Home Blog Page 32

Bhupen Borah: নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত ডাঙৰ জোকাৰণিঃ ক’ত যোগদান কৰিব ভূপেন বৰাই ?

ক'ত যোগদান কৰিব ভূপেন বৰাই ?
ক'ত যোগদান কৰিব ভূপেন বৰাই ?

আগন্তুক বিধানসভা (Bhupen Borah) নিৰ্বাচনৰ পূৰ্বে অসম কংগ্ৰেছত এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিৱৰ্তনে দলীয় মহলত চাঞ্চল্য সৃষ্টি কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটি (এ পি চি চি)ৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই দলৰ পৰা পদত্যাগ কৰিছে। তেওঁ নিজৰ পদত্যাগ পত্ৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকার্জুন খাৰ্গেক প্ৰেৰণ কৰিছে বুলি দলীয় সূত্ৰে প্ৰকাশ কৰে।

দলীয় সূত্ৰৰ তথ্য অনুসৰি, আগন্তুক নিৰ্বাচনৰ বাবে আন ৰাজনৈতিক দলসমূহৰ সৈতে মিত্ৰতা গঠনক লৈ ৰাজ্যিক নেতৃত্বৰ সৈতে বৰাৰ মতভেদ হৈছিল। বিশেষকৈ বৰ্তমানৰ এ পি চি চি সভাপতি গৌৰৱ গগৈৰ সৈতে এই বিষয়ত মতানৈক্য তীব্ৰ হৈ পৰিছিল বুলি জনা গৈছে। ইয়াৰ ফলতেই তেওঁ দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি দলৰ ভিতৰুৱা মহলে প্ৰকাশ কৰিছে।


বৰাৰ পদত্যাগৰ খবৰ পোৱাৰ লগে লগে সক্ৰিয় হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। দলৰ জ্যেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰে বৰাৰ বাসগৃহত উপস্থিত হৈ তেওঁক নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনোৱা বুলি সূত্ৰে জানিবলৈ দিয়ে। দলৰ ফালৰ পৰা তেওঁক পুনৰ দলত থাকিবলৈ বুজাবলৈ চেষ্টা অব্যাহত আছে।

ইয়াৰ মাজতে ৰাজনৈতিক মহলত জোৰ জল্পনা চলিছে যে ভূপেন বৰাই অহা ২০ বা ২১ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব পাৰে। তেওঁৰ সৈতে লাখিমপুৰ জিলাৰ কেইবাজনো কংগ্ৰেছ নেতা আৰু কৰ্মীয়ে বিজেপিত যোগদান কৰিব পাৰে বুলিও সূত্ৰে প্ৰকাশ কৰিছে। অৱশ্যে এই সন্দৰ্ভত বৰাৰ ফালৰ পৰা এতিয়ালৈ কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ পোৱা নাই।


উল্লেখযোগ্য যে, ভূপেন কুমাৰ বৰাই ২০২১ চনৰ জুলাই মাহত এ পি চি চি সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি ২০২৫ চনৰ জুন মাহলৈকে এই পদত আছিল। তেওঁ এজন প্ৰাক্তন বিধায়ক হিচাপেও ৰাজনৈতিক ক্ষেত্ৰত পৰিচিত।
নিৰ্বাচনৰ পূৰ্বে দলৰ এজন প্ৰভাৱশালী নেতাৰ এই পদত্যাগে অসম কংগ্ৰেছৰ সংগঠনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।

Bhupen Borah: কাইলৈ ভূপেন বৰাৰ বাসগৃহলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Bhupen Borah: কাইলৈ ভূপেন বৰাৰ বাসগৃহলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Bhupen Borah: কাইলৈ ভূপেন বৰাৰ বাসগৃহলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কাইলৈ ভূপেন বৰাৰ বাসগৃহলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।(Bhupen Borah)

ভূপেন বৰাক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ভূপেন বৰাই কংগ্ৰেছ ত্য়াগ কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে-

‘কংগ্ৰেছত সাধাৰণ ঘৰৰ ল’ৰা আৰু হিন্দু মানুহে নেতৃত্ব ল’ব নোৱাৰে।’

‘হিন্দু ধৰ্মক ভাল পোৱাসকলে কংগ্ৰেছ দলত থাকিব নোৱাৰে।’

‘ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া’।

‘২৯ৰ আগতে প্ৰদ্যুৎ বৰদলৈয়েও কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব’।

