দৈনন্দিন বাৰ্তা ডেস্ক : চীনৰ উহানতে প্ৰথম ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল ৷ এই চহৰৰ এখন চিকিৎসালয়ৰ ৰিপৰ্ট দেখি আচৰিত হৈছে বিশেষজ্ঞসকল ৷ সেই চিকিৎসালয়খনত ক’ৰোনা চিকিৎসাত সুস্থ হৈ উঠিলে তেওঁলোকৰ ৯০ শতাংশৰে ফুচফুচ ক্ষতিগ্ৰস্ত হৈছে ৷ আনহাতে ৫ শতাংশ দ্বিতীয়বাৰ ক’ৰোনাত আক্ৰান্ত হৈ কোৱাৰেণ্টাইনত থাকিব লগা হৈছে ৷ উহানৰ জংগনান নামৰ চিকিৎসালয়খনত ক’ৰোনাত আক্ৰান্ত হৈ যিসকল বছৰৰ আৰম্ভণিতে ভৰ্ত্তি হৈছিল তেওঁলোক সুস্থ হৈ পৰাৰ পাচত পুনৰ শৰীৰ পৰীক্ষা কৰিবলৈ চিকিৎসালয়লৈ কেইবাবাৰো যায় ৷ এপ্ৰিলৰ পৰা এনেদৰে ১০০ জন ৰোগীৰ ওপৰত সমীক্ষা চলায় উহান বিশ্ববিদ্যালয় আৰু চিকিৎসালয়ৰ এটা দলে ৷ সমীক্ষা কৰা দলটোৰ নেতৃত্বত আছিল চিকিৎসালয়খনৰ আইচিইউৰ সঞ্চালক পেং জিয়ং ৷ জুলাই পৰ্যন্ত এই সমীক্ষা চলে ৷ যিসকল ৰোগীৰ ওপৰত পৰীক্ষা চলিছিল তেওঁলোকৰ গড় বয়স ৫৯ বছৰ আছিল ৷ ইয়াত দেখা যায় যে ক’ৰোনাৰ পৰা সুস্থ হৈ উঠা ১০০ জন ৰোগীৰ ভিতৰত ৯০ জনৰ ফুচফুচ ক্ষতিগ্ৰস্ত হৈছে ৷ অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড সঠিকভাৱে বিনিময় কৰিব পৰা নাই ফুচফুচে ৷ পেংৰ দলটোৱে ক’ৰোনাৰ পৰা সুস্থ হোৱা ৰোগীক ছয় মিনিট খোজ কাঢ়িবলৈ দিয়ে৷ তেতিয়া দেখা যায় এই ৰোগীসকলে ছয় মিনিটত ৪০০ মিটাৰ খোজ কাঢ়িব পাৰে ৷ য’ত সুস্থ মানুহে ৫০০ মিটাৰ খোজ কাঢ়িব পাৰে ৷ ডাঃ লিয়াং টেংজিয়াই জনায়, চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া কোনো কোনো ক’ৰোনা ৰোগী প্ৰায় তিনি মাহ অক্সিজেন যন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰে ৷ পৰীক্ষাৰ পৰা ইয়াকো দেখা গৈছে যে ক’ৰোনাৰ পৰা সুস্থ হৈ উঠা ১০০ জন ৰোগীৰ ভিতৰত ১০ জনৰ শৰীৰত এণ্টিব’ডি নাই ৷ ৫ শতাংশৰ আকৌ ক’ভিড-১৯ নিউক্লেইক পৰীক্ষা কৰি ৰিপৰ্ট নিগেটিভ আহিছে৷ কিন্তু ইমিউন’গ্লোবিউলিন এম (আইজিএম) পৰীক্ষা কৰি ৰিপৰ্ট পজিটিভ আহিছে৷ তেওঁলোকক পুনৰ কোৱাৰেণ্টাইনলৈ পঠোৱা হৈছে ৷ উল্লেখ্য যে কোনো ব্যক্তি ক’ৰোনা ভাইৰাছত আক্ৰান্ত হ’লে তেওঁৰ দেহত প্ৰথমে যি এণ্টিব’ডি উৎপাদন হয় তাক আইজিএম বুলি কোৱা হয় ৷ আইজিএম পৰীক্ষাৰ ৰিপৰ্ট পজিটিভ অহা মানে সেই ব্যক্তি ক’ৰোনাত আক্ৰান্ত হৈছিল ৷ কিন্তু এতিয়াও পৰীক্ষাত স্পষ্ট নহয় যে এই ৫ শতাংশ ৰোগী পুনৰ ক’ৰোনাত আক্ৰান্ত হৈছে নে নাই ৷ এই পৰীক্ষাত দেখা আন এক বিষয় হ’ল যিসকল এবাৰ ক’ৰোনাত আক্ৰান্ত হৈছে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে কমি গৈছে৷ উল্লেখ্য যে হুবেই প্ৰদেশৰ ৰাজধানী উহান ৷ এই প্ৰদেশত ৬৮,১৩৮ জন ক’ৰোনাত আক্ৰান্ত হৈছিল আৰু মৃত্যু হৈছিল ৪,৫১২ জন।
