান।(Riyan Parag)


ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক হ’ব ৰিয়ান পৰাগ।


IPLৰ প্ৰথম তিনিখন খেলত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব অসম সন্তান ৰিয়ান পৰাগে।


২৩ মাৰ্চত SRH বিৰুদ্ধে অপেনিং মেচত অধিনায়কৰ দায়িত্ব।

২৬ মাৰ্চত KKRৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিত হব মেচ।

৩০ মাৰ্চত চেন্নাইৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিতব্য মেচটো অধিনায়কৰ দায়িত্ব।

Sunita Williams: সুনীতা উইলিয়ামছৰ পৰিয়ালঃ ফেডাৰেল মাৰ্শ্বাল, হিন্দু ভক্ত সুনীতাৰ স্বামী এজন সুদক্ষ হেলিকপ্টাৰ পাইলট! তেওঁলোকৰ প্ৰেম কাহিনীও বিশেষ

Sunita Williams: সুনীতা উইলিয়ামছৰ পৰিয়ালঃ ফেডাৰেল মাৰ্শ্বাল, হিন্দু ভক্ত সুনীতাৰ স্বামী এজন সুদক্ষ হেলিকপ্টাৰ পাইলট!
Sunita Williams: সুনীতা উইলিয়ামছৰ পৰিয়ালঃ ফেডাৰেল মাৰ্শ্বাল, হিন্দু ভক্ত সুনীতাৰ স্বামী এজন সুদক্ষ হেলিকপ্টাৰ পাইলট!

বুধবাৰে পুৱা ৩:২৭ বজাত (ভাৰত সময় অনুসৰি) মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ সৈতে ফ্ল’ৰিডা মহাসাগৰত অৱতৰণ কৰে ইলন মাস্কৰ স্পেচএক্স মহাকাশযান ‘ড্ৰেগন ফ্ৰিডম’ত।(Sunita Williams)

তাৰপিছতে বাহনখনৰ ভিতৰৰ কেপচুলৰ পৰা সুনীতা আৰু বুচ এজন এজনকৈ হাঁহি হাঁহি ওলাই আহিল। মহাকাশত ২৮৬ দিন কটাই পৃথিৱীলৈ ঘূৰি অহাত সমগ্ৰ বিশ্ব আনন্দিত।


বহুতৰে হয়তো সুনীতা উইলিয়ামছৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ ইচ্ছা। গতিকে জানক সুনীতা উইলিয়ামছৰ পৰিয়াল আৰু স্বামীৰ বিষয়ে জানিবলগীয়া সকলো কথা-


কেপচুলৰ পৰা ওলাই অহাৰ পিছত সুনীতা আৰু বুচ উইলম’ৰ পোনে পোনে হিউষ্টন জনছন স্পেচ চেণ্টাৰলৈ লৈ যোৱা হয়। তাত থকা ক্ৰু কোৱাৰ্টাৰত সুনীতাৰ বৰ্তমানৰ ঠিকনা।

সুনীতাৰ ‘হোমকামিং’ৰ পিছত সমগ্ৰ বিশ্বতে এক আনন্দৰ জোৱাৰ। ইফালে তেওঁৰ পৰিয়ালক লৈ নতুন কৌতুহলৰ সৃষ্টি হৈছে।


সুনীতাৰ পূৰ্বপুৰুষৰ ঘৰ গুজৰাটৰ ঝুলাছানত। তেওঁৰ পিতৃ দীপক পাণ্ডিয়া পেছাত চিকিৎসক আছিল। দীপকে ১৯৫৩ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা ইণ্টাৰমিডিয়েট ছায়েন্স (আই এছ) ডিগ্ৰী লাভ কৰি ১৯৫৭ চনত এম ডি সম্পূৰ্ণ কৰে। ইয়াৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যায়।


১৯৬৪ চনত দীপকে কেছ ৱেষ্টাৰ্ণ ৰিজাৰ্ভ ইউনিভাৰ্চিটিৰ এনাটমী বিভাগত গৱেষক হিচাপে যোগদান কৰে। ইয়াৰ উপৰিও তেওঁ আমেৰিকাৰ বিভিন্ন চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানত দীৰ্ঘদিন কাম কৰিছিল।


