Home Blog Page 3219

মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত মাজুলীৰ ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ সফলতা

উজনি মাজুলী ,২০ নৱেম্বৰঃ ২০১৯ বৰ্ষৰ “মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা” ত মাজুলী জিলাৰ মাজুলী শিক্ষাখণ্ডৰ অন্তৰ্গত বালিচাপৰি মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ সাত গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ বিদ্যালয়ৰ গৌৰৱ অক্ষুন্ন ৰাখিছে। যুৱলেখক তথা শিক্ষক জিতুল বৰা প্ৰধান শিক্ষক হিচাপে কৰ্মৰত অৱস্থাত থাকোতে বৃত্তি পৰীক্ষাত প্ৰস্তুতি চলাই সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকল হৈছে- নয়নজ্যোতি কলিতা, বিক্ৰম শইকীয়া , অঞ্জন  শইকীয়া, মৃনাল হাজৰিকা, পুতলি শইকীয়া, তন্ময় কল্যাণ বৰুৱা আৰু দৰ্শনা মুদৈ। বিদ্যালয় খনৰ ছাত্র-ছাত্রী সকলৰ এনে সফলতাত শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে  অভিভাৱক তথা স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে। বিদ্যালয়খনৰ এই সফলতাত বিদ্যালয় পৰিচালনা সমিতিৰ  প্ৰাক্তন সভাপতি মহেন্দ্ৰ হাজৰিকাই অভিনন্দন জনাইছে । উল্লেখযোগ্য যে, বিদ্যালয়খনৰ তদানীন্তন প্ৰধান শিক্ষক জিতুল বৰা আৰু সহঃশিক্ষক – যুগবিকাশ পেগু, জোণমনী দেৱী ভাগৱতী,  ৰনোজ  নৰহৰ অশেষ কষ্টৰ ফলত এই সাফল্য লাভ কৰিছে । বিদ্যালয়খনৰ এই সফলতাত ২০১৯ আৰু ২০২০ বৰ্ষৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিদ্বয় ক্ৰমে বুধিন শইকীয়া আৰু ৰানু দাস , উপ সভাপতি বাবুল ভৰালী, বিদ্যালয়ৰ ৰান্ধনী কৰ্মীদ্বয় ক্ৰমে মৃনালী হাজৰিকা আৰু নিজু শইকীয়াই অভিনন্দন জনাইছে।  ভৱিষ্যতেও বিদ্যালয় খনে সফলতাৰ এই ধাৰা অব্যাহত ৰাখিব বুলি স্থানীয় ৰাইজে আশা কৰিছে। নামনি মাজুলীৰ আগশাৰীৰ প্ৰাথমিক বিদ্যালয় হিচাপে পৰিণত হোৱা ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয় খনে পূৰ্বতে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে অনুষ্ঠিত কৰা গুণোৎসৱ কাৰ্যসূচীত দুবাৰকৈ ‘ এ’ প্লাছ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছিল। বিদ্যালয়খন এই শৈক্ষিক ধাৰা ভবিষ্যতেও অক্ষুন্ন থাকিব বুলি অঞ্চলবাসীয়ে আশাঁ ৰাখিছে ।

পৃথিৱীৰ ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰতিবছৰেই বিশ্বই দিয়ক ৭ দিন লকডাউন : যাদৱ পায়েং