ইউপিএছছিত সফলতা প্ৰাক্তন মিছ ইণ্ডিয়া ফাইনেলিষ্টৰ : দেশৰ ভিতৰত ৯৩ স্থান লাভ
দৈনন্দিন বাৰ্তা ডেস্ক : মিছ ৱ’ৰ্ল্ডৰ সপোন দেখিছিল এগৰাকী সুন্দৰী নীলনয়নাই৷ অৱশ্যে তিনি বছৰৰ পাছত সেই সপোনৰ দোৱাৰ দলিত উপনীত হৈছিল ৷ এইগৰাকী সুন্দৰীৰ নাম ‘ঐশ্বর্যা’। ঐশ্বৰ্যা শ্বেৰাণ নামৰ এইগৰাকী সুন্দৰী প্ৰাক্তন মিছ ইণ্ডিয়া ফাইনেলিষ্ট ৷ এইগৰাকী সুন্দৰীয়ে সদ্যঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উৰ্ত্তীণ হৈ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিলে ৷ ইউপিএছছিৰ ২০১৯ বৰ্ষৰ ফলাফলত আইএএছ বিষয়া হ’বলৈ সক্ষম হোৱা সুন্দৰীগৰাকীৰ ৰাষ্ট্ৰীয় ৰেংক হ’ল ৯৩ ৷ ঐশ্বৰ্যা ৰায়ৰ নামটোৰ পৰাই তেওঁৰ মাকে নাম দিছিল ঐশ্বৰ্যা ৷ মিছ ইণ্ডিয়া ফাইনেলিষ্টৰ ২১ গৰাকীৰ মাজত আছিল তেওঁ ৷ ইপিনে মাকৰ ইচ্ছা আছিল কন্যা এদিন মডেলিং জগতত পৰিচিত হ’ব ৷ ডাঙৰ হৈ মাকৰ ইচ্ছা পুৰণ কৰিব কন্যাই ৷ সেই স্বপ্ন দেখিছিল পিতৃ অজয় কুমাৰ শ্বেৰাণে ৷ তেওঁ এনচিচিৰ তেলেংগানা বেটেলিয়নৰ কমাণ্ডিং বিষয়া ৷ বৰ্তমান কৰিমনগৰত কৰ্মৰত ৷ কন্যাই দেশবাসীৰ সেৱাত ব্ৰতী হোৱা কামনা কৰে পিতৃয়ে৷ পিতৃৰ সেই স্বপ্ন প্ৰথমবাৰে ইউপিএছছিৰ পৰীক্ষাত সফল হয় ঐশ্বৰ্যা৷ প্ৰকৃততে ঐশ্বৰ্যা মেধাবী হিচাপেই পৰিচিত৷ পৰীক্ষাৰ ফলাফল সৰুৰে পৰা প্ৰথম শাৰিত থকাত তেওঁ ক্লাছ কেপ্টেইন আছিল৷ উল্লেখ্য যে ঐশ্বৰ্যা ৰাজস্থানৰ চৰু গাঁৱত জন্ম হৈছিল ৷ পিতৃৰ কৰ্ম সূত্ৰে বিদ্যালয় পৰ্যায়ত বিভিন্ন চহৰত কটাব লগা হৈছিল ৷ তেওঁ প্ৰথমে বিজ্ঞান শাখাৰ ছাত্ৰী আছিল৷ পাছত দিল্লীৰ লেডী শ্ৰীৰাম কলেজ অব কমাৰ্চৰ পৰা স্নাতক হয়৷ বাণিজ্য শাখাৰ বিষয়ৰ লগতে তেওঁৰ হৃদয় আছিল মডেলিং জগতত ৷ ইপিনে মাতৃৰ উৎসাহ৷ মহাবিদ্যালয় পৰ্যায়ত পঢ়ি থাকোতেই মডেলিং আৰম্ভ কৰে৷ তাৰ পাচত নামে সৌন্দৰ্য প্ৰতিযোগিতাত ৷ ২০১৬ চনত মিছ ইণ্ডিয়া প্রতিদ্বন্দ্বিতা মঞ্চত নামে ৷ প্ৰতিযোগিতাৰ মূল পৰ্বত উপনীত হয় ৷ তাৰ পাচতে বিভিন্ন ফেচন