‘২৭ত দেৱব্ৰত শইকীয়াই বিজেপিত যোগদান কৰিব’।

‘কাইলৈ গধূলি মই ভূপেন বৰাৰ বাসগৃহলৈ যাম, তেওঁৰ মনৰ খবৰ লম।’

‘ভূপেন বৰা আৰু মই এদিনৰ আগে-পিছে কংগ্ৰেছত যোগদান কৰিছিলোঁ’।

‘বৰ্তমানলৈকে বিজেপি দলৰ সৈতে যোগদান কৰা নাই।’

‘ভূপেন বৰাৰ বাবে বিজেপি দলৰ দুৱাৰ খোলা ৰাখিছোঁ’।

সংবাদমাধ্যমৰ আগত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইএলএফক লৈ গৌৰৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

ইএলএফক লৈ গৌৰৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ
ইএলএফক লৈ গৌৰৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

জৰুৰী অৱতৰণ সুবিধা (ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি বা ইএলএফ)কে ধৰি কৌশলগত পৰিকাঠামো প্ৰকল্প সন্দৰ্ভত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্যক লৈ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ উঠিছে। বিমানবন্দৰত চাহ–চমোচাৰ মূল্যৰ সৈতে এনে গুৰুত্বপূৰ্ণ প্ৰকল্পৰ তুলনা কৰা বিষয়টো সন্দৰ্ভত দেওবাৰে নগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ক সাধাৰণ ভোগ্য সামগ্ৰীৰ মূল্যৰ সৈতে তুলনা কৰাটো বিষয়টোৰ প্ৰকৃত গুৰুত্ব উপলব্ধি নকৰাৰ সমান।


নগাঁৱত অনুষ্ঠিত এখন চৰকাৰী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এখন ৰাজ্যৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দীঘলম্যাদী পৰিকল্পনা আৰু কৌশলগত দৃষ্টিভংগী অতি প্ৰয়োজনীয়। উত্তৰ–পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থানৰ কথা উল্লেখ কৰি তেওঁ কয় যে , এই অঞ্চল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষত অৱস্থিত হোৱাৰ বাবে ইয়াত প্ৰতিৰক্ষা প্ৰস্তুতি অধিক গুৰুত্বপূৰ্ণ। তেওঁ কয়, “যদি কোনো শত্ৰু ৰাষ্ট্ৰই আক্ৰমণ কৰে, তেন্তে আমি কেনেকৈ নিজৰ সুৰক্ষা নিশ্চিত কৰিম, তাৰ বাবে আগতেই উপযুক্ত প্ৰস্তুতি থাকিব লাগিব। এই অঞ্চলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিশেষ পৰিকাঠামো গঢ়ি তোলা অত্যন্ত প্ৰয়োজনীয়।”


সম্প্ৰতি ডিব্ৰুগড় জিলাৰ মৰানত আৰম্ভ কৰা ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটিৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইধৰণৰ ব্যৱস্থা কেৱল সামৰিক ক্ষেত্ৰতেই নহয়, জৰুৰী পৰিস্থিতিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যুদ্ধকালীন অৱস্থা বা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পৰিবহণ বিমানসমূহে সহজে অৱতৰণ কৰি দ্ৰুত ত্ৰাণ আৰু উদ্ধাৰ কাৰ্য চলাব পাৰে। তেওঁৰ মতে, এইধৰণৰ ব্যৱস্থাই দেশৰ প্ৰতিৰক্ষা ক্ষমতা অধিক শক্তিশালী কৰাৰ লগতে সম্ভাৱ্য বিপদৰ সন্মুখীন হ’বলৈ প্ৰস্তুতি নিশ্চিত কৰে।


ইয়াৰ পূৰ্বে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বিমান ভাড়াৰ উচ্চমূল্য আৰু বিমানবন্দৰৰ সেৱাৰ ব্যয় সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ কয় যে ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ বিমান ভাড়া প্ৰায় ১৮ হাজাৰৰ পৰা ২০ হাজাৰ টকা, যি সাধাৰণ লোকৰ বাবে যথেষ্ট ব্যয়বহুল। বিমানবন্দৰত একাপ চাহৰ মূল্য ১৫০ৰ পৰা ২০০ টকা হোৱা বিষয়টো উল্লেখ কৰি তেওঁ সোধে যে এইধৰণৰ প্ৰকল্পৰ প্ৰকৃত সুফল সাধাৰণ লোকে কিমান লাভ কৰিছে।

