Home Blog Page 3214

স্বাধীনতা দিৱস উপলক্ষে মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটী : দেশবাসীয়ে ৭৪ সংখ্যক স্বাধীনতা দিৱস শনিবাৰে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে ৷ মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে স্বাধীনতা দিবসৰ লগত সংগতি ৰাখি এক বিনামূলীয়া স্বাস্থ্য পৰিক্ষা শিবিৰ অনুষ্ঠিত কৰে ৷ সমিতিৰ সাধৰন সম্পাদক ৰাজীব দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি শনিবাৰে মহানগৰীৰ পল্টনবজাৰত মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে বিনামূলীয়াকৈ সংবাদ কৰ্মীৰ লগতে উপস্থিত থকা সাধাৰণ নাগৰিকৰ ব্লাড চুগাৰ, পেছাৰ, পৰীক্ষা কৰা হয় ৷ ডা° অমিত ভি সিং আৰু সত্যজিত দাসে উপস্থিত থাকি চিকিৎসা প্ৰদানত সহযোগ কৰে ৷ উল্লেখ্য যে স্বাস্থ্য পৰীক্ষাৰ অন্তত সমিতিৰ তৰফৰ পৰা বিনামূলীয়াকৈ মাল্টিভিটামিন টেবলেট, মাস্ক আৰু ছেনিজাৰ বিতৰন কৰা হয় ৷ সমিতিৰ সভাপতি তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰনীয়াই অনুষ্ঠানত উপস্থিত থাকি কয় ক’ৰোনা মহামাৰিৰ বাবেই ব্লাড চুগাৰ, বি পি টেষ্ট কৰিব বাবেই সাধাৰণ নাগৰিক যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ ইয়াৰ বাবে আজি কিছু পৰিমানে হলেও সাধাৰণ নাগৰিকক বিনামূলীয়াকৈ টেষ্ট কৰা হৈছে ৷ লগতে মাল্টিভিটামিন এই সময়চোৱাত অতিকৈ প্ৰয়োজন সেয়ে সমিতিৰ তৰফৰ পৰা কিছু পৰিমানে বিনামূলীয়া দিয়ে ৷ ইপানে মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে এনেকুৱা পদক্ষেপ লোৱাৰ বাবে অঞ্চলবাসী ৰাইজে ধন্যবাদ জ্ঞাপন কৰে ৷