শ্ব’ত অংশগ্ৰহণ কৰে ৷ মডেলিং জগতত লাহে লাহে জনপ্ৰিয়তা বাঢ়িবলৈ ধৰে ঐশ্বৰ্যাৰ৷ কিন্তু স্বপ্ন পুৰণত গ্লেমাৰৰ আলোকে তেওঁক ধৰিব পৰা নাছিল ৷ এৰি দিলে মডেলিং জগত ৷ সাফল্য আহক বা নাহক চেষ্টা কৰিবই৷ মডেলিঙক বিদায় দিলে লগতে বিদায় দিলে নিজৰ স্মাৰ্ট ফোন ৷ নিতান্ত প্রয়োজনত হাত দিয়ে ম’বাইল ফোনত ৷ পঢ়াশুনাত একাগ্ৰতাৰ বাবে বিচ্ছিন্ন কৰে সামাজিক মাধ্যম৷ ৱাটছএপ, ফেচবুক, টুইটাৰ এৰি কেৱল পৰীক্ষাৰ বাবে ব্যস্ত হয় ৷ কিন্তু কোনো কচিং চেণ্টাৰলৈ নগ’ল ৷ নিজেই প্ৰস্তুতি চলালে৷ প্ৰথম প্ৰচেষ্টাত সফল হ’ল ২৩ বছৰীয়া যুৱতীগৰাকী৷ সেনা বাহিনীত মহিলাৰ কামত সীমাবদ্ধতা থকাত আইএএছ বিষয়া হ’ল, য’ত কামৰ কোনো সীমা নাই ৷

শক্তি বিভাগৰ বিৰুদ্ধে মাজুলীত আছুৰ প্ৰতিবাদ; কাৰ্যালয় ঘেৰাও
উজনি-মাজুলী : লোডশ্বেদিঙৰ ফলত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে উজনি মাজুলীৰ জনসাধাৰণ ৷ উৎকট গৰমে যি সময়ত ৰাজ্য দহিছে সেই সময়ত উজনি মাজুলীত বিদ্যুৎ কৰ্টনে ৰাইজক জ্বলা কলা খুৱাইছে ৷ আজি জেংৰাই আঞ্চলিক ছাত্ৰ সন্থা আৰু ভকতিদুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত স্থানীয় ৰাইজে শ্ৰীৰাম দেৱোত্তৰস্থিত বিদ্যুৎ বিভাগৰ উপ সংমণ্ডল ঘেৰাও কৰে৷ প্ৰতিবাদস্থলিত উপস্থিত থাকি মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতুপন শৰ্মাই ২৪ ঘন্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে এই বিভাগটোৱে বৰ্তমান পৰিস্থিতিত ৰাইজক চৰম যাতনা ভুগাইছে ৷ ঘন্টা ঘন্টা ধৰি লোডশ্বেডিং কৰি ৰাইজক হাৰাশাস্তি ভুগাইছে৷ অতিশীঘ্ৰে মাজুলীত নিয়মীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ছাত্ৰ সন্থাই ধাৰাবাহিক আন্দোলন কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ প্ৰদান কৰে সাধাৰণ সম্পাদক গৰাকীয়ে৷ প্ৰতিবাদ কাৰ্যসূচীত উপস্থিত থাকে জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰুৱা, সাধাৰণ সম্পাদক মন্টু গায়ন, ভকতিদুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপক টায়েৰ লগতে বহু সংখ্যক ছাত্ৰ সন্থাৰ সদস্য আৰু স্থানীয় ৰাইজ৷ প্ৰতিবাদস্থলিত উপস্থিত হোৱা মাজুলী জিলাৰ বিদ্যুৎ বিভাগৰ অভিযন্ত্ৰা কৃষ্ণ পেগুক ছাত্ৰ সন্থাই স্মাৰক পত্ৰ প্ৰদান কৰি নিয়মীয়া বিদ্যুৎ যোগানৰ দাবী জনায় ৷
অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণক লৈ দেশবাসীৰ অভূতপূৰ্ব সহাৰি : ৰাম মন্দিৰৰ ভূমি পুজনক লৈ গুৱাহাটীত পূজা অৰ্চনা
দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ পাচশ বছৰীয়া প্ৰতীক্ষাৰ অন্তত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন কৰিলে৷ ইয়াকে লৈ দেশবাসী জনসাধৰণে যথেষ্ট উৎসাহী হোৱা দেখা গৈছে৷ ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী৷ আজি মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজাক লৈ পল্টন বজাৰত এক পূজা-অৰ্চনা অনুষ্ঠানৰ আয়োজন কৰে৷ পূজা অনুষ্ঠানত প্ৰাক্তন সাংসদ ৰমেন ডেকা, মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ দাস উপস্থিত থাকে৷ এই সন্দৰ্ভত ৰমেন ডেকাই কয় ভগৱান ৰামচন্দ্ৰই সমগ্ৰ দেশবাসীৰ মাজত শান্তি-সম্প্ৰতি কঢ়িয়াই আনিব সেয়া তেওঁ ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়৷ উল্লেখ্য যে পল্টন বজাৰ বিভিন্ন স্তৰৰ প্ৰায় শতাধিক ভক্তপ্ৰাণ ৰাইজে পূজাস্থলিত উপস্থিত থাকি দেশৰ মংগলৰ কাৰণে ভগৱান ৰামচন্দ্ৰৰ ওচৰত আশীৰ্বাদ লয়৷ সন্ধিয়া মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ তৰফৰ পৰা কেইবা শতাধিক বন্তি প্ৰজ্বালন কৰা হ’ব বুলি সাধাৰণ সম্পাদক ৰাজীব দাসে জনায়৷
বানৰ পাছত উৎকট গৰম : নাজিৰা, জয়সাগৰৰ দিখৌ নদীত নামি জীৱ কুলৰ বিননি
গেলেকী : সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলা অন্তৰ্গত নাজিৰা, জয়সাগৰকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত বানৰ পাছত উৎকট গৰম। ক’ৰনা, বানৰ পাছতে উৎকট গৰমে জন-জীৱনলৈ কঢ়িয়াই আনিছে চৰম ভাবুকি। বিগত দুমাহ ধৰি ৰাজ্যৰ ৩৩ খন জিলাৰ ২৫ খনতকৈয়ো অধিক জিলাত বানে তাণ্ডৱ চলোৱাৰ পাছত এতিয়া উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ বান প্ৰভাৱিত জিলা সমূহৰ পৰিস্থিতি স্বাভাৱিক হ’বলৈ ধৰিছে। যদিও গৰমৰ মাত্ৰা বৃদ্ধি পোৱাত বানাক্ৰান্ত ৰাইজৰ আন কিছুমান জটিল সমস্যাই দেখা দিছে ৷ যোৱা চাৰি দিন ধৰি ৰাজ্যত বৃদ্ধি পোৱা গৰমৰ ফলত বান বিধ্বস্ত অঞ্চলসমূহত উকমুকনি দিছে ডায়েৰিয়া, বমি আৰু ভিন্ন ছালৰ ৰোগে ৷ উল্লেখ্য যে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নাজিৰা দিখৌ নৈ পৰীয়া