এই মন্তব্যৰ প্ৰতিক্ৰিয়াত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে যে কৌশলগত প্ৰকল্পৰ গুৰুত্ব তাৎক্ষণিক ব্যক্তিগত সুবিধাৰ ভিত্তিত মূল্যায়ন কৰিব নোৱাৰি। তেওঁৰ মতে, এইধৰণৰ পদক্ষেপ ৰাজ্যৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে সামগ্ৰিক স্থিৰতা নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন।

পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে ১৭ ফেব্ৰুৱাৰীত সদনত দাখিল কৰিব বাজেট লেখানুদান।

বৰ্তমানৰ চৰকাৰৰ এইখনেই অন্তিম অধিৱেশন।

১৯ ফেব্ৰুৱাৰীত অন্ত পৰিব চাৰিদিনীয়া বাজেট অধিৱেশনৰ।

Bhupen Kumar Borah: বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ

কংগ্ৰেছ ত্যাগ APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ
কংগ্ৰেছ ত্যাগ APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ

বিধানসভা নিৰ্বাচনৰ পূৰ্বে দল এৰিলে APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ।(Bhupen Kumar Borah)

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ।

কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ দলত্যাগ পত্ৰ প্ৰেৰণ।

পত্ৰত কেইবাটাও বিস্ফোৰক অভিযোগ ভূপেন বৰাৰ।

অসম কংগ্ৰেছ ৰকিবুল হুছেইনে চলোৱা বুলি অভিযোগ।

স্বাভিমানী অসমীয়া হিচাপে কংগ্ৰেছত থাকিব নোৱাৰো বুলি ক্ষোভ ভূপেন বৰাৰ।

বিজেপিত যোগদানৰ সম্ভাৱনা ভূপেন বৰাৰ।

২০ ফেব্ৰুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

অমিত শ্বাহৰ উপস্থিতিতে বিজেপিত যোগদানৰ সম্ভাৱনা।

কংগ্ৰেছ দল ত্যাগ কৰাৰ পeছতে এক্স হেণ্ডেলৰ পৰা ডিলিট কৰিলে নিজৰ কংগ্ৰেছৰ পদবী।

ইপিনে ২০০৬চনৰ পৰা ২০১৬ চনলৈ বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আছিল ভূপেন বৰা।

লগতে ২০২১ চনৰ ২৪ জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল।

অসম চৰকাৰৰ অধীনত থকা মেডিকেল কলেজখনক লৈ সংসদত কি প্ৰশ্ন কৰিব গৌৰৱ গগৈ: মানৱ ডেকা

অসম চৰকাৰৰ অধীনত থকা মেডিকেল কলেজখনক লৈ সংসদত কি প্ৰশ্ন কৰিব গৌৰৱ গগৈ: মানৱ ডেকা
অসম চৰকাৰৰ অধীনত থকা মেডিকেল কলেজখনক লৈ সংসদত কি প্ৰশ্ন কৰিব গৌৰৱ গগৈ: মানৱ ডেকা

তৰুণ গগৈৰ দিনত লখিমপুৰ মেডিকেল কলেজত এচটাও ইটা নিদিলে, এতিয়া পুত্ৰই পৰিস্থিতি বুজ লবলৈ যোৱাটো হাস্যকৰ । অসম চৰকাৰৰ অধীনত থকা মেডিকেল কলেজখনক লৈ সংসদত কি প্ৰশ্ন কৰিব গৌৰৱ গগৈ: মানৱ ডেকা ।

লখিমপুৰৰ কংগ্ৰেছ যাত্ৰাত হোৱা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ঘটনাক লৈ আজি বিধায়ক আৱাস গৃহত সংবাদমেল সম্বোধন কৰে বিধায়ক মানৱ ডেকাই। সংবাদমেলত মানৱ ডেকাই কয় যে, স্পৰ্শকাতৰ পৰিস্থিতিৰ মাজতে প্ৰায় ১০০জন লোকৰ সমাগম ঘটাই প্ৰতিবাদ কৰাটো এক দায়িত্বজ্ঞানহীন পদক্ষেপ। চিকিৎসালয় কোনো ৰাজনৈতিক ৰণক্ষেত্ৰ নহয়; ইয়াত ৰোগী আৰু তেওঁলোকৰ আত্মীয়সকল উপস্থিত থাকে। এনে পৰিস্থিতিত ৰাজনৈতিক উত্তেজনা সৃষ্টিৰ ফলত চিকিৎসা ব্যৱস্থাত বিঘ্ন ঘটিব পাৰে। তেওঁ বিশেষভাৱে সাংসদ গৌৰৱ গগৈৰ উপস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰে। মানৱ ডেকাৰ অভিযোগ, চিকিৎসা পৰিস্থিতি বুজ লোৱাৰ অজুহাতত দলীয় সমৰ্থকসকলক লগত লৈ উপস্থিত হোৱা ঘটনাই উত্তেজনা বৃদ্ধি কৰে।