মাজুলীৰ বিদ্যালয়, মহাবিদ্যালয় সমূহত ৭৪ সংখ্যক স্বাধীনতা দিৱস পালন

উজনি-মাজুলীঃ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে দ্বীপজিলা মাজুলীৰো বিদ্যালয়-মহাবিদ্যালয় সমূহত শণিবাৰে ৭৪ সংখ্যক স্বাধীনতা দিৱসটি পালন কৰা হয়। এই উপলক্ষে দ্বীপজিলাখনৰ শিক্ষাৰ অগ্ৰণী বাটকটীয়া অনুষ্ঠান মাজুলী মহাবিদ্যালয়ত শণিবাৰে পুৱা ৬ -৩০ বজাত পৰিৱেশ নিকাকৰণ, পুৱা ৭-১৫ বজাত বৃক্ষ ৰোপণ, পুৱা ৭ – ৩০ বজাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু অভিবাদন গ্ৰহণ কৰা হয়, পুৱা ৭ -৪৫ বজাত স্বাধীনতা দিৱস কাৰ্যসূচীত অংশ গ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত লঘু আহাৰ বিতৰণ কৰে, সন্ধিয়া ৪ -৩০ বজাত ৰাষ্ট্ৰীয় পতাকা অৱনমন কৰা হয় আৰু সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কৰে । মহাবিদ্যালয় খনিত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই । সম্পূৰ্ণভাৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি , মুখত মাস্ক পৰিধান কৰি মহাবিদ্যালয়ৰ শিক্ষা গুৰুৰ সকলৰ লগতে কম সংখ্যক ছাত্ৰ -ছাত্ৰী ৭৪ সংখ্যক এই স্বাধীনতা দিৱস কাৰ্যসূচীত অংশ গ্ৰহন কৰে। আনহাতে উজনি মাজুলীৰ চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ৭৪ সংখ্যক স্বাধীনতা দিৱসটি থূলমূলকৈ পালন কৰা হয় | অধ্যক্ষ কৃষ্ণৰাম বৰা, উপাধ্যক্ষ পদুম মহন্ত ,শিক্ষক বৃন্দৰ হৈ মহেন্দ্ৰ বৰা, মহেন্দ হাজৰিকা, অৰুন মিলি, প্ৰভুনাথ ভগত, মৃদুল বৰা, মাধৱ শইকীয়া, চৌকিদাৰ দুতিৰাম বৰা, ছাত্র একতা সভাৰ বিতুপন দাস আদি উপস্থিত থাকি ক’ভিড ১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বৰ্তাই ৰাখি, মুখত মাস্ক পৰিধান কৰি সম্পূৰ্ণ লকডাউনৰ নীতি নিয়মৰ মাজেৰে এক চমু কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৭৪ সংখ্যক স্বাধীনতা দিৱসটি | বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক গনেশ ৰাজখোৱাই পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পাছত স্বাধীনতাৰ বীৰ বীৰাংগনা সৈনিক সকলৰ দেশৰ প্ৰতি থকা ত্যাগৰ কথা উল্লেখ কৰি তেখেত সকললৈ সশ্ৰদ্ধ প্ৰনিপাত জনাই বক্তব্য ৰাখে লগতে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ শলাগ লয় আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ক সমৰ্থন কৰাৰ কথা উল্লেখ কৰে | তেখেতৰ মন্তব্যক পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থকা বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী সকলেও সমৰ্থন জনায়।

ওদালগুৰি আক্ৰাছুৰ কমতাৰত্ন অম্বিকা চৰন চৌধুৰীৰ জন্ম জয়ন্তী পালন

টংলা : ৰবিবাৰে ওদালগুৰি জিলা আক্ৰাছু পশ্চিম আৰু টংলা আঞ্চলিক আক্ৰাছুৰ যৌথ উদ্যোগত টংলা মিলনপূৰ স্থিত চিলাৰায় ভৱনত কোচ ৰাজবংশী জনগোষ্ঠীৰ গুৰি ধৰোতা কমতাৰত্ন অম্বিকা চৰন চৌধুৰীৰ জন্ম জয়ন্তী পালন কৰে। জন্ম জয়ন্তী অনুষ্ঠানত আক্ৰাছুৰ কেন্দ্রীয় সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক দিব্য জ্যোতি কুমাৰ ডেকা, ওদালগুৰি জিলা আক্ৰাছু পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচ, ওদালগুৰি জিলা আক্ৰাছু পশ্চিমৰ সাধাৰন সম্পাদক মুকুন্দ ডেকা, ওদালগুৰি আক্ৰাছুৰ প্ৰচাৰ সম্পাদক মৃন্ময় চহৰীয়া, টংলা আঞ্চলিক আক্ৰাছুৰ সভাপতি মুন ডেকা, সাধাৰণ সম্পাদক সুৰুজ ডেকাৰ, আক্ৰাছুৰ বিভিন্ন বিষয়ববীয়া সদস্য সকলৰ লগতে কেইবাজনো শুভাকাঙ্ক্ষী লোক উপস্থিত থাকে।