জামুগুৰিহাট,২০ নৱেম্বৰ : পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে সমগ্ৰ বিশ্বক বছৰত ৭ দিন লকডাউন দিবলৈ অনুৰোধ জনাই অৰণ্য মানৱ যাদৱ পায়েঙে ৷ আজি জামুগুৰিহাটৰ অন্যতম প্ৰকৃতিপ্ৰেমী সংগঠণ কোঁছগাঁৱৰ জাগৰণ য়ুথ ক্লাৱৰ সৌজন্যত গান্ধীপথাৰত অনুষ্ঠিত এক বৃক্ষৰোপন কাৰ্যসুচীত অংশগ্ৰহণ কৰি এইদৰেই পদ্মশ্ৰী যাদৱ পায়েঙে অনুৰোধ জনাই সমগ্ৰ বিশ্বক ৷ অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙে কয় যে চৰকাৰে বৃক্ষৰোপনৰ নামত যেতিয়াই তেতিয়াই বন মহোৎসৱ পাতি চৰকাৰী ধন অপচয় কৰাৰ বিপৰীতে বিদ্যালয়সমুহতহে ছাত্ৰ ছাত্ৰীক গছ জীয়াই ৰাখিবৰ কাৰণে শিক্ষা দিব লাগে ৷ প্ৰসংগক্ৰমে যাদৱ পায়েঙে উল্লেখ কৰে যে বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীক পাঠদানৰ লগতে একো একোজোপা গছপুলি ৰোপন কৰিবলৈ দিব লাগে আৰু গছপুলিসমুহ জীয়াই ৰখাৰ বাবেও ছাত্ৰ ছাত্ৰীক জ্ঞান দিব লাগে কাৰণ সেই গছপুলিসমুহেই ভৱিষ্যতৰ দিনত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত গুৰুত্ব প্ৰদান কৰিব আৰু নতুন প্ৰজন্মৰ বাবে সেই সমুহ গছ আশীৰ্বাদ স্বৰূপ হৈ উঠিব ৷ ইয়াৰোপৰি পূৰ্ৱৰ চৰকাৰৰ তুলনাত বৰ্তমান চৰকাৰখনৰ কাৰ্যকালত কাজিৰঙাত গড় হত্যাৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পোৱা সন্দৰ্ভত সাংবাদিকৰে হোৱা বাৰ্তালাপত যাদৱ পায়েঙে কয় যে এই চৰকাৰৰ দিনত গড় হত্যা বহুত কমি গ’ল ৷ ইয়াৰ মূলতেই হ’ল চৰকাৰে কাজিৰঙাৰ আশেপাশে থকা মেধাৱী শিক্ষিত যুৱক যুৱতীক বনবিভাগত নিযুক্তি প্ৰদান কৰিছে ৷ শোণিতপুৰ জিলাখনৰো শিক্ষিত যুৱক যুৱতীক চৰকাৰে বনবিভাগত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিলে শোণিতপুৰৰ গাঁতে লাগি থকা কাজিৰঙাৰ ষষ্ঠ সংযোজনটোৰ ভিতৰৰ গড়, হাতী, চৰাই চিৰিকতি আদিবোৰ বহুখিনি সুৰক্ষিত হৈ পৰিব বুলিও উল্লেখ কৰে যাদৱ পায়েঙে ৷ জামুগুৰিহাটত জাগৰণ য়ুথ ক্লাৱে বিগত সময়খিনিত বৃক্ষৰোপন কৰি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ দিশত লোৱা পদক্ষেপ সমুহৰো শলাগ লয় যাদৱ পায়েঙে ৷ সমাজকৰ্মী শৈলেন বৰকটকীয়ে আঁত ধৰা সভাখনত যাদৱ পায়েঙৰ উপস্থিতিয়ে জাগৰণ য়ুথ ক্লাৱৰ প্ৰতিগৰাকী সদস্যক অনাগত দিনত কাম কৰি যোৱাৰ দিশটোত যথেষ্ট প্ৰেৰণা দিয়াৰ লগতে যথেষ্ট উৎসাহিত কৰি তুলিছে বুলিও উল্লেখ কৰে ক্লাৱৰ সদস্য অভিজিত বৰকটকীয়ে৷উল্লেখ্য যে জাগৰণ য়ুথ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত বৃক্ষৰোপন কাৰ্যসুচীত গান্ধীপথাৰৰ চাৰিসীমাৰ কাষত বৃক্ষৰোপনো কৰে যাদৱ পায়েঙে ৷

