দৈনন্দিন বাৰ্তা ডেস্ক : আমেৰিকাৰ উপৰাষ্ট্ৰপতি পদত ডেমোক্ৰেটিক প্ৰাৰ্থী কমলা হাৰিছে নিজৰ প্ৰেছ সচিব হিচাপে ভাৰতীয় বংশোদ্ভৱ ছাব্ৰিনা সিঙক দায়িত্ব দিছে ৷ উল্লেখ্য যে মাৰ্কিন ইতিহাসত উপৰাষ্ট্ৰপতি পদত এছিয়-আমেৰিকান তথা অশ্বেতাংগ মহিলাই যুঁজ দিয়া নাছিল ৷ কমলাৰ মতে এইবাৰ প্ৰথম কোনো ভাৰতীয় বংশোদ্ভৱ আমেৰিকাৰ উপৰাষ্ট্ৰপতি পদত সচিবৰ কাম কৰিব ৷ উল্লেখ্য যে উপৰাষ্ট্ৰপতি হিচাপে কমলা হাৰিছৰ নাম ঘোষণা কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ডনাল্ড ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বী ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী জো বাইডেনে ৷ এইবাৰ কমলাৰ নিৰ্বাচনী প্ৰচাৰৰ কামত জড়িত থাকিব ছাব্ৰিনা সিং৷ এই নতুন দায়িত্ব পাই স্বাভাৱিকভাৱে উচ্ছাসিত ৩২ বছৰীয়া ছাব্ৰিনা ৷ নৱেম্বৰত হ’ব লগা নিৰ্বাচনত কমলা জিকিব বুলি তেওঁ আত্মবিশ্বাসী ৷ টুইটাৰত ছাব্ৰিনাই লিখিছে, কমলা হাৰিছৰ প্ৰেছ সচিব হিচাপে যোগ দিবলৈ পাই মই অতি উচ্ছাসিত৷ লছ এঞ্জেলছৰ বাসিন্দা ছাব্ৰিনা অৱশ্যে ইয়াৰ আগতে ডেমোক্ৰেটিক পদৰ প্ৰাৰ্থী হিচাপে কাম কৰাৰ অভিজ্ঞতা আছে ৷ নিজা জাৰ্ছী ছেনেটৰ কোৰি বুকাৰ আৰু নিউয়ৰ্কৰ প্ৰাক্তন মেয়ৰ মাইক ব্লুমবাৰ্গ প্ৰেছিডেণ্ট পদৰ দৌৰত থকা সময়ত তেওঁ মুখপাত্ৰ হিচাপে কাম কৰিছিল ছাব্ৰিনাই ৷ তদুপৰি তেওঁ ডেমোক্ৰেটিক নেচনেল কমিটিৰ মুখপাত্ৰ আছিল ৷
১৪ ছেপ্তেম্বৰৰ পৰা সপ্তাহযোৰা গণ আন্দোলন ৰেলৱে মজদুৰ ইউনিয়নৰ
তিনিচুকীয়া : অৱশেষত ১৪ ছেপ্তেম্বৰৰ পৰা সপ্তাহজোৰা ৰে’ল আৰু দেশ ৰক্ষাৰ হেতু সমুখ সমৰত অৱতীৰ্ণ হ’ব অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচন। দিল্লীৰ যন্তৰ মন্তৰৰ পৰাই ৰণ শিঙা বজাই সূচনা কৰিব বৃহত জংগী আন্দোলন। আজি তিনিচুকীয়াত এই কথা প্ৰকাশ কৰিছে nfrmu ৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক তথা প্ৰচাৰ সচিব আৰু তিনিচুকীয়া ডিভিজনৰ সমন্বয়ক পুলক গগৈয়ে। এক বিবৃতিযোগে প্ৰকাশ কৰি কয় যে যোৱা ১৩ আগষ্টত ৰে’ল শ্ৰমিকসকলৰ একমাত্র শক্তিশালী সংগঠন অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ ভাৰ্চুৱেল কাৰ্যনিৰ্বাহক বৈঠক অনুস্থিত হয়। এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ সভাপতি ৰাখাল দাসগুপ্তাৰ সভাপতিত্বত অনুস্থিত ভাৰ্চুৱেল বৈঠকত