তেওঁৰ ভাষ্য মতে, চিকিৎসালয়ত শৃংখলা আৰু শান্তি বজাই ৰখাটো সকলোৰে দায়িত্ব। ৰাজনৈতিক লাভৰ বাবে এনে সংবেদনশীল স্থান ব্যৱহাৰ কৰা উচিত নহয়। লগতে তেওঁ প্ৰশ্ন কৰে যে, মেডিকেল কলেজত ৰাজনৈতিক দলৰ কাম কি? তৰুণ গগৈৰ দিনত লখিমপুৰ মেডিকেল কলেজত এচটাও ইটা নিদিলে, এতিয়া পুত্ৰই পৰিস্থিতি বুজ ল’বলৈ যোৱাটো হাস্যকৰ। ১০০জন মানুহ লৈ ৰেলী কৰিবলৈ কোনোবা যায় নেকি? অসম চৰকাৰৰ অধীনত থকা মেডিকেল কলেজখনক লৈ সংসদত কি প্ৰশ্ন কৰিব গৌৰৱ গগৈয়ে? ইফালে, চিকিৎসালয়ত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰীৰ সন্দৰ্ভত হোৱা মন্তব্যক লৈও তীব্ৰ সমালোচনা কৰে বিধায়ক মানৱ ডেকাই। তেওঁ কয় যে, চিকিৎসা খণ্ডত নিয়োজিত কৰ্মচাৰীসকলৰ সন্মান অক্ষুণ্ণ ৰখাটো অত্যাৱশ্যক, আৰু যিকোনো অপমানসূচক মন্তব্য গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী।

বিশিষ্ট কণ্ঠশিল্পী ৰজনী স্বৰ্গীয়াৰীক নতুন দিল্লীৰ মেজিক এণ্ড আৰ্ট বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰী প্ৰদান

বিশিষ্ট কণ্ঠশিল্পী ৰজনী স্বৰ্গীয়াৰীক নতুন দিল্লীৰ মেজিক এণ্ড আৰ্ট বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰী প্ৰদান
বিশিষ্ট কণ্ঠশিল্পী ৰজনী স্বৰ্গীয়াৰীক নতুন দিল্লীৰ মেজিক এণ্ড আৰ্ট বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰী প্ৰদান

নতুন দিল্লীৰ ফৰিদাবাদস্থিত মেজিক এণ্ড আৰ্ট বিশ্ববিদ্যালয়ে অসমৰ বিশিষ্ট কণ্ঠশিল্পী, সাংস্কৃতিক সংগঠক ৰজনী স্বৰ্গীয়াৰীক ডক্টৰেট ডিগ্ৰীৰ সন্মান প্ৰদান কৰিছ।উল্লেখ্য যে- বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত অনাতাঁৰ,দুৰদৰ্শন তথা বড়ো চলচ্চিত্ৰৰ কণ্ঠশিল্পী তথা বজালী জিলাৰ সৰুপেটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক ৰজনী স্বৰ্গীয়াৰীক ডক্টৰেট ডিগ্ৰীৰ এই সন্মান সমাজৰ কল্যাণমূলক কৰ্মৰাজি,শিক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি এনচিআৰ,দিল্লীৰ ফৰিদাবাদস্থিত দ্য কাষ্টেল অৱ আৰ্ট থিয়েটাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।শিল্পী গৰাকীৰ এই স্বীকৃতিয়ে তেওঁৰ বাসভূমি সৰুপেটা-কহৰাৰ বৃহত্তৰ অঞ্চলৰ লগতে জন্মস্থান বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত লেচেৰা গাৱঁত আনন্দৰ লহৰ তোলে।

