Home Blog Page 3190

দুৰাৰোগ্য ৰোগত আক্ৰান্ত উজনি মাজুলী ভকতিদুৱাৰ গাঁৱৰ মেধাৱী ছাত্ৰী নৱনীতা খাউণ্ড : অসম বাসীৰ সহায় আহ্বান পৰিয়ালৰ

উজনি-মাজুলী, ১৬ ডিচেম্বৰঃ মূৰত যেন সৰগ ভাগি পৰিছে মাজুলীৰ এটি দুখীয়া পৰিয়ালৰ । উজনি মাজুলী ভকতিদুৱাৰ গাঁৱৰ নিবাসী ভৱেন খাউণ্ড আৰু সাবিত্ৰী খাউণ্ডৰ একমাত্ৰ কন্যা , ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী নৱনীতা খাউণ্ডৰ জীৱনলৈ যেন নামি আহিছে কাল অমানিশা। ফুলকুমলীয়া বয়সতে দেহত লৈ ফুৰিব লগা হৈছে এক দুৰাৰোগ্য ৰোগ । যাৰ বাবে পৰিয়ালটোৱে  চকুলোৰে বাট নেদেখা  অৱস্থা হৈ পৰিছে । বৰ্তমান অসম মেডিকেল কলেজত চিকিৎসা অৱ্যাহত থকা ছাত্রী গৰাকীৰ দেহত  ধৰা পৰিছে দুৰাৰোগ্য ব্যাধি এছ.এল.ই ৰোগ । যি ৰোগৰ নাই কোনো স্থায়ী সমাধান , তথাপিও  মেধাবী কিশোৰী গৰাকীৰ মুখত হাঁহি বিৰিঙাই  ৰাখিবলৈ  ইচ্ছা , প্ৰৱল হাবিয়াস পিতৃ মাতৃৰ । হঠাতে অহা এই কালধুমুহা সদৃশ ৰোগে পৰিয়ালটোৰ মাজত এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে ৷ নিজ সন্তানক চকুৰ আগত লৈ চটফতাই থকা দৃশ্য চাই চকুৰ পানীৰে বাট নেদেখা  অৱস্থা হৈছে পিতৃ-মাতৃৰ  ৷  কিশোৰী গৰাকীক চিকিৎসাৰ বাবে এতিয়া  বহু অৰ্থৰ প্ৰয়োজন বুলি দুখীয়া পিতৃ , মাতৃয়ে আমাক জানিবলৈ দিয়ে ৷পৰিয়ালৰ লোকে ৰাইজৰ পৰা কাতৰেৰে  সহায় ভিক্ষা কৰিছে। কোনো সদাশয় ব্যক্তিৰ সহায়ে ছাত্ৰী গৰাকীৰ মুখৰ পৰা হেৰাই যাৱ খোজা হাঁহিটো পুনৰ ঘূৰাই আনিব পাৰিব বুলি অঞ্চলবাসীয়ে মন্তব্য কৰিছে । উল্লেখ্য যে , ৰাজ্যখনৰ কোনো সদাশয় ব্যক্তিয়ে  দুখীয়া জটিল ৰোগত আক্ৰান্ত ছাত্ৰী গৰাকীক সহায় কৰিৱ বিছাৰিলে  এছ.বি.আই শাখাত থকা মাতৃ সাবিত্ৰী খাউণ্ডৰ নামত A/C : 36536593448  IFSC -SBIN0005081 সহায় কৰিব পাৰিব | পৰিয়ালৰ লোকে আমাক জানিবলৈ দিয়াৰ লগতে আৰু অধিক জানিবৰ বাবে পৰিয়ালটোৰ লগত 6002705578 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব  বুলি জনাই ৷

হোজাইত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ পিতৃহীনা নাবালকৰ মৃতদেহ

