Home Blog Page 319

নৰ্থ লখিমপুৰ কলেজত সপ্তম সংখ্যক গ্ৰন্থমেলাৰ আৰম্ভণি ।। North Lakhimpur College Book Fair

নৰ্থ লখিমপুৰ কলেজত সপ্তম সংখ্যক গ্ৰন্থমেলাৰ আৰম্ভণি ।। North Lakhimpur College Book Fair
নৰ্থ লখিমপুৰ কলেজত সপ্তম সংখ্যক গ্ৰন্থমেলাৰ আৰম্ভণি ।। North Lakhimpur College Book Fair

। North Lakhimpur College Book Fair । ‘মই আজিলৈকে কোনো বিদ্যালয় মহাবিদ্যালয়ত এনেকুৱা সুন্দৰ গ্ৰন্থমেলা দেখা নাই৷ নৰ্থ লখিমপুৰ কলেজৰ গ্ৰন্থমেলাখন দেখি মই বিস্ময়াভিভূত হৈছোঁ আৰু আনন্দিত হৈছোঁ৷’ আজি সপ্তম সংখ্যক নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলা উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে এইদৰে কয়৷ ভাষণ প্ৰসঙ্গত তেওঁ আৰু কয় যে, নৰ্থ লখিমপুৰ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে কিতাপৰ প্ৰতি দেখুওৱা আগ্ৰহ বৰ্তমান সময়ত অত্যন্ত আদৰ্শনীয়৷ তেওঁ অসমীয়া কিতাপৰ সাম্প্ৰতিক অৱস্থাৰ বিষয়ে কিছু শংকা ব্যক্ত কৰে৷ তথাপিও নৱ প্ৰজন্মৰ ওপৰত আশা ৰাখি কয় যে বৰ্তমান গ্ৰন্থৰ প্ৰতি বহুতৰে আগ্ৰহ কমিছে যদিও ডিজিটেল মাধ্যমৰ যোগেদি মানুহে কিতাপ এখন বিচাৰি পঢ়াৰ দৃষ্টান্তও আছে ৷

২৫ মাৰ্চলৈ আঠদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাই৷ তেওঁ ভাষণ প্ৰসঙ্গত কয় যে, বিগত প্ৰায় দুটা দশক ধৰি কলেজখনে বৌদ্ধিক পৰিৱেশৰ উত্তৰণৰ হকে যৎপৰোনাস্তি চেষ্টা কৰি আহিছে, তাৰে অংশ হিচাপে যোৱা ছটা বছৰে গ্ৰন্থমেলাখন পাতিবলৈ লোৱা হয়৷ এই গ্ৰন্থমেলাত ব্যৱসায়িক উদ্দেশ্যৰ পৰিৱৰ্তে আছে নৱ প্ৰজন্মক গ্ৰন্থৰ প্ৰতি আগ্ৰহী কৰাৰ চেষ্টাহে ৰখা হৈছে৷ সেয়ে ২০ শতাংশ পৰ্যন্ত ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ উদ্বোধনী অনুষ্ঠানটো সঞ্চালনা কৰে অধ্যক্ষ ড॰ বিমান চেতিয়াই৷ তেওঁ কলেজৰ গ্ৰন্থমেলা আয়োজনৰ লগত জড়িত উদ্যমী অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে৷ লগতে কয় যে, অসম চৰকাৰে ২০২৫ বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে উদ্‌যাপন কৰিবলৈ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ গ্ৰন্থমেলাখন ৰাজ্যিক ভিত্তিত আয়োজন কৰা হৈছে৷

আজিৰ অনুষ্ঠানতে কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগে এখন গৱেষণা গ্ৰন্থ উন্মোচনৰ ব্যৱস্থা কৰে৷ মুৰব্বী ড॰ কাকতি ভূঞাই আঁত ধৰা এই কাৰ্যসূচীত অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া পদাৰ্থ বিজ্ঞানৰ এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰো ৱেবছাইট মুকলি কৰা হয়৷ ইটানগৰৰ আছামিজ ছছাইটি আৰু নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মাজত আজি এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়৷ এই সন্দৰ্ভত বক্তৃতা প্ৰদান কৰি আছামিজ ছছাইটিৰ সম্পাদক মুকুল পাঠকে জনায় যে, অসমীয়া ভাষা শিকিব খোজা অনা অসমীয়া মানুহৰ বাবে এটি অসমীয়া ভাষা শিক্ষণৰ পাঠ্যক্ৰম আৰম্ভ কৰিবৰ বাবেই মূলতঃ এই চুক্তি কৰা হৈছে৷ লগতে প্ৰবাসী অসমীয়াসকলৰ সন্তানকো এই পাঠ্যক্ৰমে অসমীয়া ভাষা শিকাত সহায় কৰিব৷ ইয়াৰ প্ৰথমটো কেন্দ্ৰ প্ৰতিষ্ঠা হ’ব ইটানগৰত৷ নৰ্থ লখিমপুৰ কলেজৰ শৈক্ষিক পৰিষদ আৰু পৰীক্ষা নিয়ন্ত্ৰণ বিভাগে পাঠ্যক্ৰমৰ বিধি নিয়ম নিয়ন্ত্ৰণ কৰিব আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰিব৷

সভাতেই দুয়োপক্ষৰ মাজত চুক্তিখন স্বাক্ষৰিত হোৱাত উপস্থিত সুধী সমাজে আনন্দ প্ৰকাশ কৰে৷ অসমীয়া ভাষাৰ ভৱিষ্যৎ সম্পৰ্কে সকলো শংকিত হোৱাৰ সময়তে এনে ফলপ্ৰসু আৰু সুদূৰ প্ৰসাৰী গুৰুত্ব থকা কামৰ আৰম্ভণি যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি মত প্ৰকাশ কৰে৷ গ্ৰন্থমেলাত আজি গ্ৰন্থপ্ৰেমীৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়৷ মুঠতে বাৰখন বিপণিত প্ৰায় পঁশিছটা প্ৰকাশন প্ৰতিষ্ঠানৰ গ্ৰন্থ পোৱাৰ ব্যৱস্থা কৰা হৈছে৷ নেশ্যনেল বুক ট্ৰাষ্টৰ বৃহৎ গ্ৰন্থ সম্ভাৰেৰে সজাই তোলা শিশু-কিশোৰৰ বিপণিত অধিক পঢ়ুৱৈ দেখা গৈছে৷ গ্ৰন্থমেলাখন যথেষ্ট ব্যতিক্ৰম ৰূপত কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে সজাই তুলিছে৷ কাঠ, বাঁহৰ ব্যৱহাৰেৰে নিৰ্মাণ কৰা বিভিন্ন অংশসমূহে সকলো ব্যক্তিকে আকৰ্ষিত কৰিছে৷ এই গ্ৰন্থমেলা সকলো ব্যক্তিৰ বাবে মুকলি ৰখা হৈছে বুলি উদ্যোক্তাসকলে জনায়৷ আজি সন্ধিয়ালৈ গ্ৰন্থমেলাৰ বাকৰিত কলেজৰ মামণি ৰয়ছম গোস্বামী ছাত্ৰী নিবাসৰ উদ্যোগত এটি সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়৷ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, কলেজৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে গীত, নৃত্য আদিৰে সমৃদ্ধ সাংস্কৃতিক অনুষ্ঠানটো আৰু অধিক মুখৰিত কৰি তোলে৷

