Home Blog Page 3237

সোণতলীত বন্যাৰ্তক সাহায্য বিতৰণ আৰাফা ৰয়েল একাডেমিৰ

সোণতলী : দ্বিতীয়টো বানে ইতিমধ্য ৰাজ্যৰ ভিন্নপ্ৰান্ত বিস্তৰ ক্ষতিসাধন কৰাৰ পিছতে আকৌ ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বৃদ্ধি হ’ব ধৰিছে৷ কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত লুইতৰ বাঢ়নী পানীয়ে তৃতীয় বাৰৰ বাবে জলমগ্ন হৈ পৰিছে সোণতলীৰ বিস্তীৰ্ণ অঞ্চল৷ ওখ শিৱিৰ অথবা মথাউৰিত আশ্ৰয় লৈ থকা হাজাৰ হাজাৰ পৰিয়ালে নিজৰ আপোন ঘৰখনলৈ উভতি পূৰ্ব্বেই তৃতীয়টো শংকিত কৰি পেলাইছে নৈপৰীয়া ৰাইজক৷ উল্লেখ্য যে, জনপ্ৰতিনিধি অথবা চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহাৰি নোপোৱা বন্যাৰ্তক সহায় কৰিবলৈ আগবাঢ়ি আহিল সোণতলী অঞ্চলৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ বিদ্যালয় ‘আৰাফা ৰয়েল একাডেমিৰ শিক্ষক সমাজ৷ উল্লেখনীয় যে, বিদ্যালয়খনৰ স্বত্বাধিকাৰী তথা সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা মুল্লুক চান বাবুৰ (এম চি বাবু) নেতৃত্বত বিদ্যালয়খনৰ শিক্ষকসকলে যন্ত্ৰচালিত নাৱৰে পানীখাইতী, বৰদিয়া নয়াপাৰা, জতিয়াদিয়া আদি অঞ্চল পৰিদৰ্শন কৰে৷ প্ৰতিটো শিবিৰত আশ্ৰয় লোৱা বন্যাৰ্তক সহায় কৰিবলৈ বিদ্যালয়ৰ তৰফৰ পৰা চাউল, দালি, আলু, মিঠাতেল, চিৰা, চেনী, বিস্কুট, নিমখ, মমবাতি আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে৷ ইয়াৰ উপৰিও পানীখাইতীত বানে উঠি অহা অসহায় এটা পৰিয়ালক ত্ৰিপালৰ লগতে খাদ্য সামগ্ৰীৰ যোগান ধৰে৷ ইপিনে বিদ্যালয়খনৰ স্বত্বাধিকাৰী মুল্লুক চান বাবুয়ে (এম চি বাবু) বান সমস্যা সমাধান কৰাৰ উপৰিও খহনীয়াগ্ৰস্থ পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ বাবে চৰকাৰলৈ আহ্বান জনায়৷ স্মৰ্তব্য যে, বিদ্যালয়খনৰ শিক্ষক সমাজৰ এনে মহানুভৱতাক বানাক্ৰান্তই ভূয়সী প্ৰশংসা কৰা দেখা যায়৷

কাইলৈ সদ্যপ্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ শেষৰখন চলচ্চিত্ৰ DIL BECHARAৰ শুভমুক্তি, কিদৰে চাব পাৰিব আপুনি

দৈনন্দিন বাৰ্তা সাংস্কৃতিক বাৰ্তাঃ কৰোনাৰ মাজতে চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ। অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰা সুশান্ত সিং ৰাজপুতৰ অন্তিম খন চিনেমা “দিল বেচাৰা” মুক্তি পাব শুকুৰবাৰে। ২৪ জুলাই অৰ্থাৎ কাইলৈ সন্ধিয়া ৭-৩০ বজাত ডিজিটেল মাধ্যমত মুক্তিত লাভ কৰিব সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি দিল বেচাৰা, ডিজনী প্লাছ হটষ্টাৰত শুভমুক্তি দিয়া হ’ব ছবিখন। যোৱা ৭ জুলাইত মুক্তি লাভ কৰিছিল প্ৰয়াত সুশান্ত সিং ৰাজপুত আৰু নৱাগতা সঞ্জনা সংঘীৰ ছবি দিল বেচাৰাৰ ট্ৰেইলাৰ। মুক্তিৰ প্ৰথমটো দিনতে ইণ্টাৰনেটত সকলো অভিলেখ ভংগ কৰিছে সুশান্ত সিং ৰাজপুতৰ অন্তিম ছবিৰ ট্ৰেইলাৰে। ছবিখনৰ ট্ৰেইলাৰে চেৰ পেলাইছিল এভেঞ্জাৰ্চ এণ্ডগেমোকো। কেৱল ইমানেই নহয় সমগ্ৰ বিশ্বতে এক নম্বৰ জনপ্ৰিয় ভিডিঅ’ হৈ চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছিল ট্ৰেইলাৰটো। ভাৰতৰ লগতে আমেৰিকা, বিটেইন, কানাডা দৰ্শক সকলৰ বাবেও ডিজিটেল মাধ্যমত উপললদ্ধ হব চিনেমাখন। পৰিচালক মুকেশ ছাৱড়াই এই ছবিখনৰ সন্দৰ্ভত কয়, পৰিয়ালৰ সৈতে উপভোগ কৰিব পৰা এখন সুন্দৰ ছবি দিল Dil Bechara। কোনো ধন নোলোৱাকৈ দৰ্শকৰ বাবে ফ্ৰী(মাচুল নোলোৱাকৈ)ত এই ছবিখন আগবঢ়াই দিব Dil Bechara টীমে।