ৰাইজৰ লগতে জয়সাগৰস্থিত হাতীখোঁক গাওঁ আৰু দৰবাফিল্ডৰ একাধিক লোকৰ বিপৰীতে দৰবাফিল্ডৰ কণ-কণ শিশুৱে দিখৌ নদীৰ পানীত নামি উৎকট গৰমৰ পৰা ৰক্ষা পাবৰ বাবে অহৰহ গা-ধুৱা, পানীৰ সৈতে খেলা ৰাইজে প্ৰত্যক্ষ কৰিছে। লগতে লক ডাউন, আনলকৰ সময়ত হোৱা খাদ্য সংকটৰ প্ৰভাৱে মানৱ জাতিৰ বিপৰীতে পশু, পখিলৈয়ো বিপৰ্যয় কঢ়িয়াই আনিছে। তাৰে এক জলন্ত উদাহৰণ হ’ল জয়সাগৰস্থিত দিখৌ নদীত নামি দুষ্প্ৰাপ্য বৰটোকোলা চৰাইয়ে খাদ্যৰ সন্ধানত মানুহৰ কাষে-কাষে মুকলি বিচৰণ কৰি থকা দৃশ্যই চিন্তিত কৰি তুলিছে ৰাইজ তথা সচেতন মহলক। বৰ্তমানেও ১৫ খন জিলাৰ ২৩ টাকৈ ৰাজহ চক্ৰৰ ৩০৮ খন গাঁও প্লাবিত হৈ আছে প্ৰলয়ংকাৰী বানত৷ এনে ক্ষেত্ৰত বান প্ৰভাৱিত অঞ্চল সমূহৰ ৰাইজ অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন৷ খোৱা-বোৱাৰ ক্ষেত্ৰত অধিক সতৰ্কতা মানি চলাৰো প্ৰয়োজন বানাক্ৰান্ত ৰাইজৰ৷ বুধবাৰে শিৱসাগৰ জিলা তাপমাত্ৰা অতিক্ৰম কৰিলে ৩৬ ডিগ্ৰীৰ৷ ইয়াৰোপৰি ৰাজ্যৰ আন-আন স্থানসমূহতো প্ৰায় সম পৰ্যায়ৰ তাপমাত্ৰাই অতিষ্ঠ কৰি তুলিছে ৰাইজক৷

আগন্তুক স্বাধীনতা দিৱসৰ প্ৰস্তুতি মাজুলী জিলা প্ৰশাসনৰ
উজনি-মাজুলী : ক’ভিড-১৯ প্ৰট’কল অনুসৰণ কৰি মাজুলী জিলাতো দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে মাজুলী জিলা প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে। এই সন্দৰ্ভত বুধবাৰে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ নাগৰিক সমাজৰ প্ৰতিনিধিত্বকাৰী বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু চৰকাৰী বিভাগসমূহৰ মুৰব্বীসকলক লৈ জিলা প্ৰশাসনে এখন বৈঠক অনুষ্ঠিত কৰে। উপায়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত আয়োজিত এই বৈঠকত মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথ, আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, অতিৰিক্ত উপায়ুক্ত নৰেণ দাস, ৰাজহ চক্ৰ বিষয়া অচ্যুৎ বৰুৱাৰ লগতে জিলা প্ৰশাসনৰ একাধিক কাৰ্যবাহী দণ্ডাধীশেও অংশগ্ৰহণ কৰে। ক’ভিড-১৯ অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে আগবঢ়োৱা স্বাধীনতা দিৱস উদযাপন সম্পৰ্কীয় বিশেষ নীতি-নিৰ্দেশনাৰ আধাৰত জিলা সদৰ গড়মূৰৰ কাছাৰী ময়দানত ১৫ আগষ্টত অনুষ্টুপীয়া কাৰ্যসূচীৰে এইবেলি স্বাধীনতা দিৱসৰ মাজুলী জিলাস্তৰীয় অনুষ্ঠান আয়োজনৰ ব্যৱস্থা কৰা হৈছে।