আকাশবাণী নগাঁও কেন্দ্ৰত জ্ঞানমালিনী উন্মোচন

Unveiling of Gyanmalini at Akashvani Nagaon Center

নগাঁও,২০নবেম্বৰ : অনন্তবন শিশু সাহিত্য বঁটাপ্ৰাপক বিশিষ্ট শিশু সাহিত্যিক মনোৰমা ভূঞাৰ আঠাইশতম গ্ৰন্থ জ্ঞানমালিনী আজি আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰাংগণত উন্মোচন কৰে বিশিষ্ট শিশু সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্যই । আকাশবাণী নগাঁও কেন্দ্ৰৰ মুৰব্বী পল্লৱী কলিতা, জ্যেষ্ঠ ঘোষক চিদানন্দ দেৱ গোস্বামী, প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথ, ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দীপ্তি দেৱী শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যাপক যতীন্দ্ৰ কুমাৰ পাৰৈ, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয়া গগৈ, সাহিত্যিক দূৰ্গেশ্বৰ বৰকটকী, নগাঁও জিলা কবি সন্মালনৰ উপদেষ্টা পুতুলী মুদৈ, নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মা, পদ্ম পাতৰ, প্ৰসেণজিত ৰয়, শংকৰ দাস, প্ৰদীপ বৰা, সাংবাদিক ৰাহুল দেৱ বৰদলৈ, নাচিৰ উদ্দিন আহমেদ, নাট্যকাৰ দীপক নাথ, হাচিনা মমতাজ, কৃষ্ণ দৈমাৰী, যুৱ সাহিত্যিক ৰূপম নাথ প্ৰমূখ্যে ব্যক্তিসকলৰ উপস্থিতিত অনুস্থিত গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে মদাৰজ্যোতিয়ে । উল্লেখ্য , জ্ঞানমালিনীৰ উন্মোচনী কাৰ্যসূচী অহা পঁচিশ নৱেম্বৰৰ পুৱা ৯.১৫ বজাত আকাশবাণী নগাঁও কেন্দ্ৰযোগে সম্প্ৰচাৰ হ’ব ।

বিপিএফৰ সৈতে বিজেপিৰ মিত্ৰতা আছেনে ? কি কলে হিমন্ত বিশ্ব শৰ্মাই

২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বিপিএফৰ সৈতে মিত্ৰতা কৰি অসমৰ শাসন ভাৰ দখল কৰিবলৈ সক্ষম হোৱা বিজেপি দলে এইবাৰ সংগ এৰিছে মিত্ৰ দলটোৰ।

১৯ নৱেম্বৰ, বৃহস্পতিবাৰে মহানগৰীৰ হোটেল ‘ৰেডিচন ব্লু’ট এখন সংবাদমেলৰ জড়িতে বিপিএফৰ সৈতে ২০২১ চনত মিত্ৰতা নহয় বুলি ঘোষণা কৰে । এই সংবাদমেলতেই বিটিচি নিৰ্বাচনতো হাগ্ৰামা মহিলাৰীৰ নেতৃত্বৰ বিপিএফৰ বিৰুদ্ধে তীব্ৰভাৱে যুঁজ দিয়াৰ কথা সদৰি কৰে ।

মন্ত্ৰীগৰাকীয়ে কয় যে,

”ভাৰতীয় জনতা পাৰ্টিৰ সৈতে বিপিএফ দলৰ ৫ বছৰৰ বাবে মিত্ৰতা আছিল। ৫ বছৰ শেষ হোৱাৰ পিছত এই মিত্ৰতা ৰিনিউ নহয়। অৰ্থাৎ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে বিটিচিত নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ মাজতে ই মিত্ৰতা ভংগ বুজাইছে নে কি বুজাইছে দেৱালৰ লিখনি বিপিএফে পঢ়িব লাগিব। দিল্লীত এই বিষয়ে আলোচনা নহয়। বিটিচি নিৰ্বাচনত কেৱল বিপিএফৰ সৈতেহে যুঁজ হ’ব। বিজেপিয়ে ৰাজনৈতিক ক্ষেত্ৰত ইউপিপিএলক ৰাজনৈতিক দল বুলি ধৰাই নাই। বিটিচিত চৰকাৰ কৰাৰ বাবে বিজেপিয়ে য’ত য’ত প্ৰতিদ্বন্দ্বিতা কৰিছে আমাৰ প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা বিপিএফৰ লগত। আমাৰ কোনো আসনতে ইউপিপিএলৰ সৈতে প্ৰতিদ্বন্দ্বিতা নাই।”

গৃহ কন্দলত জৰ্জৰিত কংগ্ৰেছ, বিপাঙত দলীয় কৰ্মী

বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী। প্ৰতিটো ৰাজনৈতিক দলৰ মাজত দেখা গৈছে নিৰ্বাচনী তৎপৰতা।

কিন্তু এনে সময়তে কংগ্ৰেছ দল ব্যস্ত হৈ আছে গৃহ কন্দলত । এইবাৰ ঢকুৱাখনাৰ ঘিলামৰাত কংগ্ৰেছৰ মাজতে সৃষ্টি হৈছে সংঘাতৰ ।