টিহুত হিন্দু ক্ৰান্তি দলৰ স্বাধীনতা দিৱস পালন

নলবাৰী/১৫আগষ্ট:: সমগ্ৰ ভাৰত বৰ্ষতেই আজি ১৫ আগষ্টৰ পৱিত্ৰ দিনটোত ভাৰতমাতাৰ পতকাত পুষ্পঞ্জলি অৰ্পন কৰাৰ লগতে যিসকল মহান পুৰুষৰ সততা,ন্যায়,ধৈৰ্য্য,বিশ্বাস আৰু ত্যাগৰ ফলত ভাৰত বৰ্ষ স্বাধীন দেশ হবলৈ সক্ষম হৈছিল সেই সকল মহান ব্যাক্তিক স্মৰণ কৰি তেখেত সকলৰ আত্মাৰ চিৰ শান্তিৰ বাবে বন্তি প্ৰজ্জ্বলন কৰাৰ সময়তে হিন্দু ক্ৰান্তি দল অসম নলবাৰী জিলা সমিতিয়েও উলাহ মালহেৰে স্বাধীনতা দিবস পালন কৰে। নলবাৰী টিহুৰ ষ্টেচনৰ সমীপত হিন্দু ক্ৰান্তি দল অসমৰ কাৰ্যকৰ্তা দীনেশ শৰ্মা আৰু গণেশ কলিতাৰ নেতৃত্বত অনুষ্ঠিত কৰা কাৰ্যসূচীত পতকা উত্তোলন কৰে ৰাষ্ট্ৰিয় পুৰষ্কাৰ, অবসৰ প্ৰাপ্ত সৈনিক নৰেন্দ্ৰ নাথ দাসে।বন্তি প্ৰজ্জ্বলন কৰে অবসৰ প্ৰাপ্ত অসম আৰক্ষী পুতুল চন্দ্ৰ ডেকা ।উক্ত অনুষ্ঠানত হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে এক বিবৃতি যোগে কয় যে আমি ভাৰতবৰ্ষৰ সংবিধান, গণতন্ত্ৰ, পতকা, সাৰ্বভৌমত্ব ক সন্মান কৰো।ভাৰতবৰ্ষৰ ইতিহাস অতি বিৰল।যত মহা মহা ঋষি মনীষি সকলে বসবাস কৰিছিল।যাৰ বাবে বিশ্ববাসীয়ে এতিয়াও গৌৰৱ কৰে।তেনেক্ষেত্ৰত অতিকৈ দুখৰ বিষয় অতীতৰ যি ভাৰতবৰ্ষ আছিল বৰ্তমানত হৈ থকা নাই। কাৰণ যি ভাৰতবৰ্ষত মাতৃক দেৱী তুল্য আৰু গো মাতাক পূজা কৰা হৈছিল তেনেস্থলত বৰ্তমান পৰ্যায়ত মাতৃসমাজক নিৰ্যাতন আৰু গো মাতাক হত্যা কৰি একাংশই আহাৰ হিচাপত পৰিণত কৰিছে।লগতে সংযোজক গৰাকীয়ে কয় যে বৰ্তমান শাসিত অসম চৰকাৰ খনে যথেষ্ঠ ভাৱে উন্নয়ন মূলক কামৰ আচনি হাতত লৈছে।আমিও স্বাগতম জনাইছো।কথা হল ভাৰতবৰ্ষৰ সংস্কৃতি বৰ্তমান বিপদাপন্ন তেনে ক্ষেত্ৰত আঁ‌চনি সমূহৰ প্ৰয়োজনীয়তা বোধ কৰা নাই হিন্দু ক্ৰান্তি দল অসমে।সেয়েহে ৰাজ্যচৰকাৰ লৈ আহ্বান জনাই সংযোজক গৰাকীয়ে কয় যে ভাৰত মাতা বা অসমী আইক যদি সন্মান কৰে তেন্তে ভাৰতীয় সংস্কৃতিক যাতে কোনেও কেৰাহীকৈও চাব নোৱাৰে তাৰ ওপৰত আইন প্ৰণয়ন কৰক।উক্ত অনুষ্ঠানত হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ উপদেষ্টা মূলেন বৰ্মন,দীপক হালৈ, কুলেন ডেকা, ব্ৰজেন দত্ত যুতিয়া সম্পাদক অপূৰ্ব কলিতা, সাংগঠনিক সম্পাদক লিংকন কলিতা, গো ৰক্ষা প্ৰমূখ মিন্তু কলিতা, সক্ৰিয় সদস্য গগন ডেকা ,দেৱশিষ কলিতা সহ টিহুৰ বহু সংখ্যক কাৰ্যকৰ্তাৰ উপস্থিতি থাকে।