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র কমল কুমাৰ মেধিক আৰটিআই কোষৰ অধ্যক্ষ ৰূপে নিযুক্তি

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছৰ মুখপত্ৰ কমল কুমাৰ মেধিক প্ৰদেশ কংগ্ৰেছৰ আৰটিআই কোষৰ অধ্যক্ষ ৰূপে নিযুক্তি। এই নিযুক্তি সন্দৰ্ভত দিল্লীৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈ অল ইণ্ডিয়া কংগ্ৰেছ কমিটী লিগেল হিউমেন ৰাইটছ আৰু আৰটিআই বিভাগৰ সাধাৰণ সম্পাদক বিপুল মাহেশ্বৰীয়ে পত্ৰ প্ৰেৰণ কৰিছে। অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ আইন, মানৱ অধিকাৰ আৰু আৰটিআইৰ অধ্যক্ষ বিবেক টাংখাই কমল কুমাৰ মেধিক নিযুক্ত কৰিছে প্ৰদেশ আৰটিআই কোষৰ অধ্যক্ষ পদত।

বিতৰ্কৰ কেন্দ্ৰবিন্দু বলীউড : কাশ্মীৰী বিচ্ছিন্নতাবাদীৰ সৈতে শ্বাহৰুখ খানৰ ফটো

দৈনন্দিন বাৰ্তা ডেস্ক :

 পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইৰ সৈতে বলীউডৰ সম্পৰ্ক আছে বুলি দাবী কৰিছে বিজেপিয়ে৷ ইয়াৰ পাছতে দেশত নতুন বিতৰ্কৰ সৃষ্টি হৈছে৷ বলীউডৰ তাৰকাই ভাৰত বিৰোধী শক্তিৰ লগত ফটোত উঠিছে, যিটো ছচিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে৷ শ্বাহৰুখ খান আৰু তেওঁৰ পত্নী গৌৰী খান কেলিফৰ্ণিয়াস্থিত কাশ্মীৰী বিচ্ছিন্নতাবাদী টনী আজহাইৰ লগত ফটো উঠাত বলীউড বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ এই কাশ্মীৰী বিচ্ছিন্নতাবাদী টনী আজহাইয়ে কাশ্মীৰৰ যুৱকক ভাৰতৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আহ্বান জনাই আহিছে৷ শ্ৰীনগৰ ভিত্তিক জনপ্ৰিয় কৰ্মী, যি আল ইস্কান্দাৰ নাম অনুকৰণ কৰি দ্যস্কেন্দাৰে টুইটাৰত প’ষ্ট কৰি দাবী কৰে যে টনী আজহাই, যি আজিজ আজহাই নামেৰে পৰিচিত, তেওঁ আইএছআইৰ পৃষ্ঠপোষকতাৰ সন্ত্ৰাসবাদী সংগঠন জম্মু আৰু কাশ্মীৰ লিবাৰেচন ফ্ৰণ্ট (জেকেএলএফ)ৰ সদস্য আছিল৷ টনী আজহায়ে কয় যে শ্বাহৰুখ খানৰ ডুবাই ভৱন আৰু লছ এঞ্জেলছৰ এপাৰ্টমেণ্টৰ নক্সা কৰি তেওঁ দিছিল৷ শ্ৰীনগৰৰ কৰ্মীজনৰ মতে বলীউডৰ ছুপাৰষ্টাৰে আজহাইক এজন স্থাপত্যবিদ হিচাপে নিয়োগ কৰিছে৷ তেওঁ দাবী কৰে যে খানৰ পত্নী গৌৰী বিচ্ছিন্নতাবাদী আজহাইৰ বহু প্ৰকল্পত জড়িত৷ আল ইস্কান্দাৰে কয় যে টনী আজহায়ে বলীউডত প্ৰভাৱ খটুৱাবৰ বাবে এটা এটাকৈ পৰিকল্পনা কৰিছে৷ তেওঁ কয় যে শ্বাহৰুখ খান এজন দেশপ্ৰেমীক ব্যক্তি যদিও টনী আজহাইৰ পৰিকল্পনাৰ সম্পৰ্কে সচেতন নহয়৷

