Home Blog Page 3220

গেটছ ফাউণ্ডেচনৰ সাহায্যত ভাৰতসহ তৃতীয় বিশ্বৰ দেশবোৰৰ বাবে ১০ কোটি ক’ৰোনা টীকা

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতসহ তৃতীয় বিশ্বৰ দেশবোৰৰ বাবে ১০ কোটি ক’ৰোনা টীকা প্ৰস্তুত কৰিব ছিৰাম ইনষ্টিটিউটে ৷ তাৰ বাবে ১৫ কোটি ডলাৰ সাহায্য দিব বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেচনে ৷ শুকুৰবাৰে এই কথা ঘোষণা কৰিলে ছিৰাম ইনষ্টিটিউটে ৷ অক্সফৰ্ড আৰু এষ্ট্ৰাজেনেকাই প্ৰস্তুত কৰা ক’ৰোনা টীকা উৎপাদনৰ দায়িত্ব পাইছে এই ভাৰতীয় ঔষধ প্ৰস্তুত কৰা কোম্পানীটোৱে ৷ এই টীকা ভাৰতসহ ৯২খন দৰিদ্ৰ দেশৰ হাতত তুলি দিব ছিৰাম ইনষ্টিটিউটে৷ উল্লেখ্য যে এটা ড’জৰ দাম তিনি মাৰ্কিন ডলাৰ৷ ভাৰতীয় মুদ্ৰাত ২২৫ টকা ৷ টীকা প্ৰস্তুতৰ বাবে গেটছ ফাউণ্ডেচনে টকা তুলি দিব জিএভিআই সংগঠনৰ হাতত ৷ তেওঁলোকে দিব ছিৰাম ইনষ্টিটিউটক ৷ উল্লেখ্য যে জিএভিআই হ’ল এটা আন্তৰ্জাতিক সংগঠন ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বিজেপি সদস্যৰ প্লাজমা দান

দৈনন্দিন বাৰ্তা ডেস্ক : কৰোনা আক্ৰান্ত ব্যক্তি সুষ্ঠ হোৱাৰ পিছত নিজৰ ৰক্তদান অৰ্থাৎ প্লাজমা দানেৰে আন দুগৰাকী ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰি৷ ইয়াৰ বাবেই ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন কভিড আক্ৰান্ত ব্যক্তি সুষ্ঠ হোৱাৰ পিছত প্লাজমা দান কৰিবলৈ অনুৰোধ জনাই আহিছে৷ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ প্ৰতি সহাৰি জনাই বিজেপি ৰাজ্যিক সমিতিয়ে সমগ্ৰ অসমৰ জিলা সমিতি সমূহক প্লাজমা দানৰ পদক্ষেপ ল’বলৈ আহ্বান জনায়৷ ইয়াৰে অংশ হিচাপে শুকুৰবাৰে বিজেপি গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত আৰু ৰাজধানী মণ্ডলৰ সহযোগত কভিড আক্ৰান্তৰ পৰা সুষ্ঠ হোৱা প্ৰায় ২২ গৰাকী বিজেপিৰ সদস্যই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান কৰে৷ প্লাজমা দান অনুষ্ঠানত চিকিৎসালয়খনৰ চিকিৎসক ডা: প্ৰাঞ্জল ভৰালী, ডা: হৃদয় দাস, ডা: ভাগ্যৱতী দেৱীয়ে বিশেষ সহযোগিতা আগবঢ়ায়৷ ইপিনে অনুষ্ঠানত প্ৰাক্তন মেয়ৰ তথা বিজেপি গুৱাহাটী মহানগৰ জিলাৰ সভাপতি মৃগেন শৰণীয়া উপস্থিত থাকি কয় যে কভিড আক্ৰান্ত সুষ্ঠ হোৱা ব্যক্তিসকলে প্লাজমা দানে অন্য দুজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিব৷ সেইবাবেই সকলো কভিড সুষ্ঠ ব্যক্তি প্লাজমা দিয়া আৱস্যক৷ সেয়া ৰাজ্যিক সমিতিৰ আহ্বান মৰ্মে বিজেপি ২২গৰাকী সদস্যই প্লাজমা দান কৰে৷ অহা ১০ আগষ্টত গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত মণ্ডলসমূহৰ সহযোগত পুনৰ প্লাজমা দান কৰা হ’ব বুলি শৰণীয়াই উল্লেখ কৰে৷ তেওঁ লগতে যি সকল সদস্যই প্লাজমা দান কৰিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ফুলাম গামোছাৰে শুভেচ্ছা জনায়৷