নগাঁৱত স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই

নগাঁও,১৫ আগষ্টঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ খনৰ ওপৰি নগাঁও জিলাতো আজি ৭৪ সংখ্যক স্বাধীনতা দিৱসটি চৰকাৰী ভাৱে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত উদযাপন কৰা হয় ৷ আজিৰ এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই । ইয়াৰ পূ্ৰ্ৱে নগাঁৱৰ শ্বহীদ ভৱন প্ৰাংগন আৰু আৰ্ৱত ভৱনৰ সন্মুখত অৱস্থিত স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী সকলক শত সহস্ৰ শ্বহীদসকলৰ লগতে প্ৰতিগৰাকী মুক্তিযুঁ‌জাৰুলৈ মন্ত্ৰী গৰাকীয়ে সশ্ৰদ্ধ প্ৰণিপাত জনোবাৰ লগতে সেৱা আগবঢ়াই দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ হেতু প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতিও গভীৰ শ্ৰদ্ধা নিবেদন কৰে । আজিৰ এই অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, অভিনেত্ৰী আইমী বৰুৱাৰ সহিতে জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়া সকলৰ লগতে অন্যান্য লোক সকল উপস্থিত থাকে ৷ আন আন বৰ্ষ সমূহৰ দৰে বাৰ ক’ৰোনা মহামাৰীৰ বাবে স্বাধীনতা দিৱসটি উদযাপনৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কিছু ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি সিমিত পৰিমানৰ লোকৰ উপস্থিতিত দিৱসটি সাফল্য মণ্ডিত কৰি তোলা পৰিলক্ষিত হয় ৷ আনহাতে,আজি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি নগাঁৱৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মুৰুলী বৰুৱাই অতি কম সময়ৰ ভিতৰত ক’ৰোনা কালৰ ওপৰত লিখি উলিওৱা এখনি গ্ৰন্থ মন্ত্ৰী গৰাকীয়ে উন্মোচন কৰে ৷