 হোজাই, ১৬ ডিচেম্বৰ : হোজাইত পিতৃহীনা নাবালকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এগৰাকী পঞ্চমান শ্ৰেণীৰ ছাত্ৰ । ডিঙিত চিপ লৈ নাবালকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজ ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ হয় পঞ্চমান শ্ৰেণীৰ ছাত্ৰজনৰ মৃতদেহটো । হোজাইৰ কৃষ্ণ নগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ভৰি মাটিত লাগি থকা অৱস্থাত উদ্ধাৰ হয় নাবালক জনৰ মৃতদেহটো । এয়া হত্যা নে আত্মহত্যা সমগ্ৰ ঘটনা বৰ্তমানলৈকে ৰহস্যজনক অৱস্থাত আছে। দিনৰ ভাগত সংঘটিত হোৱা ঘটনাৰ সময়ত মাতৃ উপস্থিত নাছিল ঘৰত। নাবালক যুৱকজনৰ পিতৃৰ মৃত্যুৰ পাছত একমাত্ৰ পুত্ৰৰ সৈতে ঘৰত খনত জীৱন নিৰ্বাহ কৰিছিল মাতৃ। স্বামীৰ মৃত্যুৰ এবছৰ নহওতেই পুত্ৰ এই শোকাবহ ঘটনাই ভাগি পৰিছে নাবালক জনৰ মাতৃয়ে। স্থানীয় ৰাইজে নাবালক জনৰ মৃত্যুক এক ৰহস্য থকা বুলি সন্দেহ কৰিছে। বৰ্তমান হোজাই আৰক্ষী মৰণ উত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

জৈৱিক আৰু কেঁচুসাৰ প্ৰয়োগেৰে কৃষিকৰ্মৰে স্বচ্ছল উজনি মাজুলীৰ ৬০ উদ্ধৰ বোদ্ধেশ্বৰ বৰা

 উজনি-মাজুলী, ১৬ ডিচেম্বৰঃ  কৃষিকৰ্মৰে স্বচ্ছল দ্বীপ জিলা মাজুলীৰ ৬০ বছৰীয়া কৃষক বোদ্ধেশ্বৰ বৰা।  দ্বীপ জিলাখনৰ উজনি মাজুলীৰ অভয়পুৰীয়া গাঁৱৰ ৬০ উদ্ধৰ এই লোক জনে  বিগত ২৫ বছৰৰো অধিক কাল ধৰি কৃষিকৰ্মত নিজকে নিয়োজিত কৰি ৰাখিছে।  বিভিন্ন শাক-পাচলি, ধান, সৰিয়হ আদিৰো খেতি কৰা ৬০ উদ্ধৰ লোক জনে মাজুলীৰ নৱ-প্ৰজন্মৰ বাবে এতিয়া আদৰ্শ হৈ পৰিছে।  আমাৰ  প্ৰতিবেদনত নাম উল্লেখ কৰা ৬০ উদ্ধৰ বোদ্ধেশ্বৰ বৰা নামৰ লোকজনে  হায়াৰ ছেকেণ্ডৰী পাছ আৰু আই.টি.আই. প্ৰশিক্ষণ প্ৰাপ্ত ৰেডিঅ’ মেকানিকেল। এজন আই.টি.আই মেকানিকেল হোৱাৰ পিছতো চৰকাৰী চাকৰি লাভ নকৰি  হতাশ নহৈ কৃষিকে মূল হিচাপে লৈ কৃষিকৰ্ম কৰি আজি এজন সফল কৃষক হবলৈ সক্ষম হৈছে।  ৬০ উদ্ধৰ বোদ্ধেশ্বৰ বৰাই  প্ৰায় ২ বিঘা মাটিত আলু খেতি, ৩ কথা  মাটিত নেমু খেতি, ১ বিঘাৰো অধিক মাটিত কল খেতি, বেঙেণা খেতি, ৩ বিঘা মাটিত সৰিয়হ খেতি, ফুল কবি, জিকা খেতি, ১০ বিঘামাটিত ধান খেতি  কৰিছে।  তেওঁ আলু, বেঙেণা, জিকা, ফুলকবি, সৰিয়হ আদি মাজুলী বিভিন্ন বজাৰত বিক্ৰী কৰে। শাক-পাচলিৰ খেতিত তেওঁ কৃত্ৰিম সাৰৰ পৰিৱৰ্তে কেঁচু সাৰ আৰু জৈৱিক সাৰ ব্যৱহাৰ কৰে।   কৃষিকৰ্ম কৰিয়েই স্বচ্ছলভাবে তেওঁ নিজৰ পৰিয়ালো পোহপাল দিৱলৈ সক্ষম হৈছে। তেওঁ কৃষি কাৰ্যৰ লগত জড়িত হোৱাৰ প্ৰসংগত সাংবাদিকৰ আগত  কয় কৃষকসকল স্বতন্ত্ৰ। কাৰো অধীন  নহয়। কৃষকসকলেই এখন সমাজৰ ভেটি ধৰি আছে। কিন্তু আমাৰ উঠি অহা প্ৰজন্মই কৃষিকৰ্মৰ প্ৰতি অনিহা প্ৰকাশ কৰাৰ লগতে ইয়াক মৰ্যদাহীন বুলি ভাবে। এনেদৰে ভবাটো অনুচিত। কৃষকসকলৰ সামাজিক মৰ্যদা বহু ওপৰত।  কৃষি কৰ্ম কৰি পৰিয়ালটোক সু্চাৰু ৰূপে চলাবলৈ সক্ষম হৈছে।