চৰায়ে মাৰিলে খুন্দা : ৰাঁচীত বিপদৰ পৰা ৰক্ষা এয়াৰ এছিয়া ইণ্ডিয়াৰ বিমান

দৈনন্দিন বাৰ্তা ডেস্ক : কেৰালাৰ কোজিকোড বিমানবন্দৰত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান বিধ্বস্ত হোৱাৰ পাছ দিনা অৰ্থাৎ আন এক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এয়াৰ এছিয়া ইণ্ডিয়াৰ বিমান ৷ এইখন বিমানত চৰায়ে আঘাত কৰাত শনিবাৰে পুৱাই যাত্ৰা বাতিল কৰে ৷ এয়াৰ লাইনটোৰ মুখপাত্ৰই কয়, মুম্বাই অভিমুখী বিমানখনে ৰাঁচীৰ বীৰচা মুন্দা বিমানবন্দৰৰ পৰা যাত্ৰা কৰিবলৈ লৈছিল ৷ এয়াৰ এছিয়া ইণ্ডিয়া বিমান ভিটি-এইচজিজি ৰাঁচীৰ পৰা মুম্বাইলৈ নিৰ্দ্ধাৰিত সময় ১১.৫০ বজাত যাত্ৰা কৰিছিল ৷ তেতিয়াই বিমানখনত চৰায়ে খুন্দা মাৰে বুলি এয়াৰ লাইনটোৰ মুখপাত্ৰই কয় ৷ তেতিয়া পাইলটে জৰুৰীকালীন ব্ৰেক মাৰে ৷ ফলত এক ভয়ানক বিপদৰ পৰা ৰক্ষা পৰে যাত্ৰীসকল ৷ বিমানখনত থকা ১৭৬ জন যাত্ৰী বিপদৰ পৰা ৰক্ষা পৰে ৷

কেৰালাৰ কোজিকোডৰ বিমান দুৰ্ঘটনা : ১০ হাজাৰ ঘণ্টা বিমান উৰুৱাৰ অভিজ্ঞতাৰে পুষ্ট নিহত পাইলট

দৈনন্দিন বাৰ্তা ডেস্ক : কেৰালাৰ কোজিকোডত শুকুৰবাৰে নিশা হোৱা বিমান দুৰ্ঘটনাত পাইলটসহ ১৮জন যাত্ৰীৰ মৃত্যু হয় ৷ এই দুৰ্ঘটনাত পাইলটৰ কোনো ভুল আছিল নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷ ইপিনে শনিবাৰে কোজিকোড বিমানবন্দৰৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ পুৰীয়ে ৷ মন্ত্ৰীজনে কয়, এই এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানৰ পাইলট আছিল কেপ্টেইন দীপক সাঠে ৷ তেওঁ অতি অভিজ্ঞ পাইলট আছিল ৷ ইয়াৰ আগেয়ে কমেও ২৭ বাৰ কোজিকোড বিমানবন্দৰৰ ৰানৱেত তেওঁ নামিছিল ৷ মন্ত্ৰীজনে লগতে কয় যে পাইলট কমাণ্ডাৰ কেপ্টেইন দীপক বসন্ত সাঠেৰ ১০ হাজাৰ ঘণ্টা বিমান উৰুৱাৰ অভিজ্ঞতা আছে ৷ তাৰ পাচতো এই দুর্ভাগ্যজনক দুর্ঘটনাটো সংঘটিত হয় ৷ শনিবাৰৰ এই দুৰ্ঘটনা স্থান পৰিদৰ্শন কৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে ৷ উল্লেখ্য যে এই দুৰ্ঘটনাত এটি ৪ বছৰীয়া শিশুসহ ১৮জন লোকৰ মৃত্যু হৈছে ৷ আনহাতে ১৪৯ জন যাত্ৰী আহত হৈছে ৷ আহতসকলক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় ৷