১৫ আগষ্টত ক’ৰোনা যোদ্ধা সন্মান জনাব ৰাষ্ট্ৰপতিয়ে

দৈনন্দিন বাৰ্তা ডেস্ক : নিগমবধ ঘাটৰ এজন কৰ্মী, এজন চিকিৎসক, এজন আৰক্ষী বিষয়া, এগৰাকী নাৰ্চিং বিষয়া যি ২৫ জন ক’ভিড যোদ্ধাক অহা ১৫ আগষ্টত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দ্বাৰা আয়োজন কৰা ‘এট হোম’ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা হৈছে৷ প্ৰথমবাৰৰ বাবে ক’ভিড যোদ্ধাক মৰ্যাদাপূৰ্ণ আৰু উচ্চপদস্থ চৰকাৰী কৰ্মকৰ্তাক অন্তর্ভুক্ত কৰি গণ্যমান্য ব্যক্তিৰ অতিথিৰ তালিকাত যুক্ত কৰা হৈছে৷ এইসকলৰ ভিতৰত আছে জিটিবি হাস্পতালৰ নাৰ্চিং বিষয়া ৩৫ বছৰীয়া আশা ছবৰৱাল৷ এটি ছবছৰীয়া পুত্ৰক ঘৰত পৰিয়ালৰ হাতত এৰি পৰিয়ালৰ পৰা দূৰত্ব বজাই ক’ভিডৰ বিৰুদ্ধে যুঁজত নামি পৰিছে এইগৰাকী নাৰ্চিং বিষয়াই৷ তেওঁ বৰ্তমানে এটা পৃথক কোঠাত থাকি কাম কৰি গৈছে৷ আনহাতে যেতিয়া ক’ভিড মহানগৰত সোমাল দ্বাৰকাৰ ৪০ বছৰীয়া মুখ্য কনিষ্টবল মনীষ মধুকৰ দ্বাৰকাৰ কমিউনিটি প’লিচিং চেলত কাম কৰি আছিল৷ তেওঁ কোনো বিৰতিৰ দিন নোলোৱাকৈ ৯০ দিন কাম কৰে৷ তেওঁৰ নেতৃত্বত অভাৱগ্ৰস্ত লোকৰ বাবে কমিউনিটি ৰান্ধনীঘৰ আৰম্ভ কৰে৷ তাত তেওঁ নিজেও ৰান্ধে৷ দিনটোৰ ৮০০ কুইণ্টল ৰেচন যোগাৰ কৰে আৰু এক লাখ পেকেট দিনটোৰ ৰেচনৰ পৰা যোগাৰ কৰে৷ ইয়াৰ লগতে তেওঁ দ্বাৰকাত ২০০ হেণ্ড ছেনিটাইজাৰ মেচিন স্থাপন কৰে৷ আনহাতে এইমছৰ মেডিচিন বিভাগৰ কনিষ্ঠ আবাসী চিকিৎসক ডাঃ অংকেশ গুপ্তাই বৃহস্পতিবাৰে সন্ধিয়া এইমছৰ সঞ্চালকৰ পৰা ফোন কল এটা পায়৷ তাত জনোৱা হয় যে তেওঁক ৰাষ্ট্ৰপতি ভৱনৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ পাইছে৷ মই বাতৰিটোৰ কথা পাতি আছিলো৷ বহু চিকিৎসক আছে৷ তেওঁ এইদৰে ইন্দোৰত থকা পৰিয়ালক জনাইছিল৷ তেওঁ মাৰ্চ মাহত আইটিবিপি শিবিৰত হেলথ কেয়াৰ কৰ্মী হিচাপে নিযুক্তি পাইছিল৷ দীপ চন্দ বন্ধু হাস্পতালৰ হাউচকীপিং ষ্টাফ ৩০ বছৰীয়া সন্দিপ চৌহানক ‘এট হোম’ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছে৷ চৌহানে চিকিৎসালয়ৰ বায়’মেডিকেল বৰ্জিতবোৰ সংগ্ৰহত জড়িত৷ কিন্তু তেওঁ কেতিয়াও ভাইৰাছৰ প্ৰতি আশংকা কৰা নাই৷ যদি মই ভয় কৰো, কাম নহ’ব৷ তেনেদৰে চৌহানে কয়৷ যোৱা চাৰি মাহত তেওঁ মাত্ৰ দুটা দিনহে কামৰ পৰা বিৰতি লৈছে৷ শ্বাহদাৰা জিলাৰ এক্সজিলিৰি নাৰ্চ মিডৱাইফ ৩৯ বছৰীয়া ছীমা চৌধুৰীয়ে যোৱা তিনি মাহ ক’ভিড-১৯ৰ পৰীক্ষাত জড়িত হৈ আছে৷ দিল্লীত যিসকল ৰোগীয়ে ঘৰ বাৰী এৰি কাম কৰিছে তাৰ ভিতৰত তেওঁৰ স্থান শীৰ্ষত৷ নিগমবোধ ঘাটৰ ৩৯ বছৰীয়া এম চিডি কৰ্মী অমৰ সিং নিগমবোধ ঘাটত চাৰি মাহৰ আগতে নিযুক্তি পাইছিল৷ তেওঁ ভাইৰাছ সংক্ৰমণৰ ভয় খাইছিল৷ শেষত কামটো ভাল পোৱা হ’ল৷ উল্লেখ্য যে জুন মাহত দিল্লীত বহু লোকৰ মৃত্যু হয়৷ তেওঁ সামাজিক দূৰত্ব বৰ্তাই নিজৰ শক্তিৰে কাম কৰি গৈছিল৷ দিল্লী চৰকাৰৰ কেন্দ্ৰীয় জিলাৰ লেব’ৰেটৰী টেকনিচিয়ান ৩৭ বছৰীয়া কীৰ্তি শৰ্মাই জিলাখনৰ চাৰিটা দলৰ এটাক নেতৃত্ব দিয়ে৷ তেওঁ ক’ভিড-১৯ৰ ৰোগীক পৰীক্ষা কৰা ম’বাইল ভান আৰু কেয়াৰ চেণ্টাৰত নেতৃত্ব দিয়ে৷ এইগৰাকী মহিলাই ৰাষ্ট্ৰপতিৰ দ্বাৰা আয়োজিত অনুষ্ঠানলৈ আমন্ত্ৰণ পাইছে ৷