সাধাৰণ সম্পাদক শিৱগোপাল মিশ্ৰই প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ৰে’ল খণ্ডকে ধৰি লাভজনক উদ্যোগ বিলাক ব্যক্তিগতকৰণ, শ্ৰম আইন সংশোধন, কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰগীয়া ভাত্তা ২০২১ৰ জুনলৈকে কৰ্তন কৰা, ভাৰতীয় ৰে’লত নিবনুৱাৰ মূৰত ৰামটাঙুন শোধাই ৫০ শতাংশ পদ বিলুপ্তিকৰণ কৰা আদি শ্ৰমিক বিৰোধী নীতিসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ সৰব চৰ্চা কৰি উদাত্ত ভাষণ প্ৰদান কৰে। এই গুৰত্বপূৰ্ণ বৈঠকত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদক ক্ৰমে আৰ্শীষ বিশ্বাস, পীয়ূষ চক্ৰৱৰ্তী আৰু কাৰ্যনিৰ্বাহক সদস্য যোগেন্দ্ৰ সিঙকে ধৰি দেশৰ আন আন প্ৰান্তৰ ১৭টা ৰেল সংমণ্ডলৰ নেতা সকলেও অংশ গ্ৰহণ কৰে। বিবৃতিটোত ৰে’ল শ্ৰমিক নেতা পুলক গগৈয়ে ভাৰ্চুৱেল বৈঠকৰ বিতং তথ্য প্ৰকাশ কৰি আৰু কয় যে ক’ভিড-১৯ মহামাৰীৰ সংকটক সুবিধালৈ ৰূপান্তৰ কৰা নামত প্ৰধান মন্ত্রী নৰেন্দ্ৰ নেতৃত্বাধীন বিজেপি চৰকাৰে অতি কূট কৌশলৰে দেশৰ জনধাৰণৰ অজ্ঞাতে জাতীয় উদ্যোগ আৰু সম্পদ কৰ্প’ৰেট গোষ্ঠীৰ হাতত এপদ এপদ কৈ বিক্ৰী কৰিবলৈ লোৱা সকলোবোৰ সৰ্বনশীয়া নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ সু পৰিকল্পিত ৰণনীতি যুগুত কৰিছে। ইয়াৰ বাবে সভাই ৰে’ল বচাও, দেশ বচাও গণ আন্দোলন শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ উত্তৰ পশ্চিম ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক মুকেশ মাথুৰৰ নেতৃত্বত বেণু পি নায়াৰ, এছ কে ত্যাগী, আৰ চি শৰ্মা, অমিত ঘোষ আৰু ঈশ্বৰ লালক লৈ এখন আন্দোলন পৰিচালনা সমিতি গঠন কৰে আৰু ১৪ ছেপ্তেম্বৰ পৰা ১৯ ছেপ্তেম্বৰলৈকে সপ্তাহজোৰা জনজাগৰণ গণ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ সৰ্ব সন্মতি ক্ৰমে ঘোষণা কৰা কথা সদৰি কৰিছে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় নেতা পুলক গগৈয়ে।
মুদৈবড়ীত গণ সুৰক্ষা পাৰ্টিৰ প্ৰচাৰ আৰু অন্তৰঙ্গ আলাপ