উল্লেখ্য যে- বড়ো আৰু অসমীয়া সংগীত শিল্পী তথা সাংস্কৃতিক সংগঠক হিচাপে ৰজনী স্বৰ্গীয়াৰীয়ে সুদীৰ্ঘ দিনৰে পৰা সাংস্কৃতিক ক্ষেত্ৰখনলৈ সেৱা আগবঢ়াই এগৰাকী বিপ্লৱী জাতীয়তাবাদী সংগীত শিল্পী হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে।তেওঁ ১৯৭৯ চনত অনাতাঁৰ আৰু ১৯৮৮ চনত দুৰদৰ্শনৰ স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পীৰূপে স্বীকৃতি লাভ কৰাৰ লগতে ১৯৯০ চনত বড়োলেণ্ড আন্দোলনৰ সময়ত বড়ো বিপ্লৱী জাতীয়তাবাদী গীতৰ জাংখ্ৰিথাই, দাওহাৰু,হাৰিমু আদিকে ধৰি একাধিক অডিঅ’ কেছেটত বড়ো গীত গাইছিল।তদুপৰি ১৯৯১ চনত বিপ্লৱী গীতৰ অডিঅ’ কেছেট “থুংগ্ৰী”ত বড়ো গীত পৰিবেশন কৰিছিল।তেওঁ সেই সময়তে তথা ১৯৯১ চনৰ পৰা ২০০১ চনলৈ সদৌ বড়ো সাংস্কৃতিক সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকৰ দায়িত্ব বহন কৰিছিল।সাহিত্য জগতখনতো খোজ দি স্বৰ্গীয়াৰীয়ে ১৯৯২ চনত “জীউ ছাহাৰা” নামৰ এখন বড়ো ভাষাৰ গ্ৰন্থও প্ৰকাশক কৰে।

উল্লেখ্য যে- ২০০৪ চনত মুক্তি লাভ কৰা “গোৰোবথানি জাৰিমিন” নামৰ বড়ো কথাছৱিৰ সংগীত পৰিচালকৰ দায়িত্ব বহন কৰাৰ লগতে কেবাটাও গীতত কণ্ঠদানো কৰিছিল।তেনেদৰে ২০০৫ চনত মুক্তি দিয়া “গংছে ননিনুং সুবুং” নামৰ অডিঅ’ গীতৰ কেছেটতো বড়ো আৰু অসমীয়া গীত গাইছিল ৰজনী স্বৰ্গীয়াৰীয়ে।একাধিক বড়ো আৰু অসমীয়া গীতৰ স্ৰষ্টা তেওঁ।আনহাতে ২০০২ চনৰ পৰা ২০০৭ চনলৈ সদৌ বড়ো সাংস্কৃতিক সন্থাৰ সভাপতি পদতো অধিষ্ঠিত হৈছিল ৰজনী স্বৰ্গীয়াৰীয়ে।তদুপৰি তেওঁ ২০০৯ চনৰ পৰা ২০১১ চনলৈ বড়ো সাহিত্য সভাৰ সানজোৰাং লক্ষেশ্বৰ ব্ৰহ্ম বঁটা নিৰ্বাচনী সমিতিৰ সভাপতি, ২০০৪ চনত বড়ো জ্ঞানপীঠ বঁটা নিৰ্বাচনী সমিতিৰ সদস্য,২০০৭ চনত বড়ো সাহিত্য অকাডেমি বঁটা নিৰ্বাচিনী সমিতিৰ জুৰি সদস্য, ২০১৯ চনত বড়ো কথাছৱি ছেনছৰ বৰ্ডৰ সদস্য হিচাপেও দায়িত্ব বহন কৰিছিল শিল্পী স্বৰ্গীয়াৰীয়ে।তেওঁ বড়ো সাংস্কৃতিক ক্ষেত্ৰখনলৈ ধাৰাবাহিকভাৱে আগবঢ়োৱা অবদানৰ বাবে ২০১১ চনত বাংবুলা ছৱি প্ৰমাণ পত্ৰ,২০১৭ চনত বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই বিশেষভাৱে সম্বৰ্ধনা জনায়।