১৫ আগষ্টত ‘এক ৰাষ্ট্ৰ এক স্বাস্থ্য কাৰ্ড’ ঘোষণাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৫ আগষ্টত ৭৪ তম স্বাধীনতা দিৱস উপলক্ষে ঐতিহাসিক লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়াব৷ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে ‘এক ৰাষ্ট্ৰ এক স্বাস্থ্য কাৰ্ড’ৰ বিষয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ আশা আছে৷ দেশৰ প্ৰতিজন নাগৰিকৰ স্বাস্থ্য ৰেকৰ্ড ডিজিটেল ফৰ্মেটত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ ‘এক ৰাষ্ট্ৰ এক স্বাস্থ্য কাৰ্ড’ আঁচনিত এজন ব্যক্তিৰ চিকিৎসা ইতিহাস ৰেকৰ্ড, সেই ব্যক্তিৰ যি সকলো চিকিৎসা আৰু পৰীক্ষা কৰা হৈছিল সেইবোৰ এই কাৰ্ডত ডিজিটেল সংৰক্ষণ কৰা হ’ব৷ চিকিৎসালয়, ক্লিনিক আৰু চিকিৎসক সকলো কেন্দ্ৰীয় ছাৰ্ভাৰৰ সৈতে সংযুক্ত হ’ব৷ ‘এক ৰাষ্ট্ৰ এক স্বাস্থ্য কাৰ্ড’ প্ৰকল্পটো বাচি লোৱাত সম্পূৰ্ণৰূপে চিকিৎসালয় আৰু নাগৰিকৰ ওপৰত নিৰ্ভৰ কৰিব৷ এই কাৰ্ড বাচি লোৱা প্ৰতিজন নাগৰিকক এটা অনন্য আইডি দিয়া হ’ব৷ তাৰ জৰিয়তে সেই ছিষ্টেম লগ ইন কৰিবলৈ সক্ষম হ’ব৷ এই প্ৰকল্প পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰা হ’ব৷ পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত ৫০০ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে৷

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ ৰাষ্ট্ৰপতিৰ : নাম উল্লেখ নকৰাকৈ চীনৰ ‘সম্প্ৰসাৰণ নীতি’ক কঠোৰ ভাষাৰে সমালোচনা

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ ৭৪ তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত শুকুৰবাৰে ৰাষ্ট্ৰৰ উদ্দেশ্যি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই ভাষণ আগবঢ়ায়৷ ভাষণৰ আৰম্ভণিতে বিদেশী শক্তিৰ সৈতে যুদ্ধ কৰি স্বাধীনতা কাঢ়ি অনা সংগ্ৰামীসকলৰ প্ৰতি তেওঁ শ্ৰদ্ধা জনায়৷ আনহাতে নাম উল্লেখ নকৰি চীনৰ ‘সম্প্ৰসাৰণ নীতি’ক লৈ কঠোৰ ভাষাৰে ৰাষ্ট্ৰপতিয়ে সমালোচনা কৰে৷ লগতে গালৱানৰ শ্বহীদ ভাৰতীয় সৈনিকসকলৰ প্ৰতি সন্মান জনায়৷ ক’ৰোনা মহামাৰীৰ প্ৰসংগত উল্লেখ কৰি ৰাষ্ট্ৰপতিয়ে কয়, এইবাৰ স্বাধীনতা দিৱস উদযাপনত কোনো জাকজমকতা হোৱা নাই৷ এই মহামাৰীৰ লগত মোকাবিলাত কেন্দ্ৰই সঠিক দিশত পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰ আৰু জনসাধাৰণৰ সহযোগিতাত পৰিস্থিতি মোকাবিলা কৰা হৈছে৷ এই মহামাৰীৰ সময়ত আমাৰ দৰিদ্ৰসকলৰ বাবে চৰকাৰে গুৰুত্ব আৰোপ কৰি বহু পদক্ষেপ লৈছে৷ বিনামূল্যে প্ৰতি মাহে ৮০ কোটি মানুহক ৰেচন দিছে৷ ইয়াৰ বাবে এক দেশ এক ৰেচন কাৰ্ড প্ৰকল্প আৰম্ভ কৰা হৈছে৷ আনহাতে ৰাষ্ট্ৰপতিয়ে ক’ৰোনা যোদ্ধাসকলক ধন্যবাদ জনায়৷ ৰাষ্ট্ৰপতিয়ে কয়, চিকিৎসক, নাৰ্চ তথা আন স্বাস্থ্য কৰ্মীয়ে নিজক সীমা পাৰ কৰি সেৱা কৰিছে৷ দুৰ্ভাগ্যৰ বিষয়, তেওঁলোকৰ বহুকেইজন এই ৰোগত পৰি মৃত্যু হৈছে৷ ইয়াৰ লগতে ঘূৰ্ণিবতাহ আমফানক লৈ ৰাষ্ট্ৰপতিয়ে কয়, পশ্চিম বংগ আৰু ওড়িশ্যাত আমফামে বিস্তৰ ক্ষতি কৰিলে৷ উত্তৰ-পূব ভাৰতত বান পৰিস্থিতি ভয়াৱহ৷ এনে সংকট কালত আমি সকলো একেলগ হৈ কাম কৰিব লাগিব৷ মহামাৰীৰ সময়ত ভাৰতে বিশ্বৰ আন প্ৰভাৱিত দেশবোৰৰ সৈতে আছে আৰু এই কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিয়ে কয়, ক’ৰোনা মোকাবিলাত আমি বহু দেশৰ কাষত থিয় হৈছো৷ আন্তৰ্জাতিক মঞ্চত ভাৰত থাকিব আৰু নিজৰ পৰিচয় বৰ্তাই ৰাখিব৷ আমি কেৱল নিজৰ কথা ভবা নাই৷ আমি সকলোৰে কাষত থিয় হৈ আছো৷