টংলা : বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন কেতিয়া ঘোষণা হ’ব সেই অপেক্ষাত এতিয়া বিটিচিৰ পৰিষদীয় নিৰ্বাচনত অবতীর্ণ প্ৰাৰ্থীসকল কাৰণ মহামাৰীৰ ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰা হৈছিল বিটিচিৰ নিৰ্বাচন। নিৰ্বাচনৰ দিন ঘোষণা হওঁক বা নহওঁক সকলো ৰাজনৈতিক দল এতিয়া ব্যস্ত ভোটাৰৰ দৃষ্টি আকর্ষণত। বিজেপি, বিপিএফ, ইউ পি পি এল, গণ সুৰক্ষা পাৰ্টি সকলোৱে নামিছে জনতাৰ পদুলিত উদ্দেশ্য এটাই এইবাৰৰ নিৰ্বাচনত আমাক জয়ী কৰাওঁক। সোমবাৰে ওদালগুৰি জিলাৰ মুদৈবড়ী পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী নৰেন্দ্ৰ চন্দ্র ডেকাৰ সৈতে গণ সুৰক্ষাৰ বিষববীয়াসকলৰ লগতে প্ৰচাৰ অভিযানত দেখা গল গণ সুৰক্ষা পাৰ্টিৰ উপদেষ্টা ব্ৰজেন মহন্ত আৰু বিশিষ্ট সমাজকৰ্মী, উদ্যোগী, নাৰী নেত্রী হেমপ্ৰভা দেৱীক। মুদৈবড়ীৰ অন্তৰঙ্গ আলাপ অনুষ্ঠানৰ সামৰণিত সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত গণ সুৰক্ষা পাৰ্টিৰ উপদেষ্টা ব্ৰজেন মহন্তয় কয় যে, আমি এইবাৰ মুদৈবড়ীত একালৰ নেতা, শিক্ষক সমাজকৰ্মী নৰেন্দ্ৰ চন্দ্র ডেকাক প্ৰাৰ্থীত্ব দিছো। আৰু বিটিচি অঞ্চলত এই ১৫ বছৰে যি দুৰ্নীতি কৰিলে এই দুৰ্নীতিৰ বাবে বি পি এফ প্ৰতি ৰাইজৰ মোহভঙ্গ হৈছে। পাহাৰ সম দুৰ্নীতি আজি হাগ্ৰামা মহিলাৰীয়ে কৰিছে। যিটো কাৰণে আজি এটাৰ পিছত এটা দুৰ্নীতি উন্মোচিত হৈছে। চৰকাৰী চাকৰিৰ পৰা এনৰেগা আচঁনিৰ কামলৈকে সকলোতে ৰাইজৰ টকা আত্মসাৎ কৰিছে আৰু সেই হিছাপ লোৱাৰ সময় আজি সমাগত হৈছে। দুৰ্নীতিৰ শিৰোমনি হৈছে হাগ্ৰামা মহিলাৰী সেয়ে বিটিচিৰ ৰাইজে হাগ্ৰামা মহিলাৰীক ত্যাগ কৰিছে আৰু তাকে দেখি ইউ পি পি এল দল উৎসাহিত হৈছে কিন্তু তেওঁলোকে শাসনত আহিব নোৱাৰে। কাৰণ প্ৰমোদ বড়ো ডাঙৰিয়াক অসমবাসী ৰাইজৰ লগতে বিশেষকৈ বি টি এ ডিৰ ৰাইজে এটা কথা জানে যে ডিভাইড আছাম ৫০/৫০ ৰে বিক্ষাত হোৱা প্ৰমোদ বড়ো কোঁচ ৰাজবংশী, আদিবাসী সকলৰ জনজাতিকৰণত আটাইতকৈ ডাঙৰ হেঙাৰ হিছাপে বাধা দিছিল সেয়া ৰাইজে জানিছে।
অৱসৰৰ পাচত টিম ইণ্ডিয়াত যাত্ৰাৰ কথা স্মৰণ সুৰেশ ৰাইনাৰ
দৈনন্দিন বাৰ্তা ডেস্ক : হঠাতে আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিয়াৰ এদিনৰ পাচত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাই তেওঁৰ ক্ৰিকেট যাত্ৰাৰ এটা হৃদয়গ্ৰাহী ভিডিঅ’ শ্বেয়াৰ কৰিছে আৰু ৰাষ্ট্ৰীয় দলৰ সৈতে তেওঁৰ কেৰিয়াৰৰ সময়ত তেওঁক সহায় কৰা সকলো লোকক ধন্যবাদ জনাইছে৷ উল্লেখ্য যে ভাৰতৰ সৰ্বাধিক সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণাৰ কেইটামান মিনিটৰ পাচতে তেওঁৰ পচন্দৰ বেটছমেন সুৰেশ ৰাইনাই শনিবাৰে