ঢকুৱাখনাৰ বিধায়ক ভৰত নৰহৰ দম্পতীয়ে এতিয়া আৰক্ষীৰ হতুৱাই নিজৰ দলৰ একাংশ সদস্যক অপদস্থ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে । ঘিলামৰাত হোৱা ৰাণী নৰহৰ এখন সভাত গুণ্ডা-বাহিনী লগাই নেতা কৰ্মী সকলক খেদাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে । দলটোৰ নেতাসকলৰ কৰ্ম কাণ্ডই বৰ্তমান বিপাঙত পেলাইছে দলীয় কৰ্মীসকলক । দলীয় কৰ্মীসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

মুখ্যমন্ত্ৰী টুইটাৰ চলাব এগৰাকী বিশেষ যুৱতীয়ে

আজি ২০ নৱেম্বৰ শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটাৰ একাউণ্ট চলাব এগৰাকী ১৮ বছৰীয়া বিশেষ যুৱতীয়ে। পুৱা ৯ বজাৰ পৰা দিনৰ ১১ বজালৈ মুখ্যমন্ত্ৰী টুইটাৰ চলাব এই বিশেষ যুৱতীগৰাকীয়ে । এই সময়চোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ এখন ৰাজ্যিক নিৰ্বাচনী বৈঠকত ব্যস্ত থাকিব ।

এটা বেলাৰ বাবে মুখ্যমন্ত্ৰীৰ টুইটাৰৰ দ্বায়িত্ব পোৱা যুৱতী গৰাকী ডিব্ৰুগড় জিলাৰ নামৰূপ চাহ বাগিছাৰ বন্দনা ওৰাঙ। আজি বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি যুৱতী গৰাকীক মুখ্যমন্ত্ৰীৰ টুইটাৰ হেণ্ডেল কৰাৰ দ্বায়িত্ব দিয়া হৈছে ।

বন্দনা ওৰাঙ

বন্দনাই বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি শিশুৰ উৎকৰ্ষ সাধন আৰু দক্ষতা বিকাশৰ বাবে কাম কৰিব। ইয়াৰ লগতে #Reimagining Education in Assamত কৰ’ণা মহামাৰীৰ পিছৰ অভিজ্ঞতা সন্দৰ্ভতো নিজৰ মন্তব্য আগবঢ়াব।

নগাঁৱত ড্ৰাগছৰ ঘাটি উৎখাত : ড্ৰাগছ ব্যৱসায়ী দম্পতিক গ্ৰেপ্তাৰ

নগাওঁ, ১৯ নবেম্বৰ :  নগাওঁ  আৰক্ষীয়ে কালি নিশা অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ী এহাল দম্পতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দম্পতীহাল হ’ল – মৌচম খন্দকাৰ আৰু ৰেচমা বেগম । জানিব পৰা মতে নগাঁও নগৰ আৰক্ষীৰ এটা দলে চহৰ খনৰ খীষ্টানপট্টিৰ এ ডি পি ৰোডত এটা ঘৰত নিশা অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ, বিলাতী সুৰাৰ বটল জব্দ কৰাৰ লগতে ৬৭ হাজাৰ নগদ ধন আৰু ড্ৰাগছ ব্যৱসায়ত ব্যৱহৃত বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে এই দম্পতীহালে দীৰ্ঘদিন ধৰি ঘৰতে ড্ৰাগছৰ ঘাটি পাতি ড্ৰাগছ আৰু অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল। এই খবৰ গোপন সূত্ৰে লাভ কৰি নগাঁও আৰক্ষীয়ে নিশা অভিযান চলাই ঘাটিটো উৎখাত কৰাৰ লগতে দম্পতি হালক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি নগাঁও আৰক্ষীয়ে এন ডি পি এছ এক্টৰ অধীনত ২৮৬১/২০ নম্বৰৰ এক গোচৰ পঞ্জীয়ণ কৰি ড্ৰাগছ ব্যৱসায়ী দম্পতি হালক আজি আদালতলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে মৌচম খন্দকাৰক পূৰ্বেও নগাওঁ আৰক্ষীয়ে ড্ৰাগছ ব্যৱহায়ৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল। আনহাতে নগাওঁ আৰক্ষীয়ে আজি বিয়লি নগাঁও চহৰৰ সমীপৰ মধুপুৰত আন এক অভিযান চলাই জলিল মীৰ ওৰফে ককা নামৰ এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উজনি অসমৰ পথ যোগাযোগৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা হল : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