উজনি মাজুলীৰ ৬৮০ বানপীড়িত পৰিয়ালৰ মাজত সাহাৰ্য বিতৰণ

উজনি মাজুলী : মিচিং স্বায়ত্ব শাসিত পৰিষদ আৰু আয়াং ট্ৰাষ্টৰ উদ্যোগত মাজুলী জিলা টি এম পি কেৰ সহযোগত বুধবাৰে উজনি মাজুলীৰ নদী কাষৰীয়া বানপীড়িতসকলৰ মাজত সাহাৰ্য বিতৰণ কৰা হয়। ৰতনপুৰমিৰি গাঁও পঞ্চায়তৰ ডৱলি চাপৰিত ১৯০ ঘৰ, জাৱৰচুক কাঠনিত ৭৯ ঘৰ, উজনি গেজেৰাত ৬ ঘৰ, লুইতপৰীয়া গাঁও পঞ্চায়তৰ লাচন ধুনাগুৰিত ১৪০ ঘৰ, লাচনচাপৰিত ১৯০ ঘৰ, মধ্যলাচন চাপৰিত ৫০ ঘৰ, কপাঁহতলীত ২৫ ঘৰ সৰ্বমুঠ ৬৮০ টা পৰিয়ালৰ মাজত আঠুৱা, চাবোন, চাৰ্ফ, মাস্ক, চাহ, চেনী, বিস্কুট আদি কৰি বিতৰণ কৰে। সাহাৰ্য বিতৰণ কাৰ্যসূচীত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৩০নং চাগা সমষ্টিৰ সদস্য নীলকান্ত দলে, আয়াং ট্ৰাষ্টৰ সঞ্চালক তথা মাজুলীস্হিত হামিংবাৰ্ড বিদ্যালয়ৰ অধ্যক্ষ বিপিন ধানে, আয়াংট্ৰাষ্টৰ সমন্বয়ক দ্ৰন্জিত কুমাৰ, আয়াং ট্ৰাষ্টৰ ট্ৰাষ্টি কৃষ্ণ পেগু, উত্তৰ পূব মাজুলী জিলা পৰিষদৰ সদস্য দেবজিৎ পাতিৰ, মাজুলী জিলা টি এম পি কেৰ সম্পাদক টুটু পাংগিং, কাৰ্যকৰী সদস্য পবিত্ৰ পাতিৰ, মাজুলী জিলা এম এম কেৰ সদস্য অৰুপ পেগু আৰু লুইতপৰীয়া আঞ্চলিক টি এম পি কে, এম এম কে, গেজেৰা আঞ্চলিক টি এম পি কেৰ বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে। সাহাৰ্য লাভ কৰা বানপীড়িত সকলে সন্তোষ প্ৰকাশ কৰে।