স্পেসএক্স Dragonৰ সফল অবৰতণ: মুখে মিচিকীয়া হাঁহি লৰ সুনীতা উইলিয়াম্স । Sunita Williams

স্পেসএক্স Dragonৰ সফল অবৰতণ: মুখে মিচিকীয়া হাঁহি লৰ সুনীতা উইলিয়াম্স । Sunita Williams
স্পেসএক্স Dragonৰ সফল অবৰতণ: মুখে মিচিকীয়া হাঁহি লৰ সুনীতা উইলিয়াম্স । Sunita Williams

Sunita Williams । শ্বাসৰুদ্ধৰ যাত্ৰাৰ অন্ত পৰিল, মুখত এটি মিচিকীয়া হাঁহিলৈ SpaceXৰ Dragon নামি আহিল সুনীতা উইলিয়ামছ ।

অৱশেষত অন্ত পৰিল দীৰ্ঘদিনীয়া অপেক্ষাৰ। মহাশূন্যত মানৱৰ মহাঅভিযানৰ আন এক নিচান উৰুৱাই ইলন মাস্কৰ SpaceX ড্ৰেগনেৰে নামি আহিল পৃথিৱীলৈ।
মহাকাশত প্ৰায় ৯ মাহ কাল কটোৱাৰ পিছত অৱশেষত ধৰাপৃষ্ঠ উপস্থিত হ’ল সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰ। আজি পুৱতি নিশা প্ৰায় ৩:২৭ বজাত ফ্ল’ৰিডাৰ সমুদ্ৰ পৃষ্ঠতঅৱতৰণ কৰিলে ইলন মাস্কৰ SpaceXৰ Dragon।


সাগৰপৃষ্ঠত অৱৰতণ কৰাৰ পিছতে জাহাজত উঠোৱা হ’ল SpaceXৰ Dragon। তাৰ পিছতে SpaceXৰ Dragonৰ পৰা পৰ্যায়ক্ৰমে উলিয়াই অনা হ’ল আটাইকেগৰাকী মহাকাশচাৰীক।


তৃতীয়তে ওলাই আহিছিল সুনীতা উইলিয়ামছ। মুখত এটি মিঠা হাঁহি লৈ ড্ৰেগনৰ পৰা ওলাই আহিছিল ‘মহাকাশ পৰী’ সুনীতা উইলিয়ামছ। মহাকাশচাৰীসকল নিৰাপদে ড্ৰেগনৰ পৰা ওলাই অহাৰ লগে লগে উলাহত উৎফুল্লিত হৈ পৰিছিল সমগ্ৰ বিশ্ব।ভাৰতীয় সময় অনুসৰি আজি পুৱা ৩ বাজি ২৭ মিনিটত অন্ত পৰিছিল ISSৰ পৰা ১৭ ঘণ্টীয়া যাত্ৰা।

Period Pain: কোনবিধ চাহ খালে ঋতুস্ৰাৱৰ বিষ কমে ?

Period Pain: কোনবিধ চাহ খালে ঋতুস্ৰাৱৰ বিষ কমে ?
Period Pain: কোনবিধ চাহ খালে ঋতুস্ৰাৱৰ বিষ কমে ?

হজম শক্তি উন্নত কৰিব আৰু ঋতুস্ৰাৱৰ বিষ কম কৰিব দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত এই বিশেষ চাহ খালে।(Period Pain)এইবিধ চাহ খালে গেছ আৰু হাৰ্টবাৰ্ণৰ সমস্যা কমিব আৰু হজম শক্তিও উন্নত হ’ব। এই বিশেষ চাহ কাপ খালে ঋতুস্ৰাৱৰ বিষৰ পৰা সকাহ পোৱা যায়। এই চাহ কাপ কেনেকৈ বনাব?

বহুতে ঋতুস্ৰাৱৰ বিষত ভুগে। প্ৰতি পাঁচগৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলাই এই সমস্যাত ভুগে। তেওঁলোকৰ বাবে মাহৰ সেই কেইটামান দিন যেন এক দুঃস্বপ্ন। মানুহে গৰম পেক, পেৰাচিটামল বা অন্যান্য বিষনাশক ঔষধ খাই অত্যন্ত বিষাদজনক সমস্যা দমন কৰিবলৈ চেষ্টা কৰে। সেই সকলোবোৰ ঔষধ শৰীৰৰ বাবে একেবাৰেই ভাল নহয়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়েও শেহতীয়াকৈ ঋতুস্ৰাৱৰ বিষ উপশম কৰিবলৈ ব্যৱহাৰ কৰা কিছুমান বিষনাশক ঔষধ বিক্ৰী নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছে।


ঋতুস্ৰাৱৰ বিষৰ বিভিন্ন কাৰণ থাকিব পাৰে। এটা হ’ল প্ৰাথমিক ডিছমেন’ৰিয়া। হৰম’নৰ উঠা-নমা আৰু জৰায়ুৰ সংকোচনৰ ফলত পেট, পেটৰ তলৰ অংশ, কঁকালত অসহ্যকৰ বিষ হয়। শৰীৰৰ বিভিন্ন গাঁঠিতো বিষ আৰম্ভ হয়। পলিচিষ্টিক অভেৰিয়ান চিনড্ৰম বা পিচিঅ’এছ হ’লেও মাহেকীয়াৰ সময়ত পেটৰ অসহ্যকৰ বিষ অনুভৱ কৰিব পাৰে। এই সময়ত ঔষধ খোৱাৰ সলনি বিশেষ ধৰণৰ চাহ খালে বিষ কমোৱাত সহায়ক হয়।

‘কচমেটিকছ’ নামৰ আলোচনীখনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি নাৰ্জি ফুল পাহিৰ পৰা তৈয়াৰী চাহ খালে ঋতুস্ৰাৱৰ বিষৰ পৰা উপশম পোৱা যায়। এই চাহ কেৱল বিষ নিৰাময়ৰ বাবেই উপকাৰী নহয়, ছালৰ উজ্জ্বলতা পুনৰ ঘূৰাই অনা আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবেও উপকাৰী। নাৰ্জি ফুলৰ চাহত এন্টিঅক্সিডেন্ট থাকে যিয়ে প্ৰদাহ কম কৰিব পাৰে। এই চাহে যিকোনো বিষ বা মানসিক চাপ কম কৰিব পাৰে।

কেনেকৈ বনাব?