আন্তৰ্জাতিক কেৰিয়াৰৰ পৰা অৱসৰ ঘোষণা কৰিছিল৷ দেওবাৰে ৰাইনাই আকৌ তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত হাত দিয়ে আৰু ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ সৈতে তেওঁৰ যাত্ৰাৰ এক আৱেগিক ভিডিঅ’ শ্বেয়াৰ কৰে৷ তেওঁ আন্তৰ্জাতিক চিত্ৰৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত ৰাখি কয় যে তেওঁ কেতিয়াও ন্যায় এৰি কোনো কথাত স্থিৰ নহয়৷ বহু ভাৱ অনুভূতিৰ মিশ্ৰণত মই অৱসৰ ঘোষণা কৰিছিলো৷ সৰুৰে পৰা, মই যেতিয়া সৰু ল’ৰা আছিলো ভাৰতীয় দলত ঠাই পোৱাৰ আগতে আমাৰ সৰু চহৰৰ প্ৰতিটো ৰাস্তা, গলি আদিত আক্ষৰিক অৰ্থত ক্ৰিকেট আছিল৷ ৰাইনাই ভিডিঅ’টোৰ লগতে লিখিছে, মই যিমান জানো কেৱল ক্ৰিকেট, মই যি কৰিছো সেয়া ক্ৰিকেট আৰু মোৰ শিৰাত আছে ক্ৰিকেট৷ তেওঁৰ ক্ৰিকেট যাত্ৰাক ‘অবিশ্বাস্য’ হিচাপে বৰ্ণনা কৰি ৰাইনাই তেওঁৰ পৰিয়াল, প্ৰশিক্ষক আৰু তেওঁৰ টিম ইণ্ডিয়াৰ সতীৰ্থসকলক সকলো উত্থান-পতনত তেওঁক সমৰ্থন কৰাৰ বাবে ধন্যবাদ জনায় ৷ ৰাইনাই লগতে কয় যে ৰাহুল দ্ৰাবিড়, অনিল কুম্বলে, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলি আৰু এম এছ ধোনীৰ অধিনায়কত্বৰ অধীনত খেলাটো তেওঁৰ বাবে সৌভাগ্যৰ বিষয়৷ উল্লেখ্য যে ধোনী আৰু ৰাইনা চেন্নাই ছুপাৰ কিংছৰ হৈ এইবাৰৰ আইপিএলত অংশগ্ৰহণ কৰিব ৷
জুবিন দাৰ চিধা কথা
✍ পৱন কুমাৰ বৰা
অসমৰ আকাশে বতাহে ওপঙি থকা এটা কণ্ঠ জুবিন গাৰ্গ। জুবিন দা হৈছে এখনি খোলা কিতাপ। আমাৰ সংস্কৃতি, পৰম্পৰা আনকি সংকট কালটো অসমীয়াৰ সাহস জুবিন দা। ১৯৯২ চনত ‘অনামিকা’ নামৰ মুক্তি লাভ কৰা প্ৰথম এলবামৰ জনপ্ৰিয়তাই জুবিন দা পেছাদাৰী সংগীত জগতখনত ব্যস্ত হৈ পৰে। বৰ্তমান প্ৰসিদ্ধ কণ্ঠ শিল্পী চিত্ৰ নিৰ্মাতা জুবিন দাই কৰা নাই কি? কণ্ঠদান কৰা নাই কোন ভাষাত? সৰ্ব ভাষা সৰ্ব শিল্পৰ অধিকাৰী জুবিন দা বুলি কলে নিশ্চয় ভুল কোৱা নহ’ব। জুবিন দাই ২০০৫ চনত ‘শুধু তুমি’ৰ চিনেমাৰ বাবে শ্ৰেষ্ঠ সংগীত বঁটা। ২০০৭ চনত `য়া আলি’ৰ গীতৰ বাবে গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰ ডাষ্ট এৱাৰ্ড। Echoes of silence ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে ইয়াৰ ওপৰিও তেওঁ বহু বটাঁ পুৰস্কাৰ লাভ কৰিছে আৰু ভৱিষ্যতেও লাভ কৰিব। আচলতে বটাঁ বাহনৰ উদ্ধত জুবিন দা। যিজনে ন ন কণ্ঠ শিল্পী আৰু ন ন প্ৰতিভাৰ সৃষ্টি কৰে সংস্কৃতি গঢ়িব পাৰে তেওঁ বটাঁ পুৰষ্কাৰেৰে তুলনা নহয়। মোৰ এটা ভাল লগা কথা জুবিন দাৰ চিধা কথা। অন কেমেৰাৰ আগত চিধা কথা কয় জুবিন দাই। কা আন্দোলনৰ সময়ত তেওঁ গোৱা শুনিছিলো। ‘মন্ত্ৰীসকল পাপৰ হে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ।’ এতিয়াও জুবিন দাই কিন্তু মন্ত্ৰীসকল ৰসগোল্লা বুলি কোৱা নাই। সময়ৰ আহ্বানত জুবিন দাই কৰ্মও সলনি কৰে। তেওঁ এই সময়ত কথাছবিত কৈ কৃষি আদি কৰি স্বাৱলম্বীতাৰ আন্দোলন বিচাৰিছে। যিটো একান্ত সত্য কথা। আমি ৰজাঘৰলৈ যাবই লাগিব। চৰকাৰৰ পৰা বিচৰাতো আমাৰ অধিকাৰ। কিন্তু জুবিন দা আপুনি ৰাজনৈতিক বিতৰ্কত নোসোমাব। জুবিন দা আপুনি এনে এজন অদ্বিতীয় শিল্পী হৈ থকা আমি বিচাৰো যি নিজেই এক অনুষ্ঠান, যাৰ চিধা কথাত হয় বিপ্লৱ, যি অসমীয়াৰ আত্মা। জুবিন দা, আপোনাৰ সফল চিন্তাই অসমৰ যুৱ শক্তিক প্ৰগতিৰ পথ দিয়ক।
টিংখাঙত চৰকাৰৰ আঁচনিলৈ বাট নাচায় ৰাইজে মেৰামতি কৰিলে পথ
টিংখাং : দেশৰ স্বাধীনতা লাভৰ ৭৩ বছৰৰ পাছতো সামগ্ৰিকভাৱে অনগ্ৰসৰ হৈ থকা ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিত চৰকাৰৰ উন্নয়নমূলক আঁচনিলৈ বাট নাচাই ৰাইজে হাতে কামে লাগি বাট পথ মেৰামতি কৰি আছে। দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে সমষ্টিটোৰ কুঁৱৰীগাঁও পঞ্চায়তৰ দুই নং গাঁৱৰ ৰাইজে টিংখাং-নামৰূপ পথ আৰু ঐতিহাসিক মাহমৰা পথটোৰ সংলগ্ল একাংশত মেৰামতি কৰি যাতায়তৰ সূচল কৰি তোলে। গাঁওখনৰ শতাধিক পুৰুষ মহিলাই পথটোৰ শোচনীয় অংশ বিলাকত শিল দি মেৰামতি কৰে। স্থানীয় ৰাইজৰ দান বৰঙণিৰে পথটোৰ বাবে বহুকেই গাড়ী শিল ক্ৰয় কৰি মেৰামতি কৰা হৈছে বুলি জানিবলৈ দিছে। পথ মেৰামতিৰ কাৰ্যত গাঁওখনৰ যুৱক সংঘ আৰু মহিলা সমিতিয়ে সহযোগিতা আগবঢ়ায়। সংবাদ মাধ্যমক স্থানীয় লোকে জানিবলৈ দিয়া মতে শোচনীয় পথছোৱা প্ৰায় প্ৰতি সপ্তাহে ৰাইজে মেৰামতি কৰি আহিছে। দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত প্ৰায় ৪.