 মদাৰখাত, ১৮ নৱেম্বৰ : বহু প্ৰত্যাখিত ডিব্ৰুগড়-তিনিচুকীয়া সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ডিব্ৰুগড় বাইপাছৰ আজি শুভ উদ্বোধন কৰা হয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি পুৱা ১১ বজাত ডিব্ৰুগড় বগীবিলৰ পৰা বকুললৈ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমৰ দ্বাৰা   ৯৬.৮৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা ১৫.৪৪৭ কিঃমিঃ দৈঘ্যৰ বাইপাছৰ লগতে বকুল জাপিসজীয়াস্হিত এখন সুন্দৰ উৰণীয়া সেতুৰ শুভ উদ্বোধন কৰে ৷ উৰণীয়া সেতুৰ সমীপৰ জাপিসজীয়াত অনুষ্ঠিত হোৱা শুভ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ডিব্ৰুগড় বাইপাছ আৰু উৰণীয়া সেতু উদ্বোধন কৰি কয় যে “ডিব্ৰুগড়- তিনিচুকীয়া সংযোগী এই বাইপাছ পথটোৰ পৰা ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত বহু সুবিধা হ’ব৷ ডিব্ৰুগড়ৰ সৌন্দৰ্যবৰ্ধনৰ লগতে যাতায়তৰ ক্ষেত্ৰত সুচল হোৱা এই বাইপাছে সমগ্ৰ অসমৰ লগতে অৰুণাচল প্ৰদেশৰ ৰাইজো বহু উপকৃত হ’ব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালতেই অসমত লোক নিৰ্মাণ বিভাগে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ১৫,০০০ কিঃমিঃ পথ নিৰ্মাণ হোৱাটো সৰ্বকালৰ এটা অভিলেষ বুলি কয় ৷ বিজেপি চৰকাৰৰ সদিচ্ছা, সততা, নিষ্ঠা আৰু ৰাইজৰ প্ৰতি থকা মুখ্যমন্ত্ৰী সোনোৱালে কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে কংগ্ৰেছ চৰকাৰে ১৫ বছৰীয়া শাসন কালত কেৱল ক্ষমতাৰ লালখত থাকি উন্নয়নৰ কোনো কামেই নকৰিলে ৷ কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসন কালত যি হোৱা নাছিল সেয়া বিজেপি চৰকাৰৰ দিনত সকলো মন্ত্ৰী, বিভাগীয় বিষয়া, অভিযন্তা, ঠিকাদাৰ আৰু জনসাধাৰণৰ সহযোগিতাত সম্ভৱ হৈ উঠিছে বুলি ভাষণ প্ৰসংগত মত ব্যক্ত কৰি এই বাইপাছ নিৰ্মাণৰ লগত জড়িত এন.এইচ.আই.ডি.চি.এল ৰ লগতে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ অনুষ্ঠানৰ আৰম্ভণিত ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পংকজ সিঙে আদৰণি ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰৰ খাদ্য আৰু প্ৰসাধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তেখেতৰ ভাষনত কয় যে অসমত ৮৫০ খন চাহ বাগিচা লাইনৰ পথ পকীকৰণৰ কাম পোন প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰৰ দিনতেই আৰম্ভ কৰা হৈছে বুলি ভাষণ প্ৰদান কৰে৷ লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই ভাষণ প্ৰদান কৰি যাতায়ত, যোগাযোগ আৰু পৰিবহণৰ ক্ষেত্ৰত এই বাইপাছে সকলোকে সহায় কৰা লগতে আজিৰ দিনটো এটা ঐতিহাসিক দিন হিচাপে পৰিগণিত হ’ব৷ উক্ত অনুষ্ঠানত অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, ডিব্ৰুগড়, মৰাণ, টিংখাং আৰু নাহৰকটীয়াৰ বিধায়ক প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, বিমল বড়া আৰু নৰেন সোনোৱাল, ডিব্ৰুগড় জিলা ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী আৰু বি চি পি এল’ৰ পৰিচালন সঞ্চালক ৰিপ হাজৰিকা উপস্থিত থাকে ৷