সামগ্ৰীসমূহ-

১ৰ ​​পৰা ২ চামুচ শুকান নাৰ্জি ফুলৰ পাহি

১ কাপ পানী

১ চামুচ নেমুৰ ৰস বা মৌ

ডালচেনি, আদা বা পদিনা

নাৰ্জি ফুলৰ পাহি শুকুৱাই গুড়ি কৰি ল’ব লাগে। তাৰপিছত পানী গৰম কৰি আদা দি উতলাই লওক। জুই কমাই পাহিবোৰ দি উতলিবলৈ দি ঢাকোন দি দহ মিনিট মান ৰাখিব। চাহ চেকি তাত নেমুৰ ৰস বা মৌ মিহলাই দিব। ওপৰত ডালচেনিৰ গুড়ি বা পদিনা পাত ছটিয়াই দিব।

দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত এই চাহ খালে হজম শক্তি ভাল হয়। গেছ আৰু হাৰ্টবাৰ্ণৰ সমস্যাও কমি যাব। অৱশ্যে গৰ্ভৱতী মহিলাই এই চাহ খাব নালাগে। যদি আপুনি হৃদৰোগ বা বৃক্কৰ সমস্যাত ভুগিছে ​​তেন্তে এই চাহ খাব নে নাখাব। এনে চাহ খোৱাৰ পূৰ্বে এই বিষয়ে চিকিৎসকৰ পৰামৰ্শ লৈ ল’ব।

Sunita Williams Hair: মহাকাশত সুনীতা উইলিয়ামছে চুলিৰ যত্ন কেনেকৈ লৈছিল! মহাকাশচাৰীয়ে কেনেকৈ চুলি ধুৱে ?

Sunita Williams Hair: মহাকাশত সুনীতা উইলিয়ামছে চুলিৰ যত্ন কেনেকৈ লৈছিল! মহাকাশচাৰীয়ে কেনেকৈ চুলি ধুৱে ?
Sunita Williams Hair: মহাকাশত সুনীতা উইলিয়ামছে চুলিৰ যত্ন কেনেকৈ লৈছিল! মহাকাশচাৰীয়ে কেনেকৈ চুলি ধুৱে ?

নাছাৰ ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ উইলম’ৰ প্ৰায় ৯ মাহৰ অন্তত মহাকাশৰ পৰা পৃথিৱীলৈ উভতি আহিছে। মহাকাশচাৰীয়ে মহাকাশত কেনেদৰে চুলি ধুৱে জানো আহক।(Sunita Williams Hair)

নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগীসকল প্ৰায় ৯ মাহৰ পিছত পৃথিৱীলৈ উভতি আহিছে। নাছাৰ তথ্য অনুসৰি ২০২৫ চনৰ ১৮ মাৰ্চৰ সন্ধিয়া সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে পৃথিৱী পাবহি। ২০২৪ চনৰ জুন মাহত দুয়োজন মহাকাশচাৰীয়ে আঠ দিনীয়া মহাকাশ ভ্ৰমণলৈ গৈছিল যদিও মহাকাশযানখনৰ বিজুতিৰ বাবে তেওঁলোকৰ ভ্ৰমণ ৯ মাহলৈ বৃদ্ধি পায়। দুয়োজনেই ৯ মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছিল। কিন্তু দুয়োজন মহাকাশচাৰীকে পৃথিৱীলৈ ঘূৰাই অনা হৈছে। দীৰ্ঘ সময়ৰ বাবে নিজকে পৰিষ্কাৰ আৰু ঠাইখিনিত ফিট কৰি ৰখাটো অত্যন্ত কঠিন। আহকচোন সুনীতা উইলিয়ামছে মহাকাশত কেনেদৰে চুলিৰ যত্ন লৈছিল জানো?

বেছিভাগ মানুহৰে মনলৈ অহা প্ৰশ্নটো হ’ল মহাকাশচাৰীসকলে চুলিৰ যত্ন ল’বলৈ কি কৰে। আচলতে মহাকাশত মাইক্ৰ’গ্ৰেভিটি আছে। ইয়াৰ বাবে চুলি স্বাভাৱিকভাৱে সৰি নাযায়।


বহুতৰে মনলৈ অহা প্ৰশ্নটো হ’ল সুনীতা উইলিয়ামছে কিয় চুলি মেলি ৰাখে। আচলতে মহাকাশত কোনো মাধ্যাকৰ্ষণ শক্তি নাই বৰঞ্চ মাইক্ৰ’গ্ৰেভিটিহে আছে। ইয়াৰ বাবেই চুলিবোৰ তললৈ নমাই আনিব নোৱাৰে। সেয়েহে তেওঁলোকে চুলি বান্ধি লোৱাৰ প্ৰয়োজন নাই।

মহাকাশচাৰীসকলে মহাকাশত চুলি পৰিষ্কাৰ কৰিবলৈ ন’-ৰিন্স শ্বেম্পু ব্যৱহাৰ কৰে। এই চেম্পুত পানী ব্যৱহাৰৰ প্ৰয়োজন নাই। ই স্প্ৰে’ৰ দৰে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আৰ্দ্ৰতা আঁতৰোৱাৰ বিশেষ ব্যৱস্থা কৰা হৈছে, যাৰ বাবে চুলি উৰুৱাই শুকুৱাই লোৱাৰ প্ৰয়োজন নাই। চুলি সদায় শুকান হৈ থাকে।

Sunita Williams: মহাকাশত ৯ মাহ কটোৱাৰ পিছত সুনীতাই প্ৰতিদিনে মাত্ৰ ৩৪৭ টকাহে লাভ কৰিব, নাছাৰ নিয়ম অনুসৰি দুই মহাকাশচাৰী কিমান টকা লাভ কৰিব?

Sunita Williams: মহাকাশত ৯ মাহ কটোৱাৰ পিছত সুনীতাই প্ৰতিদিনে মাত্ৰ ৩৪৭ টকাহে লাভ কৰিব
Sunita Williams: মহাকাশত ৯ মাহ কটোৱাৰ পিছত সুনীতাই প্ৰতিদিনে মাত্ৰ ৩৪৭ টকাহে লাভ কৰিব

কাম যিয়েই নহওক কিয় – পানী, মাটি বা মহাকাশত – ‘অভাৰটাইম’ বা অতিৰিক্ত কামৰ বাবে অধিক ধন দিব লাগিব বুলি কোনো নিয়ম নাই। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ এক নিয়মৰ বাবে সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ মহাকাশচাৰী বুচ উইলমৰে তেওঁলোকৰ মৌলিক দৰমহাৰ উপৰিও হাতৰ খৰচৰ বাবে প্ৰতিদিনে মাত্ৰ ৩৪৭ টকা (ভাৰতীয় মুদ্ৰাত) লাভ কৰিব পাৰিব।(Sunita Williams)