আমেৰিকালৈ যোৱাৰ পিছত দীপকে স্লোভেনিয়ান-আমেৰিকান উৰ্চুলিন বনি জালোকাৰক লগ পায়। বন্ধু হৈ পৰে। লাহে লাহে বন্ধুত্ব প্ৰেমলৈ পৰিণত হয়। ইয়াৰ পিছত দুয়োৰে বিয়া হয় আৰু তেওঁলোকৰে সন্তান সুনীতা উইলিয়ামছ।


২০২০ চনত আমেৰিকাত মৃত্যু হয় দীপকৰ। ইয়াৰ পূৰ্বে তেওঁ জীয়েকৰ মহাকাশ উৰণ চাইছিল। আনকি সুনীতাৰ মাতৃয়েও তেওঁক লৈ গৌৰৱ কৰে।

মহাকাশত থকা সময়ছোৱাত যেতিয়া সমগ্ৰ বিশ্বই সুনীতাক লৈ চিন্তিত হৈ পৰিছিল, তেতিয়া তেওঁৰ মাতৃ উৰ্চুলিনে এক সাক্ষাৎকাৰত কৈছিল, “এই কামটো মহাকাশচাৰীসকলে কৰে। তেওঁলোকে এই কাম কৰি ভাল পায় আৰু ইমান দীঘলীয়া অভিযানত যাবলৈ পাই তেওঁলোকে সন্মানিত অনুভৱ কৰে।” গতিকে এইটো বা আন কিবা এটা লৈ মই কেনেকৈ দুখী হ’ম? “মই তেওঁৰ বাবে সুখী।”


৫৯ বছৰীয়া আমেৰিকাৰ নৌসেনাৰ প্ৰাক্তন অধিনায়ক তথা নাছাৰ মহাকাশচাৰী সুনীতা সৰুৰে পৰা বিজ্ঞানৰ প্ৰতি অস্বাভাৱিক প্ৰৱণতা আছিল। আমেৰিকাৰ নৌসেনাৰ একাডেমী ভ্ৰমণৰ পিছত তেওঁ সেই দিশৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। অৱশ্যে তেওঁৰ শৈশৱৰ সপোন আছিল পশু চিকিৎসক হোৱা।

১৯৯৮ চনত নাছাৰ মহাকাশচাৰী হিচাপে নিৰ্বাচিত হোৱা সুনীতাই জনছন মহাকাশ কেন্দ্ৰত প্ৰশিক্ষণ লৈছিল। ২০০৬ চনৰ পৰা সুনীতাই একাধিকবাৰ মহাকাশ অভিযানত নামিছে। মহাকাশত খোজ কঢ়াৰ অভিলেখো তেওঁৰ আছে। সুনীতাই ভাৰত ভ্ৰমণো কৰিছিল। ভাৰততো তেওঁ কেইবাটাও সন্মান লাভ কৰিছে।

মাইকেল জে উইলিয়ামছৰ সৈতে সুনীতাৰ বিবাহ হৈছিল। মাইকেল আমেৰিকাৰ এজন ফেডাৰেল মাৰ্শ্বাল। সুনীতা আৰু স্বামী দুয়োৰে হেলিকপ্টাৰ চলোৱাৰ অভিজ্ঞতা আছে।


সেনাবাহিনীত হেলিকপ্টাৰ পাইলট হিচাপে কাম কৰি থকাৰ সময়তে সুনীতাই মাইকেলক লগ পাইছিল। এক প্ৰতিবেদন অনুসৰি ১৯৮৭ চনত মেৰিলেণ্ডৰ এনাপলিছৰ নেভাল একাডেমীত তেওঁলোকৰ প্ৰথম সাক্ষাৎ হৈছিল। পিছলৈ তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ গঢ় লৈ উঠিছিল। তাৰপিছতে দুয়ো বিবাহপাশত আৱদ্ধ হৈ পৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মাইকেল হিন্দু ধৰ্মত বিশ্বাসী। ২০২৪ চনৰ আগষ্ট মাহত দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পত্নীৰ বিষয়ে কোৱাৰ সময়ত মাইকেলে কয় যে, “স্পেচ হৈছে সুনীতাৰ সুখৰ ঠাই।”