দৰঙৰ দিপীলাত তৃতীয় বাৰ্ষিক প্ৰাকৃতিক চিকিৎসা দিৱস উদযাপন

 দিপীলা, ১৯ নবেম্বৰঃ  দিপীলাত সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে বিশেষ চিকিৎসা পদ্ধতি অৱলম্বন কৰা ৰোগ নিৰাময় আৰু যোগ কেন্দ্ৰ মুকলি কৰে হিমালয় শৰ্মাই ৷ ৰোগ নিৰাময়ৰ বাবে প্ৰাকৃতিক চিকিৎসাৰ উপকাৰিতা সম্পৰ্কে বহল ব্যাখ্যা আগবঢ়াই যোগ আৰু প্ৰাকৃতিক চিকিৎসক  তথা পশ্চিম দৰং যোগ মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিমালয় শৰ্মাই ৷ ভাষনৰ মাজতে শৰ্মাই এগৰাকী যোগ প্ৰশিক্ষকৰ দ্বাৰা ‘মৃত্তি স্নান’ চিকিৎসাৰ পৰিবেশনৰ ডেমো আগবঢ়ায়। সদৌ অসম যোগ আৰু প্ৰাকৃতিক চিকিৎসা সংস্থাৰ দৰং জিলা সমিতিয়ে দিপীলাৰ পেৰেডাইছ ইংলিছ স্কুলত  আয়োজন কৰা অনুষ্ঠানত‍ দৰঙৰ কেইবাজনো যোগ প্ৰশিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে অংশ গ্ৰহণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি পেৰেডাইছ ইংলিছ স্কুলত মুকলি কৰা হয় এটি “আৰোগ্য যোগ সেৱা কেন্দ্ৰ”।

নাজিৰাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

 নাজিৰা, ১৯ নবেম্বৰ :  ইং ১৬/১১/২০২০ তাৰিখে দেশৰ বিভিন্ন প্ৰান্তৰ লগত সংগতি ৰাখি নাজিৰা মহকুমা প্ৰশাসন, নাজিৰা তথ্য ও জনসংযোগ বিভাগ আৰু নাজিৰা প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত নাজিৰাত উদযাপন কৰা হয় ৫২ সংখ্যক “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস” । এই উপলক্ষে নাজিৰা প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত এখনি সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈ, নাজিৰাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, প্ৰবীণ সাংবাদিক দুৰ্লভ বুঢ়াগোহাঁই , জ্যেষ্ঠ সাংবাদিক বীৰেন শৰ্মা আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰ জ্যোতি মহন্ত । “সংবাদ মাধ্যমত কভিড -১৯ ৰ প্ৰভাৱ আৰু সংবাদ মাধ্যমৰ ভূমিকা” শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে প্ৰবীণ সাংবাদিক তথা সাহিত্যিক দুৰ্লভ বুঢ়াগোহাঁই আৰু ধীৰেন ফুকনে । সভাত উপস্থিত থকা নিমন্ত্ৰিত বিশিষ্ট অতিথি, সাংবাদিক আৰু আন আন গণ্য – মান্য ব্যক্তি সকলক এখনি ফুলাম গামোচা, জাপি আদিৰে সম্বৰ্ধনা জনোৱা হয়। বিশিষ্ট অতিথি সকলে তেওঁলোকৰ ভাষণত নাজিৰা মহকুমাত সংবাদকৰ্মী  সকলে কভিড -১৯ সন্দৰ্ভত ইতিবাচক  বাতৰি পৰিবেশন কৰি এই সময়ছোৱাত  কভিড -১৯ সংক্ৰমণৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতাৰ সৃষ্টি কৰে বুলি উল্লেখ কৰে আৰু সেয়েহে সংবাদকৰ্মী সকলক ধন্যবাদ জ্ঞাপন কৰে। সমান্তৰালভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি নাজিৰা প্ৰেছ ক্লাবৰ নিয়মীয়া কাৰ্যসূচী অন্তৰংগ আলাপ “এয়েতো জীৱন” শীৰ্ষক অনুষ্ঠানো অনুষ্ঠিত হয়। সেই অনুষ্ঠানতে শিশু সাহিত্যিক জ্যেষ্ঠ সাংবাদিক বুলু চেতিয়াৰ “আইতাৰ চোতালত বুলনি” নামৰ এখনি সাধু পুথিও উন্মোচন কৰা হয়। সভা খনিত নাজিৰাৰ সংবাদ কৰ্মী সকলৰ লগতে বহু গণ্য – মান্য ব্যক্তি উপস্থিত থাকে।