সুনীতা আঠদিনীয়া ভ্ৰমণত মহাকাশলৈ গৈছিল আৰু তাতেই তেওঁ ৯ মাহ আবদ্ধ হৈ পৰিছিল। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত বিপদ আৰু বিভিন্ন প্ৰতিকূলৰ সন্মুখীন হৈ দিন কটালে। গতিকে, স্বাভাৱিকতে জনসাধাৰণৰ মনত এটা ধাৰণা আছে যে এই কষ্ট আৰু পঢ়া-শুনাৰ বাবে নাছাই সুনীতাক বৃহৎ পৰিমাণৰ ধন বা উপহাৰ দিব। অৱশ্যে নাছাৰ অৱসৰপ্ৰাপ্ত মহাকাশচাৰী ক’ডি কলমেনে এনে সম্ভাৱনাক লৈ সন্দেহৰ সৃষ্টি কৰিছে।

মহাকাশ সংস্থাটোৰ নিয়মৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ কয়, “নাছাই নিজৰ মহাকাশচাৰীৰ কামক বিশ্বৰ আন চৰকাৰী চাকৰিৰ দৰেই গণ্য কৰে। গতিকে, পৰিৱেশ যিমানেই বিপদজনক নহওক কিয়, যিমানেই অকলে কাম কৰিবলগীয়া নহওক কিয়, তেওঁলোকক কোনো অতিৰিক্ত ধন দিয়া নহয়।” ক’ডিয়ে কয় যে যদি কোনো দুৰ্ঘটনাৰ বাবে এই অভিযান দীঘলীয়া হয় তেন্তে মহাকাশচাৰীসকলক তেওঁলোকৰ দৰমহাৰ উপৰিও দৈনিক ভাট্টা দিয়া হয়, যিটো অতি তুচ্ছ, মাত্ৰ চাৰি ডলাৰ (ভাৰতীয় মুদ্ৰাত ৩৪৭ টকা) প্ৰতিদিনে। উদাহৰণস্বৰূপে, ক’ডিয়ে কয় যে ২০১০-১১ চনত ১৫৯ দিনীয়া প্ৰচাৰ অভিযানৰ সময়ত তেওঁ দৰমহাৰ উপৰিও প্ৰায় ৬৩৬ ডলাৰ (৫৫ হাজাৰ টকাতকৈ অধিক) অতিৰিক্ত মাচুল লাভ কৰিছিল। সেই হিচাপ অনুসৰি মহাকাশত ২৮৭ দিনতকৈ অধিক সময় কটোৱাৰ বাবে সুনীতাৰাই অতিৰিক্ত ১১৪৮ ডলাৰ (প্ৰায় ১ লাখ টকা)হে লাভ কৰিব।

আমেৰিকাৰ মহাকাশচাৰীয়ে সাধাৰণতে কিমান দৰমহা পায়? সুনীতা আৰু বুচ আমেৰিকাৰ পে গ্ৰেড জি এছ-১৫ত আছে, যিটো জি এছ ব্যৱস্থাৰ অধীনত চৰকাৰী কৰ্মচাৰীৰ বাবে সৰ্বোচ্চ স্তৰ। এই পৰ্যায়ৰ কৰ্মচাৰীৰ বাৰ্ষিক দৰমহা সৰ্বাধিক ১৬২,৬৭২ ডলাৰ পৰ্যন্ত হ’ব পাৰে, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ১৪০ লাখ টকা। ফলত সুনীতৰাই প্ৰায় ১০ মাহ মহাকাশত থকাৰ বাবে ১ লাখ ২২,০০৪ ডলাৰ অৰ্থাৎ প্ৰায় এক কোটি টকা উপাৰ্জন কৰিব পাৰে।


স্পেচএক্সৰ ড্ৰেগন বাহনখন দেওবাৰে পুৱা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত উপস্থিত হৈ সুনীতা আৰু তেওঁৰ সহযোগীক ঘূৰাই আনিবলৈ সক্ষম হয়। নাছাৰ বিবৃতিত কোৱা হৈছে যে মঙলবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৫:৫৭ বজাত সুনীতাসহ চাৰিগৰাকী মহাকাশচাৰীয়ে আমেৰিকাৰ ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। ভাৰতত বুধবাৰে পুৱতি নিশা ৩:৩০ বজাত উপস্থিত হ’ব।

Shahrukh Khan: কেৱল পত্নীয়ে বনোৱা বনোৱা আইচক্ৰীম খাই শ্বাহৰুখে, খানে জীৱনৰ পৰা আঁতৰালে চেনি, ১৪ দিন চেনি নাখালে কি হ’ব জানেনে ?

Shahrukh Khan: কেৱল পত্নীয়ে বনোৱা বনোৱা আইচক্ৰীম খাই শ্বাহৰুখে, খানে জীৱনৰ পৰা আঁতৰালে চেনি, ১৪ দিন চেনি নাখালে কি হ'ব জানেনে ?
Shahrukh Khan: কেৱল পত্নীয়ে বনোৱা বনোৱা আইচক্ৰীম খাই শ্বাহৰুখে, খানে জীৱনৰ পৰা আঁতৰালে চেনি, ১৪ দিন চেনি নাখালে কি হ'ব জানেনে ?

বহু অভিনেতা-অভিনেত্ৰীয়ে মিঠা ত্যাগ কৰিছে। আনকি কিছুমানে চেনি এৰাৰ প্ৰত্যাহ্বানও গ্ৰহণ কৰিছে। ১৪ দিনৰ বাবে খাদ্যৰ পৰা চেনি বাদ দিলে কি হয় জানেনে?(Shahrukh Khan)

সুস্থ হৈ থাকিবলৈ ব্যায়াম কৰাটো প্ৰয়োজনীয়। মধ্যমীয়া আৰু উপযুক্ত খাদ্য গ্ৰহণ কৰাটো প্ৰয়োজনীয়। বি-টাউনৰ সকলো ‘ফিট’ অভিনেতা-অভিনেত্ৰী এই কথাত একমত। ওজন নিয়ন্ত্ৰণ আৰু শৰীৰক সুস্থ কৰি ৰাখিবলৈ তেওঁলোকৰ বহুতেই নিজৰ খাদ্য তালিকাৰ পৰা চেনি বাদ দিছে। যোৱা কেইবছৰমানৰ পৰা মিঠাইও চুব পৰা নাই কিছুমান তাৰকাই।


বলীউডৰ ‘কিং’ শ্বাহৰুখ খানে এক সাক্ষাৎকাৰত এই কথা কয়। তেওঁৰ খাদ্যৰ পৰা চেনি আঁতৰাই পেলালে। বহু বছৰ ধৰি মিঠাই খোৱা নাই। পত্নী গৌৰীয়ে বনোৱা আইচক্ৰীম ন মাহৰ মূৰে মূৰে এবাৰ খায়।