যোৱা বছৰৰ ৫ জুনত বয়িং ষ্টাৰলাইনাৰে সুনীতাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ ৰাওনা হৈছিল। আঠদিনীয়া ভ্ৰমণলৈ গৈছিল। কিন্তু মহাকাশযানখনত যান্ত্ৰিক বিজুতি ঘটে। ফলত সুনীতা তাতেই আবদ্ধ হৈ পৰিছিল। তেতিয়াৰ পৰাই তেওঁলোকক পৃথিৱীলৈ ঘূৰাই অনাৰ একাধিক প্ৰচেষ্টা চলি আচিল। কিন্তু বাৰে বাৰে বিফল হৈছিল। আঠ দিনীয়া এই ভ্ৰমণ ৯ মাহলৈ বৃদ্ধি হ’ল। ইয়াৰ পিছতে বুধবাৰে পুৱাই মহাকাশচাৰীসকলে আটলাণ্টিক মহাসাগৰৰ ফ্ল’ৰিডাৰ উপকূলত নিৰাপদে অৱতৰণ কৰে। সুকলমে সকলো পৃথিৱীলৈ ঘূৰি আহিল।

Ranjit Gogoi: বিহুৱা ৰঞ্জিত গগৈলৈ বিহু শিল্পী সংস্থা অসমৰ ‘বিহু ৰত্ন বঁটা ২০২৫’

Ranjit Gogoi: বিহুৱা ৰঞ্জিত গগৈলৈ বিহু শিল্পী সংস্থা অসমৰ 'বিহু ৰত্ন বঁটা ২০২৫'
Ranjit Gogoi: বিহুৱা ৰঞ্জিত গগৈলৈ বিহু শিল্পী সংস্থা অসমৰ 'বিহু ৰত্ন বঁটা ২০২৫'

বিহু শিল্পী সংস্থা অসমে ২০২৪ চনৰে পৰা প্ৰদান কৰি অহা ”বিহু ৰত্ন বঁটা” এইবাৰ ২০২৫ বৰ্ষত প্ৰদান কৰা হ’ব অসম চৰকাৰৰ পৰা অসম গৌৰৱ বঁটাৰে সন্মানিত বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈক৷(Ranjit Gogoi)

অসমৰ বিহু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি অহা এগৰাকী বিহু সাধকক বিহু শিল্পী সংস্থাৰ বিহু ৰত্ন বঁটাৰে সন্মানিত কৰা হয় আৰু এইবৰ্ষত এই বঁটাৰ বাবে ৰঞ্জিত গগৈক নিৰ্বাচিত কৰা হৈছে৷

বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈয়ে শৈশৱকালৰে পৰা কান্ধত ঢোল লৈ বিহু সংস্কৃতিৰ পথাৰখনত কাম কৰি আহিছে৷ তেখেতে বিশ্বৰ বহুকেইখন দেশলৈ গৈ অসমৰ বিহু পৰিৱেশন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ তেওঁ অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু নাচৰ বিশ্ব ৰেকৰ্ড অনুষ্ঠানতো মুখ্য ভূমিকা পালন কৰিছিল৷

বিহু শিল্পী সংস্থা অসমে শোণিতপুৰ জিলা সমিতিৰ বালিপৰা আঞ্চলিকৰ উদ্যোগত অহা ২৩ মাৰ্চত বালিপৰাত অনুষ্ঠিত হ’বলগীয়া বিহু শিল্পী সংস্থা অসমৰ পঞ্চম ৰাজ্যিক অধিৱেশনৰ মুকলি সভাত ৰঞ্জিত গগৈক এই বঁটা প্ৰদান কৰা হ’ব বুলি ‘বিহু শিল্পী সংস্থা অসমৰ’ ৰাজ্যিক সভাপতি দীপজ্যোতি হাজৰিকাই সংস্থাটিৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে৷ সংস্থাটিয়ে ঘোষণা কৰা অনুসৰি এই বঁটাত থাকিব এটি বিশেষ ট্ৰফী,নগদ ধন, প্ৰশস্তিমূলক পত্ৰ, গামোচা আৰু চেলেং৷

Breakfast: কেতিয়া ব্ৰেকফাষ্ট কৰিব, দাঁত ব্ৰাছ কৰাৰ আগত নে পিছত ?