অসম জাতীয় পৰিষদত যোগদান কৰিলে লুৰীণ জ্যোতি গগৈয়ে

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত অসম জাতীয় পৰিষদ (AJP)ত যোগদান কৰিলে আছুৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে । হেজাৰৰোধিক সমৰ্থকক লগত লৈ নেতাগৰাকীয়ে অসম জাতীয় পৰিষদত যোগদান কৰে। শিৱসাগৰ নাট্য মন্দিৰত সন্ধিয়া ৫.৩৫ বজাত আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদৰ সদস্য পদ গ্ৰহণ কৰে লুৰীণ জ্যোতি গগৈয়ে।

আনহাতে পাটাছাৰকুছিৰ বিধায়ক তথা জ্যেষ্ঠ অগপ নেতা পবিন্দ্ৰ ডেকাইও লুৰীণজ্যোতি গগৈৰ লগতে যোগদান কৰিলে অসম জাতীয় পৰিষদত।

২৬ ডিচেম্বৰত অসমলৈ আহিব অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ২৬ ডিচেম্বৰত অসম লৈ আহিব । বিজেপি-ইউ পি পি এল-জিএছপি একত্ৰিত হৈ বডোলেণ্ড টেৰিটৰিকেল কাউন্সিল (বিটিচি) গঠনৰ পিছতে শ্বাহৰ ৰাজ্য ভ্ৰমণ গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁৰ অসম ভ্ৰমণৰ সময়ত কিছুমান চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

শ্বাহে ২০২১ৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰিবলৈ ৰাজ্য বিজেপি নেতৃত্বৰ সৈতে সভা অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। সূত্ৰই জনোৱাৰ মতে, শ্বাহে নিৰ্বাচনৰ বাবে আসন ভাগ বটৰোৱা আৰু নিৰ্বাচনী ৰণনীতিৰ বিষয়ে আলোচনা কৰিবলৈ অসম গণ পৰিষদ(এজিপি)ৰ সৈতে এক অনানুষ্ঠানিক সভাত বহাৰো সম্ভাৱনা আছে ।

অহা ১৭ ডিচেম্বৰত ৰাজহুৱা বন্ধৰ দিন ঘোষণা, ক’ত আৰু কিয় ?

অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। তিৱা স্বায়ত্ব পৰিষদৰ মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ জিলাৰ ৩৬ টা সমষ্টিত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ । মুঠ ১২৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৩,০৮,৪০৯ জন ভোটাৰে ।

তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে পৰিষদৰ অন্তৰ্গত জিলাসমূহত কালিলৈ ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছে। এই অনুসৰি ভোটগ্ৰহণৰ দিনা নিৰ্দিষ্ট অঞ্চলটোৰ সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় নিকায়, শিক্ষানুষ্ঠান, বেংক আদিকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব।

আজি তিৱা স্বায়ত্ব পৰিষদৰ ভোটগ্ৰহন; তিৱা নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ নগাঁও জিলা প্ৰশাসনৰ : ১৯ ডিচেম্বৰত হ’ব ভোটগণনা