বি-টাউনৰ অভিনেতা জন আব্ৰাহামেও ২৭ বছৰ ধৰি মিঠাই ত্যাগ কৰিছে। এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয় যে সুস্থ হৈ থাকিবলৈ আৰু নিজৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে, “প্ৰথমে খাদ্যৰ পৰা মাখন, তেল, চেনি আঁতৰাই পেলাব লাগিব।”

বছৰ বছৰ ধৰি কঠোৰ আত্মনিয়ন্ত্ৰণৰ পিছত মিঠাই এৰি দিয়াটো সহজ নহয়। ইমান কঠিন সিদ্ধান্ত নহ’লেও চিকিৎসকে যিমান পাৰি চেনিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ে। কেৱল চিকিৎসকেহে কয় যে চেনি এৰিলে শৰীৰত ইতিবাচক পৰিৱৰ্তন আহে।

নিয়মীয়াকৈ চেনি খোৱা আৰু মিঠাই ভালপোৱাসকলে একেৰাহে ১৪ দিন সেই সকলোবোৰ খাদ্য ত্যাগ কৰাটো সহজ নহয় বুলিও চিকিৎসকসকলে কয়।

১৪ দিন চেনি নাখালে কি হয়?

১. চেনি বা মিঠাই খালে তেজৰ চেনিৰ পৰিমাণ হঠাতে বাঢ়ি যায়। নিয়মিতভাৱে মিঠা খাদ্য খোৱা লোকসকলে কেতিয়াবা তেজত চেনিৰ মাত্ৰা কম হোৱা দেখা যায়। তেতিয়া আকৌ মিঠাই খাবলৈ মন যাব পাৰে। কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰিলে বিশেষকৈ ডায়েবেটিছ ৰোগীৰ তেজৰ চেনিৰ মাত্ৰা স্বাভাৱিক হৈ থাকিব।

২. তেজৰ চেনিৰ উঠা-নমাৰ লগে লগে কেতিয়াবা মেজাজৰ পৰিৱৰ্তন ঘটে। যদি তেজৰ চেনিৰ মাত্ৰা কম উঠা-নমা কৰে তেন্তে আপোনাৰ মেজাজো ভাল হ’ব।

৩. খাদ্যৰ পৰা চেনি আঁতৰাই দিলে গাঁঠিৰ বিষ, ব্ৰণ, আৰু ছালৰ অন্যান্য সমস্যা হ্ৰাস পাব পাৰে।

৪. চেনি এৰি দিয়াৰ প্ৰত্যাহ্বান বিশেষকৈ ওজন কমাবলৈ সহায় কৰে। বিশেষকৈ সামগ্ৰিক ওজন কমোৱাৰ লগতে পেটৰ চৰ্বি কমোৱাত ই সহায়ক। ওজন বৃদ্ধিৰ ফলত বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে। যাৰ ফলত ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ চেনি নাইকিয়া কৰিব লাগে।

৫. পেটৰ সুস্বাস্থ্য আৰু হজম শক্তি বজাই ৰখাতো ইয়াৰ প্ৰভাৱ পৰে। চেনি এৰিলে বদহজমৰ সমস্যা কম হোৱাই নহয়, ই আপোনাৰ শৰীৰক সতেজ অনুভৱ কৰাব। কামৰ বাবে অতিৰিক্ত শক্তি পাব।

Sivasagar: শিৱসাগৰক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ টুইট

Sivasagar: শিৱসাগৰক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ টুইট
Sivasagar: শিৱসাগৰক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ টুইট

শিৱসাগৰক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ টুইট। দেশৰ ৪২ গন্তব্য স্থানৰ ভিতৰত শিৱসাগৰক স্বীকৃতি।(Sivasagar)

ভাৰত চৰকাৰৰ পর্যটন মন্ত্ৰ্যালয়ৰ দ্বাৰা স্বদেশ দর্শনৰ ‘চেলেঞ্জ বেছড্‌ ডেষ্টিনেশ্যন ডেভেলপমেণ্ট’ৰ পাৰিপার্শ্বিক পর্যটন আৰু অমৃত ঐতিহ্য ক্ষেত্র শ্ৰেণীৰ অধীনত ভাৰতৰ ৪২ গন্তব্যস্থানৰ ভিতৰত অন্যতম হিচাপে শিৱসাগৰক বাছনি কৰা হৈছে। এই স্বীকৃতিয়ে ঐতিহাসিক চহৰখনৰ শিৱসাগৰত পৰ্যটনৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিব।


Unemployment: এটি পৰ্যালোচনা, অসমৰ পৰমুখাপেক্ষী জনতা, নিবনুৱা সমস্যা, কৰ্মসংস্থাপনহীনতা ইত্যাদি…

Unemployment: এটি পৰ্যালোচনা, অসমৰ পৰমুখাপেক্ষী জনতা, নিবনুৱা সমস্যা, কৰ্মসংস্থাপনহীনতা ইত্যাদি…
Unemployment: এটি পৰ্যালোচনা, অসমৰ পৰমুখাপেক্ষী জনতা, নিবনুৱা সমস্যা, কৰ্মসংস্থাপনহীনতা ইত্যাদি…

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বৰ্তমান সময়ত আটাইতকৈ ভয়াৱহ সমস্যাটোৱেই হৈছে নিবনুৱা সমস্যা। চৰকাৰে লাখৰ হিচাবত বিভিন্ন বিভাগত নিবনুৱা যুৱক-যুৱতীসকলক নিযুক্তি দিয়াৰ কথা কৈছে যদিও এই নিবনুৱা সমস্যাৰ কিন্তু আজিলৈ ফলপ্ৰসু সমাধান হোৱা নাই।(Unemployment)এতিয়াও অসমৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে এটা কৰ্মসংস্থাপনৰ বাবে হাবাথুৰি খাই ফুৰিব লগা হৈছে। যাৰ ফলত একাংশই ড্ৰাগ্‌ছ, মদ-জুৱাত নিমজ্জিত হৈ নিজকে শেষ কৰি দিছে আৰু একাংশই হাতত অস্ত্ৰ তুলি ল’বলৈ বাধ্য হৈছে। আনহাতে, অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে এটা কৰ্মসংস্থাপনৰ আশাত বহিঃৰাজ্যলৈ ঢাপলি মেলিব লগা হৈছে দিনে দিনে।