‘কা’ বাতিলৰ দাবীত ডিকমত মটক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

দৈনন্দিন বাৰ্তা ডেস্ক : নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা-২০২০ বাতিল কৰা, অখিল গগৈক মুক্তি দিয়াৰ দাবীত শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ডিকমত প্ৰতিবাদ সাব্যস্ত কৰে উজনি অসমৰ মটক জনগোষ্ঠী অন্যতম জাতীয় সংগঠন সদৌ অসম মটক ছাত্ৰ সন্থাই৷ সদৌ অসম মটক ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতি আৰু ডিকম আঞ্চলিক সমিতিয়ে ডিব্ৰুগড়ৰ ডিকমৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰি নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা-২০২০ বাতিল কৰাৰ লগতে কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী জনায়৷ কেইবা শতাধিক নেতা-কৰ্মীয়ে হাতে হাতে প্লে কাৰ্ড লৈ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি বৰতাল বজাই প্ৰতিবাদ জনায়৷ অসমৰ জৈৱ বৈচিত্ৰ ৰক্ষা কৰক, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, কা-বাতিল কৰক, কা-আমি নামানো, EIA-২০২০ অধিসূচনা প্ৰত্যাহাৰ কৰক, ডিকম আঞ্চলিক মটক ছাত্ৰ সন্থা জিন্দাবাদ, বিজেপি চৰকাৰ হায়ঃ হায়ঃ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ আদি শ্ল’গান দি ডিকমৰ আকাশ বতাহ কঁপাই তোলে। কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা যুগল বৰুৱা, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সঞ্জয় হাজৰিকাৰ লগতে ডিব্ৰুগড় জিলা সমিতিৰ বিষয়-ববীয়া উপস্থিত থাকি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰখনক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়।

কামপুৰৰ তেতেলিসৰা গুজুঙা ডুবা বিলত হাজাৰ হাজাৰ মাছৰ অস্বাভাৱিক মৃত্যু

নগাঁও : দেই পুৰি নিয়া গৰমত দহিছে সমগ্ৰ ৰাজ্যবাসী। প্ৰচণ্ড গৰমৰ তাপে দহিছে আনকি জীৱকুলকো। প্ৰখৰ ৰ’দৰ উত্তাপে এতিয়া নদ, নদী, খাল, বিলৰ পানীও গৰম কৰি তুলিছে। যাৰ ফলত পানীত থকা জীৱকুলো গৰমৰ পৰা পৰিত্ৰাণ পোৱা নাই। উৎকট গৰম আৰু প্ৰখৰ ৰ’দৰ বাবেই কামপুৰৰ তেতেলিসৰা গুজুঙা ডুবা বিলত মাছৰ অস্বাভাৱিক মৃত্যু ঘটিছে৷ কালি পুৱা বিলখনত মাছসমূহ উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে৷ বিলখনত থকা কাৱৈ, গৰৈ, বৰালী, পুঠিকে ধৰি হাজাৰ হাজাৰ থলুৱা প্ৰজাতিৰ মাছৰ ইতিমধ্যে মৃত্যু হৈছে৷ উল্লেখযোগ্য যে, বৃহস্পতিবাৰে বিয়লিৰ পৰাই বিলখনত এটা দুটাকৈ মাছৰ মৃত্যু হৈ ওপঙি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল যদিও শুকুৰবাৰে পুৱাৰ ভাগৰ পৰা অধিক হাৰত মাছৰ মৃত্যু হয়। গৰমৰ বাবেই এইদৰে মাছৰ মৃত্যু হৈছে বুলি ধাৰণা কৰা হৈছে যদিও প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। যোৱা চাৰি-পাঁচদিন ধৰি হোৱা প্ৰখৰ ৰ’দ আৰু গৰমৰ বাবে ইতিমধ্যে বিলখনৰ পানী শুকাই গৈছে। যাৰ বাবেই বিলখনত মাছৰ অস্বাভাৱিক মৃত্যু হৈছে বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে।

চন্দনগিৰি পথৰ বিধস্ত ৰূপে দুৰ্ভোগ ভোগাইছে পথচাৰীক

দৈনন্দিন বাৰ্তা ডেস্ক : গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ চন্দনগিৰি পথৰ বিধস্ত ৰূপে দুৰ্ভোগ ভোগাইছে পথচাৰীৰ লগতে স্হানীয় অঞ্চলবাসী ৰাইজক৷ শিলপুখুৰীৰ পৰা নৱগ্ৰহ সংযোগী পথচোৱাত ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷ পথচোৱাৰ একাংশ ঠাইত খলাবমা হৈছে৷ যাৰ ফলত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে৷ কেইবাগৰাকী ব্যক্তি আহত হ’বলগীয়া হৈছে৷ এই পথচোৱাত কেইবাটাও মন্দিৰ, নামঘৰ অৱস্হিত৷ বিভিন্ন ভক্তই মন্দিৰত সেৱা আগবঢ়াবলৈ আহে যদিও, পথচোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই ভক্তসকলৰ লগতে মহিলা, স্কুল কলেজৰ শিক্ষাৰ্থী সকল খোজকাঢ়ি অহা যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷ ইয়াৰ বাবে অঞ্চলবাসী ৰাইজে শীঘ্ৰেই পথচোৱা পুন:নিৰ্মাণ কৰিবলৈ গড়কাপ্তানি বিভাগৰ ওচৰত দাবী জনায় ৷