লগতে তেওঁ ২০২১ চনত থুংগ্ৰী বি মহিলাৰী বঁটা, ২০২১ চনত অসম চৰকাৰৰ পৰা শিল্পী সম্বৰ্ধনা, ২০২৩ চনত বিটিআৰ চৰকাৰৰ পৰা জৌহৌলাঔ নীলেশ্বৰ ব্ৰহ্ম সাংস্কৃতিক বঁটা, ২০২৩ চনত সদৌ বড়ো সাংস্কৃতিক সন্থাৰ পৰা অ’স্তাদ কামিনী কুমাৰ নাৰ্জাৰী সাংস্কৃতিক বঁটা, ২০২৪ চনত অসম চৰকাৰৰ অধ্যক্ষৰ পৰা মানপত্ৰ আৰু ২০২৫ চনত বিটিআৰ পৰিষদৰ পৰা মানপত্ৰ লাভ কৰিবলৈ সক্ষম হয়।বাক্সাৰ শালবাৰী মহকুমাৰ লেচেৰা গাঁৱত জন্ম গ্ৰহণ কৰা আলাৰাম স্বৰ্গীয়াৰী আৰু থপেশ্বৰী স্বৰ্গীয়াৰীৰ কণিষ্ঠ পুত্ৰ ৰজনী স্বৰ্গীয়াৰী সম্প্ৰতি ভৱানীপুৰৰ নিকটবৰ্তী কহৰা গাঁৱৰ বাসিন্দা। বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰীৰ ভাগিনীয়েক এই গৰাকী শিল্পী ৰজনী স্বৰ্গীয়াৰীয়ে এই সন্মান লাভ কৰাৰ বাবে তেওঁক বিভিন্ন দল-সংগঠন অনুষ্ঠানত-প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰিছে।ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰি আজি সংবাদ মাধ্যমক বৰ্ষীয়াণ কণ্ঠশিল্পী ৰজনী স্বৰ্গীয়াৰীয়ে কয়- “জাতিৰ বাবে,জনতাৰ বাবে,সমন্বয়ৰ বাবে গীত গাই আহিছোঁ আৰু গীত গাই যাম”।

ওৰাঙৰ ১১০বছৰীয়া ব্যবসায়ী, ওৰাং সৎ সংগ কেন্দ্ৰৰ ঋত্বিক যদুনন্দন পালৰ মৃত্যুঃ ওৰাঙৰ সৰ্বাধিক বসীয়ান ধৰ্মপৰায়ন ব্যক্তিৰ মৃত্যুত ওৰাঙ বাসীৰ শোক প্ৰকাশ

ওৰাঙৰ সৰ্বাধিক বসীয়ান ধৰ্মপৰায়ন ব্যক্তিৰ মৃত্যুত ওৰাঙ বাসীৰ শোক প্ৰকাশ
ওৰাঙৰ সৰ্বাধিক বসীয়ান ধৰ্মপৰায়ন ব্যক্তিৰ মৃত্যুত ওৰাঙ বাসীৰ শোক প্ৰকাশ

ওদালগুৰি জিলাৰ ৪৭নং মাজবাট বিধান সভা সমষ্টিৰ অধীনস্থ ওৰাং মৌজাৰ ওৰাঙৰ প্ৰাক্তন ব্যৱসায়ী আৰু ওৰাং সৎ সংগ কেন্দ্ৰৰ মুখ্য প্ৰতিষ্ঠাপক,ধৰ্মপৰায়ন ব্যক্তি,ঋত্বিক যদু নন্দন পালৰ ১১০ বছৰ বয়সত ১৫ফেব্ৰুৱাৰীত ৰাতিপুৱা ৮-৪৫ বজাত মৃত্য হয়। ওৰাঙৰ সৰ্ব-প্ৰথম ব্যবসায়ী যদুনন্দন পালৰ মৃত্যুত ওৰাঙ বাসীৰ লগতে ওৰাং ব্যবসায়ী সন্থা,ওৰাং আঞ্চলিক নাগৰিক উন্নয়ন সমিতি,ওৰাং সাংবাদিক সংস্থা,নৰ্থ-ইষ্ট ছচিঅ ইকো ফাউণ্ডেচন সেৱা,ওদালগুৰি জিলা সচেতন নাগৰিক সমাজ,ওৰাং আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনী,বড়োলেণ্ড সাংবাদিক সংস্থাৰ উপদেষ্টা নব কুমাৰ ডেকা, ওৰাং, ৰৌতা, মাজবাট, কৌপাটী, নাৰায়ণপুৰ সৎ সংগ কেন্দ্ৰ আদিয়ে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক আন্তৰিক সমবেদনা জনাইছে ৷মৃত্যুৰ সময়ত পুত্ৰ ৫ গৰাকী,কন্যা ৫ গৰাকী ,বোৱাৰী ৫ গৰাকী আৰু বহুতো নাতি নাতিনী এৰি থৈ যায় ।তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি ওৰাং ব্যবসায়ী সন্থাই ১৬ ফেব্ৰুৱাৰীত পুৱাৰ পৰা দিনৰ ১১বজালৈ ওৰাঙৰ ব্যবসায় প্ৰতিষ্ঠান সমুহ বন্ধ ঘোষনা কৰিছে। ৷