৫ কিলো মিটাৰ দৈৰ্ঘৰ সমগ্ৰ পথছোৱাত অতি শোচনীয় হৈ পৰাৰ বাবে কেবাখনো গাঁৱৰ ৰাইজে দুৰ্ভোগ ভূগি আহিছে। টিংখাং আৰু নাহৰকটীয়া বিধান সভা সমষ্টিৰ সীমান্তৱৰ্তী এলেকাৰ অত্যন্ত গুৰুত্বপূৰ্ণ পথটোৱে দুই নং গড়গুৰি গাঁওখনৰ লগতে ৰাজগড় ৰাঙলী, দুই নং ধাদুমীয়া, উমাতাৰা চাহ বাগিচা, খেৰ বৰটানি, এক নং বৰটানি, শিলগ্ৰাণ্ট আদি বৃহৎ অঞ্চলটোৰ কেবাখনো গাঁৱৰ ৰাইজে যাতায়ত কৰি আহিছে। বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজে নাহৰণি চিকিৎসালয় বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে শোচনীয় পথটোৰে আহ-যাহ কৰিব লগা হয়। বিশেষকৈ বাৰিষা সময়ছোৱাত পথটোৰ বাবে যমৰ যান্ত্ৰণা ভূগিব লগা হয়। জানিব পৰা মতে শোচনীয় হৈ পৰা পথটো এক দশকৰ পূৰ্বে টিংখাং উন্নয়ন খণ্ডই মেৰামতি কৰিছিল। এইপথটো অতিশীঘ্ৰে নিৰ্মাণ কৰিবলৈ ৰাইজে চৰকাৰক অনুৰোধ জনাইছে।
সোণতলীত চপৰা চপৰে খহিছে লুইতৰ গৰা, নিৰ্বিকাৰ চৰকাৰ- জনপ্ৰতিনিধি
সোণতলী : সোণতলীত বৰলুইতে খহনীয়াই কালৰূপ ধাৰণ কৰিছে৷ চপৰা চপৰে খহিছে নৈৰ গৰা৷ গৃহহীন হৈছে শ শ পৰিয়াল৷ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ সোণতলীৰ পানীখাইটিত কেবাবছৰ ধৰি বৰলুইতৰ খহনীয়াই কালৰূপ ধাৰণ কৰাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াৰ ফলত জাহ গৈছে বিশখনৰো অধিক ৰাজহ গাঁও৷ জাহ গৈছে বহুকেইখন অনুষ্ঠান-প্ৰতিষ্ঠান৷ পানীখাইটী অঞ্চলত ছয় কোটি টকীয়া স্বাস্থ্য কেন্দ্ৰ এখন স্থাপন হৈছিল যদিও চিকিৎসকে ভৰি দিয়াৰ আগতে লুইতৰ বুকুত জাহ গৈছে স্বাস্থ্য কেন্দ্ৰখন৷ কেৱল সেয়াই নহয়, হাজাৰ হাজাৰ বিঘা কৃষিভূমি জাহ গৈছে নদীৰ বুকুত৷ ভুক্তভোগী কৃষিজীৱি ৰাইজৰ এতিয়া হাজিৰা কৰাৰ বাহিৰে কোনো উপায় নাই৷ উল্লেখনীয় যে বৃহত্তৰ সোণতলীৰ পানীখাইতী, বৰদিয়া নয়াপাৰা, জতিয়া দিয়া, কুচিয়াৰদিয়া, লটুৰাদিয়া এন চি কে ধৰি বিশখন গাঁও সম্পূৰ্ণৰূপে নাইকীয়া হৈছে লুইতৰ খহনীয়াত৷ গাঁওখনত থকা কেবাখনো এলপি স্কুল, মোক্তৱ, দুখন সাপ্তাহিক বজাৰ খহনীয়াৰ কৱলত পৰি নিচিহ্ন হৈ পৰিছে৷ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কাম কৰিছে যদিও পানীখাইটীত মাত্ৰ ৯০০ মিটাৰ মান খহনীয়া প্ৰতিৰোধৰ কাম কৰি দায়িত্ব সামৰিলে চৰকাৰে৷ কথাত আছে নহয়, এপাচি শাকত এটা জালুক৷ কথাটো তেনেকুৱাই৷ চাৰি কিলোমিটাৰ খহনীয়াৰ কৱলত পৰা ঠাইত কাম কৰিছে মাত্ৰ ন শ মিটাৰ৷ এতিয়া ৰাইজৰ প্ৰশ্ন কেনেকৈ বন্ধ হ’ব খহনীয়া? ইপিনে বকো সমষ্টিৰ বিধায়িকাৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ৷ খৱৰ ল’বলৈ সময় নাই বিধায়িকা নন্দিতা দাসৰ৷ কেৱল সেয়াই নহয় গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই বৰ্তমানলৈ খহনীয়াগ্ৰস্থৰ খবৰ ল’বলৈ সময় নোপোৱাৰ অভিযোগ তুলিছে৷ আনহাতে মাহতলী গাঁও পঞ্চায়তৰ পৰা কিছুদিন পূৰ্বে ২০ লাখ টকাৰ পাৰ্কুপাইনৰ কাম কৰিছে যদিও সেইখিনিতো পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ পঞ্চায়ত প্ৰতিনিধিয়ে কৰা দুৰ্নীতিৰ উচ্চস্তৰৰ তদন্তৰ দাবী জনাইছে খহনীয়াগ্ৰস্থ ৰাইজে৷ ইপিনে চৰকাৰলৈ ৰাইজৰ অনুৰোধ আমাক সুৰক্ষা দিয়ক৷ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিয়ক৷ বৃহত্বৰ সোণতলী ঠাইখন অসমৰ মানচিত্ৰত মজুত থাকিবলৈ সুবিধা দিয়ক৷ অন্যথা অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হ’ব বৃহত্বৰ সোণতলী অঞ্চল৷
নগাঁৱৰ জুৰীয়াত অবৈধ কাঠফলা মিল জব্দ
নগাঁও : নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে কালি জিলাখনৰ জুৰীয়া অঞ্চলৰ কেইবাটাও ঠাইত অভিযান চলাই দুটাকৈ চোৰাং কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷ দীৰ্ঘদিন দিন ধৰি জুৰীয়া অঞ্চলৰ ৰছিদুল হ’ক আৰু ফাইজুল হ’ক নামৰ দুজন চোৰাং কাঠৰ ব্যৱসায়ীয়ে অবৈধভাৱে কাঠফলা মিল দুটা চলাই আহিছিল বুলি বন বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ কালি বিয়লি ভাগত চলা এই অভিযানত নগাঁও বন সংমণ্ডলৰ সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰ, বন পালক ৰঞ্জন বৰা, নৃপেন বৰা, গোলাপী দেৱী, বন কৰ্মী গুপ্ত বৰা, গৌতম বৰা, মুক্তাৰ হুছেইন আদি উপস্থিত থাকে৷
২০২০ বৰ্ষৰ কেইবাটাও ভবিষ্যৎবাণী কৰি জনপ্রিয়তা লাভ জ্যোতিষী তীৰ্থ ৰঞ্জন গোস্বামীৰ
টংলা : ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ বেংবাৰী গাঁৱৰ নিবাসী মুকুন্দ দেৱ গোস্বামীৰ সুযোগ্য সন্তান তীৰ্থ ৰঞ্জন গোস্বামীয়ে প্ৰায় ৩০ বছৰ ধৰি অব্যাহত ৰাখিছে দৈৱ বিদ্যা জ্যোতিষশাস্ত্রৰ চৰ্চাৰ লগতে বহুতো গবেষণা। সময়ৰৰ সোঁতত দৈৱ বিদ্যা জ্যোতিষশাস্ত্রৰ চৰ্চাৰ বাবে বিভিন্ন বৈদ্যুতিক মাধ্যমেও ইয়াৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে তাৰ ব্যতিক্রম নহয় তীৰ্থ ৰঞ্জন গোস্বামীও। সময়ৰ সৈতে খোঁজ মিলাই কম্পিউটাৰ আৰু বিভিন্ন চফটৱেৰৰ প্ৰয়োগেৰে দুই তিনি ঘণ্টাৰ গণনা পলকতে উলিয়াই দিয়াৰ ব্যৱস্থা কৰিছে গোস্বামীয়ে। বৰ্তমান গোস্বামী চিনাকোনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এজন