Breakfast: কেতিয়া ব্ৰেকফাষ্ট কৰিব, দাঁত ব্ৰাছ কৰাৰ আগত নে পিছত ?
Breakfast: কেতিয়া ব্ৰেকফাষ্ট কৰিব, দাঁত ব্ৰাছ কৰাৰ আগত নে পিছত ?

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আপুনি প্ৰথমে দাঁত ব্ৰাছ কৰে আৰু তাৰ পিছত ব্ৰেকফাষ্ট কৰে, নহ’লে প্ৰথমে ব্ৰেকফাষ্ট কৰি তাৰ পিছত দাঁত ব্ৰাছ কৰে। (Breakfast) বেছিভাগ মানুহেই বিশ্বাস কৰে যে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ব্ৰাছ কৰাটো গুৰুত্বপূৰ্ণ যাতে মুখৰ দুৰ্গন্ধ আৰু বেক্টেৰিয়া আঁতৰ হয়। কিছুমানে প্ৰথমে ব্ৰেকফাষ্ট কৰে তাৰ পিছত দাঁত ব্ৰাছ কৰে যাতে দাঁতত আবদ্ধ হৈ থকা খাদ্যৰ কণাবোৰ ভালদৰে পৰিষ্কাৰ হয়। প্ৰথমে ব্ৰাছ কৰিব লাগে নে ব্ৰেকফাষ্ট কৰিব লাগে জানো আহক-

ৰাতিটো শুই থকাৰ পিছত ৰাতিপুৱা আমাৰ মুখত বেক্টেৰিয়া থাকে। ইয়াৰ বাবেই মুখত এক অদ্ভুত গোন্ধ অনুভৱ হয়। কাৰণ ৰাতি লালাৱতি উৎপাদন কমি যায়, যাৰ বাবে অধিক বেক্টেৰিয়া বাঢ়িবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে এই বেক্টেৰিয়া ব্ৰেকফাষ্টৰ আগতে আঁতৰাব লাগে নে, নে ব্ৰেকফাষ্টৰ পিছত।

ব্ৰেকফাষ্টৰ আগত ব্ৰাছ কৰিলে কি লাভ হয়-
সাৰ পোৱাৰ লগে লগে দাঁত ব্ৰাছ কৰিলে মুখত জমা হোৱা বেক্টেৰিয়া আৰু মলি পৰিষ্কাৰ হয়। প্ৰথমে ব্ৰাছ কৰিলে মুখৰ দুৰ্গন্ধ নাইকিয়া হয়। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ব্ৰাছ কৰিলে এচিডিটি কমি যায় আৰু মুখৰ পি এইচ বেলেন্স বজাই ৰাখে।

ব্ৰাছ কৰাৰ আগতে ব্ৰেকফাষ্ট কৰাৰ সুবিধা আৰু অসুবিধা-
দাঁত ব্ৰাছ কৰাৰ আগতে ব্ৰেকফাষ্ট খালে খাদ্যৰ সোৱাদ বেলেগ অনুভৱ হ’ব পাৰে। ব্ৰেকফাষ্টৰ পিছত দাঁত ব্ৰাছ কৰিলে দাঁতত আবদ্ধ হৈ থকা খাদ্যখিনি ভালদৰে পৰিষ্কাৰ হয়। কিন্তু ইয়াৰ অসুবিধাও হ’ব পাৰে। ব্ৰেকফাষ্টৰ লগে লগে ব্ৰাছ কৰিলে আপোনাৰ দাঁতৰ বাহিৰৰ তৰপটো দুৰ্বল হ’ব পাৰে। বিশেষকৈ যদি আপুনি কিছুমান এচিডিক বস্তু খাই। ৰাতিটোৰ ভিতৰতে মুখত জমা হোৱা বেক্টেৰিয়াবোৰ আঁতৰাই নিদিয়াকৈ ব্ৰেকফাষ্ট খালে পেটলৈ যায়, যাৰ ফলত হজম শক্তিত প্ৰভাৱ পৰিব পাৰে।