এনআইটি, চিএফটিআইএছত নামভৰ্ত্তিত জেইই মেইনত প্ৰাৰ্থীৰ দ্বাদশ শ্ৰেণীত প্ৰয়োজন নাই ৭৫ শতাংশ

দৈনন্দিন বাৰ্তা ডেস্ক :

জেইই মেইন ২০২০ৰ যোগ্যতা অৰ্জনকাৰী প্ৰাৰ্থীয়ে এইবাৰ নেচনেল ইনষ্টিটিউট অব টেকন’লজী (এনআইটি) আৰু কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ প্ৰযুক্তি প্ৰতিষ্ঠান (চিএফটিআইএছ)ত নামভৰ্ত্তিৰ বাবে এইবছৰ ৭৫ শতাংশ নম্বৰ পাব নালাগে৷ এই কথা ঘোষণা কৰিছে কেন্দ্ৰই৷ ক’ৰোনা ভাইৰাছ সংকটৰ বাবেই এই পদক্ষেপ লোৱা হৈছে৷ টুইটাৰত কেন্দ্ৰীয় মানৱসম্পদ উন্নয়নমন্ত্ৰী ৰমেশ পোখৰিয়াল নিহংকই ঘোষণা কৰে যে যোগ্য প্ৰাৰ্থীৰ প্ৰাপ্ত নম্বৰ কেৱল দ্বাদশ শ্ৰেণীৰ পৰীক্ষা উত্তীৰ্ণ হ’লেই হ’ব৷ এনআইটি আৰু আন চিএফটিআইএছত নামভৰ্ত্তিৰ বাবে জেইই মেইন পৰীক্ষাৰ যোগ্যতাৰ বাদে, যোগ্যতাৰ ন্যূনতম ৭৫ শতাংশ নম্বৰ অৰ্জনৰ বাবে দ্বাদশ শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষা বা যোগ্য পৰীক্ষাত শীৰ্ষ ২০ শতাংশৰ মাজত ৰেংক পাব লাগিব৷ বৰ্তমান পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় আসন নিৰ্ধাৰণ ব’ৰ্ড (চিএছএবি)ৰ যোগ্যতাৰ মান শিথিল কৰাৰ সিদ্ধান্ত লৈছে বুলি মত প্ৰকাশ কৰে মানৱসম্পদ উন্নয়ন মন্ত্ৰীজনে৷

নলবাৰী আঞ্চলিক কৃষক সভাৰ প্ৰতিবাদী সমদলৰ কাৰ্যসূচী ৰূপায়ণ

নলবাৰী : নিখিল ভাৰত কৃষক সভাৰ অন্তৰ্ভুক্ত নলবাৰী আঞ্চলিক কৃষক সভাই আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নলবাৰী জিলাৰ যজ্ঞভূমিত কৃষক সভাই সামাজিক দূৰত্ব বজাই ৰাখি এক প্ৰতিবাদী সমদল উলিয়াই। আয়কৰৰ আওতাত নপৰা প্ৰতিটো পৰিয়ালক প্ৰতি মাহে ৬ মাহৰ বাবে ৭৫০০ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰক, অসমৰ বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰক, স্বাস্থ্য সেৱা বিনামূলীয়া আৰু সাৰ্বজনীন কৰক আদি শ্ল’গান দি চৰকাৰক দাবী জনাই কৃষক সভাৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট বাওপন্থী নেতা ৰবীন মিশ্ৰই ওপৰোক্ত দাবী সমূহৰ ভিত্তিত ঐক্যবদ্ধভাৱে সংগ্ৰাম গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনায়।

