দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ৪৬৫ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৬৯৮২ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ৭৮৫ জন লোক।
ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৯৭৫৬৬ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে ৮৪৮১ জন ৰোগী।কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯৩২ জন লোকৰ।
দৈনন্দিন বাৰ্তা সেৱা, নগাঁও, ২ নবেম্বৰঃ বিশ্ব হিন্দু পৰিষদ নগাঁও জিলা শাখাৰ সৌজন্যত সোমবাৰে নগাঁৱত বাল্মিকী জয়ন্তী দিৱস অনুষ্ঠিত কৰা হয়। নগাঁও চহৰৰ ভাৰত সেৱাশ্ৰম সংঘৰ প্ৰাঙ্গনত অনুষ্ঠিত বাল্মিকী জয়ন্তী দিৱসৰ বন্তি প্ৰজ্বলন কৰি আৰম্ভনী বাল্মিকী সমাজৰ গৌৰী বাচফৰে।
বিশ্ব হিন্দু পৰিষদৰ ধৰ্ম জাগৰণ প্ৰমুখ ব্ৰজ জ্যোতি শৰ্মাই আঁত ধৰা ধৰ্মালোচনী সভাখনত বিশ্ব হিন্দু পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দিপেন পাঠক, উপদেষ্টা সুখৰঞ্জন ৰয় , উপ-সভাপতি দেবী প্ৰসাদ চক্ৰৱৰ্তী, জগমহোন শৰ্মা, ৰাষ্ট্ৰীয় স্বয়সেৱক সংঘৰ নগাঁও সংঘ চালক নৱ বৰকটকী, বিশ্ব হিন্দু পৰিষদৰ ধৰ্মচায প্ৰমুগ প্ৰফুল্ল গোস্বামী প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্হিত থাকে।
অনুষ্ঠানতে বাল্মিকী সমাজৰ দহগৰাকী ব্যক্তিক বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। ধৰ্মালোচনী সভাত কেইবাগৰাকীও বক্তাই বাল্মিকীৰ জীৱন- দৰ্শনৰ ওপৰত আলোকপাত কৰে।
দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ৩৩৬ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৬৩৫১ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ১৩৮৬ জন লোক।
ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৯৬০৫১ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে ৯৩৬৭ জন ৰোগী।কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯৩০ জন লোকৰ।