ব্ৰেকফাষ্টৰ আগতে দাঁত ব্ৰাছ কৰিব লাগে
ব্ৰেকফাষ্টৰ আগতে ব্ৰাছ কৰিলে মুখখন সতেজ হৈ থাকিব আৰু বেক্টেৰিয়াও নিধন কৰাত সহায় কৰিব। আনহাতে যদি আপুনি ব্ৰেকফাষ্টৰ পিছত ব্ৰাছ কৰিব বিচাৰে তেন্তে আপুনি ব্ৰেকফাষ্ট কৰা কমেও ৩০ মিনিটৰ পিছত ব্ৰাছ কৰিব।

Horoscope: কৰ্কট ৰাশি লোকৰ আৰ্থিক অৱস্থা উন্নত হ’ব, আপোনাৰ আজিৰ ৰাশিফল ​​পঢ়ক

Horoscope: কৰ্কট ৰাশি লোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব, আপোনাৰ আজিৰ ৰাশিফল ​​পঢ়ক
Horoscope: কৰ্কট ৰাশি লোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব, আপোনাৰ আজিৰ ৰাশিফল ​​পঢ়ক

২০ মাৰ্চ ২০২৫, বৃহস্পতিবাৰ জ্যোতিষৰ দৃষ্টিকোণৰ পৰা এটা গুৰুত্বপূৰ্ণ দিন। আজি দিনটো আপোনাৰ বাবে কেনেকুৱা হ’ব জানো আহক।(Horoscope)

মেষ ৰাশি
আজি আপোনালোকৰ বাবে শক্তি আৰু উৎসাহেৰে ভৰা দিন হ’ব। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে, তাৰ সুবিধা ল’বলৈ সাজু থাকক। পৰিয়ালৰ লগত সময় কটালে সুখৰ হ’ব, যাৰ ফলত মনটো সুখী হৈ থাকিব। স্বাস্থ্য সচেতন হওক আৰু নিয়মীয়া ব্যায়াম দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। আৰ্থিক বিষয়ত সাৱধান হওক আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক।

বৃষ ৰাশি

আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ’ব। আৰ্থিক বিষয়ত সাৱধান হোৱাৰ প্ৰয়োজন; বিনিয়োগ কৰাৰ সময়ত বুদ্ধিমানৰূপে সিদ্ধান্ত লওক। পৰিয়ালৰ কোনো সদস্যৰ লগত মতানৈক্য হ’ব পাৰে ধৈৰ্য্য ধৰি আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰক; স্বাস্থ্যৰ যত্ন লওক আৰু সুষম খাদ্য গ্ৰহণ কৰক।

মিথুন ৰাশি

আজি আপোনাৰ বাবে এক ইতিবাচক দিন হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম শলাগ ল’ব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। নতুন যোগাযোগ আৰু বন্ধুত্বৰ সুযোগ পাব পাৰে, যিটো ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ’ব।

কৰ্কট ৰাশি

আজি আপোনাৰ বাবে এটা ভাল দিন হ’ব। অৰ্থনৈতিক পৰিস্থিতি উন্নত হ’ব আৰু নতুন বিনিয়োগৰ সুযোগ উপলব্ধ হ’ব। পৰিয়ালৰ সৈতে সময় কটালে আনন্দদায়ক হ’ব, যাৰ ফলত সম্পৰ্ক মধুৰ হ’ব। স্বাস্থ্য সচেতন হওক আৰু নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰক।

সিংহ ৰাশি

আজি আপোনালোকৰ বাবে এক উৎসাহজনক দিন হ’ব। আৰ্থিক বিষয়ত আপুনি সফলতা লাভ কৰিব আৰু আৰ্থিক লাভৰ সম্ভাৱনাও আছে। সামাজিক কামত অংশগ্ৰহণ বাঢ়িব, যাৰ ফলত সমাজত আপোনাৰ সুনাম বৃদ্ধি পাব। স্বাস্থ্য স্বাভাৱিক হৈ থাকিব, কিন্তু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক।

কন্যা ৰাশি

আজি আপোনাৰ বাবে এক উপকাৰী দিন হ’ব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ পাব, যাৰ সুবিধা লৈ আপুনি সফলতাৰ দিশত আগবাঢ়িব। পৰিয়ালত সুখ-শান্তিৰ পৰিৱেশ সৃষ্টি হ’ব আৰু সম্পৰ্কবোৰ অধিক শক্তিশালী হ’ব। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক আৰু নিয়মীয়া ব্যায়াম দৈনন্দিন কামত অন্তৰ্ভুক্ত কৰক।

তুলা ৰাশি

আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ’ব। বিত্তীয় বিষয়ত সাৱধান হওক আৰু বুদ্ধিমানৰূপে বিনিয়োগৰ সিদ্ধান্ত লওক। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব পাৰে, গতিকে তেওঁলোকৰ যত্ন লওক। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহব আৰু সুষম খাদ্যাভ্যাস পালন কৰক।

বৃশ্চিক ৰাশি

আজি আপোনালোকৰ বাবে কঢ়িয়াই আনিছে শুভ ক্ষণ। অৰ্থনৈতিক পৰিস্থিতি উন্নত হ’ব আৰু নতুন বিনিয়োগৰ সুযোগ উপলব্ধ হ’ব। পৰিয়ালৰ সৈতে সময় কটালে আনন্দদায়ক হ’ব, যাৰ ফলত সম্পৰ্ক মধুৰ হ’ব। স্বাস্থ্য স্বাভাৱিক হৈ থাকিব, কিন্তু নিয়মীয়া ব্যায়াম আৰু যোগাসন দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক।

ধনু ৰাশি

আজি আপোনাৰ বাবে উত্থান-পতনেৰে ভৰা দিন হ’ব পাৰে। কৰ্মক্ষেত্ৰত আপুনি কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে, কিন্তু ধৈৰ্য্য আৰু দৃঢ়তাৰে আপুনি সেইবোৰ অতিক্ৰম কৰিব। বিত্তীয় বিষয়ত সাৱধান হওক আৰু কোনো বৃহৎ বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। পৰিয়ালত সম্প্ৰীতি থাকিব, কিন্তু কিছু পুৰণি বিবাদ পুনৰ উত্থাপন হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ যত্ন লওক আৰু মানসিক চাপৰ পৰা হাত সাৰিবলৈ ধ্যান আৰু যোগৰ সহায় লওক।

মকৰ ৰাশি

আজি আপোনাৰ বাবে অনুকূল দিন হ’ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল কৰ্মক্ষেত্ৰত হ’ব আৰু জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ কামৰ শলাগ ল’ব। আৰ্থিক অৱস্থা শক্তিশালী হ’ব আৰু ক’ৰবাৰ পৰা অভাৱনীয় সুবিধা পোৱাৰ সম্ভাৱনাও আছে। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব আৰু সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো ভাল হ’ব, কিন্তু অসাৱধান নহ’ব আৰু নিয়মিতভাৱে যোগাসন আৰু ব্যায়াম কৰক।

কুম্ভ ৰাশি

আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে, কিন্তু সেইবোৰৰ ওপৰত খৰখেদাকৈ সিদ্ধান্ত ল’ব নালাগে। আৰ্থিক বিষয়ত সাৱধান হওক আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত কিছু উত্তেজনা থাকিব পাৰে, কিন্তু কথা-বতৰাৰ জৰিয়তে সকলো সমস্যা সমাধান কৰিব পাৰি। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক, বিশেষকৈ ৰক্তচাপ আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক।

মীন ৰাশি

আজি আপোনাৰ বাবে এটা ভাল দিন হ’ব। কেৰিয়াৰত অগ্ৰগতিৰ সম্ভাৱনা আছে আৰু আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ উপযুক্ত ফলাফল পাব। আৰ্থিক অৱস্থা শক্তিশালী হ’ব, আৰু যিকোনো পুৰণি ঋণ আদায় হ’ব পাৰে। পাৰিবাৰিক জীৱনত সুখ থাকিব, পৰিয়ালৰ সদস্যৰ লগত ভাল সময় কটাবলৈ সুযোগ পাব। স্বাস্থ্য ভাল হ’ব, কিন্তু সুষম আহাৰ পালন কৰক আৰু পৰ্যাপ্ত জিৰণি লওক।