আৰু বহিঃৰাজ্যলৈ গৈ সাধাৰণ কাম এটা ন্যূনতম মজুৰিত কৰিব লগা হৈছে। তদুপৰি তাত তেওঁলোক এশ শতাংশ নিৰাপদ নহয়। আনহাতে, অসমত থকা বৃহৎসংখ্যক নিবনুৱা যুৱক-যুৱতীক সংস্থাপিত কৰিব পৰাকৈ কোনো বৃহৎ উদ্যোগ প্ৰতিষ্ঠান আদি গঢ় লৈ উঠা নাই। যিকেইটা উদ্যোগ অসমত আছিল সেইকেইটাও বৰ্তমান মৃত্যুগহবৰত সোমাই পৰিছে। এই উদ্যোগসমূহৰ ভিতৰত আছিল জাগীৰোড, ধুবুৰী আৰু কাছাৰৰ কাগজ কল, ধুবুৰীৰ জুইশলা উদ্যোগ, নামৰূপৰ সাৰ কাৰখানা, ছিপাঝাৰৰ প্ৰাগ বছিমী, ৰঙিয়াৰ এপল’ টেক্সটাইল আদি উদ্যোগ বৰ্তমান বন্ধ হৈ গৈছে। আজি এইসমূহ উদ্যোগ যদি কাৰ্যক্ষম হৈ থাকিলহেঁতেন সেইবোৰ উদ্যোগৰ জৰিয়তে বহু হাজাৰ যুৱক-যুৱতীয়ে কৰ্মসংস্থান লাভ কৰিবলৈ সক্ষম হ’লহেঁতেন। তদুপৰি উক্ত প্ৰতিষ্ঠানসমূহত পূৰ্বে যিসকল কৰ্মচাৰীয়ে কাম কৰি আছিল সেই উদ্যোগ প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰাত তাত কৰ্মৰত লোকসকল পুনৰ কৰ্মসংস্থাপনহীন হৈ পৰিল। যাৰ ফলত তেওঁলোক পুনৰ নিবনুৱা হৈ পৰাত তেওঁলোকৰ দুখ কুলাই-পাচিয়ে নধৰা হৈ পৰিল। ফলত সেইসকল লোকে বা যুৱক-যুৱতীয়ে দিশহাৰা হৈ বিপথে পৰিচালিত হ’বলৈ বাধ্য হৈ পৰিছে। নহ’লে যে তেওঁলোকৰ ঘৰ-সংসাৰ নচলে।

নিবনুৱা সমস্যা দিনে দিনে বৃদ্ধি হোৱাৰ ইয়ো নিশ্চয় এটা মুখ্য কাৰণ। অলপতে অসম চৰকাৰৰ উদ্যোগত গুৱাহাটীত এড্‌ভাণ্টেজ আছাম-০২ অনুষ্ঠিত কৰি দেশৰ লগতে বিদেশৰো বহুকেইগৰাকী উদ্যোগপতিক আমন্ত্ৰণ কৰি আনি অসমত বিনিয়োগ কৰাৰ বাবে আহ্বান জনাইছে। আশাৰ কথা যে সেইসকল উদ্যোগপতি ব্যৱসায়ীয়েও অসমত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে। কিন্তু কথা হ’ল সেয়া কেতিয়া হ’ব আৰু কিমান অসমীয়া যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব। অৱশ্যে এড্‌ভাণ্টেজ আছাম-০১ৰ জৰিয়তে জাগীৰোডত ছেমিকণ্ডাক্টৰৰ কাম-কাজ আৰম্ভ হৈছে। এয়া শুভ লক্ষণ। কিন্তু কথা হ’ল আমাৰ যিকেইটা উদ্যোগ প্ৰতিষ্ঠান আছিল সেইকেইটা কিয় বন্ধ হ’ব লগা হ’ল। সেইকেইটাও সমানে চলোৱাৰ ব্যৱস্থা কৰি লাগিছিল। এই ক্ষমতা চৰকাৰৰ নিশ্চয় আছে। তেতিয়া হয়তো একাংশই কৰ্মসংস্থাপন হেৰুৱাই অসহায় জীৱন-যাপন কৰিব লগা নহ’লহেঁতেন। এইকেইটা অসমৰ উদ্যোগ প্ৰতিষ্ঠান চলাই ৰাখিব নোৱৰাটো আমাৰ অসমৰ বাবেই দুৰ্ভাগ্যজনক কথা। তদুপৰি আৰু বহুত ক্ষুদ্ৰ উদ্যোগ অসমত আছে। যিবোৰৰ অৱস্থা বৰ্তমান ফলপ্ৰসু নহয়। যদি এই উদ্যোগসমূহৰ ক্ষেত্ৰতো চৰকাৰে অধিক গুৰুত্বসহকাৰে লৈ আগবাঢ়ে তেনেহ’লে নিবনুৱা সমস্যা সমাধানত বহুখিনি সকাহ পাব পৰা গ’লহেঁতেন। আনহাতে, অৰ্থনৈতিক ক্ষেত্ৰতো আমাৰ ৰাজ্যখন বহু দূৰ আগুৱাই যাব পাৰিলেহেঁতেন। গতিকে বৰ্তমান যদিও এক লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়াৰ কথা কোৱা হৈছে, দ্ৰুত হাৰত অসমৰ ক্ষুদ্ৰ উদ্যোগকে ধৰি ডাঙৰ উদ্যোগসমূহৰ মৃত্যুৱে কিন্তু নিবনুৱা সমস্যা বৃদ্ধিত বাৰুকৈয়ে অৰিহণা যোগাই আহিছে।