নগাঁও, ১৬ ডিচেম্বৰ : তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নগাঁও জিলা প্ৰশাসনে। নগাঁও জিলাৰ অন্তৰ্গত ১০টা পৰিষদীয় সমষ্টিৰ বাবে ইতিমধ্যে নগাঁও চহৰৰ ডচন হাইস্কুলত নিৰ্মান কৰা হৈছে ষ্ট্ৰং ৰুম। ইপিনে,  তিৱা নিৰ্বাচনত যাতে কোনোধৰণৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। ইতিমধ্যে নগাঁও, মৰিগাঁও আৰু কামৰূপৰ পৰা বিটিচিলৈ প্ৰেৰণ কৰা নিৰাপত্তাৰক্ষীক পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে, তিৱা স্বায়ত্বশাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ভিতৰত ১টাত ইতিমধ্যেই বিজেপিয়ে বিনা প্ৰতিদন্দিতাই জয়লাভ কৰিছে। অহা কাইলৈ ৩৫টা সমষ্টিৰ বাবে তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰে নগাঁও জিলাত থকা ১০টা সমষ্টিৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনে ৫টা কৈ ভোটগণনা কেন্দ্ৰ সাঁজু কৰি তুলিছে। প্ৰতিটো ভোটগণনা কেন্দ্ৰত দুটাকৈ সমষ্টিৰ ভোটগণনা কৰা হ’ব । প্ৰতি দুটা সমষ্টিৰ বাবে ১জনকৈ অতিৰিক্ত উপায়ুক্তক ৰিটাৰ্নিং বিষয়া নিয়োগ কৰা হৈছে। এইবাৰ তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত বিৰোধী দল কংগ্ৰেছে প্ৰচাৰৰ বাবে বহুকেইগৰাকী হাইপ্ৰফাইলক নেতাক ব্যৱহাৰ কৰা দেখা গ’ল। সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰা, ৰকিবুল হুছেইনৰ উপৰিও ন কংগ্ৰেছী তথা শিল্পী বাবু আৰু নেকিবক লৈয়ো কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ব্যাপক প্ৰচাৰ অভিযান চলোৱা দেখা গৈছিল। ইয়াৰ বিপৰীতে বিজেপিয়ে সভাপতি ৰঞ্জিত দাস, ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকা, সাংসদ দিলীপ শইকীয়া, বিধায়ক ৰূপক শৰ্মা, ৰমাকান্ত দেউৰী আৰু আঙুৰলতা ডেকাক লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল। শেষৰফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰিগাঁও আৰু ৰহাৰ দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল যদিও এইবেলি তিৱা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ নাহিল বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

বৃহস্পতিবাৰে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন

মধ্য অসমৰ টিৱা অঞ্চল সমূহত কালিলৈ ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন । তিৱা স্বায়ত্ব পৰিষদৰ মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ জিলাৰ ৩৬ টা সমষ্টিত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ ।

মুঠ ১২৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৩,০৮,৪০৯ জন ভোটাৰে ।

তিৱা স্বায়ত্ব শাসিত পৰিষদ হৈছে মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ (মেট্ৰ’) জিলাৰ তিৱা লোকসকলৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, জাতিগত আৰু সাংস্কৃতিক অগ্ৰগতিৰ বাবে গঠন কৰা এক বিধিবদ্ধ কাউন্সিল ।

ইউনাইটেড পিপ’লছ পাৰ্টি লিবাৰেল (ইউ পি পি এল) আৰু গন সুৰক্ষা পাৰ্টি (জিএছপি)ৰ সৈতে বোডোলেণ্ড টেৰিটৰিঅ’ৰিটৰিল কাউন্সিল (বিটিচি) গঠন কৰাৰ পিছত, বিজেপিয়ে TAC নিৰ্বাচন পৰিষ্কাৰ ভাৱে অনুষ্ঠিত কৰাৰ বাবে চেষ্টা কৰিছে। নিৰ্বাচনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বাবান্দ সোনোৱালকে ধৰি কেইবাজনো শীৰ্ষ নেতাই প্ৰচাৰ চলায় ।