অসম–নাগালেণ্ড সীমান্তত উত্তেজনা, চিআৰপিএফ জোৱানৰ সৈতে সংঘৰ্ষ

অসম–নাগালেণ্ড সীমান্তত উত্তেজনা, চিআৰপিএফ জোৱানৰ সৈতে সংঘৰ্ষ
অসম–নাগালেণ্ড সীমান্তত উত্তেজনা, চিআৰপিএফ জোৱানৰ সৈতে সংঘৰ্ষ


অসম–নাগালেণ্ড সীমান্তৱৰ্তী গোলাঘাট জিলাৰ ৰালান গাঁৱত শনিবাৰে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ নাগা যুৱকে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)-ৰ জোৱানসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। স্থানীয় সূত্ৰ অনুসৰি, ঘটনাৰ সময়ত কিছুমান লোকক অস্ত্ৰ-শস্ত্ৰসহ চিআৰপিএফ জোৱানসকলৰ সৈতে হতাহতি কৰা দেখা যায়। ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হৈছে, যাৰ ফলত সীমান্ত অঞ্চলত উদ্বেগৰ পৰিৱেশ সৃষ্টি হৈছে।


জানিব পৰা মতে, সীমান্তৱৰ্তী নাগা অধ্যুষিত অঞ্চলত অৱস্থিত এটা ইন্ধন ডিপ’ পুনৰ মুকলি কৰাৰ প্ৰচেষ্টাক কেন্দ্ৰ কৰি এই বিবাদৰ সূচনা হয়। পূৰ্বতে ডিপ’টো বন্ধ কৰি ৰখা হৈছিল। কিন্তু পুনৰ চালু কৰাৰ প্ৰচেষ্টাত স্থানীয় লোকৰ একাংশই আপত্তি জনোৱাৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ উঠে আৰু সংঘৰ্ষৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰশাসন আৰু নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিছে। যাতে পৰৱৰ্তী সময়ত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।


এই ঘটনাত কোনো লোক আহত হৈছে নে গ্ৰেপ্তাৰ কৰা হৈছে নে নাই, সেই বিষয়ে এই প্ৰতিবেদন প্ৰেৰণ কৰা সময়লৈকে চৰকাৰীভাৱে কোনো নিশ্চিত তথ্য প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে, প্ৰশাসনে পৰিস্থিতিৰ ওপৰত নিবিড়ভাৱে নজৰ ৰাখিছে বুলি জানিব পৰা গৈছে।

গহপুৰ–নুমালীগড় সংযোগ প্ৰকল্পই ৬ ঘণ্টাৰ পথ কমাই আনিব ২০ মিনিটলৈ; মাৰ্চত শিলচৰ–শ্বিলং–গুৱাহাটী কৰিডৰৰ আধাৰশিলা স্থাপন

গহপুৰ–নুমালীগড় সংযোগ প্ৰকল্পই ৬ ঘণ্টাৰ পথ কমাই আনিব ২০ মিনিটলৈ
গহপুৰ–নুমালীগড় সংযোগ প্ৰকল্পই ৬ ঘণ্টাৰ পথ কমাই আনিব ২০ মিনিটলৈ

অসমৰ যোগাযোগ ব্যৱস্থাত এক যুগান্তকাৰী পৰিবৰ্তন আনিবলৈ ব্ৰহ্মপুত্ৰ নদীৰ তলত দেশৰ প্ৰথমটো ৰে’ল-সহ পথ সুৰংগ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন প্ৰদান কৰিছে। ১৮,৬৬২.০২ কোটি টকা ব্যয়ৰ উক্ত গহপুৰ–নুমালীগড় ৰে’ল-কাম-ৰোড আণ্ডাৰৱাটাৰ সুৰংগ প্ৰকল্পক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম ৰাজ্যৰ বাবে “এক বৃহৎ সাফল্য আৰু গুৰুত্বপূৰ্ণ অভিযান্ত্ৰিক মাইলৰ খুঁটি” বুলি উল্লেখ কৰিছে। দেওবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে জনায় যে এই প্ৰকল্পটো সঠিক ৰূপায়ণ হ’লে ই হ’ব ভাৰতৰ প্ৰথম ৰে’ল-সহ পথ আণ্ডাৰৱাটাৰ সুৰংগ আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত চতুৰ্থ ৰে’ল-পথ সংযোগ ব্যৱস্থা।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো জাৰ্মানী আৰু ডেনমাৰ্কৰ মাজত নিৰ্মীয়মাণ ফেমাৰ্নবেল্ট সংযোগ প্ৰকল্পৰ পিছত এইটো হ’ব বিশ্বৰ দ্বিতীয় এনে ধৰণৰ প্ৰকল্প। মুখ্যমন্ত্ৰী কয়, মুঠ ৩৩.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰে উত্তৰ পাৰৰ গহপুৰ (এনএইচ-১৫) আৰু দক্ষিণ পাৰৰ নুমালীগড় (এনএইচ-৭১৫)-ক সংযোগ কৰিব। ইয়াৰ ভিতৰত ১৫.৭৯ কিলোমিটাৰ থাকিব নদীৰ তলত সুৰংগ আৰু অৱশিষ্ট ১৭.৯১ কিলোমিটাৰ থাকিব সংযোগ পথ। সুৰংগটো নদীৰ তলদেশৰ পৰা প্ৰায় ৫২ মিটাৰৰ পৰা ৫৭ মিটাৰ গভীৰতাত নিৰ্মাণ কৰা হ’ব। ইয়াত দুটা পৃথক টিউব থাকিব, য’ত প্ৰতিটো টিউবত দুটা লেনৰ পথ থাকিব। প্ৰয়োজন অনুসৰি ইয়াৰে এটা টিউবত ৰে’ল চলাচলৰ ব্যৱস্থাও সংযোজন কৰা হ’ব। সুৰক্ষাৰ বাবে প্ৰতি ৫০০ মিটাৰ অন্তৰে সংযোগ পথ (ক্ৰছ পেচেজ) নিৰ্মাণ কৰা হ’ব।