সংস্কৃত শিক্ষক যদিও পৈতৃক বিদ্যা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ নিৰৱছিন্নভাৱে লৈ যোৱাৰ প্ৰচেষ্টাৰে সমান্তৰালভাৱে কৰি গৈছে জ্যোতিষ চৰ্চা। বৰ্তমান ওদালগুৰি জিলাৰ পশ্চিম প্ৰান্তৰ খৈৰাবাৰীত ৰত্নগিৰী জ্যোতিষ আধ্যাত্ম কেন্দ্র নামেৰে এক জ্যোতিষ চৰ্চা কেন্দ্রৰ জড়িয়তে ৰাইজৰ বিভিন্ন সমস্যাৰ সমাধান কৰি গৈছে। শেহতীয়াভাৱে চলিত বৰ্ষৰ বৃহৎ সূৰ্য গ্ৰহণ বলয় গ্ৰাস সূৰ্য গ্ৰহণত সামাজিক মাধ্যমযোগে ৰাইজৰ ৰাশিফল প্ৰদান কৰাৰ সময়ত দেশৰ লগতে বিভিন্ন সমস্যাৰ গণনা কৰি উলিয়াই দিয়াৰ পাছত সেই ভবিষ্যৎবাণী সফল হোৱাত ৰাইজৰ সমাদৰ লাভ কৰিছে তীৰ্থ ৰঞ্জন গোস্বামীয়ে। যোৱা ১৬ আগষ্টত গোস্বামীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে বেদৰ পৰা সৃষ্টি জ্যোতিষ বিদ্যাৰ অনাদি অনন্ত কালৰ একমাত্র বিদ্যা আৰু আমি ইয়াক উচিত মৰ্যাদা দিব লাগে।
দেশৰ অগ্ৰগতিৰ বাবে উদ্ভাৱন গুৰুত্বপূৰ্ণ : প্ৰধানমন্ত্ৰী
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতক স্বাৱলম্বী, আধুনিক আৰু সমৃদ্ধ কৰাত শিক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু এই লক্ষ্য লৈ চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰচলন কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বাধীনতা দিৱসত ৰাষ্ট্ৰৰ উদ্দেশ্য দিয়া ভাষণত এই কথা উল্লেখ কৰে৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত প্ৰস্তাৱিত নেচনেল ৰিচাৰ্চ ফাউণ্ডেচনৰ বিষয়ে মোডীয়ে কয়, এটা উদ্ভাৱন আৰু সহায়ৰ অগ্ৰগতি অনুঘটক কৰাৰ দৰে এয়া এটা উদাহৰণ৷ নতুন শিক্ষানীতি নেচনেল ৰিচাৰ্চ ফাউণ্ডেচনৰ ওপৰত বিশেষ জোৰ দিব৷ কাৰণ দেশৰ অগ্ৰগতিৰ বাবে উদ্ভাৱন গুৰুত্বপূৰ্ণ৷ যিবোৰ নতুনত্ব আৰু গৱেষণা তীব্ৰ কৰা হ’ব কেৱল সেইবোৰেই আমাৰ দেশ প্ৰতিযোগিতামূলক হৈ থাকিব আৰু আগুৱাই যাব৷ শনিবাৰে স্বাধীনতা দিৱসৰ ভাষণত তেওঁ এইদৰে কয়৷ তেওঁ লগতে কয়, নতুন শিক্ষানীতিত তৰুণক মূলোদ্ধাৰ কৰি ৰাখিব৷ ইয়াৰ সহায়ত তেওঁলোকক বিশ্ব নাগৰিক কৰি তুলিব৷ প্ৰধানমন্ত্ৰীয়ে অনলাইন ক্লাছৰ জৰিয়তে শিক্ষাৰ বাবে৷মহামাৰীৰ দ্বাৰা প্ৰদত্ত সুযোগত জোৰ দিয়া হৈছিল৷ কোনেও ভবা নাছিল যে অনলাইন ক্লাছবোৰ ইমান বেগত গাঁও পাবনে? ক’ভিডৰ সময়ত অনলাইন ক্লাছ সংস্কৃতিত পৰিণত হৈছে বুলি তেওঁ কয়৷