আনহাতে, আন এটা কথাই আমাৰ দেশৰ লগতে অসমৰ মানুহক এক অনিশ্চিত ভৱিষ্যতৰ দিশে লৈ গৈ থকা যেনহে ধাৰণ কৰা হৈছে। এফালে যেনেদৰে ৰাজ্যখনত নিবনুৱা সমস্যাই এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে, ঠিক তেনেদৰে আমাৰ ৰাজ্যখনৰ মানুহখিনি পৰমুখাপেক্ষী অৰ্থাৎ পৰজীৱী এক শ্ৰেণীলৈহে ৰূপান্তৰ হোৱা যেন অনুমান কৰা হৈছে। নিৰ্বাচনৰ অংক কৰিয়েই ভাৰতৰ ৰাজনৈতিক দলসমূহে জনসাধাৰণক নানা ধৰণৰ বিনামূলীয়া সুবিধা প্ৰদান বা আৰ্থিক অনুদান যেনেদৰে দি আহিছে অথবা নিতৌ ঘোষণা কৰি আহিছে, এই কথাবোৰে জনসাধাৰণক আত্মনিৰ্ভৰশীল হোৱাত বাধা দিছে। ফলত দিনে দিনে এলেহুৱা হৈ পৰিছে আমাৰ মানুহবোৰ। এয়া আমাৰ দৰে এখন অনুন্নত ৰাজ্যৰ ভৱিষ্যতৰ বাবে অশুভ ইংগিত। ৰাজনৈতিক দলবোৰে এনে বিনামূলীয়া সুবিধা ঘোষণা কৰি জনসাধাৰণক আকৰ্ষিত কৰাৰ চেষ্টা কৰাক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ব্যক্ত কৰা অসন্তুষ্টি এইক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ বিষয় বুলি বিবেচিত হৈছে। ‘নগৰীয়া গৃহহীন লোকৰ আশ্ৰয়ৰ অধিকাৰ’ শীৰ্ষক এটা শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে ৰাইজক দিয়া এই বিনামূলীয়া সুবিধাৰ জৰিয়তে এটা পৰজীৱী শ্ৰেণীৰ সৃষ্টি কৰা বুলি প্ৰশ্ন কৰি উদ্বিগ্নতা প্ৰকাশ কৰিছে। ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ এ জি মাছিয়ে উল্লেখ কৰা মতে, বিনামূলীয়া ৰেচন আৰু নগদ ধন লাভ কৰাৰ ফলত মানুহ ক্ৰমান্বয়ে এলেহুৱা আৰু কৰ্মবিমুখ হৈ পৰিছে। পৰিণামস্বৰূপে এটা পৰমুখাপেক্ষী শ্ৰেণীৰ জন্ম হৈছে। যিটো ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত ভৱিষ্যতে এক ডাঙৰ বাধাৰ সৃষ্টি হ’ব নিশ্চয়। কাৰণ দিনে দিনে মানুহে যেতিয়া ঘৰতে বহি সকলোখিনি বস্তু বিনা পইচাতে লাভ কৰিব তেতিয়া তেওঁলোকে আৰু বাহিৰত কাম বিচাৰি নাযায়। ফলত কৰ্মবিমুখ হৈ এক এলেহুৱা জীৱন কটোৱাৰ বাহিৰে অন্য উপায় নাথাকিব। আৰু এটা সময়ত এইসকল লোকেই আমাৰ ৰাজ্যখনৰ বাবে এক ব’ব নোৱৰা বোজা হৈ পৰিব। লগে লগে নিবনুৱা সমস্যাই আৰু অধিক ভয়াৱহ ৰূপত গা কৰি উঠিব। একাংশই হাড় ভঙা কষ্ট কৰিব আৰু একাংশই ঘৰতে বহি বিনামূলীয়া আঁচনি উপভোগ কৰি ক্ষন্তেকীয়া সুখনিদ্ৰাত সপোন দেখি থাকিব। এনেদৰে দেশৰ উন্নয়ন সম্ভৱনে? তাকে নকৰি সকলোকে তেওঁলোকৰ যোগ্যতা অনুসৰি কামৰ বিনিময়ত সুবিধা দিয়াৰ ব্যৱস্থা কৰিব পাৰিলে ইয়ে আমাৰ ৰাজ্যখনৰ লগতে নিজৰো উন্নয়ন সম্ভৱ হ’ব। লগতে পৰজীৱী শ্ৰেণীটোৰো জন্ম নহ’লহেঁতেন। এতিয়া এনে এক পৰিৱেশৰ সৃষ্টি হৈছে যে সকলোৱে নিৰ্বাচন আহিলেই যেন ভাল পায়। কাৰণ নিৰ্বাচনৰ সময়ত এই বিনামূলীয়া আঁচনি আৰু বিনা কষ্টতে পাব পৰাকৈ টকাৰ বৰষুণ আহে বানপানী অহাৰ দৰে। কিন্তু ভয়াৱহ কথাটো হৈছে কিমান দিনলৈ এই দিয়া-লোৱাৰ খেলখন চলি থাকিব ?

যিদিনাই এই খেলখন বন্ধ হ’ব সিদিনা কি হ’ব এই পৰজীৱী শ্ৰেণীটোৰ ? যিমানেই আঁচনি ঘোষণা কৰি আছে সিমানেই দেখোন হিতাধিকাৰীৰ সংখ্যা বাঢ়িয়েই আছে। ইয়াৰ অৰ্থ এয়ে যে এই আঁচনিসমূহে এজনো নিবনুৱাৰ সংখ্যা কমাব পৰা নাই বৰং বঢ়াইহে আছে। এনেকৈ হ’বলৈ হ’লে এক শ্ৰেণী লোক সদায়ে হিতাধিকাৰী হৈ পৰমুখাপেক্ষী হৈ থাকি যাব লাগিব। আচলতে যদি এই শ্ৰেণীটোত পৰা লোকখিনিক আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগবোৰ উন্নত কৰি সেই উদ্যোগসমূহত নিয়োগৰ ব্যৱস্থা কৰি কামৰ বিনিময়ত মজুৰি দিয়া ব্যৱস্থা কৰিব পৰা গ’লহেঁতেন তেতিয়াহ’লে নিশ্চয় কিছু পৰিমাণে হ’লেও আজি নিবনুৱা সমস্যা সমাধানৰ বাট মুকলি হ’লহেঁতেন। আনহাতে, বহু শিক্ষিত যুৱক-যুৱতী কৰ্মসংস্থাপনৰ অভাৱত বিপথে পৰিচালিত হৈছে, হাতত বন্দুক তুলি লৈছে, একাংশই সংস্থাপনৰ কোনো বাট নেদেখি দ্ৰাগ্‌ছ আদি নিচাজাতীয় দ্ৰব্যৰ সৈতে নিজকে বিলীন কৰি দিছে। যাৰ ফলত বহুতো সম্ভাৱনাপূৰ্ণ যুৱক-যুৱতী ধ্বংসৰ গৰাহত পৰিছে। একাংশ যুৱক-যুৱতী ঢাপলি মেলিছে বহিঃৰাজ্যলৈ কৰ্মসংস্থাপন বিচাৰি। একাংশ উচ্চশিক্ষিত যুৱক-যুৱতীয়ে পিয়ন-চকীদাৰৰ চাকৰিৰ বাবে সাক্ষাৎকাৰত বহিব লগা হৈছে। এনেবোৰ কথাই ভয়াৱহ ভৱিষ্যতৰে ইংগিত বহন কৰিছে। গতিকে আমি সকলোৱে কথাবোৰ ভালদৰে বিবেচনা কৰিব লাগিব। নহ’লে আমি সদায়ে অসমৰ উন্নয়নৰ কথা, নিবনুৱা সংস্থাপনৰ কথা আলোচনা কৰি থাকোতেই দিনবোৰ পাৰ হ’ব। কিন্তু সমস্যা সদায় সমস্যা হৈয়ে থাকিব।

লেখকঃ ভূপেন মহন্ত

Sunita Williams: যাত্ৰা আৰম্ভ, পৃথিৱীলৈ উভতিছে সুনীতা উইলিয়ামছ

Sunita Williams: যাত্ৰা আৰম্ভ, পৃথিৱীলৈ উভতিছে সুনীতা উইলিয়ামছ
Sunita Williams: যাত্ৰা আৰম্ভ, পৃথিৱীলৈ উভতিছে সুনীতা উইলিয়ামছ

সুনীতা উইলিয়ামছ-বেৰী উইলম’ৰৰ পৃথিৱীলৈ ওভতনি যাত্ৰা আৰম্ভ। (Sunita Williams)