নলবাৰী বৰকুৰাত নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতু সন্দৰ্ভত বৰকুৰা ৰাইজৰ সংবাদ মেল

নলবাৰী : কালি নলবাৰী জিলা প্ৰেছ ক্লাৱত জিলাখনৰ বৰকুৰাৰ সচেতন লোকে বৰকুৰাত নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতু সন্দৰ্ভত এক সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেলত বৰকুৰাৰ স্থায়ী বাসিন্দাসকলে প্ৰকাশ কৰে যে, উন্নয়ন বৰকুৰাৰ ৰাইজে বিচাৰে কিন্তু আগন্তুক দিনত বৰকুৰাত নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতুৰ ফলত বৃটিছৰ দিনত মুক্তি যোদ্ধাসকলে আশ্ৰয় শিবিৰ হিচাপে নিৰ্মাণ কৰা “বৰকুৰা স্বৰাজ শিৱিৰ কৃষ্টি প্ৰতিষ্ঠান” তথা “বৰকুৰা প্ৰাক প্ৰাথমিক বিদ্যালয়” “অঙ্গনবাড়ী কেন্দ্ৰ” “ঐতিহাসিক বিহু মঞ্চ ধ্বংস হোৱাৰ লগতে স্হায়ী খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ব্যৱসায়-বাণিজ্য, ঘৰ-বাৰী, কোনো মতে দোকান কৰি পৰিয়ালক পোহ পাল দি জীয়াই থকা বৰকুৰাবাসী ৰাইজৰ ব্যাপক অসুবিধা সন্মুখীন হৈ পানীত হাঁহ নচৰা অৱস্থা হ’ব। বৰকুৰাৰ ৰাইজে আকৌ দোহাৰে যে বৰ্তমান হৰি মন্দিৰৰ সন্মুখত নিৰ্মীয়মান উৰণীয়া সেঁতুৰ লগতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন সন্ধাৰ পথচোৱা নিৰ্মীয়মান অৱস্থাত থকাৰ বাবে বৰকুৰাত দিনে দিনে যান-বাহন হেঁচা বৃদ্ধি হোৱাত পৰিলক্ষিত হৈছে। কিন্তু উক্ত দুয়োটা পথ সম্পূৰ্ণ হ’লে বৰকুৰাত কোনো ধৰণৰ যান-বাহনৰ হেঁচা নপৰিব বুলি বৰকুৰাৰ ৰাইজে মন্তব্য কৰে। বৰকুৰাবাসীয়ে প্ৰকাশ কৰে, অতি দুখৰ বিষয় যে যি পৰ্যায়ত অস্বাভাৱিকভাৱে প্ৰশাসনে বৰকুৰাত উৰণীয়া সেঁতুৰ কাম আৰম্ভ কৰিব খুজিছে তাত ৰাইজৰ ভীষণ আপত্তি আছে। সেয়েহে বৰকুৰাবাসীয়ে এই বিষয় সন্দৰ্ভত কেন্দ্ৰীয় ৰেল মন্ত্ৰী, অসম চৰকাৰৰ গড়কাপ্তানি মন্ত্ৰীক লিখিতভাৱে জনাইছিল। তদুপৰি নলবাৰী জিলা উপাযুক্তকো চলিত মাহত লিখিতভাৱে ৰাইজে এই অসুবিধা বিষয়ে জনাইছিল। কিন্তু তাৰ পিছতো চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নোলোৱা বাবে কালি বৰকুৰা ৰাইজৰ হৈ বৰকুৰাৰ কেইগৰাকীমান সচেতন লোকে এখন সংবাদ মেলৰ আয়োজন কৰি সংবাদ মাধ্যমৰ দ্বাৰা চৰকাৰ তথা প্ৰশাসনক উৰণীয়া সেঁতু সন্দৰ্ভত বিকল্প ব্যৱস্থা অৱলম্বন কৰিবলৈ আহ্বান জনায়।