প্ৰাকৃতিক দুৰ্যোগ প্ৰসমন আইন উলংঘন কৰা অভিযোগত নলবাৰী জিলা কংগ্ৰেছ কমিটীয়ে বিধায়ক অশোক শৰ্মা আৰু পৰ্যটক বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত দাখিল কৰিলে গোচৰ
নলবাৰী : প্ৰাকৃতিক দুৰ্যোগ প্ৰসমন আইন উলংঘন কৰা অভিযোগৰ ভিত্তিতে আজি জনপ্ৰতিনিধিৰ লগতে প্ৰশাসনৰ বিৰুদ্ধে নলবাৰীত দাখিল কৰা হ’ল গোচৰ। প্ৰাকৃতিক দুৰ্যোগ প্ৰসমন আইন উলংঘন কৰা বাবে নলবাৰীৰ বিধায়ক অশোক শৰ্মা, পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে। নলবাৰী সদৰ থানাত এই গোচৰ দাখিল কৰিলে নলবাৰী জিলা কংগ্ৰেছ কমিটীয়ে। উল্লেখযোগ্য যে কালি পুৱা নলবাৰীত অশোক শৰ্মাৰ উদ্যোগত খাৰজাৰা দুধনাথ আশ্ৰমত অনুষ্ঠিত হৈছিল ৰাজহুৱা বিষ্ণু যজ্ঞ আৰু সন্ধিয়া জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত হৈছিল সামূহিক বন্তি প্ৰজ্বলন। দুয়োটা অনুষ্ঠানত বহু মানুহৰ সমাগম হৈছিল আৰু কভিড সংক্ৰমণ ৰোধ কৰাৰ নীতি-নিৰ্দেশনাবোৰ উলাই কৰিছিল। কভিড সংক্ৰমণ ৰোধৰ নীতি-নিয়ম পালন নকৰাৰ অভিযোগ উত্থাপন কৰিছে নলবাৰী জিলা কংগ্ৰেছে। নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজোতি হালৈয়ে এই অভিযোগ উত্থাপন কৰি আজি নলবাৰী সদৰ থানাত গোচৰ দাখিল কৰে। তদুপৰি কালিৰ এই অনুষ্ঠানত যদি নলবাৰী জিলা আৰু আৰক্ষী অধীক্ষকে যদি অনুমতি প্ৰদান কৰিছিল তেন্তে বিধায়ক অশোক শৰ্মা আৰু পৰ্যটক বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই মুখ্য সচিবে জাৰি কৰা নিয়ম উলংঘা কৰাৰ সময়ত কিয় চকু দিয়া নাছিল আৰু যদি জিলা উপাযুক্ত আৰু আৰক্ষী অধীক্ষকে অনুমতি দিয়া নাছিল তেন্তে জিলা প্ৰশাসনৰ নাকৰ তলত কেনেকৈ এই অনুষ্ঠান আয়োজন কৰিলে বুলি কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।
গাহৰি পালনেৰে স্বাৱলম্বী নগাঁৱৰ ভুৱন বসুমতাৰী
নগাঁও : যি সময়ত ৰাজ্যখনৰ লাখ-লাখ শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে সেই সময়তে কোনো ধৰণৰ চৰকাৰী চাকৰিক ভৰসা নকৰি একমাত্ৰ নিজৰ ঐকান্তিক প্ৰচেষ্টা, একাগ্ৰতা আৰু কষ্ট সহিষ্ণুতাৰ বলত গাহৰি পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নগাঁও জিলাৰ বঢ়মপুৰৰ নিকটৱৰ্তী বৰবাৰী কছাৰীগাঁৱৰ জীৱন চন্দ্ৰ বসুমতাৰী আৰু মাখনী বসুমতাৰীৰ পুত্ৰ বিশ্ব ভুৱন বসুমতাৰীয়ে। আজিৰ পৰা প্ৰায় ৯ মাহৰ আগতে ১০ টা পোৱালি গাহৰিৰে আৰম্ভ কৰা বিশ্ব ভুৱন বসুমতাৰীৰ গাহৰি ফাৰ্মখনে বৰ্তমান সমগ্ৰ বঢ়মপুৰৰ লগতে বৰবাৰী অঞ্চলৰ ভিতৰত এখন আগশাৰীৰ ফাৰ্ম হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা ২০১৫ চনত স্নাতক ডিগ্ৰী লাভ কৰি এই গৰাকী শিক্ষিত যুৱকে এসময়ৰ মহাবিদ্যালয়খনৰ উপ-সভাপতিৰ পদতো অধিষ্ঠিত হৈছিল। কলেজীয়া শিক্ষা সমাপ্ত কৰি ঘৰতে এনেই হাত সাৱটি বহি নাথাকি চৰকাৰীভাৱে কোনো ধৰণৰ আৰ্থিক সাহায্য অবিহনে আৰম্ভ কৰা ফাৰ্মখনত বৰ্তমান ১০ টা পোৱালি গাহৰি আৰু ১১ টা উন্নত প্ৰজাতিৰ গাহৰি আছে। বিশ্বই জানিবলৈ দিয়া মতে, এবাৰত এটা গাহৰিয়ে ১০-১৫ টা পৰ্য্যন্ত পোৱালিৰ জন্ম দিয়ে আৰু এই পোৱালিসমূহ প্ৰায় ৫০ দিন ৰখাৰ পাছত একোটাৰ পৰা প্ৰায় ৪,৫০০ টকা উপাৰ্জন হয়। বৰ্তমান হিমচেয়াৰ আৰু ইয়ৰ্কচেয়াৰ প্ৰজাতিৰ গাহৰি বৰ্ণসংকৰ কৰাই এক উন্নত প্ৰজাতিৰ গাহৰি জন্ম দিয়া হয় এই ফাৰ্মখনত। ২৮ বছৰীয়া এই কৰ্মোদ্যমী যুৱকজনে জানিবলৈ দিয়া মতে, গাহৰি পালন এক পৰ্য্যাবৰণ অনুকূল ব্যৱসায়। ৰাস্তাৰ দাঁতিত থকা কচু, তুহগুৰি, শুকান মাছৰ গুৰি, খলিয়হ, মিনাৰেল মিক্সাৰ আদি সামগ্ৰী তেওঁ গাহৰিক খাদ্য হিচাপে যোগান ধৰে। উদ্যমী যুৱকজনে জনোৱা মতে, অসম চৰকাৰৰ পশুপালন বিভাগৰ তৰফৰ পৰা আজি পৰ্য্যন্ত তেওঁক কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই। ইফালে, গাহৰিৰ সততে হোৱা কিছুমান সংক্ৰামক ৰোগৰ চিকিৎসাও চৰকাৰী সা-সুবিধা অবিহনে নিজা খৰচত কৰিবলগা হয়। উক্ত ফাৰ্মখনৰ পৰা বিশ্বই ১০ টা গাহৰি বিক্ৰীৰে নিৰ্দিষ্ট এটা সময়ৰ মূৰে-মূৰে ৪৫,০০০ টকা পৰ্য্যন্ত উপাৰ্জন কৰে আৰু এই উপাৰ্জনৰ ধনেৰে ফাৰ্মখনত থকা আন এগৰাকী কৰ্মচাৰীৰ লগতে নিজৰ পৰিয়ালটোকো আৰ্থিকভাৱে সকাহ দিব পাৰিছে।
লকডাউনৰ সুযোগত চাউল চুৰিৰ অভিযোগ : হোজাইৰ বিভিন্ন প্ৰান্তত অৰ্থনৈতিক অপৰাধ শাখাৰ অভিযান