টীয়কত যুৱ-ছাত্ৰ পৰিষদৰ সাহাৰ্য বিতৰণ

মুদৈজান : আজি যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টীয়ক বগৰীগুৰি অঞ্চলত বানপীড়িত ৰাইজৰ মাজত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, সম্পাদক প্ৰশান্ত দত্ত প্ৰমুখ্যে যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সভাপতি-সম্পাদক সহিতে এটি সজাতি দল উপস্থিত হৈ ৰাইজৰ বুজ লয় আৰু তেওঁলোকৰ ফালৰ পৰা ব্লিচিং পাউডাৰ, চাবোন, চাৰ্ফ আৰু কিছু খাদ্য সামগ্ৰী ৰাইজৰ মাজত বিতৰণ কৰে। উক্ত কাৰ্যসূচীত বিশেষভাৱে উপস্থিত থাকে যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সদস্য বাবু দত্ত।

ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড : ৱেব ৰ্পটেলৰ সাংবাদিক বীজেন দ্বীপক হত্যা

তিনিচুকীয়া : তিনিচুকীয়া ন-পুখুৰীত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ডই ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টী কৰিছে। নিজ কাৰ্যালয়ৰ ভিতৰতে বীজেন দ্বীপক সাংবাদিক হত্যা কৰি দুদিন পুৰ্বে পেলাই যোৱা বুলি অনুমান কৰা হৈছে। জ্যোতিনগৰৰ এটা ভাড়াঘৰত ৰ্পটেলৰ নিজ কাৰ্যালয়ৰ ভিতৰতে ডিঙি কটা অৱস্থাত বীজেন দ্বীপৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তিনিচুকীয়াত সংবাদ মাধ্যমৰ লগতে ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। দিন প্ৰতিদিন নামৰ এটা ৱেব পৰ্টেলৰ স্বত্বাধিকাৰী আছিল সাংবাদিক গৰাকীৰ আজি পুৱা পৰিয়ালৰ লোকৰ ফোন ৰিচিপ নকৰাত স্থানীয় কচুজানত থকা পৰিয়ালৰ লোকে আহি মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীক ঘটনাত জড়িত লোকক চিনাক্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে তিনিচুকীয়া প্ৰেছ ক্লাৱ, জিলা সাংবাদিক সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, জিলা আছু, এ যে ৱাই চি পি, মটক সন্মিলন, মৰান ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল-সংগঠনে।

নগাঁও বন বিভাগৰ দ্বাৰা জব্দ চোৰাং কাঠ ভৰ্তি বাহন

নগাঁও : নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত এটি অভিযানকাৰী দলে যোৱা নিশা প্ৰায় ৯:৩০ বজাত জিলাখনৰ মিছা আৰক্ষী নিৱেশৰ সমীপত অতৰ্কিতে এক অভিযান চলাই মূল্যবান মাকৈ শাল আৰু তিতাচঁপা কাঠ ভৰ্তি এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি কাৰ্বিআংলং জিলাৰ লাংখ্ৰাং বনাঞ্চলৰ পৰা বিভিন্ন প্ৰকাৰৰ মূল্যবান কাঠসমূহ এনেদৰে নিশাৰ ভাগত প্ৰায়ে চাপানলা-শালনা-মিছা অঞ্চলৰ মাজেৰে চোৰাং কাঠ ব্যৱসায়ীয়ে সৰবৰাহ কৰাৰ খবৰ নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীয়ে বিভিন্ন মাধ্যমৰ পৰা লাভ কৰি আহিছিল৷ সেই উদেশ্য নিশা উক্ত অঞ্চলত নগাঁও বন সংমণ্ডলৰ বন সুৰক্ষা বাহিনীৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰ, বন পালক নিপেন বৰা, বন কৰ্মী গৌতম বৰা, গুপ্ত বৰা, মুক্তাৰ হুছেইন, দীনেশ ৰাজবংশীয়ে এক অভিযান চলাই মূল্যবান মাকৈ শাল আৰু তিতাচঁপা ভৰ্তি চোৰাং কাঠ কঢ়িয়াই অনা বাহনখন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ এএছ০৫এ ১২৮৬ আৰু জব্দ কৰা মাকৈ শাল আৰু তিতাচঁপা কাঠখিনিৰ পৰিমাণ প্ৰায় ৫ চি এম হোবাৰ বিপৰীতে এই মাকৈ শাল আৰু তিতাচঁপা কাঠখিনিৰ বজাৰ মূল্য লক্ষ্যাধিক হ’ব বুলি বন বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে৷