নলবাৰীৰ বাৰগোপাল দেৱালয় সৰিয়হতলীৰ সংযোগী পথৰ শুভ উদ্বোধন বিধায়ক অশোক শৰ্মাৰ

নলবাৰী : অসম দৰ্শন আঁচনিৰ অধীনত আজি নলবাৰী জিলাৰ ৬ নং পশ্চিম বতাহগিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত সৰিয়হতলীৰ বাৰগোপাল দেৱালয়ৰ সংযোগী পথৰ শুভ উদ্বোধন কৰা হয়। প্ৰায় ১ কোটি ৩৯ হাজাৰ ৭৩ হাজাৰ টকাৰে  নিৰ্মাণ হ’বলগীয়া এই সংযোগী পথটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই। উদ্বোধনীৰ পিছত বাৰগোপাল দেৱালয়ৰ প্ৰাংগণত এখন সভাও অনুষ্ঠিত কৰা হয় আৰু এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মন্দিৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক জিতেন তালুকদাৰে। আজিৰ এই উদ্বোধনী কাৰ্যসূচীত গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা মৃদুল দাস, ৬ নং পশ্চিম বতাহগিলা গাঁও পঞ্চায়তৰ সভাপতি বীৰেণ দাস, কাউন্সিলাৰ ৰীতু ডেকা সহ প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকেৰ। সভাত উপস্থিত বিশিষ্ট ব্যক্তি সকলক সম্বৰ্দ্ধনা জনাই দেৱালয় সমিতিয়ে।

পখিলা খেদাৰ বয়সতে জটিল ৰোগত আক্ৰান্ত নগাঁৱৰ বৰভেটীৰ এগৰাকী কিশোৰী। চিকিৎসাৰ বাবে সহায়ৰ আহ্বান সৰ্বস্বান্ত পিতৃ-মাতৃৰ

ননৈ : পখিলা খেদাৰ বয়সতে জীৱনৰ জটিল সংগ্ৰামত লিপ্ত হৈ দুৰাৰোগ্য  ৰোগৰ সৈতে যুঁজি ক্লান্ত হৈ পৰা এক কৰুণ কাহিনী পোহৰলৈ আহিছে নগাঁও জিলাৰ বৰভেটী অঞ্চলত। উল্লেখ্য যে, নগাঁও সদৰ সমষ্টিৰ বৰভেটী গাঁৱৰ নিৱাসী অতি দৰিদ্ৰলোক জাকিৰ আলী আৰু হাচনাৰা বেগমৰ ৯ বছৰীয়া কণ্যা সন্তান মাছুম বেগম নামৰ কিশোৰীৰ পাকস্থলীৰ ৰোগত (পেংকাটিছ) আক্ৰান্ত। প্ৰায় ২ বছৰ ধৰি পেটৰ বিষত ভূগি থকা কিশোৰী গৰাকী আজি ৬ মাহৰ আগত জটিল ৰোগত আকান্ত বুলি বেমাৰত ধৰা পৰে। ইফালে কিশোৰী গৰাকীৰ পিতৃ জাকিৰ আলী আৰু মাতৃ হাচনাৰা বেগম দিন হাজিৰা কৰা ব্যক্তি। পিতৃ- মাতৃয়ে কিশোৰী গৰাকীক সুস্হ কৰাৰ বাবে গুৱাহাটী আৰু হোজাইলৈ বহুবাৰ নিছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা কিশোৰীগৰাকী অতিমাৰী ক’ৰ’ণা মহামাৰীৰ লকডাউনৰ বাবে ৰোগীগৰাকীক ঘৰলৈ লৈ আহিব লগা হয়। অন্যহাতে লক ডাউনৰ বাবে ঘৰতে থকা ৰোগী গৰাকীৰ অৱস্থা দিনক দিনে বেয়া ফাললৈ গতি কৰে। ইফালে ৰোগীগৰাকীক ব্যয়বহুল অস্ত্ৰোপ্ৰচাৰৰ বাবে চিকিৎসকে পৰামৰ্শ দিছে যদিও পৰিয়ালটোৱে আৰ্থিক দৈনতাৰ বাবে কিশোৰীগৰাকীক উন্নত চিকিৎসা কৰোৱাবৰ বাবে সাহস কৰিব পৰা নাই। দৰিদ্ৰ কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে শিশুটিৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুজনৰ সহায় বিচাৰিছে যদিও আজিকোপতি কোনো সঁহাৰি লাভ কৰা নাই। সেয়ে কোশোৰীগৰাকীৰ অসহায় পিতৃ-মাতৃয়ে ৰাইজৰ সহায়ৰ হাত বিছাৰিছে। কোনো লোকে যদি শিশুটিক সহায় কৰিব বিছাৰে তেন্তে এছ বি আই হয়বৰগাঁও শাখাৰ  একাউণ্ট ৩৭০২৫২২৬২৯০(আই এফ এচ ক’ড-এছ বি আই এন ০০০৫৪৬২) নম্বৰত সাহাৰ্য্য পঠাব পাৰে অথবা 9957449822 নম্বৰত যোগাযোগ কৰিব পাৰে।

মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ অনলাইন ৰচনা প্ৰতিযোগিতা

কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত বলবৎ হৈ থকা লকডাউনে স্কুল-কলেজ বন্ধ হৈ পৰাত ছাত্ৰ-ছাত্ৰীসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে৷ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাত মনোনিৱেশ কৰাৰ উদ্দেশ্যই মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে সদৌ অসম ভিত্তিত অনলাইন ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷

প্ৰতিযোগিতাখনি দুটা শাখাত বিভাক্ত ‘ক’ শাখা অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ৷ ‘খ’ শাখাত একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৷ 

‘ক’ শাখাৰ ৰচনাৰ বিষয়

১। লকডাউনৰ সময়ত কিতাপ কিমান প্ৰয়োজন ৷

২। কৰোনাই পৰ্যটন ক্ষেত্ৰত কিমান প্ৰভাব পেলালে ৷

‘খ’ শাখাৰ ৰচনাৰ বিষয়

১। কৰোনাৰ ফলত  সামাজিক মাধ্যমে জনসাধাৰণৰ মাজত কিমান প্ৰভাব পেলালে ৷

২। কৰোনাই প্ৰাকৃতিক সম্পদৰ লগতে জনসাধাৰণৰ মাজত কিমান প্ৰভাব পেলালে ৷

ইচ্চুক প্ৰতিযোগীসকলে অহা ৫ আগষ্টৰ ভিতৰত ৰচনাৰ প্ৰতিলিপি ১৫০০ শব্দৰ ভিতৰত লিখি Shivtechcpl@gmail.com যোগে প্ৰেৰণ কৰিব লাগিব৷ প্ৰতিযোগীসকলৰ মাজৰ পৰা নিৰ্বাচিত প্ৰতিযোগী সকলক নগধ ধনেৰে পুৰস্কৃত কৰা হ’ব৷ প্ৰথম পুৰস্কাৰ ৩০০০ হাজাৰ টকা,  দ্বিতীয় পুৰস্কাৰ ২০০০টকা, তৃতীয়  পুৰস্কাৰ ১০০০ টকা ৷ উল্লেখ্য যে প্ৰতিযোগিতাখনৰ বিচাৰকৰ দায়িত্বত থাকিব গুৰুনানক নেচনেল হাইস্কুলৰ অধ্যক্ষ চুভাৰন্স চক্ৰৱৰ্তী, প্ৰাগজ্যোতি ইংৰাজী হাইস্কুলৰ অধ্যক্ষ আহমেদ হুছেইন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুৰিস্মিতা দত্ত আৰু অধিবক্তা নিৰঞ্জন কোনোৱাৰ৷ নিৰ্বাচিত প্ৰতিযোগীসকলক পল্টন বজাৰস্হিত নেপালী চকত অহা ১৫ আগষ্টত পুৰস্কাৰ সমূহ প্ৰদান কৰা হ’ব৷ এই ক্ষেত্ৰত মধ্য গুৱাহটী  উন্নয়ন সমিতিৰ সাধৰণ সম্পাদক ৰাজীব দাসৰ লগত 9365942412 নম্বৰত যোগাযোগ কৰিব পাৰিব।

অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ ঢকুৱাখনাত

ঢকুৱাখনা : কৃষক নেতা অখিল গগৈ  কৰোনা আক্ৰান্ত হৈ থকাৰ পিছতো চৰকাৰে জেলত আবদ্ধ কৰি ৰখাৰ প্ৰতিবাদত আৰু অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত আজি সমগ্ৰ ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পালন কৰা প্ৰতিবাদী কাৰ্যসূচী ঢকুৱাখনাতো ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীয়ে। মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি জ্বলাই বিজেপি চৰকাৰ গ’ বেক, অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক, আমি ন্যায় বিচাৰোঁ, চৰকাৰী দমন নীতি বন্ধ কৰক ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঢকুৱাখনা মহকুমা সমিতিৰ নেতা হৰেন গগৈ, প্ৰহ্লাদ গগৈকে আদি কৰি কেইবাগৰাকীও কৰ্মীয়ে।