একাধিক নিৰ্বাচনী ৰেলীত অংশ গ্ৰহণ কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা । তেওঁৰ নৃত্য আৰু গানেৰে ভোটাৰক আকৰ্ষণ কৰিছিল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিধায়িকাগৰাকীক পাৰম্পৰিক তিৱা পোছাক পিন্ধি থকা দেখা গৈছিল।

তিৱা স্বায়ত্ত শাসিত পৰিষদ নিৰ্বাচনৰ বাবে হোজাই জিলা প্ৰশাসনৰ বন্ধৰ দিন ঘোষণা

হোজাই, ১৬ ডিচেম্বৰ: তিৱা স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচনী জিলাৰ অধীনত থকা ২৭ নং কাকী (মুক্ত) সমষ্টি এলেকাত ভোট গ্ৰহণৰ দিনা অৰ্থাত্ ১৭ ডিচেন্বৰ ২০২০ তাৰিখৰ দিনটো ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। ইয়াৰ বাবে হোজাই জিলা দণ্ডাধীশ  ডাঃ সদনেক সিং আই.এ.এচে এক আদেশ যোগে এন.আই.এক্ট ১৮৮১ ধাৰা ২৫ৰ অধীনত ২৭  নং কাকী তিৱা স্বায়ত্ব শাসিত পৰিষদ সমষ্টি এলেকাত ভোট গ্ৰহণ দিনা বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। এক আদেশ অনুসৰি সমূহ চৰকাৰী, অৰ্ধচৰকাৰী কাৰ্য্যালয়, পঞ্চায়তীৰাজ অনুষ্ঠান, স্থানীয় নগৰ সমিতি, শিক্ষানুষ্ঠান, ব্যৱসায় প্ৰতিস্থান, বেংক, চাহ-বাগিচা আদি সমূহ বন্ধ থাকিব। অৱশ্য এই বন্ধৰ সময়ছোৱাত জৰুৰী সেৱা, পূৰ্ব নিৰ্ধাৰিত বিভিন্ন বিভাগ/সমিতি/ পৰিষদ/ বিশ্ববিদ্যালয় আদিৰ লিখিত পৰীক্ষা/ সাক্ষাত্কাৰ সমূহ অনুষ্ঠিত কৰিব পাৰিব।

আগন্তুক বিধান সভা নিৰ্বাচনত প্ৰবাসী অসমীয়াই পাব ভোটাধিকাৰ

আগন্তুক বিধান সভা নিৰ্বাচনত প্ৰবাসী অসমীয়াই পাব ভোটাধিকাৰ। এই নিৰ্বাচনত কেৱল অসমেই নহয়; পশ্চিম বংগ, কেৰালা, তামিলনাডু তথা পুডুচেৰীৰ নিৰ্বাচনত Postal Ballot ৰ ব্যৱস্থা প্ৰৱাসী ভাৰতীয় সকললৈও সম্প্ৰসাৰণ কৰিব বিচাৰিছে । এই প্ৰস্তাৱৰ প্ৰসংগতে নিৰ্বাচন আয়োগে শেহতীয়াকৈ আইন মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে।

আনহাতে, নিৰ্বাচন আয়োগৰ মূখপাত্ৰই উক্ত বিষয়টো বিবেচনাধীন হৈ থকা বুলিও জানিবলৈ দিয়ে। উল্লেখ্য যে, এই নিয়ম প্ৰযোজ্য কৰিবলৈ “Conduct of Election Rules 1961” ত সংশোধনী আনিব লাগিব। Electronically Transmitted Postal Ballot System শীৰ্ষক এই ব্যৱস্থাত বেলট ইলেকট্ৰনিক মাধ্যমৰে প্ৰেৰণ কৰা হ’ব; কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰবাসী ভাৰতীয়জনে ডাকযোগে বেলট পেপাৰ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিব লাগিব। নিৰ্বাচন আয়োগে এই প্ৰক্ৰিয়া ভাৰতবর্ষৰ ভাৱমূৰ্তিত গৰিমা সনাত সহায়ক হ’ব বুলি ক’ব বিচাৰে।