অসমত ‘বিহাৰ দিৱস’ উদযাপন কৰিলে পৰিস্থিতি বিষম হ’বঃ আলফা (স্বা) । bihar day

অসমত ‘বিহাৰ দিৱস’ উদযাপন কৰিলে পৰিস্থিতি বিষম হ’বঃ আলফা (স্বা) । bihar day
অসমত ‘বিহাৰ দিৱস’ উদযাপন কৰিলে পৰিস্থিতি বিষম হ’বঃ আলফা (স্বা) । bihar day

bihar day । অসমত বিহাৰ দিৱস উদযাপন কৰাকলৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এক বিবৃতি জাৰি কৰিছে আলফা (স্বা)য়ে। বিহাৰ দিৱস অনুষ্ঠিত কৰিলে পৰিস্থিতি বিষম হ’ব বুলি সকীয়নি প্ৰদান কৰিছে আলফা (স্বা)য়ে।

এই সন্দৰ্ভত নিষিদ্ধ সংগঠন আলফা (স্বা)য়ে দিয়া বিবৃতি তলত অ-সম্পাদিত ৰূপত প্ৰকাশ কৰা হ’ল-

“অসমৰ বাণিজ্যিক চহৰ তিনিচুকীয়া থলগিৰি জাতি-জনগোষ্ঠীৰ মিলনভূমি। থলগিৰিৰ বীৰ সৰ্বানন্দ সিংহৰ শৌর্য-বীৰ্যৰে মহিমামণ্ডিত বেংমৰা ৰাজ্য তথা আধুনিক তিনিচুকীয়া চহৰ। এনে এখন বুৰঞ্জী প্ৰসিদ্ধ চহৰত থলগিৰিৰ জাতীয় জীৱনৰ সৈতে সংপৃক্ত মহিৰূহ সকলৰ নামত কোনো অনুষ্ঠান আয়োজন কৰিব নোৱাৰা কেইগৰাকীমান স্বাৰ্থপৰায়ণ থলগিৰি ব্যক্তি (পুলক গোহাঁই, পুলক চেতিয়া আৰু বিধায়ক চুৰেণ ফুকন) আৰু বিধায়ক সঞ্জয় কিষাণ, শিৱজী ডুবেই দৰে ব্যক্তিৰ পৃষ্ঠপোষকতাত আগন্তুক ২২ মার্চ ২০২৫ তাৰিখে বিহাৰ দিৱস উদযাপনৰ বাবে চলোৱা প্রস্তুতিয়ে থলগিৰিৰ ঐতিহ্য-সংহতি, মান-মর্য্যদাত আঘাত হানিছে।

এই কাৰ্য্য থলগিৰিৰ বাবে কোনো কাৰণতেই গ্রহণযোগ্য হ’ব নোৱাৰে। “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে থলগিৰিৰ চোতালত বিহাৰ দিৱস উদযাপন কৰাটো কোনো কাৰণতেই সহ্য কৰা নহ’ব। গতিকে, উক্ত অনুষ্ঠানৰ সৈতে জড়িত থলগিৰি আৰু বহিৰাগত সকলোকে উক্ত কাৰ্য্যসূচী বাতিল কৰিবলৈ নিৰ্দেশনা প্রদান কৰা হ’ল। যদি এই নির্দেশনা অমান্য কৰি বিহাৰ দিৱস উদযাপন কৰাৰ মৰসাহ কৰে তেন্তে তাৰ পৰিণতি ভয়ংকৰ হ’ব, আৰু তেনে এক অনাকাংক্ষিত আৰু অবাঞ্ছিত পৰিস্থিতিৰ বাবে পৃষ্ঠপোষক সকলেই দায়ী হ’ব লাগিব”।

উল্লেখ্য যে, তিনিচুকীয়াত বিহাৰ দিৱস উদযাপন কৰাৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্থা আদিকে ধৰি বিভিন্নজনে কৰিছে। এই কাৰ্যসূচী ৰূপায়ন কৰিবলৈ লোৱাৰ নেপথ্যত এগৰাকী পাখি কটা মন্ত্ৰী আৰু এগৰাকী টিকট প্ৰত্যাশী আছে বুলি মত প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। ইয়াৰোপৰি অসমত বিহাৰ দিৱস উদযাপন কৰিলে পৰিস্থিতি বিষম হ’ব বুলি সকীয়নি প্ৰদান কৰিছে আছুই।

এনে পৰিস্থিতিত এতিয়া বিহাৰ দিৱস উদযাপন কৰিব বিচৰা আয়োজকসকলে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয়। ইয়াৰোপৰি কেৱল দল, সংগঠনে নহয়, অসমৰ বিভিন্ন ব্যক্তি বিশেষেও এই বিহাৰ দিৱসৰ বিৰোধিতা কৰিছে।

মহাকাশৰ পৰা ৯ মাহৰ পাছত ঘূৰি আহিল সুনীতা উইলিয়ামছ আৰু তেওঁৰ দল । Sunita Williams’

মহাকাশৰ পৰা ৯ মাহৰ পাছত ঘূৰি আহিল সুনীতা উইলিয়ামছ আৰু তেওঁৰ দল । Sunita Williams'
মহাকাশৰ পৰা ৯ মাহৰ পাছত ঘূৰি আহিল সুনীতা উইলিয়ামছ আৰু তেওঁৰ দল । Sunita Williams'

Sunita Williams’After Returning To Earth ।২০২৪ চনৰ ৫ জুনত নাছাৰ নতুন ষ্টাৰলাইনাৰ ক্ৰু কেপচুলত উঠি মহাকাশলৈ যাত্ৰা কৰিছিল সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ। মাত্ৰ এটা সপ্তাহৰ ভিতৰত উভতি আহিবলৈ আশা কৰা হৈছিল যদিও, মহাকাশ কেন্দ্ৰলৈ যোৱাৰ পথত বহুতো সমস্যা সৃষ্টি হয়। যাৰ ফলত তেওঁলোকৰ পৃথিৱীলৈ উভতি অহাৰ সময় দীৰ্ঘদিনৰ বাবে পিছুৱাই দিয়া হয়। অবশেষত ২০২৫ চনৰ ১৯ মাৰ্চ বুধবাৰে পুৱতি নিশা মহাকাশচাৰীসকলে পৃথিৱীত উপস্থিত হয়।

স্পেচএক্সৰ ড্ৰেগন কেপচুলৰ সহায়ত ক্ৰু-৯ মহাকাশচাৰীসকলে সফল অৱতৰণ কৰে। মহাকাশচাৰীসকলক ষ্ট্ৰেচাৰত উঠাই কেপচুলৰ পৰা আঁতৰাই দিয়া হয়, যি দীৰ্ঘকালীন মহাকাশ অভিযানৰ পৰা উভতি অহা সকলো মহাকাশচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য।

আমেৰিকাৰ স্থানীয় সময় অনুসৰি সোমবাৰ-মঙলবাৰৰ মাজ নিশা ১ বজাৰ পিছত কেপচুলটো আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথক হয় আৰু ৫:৫৭ বজাত ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰে (ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা ৩:২৭ বজাত)। এই অৱতৰণৰ লগে লগে চাৰিওফালে কেইবাটাও ডলফিনে সাঁতুৰি মহাকাশচাৰীসকলক উষ্ম আদৰণি জনায়।

উল্লেখযোগ্য যে, ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ লগতে নিক হেগ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গ’ৰবুনভ এই অভিযানত অংশগ্ৰহণ কৰিছিল। তেওঁলোক ৯ মাহৰ পাছত পৃথিৱীত উপস্থিত হয় আৰু মহাকাশ কেন্দ্ৰৰ পৰা উভতি আহিবলৈ ১৭ ঘণ্টা সময় লাগিছিল।

অৱতৰণৰ সময়ত মহাকাশযানখনে ১৬৫০ ডিগ্ৰী চেলচিয়াছতকৈ অধিক তাপ সহ্য কৰে, যাৰ ফলত কিছু সময়ৰ বাবে যোগাযোগ বন্ধ হৈছিল। অৱশেষত, ফ্ল’ৰিডাৰ উপকূলত সফলভাৱে অৱতৰণ কৰে আৰু মহাকাশচাৰীসকলে পৃথিৱীৰ বায়ুমণ্ডলত পুনৰ উশাহ লয়।