হোজাই : হোজাই জিলাৰ ডবকা সমবায় সমিতিৰ কাৰ্য্যালয়, লংকা দগাঁও আৰু হোজাই জন কল্যাণ সমবায় সমিতিত মঙলবাৰে অতৰ্কিতে অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাৰ পাচজনীয়া এটি দলে অভিযান চলায় বিভিন্ন নথিপত্ৰ জব্দ কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুৱাহাটীৰ পৰা অৰ্থনৈতিক অপৰাধ শাখাৰ এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা এই দলটিত কেইবাজনো যোগান বিভাগৰ বিষয়াও আছিল৷ দলটিয়ে সমবায় সমিতিৰ গুদাম ঘৰৰ উপৰিওঁ কাৰ্য্যালয়ৰ বিভিন্ন নথি পত্ৰওঁ পৰীক্ষা কৰে৷ বহু কেইজন সমবায় এজেন্টক, সুলভ মূল্যৰ দোকানীক দলটিয়ে সোধপোচো কৰে৷ অৱশ্যে দলটিৰ এই অভিযান কালত কাকো আটক কৰা নাই যদিওঁ তদন্তৰ বাবে বহু নথি পত্ৰ জব্দ কৰি গুৱাহাটী লৈ যায়৷ সংবাদ মাধ্যমৰ আগত অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ দলটিয়ে মুখ খোলা নাই যদিও আমাৰ ফালৰ পৰা চলোৱা অনুসন্ধানত লক ডাউনৰ সময়ত চৰকাৰে দুখীয়া লোকৰ বাবে আবন্টন দিয়া প্ৰধান মন্ত্ৰী গৰীব যোজনাৰ চাউল তথা অন্যান্য চৰকাৰী আঁচনিৰ চাউল বিতৰণত বহু সুলভ মূল্যৰ দোকানী, এজেন্ট সকলে ব্যাপক খেলিমেলি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ তাৰোপৰি বহু এজেন্ট, সুলভ মূল্যৰ দোকানীয়ে নিৰ্ধাৰিত পৰিমাণতকৈ কম পৰিমাণে চাউল দুখীয়া লোকক দিয়াৰ অভিযোগ উত্থাপিত হৈছিল৷ এই সমস্ত অভিযোগৰ ভিত্তিত দলটিয়ে অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷ এই অভিযান কালত দলটিক হোজাই জিলাৰ যোগীন বিভাগৰ পৰিদৰ্শক নেগীব খনেও সহযোগ আগবঢ়ায়৷
জুবিন গাৰ্গৰ আদৰ্শৰে পৰিচালিত ৰুমাল লাইভৰ উদ্যোগত বান সাহাৰ্য দিয়াৰ প্ৰস্তুতি
উজনি-মাজুলী : অসমৰ জনপ্ৰিয় তথা ব্যতিক্ৰমী ফেচবুক পেজ ৰুমাল লাইভে মাজুলীৰ বানপীড়িত ৰাইজৰ মাজত কিছু পৰিমাণে সাহাৰ্য দিয়াৰ বাবে প্ৰস্তুতি চলাইছে। কালি মাজুলী “সোনাৰিআটী চাৰিআলিৰ পৰা আৰম্ভ কৰি গড়মূৰ, কমলাবাৰীকে আদি কৰি বিভিন্ন ঠাইৰ পৰা ৰুমাল লাইভৰ মাজুলী জিলাৰ কৰ্মীসকলে বান সাহায্যৰ বাবে এক কাৰ্যসূচী গ্ৰহণ কৰে। ৰুমাল লাইভৰ কাৰ্য্যসূচীলৈ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন লোকে সহায়-সহযোগিতা আগবঢ়াইছে লগতে তেখেত সকলৰ তৰফৰ পৰা সকলো ৰাইজলৈ আহ্বান জনাইছে সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে যাতে এই বান সাহাৰ্য অভিযানত সহায় সহযোগিতা আগবঢ়ায়। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ আদৰ্শেৰে পৰিচালিত এই ফেচবুক পেজটোৱে বিগত সময়ত বিভিন্ন সামাজিক কামৰ লগত জড়িত হৈ আহিছে।