৯মাহৰ অন্তত পৃথিৱীলৈ উভতিছে সুনীতা উইলিয়ামছ।


SPACE Xৰ CREW DRAGONত ওভতনি যাত্রা সুনীতা আৰু উইলম’ৰৰ।

বুধবাৰে পুৱা পৃথিৱীত ভৰি থ’বহি সুনীতা উইলিয়ামছ আৰু উইলম’ৰে।

ইতিমধ্যে সুনীতা উইলিয়ামছ আৰু আন ৩ সহযোগী প্ৰৱেশ কৰিছে ড্ৰেগন স্পেছ ক্ৰাফ্টত।

ভাৰতীয় সময় অনুসৰি পুৱা ৮.১৫ বজাত বন্ধ হ’ল স্পেছক্ৰাফ্টৰ দুৱাৰ।

বুধবাৰে পুৱতি নিশা ৩.২৭ বজাত পৃথিৱীপৃষ্ঠ স্পৰ্শ কৰিব স্পেছক্ৰাফ্টখনে।

FPO Mela 2025: কৃষি খণ্ডৰ উত্তৰণৰ লক্ষ্যৰে অসমত তিনিদিনীয়া ‘কৃষক উৎপাদক সংস্থা মেলা ২০২৫’-ৰ শুভাৰম্ভ

FPO Mela 2025: কৃষি খণ্ডৰ উত্তৰণৰ লক্ষ্যৰে অসমত তিনিদিনীয়া 'কৃষক উৎপাদক সংস্থা মেলা ২০২৫'-ৰ শুভাৰম্ভ
FPO Mela 2025: কৃষি খণ্ডৰ উত্তৰণৰ লক্ষ্যৰে অসমত তিনিদিনীয়া 'কৃষক উৎপাদক সংস্থা মেলা ২০২৫'-ৰ শুভাৰম্ভ

অসম চৰকাৰৰ কৃষি আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ অৰ্ন্তগত (FPO Mela 2025) ‘অসম ক্ষুদ্ৰ কৃষক কৃষি-বাণিজ্য কনছ’ৰ্টিয়াম’-ৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ ‘ক্ষুদ্ৰ কৃষক কৃষি বাণিজ্য কনছৰ্টিয়াম’ৰ সৌজন্যত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম সাংস্কৃতিক কেন্দ্ৰত কৃষক উৎপাদক সংস্থা মেলা ২০২৫’ অনুষ্ঠিত কৰা হৈছে৷

উল্লেখ্য যে সোমবাৰে পুৱাৰ ভাগত অসমৰ কৃষিমন্ত্ৰী অতুল বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এই মেলাখন উদ্বোধন কৰে।

অসমৰ ৪১ টা কৃষক উৎপাদক সংস্থা আৰু মেঘালয়ৰ ২ টা কৃষক উৎপাদক সংস্থাৰ অংশগ্ৰহণেৰে ১৭, ১৮ আৰু ১৯ মাৰ্চলৈ এই ‘কৃষক উৎপাদক মেলা’ অনুষ্ঠিত হ’ব৷ 

কৃষিমন্ত্ৰী বৰাই সোমবাৰে মেলাত প্ৰদান কৰা ভাষণত উল্লেখ কৰে যে – কৃষক উৎপাদক সংস্থাসমূহৰ কৃষি কৰ্মৰ পৰিচালনা ব্যয়ৰ বাবে ৰাজ্যৰ ৫০০ টা FPO ৰ বাবে ১০ লাখকৈ আগবঢ়োৱাৰ বিষয়ে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত সন্নিৱিষ্ট কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে কৃষিখণ্ডৰ উত্তৰণ আৰু কৃষকসকলৰ সবলীকৰণৰ ক্ষেত্ৰত কৃষক উৎপাদক সংস্থাসমূহে গুৰুত্বপূৰ্ণ ভুমিকা ৰূপায়ণ কৰি কৃষক ৰাইজক নিজৰ উৎপাদিত কৃষিজাত সামগ্ৰীক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত  যি উল্লেখ্যযোগ্য পদক্ষেপৰ বিভাগীয় তত্বাৱধানত গ্ৰহণ কৰিছে সেই সন্দৰ্ভত  বিশেষকৈ আলোকপাত কৰে।

মন্ত্ৰী বৰাই লগতে কয় যে — মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ কৃষকৰ কল্যাণ সাধনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত গুৰুত্ব আৰোপ কৰি আহিছে। লগতে অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তোলাৰ মুখ্যমন্ত্ৰীৰ পৰিকল্পনাক সাৰ্থকতা কৰাৰ ক্ষেত্ৰত নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰি যাবলৈ বিভাগীয় বিষয়া সকললৈ আহ্বান জনায় ৷ কৃষিমন্ত্ৰীগৰাকীয়ে কৃষক উৎপাদক সংস্থাসমূহৰ বিপণীসমূহ পৰিদৰ্শন কৰি  উৎসাহ যোগায়।

মেলাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজ’ৰিয়াই কয় যে ,” এফ পি অ’ সমূহৰ জৰিয়তে কৃষক ৰাইজে মধ্যভোগীৰ ওপৰত নিৰ্ভৰ নকৰাকৈ  নিজৰ উৎপাদিত কৃষিজাত সামগ্ৰী বজাৰত বিক্ৰী কৰিবলৈ তথা উপযুক্ত মূল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷” 

সোমবাৰৰ মেলাত অংশগ্ৰহণকাৰী এফ পি অ’ ৰ সদস্যসকলৰ বাবে দুখন কাৰিকৰী কৰ্মশালা অনুষ্ঠিত হয়। ইয়াৰে “ৰপ্তানি আৰু অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত সজাগতা” বিষয়ত অনুষ্ঠিত কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উদ্যান শস্য সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালক তথা  APEDA ৰ জ্যেষ্ঠ পৰামৰ্শদাতা ত্ৰিৰংগ ভাৰতীয় বৰা উপস্থিত থাকে। আনহাতে, দ্বিতীয়খন কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থকা ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড)-ৰ গুৱাহাটীস্থ সহকাৰী মহাপ্ৰবন্ধক এ. দেউৰী আৰু ব্যৱসায়িক বিকাশ প্ৰবন্ধক শ্যাম জ্যোতি বুঢ়াগোহাঁই-য়ে “ঋণ সম্পৰ্কীয় সজাগতা” বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে।

মেলাৰ প্ৰথম দিনটোৰ কাৰ্যসূচীত কৃষি বিভাগৰ সঞ্চালক তথা অসম ক্ষুদ্ৰ কৃষক কৃষি-বানিজ্য কনছ’ৰ্টিয়ামৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ভাস্কৰ পেগু, কৃৃষি বিভাগৰ সচিব শ্ৰী তেজ প্ৰসাদ ভূষাল, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড)-ৰ গুৱাহাটীস্থ মুখ্য মহাপ্ৰবন্ধক শ্ৰী লোকেন দাস, অসম ক্ষুদ্ৰ কৃষক কৃষি-বাণিজ্য কনছ’ৰ্টিয়ামৰ পৰামৰ্শদাতা হৰি বড়ো তথা বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