উল্লেখ্য, বৰ্তমান গহপুৰৰ পৰা নুমালীগড়লৈ যাত্ৰা কৰিবলৈ প্ৰায় ২৪০ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলগীয়া হয় আৰু ইয়াত প্ৰায় ছয় ঘণ্টা সময় লাগে। সুৰংগটো সম্পূৰ্ণ হ’লে এই দূৰত্ব হ্ৰাস পাই মাত্ৰ ৩৪ কিলোমিটাৰলৈ নামি আহিব আৰু যাত্ৰাৰ সময় প্ৰায় ২০ মিনিটলৈ কমি আহিব। ইয়াৰ ফলত উত্তৰ আৰু দক্ষিণ অসমৰ মাজত যোগাযোগ ব্যৱস্থা অধিক দ্ৰুত, সুচল আৰু কাৰ্যকৰী হ’ব। প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছে ১১,৯৮২.৩৬ কোটি টকা আৰু মুঠ মূলধনী ব্যয় ১৮,৬৬২.০২ কোটি টকা। এই ব্যয় সড়ক পৰিবহণ আৰু মহাসড়ক মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৮০:২০ অনুপাতে বহন কৰিব। নিৰ্মাণ ব্যয়ৰ ওপৰত ৰাজ্য চৰকাৰে ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ (SGST)-ৰ ৫০ শতাংশ, অৰ্থাৎ প্ৰায় ৫৩৯ কোটি টকা বহন কৰিব।


প্ৰকল্পটো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এনএইচএআই)-ৰ তত্বাৱধানত কাৰ্যকৰী কৰা হ’ব। পথ অংশ পৰিচালনা কৰিব এনএইচএআই ডিচিএল-এ আৰু ৰে’ল অংশ পৰিচালনা কৰিব ভাৰতীয় ৰে’লৱেই। অহা কেইদিনমানৰ ভিতৰতে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, এই প্ৰকল্প বাস্তৱায়িত হ’লে সীমান্ত অঞ্চলসমূহৰ সৈতে যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী হ’ব, বাণিজ্য আৰু পৰ্যটনৰ বিকাশ ঘটিব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। লগতে নিৰ্মাণকালত বৃহৎ পৰিমাণৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।


ইয়াৰ উপৰিও, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে অহা মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণকালত প্ৰায় ২২,৮৬৪ কোটি টকা ব্যয়ৰ শিলচৰ–শ্বিলং–গুৱাহাটী উচ্চ-গতি কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। এই কৰিডৰটো নিৰ্মাণ সম্পূৰ্ণ হ’লে গুৱাহাটীৰ পৰা শিলচৰলৈ যাত্ৰাৰ সময় প্ৰায় চাৰে চাৰি ঘণ্টাৰ পৰা পাঁচ ঘণ্টাৰ ভিতৰত সীমাবদ্ধ হ’ব। ইয়াৰ ফলত অসম আৰু মেঘালয়ৰ মাজত যোগাযোগ ব্যৱস্থা অধিক উন্নত হ’ব আৰু বাণিজ্য, পৰ্যটন তথা আঞ্চলিক অৰ্থনৈতিক বিকাশত নতুন গতি আহিব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে।